সম্প্ৰসাৰণ আৰু অখণ্ডতা 

চতুৰ্থ অধ্যায়

অতি চমু প্ৰশ্ন 
১। মোগলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ।
উত্তৰঃ  মোগলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হল সম্ৰাট আকবৰ ।

২। গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ।
উত্তৰঃ  গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হল গুপ্ত শাসক সমুদ্ৰগুপ্ত ।

৩। জিজিয়া কৰ কি ।
উত্তৰঃ  জিজিয়া কৰ হল মুছলমানসকলে হিন্দুৰ ওপৰত লগোৱা এক অতিৰিক্ত কৰ । 

৪। নতুন সংস্কৃতিৰ ধাৰণাৰ জন্ম দিয়া ব্যক্তিজনৰ নাম কি ।
উত্তৰঃ নতুন সংস্কৃতিৰ ধাৰণাৰ জন্ম দিয়া ব্যক্তিজনৰ নাম হল সম্ৰাট আকবৰ ।

৫। আকবৰে সৃষ্টি কৰা এটা নতুন ধৰ্মৰ নাম কি ।
উত্তৰঃ আকবৰে সৃষ্টি কৰা এটা নতুন ধৰ্মৰ নাম হল দিন-ই-ইলাহী । 

৬। আকবৰে ৰাজত্ব কৰা সময়ত  চাঘাটাই আৰু উজবেকৰ সংখ্যা কিমান আছিল ।
উত্তৰঃ  আকবৰে ৰাজত্ব কৰা সময়ত চাঘাটাই আৰু উজবেকৰ সংখ্যা হল ৪৮ জন ।

৭। হিমু কোন আছিল ।
উত্তৰঃ  হিমু হল এজন বৈশ্য প্ৰশাসক আৰু সেনাপতি ।

৮। মনচবদাৰী প্ৰথা কোনজন সম্ৰাটে প্ৰচলন কৰিছিল ।
উত্তৰঃ  মোগল সম্ৰাট আকবৰে মনচবদাৰী প্ৰথা প্ৰচলন কৰিছিল । 

৯। জফৰ খানে গ্ৰহণ কৰা উপাধিটোৰ নাম কি আছিল ।
উত্তৰঃ  জফৰ খানে গ্ৰহণ কৰা উপাধিটোৰ নাম হল মুজাফৰ ছাহ ।

চমু প্ৰশ্ন 
১। অনা মুছলনামৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে লিখা ।
উত্তৰঃ সম্ৰাট আকবৰে ভাৰতবৰ্ষক এখন ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ সময়ত হিন্দু আৰু মুছলমানৰ মাজত যিবোৰ পাৰ্থক্য আছিল সেইবোৰ পাৰ্থক্য আতৰাই পেলাইছিল । তেওঁ ধৰ্ম, সামাজিক নীতি-নিয়ম, উচ্চ-নীচ, জাত-পাত , আদিৰ বৈষম্য আতৰাই সকলো লোককে সমান হিচাপে গণ্য কৰিছিল । পূৰ্বৰ মুছলমান শাসকসকলে যিবোৰ কৰ হিন্দু প্ৰজাসকলৰ ওপৰত জাপি দিছিল সেইবোৰ কৰ সম্ৰাট আকবৰৰ দিনত উঠাই দিয়া হৈছিল । 

২। ৰাজনৈতিক ঐক্য মানে কি ।
উত্তৰঃ সম্ৰাট আকবৰে ভাৰতক এটা সংগঠন আৰু ডাঙৰ ৰাষ্ট্ৰত গঢ়ি তুলিব পাৰিছিল । সম্ৰাট আকবৰে ভাৰতবৰ্ষৰ সকলো ৰাষ্ট্ৰকে একগোট কৰি ভাৰতবৰ্ষক ৰাজনৈতিকভাৱে একতাপূৰ্ণ কৰি তুলিছিল ।

৩। হাৰেম কি ।
উত্তৰঃ  হাৰেম হল এখন সু-শৃংখলাবদ্ধ সমাজ বা এটা সম্প্ৰদায় ।

৪। আকবৰৰ পিতৃ-মাতৃৰ নাম কি আছিল ।
উত্তৰঃ  আকবৰৰ পিতৃৰ নাম হল হুমায়ুন , আৰু মাতৃৰ নাম হামিদা বানু বেগম ।


৫। সম্ৰাট আকবৰে ৰাজপুতসকলৰ প্ৰতি গ্ৰহণ কৰা নীতিটোৰ নাম কি ।
উত্তৰঃ  সম্ৰাট আকবৰে ৰাজপুতসকলৰ প্ৰতি গ্ৰহণ কৰা নীতিটোৰ নাম হল সম্প্ৰীতিৰ নীতি বা সান্ত্বনামূলক নীতি ।

 চমুটোকা লিখা ।
১। গুজৰাট 
উত্তৰঃ  ১৪০১ খ্ৰীঃত জফৰ খানে গুজৰাটত স্বাধীনতা ঘোষণা কৰিছিল । তেওঁ মুজাফৰ ছাহ উপাধি গ্ৰহণ কৰি গুজৰাটৰ সিংহাসনত আৰোহণ কৰিছিল । এই বংশৰ এজন বিখ্যাত ৰজাৰ নাম হল মামুদ বেগৰা ।মামুদ বেগৰা নামৰ শাসকজনে চম্পালি, জুনাগঢ়, আৰু কচ্ছ নামৰ ৰাজ্যকেইখন অধিকাৰ কৰিছিল । এইজন শাসকে পৰ্টুগীজসকলৰ প্ৰতি ক্ষমতাৰ প্ৰতি ঈৰ্ষা হৈ পৰিছিল আৰু তেওঁ তুৰ্কী- আফগানসকলৰ সহায় লৈ পৰ্টুগীজসকলৰ ক্ষমতা পতন ঘটাবলৈ চেষ্টা কৰি আছিল । প্ৰথম অৱস্থাত গুজৰাটৰ শাসক মামুদ বেগৰা সফল হৈছিল যদিও পিছত তেও পৰ্টুগীজসকলক পৰাজয় কৰিছিল । তাৰ কিছুদিনৰ পাছতে পৰ্টুগীজসকলে মামুদ বেগৰাক পৰাজয় কৰি পুনৰ তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰিছিল । ৰজা মামুদ বৰ সহজ-সৰল আৰু ন্যায়পৰায়ণ লোক আছিল । কিন্তু তেওঁ গোড়া ধৰ্মৰ লোক আছিল । তেওঁৰ উত্তৰাধিকাৰীজনৰ নাম হল দ্বিতীয় মুজাফৰ ছাহ ।  দ্বিতীয় মুজাফৰ ছাহ মেৱাৰৰ ৰাণা সংগৰ হাতত তেওঁ পৰাজয় বৰণ কৰিছিল । তেওঁ গুজৰাটৰ সিংহাসনত থকা সময়তে ভাৰত আক্ৰমণ কৰিছিল । ১৫২৬ খ্ৰীঃৰ এপ্ৰিল মাহত দ্বিতীয় মুজাফৰ ছাহৰ মৃত্যু হৈছিল । মুজাফৰ ছাহৰ মৃত্যুৰ লগে-লগে ৰাজ্যখনত অৰাজকতা আৰু অশান্তি আদিয়ে গা  কৰি উঠিছিল । এনে অৰাজকতা আৰু অস্থিৰ ৰাজনৈতিক পৰিস্থিতিয়ে সমগ্ৰ ৰাজ্যখনকে দুৰ্বল কৰি তুলিছিল । 

২। চিতোৰ বিজয় ।
উত্তৰঃ ১৫৬৭ খ্ৰীঃত সম্ৰাট আকবৰে মালৱৰ ৰাজধানী চিতোৰ জয় কৰিবলৈ যথেষ্ট আগ্ৰহী আছিল । সেই সময়ত উদয় সিংহউ চিতোৰ শাসন কৰিছিল আৰু তেওঁ আকবৰৰ আধিপত্য মানিবলৈ অস্বীকাৰ কৰাই নহয়, তেওঁ আকবৰক এজন অশুদ্ধ বিদেশী বুলি গণ্য কৰিছিল । তেওঁ মালৱৰ পৰা পলাই অহা ৰাজবাহাদুৰ ছাহক সহায় কৰাৰ লগতে মিৰ্জাক সহায় কৰিছিল । চিতোৰৰ বিৰুদ্ধে অভিযান চলোৱা প্ৰধান কাৰণটো হল ৰাজপুতসকলৰ অবিহনে ভাৰত এখন সাম্ৰাজ্য হব নোৱাৰে ।  কিছুমান ঐতিহাসিকবিদৰ মতে ভাৰতবৰ্ষত আকবৰৰ আধিপত্য প্ৰতিষ্ঠাৰ মত অনুসৰি সকলো ৰাজপুত নেতায়ে আকবৰৰ বশ্যতা স্বীকাৰ কৰিছিল আৰু মেৱাৰে হল একমাত্ৰ ৰাজ্য যিয়ে মোগল সম্ৰাটৰ সৈতে মিত্ৰতা অস্বীকাৰ কৰিছিল । সেইকাৰণে সম্ৰাট আকবৰে ভাবিছিল যে হিন্দুস্থান বিজয় কৰাৰ ক্ষেত্ৰত মেৱাৰ বাধাৰ দেৱাল হব পাৰে । তাৰোপৰি সম্ৰাট আকবৰে উত্তৰ-ভাৰতত এজন বিশাল সাম্ৰাজ্যৰ গৰাকী হোৱাৰ আশা পুহি ৰাখিছিল । সম্ৰাট আকবৰে ১৫৬৭ খ্ৰীত চিতোৰ অভিমুখে যাবলৈ ৰাওনা হৈছিল । ৰাজপুতসকলে বুজিছিল যে তেওঁলোক মোগলৰ শক্তিৰ মুখা-মুখি হবলৈ সক্ষম নহয় সেইবাবে তেওঁলোকে ৰাণা সংগ্ৰম সিংহক পলাই যাবলৈ পৰামৰ্শ দিছিল । ৰাণা উদয় সিংহই দুৰ্গ ৰক্ষাৰ বাবে দুজন সাহসী ৰাজপুত নেতা জয়মল আৰু পট্টাক দায়িত্ব দি আৰু লগতে দুৰ্গৰ ৰক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰি তেওঁ আৰাৱলী পৰ্বতলৈ পলাই গৈছিল । আকবৰৰ সৈন্যবাহিনীয়ে চিতোৰ অৱৰোধ কৰিছিল যদিও ৰাজপুতসকলৰ সফল প্ৰতিৰোধ কৰিব পৰা ক্ষমতাই মোগল বাহিনীৰ সকলো প্ৰচেষ্টা বিফল কৰি তুলিছিল । 

৩। আকবৰৰ ৰাজপুত নীতি 
উত্তৰঃ  আকবৰৰ ৰাজপুত নীতিয়ে ভাৰতৰ বুৰঞ্জীত এটা নতুন যুগৰ সূচনা কৰিছিল । সামৰিক ৰাজপুতসকল আছিল হিন্দুসকলৰ নেতা আৰু ভাৰতত সাহসী হিচাপে ৰাজপুতসকল বিখ্যাত । ভাৰতত মুছলমান শাসন আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা ৰাজপুতসকলে ভাৰতত শাসন কৰি আছিল । তুৰ্কী আৰু আফগান লোকসকলে ভাৰতৰ এটা বৃহৎ অংশত তেওঁলোকৰ শাসন প্ৰতিষ্ঠা কৰিছিল । কিন্তু ৰাজপুতসসকলে মুছলমান শাসকসকলৰ তীব্ৰ বিৰোধিতা কৰিছিল কাৰণ ৰাজপুতসকলে ভাৰতত এখন হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল । মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰে ভাৰতবৰ্ষত তেোঁলোকৰ ৰাজ্য বিশাল কৰাৰ বাবে ৰাজপুত ৰজাসকলৰ বিৰুদধে এখন ৰক্তৰ যুদ্ধক অৱৰ্তীণ কৰিছিল ।  ৰাজপুতসকলৰ স্বাধীনতাৰ ভাৱ যেতিয়া শক্তিশালী হৈ আছিল তেতিয়া মুছলমানসকলৰ শাসনৰ তিনিশ বছৰতকৈ অধিক । মোগল সাম্ৰাজ্যৰ প্ৰথম দুজন সম্ৰাট বাবৰ আৰু হুমায়ুনে সময়ৰ অভাৱ বা পৰিস্থিতিৰ বাবে ৰাজপুতসকলৰ বিৰুদ্ধে কোনো নীতি গ্ৰহণ কৰিব পৰা হোৱা নাছিল । কিন্তু মহান দুৰদৰ্শী সম্ৰাট আকবৰে ৰাজপুতসকলৰ প্ৰতি অধিক মনোযোগ দিছিল আৰু তেওঁ উপলব্ধি কৰিছিল যে ৰাজপুতসকলৰ সক্ৰিয় সমৰ্থন আৰু সহযোগিতা অবিহনে ভাৰতবৰ্ষত এখন স্থায়ী শক্তিশালী স্বাধীন ৰাজ্য গঢ়ি তোলাতো সম্ভৱ নহয় । সম্ৰাট আকবৰে লক্ষ্য কৰিছিল যে কিবা এটা কাম কৰিবলৈ যোৱাৰ লগতে সেই কামটো কৰোতে বহুত বাৰ ভাৱিব লাগে । সেয়ে সম্ৰাট আকবৰে ৰাজপুতসকলৰ লগত বন্ধুত্বমূলক নীতি গ্ৰহণ কৰিবলৈ সাহস গোটাইছিল । তেওঁ এটা কথা বুজি পাইছিল যে ৰাজপুতসকলৰ সৈতে কৰা সহযোগিতাই  তেওঁৰ ৰাজতন্ত্ৰৰ বৈদেশীক চৰিত্ৰ পৰিৱৰ্তন কৰাত সহায় আৰু ইয়াক জাতীয় চৰিত্ৰৰ ৰূপ দিয়াত সহায় কৰিব । তাৰ ফলত তেওঁ প্ৰজাসকলৰ আন্তৰিক সমৰ্থন বা সহযোগিতা লাভ কৰিব আৰু তেওঁৰ বংশৰ শিপাডাল শক্তিশালী কৰিব । 
 

৪। বংগ বিজয়  

উত্তৰঃ  দিল্লীৰ চুলতান ফিৰোজ ছাহ টোগলকৰ সময়ৰে পৰা বংগ হুছেইন বংশৰ অধীনত স্বাধীন আছিল । আল্লাউদ্দিন হুছেইন এই বংশৰ প্ৰথমজন সম্ৰাট বা শাসক আছিল । তেওঁ বংগৰ সীমা উৰিষ্যাৰ পৰা অসমলৈ সম্প্ৰসাৰণ কৰিছিল । তেোঁ জৌনপুৰৰ হুছেইন ছাহ চাকীক  আশ্ৰয় দিয়াৰ বাবে দিল্লীৰ চুলতান চিকন্দৰ লো়ডীৰ সৈতে সংঘাটলৈ আহিছিল কিন্তু তেওঁ শান্তি চুক্তি  কৰিবলৈ বাধ্য হৈছিল আৰু বিহাৰৰ পূব-সীমাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলগা হৈছিল । তেওঁৰ পুত্ৰ নছৰত ছাহ মোগল সম্ৰাট বাবৰৰ সমসাময়িক ৰজা আছিল । তেওঁ বাবৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল । নছৰত ছাহ এজন শক্তিশালী আৰু ক্ষমতাবাদী ৰজা আছিল । তেওঁ বেংগলী সাহিত্যৰ পৃষ্ঠপোষক আছিল । তেওঁৰ সমৰ্থনতে বিখ্যাত মহাকাব্য মহাভাৰত গ্ৰন্থখন বঙালী ভাষালৈ অনুবাদ কৰা হৈছিল । প্ৰদেশখনৰ জনসাধাৰণ সম্পদশালী আছিল আৰু প্ৰকৃত অৰ্থত তেওঁলোক সুখী আছিল । চেৰমানে হুমায়ুনৰ সৈতে বিবাদত লিপ্ত হৈছিল । যেতিয়া বংগৰ শাসকে তেওঁক সকলো প্ৰকাৰে বাধা দিবলৈ চেষ্টা কৰিছিল । ১৫৩৪ চনত সুৰুজগঢ়ৰ যুদ্ধত বংগৰ শাসকজন পৰাজয় হৈছিল । এই বিজয় হল ছেৰচাহৰ জীৱনৰ কাৰণে গুৰুত্বপূৰ্ণ । সুৰজগঢ়ৰ বিজয়ে চেৰখানৰ ক্ষুধা বৃদ্ধি কৰিছিল । তেওঁ বংগৰ ওপৰত বহুতবাৰ আক্ৰমণ কৰিছিল । প্ৰতি বাৰতে বংগৰ শাসকজনে পৰাজয় বৰণ কৰিব লগীয়া হৈছিল । চেৰখানে বংগ দখল কৰাৰ পৰিকল্পনা কৰিছিল আৰু তাৰ বাবে নিজকে প্ৰস্তুতি চলাবলগীয়া হৈছিল । ১৫৩৭ খ্ৰীঃত চেৰখানে বংগ আক্ৰমণ কৰিছিল । শেষত চেৰখানৰ সৈতে সমান পক্ষ নোহোৱা বাবে বংগৰ শাসকে হুমায়ুনৰ সহায় ভিক্ষা কৰিছিল । ছেৰখানৰ কাম-কাজ আৰু অগ্ৰগতিত হুমায়ুন শংকিত হৈছিল । তেওঁততালিকে প্ৰয়োজনীয় প্ৰস্তুত কৰা সামগ্ৰীবোৰ দখল কৰি চুন্নাৰ দুৰ্গ দখল কৰিছিল । যেতিয়া হুমায়ুন চুনাৰত ব্যস্ত হৈ আছিল সেইখিনি সময়ত চেৰখানে বংগ দখল কৰিছিল আৰু পিছত তেওঁ গৌৰ অৱৰোধ কৰিছিল । তবংগত চেৰখানৰ আধিপত্য প্ৰতিষ্ঠা হৈছিল কিন্তু তেওঁৰ সাম্ৰাজ্য বা আধিপক্যয বেছদিনলৈ নাথাকিল । 

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ 
১। চুফী আন্দোলনৰ বিষয়ে লিখা ।
উত্তৰঃ  দিল্লীৰ চুলতানী আমোলত হিন্দুসকলৰ মাজত ভক্তি আন্দোলন যেনেদৰে জনপ্ৰিয় হৈছিল সেই একেদৰে মুছলমানসকলৰ মাজতো চুফী আন্দোলনৰ উত্থান হৈছিল । অতীজৰে পৰা ভাৰতবৰ্ষ এখন মহান সাধু-সন্ত আৰু মহিষীসকলৰ দেশ হিচাপে জনাজাত হৈ আহিছে । তেওঁলোকে সময়ে-সময়ে বিভিন্ন সংস্কৃতি আৰু চিন্তা-ভাৱনাক  আকোৱালি লৈছে । ভাৰতক জ্ঞানৰ দেশ বুলি কোৱা হয় আৰু ইয়াতেই অতীতৰ পৰা পূৰ্ণ উদ্যমত চুফীবাদৰ বিকাশ হৈছিল । চুফীবাদ হল ভাৱ বা মনৰ দ্বাৰা বাখ্যা কৰিব পৰা নাযায় , ইয়াক অংশগ্ৰহণ আৰু অভ্যাসৰ দ্বাৰাহে বুজিব পাৰি । চুফীৰ সাহিত্যিক অৰ্থ বিভিন্ন প্ৰকাৰে বাখ্যা কৰা হৈছিল । চুফী এজন সম্পূৰ্ণ মানুহ । চুফীৰ নিজৰ ভিতৰৰ পৰা প্ৰতিফলিত আৱশ্যকীয় ব্যক্তিত্বৰে তেওঁ এজন মানৱ আছিল । এজন চুফী সাগৰৰ দৰে উদাৰ, সূৰ্য্যৰ দৰে দয়ালু, আৰু নদীৰ দৰে নম্ৰ । সকলো ধৰ্মৰ সমান মৰ্যাদাৰে তেওঁলোকে সামাজিক একতাৰে বাস কৰিব বিচাৰে । চুফীসকল আছিল মহান ব্যক্তি, আৰু চুফী সাধক আছিল । তেওঁলোকে চুফীবাদৰ বিষয়ে সাধনা কৰে বা পঢ়ে । তেওঁলোক ইশ্বৰৰ প্ৰিয়পাত্ৰ আছিল । চুফী সাধকসকল বৰ্তমানৰ ওপৰত নিৰ্ভৰ কৰে । তেওঁলোকে অতীত আৰু ভৱিষ্যতৰ কথা ভাৱি নাথাকে । চুফীসকলে তিনিটা বস্তুক মানৱ চৰিত্ৰৰ শক্তিৰ পৰীক্ষা বুলি ভাৱে । সেই তিনিটা বস্তু হল দ্ৰৰিদ্ৰক দান কৰা, সত্যৰ আশ্ৰয় লোৱা, আৰু নীৰৱে বা মনে-মনে আকাংখা  সম্বৰন কৰা । চুফীসকল নৈতিকতাৰ দিশৰ পৰা শক্তিশালী । সময়ৰ আবশ্যক অনুসৰি তেওঁলোকে আচাৰ-আচৰণ কৰে । কোনো নীতি-নিয়মৰ বান্ধোনত আবদ্ধ নহয় ।আধ্যাত্মিক শক্তিত যেতিয়ালৈকে বাধা আহি নপৰে তেতিয়ালৈকে তেওঁলোকে ধৰ্মক গুৰুত্বপূৰ্ণ বুলি ভাৱে । তেওঁলোকৰ বাবে ডাঙৰ ধৰ্মটো হল মানৱ জাতিৰ প্ৰতি থকা প্ৰেম । কাৰো অনুভূতিত আঘাট নকৰা । চুফীসকলে বিবেচনা কৰে যে নিজৰ অভিজ্ঞতাৰ মাজেৰে সত্য জ্ঞান লাভ কৰিব পাৰি । আত্ম অভিজ্ঞতাৰ অবিহনে সত্য উপলব্ধি কৰাৰ কোনো ৰাস্তা নাই । চুফীবাদৰ প্ৰধান নিয়মসমূহ চুফী ভাষাৰ বিখ্যাত চুফী পণ্ডিত আবদুল মালিক অল ঘজদাৱানীয়ে প্ৰকাশ কৰিছে । চুফী শাখাৰ ভিতৰত প্ৰথম নিৰৱ ধিকৰ অভ্যাস কৰিছিল চেখ ঘুজ দাৱানীয়ে । চুফী সেইজন লোক যাৰ ওপৰত দৃষ্টি পৰে যদিও নিজকে লুকাই ৰাখে । চুফীবাদৰ একমাত্ৰ সাৰ হল সম্পূৰ্ণ অস্তিত্বহীন যাক সৰ্বশক্তিমানৰ স্থিতিৰ বিপৰীতে স্থিতিৰ প্ৰয়োজন নহয় । চুফীসকলে কোনো স্বীকৃতি বা বিশেষ মৰ্যাদা নিবিচাৰে । চুফীসকলৰ দুটা ধাৰণা হল ফণা আৰু বকা । আধ্যাত্মিক বিকাশৰ গুৰুত্বপূৰ্ণ মাইলৰ খুটি বুলি এই দুটা ধাৰণাক কোৱা হয় । ফণা বা ধ্বংস হল এক প্ৰকাৰৰ ব্যৱস্থা । যিটো জীৱন ধাৰণৰ অৱস্থাক আগবঢ়াই দিয়ে । চুফীসকলৰ মুখ্য লক্ষ্য হল ইশ্বৰক স্মৰণ কৰা ।

২। চুফী সাহিত্যৰ বিষয়ে লিখা ।
উত্তৰঃ  চুফী সাহিত্য মধ্যযুগীয় বাংলা সাহিত্যৰ এটা স্পষ্ট শাখা যিটো শাখাৰ প্ৰতি চুফী বাদ আকৃষ্ট হৈছিল । চুফী সাধু সকল ১১ শতিকাৰ মাজ ভাগত আৰৱ আৰু ইৰাণৰ পৰা বাংলাদেশলৈ আহিবলৈ আৰম্ভ কৰিছিল । ১২৯৩ খ্ৰীঃত বখতিয়াৰ খিলিজিয়ে বংগ বিজয় কৰাৰ পিছত বহুতো ইছলামিক পণ্ডিত আৰু সাধুসকল বংগ দেশলৈ আহিছিল । তেওঁলোকে ইছাম ধৰ্ম প্ৰচাৰৰ বাবে আহিছিল । তেওঁলোকে ডাকা, বোগ্ৰা, পাৱনা, চিটাংগ, চিলেট আদি ঠাইত বাস কৰিছিল । ইছলাম ধৰ্মৰ সমতাৰ বাণী, উদাৰতাবাদ, আৰু চুফীসকলৰ সেৱাই সমাজৰ নিম্ন, শোষিত আৰু অৱহেলিত শ্ৰেণীটোক ইছলাম ধৰ্মলৈ আকৰ্ষিত কৰিছিল । এনেদৰে প্ৰব্ৰজন হৈ অহা শাসক, পণ্ডিত, শিক্ষক আৰু চুফী আৰু স্থানীয়ভাৱে ধৰ্মান্তৰিত হোৱা সকলক লৈ এখন নতুন মুছলমান সমাজ গঠন হৈছিল । চুফীসকলে বাংলা ভাষাত যিবিলাক সাহিত্য ৰচনা কৰিছিল সেই সাহিত্যবোৰকে চুফী সাহিত্য বুলি কোৱা হৈছিল । চুফী সাহিত্যৰ এটা বৃহৎ সংখ্যক সাহিত্য প্ৰথম সৃষ্টি কৰা হৈছিল । ইৰাণী কবি আবদুৰ ৰহমান জামি, নিজামি গজনাভি, ওমৰ খৈয়াম , হাফিজ আৰু আমিৰ খুশ্ৰুৱে বিভিন্ন শ্ৰেণীৰ কবিতা লিখিছিল । বাংলা ভাষাত চুফী সাহিত্যৰ বিকাশ হৈছিল । ভাৰতত মুছলমানৰ সাম্ৰাজ্য স্থাপন হোৱাৰ পিছতেই সংস্কৃত গ্ৰন্ঙ অমৃতকুন্দ আৰৱী আৰু পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল । ধ্যানৰ ব্যৱস্থা থকাৰ বাবে এই গ্ৰন্থখন চুফীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল ।   হিন্দু আৰু বৌদ্ধ ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা  লোকে এই গ্ৰন্থখনক আদৰণি জনাইছিল । পাৰ্চী আৰু হিন্দি গ্ৰন্থবোৰ বংগলৰ কবিসকলে বাংলা চুফী গ্ৰন্থলৈ অনুবাদ কৰিছিল । মধ্যযুগত দুই প্ৰকাৰৰ চুফী কবিতা বাংলাত লিখা হৈছিল । শাস্ত্ৰ, কাব্য, বা ইশ্বৰৰ বিষয়ে লিখা কবিতা আৰু পদ্যাৱলী চুটি আধ্যাত্মিক কবিতা । প্ৰথম শ্ৰেণীৰ মূল্যবান গ্ৰন্থখন আছিল চেখ জাহিদৰ আদ্য পৰিচয়, চৈয়দ চুলতানৰ জ্ঞান-প্ৰদীপ। এই গ্ৰন্থসমূহে প্ৰধানকৈ চুফী ভক্তিবাদৰ ৰীতি-নীতি, আৰু পৰামৰ্শৰ ওপৰত আলোচনা কৰে । চৈয়দ চুলতানৰ জ্ঞান আৰু জ্ঞান-চৌতিমত একেধৰণৰ চিন্তা-ধাৰা প্ৰকাশ কৰিছে । ভাৰতীয় চুফী সন্ত ছাহ-বু-আলি কলন্দৰে যোগ কলন্দৰৰ নতুন নীতিৰ প্ৰচলন আছিল । ই আছিল ইৰাণী আৰু আধ্যত্মিক ৰীতি-নীতিৰ সংমিশ্ৰণ ঘটিছিল । ইয়াৰ প্ৰভাৱ বংগলত পৰিছিল । চেখ চান্দৰ হৰগৌৰী সংবাদ প্ৰশ্ন  উত্তৰ ৰূপত ৰচনা কৰা হৈছিল । ইয়াত যিবোৰ সংলাপ আছিল  সেইবোৰ হল শিৱ আৰু দুৰ্গা ।

Type- Ali rani Kakati 







Post ID: DABP005989