বিশ্ব ৰাজনীতিত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ 

অষ্টম অধ্যায়

অতি চমু প্ৰশ্নঃ 

১. বৰ্তমান সময়ত সমগ্ৰ বিশ্বত চৰ্চিত এটা গুৰুত্বপূৰ্ণ বিষয়টো কি ।

উত্তৰঃ  বৰ্তমান সময়ত সমগ্ৰ বিশ্বত চৰ্চিত এটা গুৰুত্বপূৰ্ণ বিষয়টো হল পৰিৱেশ ।


২. পৰিৱেশ প্ৰতিশব্দটো কি ভাষাৰ পৰা আহিছে ।

উত্তৰঃ  পৰিৱেশ প্ৰতিশব্দটো ফযৰাচী শব্দ এনভাইৰণৰ পৰা আহিছে ।


৩. পৰিৱেশ শব্দটোৰআভিধানিক অৰ্থ কি ।

উত্তৰঃ  পৰিৱেশ শব্দটোৰ আভিধানিক অৰ্থ হল ঘেৰি ধৰা বা আগুৰি ধৰা 

৪. পৰিৱেশ কি সম্পৰ্কৰ সমষ্টি ।

উত্তৰঃ  পৰিৱেশ হল পানী, বায়ু, আৰু ভূমি, েইবোৰৰ মাজৰ আৰু মানুহ, আন জীৱিত দেহ আৰু সম্পত্তিৰ সৈতে পাৰস্পৰিক সম্পৰ্কৰ সমষ্টি ।


৫. কিমান চনত লণ্ডন সন্মিলন আৰম্ভ হৈছিল ।

উত্তৰঃ   ১৯৫৪ চনত লণ্ডন সন্মিলন আৰম্ভ হৈছিল ।


৬. ছুইডেনৰ ৰাজধানীৰ নাম কি ।

উত্তৰঃ  ছুইডেনৰ ৰাজধানীৰ নাম হল ষ্টকহ'ম ।


৭. তৈল প্ৰদুষণৰ দ্বাৰা ক্ষতিগ্ৰস্ত জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা সম্পৰ্কীয় সন্মিলন কিমান চনত আৰু কত হৈছিল । 

উত্তৰঃ তৈল প্ৰদুষণৰ দ্বাৰা ক্ষতিগ্ৰস্ত জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন ১৯৬৯ চনত ব্ৰুছেলছত হৈছিল । 


৮. বায়ু প্ৰদুষণ সংক্ৰান্তীয় সন্মিলন কিমান চনত  হৈছিল ।

উত্তৰঃ  ১৯৭৯ চনত বায়ু প্ৰদুষণ সংক্ৰান্তীয় সন্মিলন হৈছিল ।


 ৯. ৰাষ্ট্ৰসংঘৰ ষ্টকহ'মত অনুষ্ঠিত হোৱা মানৱ পৰিৱেশ সম্পৰ্কীয় সন্মিলনৰ প্ৰধান লক্ষ্য কি আছিল ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ ষ্টকহ'মত অনুষ্ঠিত হোৱা মানৱ পৰিৱেশ সম্পৰ্কীয় সন্মিলনৰ প্ৰধান লক্ষ্য আছিল মানৱ পৰিয়ালৰ এক স্বাস্থ্যসন্মত আৰু এক বিশালহীন পৰিৱেশৰ অধিকাৰ ।


১০.  কিমান চনত আৰু কোনে আমাৰ উমৈহতীয়া ভৱিষ্যত শীৰ্ষক প্ৰতিবেদনখন প্ৰকাশ কৰিছিল ।

উত্তৰঃ ১৯৮৭ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ আয়োগে আমাৰ উমৈহতীয়া ভৱিষ্যত শীৰ্ষক প্ৰতিবেদনখন প্ৰকাশ কৰিছিল ।


১১. অ'জন স্তৰ সুৰক্ষা সম্পৰ্কীয় ভিয়েনা সন্মিলন কিমান চনত হৈছিল ।

উত্তৰঃ  ১৯৮৫ চনত অ'জন স্তৰ সুৰক্ষা সম্পৰ্কীয় ভিয়েয়া সন্মিলন হৈছিল ।


১২. ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ আয়োগক কি নামেৰে জনা যায় ।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ আয়োগক ব্ৰুণ্ডটলেণ্ড আয়োগ নামেৰে জনা যায় । 


১৩. কিমান চনত আৰু কত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ সম্পৰ্কীয় সন্মিলন অনুষ্ঠিত হৈছিল ।

উত্তৰঃ  ১৯৯২ চনত ব্ৰাজিলৰ ৰায়'ডে জেনেৰিঅ'ত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ সম্পৰ্কীয় সন্মিলন অনুষ্ঠিত হৈছিল । 


১৪. ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ সম্পৰ্কীয় সন্মিলনক কি সন্মিলন বুলি কোৱা হয় ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ সম্পৰ্কীয় সন্মিলনক বসুন্ধৰা সন্মিলন বুলি কোৱা হয় ।


১৫. বসুন্ধৰা সন্মিলনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো কি আছিল ।

7উত্তৰঃ  বসুন্ধৰা সন্মিলনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল যে সেই সময়লৈ এই সন্মিলনখন আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত সবাটোকৈ প্ৰগতিশীল কৰ্মসূচী আছিল ।


১৬. বসুন্ধৰা কাৰ্যসূচীৰ সন্মিলনখনত আলোচনা হোৱা কাৰ্যসূচীবোৰ কি কি ।

উত্তৰঃ  বসুন্ধৰা কাৰ্যসূচীৰ সন্মিলনখনত আলোচনা হোৱা কাৰ্যসূচীবোৰ হল দৰিদ্ৰতাৰ সৈতে যুঁজিবৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টা, জনসংখ্যা বৃদ্ধিত বাধা প্ৰদান, মানৱ স্বাস্থ্যৰ উন্নতিকৰণ, বায়ুমণ্ডলৰ ৰক্ষণাবেক্ষণ, ভূমি সম্পদৰ পৰিকল্পনা আৰু পৰিচালনা, নিৰ্বননীকৰণৰ বিৰুদ্ধে যুঁজ, জীৱ বৈচিত্ৰ্য সংৰক্ষণ ইত্যাদি ।


১৭. কিমান চনত জাপানত সন্মিলন অনুষ্ঠিত হৈছিল ।

উত্তৰঃ  ১৯৯৭ চনত জাপানৰ কায়'ট চহৰত সন্মিলন অনুষ্ঠিত হৈছিল ।


১৮. কিমান চনত জোহানেন্সবাৰ্গত সন্মিলন অনুষ্ঠিত হৈছিল ।

উত্তৰঃ  ২০০২ তনত জোহানেন্সবাৰ্গত সন্মিলন অনুষ্ঠিত হৈছিল ।


 কিমান চনত কোপেনহেগেন সন্মিলন অনুষ্ঠিত হৈছিল ।

উত্তৰঃ  ২০০৯ চনত কোপেনহেগেন সন্মিলন অনুষ্ঠিত হৈছিল ।


২০- কিমান চনত কানকুন সন্মিলন হৈছিল ।

উত্তৰঃ  ২০১০ চনত কানকুন সন্মিলন হৈছিল।


২১. সমূহীয়া বুলি কলে আমি কাৰ কথা কব পাৰো ।

উত্তৰঃ  সমূহীয়া বুলি কলে আমি সেইবোৰ সম্পদৰ কথা কব পাৰো, যিবোৰ কোনো গোট, গোষ্ঠী বা সম্প্ৰদায়ে সমূহীয়াভাৱে ব্যৱহাৰ বা উপভোগ কৰে । 


২২. সমূহীয়া বা পৃথকীকৰণ দায়বদ্ধতাৰ বিষয়ে লিখা ।

উত্তৰঃ  বিশ্বজনীন সমূহীয়া স্থান, অঞ্চল আৰু সম্পদসমূহৰ সু-পৰিচালনা মানৱ জাতি বা পৃথিৱীৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ । এই অঞ্চল, স্থান আৰু সম্পদসমূহৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে সমিলমিল বা সহযোগিতামূলক মনোভাবেৰে তদাৰক কৰিলে পাৰিবেশিক বহুতো সমস্যাৰ সমাধান হব পাৰে । কিন্তু বাস্তৱ ক্ষেত্ৰত বিশ্বজনীন সমূহীয়াৰ পৰিচালনা বিষয়টো ইতিমধ্যে উল্লেখ কৰা ধৰণে অত্যন্ত জটিল । গোটেই বিষয়টো উত্তৰৰ ধনী উন্নত ৰাষ্ট্ৰ আৰু দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰৰ মাজত অসমতাৰে পৰিপূৰ্ণ পাৰিবেশিক ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত উত্তৰ আৰু দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ দৃষ্টিভংগীত পাৰ্থক্য আছে আৰু এই পাৰ্থক্যৰ বাবে এই দুই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত পৰিৱেশ ৰক্ষণাবেক্ষণৰ পদ্ধতিক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হৈ আহিছে । উত্তৰৰ ধনী, উন্নত ৰাষ্ট্ৰসমূহে পাৰিৱেশিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সকলো ৰাষ্ট্ৰৰ সমদায়বদ্ধতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।


২৩. পাৰিবেশিক অৱক্ষয়ৰ মূল কাৰণ কি ।

উত্তৰঃ  পাৰিবেশিক অৱক্ষয়ৰ মূল কাৰণ হল উন্নত ৰাষ্ট্ৰসমূহৰ ঔদ্যোগিক বিকাশ ।


২৪. ৰায় ঘোষণাপত্ৰত কি কোৱা হৈছে ।

উত্তৰঃ  ৰায় ঘোষণাপত্ৰত কোৱা হৈছে যে বিশ্বৰ পৰ্যাবৰণৰ স্বাস্থ্য আৰু অখণ্ডতাৰ সংৰক্ষণ, ৰক্ষণাবেক্ষণ, আৰু পুনৰ সংস্থাপন কৰাৰ অৰ্থে ৰাষ্ট্ৰসমূহে বিশ্বজনীন অংশীদাৰিত্ব মনোভাৱেৰে সহযোগ কৰিব লাগিব ।


২৫. UNCCC ৰ সম্পূৰ্ণ নাম কি ।

উত্তৰঃ UNCCC ৰ সম্পূৰ্ণ নাম হল  United Nations Convention On Climate Change . 


২৬. কিমান চনত আৰু কত জলবায়ু পৰিৱৰ্তনৰ ৰাষ্ট্ৰসংঘৰ গঠন সন্মিলন অনুষ্ঠিত হৈছিল ।

উত্তৰঃ  ১৯৯৭ চনত নতুন দিল্লীত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ জলবায়ু পৰিৱৰ্তনৰ ৰাষ্ট্ৰসংঘৰ গঠন সন্মিলন অনুষ্ঠিত হৈছিল ।


২৭. কায়'ট চুক্তিত কিমানখন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল

উত্তৰঃ  কায়'ট চুক্তিত ১৫০ খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল ।


২৮. কায়'ট চুক্তিয়ে কাক পুনৰ বহল কৰি তোলে ।

উত্তৰঃ  কায়'ট চুক্তিয়ে উত্তৰ-দক্ষিণৰ মাজৰ সংঘাত পুনৰ বহল কৰি তোলে ।


২৯. কায়'ট চুক্তিখন কি চুক্তি আছিল ।

উত্তৰঃ  কায়'ট চুক্তিখন আছিল বিশ্বজনীন উষ্ণতা বৃদ্ধি সম্পৰ্কীয় এখন আন্তৰ্জাতিক চুক্তি ।


৩০. কাট'ট চুক্তি কিমান চনত কাৰ্যকৰী কৰা হয় ।

উত্তৰঃ  ২০০৫ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা কায়'ট চুক্তি কাৰ্যকৰী কৰা হয় ।


৩১. দুবিধ সেউজগৃহ গেছৰ নাম লিখা ।

উত্তৰঃ  দুবিধ সেইজগৃহ গেছৰ নাম হল 

ক) কাৰ্বন-ড্ৰাই-অক্সাইড ।

খ) মিথেন ।


৩২. কায়'ট চুক্তিৰ বৈশিষ্ট্য কেইটা লিখা ।

উত্তৰঃ  কায়'ট চুক্তিৰ বৈশিষ্ট্য কেইটা হল 

ক) পৰিশিষ্ট এক'অন্তৰ্ভূক্ত ৰাষ্ট্ৰসমূহে ১৯৯০ চনত থকা সেইজ গৃহৰ নিৰ্গমন তুলনামূলকভাৱে গড়ে ৫.২ শতাংশ হ্ৰাস কৰিব লাগিব । অৰ্থনৈতিক সহযোগিতা আৰু বিকাশমূলক সংগঠনৰ  ২৪ খন ৰাষ্ট্ৰ, ইইৰোপীয় ইউনিয়নৰ সদস্যৰাষ্ট্ৰসমূহ আৰু এঘাৰখন পূৱ ইউৰোপীয় ৰাষ্ট্ৰ পৰিশিষ্ট এক শ্ৰেণীৰ ভিতৰত পৰে । সামগ্ৰিকভাৱে ২০১২ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰই সাত শতাংশ, িউৰোপীয় ইউনিয়নে আঠ শতাংশ, কানাডাই ছয় শতাংশ আৰু জাপানে ছয় শতাংশ হ্ৰাস কৰিব । ৰাছিয়াই নিৰ্গতকৰণৰ মাত্ৰা ১৯৯০ চনৰ পৰ্যায়তে ৰাখিব ।

খ)  উন্নয়নশীল বিশ্বৰ ৰাষ্ট্ৰসমূহক লক্ষ্যসিদ্ধ নিৰ্গমন হ্ৰাসকৰণৰ পৰা ৰেহাই দিয়া হৈছে । অৱশ্যে তেওঁলোকে নিৰ্গমন নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্যব্যৱস্থা আৰম্ভ কৰিব লাগিব ।

গ) সেউজগৃহ গেছ ছয়টাৰ আটাইকেইটাৰ ক্ষেত্ৰত হ্ৰাসকৰণ প্ৰযোজ্য হব ।

ঘ) এই হ্ৰাসকৰণ ২০০৮ চনৰ পৰা ২০১২ চনৰ ভিতৰত সম্পূৰ্ণ হব লাগিব ।


৩৩. কায়'ট চুক্তিত উন্নয়নশীল হোৱা বিশ্বৰ দুখন ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ  কায়'ট চুক্তিত উন্নয়নশীল হোৱা বিশ্বৰ দুখন ৰাষ্ট্ৰৰ নাম হল 

ক) চীন ।

খ) ভাৰতবৰ্ষ ।


৩৪. সেইজগৃহ গেছ হ্ৰাসকৰণৰ ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰা ৰাষ্ট্ৰখনৰ নাম কি ।

উত্তৰঃ  সেউজগৃহ গেছ হ্ৰাসকৰণৰ ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰা ৰাষ্ট্ৰখনৰ নাম হল আমেৰিকা যুক্তৰাষ্ট্ৰ ।


৩৫. কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰ কায়'ট চুক্তিৰ পৰা বাহিৰ হৈ আহে ।

উত্তৰঃ  ২০০৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ কায়'ট চুক্তিৰ পৰা বাহিৰ হৈ আহে ।


৩৬. কিমান চনত কায়'ট চুক্তিৰ ম্যাদ উকলি গৈছিল ।

উত্তৰঃ  ২০১২ চনত কায়'ট চুক্তিৰ ম্যাদ উকলি গৈছিল ।


৩৭. সমূহীয়া সম্পত্তি বুলিলে কি বুজা ।

উত্তৰঃ  সমূহীয়া সম্পত্তি বুলিলে কোনো এটা গোট, গোষ্ঠী আৰু সম্প্ৰদায়ে সমূহীয়া বা উমৈহতীয়াভাৱে আহৰণ আৰু পৰিচালনা কৰা সম্পত্তিক বুজায় ।


৩৮. ভাৰতবৰ্ষৰ পৰিৱেশৰ সমস্যাক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ ভাৰতবৰ্ষৰ পৰিৱেশৰ সমস্যাক দুটা ভাগত ভগাব পাৰি যেনে 

ক) উদ্যোগীকৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত ঋণাত্মক প্ৰভাৱ ।

খ) দৰিদ্ৰতা আৰু অধঃবিকাশৰ পৰিৱেশৰ ফলত সৃষ্টি হোৱা সমস্যা ।


৩৯. নৱীকৃত ইন্ধন কাৰ্যসূচী ব্যৱহাৰ কৰা প্ৰথমখন ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ নৱীকৃত ইন্ধন কাৰ্যসূচী ব্যৱহাৰ কৰা প্ৰথমখন ৰাষ্ট্ৰৰ নাম হল ভাৰতবৰ্ষ ।


৪০. কিমান চনত ভাৰতবৰ্ষই কায়'ট প্ৰটকলত স্বাক্ষৰ কৰিছিল ।

উত্তৰঃ  ২০০২ চনৰ আগষ্ট মাহত ভাৰতবৰ্ষই কায়'ট প্ৰটকলত স্বাক্ষৰ কৰিছিল । 


Type By- Ali Rani Kakati