১৯১৯ চনৰ পিছৰ গান্ধীয়ান জাতীয়তাবাদ ঃ ধাৰণা আৰু আন্দোলন

তৃতীয় অধ্যায়ঃ 

অতি চমু প্ৰশ্ন 

১। কোনটো যুগক গান্ধীৰ যুগ বুলি কোৱা হয় ।

ফত্তৰঃ  ১৯১৯ চনৰ পৰা ১০৪৭ চনলৈ এই সময়ছোৱাক গান্ধীৰ যুগ বুলি কোৱা হয় ।


২। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল ।

উত্তৰঃ ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ জন্ম হৈছিল ।


৩। মহাত্মা গান্ধীৰ পিতৃৰ নাম কি আছিল ।

উত্তৰঃ  মহাত্মা গান্ধীৰ পিতৃৰ নাম হল কৰমচাদ গান্ধী ।


৪। মহাত্মা গান্ধীৰ মাতৃৰ নাম কি আছিল ।

উত্তৰঃ মহাত্মা গান্ধীৰ মাতৃৰ নাম হল পুতুলীবাঈ ।


৫। মহাত্মা গান্ধীৰ আন্দোলনৰ মূলমন্ত্ৰ কি ।

উত্তৰঃ  মহাত্মা গান্ধৰ আন্দোলনৰ মূলমন্ত্ৰ হল সত্যাগ্ৰহ আৰু অহিংসা ।


৬। মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা এখন সাপ্তাহিক আলোচনীৰ নাম লিখা ।

উত্তৰঃ  মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা এখন সাপ্তাহিক আলোচনীৰ নাম হল Young India, 


৭। কোনে কেতিয়া সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ ১৯১৬ চনত মহাত্মা গান্ধীয়ে আহমেদাবাদত সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল । 


৮। সত্যাগ্ৰহ আন্দোলনৰ প্ৰথম আৰম্ভণি কেতিয়া আৰু কত হৈছিল ।

উত্তৰঃ ১৯১৭ চনত সত্যাগ্ৰহ আন্দোলনৰ প্ৰথম আৰম্ভণি হৈছিল বিহাৰৰ চম্পাৰণ জিলাত .।


৯। আহমেদাবাদৰ মিল ধৰ্মঘট কেতিয়া হৈছিল ।

উত্তৰঃ ১৯১৮ চনত আহমেদাবাদৰ মিল ধৰ্মঘট হৈছিল ।


১০। খেইৰা জিলাৰ কৃষক আন্দোলন কেতিয়া হৈছিল ।

উত্তৰঃ ১৯১৮ চনত খেইৰা জিলাৰ কৃষক আন্দোলন হৈছিল । 


১১।  প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল ।

উত্তৰঃ ১৯১৪ চনৰ জুন মাহত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল ।


১২। বৃটিছ কেতিয়া ভাৰত ৰক্ষা আইন ঘোষণা কৰিছিল ।

উত্তৰঃ  ১৯১৪ চনত বৃটিছে ভাৰত ৰক্ষা আইন ঘোষণা কৰিছিল । 


১৩। হোম ৰুল লীগ কেতিয়া গঠন কৰা হৈছিল ।

উত্তৰঃ ১৯১৬ চনৰ ২৮ এপ্ৰিল তাৰিখে হোম ৰুল লীগ গঠন কৰা হৈছিল ।


১৪। হোম ৰুল লীগৰ নেতৃত্ব দিয়া দুজন ব্যক্তিৰ নাম লিখা ।

উত্তৰঃ  হোম ৰুল লীগৰ নেতৃত্ব দিয়া দুজন ব্যক্তিৰ নাম হল বাল গংগাধৰ তিলক আৰু এনি বেচান্ত ।


১৫। বাল গংগাধৰ তিলকে নেতৃত্ব দিয়া হোম ৰুল লীগৰ কেন্দ্ৰ কত আছিল ।

উত্তৰঃ  বাল গংগাধৰ তিলকে নেতৃত্ব দিয়া হোম ৰুল লীগৰ কেন্দ্ৰ পুনাত আছিল । 


চমু প্ৰশ্ন 

১। ভাৰত ৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল ।

উত্তৰঃ ১৯১২ চনত ভাৰত ৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল ।


২। ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল ।

উত্তৰঃ ১৯১৯ চনৰ ১৮ মাৰ্চত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল ।


৩। এনি বেচান্তে প্ৰকাশ কৰা দুখন বাতৰি কাকতৰ নাম কি ।

উত্তৰঃ  এনি বেচান্তে প্ৰকাশ কৰা দুখন বাতৰি কাকতৰ নাম হল 

কঃ নিউ ইণ্ডিয়া ।

খ) কমনৱেল ।


৪। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল ।

উত্তৰঃ ১৯১৯ চনৰ ১০ এপ্ৰিল তাৰিখে জালিয়ানবালাবাগৰ হত্যাকাণ্ড হৈছিল ।


৫। অসহযোগ আন্দোলন  কেতিয়া হৈছিল ।

উত্তৰঃ  ১৯২০ চনত অসহযোগ আন্দোলন হৈছিল । 


৬। অসহযোগ আন্দোলনৰ দুটা কাৰণ কি কি ।

উত্তৰঃ  অসহযোগ আন্দোলনৰ দুটা কাৰণ হল 

ক) ৰাওলাট আই ।

খ) জালিয়ানবালাবাগৰ হত্যাকাণ্ড ।


৭। চেৰ্ডাচ চুক্তি কেতিয়া গঠন কৰা হৈছিল ।

উত্তৰঃ চেৰ্ডাচ চুক্তি ১৯২০ চনত গঠন কৰা হৈছিল ।


৮। অসহযোগ আন্দোলনৰ দুটা কাৰ্যসূচীৰ নাম লিখা ।

উত্তৰঃ অসহযোগ আন্দোলনৰ দুটা কাৰ্যসূচীৰ নাম হল 

ক) সকলোধৰণৰ বৃটিছ চৰকাৰপদত্ত উপাধি আৰু পদ ত্যাগ কৰা ।

খ) চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰা ।


৯। ছাইমন কমিছন কেতিয়া গঠন কৰা হৈছিল ।

উত্তৰঃ ১৯২৭ চনত ছাইমন কমিছন গঠন কৰা হৈছিল ।


১০। পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া উত্থাপন কৰা হৈছিল ।

উত্তৰঃ ১৯২৯ চনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ।


১১। আইন অমান্য আন্দোলন কেতিয়া হৈছিল ।

উত্তৰঃ ১৮৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে আইন অমান্য আন্দোলন হৈছিল ।


১২। সীমান্ত গান্ধী বুলি কাক কোৱা হয় ।

উত্তৰঃ  সীমান্ত গান্ধী বুলি খান আব্দুল গফৰ খানক কোৱা হয় ।


চমুটোকা লিখা ।

ক) গান্ধী- আৰউইন চুক্তিৰ চৰ্তসমূহ ৰ বিষয়ে লিখা ।

উত্তৰঃ  গান্ধী-আৰআইন চুক্তিৰ চৰ্তসমূহ হল 

ক) ভাৰতৰ ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰতযুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক ভিত্তি হিচাপে লোৱা হব ।

খ) কংগ্ৰেছৰ দ্বিতীয় ঘুৰণীয়া মেজমেললৈ নিমন্ত্ৰণ দিয়া হব।

গ) চলি থকা আইন অমান্য আন্দোলন স্থগিত ৰখা হব ।

ঘ) কংগ্ৰেছৰ ফালৰ পৰা বৃটিছ পণ্যৰ বৰ্জন কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হব ।

ঙ) আইনসংগতভাৱে বিদেশী সামগ্ৰী আৰু মদৰ দোকান-পোহাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্য চলি থাকিব । 

চ) আইন অমান্য আন্দোলনৰ বিৰুদ্ধে থকা সকলো চৰকাৰী নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হব ।

ছ) বে-আইনী ঘোষণা কৰা সংগঠনসমূহৰ বিৰুদ্ধে থকা সুচনাসমূহ প্ৰত্যাহাৰ কৰা হব ।

জঃ  হিংসা আদি সন্ত্ৰাসসমূলক কাৰ্যৰ লগত জড়িত হোৱা লোকসকলক প্ৰথমে কাৰাবন্দী কৰি ৰাখিছিল আৰু শেষত তেওঁলোকক মুকলি কৰি দিয়া হৈছিল ।

ঝ) শান্তিমূলক ব্যৱস্থা হিচাপে আদায় কৰা জৰিমনাৰ ধন ওভতাই দিয়া হব ।


খ) ক্ৰিপছ সজাতী দল 

উত্তৰঃ ১৯৩৯ চনৰ ছেপ্তেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিল । ইংলেণ্ডে জাৰ্মানীৰ বিপক্ষে এই যুদ্ধত যোগদান কৰিছিল । ভাৰতকো বিশ্বযুদ্ধত ইংলেণ্ডৰ পক্ষত যোগকৰিবৰ বাবে হেচা দি আছিল । যুদ্ধৰ সময়ত ভাৰতক স্বাধীনতা দিলে কংগ্ৰেছে ইংৰাজক সহায় কৰিবলৈ সন্মতি হৈছিল । কিন্তু বৃটিছৰ চৰকাৰে এই প্ৰস্তাৱ মানি লবলৈ মান্তি হোৱা নাছিল । সেইকাৰণে ১৯৩৯ চনৰ অক্টোবৰ মাহত কংগ্ৰেছ নেতৃত্বহীন চৰকাৰবোৰে ইস্তফা দিয়ে । ১৯৪০ চনৰ অক্টোবৰমাহতমহাত্মা গান্ধীয়ে একজনীয়া সত্যাগ্ৰহৰ কাৰ্যসূচী ঘোষণা কৰিছিল।একজনীয়া সত্যাগ্ৰহৰপ্ৰথম সত্যাগ্ৰহী আছিল আচাৰ্য বিনোৱাভাৱে । জৱাহৰ লাল নেহৰু আৰু সৰোজিনী নাইডুৱেও সত্যাগ্ৰহত অংশগ্ৰহণ কৰি জেললৈ গৈছিল । এনে সময়তে জাপানে জাৰ্মানীৰ পক্ষ লৈ দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰে । এনে জটিল সময়ত বৃটিছৰ চৰকাৰে ভাৰতবাসীক সন্তুুষ্ট কৰাৰ লক্ষ্যৰে ১৯৪২ চনৰ ২২ মাৰ্চ তাৰিখে ছাৰ ষ্টাফোৰ্ড ক্ৰিপছৰ নেতৃত্বত এটা সজাতী দল ভাৰতলৈ প্ৰেৰণ কৰে ।

ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতৃবৰ্গৰ লগত আলোচনা কৰা পিছত ক্ৰিপছ সজাতী দলে পৰামৰ্শ আগবঢ়ায় । এইবোৰ আছিল 

ক) যুদ্ধৰ পিছত ভাৰতৰ বাবে ডমিনিয়নৰ ব্যৱস্থা কৰা ।

খ) ভাৰতীয় প্ৰতিনিধিয়ে এখন সংবিধান ৰচনা কৰি পৰিষদ গঠন কৰা হব।

গ) দেশীয় ৰাজ্যৰ সদস্যসকল তেওঁলোকৰ শাসকসকলে মনোনীত কৰিছিল ।

ঘ) ভাৰতৰ যিকোনো ৰাজ্যই সংবিধানৰ প্ৰয়োজনৰ বাহিৰত থাকিব পাৰিব ।

ঙ) ভাইচৰয়ৰ ক্ষমতা আগৰ দৰে থাকিব । প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়ৰ দায়িত্ব তেওঁৰ হাততে থাকিব । 

চ) বৃটিছ ভাৰত প্ৰদেশবোৰক ফেডাৰেচনত যোগ দিয়া নিদিয়া বিষয়টো মুকলিকৈ ৰখা হব ।

ক্ৰিপছ মিছনৰ প্ৰস্তাৱসমূহ ভাৰতীয় ৰাজনৈতিক দলসমূহে প্ৰত্যাখ্যান কৰিছিল তাৰ কাৰণসমূহ হল 

ক) ভাৰতৰ পূৰ্ণ স্বাধীনতাৰ কথা উল্লেখ নথকাত জাতীয় কংগ্ৰেছে ইয়াক মানি লোৱা নাছিল 

খ) ভাৰতবৰ্ষৰ বিভাজন আৰু দুখন সংবিধান সভাৰ স্পষ্টব্যৱস্থা নথকাত মুছলীম লীগে ইয়াক গুৰুত্ব দিয়া নাছিল ।

গ)মহাত্মা গান্ধীয়ে দেৱলীয়া বেংকৰ অচল চেক বুলি মন্তব্য কৰিছিল ।


গ)  দাণ্ডিযাত্ৰা 

উত্তৰঃ মহাত্মা গান্ধীয়ে লোণ আইন ভংগ কৰাৰ বাবে দাণ্ডিযাত্ৰাৰ কাৰ্যসূচীটো গ্ৰহণ কৰিছিল । লোণ আইনে চৰকাৰক লোণ তৈয়াৰ কৰা আৰু বিক্ৰী কৰাৰ অধিকাৰ দিছিল । ভাৰতীয়লোকক লোণ তৈয়াৰৰ অনুমতি দিয়া নাছিল । বৃটিছ চৰকাৰে নিমখৰ দাম বৃদ্ধি কৰিছিল । তাৰোপৰি উপকুল অঞ্চলৰ ৰাইজে নিমখ সংগ্ৰহ কৰা জানিব পাৰিলে চৰকাৰী কৰ্মচাৰীসকলে সেইবোৰ নষ্ট কৰি দিছিল । 

সেইকাৰমে মহাত্মা গান্ধীয়ে ১৯৩০ চনৰ ১২ মাৰ্চ তাৰিখে সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিলৈ দাণ্ডিযাত্ৰা আৰম্ভ কৰিছিল। এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য হল লোণ আইন ভংগ কৰা । মহাত্মা গান্ধীয়ে ৭৮ জন অনুগামীক লগত লৈ ২০০ মাইল পদযাত্ৰা কৰি ২৪ দিনৰ পিছত দাণ্ডিত উপস্থিত হৈছিল । এপ্ৰিল মাহৰ ৬ তাৰিখে মহাত্মা গান্ধীয়ে নিজৰ হাতেৰে নিমখ প্ৰস্তুত কৰি লোণ আইন ভংগ কৰিছিল ।

ইংৰাজৰ চৰকাৰে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু আদিৰ লগত লগ-লাগি কংগ্ৰেছৰ পৰা নেতাসকলক বাছি ওলিয়াই গ্ৰেপ্তাৰ কৰি কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছিল । ইয়াৰ লগে-লগে সমগ্ৰ ভাৰতবৰ্ষত হৰতাল, বিদ্ৰোহ , বিদেশী সামগ্ৰী বৰ্জন, কৰ-কাটল নিদিয়া, ভাৰতীয়ৰ বিবেকৰ বিৰোধী কোনো কাৰ্য গ্ৰহণ নকৰা, আদিয়ে হৈছে এই  আন্দোলনৰ প্ৰধান কাৰ্যসূচী । আইন অমান্য আন্দোলনৰ এটা অন্যতম বিশেষত্ব  হল মহিলাসকলৰ অংশগ্ৰহণ । মহিলাসকলে যতৰত সুতা কটা, স্বদেশীসকলৰ বাণী প্ৰচাৰ, মদৰ দোকান-কানিৰ মহল আদিৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিল । দিল্লীত মহিলা সংগ্ৰামীসকলে আইন অমান্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল । বহুতো মহিলাই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাৰাবাস খাটিব লগীয়া হৈছিল ।তাৰ ভিতৰত  আছিল মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধী, কমলা নেহৰু, স্বৰূপৰাণী নেহৰু সৰোজিনী নাইডু, নগাসকলৰ ৰাণী গাইডালুক গ্ৰেপ্তাৰ কৰিছিল আৰু যাৱজ্জীৱন কাৰাবাস খাটিবলগীয়া হৈছিল । জৱাহৰ লাল নেহৰুৱে ৰাণী গাইডালুৰ বিষয়ে লিখিছিল --- এটা দিন আহিব সেইটো দিনত সকলোৱে ৰাণী গাইডালুক মনত পেলাব লাগিব ।  এইগৰাকী স্বাধীনতা সংগ্ৰামীক ভাৰতৰ চৰকাৰেহে মুকলি কৰি দিছিল ।

১৯৩০ চনৰ আইন অমান্য আন্দোলনত উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ পাঠানসকলেও অংশগ্ৰহণ কৰিছিল । সীমান্ত গান্ধী নামেৰে জনাজাত খান আব্দুল গফৰ খানৰ নেতৃত্বত পাঠানসকলে খোদাই-খিদ-সৎ-গাৰ নামৰ এটা সংস্থা স্থাপন কৰিব বিচাৰিছিল । এই সংগ্ৰামী সেৱকসকলৰ Red Shirt নামেৰে জনা যায় । আইন অমান্য আন্দোলনে ভাৰতীয় সমস্যাৰ প্ৰতি সমগ্ৰ বিশ্ববাসীৰ সৃষ্টি আকৰ্ষণ  কৰিবলৈ সক্ষম হৈছিল । কাৰণ দাণ্ডিযাত্ৰাৰ বাতৰি ইউৰোপ আৰু আমেৰিকাৰ বাতৰি কাকতবোৰে গুৰুত্বসহকাৰে ছপা কৰিছিল । 


ৰচনাধৰ্মী প্ৰশ্নোত্তৰ 

ক) ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে লিখা ।

উত্তৰঃ  ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলন সংঘটিত হৈছিল । ভাৰত ত্যাগ আন্দোলন হল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ঘটনা । ভাৰত ত্যাগ আন্দোলন আগষ্ট মাহত হৈছিল .সেইকাৰণে ইয়াক আগষ্ট মাহৰ বিপ্লৱ বুলি কোৱা হয় । ক্ৰিপছ মিছনৰ বিফলতাৰ কাৰণে সমগ্ৰ ভাৰতৰ জনসাধাৰণ ক্ষোভিত কৰি তুলিছিল । এই আন্দোলনৰ প্ৰধান উদ্দেশ্য হল বৃটিছক ভাৰতৰ পৰা খেদা । ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তুতিৰ কাৰণে মহাত্মা গান্ধীয়ে ভাৰতৰ জনসাধাৰণক সচেতন কৰিবৰ কাৰণে হৰিজন নামৰ এখন বাতৰি কাকতত তেওঁৰ চিন্তা-ভাৱনাসমূহ ব্যক্ত কৰিছিল । ১৯৪২ চনত এপ্ৰিল মাহত হৰিজন বাতৰি কাকতৰ যোগেদি মহাত্মা গান্ধীয়ে ইংৰাজসকলক ভাৰত ত্যাগ কৰিবলৈ আহ্বান জনাইছিল । মহাত্মা গান্ধীয়ে যুক্তি দিছিল যে ইংৰাজৰ শত্ৰু হোৱাৰ কাৰণেহে জাপানে ভাৰতক আক্ৰমণ কৰিছিল । সেইকাৰণে ইংৰাজে ভাৰত ত্যাগ কৰিলে জাপানৰ ভাৰত আক্ৰমণ কৰাৰ কোনো কাৰণ নাথাকিব, সেইকাৰণে ১৯৪২ চনৰ ১৪ জুলাইত ৱাৰ্ধাত কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক বৈঠকত বৃটিছসকলৰ ভাৰত ত্যাগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল । ইয়াৰ পিছত আগষ্ট মাহৰ ৮ তাৰিখে আবুল কালাম আজাদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বোম্বেৰ অধিৱেশনত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত কৰা হয় । সেই প্ৰস্তাৱ অনুসৰি চৰকাৰী চাকৰিয়ালসমূহে মুকলিকৈ কংগ্ৰেছৰ প্ৰতি  আনুগত্য প্ৰদৰ্শন কৰিব, বৃটিছৰ ভাৰতীয় বাহিনীৰ হিন্দুস্থানী সৈনিকসকলে স্বাধীনতা কৰ্মীসকলৰ ওপৰত গুলী চলাবলৈ অমান্তি হব । ছাত্ৰ সমাজে প্ৰয়োজন হলে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব । গান্ধাজীয়ে সমগ্ৰ দেশবাসীক উদ্দেশ্য কৰি আন্দোলনৰ মূলমন্ত্ৰ ঘোষণা কৰিছিল কৰিম নহয় মৰিম ।

ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰাৰ লগতে ইয়াক দমন কৰিবলৈ চৰকাৰে মহাত্মা গান্ধী, জৱাহৰ লাল নেহৰু, আবুল কালাম আজাদ, চৰ্দাৰ বল্লভভাই পেটেল, অৰুণা আচফ আলী, শংকৰ ৰাও দেও, আচাৰ্য কৃপালনী, সৰোজিনী নাইডু আদি কংগ্ৰেছৰ নেতাক আটক কৰে । বৃটিছ চৰকাৰে কংগ্ৰেছৰ সভা-সমিতিবোৰক বেআইনী বুলি ঘোষণা কৰিছিল । কিন্তু চৰকাৰৰ ধাৰণাটো ভূল বুলি প্ৰমাণিত হৈ গল । বৃটিছৰ চৰকাৰে ভাৱিছিল যে বিপ্লৱী নেতাসকলক আটক কৰাৰ পিছত জনসাধাৰণ দুৰ্বল আৰু অকলশৰীয়া হৈ পৰিব । কিন্তু তেওঁলোকে ভৱাৰ দৰে একো নহল বৰঞ্চ বিপ্লৱ আগতকৈ অলপ বেছিহে হৈছিল । দেশখনৰ সকলো ঠাইতে শোভাযাত্ৰা, হৰতাল আৰু নেতাসকলৰ মুক্তিৰ দাবীত দিয়া ধ্বনিৰ শব্দই আকাশ-বতাহ সকলোতে বিয়পি পৰিছিল । আনকি ছাত্ৰ-ছাত্ৰীসকলেও স্কুল-কলেজ বাদ দি আন্দোলনত জপিয়াই পৰিছিল । দেশখনৰ সকলো ঠাইতে শোভাযাত্ৰা, ধৰ্ণা, আৰু স্বাধীনতা সংগ্ৰামী নেতাসকলৰ মুক্তিৰ বাবে সকলো জনসাধাৰণ একলগ হৈছিল । বৃটিছ চৰকাৰে সকলো প্ৰায় সকলো লোককে গেপ্তাৰ কৰিছিল । চৰকাৰে সমগ্ৰ দেশজুৰি ৰেল ভৰোৱা কাৰ্যসূচীৰ ফলত আন্দোলন পৰিচালনা কৰিবলৈ নেতাসকলৰ অভাৱ হৈছিল । সেইখিনি সময়ত জয়প্কাশ নাৰায়ণ, ৰাস মনোহৰ লোহিয়া, অৰুণা আচফ আলী, আদি নেতাসকলে আত্মগোপন বা নিজকে লুকাই আন্দোলন আগবঢ়াই লৈ গৈছিল । বৃটিছৰ চৰকাৰেও গুলীচালনা, জেল, জৰিমণা, সম্পত্তি বাজেয়াপ্ত আদি কঠোৰ নীতিৰে আন্দোলন দমন কৰিব বিচাৰি আছিল । ইয়াৰ কাৰণে আন্দোলনে এটা হিংসাৰ ৰূপ লৈছিল । ৰেল ষ্টেচন,ডাকঘৰ, অফিচ-কাছাৰী আদিৰ ওপৰতো  আক্ৰমণ চলাইছিল । তাৰোপৰি টেলিগ্ৰাফ, ৰেল লাইন বিচ্ছিন্ন কৰা, দৰং জিলাত অগ্নিসংযোগ কৰা, ৰেল লাইন উঠোৱা, চৰকাৰী কাৰ্যালয়ত অগ্নিসংযোগ কৰা, আদি কামত আন্দোলনকাৰীসকলে ভাগ লৈছিল । পুলিচ আৰু সামৰিক বাহিনীৰগুলীত ১০,০০০তকৈ অধিক লোকৰ মৃত্যু হৈছিল । এসমৰ গোলাঘাটৰ কুশল কোঁৱৰক ৰেল বগৰোৱাৰ অভিযোগত যোৰহাট কাৰাগাৰত ফাঁচি দিয়া হৈছিল । স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰেই হল ভাৰত ত্যাগ আন্দোলনত ফাঁচি কাঠত ওলমা প্ৰথমগৰাকী ভাৰতীয় । ১৯৪২ চনৰ ভাৰত ত্যাগ আছিল প্ৰকৃততে এটা গণ আন্দোলন । এই গণ আন্দোলনত ছাত্ৰ, কৃষক, শ্ৰমিক, যুৱক-যুৱতীৰ ভূমিকা আছিল সৰ্বজনবিদিত । ছাত্ৰ-ছাত্ৰীসকলে স্কুল-কলেজ এৰি আন্দোলনত যোগদান কৰিছিল । আনকি ছাত্ৰ-ছাত্ৰীসকলে জেললৈ যাবলৈ অলপো ভয় খোৱা নাছিল । এই আন্দোলনৰ এটা উল্লেখযোগ্য দিশ আছিল কৃষক শ্ৰমিক যোগদান । অসম,বিহাৰ, বোম্বাই, বংগদেশ, পঞ্জাৱ, কেৰেলা আদি অঞ্চলৰ কৃষক আৰু শ্ৰমিকসকলে বিভিন্ন কাৰণত স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল । বৃটিছ চৰকাৰৰ দ্বাৰা খাজনা, বদ্ধি কৰা আৰু নতুনকৈ কৰ আৰোপৰ ফলস্বৰূপে কৃষকসকলক অসন্তুষ্ট কৰি পেলাইছিল । সেই একেদৰে ভাৰতৰ শ্ৰমিকসকলো চৰকাৰী বা বেচৰকাৰী কল--কাৰখানাৰ মালিকসকলৰ শোষণ আৰু অত্যাচাৰৰ বলি হবলগীয়া হৈছিল । তাৰোপৰি ইউৰোপীয়ান মালিকসকলে শ্ৰমিকসকলক কম মজুৰিত অধিক সময় কামত লগাব বিচাৰিছিল । ইয়াৰোপৰি ইউৰোপীয়ান মালিকসকলে শ্ৰমিকসকলক থকা বা খোৱাৰ কোনো সুবিধা দিয়া নাছিল । সেইদৰে বহুবছৰৰ পিছত কৃষক শ্ৰমিকসকলে বৃটিছ চৰকাৰৰ শোষণ-অত্যাচাৰ আক্ৰমণৰ সন্মুখীন হবলগীয়া হৈছিল । সেইকাৰণে শ্ৰমিকসকলে ইয়াৰ পৰিত্ৰাণ বিচাৰি তেওঁলোকে বিয়াল্লিছৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু ইয়াক পিছত গণবিপ্লৱত পৰিণত কৰিছিল । ১৯৪২ চনৰ আন্দোলনটো বৃটিছ চৰকাৰে অতি কঠোৰ হাতেৰে দমন কৰিছিল । যদি কিবা কাৰণত এই আন্দোলন বিফল হৈছিল তথাপিও এই আন্দোলনৰ গুৰুত্ব আছিল অপৰিসীম । ভাৰত ত্যাগ আন্দোলনৰ সময়ত দেশখনৰ জনসাধাৰণে নানান কষ্ট আৰু দুখ মুৰত জাপি লব লগা হৈছিল । 


খ) জাতীয়তাবাদ আৰু সংস্কৃতিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  জাতীয়তাবাদ হল এটা নতুন সমস্যা । উনবিংশ শতিকাৰ প্ৰথম ভাগত ভাৰতত জাতীয়তাবাদ ধাৰণাৰ সূচনা কৰা হয় । আধুনিক ভাৰতৰ পিতৃ ৰাজা ৰামমোহন ৰায়ৰ দৰে মহান সংস্কাৰকসকলে ভাৰতৰ মানুহক স্বাধীনতা, ভাতৃত্ব, মানৱতা , যুক্তিবাদ আদি প্ৰগতিশীল চিন্তাশক্তিৰ প্ৰতি অধিক সচেতন কৰি তোলে । আধুনিক পাশ্চাত্য শিক্ষাৰে  শিক্ষিত এচাম ভাৰতীয় লোকে পৰম্পৰাগত ভাৰতীয় সমাজক আধুনিক কৰি তোলাৰ ওপৰত অধিক গুৰুত্ব দিছিল । ইংৰাজী ভাষাৰ মাধ্যমৰ দ্বাৰা ইউৰোপীয় দৰ্শন, বিজ্ঞান, সাহিত্য, ৰাজনীতি, অৰ্থনীতি, সমাজ আদিৰ বিষয়ে সম্যক বা অলপ হলেও জ্ঞান থকাটো প্ৰয়োজন । এনেবোৰ পৰিস্থিতিত ভাৰতীয় জাতীয়তাবাদৰ জন্ম হোৱা বুলিব পাৰি । আকৌ আন এচাম পণ্ডিতৰ মতে ইংৰাজসকলে প্ৰথমবাৰৰ বাবে গোটেই দেশখনক নিজৰ নিয়ন্ত্ৰণলৈ নিছিল । তেওঁলোকে সমাজৰ বিভিন্ন গোটৰ মাজত চলা সামাজিক আৰু ৰাজনৈতিক বৈষম্যৰ থকা সত্ত্বেও দেশখনক এক কৰিবলৈ সক্ষম হৈছিল । এনে একতাই ভাৰতীয় জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ বিকাশ ঘটাইছিল । প্ৰাচীন ভাৰতবৰ্ষৰ সভ্যতা আৰু সংস্কৃতিৰ পুনৰ উদ্ধাৰে ভাৰতবাসীৰ মাজত জাতীয়তাবাদবিকাশত যথেষ্ট বৰঙণি আগবঢ়াইছিল । জাতীয়তাবাদৰ উত্থানে ভাৰতবাসীৰ মনত এখ বিশেষ ধৰণৰ অৱদান আগবঢ়াইছিল । এছিয়াটিক ছচাইতী অৱ বেংগলৰ দ্বাৰা প্ৰাচীন ভাৰতীয় সাহিত্যসমূহৰ অধ্যয়ন আৰু প্কাশ, মেক্সমূলাৰ, মনিয়েৰ, ৰানাডে, হৰপ্ৰসাদ শাস্ত্ৰী, আদি দেশ-বিদেশৰ লেখকৰ দ্বাৰা সংস্কৃত সাহিত্যৰ ঐতিহ্য প্ৰকাশে ভাৰতবাসীৰ মনত গৌৰৱবোধ পৰিৱেশৰ সৃষ্টি কৰিছিল । ইয়াৰ ফলবৰূপে ভাৰতীয়লোকসকলে জ্ঞাত হয় যে ভাৰতীয় সভ্যতা কোনোমতে মিচৰীয়, গ্ৰীক, ৰোমান, আদি দেশৰ  সভ্যতাতকৈ পিছপৰা নহয় । । এনেদৰে ভাৰতৰ গৌৰৱময় ঐতিহ্য আৰু ইতিহাস উদঘাটনে ভাৰতীয় লোকসকলৰ মনত জাতীয়তাবাদৰ কাৰ্যসূচী ৰচনা কৰিছিল । সামাজিক আৰু ধৰ্মীয় সংস্কাৰ আন্দোসনসমূহে ভাৰতবৰ্ষৰ জনসাধাৰণৰ মাজত জাতীয়তাবাদী ভাৱ গঢ়ি তুলিবলৈ বা গঢ়ি তোলাত সহায় কৰিছিল । এইসকলৰ ভিতৰত ৰাজা ৰামমোহন ৰায়, স্বামী বিবেকানন্দ, কেশৱ চন্দ্ৰ সেন, দেৱেন্দ্ৰনাথ ঠাকুৰ, দয়ানন্দ সৰস্বতী আদি সমাজ সংস্কাৰকৰ  চিন্তাধাৰাই ভাৰতীয়লোকসকলক ধৰ্মীয় আৰু সামাজিক শিক্ষা দিছিল । বংকিম চন্দ্ৰ চেটাৰ্জীৰ লিখনীয়ে সমগ্ৰ ভাৰতবাসীক আচৰিত কৰি তুলিছিল । বংকিম চন্দ্ৰ চেটাৰ্জীয়ে জাতীয়তাবাদীৰ উত্থানত বিশেষভাৱে সহায় কৰিছিল । দীননাথ মিত্ৰৰ নীলদৰ্পন, মীৰ মছাৰফ হুছেইনৰ জমিদাৰ দৰ্পণ, বংকিম চন্দ্ৰ চেটাৰ্জীৰ আনন্দমঠ, গিৰিশচন্দ্ৰ ঘোষৰ চিৰাজউদ্দৌলা, মীৰ কাছিম, ছত্ৰপতি শিৱাজী নাটক, দ্বিজেন্দ্ৰলাল ৰায়ৰ মেৱাৰ পতন, প্ৰতাপ সিংহ, ছাহজাহান, দুৰ্গাদাস, আদি নাটকবোৰৰ নাম বিশেষভাৱে উল্লেখযোগ্য । বঙালী সাহিত্যসমূহৰ বাদেও অসমীয়া, উৰ্দু, তামিল, উৰিষ্যা, হিন্দী, মালায়ালম, গুজৰাটী, পঞ্জাৱী, আদি বিভিন্ন ভাৰতীয় প্ৰাদেশিক ভাষাত জাতীয়তাবাদী সাহিত্যৰ সৃষ্টি হৈছিল । অসমীয়া ভাষাত আনন্দৰাম ঢেকিয়াল ফুকন, কমলাকান্ত ভট্টাচাৰ্য, লক্ষ্মীনাথ  বেজবৰুৱা, পদ্মনাথ  গোহাঞিবৰুৱা, আদিকে ধৰি অৰুণোদয় আৰু জোনাকী যুগৰ সাহিত্যিকসকলৰ অৱদান আছিল অতুলনীয় । সেঅ একেদৰে মাৰাঠী ভাষাত বিষ্ণু শাস্ত্ৰী চিপলস্কাৰ, হৰিনাৰায়ণ তাপ্তে, কৃষ্ণজী কেশৱ ভাম্বে, মহাদেৱ গোবিন্দ ৰাণাদে, লোকমাণ্য তিলক আদি লোকৰ লিখনীয়ে জাতীয়তাবাদৰ বিকাশত জাগৰণ তুলি আনিছিল । তামিল ভাষাত সুব্ৰমণ ভাৰতী, তেলেগু ভাষাত বীৰেশলিঙ্গম পান্তলু, হিন্দীত ভাৰতেন্দু, হৰিচন্দ্ৰ উৰ্দুত আলতাফ হুছেইন, মৌলানা শিৱলী, মহম্মদ ইকবাল, গুজৰাটী ভাষাত দলপতৰাম, গোৱৰ্ধন দাস ত্ৰিপাঠী, উড়িয়া ভাষাত ফকিৰ মোহন সেনাপতি আদি সাহিত্যিকসকলৰ লিখনীয়ে ভাৰতীয় জনগণৰ মনত জাতীয় জাগৰণৰ সৃষ্টি হোৱাত সহায় কৰিছিল । 


Type By- Ali Rani Kakati 





Post ID: DABP005869