যাতায়াত-ব্য়ৱস্থা, দৈৰ্ঘ্য়ৰ জোখ আৰু গতি

অধ্য়ায় - ১৩

১/ মাল-বস্তু কঢ়িয়াবলৈ মানুহে কি জন্তু ব্য়ৱহাৰ কৰিছিল?

উত্তৰঃ ঘৰচীয়া জন্তু


২/ কিমান শতিকাৰ প্ৰথমভাগত বাষ্পচালিত ইঞ্জিন সাজি উলিওৱা হৈছিল?

উত্তৰঃ ঊনৈশ শতিকাৰ প্ৰথমভাগত বাষ্পচালিত ইঞ্জিন সাজি উলিওৱা হৈছিল।


৩/ পেট্ৰল আৰু ডিজেলেৰে চলাব পৰা মটৰগাড়ী, জাহাজ আদি কিমান শতিকাত নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ পেট্ৰল আৰু ডিজেলেৰে চলাব পৰা মটৰগাড়ী জাহাজ আদি কুৰি শতিকাত নিৰ্মাণ কৰা হৈছিল।


৪/ মানক একক কাক বোলে?

উত্তৰঃ সকলোৱে মানি লোৱা জোখ-মাখৰ পদ্ধতি আৰু এককৰ প্ৰয়োজন। সকলোৱে মানি লোৱা এককবোৰকে মানক একক বোলা হয়।


৫/ মিটাৰ কি?

উত্তৰঃ বৰ্তমান সময়ত সকলো দেশৰ মানুহে মানি লোৱা দৈৰ্ঘ্য়ৰ এব্ধ মানক একক হল মিটাৰ।


৬/ কাপোৰৰ দোকানত দোকানীয়ে কাপোৰ জোখা মাৰিডালৰ দৈৰ্ঘ্য় কিমান?

উত্তৰঃ কাপোৰৰ দোকানত দোকানীয়ে কাপোৰ জোখা মাৰিডালৰ দৈৰ্ঘ্য় হল এক মিটাৰ।


৭/ এককৰ আন্তৰ্জাতিক পদ্ধতি কাক বোলে?

উত্তৰঃ ১৯৬৯ চনত বিজ্ঞানীসকলে শুদ্ধ জোখ-মাখৰ বাবে এক উমৈহতীয়া একক পদ্ধতি গ্ৰহণ কৰে। এই পদ্ধতিটোক এককৰ আন্তৰ্জাতিক পদ্ধতি বোলা হয়।


৮/ গতিশীল বস্তু কাক বোলে?

উত্তৰঃ যিবোৰ বস্তুৱে স্থান সলনি কৰে তাকে গতিশীল বস্তু বোলা হয়।


৯/ স্থিতিশীল বস্তু কাক বোলে?

উত্তৰঃ যিবোৰ বস্তুৱে স্থান সলনি নকৰে সেইবোৰক স্থিতিশীল বস্তু বোলা হয়।


১০/ সৰলৰৈখিক গতি কাক বোলে?

উত্তৰঃ কোনো বস্তুৱে সৰলৰৈখিক গতি বোলা হয়।




Type By- Boby Bora