বাঘ আৰু বগলী
এখন হাবিত এটা বাঘ আছিল। এদিনাখন মাংস খাই থাকোঁতে তাৰ ডিঙিত এডাল হাঁড় লাগিল। বহু চেষ্টা কৰিও সি ডিঙিৰ পৰা হাড়ডাল এৰুৱাব নোৱাৰিলে। ইফালে ডিঙিত হাড়ডাল লাগি থকা কাৰণে সি একো খাব-ল'ব নোৱাৰা হ'ল। সেয়েহে সি হাবিৰ আন আন পশু পক্ষী যাকে য'তে পায় ডিঙিৰ হাড়ডাল এৰুৱাই দিবলৈ কাতৰ মিনতি কৰিলে। কিন্তু কোনো তাৰ ওচৰলৈ নাহিল, সকলোবিলাকে ভয়তে পলায় ৷

এইদৰে হাবিৰ মাজত ঘূৰি ফুৰি বাঘটোৱে এটা বগলীক লগ পালে। বগলীক দেখিয়েই বাঘটোৱে বৰ আদৰৰে মাত লগালে- “হেৰা বগলীবাই ! কাম এটা কৰি দিব পাৰিবা নে? মোৰ ডিঙিত হাড় এডাল লাগি আছে। তুমি যদি তোমাৰ দীঘল ঠোঁটটোৰে হাড়ডাল উলিয়াই দিয়া তেনেহ'লে মই তোমাক এটা বহুমূলীয়া উপহাৰ দিম।

উপহাৰৰ লোভত বগলীটোৱে বিপদৰ কথা চিন্তা নকৰি বাঘটোৰ মুখত মূৰটো সুমুৱাই দিলে আৰু তাইৰ দীঘল ঠোঁটেৰো হাঁড়ডাল কামুৰি বাহিৰলৈ উলিয়াই আনিলে। হাঁড়ডাল উলিয়াই অনাৰ পিছত বগলীটোৱে বাঘক ক'লে- এতিয়া মোৰ উপহাৰ দিয়া।”

বগলীৰ কথা শুনি বাঘটোৱে গুজৰি গুমৰি ক’লে— “কি কৈছ! তোক উপহাৰ লাগে? মোৰ মুখত ডিঙি সুমুৱাই আজিলকৈ কোনো সাৰি যাব পৰা নাই। তোৰ যে ভালে ভালে প্ৰাণ ৰক্ষা পৰিল সেয়ে তোৰ বাবে ডাঙৰ উপহাৰ । ইয়াতকৈ আৰু ডাঙৰ উপহাৰ তোক কি লাগে? তোৰ যদি জীয়াই থকাৰ ইচ্ছা আছে তেতিয়াহ'লে এতিয়াই মোৰ ওচৰৰপৰা আঁতৰহ।”

বাঘৰ কথা শুনি বগলীটোৱে ভয়তে সেই ঠাইৰপৰা আঁতৰি গ'ল। 


নীতিকথা : শত্ৰুৰ ছলাহী কথাত কেতিয়াও ভোল যাব নালাগে।