নৃগোষ্ঠী বৰ্ণনাতত্ত্ব
পঞ্চম অধ্যায়
১. সাতভনী কাক বোলে ।
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যক একেলগে সাতভনী বুলি কোৱা হয় ।
২. আঠভনী কাক বোলে ।
উত্তৰঃ এই সাতভনীৰ সৈতে আৰু একভনী লগহৈ পৰিল সেইকাৰণে তাকে আঠভনী বোলে ।
৩. আঠভনীৰ আঠখন ৰাজ্যৰ নাম লিখা ।
উত্তৰঃ আঠভনীৰ আঠখন ৰাজ্যৰ নাম হল অসম, অৰুণাচল, মেঘালয়, মণিপূৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু চিকিম ।
৪. গাৰোসকলৰ বাসভূমি কত আছিল ।
উত্তৰঃ মেঘালয় ৰাজ্যৰ পশ্চিম অঞ্চল গাৰোসকলৰ বাসভূমি ।
৫. পাহাৰত বাস কৰা গাৰোসকলে নিজকে কি বুলি চিনাকী দিছিল ।
উত্তৰঃ পাহাৰত বাস কৰা গাৰোসকলে নিজকে আচিক মান্দে বুলি চিনাকী দিছিল ।
৬. আচিক মান্দে শব্দৰ অৰ্থ কি ।
উত্তৰঃ আচিক মান্দে শব্দৰ অৰ্থ হল পাহাৰৰ মানুহ ।
৭. গাৰোসকলে কি ঘৰত বাস কৰে ।
উত্তৰঃ গাৰোসকলে চাং ঘৰত বাস কৰে ।
৮. চাঙৰ পৰা মূধৰ দূৰত্ব কিমান ।
উত্তৰঃ চাঙৰ পৰা মূধৰ দূৰত্ব প্ৰায় ২.৭০ মিটাৰ ।
৯. ঘৰ সাজিবলৈ গাৰোসকলে কি কি সামগ্ৰী ব্যৱহাৰ কৰে ।
উত্তৰঃ ঘৰ সাজিবলৈ গাৰোসকলে কাঠ, বাঁহ, খেৰ আদি সামগ্ৰী ব্যৱহাৰ কৰে ।
১০. নোখ্ৰা কাক বোলে ।
উত্তৰঃ চাং দুখনৰ মাজৰ ঠাইখিনিক নোখ্ৰা বোলে ।
১১. গাৰোসকলৰ প্ৰস্বাৱ কৰা ঠাইডোখৰক কি বুলি কোৱা হয় ।
উত্তৰঃ গাৰোসকলৰ প্ৰস্বাৱ কৰা ঠাইডোখৰক খালদিক বুলি কোৱা হয় ।
১২. আলেং কাক বোলে ।
উত্তৰঃ কোনো কোনো ঘৰৰ চাল আৰু ঘৰৰ চাৰিবেৰৰ বাহিৰত মুকলি চাং থাকে । ইয়াকে আলেং বুলি কোৱা হয় ।
১৩. খ্ৰীষ্টান ধৰ্ম পালন নকৰা গাৰোসকলৰ আটাইতকৈ প্ৰয়োজনীয় কামটো কি আছিল ।
উত্তৰঃ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ নকৰা গাৰোসকলৰ মাজত আটাইতকৈ প্ৰয়োজনীয় কামটো আছিল মদ প্ৰস্তুত কৰাৰ উদ্দেশ্য ব্যৱহাৰ কৰা নানা প্ৰকাৰৰ কলহ ।
১৪, পুৰণিকলীয়া গাৰো পুৰুষে কি পৰিধান কৰিছিল ।
উত্তৰঃ পুৰণিকলীয়া গাৰো পুৰুষে কেৱল কৌপিন পৰিধান কৰিছিল ।
১৫. কৌপিন কি ।
উত্তৰঃ কৌপিন হৈছে নীলা ৰঙৰ দীঘলীয়া এডোখৰ কাপোৰ আৰু ইয়াত দীঘলে দীঘলে ৰঙ আচ থাকে
।
১৬. গাৰোভাষাত কৌপিনক কি বুলি কোৱা হয় ।
উত্তৰঃ গাৰোভাষাত কৌপিনক গান্দো বুলি কোৱা হয় ।
১৭. পৰম্পৰাগত গাৰো নাৰীৰ সাজপাৰ কি ।
উত্তৰঃ পৰম্পৰাগত গাৰো নাৰীৰ সাজপাৰ হল দুহাতমান দীঘল আৰু দুহাতমান বহল গামোচাৰ আকাৰৰ এখনি বস্ত্ৰ ।
১৮. গাৰোভাষাত এনে কাপোৰক কি বুলি কোৱা হয় ।
উত্তৰঃ গাৰোভাষাত এনে কাপোৰক গানা ৰেখিং বুলি কোৱা হয় ।
১৯. গাৰো-পুৰুষ নাৰীৰ অলংকাৰসমূহৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ গাৰো পুৰুষ -নাৰী উভয়েৰে অলংকাৰ বৰ প্ৰিয় আছিল । পুৰুষে ডিঙিত দীঘলীয়া মণিৰ মালা আৰু কাণত কেৰু পিন্ধিছিল । মহিলাসকলে কঁকালত কড়িৰ কেইবাডালো মালা লগলগাই পিন্ধিছিল । কড়িৰ এনেধৰণৰ মালাক চৌথি বোলে । তদুপৰি মহিলাসকলে কাণত ওলমি থকা এবিধ গহনা পিন্ধিছিল । ইয়াক নাফা টি বোলা হয় । গাৱঁৰ আঢ্যৱন্ত মানুহে কিলাকুটিৰ ওপৰত এবিধ ধাতুৰ খাৰু পিন্ধিছিল । এনে খাৰুক জাকচিল বোলে । ৰাইজক ভোজভাত খুৱাইহে তেওঁলোকে এনে খাৰু পিন্ধাৰ অধিকাৰ লাভ কৰিছিল ।
২০. গাৰোসকলৰ প্ৰধান আহাৰ কি ।
উত্তৰঃ গাৰোসকলৰ প্ৰধান আহাৰ হল ভাত ।
২১. গাৰোসকলে ব্যৱহাৰ কৰা শাক-পাচলিবোৰ কি কি আছিল ।
উত্তৰঃ গাৰোসকলে ব্যৱহাৰ কৰা শাক-পাচলিবোৰ আছিল লাও, কোমোৰা, বাঙি, লাইশাক, জলকীয়া, বেঙেনা, বাঁহৰ গাজ, কচু আদি ।
২২. গাৰোসকলৰ প্ৰিয় খাদ্য কি আছিল ।
উত্তৰঃ গাৰোসকলৰ প্ৰিয় খাদ্য আছিল শিমলু আলু ।
২৩. গাৰোসকলে ৰাতিপূৱা আৰু পূৱাৰ ভাতসাজ কেতিয়া খায় ।
উত্তৰঃ গাৰোসকলে ৰাতিপূৱাৰ ভাতসাজ দোকমোকালিতে খায় আৰু নিশাৰ খাজ সন্ধিয়াৰ লগে-লগে খায় ।
২৪. আমবোল থোক কি ।
উত্তৰঃ আমবোল থোক হল খৰি কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হোৰা ।
২৫. দিখা-বাণ্ডৰা মানে কি ।
উত্তৰঃ দিখা বাণ্ডৰা মানে হল মদ তৈয়াৰ কৰা কলহ ।
২৬. লাওপানী কি ।
উত্তৰঃ লাওপানী হল গাৰোসকলৰ এক মাত্ৰ পানীয় ।
২৭. গাৰোভাষাত লাওপানীক কি বুলি কোৱা হয় ।
উত্তৰঃ গাৰোভাষাত লাওপানীক চু বুলি কোৱা হয় ।
২৮. চু কৰ পৰা তৈয়াৰ কৰা হয় ।
উত্তৰঃ চু চাউলৰ পৰা তৈয়াৰ কৰা হয় ।
২৯. গাৰোসকলৰ জীৱিকাৰ প্ৰধান উপায় কি ।
উত্তৰঃ গাৰোসকলৰ জীৱিকাৰ প্ৰধান উপায় হল কৃষি ।
৩০. ঝুম খেতিক গাৰোভাষাত কি বুলি কোৱা হয় ।
উত্তৰঃ ঝুম খেতিক গাৰোভাষাত আৰংগা গামা আৰু আগাচাআ বুলি কোৱা হয় ।
৩১. গাৰোভাষাত দাখনক কি বুলি কোৱা হয় ।
উত্তৰঃ গাৰোভাষাত দাখনক আঠে মোংৰেং বুলি কোৱা হয় ।
৩২. ঝুম খেতিৰ প্ৰধান কাম কি ।
উত্তৰঃ ঝুম খেতিৰ প্ৰধান কাম হল খেতিৰ বাবে একোটা অঞ্চল নিৰ্বাচন কৰা ।
৩৩. ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ সাধাৰণতে নৱেম্বৰ ডিচেম্বৰ মাহত গাঁৱৰ বাসিন্দাসকলৰ মাজত একোডোখৰ মাটি বিতৰণ কৰা হয় । প্ৰত্যোক পৰিয়ালে নিজ নিজ মাটিৰ হাবি-বন কাটি নিজৰ অধিকাৰ সাব্যস্ত কৰি থয় । এই প্ৰথাক ওফাতা বোলা হয় । মাটি ভাগ কৰাৰ পাছত গাঁৱলৈ আহি সকলো মানুহে একেলগে বহি চু খাই ৰং -ৰহইছ কৰে । ঝুম পথাৰৰ হাবি-বন কটা কাৰ্য ডিচেম্বৰ- জানুৱাৰী মাহৰ শেষৰ ভিতৰত শেষ কৰা হয় । তাৰ পিছত কাটি-থোৱা হাবি-বনবোৰ মাৰ্চ মাহলৈ শুকাবলৈ দিয়া হয় । বসন্তকালত বৰষুণ অহাৰ পূৰ্বেই গাঁৱৰ মানুহখিনি একেলগ হৈ এদিন গধুলি শুকাই থকা হাবি-বনত জুই লগাই দিয়ে । এনেদৰে জুই দিয়াৰ পাছত হাবি-বন পুৰি ছাই হৈ যায় । এই ছাইবোৰ ঝুম পথাৰত ছটিয়াই দিয়া হয় । তাৰ পাছত কণীধান, জলকীয়া, বেঙেনা, লাইশাক আদিৰ গুটি মিহলাই ঝুম পথাৰত সিঁচা হয় । কচুৰ পোখা, শিমলু আলুৰ গা-গছৰ অংশ আদি গিচিৰে সৰু সৰু গাঁত কৰি ৰোপণ কৰা হয় । ধান, গোমধান, ৰঙালাও পানীলাউ, কোমোৰা আদিৰ গুটি খনিত্ৰৰে সৰু সৰু গাঁত কৰি ৰোৱা হয় ।
৩৪. আজাকৰা-দাঙা বুলি কাক কোৱা হয় ।
উত্তৰঃ মাৰ্চ মাহৰ শেষৰফালে বৰষুণ পৰাৰ লগে লগে বীজবোৰ অংকুৰিত হয় । শস্য পথাৰত প্ৰায়বোৰ অলাগতিয়াল হাবি-বনো গজি উঠে । এই অপতৃণবোৰ নিৰাই দিয়া হয় । েই কাৰ্যক আজাকৰা-দাঙা বুলি কোৱা হয় ।
৩৫. বামিল ৰাদা কাক বোলে ।
উত্তৰঃ কিছুমান দিনৰ পাছত ঝুম পথাৰখন পুনৰ নিৰোৱা হয় । এই কাৰ্যক বামিল-ৰাডা বুলি কোৱা হয় ।
৩৬. আবাখাতা কাক বোলে ।
উত্তৰঃ ঝুমখেতিৰ প্ৰধান শস্য কণীধান ছেপ্তেম্বৰ মাহত পকিবলৈ ধৰে । এই সময়ছোৱাত বনৰীয়া জীৱ-জন্তু আৰু চৰাইবোৰৰ পৰা শস্যবোৰ ৰক্ষা কৰিবলৈ বিশেষ সাৱধানতা অৱলম্বন কৰা হয় । গাঁৱৰ পৰা ঝুম পথাৰ দূৰৈত অৱস্থিত হলে শস্যৰ ৰক্ষণাবেক্ষণৰ বাবে গাৱৰ গোটেইখিনি মানুহে গাওঁ এৰি অস্থায়ীভাৱে বাহৰ পাতি থাকে । এই কাৰ্যক আবাখাতা বোলে ।
৩৭. আবা-জাযাদাল কাক বোলে ।
উত্তৰঃ ঝুম পথাৰত বসবাসৰ বাবে অস্থায়ী ঘৰ সাজে । এনে অস্থায়ী ঘৰকে আবা-জাযাদাল বোলে ।
৩৮. প্ৰথম বছৰ ব্যৱহাৰ কৰা পথাৰক গাৰোভাষাত কি বুলি কোৱা হয় ।
উত্তৰঃ প্ৰথম বছৰ ব্যৱহাৰ কৰা পথাৰক গাৰোভাষাত আদাল বুলি কোৱা হয় ।
৩৯. দ্বিতীয় বছৰৰ বাবে ব্যৱহাৰ কৰা পথাৰক কি বুলি কোৱা হয় ।
উত্তৰঃ দ্বিতীয় বছৰৰ বাবে ব্যৱহাৰ কৰা পথাৰক আব্ৰেং বুলি কোৱা হয় ।
৪০. গাৰোসকলৰ দুটা প্ৰধান কৃষি উৎসৱৰ নাম লিখা ।
উত্তৰঃ গাৰোসকলৰ দুটা প্ৰধান কৃষি উৎসৱৰ নাম হল
ক) আগাল-মাকা ।
খ) ৰংচুগালা ।
৪১. আগাল-মাকাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ আগাল-মাকাই কৃষি বছৰৰ আৰম্ভণি সূচায় । এই উৎসৱৰ পিছৰে পৰা শস্য গুটি সিচাঁ হয় । ঝুম পথাৰত হাবি-বন জ্বলোৱাৰ পাছত পালন কৰা উৎসৱটো হল আগাল-মাকা । ঝুম পথাৰত ৰাতি হাবি-বনত জুই দি ৰাতিপূৱা জুই নুমোৱাৰ পাছত গাৱলৈ উভতি আহি পালন কৰা উৎসৱটোৱেই হল আগাল-মাকা । এই উৎসৱত সকলো মানুহেই ফটিকা বা চু পান কৰে । আৰু ডেকা -গাভৰুসকলে ওৰে-নিশা নৃত্য-গীত কৰে । এই উৎসৱ দুদিন ধৰি পালন কৰা হয় ।
৪২. ৰংচুগালাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ ধান পকিবলৈ আৰম্ভ কৰাৰ লগে-লগে ৰংচুগালা উৎসৱ পালন কৰা হয় । ৰংচু মানে চিৰা । এই উৎসৱৰ অন্তৰ্নিহিত অৰ্থ হল পথাৰৰ পৰা শস্য নিজ ঘৰলৈ স্থানান্তৰিত কৰা । এই উৎসৱ পালন কৰাৰ পূৰ্বে নতুন শস্য খোৱা নিষেধ । ৰংচুগালা উৎসৱৰ সময়ত ধান ভালকৈ পুৰঠ নহয় । এই উৎসৱত গাৰোসকলে আধা পকা ধান ভাজি, চিৰা খুন্দি দেৱ-দেবীলৈ আগবঢ়াই খায় আৰু চু খাই নৃত্য-গীত কৰি ঝুম-পথাৰতে ৰংচুগালা ফৎসৱ পালন কৰা হয় ।
৪৩. গাৰোসকলৰ প্ৰধান কৃষি উৎসৱটোৰ নাম কি ।
উত্তৰঃ গাৰোসকলৰ প্ৰধান কৃষি উৎসৱটোৰ নাম হল ৱানগালা ।
৪৪. গাৰোসকলৰ কৃষি বৰ্ষৰ সামৰণি কেতিয়া হয় ।
উত্তৰঃ ৱানগালা উৎসৱ শেষ হোৱাৰ লগে-লগে গাৰোসকলৰ কৃষি বৰ্ষৰ সামৰণি হয় ।
৪৫. মিছিং জনগোষ্ঠীৰ জীৱিকা-নিৰ্বাহৰ বিষয়ে লিখা ।
উত্তৰঃ মিছিং লোকসকলৰ জীৱিকাৰ প্ৰধান উপায় হৈছে খেতি কৰা । তেওঁলোকে গৰু আৰু মহেৰে হাল-বাই খেতি কৰে । তেওঁলোকে আহু আৰু শালি দুয়োবিধ ধানৰ খেতি কৰে । তাৰোপৰি কপাহ, মিঠাআলু, তিয়হ, গোমধান, আদা, হালধি, কল আদিৰ খেতিও তেওঁলোকে কৰে । মতা মানুহে সাধাৰণতে হাল বাই মাটি চহায় আৰু তিৰোতাই ৰোৱা আৰু নিৰণ্ৰ কাম কৰে । লৰা-ছোৱালীবোৰেওঁ পথাৰলৈ যায় গৰু আৰু চৰাইৰ পৰা শস্যডৰাক ৰক্ষা কৰাৰ উদ্দেশ্যে ।
৪৬. মিছিংসকলৰ চিকাৰ আৰু মাছ-মৰা কাৰ্যৰ বিষয়ে লিখা ।
উত্তৰঃ বনৰীয়া ঘাহনি আৰু পহু চিকাৰ মিছিংসকলৰ খুব প্ৰিয় । চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰধান আহিলা হল বাৰুদ, ধনুকাঁড় আৰু যাঠি । গাঁৱৰ আটাইবোৰ পৰিয়ালৰ মাজত চিকাৰ কৰা জন্তুৰ মাংস ভাগ-বাটোৱাৰা কৰা হয় । যিজনে চিকাৰত কৃতকাৰ্যতা লাভ কৰে তেওঁ এটা অতিৰিক্ত মাংসৰ ভাগ হয় । চিকাৰৰ সময়ত তেওঁলোকে কিছুমান কাম কৰাত বাধা আছে । যেনে তিৰোতা মানুহে মূৰ ফণিয়াব নোৱাৰে, তাঁত ব'ব নোৱাৰে, আপং প্ৰস্তুত কৰিব নোৱাৰে । সাধাৰণতে খৰালি কালত মাছ মৰা কাৰ্য বেছিকৈ হয় । জুৰকি, চালনি, দিৰদাং, পোৰাং আৰু ডিবাং হৈছে মিছিংসকলৰ মাছ-মৰা সঁজুলি । ধনুকাঁড়ও মাছ-মৰা কাৰ্যত ব্যৱহাৰ কৰা হয় ।
৪৭. মিছিংসকলৰ আহাৰ আৰুপানীয়ৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ মিছিংসকলৰ প্ৰধান আহাৰ হল ভাত । ভাতৰ লগত তেওঁলোকে আলু,কচু, শাক-পাছলি আৰু মাছ-মাংস খায় । গাহৰি আৰু কুকুৰাৰ মাংস তেওঁলোকৰ প্ৰিয় খাদ্য । শুকান মাছো তেওঁলোকে ভক্ষণ কৰে । তেওঁলোকে ভাত দিনত দুবাৰ খায় । আপাং হৈছে মিছিংসকলৰ প্ৰিয় পানীয় । আপাং তেওঁলোকে চাহৰ বিকল্প হিচাপে ব্যৱহাৰ কৰে । প্ৰত্যেক পৰিয়ালেই আপাং তৈয়াৰ কৰে । সাধাৰণতে তিৰোতাসকলে আপাং তৈয়াৰ কৰে । মিচিংসকলে অতিথিসকলক আপাঙৰে আপ্যায়িত কৰে ।
৪৮. মিছিং মহিলাসকলে পৰিধান কৰা দুযোৰ পোছাকৰ নাম লিখা ।
উত্তৰঃ মিছিং মহিলাসকলে পৰিধান কৰা দুযোৰ পোছাকৰ নাম হল
ক) এগে ।
খ) ৰিবি আৰু গাছেং ।
৪৯. মিছিং পুৰুষসকলে পৰিধান কৰা তিনিযোৰ পোছাকৰ নাম লিখা ।
উত্তৰঃ মিছিং পুৰুষসকলে ব্যৱহাৰ কৰা তিনিযোৰ পোছাকৰ নাম হল
ক) মিবুগালুক ।
খ) ডুমেৰ ।
গ) ইউগণ ।
৫০. আওসকলৰ প্ৰধান আহাৰ কি ।
উত্তৰঃ আওসকলৰ প্ৰধান আহাৰ হল ভাত ।
৫১. আওনগাসকল কোন আছিল ।
উত্তৰঃ আওনগাসকল নাগালেণ্ডত বাস কৰা বৃহৎ নগাগোষ্ঠীৰ অন্তৰ্গত এটা উল্লেখযোগ্য গোট ।
৫২. আওনগাসকলে কোন জিলাত বসবাস কৰে ।
উত্তৰঃ আওনগাসকলে নাগালেণ্ডৰ মোককচাং জিলাত বাস কৰে ।
৫৩. নগা নামেৰে পৰিচিত সাংস্কৃতিক গোটবোৰৰ ভিতৰত কেইটামান উল্লেখযোগ্য গোটৰ নাম লিখা ।
উত্তৰঃ নগা নামেৰে পৰিচিত সাংস্কৃতিক গোটবোৰৰ ভিতৰত কেইটামান উল্লেখযোগ্য গোটৰ নাম হল
আও, আংগামী, চেমা, ৰেংখা, লোখা, কন্যাক, চাংতাম আৰু কোম ।
৫৪. আওসকলৰ প্ৰধান পানীয়বিধৰ নাম কি ।
উত্তৰঃ আওসকলৰ প্ৰধান পানীয়বিধৰ নাম হল লাওপানী ।
৫৫. আওসকলৰ জীৱিকাৰ প্ৰধান উপায় কি ।
7উত্তৰঃ আওসকলৰ জীৱিকাৰ প্ৰধান উপায় হল ঝুম খেতি ।
৫৬. আওসকলৰ ঝুম খেতিৰ প্ৰধান শস্যবিধৰ নাম কি ।
উত্তৰঃ আওসকলৰ ঝুম খেতিৰ প্ৰধান শস্যবিধৰ নাম হল ধান ।
৫৭. আওসকলৰ সামাজিক সংগঠনৰ বিষয়ে লিখা ।
উত্তৰঃ আও সমাজখন তিনিটা বিভিন্ন ঠালত বিভক্ত । এই ঠাল তিনিটা হল চোংলি, মোংচেন আৰু চাংকি । এই ঠাল তিনিটাক উপভাষাগত ঠাল বুলি কব পাৰি, কিয়নো প্ৰতিটো ঠালৰ নিজস্ব উপভাষা আছে । অৱশ্যে এটা ঠালৰ ভাষা আন এটা ঠালৰ লোকৰ বাবে দুৰ্বোধ্য নহয় । মোংচেন আৰু চাংকি ভাষাৰ মাজত বহু সাদৃশ্য দেখা যায় । সম্প্ৰীতি আওসকলে চোংলি ভাষাকে লিখিত ভাষাৰূপে গ্ৰহণ কৰিছে । য়াচাম আৰু লংলা নামৰ আওসকলৰ আন দুটা উপভাষা আছে । এই দুটা উপভাষাক চোংলি ভাষাৰ কথিত ৰূপ বুলি কব পাৰি ।
৫৮. আওসমাজ কি সমাজ আছিল ।
উত্তৰঃ আওসমাজ পিতৃপ্ৰধান সমাজ আছিল ।
৫৯. আওসকলৰ আটাইতকৈ সৰু সামাজিক গোটটোৰ নাম কি ।
উত্তৰঃ আওসকলৰ আটাইতকৈ সৰু সামাজিক গোটটোৰ নাম হল পৰিয়াল ।
৬০. আওসকলৰ পৰিয়ালৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ পৰিয়াল হল আওসকলৰ আটাইতকৈ সৰু সামাজিক গোট । উল্লেখযোগ্য যে আওসমাজত প্ৰাথমিক বা নূন্যতম পৰিয়ালহে দেখা যায় । একান্নৱৰ্তী পৰিয়াল দেখা নাযায় । বিয়াৰ পাছতে আও ডেকা-গাভৰুৱে জন্ম পৰিয়াল পৰিত্যাগ কৰি আন ঠাইত বেলেগে ঘৰ সাজি এটা নতুন পৰিয়ালৰ সৃষ্টি কৰে । আওসকলৰ মাজত বহু পুৰুষ বা বহু নাৰী বিবাহৰ প্ৰচলন নাই ।
পৰিয়াল হৈছে এটা অৰ্থনৈতিক গোট । উৎপাদন আৰু বিতৰণৰ সকলো কাৰ্য মূলতঃ পৰিয়ালৰ জৰিয়তে সম্পাদন কৰা হয় । স্বামী-স্ত্ৰীয়ে ইজনে-সিজনক নাম কাঢ়ি মাতে । বয়সত ডাঙৰসকলক বিভিন্ন সম্বন্ধ ধৰিহে মতা হয়, সৰুৱে ডাঙৰক নাম কাঢ়ি মতাটো নিষিদ্ধ । পৰিয়ালৰ ভিতৰত কম বয়সীয়ালোকে বয়স্কজনৰ লগত দন-হাই কৰাটো কেৱল যে পৰিয়ালটোৰ কাৰণে অমংগলীয়া তেনে নহয়, গোটেই গাঁওখনৰ বাবে অসন্মানজনক আৰু অমংগলৰ কাৰণ হিচাপে গণ্য কৰা হয় ।
৬১. আওসকলৰ তিনিটা নিজস্ব গোটৰ নাম লিখা ।
উত্তৰঃ আওসকলৰ তিনিটা নিজস্ব গোত্ৰৰ নাম হল
ক) চোংলি ।
খ) মোংচেন ।
গ) চাংকি ।
৬২. চোংলি ঠালৰ কেইটা গোত্ৰ আছে আৰু এই গোত্ৰসমূহক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ।
উত্তৰ চোংলি ঠালৰ ৩৮ টা গোত্ৰ আছে এই গোত্ৰসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি যেনে
ক) পোঙেন ।
খ) লুংকাম ।
গ) চামি ।
৬৩. মোংচেন ঠালৰ কেইটা গোত্ৰ আছে ।
উত্তৰঃ মোংচেন ঠালৰ ২৬ টা গোত্ৰ আছে ।
৬৪. চাংকিসকলৰ গোত্ৰ কেইটা ।
উত্তৰঃ চাংকিসকলৰ গোত্ৰ ৪টা ।
৬৫. পুৰুষে নিজ গোত্ৰৰ পুৰুষক কি বুলি কয় ।
উত্তৰঃ পুৰুষে নিজ গোত্ৰৰ পুৰুষক কিদং বুলি কয় ।
৬৬. নাৰীয়ে নিজ গোত্ৰৰ নাৰীক কি বুলি কয় ।
উত্তৰঃ নাৰীয়ে নিজ গোত্ৰৰ নাৰীক ইলাংচু বুলি কয় ।
৬৭. আও ভাষাত মোৰাং ঘৰক কি কি বুলি কোৱা হয় ।
উত্তৰঃ আও ভাষাত মোৰাং ঘৰক আৰিচু বুলি কোৱা হয় ।
৬৮. আওসকলৰ মোৰাং সংগঠনৰ বিষয়ে লিখা ।
উত্তৰঃ আও গাঁৱৰ আটাইতকৈ চকুত লগা বস্তুটো হল মোৰাং ঘৰ । গাওঁ একোখনৰ প্ৰৱেশ পথৰ সীমাতে সুদৃশ্য মোৰাং ঘৰটো নিৰ্মাণ কৰা হয় । আও ভাষাত মোৰাং ঘৰক আৰিচু বুলি কোৱা হয় । মোৰাংঘৰ হল এটা বিৰাটকায় চাং ঘৰ । গাঁৱৰ ডেকাসকলে নিশা মোৰাংঘৰত থাকে আৰু গাঁওখন বহিঃশত্ৰুৰ পৰা ৰক্ষা কৰে । মোৰাংঘৰ ডেকাসকলৰ অৱসৰ-বিনোদনৰো কেন্দ্ৰ । ইয়াত তিৰোতা মানুহৰ প্ৰৱেশ নিষেধ ।
মোৰাং ঘৰৰ চালখন দূৰৰ পৰা পিৰামিডৰ দৰে দেখি । মোৰাংঘৰত কোনো খিৰিকী নাথাকে । আগফালে আৰু পাছফালে দুখন সৰু সৰু দুৱাৰ থাকে । মোৰাঙৰ প্ৰধান খুটাটোত সাধাৰণতে বিভিন্ন পশু-পক্ষী আৰু মানুহৰ প্ৰতিকৃতি খোদিত কৰা হয় । মোৰাঙত দুখন জুহাল থাকে, এখন আগদুৱাৰৰ ওচৰত আৰু আনখন পাছ দুৱাৰৰ কাষত । সন্মুখৰ জুহালখন মোৰাঙৰ বয়স্ক সদস্যসকলৰ বাবে আৰু পাছফালৰ জুহালখন সৰু সৰু লৰা বিলাকৰ বাবে । মোৰাংঘৰৰ এটা অন্যতম সম্পদ হল প্ৰকাণ্ড গছ এজোপাৰ ভিতৰ ফালে খুলি তৈয়াৰ কৰা বিৰাট নাও আকৃতিৰ কাঠ । ইয়াক চোংকোং বা টংটেন বোলে । ইয়াক ঢোল বা নাগৰাৰ দৰে ব্যৱহাৰ কৰা হয় । গোটেই টংটেনটো কাঠৰ ওপৰত ৰখা হয়, যাতে ফোপোলা কাঠৰ শব্দ ভালকৈ ওলায় । সুৰুঙাটো ওপৰফালে থাকে । বিশেষ ধৰণৰ কাঠৰ মাৰিৰে এই বাদ্যবিধ বজোৱা হয় ।
৬৯. মোৰাংঙৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ মোৰাং সম্পূৰ্ণৰূপে এটা স্বায়িত শাসিত গোট । ই গাওঁ শাসন ব্যৱস্থাৰ এটা অবিচ্ছেদ্য অংগ । আওসকলৰ মাজত কোনো ৰজা বা মুখিয়াল নাই । তথাপি গাঁৱৰ শাসন-ব্যৱস্থা কোনো আউল নলগাকৈ চলি থাকে । এই শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে গণতান্ত্ৰিক । প্ৰত্যেকজন আও পুৰুষেই এটা বিশেষ সমন্বয়ৰ বাবে গাওঁ শাসনৰ দায়িত্ব গ্ৰহণ কৰিব লাগে । গাওঁ পৰিচালনা সমিতিৰ দায়িত্বত থকা লোকৰ মোৰাঙৰ প্ৰশাসনত কোনো অধিকাৰ নাথাকে । মুঠ ২০ জন সদস্যৰে মোৰাং পৰিচালনা সমিতিখন গঠন কৰা হয় । এই সদস্যসমূহ হল
ক) মুখিয়াল ( উংৰ ) ১জন ।
খ) মুখিয়ালৰ সহায়ক ( টোংলু) ১জন ।
গ) উপদেষ্টা ( তাতৰ) ১৪ জন ।
ঘ) মোৰাং ঘৰ মেৰামতিৰ কাম চাওতা ( টিয়াৰ ) ২জন ।
ঙ) মোৰাঙৰ অতিথিক সোধ-পোছ কৰোতা ( য়িবুটিৰ) ২ জন ।
মোৰাঙৰ জেষ্ঠ ডেকাসকলৰ ভিতৰ পৰা ২০ জন সদস্যৰ দ্বাৰা এই সমিতিখন গঠন কৰা হয় । মোৰাঙৰ ডেকাসকলৰ মাজত হোৱা হাই-কাজিয়া এই সমিতিয়েই মীমাংসা কৰে আৰু দোষী সাব্যস্ত হোৱা ডেকাৰ পৰা জৰিমনা হিচাপে গাহৰি আদায় কৰি সেই গাহৰি ৰান্ধি ভোজ-ভাত খায় ।
৭০. মোৰাঙৰ স্তৰ কেইটা আৰু কি কি ।
উত্তৰঃ মোৰাঙৰ স্তৰ চাৰিটা যেনে
ক) নোজাবৰিহৰি ( অপৰিপক্ক দল ) ।
খ) টুকাপবাহৰি ( পৰিপক্কা দল ) ।
গ) চুচেনবাহৰি ( মোৰাং নায়কৰ দল )
)) চামিছাৰিহোৰি ( গাহৰিৰ ঠেং খোৱা দল ) ।
৭১. আওসকলৰ গাও পৰিচালনা সমিতিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ আওসকলৰ মাজত গাও পৰিচালনাৰ বাবে এখন সমিতি আছে । প্ৰকৃততে গাওঁ পৰিচালনা সমিতিৰ আৰ্হিতহে মোৰাং পৰিচালনা সমিতিখন গঠিত হয় । এই সমিতিৰক কাৰ্যকাল এটা নিৰ্দিষ্ট সময়ৰ পাছত সমাপ্ত হয় । কাৰ্যকাল উকলি যোৱাৰ পাছত সমিতিৰ সদস্যসকলক লৈ দলৰ বয়সৰ গোটটোৰ পৰা নতুন এখন সমিতি গঠন কৰা হয় । আওসকলৰক বিভিন্ন ঠালৰ মাজত গাও পৰিচালনা সমিতিৰ কাৰ্যকালৰ কিছু তাৰতম্য পৰিলক্ষিত হয় । অঞ্চল বিশেষে গাও পৰিচালনা সমিতি সৰু সৰু ভাগত বিভক্ত হৈ পৰা দেখা যায় । গাওঁ পৰিচালনা সমিতিৰ এনেকোৱা ভাগক মিন্দেন বা তাতাৰ মিন্দেন বোলা হয় । গাঁৱৰ সমূহীয়া কামত গাহৰি কাটিলে মিন্দেন সদস্যসকলে নিজৰ প্ৰস্থিতি অনুসৰি গাহৰিৰ ভাগ পায় ।
৭২. আওসকলৰ বিবাদ নিস্পত্তিৰ বিষয়ে লিখা ।
উত্তৰঃ গাও একোখনৰ বা দুখন গাৱৰ মাজত সৃষ্টি হোৱা হাই-কাজিয়া মিন্দেনৰ জৰিয়তে মীমাংসা কৰা হয় । অপৰাধীক জৰিমনা ভৰোৱা হয় । সাধাৰণ অপৰাধৰ শাস্তি হিচাপে গৰু নাইবা গাহৰি এটা দোষীৰ পৰা জৰিমণা হিচাপে আদায় কৰা হয় । জৰিমণা হিচাপে লাভ কৰা এই গৰু বা গাহৰি মিন্দেনৰ সদস্যসকলে ভাগ কৰি খায় । বাৰে বাৰে চুৰ কৰি ধৰা পৰা লোকক গাহৰিৰ দৰে হাতে-ভৰিয়ে বান্ধি কাইটৰ ওপৰত পেলাই দিয়া হয় । ইয়াৰ পাছতো যদি সি আকৌ চুৰ কৰি ধৰা পৰে , তেনেহলে গাঁৱৰ পৰা খেদি দিয়া হয় । উল্লেখযোগ্য সৰু লৰা-ছোৱালীক কোনো দোষৰ বাবে দোষী সাব্যস্ত কৰা নহয় । এইদৰে মিন্দেনৰ সদস্যসকল একগোট হৈ দুজনৰ মাজত হোৱা বিবাদ-নিস্পত্তি কৰে ।
৭৩. আপাটানি লোকসকল কোন প্ৰজাতিৰ লোক আছিল ।
উত্তৰঃ আপাটানি লোকসকল মংগোলীয় প্ৰজাতিৰ লোক আছিল ।
৭৪. আপাটানি লোকসকলে কত বসবাস কৰে ।
উত্তৰঃ আপাটানি লোকসকলে অৰুণাচল প্ৰদেশৰ সোঁৱণশিৰি জিলাৰ কেলে নৈৰ উপত্যকা অঞ্চলত বসবাস কৰে ।
৭৫. কেলে নৈৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা কিমান ফুট ।
উত্তৰঃ কেলে নৈৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৫০০০ ফুট ।
৭৬. আপাটানিসকলৰ দুটা আৱয়ৱিক লক্ষণ লিখা ।
উত্তৰঃ আপাটানিসকলৰ দুটা আৱয়ৱিক লক্ষণ হল
ক) দীঘলীয়া মুখমণ্ডল ।
খ) গাঁতত সোমোৱা চকু ।
৭৭. আপাটানি লোকসকলৰ জীৱিকাৰ প্ৰধান উপায় কি ।
উত্তৰঃ আপাটানি লোকসকলৰ জীৱিকাৰ প্ৰধান উপায় হল খেতি ।
৭৮. আপাটানিসকলৰ প্ৰিয় খাদ্য কি ।
উত্তৰঃ আপাটানিসকলৰ প্ৰিয় খাদ্য হল কুকুৰাৰ মাংস আৰু কণী ।
৭৯. আপাটানিসকলে বিনিময়ৰ মাধ্যম হিচাপে কি জন্তু ব্যৱহাৰ কৰে ।
উত্তৰঃ আপাটানিসকলে বিনিময়ৰ মাধ্যম হিচাপে মেঠোন ব্যৱহাৰ কৰে ।
৮০. আপাটানিসকলে অলৌকিক শক্তিক কি বুলি কয় ।
উত্তৰঃ আপাটানিসকলে অলৌকিক শক্তিক উই বুলি কয় ।
৮১. কিলো আৰু কিৰো কোন আছিল ।
উত্তৰঃ কিলো আৰু কিৰে হৈছে এহাল দেৱ-দেৱী ।
৮২. আপাটানি লোকসকলৰ সামাজিক সংগঠনৰ বিষয়ে লিখা ।
উত্তৰঃ আপাটানি উপত্যকাটো সাতখন গাৱৰ সমষ্টি । এই গাওকেইখন হল হাং, হাৰি, বেলা, হাজা, দুতা, মুদাং-তাগে আৰু মিচি-বামিন । আপাটানি লোকসকলে গাওঁ একোখনক লেম্বা বোলে । একোখন গাৱত একাধিক গোত্ৰৰ লোকে বাস কৰিব পাৰে । এই সাতখন গাৱৰ অধিবাসীসকলৰ মাজত এটা সাংস্কৃতিক ঐক্য পৰিলক্ষিত হয় । গাণৱৰ অধিবাসীসকলৰ কিছুমান সমূহীয়া ধৰ্মীয় তথা সামাজিক অনুষ্ঠান আছে । এই অনুষ্ঠানবোৰত সাতথন গাৱৰ ৰাইজে একোটা সামাজিক সাংস্কৃতিক গোটহিচাপে কাম কৰে ।
৮৩. আপাটানি লোকসকলৰ গোত্ৰ ব্যৱস্থাৰ বিষয়ে লিখা ।
উত্তৰঃ আপাটানি সমাজত গোত্ৰ ব্যৱস্থা আছে । তেওঁলোকে গোত্ৰক হালু বোলে । আপাটানি গোত্ৰবোৰ পিতৃসূত্ৰী আৰু বৰ্হিবৈবাহিক জাৰজ সন্তান আৰু মাকৰ গোত্ৰৰ মানুহৰ ঘৰত প্ৰতিপালিত অনাথ শিশুৱে মাতৃৰ গোত্ৰ লয় । একে গোত্ৰৰ লোকসকলৰ মাজত বিশেষ মিলা-প্ৰীতি দেখা যায় । আপাটানি লোকসকলৰ মাজত বহুতো গোত্ৰ আছে । এই গোত্ৰসমূহ দুটা গোত্ৰ-সমষ্টিত বিভক্ত । যেনে মিটে আৰু মুৰা । মিটে উচ্চস্তৰৰ আৰু মুৰা নীচ স্তৰৰ । মিটে স্তৰৰ গৰাকীৰ তলত কামকৰা দাস সকলো মুৰা স্তৰতহে অন্তভূৰ্ক্তি লাভ কৰে ।
৮৪. নাগো কাক বোলে ।
উত্তৰঃ গাঁৱৰ মাজত কিছুমান গোত্ৰৰ ধৰ্মীয় অনুষ্ঠান আদিৰ বাবে একোটা আছুতীয়া ঘৰ থাকে তাকে বা সেই ঘৰটোকে নাগো বোলে ।
৮৫. আপাটানিসকলৰ গাওঁ শাসন ব্যৱস্থাৰ বিষয়ে লিখা ।
উত্তৰঃ আপাটানি গাঁৱৰ শাসন ব্যৱস্থা গোত্ৰৰ প্ৰতিনিধিসকলৰ দ্ধাৰা পৰিচালিত হয় । এনে প্ৰতিনিধিসকলক বুলিয়াং বোলা হয় । বুলিয়াং মনোনয়নৰ ক্ষেত্ৰত কোনো বিশেষ নিয়ম নাই । বুলিয়াং তিনি প্ৰকাৰৰ
ক) আখা বুলিয়াং ঃ বয়োবৃদ্ধ বুলিয়াংসকলক আখা বুলিয়াং বোলা হয় । গাওঁ শাসনৰ সকলো গুৰুত্বপূৰ্ণ বিষয় আখা বুলিয়াংসকলৰ পৰামৰ্শ অনুসৰিহে স্থিৰ কৰা হয় ।
খ) য়াপা বুলিয়াং ঃ আদবয়সীয়া বুলিয়াংসকলক য়াপা বুলিয়াং বোলা হয় । গাওঁ পৰিচালনাৰ প্ৰাত্যাহিক কাম, বিচাৰ আদিৰ ভাৰ এওঁলোকৰ হাতত ন্যস্ত থাকে ।
গ) আজাং বুলিয়াং ঃ কম বয়সীয়া বুলিয়াংসকলক আজাং বুলিয়াং বোলে । য়াপা বুলিয়াংসকলক সকলো কামতে সহায় কৰাই হল এওঁলোকৰ প্ৰধান দায়িত্ব । গাঁৱৰ মেল বা সভা-সমিতিত আজাং বুলিয়াংসকলে ডেকাসকলক প্ৰতিনিধিত্ব কৰে । সাধাৰণতে এজন আখা বুলিয়াংৰ মৃত্যুত তেওঁৰ গোত্ৰৰে এজন য়াপা বুলিয়াং আখা বুলিয়াংঙলৈ উন্নীত হয় । বুলিয়াংসকলে কোনো পাৰিশ্ৰমিক লাভ নকৰে । অৱশ্যে সমজুৱা ভোজভাতৰ সময়ত বুলিয়াংসকলক বিশেষভাৱে লাওপানী আৰু মঙহ আদিৰে আপ্যায়ন কৰা হয় । আপাটানি গাঁৱসমূহৰ মাজত এক বিশেষ পাৰস্পৰিক ধৰ্মীয় সম্বন্ধ বিৰাজমান । স্নকৰ সময়ত যিখন গাঁৱত সেই উৎসৱ পালন কৰা হয়, সেই গাঁৱৰ বুলিয়াংসকলে আন গাঁৱৰ বুলিয়াংসকলৰ পৰা উপহাৰ লাভ কৰে ।
৮৬. বুলিয়াং কেইপ্ৰকাৰৰ আৰু কি কি ।
উত্তৰঃ বুলিয়াং তিনি প্ৰকাৰৰ যেনে
ক) আখা বুলিয়াং ।
খ) য়াপা বুলিয়াং ।
গ) আজাং বুলিয়াং ।
Author_ Ali rani Kakati ( Ba in History Major )
0 Comments