বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ

প্ৰথম অধ্যায়

অতি চমু প্ৰশ্ন ঃ

১. শীতল যুদ্ধ কাক বোলে ।

উত্তৰঃ  প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰসমূহে সশস্ত্ৰ যুদ্ধৰ পৰিৱৰ্তে কূটনৈতিক সম্বন্ধ ৰক্ষা কৰি চলাৰ মাজতো পাৰস্পৰিক অবিশ্বাস আৰু শত্ৰু ভাৱাপন্নতা অটুট ৰাখি নিজকে শক্তিশালী কৰাৰ বাবে যি প্ৰচেষ্টা চলায় তাকে শীতল যুদ্ধ বুলি কোৱা হয় ।

২. শীতল যুদ্ধৰ অৰ্থ কি ।

উত্তৰঃ শীতল যুদ্ধৰ অৰ্থ হল দুটা বৃহৎ শক্তিৰ মাজত প্ৰতিদ্বন্দ্বিতা বা অৰিয়াঅৰি  সৃষ্টি হলেও তেওঁলোকে সশস্ত্ৰ বা গৰম যুদ্ধ কৰিবলৈ ইচ্ছুক নহয়, 


৩. NIEO সম্পূৰ্ণ নাম কি ।

উত্তৰঃ NIEO সম্পূৰ্ণ নাম হল  New International Economic Order


৪. দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি কিমান চনত হৈছিল ।

উত্তৰঃ  ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল ।


৫. দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰশক্তি নেতৃত্ব বহন কৰা চাৰিখন দেশৰ নাম লিখা ।

উত্তৰঃ  দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰশক্তি নেতৃত্ব বহন কৰা চাৰিখন দেশৰ নাম হল 

ক) আমেৰিকা যুক্তৰাষ্ট্ৰ, খ) ছোভিয়েট ইউনিয়ন, গ) গ্ৰেট-ব্ৰিটেইন, ঘ) ফ্ৰান্স ।


৬.  দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিৰোধী শক্তিৰ নেতৃত্ব বহন কৰা তিনিখন দেশৰ নাম লিখা ।

উত্তৰঃ    দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিৰোধী শক্তিৰ নেতৃত্ব বহন কৰা তিনিখন দেশৰ নাম হল 

ক) জাৰ্মানী, খ) ইটালী, গ) জাপান ।


৭. দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি কেতিয়া হৈছিল ।

উত্তৰঃ  ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি হৈছিল ।


৮. প্ৰথম বিশ্বযুদ্ধ কিমান চনৰ পৰা কিমান চনলৈ হৈছিল ।

উত্তৰঃ  দ্বিতীয় বিশ্বযুদ্ধ ১৯১৪ চনৰ পৰা ১৯১৯ চনলৈ হৈছিল ।


৯. কিমান চনত বিশ্বত শীতল যুদ্ধ আৰম্ভ হৈছিল ।

উত্তৰঃ ১৯৪৫ চনৰ পৰা বিশ্বত শীতল যুদ্ধ আৰম্ভ হৈছিল ।


১০. কিমান চনত আৰু কত পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিল

উত্তৰঃ  ১৯৪৫ চনৰ আগষ্ট মাহত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোচিমা আৰু নাগাচাকি নামৰ নগৰ দুখনত পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিল ।


১১. দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বৃহৎ শক্তিৰ নাম লিখা ।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বৃহৎ শক্তিৰ নাম হল 

ক) আমেৰিকা যুক্তৰাষ্ট্ৰ ।

খ) ছোভিয়েটইউনিয়ন ।


১২. আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিবিৰত যোগদান কৰা ৰাষ্ট্ৰসমূহ কি কি ।

উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিবিৰত যোগদান কৰা ৰাষ্ট্ৰসমূহ হল 

বেলজিয়াম, কানাডা, ফ্ৰান্স, জাপান, ইটালী, ব্ৰিটেইন ।


১৩. ছোভিয়েট ইউনিয়নৰ শিবিৰত যোগদান কৰা ৰাষ্ট্ৰসমূহ কি কি ।

উত্তৰঃ  ছোভিয়েট ইউনিয়নৰ শিবিৰত যোগদান কৰা ৰাষ্ট্ৰসমূহ হল 

আলবেনিয়া, বুলগেৰিয়া, পূৱ জাৰ্মানী, পোলেণ্ড, উত্তৰ কোৰিয়া আদি ।


১৪. বিশ্বৰ সৰু সৰু ৰাষ্ট্ৰবোৰে এই বৃহৎ শক্তি দুটাৰ সপ৭ে যোগদান কৰি সহায় কৰাৰ মূল কাৰণ কি আছিল ।

উত্তৰঃ  বিশ্বৰ সৰু সৰু ৰাষ্ট্ৰবোৰে এই বৃহৎ শক্তি দুটাৰ সপক্ষে যোগদান কৰি সহায় কৰাৰ মূল কাৰণ কেইটা আছিল ।

ক) তেওঁলোকক বৃহৎ শক্তিসমূহে ৰক্ষণাবেক্ষণ, অস্ত্ৰৰ যোগান আৰু আৰ্থিক সাহাৰ্য্য দিয়াৰ প্ৰতিশ্ৰতি দিছিল ।

খ) এই সৰু সৰু ৰাষ্ট্ৰবোৰক প্ৰতিবেশী শত্ৰু ৰাষ্ট্ৰসমূহৰ পৰা নিৰাপত্তা দিয়াৰ আশ্বাস দিছিল ।


১৫. পূৱ বা প্ৰাচ্যৰ মিত্ৰশক্তি কাক বোলে ।

উত্তৰঃ  পশ্চিম ইউৰোপৰ সৰহভাগ ৰাষ্ট্ৰই আমেৰিকা যুক্তৰাষ্ট্ৰৰ পক্ষত আৰু পূৱ ইউৰোপৰ ৰাষ্ট্ৰসমূহে ছোভিয়েট ইউনিয়নৰ পক্ষ লৈছিল । সেইবাবে এই মিত্ৰতাক পশ্চিমীয়া আৰু পূব বা প্ৰাচ্যৰ মিত্ৰ শক্তি বোলা হয় ।


১৬. আমেৰিকা যুক্তৰাষ্ট্ৰই নেতৃত্ব বহন কৰি পশ্চিমীয়া মিত্ৰ গোষ্ঠীয়ে গঠন কৰা সংগঠনটোৰ নাম কি ।

উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰই নেতৃত্ব বহন কৰি পশ্চিমীয়া মিত্ৰ গোষ্ঠীয়ে গঠন কৰা সংগঠনটোৰ নাম হল উত্তৰ আটলান্টিক চুক্তি সংগঠন ।


১৭. NATO ৰ সম্পূৰ্ণ নাম কি ।

উত্তৰঃ  NATO ৰ সম্পূৰ্ণ নাম হল North Atlantic Treaty Organisation  ।


১৮. কিমান চনৰ পৰা উত্তৰ আটলান্টিক চুক্তি সংগঠনৰ কাৰ্যকৰী কৰা হৈছিল ।

উত্তৰঃ  ১৯৪৯ চনৰ পৰা উত্তৰ আটলান্টিক চুক্তি সংগঠনৰ কাৰ্যকৰী কৰা হৈছিল ।


১৯. উত্তৰ আটলান্টিক চুক্তি সংগঠনৰ ৰাষ্ট্ৰসমূহ কি কি ।

উত্তৰঃ  উত্তৰ আটলান্টিক চুক্তি সংগঠনৰ ৰাষ্ট্ৰসমূহ হল 

বেলজিয়াম, কানাডা, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লামেযবাৰ্গ, নেডাৰলেণ্ড, নৰওৱে, পৰ্তুগাল, গ্ৰেট-ব্ৰিটেইন, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ । 


২০. উত্তৰ আটলান্টিক চুক্তি সংগঠনৰ ঘোষণাপত্ৰৰ বিষয়ে লিখা ।

উত্তৰঃ উত্তৰ আটলান্টিক চুক্তি সংগঠনৰ ঘোষণাপত্ৰ হল 

ক) ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ যিকোনো এখন ৰাষ্ট্ৰক যদি আন কোনো ৰাষ্ট্ৰই সশস্ত্ৰ আক্ৰমণ কৰে, তেন্তে এই আক্ৰমণ সকলোবোৰ সদস্য ৰাষ্ট্ৰৰ ওপৰত হোৱা বুলি গণ্য কৰা হব ।

খ) এনে ধৰণৰ আক্ৰমণ হলে সকলো সদস্যভূক্ত ৰাষ্ট্ৰই আক্ৰান্ত হোৱা ৰাষ্ট্ৰখনক সকলো বিশ্বৰ পৰা সাহাৰ্য্য প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ থাকিব ।


২১. পূৱ মিত্ৰ গোষ্ঠীৰ ৰাষ্ট্ৰসমূহে ছোভিয়েট ইউনিয়নৰ নেতৃত্বত সম্পাদন কৰা চুক্তিখনৰ নাম কি ।

উত্তৰঃ পূৱ মিত্ৰ গোষ্ঠীৰ ৰাষ্ট্ৰসমূহে ছোভিয়েট ইউনিয়নৰ নেতৃত্বত সম্পাদন কৰা চুক্তিখনৰ নাম হল ৱাৰশ্ব চুক্তি । 


২২. ৱাৰশ্ব চুক্তি কিমান চনত সম্পাদন কৰা হৈছিল ।

উত্তৰঃ  ১৯৫৫ চনত ৱাৰশ্ব চুক্তি সম্পাদন কৰা হৈছিল । 


২৩. ৱাৰশ্ব চুক্তিৰ মূল উদ্দেশ্য কি আছিল

উত্তৰঃ  ৱাৰশ্ব চুক্তিৰ মূল উদ্দেশ্য আছিল ইউৰোপত উত্তৰ আটলান্টিক চুক্তি সংগঠনৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহৰ শক্তিক প্ৰতিহত কৰা । 


২৪. ৱাৰশ্ব চুক্তিত অন্তৰ্ভূক্ত হোৱা ৰাষ্ট্ৰসমূহ কি কি ।

উত্তৰঃ ৱাৰশ্ব চুক্তিত অন্তৰ্ভূক্ত হোৱা ৰাষ্ট্ৰসমূহ হল 

বুলগেৰিয়া, পূৱ জাৰ্মানী, আলবেনিয়া, পোলেণ্ড, ছোভিয়েট ইউনিয়ন, চেকোশ্ল'ভেকিয়া । 


২৫. দক্ষিণ-পূৱ-এছিয়া সংগঠনত অন্তৰ্ভূক্ত হোৱা ৰাষ্ট্ৰকেইখন কি কি ।

উত্তৰঃ  দক্ষিণ-পূৱ এছিয়া চুক্তি সংগঠনত অন্তৰ্ভূক্ত হোৱা ৰাষ্ট্ৰকেইখন হল অষ্ট্ৰেলিয়া, গ্ৰেট-ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, নিউজিলেণ্ড, থাইলেণ্ড, ফিলিপাইনছ আৰু পাকিস্তান ।


২৬. কেন্দ্ৰীয় চুক্তি সংগঠনৰ সদস্য ৰাষ্ট্ৰসমূহ  কি কি ।

উত্তৰঃ কেন্দ্ৰীয় চুক্তি সংগঠনৰ সদস্য ৰাষ্ট্ৰসমূহ হল ইৰাণ, ইৰাক, পাকিস্তান, তুৰস্ক, গ্ৰেট-ব্ৰিটেইন ।


২৭. চীনদেশ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত যুদ্ধ কিমান চনত হৈছিল

উত্তৰঃ  ১৯৫৫ চনত চীনদেশ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত যুদ্ধ হৈছিল ।


২৮. বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰবোৰৰ মিত্ৰতাৰ কিয় প্ৰয়োজন ইয়াৰ মূল কাৰণকেইটা লিখা ।

উত্তৰঃ  বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰবোৰৰ প্ৰয়োজন হোৱা কাৰণসমূহ হল ।

ক) সৰু সৰু ৰাষ্ট্ৰবোৰত থকা তেল আৰু খনিজ সম্পদৰ বাবে  ।

খ) সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ শত্ৰু ৰাষ্ট্ৰত সামৰিক বাহিনী মোতায়েন আৰু ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰাত সুবিধা হয় ।

গ) সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা শত্ৰু পক্ষৰ ৰাষ্ট্ৰত চোৰাং ছোৱাগিৰি কৰাত সহায় কৰে ।

ঘ) বহুত ৰাষ্ট্ৰৰ মিত্ৰতাই একেলগে সামৰিক ব্যয় বা খৰচ বহন কৰাত সহায় কৰে ।

ঙ) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন এই দুই বৃহৎ শক্তিৰ মাজত আদৰ্শ বা ভাৱধাৰাৰ যথেষ্ট অমিল আছিল ।


২৯.  শীতল যুদ্ধৰ সময়ত দেখা দিয়া এটা সংকতৰ নাম লিখা ।

উত্তৰঃশীতল যুদ্ধৰ সময়ত দেখা দিয়া এটা সংকটৰ নাম হল কিউবা ক্ষেপনাস্ত্ৰ সংকট ।


৩০. ১৯৬০ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে অস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ বাবে তিনিখন চুক্তিত স্বাক্ষৰ কৰিছিল । এই চুক্তি তিনিখন কি কি ।

উত্তৰঃ  ১৯৬০ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে অস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ বাবে তিনিখন চুক্তিত স্বাক্ষৰ কৰিছিল । এই তিনিখন চুক্তি হল 

ক) নিয়ন্ত্ৰিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি ।

খ) পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধ চুক্তি ।

গ) ক্ষেপজ বিজ্ঞান বিৰোধ ক্ষেপনাস্ত্ৰ চুক্তি । 


৩১. কিউবা কি  ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচেই ওচৰত থকা এখন সৰু দীপ ৰাষ্ট্ৰ । 


৩২. কিমান চনত আৰু কাৰ নেতৃত্বত বিশ্বাসী ভ্ৰাম্যবাদী দলৰ চৰকাৰ প্ৰতিষ্ঠিত হৈছিল ।

উত্তৰঃ  ১১৯৫৯ চনত ফিডেল কাষ্ট্ৰোৰ নেতৃত্ত সাম্যবাদী আদৰ্শত বিশ্বাসী ভ্ৰাম্যবাদী দলৰ চৰকাৰ প্ৰতিষ্ঠিত হৈছিল ।


৩৩. ছোভিয়েট ইউনিয়নে কিমান চনত আৰু কত পাৰমাণৱিক ক্ষেপনাস্ত্ৰৰ  ঘাটি স্থাপন কৰাৰ কাম আৰম্ভ কৰিছিল ।

উত্তৰঃ  ১৯৬২ চনৰ ছেপ্তেম্বৰ মাহত ছোভিয়েট ইউনিয়নে কিউবাত পাৰমাণৱিক ক্ষেপনাস্ত্ৰৰ ঘাটি স্থাপন কৰাৰ কাম আৰম্ভ কৰিছিল । 


৩৪. আন্তৰ্জাতিক বাণিজ্য ব্যৱস্থাৰ পৰিৱৰ্তনসমূহ কি কি ।

উত্তৰঃ  আন্তৰ্জাতিক বাণিজ্য ব্যৱস্থাৰ পৰিৱৰ্তনসমূহ হল 

ক) উন্নত পশ্চিমীয়া দেশ সমূহে শোষণ কৰি থকা প্ৰাকৃতিক সম্পদৰ ওপৰত কম উন্নত দেশসমূহৰ নিজস্ব নিয়ন্ত্ৰণত থাকিব লাগে ।

খ) কম উন্নত ৰাষ্ট্ৰসমূহে যাতে উৎপাদিত সামগ্ৰীসমূহৰ উচিত মূল্য পায় তাৰ বাবে পশ্চিমীয়া বজাৰসমূহত প্ৰৱেশৰ ক্ষমতা দিব লাগে ।

গ) পশ্চিমীয়া দেশসমূহে সৰবৰাহ কৰা কাৰিকৰী কৌশলৰ মূল্য হ্ৰাস কৰিব লাগে ।

ঘ) আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠানসমূহত কম-উন্নত ৰাষ্ট্ৰসমূহক বিশেষ ভূমিকা লবলৈ দিব লাগে ।


৩৫. শীতল যুদ্ধৰ সময়ত ভাৰতবৰ্ষৰ সহাৰি কেনেধৰণৰ আছিল ।

উত্তৰঃ  শীতল যুদ্ধৰ সময়ত ভাৰতবৰ্ষৰ সহাৰি দুইধৰণৰ ঈছিল যেনে 

ক) ভাৰতবৰ্ষই দুই মিত্ৰশক্তি বা মিত্ৰগোষ্ঠীৰ পৰা আঁতৰি থকাৰ বাবে যত্নপৰ হব ।

খ) নতুনকৈ ঔপনিৱেশবাদৰ পৰা মুক্তিলাভ কৰা দেশসমূহে যাতে দুই মিত্ৰগোষ্ঠীৰ অংশ নহয় তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব ।


৩৬. ভাৰতবৰ্ষই কিমান চনত আৰু কাৰ সৈতে বন্ধুত্বৰ চুক্তিত স্বাক্ষৰ কৰিছিল ।

উত্তৰঃ  ১৯৭১ চনত ভাৰতবৰ্ষই ছোভিয়েট ৰাছিয়াৰ সৈতে বন্ধুত্বৰ চুক্তিত স্বাক্ষৰ কৰিছিল । 


৩৭. সীমিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তিৰ বিষয়ে লিখা ।

উত্তৰঃ  বায়ুমণ্ডল, আকাশৰ বহিৰভাগত বা পানীৰ তলত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণৰ চুক্তিখন স্বাক্ষৰিত হৈছিল বা সম্পাদন হৈছিল । ৯৯৬৩ চনৰ ৬ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট-ব্ৰিটেইন, আৰু ছোভিয়েট ৰাছিয়াৰ মাজত ইয়াক কাৰ্যকৰী কৰা হৈছিল । ১৯৬৩ চনৰ ১০ অক্টোবৰৰ পৰা । এই চুক্তিখনক সীমিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি বুলি জনা যায় । 


৩৮. পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধ চুক্তিৰ বিষয়ে লিখা ।

উত্তৰঃ  পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধ চুক্তি অনুসৰি কেৱল পাৰমাণৱিক শক্তি আহৰণ কৰা ৰাষ্ট্ৰসমূহৰহে পাৰমাণৱিক অস্ত্ৰ থাকিব । এই চুক্তি অনুসৰি পাৰমাণৱিক ৰাষ্ট্ৰ বুলি কলে সেইবোৰ ৰাষ্ট্ৰক গণ্য কৰা হব , যিবোৰ ৰাষ্ট্ৰই ১৯৬৭ চনৰ ১ জানুৱাৰীৰ আগতে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিছিল বা বিস্ফোৰিত কৰিছিল । সেই অনুসৰি পাৰমাণৱিক অস্ত্ৰৰ ৰাষ্ট্ৰসমূহ হল আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া, ব্ৰিটেইন, ফ্ৰান্স আৰু চীন । এই চুক্তি ১৯৬৮ চনৰ ১ জুলাইত ৱাশ্বিংটন, লণ্ডন, আৰু মস্কোত স্বাক্ষৰ হৈছিল আৰু বলবৎ হৈছিল ৯৭০ চনৰ মাৰ্চ মাহত । কিন্তু ভাৰতবৰ্ষকে ধৰি প্ৰায়বোৰ দেশে এই চুক্তিত স্বাক্ষৰ নকৰাৰ বাবে ১৯৯০ চনত স্বাক্ষৰ কৰাৰ সময়সীমা এটা নিৰ্দিষ্ট সময়লৈ আগবঢ়াই দিয়া হৈছে । 


৩৯. অস্ত্ৰ হ্ৰাস কৰা কৌশলগত চুক্তি ১ৰ বিষয়ে লিখা

উত্তৰঃ  ৰণকৌশলত আক্ৰমণ কৰা অস্ত্ৰ ৰ নিৰ্মাণ হ্ৰাস কৰা আৰু সীমিতকৰণৰ চুক্তি ১ম খন ১৯৯১ চনৰ ৩১ জুলাইত মস্কোত ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ মাজত স্বাক্ষৰিত হৈছিল ।


৪০. অস্ত্ৰ হ্ৰাস কৰা কৌশলগত চুক্তি ২ৰ বিষয়ে লিখা ।

উত্তৰঃ  ৰণকৌশলত আক্ৰমণ কৰা অস্ত্ৰ নিৰ্মাণ হ্ৰাস আৰু সীমিতকৰণৰ চুক্তি ২ খন ৰাছিয়াৰ ৰাষ্ট্ৰপতি বোৰিছ য়েল্টছিন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ মাজত ৯৯৩ চনৰ ৩ জানুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল । 


Author_ Ali rani Kakati ( Ba in History Major )