অসমীয়া ভাষাৰ আঞ্চলিক 

উপভাষাবোৰৰ ভাষিক বৈশিষ্ট্য়ঃ

* উজনি আৰু নামনি

প্ৰশ্নোত্তৰঃ 

(১) অসমীয়া ভাষাৰ প্ৰধান উপভাষা কেইটা?

উত্তৰঃ অসমীয়া ভাষাৰ প্ৰধান উপভাষা দুটা আৰু সেই উপভাষা দুটা হৈছে-

    (ক) উজনি উপভাষা আৰু 

    (খ) নামনি উপভাষা।

(২) মান্য় অসমীয়া কোনটো বিশিষ্ট স্বৰধ্বনিৰ প্ৰয়োগ কামৰূপীত নাই?

উত্তৰঃ মান্য় অসমীয়া 'অ' ধ্বনি কামৰূপীত নাই। 

(৩) গোৱালপৰীয়া উপভাষাৰ আন এটা নাম কি?

উত্তৰঃ গোৱালপৰীয়া উপভাষা আন এটা নাম হৈছে দেশীয় ভাষা। 

(৪) 'ঝ' ধ্বনিৰ প্ৰয়োগ কোনটো উপভাষাৰ বৈশিষ্ট্য়?

উত্তৰঃ নামনি পলাশবাৰী অঞ্চলৰ ভাষাত 'ঝ' ধ্বনিৰ প্ৰয়োগ পোৱা যায়। 

(৫) 'Linguistic Survey Of India' গ্ৰন্থখনৰ প্ৰণেতা কোন?

উত্তৰঃ 'Linguistic Survey Of India' গ্ৰন্থখনৰ প্ৰণেতা হৈছে গ্ৰীয়াৰ্ছন চাহাব। 

(৬) মান অসমীয়াত শ্বাসাঘাত শব্দৰ কোনটো অক্ষৰত পৰে?

উত্তৰঃ মান অসমীয়াত শ্বাসাঘাত মধ্য়ৱৰ্তী স্থানত পৰে। 

(৭) কামৰূপীত অপিনিহিত আছেনে?

উত্তৰঃ কামৰূপীত অপিনিহিত প্ৰচুৰ প্ৰয়োগ আছে। 

(৮) গোৱালপৰীয়া উপভাষাৰ বিশিষ্ট ব্য়ঞ্জন ধ্বনিৰ সংখ্য়া কিমান?

উত্তৰঃ গোৱালপৰীয়া উপভাষাৰ বিশিষ্ট ব্য়ঞ্জন ধ্বনি সংখ্য়া ২৯ টা পোৱা যায়।

(৯) কামৰূপী উপভাষাত শ্বাসাঘাত শব্দৰ কোনটো স্থানত পৰে?

উত্তৰঃ কামৰূপী উপভাষাত শ্বাসাঘাত শব্দৰ আদি অক্ষৰত পৰে। 

(১০) মান্য় অসমীয়াত অপিনিহিতিৰ প্ৰয়োগ আছে নে?

উত্তৰঃ মান্য় অসমীয়াত অপিনিহিতিৰ প্ৰয়োগ নাই।

(১১) উজনিৰ উপভাষাৰ দুটা শব্দগত বৈশিষ্ট্য় লিখা?

উত্তৰঃ উজনিৰ উপভাষাৰ দুটা শব্দগত বৈশিষ্ট্য় হ'ল

    (ক) উজনি উপভাষাত অনাৰ্য ভাষাৰ প্ৰাচুৰ্য থকা দেখা যায়।

    (খ) উজনিৰ উপভাষাত সচৰাচৰ ব্য়ৱহাৰ হোৱা শব্দ- চোতাল, বৰষুণ, খুড়া, নবৌ আৰু নেমুটেঙা।

(১২) কামৰূপী উপভাষাৰ দুটা ধ্বনিতাত্ত্বিক বৈশিষ্ট্য় লিখা?

উত্তৰঃ কামৰূপী উপভাষাৰ দুটা ধ্বনিতাত্ত্বিক বৈশিষ্ট্য় হ'ল-

    (ক) কামৰূপী উপভাষাত দ্বিস্বৰ-ত্ৰিস্বৰ দুয়োটাৰে ব্য়ৱহাৰ কৰা হয়। 

    (খ) কামৰূপী উপভাষাত অপিনিহিতৰ প্ৰচুৰ প্ৰয়োগ পোৱা যায়। 

(১৩) কামৰূপী উপভাষাৰ দুটা সম্বন্ধবাচক শব্দ লিখা?

উত্তৰঃ কামৰূপী উপভাষাৰ দুটা সম্বন্ধবাচক শব্দ হ'ল-

    (ক) বৌ (নবৌ) আৰু (খ) আপা (ল'ৰা)। 

(১৪) মান্য় আৰু গোৱালপৰীয়া উপভাষাৰ দুটা ৰূপগত পাৰ্থক্য় উল্লেখ কৰা।

উত্তৰঃ  মান্য় আৰু গোৱালপৰীয়া উপভাষাৰ দুটা ৰূপগত পাৰ্থক্য়হ'ল-

    (ক) নিৰ্দিষ্টবাচক প্ৰত্য়য় হিচাপে গোৱালপৰীয়া উপভাষাত কিন্না, আটি, খোলা,-ঘৰ চাকা ইত্য়াদি ব্য়ৱহাৰ হয়। আনহাতে, মান্য় অসমীয়াত নিৰ্দিষ্টবাচক প্ৰত্য়য় - জন, জনা , টো আৰু গৰাকী আদি ব্য়ৱহাৰ হয়।

    (খ) মান্য় অসমীয়া বহু বচনাত্মক প্ৰত্য়য়- বোৰ, হঁত, বিলাক আদিৰ। আনহাতে, গোৱালপৰীয়া উপভাষাত -গুলো, গুলান- ৰা, আৰ আদি প্ৰত্য়য় ব্য়ৱহাৰ হয়।  

(১৫) কামৰূপী উপভাষাৰ স্থানীয় উপভাষা সমূহ কি কি ?

উত্তৰঃ কামৰূপী উপভাষাৰ স্থানীয় উপভাষাৰ সমূহ হৈছে- নলবৰীয়া, বৰপেটীয়া, ছয়গঞা, পাতিদৰঙীয়া, পলাশবাৰী, মঙলদৈ আৰু গুৱাহাটীয়া।

(১৬) ভৌগোলিক অৱস্থানে উপভাষা সৃষ্টিত কেনেদৰে সহায় কৰে?

উত্তৰঃ ভৌগোলিক অৱস্থানে উপভাষা সৃষ্টিত কেনেদৰে সহায় কৰিব পাৰে তলত আলোচনা কৰা হ'ল-

    মানুহৰ মাজৰ যোগাযোগৰ অভাৱে ভাষাৰ খণ্ডিত ৰূপ সৃষ্টি কৰিছে। কোনো এক ভৌগোলিক পৰিসীমাৰ বেলেগ বেলেগ অঞ্চল যদি বেলেগৰ শাসনৰ অধিনত হয় তেতিয়া সেই পৰিসীমাই এটা অঞ্চলৰ মানুহৰ সৈতে আন এটা অঞ্চলৰ মানুহৰ যোগাযোগ ব্য়াহত হয়। ডাঙৰ হাবি, পাহাৰ আৰু নৈ আদিৰ ফলত মানুহৰ যোগাযোগ ব্য়াহত হয়। ইটো অঞ্চলৰ লগত সিটো অঞ্চলৰ মিলামিচা কমি যোৱা ফলত ভাষাই নতুন নতুন ৰূপৰ সৃষ্টি হয়। যেনে কামৰূপৰ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ। 

(১৭) কামৰূপী উপভাষাৰ ধ্বনিতাত্ত্বিক বৈশিষ্ট সম্পৰ্কে লিখা। 

উত্তৰঃ অবিভক্ত কামৰূপ জিলাৰ কামৰূপী উপভাষাটো অসমীয়া ভাষাৰ অন্য়তম এটি প্ৰধান উপভাষা। উপভাষাৰ ৰূপৰ ভিতৰত কামৰূপী উপভাষাৰ আঞ্চলিক বৈশিষ্ট্য় আছে। 

ধ্বনিতাত্ত্বিক বৈশিষ্ট্য়ঃ

(ক) কামৰূপী উপভাষাত বিশিষ্ট স্বৰধ্বনিৰ সংখ্য়া ৭ টা। কেই কেইটা হৈছে- অ', আ, ই, উ, এ, এ' ও। মান্য় অসমীয়া অ' ধ্বনিটো কামৰূপীত নাই। 

(খ) কামৰূপী উপভাষাত বিশিষ্ট ব্য়ঞ্জন ধ্বনিৰ সংখ্য়া হৈছে ২১ টা। যেনে- প, ফ, ব, ভ, ত, থ, দ, ধ, ক, খ, গ, ঘ, ম, ন, ঙ, ল, ৰ, চ, জ, স, আৰু হ। 

(গ) কামৰূপী উপভাষাত বলাঘাত শব্দৰ আদি অক্ষৰত পৰে। ইয়াৰ বাবে কামৰূপীৰ শব্দৰ মাজত থকা স্বৰ-ধ্বনিবোৰ উচ্চাৰিত নহয়। ওচৰত থকা ব্য়ঞ্জন ধ্বনি দুটা একেলগ হয়। যেনে- ভোমোৰা> ভমৰা, আৰু কুকুৰা> কুকৰা। 

(ঘ) কামৰূপী উপভাষাত শব্দৰ আদি অক্ষৰত দ্বি-স্বৰৰ উপৰিও ত্ৰি-স্বৰৰো ব্য়ৱহাৰ হয়।

(ঙ) কামৰূপীত অপিনিহিতিৰ প্ৰয়োগ পোৱা যায়। 

(চ) একেটা শব্দতে দুটা 'আ' ধ্বনি ওচৰা-উচৰিকৈ প্ৰয়োগ হোৱাটো কামৰূপীৰ এটা উল্লেখযোগ্য় বৈশিষ্ট্য়। 

(ছ) মান্য় অসমীয়াত ব্য়ৱহাৰ হোৱা অল্পপ্ৰাণ ধ্বনি কামৰূপীত মহাপ্ৰাণ ধ্বনি ৰূপে উচ্চাৰিত হয়।

(জ) কামৰূপী উপভাষাৰ অন্য়তম বৈশিষ্ট্য় হৈছে দ্বি অক্ষৰযুক্ত শব্দৰ প্ৰতি ধাউতি। 

(ঝ) মান্য় অসমীয়াৰ 'ন' আৰু 'ৰ' ধ্বনিৰ ঠাইত কামৰূপীত 'ল' ধ্বনিটোৰ প্ৰয়োগ পৰিলক্ষিত হয়। যেনে- নেজ>লেজ।  

(১৮) কামৰূপী উপভাষাৰ ৰূপগত বৈশিষ্ট্য় উল্লেখ কৰা।

উত্তৰঃ কামৰূপী উপভাষাৰ ৰূপগত বৈশিষ্ট্য়সমূহ হৈছে- 

১। কামৰূপী উপভাষাত গিলা-গিলাক, হাত-হানা, হুনস-আহুন, চে আদি বহুবচনাত্মক প্ৰত্য়য়ৰ ব্য়ৱহাৰ দেখা যায়।

২। কামৰূপী উপভাষাৰ ক্ৰিয়া বিশেষণবোৰ কিছু সুকীয়া। যেনে-ইতা অঁহাই/অঁহে।

৩। নিৰ্দিষ্টতাবাচক প্ৰত্য়য়,- টু, মোৰ, খেনি আদি।

৪। স্ত্ৰি প্ৰত্য়য় যোগ কৰিও লিংগভেদ নিৰ্ণয় কৰা হয়। 

৫। কামৰূপী উপভাষাত নাম ধাতুৰ প্ৰয়োগ বেছি হোৱা দেখা যায়।

৬। ক্ৰিয়া বিভক্তিত মান্য় আৰু কামৰূপী ৰূপৰ মাজত পাৰ্থক্য় বিদ্য়ামান যেনে- তই খাৱ- তঁই খাহ্, সি খালে- সি খালাক।

(১৯) কামৰূপী উপভাষাত শব্দগত বৈশিষ্ট সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ সচৰাচৰ বস্তু কিছুমানক বুজাবলৈও দুয়োটা অঞ্চলৰ ভাষাত ভিন ভিন শব্দৰ ব্য়ৱহাৰ হয়। কিছুমান সম্বন্ধক সামূহিক ভাৱে বুজাবলৈ মান্য় অসমীয়া ভাষাত একোটা সুকীয়া শব্দৰ অভাৱ থকা দেখা যায়। কিন্তু কামৰূপীত সম্বন্ধ এটাক সামূহিক ভাৱে বুজাবলৈ ভিন্ন প্ৰাকৃতিক কেতবোৰ সুকীয়া শব্দৰ পৰিলক্ষিত হয়। যেনে-  ককাই-ভাই, বাই-ভনী আদিৰ ঠাইত কামৰূপীত সামূহিক শব্দ 'ভাক' আৰু 'বৈনাক' শব্দৰ প্ৰয়োগ হয়। ইয়াৰওপৰিও 'ল'ৰা' বুজাবলৈ 'আপা' আৰু ছোৱালী বুজাবলৈ 'আপি' ইয়াৰ অন্য়তম বৈশিষ্ট্য়।

(২০) গোৱালপৰীয়া উপভাষাৰ ধ্বনিগত বৈশিষ্ট্য় সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ গোৱালপৰীয়াৰ উপভাষাৰ ধ্বনিগত বৈশিষ্ট্য় সম্পৰ্কে তলত আলোচনা কৰা হ'ল-

    ভাৰ্ষিত বৈশিষ্ট্য়ৰ ফালৰ পৰা গোৱালপৰীয়া উপভাষাটো এক স্বকীয় বৈশিষ্ট্য়সম্পন্ন ভাষা। যেনে-

 ১। গোৱালপৰীয়া উপভাষাত সাতটা বিশিষ্ট স্বৰধ্বনি পোৱা যায় আৰু সেই স্বৰধ্বনি কেইটা হৈছে- অ', আ, ই, উ, এ, এ  আৰু ও। আনহাতে, বিশিষ্ট ব্য়ঞ্জন ধ্বনিৰ সংখ্য়া হ'ল ২৯ টা। 

২। স্বৰৰ অনুনাসিকতা(ঁ) ই গোৱালপৰীয়া উপভাষাত বিশিষ্ট ধ্বনিৰ মৰ্যাদা লাভ কৰিছে।

৩। গোৱালপৰীয়া উপভাষাটো 'আ' ধ্বনিৰ ওচৰা-ওচৰি প্ৰয়োগ আছে। যেনে- ৰাজা, চাকা আৰু তাৰা।

৪। 'ঝ' ধ্বনিৰ প্ৰয়োগ গোৱালপৰীয়া উপভাষাৰ এটি অন্য়তম বৈশিষ্ট। যেনে- জাক>ঝাক, বোজা>বোঝা। 

৫। গোৱালপৰীয়া ভাষাত চ,ছ ধ্বনি দুটা তালব্য় ধ্বনি ৰূপত উচ্চাৰিত হয়।

৬। ব্য়ঞ্জনৰ সৈতে 'ৰ' যুক্ত হ'লে সংযুক্ত ব্য়ঞ্জন ধ্বনিটোৰ মাজলৈ এটা 'ৰ' ৰ আগমণ ঘটে য়েনে- প্ৰথম>পৰথম।

৭। মান্য় অসমীয়াৰ শব্দৰ শেষত থকা 'ই' ধ্বনিটো কামৰূপৰ দৰে গোৱালপৰীয়াতো 'আ' ধ্বনিলৈ পৰিৱৰ্তন হয়।

৮। পদান্তৰ 'ঐ' গোৱালৰপীয়া উপভাষাত 'আই' লৈ ৰূপান্তৰিত হয়। যেনে- গৰৈ>গৰাই।

৯। গোৱালপৰীয়াত কেতিয়াবা 'উ' ধ্বনি ৰূপান্তৰিত হয়।

২১। উজনিৰ উপভাষা আৰু গোৱালপৰীয়া উপভাষা দুয়োটাৰ শব্দগত পাৰ্থক্য়সমূহ দেখুওৱা।

উত্তৰঃ  উজনিৰ উপভাষা আৰু গোৱালপৰীয়া উপভাষা মাজৰ পাৰ্থক্য়-

    শব্দগত দিশৰ পৰা উজনিৰ উপভাষাটোত বিচিত্ৰতা লক্ষ্য় দেখা যায়। এই উপভাষাটোত অনাৰ্য ভাষাৰ প্ৰাচুৰ্য থকা দেখা যায়। আনহাতে, শব্দগত দিশৰ পৰা গোৱালপৰীয়া উপভাষাটোৰ অতি চহকী। গোৱালপৰীয়া উপভাষাটোত কিছুমান শব্দ পোৱা যায়। যিবোৰ অসমীয়া ভাষাৰ আন কোনো উপভাষাতে পোৱা নাযায়। 

    উজনিৰ উপভাষা আৰু গোৱালপৰীয়া উপভাষাৰ শব্দগত দিশত যথেষ্ট প্ৰভেদ দেখা যায়। যেনে-

জীৱ-জন্তুবাচক শব্দঃ 

 উজনি          গোৱালপৰীয়া

গৰু                 গোৰু

ছাগলী              সাগল

শহাপহু             শেশা।

সম্বন্ধবাচক শব্দঃ 

উজনি      গোৱালপৰীয়া

শহুৰ            শশুৰ

শাহু              শাশুৰি

মাহী              মাশি

নবৌ              বৌদি

বাইদেউ             দিদি। 

চৰাই-চিৰিকটি বাচক শব্দঃ 

উজনি          গোৱীলপৰীয়া

দহিকতৰা          দৈঅল

কপৌ চৰাই       ঘুগু

ভাটৌ               টিয়া

পইতাচোৰা         তেলমু। 

(২২) উজনিৰ উপভাষাৰ ভাৰ্ষিক বৈশিষ্ট্য় সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ উজনি অঞ্চলৰ উপভাষাৰ ভাৰ্ষিক বৈশিষ্ট্য় সমূহ হৈছে-

ধ্বনিমূলক বৈশিষ্ট্য়ঃ

(ক) উজনি অঞ্চলৰ উপভাষাত আঠটা বিশিষ্ট স্বৰধ্বনি পোৱা যায়। ই, উ, এ, ও, এ, অ', অ, আ।

(খ) এই উপভাষাত বিশিষ্ট ব্য়ঞ্জন ধ্বনিৰ সংখ্য়া ২১ টা। 

(গ) এই উপভাষাত অপিহিনিতি প্ৰয়োগ নাই।  

(ঘ) এই  উপভাষাত মূল সংস্কৃতৰ পৰা অহা দুটা দ্বিস্বৰ ধ্বনি- ঐ আৰু ঔ ৰ প্ৰয়োগ দেখা যায়।

 (ঙ) আন্তঃস্বৰ অৱস্থানত লুঠিত ধ্বনিৰ উচ্চাৰণ নহয়। 

(চ) অল্পপ্ৰাণ ধ্বনিৰ প্ৰয়োগ মান্য় অসমীয়া আন এটা বৈশিষ্ট্য়।

(ছ) উজনি অঞ্চলৰ উপভাষাত বলাঘাত বা শ্বাসাঘাত শব্দৰ মধ্য়ৱৰ্তী স্থানত পৰে।

 ৰূপতাত্ত্বিক বৈশিষ্ট্য়ঃ

(ক) বহুবচনৰ প্ৰত্য়য় হিচাপে উজনিৰ উপভাষাটোত বোৰ, বিলাক আৰু হঁত আদি ব্য়ৱহাৰ হয়। যেনে- ল'ৰাহঁত আৰু ছোৱালীবিলাক। 

(খ) ক্ৰিয়া বিশেষণ হিচাপে উজনিৰ ৰূপটোত এতিয়া, অলপতে, এইপিনে, সেইপিনে আদি ৰূপৰ প্ৰয়োগ হোৱা দেখা যায়। 

(গ) ক্ৰিয়া বিশেষণাত্মক প্ৰত্য়য়ৰ ভিতৰত- কৈ, লৈ আদি প্ৰত্য়য়ৰ ঠাইত উজনিৰ কথিত ৰূপটোত - কে, লে আদি প্ৰয়োগ হয়।

(ঘ) এই উপভাষাত দুটা 'আ' একেলগে থাকিলে প্ৰথম 'আ' টো 'এ' লৈ ৰূপান্তৰিত হয়।

(ঙ) নিৰ্দিষ্টতাবাচক প্ৰত্য়য় হিচাপে- টো, জন, জনা, ডাল আৰু গৰাকী আদি প্ৰত্য়য়ৰ ব্য়ৱহাৰ দেখা যায়।

শব্দগত বৈশিষ্টঃ 

শব্দগত দিশৰ পৰা উজনিৰ উপভাষাটোত বিচিত্ৰতা লক্ষ্য় দেখা যায়। 

ঘৰুৱা শব্দঃ চোতাল, বৰষুণ,পথাৰ, পিৰালি আৰু হেতা আদি।

সম্বন্ধবাচক শব্দঃ খুড়া, নবৌ, জোঁৱাই বৰজনা, আইতা, ককা আৰু বোৱাৰী।

(২৩) গোৱালপৰীয়া উপভাষাৰ ৰূপগত বৈশিষ্ট্য় সমূহ উল্লেখ কৰা।

উত্তৰঃ গোৱালপৰীয়া উপভাষাৰ ৰূপগত বৈশিষ্ট্য়সমূহ হৈছে-

(ক) নিৰ্দিষ্টবাচক প্ৰত্য়য় হিচাপে গোৱালপৰীয়া উপভাষাত - আটি, কিননা- টা, ডা,- খোলা,- ঘৰ, গো আদি ব্য়ৱহাৰ হয়। খৰিআটি, মানশিকিননা, হাতটা, কোনডা, চেংৰিটা আৰু মানুশঘৰ। 

(খ) গোৱালপৰীয়া উপভাষাত পুৰুষবাচক নিৰ্দিষ্টতাবাচক প্ৰত্য়য়ৰ প্ৰয়োগ নাই।

(গ) এই উপভাষাত চাৰিটা বিভক্তিৰ প্ৰয়োগ পোৱা যায়। 

(ঘ) এই উপভাষাত ক্ৰিয়াত নঞৰ্থক ৰূপসমূহ সুকীয়া। যেনে- দেখুং>নাদখুং, পাং>নাপাং।

(ঙ) বহুবচনাত্মক প্ৰত্য়য়ৰ ক্ষেত্ৰত -গুলে, গুলান, ৰা আদি প্ৰয়োগ হয়। যেনে- মানশিগুলা, চেঙৰাগুলান, তোমৰা আদি।

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)