অসমীয়া ভাষাৰ ভিন্নতা

প্ৰশ্নোত্তৰঃ 

(১) উপভাষাৰ কি কি হ'ব পাৰে?

উত্তৰঃ উপভাষা বিভিন্ন ধৰণৰ। আঞ্চলিক উপভাষা, স্থানীয় উপভাষা, সামাজিক উপভাষা, নৃগোষ্ঠীয় উপভাষা আদি। 

(২) নৃগোষ্ঠীৰ বুলিলে কি বুজা?

উত্তৰঃ অসমত বাস কৰা জনজাতি সমূহক নৃগোষ্ঠীৰ বুলি কোৱা হয়।

(৩) সামাজিক উপভাষাক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ সামাজিক উপভাষাক দুটা ভাষাত ভাগ কৰিব পাৰি আৰু সেই ভাগ কেইটা হৈছে-

(ক) সামাজিক শ্ৰেণীগত উপভাষা আৰু 

(খ) সামাজিক জাতিগত উপভাষা। 

(৪) আঞ্চলিক উপভাষা বুলিলে কি বুজা?

উত্তৰঃ কোনো এটা ভাষা বিস্তৃত অঞ্চলত বিয়পি পৰাৰ পিছত যিকোনো কাৰণত সেই ভাষা সম্প্ৰদায় এটা অঞ্চলৰ লগত আন এটা অঞ্চল সঘনে মিলামিছা নাথাকিলে একেটা ভাষাৰে কিছুমান ক্ষেত্ৰীয় ৰূপ দেখা দিয়ে। ইয়াকে আঞ্চলিক উপভাষা বুলি কোৱা হয়।

 (৫) স্থানীয় উপভাষা মানে কি?

উত্তৰঃ আঞ্চলিক উপভাষাৰ কিছুমান স্থানীয় ৰূপ আছে, এই ৰূপকে স্থানীয় উপভাষা বুলি কোৱা হয়। 

(৬) সামাজিক উপভাষা বুলিলে কি বুজা?

উত্তৰঃ সামাজিক উপভাষা হৈছে কোনো এটা ভাষা সম্প্ৰদায়ৰ অন্তৰ্গত উপভাষাত সামাজিক স্তৰভেদে পাৰ্থক্য় পৰিলক্ষিত হয়। 

(৭) নৃগোষ্ঠীয় উপভাষা মানে কি?

উত্তৰঃ নৃগোষ্ঠীয় আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত নতুনকৈ গঢ় লোৱা ভাষাকে নৃগোষ্ঠীয় উপভাষা বোলে।

(৮) নৃগোষ্ঠীয় উপভাষাৰ উদাহৰণ দিয়া?

উত্তৰঃ নৃগোষ্ঠীয় উপভাষা যেনে- নাগামিজ, ৰাভামিজ, তিৱা অসমীয়া, মিচিং অসমীয়া আৰু আহোম অসমীয়া ভাষা। 

(৯) ° বাণীকান্ত কাকতীয়ে অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে লিখা গৱেষণা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ° বাণীকান্ত কাকতীয়ে অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে লিখা গৱেষণা গ্ৰন্থখনৰ নাম হৈছে-  Assamese: Its Formation And development'.

(১০) অসমৰ নৃগোষ্ঠীয় উপভাষাক ভাষাবিদ দীপঙ্কৰ মৰলে কি আখ্য়া দিছে?

উত্তৰঃ অসমৰ নৃগোষ্ঠীয় উপভাষাক ভাষাবিদ দীপঙ্কৰ মৰলে 'জনগোষ্ঠীয় অসমীয়া উপভাষা' আখ্য়া দিছে। 

(১১) নামনি অসমৰ দুটা উপভাষাৰ নাম লিখা?

উত্তৰঃ নামনি অসমৰ দুটা উপভাষা নাম হৈছে- (ক) কামৰূপী আৰু (খ) গোৱালপৰীয়া। 

(১২) গোৱালপৰীয়া উপভাষাৰ আঞ্চলিক ৰূপ কেইটা নাম কি?

উত্তৰঃ গোৱালপৰীয়া উপভাষা আঞ্চলিক ৰূপ দুটা আৰু সেই ৰূপ দুটা হৈছে-

(ক) পূৱ গোৱালপৰীয়া আৰু (খ) পশ্চিম গোৱালপৰীয়া। 

(১৩) কামৰূপী উপভাষাৰ দুটা স্থানীয় উপভাষাৰ নাম লিখা?

উত্তৰঃ কামৰূপী উপভাষাৰ দুটা স্থানীয় উপভাষা হৈছে (ক) বৰপেটীয়া আৰু (খ) নলবৰীয়া।

(১৪) অসমীয়া আঞ্চলিক উপভাষাৰ বিষয়ে বহলাই লিখা?

উত্তৰঃ এটা অঞ্চলৰ কওঁতাসকলে সাধাৰণতে একে ধৰণৰ ধ্বনি উচ্চাৰণ কৰে, কেতিয়াবা একে শব্দ প্ৰয়োগ কৰে আৰু কেতিয়াবা সুৰ একে হয়। কিন্তু আন এটা অঞ্চলৰ কওঁতাসকলে কিছুমান বেলেগ শব্দ প্ৰয়োগ কৰে এই ভিন্নতা ভৌগোলিক দূৰত্ব অনুযায়ী বাঢ়ি যায়। অঞ্চল অনুযায়ী হোৱা এই কথিত ৰূপক আঞ্চলিক উপভাষা বুলি কোৱা হয়। 

    অসমীয়া ভাষাৰ আঞ্চলিক ৰূপৰ বিষয়ে ড° বাণীকান্ত কাকতিয়ে 'Assamese: Its Formation and development'. গ্ৰন্থত তেওঁ অসমীয়া ভাষাক দুটা প্ৰধান ভাগত ভাগ কৰিছে আৰু সেই ভাগ কেইটা হৈছে- (ক) পূৰ্ৱৰ অসমীয়া আৰু (খ)পশ্চিমৰ অসমীয়া।

° উপেন্দ্ৰনাথ গোস্বামীয়ে নামনি উপভাষাটোক কামৰূপী আৰু গোৱালপৰীয়া এই দুটা ভাগত ভাগ কৰিছে। 

গোৱালপৰীয়া উপভাষাৰ পূৱ গোৱালপৰীয়া, পশ্চিম গোৱালপৰীয়া এই দুটা আঞ্চলিক ৰূপ পোৱা যায়। পূৱ গোৱালপৰীয়া উপভাষাই ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ বিলাসীপাৰাৰ পৰা আৰম্ভ কৰি বিজনীলৈকে বিস্তৃত আৰু দক্ষিণপাৰৰ ভাষাৰূপটোৱে লক্ষীমপুৰৰ পৰা আৰম্ভ কৰি দুধনৈলৈকে বিয়পি আছে।  

(১৫) অসমীয়া ভাষাৰ সামাজিক উপভাষা সম্পৰ্কে লিখা।

উত্তৰঃ সামাজিক বাধা দূৰত্বই ভাষাত সৃষ্টি কৰা ব্য়ৱধানৰ ফলত সামাজিক উপভাষাৰ সৃষ্টি হয়। এই ভাষাৰ অন্তৰ্গত এটা দল যেতিয়া একে দৰে সামাজিক বান্ধোনেৰে বান্ধ খাই থাকে তেতিয়াই সামাজিক উপভাষাৰ সৃষ্টি হয়। সমাজত বাস কৰা মানুহৰ বিভিন্ন শ্ৰেণী, জাতি, বৰ্ণ, জীৱিকা আৰু ধৰ্ম অনুসৰি ভাষাৰ বিভিন্নতা গঢ় লৈ উঠে লগতে ভাষাই সুকীয়া ৰূপ লাভ কৰে। সামাজিক উপভাষা দুটা ভাগত ভাগ কৰা হয় আৰু সেই ভাগ দুটা হৈছে-

    (ক) সামাজিক শ্ৰেণীগত উপভাষা আৰু (খ) সামাজিক জাতিগত উপভাষা। 

আৰ্থিক অৱস্থাৰ ওপৰত ভিত্তি কৰি সৃষ্টি হোৱা সামাজিক উপভাষাকে সামাজিক শ্ৰেণীগত উপভাষা বুলি কোৱা হয়। শিক্ষিত আৰু অশিক্ষিত লোকৰ মাজত ভাষাৰ ভিন্নতা দেখিবলৈ পোৱা যায়। অসমীয়া সমাজটো দুটা শ্ৰেণীগত উপভাষাৰ দেখা যায় আৰু সেই দুটা হৈছে-

    (ক) মধ্য়বিত্ত শ্ৰেণী আৰু (খ) নিম্ন শ্ৰেণী। 

জাতি আৰু বৰ্ণ অনুসৰি সমাজত ভাষাৰ বিভিন্নতা পৰিলক্ষিত হয়। কোনো এখন সমাজত যেতিয়া বৰ্ণ বৈষম্য় অধিক হয়, তেতিয়াই  বিভিন্ন বৰ্ণ লোকৰ ভাষা মাজত কিছুমান সুকীয়া ৰূপ সৃষ্টি হয়। একে অসমীয়া হ'লেও হিন্দু আৰু মুছলমান মানুহৰ ভাষাত পাৰ্থক্য় দেখা যায়।     এনেদৰে সামাজিক কাৰণত সৃষ্টি হোৱা উপভাষাই অসমীয়া ভাষাৰ উপভাষাত যথেষ্ট অৰিহণা যোগাইছে।  

(১৬) সামাজিক শ্ৰেণীগত উপভাষা আৰু জাতিগত উপভাষাৰ মাজৰ পাৰ্থক্য় উল্লেখ কৰা?

উত্তৰঃ সামাজিক শ্ৰেণীগত উপভাষা আৰু জাতিগত উপভাষাৰ মাজৰ পাৰ্থক্য় তলত উল্লেখ কৰা হ'ল-

 (ক) সামাজিক শ্ৰেণীগত উপভাষা কৰ্ম ভিত্তিক। আনহাতে, সামাজিক জাতিগত জন্মগত। 

(খ) সামাজিক শ্ৰেণীগত কৰ্মভিত্তিক হোৱা বাবে উপভাষা পৰিৱৰ্তনীয়। আনহাতে, সামাজিক জাতিগত উপভাষা সাধাৰণতে অপৰিৱৰ্তনীয়। 

(গ) সামাজিক শ্ৰেণীগত উপভাষাৰ বিভিন্নতা । আনহাতে সামাজিক জাতিগত উপভাষাৰ বিভিন্নতাতকৈ কম। 

(১৭) নৃগোষ্ঠীয় উপভাষা বুলিলে কি বুজা? নৃগোষ্ঠীয় উপভাষাটো কি কি ৰূপত পোৱা যায়?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব বহু শতিকাৰ আগৰে পৰা অসমলৈ অষ্ট্ৰেলীয়া, আলপাইন, মংগোলীয়, পাঠান আৰু দ্ৰাবিড় আদি বিভিন্ন মানৱগোষ্ঠীৰ আগমন ঘটিছিল। এই নৃগোষ্ঠীৰসমূহে অসমীয়া জাতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। লগতে অসমীয়া ভাষিক ক্ষেত্ৰখনলৈয়ো বিশেষ অৱদান আগবঢ়াইছে। অসমৰ নৃগোষ্ঠীসমূহৰ প্ৰত্য়েকৰে নিজা ভাষা আছে যদিও তেওঁলোকে প্ৰয়োজনৰ তাগিদাত অসমীয়া ভাষাৰ গ্ৰহণ কৰি দ্বিভাষী হৈ পৰিছে। তেওঁলোকে অসমীয়া ভাষা আশ্ৰয় লয়। কাৰণ এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীৰ লগত ভাবৰ আদান-প্ৰদান কৰিব বাবে। ভৈয়ামত বাস কৰা জনগোষ্ঠীয়ে তেওঁলোকৰ নিজৰ ভাষাৰ এৰি অসমীয়া ভাষাকে মাতৃভাষাৰূপে গ্ৰহণ কৰিছে। তেওঁলোকে ব্য়ৱহাৰ কৰা অসমীয়া ভাষাটোত মূল ভাষাটোৰ পৰা ভালেমান ভাষাগত বৈশিষ্ট্য় অসমীয়া ভাষাত সোমাই একোটা নতুন ৰূপ সৃষ্টি হৈছে। এনেদৰে নতুনকৈ গঢ় লোৱা ভাষাটোকে অসমীয়া নৃগোষ্ঠীৰ উপভাষা বুলি কোৱা হয়। 

    অসমীয়া ভাষাত সৃষ্টি হোৱা নৃগোষ্ঠীয় সমূহক এনেদৰে ভাগ কৰা হয়।

ৰাভা অসমীয়া, আহোম অসমীয়া,দেউৰী অসমীয়া, মিচিং অসমীয়া, কাৰ্বি অসমীয়া, হাজং অসমীয়া, বাগানীয়া অসমীয়া, সোণোৱাল কছাৰীসকলৰ কথিত অসমীয়া, ৰাজবংশী অসমীয়া আৰু বিষ্ণুপুৰীয়া অসমীয়া ইত্য়াদি। এইবোৰ নৃগোষ্ঠীয় ৰূপে অসমীয়া ভাষাটোক আন ভাষাতকৈ পৃথক আৰু সুকীয়া ৰূপত আত্মপ্ৰকাশ কৰিছে। 

(১৮) কামৰূপী উপভাষা আঞ্চলিক উপভাষাসমূহৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ অসমীয়া ভাষাৰ প্ৰধানকৈ দুটা উপভাষা আছে আৰু সেই উপভাষা কেইটা হৈছে 

(ক) উজনি উপভাষা আৰু (খ) নামনি উপভাষা। 

    অসমৰ নামনি অঞ্চলৰ দুটা উপভাষিক ৰূপৰ এটা বিশিষ্ট ৰূপ হ'ল কামৰূপী উপভাষা। মান্য় অসমীয়া সৈতে কামৰূপী উপভাষাৰ যথেষ্ট পাৰ্থক্য় আছে। মধ্য়যুগৰ পিছৰ সময়ত কামৰূপী ভাষা লাহে লাহে পূৱ অসমলৈ বিস্তাৰিত হয়। শ্ৰীমন্ত শংকৰদেৱ প্ৰমূখ্য়ে আন বৈষ্ণৱ কবিসকলে কামৰূপী ভাষাত সাহিত্য় ৰচনা কৰিছিল। ১৮৭৩ খ্ৰীষ্টাব্দত ব্ৰিটিছসকলে শিৱসাগৰীয় কথিত ভাষাক মান্য় ভাষাৰ মৰ্য্য়দা প্ৰদান কৰে, আৰু কামৰূপী ভাষা উপভাষাত পৰিণত হয়। কামৰূপী উপভাষাৰ নিদৰ্শন 'চৰ্যাপদ', 'প্ৰহ্লাদ চৰিত', ' অশ্বমেধ পৰ্ব', 'জয়দ্ৰথ বধ', ড° মামনি ৰয়ছম গোস্বামীৰ, 'বেহুলা উপখ্য়ান', আৰু 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' আদিত পোৱা যায়। 

    বিভিন্ন ভাষাবিদে কামৰূপী উপভাষাক ভিন ভিন ভাগত ভাগ কৰিছে। ড° উপেন্দ্ৰ নাথ গোস্বামীয়ে কামৰূপী উপভাষাক তিনি ধৰণে ভাগ কৰিছে। 

(ক) পশ্চিম কামৰূপীঃ পাটবাউসী, সুন্দৰীদিয়া আৰু ভৱানীপুৰ আদি কথিত ভাষা। 

(খ) দক্ষিণ কামৰূপীঃ পলাশবাৰী, বকো আৰু ছয়গাঁও আদি ঠাইৰ কথিত ভাষা।

(গ) মধ্য় কামৰূপীঃ নলবাৰী লগতে ইয়াৰ ওচৰ-পাঁজৰৰ কথিত ভাষা। 

° ৰমেশ পাঠকে কামৰূপী উপভাষাক পাঁচটা ভাগত ভাগ কৰিছে আৰু সেই ভাগকেইটা হৈছে- (ক) বৰপেটীয়া, পাতিদৰঙীয়া, গুৱাহাটীয়া, নলবৰীয়া আৰু ছয়গঞা। 

    উত্তৰ কামৰূপ আৰু দক্ষিণ কামৰূপৰ মাজত বিশাল ব্ৰহ্মপুত্ৰ নদীয়ে দুই পাৰৰ অঞ্চলৰ লোকক অতীজৰে পৰা বিচ্ছিন্ন কৰি ৰাখিছে। উত্তৰ-পশ্চিম অঞ্চলৰ বৰপেটীয়া স্থানীয় ৰূপৰ ভাষিক সুৰ বিশেষ লক্ষণীয়। ৰঙিয়া, ছয়গাঁও, পাতিদৰং আদি স্থানীয় ৰূপত বড়ো, কছাৰী ৰাভা আদি জনজাতি সুৰ পোৱা যায়। 

(১৯) উজনি অসমৰ উপভাষা সমূহৰ বিষয়ে লিখা।

উত্তৰঃ উজনি অসমৰ উপভাষা হৈছে অসমীয়া ভাষাৰ এটা বিশিষ্ট উপভাষা। লখিমপুৰ আৰু ধেমাজি পৰা আৰম্ভ কৰি যোৰহাট আৰু শিৱসাগৰ লৈ বিস্তৃত অঞ্চলৰ কথিত ভাষাই উজনিৰ উপভাষা। উজনি উপভাষা মাৰ্জিত ৰূপটোৱেই হৈছে মান্য় ভাষা। উজনিৰ উপভাষা মানেই মাৰ্জিত ভাষাৰ নহয়। কাৰণ মান্য় ভাষাৰ লগত উজনিৰ সকলো অঞ্চলৰ ভাষা নিমিলে। মান্য় অসমীয়া ভাষা ৰূপটো শিৱসাগৰ ৰূপটো সৈতে মিল আছে।

     উজনি অসমৰ বিভিন্ন জনজাতিৰে ভৰপূৰ, এই জনজাতিসমূহৰ ভাষিক বৈশিষ্ট অসমীয়া ভাষাত সোমাই পৰিছে। উজনি অসমৰ এটা আঞ্চলিক উপভাষা হ'ল- ডিব্ৰুগড় আঞ্চলৰ কথিত ভাষা। উজনি অসমৰ উপভাষাৰ স্বকীয় বৈশিষ্ট্য় সমূহ হৈছে-

(ক) বহুসময়ত শব্দৰ মাজত বা শেষত থকা 'ৰ' ধ্বনি উচ্চাৰিত নহয়। যেনে- গৰম- গঅম।

(খ) শব্দৰ মধ্য়স্থানৰ 'ও' ধ্বনি 'উ' ৰূপে উচ্চাৰিত হয়। যেনে- যোৰহাট-যুৰহাট। 

(গ) ক্ৰিয়া বিশেষণত অমিল দেখা যায়। যেনে- সেইদৰে- সেইগতে। 

    উজনি অসমৰ আঞ্চলিক উপভাষাসমূহ মান্য় ভাষাৰ সৈতে যথেষ্ট সাদৃশ্য় আছে। 

(২০) অসমৰ নৃগোষ্ঠীয় উপভাষা সমূহৰ বিষয়ে চমুকৈ লিখা?

উত্তৰঃ অসমত প্ৰধানকৈ অষ্ট্ৰেলীয়া, মংগোলীয়,ককেচীয় আৰু নেগ্ৰিটো এই চাৰিটা প্ৰধান নৃগোষ্ঠীয় প্ৰজাতিৰ লোক পোৱা যায়। ইয়াৰে অধিকাংশই হৈছে মংগোলীয় প্ৰজাতিৰ লোক। নৃগোষ্ঠীয় উপভাষাৰ কম-বেছি পৰিমাণে দুই এটা ভাষাৰ ৰূপ সাঙোৰ খাই থাকে। বৰ্তমান সময়ত অসমত প্ৰচলিত আহোমসকলৰ লগত অসমীয়াৰ বিভিন্ন নৃগোষ্ঠীয় উপভাষা দেউৰী, ৰাভা, মিছিং, মৰাণ, খামতি আৰু তিৱা আদিৰ কথিত অসমীয়া ৰূপত প্ৰৱৰ্তি আছে। অসমীয়া নৃগোষ্ঠীয় উপভাষা সমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

    (ক) তিৱা অসমীয়াঃ তিৱা বা লালুং সকল অসমৰ বিশেষকৈ মৰিগাঁও আৰু আৰু ইয়াৰ দাঁতিকাষৰীয়া কামৰূপ, নগাঁও আৰু কাৰ্বি আংলং জিলাত বসবাস কৰি আছে। তিৱা জনগোষ্ঠীৰ দুটা ফৈদ পোৱা যায় আৰু সেই কেইটা হৈছে- পাহাৰীয়া আৰু ভৈয়ামৰ। ভৈয়ামৰ তিৱাসকলে নিজৰ মূল তিব্বত বৰ্মী ভাষাটো পাহৰি তাৰ পৰিৱৰ্তে অসমীয়া ভাষাৰ এটা নৃগোষ্ঠীয় ৰূপেৰে দৈনন্দিন জীৱনত প্ৰয়োগ কৰি আহিছে। 

    তিৱাসকলৰ ভাষা নিজস্ব বৈশিষ্ট্য়ৰে পৰিপূৰ্ণ। যেনে ধ্বনি এটা স্বৰৰ পৰিৱৰ্তে অন্য় এটা স্বৰৰ প্ৰয়োগ- গৰৈ>গৰাই, বিজুলি>বিজিলি, আৰু কাৱৈ>কৱেই। 

    উচ্চ স্তৰৰ প্ৰৱণতা। যেনে- মোৰ>মুৰ, মনি>মুনি।

    (খ) আহোমসকলৰ অসমীয়াঃ ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ আহোমসকল আগমন ঘটিছিল। পূৰ্বতে তেওঁলোকে টাইমূৰীয়া ভাষাৰে দৈনন্দিন জীৱনত বাক বিনিময় কৰিছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত অসমীয়া ভাষাই ৰাজকীয় মৰ্য্য়দা লাভ কৰিছিল। সেই সময়ত অসমলৈ আগমন ঘটা টাই-আহোমভাষী লোকসকল অসমীয়া ভাষী হ'বলৈ ধৰে। ড° লীলাগগৈয়ে মন্তব্য় কৰিছে যে- "পুৰণি বুৰঞ্জীৰ পাতত পোৱা কিছুমান বাক্য় ঠাঁচ আহোম ভাষাৰ গদ্য়ৰ, অনুৰূপ যেনে- ৰাজপাটে খালে, ৰাজ্য় মাৰিলে। 

    (গ) সোণোৱাল কছাৰীৰ কথিত উপভাষাঃ মংগোলীয় মূলৰ তিব্বত-বৰ্মী ভাষা পৰিয়ালৰ বড়ো কছাৰী সকলৰ ওচৰ সম্বন্ধীয় জনগোষ্ঠীটোৱে হ'ল সোণোৱাল কছাৰী। সোণ কমোৱা শদিয়াল কছাৰীসকলে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি সোণোৱাল উপাধি গ্ৰহণ কৰে। তেওঁলোকৰ ভাষাৰ দেউৰী-চুতীয়া ভাষাৰ সৈতে মিল আছিল। বৰ্তমান এই ভাষাৰ বিলুপ্ত হৈছে। সোণোৱাল কছাৰী সকলৰ মূখে মূখে প্ৰচলিত হৈ অহা কথিত ভাষাত হাইদাং গীত, বহুৱা নৃত্য়ৰ গীত, হগ্ৰা নৃত্য়ৰ গীত, হুঁচৰি আদিত তেওঁলোকৰ প্ৰাচীন ভাষাৰ নমুনা প্ৰচলিত হৈ আছে। 

    (ঘ) মিছিং অসমীয়াঃ উত্তৰ পূৱ সীমান্ত অঞ্চলৰ পৰা চামে চামে বুৰঞ্জীয়ে ঢুকী পোৱা কাললৈকে নামি আহি উজনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্য়কাৰ দুই পাৰে আৰু বৃহত্তৰ নদীদ্বীপ মাজুলিক কেন্দ্ৰ কৰি সংখ্য়া গৰিষ্ঠভাৱে বসবাস কৰি আহিছে। ইয়াৰে কিছুমান ফৈদে অসমীয়া ভাষাকে মাতৃভাষা হিচাপে গ্ৰহণ কৰি বিশেষকৈ চুতীয়া, আহোম আদি জনগোষ্ঠীৰ লোকৰ সৈতে বৈবাহিক আৰু ৰাজনৈতিক দিশত পৰস্পৰে বান্ধ খাই। ইয়াৰ উপৰিও ৰাজবংশী, হাজং, কছাৰী আৰু বিষ্ণুপুৰীয়া আদি নিজৰ উপভাষাসমূহে অসমীয়া ভাষাক চহকী কৰি তুলিছে। 

    (ঙ) ৰাভামিজঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন ঠাইত সিচঁৰিত হৈ থকা ৰাভাসকলৰ পাতি, টোটলা, দাহৰি, বিটলীয়া আৰু হানা আদি ফৈদে ৰাভা ভাষা পাহৰি অসমীয়া ভাষাৰ ব্য়ৱহাৰ কৰিছে। ইয়াত ৰাভা ভাষা নিজস্ব বৈশিষ্ট্য় সোমাই আছে। ৰাভামিজ হৈছে ৰাভা সম্প্ৰদায়ে ব্য়ৱহাৰ কৰা এটা নিজস্ব কথনভংগীৰ গোৱালপৰীয়া উপভাষাৰ অন্তৰ্গত সুকীয়া উপভাষা।

(২১) সাম্প্ৰতিক অসমীয়া ভাষাত আৰ্য ভাষাৰ কি কি উপাদান দেখিবলৈ পোৱা যায় তাৰ এটি চমু আলোচনা আগবঢ়োৱা। 

অথবা

সাম্প্ৰতিক অসমীয়া ভাষাত আন আন আৰ্য ভাষাৰ শব্দৰ প্ৰভাৱ কেনেদৰে পৰিছে লিখা?

উত্তৰঃ খ্ৰীষ্টীয় দশম-একাদশ শতিকাতে অসমীয়া ভাষাৰ জন্ম হয়। সেই সময়ৰ পৰা আজিৰ অৱস্থা পাওঁতে অসমীয়া ভাষাই বিভিন্ন ধ্বনিতাত্ত্বিক  আৰু ৰূপতাত্ত্বিক পৰিৱৰ্তন বহন কৰিছে। যিবোৰ আধুনিক অসমীয়া ভাষাৰ শব্দৰভঁৰাল চহকী কৰি তুলিছে। যিবোৰ শব্দ সংস্কৃতৰ পৰা লোৱা হৈছে আৰু অবিকৃত ৰূপত ব্য়ৱহাৰ হৈছে তেনে শব্দক তৎসম শব্দ বোলে। তৎসম মানে হৈছে সংস্কৃতৰ সমান। অসমীয়া ভাষাত ব্য়ৱহৃত কেতবোৰ সংস্কৃতমূলীয় শব্দ যেনে- ধৰ্ম, কৰ্ম, আকাশ, সূৰ্য-চন্দ্ৰ, গগণ, অণু, চৰ্ক আৰু অজ্ঞ। 

    আনহাতে সাধাৰণ ধ্বনি পৰিৱৰ্তন হৈ অহা শব্দবোৰ হৈছে অৰ্দ্ধ তৎসম। অৰ্ধতৎসম বুলিলে সচৰাচৰ ভকতি<ভক্তি, মুকুতি<মুক্তি, পদুম<পদ্ম আদি শব্দক বুজোৱা হয়। অসমীয়াত তৎসম শব্দ নিচেই তাকৰ তাৰ তুলনাত অৰ্ধতৎসম শব্দৰ সংখ্য়া কিছু বেছি। আটাইতকৈ বেছি সংখ্য়াৰ শব্দ হৈছে তৎদ্ভৱ শব্দ আৰু সেই সমূহ হৈছে-

প্ৰা. ভা. আ    থ. ভা. আ.       আধুনিক অস.

  পৰ্ণ               পন্ন                   পাণ

  হস্তী             হত্থী                    হাতী

  কৰ্ণ              কণ্ণ                     কাণ 

নব্য় ভাৰতীয় আন আন আৰ্য ভাষাৰ ভিতৰত বাংলা ভাষা শব্দ, মাৰাঠী, হিন্দু ভাষাৰ শব্দ আৰু গুজৰাটী আদি ভাষাৰ শব্দ অসমীয়া ভাষাত স্থান লাভ কৰিছে এনে শব্দসমূহৰ ভিতৰত হৈছে-

    বাংলা ভাষা শব্দঃ অসমীয়া ভাষা সুকীয়া হ'লেও লিখক সকল বাংলা ভাষাৰ প্ৰভাৱৰ পৰা মুক্ত নাছিল। অসমীয়া সাহিত্য়ত নোহোৱা চুটিগল্প, গীতি কবিতা, উপন্য়াস আদি নতুন আংগিকৰ সাহিত্য় ৰচনা কৰিবলগীয়া হোৱাত সেই ভাষাৰ শব্দ অসমীয়াত সোমোৱাইছিল। 

হিন্দী ভাষাৰ শব্দঃ হিন্দী কথাছবিৰ সৰ্বাত্মক প্ৰভাৱৰ ফলতো বহুতো হিন্দী শব্দ অসমীয়া ভাষাত  সোমাইছে। যেনে- কেঁচা, ঠিকা, ডকাইত, পাংখা, ঠাণ্ডা, জোতা, গোল, বাতছা আদি। তদুপৰি ইংৰাজ 'হটাও' আন্দোলনৰ সময়ত অসমীয়া মানুহে খাদী'ৰ টুপী, ধুতী, পাঞ্জাৱী পিন্ধা হ'ল। 

মাৰাঠী শব্দঃ মাৰাঠী শব্দৰ ভিতৰত বৰঙণি, জকৰা, খক, খাবনি আদি। অসমীয়া ভাষাক সমৃদ্ধ কৰি তুলিছে আৰ্যমূলীয়া ভাষাই। কিন্তু অসমীয়া শব্দৰ ভঁৰালক অধিক চহকী কৰি তুলিছে অনাৰ্যমূলীয় বিভিন্ন ভাষাৰ শব্দই। 

(২২) বিশ্বায়নৰ প্ৰভাৱত সাম্প্ৰতিক অসমীয়া ভাষাৰ কেনেধৰণৰ পৰিৱৰ্তন হোৱা দেখা যায়, আলোচনা কৰা।

অথবা

সাম্প্ৰতিক অসমীয়া ভাষাত বিশ্বায়নৰ প্ৰভাৱ সম্পৰ্কে লিখা। 

উত্তৰঃ সাম্প্ৰতিক অসমীয়া ভাষাত বিশ্বায়নৰ প্ৰভাৱৰ সম্পৰ্কে তলত আলোচনা কৰা হ'ল-

    ১৯৯০ চনৰ পৰা উদাৰীকৰণ, ব্য়ক্তিগতকৰণ আৰু বিশ্বায়নৰ নীতিয়ে প্ৰবল ৰূপ ধাৰণ কৰিছিল। আমাৰ দেশত শিক্ষা ব্য়ৱস্থা, ভাষা-সংস্কৃতি সকলোতে উদাৰীকৰণ আৰু ব্য়ক্তিগতকৰণৰ প্ৰত্য়ক্ষ প্ৰভাৱ অন্তভূক্ত হৈছে। পোন প্ৰথমবাৰৰ বাবে ১৯৭০ চনত আমেৰিকাত ভাষা বিভ্ৰাটে দেখা দিয়ে। সেই সময়ৰ পৰা অনমনীয় ৰূপত নীতিসমূহ শিথিল কৰি দিয়া হয়। ১৯৯০ চনৰ পৰা অন্ধভাৱে অনুসৰণ কৰি ভালপোৱা ভাৰতেও 'পশ্চিমৰ মাত্ৰাই ভাল' এই ধাৰণাৰ বশৱতী হৈ ভাষাৰ ক্ষেত্ৰতো অলিখিত নমনীয়া নীতি গ্ৰহণ কৰে। ইয়াৰ পিছৰে পৰা প্ৰান্তীয় ভাষাসমূহলৈকে এই ব্য়াধিয়ে মহামাৰী ৰূপ ধাৰণ কৰে আৰু নিজে প্ৰকাশিত কালিকা আৰু শক্তিক আঘাত হানিবলৈ ধৰে। বৰ্তমান সময়ত বিশ্বায়নৰ প্ৰভাৱত সাম্প্ৰতিক অসমীয়া ভাষাটোৰ যথেষ্ট পৰিৱৰ্তন হয়। 

  ধ্বনিতাত্ত্বিক বৈশিষ্ট্য়ঃ

 ১। অসমীয়া নিভাঁজ উচ্চাৰণৰ ৰীতি প্ৰায় নুশুনা হৈছে। যেনে-

    পূৰ্বৰ উচ্চাৰণ    সাম্প্ৰতিক উচ্চাৰণ 

   শৰ্মা /Xarma/            /Sarme/

   শইকীয়া /Xaikiya/    /Saikiya-Seikiya/

   বিকাশ /Bikex/           /Bikas/

২। নিভাঁজ অসমীয়া উচ্চাৰণৰ মতে দুটা আ-আ ধ্বনি ওচৰা-ওচৰিকৈ উচ্চাৰিত নহয়। ইয়াৰ বাবে আগৰ স্থানৰ আ,এ বা অ লৈ ৰূপান্তৰিত হয়। সাম্প্ৰতিক কালৰ অসমীয়াত এই নিয়ম স্বাভাৱিকতে পৰিলক্ষিত নহয়। যেনে- পাঠা (পঠা), চাকা(চকা) হাজাৰ(হেজাৰ) ইত্য়াদি। 

৩। যুক্তাক্ষৰ নথকা শব্দতো যুক্তাক্ষৰ প্ৰয়োগ হৈছে আৰু বঙলুৱা উচ্চাৰণ অনুযায়ী চ/s/,ঝ /zh/ আদি তালব্য় ধ্বনিৰ প্ৰয়োগ বাঢ়িছে। যেনে- ইম্মান (ইমান) বহহুত(বহুত), চ্চুপ (চুপ) আদি। 

ৰূপতাত্ত্বিক বৈশিষ্ট্য়ঃ

১। অসমীয়া নিৰ্দেশবোধক মান্য়ৰ্থক তেখেত, এখেত আদি তৰূপৰ ব্য়ৱহাৰ নোহোৱা হৈছে। ক'লৈ, কে'লৈ, কাহানি, তাহানি আদিৰ প্ৰয়োগ সলনি হৈ। যথাক্ৰমে ক'ত, কিয়, কেতিয়া, যেনেকৈ/যেনকা আদি বহল ৰূপত ব্য়ৱহাৰ হব'লৈ ধৰিছে। 

২। কৰ্মকাৰকৰ- অক/-ক বিভক্তিৰো প্ৰয়োগ প্ৰায় উঠি গৈছে। যেনে- পুলিচ (অক) দেখাৰ লগে লগে সকলো ভাগিল। 

৩। অধিকৰণ কাৰকৰ -প্ৰ প্ৰত্য়য় বা কৈ/ক পৰসৰ্গযোগে গঠিত দ্বিৰুক্তিবাচক ক্ৰিয়া বিশেষণৰ পৰিৱৰ্তে পৰসৰ্গ অবিহনে বৰ্তমান এই ভাৱ বুজোৱা হয়। যেনে- বাৰ-বাৰ (বাৰে-বাৰে), দিন-ৰাত (দিনে-ৰাতি) যেন-তেন (যেনে-তেনে)। 

(২৩) সাম্প্ৰতিক অসমীয়া ভাষাত আৰ্য্য় ভিন্ন ভাষাৰ উপাদান সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ উত্তৰ-পূৱ ভাৰতৰ অন্তৰ্গত অসম এখন বহুভাষিক ৰাজ্য়। প্ৰাগ ঐতিহাসিক কালৰে পৰা অসমলৈ বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ প্ৰব্ৰজন হৈছিল। সেই সময়ৰ পৰাই অসমলৈ চামে চামে মানুহ প্ৰব্ৰজন হৈ আছে। 

    ভাষাক সাধাৰণতে নৈ লগত তুলনা কৰা হয়। এখন নদীত সাধাৰণতে এটা মূল প্ৰভাৱ থাকে। কেতিয়াবা নদীৰ গতিও আনফালে ঢাল খায়। অসমীয়া ভাষাটো একে লক্ষণ দেখা যায়। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো হৈছে আৰ্যভাষাৰ সুঁতি। তাত বহুতো অনা আৰ্য ভাষাৰ উপসুঁতি লগ হৈ ভাষাৰ ৰূপটোকে সলনি কৰি পেলাইছে। 

ধ্বনিগত প্ৰভাৱঃ প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ পৰা মধ্য় ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হোৱা ফলত আন আন  অনা আৰ্য ভাষাৰ প্ৰভাৱ পৰি অসমীয়া ভাষাই পৈতৃক বৈশিষ্ট্য় বহু পৰিমাণে পৰিহাৰ কৰিছে। হিন্দী, মাৰাঠী আৰু বঙলা আদি ভাষাতো পাৰ্থক্য় আছে। অসমীয়া মান্য়ভাষা আৰু কামৰূপী দুয়োটা ভাষাতে দন্ত্য়মূলীয় ধ্বনি শুনা যায়। যেনে- 'টান' আৰু 'তান' এই শব্দ দুটা অৰ্থ ফালৰ পৰা বেলেগ হ'লেও উচ্চাৰণৰ ক্ষেত্ৰত একে। বৰ্ণমালাত 'ছাত্ৰ' লেখিলেও উচ্চাৰণ কৰোতে 'চাত্ৰ' বুলি কোৱা হয়। 

    স্বৰসঙ্গতি, অপিনিহিতি, স্বৰাগম আৰু অভিশ্ৰুতি আদি তাত্ত্বিক ধ্বনি বিচিত্ৰতাৰ মূলতে হৈছে অসমীয়া মানুহৰ জিভাৰ অলসতা, ভৌগোলিক আৰু নৃতাত্ত্বিক কাৰণত কিবা এক সমাহাৰ। নামনি অসমৰ অসমীয়া ভাষাত শ্বাসাঘাত প্ৰথম অক্ষৰত পৰে। ড° কাকতিদেৱে বঙলা ভাষাৰ লগত এই বিষয়ত সামান্য় প্ৰভেদ দেখুৱাইছে। 

ৰূপগত প্ৰভাৱঃ অসমীয়া ভাষাৰ ৰূপগত তথা গঠনমূলক বিষয়ত অসমৰ আৰ্য ভিন্ন ভাষা-উপভাষাই প্ৰভাৱ বিস্তাৰ কৰিছে। (টা, জনা, জনী, ডাল ) হিন্দী, সংস্কৃত ৰূপতত্বৰ অনুকূল নহয়। ডাঙৰ সৰু বুজোৱা বড়ো ভাষাৰ -মা,চা (-বিমা,-ফিচা) অসমীয়াত ব্য়ৱহাৰ কৰা হৈছে। উদাহৰণস্বৰূপে- লেধেমা, লুধুমা, আদি। 

বাক্য়গত প্ৰভাৱঃ অসমীয়া বাক্য়ৰীতি চৌপাশে আৱৰি থকা গাৰো, বৰো আৰু মিচিং আদি বহুতো জনজাতীয় ভাষাৰ লগত শব্দসঙ্গতি অনুসৰি মিলি গৈছে। অসমীয়া স্বাৰ্থিক প্ৰত্য়য়ৰ (-দে, -হবলা, -চোন) ব্য়ৱহাৰে বাক্য়ৰীতিত জনজাতীয় ৰহন সানিছে। 

শব্দগত প্ৰভাৱঃ অসমীয়া শব্দ সম্ভাৰত তৎসম শব্দৰ প্ৰয়োগ আছে। অসমীয়া সাধাৰণ শব্দ ভাণ্ডাৰ, ঠাই নাম, চীন তিব্বতীয়, থাই-শ্য়ামী প্ৰভাৱ পৰিছে। অসমীয়া ভাষাৰ ধ্বনিগত, বাক্য়গত, শব্দগত আৰু ৰূপগত সকলো দিশতে আৰ্যভিন্ন ভাষা যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হৈছে।  

(২৪) চমুটোকা-

(ক) অসমৰ ঠাইৰ নামত আৰ্যভিন্ন প্ৰভাৱ,

উত্তৰঃ অসমৰ ঠাইৰ নাম আৰ্যভিন্ন প্ৰভাৱঃ অসমৰ ঠাই আৰু নদী নামত আৰ্যভিন্ন প্ৰভাৱ সুস্পষ্ট এনে হোৱা স্বাভাৱিক। আৰ্যভিন্ন সকল এই অঞ্চলৰ আদিম অধিবাসী বাবে ইয়াৰ নদ-নদী সমূহৰ নাম নিজে দি লৈছিল। আৰ্যসকলৰ বিস্তাৰ হোৱাত তেওঁলোকে পুৰণি নামকে গ্ৰহণ কৰিছিল। অষ্ট্ৰিক আৰু দ্ৰাবিড়তকৈ ঠাই নদী নামত তিব্বতবৰ্মী প্ৰভাৱ ব্য়াপক আছিল। কাৰণ তিব্বতবৰ্মী লোকসকল শদিয়াৰ পৰা কোচ বিহাৰলৈ বিস্তৃত। তাৰোপৰি ঠাইৰ নামত অনুকৰণেও অনেক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ডিমাছা ভাষাত 'ডিহু' মানে মাটিৰ পাত্ৰ, অষ্ট্ৰিক ভাষাত 'টিহু' মানে পানী আৰু টাই আহোম ভাষাত 'তিহু' মানে গৰু পোৱা ঠাই। টিহু অঞ্চল বড়ো বসতি প্ৰধান। গতিকে শব্দটো বড়োৰ পৰা আহিব পাৰে। 

দ্ৰাবিড়মূলজ নামঃ

    কুৰঃ ধমাৰকুঁৰ, জিয়াকুৰ।

    ভিটাঃ বামুণৰ ভিটা, চূণপৰা ভিটা।

    পুৰঃ তেজপুৰ, দিছপুৰ।

    জুলিঃ ঢেকীয়াজুলি, ৰংজুলি আৰু নাগ্ৰীজুলি।  

অষ্ট্ৰিক নামঃ ধৰমতুল, বৰতা আৰু চামতা আদি অষ্ট্ৰিকমূলৰ। অসমীয়া ভাষাত পৰ্বত বুজোৱা আৰু পৰ্বতৰ লগত সম্বন্ধ থকা টিলা, টিং, টিপ, পাহাৰ আৰু মৈদাম আদি শব্দসমূহ অষ্ট্ৰিকভাষা। 

মিচিং নামঃ মিচিং ভাষাত 'আচি' বা 'চি' মানে পানী। 

(২৫) অসমীয়া ভাষাত অন্য়ান্য় কি কি আৰ্যভাষাৰ উপাদান পোৱা যায়?

উত্তৰঃ অসমীয়া ভাষাত বাংলা, হিন্দী, গুজৰাটী আৰু মাৰাঠী আদি আৰ্যভাষাৰ উপাদান পোৱা যায়। 

(২৬) অসমীয়া ভাষাত ব্য়ৱহাৰ হোৱা ৰসগোল্লা, বাতাচা, সন্দেচ আদি শব্দ কি ভাষাৰ পৰা অহা?

উত্তৰঃ অসমীয়া ভাষাত ব্য়ৱহাৰ হোৱা ৰসগোল্লা, বাতাচা আৰু সন্দেচ আদি শব্দ বাংলা ভাষাত লিখা। 

(২৭) ডিব্ৰু, দিহিং, দিখৌ আদি নদীবাচক শব্দবোৰ কোন ভাষাৰ পৰা অসমীয়ালৈ আহিছে?

উত্তৰঃ ডিব্ৰু, দিহিং আৰু দিখৌ আদি নদীবাচক শব্দবোৰ বড়ো ভাষাৰ পৰা অসমীয়ালৈ আহিছে। 

(২৮) কোল-মুণ্ডা ভাষাৰ লগত মিল থকা দুটামান নাম লিখা?

উত্তৰঃ আটোম-টোকাৰি, চিকৰা, ঠেটুৱৈ আৰু লাটুম আদি কোল-মুণ্ডা ভাষাৰ লগত মিল আছে। 

(২৯) ড° বাণীকান্ত কাকতিয়ে প্ৰাগজ্য়োতিষপুৰ, হাৰূপেশ্বৰ, কামৰূপ, কামাখ্য়া আদি ঠাইৰ নাম কি ভাষাগোষ্ঠীৰ পৰা আহিব পাৰে বুলি বিশ্লেষণ আগবঢ়াইছে? 

উত্তৰঃ ° বাণীকান্ত কাকতিয়ে প্ৰাগজ্য়োতিষপুৰ, হাৰূপেশ্বৰ, কামৰূপ আৰু কামাখ্য়া আদি ঠাইৰ নাম অষ্ট্ৰিক ভাষাৰ পৰা আহিব পাৰে বুলি বিশ্লেষণ আগবঢ়াইছে। 

(৩০) ড° বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ° বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ নাম হৈছে- Assamese: Its Formation and Development. 

(৩১) সাম্প্ৰতিক কালৰ অসমীয়া ভাষাত শ্বাসাঘাত শব্দৰ কোন অক্ষৰত পৰে?

উত্তৰঃ সাম্প্ৰতিক কালৰ অসমীয়া ভাষাত শ্বাসাঘাত শব্দৰ আদ্য় বা অন্ত্য়ক্ষৰ অক্ষৰত পৰে। 



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)