উপভাষাৰ সংজ্ঞা আৰু স্বৰূপ

প্ৰশ্নোত্তৰঃ 

(১) উপভাষা কাক বোলে ?

উত্তৰঃ একেটা ভাষাৰ পৰা সৃষ্টি হোৱা ভৌগোলিক পৰিসীমাৰ ভিতৰত কথিত ৰূপসমূহকে উপভাষা বুলি কোৱা হয়। 

(২) অসমীয়া ভাষা উপভাষা কেইটা ?

উত্তৰঃ অসমীয়া ভাষাৰ উপভাষা চাৰিটা। 

(৩) অসমীয়া ভাষা উপভাষাৰ শ্ৰেণী বিভাজন সমূহ কি কি ?

উত্তৰঃ অসমীয়া ভাষা  উপভাষাৰ শ্ৰেণী বিভাজন সমূহ হ'ল-

    (ক) উজনি অসমৰ উপভাষা।

    (খ) কামৰূপী উপভাষা।

    (গ) মধ্য় অসমৰ উপভাষা আৰু 

    (ঘ) গোৱালপৰীয়া উপভাষা। 

(৪) ড° বাণীকান্ত কাকতিৰ মতে অসমীয়া উপভাষা কেইটা ?

উত্তৰঃ ড° বাণীকান্ত কাকতিৰ মতে অসমীয়া উপভাষা দুটা আৰু সেই উপভাষা কেইটা হৈছে (ক) পূৱ উপভাষা আৰু (খ) পশ্চিম উপভাষা। 

(৫) মান্য় ভাষাৰ সৃষ্টি ক'ৰ পৰা হয় ?

উত্তৰঃ মান্য় ভাষাৰ সৃষ্টি উপভাষাৰ পৰা হয়। 

(৬) কোনটো উপভাষাৰ পৰা আধুনিক অসমীয়া ভাষাৰ সৃষ্টি হৈছিল ?

উত্তৰঃ শিৱসাগৰ অঞ্চলৰ উপভাষাৰ পৰা আধুনিক অসমীয়া ভাষাৰ সৃষ্টি হৈছিল। 

(৭) অসমীয়া ভাষাৰ উপভাষা বিষয়ক গৱেষণা গ্ৰন্থ পোন প্ৰথমে কোনে লিখিছিল?

উত্তৰঃ অসমীয়া ভাষাৰ উপভাষা বিযয়ক গৱেষণা গ্ৰন্থ পোন প্ৰথমে উপেন্দ্ৰনাথ গোস্বামীয়ে লিখিছিল। 

(৮) উপেন্দ্ৰনাথ গোস্বামীৰ মতে অসমীয়া ভাষাৰ উপভাষা প্ৰধানকৈ কেইটা?

উত্তৰঃ উপেন্দ্ৰনাথ গোস্বামীৰ মতে অসমীয়া ভাষাৰ উপভাষা প্ৰধানকৈ দুটা। 

(ক) পূৱ অঞ্চলৰ বা উজনিৰ অসমৰ উপভাষা আৰু

(খ) পশ্চিম অঞ্চলৰ বা নামনি অসমৰ উপভাষা। 

(৯) ভাষাবিদ গোলকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ উপভাষাৰ কেইটা ৰূপ থকা বুলি কৈছে?

উত্তৰঃ ভাষাবিদ গোলকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ উপভাষাৰ তিনিটা ৰূপ আছে বুলি কৈছে।

    (ক) উজনি অসমৰ উপভাষা।

    (খ) মধ্য় অসমৰ উপভাষা আৰু 

    (গ) নামনি অসমৰ উপভাষা। 

(১০) মান্য় ভাষাৰ এটাই পুণৰ উপভাষাৰ ৰূপ পাব পাৰেনে?

উত্তৰঃ ভাষাৰ আভ্য়ন্তৰীণ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন কাৰণত কেতিয়াবা মান্য়ভাষাৰ স্থান অন্য় উপভাষাই ল'ব পাৰে। তেতিয়াই মান্য়ভাষাটো পুণৰ উপভাষাত পৰিণত হয়। সেই বাবে মান্য় ভাষাৰ এটাই পুণৰ উপভাষা ৰূপ পাব পাৰে। 

(১১) মান্য়ভাষা বুলিলে কি বুজা?

উত্তৰঃ এক বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা মান্য়ভাষাক উপভাষা বিলাকৰ মাজৰ পৰা নিৰ্বাচন কৰা হয়। মান্য়ভাষা হৈছে আনুষ্ঠানিক কাৰ্যত প্ৰয়োগ হোৱা ভাষা। 

(১২) ভাষা কাক বোলে?

উত্তৰঃ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যি সাংকৃতিক ধ্বনি উচ্চাৰণ কৰা হয় ইয়াকে ভাষা বুলি কোৱা হয়। 

(১৩) ব্য়ক্তি ভাষা কি?

উত্তৰঃ ব্য়ক্তি ভাষা হৈছে ভাষাৰ সংকীৰ্ণতম ৰূপ। 

(১৪) নামনি অসমৰ উপভাষাক কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ নামনি অসমৰ উপভাষাক দুটা ভাগত ভাগ কৰা হয়।

    (ক) কামৰূপী আৰু (খ) গোৱালপৰীয়া উপভাষা। 

 (১৫) স্থানীয় উপভাষা বুলিলে কি বুজা?

উত্তৰঃ স্থানীয় উপভাষা হৈছে একো একোটা উপভাষাৰ কিছুমান আঞ্চলিক ৰূপ।

(১৬) অসমীয়া ভাষাক্ষেত্ৰত উপভাষা অধ্য়ায়নৰ শুভ আৰম্ভ কৰোঁতা ভাষাতত্ত্ববিদ কোন?

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাক্ষেত্ৰত উপভাষা অধ্য়ায়নৰ শুভ আৰম্ভনি কৰিছিল। 

(১৭) উপভাষা গঠনত সাধাৰণতে কোনবোৰ দিশে ক্ৰিয়া কৰে?

উত্তৰঃ উপভাষা গঠন কৰোঁতে সাধাৰণতে কিছুমান দিশে ক্ৰিয়া কৰে আৰু সেই সমূহ হৈছে-

(ক) নানান ভৌগোলিক কাৰণত উপভাষা সৃষ্টি হ'ব পাৰে।

(খ) অৰ্থনৈতিক মানদণ্ডই সমাজত উপভাষাৰ সৃষ্টি কৰিব পাৰে।

(গ) ৰাজনৈতিক দিশো উপভাষা সৃষ্টিৰ কাৰক হ'ব পাৰে আৰু 

(ঘ) জনবসতিৰ গঠন প্ৰক্ৰিয়াৰ। 

(১৮) ভাষাৰ আঞ্চলিক ৰূপ মানে কি?

উত্তৰঃ ভাষাটোৰ উপভাষাই হৈছে ভাষাৰ আঞ্চলিক ৰূপ।  একোটা ভৌগোলিক এলেকাত ভিন্ন সম্প্ৰদায়ৰ লোকে বসবাস কৰি থকাৰ ফলত তেওঁলোকৰ খাদ্য়ভাস, জীৱিকাৰ ভিন্নতাৰ ভাষাতো সেই প্ৰভাৱ পৰে। এটা ভাষা একে পৰিয়ালৰ হ'লেও উচ্চাৰণ, বাক্য় আৰু শব্দ গাঁঠনি আদিৰ ফলত বিভিন্নতা পৰিলক্ষিত হয়। এনেদৰে ভাষাটোৰ পৰা বহুতো আঞ্চলিক ৰূপ সৃষ্টি হয়।

 (১৯) সমাজৰ কোন শ্ৰেণীৰ লোকৰ মাজত উপভাষা বৰ্তি আছে?

উত্তৰঃ সমাজত গাঁৱলীয়া, শ্ৰমিক-কৃষক আৰু নিম্ন শ্ৰেণীৰ লোকৰ মাজত উপভাষাৰ বৰ্তি আছে।

(২০) ভাষাৰ সমাজতাত্ত্বিক অধ্য়য়ন বুলিলে কি বুজা?

উত্তৰঃ সমাজতাত্ত্বিক অধ্য়য়নৰ পৰা ভাষা হৈছে মানুহৰ বাজ্য়িক আচৰণ। সমাজতাত্ত্বিক অধ্য়য়নত ভাষাৰ সামাজিক ৰীতি-নীতি, আচাৰ-ব্য়ৱহাৰ আৰু গঠন প্ৰক্ৰিয়া আদি পৰিলক্ষিত হয়।

(২১) ভাষাগত বিভিন্নতা বুলিলে কি বুজা?

উত্তৰঃ উপভাষা সৃষ্টিত ভাষাগত বিভিন্নতাই প্ৰভাৱ পেলায়। ভাষাগত বিভিন্নতা দুই প্ৰকাৰৰ।

    (ক) ভাষা কওঁতা অনুযায়ী আৰু (খ) ভাষাপ্ৰয়োগ কৰা ধৰণ অনুযায়ী। 

(২২) মান্য়ভাষাৰ বিকাশত উপভাষাই কেনেদৰে সহায় কৰে?

উত্তৰঃ মান্য়ভাষাৰ বিকাশত উপভাষা এটাই নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ ভিত্তিত মান্য়ভাষাৰ মৰ্য্য়দা পাব পাৰে। ভাষাক বোৱঁতি নদীৰ লগত তুলনা কৰা হয়। সময়ৰ লগে লগে মান্য়ভাষাটো পুনৰ উপভাষাত পৰিণত হ'ব পাৰে। অসমীয়া ভাষাৰ ক্ষেত্ৰত দেখা যায় যে ১৭ শতিকাৰ আগৰ কালছোৱাত অসমৰ নামনি অঞ্চল সাহিত্য় কলাৰ কেন্দ্ৰস্থল আছিল। সেই অঞ্চলত ভাষা মৰ্য্য়দা বাঢ়িছিল। ১৭ শতিকাৰ পিছৰ পৰা মাধৱ-কন্দলী, হেম সৰস্বতী, দূৰ্গাবৰ, মনকৰ, ভট্টদেৱ আৰু নাৰায়ণদেৱ আদি কবিসকলৰ ৰচনাত নামনি অসমৰ ভাষাৰ সুন্দৰ চানেকী পোৱা গৈছিল। 

    নামনি অসমখন বিভিন্ন সৰু সৰু শাসনকৰ্তাৰ অধিনত ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত বিভক্ত হৈছিল। মিছনেৰী সকলে শিৱসাগৰ অঞ্চলকে নিজৰ কৰ্মক্ষেত্ৰ হিচাপে গুৰুত্ব দি সেই অঞ্চলৰ উপভাষা শিকি ১৮৪৬ চনত অৰুনোদই কাকত উলিয়াই। এই উপভাষাই মান্য়ভাষাৰ মৰ্য্য়দা পালে। গতিকে জানিব পাৰি যে মান্য়ভাষাৰ বিকাশত উপভাষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। 

(২৩) উপভাষাৰ সংমিশ্ৰণ মানে কি? সংমিশ্ৰণ কি কি কাৰণত হয়?

উত্তৰঃ দুটা বা তাতকৈ বেছি উপভাষা লগ হৈ এটা বেলেগ উপভাষাৰ সৃষ্টি হয়। যাতায়ত সুচল অৱস্থাই উপভাষাৰ সংমিশ্ৰণ ঘটাই। এই সময়ত নদ-নদীৰ, পৰ্বত-পাহাৰ বাবে যাতায়ত সুচল নাছিল কাৰণে ইখন ঠাই পৰা সিখন ঠাইলৈ মানুহৰ যোগাযোগত ব্য়ঘাত জন্মিছিল। বৰ্তমান সময়ত যান-বাহনৰ সুচল অৱস্থাই এই বাধা নোহোৱা কৰিলে। ইয়াৰ ফলত এখন ঠাই পৰা সিখন ঠাইলৈ অনাসায়ে যাত্ৰা কৰিবলৈ ধৰিলে। 

    কিছুমান কাৰকৰ বাবে উপভাষা সংমিশ্ৰণ হয় আৰু সেই কাৰকসমূহ হৈছে-

(ক) যাতায়ত সুবিধা, (খ) প্ৰচাৰ মাধ্য়ম, (গ) সাহিত্য়, (ঘ) শিক্ষা, (ঙ) বিয়াবাৰু, (চ) ৰাজনৈতিক কাৰণ আৰু (ছ) ধৰ্মীয় অনুস্থান, উৎসৱ পাৰ্বন। 

(২৪) উপভাষাৰ সংজ্ঞা লিখা?

উত্তৰঃ ড° উপেন্দ্ৰনাথ গোস্বামীয়ে কৈছে যে- "কোনো ভৌগোলিক পৰিৱেষ্টনৰ ভাষা এটা বিভিন্ন অঞ্চলত সৃষ্টি হোৱা সুকীয়া ৰূপেই হ'ল সেই ভাষাটোৰ উপভাষা"। 

°দীপ্তি ফুকন পাটগিৰিয়ে কৈছে যে- "প্ৰাকৃতিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিৰ আদি কাৰণসমূহে ভাষা খণ্ডৰূপ সৃষ্টিত অৰিহণা যোগায়। ইয়াকে উপভাষা বোলে"। 

° ৰমেশ পাঠকৰ মতে উপভাষা হৈছে "কোনো এটা বিস্তৃত অঞ্চলত বিয়পি পৰা পিছত অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু ভৌগোলিক কাৰণত সেই ভাষা সম্প্ৰদায়ৰ এটা অঞ্চলৰ লগত সহজে মিলামিছা হৈ নাথাকে, সময়ত কিছুমান ক্ষেত্ৰীয় ৰূপ গা-কৰি উঠে এনে ৰূপ লোৱা ক্ষেত্ৰ-ভাষাকে ভাষাটো উপভাষাৰ বোলে। 

(২৫) লিংগগত উপভাষা বুলিলে কি বুজা? লিংগভেদে ভাষাৰ ভিন্নতা হোৱাৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ পুৰুষ আৰু মহিলাই ব্য়ৱহাৰ কৰা শব্দ, বাক্য়-গাঁথনি আৰু উচ্চাৰণৰ মাজত বহুতো প্ৰভেদ সৃষ্টি হয়। কেতিয়াবা একেটা বস্তু বুজাবলৈ পুৰুষে ব্য়ৱহাৰ কৰা শব্দ আৰু মহিলাই ব্য়ৱহাৰ কৰা শব্দৰ মাজত কিছু পাৰ্থক্য় দেখা যায়। ইয়াকে লিংগগত উপভাষা বুলি কোৱা হয়।

    বিভিন্ন কাৰণত নাৰী-পুৰুষৰ মাজত ভাষা ভিন্নতা পৰিলক্ষিত হয়। সামাজিক বাধা-নিষেধ লিংগভেদে উপভাষা সৃষ্টি আন এটাৰ কাৰণ আছিল। বিভিন্ন সামাজিক দৃষ্টিভংগী, আচাৰ-ব্য়ৱহাৰ, পুৰুষ আৰু মহিলাৰ মাজত বৰ্তি থাকে। শিশু অৱস্থাত দেখা যায় যে শিশুসকলে সাধুকথা ভাল পায়। সাধাৰণতে ছোৱালী শিশুসকলে 'ৰাজকুমাৰ-কুমাৰী' আৰু ল'ৰা শিশুসকলে যুদ্ধ বিষয়ক সাধু শুনি ভাল পায়। ইয়াৰ বাবে ভাষাৰ ওপৰত কিছু প্ৰভাৱ দেখা যায়। আগৰ দিনত মহিলাসকল ঘৰৰ পৰা বাহিৰলৈ যাব দিয়া নাছিল। স্কুল, কলেজ আৰু উৎসৱ-পাৰ্বন সকলোতে ল'ৰাসকলে প্ৰাধান্য় পাইছিল। 

(২৬) মান্য় ভাষা এটা কিদৰে নিৰ্বাচন কৰা হয়?

উত্তৰঃ আনুষ্ঠানিক কাৰ্যত ব্য়ৱহাৰ হোৱা ভাষাটোৱেই হৈছে মান্য়ভাষা। উপভাষাবিলাকৰ ভিতৰত কেতিয়াবা কোনো এটা উপভাষাই ৰাজনৈতিক, সামাজিক আৰু ধাৰ্মিক কাৰণত প্ৰাধান্য় লাভ কৰে। ভাষা-কিতাপ-পত্ৰ, স্কুল-কলেজ, ৰেডিঅ, আলোচনী আৰু  সভা-সমিতিত ব্য়ৱহাৰ হয়। 

    কিছুমান বিশেষ প্ৰক্ৰিয়াৰ যোগেদি মান্য়ভাষাক নিৰ্বাচন কৰা হয় আৰু সেই সমূহ হৈছে-

(ক) নিৰ্বাচনঃ সামাজিক বা ৰাজনৈতিক যি কোনো কাৰণত নিৰ্বাচন হ'ব পাৰে। 

(খ) মানভূক্তকৰণঃ যিটো উপভাষাৰ ৰূপ দিব বিচৰা হয় তাকে লিখিত ৰূপ দিবলৈ যত্ন কৰা হয়। মান্য়ভাষাই সদায় লিখিত ৰূপৰ ওপৰত গুৰুত্ব দিয়ে। 

(গ) গ্ৰহণযোগ্য়তাঃ যিটো উপভাষাক মান্য় ভাষাৰ মৰ্য্য়দা দিয়া হয় তাৰ গ্ৰহণযোগ্য়তা থাকিব লাগিব। 

(ঘ) কাৰ্যকৰণঃ সকলো আনুষ্ঠানিক কাৰ্যত মান্য় ভাষাক কাৰ্যকৰী ৰূপত প্ৰয়োগ কৰিব লাগে।

(২৭) উপভাষা সৃষ্টি কাৰক সমূহ বহলাই লিখা?

উত্তৰঃ উপভাষা সৃষ্টি বহুতো কাৰক আছে । ঐতিহাসিক, ভৌগলিক, সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক।

    ঐতিহাসিক কৰণঃ ঐতিহাসিক কাৰণৰ ভিতৰত প্ৰধান কাৰণ হ'ল জনবসতিৰ গঠন প্ৰক্ৰিয়া। বিভিন্ন সময়ত বিভিন্ন সূঁতিয়েদি জাতি-উপজাতি বিলাক প্ৰব্ৰজন ঘটে। এনেদৰে বিভিন্ন জনগোষ্ঠীবোৰ প্ৰব্ৰজন ঘটি নিগাজিকৈ বসবাস কৰিবলৈ ল'লে। সেই ঠাইত আগৰে পৰা থকা ভাষা-ভাষীৰ প্ৰত্য়েকৰে ওপৰত ভাষাৰ প্ৰভাৱ পৰিছিল। এনেদৰে ভাষাবিলাকৰ পৰা কিছুমান আঞ্চলিক ৰূপ সৃষ্টি হয়। অসমলৈ আৰ্যসকল সৰ্বভাৰতীয় সূঁতিয়েদি আহি অসমৰ পশ্চিম অঞ্চলত বসবাস কৰিবলৈ লয়। সেই সময়ত পশ্চিম অসমত বসবাস কৰা বিভিন্ন ভাষা-ভাষীৰ সংস্পৰ্শলৈ আহি ভাষাটোৱে সূকীয়া ৰূপ লব'লৈ আৰম্ভ কৰিলে। ইয়াৰ বাবে আৰ্য্য়মূলীয় অসমীয়া ভাষাৰ দুটা মূল প্ৰভাৱ সৃষ্টি হ'ল-

(ক) উজনি অসমৰ ভাষা আৰু

(খ) নামনি অসমৰ ভাষা।

    ভৌগলিক কাৰণঃ জলবায়ু ভেদেও ভাষাৰ আঞ্চলিক ৰূপ সৃষ্টি হ'ব পাৰে। বিভিন্ন ঠাই পৰা বিভিন্ন ভৌগলিক অৱস্থানলৈ জাতি-জনজাতি বিলাকৰ প্ৰব্ৰজন হয়। গ্ৰীষ্ম প্ৰধান অঞ্চলত বসবাস কৰা জনগোষ্ঠীয়ে শীত প্ৰধান অঞ্চললৈ প্ৰব্ৰজন কৰোতে মাত কথাৰ সলনি হয়। প্ৰধানকৈ ধ্বনিৰ উচ্চাৰণত প্ৰথমে প্ৰভাৱ পৰে। 

    ভৌগলিক কাৰণৰ ভিতৰত প্ৰাকৃতিক বাধাসমূহ যেনে- ডাঙৰ হাবি, ডাঙৰ নদী, আৰু ডাঙৰ পাহাৰ আদিয়ে উপভাষা সৃষ্টিত অৰিহণা যোগায়।  

সাংকৃতিক কাৰণঃ বহুতো অঞ্চলত অন্তৰ্ভূক্ত হৈ থকা কোনো এটা অঞ্চল যদি সাহিত্য় সাংস্কৃতিৰ দিশত আগবঢ়া হয় তেতিয়া সেই অঞ্চলত প্ৰচলিত ভাষাই এক সুকীয়া ৰূপ লব'লৈ আৰম্ভ কৰে। ৮ম শতিকাৰ মানৰ পৰা ষোল্লশ শতিকালৈ নামনি অসম সাহিত্য় সাংস্কৃতিক কেন্দ্ৰস্থল আছিল। 

সামাজিক কাৰণঃ উপভাষা সৃষ্টিত ৰাজনৈতিক আৰু ভৌগলিক কাৰণ উপৰিও সামাজিক কাৰণ নিহিত হৈ থাকে। কোনো এখন সমাজৰ ভাষাক লক্ষ্য় কৰিলে দেখা পোৱা যায় যে সেই অঞ্চলত বিভিন্ন জাতিগত লোকসকলে একেলগে বসবাস কৰিছিল। বৃহত্তৰ অঞ্চলৰ মাজত সামাজিক ব্য়ৱধান থকা বাবে সেই অঞ্চলৰ ভাষাই কিছুমান সুকীয়া ৰূপ পৰিগ্ৰহণ কৰে। যেনে- নামনি অসমৰ ভাষাৰ কামৰূপীয় আৰু গোৱালপৰীয়া এই দুটা স্থানীয়ৰূপ পোৱা যায়। 

ৰাজনৈতিক কাৰণঃ কোনো এটা ভাষা বিস্তৃত অঞ্চলত বিয়পি পৰা ফলত সেই অঞ্চলত যদি বিভিন্ন শাসনৰ অধঈনত হয় তেতিয়াই সেই অঞ্চলৰ ভাষাই সূকীয়া বৈশিষ্ট্য় লয়। ১২২৮ খ্ৰীঃৰ পৰা আহোম সকলে উজনি অসমত ছয়শ বছৰ ৰাজত্ব কৰে। আহোম সকলে শিৱসাগৰত ৰাজধানী স্থাপন কৰি পশ্চিমে কামৰূপ অঞ্চললৈ ৰাজত্ব কৰিছিল।  

(২৮) 'উপভাষা অধ্য়য়নৰ প্ৰয়োজনীয়তা'সম্পৰ্কে বহলাই লিখা?

উত্তৰঃ পৃথিৱীৰ বিভিন্ন ভাষা সমূহৰ প্ৰত্য়েক ভাষাতে উপভাষাৰ প্ৰচলন আছে। উপভাষা অধ্য়ায়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিওনাৰ্ড ব্লুমফিল্ডে কৈছিল যে- "মান্য় আৰু অৰ্ধমান্য় ভাষাৰ মূল আৰু বুৰঞ্জী আঞ্চলিক ভাষাবোৰৰ জৰিয়তে বুজিব পাৰি। উপভাষা অধ্য়ায়নৰ কাৰকসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

(ক) উপভাষাবোৰৰ অধ্য়ায়নে ভাষাটোৰ মূল আৰু ইতিহাস সম্পৰ্কে এটা সম্য়ক ধাৰণা দিব পাৰে। 

(খ) উপভাষাবোৰত সংৰক্ষিত হৈ থকা শব্দৰাজি সংৰক্ষণ কৰি এই শব্দবিলাক মান্য়ভাষাত গ্ৰহণ কৰিব পাৰে। 

(গ) উপভাষাৰ অধ্য়য়নে বহুতো নজনা কথা পোহৰলৈ লৈ আহে। 

(ঘ) উপভাষাৰ অধ্য়য়নৰ যোগেদি আদিম জাতিৰ অনুসন্ধান পাব পাৰি। 

(ঙ) এই অধ্য়য়নে মানৱ জীৱনত বাস্তৱিক যথেষ্ট সহায় কৰে। যিহেতু একে ভৌগলিক অঞ্চলত ভাষাৰ ভিন্ন ৰূপত পৰিলক্ষিত হয়। 

(চ) উপভাষাৰ অধ্য়য়নে শব্দবিলাকৰ ইতিহাস জনাত যথেষ্ট সহায় কৰে। 

(ছ) উপভাষাৰ অধ্য়য়নে মান্য়ভাষাৰ পৰিপুষ্ট সাধন কৰে। 

(২৯) উপভাষা জৰীপ পদ্ধতি বুলিলে কি বুজা?

উত্তৰঃ উপভাষা নিৰূপণ কৰিবলৈ যি পদ্ধতি অৱলম্বন কৰা হয় তাকে উপভাষা জৰীপ পদ্ধতি বোলে। ইয়াৰ দ্বাৰা কথিত ভাষা গঠন পদ্ধতি নিৰ্ণয় কৰিব পাৰি আৰু উপভাষাৰ সীমা নিৰ্দ্ধাৰণ কৰা হয়। 

    উপভাষা জৰীপ পদ্ধতিৰ দুটা দিশ হৈছে- 

(ক) ভাষা বিজ্ঞানৰ বৰ্ণনা আৰু বিশ্লেষণ প্ৰক্ৰিয়াত অৰ্হতাসম্পন্ন ভাষাবিজ্ঞানী।

(খ) নিৰ্দিষ্ট এখন ক্ষেত্ৰ, এই ক্ষেত্ৰখন ভাষাবিজ্ঞানীৰজনে সামাজিক দিশৰ যি কোনো এটা দিশ ল'ব পাৰে। 

(৩০) উপভাষা আৰু মান্য়ভাষাৰ মাজৰ পাৰ্থক্য় সম্পৰ্কে লিখা?

উত্তৰ- উপভাষা আৰু মান্য়ভাষাৰ মাজৰ পাৰ্থক্য়-

(ক) ভাষাৰ লিখিত ৰূপটোৱে হৈছে মান্য়ভাষা আৰু কথিত ৰূপটোৱে হৈছে উপভাষা। 

(খ) এটা অঞ্চলত দুই তিনিটা উপভাষাৰ ৰূপ পোৱা যায় আনহাতে, মান্য়ভাষাৰ ৰূপ এটা। 

(গ) মান্য়ভাষাত সাহিত্য় চৰ্চা কৰা হয়। যেনে- কিতাপ-পত্ৰ, স্কুল-কলেজ, সভা-সমিতিত মান্য়ভাষা ব্য়ৱহাৰ হয়। আনহাতে, উপভাষাত কাচিৎত দুই এখন গল্প উপন্য়াস ৰচনা কৰা হয়। 

(ঘ) মানুহে কথা বতৰা কওঁতে উপভাষা ব্য়ৱহাৰ কৰে। আনহাতে, মান্য়ভাষাৰ ৰূপটো যিটো অঞ্চলত প্ৰচলিত সেই অঞ্চলতহে কথা কওঁতে ব্য়ৱহাৰ কৰে। 

(ঙ) মান্য়ভাষাত ব্য়াকৰণ ৰচনা কৰে। আনহাতে, উপভাষাত ব্য়াকৰণ ৰচনা কৰা নহয়। 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)