দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বি-মেৰুৰ পৰিসমাপ্তি 

দ্বিতীয় অধ্যায়

অতি চমু প্ৰশ্নঃ

১। বাৰ্লিনৰ দেৱালখন কিহৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিল ।

উত্তৰঃ  শীতল যুদ্ধৰ ওপৰত ভিত্তি কৰি বাৰ্লিনৰ দেৱালখন প্ৰস্তুত কৰা হৈছিল ।


২. বাৰ্লিনৰ দেৱালখন কিমান চনত আৰু কোনে ভাঙি পেলাইছিল ।

উত্তৰঃ  ১৯৮৯ চনত বাৰ্লিনৰ দেৱালখন তাৰ জনসাধাৰণে ভাঙি পেলাইছিল ।


৩. দ্বিতীয় বিশ্ব বুলি কাক কোৱা হয় ।

উত্তৰঃ  ছোভিয়েট ইউনিয়ন গোষ্ঠীৰ দেশসমূহকে দ্বিতীয় বিশ্ব বুলি কোৱা হয় ।


৪. কিমান চনত ৰাছিয়াত সমাজবাদী বিপ্লৱৰ সূত্ৰপাত হৈছিল ।

উত্তৰঃ  ১৯১৭ চনত ৰাছিয়াত সমাজবাদী বিপ্লৱৰ সূত্ৰপাত হৈছিল । 


৫. ৰাছিয়াত বিদ্ৰোহ হোৱাৰ মূল কাৰণ কি আছিল ।

উত্তৰঃ  ৰাছিয়াত বিদ্ৰোহ হোৱাৰ মূল কাৰণ আছিল পূঁজিবাদৰ অৱসান ঘটাই সমাজবাদ প্ৰতিষ্ঠা কৰা বা সকলো মানুহক্ সামাজিক, আৰ্থিক, আৰু ন্যায়িক ক্ষেত্ৰত সমস্বত্তাধিকাৰী বুলি গণ্য কৰা ।


৬. ছোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ  ছোভিয়েট ইউনিয়ন সাম্যবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্যক্তিজনৰ নাম হল মিখাইল গৰ্বাচেভ ।


৭. গৰ্বাছেভে প্ৰৱৰ্তন কৰা নীতি দুটাৰ নাম লিখা ।

উত্তৰঃ গৰ্বাছেভে প্ৰৱৰ্তন কৰা নীতি দুটাৰ নাম হল 

ক) গ্লাছন'ষ্ট ।

খ) পেৰেষ্ট্ৰাইকা ।


৮. গ্লাছন'ষ্টৰ অৰ্থ কি ।

উত্তৰঃ গ্লাষ্টন'ষ্টৰ  অৰ্থ হল আৰ্থিক স্বচ্ছতা আৰু পেৰেষ্ট্ৰাইকাই পুনৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে । অৱশ্যে অনতিপলমে এই সংস্কাৰ নীতি নিয়ন্ত্ৰণৰ পৰা বাহিৰ ওলাই যায় ।


৯. কিমান চনত সংযুক্ত ছোভিয়েট সমাজবাদী প্ৰজাতন্ত্ৰ খণ্ড-বিখণ্ড হৈছিল ।

উত্তৰঃ  ১৯৯১ চনৰ ২৫ ডিচেম্বৰত সংযুক্ত ছোভিয়েট সমাজবাদী প্ৰজাতন্ত্ৰ খণ্ড-বিখণ্ড হৈছিল ।


১০. ৱাৰশ্ব চুক্তি কেতিয়া ভংগ হৈছিল ।

উত্তৰঃ  ১৯৯১ চনৰ ২৫ হিচেম্বৰত ৱাৰশ্ব চুক্তি ভংগ হৈছিল ।


১১. কিমান চনৰ পৰা ৰাছিয়াক ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী বুলি মানি লোৱা হৈছে ।

উত্তৰঃ  ১৯৯১ চনৰ পৰা ৰাছিয়াক ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী বুলি মানি লোৱা হৈছে

 ।

১২. ছোভিয়েট ইউনিয়ন খণ্ড-বিখণ্ড হোৱাৰ প্ৰধান কাৰণ কি আছিল ।

উত্তৰঃ ছোভিয়েট ইউনিয়ন খণ্ড-বিখণ্ড হোৱাৰ প্ৰধান কাৰণ হল ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত থকা আভ্যন্তৰীণ দূৰ্বলতা । 


-১৩. ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ কাৰণকেইটা লিখা ।

উত্তৰঃ  ছোভিয়েট ইউনিয়ৰ ভাঙোনৰ কাৰণকেইটা হল 

ক) গৰ্বাচেভে যিবোৰ সংস্কাৰ কৰিব বিচাৰিছিল বা প্ৰশাসনৰ ক্ষেত্ৰত যি শিথিলতা আনিব বিচাৰিছিল সেইবোৰ অতি লেহেম গতিত আগবাঢ়িছিল । ইয়াৰ ফলশ্ৰুতিত জনসাধাৰণ ধৈয্যচ্যুত আৰু নিৰাশ হৈ পৰিছিল । কাৰণ, তেওঁলোকৰ মতে ইমান লেহেম গতিত কামবোৰ আগবাঢ়িলে তেওঁলোকে আশা কৰা অনুসৰি লাভৱান নহব ।

খ) ছোভিয়েট ইউনিয়নৰ পতন হোৱাৰ আন এটা কাৰণ হল ৰাছিয়া, বাল্টিক প্ৰজাতন্ত্ৰ, ইউক্ৰেইন, জৰ্জিয়া, আৰু ছোভিয়েট ইউনিয়নৰ অংশ হিচাপে থকা বিভিন্ন প্ৰজাতন্ত্ৰবোৰৰ মাজত গঢ়ি উঠা জাতীয়তাবাদ আৰু সাৰ্বভৌমত্বৰ লাভৰ আকাংক্ষা । 

গ) ৰাছিয়া পতন হোৱাৰ আন এটা কাৰণ হল ছোভিয়েট ইউনিয়নৰ প্ৰায়বোৰ স্বাধীন প্ৰজাতন্ত্ৰ একত্ৰিত হৈ গঠিত হৈছিল । গতিকে, এই প্ৰজাতন্ত্ৰবোৰৰ বহুত বিষয়ত বৈসাদৃশ্য আছিল আৰু ইয়াৰ বাবে প্ৰজাতন্ত্ৰবোৰৰ মাজত আভ্যন্তৰীণ সমস্যাই দেখা দিছিল । 

ঘ) ছোভিয়েট ইউনিয়ন ভাঙোনৰ আন এটা কাৰণ হল মধ্য এছিয়াত জাতীয়তাবাদীসকলৰ বিক্ষোভ । ছোভিয়েট ইউনিয়নৰ আন আন প্ৰজাতন্ত্ৰৰ সৈতে থকা মধ্য এছিয়াৰ প্ৰজাতন্ত্ৰবোৰৰ জাতিগত আৰু ধৰ্মীয় পাৰ্থক্য বা অৰ্থনৈতিক অনগ্ৰসৰতা ।


১৪. ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছৰ ফলাফলসমূহৰ বিষয়ে লিখা ।

উত্তৰঃ  ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছৰ ফলাফলসমূহ হল 

ক) প্ৰথমতে, ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলত বিশ্বত শীতল যুদ্ধৰ অন্ত পৰিছিল । বিশ্বৰ দুটা ডাঙৰ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিনৰ মাজত থকা সমাজবাদী আৰু পূঁজিপতীয় আদৰ্শবাদ সংঘাত নোহোৱা হয় । এই দুটা শক্তিৰ আদৰ্শগত সংঘাতৰ বাবে বিশ্বখন দুটা সামৰিক গোটত পৰিণত হৈছিল, যাৰবাবে দুয়োটা গোটে অস্ত্ৰ প্ৰতিযোগিতাত নামি পৰিছিল আৰু পাৰমাণৱিক অস্ত্ৰ সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছিল । 

খ) ছোভিয়েট ইউনিয়নৰ ক্ভাষমতাকেন্ঙোদ্নৰিক ৰাজনীতি দুই ধৰণৰ হব পাৰে । আমেৰিকা যুক্ৰতৰাষ্ট্ৰৰ সমগ্ৰ বিশ্বৰ ওপৰত আধিপত্য বিস্তাৰ কৰি ওপৰত আধিপত্য বিস্তাৰ কৰি এক মেৰু ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব পাৰে বা বিভিন্ন ৰাষ্ট্ৰ বা ৰাষ্ট্ৰৰ গোষ্ঠীয়ে আন্তৰ্জাতিক ৰাজনীতিত প্ৰভাৱশালী কৰি তুলিব পাৰে ।   

গ)  ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত বহুত নতুন নতুন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছে আৰু এই প্ৰত্যেক ৰাষ্ট্ৰৰ নিজস্ব আশা-আকাংক্ষা আছে । বিশেষকৈ বাল্টিক আৰু পূব-ইউৰোপৰ ৰাষ্ট্ৰসমূহে ইউৰোপীয় সংঘত যোগদান কৰি দক্ষিণ আটলান্টিক চুক্তি সংগঠনৰ অংশীদাৰ হোৱাৰ পোষকতা কৰিছিল ।

ঘ) মধ্য এছিয়াৰ ৰাষ্ট্ৰসমূহে ৰাছিয়াৰ লগত থকা সু-সম্পৰ্ক বজাই ৰাখি পশ্চিমীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ সৈতে সম্পৰ্ক স্থাপন কৰিব বিচাৰে । 

ঙ) ছোঊিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত নিজৰ নিজৰ স্বাৰ্থ ৰক্ষা আৰু অৰ্থনৈতিক বা ৰাজনৈতিক সুবিধা গ্ৰহণৰ বাবে বিশ্বৰ ৰাজনীতিত বহুত নতুন নতুন নায়কৰ  সৃষ্টি হৈছে । 


১৫. ৰাছিয়াৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ছোভিয়েট ইউনিয়নৰ পৰা পৃথক হৈ ৰাছিয়াই এখন সুকীয়া গণৰাজ্য হিচাপে প্ৰতিষ্ঠা হোৱাৰ পিছত বিভিন্ন জনগোষ্ঠী , ধৰ্মীয় বা তাৰ অঞ্চলৰ পৰা ভাবুকিৰ সন্মুখীন হৈছিল । ৰাছিয়াৰ ছেচনিয়া আৰু ডাগেস্তান এই দুখন প্ৰজাতন্ত্ৰত বিচ্ছিন্নতাবাদী আন্দোলন আৰম্ভ হৈছিল । েই বিচ্ছিন্নতাবাদী আন্দোলনক দমন কৰা উদ্দেশ্যৰে মস্কোই নিৰ্বিচাৰভাৱে মানৰ মানৱ অধিকাৰ ভংগ কৰি ছেচনিয়া বিদ্ৰোহীসকলৰ ওপৰত বোমা বৰ্ষণ কৰিছিল  কিন্তু তেওঁলোকৰ স্বাধীন হোৱাৰ সপোনক ব্যাঘাত কৰিব পৰা নাই, বৰ্তমানলৈকে এই দাবী অব্যাহত আছে । 


১৬. মধ্য এছিয়া ৰাষ্ট্ৰৰ বিষয়ে লিখা ।

উত্তৰঃ মধ্য এছিয়াৰ তাজিকিস্তানত ১০ বছৰ ধৰি ২০০১ চনলৈকে গৃহযুদ্ধ চলিছিল । এই অঞ্চলসমূহত বহুতো গোষ্ঠীগত সংঘৰ্ষ হৈছিল । আজাৰবাইজানৰ নাগোৰনো-কাৰাবাখ প্ৰদেশৰ কিছুমান স্থানীয় আৰ্মেনীয়ান লোকে আজাৰবাইজানৰ পৰা বিচ্ছিন্ন হৈ আৰ্মেনিয়াত চামিল হবৰ বাবে বিচ্ছিন্নতাবাদী আন্দোলনত জড়িত হৈ পৰিছে । একেদৰে জৰ্জিয়াত দুখন প্ৰদেশৰ পৰা স্বাধীন হোৱাৰ দাবী উত্থাপিত হৈছে যাৰ ফলত তাত গৃহযুদ্ধৰ সূত্ৰুাত হৈছে । ইউক্ৰেইন, কিৰ্গিজান, আৰু জৰ্জিয়াৰ শাসন ব্যৱস্থাৰ বিষয়ে গণবিদ্ৰোহ আৰম্ভ হৈছে । ৰাষ্ট্ৰসমূহৰ আৰু প্ৰদেশবোৰৰ মাজত নদীৰ পানীক লৈও কাজিয়াৰ সূত্ৰপাত হৈছে । এনেধৰণৰ আন্দোলন , বিদ্ৰোহ, কাজিয়া আদিয়ে সাধাৰণ জনসাধাৰণৰ জীৱন কষ্টকৰ কৰি তুলিছে । 


১৭. ৰাছিয়াৰ মুদ্ৰাক কি বুলি কোৱা হয় ।

উত্তৰঃ  ৰাছিয়াৰ মুদ্ৰাক  ৰূবল বুলি কোৱা হয় ।


১৮. প্ৰাকৃতিক তেল আৰু গেছ উৎপাদিত ৰাষ্ট্ৰ কেইখনৰ নাম লিখা ।

উত্তৰঃ  প্ৰাকৃতিক তেল আৰু গেছ উপাদিত ৰাষ্ট্ৰকেইখনৰ নাম হল 

ক) আজাৰবাইজান ।

খ) কাজাখস্তান ।

গ) তুৰ্কমেনিস্তান ।

ঘ) উজবেকিস্তান ।


১৯. অৰ্থনীতি সম্বন্ধীয়ৰ বিষয়ে লিখা ।

উত্তৰঃ  ছোভিয়েট ইউনিয়নে ভাৰতৰ চৰকাৰী খণ্ডৰ কোম্পানীবোৰত সাহাৰ্য্য আগবঢ়াইছিল । ছোভিয়েট ইউনিয়নে ভাৰতৰ ভিলাই, বোকাৰো, বিশাখাপত্তনম আদি তীখা যোজনাকৰণত প্ৰযুক্তিবিদ্যাআৰু আৰ্থিক সাহাৰ্য্য দি সহায় কৰিছিল । একেদৰে ভাৰত গধুৰ বৈদ্যুতিক সীমিত আদি যন্ত্ৰ-পাতি প্ৰস্তুত কৰা প্ৰকল্পতো কাৰিকৰী দিশত সহায় কৰিছিল । ভাৰতবৰ্ষৰ যেতিয়া বৈদেশীক মুদ্ৰাৰ অভাৱ হৈছিল তেতিয়া ছোভিয়েট ইউনিয়নে বৈদেশীক মুদ্ৰাৰ সলনি ভাৰতৰ মুদ্ৰা গ্ৰহণ কৰিছিল ।


২০ . ৰাজনৈতিক সম্বন্ধীয়ৰ বিষয়ে লিখা ।

উত্তৰঃ ছোভিয়েট ইউনিয়নে কাশ্মীৰ বিষয়ত ভাৰতবৰ্ষক সমৰ্থন কৰিছিল । ভাৰতবৰ্ষৰ চীন আৰু পাকিস্তানৰ লগত হোৱা সংঘৰ্ষৰ সময়ত ছোভিয়েট ইউনিয়নে ভাৰতক সহায় বা সমৰ্থন কৰিছিল । অৱশ্যে, ভাৰতবৰ্ষইও ছোভিয়েট ইউনিয়নৰ বৈদেশীক নীতিৰ সংকটপূৰ্ণ অৱস্থাত আওপকীয়াকৈ সমৰ্থন কৰিছিল ।


২১. সামৰিক সম্বন্ধীয়ৰ বিষয়ে লিখা ।

উত্তৰঃ  ভাৰতবৰ্ষই সৰহভাগ সামৰিক অস্ত্ৰ-শস্ত্ৰ ছোভিয়েট ইউনিয়নৰ পৰা লাভ কৰিছিল । ছোভিয়েট ইউনিয়নে ভাৰতবৰ্ষৰ সৈতে যুটীয়াভাৱে বিভিন্ন সামৰিক যন্ত্ৰ-পাতি প্ৰস্তুত কৰাৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছিল । 


২২. মস্কোত সাম্যবাদী দলৰ মূৰব্বী বা প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছিল ।

উত্তৰঃ  বোৰিচ য়াল্টচিনক মস্কোত সাম্যবাদী দলৰ মূৰব্বী বা প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল ।


২৩. কিমান চনত লিথুয়েনিয়াত স্বাধীনতা আন্দোলনৰ সূত্ৰপাত হৈছিল ।

উত্তৰঃ  ১৯৮৮ চনত লিথুয়েনিয়াত স্বাধীনতা আন্দোলনৰ সূত্ৰপাত হৈছিল ।


২৪. ছোভিয়েট ইউনিয়নৰ প্ৰজাতন্ত্ৰ কেইখন ।

উত্তৰঃ  ছোভিয়েট ইউনিয়নৰ প্ৰজাতন্ত্ৰ ১৫ খন ।


২৫. কিমান চনত লিথুয়েনিয়াক প্ৰথমে স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছিল ।

উত্তৰঃ  ১৯৯০ চনৰ মাৰ্চ মাহত লিথুয়েনিয়াক প্ৰথমে স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছিল।


২৬. কিমান চনত ৰাছিয়াৰ সংসদে ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীন বুলি ঘোষণা কৰিছিল ।

উত্তৰঃ ১৯৯০ চনৰ জুন মাহত ৰাছিয়াৰ সংসদে ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীন বুলি ঘোষণা কৰিছিল । 


২৭. কিমান চনত য়াল্টচিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি  হৈছিল ।

উত্তৰঃ ১৯৯১ চনৰ জুন মাহত য়াল্টচিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈছিল ।


২৮. কিমান চনত সাম্যবাদী দলৰ শীৰ্ষস্থানীয় নেতাসকলে গৰ্বাচেভৰ বিৰুদ্ধে সামৰিক অভ্যুত্থান ঘটাইছিল । 

উত্তৰঃ  ১৯৯১ চনৰ আগষ্ট মাহত সাম্যবাদী দলৰ শীৰ্ষস্থানীয় নেতাসকলে গৰ্বাচেভৰ বিৰুদ্ধে বিৰুদ্ধে সামৰিক অভ্যুত্থান ঘটাইছিল ।


২৯. বাল্টিক প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰসংঘৰ সদস্য হোৱা তিনিখন দেশৰ নাম লিখা

উত্তৰঃ  বাল্টিক প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰসংঘৰ সদস্য হোৱা তিনিখন দেশৰ নাম হল 

ক) ইষ্টোনিয়া ।

খ) লাটভিয়া ।

গ) লিথুয়েনিয়া ।


২৯. বাল্টিক প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰসংঘৰ সদস্য দেশ তিনিখনে কিমান চনত উত্তৰ আটলান্টিক চুক্তি সংগঠনত যোগদান কৰিছিল ।

উত্তৰঃ  ২০০৪ চনৰ মাৰ্চ মাহত বাল্টিক প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰসংঘৰ সদস্য হিচাপে উত্তৰ আটলান্টিক চুক্তি সংগঠনত যোগদান কৰিছিল ।


৩০. ১৯৯১ চনৰ ডিচেম্বৰ মাহৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ ঃ  ৰাছিয়া, বেলাৰুচ, আৰু ইউক্ৰেইন এই তিনিখন প্ৰজাতন্ত্ৰই ছোভিয়েট ইউনিয়নে যুগুত কৰা ১৮২২ চনৰ চুক্তিখন বাতিল কৰি স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ গঠন কৰিছিল । এই কমনৱেলথত আৰমেনিয়া, আজাৰবাইজান, মলডোভা, কাজাখাস্তান, কিৰ্গিস্তান, তাজিকিস্তান, তুৰ্কমেনিস্তান, আৰু উজবেকিস্তানে যোগদান কৰিছিল । জৰ্জিয়া ১৯৯৩ চনত ইয়াত অন্তৰ্ভূক্ত হৈছিল । ৰাছিয়াই ৰাষ্ট্ৰসংঘত ছোভিয়েট ইউনিয়নৰ আসনখন লাভ কৰিছিল । 


৩১. কিমান চনত মিথাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল ।

উত্তৰঃ ১৯৯১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল ।


৩২. কিমান চনত ভ্লডিমিৰ লেনিনৰ জন্ম হৈছিল ।

উত্তৰঃ  ১৮৭০ চনত ভ্লাডিমিৰ লেনিনৰ জন্ম হৈছিল । 


৩৩. ভ্লাডিমিৰ লেনিনৰ বিষয়ে লিখা ।

উত্তৰঃ  ভ্লাডিমিৰ লেনিন আছিল বলছেভিক সাম্যবাদী দলৰ প্ৰতিষ্ঠাপক । তেওঁ ১৯১৭ চনত হোৱা ৰাছিয়াৰ বিপ্লৱৰ নেতা আছিল । তেওঁ ছোভিয়েট ইউনিয়নৰ প্ৰতিষ্ঠাপক মুৰব্বীও আছিল । ৰাছিয়াৰ বিপ্লৱৰ পাছৰ সময়ছোৱাত লেনিনে এটা প্ৰধান ভূমিকা লৈছিল । মাক্সবাদী ধ্যান ধাৰণাৰে লেনিনে সমগ্ৰ বিশ্বক সাম্যবাদ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিছিল । 


৩৪. জোচেফ ষ্টেলিনৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ  জোচেফ ষ্টেলিনৰ আছিল লেনিনৰ উত্তৰাধিকাৰী ।  সেই সময়ত ছোভিয়েট ইউনিয়ন যথেষ্ট শক্তিশালী আছিল । তেওঁ দ্ৰত উদ্যোগীকৰণৰ ওপৰত জোৰ দিছিল আৰু যৌথ কৃষি কৰাৰ বাবে বাধ্য কৰাইছিল । দ্বিতীয় বিশ্বযুদ্ধত ছোভিয়েট ইউনিয়নৰ জয়লাভৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছিল । ১৯৩০ চনত হোৱা ভয়ানক সন্ত্ৰাসৰ বাবে তেওঁক জগৰীয়াও কৰা হৈছিল । তেওঁ দলৰ স্বেচ্ছাচাৰী নেতা আছিল আৰু প্ৰতিদ্বন্দ্বী সকলক দলৰ পৰা বহিষ্কাৰ কৰিছিল ।


৩৫. কিমান চনত জোচেফ ষ্টেলিনৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১৯৫৩ চনত জোচেফয ষ্টেলিনৰ মৃত্যু হৈছিল । 


৩৬. কিমান চনত নিকিতা খুচেভ ছোভিয়েট ইউনিয়নৰ নেতা হৈছিল ।

উত্তৰঃ ১৯৫৩ চনত নিকিতা খুচেভ ছোভিয়েট ইউনিয়নৰ নেতা হৈছিল । 


৩৭. ছোভিয়েট ইউনিয়নৰ নেতৃত্ব বহন কৰা অন্তিমজন নেতাৰ নাম কি ।

উত্তৰঃ  ছোভিয়েট ইউনিয়নৰ নেতৃত্ব বহন কৰা অন্তিমজন নেতাৰ নাম  হল মিখাইল গৰ্বাচেভ । 


৩৮. কিমান চনত লিওনাইড ব্ৰেজনেভৰ জন্ম হৈছিল ।

উত্তৰঃ   ১৯০৬ চনত লিওনাইড ব্ৰেজনেভৰ জন্ম হৈছিল । 


৩৯. কিমান খ্ৰীঃত স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ গঠন কৰিছিল ।

উত্তৰঃ  ১৯২২ চনৰ  চুক্তিখন বাতিল কৰি স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ গঠন কৰিছিল ।


৪০. ত্ৰাসিক বা আতংক প্ৰতিকাৰ ব্যৱস্থা কাক বোলে । 

উত্তৰঃ  ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত গঠিত হোৱা নতুন স্বাধীন ৰাষ্ট্ৰসমূহৰ পৰা স্বেচ্ছাচাৰী সাম্যবাদ ব্যৱস্থাৰ অৱসান আৰু পুঁজুবাদী গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলত এই ৰাষ্ট্ৰসমূহত এটা অচলা অৱস্থাৰ সৃষ্টি হৈছিল । এনে এটা পৰিস্থিতিৰ পৰা ৰাছিয়া, মধ্য এছিয়া, আৰু পূৱ ইউৰোপক উপশম দিয়াৰ বাবে বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নীতিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল । ইয়াকে ত্ৰাসিক বা আতংক প্ৰতিকাৰ ব্যৱস্থা বুলি কোৱা হয় ।


Type By- Ali Rani Kakati