উদ্ভৱকালীন অসমীয়া ভাষা

চমু উত্তৰ কৰাঃ

(১) উদ্ভৱকালীন অসমীয়া ভাষাৰ নিদৰ্শন পোনতে ক'ত ক'ত পোৱা যায়?

উত্তৰঃ তামৰ ফলিসমূহত,চৰ্যাপদৰ ভাষাত, শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত আৰু শূন্য় পুৰাণত।

(২) প্ৰাচীন অসমীয়া ভাষাৰ সময়সীমা কিমানৰ পৰা ধৰা  হৈছে?

উত্তৰঃ প্ৰাচীন অসমীয়া ভাষাৰ সময়সীমা চতুদৰ্শ শতিকাৰ পৰা ষোড়শশতিকাৰ শেষভাগলৈকে নিৰ্ধাৰণ কৰা হৈছে।

(৩) অসমীয়া ভাষাৰ মূল কি?

উত্তৰঃ আৰ্য।

(৪) অসমত কোনকেইটা ভাষাগোষ্ঠীৰ বা ভাষা পৰিয়ালৰ ভাষাৰ প্ৰচলন থকা দেখা যায়?

উত্তৰঃ চীন-তিব্বতীয়, অষ্ট্ৰিক, দ্ৰাবিড় আৰু আৰ্যগোষ্ঠীৰ ভাষাৰ প্ৰচলন থকা দেখা যায়।

(৫) উদ্ভৱকালীন অসমীয়া ভাষাৰসময়সীমা কি?

উত্তৰঃ খ্ৰীষ্টীয় ষষ্ঠ / সপ্তম শতিকাৰ পৰা চতুদৰ্শ শতিকা।

(৬) অসম আৰ্য ভিন্ন জনগোষ্ঠী বুলিলে কি বুজা?

উত্তৰঃ অসম আৰ্য ভিন্ন জনগোষ্ঠী বুলিলে মূলতঃ তিব্বতবৰ্মীয়, অষ্ট্ৰিক আৰু দাবিড়ীয় মূলৰ জনগোষ্ঠীয় ভাষাসমূহক বুজা যায়।

(৭) তিব্বতবৰ্মীয় ভাষা সমূহক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ চাৰিটা (ক) তিব্বতীয় (খ) হিমালয়ী (গ)  অসমবৰ্মী (ঘ) উত্তৰ অসম।

(৮) অষ্টিক ভাষা পৰিয়ালৰ প্ৰধান শাখা দুটা কি কি?

উত্তৰঃ অষ্ট্ৰ'এচিয়াটিক আৰু অষ্ট্ৰ'নেচীয়।

(৯) অসমত বাসকৰা কেইটামান থলুৱা আৰ্য ভিন্ন বা অনাৰ্য ভাষাৰ নাম লিখা?

উত্তৰঃ বড়ো, ৰাভা, গাৰো, কাৰ্বি, ডিমাছা,তিৱা, হাজং, মৰাণ, চুতীয়া,দেউৰী আছি।

(১০) তিব্ববৰ্মীয় শাখাটোৰ অসম বৰ্মা প্ৰশাখাৰ অন্য়তমতিনিটা ভাগ বা শাখা কি কি?

উত্তৰঃ বড়ো,নগা আৰু কুকি চীন।

(১১) খাচী ভাষা ক'ত প্ৰচলিত?

উত্তৰঃ মেঘালয়ত।

(১২) বড়ো শাখাৰ প্ৰধান ভাষাবোৰ কি কি?

উত্তৰঃ গাৰো, কাৰ্বি, ৰাভা, তিৱা, ডিমাছা, দেউৰী বা চুতীয়া আদি।

(১৩) আৰ্যসকল অসমলৈ কেতিয়া প্ৰব্ৰজন ঘটিছিল?

উত্তৰঃ আনুমানিক খৃঃ পূৰ্ব পঞ্চম শতিকা।

(১৪) বড়ো ভাষাৰ বিশিষ্ট স্বৰধ্বনি আৰু বিশিষ্ট ব্য়ঞ্জনধ্বনিৰ সংখ্য়া কিমান?

উত্তৰঃ বিশিষ্ট স্বৰধ্বনি ৬টা আৰু ব্য়ঞ্জনধ্বনি ১৪ টা।

(১৫) তেওঁলোকৰ ( কামৰূপৰ ) ভাষা মধ্য় ভাৰতৰ ভাষাতকৈ কিছু বেলেগ কোনে হৈছিল?

উত্তৰঃ চীনাপৰিব্ৰাজক হিউৱেন চাঙে।

                                                প্ৰশ্ন উত্তৰ -

(১) অসমৰ থলুৱা আৰ্যভিন্ন জনগোষ্ঠীসমূহ কি কি? অসমত বসবাস কৰা থলুৱা আৰ্যভিন্ন কেইটামান জনগোষ্ঠীৰ ভৌগোলিক অৱস্থান, জনগাঁথনি সম্পৰ্কে এটি আলোচনা কৰা।

উত্তৰঃ আৰ্যসকল অসমলৈ অহাৰ পূৰ্বেই আৰ্য ভিন্ন অৰ্থাৎ অনাৰ্য জনগোষ্ঠীয়ে লোকৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল। বহু ভাষাৰ সমন্বয়ত অসমীয়া ভাষাই এক বৈশিষ্টসমৃদ্ধ ৰূপ পৰিগ্ৰহণ কৰিছে। ভাষাগত দৃষ্টিকোণৰ পৰা অসমত তিনিটা অনাৰ্য বা আৰ্য ভিন্ন ভাষাগোষ্ঠী বা ভাষা পৰিয়ালৰ ভাষা প্ৰচলন থকাৰ কথা কব পাৰি - চীন - তীব্ববৰ্মী ভাষাগোষ্ঠীৰ ভাষাই বেছিকৈ প্ৰচলিত। ড° জন আব্ৰাহম গ্ৰীয়াৰ্ছনে তিব্ববৰ্মী ভাষাসমূহক চাৰিটা ভাগত ভাগ কৰিছে - তিব্বতীয়, হিমালয়ী, অসমবৰ্মী আৰু উত্তৰ অসম। ইয়াৰে অসমত থকা হিমালয়ী শাখাৰ ভাষাসমূহ হল - নেৱাৰী, লিম্বু, মগৰ, তামাং আদি। 

    তলৰ অসমৰ আৰ্যভিন্ন এই থলুৱা জনগোষ্ঠী ভাষাসমূহৰ কিছুমানৰ পৰিচয় দাঙি ধৰা হল-

বড়োঃ অসমৰ তিব্বতবৰ্মী ভাষাসমূহৰ ভিতৰত বড়ো ভাষা কোৱা সম্প্ৰদায়টোৱে সবৃহৎ কাছাৰী, মোছ, বড়ো-কছাৰী আদি নামেৰে জনাাজাত, বড়োসকল অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, দৰং নগাঁও, শোণিতপুৰ, লখিমপুৰ, শিৱসাগৰ, কাৰ্বিআলং আদি জিলাৰ উপৰি মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, পশ্চিমবংগ আদি ৰাজ্য়তো বসবাস কৰে। 

১৯৮৪ চনত S.endel এ লিখা "An outline Grammar of Kachari hanguage" বড়ো ভাষাৰ প্ৰথমখন ব্য়াকৰণ। পাশ্চাত্য়ৰ পণ্ডিত A Christiandon ৰ "Grammar and Dictionary of kachari Language" (1904), Rev. H. Holvoshrud ৰ 'Boro Grammar' (1959) আদি গ্ৰন্থত বড়ো ভাষাৰ গাঁথনিক দিশ সম্পৰ্কে বিস্তৃত বিশ্লেষণ পোৱা যায়।

কাৰ্বি ভাষাঃ তিব্বতবৰ্মী ভাষাৰ অসমবৰ্মী শাখাৰ অন্তৰ্গত অসমৰ থলুৱা ভাষা কাৰ্বি ভাষাটো নগা কুকী চীন উপশাখাৰ পৰা বিকাশিত। গ্ৰীয়াৰ্ছনে এই ভাষাক মিকিৰ ভাষা বুলি উল্লেখ কৰিছে। পৰৱৰ্তী সময়ত মিকিৰ ভাষাটোৱে কাৰ্বি ভাষা নামেৰে জনাজাত হৈ পৰে। 

    কাৰ্বি ভাষী লোকসকলৰ বাসস্থান অসমৰ কাৰ্বি আংলং জিলাৰ উপৰি নগাওঁ, মৰিগাওঁ আদিতো কাৰ্বি ভাষী লোকসকলে বসবাস কৰে। গ্ৰীয়াৰ্ছনে দেখুওৱা নগা কুকী-চীন শাখাৰ সৈতে কাৰ্বি ভাষাৰ সম্পৰ্কক সুনীতি কুমাৰ চেটাৰ্জীয়েও সমৰ্থন কৰে যদিও আন এচাম পণ্ডিতে এই ভাষাক অসমবৰ্মী শাখাৰ বড়ো সম্প্ৰদায়টোৰ অন্তৰ্ভুক্ত কৰিব খোজে। ঠাইবিশেষে কাৰ্বি ভাষাৰ বিভিন্ন ঔপভাষিক ৰূপ দেখা যায় যদিও মূল উপভাষা হিচাপে কাৰ্বি আৰু ডিমৰীয়া কাৰ্বি ভাষাকহে স্বীকাৰ কৰা হয়।

মিচিং ভাষাঃ মিচিং ভাষা চীন তিব্বতীয়া ভাষা পৰিয়ালৰ তিব্বতবৰ্মী ভাগটোৰ অসমবৰ্মী শাখাৰ অন্তৰ্গত। এই ভাষা কোৱা লোকসকল অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ঘেমাজী, লখিমপুৰ, শোণিতপুৰ, কামৰূপ আদি জিলাত বসবাস কৰে। 

    মিচিং ভাষাৰ নিজস্ব লিৰি নাই। ১৮৩৭ চনৰ ১৮৫০ চনলৈ ব্য়ৱহাৰ কৰা হৈছিল। সোণাৰাম মিৰি মহৰিৰ এখন অপ্ৰকাশিত গ্ৰন্থ মিৰি দুয়ান (১৯০৫) ত অসমীয়া লিপি ব্য়ৱহাৰ কৰাৰ পাছৰ পৰা মিচিং ভাষা লিখিবলৈ অসমীয়া আৰু ৰোমান দুইবিধ লিপি ব্য়ৱহাৰ কৰা হয়। কিন্তু ১৯৭৮ চনত মিচিং সাহিত্য় সভা মিচিং আগমঞ্চবাংৰ উদ্য়োগত ৰোমান লিপি গ্ৰহণ কৰা হয়।

ৰাভা ভাষাঃ অসমত বসবাস কৰা আৰ্য ভিন্ন জনগোষ্ঠীৰ ভিতৰত ৰাভা ভাষা অন্য়তম। ৰংদানি, মাইতাৰি আৰু কোচা এই তিনিটা উপভাষাৰ সমষ্টিয়েই ৰাভা ভাষা। ৰাভা ভাষী লোকসকল মূলতঃ অসমৰ গোৱালপাৰা জিলাত বসবাস কৰে যদিও নাগালেণ্ড, ত্ৰিপুৰা, পশ্চিমবংগ আৰু বাংলাদেশ আদিতো বসতি আছে। ৰাভা ভাষা চীন-তিব্বতীয় ভাষা লিখিবলৈ অসমীয়া বাংলা লিপি ব্য়ৱহাৰ কৰা হয়। 

    ব্ৰিটিছ শাসনাধীন কালতে ৰাভা ভাষা সম্পৰ্কীয় অধ্য়য়ন আৰু চিন্তা-চৰ্চা আৰম্ভ হয় যদিও বিংশ শতিকাৰ মাজভাগৰ পৰাহে ই সম্প্ৰসাৰণ লাভ কৰে। উপেন ৰাভা হাকাচামৰ 'ৰাভা ভাষা আৰু সাহিত্য়', মণি ৰাভাৰ 'ৰাভা ভাষাৰ শিকন প্ৰণালী' (১৯৭০) আদি ৰাভা সম্পৰ্কীয় উল্লেখযোগ্য় গ্ৰন্থ।

    ইয়াৰ উপৰি অসমৰ থলুৱা আৰ্য ভিন্ন খামতি, গাৰো, ফাকে, তিৱা, হাজং আদি ভাষাত অন্য়তম।


(২) উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন হিচাপে 'চৰ্যাপদ', 'শ্ৰীকৃষ্ণ কীৰ্তন', 'শূণ্য় পুৰাণ' আদিত অসমীয়া ভাষাৰ প্ৰাৰম্ভিক ৰূপটো কিদৰে ৰক্ষিত হৈছে আলোচনা কৰা। 

উত্তৰঃ উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন প্ৰধানত  'চৰ্যাপদ', বডুচণ্ডী দাসৰ 'শ্ৰীকৃষ্ণ কীৰ্তন' ৰামাই পণ্ডিতৰ  'শূণ্য় পুৰাণ'ৰ ভাষাত পোৱা যায়। চৰ্যাপদৰ ভাষা আৰু শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাৰ লগত অসমীয়া ভাষাৰ যথেষ্ট সাদৃশ্য় পৰিলক্ষিত হয়। ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক আদি দিশ এইবোৰ মিল ইমানেই বেছি যে এইবোৰ অসমীয়া ভাষাৰ প্ৰাৰম্ভিক ৰূপ বুলি সহজতে কব পাৰি।

    'চৰ্যাপদ'ৰ ভাষাৰ লগত অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিমূলক বাক্য় বিন্য়াস প্ৰভৃতি সকলো দিশতে ওচৰ সমন্ধ ৰক্ষিত হৈছে-

ধ্বনিতাত্ত্বিমূলকঃ

(ক) অসমীয়া ভাষাত স্বৰভক্তিৰ  সহায়ত তৎসম শব্দবোৰ অৰ্দ্ধ তৎসম শব্দলৈ পৰিৱৰ্তন হোৱাটো নিয়ম। চৰ্যাপদতো এনে পৰিৱৰ্তন নিয়ম মানি চলা দেখা যায়। যেনে -

চৰ্যাপদ                                    অসমীয়া

প্ৰাণ>পৰাণ                              পৰাণ

যত্ন>যতন                                যত্ন, যতন

গ্ৰাহক>গৰাহক                        গ্ৰাহক ইত্য়াদি।

(খ) কোনো শব্দৰ ওচৰা-ওচৰিকৈ থকা দুটা 'আ' ৰ প্ৰথমটো 'অ' হয়। যেনেঃ

চৰ্যাপদ                        মান্য় অসমীয়া                        কামৰূপী

চকা                                চকা                                        চাকা

বপা                                বাপা                                        বাপা,বোপা।

(গ) অসমাপিকা ক্ৰিয়াৰ 'য়' ৰ ঠাইত 'ই' ৰ প্ৰয়োগ। যেনে - ন জাই (নাযায়), কৰই (কৰয়) ইত্য়াদি। পুৰণি অসমীয়াত ইয়াৰ প্ৰয়োগ প্ৰচুৰ।

(ঘ) প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ উষ্ম বৰ্ণ তিনিটা- শ, ষ, স। ই চৰ্যাপদ আৰু অসমীয়া উভয়তে স্বকীয় ৰূপৰ পৰা আঁতৰি অহা দেখা যায়। যেনে - শবৰ, সবৰ, ষবৰালী ইত্য়াদি।

(ঙ) প্ৰাঃ ডাঃ আৰ্য ভাষাৰ দন্ত্য় আৰু মূৰ্ধন্য় ধ্বনিৰ পাৰ্থক্য় অসমীয়াত লোপ পাইছে। তেনেদৰে চৰ্যাপতো লোপ হোৱা দেখা যায়। যেনে - মন, মন ইত্য়াদি।

ৰূপতত্ত্বমূলকঃ

(ক) অসমীয়া ভাষাত প্ৰয়োগ হোৱা প্ৰায়বোৰ শব্দ বিভক্তি চৰ্যাপদত ব্য়ৱহাৰ হোৱা দেখা যায়। যেনে -

প্ৰথমা - এ ঃ কুম্ভীৰে খা অ

দ্বিতীয় - ক ঃ ঠাকুৰক পৰিনিবিতা

তৃতীয়া - ৰে ঃ কুমৰেঁ চিজঅ

চতুৰ্থী - লৈ ঃ মেৰু শিকৰলই

ষষ্ঠ - ৰ ঃ হৰিণীৰ নিলঅ

সপ্তমী - ত ঃ গঅনত, সঙ্কমত ইত্য়াদি।

(খ) অসমীয়া স্ত্ৰী প্ৰত্য়য় 'ঈ' আৰু 'নী' ৰ প্ৰয়োগ চৰ্যাপদত দেখা যায়। যেনে -

চৰ্যাপদ                            অসমীয়া

সবৰী                                শবৰী

শিআলী                            শিয়ালী

হৰিণী                                হৰিণী

(গ) অসমীয়া দৰে চৰ্যাপদতো অতীত কাল বুজাবলৈ 'ইলো' আৰু ভৱিয্য়ত কাল বুজাবলৈ 'ইব' প্ৰত্য়য় যোগ কৰা হৈছে। যেনে -

চৰ্যাপদ                    অসমীয়া

কৰিব                        কৰিব

আছিলোঁ, আচ্ছিলো, আছিলোঁ।

(ঘ) অসমীয়া দৰে চৰ্যাপদতো নঞা ৰ্থক 'ন' ক্ৰিয়াৰ আগত বহে। যেনে - নাযায়, নছাৰ, নদেখি ইত্য়াদি।

(ঙ) অসমীয়াৰ দৰে চৰ্যাপতো অসমাপিকা ক্ৰিয়াৰ চিন 'ই'। যেনে - কৰি, চুম্বি, মেলি, দেখি, চঢ়ি উঠি ইত্য়াদি।

(৩) আৰ্যসকল কোন? আৰ্যসকলৰ অসমলৈ প্ৰব্ৰজন কেতিয়া হৈছিল, তাৰ এটি আলোচনা দাঙি ধৰা।

উত্তৰঃ প্ৰাক্ ঐতিহাসিক যুগত পশ্চিমৰ পথেৰে ভাৰতবৰ্ষত প্ৰৱেশ কৰা নৃগোষ্ঠী সমূহৰ ভিতৰত আৰ্যভাষা ভাষী নাৰ্ডিক সকলেই আছিল শেষ নৃগোষ্ঠী। নাৰ্ডিকসকলে নিজকে আৰ্য বা শ্ৰেষ্ঠৰূপে চিনাকি দিছিল। ব্ৰাক্ষণ, কায়স্থ, কলিতা, বৈশ্য়, ক্ষত্ৰিয় আদি লোক আৰ্যগোষ্ঠীৰ অন্তৰ্গত। আৰ্যসকলৰ ভাষা সংস্কৃতি, পালি প্ৰাকৃত, অপ্ৰভ্ৰংশৰ মাজেৰে আহি সৰলীকৃত হৈ নব্য় ভাৰতীয় ভাষা সমূহৰ জন্ম দিয়ে। অসমৰ অসমীয়া ভাষা হৈছে মূলতঃ এই আৰ্য ভাষা। অসমত প্ৰবেশ কৰা বিভিন্ন সম্প্ৰদায় তথা ভাষাগোষ্ঠীয় ভিতৰত সাহিত্য়, সংস্কৃতি ভাষা, ধৰ্ম আদি সকলো দিশৰ পৰা উচ্চ স্থানত অধিষ্ঠিত হোৱা সম্প্ৰদায়টো হল আৰ্য। এই আৰ্য গোষ্ঠীৰ অসম তথা কামৰূপত প্ৰৱেশ ঘটাৰ উমান পোৱা যায় খৃঃপূৰ্ব পঞ্চম শতিকাত। আৰ্য সম্প্ৰদায়ৰ এটা দল যেতিয়া অসমত প্ৰৱেশ কৰে তেতিয়া অসমত তাৰ আগৰে পৰা অষ্ট্ৰিক, দ্ৰাবিড় আৰু তিব্বতবৰ্মী গোষ্ঠীৰ লোক বসবাস কৰি আছিল। 

    আৰ্যসকলৰ অসম আগমনৰ পথ সুচল নাছিল। আৰ্যসকলৰ পূৰ্বপুৰুষ সম্ভৱত মধ্য় এছিয়াৰ কাস্পিয়ান সাগৰৰ মাজত থকা ভূভাগৰ অধিবাসী আছিল। এওঁলোক পশুপালক আৰু কৃষিজীৱি আছিল। কালক্ৰমত তেওঁলোক জনসংখ্য়া আৰু পশু সংখ্য়া বৃদ্ধি হোৱাত নতুন নতুন ঠাই বিচাৰি পৃথিৱীৰ অন্য়ান্য় ঠাইলৈ গমন কৰে। যিবোৰ আৰ্য ভাষিক গোষ্ঠী অসমলৈ আহিছিল তেওঁলোক হৈছে - ব্ৰাক্ষণ, কায়স্থ, নাথযোগী, কলিতা আদি। বৰ্তমানেও এওঁলোক অসমৰ প্ৰাচীন অধিবাসী। গতিকে এওঁলোক ভাষিক আদান-প্ৰদান হিচাপে সংস্কৃত পালি প্ৰাকৃতি ভাষা ব্য়ৱহাৰ কৰিছে। ইয়াৰ পৰৱৰ্তী কালত অপভ্ৰংশ ভাষাৰ সৃষ্টি হয়। লাহে লাহে অপভ্ৰংশৰ পিছত অসমীয়া, বাংলা, উড়িয়া আদি সুকীয়া ভাষাৰ সৃষ্টি হবলৈ আৰম্ভ কৰে। অসমীয়া ভাষাত আৰ্য ভাষাৰ যিমান উপাদান আছে তেনেদৰে অনাৰ্যমূলীয়া বা আৰ্য ভিন্ন ভাষাৰ উপাদানো যথেষ্ট আছে। কিন্তু আৰ্য সংস্কৃতি হৈছে উচ্চ সংস্কৃতি। সেয়ে আৰ্য সংস্কৃতি অসমত পলমকৈ প্ৰৱেশ কৰিলেও ইয়াত পূৰ্বৰে পৰা বসবাস কৰি থকা অন্য়ান্য় নৃগোষ্ঠীয়ে আৰ্য সংস্কৃতি গ্ৰহণ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছিল। সকলো জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰাত আৰ্যসকলৰ প্ৰভৃত বৰঙণি আছে। সেয়ে অসমীয়া সংস্কৃতি সমম্বয়ৰো সংস্কৃতি।

(৪) অসমীয়া ভাষা সম্প্ৰদায়ৰ গঠন সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলত তথা অসমলৈ প্ৰাচীন কালৰে পৰা বিভিন্ন সম্প্ৰদায়ে বসবাস কৰি আহিছে। বিভিন্ন জাতি, সম্প্ৰদায়ৰ শাসকে শাসনভাৰ চলাই গৈছে। সমগ্ৰ অসম ৰাজ্য়খনেই বিভিন্ন জাতি-উপজাতি আৰু ভাষিক জনগোষ্ঠীয় সমষ্টিৰে পৰিপূৰ্ণ। ভিন ভিন জনগোষ্ঠীৰ বাসস্থানে অসমত ঐক্য়ৰ সেতু গঢ়ি তুলিছে। অসমৰ বাহিৰৰ পৰা অহা লোক সকলেও অসমীয়া ভাষাটোক নিজৰ ভাষা বুলি গ্ৰহণ কৰিছিল। অসমৰ থলুৱা জনজাতিৰ লোকসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে সমাজখনৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষাটোক উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰিছিল। বৰ্মন বংশ, শালস্তম্ভ বংশ, বৰাহী, চতীয়া, জয়ন্তীয়া প্ৰভৃতি বিভিন্ন জনজাতীয় ৰজা, আহোম, কোচ আদি বিভিন্ন ৰজাই এই কামৰূপ তথা অসম ভূখণ্ড শাসন কৰিছে। ইয়াৰ লগত বহুত উত্থান-পতনৰ কাহিনী জড়িত হৈ আছে।

    আৰ্যসকলৰ বিভিন্ন দল বিভিন্ন সময়ত ভাৰতত প্ৰৱেশ কৰিছিল। অসমৰ কলিতা সম্প্ৰদায় তেনে এটি ভাষিক সম্প্ৰদায়। অসমৰ কলিতাসকল আলপাইন আৰ্যসকলৰ বংশধৰ। অসমলৈ কলিতা সকলৰ প্ৰব্ৰজন ঘটিছিল মিথিলা, কনৌজ আদি ঠাইৰ পৰা। অসমত বসবাস কৰা আন এটা সম্প্ৰদায় হৈছে কৈৱৰ্তসকল। কৈৱৰ্ত সম্প্ৰদায় হৈছে মূলতঃ নদীকেন্দ্ৰিক বা নৈৰ দাঁতিকষৰীয়া জনগোষ্ঠীসমূহৰ সমষ্টি মাথোন। কৈৱৰ্ত বুলি কলে মৎস, দাস, ধীবৰ, তীয়ৰ, নাৱিক, নদিয়াল, জালিক, জলিয়া কেওট, মাঝি ইত্য়াদি সম্প্ৰদায়ক বুজা যায়।

    অসমত প্ৰৱেশ কৰা বিভিন্ন সম্প্ৰদায়ৰ তথা ভাষা-গোষ্ঠীৰ ভিতৰত সাহিত্য় সংস্কৃতি, ভাষা ধৰ্ম আদি সকলো দিশৰ পৰা উচ্চ স্থানত অধিষ্ঠিত হোৱা সম্প্ৰদায়টো হল আৰ্য সম্প্ৰদায়। এই সম্প্ৰদায়ৰ অসম তথা কামৰূপ প্ৰৱেশ ঘটে খৃঃ পূৰ্ব পঞ্চম শতিকাত। অসমীয়া ভাষাই ভাৰতীয় আৰ্যভাষাৰ এই প্ৰাচীন ভাৰতীয় আৰ্য, মধ্য় ভাৰতীয় আৰ্য ভাষাৰ মাজেৰে এক নব্য় ভাৰতীয় আৰ্য ভাষা।

                                                    চমুটোকা লিখাঃ


(ক) উদ্ভৱকালীন অসমীয়া ভাষাৰ ৰূপতত্ত্ব

উত্তৰঃ উদ্ভৱকালীন ৰূপাতাত্ত্বিক বৈশিষ্ট্য় সমূহ এনেধৰণ-

(ক) বিশেষ্য় শব্দৰ শেষত দ্বিস্বৰ ধ্বনিৰ ব্য়ৱহাৰ হোৱা দেখা যায়। সেইবোৰ এনেধৰণ -

আই / অঈ ঃ  ণই / নই

অউ            ঃ   পৰমপউ

আই            ঃ    আঅ

(খ) উ, অ, ভা, ত দ্বিবচনৰ পৃথকৰূপ নাই, দুই বুজোৱা সংখ্য়াবাচক শব্দৰ প্ৰয়োগ কৰি দ্বিবচনৰ ভাব বুজোৱা হৈছিল। পৰৱৰ্তী কালৰ অসমীয়া ভাষাতো এই বৈশিষ্ট্য়টো ৰক্ষিত হৈছে।

(গ) শূণ্য় বিভক্তিৰ প্ৰয়োগ উ, অ, ভা, ৰ এক উল্লেখযোগ্য় বৈশিষ্ট্য়। এনে প্ৰয়োগ পৰৱৰ্তীকালৰ অসমীয়া ভাষাতো পোৱা যায়।

(ঘ) কাৰক চিহ্ন হিচাপে অনুসৰ্গীয় বিভক্তি প্ৰয়োগ উ, অ, ভা, ৰ এক উল্লেখযোগ্য় বৈশিষ্ট্য়। পৰৱৰ্তী কালৰ অসমীয়া ভাষাতো  এনে প্ৰয়োগ পোৱা যায়। এই লক্ষণটোৰো আৰম্ভণি প্ৰাচীন ভাৰতীয় আৰ্য স্তৰতেই।

(ঙ) উ, অ, ভা, ত আৰু পৰৱৰ্তীকালৰ অসমীয়া ভাষাতো কৰ্মবাচ্য়ৰ গঠনত '-ই' বিভক্তিযুক্ত ৰূপৰ প্ৰয়োগ হয়।


(খ) প্ৰাচীন অসমীয়া ভাষা

উত্তৰঃ খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষভাগলৈকে প্ৰাচীন অসমীয়া ভাষাৰ সময় নিৰ্ধাৰণ কৰা হৈছে। অসমীয়া সাহিত্য়ৰ ইতিহাসত এই সময়খিনি প্ৰাক্ শংকৰী আৰু শংকৰী এই দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে। প্ৰাক্ শংকৰী যুগৰ ভাষাত যুক্তাক্ষৰৰ সৰলীকৰণ আৰু হ্ৰস্ব-দীৰ্ঘ স্বৰৰ পাৰ্থক্য়হীনতা দেখিবলৈ পোৱা যায়। স্বৰভক্তিৰ সহায়ত কঠিন শব্দ ডাঙি সৰল ৰূপত প্ৰকাশ কৰা হৈছে। ঠিক সেইদৰে দন্ত্য়মূলীয় বৰ্ণ বা আখৰৰ প্ৰয়োগ সৰ্বাধিক। প্ৰায় ক্ষেত্ৰতেই 'ণ' ৰ ঠাইত 'ন' ৰ ব্য়ৱহাৰ হৈছে। প্ৰাক্ শঙ্কৰী যুগৰ কবি মাধৱ কন্দলিৰ ৰামায়ণত 'গণ', 'সব' সকল আৰু 'চয়' আদি বহুবচনাত্মক প্ৰত্য়য় ব্য়ৱহাৰ হৈছে। যেনে - তাৰাগণ, আমিসৱ, পাপীচয় ইত্য়াদি। 'ঈ' আৰু 'নী' আদি স্ত্ৰীবাচক প্ৰত্য়য়ৰ প্ৰয়োগ প্ৰাক্ শঙ্কৰী যুগৰ ভাষাত দেখিবলৈ পোৱা যায়।

    শংকৰদেৱেই অংকীয় নাট সমূহত এটি লয়যুক্ত গদ্য়ৰ প্ৰয়োগ কৰে, অসমীয়া সাহিত্য়ত গদ্য় সৃষ্টিৰ এয়া প্ৰথম প্ৰয়াস। অৱশ্য়ে পৰৱৰ্তী সময়ত ভট্টদেৱৰ হাততহে অসমীয়া গদ্য়ই পূৰ্ণতা লাভ কৰে। সেই দিশৰ পৰা ভট্টদেৱক অসমীয়া গদ্য় সাহিত্য়ৰ জনক হিচাপে অভিহিত কৰা হয়। শংকৰদেৱৰ প্ৰিয় শিষ্য় মাধৱদেৱও নিজৰ নাট আৰু বৰগীত সমূহত ব্ৰজাৱলী ভাষা ব্য়ৱহাৰ কৰিছিল। শংকৰী যুগৰ অন্য়ান্য় কবিসকলৰ ভিতৰত অনন্ত কন্দলী, শ্ৰীধৰ কন্দলী, ৰাম সৰস্বতী আৰু পাঁচালী কবিসকল যথা পীতাম্বৰ, দুৰ্গাবৰ, মনকৰ আৰু সুকবি নাৰায়ণদেৱৰ নাম উল্লেখযোগ্য়। শংকৰদেৱ প্ৰমুখ্য়ে অন্য়ান্য় বৈষ্ণৱ কবিসকলে সেই সাহিত্য়িক ৰূপত অধিক মনোগ্ৰাহী বিবিধ শ্ৰেণীৰ সাহিত্য় প্ৰকাশ ক্ষেত্ৰ মুকলি কৰিছিল।

(গ) উদ্ভৱকালীন অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ।

উত্তৰঃ উদ্ভৱকালীন অসমীয়া ভাষাৰ শব্দভাণ্ডাৰত সংস্কৃতমূলীয় তৎসম, তদ্ভৱ শব্দৰ লগতে বড়োমূলীয়া আৰু অষ্ট্ৰিক শব্দইও স্থান পাইছিল। সেয়েহে মূল বা উৎস অনুসায়ী উ, অ, ভা ৰ শব্দসমূহক ঘাইকৈ দুটা ভাগত ভাগ কৰিব পাৰি - আৰ্যমূলীয়  আৰু অনাৰ্যমূলীয়। আৰ্যমূলীয়া অৰ্থাৎ ভাৰতীয় আৰ্যভাষাৰ পৰা অহা শব্দবোৰকো আকৌ ৰূপ অনুযায়ী তিনি শ্ৰেণীত ভগাব পাৰি - (ক) তৎসম (খ) অৰ্থতৎসম  (গ) তদ্ভৱ।

আৰ্যমূলীয়া শব্দঃ

প্ৰা. ভা. আ.                        ম. ভা. আ.                            উ. অ. ভা.

তদ্ভৱ শব্দ ঃ            

কচ্ছপ >                              কচ্ছৱ >                                কছ

কৰ্কুৰ >                                কুক্কুৰ >                             কূবাৰ

ভ্ৰমণ                                    ভমৰ                                    ভমৰ, ভমৰা

তসম শব্দ ঃ                         অনুত্তৰ, কমল, অংগ, অন্ত 

                                            অনুভৱ, কৰ্ণ, কণ্ঠ,কুম্ভীৰ

                                            চণ্ডাল, সৰ্প, হংসৰ,নৰ, নাৰী

অৰ্ধতৎসম শব্দ ঃ                অগনি, অভিন, জউতুক, পদুম

                                            উলাস, পৰাণ, পৰাশ, পৰাহ।

অনাৰ্যমূলীয়া শব্দ ঃ

ভাৰতীয় আৰ্যভাষাৰ উত্তৰাধিকাৰসূত্ৰে প্ৰাপ্তঃ

দ্ৰাবিড় গোষ্ঠীৰ পৰাঃ

(ক) তৎসম শব্দঃ কুণ্ডল,পণ্ডিত, মীন, মালা, ফল

(খ) তদ্ভৱ শব্দঃ কাক> কাঅ> কাউ ( উ. অ. ভা )

                                   খল্ল> খল্ল> খাল

অষ্ট্ৰিক গোষ্ঠীৰ পৰাঃ

(ক) তৎসম শব্দ ঃ জল, হস্তী

(খ) তদ্ভৱ শব্দ ঃ

        কৰ্পাস> কপপাস> কুসু

        শৃংখল> সংকল> সকল

        তম্বুল> তম্বোল> তম্বোল

চীন-তিব্বতীয় ভাষা গোষ্ঠীৰ পৰা

(ক) তৎসম ঃ শ্লেচ্ছ

থলুৱা ভাষাৰ পৰা অহা

(ক) বড়োমূলীয়া ঃ বড়ো ঃ থৈসা= নেমুটেঙা

                                            থৈ = ফল ইত্য়াদি।

(ঘ) উদ্ভৱকালৰ অসমীয়া ভাষা বা প্ৰত্ন অসমীয়া ভাষা।

উত্তৰঃ উদ্ভৱকালৰ অসমীয়া ভাষাৰ সময়সীমা খ্ৰীষ্টীয় ষষ্ঠ / সপ্তম শতিকাৰ পৰা চতুৰ্দশ শতিকা। উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন প্ৰধানতঃ তামৰ ফলিসমূহৰ ভাষাত, চৰ্যাপদসমূহৰ ভাষাত আৰু শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত দেখিবলৈ পোৱা যায়। খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈ কামৰূপত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ প্ৰদত্ত তামৰ ফলিসমূহৰ ভাষাই অসমৰ প্ৰাচীনতম ভাষাৰ প্ৰতিনিধিত্ব কৰিছে। তামৰ ফলিৰ ভাষাত  অসমৰ কিছুমান ঠাইৰ নাম, মানুহৰ নাম, গছ-গছনিৰ নাম আৰু অন্য়ান্য় অসমীয়া শব্দৰ লগতে, স্বধ্বনিৰ হ্ৰস্ব-দীৰ্ঘৰূপৰ মাজত পাৰ্থক্য়হীনতা, স্বৰসমীভৱনআৰু ব্য়ঞ্জন সমীভৱনৰ প্ৰয়োগ উল্লেখযোগ্য়।

    ইয়াৰ পাছতেই আহে প্ৰথম অসমীয়া সাহিত্য়ৰ নিদৰ্শন স্বৰূপ চৰ্যাপদ সমূহৰ ভাষা। চৰ্যাপদৰ ভাষাত 'ঋ' ৰ ঠাইত 'অ' আৰু 'উ' ৰ ব্য়ৱহাৰ কৰ্ম কৰবাত ক ৰ ব্য়ৱহাৰ লোপ, বিশেষণ দুবাৰ প্ৰয়োগ কৰি বহুবচন সৃষ্টি স্ত্ৰীলিংগৰ ক্ষেত্ৰত স্ত্ৰী প্ৰত্য়য় 'ঈ' আৰু 'নী' ৰ প্ৰয়োগৰ  উপৰি কিছুমান অতি ঘৰুৱা অসমীয়া শব্দও ব্য়ৱহাৰ হোৱা দেখা যায়।  


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




Answer Type - Boby Bora