পুনৰুদ্ধাৰ আৰু বিপ্লৱ (খ্ৰীষ্টাব্দ১৮১৫-১৮৪৮)

দ্বিতীয় অধ্যায়

অতি চমু প্ৰশ্ন ( Very short questions)_

১। কোন চনত ইউৰোপীয় মৈত্ৰীসংস্থা প্ৰতিষ্ঠা হৈছিল ?

( In which year the concert of Europe was published )?

উত্তৰঃ  ১৮১৫ চনৰ ২০ নৱেম্বৰত ইউৰোপীয় মৈত্ৰীসংস্থা প্ৰতিষ্ঠা হৈছিল ।


২। মৈত্ৰীসংঘৰ কাৰ্যাৱলীক আটাইতকৈ প্ৰভাৱিত কৰা ব্যক্তিজন কোন ?

( What is the name of the person who mostly influenced the concert of Europe?)

উত্তৰঃ মৈত্ৰীসংঘৰ কাৰ্যাৱলীক আটাইতকৈ প্ৰভাৱিত কৰা ব্যক্তিজন হল অষ্ট্ৰিয়াৰ ৰাজকুমাৰ মেটাৰনিক ।


৩। ফ্ৰান্সৰ বুৰবন বংশৰ শেষ ৰজা কোন আছিল ?

( Who was the last king of Bourbon dynasty of France?)

উত্তৰঃ  ফ্ৰান্সৰ বুৰবন বংশৰ শেষ ৰজা হল দশম চাৰ্লচ ।


৪। লুই ফিলিপি কোন ৰাজবংশৰ লোক আছিল য

( Louie Philipy belonged to which dynasty ?)

উত্তৰঃ  লুই ফিলিপি অৰ্লিয়েন্স ৰাজবংশৰ লোক আছিল . 


৫।  ফ্ৰান্সত কোন চনত জুলাই বিপ্লৱ সংঘটিত হৈছিল ?

( In which year July Revolution took place ?)

উত্তৰঃ  ১৮৩০ চনৰ ২৬ জুলাইত ফ্ৰান্সত ফেব্ৰুৱাৰী সংঘটিত হৈছিল ।


৬। ফ্ৰান্সত কোন চনত ফেব্ৰুৱাৰী বিপ্লৱ সংঘটিত হৈছিল ?

( In which year February Revolution took place in France ?)

উত্তৰঃ  ১৮৪৮ চনৰ ২২ ফেব্ৰুৱাৰীত জুলাই বিপ্লৱ সংঘটিত হৈছিল । 


৭। কোন বিপ্লৱৰ পাছত ফ্ৰান্সত দ্বিতীয় গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল ?

( After which Revolution second France Republic was established ?)

উত্তৰঃ  ফেব্ৰুৱাৰী বিপ্লৱৰ পাছত ফ্ৰান্সত দ্বিতীয় গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল । 


৮। ১৮৪৮ চনৰ বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট কোন আছিল ?

( Who was the Emperor of France at the time of French Revolution of 1848 ?)

উত্তৰঃ  ১৮৪৮ চনৰ বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট লুই ফিলিপি আছিল ।


চমু প্ৰশ্ন ( Short question)

১। মৈত্ৰীসংঘৰ দুটা লক্ষ্য উল্লেখ কৰা ।

( Mention two aims of the Concert of Europe ?)

উত্তৰঃ  মৈত্ৰীসংঘৰ দুটা লক্ষ্য হল 

ক) ফ্ৰান্সৰ লগত কৰা চুক্তিসমূহৰ সঠিক প্ৰয়োগ কৰা ।

খ) ইউৰোপৰ ৰাজনৈতিক সুস্থিৰতা বজাই ৰখা ।


২। মৈত্ৰীসংঘৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা ।

( Mention two causes of failure of the concert of Europe?)

উত্তৰঃ  মৈত্ৰীসংঘৰ বিফলতাৰ দুটা কাৰণ হল 

ক) ইংলেণ্ডে প্ৰথমৰ পৰাই পৰৰাষ্ট্ৰত হস্তক্ষেপৰ নীতিৰ বিৰোধিতা কৰিছিল ।

খ) মৈত্ৰীসংঘৰ সদস্যসকলৰ পাৰস্পৰিক ঘৃণা আৰু সন্দেহ ইয়াৰ ব্যৰ্থতাৰ অন্যতম কাৰণ ।


৩। ১৮৩০ চনৰ বিপ্লৱৰ সময়ৰ ফ্ৰান্সৰ দুটা ৰাজনৈতিক দলৰ নাম লিখা ।

( Write the name of two political parties at the time of the Revolution of 1830?)

উত্তৰঃ ১৮৩০ চনৰ বিপ্লৱৰ সময়ৰ ফ্ৰান্সৰ দুটা ৰাজনৈতিক দলৰ নাম হল 

ক) উগ্ৰ ৰয়েলিষ্ট বা আলট্ৰা ৰয়েলিষ্ট ।

খ) মধ্যম ৰয়েলিষ্ট 


 ৪। ১৮৪৮ চনৰ বিপ্লৱৰ দুজন নেতাৰ নাম লিখা ।

( Write the name of two leaders of the Revolution of 1848 .)

উত্তৰঃ ১৮৪৮ চনৰ ব্প্লৱৰ দুজন নেতাৰ নাম হল 

ক) গিজোৰ ।

খ) লেমাৰটিন ।


৫। ১৮৪৮ চনৰ বিপ্লৱৰ দুটা ফলাফল উল্লেখ কৰা ।

( Mention two result of the Revolution of 1848.)

উত্তৰঃ  ১৮৪৮ চনৰ বিপ্লৱৰ দুটা ফলাফল হল 

ক) এই বিপ্লৱৰ সময়ত ফ্ৰান্সত দ্বিতীয়বাৰৰ বাবে গণতন্ত্ৰ প্ৰতিষ্ঠা হয় ।

খ) এই বিপ্লৱে মেটাৰনিকৰ প্ৰতিক্ৰিয়াশীল নীতিৰ অন্ত পেলায় ।


চমুটোকা ( Short notes)

১। মৈত্ৰীসংঘৰ কংগ্ৰেছসমূহ ( Congress of concert of Europe )

উত্তৰঃ   ইউৰোপৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ বাবে এই কনচাৰ্টৰ সদস্যসকলে কেবাখনো মহাসভাত মিলিত হৈ আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ১৮২০ চনৰ পৰা ১৮২৫ চনলৈ বহুবাৰ কংগ্ৰেছৰ সভা অনুষ্ঠিত হোৱাৰ কাৰণে এই সময়ছোৱাত কংগ্ৰেছৰ যুগ হিচাপে জনা যায় ।  এই কংগ্ৰেছসমূহত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল অষ্টিয়াৰ ৰাজকুমাৰ মেটাৰনিকে । মৈত্ৰীসংঘৰ কংগ্ৰেছসমূহক চাৰিটা বাগত ভগাব পাৰি 

ক) এই -লা-চেপেলৰ কংগ্ৰেছ ১৮১৮ 

খ) ট্ৰপো কংগ্ৰেছ ১৮২০ 

গ) লাইবাক কংগ্ৰেছ ১৮২১ 

ঘ) ভেৰোনা কংগ্ৰেছ ১৮২২ 

ক) এই -লা- কংগ্ৰেছ ঃ ১৮১৮ চনত এই-লা- চেপেলত মৈত্ৰীসংঘৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হয় । এই চতুৰ্থ শক্তিৰ সন্মিলনখনে লোৱা বিভিন্ন পদক্ষেপসমূহ হল 

১। ফ্ৰান্সে নিৰ্ধাৰিত সময়ৰ ভিতৰতে বিজিতসকলক ক্ষতিপুৰণ আদায় দিছিল । এই কাৰ্যত সন্তুষ্ট হৈ চতুৰ্শক্তিয়ে ফ্ৰান্সকো মৈত্ৰীসংঘৰ সদস্য হিচাপে গ্ৰহণ কৰিছিল । তদুপৰি ফ্ৰান্সৰ পৰা তেোঁলোকৰ নিজ-নিজ সৈন্যবাহিনীক অপসাৰিত কৰিছিল ।

২। মনাৰ্কৰ ৰজাক প্ৰশাসনৰ উন্নীতকৰণৰ বাবে কোৱা হৈছিল ।

৩। বাভাৰিয়াৰ সাম্ৰাজ্যবাদী মনোভাৱ নিঃশেষ কৰা হৈছিল ।

৪। জাৰ্মানীৰ ৰাজ্যসমূহৰ অভাৱ-অভিযোগৰ ওপৰত আলোচনা কৰা হৈছিল ।

৫। অষ্টিয়া আৰু পুছিয়াৰ ইহুদী নাগৰিকসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ ।

প্ৰথম অৱস্থাত মৈত্ৰীসংঘৰ সদস্যসকলে একগোট হৈ যিকোনো কাম কৰিবৰ কাৰণে চেষ্টা চলাইছিল । কিন্তু লাহে-লাহে ব্যক্তিগত স্বাৰ্থ আহি পৰিলেই যিকোনো ৰাষ্ট্ৰই মৈত্ৰীসংঘৰ কাৰ্যৰ পৰা পিছহোহকা দিছিল, এই কাৰ্যত বিশৃংখলতাই দেখা দিয়াৰ লগতে সাংগঠিক দিশত দুৰ্বল হৈ পৰিছিল । 

খ) ট্ৰপো কংগ্ৰেছ ঃ মৈত্ৰীসংঘৰ দ্বিতীয়খন সন্মিলন ১৮২০ চনত ট্ৰপোত অনুষ্ঠিত কৰা হৈছিল । কিন্তু  এই কংগ্ৰেছৰ ইউৰোপৰ এক ডাঙৰ শক্তিৰ মাজত বিভিন্ন আলোচনাত অধিক বৃদ্ধি পোৱা দেখা গৈছিল । নেপোলচ, পটুৰ্গাল স্পেইনত হোৱা বিদ্ৰোহৰ আলোচনা কৰিবৰ বাবে এই কংগ্ৰেছৰ আহ্বান কৰা হৈছিল । কংগ্ৰেছত এই দেশসমূহৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হৈছিল । কিন্তু এই সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত বাস্তৱ পদক্ষেপ লোৱাৰ বিপৰীতে মৈত্ৰীসংঘৰ সদস্য ৰাষ্ট্ৰৰ মাজত বিভেদহে সৃষ্টি কৰিছিল ।মেটাৰনিকে কোনো দিশতে যাতে বিদ্ৰোহ বা বিপ্লৱ বা আন্দোলন গঢ়ি উঠিব নোৱাৰে বা সম্প্ৰসাৰিত হব নোৱাৰে তাৰ বাবে কঠোৰ নীতি গ্ৰহণ কৰিছিল । এই ক্ষেত্ৰত ৰাছিয়া, পুছিয়া, আৰু ্ষ্ট্ৰিয়াই একলগ হৈ এক নীতি গ্ৰহণ কৰিছিল । এই নীতি ট্ৰপো প্ৰটকল হিচাপে জনাজাত । এই ঘোষণাৰ দ্বাৰা বিদ্ৰোহক সম্পূৰ্ণৰূপে দমন কৰি বিদ্ৰোহ হোৱা দেশসমূহত পূৰ্বৰ অৱস্থা বাহাল ৰাখিবৰ বাবে এই নীতি গ্ৰহণ কৰিছিল । 

গ) লাইবাক কংগ্ৰেছ ঃ ট্ৰপো প্ৰটকল ৰদ কৰাৰ পাছত ১৮২১ চনত মৈত্ৰীসংঘৰ সদস্যসকলে পুনৰ লাইবাকত মিলিত হয় । এই সন্মিলনে অষ্ট্ৰিয়াক নেপোলচৰ বিদ্ৰোহ দমনৰ অনুমতি দিয়ে । ফলত অষ্টিয়াই শক্তি প্ৰয়োগৰ দ্বাৰা নেপোলচৰ বিদ্ৰোহ দমন কৰি ফাৰ্ডিনাণ্ডক পুনৰ নেপোলচৰ শাসনকৰ্তা পাতে । অষ্টিয়াই পীডমন্টত হোৱা বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰে ।

ঘ) ভেৰোনা কংগ্ৰেছঃ ইউৰোপৰ মৈত্ৰীসংঘৰ শেষৰখন কংগ্ৰেছ ১৮২২ চনত ভেৰোনাত অনুষ্ঠিত হৈছিল । স্পেইন আৰু গ্ৰীচত হোৱা বিদ্ৰোহৰ ওপৰত আলোচনা কৰিবৰ বাবে বিশেষকৈ ট্ৰপো প্ৰটকল ৰদ কৰা হয় বা নিষিদ্ধ কৰা হয় । এইবাৰ ৰাছিয়াই গ্ৰীচৰ বিদ্ৰোহ দমন কৰাৰ বাবে অকলে ব্যৱস্থা লব বিছাৰে । কাৰণ ইটালীৰ সমস্যাৰ ক্ষেত্ৰত অষ্টিয়াই অকলেই পদক্ষেপ লৈ ইটালীত নিজৰ প্ৰভূত্ব বৃদ্ধি কৰিবলৈ সক্ষণ লৈছিল । ইফালে অষ্টিয়া আৰু ৰাছিয়াৰ মাজত বলকান অঞ্চলক লৈ থকা সমস্যাৰ বাবে অষ্টিয়াই ৰাছিয়াৰ গ্ৰীচক হস্তক্ষেপৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল । ইংলেণ্ডত অষ্টিয়াক সমৰ্থন কৰি গ্ৰীচৰ ক্ষেত্ৰত ৰাছিয়াক হস্তক্ষেপত বাধা প্ৰদান কৰিছিল । আনহাতে, স্পেইনৰ বিদ্ৰোহ দমনৰ দায়িত্ব মৈত্ৰীসংঘই ফ্ৰান্সৰ হাতত অৰ্পণ কৰিছিল । ইংলেণ্ডে স্পেইনৰ  ক্ষেত্ৰতো ফ্ৰান্সৰ হস্তক্ষেপৰ বিৰোধিতা কৰিছিল । কাৰণ স্পেইনত ফ্ৰান্সৰ আধিপত্য বিস্তাৰ হলে ফ্ৰান্স আৰু স্পেইনত বুৰবন বংশ লগ হৈ পুনৰ ইউৰোপত একচ্ছত্ৰী হৈ উঠিব বুলি  ইংলেণ্ডে আশংকা কৰিছিল । 


২। দশম চাৰ্লচ ( Charles X)

উত্তৰঃ  অষ্টাদশ লুইৰ পৰৱৰ্তী বুৰবন বংশৰ সম্ৰাট আছিল দশম চাৰ্লচ । দশম চাৰ্লচ হল বুৰবন বংশৰ শেষৰজন সম্ৰাট । দশম চাৰ্লচৰ দিনত অত্যাচাৰৰ সীমা হেৰাই য়োৱাৰ নিচিনা পৰিলক্ষিত হয় । দশম চাৰ্লচ বিপ্লৱৰ সম্পূৰ্ণ বিৰোধী আছিল । ফৰাচী বিপ্লৱ চলি থকা অৱস্থাত তেওঁ বিদেশলৈ পলায়ন কৰিছিল । তেওঁ বিদেশত থকা সময়ছোৱাত বিদ্ৰোহী ৰাজতান্ত্ৰিক আৰু বিপ্লৱবিৰোধী শক্তিসমূহৰ লগ লাগি ফ্ৰান্সত পুনৰ ৰাজতান্ত্ৰিক প্ৰতিষ্ঠাৰ বাবে যো-জা চলাইছিল । বিদ্ৰোহ শেষ হোৱাৰ পিছত তেওঁ পুনৰ স্বদেশলৈ ঘুৰি আহে ।সম্ৰাট হোৱাৰ পাছত পুনৰ তেওঁ উদাৰপন্থী আৰু বিপ্লৱী লোকসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে । তেওঁ যাজক আৰু অভিজাতসকলক পূৰ্বৰ পদবীসমূহ ঘুৰাই দিয়াৰ লগতে ফৰাচী বিপ্লৱৰ সময়ত হোৱা ক্ষয়-ক্ষতিৰ বাবে ক্ষতিপুৰণ আদায় দিয়ে । প্ৰশাসনৰ সকলো ক্ষেত্ৰত এই উচ্চশ্ৰেণীৰ লোকসকল উঠিৰজা-বহিৰজা হৈ পৰে । দশম চাৰ্লচৰ অত্যাচাৰী শাসনত ফ্ৰান্সৰ জনসাধাৰণ অতীষ্ঠ হৈ পৰিছিল । সাধাৰণ লোকৰ সংখ্যা সীমিতকৰণৰ বাবে চাৰ্লচে আনকি চেম্বাৰ অব ডেপুটিজৰ নিৰ্বাসন তিনিবাৰকৈ অনুষ্ঠিত হৈছিল । তাৰোপৰি পলিগনাক নামৰ এজন প্ৰতিক্ৰিয়াশীল  কুটনৈতিক লোকক প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰিছিল । প্ৰধানমন্ত্ৰী হোৱাৰ পাছত পলিগনাকে ঘোষণা কৰিছিল যে সমাজখন নতুনকৈ সজাই তোলা হব, যাজকসকলক শাসনৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে লোৱা হব আৰু অভিজাতসকলক পূৰ্বৰ পদবী আৰু সুবিধাসমূহ ঘুৰাই দিয়া হব । এনেদৰে দশম চাৰ্লচে ৰাজতান্ত্ৰিক আৰু প্ৰতিক্ৰিয়াশীল লোকসকলৰ ওপৰত একনায়কত্ববাদী শাসন আৰম্ভ কৰিছিল । চাৰ্লচৰ এনে অত্যাচাৰী শাসনৰ বিৰুদ্ধে ফ্ৰান্সৰ জনসাধাৰণে বিপ্লৱৰ পথ বাছি লবলৈ বাধ্য হৈছিল । 


৩। লুই ফিলিপি ( Louis Philipy) 

উত্তৰঃ বুৰবন বংশৰ শাসনৰ অন্ত পৰাৰ পাছত ফ্ৰান্সত অৰ্লিয়েন্স বংশৰ শাসন আৰম্ভ হৈছিল । এই অৰ্লিয়েন্স বংশৰ সম্ৰাট আছিল লুই ফিলিপি । লুই ফিলিপিৰ শাসনকালত ফ্ৰান্সত আন এটা বিপ্লৱে গা-কৰি উঠিছিল । লুই ফিলিপিৰ শাসনকালত হোৱা বিপ্লৱটোক ফেব্ৰুৱাৰী বিপ্লৱ নামেৰে জনা যায় । কাৰণ এই বিপ্লৱটো ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈছিল । এই বিপ্লৱে ফ্ৰান্সত ৰাজতন্ত্ৰৰ অৱসান ঘটাই দ্বিতীয়বাৰৰ বাবে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল । ফৰাচী বিপ্লৱৰ গণতান্ত্ৰিক আদৰ্শ তথা স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ আদৰ্শ এই বিপ্লৱৰ পাছতে বাস্তৱত ৰূপান্তৰিত হবলৈ আৰম্ভ কৰিছিল । লুই ফিলিপিৰ শাসনে ফ্ৰান্সৰ জনসাধাৰণক অতীষ্ঠ কৰি তুলিছিল । অতি কম সময়ৰ ভিতৰতে এইজনা সম্ৰাটে মধ্যবিত্তসকলৰ অধীন হৈ পৰিছিল । নিজৰ পদটো ৰক্ষা কৰিবৰ বাবে এইজন সম্ৰাটে সকলো ৰাজনৈতিক নেতাকে সন্তুষ্ট কৰিব লাগিছিল ।সেয়েহে বাস্তৱ ক্ষেত্ৰত এইজন সম্ৰাটে ফ্ৰান্সত ৰাজনৈতিক বিশৃংখলতাহে সৃষ্টি কৰিছিল । তেওঁৰ শাসনৰ ক্ষেত্ৰত দেখা দিয়া অৰাজকতা আৰু অত্যাচাৰৰ বাবে উদাৰপন্থী আৰু গণতান্ত্ৰিকসকলে বিপ্লৱ আৰম্ভ কৰিছিল। 


ৰচনাধৰ্মী প্ৰশ্ন( Essay type questions)

১। মৈত্ৰীসংঘৰ ওপৰত এটি আলোচনা আগবঢ়োৱা ।

( Give a description of the concert of Europe)

উত্তৰঃ  নেপোলিয়নৰ পতনৰ পাছত িউৰোপৰ পৰিস্থিতিৰ অধ্যয়নৰ বাবে ইউৰোপীয় শক্তিসমূহ মিলিত হৈ ভিয়েনা কংগ্ৰেছ বা সবাত কৰা আলোচনাৰ দ্বাৰা যি সমূহ নীতি নিৰ্ধাৰণ কৰিছিল, সেই নীতিসমূহৰ বাস্তৱ প্ৰয়োগৰ জৰিয়তে ইউৰোপত পূৰ্বৰ অৱস্থা ৰাখি শান্তি প্ৰতিষ্ঠাৰ বাবে ইউৰোপীয় মৈত্ৰীসংঘ বা চৰ্তুৰাষ্ট্ৰীয় মৈত্ৰী শক্তিসমবায়ৰ সৃষ্টি কৰা হৈছিল । এই ইউৰোপীয় মৈত্ৰীসংঘ হল ইউৰোপৰ প্ৰধান চাৰিশক্তি ইংলেণ্ড, ফ্ৰান্স, ৰাছিয়া আৰু পুছিয়াৰ মাজৰ এক পাৰস্পৰিক চুক্তি । ইয়াৰ জৰিয়তে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন সমস্যা সমাধানৰ বাবে আলোচনাত লগ হৈ ইউৰোপত শান্তি প্ৰতিষ্ঠাৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লৈছিল । ১৮১৫ চনৰ ২০ নৱেম্বৰত এই ইউৰোপীয় মৈত্ৰীসংঘৰ প্ৰতিষ্ঠা হয় । ফৰাচী বিপ্লৱৰ সময়ত এই চাৰিশক্তি মাজত স্বাক্ষৰিত হোৱা কিছুমান গোপন চুক্তিৰ আধাৰত এই মৈত্ৰীসংঘৰ সৃষ্টি কৰা হৈছিল । ফৰাচী বিপ্লৱ আৰু নেপোলিয়নে ইউৰোপীয় দেশসমূহত সৃষ্টি কৰা ৰাজনৈতিক বা অৰ্থনৈতিক অস্থিৰতাৰ অন্ত পেলাই পূৰ্বৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ দ্বাৰা স্থিতাৱস্থা বাহাল ৰাখি ইউৰোপত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে এই মৈত্ৰীসংঘৰ প্ৰতিষ্ঠা কৰা হৈছিল । মৈত্ৰীসংঘৰ প্ৰধান লক্ষ্য হল সম্ভাব্য যুদ্ধ প্ৰতিৰোধ কৰি ইউৰোপত শান্তি প্ৰতিষ্ঠা কৰা । এই সংঘৰ অন্যান্য লক্ষ্যসমূহ হল 

ক) ফ্ৰান্সৰ লগত কৰা চুক্তিসমূহৰ সঠিক প্ৰয়োগ কৰা ।

খ) ইউৰোপৰ ৰাজনৈতিক সুস্থিৰতা বজাই ৰখা ।

গ) চাৰিশক্তিৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক সৃষ্টি কৰা ।

ঘ) ইউৰোপত  স্বৈৰাচ্ছাৰীতন্ত্ৰক নিৰাপত্তা প্ৰদান কৰা ।

ঙ) নেপোলিয়নৰ দৰে যাতে কোনো লোকৰ উত্থান নহয় তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰা ।

চ) গণতান্ত্ৰিক আৰু জাতীয়তাবাদী শক্তিসমূহক ধ্বংস কৰা ।

ইংলেণ্ডে সদস্যপদ উঠাই লোৱাৰ পাছৰ পৰা মৈত্ৰীসংঘৰ ভাঙোন আৰম্ভ হয় । ইয়াৰ পাছত ইংলেণ্ডে একপক্ষীয় পদক্ষেপ ব্যৱস্থা হ্ৰহণ কৰে । ইংলেণ্ডে আমেৰিকাৰ ঔপনিৱেশসমূহত ইংলেণ্ডৰ বাণিজ্যিক ক্ষেত্ৰত ফ্ৰান্সৰ প্ৰভাৱ হ্ৰাস কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে । আমেৰিকাৰ ৰাষ্ট্ৰপতি মনৰোৱে তেওঁৰ মনৰো নীতিৰ দ্বাৰা আমেৰিত কোনো ইউৰোপীয় হস্তক্ষেপক সহ্য কৰা নহব বুলি ঘোষণা কৰে । ইয়াৰ ফলত মিত্ৰশক্তিক বিশ্বনেতৃত্বৰ আগত চেচাপানী পৰে । ইংলেণ্ডৰ পদত্যাগ আৰু বাকী সদস্যসকলৰ ব্যক্তিগত স্বাৰ্থৰ খাতিৰত কোৱা মতবিৰোধৰ ফলত ইউৰোপৰ মৈত্ৰীসংঘৰ ধ্বংস হৈ পৰে ।

মৈত্ৰীসংঘৰ বিফলতাৰ কাৰণসমূহ আছিল 

১। ইংলেণ্ডে প্ৰথমৰ পৰাই পৰৰাষ্ট্ৰত হস্তক্ষেপৰ নীতিৰ বিৰোধিতা কৰিছিল । 

২। মৈত্ৰীসংঘৰ সদস্যসকলৰ পাৰস্পৰিক ঘৃণা আৰু সন্দেহ ইয়াৰ ব্যৰ্থতাৰ অন্যতম কাৰণ ।

৩। ৰাজনৈতিক, সাংগঠনিক আৰু বাণিজ্যিক দিশত সদস্যসকলৰ মাজত বিভেদ আছিল ।

৪। মেটাৰনিকৰ সংৰক্ষণশীল মনোভাৱ তথা পূৰ্বৰ স্থিতাৱস্থা বাহাল ৰখাৰ নীতিক উদাৰপন্থীসকলে মানি লব পৰা নাছিল । 

৫। সামৰিক শক্তি প্ৰয়োগ এই ব্যৰ্থতাৰ প্ৰধান কাৰণ ।

৬। ইংলেণ্ডৰ বিৰোধিতা আৰু আমেৰিকাৰ সকীয়নীয়ে মৈত্ৰীসংঘক দুৰ্বল কৰি তুলিছিল ।


২। ১৮৩০ চনৰ বিপ্লৱৰ কাৰণ আৰু ফলাফলসমূহ বৰ্ণনা কৰা ।

( Describe the causes and failure of the Revolution of 1830)

উত্তৰঃ  ফৰাচী বিপ্লৱৰ পাছত ফ্ৰান্সৰ ইতিহাস আছিল বিপ্লৱৰ ইতিহাস । ফৰাচী বিপ্লৱৰ স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ যি বাণী আছিল সেই বাণীৰ বাস্তৱ প্ৰতিফলন ঘটোৱাত বিপ্লৱাসকল ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছিল । এই বিপ্লৱৰ পাছত ফ্ৰান্সৰ ৰাজনৈতিক ইতিহাস ইতিহাসৰ মঞ্চখনৰ পট পৰিৱৰ্তন হোৱা দেখা গৈছিল . এই বিপ্লৱৰ পাছৰ পৰাই উত্থান হৈছিল নেপোলিয়ন বোনাপাৰ্টৰ । কিন্তু নেপোলিয়নে অতি কম সময়ৰ ভিতৰতে এই বিপ্লৱৰ গণতান্ত্ৰিক আদৰ্শক বশীভূত কৰি নিজকে সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল । নেপোলিয়নে ফ্ৰান্সক অতি কম সময়ৰ ভিতৰতে এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছিল । নিজকে দেশৰ সকলো ক্ষমতাৰ অধিকাৰী হিচাপে পৰিগণিত কৰিব বিচাৰিছিল । ইউৰোপৰ অন্যান্য ৰাজতান্ত্ৰিক আৰু দণতন্ত্ৰবিৰোধী শক্তিসমূহৰ ওচৰত  তিষ্ঠিব নোৱাৰি নেপোলিয়নৰ এই সপোন বাস্তৱত পৰিণত হব পৰা নাছিল । এই শক্তিসমূহৰ ওচৰত তিষ্ঠিৱ নোৱাৰি নেপোলিয়নে যুদ্ধত হাৰিছিল । আৰু যুদ্ধত হৰাৰ পাছত তেওঁক মিত্ৰশক্তি লগ হৈ চেন্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল । তাৰ ফলত ভিয়েনা বন্দোৱস্তৰ অনুসৰি নেপোলিয়নৰ ঠাইত বুৰবন বংশৰ সম্ৰাট অষ্টাদশ লুইক সিংহাসনত বহুওৱা হৈছিল । তাৰ ফলত ফ্ৰান্সত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা  হৈছিল । কিন্তু নৱপ্ৰতিষ্ঠিত ৰাজতন্ত্ৰই ফ্ৰান্সৰ জনসাধাৰণৰ মনৰ পৰা বিপ্লৱী মনোভাৱ আতৰাব পৰা নাছিল । এই সৰ্বসাধাৰণ লোকসকলে স্বাধীনতা, সমতা, আৰু ভাতৃত্বৰ আদৰ্শৰ এক গণতান্ত্ৰিক প্ৰশাসন প্ৰতিষ্ঠাৰ বাবে বিপ্লৱী মতাদৰ্শৰে আগুৱাই গৈ আছিল সম্ৰাট ষষ্ঠাদশ লুই পুনৰ যাজক আৰু অভিজাতসকলৰ অধীনলৈ আহি কেৱল উচ্চশ্ৰেণীৰ বাবেহে কাম কৰিবলৈ আৰম্ভ কৰিছিল । তেওঁৰ পৰৱৰ্তী সম্ৰাট দশম চাৰ্লচে ফ্ৰান্সত পুনৰ স্বেচ্ছাচাৰী শাসন ব্যৱস্থা আৰম্ভ কৰিছিল । সম্ৰাট দশম চাৰ্লচ আৰু উচ্চশ্ৰেণীৰ লোকসকলৰ অত্যাচাৰত অতীষ্ঠ হৈ ফ্ৰান্সৰ জনসাধাৰণে ১৮৩০ চনত পুনৰ বিপ্লৱ আৰম্ভ কৰিছিল । ১৮৩০ চনৰ ২৬ জুলাইত পেৰিচত আৰম্ভ হোৱা এই বিপ্লৱ ১৮৩০  চনৰ বিপ্লৱ বা জুলাই বিপ্লৱ নামেৰে জনাজাত হৈ পৰে । 

১৮৩০ চনৰ বিপ্লৱৰ কাৰণসমূহ হল

১। দশম চাৰ্লচৰ অত্যাচাৰ ।

২। ৰাজনৈতিক দলসমূহৰ মাজৰ অৰিয়া-অৰি ।

৩। মধ্যমপন্থী ৰয়েলিষ্টসকলৰ নীতি ।

৪। উদ্ৰ ৰয়েলিষ্টসকলৰ প্ৰতিক্ৰিয়াশীল শাসন 

৫। তৎকালীন কাৰণ ।

১৮৩০ চনৰ বিদ্ৰোহৰ ফলাফলসমূহ হল 

১। ফৰাচী বিপ্লৱ আৰু ১৮৩০ চনৰ বিপ্লৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ পৰৱৰ্তী পৰ্যায়ত ইটালী আৰু জাৰ্মানীতো কিছুমান সৰু-সুৰা বিপ্লৱ বিপ্লৱ সংঘটিত হৈছিল ।

২। ফ্ৰান্সত বুৰবন বংশৰ শাসনৰ অন্ত পৰিছিল । 

৩। ফ্ৰান্সত অৰ্লিয়েনিষ্ট  বংশৰ শাসন অন্ত পৰিছিল । 

৪। লুই ফিলিপিৰ অৰ্লিয়েনিষ্ট শাসনৰ লগে-সগে ফ্ৰান্সৰ প্ৰশাসনত গণতান্ত্ৰিক ভাৱধাৰাৰ প্ৰৱেশ ঘটিছিল ।

৫। ফ্ৰান্সৰ জনসাধাৰণ অত্যাচাৰী শাসকৰ শাসনৰ পৰা পুক্ত হৈছিল ।

৬। ধৰ্মৰ ক্ষেত্ৰত সকলো লোকে সমান হিচাপে গণ্য হৈছিল । 

এনেদৰে ১৯৩০ চনৰ বিপ্লৱৰ এক সফল সমাপ্তি হৈছিল । ১৭৮৯ চনৰ ফৰাচী বিপ্লৱৰ আধৰুৱা ফলসমূহৰ এই বিপিলৱতে কিছু পৰিমাণে হলেও সম্পূৰ্ণ কৰিছিল । নেপোলিনৰ উত্থানে ফৰাচী বিপ্লৱৰ মূল নীতি আতৰাই পাছত ভিয়েনা কংগ্ৰেছে ফ্ৰান্সত পূৰ্বৰ স্থিতাবস্থা বাহাল ৰাখি গণতান্ত্ৰিক বাৱধাৰাক সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল । কিন্তু ১৮৩০ চনৰ বিপ্লৱৰ পাছত বাস্তৱ পৰিস্থিতিৰ লগত সংগতি ৰাখি ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিলেও এই ৰাজকাৰ্য স্বেচেছাচাৰী নাছিল । গণতান্ত্ৰিক আদৰ্শৰে প্ৰতিষ্ঠিত এই ৰাজতন্ত্ৰই স্বাধীনতা, সমতা আৰু ভাতৃত্ব ৰ নীতিক ৰক্ষণাবেক্ষণ দিছিল ।


৩। ১৮৪৮ চনৰ বিপ্লৱৰ বিষয়ে এটি টোকা লিখা ।

( Write a note on the Revolution of 1848).

উত্তৰঃ ১৮২৮ চনৰ বিপ্লৱ হল এটা ইল্লেখযোগ্য ঘটনা । ১৭৮৯ খৃঃৰ ফৰাচী বিপ্লৱৰ পাছৰ পৰাই ফ্ৰান্সত ইটোৰ পাছত সিটোকৈ বিপ্লৱৰ প্ৰৱাহ বিয়পি পৰিছিল । কিন্তু এই বিপ্লৱৰ ফলাফলও ফ্ৰান্সক ৰাজনৈতিক সুস্থিৰতা দূিব পৰা নাছিল । ফৰাচী বিপ্লৱৰ গণতান্ত্ৰিক সপোন নেপোলিয়নৰ উত্থানে ধ্বংস কৰি পেলাইছিল । তাৰ পিছত ভিয়েনা কংগ্ৰেছ সভাৰ আলোচনা কৰা হৈছিল । ভিয়েনা কংগ্ৰেছ সভাৰ সিদ্ধান্ত অনুসৰি অষ্টাদশ লুইক ফ্ৰান্সৰ শাসনকৰ্তা পতা হল। অষ্টাদশ লুই ৰাজত্বকালত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম নহল । ফ্ৰান্সত বুৰবন শাসনৰ বিৰুদ্ধে ফ্ৰান্সত পুনৰ ১৮৩০ চনত বিপ্লৱ সংঘটিত হৈছিল । এই বিপ্লৱে ফ্ৰান্সত বুৰবন বংশৰ শাসন আতৰাই অৰ্লিয়েনিষ্ট বংশৰ শাসন আৰম্ভ কৰিছিল । কিন্তু অৰ্লিয়েন্স বংশৰ সম্ৰাট লুই ফিলিপিৰ শাসনকালত ১৮৪৮ চনত ফ্ৰান্সত পুনৰ বিপ্লৱ সংঘটিত হৈছিল । ১৮৪৮ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱা এই বিপ্লৱ ফেব্ৰুৱাৰী বিপ্লৱ হিচাপে জনা যায় । এই বিপ্লৱে ফ্ৰান্সত ৰাজতন্ত্ৰৰ অৱসান ঘটাই দ্বিতীয়বাৰৰ বাবে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল । ফৰাচী বিপ্লৱৰ গণতান্ত্ৰিক আদৰ্শ বা স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ আদৰ্শ বিপ্লৱৰ ফলত বাস্তৱ ৰূপ পাবলৈ সক্ষম হৈছিল ।

১৮৪৮ চনৰ বিপ্লৱৰ কাৰণসমূহ হল 

১। মধিযবিত্ত শ্ৰেণীৰ আধিপত্য

২। লুই ফিলিপিৰ পতন ।

৩। ৰাজনৈতিক দলসমূহৰ সংগঠনৰ অভাৱ 

৪। সামন্তবাদৰ বিকাশ 

১। মধ্যবিত্ত শ্ৰেণীৰ আধিপত্যঃ ১৮৩০ চনৰ বিপ্লৱৰ পাছত লুই ফিলিপিক ফ্ৰান্সৰ শাসনত বহুৱাই যি শাসন প্ৰণীলী প্ৰতিষ্ঠা কৰা হৈছিল, সেই শাসন ব্যৱস্থাত পুনৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতাৰ সলনি গণতান্ত্ৰিক মতাদৰ্শৰে পূৰ্ণ এক ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাহে দেখা পোৱা গৈছিল । এই শাসনত মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছিল । ১৮৩০ চনৰ বিপ্লৱৰ পাছত সকলো ৰাজনৈতিক দলৰ পৰ্যায়ক্ৰমে লুই ফিলিপিক ৰাজপাটত বহুৱা হৈছিল । স্বাভাৱিকতে এইজন সম্ৰাটে প্ৰতিটো ৰাজনৈতিক দলৰ স্বাৰ্থৰ প্ৰতি সচেতন হবলগীয়া হৈছিল । ইফালে ফ্ৰান্সৰ ভোটাধিকাৰ ক্ষেত্ৰত কেৱল ধনী মধ্যবিত্ত শ্ৰেণীয়েহে ভোট দিয়াৰ অধিকাৰ থকাত চেম্বাৰ অৱ ডেপুটিজ এই মধ্যবিত্তসকলৰ দখলত আছিল । 

২। লুই ফিলিপিৰ পতন ঃ লুই ফিলিপিৰ পতনে ফ্ৰান্সৰ জনসাধাৰণক অতীষ্ঠ কৰি তুলিছিল । অতি কম সময়ৰ ভিতৰতে এইজন সম্ৰাট মধ্যবিত্তসকলৰ অধীন হৈ পৰিছিল । .এইজন সম্ৰাটে নিজৰ ৰাজসিংহাসন ৰক্ষা কৰিবলৈ  সকলোবোৰ ৰাজনৈতিক দলকে সন্তুষ্ট কৰিবলৈ যাওতে বাস্তৱ ক্ষেত্ৰত ফ্ৰান্সত এক ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি হৈছিল .

৩। ৰাজনৈতিক দলসমূহৰ সংগঠনৰ অভাৱঃ ফৰাচী বিপ্লৱৰ পাছত ফ্ৰান্ত ৰাজনৈতিক দলৰ প্ৰভাৱ বৃদ্ধি পাইছিল । এই দলসমূহৰ সাংগঠনিক দিশতো বিশেষ শক্তিশালী হোৱা যেন দেখা গৈছিল । তদুপৰি এই দলসমূহৰ মাজত কোনো একতাৰ বাৱ নাছিল ।  সম্ৰাট লুই ফিলিপিয়ে ৰাজনৈতিক দলসমূহৰ স্বাৰ্থ পুৰণতহে অধিক মনোযোগ দিছিল । এনে পৰিস্থিতিত জনসাধাৰণ বিতুষ্ট হৈ উঠিছিল । সেয়েহে প্ৰচলিত শাসন ব্যৱস্থাৰ সমাধান বিচাৰি তেওঁলোকে বিপ্লৱ কৰিছিল ।

৪। সমাজবাদৰ বিকাশঃ শিপ্ল বিপ্লৱৰ পাছৰ পৰাই ইউৰোপত সমাজবাদৰ বিকাশ ঘটিছিল । এই বিপ্লৱৰ ফলত মানুহৰ সলনি মেচিনৰ সহায়ত উৎপাদন কৰিবলৈ লোৱাৰ পৰা বহুতো লোক কৰ্মহীন হৈ নিবনুৱা সমস্যাৰ সৃষ্টি হৈছিল । এই সাধাৰণ শ্ৰেণীৰ জীৱনযাত্ৰা প্ৰণালীটোৰ উন্নয়নৰ বাবে সমাজবাদৰ বিকাশ ঘটিছিল । ফ্ৰান্সত সমাজবাদৰ নেতৃত্ব দিছিল লুইচ ব্লেঙ্কে । ফ্ৰান্সত লুই ফিলিপিৰ শাসনকালত কেৱল উচ্চশ্ৰেণীৰ লোকসকলেহে অধিক সুবিধা পোৱা দেখা গৈছিল ।







Post ID: DABP005523