ৰামবিহীন অযোধ্যাৰ বৰ্ণনা


অতি চমু প্রশ্নোত্তৰঃ


১। 'ৰামবিহীন অযোধ্যাৰ বৰ্ণনা' কবিতাটিৰ কবিগৰাকীৰ নাম কি?


উত্তৰঃ মাধৱ কন্দলি।


২। প্রাক্-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি গৰাকী কোন?


উত্তৰ: মাধৱ কন্দলি।


৩। মাধৱ কন্দলিয়ে কেতিয়া ৰামায়ণ অসমীয়া ভাষালৈ ভাঙনি কৰে?


উত্তৰঃ চতুৰ্দশ শতিকাত।


৪। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতাত কাব্য চর্চা কৰিছিল?


উত্তৰ: বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত।


৫। মাধৱ কন্দলিৰ 'ৰামবিহীন অযোধ্যাৰ বৰ্ণনা' শীর্ষক কবিতাটি ক'ৰপৰা চয়ন কৰা হৈছে?


উত্তৰ: মাধৱ কন্দলিৰ 'সপ্তকাণ্ড ৰামায়ণ'ৰ অযোধ্যা কাণ্ডৰপৰা।


৬। কবি মাধৱ কন্দলিক কোনে 'অপ্রমাদী কবি' আখ্যা দিছিল?


উত্তৰ: মহাপুৰুষ শংকৰদেৱে।


৭। মাধৱ কন্দলি কোনগৰাকী ৰজাৰ ৰাজকবি আছিল?


উত্তৰ: প্রাচীন অসমৰ পূৰ্বমধ্যাঞ্চলৰ অধিপতি বাৰাহ (বৰাহী) ৰজা মহামাণিক্যৰ ৰাজকবি আছিল।


৮। নৰনাৰায়ণ অৰ্থাৎ কৃষ্ণ আৰু অর্জুনৰ মাহাত্ম্য বৰ্ণনা কৰা মাধৱ কন্দলিয়ে ৰচনা কৰা আন এখন কাব্য পোৱা যায়। এই কাব্যখনৰ নাম কি?


উত্তৰঃ 'দেৱজিৎ'।


৯। 'ৰামবিহীন অযোধ্যাৰ বৰ্ণনা' কবিতাটি মাধৱ কন্দলিৰ কোনখন গ্ৰন্থৰপৰা তুলি দিয়া হৈছে?


উত্তৰ: 'ৰামবিহীন অযোধ্যাৰ বৰ্ণনা' কবিতাটি মাধৱ কন্দলিৰ অন্যতম ৰচনা 'সপ্তকাণ্ড ৰামায়ণ'ৰ অযোধ্যা কাণ্ডৰপৰা তুলি দিয়া হৈছে।


১০। ৰামবিহীন অযোধ্যাৰ দুৰ্দশাৰ বাবে ভৰতে কাক দোষী সাব্যস্ত কৰিছে?


উত্তৰ: অযোধ্যাৰ এনে দুর্দশাৰ বাবে ভৰতে মাতৃ কৈকেয়ীক দোষী সাব্যস্ত কৰিছে।


১১। কৈকেয়ী কোন?


উত্তৰঃ ৰজা দশৰথৰ তৰুণী ভাৰ্য্যা, ভৰতৰ মাতৃ, কৈকয় ৰাজ্যৰ ৰাজকুমাৰী।


১২। কন্দৰ শব্দৰ অৰ্থ কি?


উত্তৰঃ গিৰিগুহা, অংকুশ, পৰ্বতৰ গহ্বৰ।


১৩। সুমন্ত্র কোন?


উত্তৰঃ দশৰথ ৰজাৰ প্ৰধান মন্ত্ৰী অৰ্থাৎ অযোধ্যাৰ এগৰাকী মুখ্যমন্ত্রী।


১৪। গুহ ৰাজ কোন?


উত্তৰঃ নিষাদ পতি, চণ্ডালৰ ৰজা, ৰামৰ এজন পৰম সুহৃদ।


১৫। শৃঙ্গৱৰ কি?


উত্তৰ: ৰামৰ পৰম সুহৃদ নিষাদপতি গুহ ৰজাৰ ৰাজ্য।


১৬। কবিতাটিত জাজ্জ্বল্য মানে কি অর্থ বুজাইছে?


উত্তৰঃ খঙত জ্বলি উঠা, অতিশয় দীপ্তিমান।


১৭। কবিতাটিত উল্লেখ থকা 'সঙ্কলি' শব্দৰ অর্থ কি?


উত্তৰঃ 'সঙ্কলি' শব্দৰ অৰ্থ বধ কৰ, মাৰ।


১৮। তৰত মানে কি?


উত্তৰঃ বাম, স্থল, পানী নথকা মাটি।


১৯। ছন্নি শব্দৰ অৰ্থ কি?


উত্তৰ: নষ্ট হৈ, ভংগ হৈ, উচ্ছন্ন হৈ যোৱা।


২০। অযোধ্যা কি?


উত্তৰঃ দশৰথ ৰজাৰ ৰাজ্য।


২১। কচ্ছপ মানে কি?


উত্তৰঃ কাছ।


ৰচনাধৰ্মী প্রশ্নোত্তৰ:


১। মাধৱ কন্দলি কোন আছিল?


উত্তৰ: প্ৰাক্ শংকৰী যুগৰ কবিসকলৰ ভিতৰত মাধৱ কন্দলিয়েই শ্রেষ্ঠ। এওঁ সুদূৰ চতুৰ্দশ শতিকাতে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰি নব্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম ৰামায়ণ বুলি অসমৰ গৌৰৱ অৰ্জন কৰিলে, লগতে অসমীয়া ভাষা সাহিত্যৰ ভেটিও সুদৃঢ় কৰি তুলিলে। বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধত মাধৱ কন্দলিয়ে সকলোৱে বুজিব পৰাকৈ বাল্মীকিৰ ৰামায়ণখন পদত ভাঙনি কৰে। মাধৱ কন্দলিয়ে 'সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো' বুলি এঠাইত কৈছে যদিও আদি কাণ্ড আৰু উত্তৰকাণ্ড পোৱা নাযায়। সেয়েহে ক্রমে মাধৱদেৱ আৰু শংকৰদেৱে বাকী দুটা কাণ্ড অনুবাদ কৰি কন্দলিৰ ৰামায়ণ সম্পূৰ্ণ কৰে। ৰামায়ণৰ অনুবাদ প্রসংগত কবিয়ে কৈছে-

'কবিসব নিবন্ধয় লোক ব্যৱহাৰে।

কতো নিজ কতো লম্বা কথা অনুসাৰে।।'

অর্থাৎ কবিয়ে লোক প্রয়োজন অনুসাৰে অনুবাদত বঢ়া-টুটা কৰিছে।

কন্দলিয়ে ৰামায়ণ ৰচনা কৰোতে যথাসম্ভৱ মূল শ্লোকবোৰ অনুবাদ কৰিছে যদিও

সামাজিক চিত্র, বিভিন্ন ঋতু সম্বন্ধীয় প্রাকৃতিক দৃশ্যৰ বৰ্ণনা আদিত দক্ষতা দেখুৱাব পাৰিছে। মাধৱ কন্দলিৰ ৰামায়ণৰ অনুবাদে অসমীয়া ভাষাৰ সৌষ্ঠৱ বঢ়োৱাৰ লগতে পৰৱৰ্তী যুগৰ কবিসকলক বিশেষভাবে অনুপ্ৰেৰণা যোগাইছিল।


২। মাধৱ কন্দলিয়ে অসমৰ কথ্য ভাষাক কিদৰে কাব্যৰ ভাষাৰূপে সুপ্রতিষ্ঠিত কৰিলে?


উত্তৰ: ৰামায়ণৰ অনুবাদৰদ্বাৰা কন্দলিয়ে অসমৰ কথ্য ভাষাক কাব্যৰ ভাষাৰূপে সুপ্রতিষ্ঠিত কৰিলে। নৈসর্গিক সৌন্দর্যকে আদি কৰি ভিন্ন ভিন্ন সৌন্দর্য বা পৰিৱেশৰ চিত্রণ কবিয়ে সমকালীন অসমৰ পৰিৱেশ-পৰিস্থিতিৰ লগত সংগতি ৰাখিহে চিত্রিত কৰিছে। ফলত অসমীয়া পাঠক-শ্রোতাৰ বাবে বৰ্ণনীয় বিষয়ৰ লগত আত্মীয়তা স্থাপন কৰিবলৈ সহজ হৈছে। এই প্রসংগত উল্লেখ্য যে কন্দলিয়ে মূলতকৈ কিছু বিস্তৃত ৰূপত চিত্রকূটৰ নৈসর্গিক বর্ণনাখিনি অসমৰ প্ৰাকৃতিক পৰিৱেশৰ অন্তৰ্গত কৰি মনোৰমকৈ দাঙি ধৰিছে। খেল-ধেমালিৰ উপৰি সাজ-পোছাক, আ-অলংকাৰ, উৎসৱ-পাৰ্বণ আদিও অসমীয়া সমাজৰ অনুৰূপে কবিয়ে বৰ্ণনা কৰিছে।


৩। মাধৱ কন্দলিৰ 'ৰামবিহীন অযোধ্যাৰ বৰ্ণনা' কাব্যাংশ'ৰ ৰস সম্পর্কে চমুকৈ লিখা।


উত্তৰ: কাব্যাংশত ব্যৱহৃত 'শ্মশানশাল', 'শূন্যস্থলি', 'পোৰাথলি' আদি শব্দসমূহে এক কৰুণ ট্ৰেজিক ৰস সৃষ্টি কৰাৰ লগতে গভীৰ ব্যঞ্জনাৰ সৃষ্টি কৰিছে। আপোনজনক মৃত্যুৰ পাছত শ্মশানশালত দাহ-সৎকাৰ কৰাৰ পাছত কেৱল অৱশেষ হিচাপে ৰৈ যায় কৰুণ স্মৃতি, যন্ত্রণা আৰু শূন্যতা। পিতৃ দশৰথৰ চিতাৰ জুই হৃদয়ত মাৰ নৌযাওঁতেই বনবাসী ৰামৰ সৈতে বিচ্ছেদৰ যন্ত্ৰণাৰ জুইকুৰা ভৰতৰ মনত দদকৈ জ্বলি উঠিল। অযোধ্যালৈ উভতি আহি নগৰখনো শ্মশানশাল যেনহে লাগিল। চাৰিওফালে কেৱল ৰাম-দশৰথৰ স্মৃতি। তেনেদৰে 'পোৰাথলি' আৰু 'শূন্যস্থলি'ৰ ব্যঞ্জনাইও আপোন বস্তু সকলো পুৰি শেষ হৈ যোৱাৰ পাছত নিসংগ হোৱাৰ ছবি এখনি মনলৈ লৈ আহে। কবি কন্দলিৰ বৰ্ণনা শক্তি তথা প্রতিভাৰ ই এক উজ্জ্বল নিদর্শন।


ৰচনাধৰ্মী প্রশ্নোত্তৰ:


১। প্ৰাক্‌ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলিৰ পৰিচয় আৰু কাব্য ৰচনাৰ এটি সাধাৰণ আলোচনা দাঙি ধৰা।


উত্তৰ: অসমীয়া সাহিত্যৰ প্ৰাক্‌ শংকৰী যুগত যিকেইজন কবি-সাহিত্যিকে তেওঁলোকৰ

বৰঙণিৰে অসমীয়া কাব্য সাহিত্যলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল, তেওঁলোকৰ ভিতৰত ৰামায়ণ অনুবাদ কৰা কবি মাধৱ কন্দলিয়েই আছিল শ্রেষ্ঠ।

 

       মাধৱ কন্দলিয়ে মধ্যযুগৰ অসমৰ বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধত বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। মাধৱ কন্দলিয়ে ৰামায়ণৰ লংকাকাণ্ডৰ আত্ম-পৰিচয় প্ৰসংগত তেওঁ বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধক্রমে সর্বজনবোধ্য হিচাপে সংস্কৃত ভাষাৰ বাল্মীকিৰ ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰা বুলি কৈছে।


            পণ্ডিতসকলৰ আলোচনা অনুসৰি এই সিদ্ধান্তলৈ আহিব পাৰি যে খৃষ্টীয় চতুর্দশ শতিকাৰ মাজভাগত নগাঁও অঞ্চলৰ কপিলী উপত্যকাত মহামাণিক্য নামৰ এজন ববাহী ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁৰ অনুৰোধতেই মাধৱ কন্দলিয়ে ৰামায়ণ অনুবাদ কৰিছিল।

     প্রাক্ শংকৰী যুগৰ কবি মাধৱ কন্দলি কেৱল যে সেই যুগৰ কবিসকলৰ ভিতৰতেই শ্রেষ্ঠ আছিল এনে নহয়, তেওঁ আছিল এগৰাকী বিশিষ্ট কবি আৰু সাধাৰণতে অসমৰ প্রাচীন যুগৰ আগশাৰীৰ কবি শংকৰদেৱ, মাধৱদেৱ, ৰাম সৰস্বতী আদিৰ সৈতে তেওঁক একে ঠাইতে ৰখা হয়। মহাপুৰুষ শংকৰদেৱেও উত্তৰাকাণ্ড ৰামায়ণৰ অনুবাদ কৰিবলৈ লওঁতে কবিগৰাকীৰ অতি উচ্চ প্রশংসা কৰি গৈছে।

           ৰামায়ণৰ অনুবাদ প্ৰসংগত মাধৱ কন্দলিয়ে তেওঁৰ লংকা কাণ্ডৰ শেষত 'সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো লংভা পৰিহৰি সাৰোদ্ধৃতে' বুলি এষাৰ কথা কৈছে যদিও, বর্তমানে মাধৱ কন্দলিৰ ৰামায়ণৰ কিন্তু পাঁচটা কাণ্ডহে পোৱা যায়। পৰৱৰ্তী সময়ত মাধৱদেৱে ৰামায়ণৰ আদি কাণ্ড আৰু শংকৰদেৱে উত্তৰাকাণ্ড ৰামায়ণ ৰচনা কৰিহে মাধৱ কন্দলিৰ ৰামায়ণখন সম্পূর্ণ কৰে।

 

       মাধৱ কন্দলিৰ ৰামায়ণৰ ৰচনা প্ৰসংগত মনকৰিবলগীয়া কথা এয়ে যে উত্তৰ ভাৰতৰ প্রান্তীয় ভাষাত ৰচিত ৰামায়ণসমূহৰ ভিতৰত কন্দলিৰ ৰামায়ণেই হৈছে প্রাচীনতম। কিন্তু প্রাচীন হ'লেও মাধৱ কন্দলিয়ে অতি সুন্দৰভাৱে সংস্কৃত ৰামায়ণৰ বিষয়বস্তু জনসাধাৰণৰ আগত উত্থাপন কৰিবলৈ সমৰ্থ হৈছে। তেওঁৰ ভাষা আৰু ৰচনাশৈলীত ক'তো কোনো ধৰণে ভাব প্ৰকাশৰ অক্ষমতা বা দুৰ্বলতা বিচাৰি পোৱা নাযায়। সৰল আৰু সতেজ ভাষাৰে তেওঁ ৰামায়ণৰ বিষয়বস্তু চতুৰ্দশ শতিকাৰ সময়তে অসমীয়া পাঠকৰ আগত দাঙি ধৰিবলৈ সমর্থ হৈছে।


        মাধৱ কন্দলিয়ে ৰামায়ণ ৰচনা কৰোঁতে মুঠতে বাল্মীকিৰ ৰামায়ণৰ বিষয়বস্তুহে চমুকৈ অসমীয়াত ৰূপ দিয়া বুলি ক'ব পাৰি। তেওঁৰ অনুবাদৰ মূলনীতিয়েই আছিল আগতে উল্লেখ কৰা অনুসৰি 'লংভা পৰিহৰি সাৰোদ্ধৃতে' নীতি। তেওঁ অতি সুন্দৰকৈ অসমীয়া পাঠকৰ বাবে ৰামায়ণৰ যিখিনি প্রয়োজনীয় সেইখিনিকেই ৰামায়ণত ৰাখিছে। সমালোচকৰ ভাষাত সেই বুলি তেওঁ 'প্রয়োজনীয় ঘটনা বা বিৱৰণ বাদ দি খৰামূৰা বা নীৰস ক'তো কৰা নাই।

মাধৱ কন্দলিয়ে ৰামায়ণৰ ৰচনাৰ সময়ত তথা ৰামায়ণৰ অনুবাদত সন্নিবিষ্ট বিভিন্ন পদৰ ফাঁকিসমূহত কোৱা অনুসৰি তেওঁ সংস্কৃত ৰামায়ণখন নিজে যিদৰে বুজি পাইছিল তাকেই সংক্ষিপ্ত ৰূপত পাঠকৰ আগত দাঙি ধৰিছিল। কবিসকলে যে অনুবাদ বা ৰচনা কাৰ্যত লোকজনৰ মনলৈ দৃষ্টি আৰোপ কৰি কেতিয়াবা 'লম্ভা কথা' বা জনসাধাৰণৰ উপযোগী কথা সংযোগ কৰে সেই কথাও ইয়াত উল্লেখ কৰিছে আৰু এইদৰে ৰামায়ণ ৰচনা কৰা বুলিকৈ এই কার্যত কিবা দোষ হ'লে তাক পৰিহাৰ কৰিবলৈ কৈ নিজৰ দীনতাব ভাবো প্রকাশ কৰিছে।

 

         মাধৱ কন্দলিৰ ৰামায়ণ অনুবাদত সংযোগ আৰু বিয়োগ কাৰ্যৰ জৰিয়তে কেতিয়াবা তেওঁ বাল্মীকিয়ে চমুকৈ কোৱা কথাত যোগ দি মুকলিকৈ অনুবাদ কৰিছে নাইবা কেতিয়াবা কেতিয়াবা মূলৰ কথা চমুকৈও ৰাখিছে। কিন্তু সেয়া হ'লেও যিবোৰ শ্লোক ৰসাল আৰু অপৰিহাৰ্য সেইবোৰ কিন্তু মাধৱ কন্দলিয়ে কেতিয়াও এৰি যোৱা নাছিল, অতি ৰসালকৈ সেইবোৰ তেওঁ অনুবাদ কৰি গৈছিল। এই ক্ষেত্ৰত মাধৱ কন্দলিয়ে ৰামায়ণৰ অনুবাদত নতুন কথাৰ সংযোগ কৰাৰ উদাহৰণ স্বৰূপে মন্থৰা নামৰ কুজী বুঢ়ীজনীয়ে প্রকাশ্যে নহ'লেও গুপ্তভাৱে ভৰতৰ পটেশ্বৰী হ'বলৈ কৰা অনুচিত হাবিয়াসৰ কথাটোকেই উল্লেখ কৰিব পাৰি। মাধৱ কন্দলিয়ে সংযোগ কৰা এই নতুন বিষয়ৰ সন্দৰ্ভত এনে মন্তব্য দিয়া হয় যে ভৰতৰ মাতৃ কৈকেয়ীতকৈয়ো বয়সস্থা আৰু মাতৃতুল্যা ধাত্রী কুজীৰ মনত এনে ভাবৰ সংযোগ কৰাটোৱে ইয়াৰ বৰ্ণনা ৰুচিবিগর্হিত আৰু গ্রাম্য দোষযুক্ত কৰি তুলিছে। কিন্তু সেয়া হ'লেও জনসাধাৰণৰ মনত আনন্দ প্রদানৰ বাবেই যে মাধৱ কন্দলিয়ে মূলত নোহোৱা এনে বৰ্ণনাৰ সংযোগ কৰিছিল সেই কথা বুজিব পাৰি। অৱশ্যে তেওঁৰ সকলো বর্ণনাই যে গ্রাম্য তেনে কথাও নহয়।


          মাধৱ কন্দলিয়ে ৰামায়ণ ৰচনা কৰোঁতে বিভিন্ন পৰিবেশ বা অৱস্থা, প্রাকৃতিক শোভা সৌন্দর্য আদিৰ সুন্দৰ বৰ্ণনা সংযোগ কৰাৰ লগতে সাহিত্যত প্রয়োগ কৰিবলগীয়া বীৰ, হাস্য, কৰুণ আদি বিভিন্ন ৰসসমূহৰো সুন্দৰ আৰু সুস্থ প্রয়োগ কৰিছে। তেওঁ এহাতে যিদৰে যুদ্ধ বিগ্ৰহৰ ভয়ংকৰ চিত্ৰ দাঙি ধৰিছে; আনহাতে শৃংগাৰ, কৰুণ আদি ৰসৰ পৰিপোষক বিবিধ বর্ণনাও সুন্দৰকৈ সংযোগ কৰিছে। উৎসৱমুখী অযোধ্যা নগৰৰ চিত্ৰ, ৰামৰ বন গমনৰ সময়ত দশৰথৰ মানসিক কৰুণ অৱস্থা, চিত্রকূট বনৰ নৈসর্গিক শোভা, লংকাৰ বৰ্ণনা, বিকটাকাৰ ৰাক্ষসকলৰ বিস্ময়জনক চিত্ৰ আদিও কন্দলিৰ লেখনীত অতি সুন্দৰ আৰু ৰসগ্ৰাহী হৈ উঠিছে।


        মাধৱ কন্দলিয়ে অতি সুন্দৰ উপমা, ৰূপক আদিৰ সংযোগ কৰিও বৰ্ণনা মধুময় কৰি তুলিছে। উদাহৰণ স্বৰূপে, ৰাক্ষসিনীসকলৰ মাজত সীতাৰ বৰ্ণনা কবিয়ে সুন্দৰ ৰূপত ফুটাই তুলিছে।


       কবিয়ে অসমীয়া জীৱনৰ লগত জড়িত বিবিধ সামগ্ৰীকো উপমাৰ সৈতে জড়িত কৰিছে। উপমাৰ সামগ্ৰী হিচাপে তেওঁৰ ৰামায়ণত পোৱা যায়- (ক) বটালি নকাটে

যেন বিনা হাঠুৰীয়ে, (খ) তপত খোলাত দিলে যেন মৎস্য পৰে, (গ) খৰলগা ধান যেন বৰিষণ জলে, (ঘ) বিচিধান বুইলো যেন উখৰা ভূমিত (ঙ) অলপ পানীৰ মাছ দদৰা-দদৰি, (চ) বৰশীয়া ৰাৱণৰ পুঙাতেসে দৃষ্টি- এনেধৰণৰ অসমীয়া জীৱনৰ বিবিধ বিষয়ৰ সৈতে যুক্ত বিবিধ যোজনা পটন্তৰ।


        অলংকাৰৰ লগতে মাধৱ কন্দলিৰ ৰামায়ণৰ অন্য এটা বৈশিষ্ট্য দেখা যায় তেওঁ প্রয়োগ কৰা বিভিন্ন শব্দসমূহৰ প্ৰয়োগ কৌশলত। ৰামায়ণখন যেহেতু সংস্কৃত মহাকাব্য সেয়ে ইয়াৰ অনুবাদত যথেষ্ট পৰিমাণে সংস্কৃত তৎসম শব্দৰ প্রয়োগ হোৱাটো স্বাভাবিক কথা হ'লেও, তৎসম শব্দৰ লগতে কন্দলিয়ে কিন্তু অসমীয়া ঘৰুৱা জীৱনত সচৰাচৰ প্রয়োগ হোৱা তদ্ভৱ, অর্ধতৎসম আৰু দেশজ আদি শব্দৰো সুন্দৰভাৱে সমন্বয় সাধন কৰিছে আৰু ইয়াৰ ফলত তেওঁৰ ৰচনা সাধাৰণ পাঠকৰ বাবেও অতি উপভোগ্য হৈ উঠিছে। অৱশ্যে এই কথা উল্লেখযোগ্য যে মাধৱ কন্দলিৰ ৰামায়ণত এনে ধৰণৰ কিছুমান শব্দ পোৱা যায় যিবোৰ শব্দ পিছৰ যুগত অপ্রয়োজনীয় আৰু অপ্রচলিত হৈ পৰিছে।


       কন্দলিৰ ৰামায়ণৰ অনুবাদৰ ক্ষেত্ৰত অন্য এটা মনকৰিবলগীয়া দিশ হৈছে বিভিন্ন চৰিত্ৰৰ মুখত দিয়া সংলাপধর্মী বচনবোৰ। এনেধৰণৰ বৰ্ণনাবোৰে কাব্যখনক নাটকীয়তা গুণ প্রদান কৰিছে আৰু তেনে বর্ণনাসমূহো পাঠকৰ বাবে ৰসগ্ৰাহী হৈ পৰিছে।


          মাধৱ কন্দলিৰ ৰামায়ণ এইদৰে বৰ্ণনা চাতুর্য, শব্দ প্রয়োগ আৰু ঘৰুৱা উপমা আদিৰে পৰিপূৰ্ণ হোৱাৰ উপৰি আৰু ইয়াত সাধাৰণ লোকৰ উপভোগ্য হিচাপে বর্ণনীয় বিষয়সমূহ দাঙি ধৰাৰ উপৰি কবিয়ে চতুর্দশ শতিকাৰ অসমীয়া সমাজখনৰো কিছুমান চিত্র ইয়াত প্রতিফলিত কৰিছে। সেই সময়ত অসমীয়া সমাজখনত কিদৰে বিভিন্ন বৰ্ণ বা সম্প্রদায়ৰ লোকে বসবাস কৰিছিল আৰু তেওঁলোকে কিদৰে মুকলিমূৰীয়া পৰিবেশত আনন্দ মনেৰে বসবাস কৰিছিল, তাৰ আভাস পুথিখনৰপৰা পোৱা যায়। কবিয়ে ৰামক বনৰপৰা ওভোতাই আনিবলৈ ভৰতৰ লগত যোৱা প্ৰজাসকলৰ বিৱৰণত বিভিন্ন বৰ্ণ-সম্প্ৰদায়ৰ লোকৰ কথা উল্লেখ কৰিছে। ইয়াৰ উপৰি সেই সময়ৰ ধৰ্ম সম্পৰ্কীয় দিশৰ কিছু আভাসো পুথিখনৰপৰা পোৱা যায়।


       এইদৰে চতুৰ্দশ শতিকাৰ সময়তে মাধৱ কন্দলিয়ে অসমীয়া ভাষাত বাল্মীকিৰ সংস্কৃত ৰামায়ণখন অনুবাদ কৰি অসমীয়া কাব্য সাহিত্যৰ বুৰঞ্জীত এক চিৰস্মৰণীয় খ্যাতি অর্জন কৰে।


        অসমীয়া সাহিত্যৰ বুৰঞ্জীত মাধৱ কন্দলিৰ বিষয়ে কৰা আলোচনা প্ৰসংগত 'দেৱজিৎ' নামৰ কাব্য এখনতো মাধৱ কন্দলিৰ ভণিতা পোৱাৰ কথা উল্লেখ কৰিব লাগিব। কিন্তু এই কাব্যখনত মাধৱ কন্দলিৰ ভণিতা আছে যদিও, এই পুথিখনৰ ভাষা কন্দলিৰ ৰামায়ণৰ ভাষাতকৈ নিম্নস্তৰৰ আৰু লগতে অর্বাচীনো। কাব্যখনত নৰনাৰায়ণ অৰ্থাৎ অর্জুন আৰু কৃষ্ণৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে। কাব্যখনত ভক্তি আৰু নাধৰ্মৰ মহিমা দেখুৱা হৈছে আৰু

সেয়ে এই কাব্যখন বৈষ্ণৱ যুগৰ মাধৱ কন্দলি নামধাৰী কোনোবা অন্য কবিৰ ৰচনা বুলি ভাবিব পাৰি বুলিহে সমালোচকসকলে মত দাঙি ধৰিছে।


২। মাধৱ কন্দলিৰ 'ৰামবিহীন অযোধ্যাৰ বৰ্ণনা' কবিতাটিৰ মূল কথাখিনি আলোচনা কৰা।


উত্তৰ: 'ৰামবিহীন অযোধ্যাৰ বৰ্ণনা' কাব্যাংশ কন্দলিৰ ৰামায়ণৰ অযোধ্যাকাণ্ডৰ পৰা লোৱা হৈছে। বনবাসৰ আদেশ পাই ৰামচন্দ্ৰ বনলৈ যোৱাৰ পাছত পুত্ৰ-শোকত ম্রিয়মান ৰজা দশৰথৰ মৃত্যু হয়। ভৰতে সকলো অথন্তৰ জানিব পাৰি মাতৃ, গুৰুজন আৰু প্রজাসকলকো লগত লৈ বনৰ পৰা ৰামচন্দ্ৰক ওভোতাই আনিবলৈ যাত্ৰা কৰিছিল। ৰামচন্দ্ৰৰ বন্ধু চণ্ডালৰ ৰজা গুহই সন্দেহবশতঃ ভৰত-বাহিনীর উদ্দেশ্য জানিবলৈ চেষ্টা কৰি প্ৰকৃত সত্য জনাত ভৰতৰ সৈতে ৰামৰ ওচৰলৈ একেলগে যাত্ৰা কৰে। কিন্তু ৰামচন্দ্ৰই পিতৃ-সত্য পালন নকৰাকৈ ভৰত আৰু মাতৃগণৰ অনুৰোধত অযোধ্যালৈ ঘূৰি আহিবলৈ অমান্তি হোৱাত উপায়ান্তৰ হৈ ভৰতে ৰামচন্দ্ৰৰ খৰমযোৰকে ৰামৰ প্ৰতিনিধি হিচাপে লৈ অযোধ্যালৈ প্রত্যাগমন কৰে। ইতিমধ্যে নিষাদপতি গুহৰাজ নিজ ৰাজ্য শৃঙ্গৱৰ পুৰলৈ উভতি যায়।


       ৰাম-দশৰথবিহীন অযোধ্যা নগৰীখন দূৰৰ পৰাই দেখি ভৰতৰ মনত বিৰহ-বেদনাৰ যি শোকাগ্নি জ্বলি উঠিল, তাৰ প্ৰকাশ উক্ত কবিতাটোত মৰ্ম্মস্পর্শীভাৱে কন্দলিয়ে দাঙি ধৰিছে। কাব্যাংশৰ মাজেদি ভৰতৰ চাৰিত্ৰিক সততা, ভ্রাতৃ-প্রেম, স্বদেশপ্রেম তথা মাতৃ কৈকেয়ীৰ প্ৰতি ক্ষোভৰ আভাসো পৰিষ্কাৰভাৱে ফুটি উঠা দেখা যায়। মন্ত্রী সুমন্ত্ৰৰ সৈতে একেলগে অযোধ্যালৈ উভতি আহি থকা ভৰতে মনৰ কথা সুমন্ত্ৰৰ আগত কৈ গৈছে। অযোধ্যাৰ প্ৰজা ৰামৰ দুখত ম্রিয়মান। তেনেহেন যুৱৰাজৰ বনবাসত সমগ্ৰ প্ৰজাৰ মনত বিৰহৰ অগ্নি দপ্দকৈ জ্বলিছে। সদা ব্যস্ত, কৰ্মৰত প্ৰজাৰ অনুপস্থিতিত অযোধ্যাৰ বাট-পথ যেন জনশূন্য হৈ পৰিছে। চন্দ্ৰ আৰু সূৰ্যৰ অবিহনে দিন-ৰাতিৰ শোভা নথকাৰ দৰে প্ৰজাহীন অযোধ্যানগৰী মলিন হৈ পৰিছে। এগৰাকী প্রজাবৎসল আৰু সৎহৃদয়ৰ গৰাকী হোৱা বাবে ভৰতে অযোধ্যাবাসীৰ দুখৰ উমান পাইছে। এই কথাত ভৰত চৰিত্ৰৰ সততা আৰু মহত্বৰ উমান পোৱা যায়।


         পূৰ্বপুৰুষ তথা দশৰথ-ৰামচন্দ্ৰ আদিৰ যোগেদি অযোধ্যাৰ যশ-কীর্তি তিনিও লোকতে বিয়পি পৰিছিল। তেনে এখন নগৰী আজি ৰাম-দশৰথৰ অৱৰ্তমানৰ বাবে শ্মশানৰ নিচিনা হৈ পৰিছে। জনহীন হাট এখনৰ দৰে অযোধ্যাত শূন্যতাই বিৰাজ কৰিছে। মাতৃ কৈকেয়ীক সমস্ত ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি ভৰতে ক্ষোভ উজাৰিছে। মাতৃ কৈকেয়ীৰ মনত ৰামৰ প্ৰতি থকা ঈৰ্ষাৰ জুইত গোটেই অযোধ্যাতেই যেন জুই লাগিল। সেই জুইত অযোধ্যা যেন শ্মশানথলীলৈ ৰূপান্তৰ হ'ল। পিতৃৰ চিতা জ্বলিল। বিৰহত প্ৰজাসকল ছট্‌ফটাই থাকিল। সেই জুইত প্ৰজাসকল পুৰি গোটেই নগৰীখনেই এখন পোৰাথলীলৈ ৰূপান্তৰ হ'ল।


        কাব্যাংশত ব্যৱহৃত 'শ্মশানশাল', 'শূন্যস্থালি', 'পোৰাথলি' আদি শব্দসমূহে এক কৰণ ট্রেজিক ৰস সৃষ্টি কৰাৰ লগতে গভীৰ ব্যঞ্জনাৰ সৃষ্টি কৰিছে। আপোনজনক মৃত্যুৰ পাছত শ্মশানশালত দাহ-সৎকাৰ কৰাৰ পাছত কেৱল অৱশেষ হিচাপে ৰৈ যায় করুণ স্মৃতি, যন্ত্রণা আৰু শূন্যতা। পিতৃ দশৰথৰ চিতাৰ জুই হৃদয়ত মাৰ নৌযাওঁতেই বনবাসী ৰামৰ সৈতে বিচ্ছেদৰ যন্ত্ৰণাৰ জুইকুৰা ভৰতৰ মনত দল্কৈ জ্বলি উঠিল।


       অযোধ্যালৈ উভতি আহি নগৰখনো শ্মশানশাল যেনহে লাগিল। চাৰিওফালে কেৱল ৰাম-দশৰথৰ স্মৃতি। তেনেদৰে 'পোৰাথলি' আৰু 'শূন্যস্থলি'ৰ ব্যঞ্জনাইও আপোন বস্তু সকলো পুৰি শেষ হৈ যোৱাৰ পাছত নিসংগ হোৱাৰ ছবি এখনি মনলৈ লৈ আহে। কবি কন্দলিৰ বৰ্ণনা শক্তিৰ তথা প্ৰতিভাৰ ই এক উজ্বল নিদর্শন।


          অযোধ্যাৰ এনে দুর্দশাৰ বাবে ভৰতে মাতৃ কৈকেয়ীক দোষী সাব্যস্ত কৰি মোহান্ধ হোৱাৰ বিপৰীতে পৰিয়াল তথা ৰাজ্যৰ প্ৰতি দায়িত্বশীল হোৱা দেখা যায়। ভৰত চৰিত্ৰৰ এই মহত্ব কাব্যাংশত প্রোজ্বল হৈ উঠিছে一

কৈকেয়ী মারে ভৈলা প্রচণ্ড অগনি।

………..

অযোধ্যা নদীত ভৈল দশৰথ জল।

কৈকেয়ীসে ৰবিজালে শুষিল সকল।।


      অযোধ্যাৰূপী নদীত দশৰথ হৈছে জল, কৈকেয়ী ৰবিয়ে প্রচণ্ড তাপেৰে সেইজল সকলো শুহি পেলালে। প্রজাৰূপী মাছ-কাছ আদিয়ে পানী শুকোৱাত ৰ'দৰ প্ৰচণ্ড তাপত ছটফটাই মৰিব ধৰিছে। ইয়াৰ যোগেদি কৈকেয়ীৰ নিষ্ঠুৰতা, ৰজা দশৰথৰ অসহায় অৱস্থা আৰু ৰামমুখী প্ৰজাসকলৰ প্ৰেম আৰু যন্ত্ৰণাৰ ছবি এখনি প্রকাশ পাইছে। পানী শুকোৱা নদীৰ বালিত পৰি ছট্‌ফটাই থকা মাছ-কাছৰ চিত্ৰৰে অযোধ্যাবাসীৰ যন্ত্ৰণাৰ এক হৃদয়বিদাৰক ছবি কবিয়ে দাঙি ধৰিছে। অযোধ্যাৰ এনেহেন দুখ-দুর্দশা দেখি শোকত ম্রিয়মান ভৰতক বন্ধু-বান্ধৱেও সান্ত্বনা দিব নোৱাৰিলে। বিমর্ষ হৈ প্ৰজাসকলে নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল।


৩। মাধৱ কন্দলিৰ 'ৰামবিহীন অযোধ্যাৰ বৰ্ণনা' কবিতাটিত তেওঁৰ কবি প্রতিভা আৰু কাব্যিক সৌন্দর্য কিদৰে প্ৰকাশ পাইছে আলোচনা কৰা।


উত্তৰ: কবিৰজা কন্দলি এগৰাকী ৰসজ্ঞ কবি আছিল। লোকশিক্ষাৰ উদ্দেশ্য কাব্য ৰচনা কৰা কবিয়ে স্ত্রী-শূদ্র, ব্রাহ্মণ, ডেকা-বুঢ়া সকলো শ্ৰেণীৰ পাঠকেই ৰস পাব পৰাকৈ অসমীয়া সমাজৰ তেনেই চিনাকি পৰিৱেশ অংকন কৰি পাঠকক সহৃদয়তা স্থাপনৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছে। সেয়ে জনমানসত কন্দলি 'কবিৰাজ' হিচাপেই যোগ্য উপাধি লাভকৰিছিল। কন্দলিৰ কবি প্রতিভাই তদানীন্তন কবিকুলৰ উপৰি পৰৱৰ্তী শংকৰী যুগৰ কবিসকলকো গভীৰভাৱে প্ৰভাৱিত কৰিছিল। কন্দলিৰ এনে শক্তিশালী কবিসত্তাৰ প্ৰতি স্বীকৃতি প্রদান কৰি অসমীয়া সাহিত্যৰ শ্রেষ্ঠতম কবি শংকৰদেৱে 'পূর্বকবি অপ্রমাদী' বুলি নিজকে শহাপহু আৰু কন্দলিক হাতীৰ সৈতে তুলনা কৰিছে। সেয়ে বিশিষ্ট সমালোচক ড° সত্যেন্দ্রনাথ শর্মাই মত আগবঢ়াইছে- মহাপুৰুষ শংকৰদেৱৰ প্ৰশংসাসূচক মন্তব্যই কবি কন্দলিৰ কবিত্বৰ উৎকৃষ্ট মূল্যায়ণ আৰু প্রশংসা-পত্ৰ বুলি ক'ব পাৰি।


       কবি হিচাপে কন্দলিৰ প্ৰতিভা বিচাৰ কৰিবলৈ হ'লে আমি বিভিন্ন দিশৰ পৰা চাব লাগিব। পোনতে আমি কন্দলিক অনুবাদক হিচাপে মূল্যাঙ্কন কৰিব পাৰোঁ। মন কৰিবলগীয়া কথা যে কন্দলিৰ সন্মুখত অনুবাদৰ কোনো চানেকি নাছিল। সেয়েহে অনুবাদৰ প্ৰকৃতি বা ৰীতি কেনে হোৱা উচিত সেয়া তেওঁ নিজেই বিচাৰ কৰি নিৰ্ধাৰণ কৰি ল'বলগীয়া হৈছিল। 'লোকশিক্ষা' আৰু 'ৰস' সৃষ্টিৰ লক্ষ্যৰে অনুবাদ কর্মত হাত দিয়া কবিয়ে যথেষ্ট সফলতাৰে আর্হি সৃষ্টি কৰিব পাৰিছিল বুলি পণ্ডিতসকলে মন্তব্য দাঙি ধৰিছে। 'সর্বজনবোধে'ৰ ধাৰণাৰে অনুবাদ কৰা এই ৰীতি বিংশ শতিকাত বিকাশ লাভ কৰা যোগাযোগমূলক ৰীতিৰ অনুৰূপ বুলি ক'ব পাৰি। এই অনুবাদ ৰীতিয়ে অসমীয়া পাঠকক কাব্যৰ সৈতে সহৃদয়তা স্থাপনত যথেষ্ট সহায় কৰিছে। অনুবাদক হিচাপে কন্দলিৰ এইটো এটা উল্লেখযোগ্য সফলতা বুলি ক'ব পাৰি। অনুবাদৰ ক্ষেত্ৰত কন্দলিৰ অন্য এটি ৰীতি আছিল- "লম্বা পৰিহৰি সাৰোধৃতে।" মূল বাল্মীকি ৰামায়ণৰ বহু বৰ্ণনা পুনৰুক্তি আৰু বাহুল্যৰ দোষেৰে ভাৰাক্ৰান্ত। কিন্তু কন্দলিয়ে মূলৰ এই দোষ অনুবাদত দূৰ কৰি কম কথাত সজীৱভাৱে পৰিৱেশ-পৰিস্থিতি আদিৰ ৰূপায়ণ কৰিছে। এই প্ৰসংগত 'চিত্রকূটৰ চিত্ৰ' আৰু 'বামবিহীন অযোধ্যাৰ বর্ণনা' পাঠ দুটিলৈ আঙুলিয়াব পাৰি। মূলতকৈ বহু চুটিকে কম কথাতেই কন্দলিয়ে পৰিস্থিতি দুটা জীবন্তভাবে ফুটাই তুলিব পাৰিছে। মাত্র নটা পদতেইৰাম-সীতা-দশৰথ বিহীন অযোধ্যাৰ মলিন ৰূপৰ সংবেদনশীল বর্ণনাই


          পাঠকৰ মনত সাঁচ বহুৱাই যায়। কন্দলিৰ কাব্য-প্রতিভাৰ এইটো এটা বলিষ্ঠ দিশ। যথা-


ৰাম দশৰথে ছিৰি গৈলন্ত সঞ্চলি।


হাটখান মলিন যেহেন শূন্যস্থলি।।


       ৰাম-দশৰথবিহীন অযোধ্যাত পৰিত্যক্ত, জনহীন হাট এখনৰ দৰে যি শূন্যতাই বিৰাজ কৰিছে, সেই শূন্যতাই অযোধ্যাবাসীৰ হৃদয়ৰ পৰা ৰাজভৱনৰ লগতে গোটেই ৰাজ্যকে গ্ৰাস কৰি গৈছে। শূন্যতাৰ এই কাৰুণ্যই হৃদয়ৰ মৰ্মস্থলত এটি গভীৰ বেদনাৰ সৃষ্টি কৰে। ঠিক তেনেকৈ 'পোৰাথলী' আৰু 'শ্মশান'ৰ উল্লেখ 'শূন্যতা' আৰু 'কাৰুণ্য'ৰ ব্যঞ্জনা দুগুণে চৰাইছে। কন্দলিৰ শব্দ প্ৰয়োগৰ চতুৰতাত আৰু নিপুণতাৰ ই এক উৎকৃষ্ট নিদর্শন। মুঠতে, পৰিৱেশ পৰিস্থিতিত জীৱন্ত ছবি অংকন কৰাৰ ক্ষেত্ৰত কবিৰ সিদ্ধহস্ততা অতি সহজতেই চকুত পৰে।


        বৰ্ণনা শক্তিৰ লগতে কবিৰ শব্দ-ব্যৱহাৰৰ চাতুর্য আৰু অলংকাৰ প্ৰয়োগত সিদ্ধহস্ততা সমানে চকুত পৰা। প্রকৃততে অলংকাৰ প্ৰয়োগত কন্দলি ইমানেই সুকৌশলী আছিল যে পৰৱৰ্তী কেইবা দশকজুৰি অসমীয়া কবিসকল কন্দলিৰ ভাষাৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পৰা নাছিল। সংস্কৃত সাহিত্যত 'উপমা' অলংকাৰ সৃষ্টিত কালিদাস যিদৰে অপ্রতিদ্বন্দ্বী আছিল, অসমীয়া সাহিত্যতো কন্দলি তেনে স্থানৰ যোগ্য। সেয়ে মাধৱ কন্দলিক যথোচিতভাৱেই 'অসমীয়া কালিদাস' বুলি ক'ব পাৰি।


         কাব্যৰ নন্দনতাত্ত্বিক সৌন্দর্য-চেতনা সম্পর্কে প্রাচ্য-পাশ্চাত্য উভয়তে মননশীল আলোচনাৰ ইতিহাস পোৱা যায়। নাট্যশাস্ত্ৰ ৰ প্ৰণেতা ভৰতমুনিক প্ৰমুখ্য কৰি আচাৰ্য ভামহ, কুন্তক, দণ্ডী, অভিনৱগুপ্ত আদি প্রাচ্যৰ আলংকাৰিকসকলৰ দৰে পাশ্চাত্যৰ এৰিষ্ট'টল, মহর্ষি টলষ্টয় আদি মনীষীয়ে কাব্যিক সৌন্দৰ্য্যৰ সূক্ষ্মতিসূক্ষ্ম অন্বেষণ কৰি গৈছে। কাব্যৰ সৌন্দৰ্য বা আত্মা অন্বেষণৰ এই পৰিক্ৰমাত শব্দার্থ, ছন্দ, ৰীতি-গুণ, বক্রোক্তি, ধ্বনি আৰু বসত ই লীন হৈ থাকে বুলি ভাৰতীয় আলংকাৰিকসকলে নিজস্ব মত দাঙি ধৰিছে, অৰ্থাৎ কাব্যিক সৌন্দর্য বস্তুগত আৰু মনোগত বুলি বক্তব্য আগবঢ়াইছে। আনহাতে মহর্ষি টলস্টয়ে কাব্য, আলেখ্য বা ভাস্কৰ্যৰ সৌন্দর্য বস্তুগত নহয়, ব্যক্তিগত বুলিহে দাবী কৰিছে। তেওঁৰ মতে সৌন্দর্যানুভূতি ব্যক্তিৰ নিজস্ব দৃষ্টিভংগী বা সক্ষমতাৰ ওপৰত নিৰ্ভৰশীল। গতিকে, দেখা যায় যে ব্যক্তিৰ নিজস্ব সক্ষমতাৰ লগতে অলংকাৰ, ৰস আদি হৈছে সৌন্দর্য বিচাৰৰ মূল উপাদান। 'ৰামবিহীন অযোধ্যাৰ বৰ্ণনা' কাব্যাংশটো আমি অলংকাৰৰ বহুল প্রয়োগ পৰিলক্ষিত হয়। এই কাব্যাংশত কি কি অলংকাৰৰ প্ৰয়োগ কৰা হৈছে সেয়া তলত উল্লেখ কৰা হ'ল-


বৃত্ত্যানুপ্রাসঃ


(১) নোশোভে নগৰী যেন প্রজা ভৈলে হীন।


চন্দ্র সূর্য্য বিনে নোশোভয় ৰাতি দিন।।


(২) ৰাম দশৰথে ছিৰি গৈলন্ত সঞ্চলি।


 হাটখান মলিনীযহেন শূন্য স্থালি।।


অন্ত্যানুপ্রাসঃ


স্বৰ্গতো অধিক কৰি যাৰ কীৰ্ত্তি গৈল।


হেন পুৰী যেহেন শ্মশানশাল ভেল।।


বাচ্যা উৎপ্রেক্ষা:


(১) স্বৰ্গতো অধিক কৰি যাৰ কীৰ্ত্তি গৈল।


 হেন পুৰী যেহেন শ্মশানশাল ভৈল।।


(২ সৱৰাজ পুৰি দশৰথ গৈলা চলি। 


অযোধ্যা নগৰী ভৈল যেন পোলা থলি।।


প্রতিবস্তুোপমাঃ


ৰাম দশৰথে ছিৰি গৈলন্ত সঙ্কলি। 

হাটখান মলিন যেহেন শূন্য স্থলি।।


উপমা:

নোশোভে নগৰী যেন প্রজা ভৈলে হীন। 

চন্দ্র সূর্য্য বিনে নোশোভয় ৰাতি দিন।।




সাংগ ৰূপক:


(১) কৈকেয়ী মারে ভৈলা প্রচণ্ড অগনি। 

শুকান অৰণ্য প্ৰজা লাগি গৈলা ছান্নি।। 

জাজ্বল্য সমান ভৈল ৰামহিংসা বাৱে। 

প্ৰজা অৰণ্যক দহি অগনি উধাবে।।


(২) অযোধ্যা নদীত ভৈল দশৰথ জল।

কৈকেয়ীসে ৰবিজালে শুষিল সকল।। 

প্রজামৎস্য কচ্ছপ তৰত পৰি মৰে। 

ৰাম শোক মৎস্য ৰঙ্গে খেদি খেদি ধৰে।।


      কাব্যিক সৌন্দৰ্য বিচাৰৰ এটি অন্যতম উপাদান হৈছে ছন্দ। ছান্দসিক হিচাপে কন্দলিয়ে ৰামায়ণত নিপুণতাৰ পৰিচয় দাঙি ধৰিছে। 'ৰামবিহীন অযোধ্যৰ বৰ্ণনা' কাব্যাংশ পদ বা পয়াৰ ছন্দত ৰচিত। যথা-


জাজ্বল্য সমান ভৈল ৰামহিংসা বাৱে। 

প্ৰজা অৰণ্যক দহি অগনি উধাবে।।

             সংস্কৃত ভাষাত যিকোনো ছন্দৰে কবিতা মাতিলে যেনেকৈ শ্লোক মাতিছে বুলি মন্তব্য কৰা হয় ঠিক তেনেদৰে অসমীয়াতো সংস্কৃতৰ আৰ্হিত ৰচনা কৰা ছন্দোবদ্ধ ৰচনাক বুজাবলৈ মূলত 'পদ' শব্দটো ব্যৱহাৰ কৰা হৈছিল। কিন্তু অসমীয়াৰ এক বিশেষ ছন্দসজ্জাকো প্রথমতে 'পদ' নামেৰে নামকৰণ কৰা হৈছিল যদিও পাছলৈ ইয়াক 'পয়াৰ' বুলি নতুনকৈ নামকৰণ কৰা হয়। এই ছন্দৰ মাত্রা সংখ্যা হ'ল- ২৮। মুঠ চাৰিটা পৰ্বৰে দুটা চৰণ গঠিত হয়। প্ৰতিটো চৰণৰ অক্ষৰ সংখ্যা ১৪, ইয়াৰে প্ৰথম পৰ্বত ৮ আৰু দ্বিতীয় পর্বত ৬টা অক্ষৰ থাকে। প্ৰতিটো চৰণৰ প্ৰথম পৰ্বৰ পাছত অৰ্দ্ধযতি আৰু দ্বিতীয় পৰ্বৰ পাছত পূৰ্ণযতি পৰে।

         ৰামবিহীন অযোধ্যাৰ সকৰুণ ছবি কবি কন্দলিয়ে সজীৱভাৱে বৰ্ণনা কৰাত সি জীৱন্ত হৈ উঠিছে। এই বর্ণনাই শোকত ম্রিয়মাণ অযোধ্যাবাসীৰ বিৰহ-কাতৰ অৱস্থাৰ অতি সংবেদনশীল ছবি পাঠকৰ আগত দাঙি ধৰে। তাৰ মাজেদি কৰুণ ৰসৰ ছবি এখন প্রতিভাত হৈ উঠিছে।



        

শৰৎ বৰ্ণনা


১। 'শৰৎ বৰ্ণনা' কবিতাটোৰ মূল কথাখিনি ক'ৰ পৰা লোৱা হৈছে?


উত্তৰ: মহাপুৰুষ শংকৰদেৱ ৰচিত দশম স্কন্ধ ভাগৱতৰপৰা।


২। মহাপুৰুষ শংকৰদেৱে 'শৰৎ বৰ্ণনা' কবিতাটো কিহৰ কথা বৰ্ণনা কৰিছে?


উত্তৰ: মহাপুৰুষ শংকৰদেৱে 'শৰৎ বৰ্ণনা' নামৰ কবিতাংশত বর্ষাকাল অতিবাহিত হৈ যোৱাৰ পিছত বৃন্দাবনৰ শৰৎকালৰ আমোদজনক আৰু আনন্দদায়ক পৰিস্থিতিৰ কথা বৰ্ণনা কৰিছে।


৩। শংকৰদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল?


উত্তৰঃ ১৪৪৯ খ্রীষ্টাব্দত, নগাওঁ জিলাৰ বৰদোৱা আলি পুখুৰীত।


৪। শংকৰদেবে প্রথমে কিমান বছৰ তীৰ্থ ভ্রমণ কৰিছিল?


উত্তৰঃ প্রায় ১২ বছৰ (১৪৮১-১৪৯৩ খ্রীষ্টাব্দলৈ)।


৫। তীর্থ ভ্ৰমণৰ পৰা অহাৰ পিছত শংকৰদেৱে প্ৰথমে অসমৰ কোন কোন ঠাই নৱবৈষ্ণব ধর্ম প্ৰচাৰ কৰিছিল?


উত্তৰঃ বৰদোৱা, গাংমৌ, মাজুলীৰ বেলগুৰিত।


৬। শংকৰদেৱে কোচ ৰাজ্যত কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?


উত্তৰঃ কোচ ৰজা নৰনাৰায়ণৰ।


৭। শংকৰদেৱে ৰচনা কৰা দুখন পুথিৰ নাম লিখা।


উত্তৰঃ কীৰ্ত্তন ঘোষা আৰু গুণমালা।


৮। শংকৰদেৱে কিমানখন নাটক ৰচনা কৰিছিল আৰু কি কি?


উত্তৰঃ ৬ খন আৰু নাটক কেইখন হ'ল-পত্নীপ্রসাদ, কালিদমন, কেলিগোপাল,ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। 


৯। মহাপুৰুষ শংকৰদেৱে 'শৰৎ বৰ্ণনা' নামৰ কবিতাটোত ব্যৱহাৰ কৰা হৃন্দটোৰ নাম লিখা।


উত্তৰঃ দুলড়ী ছন্দ।


১০। শংকৰদেৱে ৰচনা কৰ দুখন ভক্তিতত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।


উত্তৰঃ ভক্তি প্রদীপ, ভক্তি ৰত্নাকৰ।


১১। শংকৰদেৱে ৰচনা কৰা গীত কেইটিমানৰ নাম লিখা।


উত্তৰঃ বৰগীত, ভটিমা, টোটয় আৰু চপয়।


১২। শংকৰদেৱৰ কোনখন গ্রন্থক 'বৈষ্ণব সাহিত্যৰ কীৰ্তিস্তম্ভ' বুলি সাহিত্য-সমালোচকসকল মত আগবঢ়াইছে?


উত্তৰঃ 'কীৰ্তন' গ্ৰন্থখনক।


১৩। হৰি ভক্তিৰ দ্বাৰা মানুহে কি কি লাভ কৰিব পাৰে?


উত্তৰঃ হৰিভক্তিয়ে মানুহৰ মনৰ দুঃখ কালিমা দূৰ কৰি মানুহক সুখ আৰু আনন্দ প্রদান কৰে।


১৪। চাৰি আশ্রম কি কি?


উত্তৰঃ ব্ৰহ্মচর্যা শ্রম, গার্হস্থ্য আশ্রয়, বান প্রস্থাশ্রম আৰু সন্ন্যাস আশ্রম।


১৫। শংকৰদেৱে ৰচনা কৰা দুখন কাব্যগ্ৰন্থৰ নাম লিখাঁ।


উত্তৰ: শংকৰদেৱে ৰচনা কৰা দুখন কাব্য গ্ৰন্থৰ নাম হ'ল -


(১) ৰুক্মিণীহৰণ আৰু


(২) হৰিশ্চন্দ্ৰ উপাখ্যান।


১৬। মহাপুৰুষ শংকৰদেৱে 'শবৎ বৰ্ণনা' কবিতাটো কিহৰ কথা বৰ্ণনা কৰিছে?


উত্তৰঃ মহাপুৰুষ শংকৰদেৱে 'শৰৎ বর্ণনা' নামৰ কবিতাংশত বর্ষাকাল অতিবাহিত হৈ যোৱাৰ পিছত বৃন্দাবনৰ শৰৎকালৰ আমোদজনক আৰু আনন্দদায়ক পৰিস্থিতিৰ কথা বর্ণনা কৰিছে।


১৭। 'শৰৎ বৰ্ণনা' নামৰ কবিতাটোত মহাপুৰুষ শংকৰদেৱে ব্যৱহাৰ কৰা হৃদটোৰ নাম লিখা।


উত্তৰঃ দুলড়ী ছন্দ।


১৮। 'শৰৎ বৰ্ণনা' নামৰ কবিতাটোত কবিয়ে শৰতে সাধন কৰা কেইটা কাৰ্যৰ কথা উল্লেখ কৰিছে?


উত্তৰঃ 'শৰৎ বর্ণনা' কবিতাত কবিয়ে শৰতে সাধন কৰা চাৰিটা কাৰ্যৰ কথা উল্লেখ কৰিছে।


১৯। 'শৰৎ বৰ্ণনা' কবিতাটিব কবিজন কোন?


উত্তৰ: মহাপুৰুষ শংকৰদেৱ।


২০। 'শৰৎ বৰ্ণনা' কবিতাটিৰ কথাখিনিৰ বক্তা আৰু শ্রোতা কোন?


উত্তৰঃ 'শৰৎ বৰ্ণনা' কবিতাটিত শুকদেৱে ৰজা পৰীক্ষিতৰ আগত ভাগৱত পাঠ কৰি আছে।


চমু প্রশ্নোত্তৰ :


১। মহাপুৰুষ শংকৰদেৱৰ পৰিচয় দিয়া।


উত্তৰ: অসমৰ জাতীয় জীৱনৰ অন্যতম ব্যক্তি মহাপুৰুষ শংকৰদেৱৰ জন্ম হয় ১৪৪৯ খ্রীষ্টাব্দত বর্তমান নগাঁও জিলাৰ বৰদোৱা নামে ঠাইত। পিতৃৰ নাম আছিল কুসুম্বৰ

ভূঞা আৰু মাতৃ সত্যসন্ধা। সৰুতে মাক-দেউতাকৰ মৃত্যু হোৱাত শিশু শংকৰক বুঢ়ীমাক খেৰসুতীয়েই তুলি তালি ডাঙৰ দীঘল কৰে। বাৰ বছৰ বয়সলৈকে খেলা-ধূলা কৰি কটোৱা শংকৰক বুঢ়ীমাকেই মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিয়ে। কিন্তু মেধা সম্পন্ন শংকৰে অতি কম দিনৰ ভিতৰতে নিজৰ পাণ্ডিত্যৰ পৰিচয় দেখুৱাই গুককো চমক লগায়।


          শিক্ষা জীৱনৰ সমাপ্তি ঘটাৰ পাছতে শংকৰদেৱে সূর্যৱতীক বিয়া কৰাই। কিন্তু দুখৰ বিষয় এটি কন্যা সন্তান জন্ম দিয়াৰ পাছতে সূর্যৱতীৰ মৃত্যু হয়। কিছুদিনৰ পাছত শংকৰৰ কন্যা মনুক বিয়া দি শংকৰদেৱে তীর্থ ভ্রমণ কৰে। শংকৰদেৱে বাৰ বছৰকাল ভাৰতৰ বিভিন্ন প্রান্তৰ তীর্থস্থানবোৰ ভ্ৰমণ কৰি পুনৰ অসমলৈ ঘূৰি আহে। তীর্থ ভ্ৰমণৰ পৰা অহাৰ পাছত লোকৰ কথা পেলাব নোৱাৰি দ্বিতীয় বিবাহ কৰে যদিও সাংসাৰিক মায়া মমতাই তেওঁৰ মন বান্ধি ৰাখিব নোৱাৰিলে। শংকৰৰ মন ধৰ্মৰ পতি ঢাল খায়। সেয়ে তেওঁ দ্বিতীয় বাৰ তীৰ্থ ভ্রমণ কৰিবলৈ যায়। শংকৰদেৱেই অসমত নৱবৈষ্ণৱ ধর্মক প্রবর্তন কৰে। শংকৰদেৱে নৰ নাৰায়ণৰ অনুপ্ৰেৰণা লাভ কৰি কোচ বিহাৰৰ মধুপুৰত থাকিবলৈ লয়। কোচবিহাৰত থাকোঁতেই ১৫৬৮ চনত ছকুৰি বছৰ বয়সত মাধৱদেৱৰ ওপৰত ধৰ্মৰ ভাৰখন অর্পণ কৰি ইহলীলা সম্বৰণ কৰে।


২। শৰত কালৰ নিশ্চল সাগৰ


   উৰ্ম্মিৰ ৰোল নুশুনি।

  

   চিত শান্ত কৰি বেদ পাঠ এৰি


যেন মৌন থাকৈ মুনি।।


—ইয়াত শৰত কালৰ সাগৰৰ উৰ্ম্মিৰ লগত মুনিৰ কেনে ৰূপৰ কথা কোৱা হৈছে?


উত্তৰঃ ইয়াত শৰৎ কালৰ নিশ্চল সাগৰৰ উৰ্ম্মিমালাৰ ৰোল নুশুনা কথাটো শৰীৰ শান্ত কৰি বেদ পাঠ এৰি মৌন হৈ থকা মুনিৰ দৰে বুলি কৈছে।


৩। 'চাৰি আশ্রম' বুলিলে কি বুজা, চমুকৈ লিখাঁ।


উত্তৰ: চাৰি আশ্রম বা চতুৰাশ্ৰম প্ৰাচীন ভাৰতৰ আৰ্য লোকসকলৰ এটা অন্যতম বৈশিষ্ট্য। সমাজৰ প্ৰথম তিনি শ্ৰেণীৰ লোকৰ মাজতেই এই আশ্ৰমৰ ব্যৱস্থা সীমাবদ্ধ আছিল।সেই আশ্রম অনুসৰি মানুহৰ জীৱনৰ প্ৰথম পর্যায়ক বোলা হৈছিল ব্রহ্মচর্যাশ্রম'।ব্ৰহ্মচর্য আশ্ৰমৰ এই সময়ছোৱাত প্রত্যেক পুৰুষ লোকেই গুৰু গৃহত জীৱন কটাই বিদ্যা চর্চাত নিজকে নিয়োগ কৰিব লাগিছিল আৰু গুৰৰ পৰিয়ালৰ সুখ-দুখৰ সমান অংশীদাৰ হ'বলগীয়া হৈছিল।


          ব্রহ্মচর্য আশ্রম সমাপ্ত হোৱাৰ পিছত মানুহসকলে 'গার্হস্থ্য আশ্রম' বা গৃহীলোকৰ জীৱন কটাবলগীয়া হৈছিল। এই আশ্ৰমৰ প্ৰধান কর্তব্য আছিল বিবাহসম্পন্ন কৰি স্ত্রী আৰু সন্তান আদিৰে সৈতে সুখে সম্পদেৰে সংসাৰ ধৰ্ম পালন কৰা।


      'গার্হস্থ্য আশ্রম'ৰ পিছত আহে 'বান প্রস্থাশ্রম'। প্রৌঢ় অৱস্থাত বানপ্রস্থ আশ্রম গ্রহণ

কৰাৰ ৰীতি আছিল। এই সময়ত সাংসাৰিক দায়-দায়িত্বৰ পৰা মুক্ত হৈ বনত কুটীৰ সাজি লৈ নির্লিপ্তভাবে জীবন-যাপন কৰিবলগীয়া হৈছিল।


         ইয়াৰ পিছতেই ভাৰতীয় আর্য লোকসকলে পালন কৰিবলগীয়া শেষ আশ্রম আছিল 'সন্ন্যাস' বা 'যতি' আশ্রম। এই সময়ত সন্ন্যাসীৰ নিচিনা জীৱন-যাপন কৰিবলগীয়া হৈছিল।


৪। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰাঃ


(ক) নাহি মেঘ লেশ নক্ষত্র আশেষ


 সহিতে শোভে আকাশ


        যেন বেদ তত্ত্ব বুজি শুদ্ধ সত্ত্ব


   কৰিল চিত্ত প্রকাশ


উত্তৰঃ উক্ত কবিতাংশটি মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা বিৰচিত 'শৰৎ বৰ্ণনা' নামৰ কবিতাৰ পৰা তুলি অনা হৈছে। ভাগৱতৰ দশম স্কন্ধৰ অন্তৰ্গত কবিতাফাঁকিত শৰৎকালৰ মেঘহীন আকাশৰ কথা কবলৈ গৈ আধ্যাত্মিকতাক জড়িত কৰিছে।


       'শৰৎ বৰ্ণনা' কবিতা কবিয়ে শৰতে সাধন কৰা চাৰিটা কাৰ্যৰ কথা উল্লেখ কৰিছে। শৰৎ কালত আকাশত মেঘ নাথাকে বাটপথ মুকলি হৈ পৰাত জীৱ জন্তুবে মুক্ত জীবন যাপন কৰিব পাৰে। মেঘহীন আকাশত নক্ষত্ৰবোৰ জিলিকি উঠি জকমকাই তোলে। পানীবোৰো পৰিষ্কাৰ হৈ পৰিল। কবিয়ে শৰতৰ এই চাৰিকাৰ্যৰ লগত গভীৰ দার্শনিক তত্ত্বকো জড়িত কৰি বিষয় গাম্ভীর্য বঢ়াই তুলিছে। শৰৎ কালৰ মেঘহীন আকাশত জিলিকি থকা নক্ষত্ৰবোৰকো এটা সুন্দৰ উপমাৰে বৰ্ণনা কৰিছে। কবিৰ মতে বেদজ্ঞ সকলৰ অন্তৰ শুদ্ধ আৰু নিৰ্মল। তেওঁলোকৰ অন্তৰত কলুষ কালিমা নাথাকে। তেওঁলোকৰ চিত্ত শুদ্ধ। সেয়ে কবিয়ে মেঘহীন আকাশত জিলিকি থকা উজ্জ্বল নক্ষত্ৰবোৰক বেদতত্ত্বজ্ঞ ব্যক্তিৰ লগত তুলনা কৰিছে। বেদতত্ত্বজ্ঞ সকল শৰৎ কালৰ মেঘহীন আকাশৰ নক্ষত্ৰবোৰেও শোভা বৰ্দ্ধন কৰি মানুহৰ মনত আনন্দ দান কৰি উজ্বলাই তোলে। মুঠতে বেদজ্ঞসকলৰ চিত্ত শুদ্ধ হোৱাৰ দৰে শৰৎ শোভা সৌন্দর্যয়ো মানুহৰ মন উজ্বল কৰি তোলে।



(খ) অলপ পানীৰ             মৎস্য নজানিল


  শুখাই টুটি পৰে পানী।


আয়ু যায় নিত তাত পৰে চিত


   যেন মহা মূঢ় প্রাণী।।


উত্তৰঃ উক্ত কবিতাংশটি মহাপুৰুষ শংকৰদেৱৰ দশম স্কন্ধ ভাগৱতৰ অন্তৰ্গত 'শৰৎ বৰ্ণনা' নামৰ কবিতাটিৰ পৰা উদ্ধৃত। কবিতাংশটিত শৰৎ এটি মনোমোহা বর্ণনা দাঙি ধৰোঁতে প্রাসঙ্গিক ক্রমে মানুহৰ জীৱনৰো কিছুমান পৰিস্থিতিৰ কথা উল্লেখ কৰিব বিচাৰিছে।


       বর্ষাঋতুৰ পিছতে শৰৎ কালৰ আগমন হয়। শৰৎ কালত আকাশত মেঘ নাথাকে। সূৰ্যৰ তাপত খাল-বিল আদিৰ পানীও শুকাই যায়। কিন্তু তাত থকা মাছবোৰে এই কথা

গমকে নাপায়। কবিয়ে কৈছে যে শৰৎ কালত খাল-ডোঙৰ পানী শুকাই যোৱা কথাটো মাছবোরে নভৱাৰ দৰে মানুহেও জীৱনৰ আয়ুস যে ক্রমে ক্রমে পাৰ হৈ গৈ আছে সেই কথা ভাবিয়েই নাচায়। মানুহৰ জীৱনৰ এটা লেখতলবলগীয়া কাম হৈছে হবি ভক্তি। মানুহে জীৱনৰ শেষ বয়সতহে হৰি ভক্তি কৰাৰ কথা চিন্তা কৰে। কিন্তু নানা ব্যস্ততাৰ মাজত সময় পাৰ হৈ গৈ থাকোঁতেই যে মানুহৰ হৰিভক্তিৰ সময় পাৰ হৈ যায় সেই কথা মানুহে কোনোদিনে চিন্তা নকৰে। সেয়ে কবিয়ে মানুহ জাতিক মহামুর্খ প্রাণী বুলি ক'ব খুজিছে।



(গ)   তাৰে ব্ৰহ্মচাৰী বেদ পঢ়িবেক


        গৃহস্থে কৰিবে কৰ্ম।


        তাবে বনবাসী   পঙ্ক ধৰিবেক

          

        তাৱত সন্ন্যাস ধর্ম।।


উত্তৰঃ উপৰোক্ত কবিতাফাঁকি শংকৰদেৱৰ বিৰচিত ভাগৱতৰ দশমস্কন্ধৰ অন্তৰ্গত। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে শৰতে সাধন কৰা চাৰিটা কাৰ্য্যৰ কথা কওঁতে তাৰ সামৰ্থক ভাৱে উপমা দি কৃষ্ণ ভক্তিৰ কথাকৈ চাৰি আশ্ৰমৰ কথা উল্লেখ কৰিছে।


         প্রাচীন ভাৰতীয় আর্যসমাজৰ এক বিশেষত্ব হৈছে চাৰি আশ্রম। এই চাৰি আশ্ৰম হৈছে- ব্রহ্মচার্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস। সাধাৰণতে সমাজৰ প্ৰথম তিনি শ্ৰেণীৰ মাজতেই এই সমাজ ব্যৱস্থা জড়িত হৈ আছিল। ব্রহ্মচাৰ্য আশ্ৰমত মানৱজীৱনৰ আদিস্তৰ। এই সময়ত প্রত্যেকজন গুৰুগৃহত থাকি কাম কাজ কৰি শিক্ষালাভ কৰিব লাগে। তাৰ পাছত ক্রমে গার্হস্থ্য আশ্রমত সাংসাৰিক জীৱন কটাব লাগে। সংসাৰৰ যাৱতীয় কর্ম সম্পাদন কৰি আনন্দেৰে দিন নিয়ায়। গাহস্থ্য জীৱনৰ পাছতে ক্রমে বানপ্রস্থ আশ্রমত মানুহে জীৱনৰ পাছৰ বয়স অতিক্ৰম কৰে। মানুহে সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ বনত মুক্ত জীৱন যাপন কৰে। চাৰি আশ্ৰমৰ একেবাৰে শেষৰ ভাগটো হৈছে সন্ন্যাস। সংসাৰৰ দুখ সুখৰ প্ৰতি বিৰক্তি লাভ কৰি লোভ-মোহ ত্যাগ কৰি জীৱনৰ অন্তিম সময়ত মানুহে সন্ন্যাস জীৱন ধাৰণ কৰে। শৰৎ বর্ণনা কবিতাটিত সেয়ে কবিয়ে কৈছে শৰৎ কালে পৃথিৱীত চাৰিটা মহান কার্য সম্পাদন কৰি প্ৰকৃতি জগতক সতেজ কৰি তোলাৰ দৰে কৃষ্ণ ভক্তিয়েও চাৰি আশ্ৰমৰ দুখ দূৰ কৰি মানুহৰ মনলৈ আনন্দৰ সোঁত বোৱাই দিয়ে।



(ঘ)   পর্বত সকলে সততে নকৰে


সবে ঠাইতে জলদান


     যেন জ্ঞানী গুৰু শিষ্যত সমস্তে


নকহে সমস্ত জ্ঞান


উত্তৰ: উক্ত কবিতাংশটি মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা বিৰচিত 'শৰৎ বৰ্ণনা' নামৰ কবিতাৰ পৰা উদ্ধত।


       কবিয়ে শৰৎ কালত প্ৰকৃতিৰ বৰ্ণনা দাঙি ধৰোঁতে কিছুমান উপমা ব্যৱহাৰ কৰিছে।

      'শৰৎ বৰ্ণনা' কবিতাত শংকৰদেৱে আৰম্ভণিতে বর্ষাকালৰ পিছত শৰৎ কাল অহাব লগে লগে প্রকৃতি জগতৰ মাজত দেখা দিয়া পৰিবৰ্তনসমূহ দাঙি ধৰিছে। শৰৎ কালে চাৰিটা কাৰ্য সাধন কৰে। আকাশত মেঘ নাইকীয়া হয়। খাল-ডোং শুকাই যায়। বাট পথ মুকলি হয় আৰু মেঘহীন আকাশত নক্ষত্রবোব উজ্বলি উঠে। শৰতে চাৰি কাৰ্য সাধন কৰাৰ দৰে কৃষ্ণ ভক্তিয়ে মানুহৰ চাৰি আশ্ৰমৰ চাৰি দুখ নাইকীয়া কবে। শৰৎ কালৰ বর্ণনাত কবিয়ে কৈছে যে বাৰিষা কালত পৰ্বত সমূহে সকলো ঠাইতে সমানে বৰষুণ দিয়ে। কিন্তু শৰৎ কালত সদায় সকলো ঠাইতে বৰষুণ নহয়। পৰ্বতৰ এই কার্যক কবিয়ে গুৰু গম্ভীৰ উপমাৰ সহায়ত বৰ্ণনা কৰিছে। কবিয়ে শৰৎ কালৰ পৰ্বতক জ্ঞানী গুৰু লগত তুলনা কৰি জ্ঞানীগুৰুরে সকলো শিষ্যকে গুপ্ত জ্ঞান প্ৰদান নকৰাৰ শৰৎ কালৰ পর্বতেও সকলোতে সমান ভাবে বৰষুণ নিদিয়ে বুলি কৈছে।


(ঙ)   ডোঙাৰ জলত সূৰ্যৰ তাপত


   কমাৱৈ মৎস্য অপাৰ


যেন মহা দুখী কুটুম্বী মনুষ্যে


      দুখৰ নেদেখে পাৰ


উত্তৰ: উক্ত কবিতাফাঁকি শংকৰ দেৱৰ 'শৰৎ বৰ্ণনা' নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।


       'শৰৎ বর্ণনা কবিতাত কবিজনাই শৰৎ কালৰ প্ৰকৃতিৰ পৰিৱৰ্তনসমূহ দাঙি ধৰোঁতে পৰিস্থিতি অনুসাৰে মানৱ জীৱনৰ লগত জড়িত কথাকো বিভিন্ন উপমাৰ সহায়ত দাঙি ধৰিছে। উদ্ধত কবিতাংশৰ দ্বাৰা প্ৰকৃতিৰ বৰ্ণনা কৰোঁতে মানুহৰ জীৱনৰ তত্ত্ব মূলক দিশ এটা দাঙি ধৰিছে।


       শৰৎ কালত সূৰ্যৰ প্ৰখৰ ৰ'দৰ তাপত খাল-ডোংৰ পানী শুকাই যায় আৰু তাত থকা মাছবোৰে অলপ পানীত তাপ সহিব নোৱাৰি ওপঙি থাকে। ঠিক সেইদৰে সংসাৰত নিজৰ আত্মীয় স্বৰ্জনৰ সৈতে বসবাস কৰা মানুহেও অশেষ দুখ কষ্ট ভোগ কৰিব লাগে। পুত্ৰ পৰিবাৰ আত্মীয়-স্বজনৰ লগত মহাসুখ আনন্দেৰে বসবাস কৰিলেও মনুষ্য জীৱন দুখেৰে ভৰা। কবিয়ে মনুষ্য জীৱনত মানুহে পদে পদে লাভ কৰা দুখৰ বিষয়ে কবলৈ গৈয়ে মাছৰ তুলনা দাঙি ধৰিছে। ডোঙাৰ অসংখ্য মাছবোৰৰ দৰে মানুহৰ জীৱনৰ দুখো অপাৰ।


ৰচনাধৰ্মী প্রশ্নোত্তৰ:


১। 'শৰৎ বৰ্ণনা' নামৰ কবিতাটিত ভক্তিৰ মহত্ত্ব প্রকাশ কৰিবলৈ কবিয়ে কি কি উপায় অৱলম্বন কৰিছে, আলোচনা কৰাঁ।


উত্তৰ: মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ দশমস্কন্ধৰ ন্তৰ্গত শৰৎ বৰ্ণনা নামৰ কবিতাংশত

শৰৎ কালৰ মনোৰম ৰূপ চিত্ৰ দাঙি ধৰিছে। লগতে এই ঋতুৱে সাধন কৰা কিছুমান কাৰ্য্যৰ লগত হৰিভক্তিৰ বিষয় জড়িত কৰি দিছে। ভক্তিৰ মহিমা প্ৰকাশ কৰাৰ উল্লেশ্যেই কবিজনাই এই বিষয় সমূহ জড়িত কৰিছে।


          কবিজনাই কবিতাংশটিৰ প্ৰাৰম্ভিকতে প্ৰকৃতিৰ এটি সজীৱ বর্ণনা দাঙি ধৰি ক্ৰমে শৰতে সাধন কৰা চাৰিটা কাৰ্য্যৰ বিষয়ে উল্লেখ কৰিছে। প্রথমতে শৰৎ কালে আকাশত বর্ষাকালত ওলমি থকা মেঘবোৰ নাইকীয়া কৰি ফৰকাল কৰি দিয়ে। দ্বিতীয়তে বর্ষাকালত বোকা পানীত পৰি সংকটাপন্ন অৱস্থাত যিবোৰ জীৱ-জন্তুৱে জীৱন-যাপন কৰিছিল, শৰৎ কাল অহা লগে লগে সেইবোৰ মুক্ত হৈ পৰিল আৰু ইচ্ছা অনুসাৰে জীৱন নির্বাহ কৰিবলৈ ধৰিলে। তৃতীয়তে শৰৎ কালত পৃথিবীৰ বুকুৰ পৰা বোকাবোৰো শুকাই নাইকীয়া হ'ল আৰু বাট পথবোৰো সুচল হৈ পৰিল। চতুৰ্থতে শৰতে পানীৰ পৰা মলিবোৰ আঁতৰ কৰি স্বচ্ছ নিৰ্মল কৰি দিলে।


       কবিয়ে শৰতে সাধন কৰা এই চাৰি কাৰ্যৰ কথা উল্লেখ কৰি আটাইকেইটাক হৰি ভক্তিয়ে সাধন কৰা কাৰ্যৰ সৈতে তুলনা কৰিছে। কবিৰ মতে শৰৎ কালে চাৰি কাৰ্য সাধন কৰাৰ দৰে কৃষ্ণ ভক্তিয়েও মানৱ জীৱনৰ চাৰি আশ্ৰমৰ দুখ কষ্ট নাইকীয়া কৰে।


মানৱী জীৱনত হৰি কথা শ্ৰৱন কীৰ্ত্তন নকৰালৈকে মানুহে ব্রহ্মচর্য আবদ্ধ কৰি ৰাখিবলা হয়। সেয়ে কবিয়ে কৈছে-


চাৰি ঠাইৰ চাৰি কার্য সাধিলেক


শুনা তাৰ পটন্তৰ।


কৃষ্ণৰ ভকতি যেন চাৰি দুখ


          হৰৈ চাৰি আশ্ৰমৰ।।


তাৱে ব্ৰহ্মচাৰী বেদ পঢ়িবেক


গৃহস্থে কৰিবে কর্ম


তাৱে বনবাসী পঙ্ক ধৰিবেক


তাৱত সন্ন্যাস ধর্ম


যাৱে কৃষ্ণ কথা শ্রৱণ কীর্ত্তনে


নতু কৰৈ নৰে ৰাতি


শৰৎ কালৰ এতেকে উপমা


জানিবা হৰি ভকতি।।


       ইয়াৰ দ্বাৰা কবিজনাই কৃষ্ণৰ গুণ-গানেই যে হৰি ভক্তিৰ শ্ৰেষ্ঠ পন্থা তাকে প্রকাশ কৰিব খুজিছে।


        শৰৎ কালত খাল বিল আদিৰ পানীবোৰ শুকাই যায়। কিন্তু এই কথা তাত থকা মাছবোৰে নাভাৱে। কবিয়ে ইয়াতো হৰি ভক্তিৰ মহিমা প্রকাশ কৰিছে। কবিৰ মতে শৰৎ। কালত খাল-জেংৰ পানী শুকাই যোৱাৰ দৰে মানুহৰ জীৱনকো ক্রমে ক্রমে আয়ুস টুটি আহে। কিন্তু মানুহে তাৰ প্ৰতি ভূকে নাৰাখে। মানুহৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ কর্ম হৈছে ভগৱানক ভক্তি কৰাটো কিন্তু মানুহে নিজৰ ভোগ-বিলাসৰ কৰ্মত মজি থাকোঁতে হবিভক্তিব প্রতি কাণসাৰেই নিদিয়ে। সেয়ে কবিয়ে মানুহক মহামূর্খ প্রাণী বুলি কৈছে। কবিৰ মতে হৰি ভক্তিয়েই মানুহৰ কাৰণে মূল্যৱান বস্তু।


          কবিতাটোত উল্লেখ কৰা আছে যে শৰৎ কালত আকাশত মেঘ নাথাকে। মেঘহীন আকাশত শাৰদীয় পূৰ্ণিমাৰ ৰাতি অলেখ নক্ষত্ৰই তিৰবিৰাই থাকি আকাশখন উজ্জ্বলাই তোলে। এই নক্ষত্ৰবোৰৰ মাজত থকা শাৰদী পূৰ্ণিমাৰ জোনটোক কবিয়ে বৃষ্ণিবংশৰ লোকৰ মাজত শ্রীকৃষ্ণৰ ৰূপৰ তুলনা দাঙি ধৰিছে। কবিৰ এই বৰ্ণনাৰ উদ্দেশ্য ভগৱান শ্রীকৃষ্ণৰ প্ৰতি ভক্তি ভাব জগায় তোলা।


         শৰৎ কালত নগৰ আৰু গাওঁবোৰত ঠায়ে ঠায়ে পকা শস্যৰে উপচি পৰে। শৰতৰ এই পৰিৱেশৰ লগত কবিয়ে গোকুল ৰাম কৃষ্ণৰ বৰ্তমানত উজ্বলি উঠা কথাক উপমা দিছে। ইয়াৰ দ্বাৰা ভক্ত প্ৰাণ কবিজনাই মানুহৰ অন্তৰত ৰাম কৃষ্ণৰ প্ৰতি ভক্তি ভাৱ জাগ্ৰত কৰাব বিচাৰিছে।


        মুঠতে 'শৰৎ বৰ্ণনা' কবিতাংশটিত কবিজনাই শৰতৰ এক সতেজ সজীৱ বর্ণনা দাঙি ধৰি হৰি ভক্তিৰ শ্ৰেষ্ঠত্ব বৰ্ণনা কৰিছে।


২। শৰৎ বর্ণনা কবিতাটোৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা।


উত্তৰঃ বৈষ্ণৱ যুগৰ সৰ্বশ্রেষ্ঠ অসমীয়া কবিজন হ'ল শংকৰদেৱ। 'শৰৎ বৰ্ণনা' নামৰ কবিতাংশটি মহাপুৰুষ শংকৰদেৱৰ দশমস্বকন্ধ ভাগৱতৰ অন্তৰ্গত। কবিতাংশটিত শৰৎ ঋতুত হোৱা প্ৰকৃতিৰ বিভিন্ন অৱস্থা তথা চৰিত্ৰৰ লগত হৰি ভক্তি মহিমা উল্লেখ কৰি শৰৎ কালৰ সময়ছোৱাৰ এটি মনোৰম বৰ্ণনা দাঙি ধৰা হৈছে।


      ছয় ঋতুৰ বৰ্ষঋতুৰ পিছত শৰৎ কালৰ আগমন হয়। শৰৎ কালত আকাশখন নির্মল হৈ পৰে। আকাশত মেঘবোৰ নাইকীয়া হয় আৰু চাৰিওফালে পানীবোৰ পৰিস্কাৰ হৈ পৰিল, সকলো সময়তে মহা সুখকৰ শীতল সুৰভি ববলৈ ধৰিলে। শৰৎ কালত বৃন্দাবনৰ চাৰিওফালে থকা সৰোবৰত নানা তৰহৰ চৰাই-চিৰিকতি পৰি কল ধ্বনি কৰিবলৈ ধৰিলে আৰু পুখুৰী আদিত নানা বৰণীয়া সুগন্ধি ফুল ফুলি জকমকাই আছে। কদর্য্যময় বাৰিষাৰ পাছত অহা শৰৎ কালৰ প্ৰকৃতি জগতৰ স্বচ্ছ নিৰ্মল পৰিবেশ কবিয়ে যোগৰ পৰা পতিত জনে পুনৰ যোগাভ্যাসৰ সহায়ত মন পবিত্ৰ কৰাৰ কাৰ্য্যৰ লগত তুলনা কৰিছে।


       শৰৎ কালত সৰোবৰত পদুম ফুল ফুলি উঠাৰ লগে লগে শাৰদীয় নির্মলআকাশত নক্ষত্ৰবোৰেও তিৰবিৰাই আছে।


         কবিজনাই কবিতাংশটিত শৰৎ কালে চাৰিটা কাৰ্য্য সাধন কৰাৰ কথা উল্লেখ কৰিছে। প্রথমতে আকাশত থকা বাৰিষাৰ মেঘবোৰ শৰৎ কালে নাইকীয়া কৰি দিলে। দ্বিতীয়তে

বাৰিষা কালত জীবজন্তু বোৰ সংকটেৰে জীৱন-যাপন কৰিছিল যদিও শৰৎ কালে সেইবোৰক মুক্ত কৰি দিলে আৰু নিজৰ ইচ্ছা মতে জীৱন-যাপন কৰিব পৰা হ'ল। তৃতীয়তে শৰৎ কালৰ আগমনৰ লগে লগে পৃথিৱীৰ পৰা বোকা পানী আঁতৰি গৈ বাট পথ পৰিষ্কাৰ হৈ পৰিল। চতুৰ্থতে শৰৎ কালত পানীবোৰ মলি মুক্ত হৈ স্বচ্ছ নির্মল হৈ পৰিল। কবিয়ে শৰৎ কালৰ চাৰিকাৰ্য্যৰ লগত হৰিভক্তিৰ কথা তুলনা কৰিছে। শৰৎ কালে যি দৰে চাৰিটা কাৰ্য্য সাধন কৰি যায় ঠিক সেইদৰে হবি ভক্তিয়ে ব্রহ্মচার্য্য, গাহস্থ্য, বানপ্রস্থ, আৰু সন্ন্যাস আদি চাৰি আশ্ৰমত পোৱা দুখ কষ্ট নাইকীয়া কৰে। হৰি কথাৰ শ্রবণ-কীৰ্ত্তন নকৰালৈকে চাৰি আশ্ৰমৰ চাৰিলোকে নিজ নিজ দায়িত্ব পালন কৰিব লগা হয়।


          কবিয়ে শৰৎ কালৰ কিছুমান পৰিবেশৰ লগত ধর্মীয় তথা দার্শনিক বিষয়ৰ মিল দেখা পাইছে। কবিয়ে বৰ্ণনা কৰিছে আকাশৰ মেঘবোৰে বর্ষাকালৰ সকলোখিনি পানী এৰি দি শৰৎ কালত শুকুলা বৰণ ধৰিছে। কবিয়ে শৰত্ৰ এই কাৰ্য্যত অনুভৱ কৰিছে যেন মুনিসকলে অৰ্থৰ প্ৰতি নিজৰ লোভ-মোহ ত্যাগ কৰি মহাশুদ্ধ হৈ পৰিছে। শৰৎ কালত সকলো ঠাইতে সমানে বৰষুণ নহয়। শৰত্ৰ এই কাৰ্য্যক কবি জ্ঞানী গুৰুৱে সকলো শিষ্যকেই সমানে গুপ্ত জ্ঞানৰ সন্ধান নিদিয়া কথাৰ লগত তুলনা কৰিছে। আকৌ শৰৎ কাল অহাৰ লগে লগে খাল ডোং আদিৰ পাহীবোৰ শুকাই নাইকীয়া হয়। কিন্তু পানীত থকা মাছবোৰে এই কথাৰ ভূকেই নাপায়। কবিয়ে এই কথাক পৃথিৱীত বসবাস কৰা অজ্ঞানী প্রাণীবোৰে যে আয়ুস গৈ থাকে বুলি জানিও সেই কথাৰ ওপৰত কোনো গুৰুত্বই নাই তাকেই তুলনা কৰিছে।


       শৰৎ কালত পুখুৰী ডোং আদিত থকা মাছৰৰ সূৰ্য্যৰ তাপত মৰি উপঙি যায়। কবিৰ মতে মাছবোৰৰ দৰে মানুহেও আত্মীয় স্বৰ্জনৰ সৈতে দুখতেই দিন নিয়া শৰৎ কালতে বিভিন্ন ঠাইৰ বোকা পানীবোৰ নাইকীয়া হৈ বিভিন্ন ধৰণৰ গছ বন গজি ঠাইবোৰ ভৰি পৰিলত কবিয়ে কল্পনা কৰিছে যেন জ্ঞানী লোকে গৃহ শৰীৰৰ মমতাহে ত্যাগ কৰি শান্তি পাইছে।


          শৰৎ কালত নিশ্চল সাগৰ বা জলৰাশিৰ উৰ্মিৰ শব্দ নুশুনা হয়। কবিয়ে এই উর্মি সাগৰৰ সৈতে বেদ পাঠ এৰি শান্ত চিত্তেৰে মৌন হৈ থকা মুনিৰ কথা অৱতাৰণা কৰিছে। শৰৎ কালৰ চন্দ্ৰই সূৰ্যৰ প্ৰখৰ তাপ দূৰ কৰে। চন্দ্ৰৰ এই কাৰ্যক কবিয়ে বৃন্দাবনৰ গোপবধুৰ অন্তৰৰ দুখ বেদনা কৃষ্ণমুখ দৰ্শনত দূৰ হোৱা কথাৰ লগত সঙ্গতি ৰাখিছে।


       শৰৎ কালত আকাশত মেঘ নাথাকে। মেঘহীন ৰাতি আকাশখন নক্ষত্ৰবোৰে উজ্জ্বলাই তোলে। কবিয়ে আকাশৰ এই উজ্বল পৰিবেশক বেদতত্ত্ব বুজি পাই চিত্ত শুদ্ধ কৰা যোগীৰ সৈতে ৰিজাইছে। তদুপৰি আকাশত নক্ষত্ৰবোৰৰ মাজত শোভাবর্দ্ধন কৰি পূৰ্ণিমাৰ জোনটোৰ লগত যদুপতি কৃষ্ণ বৃষ্ণিবংশৰ মাজত বহি প্রকাশলৈ আছে বুলি তুলনা কৰিছে।


        শৰৎ কালৰ সূৰ্য্যৰ প্ৰখৰ ৰ'দৰ দুখকো সুগন্ধি শীতল বায়ু প্রবাহে নাইকীয়া কৰি দিয়ে। এই কাৰ্য্যৰ সৈতে কবিজনাই বৃন্দাবনৰ গোপীসকলে কৃষ্ণক আলিঙ্গন কৰি পোৱা পৰম আনন্দক একে বুলিছে। শৰৎ কালত সূৰ্য্য উদয় হোৱাৰ লগে লগে পদুমফুলবোৰ ফুলি উঠে আৰু ভেট ফুলবোৰ মৰহি যায়। কবিয়ে প্রকৃতিৰ এই নিয়মক ৰজাৰ আগমনত সাধু সকলৰ মন আনন্দেৰে ভৰি পৰা আৰু দুষ্টলোকৰ অন্তৰ ভয়ত কপি উঠাৰ কথা লগত মিলাইছে। ৰাম কৃষ্ণই গোকুল খন উজ্জ্বলাই তোলাৰ দৰে শৰৎ কালে নগৰ-গাওঁবোৰ পকা শস্যৰে ভৰাই তোলে।


       মুঠতে শৰত্ৰ আগমনত বৃন্দাবন আমোদিত হৈ পৰিল। আনন্দেৰে পূৰ্ণ বৃন্দাবনত কৃষ্ণ বলোৰামে আন আন গোপবালক সকলৰ লগত নির্মল পানী আৰু সুৰভি শীতল বায়ু সেৱন কৰি আনন্দমনেৰে খেলা কৰিবলৈ ধৰিলে।

      কবিতাংশটিৰ মূল কথা ইমানেই।


৩। শৰৎ কালৰ প্ৰাকৃতিক সৌন্দর্য শঙ্কৰদেৱে কি দৰে ৰূপায়ণ কৰিছে, আলোচনা কৰা। 


উত্তৰঃ বর্ষাঋতুৰ কদর্যময় ৰূপৰ পিছত শৰৎ আগমনে মানুহৰ মনলৈ আনন্দৰ ঢল বোৱাই অনাৰ দৰে প্ৰকৃতি জগতকো সতেজ, সবল কৰি তোলে। মহাপুৰুষ শংকৰ দেবে 'শৰৎ বৰ্ণনা' কবিতাত বৃন্দাবনৰ শৰৎ কালৰ আনন্দময় পৰিৱেশৰ বৰ্ণনা দাঙি ধৰিছে। শৰৎ কালত বৃন্দাবনৰ আকাশ পৰিষ্কাৰ হৈ পৰে আৰু চাৰিওফালৰ পানীবোৰো ফটফটীয়া দেখা যায়। বর্ষাকালত আকাশত ওলমি থকা ডাৱৰবোৰ শৰতত নাইকীয়া হৈ যায়। মুঠতে বৃন্দাবনৰ চাৰিওফালে গা সতেজ কৰি যোৱা সুশীতল বায়ু প্রবাহে সকলো সময়তে বৈ থাকে।


         শৰৎ কালত প্ৰকৃতিৰ বিভিন্ন ফল ফুলবোৰ জাতিষ্কাৰ হৈ ফুলি উঠে আৰু সৰোবৰৰ চাৰিওফালে নানা তৰহৰ বাৰে বৰণীয়া চৰায়ে কলকলাই থাকে। পুখুৰি, বিল আদিত পদুম, ভেটফুল জকমক কৈ ফুলি উঠে আৰু আকাশ পৰিষ্কাৰ হোৱাত নক্ষত্ৰবোৰো জিলিকি উঠে।


       কবিয়ে শৰৎ কালৰ বৰ্ণনা দাঙি ধৰোঁতে শৰতে চাৰিটা কাৰ্য্য সাধন কৰে বুলি উল্লেখ কৰিছে। শৰতৰ এই চাৰিতাকাৰ্যৰ লগত হৰি ভক্তিৰ মধুৰ সম্পৰ্কেও বৰ্ণনা কৰিছে।


       কবিৰ মতে শৰৎ কালত খাল বিল আদিৰ পানীবোৰ শুকাই যোৱাৰ তাত থকা মাছবোৰে সূৰ্যৰ তাপ সহিব নোৱাৰি ছটফটাই উপঙি আছে। বোকা পানী নাইকীয়া হোৱাৰ গছ লতা গজি পৃথিবীখন ভৰি পৰিল। শৰত কালৰ নিশ্চল সাগৰৰ উৰ্মিবিহীন জলৰাশিক বেদপাঠ এৰি চিত্ত শান্ত কৰি মৌন ব্রত পালন কৰা মুনিৰ সৈতে তুলনা কৰিছে।


      কবিয়ে শৰৎ কালৰ দিনৰ সূৰ্য্যৰ প্ৰখৰ তাপৰ দুখৰ ৰাতিৰ আকাশত দেখা দিয়া শাৰদীয় পূৰ্ণিমাৰ চন্দ্ৰটোৱে নাইকীয়া কৰে বুলি কৈছে। শৰত কালৰ মেঘহীন আকাশত নক্ষত্র মণ্ডলীয়ে শোভা বর্ধন কৰে আৰু সেই নক্ষত্র মণ্ডলীৰ মাজত শাৰদীয় পূর্ণিমাৰ জোনটোৱে আৰু অধিক সৌন্দৰ্য্যময় কৰি তোলে। শংকৰদেৱে নক্ষত্ৰৰ মাজত থকা জোনটোক বৃষ্ণিবংশত শ্রীকৃষ্ণৰ উজ্জ্বলতাৰ লগত তুলনা কৰিছে।


        শৰত কালৰ চাৰিওফালে বৈ থকা সুশীতল বায়ুপ্রৰহে বদৰ তাপ নাইকীয়া কবি দিয়ে।


       মুঠতে শংকৰদেৱে 'শৰৎ বৰ্ণনা' কবিতাংশত বৃন্দাবনৰ ৰূপ মাধুৰি বৰ্ণনা কৰোঁতে প্রকৃতি জগতক জকমকাই তুলিছে।


৪। শৰৎ কালৰ মনোৰম ৰূপৰ বৰ্ণনা দিবলৈ শংকৰদেৱে ব্যৱহাৰ কৰা উপমাসমূহ বিশ্লেষণ কৰি দেখুওৱা।


উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ ভাগৱতৰ দশম স্কন্ধৰ অন্তৰ্গত শৰত কালৰ অনুবাদ মূলক বর্ণনাটিত কবিজনাৰ কাব্যিকতা প্রকাশ পাইছে। শৰৎ কালত প্রকৃতিয়ে যি মনোৰম ৰূপ লয় তাক উপমাৰ সহায়ত বৰ্ণনা কৰি শংকৰদেৱে অধিক কাব্যিক ৰূপ দিছে।


      বর্ষাকালৰ পাছত শৰৎ কাল অহাৰ লগে লগে প্রকৃতি জগতে এক মুক্ত আৰু সজীৱ পৰিৱেশ গঢ়ি তোলে।


     শৰৎ কালত আকাশখন মেঘহীন হৈ নির্মল আৰু পৰিষ্কাৰ হৈ পৰে। চাৰিওফালে গা-শাত পৰি যোৱা মহাসুখকৰ শীতল সুৰভি বৈ থাকে। বৃন্দাবনৰ চাৰিওফালে থকা সৰোবৰত নানা তৰহৰ চৰাই চিৰিকতিয়ে সুললিত ধ্বনি তোলে। শৰৎ কালৰ প্ৰকৃতিৰ এই পৰিবশক কবিয়ে যোগ ভ্রষ্ট লোকে পুনৰ মন শান্ত কৰি যোগ অভ্যাসৰ দ্বাৰা নিজৰ নিজৰ মনবোৰো নিৰ্মল শান্ত কৰিছে বুলি ধাৰণা কৰিছে।


       কবিয়ে শৰৎ কালে সম্পাদন কৰা চাৰিটা কাৰ্যৰ কথাও বৰ্ণনা কৰিছে। প্ৰথমতে শৰৎ কালে বাৰিষাৰ আকাশৰ মেঘবোৰ নাইকীয়া কৰি আকাশ ফৰকাল কৰি পেলায়। দ্বিতীয়তে ভৰ বাৰিষাৰ সময়ত বোকা পানীৰে পৃথিবী উপচি পৰাত জীৱজন্তুবোৰ মহা সংকটত থাকিব লগা হৈছিল। কিন্তু শৰতে সেইবোৰৰ পৰা মুক্ত কৰি সি বোৰৰ মনত সুখ শান্তি প্ৰদান কৰে। তৃতীয়তে শৰৎ কালে পৃথিবীৰ বুকুৰ পৰা বোকা পানী নাইকীয়া কৰি আলি-পদুলি সুগম কৰি তুলিলে। চতুৰ্থত বাৰিষা ঘোলা হৈ পৰা পানীবোৰ শৰতকালে মলি গুচাই স্বচ্ছ নির্মল কৰি তুলিলে। শৰতে সাধন কৰা এই চাৰিতা কাৰ্য্যৰ লগত হৰি ভক্তি মহিমা জড়িত হৈ আছে। শৰৎ কালে মানুহৰ মনৰ দুখ কষ্ট দূৰ কৰাৰ দৰে হিন্দুৰ চাৰি আশ্রম - ব্রহ্মচার্য, গাহস্থ্য, বান প্রস্থ আৰু সন্ন্যাস এই জীৱনৰ চাৰিটা সময় পৰা কৰা লোকৰ মনো হৰি ভক্তিৰ দ্বাৰা নিৰ্মল কৰি তুলিব পাৰি।


         কবিয়ে শৰৎ কালত আকাশৰ মেঘবোৰে জলত্যাগ কৰি গা শুকুলা কৰি তোলে বুলি ধাৰণা কৰিছে। কবিজনাই এটা সুন্দৰ উপমাৰ সহায়ত কথাখিনি বুজাবলৈ বিচাৰিছে। কবিয়ে অনুমান কৰি কৈছে যেন মুনিসকলে বিত্তলোভ এৰি মহাশুদ্ধ ভাৱেহে গ্ৰহণ কৰিছে।

কবিৰ মতে—--


       মেঘ গনে জল সর্বস্ব এৰিয়া,


শুভ্ৰ কৰিলেক গাৱ।

           যেন মুনি সবে বিত্তলোভ তেজি


ভৈল মহা শুদ্ধভাব।।


       বর্ষাকালত পর্বতবোৰে চাৰিওফালে সমানে জলদান কৰিছিল। কিন্তু শৰৎ কাল এই নিয়মৰ পৰিবৰ্তেসকলো ঠাইতে সমানে বৰষুণ নহয়। শৰতৰ এই কাৰ্য্যক কবিজনাই জ্ঞানী গুৰুৱে সকলো শিষ্যকে সমানে গুপ্ত জ্ঞানৰ সন্ধান নিদিয়া কথাৰ লগত তুলনা কৰিছে। তদুপৰি শৰৎকালত খাল, ডোং আদিৰ পানীবোৰ শুকাই যায়। কিন্তু তাত থকা মাছবোৰে এই কথাৰ ভূকে নাপাই। কবিয়ে এই প্রসঙ্গতে কৈছে যে সংসাৰত বসবাস কৰা মূর্খ প্রাণীবোৰে যি সকলে আয়ুস গৈ আছে বুলি জানিও তাৰ প্ৰতি কোনো গুৰুত্বকে দিব নিবিচাৰে।


          শৰৎ কালত সূৰ্য্যৰ তাপ সহিব নোৱাৰি ডোঙাৰ পানীক থকা মাছবোৰ ছটফটাই ওপঙি থকাৰ দৰে মায়াময় সংসাৰত থকা মানুহেও সংসাৰৰ মায়া-মোহত পৰি অশেষ দুখ যাতনা ভোগ কৰে। ইয়াত কবিজনাই মাছৰ ছটফটনিৰ লগত মানুহৰ দুখ কষ্টক উপমাৰ সহায়ত বুজাব বিচাৰিছে।


          শৰতে পৃথিবীৰ পৰা বোকাপানী নাইকীয়া কৰি মুকলি কৰি তোলে আৰু সৰু সৰু গছ লতাবোৰো পৰিণত হৈ এটা সুস্থ অৱস্থা পায়। কবিয়ে ইয়াকে বুজাবলৈ এটা সুন্দৰ উপমা উপস্থাপন কৰিছে। শৰতে পৰিবৰ্তন সাধাৰণৰ জ্ঞানী লোক সকলে এই মায়াময় শৰীৰৰ প্ৰতি সকলোখিনি মায়ামোহ ত্যাগ কৰি সুস্থ অৱস্থা লাভ কৰে।


            কবিয়ে শৰৎ কালৰ কথাও বৰ্ণনা কৰিছে। নিশ্চল সাগৰৰ ঢৌ শৰত কালত নোহোৱা হয়। সাগৰৰ এই অৱস্থাক বুজাবৰ বাবে এটা সুন্দৰ উপমা দাঙি ধৰিছে। সাগৰৰ এই ৰূপৰ লগত বেদ পাঠৰ অন্ত চিত্ত শান্ত মৌন হৈ থকা মুনিক তুলনা কৰিছে।


        কবি শংকৰদেৱে শৰত কালৰ বিভিন্ন অৱস্থাক বর্ণনা কৰোঁতে উপমা প্রয়োগ কৰি বৰ্ণনাটি গম্ভীৰ কৰি তুলিছে। কবিৰ মতে শৰৎ কালত সূৰ্যৰ প্ৰখৰ তাপৰ ফলত মানুহে পোৱা দুখ কষ্টক চন্দ্ৰই দূৰ কৰে। যেন কৃষ্ণ মুখ দৰ্শন কৰাৰ লগে লগে বৃন্দাবনৰ গোপ বধু সকলৰ কৃষ্ণ বিৰহ একেবাৰে নাইকীয়া হৈ পৰাৰ দৰে।


         তদুপৰি কবিজনাই শৰত কালৰ মেঘহীন আকাশত ৰাতি জিলিকি থকা নক্ষত্ৰবোৰকো বেদতত্ত্ব বুজি শুদ্ধ সন্ত অন্ত বৰ লোক উজ্বলি থকা কথাক উপমা দিছে। লগতে শৰতৰ মেঘহীন আকাশত থকা চন্দ্রটোকো কবিয়ে বৃষ্ণিবংশৰ মাজত কৃষ্ণৰ প্ৰকাশ বুলিহে কল্পনা কৰিছে। শৰৎ কালত চাৰিওফালে যি শীতল বায়ু বয়, তাৰ প্ৰভাৱত সূৰ্য্যৰ প্ৰখৰ ৰ'দৰ তাপো নাইকীয়া হয়। কবিয়ে শীতল বায়ু প্রবাহক গোপীসকলে কৃষ্ণক আলিঙ্গন কৰি পোৱা পৰম তৃপ্তিৰ কথাকেই বিৰোধ উপমাৰ সহায়ত বৰ্ণনা কৰিছে। তদুপৰি শৰৎ

কালত সূৰ্য্যৰ পোহৰত পদুম ফুল ফুলি উঠে আৰু ভেট ফুল জই পৰি যায়। কবিয়ে ফুলৰ এই কাৰ্য্যৰ লগত ৰজাৰ লোকৰ ভয়ত অন্তৰ কপি উঠা কথাক উপমা হিচাপে বলোৰাম আৰু কৃষ্ণই গোকুলক উজ্জ্বলাই থকা কথাক উল্লেখ কৰিছে।


        মুঠতে মহাপুৰুষ শংকৰদেবে 'শৰৎ বৰ্ণনা' কবিতাংশত বিবিধ উপমাৰ সহায়ত শৰতৰ বৈচিত্র্যময় ৰূপক দাঙি ধৰিছে।



মায়া অযোধ্যাৰ সৃষ্টি


১। 'মায়া অযোধ্যাৰ সৃষ্টি আৰু চিত্রাবলী চতুৰ্দ্দশীৰ মোট খেলা' কবিতাটিৰ কবি কোন?


উত্তৰঃ কবি দুর্গাবৰ।


২। দুর্গাবৰ কায়স্থ কোনে শতিকাৰ কবি আছিল?


উত্তৰঃ ১৫শ শতিকাৰ।


৩। দুর্গাবৰ কায়স্থ মূলতঃ কি কবি আছিল?


উত্তৰ: পাঁচালী কবি আছিল।


৪। দুর্গাবৰ কায়স্থ কোন ৰজাৰ দিনৰ কবি আছিল?


উত্তৰঃ বিশ্বসিংহৰ দিনৰ।


৫। দুর্গাবৰৰ জন্ম স্থান ক'ত আছিল?


উত্তৰঃ হাজোত জন্ম বুলি অনুমান কৰা হয়।


৬। কবি দুর্গাবৰৰ 'মায়া অযোধ্যাৰ সৃষ্টি আৰু চিত্ৰাৱলী চতুর্দশীৰ খেলা' শীর্ষক কবিতাটি ক'ৰপৰা চয়ন কৰা হৈছে?


উত্তৰ: কবি দুর্গাবৰৰ 'গীতি ৰামায়ণ' গ্ৰন্থৰ 'অযোধ্যা কাণ্ড'ৰ পৰা।


৭। মায়া অযোধ্যাৰ সৃষ্টি ৰামায়ণৰ কোনটো কাণ্ডত পোৱা যায়?


উত্তৰ: অযোধ্যাকাণ্ডত।


৮। দুর্গাবৰে বচনা কৰা কাব্যখনিৰ নাম লিখা।


উত্তৰঃ 'বেউলা-আখ্যান'।


৯। দুর্গাবৰৰ কাব্য গ্রন্থ দুখন কি আছিল?


উত্তৰঃ দুৰ্গবিৰৰ কাব্য গ্রস্থ দুখন হ'ল- 'গীতি ৰামায়ণ' আৰু 'পদ্মাপুৰাণ'।


১০। পদ্মা পুৰাণৰ বিষয়বস্তু কি?


উত্তৰঃ সৰ্পৰ অধিষ্ঠাত্রী পদ্মা দেৱীৰ মাহাত্ম্য প্রকাশ কৰা হৈছে পদ্মাপুৰাণত।


১১। কবি দুর্গাবৰৰ ৰচনাত কি দুটা পৰম্পৰা দেখা যায়?


উত্তৰ: কবি দুর্গাবৰৰ ৰচনাত দুটা পৰম্পৰা দেখা যায়; এহাতে মাধৱ কন্দলিয়ে আৰম্ভ কৰা ৰামায়ণী সাহিত্যৰ পৰম্পৰা আৰু আনহাতে মনসা পৰম্পৰা।


১২। কবি দুর্গাবৰৰ 'গীতি-ৰামায়ণ'ক ড° বাণীকান্ত কাকতিদেবে কি বুলি অভিহিত কৰিছে?


উত্তৰঃ জনসাধাৰণৰ মনস্তত্ত্বৰ ওপৰত নিৰ্ভৰ কৰি ৰামায়ণ ৰচা বাবে ড° বাণীকান্ত কাকতিদেৱে গীতি-ৰামায়ণক 'বাল্মীকিৰ ৰামায়ণৰ গাঁৱলীয়া সংস্কৰণ' বুলি কৈছে।


১৩। কবি দুর্গাবৰে তেওঁৰ কোনখন গ্রন্থত নিজকে 'বাম পদ কিঙ্কৰ' বুলি উল্লেখ কৰিছে?


উত্তৰঃ 'গীতি ৰামায়ণ' গ্ৰন্থত কবিয়ে নিজকে 'বাম পদ কিঙ্কৰ' বুলিও উল্লেখ কৰিছে।


১৪। মায়া অযোধ্যাৰ সৃষ্টি কোনে কৰিছিল?


উত্তৰঃ সীতাদেবীয়ে।


১৫। কবিতাটোৰ মতে চতুর্দশীত কি খেল খেলা হয়?


উত্তৰঃ পাশা খেল।


১৬। দণ্ডকা অৰণ্য ক'ত আছিল?


উত্তৰঃ চিত্রকূট পৰ্বতত চন্দ্ৰভাগী নদীৰ তীৰত।


১৭। মোট খেল কেতিয়া খেলা হয়?


উত্তৰঃ চ'ত মাহৰ চতুর্দশী তিথিত।


চমু প্ৰশ্নোত্তৰঃ 


১। কবি দুৰ্গাবৰৰ চমু পৰিচয় দিয়া। 


উত্তৰ: বৈষ্ণৱ যুগৰ অবৈষ্ণৱ কবিসকলৰ ভিতৰত কবি দুর্গাবৰ কায়স্থ অন্যতম। কবি দুর্গাবৰৰ পৰিচয় সম্বন্ধে বিশেষ তথ্য পোৱা নাযায়। কবি দুর্গাবৰ ৰচিত 'পদ্মাৰ পাঁচালী'ত আত্ম-পৰিচয় এনেদৰে দিছে-


"শ্রীকায়স্থ চন্দ্ৰবৰ তাৰ পুত্ৰ দুৰ্গাবৰ


    বিৰচিল গীত বিতোপন।"


       এনে বৰ্ণনাৰ পৰা জনা যায় যে কবি দুর্গাবৰে কায়স্থ কুলত জন্ম লাভ কৰিছিল আৰু তেওঁৰ পিতৃৰ নাম আছিল চন্দ্ৰবৰ। জন্মস্থান কামৰূপ জিলাৰ হাজো মৌজাৰ কোনো এখনি সৰু গাঁৱত।


অসমীয়া সাহিত্যলৈ কবি দুর্গাবৰৰ যথেষ্ট অৱদান আছে। কবি দুর্গাবৰৰ অন্যতম ৰচনা হ'ল 'গীতি ৰামায়ণ' আৰু মনসা মাহাত্ম্য প্রকাশক 'বেউলা আখ্যান'। 'গীতি ৰামায়ণ' গ্ৰন্থৰ সঠিক ৰচনা কাল জনা নাযায় যদিও গ্ৰন্থখনৰ ৰচনাৰ ভঙ্গীৰ পৰাই কবিৰ এই কাব্য পূৰঠ বয়সৰ ৰচনা যেন অনুভূত হয়। কবি দুর্গাবৰৰ 'গীতি ৰামায়ণ' সম্পূৰ্ণ উদ্ধাৰ হোৱা নাই, কেৱল অৰণ্য কাণ্ডৰ পৰা বাকীছোৱাহে উদ্ধাৰ হৈছে। গীতি ৰামায়ণখনত অপ্রমাদী কবি মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰভাৱ লক্ষ্য কৰা যায়। অপ্রমাদী কবি মাধৱ কন্দলিৰ

ৰামায়ণৰ কিষ্কিন্ধ্যা, সুন্দৰা আৰু লংকা কাণ্ডৰ পৰা বেছিভাগ পদ আহৰণ কৰি দুৰ্গাবৰে এই গ্রন্থ ৰচনা কৰে। অৱশ্যে কথাবস্তু বিন্যাসৰ ক্ষেত্ৰত ঠায়ে ঠায়ে কন্দলিৰ পৰা আঁতৰি আহি মৌলিক ৰামায়ণৰ মূল কথাবোৰ ইয়াত গীতৰ আকাৰত বৰ্ণোৱা হৈছে। কবিয়ে ইয়াত চৰিত্ৰবোৰৰ মানসিক অৱস্থা বিস্তাৰিত আৰু নিপুণভাৱে বৰ্ণনা কৰিছে, কিন্তু যুদ্ধ বা কাহিনীৰ বৰ্ণনা চমু কৰিছে। গীতবোৰত বিভিন্ন ৰাগ ব্যৱহাৰ কৰা হৈছে। এই ৰামায়ণখনত লৌকিকতাৰ স্পৰ্শ আছে। জনসাধাৰণৰ মনস্তত্ত্বৰ ওপৰত নিৰ্ভৰ কৰি ৰামায়ণ ৰচা বাবে ড° বাণীকান্ত কাকতিদেৱে গীতি-ৰামায়ণক 'বাল্মীকিৰ ৰামায়ণৰ গাঁৱলীয়া সংস্কৰণ' বুলি কৈছে।


        আনহাতে 'বেউলা আখ্যান' গ্রন্থত কবিয়ে ৰজা বিশ্বসিংহ, তেওঁৰ ওঠৰজন কোঁৱৰ আৰু বাহুবল শিকদাৰৰ কথা উল্লেখ কৰা দেখা যায়। দুর্গাবৰে পদ্মা-পুৰাণৰ বেউলাৰ আখ্যানটো বিশেষভাবে বৰ্ণনা কৰিছে। 'গীতি ৰামায়ণ'ৰ দৰে বেউলা আখ্যানৰ গীতসমূহো ৰাগ-বাগিনীযুক্ত। চন্দ্ৰধৰৰ দৃঢ়তা, পৌৰুষ আৰু নিষ্ঠা, সোনেকাৰ পুত্র বৎসলতা, বেউলাৰ সতীত্ব আৰু পদ্মাৰ প্ৰতিশোধপৰায়ণতা পুথিখনত দুর্গাবৰে সফলভাৱে বৰ্ণনা কৰিছে।


২। এহি বুলি সীতা সতী গুণিলেক মনে। 


যেহেন অযোধ্যাপুৰী স্ৰজিলেক তেনে।।

  —-অযোধ্যাপুৰী সৃষ্টি কৰিবলৈ সীতাৰ মনত কিয় খেলালে?


উত্তৰঃ বনবাসৰ সময়ছোৱাত ৰাম-সীতাই চিত্রকূট পৰ্বিতৰ নৈশর্গিক শোবা উপভোগ কৰি পাশা খেলি থাকোতে ৰামৰ চৈত্ৰাৱলী চতুর্দশীৰ মোট খেলিবলৈ মনত পৰি মন বিষাদেৰে ভৰি পৰাত সীতাই কিদৰে মায়া অযোধ্যাৰ সৃষ্টি কৰি ৰামক আনন্দ দান কৰিছে।


       চৈত্ৰাৱলী চতুৰ্দ্দশীৰ উৎসৱৰ সেই বিশেষ দিনটোত ৰামচন্দ্ৰৰ মনৰ দুখৰ অৱস্থা দেখি সীতাৰ অন্তৰকো দুখে আচ্ছন্ন কৰিলে। ৰামচন্দ্ৰৰ এনে দুখৰ কাৰণ জানিবলৈ উৎসুক হৈ পৰিল। অৱশেষত সীতাই ৰামচন্দ্ৰৰ দুখৰ কাৰণ জানিবপাৰি নিজৰ মায়াৰ বলেৰে চিত্ৰকূটৰ অৰণ্যৰ মাজতেমায়া অযোধ্যাৰ সৃষ্টি কৰিবলৈ ল'লে। দণ্ডকা অৰণ্যতে সীতাই নানাবিধ গছ-বন, মালতী, মধাই, পাৰিজাত, পলাশ আদি ফুলেৰে সুশোভিত কৰি ৰামচন্দ্ৰন্দ্রই আনন্দ উৎসৱত ভাগ লোৱাৰ বাবে মায়াৰ অযোধ্যা সজাই তুলিলে।


৩। 'মায়া অযোধ্যাৰ সৃষ্টি আৰু চিত্রাবলী চতুৰ্দ্দশীৰ মোটখেলা' কবিতাংশত বর্ণিত মায়া অযোধ্যাৰ মোট খেল সম্পর্কে লিখা।


উত্তৰ: সীতাই সৃষ্টি কৰা মায়া অযোধ্যাৰ সৌন্দৰ্য আৰু আনন্দপূর্ণ পৰিৱেশ দেখি ৰামচন্দ্ৰই মনত পৰম শান্তি লাভ কৰিলে। কেয়ুৰ, কঙ্কন, হাৰ, ঘুগুৰা আদি নানাবিধ অলংকাৰ আৰু বস্ত্ৰ পৰিধান কৰি, আগৰু চন্দনেৰে সুবাসিত হৈ ৰামচন্দ্ৰই আনন্দেৰে প্ৰজাসকলৰ লগত মোট খেলিবলৈ ললে। সীতা আৰু লক্ষ্মণেও মোট খেলত অংশ গ্রহণ কৰি প্ৰজাসকলৰ লগত আনন্দ উৎসব পালন কৰিলে। অযোধ্যাৰ আন আন লোকসকলেও হাতত মোট লৈ ইজনে সিজনৰ গালৈ পানী ছটিয়াই ৰাম, সীতা, লক্ষ্মণৰ লগত কামপৰ্ব খেৰি উৎসৱ পালন কৰি আনন্দত আত্মহাৰা হৈ পৰে।


৪। মায়া অযোধ্যাৰ সৃষ্টি আৰু চিত্ৰাৱলী চতুর্দশীৰ খেলা' কবিতাটিৰ চমু পৰ্যালোচনা আগবঢ়োৱা।


উত্তৰঃ চিত্রকূট পৰ্বতত দণ্ডকা অৰণ্যৰ গহ্বৰত বিশ্বকর্মই সাজি দিয়া নানা মণি-মুকুতাৰে সজা মেৰ-মন্দিৰত ৰাম-সীতাই থাকিব লৈছিলে। সেই সময়ত ৰামৰ পাশা খেলৰ প্ৰতি আগ্ৰহ জন্মিল, পাশা খেলৰ প্ৰতি মনত কৰি তেওঁ দুখ কৰিছে, তেতিয়া সীতাই সুধিছিল যে তেওঁ কি কাৰণে দুখ কৰিছে, সীতাৰ কিবা দোষ দেখিছে নেকি যাৰ কাৰণে ৰামে ইমান অসন্তোষ কৰিছে, তেতিয়া ৰামে কৈছে যে সীতাৰ কাৰণে তেওঁ কোনো দুখ-কষ্ট পোৱা নাই তেওঁৰ অযোধ্যালৈ মনত পৰিছে নগৰত নৰ-নাৰী, নট-নটী ভাট, অম্রাৱতী সদৃশ অযোধ্যালৈ মনত কৰিহে তেওঁ দুখ কৰিছে। ৰামে দুখ কৰি কৈছে - হাতী, ঘোঁৰা, সৈন্য, বন্ধু-বান্ধৱ সকলো হেৰুৱালো সিংহাসন এৰি তৃণত শয়ন কৰি আছো, নিজ গাঁও এৰি দণ্ডকা অৰণ্যৰ মাজত জীৱন কটাইছো, নানা সুখ পৰিহাৰ কৰি ৰাজপুত্ৰ গুচি বনৰ ভিখাৰীৰ দৰে হৈছো। কি কাৰণে বিধিয়ে মোক ইমান কষ্ট দিছে, কি কৰ্ম-দোষৰ ফলত বনবাসী হ'ব লগা হৈছে, তাতে আৰু আজি চতুর্দশীৰ খেৰি, ৰাজ্যত থাকিলোহেঁতেন পাত্র-মন্ত্রীৰ সৈতে পাশা খেলিলেহেঁতেন। অগৰু চন্দনৰ সুবাস লৈ তোমাৰ (সীতাৰ) সৈতে ৰঙ কৰিলোহেঁতেন। কিন্তু ঈশ্বৰৰ ইচ্ছাতে সকলো আশা ভংগ হৈ গ'ল। এই কাৰণে ৰামে চিন্তা কৰা বুলি কৈছে।


       তেতিয়া সীতাই উত্তৰ দিলে যে এই সাধাৰণ কাৰণতে ৰামে চিন্তা কৰিব নালাগে, সীতাই এখন এযোধ্যা পুৰীৰ সৃষ্টি কৰিব। সেইবুলি লগে লগে সীতাই মায়াৰে এখন সুন্দৰ অযোধ্যা নগৰৰ সৃষ্টি কৰিলে। আচল অযোধ্যাপুৰীৰ দৰে অযোধ্যা নগৰৰ সৃষ্টি কৰিলে। তাত হাতী, ঘোঁৰা স্ৰজিলে, পাত্র মন্ত্রীসহ সূবর্ণখচিত স্তম্ভ, মণিমুকুতাৰে সজা মন্দিৰ, সিংহাসন আজিও সৃষ্টি কৰিলে। পঞ্চশব্দ বজাই নট-নর্তকী আহিল।


     দণ্ডকা অৰণ্যেতে দেৱীয়ে অযোধ্যা স্ৰজিলে। নানা জাতিৰ ফুল, ফল, তৰ-তৃণ সকলো আনিলে। মালতী, মাধৈ, পাৰিজাত, পলাশ ফুলি আছে প্রফুল্ল মনে। তাৰে ওপৰত ভ্ৰমি আছে ভোমোৰা লগত অনেক পক্ষী। ভোমোৰা বিলাকে ফুলৰ ওপৰত ফুলৰ মউপানকৰি আছে। তাকে দেখি ৰামে বৰ সন্তোষ পাইছে। ৰাম-সীতা দুয়ো নানা বস্ত্ৰ, অলংকাৰ আদি পিন্ধিছে, মুৰত লৈ মালতী মাধৈ ফুল। অগৰু চন্দনৰ সুবাসেৰে চাৰিওদিশ আমোল মোলাই আছিল। কংকন, কেয়ুৰ, হাৰ, ঘুগুৰা আদি অংলকাৰেৰে বিভূষিত হ'ল। লক্ষ্মণেও সেইমতে তেওঁলোকক সংগ দিছে। ৰঙ ৰহইচ কৰি সকলোৱে হাতত মোট তুলি লৈছে। ৰাম-লক্ষ্মণৰ লগতে সীতইও মোট ধৰিছে আৰু চতুর্দশীৰ খেলা আৰম্ভ কৰিছে। সকলো লোকে, ৰঙ ৰহইচ কৰি খেলত বুৰ গৈছে। লাহে লাহে বেলি অস্ত গৈছে দিনৰ অৱসান ঘটিছে আৰু ৰাম-সীতা খেৰি নিজ আশ্ৰমলৈ উভটিছে। এয়াই আছিল কবিতাটিব মূল কথা।


৫। সীতাৰ মায়াৰ অযোধ্যাখনে কেনে আছিল?


উত্তৰঃ এতিসে কাৰণে চিন্তা কৰা ৰঘুবৰ 


স্ৰজিবো অযোধ্যাপুৰী পাত্র মন্ত্রীগণ।"


     এই বুলি সীতাই অযোধ্যা নগৰৰ দৰে দণ্ডকা অৰণ্যতেই এখন অযোধ্যাপুৰীৰ সৃষ্টি কৰিলে তেওঁৰ অযোধ্যাপুৰী আছিল স্বৰ্গপুৰীৰ দৰে। সৰু বৰ ফুল-ফলৰ পৰা, পক্ষীলৈকে কি নাছিল তাত। সীতাই মায়াৰে স্ৰজিলে পাত্র মন্ত্রী, হাতী, ঘোঁৰা সুৱৰ্ণৰ স্তম্ভ, মণি-মুকুতা খটোৱা মন্দিৰ, সুশোভন সিংহাসন, পঞ্চৱাদ্য আদিও স্ৰজিলে। পঞ্চবাদ্য বজাই নট-নর্তকীকো আনিলে। নানা জাতিৰ ফুল তৰু তৃণেৰে সুশোভিত হৈ পৰিছে দণ্ডকা অৰণ্য। মালতী, পলাশ, পাৰিজাত ফুলেৰে সুশোভিত হৈ পৰিছে। সুৰভি-শীতল বতাহত ফুলবোৰে হালি-জালি আছে। তাতে উৰি ভোমোৰা, মউপিয়াই মধুৰস পান কৰি আছে। তাকে দেখি ৰামে বৰ সন্তোষ পালে। ৰাম-সীতাই পিন্ধিলে নানা বস্ত্ৰ অলংকাৰ, মুৰত লৈছে মাধৈ, মালতী ফুল। ছলনা কৰিয়ে তাতে আনিলে অগৰু চন্দনৰ সুবাস। কংকন, কেয়ুৰ, হাৰ, ঘুগুৱা আদি অলংকাৰ পিন্ধি লয়লাস কৰি মোট খেলিবলৈ উদ্যত হৈছে। এয়াই আছিল সীতাৰ মায়াৰ অযোধ্যা।


৬। ব্যাখ্যা কৰাঃ


(ক) অনেক জনম কৰি আছোঁ ঘোৰ পাপ। 


     সি কাৰণে বিধি মোক দিলা এত তাপ।।


উত্তৰ: উক্ত কবিতাফাকি কবি দুর্গাবৰ ৰচিত গীতি-ৰামায়ণৰ অযোধ্যা কাণ্ডৰপৰা অনা 'মায়া অযোধ্যাৰ সৃষ্টি আৰু চিত্ৰাৱলী চতুর্দশীৰ খেলা" নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।


         বনবাসত চতুর্দশী খেলাৰ দিনা ৰামে দুখ কৰি আছে। যেতিয়া সীতাই সুধিছিল ৰামৰ দুখৰ কাৰণ তেতিয়া কৈছিল যে আদি চতুর্দশীৰ মোট খেলা। সকলো অযোধ্যাবাসী আজি ৰঙ ৰহইচেৰে মোট খেলিব; আৰু মই আদি বনৰ ভিক্ষাৰীৰ দৰে জীৱন কটাব লগীয়া হৈছে। যদি অযোধ্যাত থাকিলোহেঁতেন পাত্ৰ মন্ত্ৰীৰ সৈতে অগৰু চন্দনৰ সুবাস লৈ মোট খেলিলোহেঁতেন কি আজি মোৰ এই অৱস্থা হৈছে। তেওঁ আকৌ কৈছে-হস্তী, ঘোঁৰা, সৈন্য, বন্ধু-বান্ধৱ সকলো হেৰুৱালো, সিংহাসন এৰি তৃণত শয়ন কৰিব লগা হৈছে, ৰাজপুত্ৰ গুচি বনৰ ভিখাৰী হ'ব লগা হৈছে, নিজ ঠাই এৰি অৰণ্যত জীৱন কটাবলগীয়া হৈছে। সর্বসুখ পৰিহাৰ কৰি বনবাসী হ'ব লগা হৈছে। তাতে আৰু আজি চতুর্দশীৰ মোট খেলা ঈশ্বৰৰ ইচ্ছাতে সকলো আশা ভংগ হৈছে। নাজানো বিধিয়ে মোৰ কপালত কি লিখিলে, কি কৰ্মৰ ফলত মই আজি বনবাসী হ'ব লগা হৈছে যে নানা সুখ-সম্ভোগ পৰিহাৰ কৰিবলগীয়া হৈছে।


       কবিতাফাকিৰ জৰিয়তে ৰামে কৈছে অনেক জনম ধৰি। মই ঘোৰ পাপ কৰিছিলো, সি কাৰণে বিধিয়ে মোক আজি ইমান কষ্ট দিছে। কবিতাফাকিৰ জৰিয়তে তাকেই কোৱা হৈছে।


(খ) "ভ্রমি ভ্রমি ভ্ৰমৰা ভুঞ্জয় মধুৰস। 


      দেখি ৰাঘৰৰ বৰ মিলিলা সন্তোষ।।"


উত্তৰ: উক্ত কবিতাফাকি কবি দুর্গাবৰৰ গীত-ৰামায়ণৰ 'মায়া......খেলা' নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।


       ৰামে যেতিয়া চতুর্দশীৰ খেল খেলিব নাপায় দুখমনে আছিল তেতিয়া সীতাই মায়াবে এখনি অযোধ্যা নগৰ সৃষ্টি কৰিছিল। এখন সুন্দৰ স্বৰ্গপুৰীৰ দৰে অযোধ্যা নগৰৰ সৃষ্টি কৰিছিল। য'ত পাত্ৰ-মন্ত্রী, হাতী-ঘোঁৰা, সকলো আনিলে সুৱৰ্ণৰ স্তম্ভ, মণি মুকুতাৰে সজোৱা সিংহাসন মন্দিৰ আদি সৃষ্টি কৰিলে। পঞ্চশব্দ বজাই নট-নৰ্ত্তকী সকলো আহিল। নানা জাতিৰ ফুল, তৰু-তৃণ, সৃষ্টি কৰিলে তাৰে ওপৰত পৰি আছে নান জাতিৰ সৰু বৰ পক্ষী। সুৰভি শীতল বতাহ বলি আছে অহৰহ। মালতী, মাধৈ, পলাশ পাৰিজাত সকলো ফুলেই জাতিস্কাৰ হৈ আছে। ফুল বিলাকত ভোমোৰা পৰি আছে, ভোমোৰা বিলাকে ঘুৰি ঘুৰি এটাৰ পিছত আনটো ফুললৰ মধুপান কৰি আছে আৰু তাকে দেখি ৰামে বৰ সন্তোষ পাইছিল সকলো দুখ-কষ্ট পৰিহাৰ পাশা খেলৰ প্ৰতি মন দিছিল ৰাম-লক্ষ্মণৰ লগত সীতাইও হাতত মোট লৈ খেল খেলিছিল। অগৰু চন্দনেৰে গোটেই ঠাইখন সুবাসিত হৈ আছিল। নানা অলংকাৰেৰে সুশোভিত হৈছিল ৰাম-সীতা। ইমানবোৰ আয়োজন দেখি ৰাম সচাকৈয়ে মোহিত হৈছিল।


(গ) 'কিবা মোৰ কুরূপ দেখিলা কোনো দোষ। 

   

    ন আমাক যে এতমান কৰা অসন্তোষ।।'


উত্তৰঃ উক্ত কবিতাফাকি কবি দুর্গাবৰৰ গীতি-ৰামায়ণৰ 'মায়া...... খেলা' নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।


      দণ্ডকা অৰণ্যত চতুর্দশী খেলাৰ দিনা ৰামে মোট খেলিব নাপায় দুখমনে আছে অযোধ্যাৰ নট-নটী, ভাট, নৰ নাৰী সকলোলৈ মনত পৰিছে। চিত্ৰকুটৰ গহ্বৰত তেওঁ লোকে বাস কৰিছে আৰু অযোধ্যাৰ কথা মনত পেলাই ৰামে হুমুনিয়াহ কাঢ়িছে আৰু সেয়ে সীতই সুবিধা হে ৰঘুবৰ মোৰেই কিবা দোষ দেখিছা নেকি যে তুমি এনেদৰে অসন্তোষ কৰি আছা, দুখমনে আছা। তেতিয়া ৰামে কৈছিল যে তেওঁ সীতাৰ কাৰণে কোনো কষ্ট পোৱা নাই, তেওঁৰ কেৱল অযোধ্যালৈ মনত পৰিছে। নগৰত নট-ভাট, ৰজা-প্রজা, পাত্র-মন্ত্রী সকলোৱে মোট খেলিব, কিন্তু তেওঁ এনেকৈ গহ্বৰত বাস কৰিব লগা হৈছে। তেওঁ আকৌ কৈছে হস্তী, ঘোৰা, বন্ধু-বান্ধৰ সকলো হেৰুৱালো, লগতে সিংহাসনত, নিজ

দেশৰ সকলো সুখ আনন্দ হেৰুৱাই ইয়াত অৰণ্যৰ মাজত এনেদৰে থাকিব লগা হৈছে। সৰ্বসুখ পৰিহাৰ কৰি বনবাসী হ'ব লগা হৈছে, তাতে আৰু আজি চতুর্দশীৰ খেৰি। কিমান যে আনন্দৰ দিন আছিল, কিন্তু টশ্বৰে সকলো আশা ভংগ কৰিলে এনেকৈ ৰামে দুখ কৰি থাকোতে সীতাই ক'লে যে দুখ কৰিব নালাগে তেওঁ এতিয়াই এখন অযোধ্যা পুৰীৰ সৃষ্টি কৰিব।


৭। চমু টোকা লিখা:


(ক) বেউলা-আখ্যান


উত্তৰ: দুর্গাবৰৰ 'বেউলা-আখ্যান'ৰ কাহিনীভাগ 'পদ্ম-পুৰাণ'ৰ অন্তৰ্গত। বেউলা আখ্যানৰ কাহিনীভাগ কৰুণ ৰসাত্মক। চন্দ্ৰধৰ সাউদৰ লগত পদ্মাদেৱীৰ বিৰোধ, চন্দ্ৰধৰৰ ওপৰত পদ্মাৰ প্ৰতিশোধ, বেউলা লখীন্দাৰৰ বিবাহ, লখীন্দাৰৰ সর্পদংশনত মৃত্যু, পতিৰ প্ৰাণ বিচাৰি বেউলাৰ অনির্দিষ্ট যাত্রা, নেতাৰ সহায়ত স্বৰ্গত উপস্থিতি, লখীন্দাৰৰ প্ৰাণ লাভ, বেউলাৰ চম্পাৱতী নগৰলৈ প্ৰত্যাৱৰ্তন আৰু পদ্মাপূজা কৰিবলৈ চন্দ্ৰধৰৰ সন্মতিৰে কাব্যখনৰ সামৰণি মাৰিছে।


(খ) গীতি-ৰামায়ণ


উত্তৰঃ 'গীতি-ৰামায়ণ' মনসা কবি দুর্গাবৰ বৰকায়স্থই ৰচনা কৰিছিল। এই গীতি-ৰামায়ণখন আদিকবি বাল্মীকি ৰামায়ণৰ ভাষা বা অনুবাদো নহয়। এই গীতবোৰত আৰ্য সংগীতৰ সুৰ বন্ধা আছে। প্রাচীন কালৰে পৰাই যে অসমত গীত আৰু ৰাগৰ চৰ্চা আছিল তাৰ প্ৰমাণ এইৰামায়ণখনেই নিখুঁতভাৱে দাঙি ধৰে। সেয়েহে গীতৰ আকাৰত লিখাটোৱেই হ'ল এৰিামায়ণখনৰ অন্যতম বিশেষত্ব। এই ৰামায়ণখনক যদিওবা গীতি-ৰামায়ণ বুলি কোৱা হৈছে ইয়াত কিন্তু গীতৰ বাহিৰে পদো আছে। এইজনা কবিয়ে ইয়াত উত্থাপিত চৰিত্ৰসমূহৰ মানসিক অৱস্থা বহল আৰু সুনিপুণভাৱে বৰ্ণনা কৰিছে। কিন্তু ইয়াত যুদ্ধ বা কাহিনীৰে বৰ্ণনা ভাগ চমুৱাইছে। ইয়াৰ প্ৰতিটো গীতেই একোটি খণ্ড কবিতাৰ দৰে।


          কবি দুর্গাবৰে বিশেষভাৱে বিচাৰ কৰি ৰামায়ণৰ মূল কথাৰ সূত্ৰ ৰাখি বিশেষ-বিশেষ ঘটনাদি চুটি-চুটিকৈ গীত আৰু পদত গাই গৈছে। এইখিনিতে ক'ব লাগিব যে কবিৰ একো একোটি গীত, একোটি খণ্ডবাক্য নির্বাচন, উদ্ভাৱনা ৰচনা আৰু নৈপুণ্যত কবিয়ে নিজকে এজন প্রকৃত শিল্পী বুলি পৰিচয় দিবলৈ সক্ষম হৈছে। ৰাম-সীতাই বনত পাশা খেলোৱা, খেৰি খেলোৱা, সীতাই ৰামক হিৰন্ময় মৃগ পহুক বধ নকৰি ধৰি আনিবলৈ কোৱা আদি কথাত কবিৰ সম্পূৰ্ণ মৌলিকতা প্রকাশ পাইছে। সাধাৰণ মনস্তত্বৰ ওপৰত নিৰ্ভৰ কৰি কবি দুর্গাবৰে তেওঁৰ ৰামায়ণখনি ৰচনা কৰাৰ বাবেই ড° বাণীকান্ত কাকতিয়ে ইয়াক "বাল্মীকি ৰামায়ণৰ গাঁৱলীয়া সংস্কৰণ” বুলি কৈছে তেওঁৰ অসমীয়া পুৰণি সাহিত্য নামৰ গ্ৰন্থখনিত।


ৰচনাধৰ্মী প্রশ্নোত্তৰ:


১। কবি দুর্গাৱৰৰ পৰিচয় দাঙি ধৰি তেওঁ ৰচনা কৰা কাব্যকৃতি আলোচনা কৰা।


উত্তৰ: পাঁচালী কবিসকলৰ ভিতৰত দুর্গাবৰৰ নাম উল্লেখযোগ্য। তেওঁৰ ৰচনাত দুটা পৰম্পৰা দেখা যায়; এহাতে মাধৱ কন্দলিয়ে আৰম্ভ কৰা ৰামায়ণী সাহিত্যৰ পৰম্পৰা আৰু আনহাতে মনসা পৰম্পৰা। ৰামায়ণী পৰম্পৰাত তেওঁৰ স্থান মাধৱ কন্দলিৰ পিছতে। তেওঁৰ নামত দুখন পুথি পোৱা যায়- 'গীতি ৰামায়ণ' আৰু আনখন পদ্মাপুৰাণৰ অন্তৰ্গত 'বেউলা-আখ্যান'। গীতি ৰামায়ণত কবি পৰিচয় সম্পৰ্কীয় কথা পোৱা নাযায়; কিন্তু বেউলা আখ্যানত নিজৰ বিষয়ে কিছু কথা কৈছে-


(১) "কায়স্থ শ্রীচন্দ্ৰধৰ তান পুত্ৰ দুৰ্গাবৰ


 বিৰচিলা গীত বিতোপন।"


(২) "কবি দুর্গাবৰে বিৰচিলা অনুপাম।


        পৰ্বত গহন নীলগিৰি যাৰ নাম।। 

 

      নীলাচল নাম সংসাৰ সাৰ। 


      আচয় পাৰ্বতী অসুৰৰ খয়ঙ্কাৰ।।"


বেউলা আখ্যানত দিয়া পৰিচয় অনুসৰি তেওঁৰ পিতৃৰ নাম চন্দ্ৰধৰ কায়স্থ। কোচ ৰজা বিশ্বসিংহৰ আমোলৰ বাহুবল শিকদাৰৰ অনুপ্ৰেৰণাত মনসাগীত ৰচনা কৰিছিল। ডঃ সত্যেন্দ্রনাথ শর্মাই 'দুর্গাবৰৰ বাসস্থান সম্ভৱতঃ নীলাচল অর্থাৎ কামাখ্যাপীঠ' বুলিছে।


   বাহুবল শিকদাৰৰ সম্পর্কে কেইবাঠাইতো প্রশংসাসূচক কথা লিখিছে-


(ক) "বাহুবল শিকদাৰ গন্ধৰ্ব যে অৱতাৰ। 


      কবি দুৰ্গবৰে গীত কৰিলা প্ৰচাৰ।।"


(খ) "বাহুবল শিকদাৰ যে পোৱা সুপ্রসন্নে।


        চিৰঞ্জীৱী হোক কবি দুর্গাবৰে ভণে।।"


এইখিনি পদেই প্রমাণ দিয়ে যে কায়স্থ পৰিয়ালত জন্মগ্রহণ কৰা দুৰ্গাবৰে বাহুবল শিকদাৰৰ প্ৰেৰণাত গীত ৰচনা কৰিছিল।


দুর্গাবৰে পদ্মাপুৰাণৰ এঠাইত কমতা ৰজা বিশ্বসিংহৰ বন্দনা কৰিছে-


"কমতা ঈশ্বৰ ৰাজা বন্দো বিশ্বসিংহ নৃপবৰ।


 আঠচল্লিশ মহিষী বান্দা ওঠৰ কোঁৱৰ।”


      দুর্গাবৰৰ মতে বিশ্বসিংহৰ ৪৮ গৰাকী মহিষী আৰু ১৮জন পুত্ৰ আছিল। বিশ্বসিংহৰ ৰাজত্বকালত গীত ৰচনা কৰিলে দুর্গাবৰ নিশ্চয় ষোড়শ শতিকাৰ প্ৰথমার্ধৰ কবি। গেইটৰ বুৰঞ্জীমতে হাৰিয়া মণ্ডলৰ পুত্ৰ বিশুৱে ১৫১৫ খ্রীঃত বিশ্বসিংহ নাম লৈ কোচ ৰাজ্যৰ ৰাজপাটত উঠে। দেওধাই অসমৰ বুৰঞ্জীৰ মতে ১৪৪৯ শক (১৫২৭) খ্রীঃ বিশ্বসিংহৰ

মৃত্যু হয়। বিশ্বসিংহৰ ১৫৪০ খ্ৰীঃত মৃত্যু হ'লে তেওঁৰ পুত্ৰ নৰনাৰায়ণ ৰজাৰ ৰাজত্বকালো কবিয়ে পাইছিল। গতিকে দুর্গাবৰক বিশ্বসিংহ আৰু নৰনাৰায়ণৰ দুয়োজন ৰজাৰ ৰাজত্বকালৰ কবি বুলি ধৰিব পৰা যায়।


        দুর্গাবৰ ৰামায়ণত ৰামভক্তি সম্প্ৰদায়ৰ আৰু পদ্মাপুৰাণত মনসাভক্তি সম্প্ৰদায়ৰ বুলি দুজন লোকৰ অস্তিত্ব মানিব খোজে পণ্ডিতসকলে। কবিয়ে ৰামায়ণত নিজৰ পৰিচয় দিয়া হ'লে বিষয়টোৰ বিবাদৰ নিষ্পত্তি হ'লহেঁতেন। মহেশ্বৰ নেওগৰ মতে, গীতি ৰামায়ণত কবিয়ে নিজকে 'বামপদ কিংকৰ' বুলি বৰ্ণালে যদিও তেওঁক বিশেষ কোনো ৰামাৱত সম্প্ৰদায়ৰ লোক বুলি ধৰিব নোৱাৰি। দুর্গাবৰৰ পদ্মাৰ পাঁচালীত ৰামভক্তিৰ কোনো নিদর্শন পোৱা নাযায়। কিন্তু ডঃ উপেন্দ্রনাথ গোস্বামীয়ে মহেশ্বৰ নেওগৰ কথাৰ ওপৰত ধাৰণা কৰিয়েই দুজন দুর্গাবৰৰ সন্ধান কৰিছে। প্ৰকৃতাৰ্থত ৰচিত গ্ৰন্থৰ মূলৰ বাবে আদর্শাত্মক দিশলৈ পার্থক্য অহাটো স্বাভাবিক। সেয়ে হ'লেও পৰিচয় থকা আৰু নথকাৰ ভিত্তিত একে সময়ৰ একে পৃষ্ঠপোষক ৰজাৰ বাবে দুজন কবিৰ কথা চিন্তা নকৰাই উচিত হ'ব।


ৰচনাবলী: দুর্গাবৰে দুখন পুথি ৰচনা কৰিছিল ৰামায়ণ আৰু পদ্মাপুৰাণ। পদ্মাপুৰাণ


তেওঁৰ প্ৰথম ৰচনা, এইখন হাজোত থাকোঁতে ৰচনা কৰিছিল। ১৯১৫ চনত বিষয়চন্দ্র বিশ্বাসীয়ে হাজোৰ মাধৱ লাইব্ৰেৰীৰ পৰা অৰণ্যকাণ্ডৰ পৰা লংকাকাণ্ডলৈকে সম্পাদনা কৰি 'দুর্গাবৰিঃ কবিবৰ দুৰ্গাবৰ বিৰচিত গীতি ৰামায়ণ' নামেৰে প্রকাশ কৰে। ১৯৫২ চনত ড° বিৰিঞ্চি কুমাৰ বৰুৱা আৰু ড° সত্যেন্দ্ৰনাথ শৰ্মাই দুর্গাবৰৰ 'পদ্মাপুৰাণ'ৰ লগতে মনকৰৰ একে বিষয়ৰ পুথি দুখনৰ খণ্ডিত অংশ 'মনসাকাব্য' নামেৰে সম্পাদনা কৰি উলিয়ায়। ১৯৫৪ খ্রীষ্টাব্দত ড০ মহেশ্বৰ নেওগে প্রধানতঃ বিশ্বাসীৰ সংস্কৰণৰ ওপৰত ভেটি কৰি এইখন পুথি দুর্গাবৰী গীতি ৰামায়ণ নামেৰে প্ৰকাশ কৰে। ১৯৯২ চনত শশী শৰ্মাই নেওগৰ সংস্কৰণৰ ভেটিতে দুর্গাবৰী ৰামায়ণখন সম্পাদন কৰি উলিয়ায়। ১৯৯৪ চনত ড° প্রবীণচন্দ্র দাসে হাজোৰ পৰা উদ্ধাৰ কৰি অযোধ্যাকাণ্ডৰ পৰা লংকাকাণ্ডসহ দুর্গাবৰৰ ৰামায়ণখন সম্পাদনা কৰি দুৰ্গাবৰী ৰামায়ণ নামেৰে প্ৰকাশ কৰে।


(ক) পদ্মাপুৰাণঃ সর্পদেবী মনসাৰ মহিমা প্রকাশক পদ্মাপুৰাণ বা পোঞাৰ পাঁচালীত চান্দো সদাগৰ আৰু বেউলাৰ আখ্যান বৰ্ণনা কৰা হৈছে। কাব্যখনত তেৰশ পদৰ ভিতৰত এশ পঁচপন্নটা গীত আছে। গীতবোৰত ৰাগ-বাগিণীযুক্ত হৈ আছে।


বিষয়বস্তু অনুসৰি মনসাৰ বন্দনাৰে কাব্যখন আৰম্ভ হৈছে। দেৱ-দেৱীৰ লগতে কমতাঈশ্বৰ বিশ্বসিংহৰ বন্দনা কৰা হৈছে। তাৰ পিছতহে কবি মূল কাহিনীলৈ আগবাঢ়িছে। কাব্যখনৰ বৰ্ণিত বিষয় ক্রমানুসৰি এনেধৰণৰ চম্পাৱলী নগৰৰ সাধু, চান্দো আৰু সোনেকাৰ সন্তানহীনতাৰ দুখ, ধন্বন্তৰিৰ পৰা সোনেকাৰ পুত্ৰ লাভৰ উপায়, গঙ্গাৰ বৰত ছয় পুত্ৰ লাভ, ছয় পুত্ৰৰ বিবাহ, চান্দোৰ বণিজ যাত্ৰাৰ উদ্যোগ, সোনেকাৰ পদ্মা পূজাৰ আয়োজন। চান্দোৰ দ্বাৰা পূজা নষ্ট, পদ্মাৰ কোপ, চান্দো আৰু পদ্মাৰ বিৰোধমূলক

মনোভাৱেৰেই কাব্যৰ পাতনি কৰা হৈছে। কাব্যৰ শেষৰফালে পদ্মাৰ কোপত চান্দোৰ ধন-জন-শক্তি কমি গৈছে আৰু পিছত পদ্মাৰ বৰত সোনেকাৰ লখিন্দাৰ পুত্ৰ লাভ আৰু বেউলাৰ লগত লখিন্দাৰৰ বিবাহ হয়। বিবাহৰ ৰাতি সর্প দংশনত মৃত্যু হয়। বেউলা আৰু চান্দোৰ পৰিয়ালৰ বিষহৰি উপাসনাৰে কাব্যখনৰ বিষয়বস্তুৰ সামৰণি পৰিছে।


দুর্গাবৰৰ পদ্মপুৰাণৰ আখ্যানভাগৰ বৰ্ণনা সৰল। উপকাহিনীবে মূল কাহিনীক ভাৰাক্ৰান্ত কৰা নাই। পোনপটীয়াকৈ আগবঢ়াই নিয়া কাহিনীটোৰ সৰলতাৰ মাজেৰেই সামৰণি মৰা হৈছে। চৰিত্ৰৰ মনোবল, সবলতা, দুর্বলতা, কাৰুণ্য আদি গীতৰ মাজেদি প্রকাশ। পদ্মা পুৰাণৰ কাব্যিক মূল্যৰ লগতে সাংগীতিক মূল্যও যথেষ্ট। সমসাময়িক সমাজ আৰু লোক-জীৱনৰ চিত্ৰায়ণত কবিয়ে গুৰুত্ব দিয়া দেখা যায়।


(খ) ৰামায়ণ: দুর্গাবৰী গীতি-ৰামায়ণত মুঠ ৬ টা কাণ্ড পোৱা গৈছে। আদি কাণ্ড পোৱা হোৱা নাই। অযোধ্যাকাণ্ডৰ আৰম্ভণিতে কৃষ্ণ, শিৱ, দুর্গা, ৰাম সকলোৰে স্তুতি বন্দনা সংযোগ কৰালৈ চাই আদিকাণ্ড ৰচনা নকৰা যেন ধাৰণা হয়। অযোধ্যাকাণ্ডত ৯৪ টা পদ আৰু তিনিটা গীতৰ জৰিয়তে ৰামৰ অভিষেক, কুঁজীৰ কৈকেয়ীক মন্ত্রণা দান আৰু ভৰতক ৰজা পতাৰ উদ্যোগ, দশৰথৰ ওচৰত কৈকেয়ীৰ পূৰ্বচৰ্ত অনুসৰি বৰ ভিক্ষা, কৈকেয়ীৰ আশা পূৰণ, ৰামৰ বনবাসৰ কথাৰে কাণ্ডটো সামৰণি মৰা হৈছে। উদ্ধাৰ হোৱা দুৰ্গাবৰী গীতি-ৰামায়ণৰ অযোধ্যকাণ্ডটো অসম্পূর্ণ ৰূপতহে পোৱা যায়।


অৰণ্যকাণ্ড ৰাম, লক্ষণ আৰু সীতা চিত্রকূটত বাস, বনত শূর্পনখাৰ নাক-কাণ ছেদ, ৰাম-লক্ষ্মণৰ যুদ্ধৰ দ্বাৰা অনেক ৰাক্ষস নিধন, মাৰীচ-সুবাহুৰ ছলনা, ৰাৱণৰ দ্বাৰা সীতাহৰণ, জটায়ুৰ দ্বাৰা সীতা হৰণৰ সংবাদ লাভ, সুগ্ৰীৱ আদি বানৰগণৰ লগত সম্পৰ্কৰ কথা বর্ণনা কৰা হৈছে; এই কাণ্ডত কন্দলি ৰামায়ণ আৰু মূল সংস্কৃত ৰামায়ণত নথকা কথাও কবিয়ে যোগ দিছে। যেনে- সীতাৰ পাশাখেল, সীতাৰ মায়া অযোধ্যা সৃষ্টি ইত্যাদি। এইবোৰ কথা লোকৰঞ্জনৰ কাৰণে যোগ দিয়া হৈছে।


কিষ্কিন্ধ্যাকাণ্ডৰ প্ৰধান বিষয় হ'ল সুগ্ৰীৱৰ দ্বাৰা ৰামক সীতাৰ অলংকাৰ প্ৰদান আৰু বালীক বধ কৰি সুগ্ৰীৱক ৰাজপদ প্রদান।


সুন্দৰাকাণ্ডত হনুমানৰ যাত্রা, হনুমানৰ সীতা দৰ্শন, মধুবন ধ্বংস, লংকাদাহ, বিভীষণৰ ৰামত শৰণ, সাগৰত সেতু বন্ধনৰ কাহিনী বৰ্ণনা কৰা হৈছে।


লংকাকাণ্ডত ৰাম-ৰাৱণৰ যুদ্ধ, সীতা উদ্ধাৰ, ৰামৰ সীতা ত্যাগৰ ইচ্ছা আৰু সীতাৰ অগ্নি পৰীক্ষা, ৰাম-লক্ষ্মণ আৰু সীতাৰ অযোধ্যালৈ যাত্রাতেই শেষ হৈছে।


উত্তৰাকাণ্ডত ৰামৰ অভিষেক বর্ণোৱা হৈছে। মূল ৰামায়ণত থকাৰ দৰে সীতাৰ বনবাস, ৰামৰ অশ্বমেধ যজ্ঞ, লৱ-কুশৰ কাহিনী বর্ণনা দুর্গাবৰী ৰামায়ণত নাই। মাধৱ কন্দলিৰ ৰামায়ণৰ লংকাকাণ্ডৰ শেষৰ কথাখিনিৰ লগতহে দুর্গাবৰী ৰামায়ণৰ উত্তৰাকাণ্ডৰ কথাৰ কিছু মিল আছে।


দুর্গাবৰে ৰামায়ণ ৰচনাৰ কথাৰ আগতে মাধৱ কন্দলিৰ ৰামায়ণৰ লগত তেওঁৰ পৰিচয় আছিল। মধৱ কন্দলিৰ ৰামায়ণ পদত ৰচিত আৰু দুর্গাবৰী ৰামায়ণ গীত আৰু পদৰ সংযোজন। কিন্তু মাধৱ কন্দলিৰ বহুপদৰ অলপ ইফাল-সিফাল কৰিয়েই গীতি ৰূপত উপস্থাপনৰ চেষ্টা কৰিছে। সেই দৃষ্টিৰে মাধৱ কন্দলিৰ পদূৰামায়ণ দুর্গাবৰৰ ওজাপালি বা গীতৰ সংস্কৰণ বুলিব পাৰি। দুই এঠাইত কন্দলিৰ পদ প্রায় পোনে পোনেই গীত হৈছে।


এইখিনি পদেই প্রমাণ দিয়ে যে মাধৱ কন্দলিৰ ৰামায়ণত পদৰ আধাৰতে দুর্গাবৰে গীতি সংস্কৰণ কৰিছে। গতিকে ৰচনাৰ ক্ষেত্ৰত এনেবোৰ পদত দুর্গাবৰৰ কবি প্রতিভা ফুটি উঠা নাই। সেয়ে হ'লেও লোকসাহিত্য বা লোকগীতৰ ইতিহাসত দুর্গাবৰী ৰামায়ণৰ বিশেষ মূল্য আছে। কিছুমান গীতত কবি প্রতিভাৰ স্বাক্ষৰ আছে।


এনেধৰণৰ গীতত সীতাৰ অনুভৱ সাধাৰণ নাৰীৰ দৰে হৈছে। সীতা মর্ত্যৰ নাৰীৰ সুখ-দুখৰ ঊর্ধ্বৰ নহয়। স্বৰূপাৰ্থত সীতাৰ এনে অনুভৱে ভাবিবলৈ বাধ্য কৰায় দুর্গাবৰী ৰামায়ণত দেৱগুণযুক্ত চৰিত্ৰ মানৱৰ পৰ্যায়লৈ অৱনমিত হৈছে। কেবাঠাইতো দুর্গাবৰী ৰামায়ণ আৰু কৃতিবাসী ৰামায়ণৰ মিল পোৱা যায় বুলি ডঃ মহেশ্বৰ নেওগে মন্তব্য কৰিছে। কোনোৱে দুৰ্গাবৰী ৰামায়ণত নৱবৈষ্ণৱ আন্দোলনৰ প্ৰভাৱ পৰিছে বুলি সন্দেহ কৰে যদিও লৌকিক পৰ্যায়ৰ মহাকাব্যখনত তেনে প্ৰভাৱ নাই। ৰামায়ণ যিহেতু মূলতে বৈষ্ণৱ ভাৱপ্ৰধান কাব্য, গতিকে অনুদিত ৰূপত বা ৰামায়ণৰ বিষয় আধাৰিত ৰচনাত বৈষ্ণৱ ভাৱ ফুটি উঠাটো স্বাভাৱিক কথা।


২। কবি দুর্গাবৰৰ 'মায়া অযোধ্যাৰ সৃষ্টি আৰু চিত্ৰাৱলী চতুৰ্দ্দশীৰ খেলা'ৰ এটি সাধাৰণ আলোচনা আগবঢ়োৱা।


উত্তৰঃ কবি দুর্গাবৰৰ 'মায়া অযোধ্যাৰ সৃষ্টি আৰু চৈত্ৰাৱলী চতুৰ্দ্দশীৰ মোটখেলা' শীর্ষক কবিতাটি এক মনোৰম ৰচনা। কবিতাটি চয়ন কৰা হৈছে 'গীতি ৰামায়ণ' গ্ৰন্থৰ 'অৰণ্য কাণ্ড'ৰ পৰা। 'গীতি ৰামায়ণ' গ্ৰন্থৰ আটাইতকৈ মনোৰম তথা আকর্ষণীয় অংশ হ'ল 'অৰণ্য কাণ্ড'।


কবিতাটিত বর্ণনা কৰা মতে চন্দ্ৰভাগা নদীৰ তীৰত দণ্ডকাৰণ্য। এই দণ্ডকা অৰণ্যত চিত্রকূট পর্বত অতি মনোমোহা আৰু সৌন্দৰ্যৰ আকৰ। পিতৃসত্য পালনৰ অৰ্থে বনবাসী জীৱন কটাব লগীয়া হোৱাত শ্ৰীৰামচন্দ্ৰ তেওঁৰ পত্নী সীতা আৰু ভাতৃ লক্ষ্মণে বনবাসৰ কেইটামান দিন এই চিত্রকূট পৰ্বততে অতিবাহিত কৰিব লগীয়া হৈছিল। চৈত্ৰাৱলী চতুৰ্দ্দশীৰ দিনা ৰামচন্দ্ৰ আৰু সীতাই পাশা খেলি থকা অৱস্থাত ৰামচন্দ্ৰই পুৰণি দিনৰ কথা মনত পেলাই হুমুনিয়াহ কাঢ়িবলৈ ধৰিলে। সীতা দেৱীৰ অন্তৰতো ৰামৰ এনে অৱস্থা দেখি দুখ উথলি উঠিল। তলৰ উদ্ধৃতিৰ জৰিয়তে সেই কথাৰ যথাৰ্থতা প্ৰমাণ কৰিব পাৰি-


"দণ্ডকা অৰণ্য চন্দ্ৰভাগা নদী তীবে। 


ৰহিলা ৰাঘৱ চিত্রকূট গিৰিবৰে।।

…       …            …        … 

…       …            …        … 


গিৰি চিত্ৰকূটৰ গহভৰে লৈলা বাস। 


পাশা খেলাইবাক প্রতি কৰিলা উল্লাস।। 


পাশা খেলাইবাক ৰামৰ পৰিলা মনত। 


খেলা এৰি ৰামচন্দ্ৰে নিশ্বাস কাঢ়ন্ত।।"


চিত্রাৱলী চতুৰ্দ্দশীৰ কামপৰ্ব খেৰি উৎসৱৰ দিনা ৰামৰ অযোধ্যাৰ কথা মনত পৰা আৰু তেওঁৰ মানসিক অৱস্থাৰ কথা জানিব পাৰি সীতাই তেওঁৰ শোকৰ কাৰণ সুধিলে। সহজমনা সীতাই মনতে ভাবিলে যে বনবাসত থকা কালত সীতাৰ ৰূপ সৌন্দর্য কমি গৈছে আৰু সেয়েহে শ্ৰীৰামচন্দ্ৰ চিন্তিত হৈছে। এনে বর্ণনা কবিয়ে কবিতাটিত দাঙি ধৰিছে এইদৰে-


"কিবা মোৰ কুৰূপ দেখিলা কোনো দোষ।


 আমাক যে এতমান কৰা অসন্তোষ।।"


এগৰাকী সাধাৰণ নাৰীয়ে ভবাৰ দৰে সীতাইও নিজৰ ৰূপ সৌন্দৰ্যত কিবা ব্যাঘাত হোৱা বুলি ভাবিছে।


সীতাৰ মনৰ সন্দেহ দূৰ কৰিবলৈ ৰামচন্দ্ৰই ক'লে যে সীতাৰ কোনো দোষ নাই।

সীতা তেওঁৰ দুখৰ কাৰণ নহয়, অযোধ্যা নগৰীৰ কথা মনত পৰিহে তেওঁৰ মন দুখত ভাৰাক্ৰান্ত হৈ পৰিছে। ইন্দ্ৰৰ অমৰাৱতী যেন অযোধ্যা নগৰী, তাৰ ৰাজসিংহাসন, অযোধ্যাৰ পাত্ৰ-মন্ত্রী, হাতী-ঘোঁৰা, সৈন্য-সামন্ত, নগৰৰ নট-নটী, ভাট, বন্ধু-বান্ধর আদি সকলো হেৰুৱাই তেওঁৰ মনত গভীৰ দুখৰ উদ্ৰেক হৈছে। ঐশ্বর্য-বিভূতি, আনন্দ-উল্লাসেৰে তেওঁ অযোধ্যাত বিলাসপূর্ণ জীৱন কটাইছিল। কিন্তু ৰাজসিংহাসনৰ বিপৰীতে আজি তেওঁ গ্রহণ কৰিব লগীয়া হৈছে তৃণৰ শয্যা। স্বৰ্গপুৰীৰ দৰে অযোধ্যা নগৰীৰ ঠাইত দণ্ডকাৰণ্য হৈছে তেওঁৰ বাসস্থান। নানাবিধ ভোগ-সুখৰ পৰিৱৰ্তে কষ্টদায়ক জীৱন, ৰাজকুমাৰ গুচি আজি বনৰ ভিখাৰী হ'ব লগীয়া হৈছে। কপট বিধাতাই তেওঁৰ কপালত কি লিখিছে ৰামচন্দ্ৰইনাজানে। কর্ম দোষৰ কাৰণে আজি তেওঁৰ এনে দশা হৈছে। কবিতাটিত কবিয়ে ৰামচন্দ্ৰৰ মুখেৰে এনেদৰে কোৱাইছে-


"তোমাৰ নিমিত্তে কষ্ট নাই স্বৰূপত।


 ৰাজ্যৰ পৰম চিন্তা পৰিল মনত।।


 নগৰত নৰ-নাৰী নট-নটী ভাট। 


অম্রাৱতী সদৃশ যে অযোধ্যাৰ পট।।


তৃণত শয়ন কৰে এৰি সিংহাসন।


 এবে নিজ গ্রাম ভৈলা দণ্ডকাকানন।।


 অনেক জনমে কৰি আছোঁ ঘোৰ পাপ। 


সি কাৰণে বিধি মোক দিল এত তাপ।।

…       …            …        … 


সৰ্বসুখ পৰিহৰি এবে বনবাসী।


 নাজানো কপট বিধি কি লেখিলা আসি।।"


শ্ৰীৰামচন্দ্ৰৰ গভীৰ মনোবেদনাৰ অন্য এটি কাৰণ হ'ল সেইদিনটো আছিল চ'ত মাহৰ চতুৰ্দশীৰ খেৰিৰ দিন। মদন পূজা অযোধ্যাত অতি আড়ম্বৰেৰে পালন কৰা হয়। অযোধ্যাত থকাহেঁতেন ৰামচন্দ্ৰইও আনন্দ উৎসৱ কৰিলেহেঁতেন। অগৰু, চন্দন আদি সুগন্ধিত দ্রব্যৰে সুবাসিত হৈ সীতাৰ সৈতে আনন্দ উৎসৱৰ মাজেৰে দিনটো অতিবাহিত কৰিলেহেঁতেন। কিন্তু বিধিয়ে তেওঁৰ সকলো আশা ভঙ্গ কৰিছে। কবিতাটিত এনেদৰে উল্লেখ কৰা হৈছে—-


"অগৰু-চন্দন আৰু সুগন্ধি-সুবাস। 


তুমি সঙ্গে বিস্তৰ কৰিলোহন্তে হাস।।


 খেৰিত বিস্তৰ কৰিলোহন্তে বঙ্গ। 


ঈশ্বৰৰ ইচ্ছায়ে কৰিলা আশা ভঙ্গ।।"


শ্ৰীৰামচন্দ্ৰৰ মনত উদ্রেক হোৱা দুখৰ কাৰণ জানিব পাৰি সীতাইও দুখিত হৈ পৰিল আৰু ক'লে যে ইয়াৰ কাৰণে ৰামচন্দ্ৰই অকণো চিন্তা কৰিব নালাগে। সীতাই মায়াৰ বলেৰে অৰণ্যৰ মাজতেই এখন মায়া অযোধ্যাৰ সৃষ্টি কৰিব। তাত পাত্র-মন্ত্রী, হাতী-ঘোঁৰা সকলো থাকিব আৰু সকলোৰে লগত ৰামচন্দ্ৰই আনন্দ উৎসৱত ভাগ ল'ব পাৰিব। বিভিন্ন ধৰণৰ ফুলৰ সৌৰভে সেই ঠাই জাতিষ্কাৰ কৰি তুলিব। কবিতাটিত এনেদৰে বৰ্ণনা কৰা হৈছে-


"স্ৰজিবো অযোধ্যাপুৰী পাত্ৰ-মন্ত্রীগণ।


 এহি থানে দিবো প্রভু কৰা ৰঙ্গ মন।।


 মনসুখে কৰা প্ৰভু মনোহৰ কেলি। 


হৈবেক কুসুম বস্ত্ৰ মহা চিত্ৰাৱলী।।"


সীতাই সেই দণ্ডকা অৰণ্যতে এখন মায়া অযোধ্যা নগৰীৰ সৃষ্টি কৰিলে। অযোধ্যাৰ লেখীয়াকৈ এই অৰণ্যতে নট-নটী, সৈন্য-সামন্তৰে পৰিপূৰ্ণ অযোধ্যা নগৰীৰ ৰাজপ্রাসাদ, মণিযুক্ত সোণৰ স্তম্ভ নিৰ্মাণৰ লগতে বিভিন্ন সুগন্ধিযুক্ত ফুলেৰে জাতিষ্কাৰ হৈ থকা ফুলনি আৰু নানান পশু-পক্ষীৰ সুললিত কণ্ঠৰ ধ্বনিয়ে চৌদিশ মুখৰিত কৰি তুলিলে আৰু সুৰভি শীতল বতাহ ব'বলৈ ধৰিলে। ৰাজঅট্টালিকাৰ লগতে সিংহাসনো সৃষ্টি কৰিলে।

মায়া অযোধ্যাত নট-নটীসকলে নৃত্য-গীত আৰম্ভ কৰিলে। মাধৈ, মালতী, পাৰিজাত, পলাশ আদি নানা তৰহৰ ফুলবোৰ ফুলি মায়া অযোধ্যা নগৰীক আৰু বেছি সৌন্দর্যপূর্ণ কৰি তুলিলে। চৰাই-চিৰিকটিবোৰে মায়া অযোধ্যাৰ ফুলনিত আপোনমনে উৰি সুললিত কণ্ঠেৰে গীত গাবলৈ ধৰিলে। ভোমোৰাবোৰে ফুলৰ ওপৰত পৰি ফুলৰ মৌ চুহি আনন্দত মতলীয়া হৈ পৰিল। তলৰ উদ্ধৃতিৰ জৰিয়তে সেই কথাৰ যথাৰ্যতা প্রতিপন্ন কৰিব পাৰি-


"দণ্ডকা অৰণ্যে দেৱী অযোধ্যা স্ৰজিলা।


 নানা জাতি তৰু ফুল ফল সবে ভৈলা।। 


মালতী মধাই পাৰিজাত যে পলাশ।


 প্রফুল্ল ফুলিতে আছে মলয়াৰ বাস।। 


সুৰভি-শীতল বহে মলয়া পৱন। 


তাহাত ভ্ৰমিয়া ফুৰে যত পক্ষীগণ। 


ভ্ৰমি ভ্ৰমি ভ্ৰমৰা ভুঞ্জয় মধুৰস।


দেখি ৰাঘৱৰ বৰ মিলিলা সন্তোষ।।"


মায়া অযোধ্যা নগৰীৰ এনে সৌন্দর্যপূর্ণ আৰু আনন্দমুখৰ পৰিৱেশ দেখি ৰামচন্দ্ৰৰ মনত পৰম সন্তোষ উপজিল। কেয়ূৰ, কঙ্কন, হাৰ, ঘুগুৰা আদি বিভিন্ন অলংকাৰ আৰু সুন্দৰ বস্ত্ৰ পৰিধান কৰি অগৰু-চন্দনেৰে সুশোভিত হৈ হাতত মোটলৈ প্ৰজাসকলৰ লগত শ্রীৰামচন্দ্ৰই খেলিবলৈ ধৰিলে। সীতা আৰু লক্ষ্মণেও নিজকে সজাই-পৰাই উৎসৱত ভাগ ল'বলৈ সাজু হ'ল। ৰাম, লক্ষ্মণ, সীতা আৰু অযোধ্যাৰ আন আন লোকসকলেও হাতে হাতে মোটলৈ ইজনে সিজনৰ গালৈ পানী ছটিয়াই কামপৰ্ব খেৰি উৎসৱৰ আনন্দ উপভোগ কৰিলে। লাহে লাহে সূর্য অস্ত গ'ল আৰু আনন্দ উৎসৱৰো সমাপ্তি ঘটিল। ৰাম সীতাৰ দৃষ্টিৰ পৰাও মায়া অযোধ্যাৰ চিত্ৰ আঁতৰি গ'ল। কবিতাটিত কবিয়ে এনেদৰে মায়া অযোধ্যাৰ কথা উপস্থাপন কৰিছে-


"পিন্ধিলা নানান বস্ত্র কুসুমালঙ্কাৰ।


মাধঈ মালতী পুষ্প শিৰৰ উপৰ।।


 ছলনা কৰয় তাতে দেখি সুশোভিত। 


অগৰু-চন্দন-গন্ধে আতি সুবাসিত।। 


কঙ্কণ কেয়ূৰ হাৰ ঘুগুৰা পিন্ধিলা। 


অলঙ্কাৰে আপোনাৰ অঙ্ক বিভূষিলা।। 


লক্ষ্মণেও সেইমতে কৰিলন্ত লাস।


সীতায়ো আপুনি কৰিলন্ত লাসভাস।।

…       …            …        … 


দিন অস্তগত যেৱে অৱসান ভৈলা।


খেৰি এৰি ৰাম নিজ আশ্রমক গৈলা।।"


এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে কবি দুর্গাবৰে কম কথাৰ মাজেৰে সূক্ষ্ম ভাবাবেগৰ ইঙ্গিত দিয়াৰ উপৰি গীত-পদৰ বিবিধ সুৰ লয় সম্বলিত আৰু সাৱলীল ভাষাৰ প্রয়োগ কৰি কবি প্রতিভাৰ পৰিচয় দিছে। এনে বর্ণনাৰ জৰিয়তে কবিগৰাকীয়ে শিল্প নৈপুণ্যৰ উজ্জ্বল নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। 'মায়া অযোধ্যাৰ সৃষ্টি আৰু চৈত্রাবলী চতুৰ্দ্দশীৰ মোটখেলা' কবি দুর্গাবৰৰ এক সাৰ্থক সৃষ্টি।


৩। সীতাই কি কাৰণে মায়া অযোধ্যাৰ সৃষ্টি কৰিবলগীয়া হৈছিল? 'মায়া অযোধ্যাৰ সৃষ্টি আৰু চৈত্রাবলী চতুর্দশীৰ খেলা' কবিতাটোৰ পৰা মায়া অযোধ্যাৰ এটি বিৱৰণ দিয়া।


উত্তৰ: পিতৃসত্য পালন কৰি দশৰথৰ পুত্ৰ ৰামে বনলৈ গমন কৰে। তেওঁৰ লগত সীতা আৰু লক্ষণো যায়। তেওঁলোকে গৈ গৈ চিত্রকূট পর্বত পালে। তাত তেওঁলোক কিছুদিন থাকিল। এদিন তাতে ৰামচন্দ্ৰই সীতাৰ লগত পাশাখেল খেলিবলৈ সাজু হ'ল। খেলাৰ আয়োজন কৰাৰ পাছত ৰামৰ মনোভাৱৰ পৰিবৰ্তন হ'ল। তেওঁ যি উদ্যমেৰে খেলা খেলিব খুজিলে সেই উদ্যম নাইকিয়া হ'ল। তেওঁ দুখতে হুমুনিয়াহ কাঢ়িলে। তাকে দেখি সীতাৰো বেয়া লাগিল। ৰামৰ উদ্দেশ্যে তেওঁ ক'লে-


নিশ্বাস দেখিয়া সীতা লগাইলেক মাত 


কেনে তুমি নিশ্বাস তেজাহা ৰঘুনাথ 


কিবা মোৰ কুৰুপ দেখিলা কোনো দোষ

আমাক যে এত মান কৰা অসন্তোষ।


ৰামে তেতিয়া তেওঁৰ মনৰ দুখৰ কাৰণ যে সীতা নহয় তাক বুজাই ক'লে। তেওঁৰ মনোকষ্টৰ উদ্ভৱ হৈছে অযোধ্যাৰ কথা মনত পৰিহে। অযোধ্যাত থকা কালত তেওঁ কেনে ৰাজসুখত আছিল মনৰ আনন্দত দিন কটাইছিল। সোণৰ পালেঙত শয়ন কৰিছিল আৰু বনবাস খাটিবলৈ আহি সোণৰ পালেঙৰ পৰিবৰ্তে তৃণ শয্যাত শুব লগা হৈছে। সিদিনা আছিল চতুর্দশী কামাঠৰ বোধৰ দিন। অযোধ্যাত থকা হ'লে পাত্র-মন্ত্রী আৰু প্রজাবৰ্গৰ লগত আনন্দোৎসৱ কৰিলেহেঁতেন। কিন্তু নিষ্ঠুৰ বিধাতাই আজি তেওঁৰ আশা ভঙ্গ কৰিলে।


ৰামৰ মনৰ দুখ পাতলাবলৈ মায়াৰ বলেৰে সীতাই অৰণ্যৰ মাজতে অযোধ্য নগৰীৰ সৃষ্টি কৰিলে। মায়া অযোধ্যাখন হুবহু অযোধ্যাৰ দৰেই হ'ল। পাত্ৰ-মন্ত্ৰী সকলোৰে সৈতে মায়া অযোধ্যাৰ সৃষ্টি কৰিলে, সুবৰ্ণৰ স্তম্ভৰে শুশোভিত ৰাজপ্রাসাদ তাতে সোণৰ সিংহাসন সমুজ্জল হৈ উঠিল। নর্তকীবোৰে পঞ্চবাদ্য বজাব ধৰিলে। মালতী মধাই, পাৰিজাত আদি ফুল ফুলি উঠিল। সুৰভি শীতল মলয়া বব ধৰিলে। ফুলে ফুলে পখিলা পৰিল আৰু ভোমোৰাই মধুপান কৰিব ধৰিলে -

দণ্ডকা অৰণ্যে দেবী অযোধ্যা স্ৰজিলা


 নানা জাতি তৰু ফুল ফল সবে ভৈলা 


মালতী মধাই পাৰিজাত যে পলাশ 


প্রফুল্ল ফুলিতে আছে মলয়াৰ বাস।


 সুৰভি শীতল বহে মলয়া পবন 


তাহাত ভ্রমিয়া ফুৰে যত পক্ষীগণ।


ইমান হেঁপাহৰ অযোধ্যাখন চকুৰ আগত জিলিকি উঠাত বাম স্বাভাৱিকতে আনন্দিত হ'ল। তেওঁৰ মনত সকলো বিষাদ ভাব আঁতবিল। তেওঁ নানা সাজপাৰ আৰু ৰত্ন অলংকাৰেৰে নিজকে বিভূষিত কৰিলে। লক্ষণ আৰু সীতায়ো নিজক প্ৰস্তুত কৰি লৈ মোট খেলিবলৈ আৰম্ভ কৰিলে।


 লাসভাস কৰিয়া মদনে মোহে মন


 হাতে মোট ধৰিলন্ত শ্রীৰাম লক্ষণ 


সীতায়ো ধৰিলা মোট উত্তম স্বভাব 


অযোধ্যাৰ লোকে মোট লৈলা গাঁৱে গাঁৱে।


বহু সময় মোট খেলাৰ পাছত সূৰুয অস্তমিত হ'ল। তেতিয়া ৰামে মোট খেলা এৰি আশ্রমলৈ গ'ল আৰু দিব্য সিংহাসনত বহি সীতাৰ লগত কেলি কৰি নিজৰ মনোৰথ পূৰ্ণ কৰিলে। ইয়াৰ পাছত যেতিয়া মায়া অযোধ্যা অন্তর্ধান হ'ল তেতিয়া পূব আকাশত প্রকৃত সুৰুযে ভুমুকি মাৰিলে।