ৰাজনীতি তত্ত্ব এক পৰিচয়

অধ্য়ায়-১

 ১। ৰাজনীতি বুলিলে কি বুজা ?

 উওৰঃ ৰাজনীতিবিদ সকলে যিবোৰ কাৰ্য কৰে, সেইবোৰকে কিছুসংখ্যক মানুহে ৰাজনীতি বুলি বুজা যায় ।


২। ৰাজনীতিৰ উদাহৰণ কি ?

উওৰঃ ৰাজনীতিৰ উদাহৰণ হ'ল ৰাজনীতিৰবিদসকলৰ দলত্য়াগ কাৰ্য , মিছা প্ৰতিশ্ৰুতি প্ৰদান কাৰ্য , আকাশলংঘী দাবী , বিভিন্ন শ্ৰেণীৰ মানুহক কৌশলেৰে পৰিচালনা বা নিয়ন্ত্ৰণ কৰা আৰু ব্য়ক্তি স্বাৰ্থ পূৰণ কৰা ইত্য়াতি ।


৩। সামাজিক অনুষ্ঠান কেনেকৈ গঢ় লৈ  উঠিছে ?

উওৰঃ জনসাধাৰণৰ প্ৰয়োজন আৰু আশা-আকাংক্ষা পৰিপূৰ্ণ কৰিবলৈ সমাজত এইদৰে সামাজিক অনুষ্ঠান গঢ় লৈ উঠে ।


৪। ৰাজনীতিৰ গুৰুত্বপূৰ্ণ দিশ কি ?

উওৰঃ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ দিশ হ'ল চৰকাৰ কেনেকৈ গঠন কৰা হয় আৰু চৰকাৰে কিদৰে কাৰ্য পালন কৰে ।


৫। সামাজিক অনুষ্ঠানৰ উদাহৰণ কি ?

উওৰঃ সামাজিক অনুষ্ঠানৰ উদাহৰণ হ'ল পৰিয়াল, বেংক, বজাৰ, জাতি-জনজাতি ।


৬। চৰকাৰে কি তিনিটা নীতি নিৰ্ধাৰণ কৰে ?

উওৰঃ চৰকাৰৰ তিনিটা নীতি হ'ল অৰ্থনৈতিক, শৈক্ষিক আৰু বৈদেশিক নীতি নিৰ্ধাৰণ কৰে ।


৭। ৰাজনৈতিক কাৰ্য কাক বোলে ?

উওৰঃ জনসাধাৰণে পাৰস্পৰিক আলোচনা আৰু বিতৰ্কৰ মাধ্য়মত এক সামূহিক প্ৰচেষ্টাৰে সমাজৰ বিকাশ সাধন আৰু সমস্য়া সমাধানত ব্ৰতী হোৱা কাৰ্যকে ৰাজনৈতিক কাৰ্য বোলে ।


৮। কোনজন পণ্ডিতে মানৱ জাতিৰ এক মৌলিক অধিকাৰ বুলি যুক্তি দৰ্শাইছিল ?

উওৰঃ ৰুছোৱে পোনপ্ৰথমে মানৱ জাতিৰ এক মৌলিক অধিকাৰ বুলি যুক্তি দৰ্শাইছিল ।


৯। মহাত্মা গান্ধীয়ে কি বিষয়ে আলোচনা কৰিছিল ?

উওৰঃ মহাত্মা গান্ধীয়ে 'হিন্দ স্বৰাজ' ৰ বিষয়ে আলোচনা কৰিছিল ।


১০। সংবিধানৰ কিমান অধ্য়ায়ত মৌলিক অধিকাৰ সন্নিবিষ্ট কৰিছে ?

উওৰঃ সংবিধানৰ তৃতীয় অধ্য়ায়ত মৌলিক অধিকাৰ সন্নিবিষ্ট কৰিছে ।


১১। জনসাধাৰণে কি অধিকাৰ উপভোগ কৰিবলৈ সক্ষম হৈছে ?

 উওৰঃ জনসাধাৰণে ৰাজনৈতিক অধিকাৰ উপভোগ কৰিবলৈ সক্ষম হৈছে ।


১২। জীৱনৰ বিভিন্ন ক্ষেত্ৰত কোন তিনিটা সমস্য়াৰ সৃষ্টি হৈছে ?

উওৰঃ জীৱনৰ বিভিন্ন ক্ষেত্ৰত স্বাধীনতা, সমতা, গণতন্ত্ৰৰ সমস্য়াৰ সৃষ্টি হৈছে ।


১৩। স্বাধীনতাৰ সুৰক্ষা প্ৰদান কোনে কৰিছে ?

উওৰঃ স্বাধীনতাৰ সুৰক্ষা প্ৰদান ভাৰতীয় সংবিধানে কৰিছে ।


১৪। কি কি আদৰ্শৰে সমাজখন গঢ়ি উঠিছে ?

উওৰঃ যিবোৰ ৰাজনৈতিক আদৰ্শ আৰু অনুষ্ঠানৰ দ্বাৰা সমাজখন গঢ়ি উঠিছে ।


১৫। চৰকাৰৰ নীতি বা কাৰ্যই কাৰ জীৱনৰ মান উন্নত কৰাত সহায় কৰে ?

উওৰঃ চৰকাৰৰ নীতি বা কাৰ্যই জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাত সহায় কৰে ।