ধৰ্মীয় বিশ্বাসৰ ভিত্তি, ইচ্ছাৰ স্বাধীনতা আৰু আত্মাৰ অমৰত্ব

Chapter: 3 


চমু প্ৰশ্ন-উত্তৰঃ

1. What are the foundations of religious belief?

ধৰ্মীয় বিশ্বাসৰ ভিত্তি সমূহ কি কি?

উত্তৰঃ ধৰ্মীয় বিশ্বাসৰ ভিত্তি সমূহ হল- i) বিচাৰ-বুদ্ধি, ii) দৈৱ-প্ৰকাশ, iii) আস্থা আৰু iv) ৰহস্য়ানুভূতি।


2. What is revelation?

দৈৱ-প্ৰকাশ কি?

উত্তৰঃ  দৈৱ-প্ৰকাশ হল ঈশ্বৰৰ স্বৰপ, অস্তিত্ব বা উদ্দেশ্য়ৰ বাস্তৱ অভিব্য়ক্তি।


3. Give John Hick's definition of revelation.

জন হিকৰ দৈৱ-প্ৰকাশৰ সংজ্ঞাটো দিয়া।

উত্তৰঃ  জন হিক তেওঁৰ 'Philosophy of Religion' গ্ৰন্থত দৈৱ-প্ৰকাশৰ সংজ্ঞ দি কৈছে যে,'' স্বৰ্গীয় বা ঐশ্বৰিক প্ৰমাণিত সত্য়ক মানুহৰ অৱগত কৰাই দৈৱ-প্ৰকাশ''।


4. What is revelation, according to Catholic Encyclopedia?

কেথলিক বিশ্বকোষৰ মতে, দৈৱ-প্ৰকাশ কাক বোলে?

উত্তৰঃ কেথলিক বিশ্বকোষৰ মতে, ''দৈৱ-প্ৰকাশ হল বৌদ্ধিক জীৱৰ ওচৰত প্ৰাকৃতিক নিয়ম বহিৰ্ভূত উপায়েৰে ঈশ্বৰৰ কিছুমান সত্য়ৰ প্ৰকাশ বা উদঘাটন।''


5. What are the meaning of faith, according to Brightman.

ব্ৰাইটমেনৰ মতে, আস্থাৰ অৰ্থ কি কি? 

উত্তৰঃ ব্ৰাইটমেনৰ মতে, আস্থাৰ অৰ্থ তিনিটা হল-

i) আস্থাই দৈৱ-প্ৰকাশ বা শ্ৰুতিৰ প্ৰতি থকা বিশ্বাসক বুজায়। 'আস্থা' শব্দটো দৈৱ-প্ৰকাশ বা ধৰ্মগ্ৰন্থসমূহৰ স্বীকৃতিৰ ৰূপত ব্য়ৱহাৰ হব পাৰে। চেন্ট আগাষ্টাইনে আস্থাক 'সন্মতিৰে প্ৰাপ্ত জ্ঞান' বুলি কৈছে।

ii) আস্থাৰ দ্বিতীয় প্ৰয়োগ ঐশ্বৰিক বৰদান অৰ্থত কৰা হয়। আস্থা হল ঈশ্বৰৰ দান। আস্থা, প্ৰেম আৰু আশা ঈশ্বৰৰ সৰ্বোত্তম দান।

iii) তৃতীয় অৰ্থত আস্থাক বিশ্বাসৰ সমতুল্য় বুলি গণ্য় কৰা হয়। আস্থা হল বিশ্বাস বা বাধ্য়তা।


6. Who are the suporters of voluntary theory of faith?

আস্থাৰ ঐচ্ছিক মতবাদৰ সমৰ্থকসকল কোন কোন?

উত্তৰঃ সপ্তদশ শতাব্দীৰ ফৰাচী চিন্তাবিদ ব্লেচ পাছকাল আৰু ঊনবিংশ শতাব্দীৰ আমেৰিকান দাৰ্শনিক আৰু মনোবিজ্ঞানী উইলিয়াম জেমছ।


7. Who at first used the term 'Indeterminism' in the sense of free will?

স্বাধীন ইচ্ছাৰ অৰ্থ কোনে সৰ্বপ্ৰথম 'Indeterminism' শব্দটো ব্য়ৱহাৰ কৰে?

উত্তৰঃ উইলিয়াম জেমছ।


8. What is the freedom of will, according to Kant?

কান্টৰ মতে, ইচ্ছাৰ স্বাধীনতা কি?

উত্তৰঃ কান্টৰ মতে, ইচ্ছাৰ স্বাধীনতা নৈতিকতাৰ এক অপৰিহাৰ্য স্বীকাৰ্য সত্য়।


9. Who regarded fatalism as hard determinism?

নিয়তিবাদ বা নিয়ন্ত্ৰণবাদক অনমনীয় নিয়ন্ত্ৰণবাদ বুলি কোনে কৈছে?

উত্তৰঃ উইলিয়াম জেমছ।


10. What do you mean by immortality of soul? 

আত্মাৰ অমৰত্ব বুলিলে কি বুজা?

উত্তৰঃ আত্মাৰ অমৰত্ব বুলিলে মৃত্য়ুৰ পৰৱৰ্তীয় অনন্ত জীৱনক নিৰ্দেশ কৰে, যি জীৱন জড়দেহ বিনিষ্ট হলেও আধ্য়াত্মিক জগতত অনন্তকাল স্থায়ী থাকে।


11. Who is the author of the book 'Philosophy of religion'?

 'Philosophy  of religion' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ জন হিক।


12. Who is the author of book 'Systematic Theology'?

'Systematic Theology' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ তিলিক।


13. What are the three meanings of trust as a way to the knowledge of God?

ঈশ্বৰৰ জ্ঞান লাভৰ পথ হিচাপে আস্থাৰ অৰ্থ তিনিটা কি কি?

উত্তৰঃ ঈশ্বৰৰ জ্ঞান লাভৰ পথ হিচাপে আস্থাৰ অৰ্থ তিনিটা হল-

i) দৈৱ-প্ৰকাশৰ স্বীকৃতি হিচাপে

ii) মানুহৰ প্ৰতি ঈশ্বৰ প্ৰদত্ত এক অলৌকিক বৰদান হিচাপে

iii) পৰম মূল্য়ৰ প্ৰতি বিশ্বাস বা ভৰসা আৰু বাধ্য়তা হিচাপে।


ৰচনাধৰ্মী প্ৰশ্ন-উত্তৰঃ 


1. What are the foundation of religious belief? Explain them briefly.

ধৰ্মীয় বিশ্বাসৰ ভিত্তিসমূহ কি কি? সেইবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ধৰ্মীয় বিশ্বাসৰ স্বৰূপ আলোচনাৰ পৰা এটা কথা বুজা গল যে, ধৰ্মত ধৰ্মীয় বিশ্বাসৰ গুৰুত্ব সৰ্বাধিক। ধৰ্মীয় বিশ্বাসৰ ভিত্তি সমূহ হল-

i) বিচাৰ-বুদ্ধি

ii) দৈৱ-প্ৰকাশ

iii) আস্থা

iv) ৰহস্য়ানুভূতি

i) বিচাৰ-বুদ্ধিঃ মানুহ বিচাৰ-বুদ্ধিশীল জীৱ। বিচাৰ-বুদ্ধিৰ ক্ষমতা থকাৰ বাবেই মানুহ স্বীকৃত হৈছে জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে। এই বিচাৰ-বুদ্ধিই মানুহক গঢ়ি তুলিছে ধাৰ্মিক জীৱ হিচাপে। সেই কাৰণে কোৱা হয় 'man is incurably religious'। বিচাৰ-বুদ্ধি মানুহৰ এনে এক বৃত্তি যাৰ বলত মানুহৰ এই বিচিত্ৰ জগতখনৰ অন্তৰালত এক অতিপ্ৰাকৃত বা অলৌকিক শক্তিৰ আৱিষ্কাৰ কৰিছে আৰু যি শক্তিৰ প্ৰতি মানুহৰ অগাধ শ্ৰদ্ধা, ভক্তি, বিশ্বাস আৰু পূজা-আৰাধনাৰ পৰা বিশ্বত ধৰ্মৰ উৎপত্তি হৈছে। বিচাৰ-বুদ্ধিৰ কাম হৈছে মানুহৰ কামনা-বাসনাক নিয়ন্ত্ৰিত কৰি সঠিক পথৰ সন্ধান দিয়া। মানুহৰ ধৰ্মীয় বিশ্বাসৰ ক্ষেত্ৰত বিচাৰ-বুদ্ধিয়েই মানুহৰ পুজ্য় দেৱতাসকলৰ ওপৰত বিশ্বাস স্থাপন কৰায়।মানুহে দেৱতাসকলৰ ধাৰণা আৰু ধৰ্মীয় শিক্ষা ধৰ্মীয় গ্ৰন্থসমূহৰ পৰাই লাভ কৰে। 

                বিচাৰ-বুদ্ধিয়ে ধৰ্মীয় অনুভূতিক অভিব্য়ক্ত কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মানুহৰ সকলো অনুভূতিৰ দৰে ধৰ্মীয় অনুভূতিও অস্থায়ী এক অনুভূতি। কিন্তু মানুহে নিজৰ ধৰ্মীয় অনুভূতিক স্থায়ী কৰি তুলিব বিচাৰে। মানুহে তেওঁৰ নিজ অনুভূতিক এনেদৰে অভিব্য়ক্ত কৰিব বিচাৰে যাতে তেওঁ সেই অনুভূতিক ভৱিষ্য়তত স্মৰণ কৰিব পাৰে। ধৰ্মীয় অনুভূতিত এনে কোনো সুমহান তত্ত্ব নিশ্চয় নিহিত আছে যাক বুদ্ধিৰে উপলদ্ধি কৰিব পাৰি।ধৰ্মীয় অনুভূতিক প্ৰকাশিত বা অভিব্য়ক্ত কৰিবলৈ হলে প্ৰত্য়য়ৰ প্ৰয়োজন হয় আৰু এনে প্ৰত্য়য় বিচাৰ-বুদ্ধিৰ দ্বাৰাই গঠিত হয়। উদাহৰণস্বৰূপে, ৰহস্য়ানুভূতি এক প্ৰকাৰৰ ধৰ্মীয় অনুভূতি। ৰহস্য়ানুভূতিত সংজ্ঞাত্মক তত্ত্ব নিহিত থাকে। কিন্তু ৰহস্য়ানুভূতি ক্ষণস্থায়ী হোৱা বাবে ই খুব কম সময়ৰ ভিতৰতে বিলীন হৈ যায়। ৰহস্য়বাদীসকলে এই অনুভূতিৰ দ্বাৰা ইমান আনন্দ, শান্তি আৰু উৎসাহ লাভ কৰে যে তেওঁলোকে ইয়াক ভৱিষ্য়তৰ বাবেও স্মৰণ কৰিব বিচাৰে। কিন্তু এনে ৰহস্য়ানুভূতিক প্ৰকাশ কৰিবলৈ প্ৰত্য়য়ৰ প্ৰয়োজন।


ii) দৈৱ-প্ৰকাশঃ দৈৱ-প্ৰকাশ ধৰ্মীয় বিশ্বাসৰ এটা অতি মহত্বপূৰ্ণ ভিত্তি। গুপ্ত অৰ্থাৎ অপ্ৰকাশিত বিষয় বা বস্তুৰ বাস্তৱ অভিব্য়ক্তিয়ে হল প্ৰকাশ। দৈৱ-প্ৰকাশ হল ঈশ্বৰৰ স্বৰূপ, অস্তিত্ব বা উদ্দেশ্য়ৰ বাস্তৱ অভিব্য়ক্তি। ধৰ্মীয় দৃষ্টিকোণৰ পৰা দৈৱ-প্ৰকাশ বুলিলে তাকেই বুজায় যাৰ দ্বাৰা ঈশ্বৰ স্বয়ং নিজে কিহবাৰ মাধ্য়মত নিজৰ অস্তিত্ব সম্বন্ধে মানুহক এনে কিবা জ্ঞান দান কৰে যাতে মানৱ জীৱনত কল্য়াণ সাধন হয়। দৈৱ-প্ৰকাশৰ মাধ্য়মত ঈশ্বৰে নিজৰ স্বৰূপ আৰু অস্তিত্ব মানৱৰ সন্মুখত প্ৰকাশ কৰে। দৈৱ-প্ৰকাশৰ জ্ঞান কেৱলমাত্ৰ ঈশ্বৰবাদীসলে লাভ কৰিব পাৰে, নিৰীশ্বৰবাদীসকলৰ দৈৱ-প্ৰকাশৰ উপলব্ধি নহয়।

                জন হিক তেওঁৰ 'Philosophy of Religion' গ্ৰন্থত দৈৱ-প্ৰকাশৰ সংজ্ঞা দিছে- তেওঁৰ মতে, "স্বৰ্গীয় বা ঐশ্বৰিক প্ৰমাণিত সত্য়ক মানুহৰ অৱগত কৰাই দৈৱ-প্ৰকাশ।" এইচ. ডি. লিৱিচ তেওঁৰ 'The Philosophy of Religion' গ্ৰন্থত দৈৱ-প্ৰকাশৰ সংজ্ঞা নিৰ্ধাৰণ কৰি কৈছে যে, ''দৈৱ-প্ৰকাশৰ মাধ্য়মত ঈশ্বৰে আমাক জনাই দিয়ে যে, তেওঁৰ স্বৰূপ কি আৰু তেওঁ আমাৰ পৰা কি বিচাৰে।...ঈশ্বৰ, জগত অথবা মানৱক জীৱনৰ মাধ্য়মত তেওঁৰ নিজৰ সম্বন্ধে জ্ঞান দান কৰে।" 

দৈৱ-প্ৰকাশ কেইবাধৰণেও সংঘটিত হব পাৰে। তাৰে কেইটামান ৰূপ তলত উল্লেখ কৰা হল-

i) ঈশ্বৰ ধৰ্মগ্ৰন্থসমূহৰ দ্বাৰাও নিজকে প্ৰকাশিত কৰে। বেদ, উপনিষদ, বাইবেল, কোৰাণ আদি কিছুমান ধৰ্মগ্ৰন্থ আছে যাৰ দ্বাৰা ঐশ্বৰিক প্ৰকাশ সম্ভৱ হয়। কাৰণ ধৰ্মগ্ৰন্থসমূহ হৈছে ঈশ্বৰৰ বাণী বা আদেশৰ সংকলণ।

ii) ঈশ্বৰ সৃষ্টিৰ মাধ্য়মেদিও নিজকে প্ৰকাশিত কৰে। বাইবেল আৰু কোৰাণত ঈশ্বৰৰ সৃষ্টিৰ মাধ্য়মত যে ঈশ্বৰক জানিব পাৰি সেই কথা কোৱা হৈছে।জাগতিক সকলো বস্তুৰ সৃষ্টি ঈশ্বৰৰেই কাৰ্য। মানৱ ইতিহাস তথা প্ৰকৃতিৰ অদ্ভূত আৰু অলৌকিক ৰচনাৰ মাধমেও ঈশ্বৰৰ প্ৰকাশ সম্ভৱ হয়।

iii) কেতিয়াবা কেতিয়াবা আকাশবাণী, দিৱ্য়-স্বপ্ন. দিৱ্য়-দৰ্শন আদিৰ মাধমেদিও ঈশ্বৰে নিজকে প্ৰকাশিত কৰে।

iv) কেতিয়াবা কেতিয়াবা ঈশ্বৰৰ সন্দেশ বাহক কিছুমান দেৱদূতৰ মাধ্য়মত ঈশ্বৰৰ প্ৰকাশক জানিব পাৰি।


iii) আস্থাঃ আস্থা ধৰ্মীয় বিশ্বাসৰ সবাতোকৈ গুৰুত্বপূৰ্ণ ভিত্তি। দৈৱ-প্ৰকাশ যদি ঐশ্বৰিক ঘটনা হয়, তেনেহলে আস্থা হৱ এনে ঐশ্বৰিক ঘটনাৰ প্ৰতি মানৱৰ শ্ৰদ্ধা, ভক্তি আৰু সন্মান। ওৱাই মাছিৰ( Y. Masih) মতে, যদি দৈৱ-প্ৰকাশ ঈশ্বৰৰ কাৰ্য হয়, তেনেহলে আস্থা হব এই ঐশ্বৰিক প্ৰকাশৰ প্ৰতি মানৱৰ স্বীকৃতি। দৈৱ-প্ৰকাশ আৰু আস্থা পৰস্পৰ সম্পৰ্কিত। দৈৱ-প্ৰকাশৰ দ্বাৰা যি ঐশ্বৰিক সত্য়ৰ উদঘাটন হয় বা প্ৰকাশিত হয় সেই সত্য়ৰ প্ৰতি মানৱৰ সহমতৰ বাবে আস্থাৰ প্ৰয়োজন হয়। অধিক স্পষ্টকৈ কবলৈ গলে, আস্থা দৈৱ-প্ৰকাশক বৌদ্ধিক সন্মতি প্ৰদান কৰে। আনহাতে, মানুহৰ ঐশ্বৰিক শক্তি আৰু সত্য়ৰ প্ৰতি যি বিশ্বাস বা আস্থা আছে তাক দৃঢ় ৰূপত প্ৰতিষ্ঠিত কৰে দৈৱ-প্ৰকাশে।

            আধ্য়াপক ব্ৰাইটমে তেওঁৰ 'A Philosophy of Religion' গ্ৰন্থত 'আস্থা' শব্দটোৰ তিনিটা সম্ভাৱ্য় অৰ্থৰ কথা উল্লেখ কৰিছে-

i) আস্থাই দৈৱ-প্ৰকাশ বা শ্ৰুতিৰ প্ৰতি থকা বিশ্বাসক বুজায়। 'আস্থা' শব্দটো দৈৱ-প্ৰকাশ বা ধৰ্মগ্ৰন্থসমূহৰ স্বীকৃতিৰ ৰূপত ব্য়ৱহৃত হব পাৰে। চেন্ট আগাষ্টাইনে আস্থাক 'সন্মতিৰে প্ৰাপ্ত জ্ঞান' বুলি কৈছে।

ii) আস্থাৰ দ্বিতীয় প্ৰয়োগ ঐশ্বৰিক বৰদান অৰ্থত কৰা হয়। আস্থা হল ঈশ্বৰৰ দান। আস্থা, প্ৰেম আৰু আশা ঈশ্বৰৰ সৰ্বোত্তম দান।

iii) তৃতীয় অৰ্থত আস্থাক বিশ্বাসৰ সমতুল্য় বুলি গণ্য় কৰা হয়। আস্থা হল বিশ্বাস বা বাধ্য়তা।

                     জন হিকৰ মতে, আস্থা হল দৈৱ-প্ৰকাশক বিনম্ৰভাৱে মানি লোৱা। দৈৱ-প্ৰকাশ হল ধৰ্মীয় সত্য়ৰ ঐশ্বৰিক ঘোষণা আৰু আস্থা হল এইবোৰ সত্য়ৰ প্ৰতি মানুহৰ বিনম্ৰ স্বীকৃতি। ঈশ্বৰে যিবোৰ সত্য়ক প্ৰদান কৰিছে তাক পবিত্ৰ ধৰ্মশাস্ত্ৰত লিপিবদ্ধ কৰা হৈছে আৰু এইবোৰকে গ্ৰহণ কৰা হৈছে গভীৰ আস্থাৰে। ভাটিকান সংসদত আস্থাৰ সংজ্ঞা নিৰ্ধাৰণ কৰি কৈছে, '' আস্থা হল এক অলৌকিক সদগুণ, যাৰ বলত ঈশ্বৰৰ কৰুণাৰ দ্বাৰা অনুপ্ৰাণিত আৰু সাহায্য়প্ৰাপ্ত হৈ আমি বিশ্বাস কৰোঁ যে তেওঁ যিবিলাক সত্য়ক প্ৰকাশ কৰিছে সেইবোৰ সত্য়"। 


2. Discuss the role reason in religious belief.

ধৰ্মীয় বিশ্বাসত বিচাৰ-বুদ্ধিৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ বিচাৰ-বুদ্ধিৰ কাম হৈছে মানুহৰ কামনা-বাসনাক নিয়ন্ত্ৰিত কৰি সঠিক পথৰ সন্ধান দিয়া। মানুহ বিচাৰ-বুদ্ধিশীল জীৱ। বিচাৰ-বুদ্ধি ক্ষমতা থকাৰ বাবেই মানুহে স্বীকৃত হৈছে জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে। এই বিচাৰ-বুদ্ধিই মানুহক গঢ়ি তুলিছে ধাৰ্মিক জীৱ হিচাপে। সেইকাৰণে কোৱা হয় 'man is incurably religious'। মানুহৰ ধৰ্মীয় বিশ্বাসৰ ক্ষেত্ৰত বিচাৰ-বুদ্ধিয়েই মানুহৰ পুজ্য় দেৱতাসকলৰ ওপৰত বিশ্বাস স্থাপন কৰায়। বিচাৰ-বুদ্ধি মানুহৰ এনে এক বৃত্তি যাৰ বলত মানুহ এই বিচিত্ৰ জগতখনৰ অন্তৰালত এক অতিপ্ৰাকৃত বা অলৌকিক শক্তিৰ আৱিষ্কাৰ কৰিছে আৰু যি শক্তিৰ প্ৰতি মানুহৰ অগাধ শ্ৰদ্ধা, ভক্তি, বিশ্বাস আৰু পুজা-আৰাধনাৰ পৰা বিশ্বত ধৰ্মৰ উৎপত্তি হৈছে। মানুহে দেৱতাসকলৰ ধাৰণা আৰু ধৰ্মীয় শিক্ষা ধৰ্মীয় গ্ৰন্থৰসমূহৰ পৰাই লাভ কৰে। কিন্তু তেওঁলোকে এইটোও জ্ঞান লাভ কৰে যে, ধৰ্মত বিভিন্ন দেৱতা আৰু বিভিন্ন গ্ৰন্থক স্বীকাৰ কৰা হয়। এইক্ষেত্ৰত স্বাভাৱিকতে তেওঁ নিজৰ বিচাৰ-বুদ্ধিক প্ৰয়োগ কৰি নিজৰ পুজ্য় দেৱতা আৰু পবিত্ৰ গ্ৰন্থ সম্বন্ধে সিদ্ধান্ত গ্ৰহণ কৰে। ধৰ্মসমূহৰ আধাৰ হল বিভিন্ন ধৰ্মগ্ৰন্থসমূহ।

                   বিচাৰ-বুদ্ধিয়ে ধৰ্মীয় অনুভূতিক অভিব্য়ক্ত কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মানুহৰ সকলো অনুভূতিৰ দৰে ধৰ্মীয় অনুভূতিও অস্থায়ী এক অনুভূতি। কিন্তু মানুহে নিজৰ ধৰ্মীয় অনুভূতিক স্থায়ী কৰি তুলিব বিচাৰে। মানুহে তেওঁৰ নিজ অনুভূতিক এনেদৰে অভিব্য়ক্ত কৰিব বিচাৰে যাতে তেওঁ সেই অনুভূতিক ভৱিষ্য়তত স্মৰণ কৰিব পাৰে। ধৰ্মীয় অনুভূতিত এনে কোনো সুমহান তত্ত্ব নিশ্চয় নিহিত আছে যাক বুদ্ধিৰে উপলদ্ধি কৰিব পাৰি।ধৰ্মীয় অনুভূতিক প্ৰকাশিত বা অভিব্য়ক্ত কৰিবলৈ হলে প্ৰত্য়য়ৰ প্ৰয়োজন হয় আৰু এনে প্ৰত্য়য় বিচাৰ-বুদ্ধিৰ দ্বাৰাই গঠিত হয়। উদাহৰণস্বৰূপে, ৰহস্য়ানুভূতি এক প্ৰকাৰৰ ধৰ্মীয় অনুভূতি। ৰহস্য়ানুভূতিত সংজ্ঞাত্মক তত্ত্ব নিহিত থাকে। কিন্তু ৰহস্য়ানুভূতি ক্ষণস্থায়ী হোৱা বাবে ই খুব কম সময়ৰ ভিতৰতে বিলীন হৈ যায়। ৰহস্য়বাদীসকলে এই অনুভূতিৰ দ্বাৰা ইমান আনন্দ, শান্তি আৰু উৎসাহ লাভ কৰে যে তেওঁলোকে ইয়াক ভৱিষ্য়তৰ বাবেও স্মৰণ কৰিব বিচাৰে। কিন্তু এনে ৰহস্য়ানুভূতিক প্ৰকাশ কৰিবলৈ প্ৰত্য়য়ৰ প্ৰয়োজন।

            বিচাৰ-বুদ্ধিৰ আন এটা গুৰুত্বপূৰ্ণ ভূমিকা এয়ে যে, বিচাৰ-বুদ্ধিৰ বলতে মানুহে ধৰ্মৰ যথাৰ্থ ৰূপ জানিব পাৰে। পৃথিৱীৰ প্ৰত্য়েকজন মানুহ কোনো নহয় কোনো ধৰ্মৰ অধীন। মানুহ এজন জন্মসূত্ৰে হিন্দু বা ইছলাম বা খ্ৰীষ্টান। মানুহ যি ধৰ্মৰ অধীন সেই ধৰ্মৰ বিভিন্ন দিশ সম্পৰ্কে মানুহে অৱহিত হব বিচাৰে। প্ৰাথমিক অৱস্থাত প্ৰতিজন মানুহৰে তেওঁলোকৰ নিজ নিজ ধৰ্মৰ স্বৰূপ, ধৰ্মীয় ভাষা, প্ৰতীক ইত্য়াদি সম্পৰ্কে জ্ঞান নাথাকে। কিন্তু এইবোৰ সম্বন্ধে যথাৰ্থ জ্ঞান নাথাকিলে মানুহৰ ধৰ্মীয় অভিজ্ঞতাৰ পূৰ্ণতা নাপায়। যদি মানুহে তেওঁৰ নিজ নিজ ধৰ্মৰ ইতিহাস, ধৰ্মৰ স্বৰূপ সম্পৰ্কে অজ্ঞাত হয়, তেনেহলে সমাজত ধৰ্মীয় অনাচাৰ, ধৰ্মীয় অশান্তিৰ সৃষ্টি হয়। গতিকে ধৰ্মৰ সকলো দিশৰ জ্ঞান লাভ কৰিবলৈ হলে বিচাৰ-বুদ্ধিৰ একান্তই প্ৰয়োজন। বিচাৰ-বুদ্ধিৰ সঠিক প্ৰয়োগ কৰিলেহে ধৰ্মৰ সম্য়ক জ্ঞান লাভ কৰিব পাৰি। ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে, ধৰ্মীয় বিশ্বাসৰ ক্ষেত্ৰত বিচাৰ-বুদ্ধিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ধৰ্মীয় অনুভূতি, ধৰ্মৰ বিভিন্ন দিশৰ জ্ঞান লাভৰ ক্ষেত্ৰত বিচাৰ-বুদ্ধিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলেও এইটো ভবাটো ভুল হব যে, বিচাৰ-বুদ্ধিয়ে পোনপটীয়াভাৱে ধৰ্মৰ লগত সম্পৰ্কিত; বিচাৰ-বুদ্ধি পৰোক্ষভাৱেহে ধৰ্মীয় বিশ্বাসৰ লগত সম্পৰ্কিত। দৰাচলতে ধৰ্মীয় বিশ্বাসৰ মূল ভিত্তি আস্থা। সেইকাৰণে ডেভিড হিউম কৈছে, "আমাৰ বেছিভাগ পবিত্ৰ ধৰ্ম আস্থাতে বিচাৰি পোৱা যায়, বিচাৰ-বুদ্ধিত নহয়"।


3. Discuss the role revelation in religious belief.

ধৰ্মীয় বিশ্বাসত দৈৱ-প্ৰকাশৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ দৈৱ-প্ৰকাশ ধৰ্মীয় বিশ্বাসৰ এটা অতি মহত্বপূৰ্ণ ভিত্তি। গুপ্ত অৰ্থাৎ অপ্ৰকাশিত বিষয় বা বস্তুৰ বাস্তৱ অভিব্য়ক্তিয়েই হল প্ৰকাশ। দৈৱ-প্ৰকাশ হল ঈশ্বৰৰ স্বৰূপ, অস্তিত্ব বা উদ্দেশ্য়ৰ বাস্তৱ অভিব্য়ক্তি। ধৰ্মীয় দৃষ্টিকোণৰ পৰা দৈৱ-প্ৰকাশ বুলিলে তাকেই বুজায় যাৰ দ্বাৰা ঈশ্বৰ স্বয়ং নিজে কিহবাৰ মাধ্য়মত নিজৰ অস্তিত্ব সম্বন্ধে মানুহক এনে কিবা জ্ঞান দান কৰে যাতে মানৱ জীৱনত কল্য়াণ সাধন হয়। দৈৱ-প্ৰকাশৰ মাধ্য়মত ঈশ্বৰে নিজৰ স্বৰূপ আৰু অস্তিত্ব মানৱৰ সন্মুখত প্ৰকাশ কৰে।দৈৱ-প্ৰকাশৰ জ্ঞান কেৱলমাত্ৰ ঈশ্বৰবাদীসকলে লাভ কৰিব পাৰে; নিৰীশ্বৰবাদীসকলৰ দৈৱ-প্ৰকাশৰ উপলব্ধি নহয়।

              জন হিক তেওঁৰ 'Philosophy of Religion' গ্ৰন্থত দৈৱ-প্ৰকাশৰ সংজ্ঞা দিছে- তেওঁৰ মতে, "স্বৰ্গীয় বা ঐশ্বৰিক প্ৰমাণিত সত্য়ক মানুহৰ অৱগত কৰাই দৈৱ-প্ৰকাশ।" এইচ. ডি. লিৱিচ তেওঁৰ 'The Philosophy of Religion' গ্ৰন্থত দৈৱ-প্ৰকাশৰ সংজ্ঞা নিৰ্ধাৰণ কৰি কৈছে যে, ''দৈৱ-প্ৰকাশৰ মাধ্য়মত ঈশ্বৰে আমাক জনাই দিয়ে যে, তেওঁৰ স্বৰূপ কি আৰু তেওঁ আমাৰ পৰা কি বিচাৰে।...ঈশ্বৰ, জগত অথবা মানৱক জীৱনৰ মাধ্য়মত তেওঁৰ নিজৰ সম্বন্ধে জ্ঞান দান কৰে।" দৈৱ-প্ৰকাশৰ আন এটা গুৰুত্বপূৰ্ণ সংজ্ঞা কেথলিক বিশ্বকোষত পোৱা যায়। কেথলিক বিশ্বকোষৰ মতে, "দৈৱ-প্ৰকাশ হল বৌদ্ধিক জীৱৰ ওচৰত প্ৰাকৃতিক নিয়ম বহিৰ্ভূত উপায়েৰে ঈশ্বৰৰ কিছুমান সত্য়ৰ প্ৰকাশ বা উদঘাটন।''

দৈৱ-প্ৰকাশ কেইবাধৰণেও সংঘটিত হব পাৰে। তাৰে কেইটামান ৰূপ তলত উল্লেখ কৰা হল-

i) ঈশ্বৰ ধৰ্মগ্ৰন্থসমূহৰ দ্বাৰাও নিজকে প্ৰকাশিত কৰে। বেদ, উপনিষদ, বাইবেল, কোৰাণ আদি কিছুমান ধৰ্মগ্ৰন্থ আছে যাৰ দ্বাৰা ঐশ্বৰিক প্ৰকাশ সম্ভৱ হয়। কাৰণ ধৰ্মগ্ৰন্থসমূহ হৈছে ঈশ্বৰৰ বাণী বা আদেশৰ সংকলণ।

ii) ঈশ্বৰ সৃষ্টিৰ মাধ্য়মেদিও নিজকে প্ৰকাশিত কৰে। বাইবেল আৰু কোৰাণত ঈশ্বৰৰ সৃষ্টিৰ মাধ্য়মত যে ঈশ্বৰক জানিব পাৰি সেই কথা কোৱা হৈছে।জাগতিক সকলো বস্তুৰ সৃষ্টি ঈশ্বৰৰেই কাৰ্য। মানৱ ইতিহাস তথা প্ৰকৃতিৰ অদ্ভূত আৰু অলৌকিক ৰচনাৰ মাধমেও ঈশ্বৰৰ প্ৰকাশ সম্ভৱ হয়।

iii) কেতিয়াবা কেতিয়াবা আকাশবাণী, দিৱ্য়-স্বপ্ন. দিৱ্য়-দৰ্শন আদিৰ মাধমেদিও ঈশ্বৰে নিজকে প্ৰকাশিত কৰে।

iv) কেতিয়াবা কেতিয়াবা ঈশ্বৰৰ সন্দেশ বাহক কিছুমান দেৱদূতৰ মাধ্য়মত ঈশ্বৰৰ প্ৰকাশক জানিব পাৰি।


4. Discuss Tillich's theory of faith as an ultimate concern.

তিলিকৰ আস্থাৰ চৰম উদ্বেগৰ মতবাদটো আলোচনা কৰা।

উত্তৰঃ তিলিকৰ মতে, আস্থা হল চৰম উদ্বেগৰ এটি অৱস্থা। আমাৰ চৰম উদ্বেগৰ বিষয় হৈছে সেইবোৰেই যি আমাৰ অস্তিত্ব আৰু নাস্তিত্ব নিৰ্ধাৰণ কৰে- দৈহিক অস্তিত্বৰ অৰ্থত নহয়: বৰং বাস্তৱতা, সংগঠন, অস্তিত্বৰ অৰ্থত আৰু লক্ষ্য়ৰ দৃষ্টিভংগীত। তিলিক তেওঁৰ 'Systematic Theology' নামৰ গ্ৰন্থত চৰম উদ্বেগৰ পৰিচয় দি কৈছে, এইবোৰ হল মহৎ আদেশৱলিৰ বিমূৰ্ত প্ৰকাশ। উদাহৰণস্বৰূপে- 'প্ৰভূ আমাৰ ঈশ্বৰ', 'ঈশ্বৰ হল এক', 'যি তোমাৰ ঈশ্বৰ তাক তুমি তোমাৰ সমস্ত মন-প্ৰাণ দি আৰু তোমাৰ সমস্ত শক্তি দি ভালপোৱা' আদি হল মহৎ আদেশ। গতিকে তিলিকৰ কথা হল ধৰ্মীয় উদ্বেগেই চৰম- এই  উদ্বেগ বাকী সকলো উদ্বেগক বিমুক্ত আৰু বিচ্ছিন্ন কৰি দিয়ে, সিহঁতক পৰিণত কৰে প্ৰাথমিক উদ্বেগত। চৰম উদ্বেগ হল চৰ্তহীন, চৰিত্ৰৰ কোনো চৰ্তৰ পৰা স্বাধীন, সামগ্ৰিক। 

                তিলিকৰ মতে, চৰম উদ্বেগৰ অৱস্থা আৰু যাৰ বাবে এই চৰম উদ্বেগ-এই দুয়োটাৰে ভিন্নতা হল আস্থা। অৰ্থাৎ চৰম অভিজ্ঞতাৰ ক্ষেত্ৰত ব্য়ক্তি যি অভিজ্ঞতা লাভ কৰিছে আৰু যাৰ অভিজ্ঞতা লাভ কৰিছে-উভয়ৰে পাৰ্থক্য় অদৃশ্য় হৈ যায়। চৰম উদ্বেগ কোনো ঐশ্বৰিক বস্তুৰ প্ৰতি মনৰ বিশেষ মনোভাৱ নহয়। চৰম উদ্বেগ হল মানুহৰ মনৰ নিজৰ সত্তাৰ ভিত্তিত অংশগ্ৰহণৰ এটি ৰূপ। এই অংশৰ ধাৰণা তিলিকৰ চিন্তনৰ মৌলিক ।

              তিলিক দুই শ্ৰেণীৰ ধৰ্মদৰ্শনৰ মাজত পাৰ্থক্য় কৰিছে- বিশ্বজগত সম্পৰ্কীয় আৰু তত্ত্ববিদ্য়া সম্পৰ্কীয়। বিশ্বজগত সম্পৰ্কীয় ধৰ্মদাৰ্শনিকলকলে চিন্তা কৰে ঈশ্বৰ বাহিৰত ক'ত অৱস্থান কৰিছে। তত্ত্ববিদ্য়াৰ দিশৰ পৰা তিলিকে কৈছে, আমাৰ আপন অস্তিত্বৰ ভিত্তিৰূপে ঈশ্বৰ আগৰে পৰাই আমাৰ মাজত উপস্থিত। যদিও ঈশ্বৰ আমাৰ লগত অভিন্ন, তথাপি একেই সময়ত তেওঁ সীমাহীনভাবে আমাৰ অতিৱৰ্তী। আমাৰ সসীম সত্তাই অসীমতাৰ সংগী হয় অবিচ্ছিন্নভাৱে। সেইকাৰণে ঈশ্বৰক জনাৰ অৰ্থ হল আপন সত্তাৰ ভিত্তিৰ পৰা বিচ্ছিন্নতাক অতিক্ৰম কৰি যোৱা। তিলিকৰ মতে, ঈশ্বৰ সম্পৰ্কে চৰম উদ্বেগ হল সত্তাৰ লগত আমাৰ প্ৰকৃত সম্পৰ্ক প্ৰকাশ কৰা।


5. Write a short notes on Immortality of soul.

আত্মাৰ অমৰত্বৰ সম্পৰ্কে চমুটোকা লিখা।

উত্তৰঃ আত্মাৰ অমৰত্ব ধৰ্মদৰ্শনৰ এটি অতি গুৰুত্বপূৰ্ণ ধাৰণা। আত্মাৰ অমৰত্ব বুলিলে আত্মাৰ এক অবিনাশী সত্তাক বুজোৱা হয়। আত্মাৰ অমৰত্ব বুলিলে মৃত্য়ুৰ পৰৱৰ্তীয় অনন্ত জীৱনক নিৰ্দেশ কৰে, যি জীৱন জড়দেহ বিনিষ্ট হলেও আধ্য়াত্মিক জগতত অনন্তকাল স্থায়ী থাকে। কান্টে আত্মাৰ অমৰত্বক ধৰ্মদৰ্শনৰ এক অৱশ্য়-স্বীকাৰ্য সত্য় হিচাপে স্বীকাৰ কৰিছে। তেওঁৰ মতে, 'আত্মাৰ অমৰত্ব বুলিলে বুজায় এক আৰু অভিন্ন বৌদ্ধিক সত্তাৰ অনন্তকাল ধৰি থকা স্থায়ী অস্তিত্ব আৰু ব্য়ক্তিত্ব।' সাধাৰণতে এইটো বিশ্বাস কৰা হয় যে, মৃত্য়ুৰ পিছত দেহৰ বিনাশ ঘটে, কিন্তু আত্মাৰ বিনাশ নঘটে। গতিকে 'অমৰত্ব' বুলিলে বুজায় 'অবিনাশশীলতা'। অমৰত্ব এনে এক গুণ যি আত্মাৰ লগত অবিয়োজ্য় বা অবিচ্ছেদ্য়ভাৱে সম্বন্ধিত। জগতৰ সকলো বস্তুৱেই বিনিষ্ট হয়, গতিকে পৰিৱৰ্তনশীল। ইয়াৰ বিপৰীতে আত্মা নিৰন্তৰ অস্তিত্বশীল বাবে ইয়াৰ সনাতন সত্তাক স্বীকাৰ কৰি 'অমৰ' বুলি কোৱা হয়।

                আত্মাৰ অমৰত্ব আৰু জন্মান্তৰবাদ কিন্তু একে বিষয় নহয়। আত্মাৰ অমৰত্বক জন্মান্তৰবাদৰ লগত ৰিজালে ভূল হব। আত্মাৰ অমৰত্ব আৰু জন্মান্তৰবাদত উভয় মতবাদতে দেহ আৰু আত্মাৰ দ্বৈততাক স্বীকাৰ কৰা হ'লেও দুই মতবাদৰ মাজত পাৰ্থক্য় আছে। জন্মান্তৰবাদৰ সাৰকথা হ'ল, আত্মাই বাৰে বাৰে এই জগতত জন্মগ্ৰহণ কৰে। কিন্ত অমৰত্ব মতবাদৰ কথা হ'ল, আত্মা অমৰ হ'লেও তেওঁ যে বাৰে বাৰে এই পৃথিৱীত জন্মগ্ৰহণ কৰিব লাগিব তাৰ কোনো ধৰাবন্ধা নিয়ম নাই। 

            ঈশ্বৰৰ অস্তিত্ব প্ৰমাণৰ যুক্তিসমূহৰ দৰে আত্মাৰ অমৰত্ব প্ৰমাণৰ কিছুমাণ গুৰুত্বপূৰ্ণ যুক্তি পোৱা যায়। আত্মাৰ অমৰত্ব প্ৰমাণৰ যুক্তিসমূহক বিভিন্ন ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি। বৈজ্ঞানিক, দাৰ্শনিক, তাত্ত্বিক, ধৰ্মীয়, মূল্য়-সম্পৰ্কীয়, জ্ঞান-সম্পৰ্কীয় ইত্য়াদি বিভিন্ন দিশৰ পৰা আত্মাৰ অমৰত্ব প্ৰমাণিত হয়। তলত আত্মাৰ অমৰত্ব প্ৰমাণৰ কিছুমান গুৰুত্বপূৰ্ণ যুক্তি আলোচনাকৰা হয়-

i) শক্তিৰ অবিনশ্বৰতা নীতিৰ যুক্তিঃ শক্তিৰ অবিনশ্বৰতা নিয়ম বিজ্ঞানৰ এক সামান্য় সত্য়। এই নিয়মৰ ব্য়তিক্ৰম নাই। এই নিয়ম অনুসৰি পৃথিৱীত যিমান পৰিমাণৰ শক্তি আছে সি অপৰিৱৰ্তিত থাকিব, ইয়াৰ হ্ৰাস-বৃদ্ধি নাই। শক্তিৰ স্বৰূপ পৰিৱৰ্তন হব পাৰে, কিন্তু শক্তিৰ পৰিমাণ পৰিৱৰ্তন হব নোৱাৰে। যান্ত্ৰিক শক্তি ৰাসায়নিক শক্তিত, ৰসায়নিক শক্তি যান্ত্ৰিক শক্তিত পৰিণত হব পাৰে, কিন্তু শক্তিৰ কোনো হ্ৰাস বৃদ্ধি সম্ভৱ নহয়। শক্তি নিত্য় আৰু শাশ্বত। আত্মাও এক শক্তি বিশেষ। শক্তিৰ দৰে আত্মাও নিত্য়। গতিকে শক্তিৰ দৰে আত্মাৰ বিনাশ সম্ভৱ নহয়। আত্মা অমৰ।

          কিন্তু এই যুক্তিৰ দোষ হল এয়ে যে, ইয়াত শক্তিৰ লগত আত্মাৰ সাদৃশ্য় বা উপমাৰ ভিত্তিত আত্মাৰ অমৰত্ব প্ৰমাণ কৰাৰ চেষ্টা কৰা হৈছে। উপমা বা সাদৃশ্য়ৰ দ্বাৰা কিবা এটা বিষয় বুজি লব পাৰি। কিন্তু উপমাৰে কোনো বস্তুক সুনিশ্চতভাৱে প্ৰমাণ কৰা নাযায়। গতিকে শক্তিৰ নিত্য়তাৰ ভিত্তিত আত্মাৰ নিত্য়তা বা অমৰত্ব প্ৰমাণ কৰাটো যুক্তিসংগত হোৱা নাই।

ii) ধী-শক্তি প্ৰকাশ সম্পৰ্কীয় যুক্তিঃ ধীৰ-শক্তি বা বুদ্ধি মানুহক অন্য়ান্য় জীৱ-জন্তুৰ পৰা পৃথক কৰিছে। মানুহৰ ধী-শক্তি সকলো পাৰিপাৰ্শ্বিক অৱস্থা আৰু জাগতিক বন্ধনৰ পৰা  মুক্ত। ধী-শক্তিৰ প্ৰকাশ লক্ষ্য় কৰিলে দেখা যায় যে মানুহৰ চিন্তা, কল্পনা, স্মৃতি দেশ-কালৰ সীমাৰেখাক অতিক্ৰম কৰি যাব পাৰে। প্ৰত্য়য় বা সাৰ্বিক ধাৰণাৰ মাধ্য়মেদি মানুহৰ ধী-শক্তিয়ে ক্ৰিয়া কৰিব পাৰে। চিন্তা দেশ-কালৰ সীমাৰ মাজত আৱদ্ধ নাথাকে। বস্তুৰ অনুপস্থিতিত বস্তুৰ জ্ঞান সম্ভৱ হয় স্মৃতিৰ দ্বাৰা। আনকি, যি বস্তুৰ কেতিয়াও অস্তিত্ব নাছিল, সেই সম্পৰ্কেও চিন্তা বা কল্পনা কৰিব পাৰি। ধী-শক্তি আত্মাৰেই শক্তি। ধী-শক্তি যদি জাগতিক বন্ধনৰ পৰা মুক্ত হৈ ক্ৰিয়া কৰিব পাৰে, তেনেহলে এইটো স্বীকাৰ কৰিবই লাগিব যে আত্মাও জাগতিক বন্ধনৰ পৰা মুক্ত হৈ অস্তিত্বশীল হব পাৰে। গতিকে দেহৰ বিনাশ হ'লে আত্মাৰ বিনাশ নহয়; আত্মা অমৰ।

        কিন্তু এই যুক্তি সন্তোষজনক নহয়। ধী-শক্তিৰ লগত মস্তিষ্কৰ সম্বন্ধ। চিন্তা, কল্পনা, স্মৃতি আদি স্নায়ুকোষৰ ক্ৰিয়া-বিক্ৰিয়া। গতিকে দেহৰ ধ্বংস হলেও মস্তিষ্ক ধ্বংস হয় আৰু মস্তিষ্ক ধ্বংস হলে চিন্তা, কল্পনা, স্মৃতি প্ৰভৃতি মানসিক অৱস্থাবোৰৰ কোনো অস্তিত্ব নাথাকে। গতিকে মন বা আত্মা বুলি আৰু একোৰে অস্তিত্ব নাথাকে।


6. Explain the religious arguments for the immortality of the soul.

আত্মাৰ অমৰত্ব সম্পৰ্কীয় ধৰ্মীয় যুক্তি সমূহ আলোচনা কৰা।

উত্তৰঃ  ঈশ্বৰৰ অস্তিত্ব প্ৰমাণৰ যুক্তিসমূহৰ দৰে আত্মাৰ অমৰত্ব প্ৰমাণৰ কিছুমাণ গুৰুত্বপূৰ্ণ যুক্তি পোৱা যায়। আত্মাৰ অমৰত্ব প্ৰমাণৰ যুক্তিসমূহক বিভিন্ন ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি। বৈজ্ঞানিক, দাৰ্শনিক, তাত্ত্বিক, ধৰ্মীয়, মূল্য়-সম্পৰ্কীয়, জ্ঞান-সম্পৰ্কীয় ইত্য়াদি বিভিন্ন দিশৰ পৰা আত্মাৰ অমৰত্ব প্ৰমাণিত হয়। তলত আত্মাৰ অমৰত্ব প্ৰমাণৰ কিছুমান গুৰুত্বপূৰ্ণ যুক্তি আলোচনাকৰা হয়-

i) শক্তিৰ অবিনশ্বৰতা নীতিৰ যুক্তিঃ শক্তিৰ অবিনশ্বৰতা নিয়ম বিজ্ঞানৰ এক সামান্য় সত্য়। এই নিয়মৰ ব্য়তিক্ৰম নাই। এই নিয়ম অনুসৰি পৃথিৱীত যিমান পৰিমাণৰ শক্তি আছে সি অপৰিৱৰ্তিত থাকিব, ইয়াৰ হ্ৰাস-বৃদ্ধি নাই। শক্তিৰ স্বৰূপ পৰিৱৰ্তন হব পাৰে, কিন্তু শক্তিৰ পৰিমাণ পৰিৱৰ্তন হব নোৱাৰে। যান্ত্ৰিক শক্তি ৰাসায়নিক শক্তিত, ৰসায়নিক শক্তি যান্ত্ৰিক শক্তিত পৰিণত হব পাৰে, কিন্তু শক্তিৰ কোনো হ্ৰাস বৃদ্ধি সম্ভৱ নহয়। শক্তি নিত্য় আৰু শাশ্বত। আত্মাও এক শক্তি বিশেষ। শক্তিৰ দৰে আত্মাও নিত্য়। গতিকে শক্তিৰ দৰে আত্মাৰ বিনাশ সম্ভৱ নহয়। আত্মা অমৰ।

          কিন্তু এই যুক্তিৰ দোষ হল এয়ে যে, ইয়াত শক্তিৰ লগত আত্মাৰ সাদৃশ্য় বা উপমাৰ ভিত্তিত আত্মাৰ অমৰত্ব প্ৰমাণ কৰাৰ চেষ্টা কৰা হৈছে। উপমা বা সাদৃশ্য়ৰ দ্বাৰা কিবা এটা বিষয় বুজি লব পাৰি। কিন্তু উপমাৰে কোনো বস্তুক সুনিশ্চতভাৱে প্ৰমাণ কৰা নাযায়। গতিকে শক্তিৰ নিত্য়তাৰ ভিত্তিত আত্মাৰ নিত্য়তা বা অমৰত্ব প্ৰমাণ কৰাটো যুক্তিসংগত হোৱা নাই।

ii) ধী-শক্তি প্ৰকাশ সম্পৰ্কীয় যুক্তিঃ ধীৰ-শক্তি বা বুদ্ধি মানুহক অন্য়ান্য় জীৱ-জন্তুৰ পৰা পৃথক কৰিছে। মানুহৰ ধী-শক্তি সকলো পাৰিপাৰ্শ্বিক অৱস্থা আৰু জাগতিক বন্ধনৰ পৰা  মুক্ত। ধী-শক্তিৰ প্ৰকাশ লক্ষ্য় কৰিলে দেখা যায় যে মানুহৰ চিন্তা, কল্পনা, স্মৃতি দেশ-কালৰ সীমাৰেখাক অতিক্ৰম কৰি যাব পাৰে। প্ৰত্য়য় বা সাৰ্বিক ধাৰণাৰ মাধ্য়মেদি মানুহৰ ধী-শক্তিয়ে ক্ৰিয়া কৰিব পাৰে। চিন্তা দেশ-কালৰ সীমাৰ মাজত আৱদ্ধ নাথাকে। বস্তুৰ অনুপস্থিতিত বস্তুৰ জ্ঞান সম্ভৱ হয় স্মৃতিৰ দ্বাৰা। আনকি, যি বস্তুৰ কেতিয়াও অস্তিত্ব নাছিল, সেই সম্পৰ্কেও চিন্তা বা কল্পনা কৰিব পাৰি। ধী-শক্তি আত্মাৰেই শক্তি। ধী-শক্তি যদি জাগতিক বন্ধনৰ পৰা মুক্ত হৈ ক্ৰিয়া কৰিব পাৰে, তেনেহলে এইটো স্বীকাৰ কৰিবই লাগিব যে আত্মাও জাগতিক বন্ধনৰ পৰা মুক্ত হৈ অস্তিত্বশীল হব পাৰে। গতিকে দেহৰ বিনাশ হ'লে আত্মাৰ বিনাশ নহয়; আত্মা অমৰ।

        কিন্তু এই যুক্তি সন্তোষজনক নহয়। ধী-শক্তিৰ লগত মস্তিষ্কৰ সম্বন্ধ। চিন্তা, কল্পনা, স্মৃতি আদি স্নায়ুকোষৰ ক্ৰিয়া-বিক্ৰিয়া। গতিকে দেহৰ ধ্বংস হলেও মস্তিষ্ক ধ্বংস হয় আৰু মস্তিষ্ক ধ্বংস হলে চিন্তা, কল্পনা, স্মৃতি প্ৰভৃতি মানসিক অৱস্থাবোৰৰ কোনো অস্তিত্ব নাথাকে। গতিকে মন বা আত্মা বুলি আৰু একোৰে অস্তিত্ব নাথাকে।

iii)  মূল্য় সম্পৰ্কীয় যুক্তিঃ বহুতো দাৰ্শনিকে মূল্য়ৰ সংৰক্ষণৰ ভিত্তিত আত্মাৰ অমৰত্বৰ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। জগতত বহুতো মূল্য় আছে। মূল্য়ৰ প্ৰকাশৰ আধাৰ মানৱত্মাও নিৰন্তৰ অস্তিত্বশীল হব লাগিব। ইয়াক যদি স্বীকাৰ কৰা নহয়, তেনেহলে আত্মাৰ বিনাশে মূল্য় প্ৰকাশৰ আধাৰ হিচাপে আত্মা চিৰন্তন। গতিকে আত্মা যে অমৰ তাক স্বীকাৰ কৰিবলগীয়া হয়। হেগেলপন্থী দাৰ্শনিকসকল, বিশেষকৈ নব্য়-হেগেলপন্থী ব্ৰেডলি, বোছাংকে প্ৰভৃতি দাৰ্শনিকসকল এই যুক্তিক সমৰ্থন কৰিছে।

        ব্ৰেডলি আৰু বোছাংকেৰ মতানুসাৰে ব্য়ক্তি যিবিলাক মূল্য় এই জগতত সৃষ্টি কৰে, সেইবোৰ মৃত্য়ুৰ পিছতো স্থায়ী হয়। কিন্তু ব্য়ক্তিৰ কোনো অস্তিত্ব নাথাকে, দেহৰ বিনাশৰ লগে লগে ব্য়ক্তিসত্তাৰো বিনাশ হয়। পৰমব্ৰহ্মৰ স্ববিৰোধমুক্ত আৰু সুসংহত সত্তাৰ মাজত ব্য়ক্তিৰ কোনো স্বকীয় বৈশিষ্ট আৰু স্বতন্ত্ৰতা বজাই নাথাকে। জীৱিত কালত ব্য়ক্তিয়ে যিবিলাক মূল্য় অৰ্জন কৰে, সেইবোৰ সকলোবোৰ মূল্য় পৰমব্ৰহ্মত মিলিত হৈ ব্য়ক্তিসত্তাও পৰমব্ৰহ্মত ৰূপান্তৰিত হয়। এইদৰে পৰমব্ৰহ্মত জীৱাত্মাই পূৰ্ণতা আৰু সংগতি লাভ কৰে। গতিকে জীৱাত্মাৰ অমৰত্ব স্বীকাৰ কৰিবই লাগিব।

iv) ধৰ্মীয় যুক্তিঃ  ধৰ্মবিশ্বাসৰ আধাৰত যিবোৰ যুক্তি আগবঢ়োৱা হয় সেইবোৰক সাধাৰণতে ধৰ্মীয় যুক্তি বোলা হয়। স্পষ্ট কথাত, আত্মাৰ অমৰত্ব সম্পৰ্কীয় ধৰ্মীয় যুক্তি বুলিলে সেই যুক্তিসমূহক বুজা যায় যি যুক্তি পৃথিৱীৰ বিভিন্ন ধৰ্মই আগবঢ়াইছে।পৃথিৱীৰ প্ৰায় সকলো ধৰ্মই নিজ নিজ দৃষ্টিকোণৰ পৰা আত্মাৰ অমৰত্বক প্ৰতিষ্ঠা কৰিবলৈ যুক্তি আগবঢ়াইছে। আমাৰ  ভাৰতীয় মূলৰ ধৰ্মবোৰ প্ৰায় সকলোৱে আত্মাৰ অমৰত্বক বিশ্বাসক কৰে। ভাৰতীয় মূলৰ ধৰ্ম হিন্দু, জৈন, শিখ, বৌদ্ধ আদি প্ৰতিটো ধৰ্মতে জন্মান্তৰবাদক স্বীকাৰ কৰা হৈছে আত্মাৰ অমৰত্বৰ ভিত্তি। ভাৰতীয় সকলো ধৰ্মতে কৰ্ম-সংসাৰ-জ্ঞান-মুক্তি স্বীকাৰ কৰা হৈছে। বৌদ্ধ ধৰ্মত আত্মাৰ অস্তিত্ব স্বীকাৰ কৰা নহ'লেও কৰ্মফল ভোগৰ বাবে জন্মান্তৰবাদক স্বীকাৰ কৰা হৈছে।


7. State two argument in support of the theory of determinism as put forward by the supporters of the theory.

নিয়তিবাদৰ সপক্ষে সমৰ্থকসকলে আগবঢ়োৱা দুটা যুক্তি উল্লেখ কৰা।

উত্তৰঃ নিয়তিবাদীসকলে তেওঁলোকৰ এই অভিমতৰ সপক্ষে কেইটামান গুৰুত্বপূৰ্ণ যুক্তি আগবঢ়ায়।এই যুক্তিসমূহক তলত আলোচনা কৰা হল-

i) মনোবৈজ্ঞানিক যুক্তিঃ এই যুক্তিৰ কোৱা হয় যে, মানুহৰ সমস্ত কৰ্ম তেওঁৰ উদ্দেশ্য়, কামনা-বাসনা আদিৰ দ্বাৰা নিয়ন্ত্ৰিত। আমাৰ সমস্ত কৰ্মই কোনো নহয় কোনো উদ্দেশ্য়, কোনো কোনো নহয় কোনো কামনাৰ দ্বাৰা পৰিচালিত। যেতিয়া মানুহৰ মনত কোনো এটা বিশেষ মূহুৰ্তত এটা বিশেষ উদ্দেশ্য় বা বাসনা থাকে, তেতিয়া সেই উদ্দেশ্য় বা বাসনাৰ দ্বাৰাই তেওঁৰ কৰ্ম নিৰ্ধাৰিত হয়। অৱশ্য়ে অনেক সময়ত দুটা বা তাতোধিক কামন 



Answer- Jipika Hazarika