গোট ৩
ৰূপতত্ত্ব আৰু বাক্যতত্ত্বৰ আদিপাঠ
অতি চমু প্রশ্নোত্তৰ:
১। ভাষাৰ উপাদান কেইটা আৰু কি কি?
উত্তৰঃ ভাষাৰ উপাদান চাৰিটা- ধ্বনি, ৰূপ, বাক্য আৰু অর্থ।
২। ৰূপতত্ত্ব মানে কি?
উত্তৰ: ৰূপতত্ত্ব মানে হ'ল ভাষাৰ শব্দ গঠন প্রক্ৰিয়াৰ শৃংখলাবদ্ধ বিৱৰণ।
৩। ৰূপতত্ত্ব শব্দটো (Morphology) মূলতঃ কোন বিদ্যাৰপৰা আহৰিত?
উত্তৰঃ জীৱবিদ্যাৰ পৰা।
৪। ৰূপতত্ত্বৰ মূল আধাৰ কি?
উত্তৰ: ৰূপতত্ত্বৰ মূল আধাৰ হ'ল ৰূপ বা প্রাকৃতি।
৫। প্রাকৃতি বা ৰূপৰ বিভাগ দুটা কি কি?
উত্তৰঃ প্রাকৃতি বা ৰূপৰ বিভাগ দুটা হ'ল- মুক্তরূপ বা মুক্ত প্রাকৃতি আৰু বদ্ধদপ বা বদ্ধ প্রাকৃতি।
৬। মুক্ত ৰূপবোৰক কি কি ভাগত ভগোৱা হৈছে?
উত্তৰ: শব্দগত আৰু কাৰ্যগত ভাগত ভগোৱা হৈছে।
৭। শব্দার্থতত্ত্ব (Semantics) কাক বোলে?
উত্তৰঃ শব্দৰ অৰ্থৰ পৰিৱৰ্তনৰ বিচাৰ-বিশ্লেষণকে শব্দার্থতত্ত্ব (Semantics) বোলে।
৮। বাক্যতত্ত্বৰ ইংৰাজী প্রতিশব্দ 'Syntax'-ৰ উৎপত্তি ক'ৰ পৰা হৈছে?
উত্তৰঃ গ্ৰীক ভাষাৰ 'Syntaxis'-ৰ পৰা ইংৰাজী 'Syntax'-ব উৎপত্তি হৈছে।
৯। সৰ্গক কেইটা আৰু কি কি ভাগত ভাগ কৰিব পৰা যায়?
উত্তৰঃ সৰ্গক মূলতঃ দুটা ভাগত ভাগ কৰা হয়। ভাগদুটা হ'ল- (ক) অৱস্থানগত
বিভাগ: পূর্বসর্গ, অন্তঃ বা মধ্যসর্গ আৰু অনুসর্গ বা পৰসৰ্গ (খ) গুণগত বা কার্যগত বিভাগ: প্রত্যয় আৰু বিভক্তি।
১০। সাধাৰণ অৰ্থত বাক্যতত্ত্ব বুলিলে কি বুজা যায়?
উত্তৰঃ প্রণালীবদ্ধ গাঁথনি।
১১। বাক্যতত্ত্বত সাধাৰণতে কোনবোৰ বিষয়ৰ বিশ্লেষণ কৰা হয়?
উত্তৰঃ বাক্যৰ গাঁথনি, বাক্যৰ প্ৰকাৰ, বাক্যৰ ৰূপান্তৰ, বাক্যৰ অন্তর্নিহিত সুৰ, বাক্যাংশ, বাক্যৰ নিকটস্থ অংগৰ বিশ্লেষণ।
১২। বাক্যৰ গঠন প্রক্রিয়াত পদৰ আকাংক্ষা, যোগ্যতা আৰু আসক্তিৰ গুৰুত্ব কি?
উত্তৰ: যোগ্যতা থকা আসক্তিযুক্ত পদে আকাংক্ষা পূর্ণ কৰিলেহে বাক্য পোৱা যায়।
১৩। ৰূপতত্ত্ব বুলিলে কি বুজা?
উত্তৰ: ভাষাবিজ্ঞানৰ যিটো বিভাগত ভাষাৰ ৰূপগ্রাম বা প্রকৃতিবোৰৰ বিশ্লেষণৰ লগতে সিবোৰৰ সহায়ত শব্দৰ গঠন আৰু সিবোৰৰ ৰূপ-বৈচিত্র্য সাধনৰ উপাদান আদিব বিষয়ে আলোচনা কৰা হয়, সেই বিভাগটোকেই ৰূপতত্ত্ব বোলে।
১৪। ৰূপতত্ত্বৰ ইংৰাজী প্রতিশব্দ কি?
উত্তৰ: ৰূপতত্ত্বৰ ইংৰাজী প্রতিশব্দ হ'ল- 'Morphology'।
১৫। ইংৰাজী 'Syntax' শব্দৰ অসমীয়া প্রতিশব্দ কি?
উত্তৰঃ বাক্যতত্ত্ব।
১৬। 'Syntax' শব্দটোৰ আভিধানিক অর্থ কি?
উত্তৰ: আভিধানিক অর্থ হ'ল- 'Rule for sentence making' |
১৭। শব্দার্থতত্ত্বৰ ইংৰাজী প্রতিশব্দ কি?
উত্তৰঃ শব্দার্থতত্ত্বৰ ইংৰাজী প্রতিশব্দ হ'ল- 'Semantics'।
চমু প্রশ্নোত্তৰ:
১। ৰূপতত্ত্ব বুলিলে কি বুজা?
উত্তৰঃ ভাষাৰ অধ্যয়নৰ দ্বিতীয়টো স্তৰ হৈছে ৰূপতত্ত্ব। ভাষাবিজ্ঞানৰ পুথি-পাজিত 'ৰূপতত্ত্ব' শব্দ বেচ কিছুদিনৰপৰা ব্যৱহৃত হৈ আহিছে। ভাষাবিজ্ঞানৰ শিক্ষক আৰু শিক্ষার্থীসকলে ইয়াৰ অর্থ বুজি পালেও ই সাধাৰণ পাঠকৰ কাৰণে সহজবোধ্য নহয়।
'বৰূপতত্ত্ব' শব্দ ইংৰাজী morphology শব্দৰ অসমীয়া তর্জমা মাথোঁ। 'রূপতত্ত্ব' শব্দৰ মূল 'রূপ' হোৱা কাৰণে আৰু 'রূপ' শব্দৰ একাধিক অর্থ থকা কাৰণে ই সাধাৰণ পাঠকৰ মনত বিভ্রান্তিৰ সৃষ্টি কৰা তেনেই স্বাভাৱিক। 'ৰূপতত্ত্ব'ৰ অৰ্থ 'এক প্ৰকাৰ ধাতুৰতত্ত্ব', 'সৌন্দর্যতত্ত্ব' অথবা 'আকাৰতত্ত্ব' হ'ব পাৰে। 'ভাষাবিজ্ঞান'ত 'রূপতত্ত্ব' শব্দ কেরল তৃতীয়টো অর্থতহে ব্যৱহৃত হয়; অর্থাৎই 'আকাৰতত্ত্ব' বুজায়। ইয়াত 'আকাৰ' শব্দই 'বাক্যৰ আকাৰ' বা 'ধ্বনি বা বৰ্ণৰ আকাৰ নুবুজায়; ই কেৱল 'শব্দৰ আকাৰ বুজায়। আন কথাত ক'বলৈ হ'লে ৰূপতত্ত্ব বুলিলে কেৱল 'শব্দ-রূপতত্ত্ব' বুজায়। গতিকে 'ৰূপতত্ত্ব' শব্দৰ প্ৰকৃত স্বরূপ উপলব্ধি কৰিবলৈ হ'লে 'শব্দ' শব্দটোৰ অৰ্থ ভালদৰে বুজিব লাগিব।
ধ্বনিতত্ত্বৰ মূল আধাৰ যিদৰে ধ্বনি, সেইদৰে ৰূপতত্ত্বৰ মূল আধাৰ ৰূপ বা প্রাকৃতি। ৰূপতত্ত্বত ভাষাৰ ৰূপ বা প্রাকৃতিৰ অন্তৰ্গত প্রকৃতি, সর্গ অর্থাৎ শব্দমূল, ধাতুমূল, প্রত্যয়, বিভক্তি আদিৰ পুংখানুপুংখ বিশ্লেষণ কৰা হয়। উদাহৰণস্বৰূপে, অসমীয়া ভাষাৰ বিশেষ্য, বিশেষণ, সর্বনাম, অব্যয়, ক্রিয়া আদি শব্দ, বিভিন্ন প্ৰকাৰৰ প্রত্যয়, শব্দ-বিভক্তি, ক্রিয়া-
বিভক্তি, পুৰুষ, বচন, কাল আদিৰ বিশ্লেষণ অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ বিষয়। ৰূপতত্ত্বত সাধাৰণতে দুটা দিশৰ ওপৰত অধ্যয়ন কৰা হয়। এটা হ'ল- শব্দ গঠনৰ প্রত্যয় আৰু আনটো পদ গঠনৰ বিভক্তি।
ৰূপতাত্ত্বিক আলোচনাৰ মৌলিক একক হৈছে- প্রাকৃতি বা ৰূপ। এই প্রাকৃতিৰপৰা প্রাতিপাদিক, ধাতু, শব্দ আৰু এইবোৰৰ সাধন বা ৰূপ আদি নিষ্পন্ন কৰা হয়। প্রাকৃতি বৰ্ণৰ ওপৰ স্তৰৰ একক বিশেষ। এটা বা একাধিক বৰ্ণেৰে প্ৰাকৃতি ৰচিত হয়। প্রাকৃতিৰ সদায় একোটা নিজস্ব অর্থ থাকে। অর্থাৎ বৰ্ণৰে নিৰ্মিত অবিভাজ্য অর্থাৎ ক্ষুদ্রতম অর্থযুক্ত ৰূপেই হৈছে প্রাকৃতি। উদাহৰণস্বৰূপে- 'মোমায়েকহঁতলৈ এই পদটোৰ অৰ্থ পৰীক্ষা কৰিলে দেখা যায় যে কাৰোবাৰ লগত সম্বন্ধ থকা (নাম-পুরুষবাচকত্ব-এক), মাকৰ ভায়েক বা ককায়েক (পুংলিংগবাচক), মোমায়েক এজন নহয় একাধিক অথবা লগত সংগতি ৰাখি পদটোক মোমাই-এক্-হঁত-অলৈ মাত্র এই চাৰিটা খণ্ডত ভগাব পাৰি। সেয়ে এই চাৰিটা খণ্ডৰ প্ৰত্যেকটোৱে একোটাহঁত প্রাকৃতি। প্রাকৃতিসমূহৰ কিছুমানক স্বতন্ত্রভাবে মাতিলে বা উল্লেখ কৰিলে সেইবোৰৰ স্বতন্ত্র অর্থ বুজি পোৱা। যায়। যেনে-মানুহ, ঘৰ, গছ, ভাত আদি। এনদৰে নিজে অর্থ প্রকাশ কৰিব পৰা ৰূপবোৰক মুক্ত প্রাকৃতি বা ৰূপ বোলে। আকৌ কিছুমান প্রাকৃতি অকলে উল্লেখ কৰিলে সিহঁতৰ একো অর্থ পোৱা নাযায়। দুটা বা ততোধিক প্রাকৃতি সংযুক্ত হ'লেহে তাৰ অৰ্থ বুজি পোৱা যায়, এনে প্রাকৃতিক বন্ধ বা যুক্ত প্রাকৃতি বা ৰূপ বোলে। যেনে- 'খাও' পদৰ 'খা' প্রাকৃতিটোৰ স্বকীয় অর্থ আছে, সেয়ে ই মুক্ত প্রাকৃতি, কিন্তু ইয়াৰ লগত লগা-'ওঁ' প্রাকৃতিটোরে 'মই' বা 'আমি' অর্থ যে প্রকাশ কৰে সেয়া ধৰিব নোৱাৰি, ধাতুটোৰ লগত যুক্ত হ'লেহে ধৰিব পাৰি। গতিকে-ও এটা বদ্ধ প্রাকৃতি।
প্রাকৃতিক প্রধানকৈ তিনিটা ভাগত ভাগ কৰা হয়, সেইবোৰ হ'ল- প্রাকৃতি, মূলাভাস প্রাকৃতি সর্গ।
২। ৰূপগ্রাম বা প্রাকৃতি (Morpheme) কি?
উত্তৰঃ বিশিষ্ট ধ্বনি বা বৰ্ণৰ দৰে প্ৰাকৃতিও এটা গোট বা একক (Unit) বিশেষ। ভাষাৰ এক বা একাধিক বৰ্ণেৰে গঠিত, পৌনঃপুনিকভাবে ব্যৱহৃত আৰু আন কোনো আকৃতিৰ লগত আংশিকভাবে হ'লেও ধ্বনিগত আৰু অর্থগত (Phonetic and semantic) সাদৃশ্য নথকা ক্ষুদ্রতম অর্থবহ গোটক ৰূপগ্রাম বা প্রাকৃতি বোলা হয়।
৩। শব্দৰ (Sound) বিষয়ে চমুকৈ লিখা।
উত্তৰঃ শব্দ বুলিলে কি কি বুজায় সেই কথা আমি প্রায় সকলোৱেই জানো। শব্দই কেতিয়াবা কোনো ধ্বনি (sound) বুজায়; যেনে- খোজৰ শব্দ, বতাহৰ সোঁ-সোঁৱনি শব্দ ইত্যাদি। শব্দই কেতিয়াবা শব্দ-মূল মাথোঁ বুজায়; যেনে- অসমীয়া শব্দকোষত যি শব্দৰ তালিকা দিয়া হয় তাত মানুহ, গৰু, বতাহ আদি শব্দমূলবোৰেহে ঠাই পায়; মানুহক, গৰুৱে, বতাহৰ আদি ৰূপে ঠাইনাপায়।
সাধাৰণতে 'শব্দ 'ক ইংৰাজীত Word শব্দৰ অসমীয়া প্রতিশব্দ হিচাপে ধৰা হয়। Word শব্দৰ অৰ্থ বুজিবলৈ হ'লে আমাৰ ভাবৰ আদান-প্রদান প্রক্রিয়াটোলৈ চাব লাগিব। আমি যেতিয়া কথা কওঁ আমি আমাৰ মুখ অবয়বৰ জৰিয়তে কিছুমান ধ্বনি একাদিক্রমে উচ্চাৰণ কৰোঁ। সেই সকলোবোৰ ধ্বনি আমি একে লেথাবিয়ে উচ্চাৰণ নকৰোঁ; কিছুমান ধ্বনি মিলাই একোটা গোট বা সমষ্টি গঠন কৰোঁ আৰু কথা কওঁতে প্রত্যেকটো গোট বা সমষ্টিৰ পিছত বিৰাম (Pause) দি কথা কওঁ। বিৰাম দুই প্ৰকাৰৰ হ'ব পাৰে- লঘু বিৰাম আৰু পূর্ণ বিৰাম।
৪। শব্দার্থতত্ত্বৰ (Semantics) বিষয়ে চমুকৈ লিখা।
উত্তৰ: কোনো এটা শব্দই কোনো এটা বস্তু বা ভাব সম্পর্কে ধাৰণা ওপজায়। এই ধাৰণাটোৱেই হ'ল কোনো এটা শব্দৰ অৰ্থ। সময়ৰ অগ্রগতিৰ লগে লগে মানুহৰ জ্ঞান-বুদ্ধিয়ে বিস্তাৰ লাভ কৰি আহিছে। ফলস্বৰূপে, মানুহৰ চিনাকি ভাব বা বস্তু জগতখনৰ দিগন্তও প্রসাবিত হৈছে। ইয়াৰ লগে লগে কোনো এটা বস্তু বা ভাব বুজোৱা কোনো এটা শব্দ একাধিক বস্তু বা ভাব বুজোৱাত ব্যৱহৃত হৈছে। কোনোটো শব্দই আকৌ প্রাচীন অর্থটো সম্পূর্ণরূপে হেৰুৱাই নতুন অর্থ গ্রহণ কৰিছে। শব্দৰ অৰ্থৰ এই পৰিৱৰ্তনৰ বিচাৰ-বিশ্লেষণকে শব্দার্থতত্ত্ব (Semantics) বোলে।
৫। শব্দার্থ পৰিৱৰ্তনৰ (Semantic Changes) কাৰণসমূহ কি কি?
উত্তৰঃ ভাষা নিয়ত পৰিৱৰ্তনশীল। এই পৰিৱৰ্তন শব্দার্থৰ ক্ষেত্ৰতো সুস্পষ্ট। নানা কাৰণত শব্দাৰ্থৰ পৰিৱৰ্তন ঘটিব পাবে। ভাষাতত্ত্ববিদ-পণ্ডিতসকলে ইয়াৰ বিভিন্ন কাৰণ দর্শাইছে। সাধাৰণতে শব্দাৰ্থৰ পৰিৱৰ্তনৰ মূল কাৰণ তিনিটা- (ক) আলংকাৰিক কাৰণ, (খ) পৰিৱেশগত কাৰণ আৰু (গ) মানসিক কাৰণ।
৬। শব্দার্থ পৰিৱৰ্তনৰ ধাৰাসমূহ (Course of Semantic Change) কি কি?
উত্তৰঃ শব্দার্থ পৰিৱৰ্তনৰ বিভিন্ন দিশলৈ চাই পণ্ডিতসকলে ইয়াক কেবাটাও ধাৰাত
উল্লেখ কৰিছে। এই ধাবাসমূহ হ'ল-
(ক) অর্থব উন্নতি (Elevation of meaning)
(খ) অৰ্থৰ অৱনতি (Deterioration of meaning)
(গ) অৰ্থৰ প্ৰসাৰ (Narrowing of meaning)
(ঘ) অৰ্থৰ সংক্ৰম (Transfer of meaning)
৭। ৰূপতত্ত্বত ব্যবহৃত সাংকেতিক চিনসমূহ কি কি উল্লেখ কৰা।
উত্তৰঃ বাক্যবিন্যাসৰ নিচিনা ৰূপতত্ত্বৰ আলোচনাতো কিছুমান সাংকেতিক চিন বিশেষ বিশেষ অৰ্থত প্রয়োগ কৰাৰ সুপ্রতিষ্ঠিত বীতি আছে। সেইবোৰৰ প্ৰয়োগৰীতি নাজানিলে ৰূপতত্ত্ব বুজাত বা আলোচনা কৰাত অসুবিধা হয়। সেইবোৰ তলত উনুকিওৱা হ'ল।
-) হাইফেন: রূপতত্ত্বত হাইফেনৰ প্রয়োগ বিশেষ তাৎপর্যপূর্ণ। ই বিভিন্ন স্থানত প্রয়োগ হৈ বিভিন্ন অর্থ কৰে। কোনো ৰূপৰ ঠিক আগফালে হাইফেন বহিলে বুজা যাব এই ৰূপটো পৰসৰ্গ, যেনে- অক্, অলৈ ইত্যাদি। কোনো ৰূপৰ দুয়োকাষে যদি হাইফেন থাকে, বুজা যাব যে ই এক অন্তঃসর্গ অথবা শব্দ মধ্যস্থিত বর্ণ। যদি ই কোনো ৰূপৰ পিছফালে গাতে লাগি বহে, তেনেহ'লে বুজা যাব যে ৰূপটো হয় ধাতু, নহয় উপসর্গ; যেনে- খা, কর্, ন, উপ-ইত্যাদি। কোনো এটা পদৰ বুকু ফালি যদি হাইফেন প্রয়োগ কৰা যায়, তেন্তে ই মুক্তৰূপ আৰু বন্ধৰূপৰ বিভাজন সূচনা কৰিব; যেনে- খাই-ইছ-ইল-ওঁ।
(>) কোণ বা (→) কাঁড়চিন: অংকশাস্ত্রত ডাঙৰ-সৰু বুজোৱা এই চিনে ৰূপতত্ত্বত সোঁফালে দিয়া ৰূপটো বাঁওফালে দিয়া ৰূপৰপৰা উৎপন্ন বুজায়।
ওলোটাই লিখিলে অর্থাৎ (<) এনেদৰে লিখিলে বাঁওফালৰ ৰূপটো সোঁফালৰ ৰূপৰপৰা উৎপন্ন বুজায়। আজিকালি ইয়াৰ বিকল্পে (→) আৰু (-) কাঁড় চিনো ব্যৱহাৰ কৰা দেখা যায়।
(~) টো চিনঃ দুটা ৰূপৰ মাজত যদি (~) ঢৌ চিন দিয়া হয়, তেতিয়াহ'লে বুজা যাব যে ৰূপ দুটাৰ এটাৰ বিকল্পে আনটো হ'ব পাৰে।
(//) হেলনীয়া যুৰীয়া আঁচ: মুক্তৰূপ বুজাবৰ কাৰণে ৰূপটোৰ দুয়োকাষে (//) এই চিন ব্যৱহাৰ কৰা হয়। ৰূপটো Italics বা গাঢ় আখৰেৰে লিখিলে (//) এই চিন ব্যৱহাৰ নকৰিলেও চলে। আজিকালিৰ ছপা পুথিত দ্বিতীয়টো পদ্ধতিহে বেছিকৈ ব্যৱহাৰ হ'ব ধৰিছে।
([]) বৰ বন্ধনী: ৰূপ বিপৰীতে উপৰূপৰ উল্লেখ কৰিব লাগিলে সংশ্লিষ্ট উপৰূপবোৰ বৰ বন্ধনীৰ মাজত উল্লেখ কৰা হয়।
(=) সমান চিনঃ সমার্থ বুজাবৰ কাৰণে কেতিয়াবা এই চিন ব্যৱহাৰ কৰা হয়।
৮। দ্বিৰুক্তি বা পুনৰাবৃত্তি (reduplication) বুলিলে কি বুজা?
উত্তৰঃ আমি কথা-বতৰা পাতোঁতে এনে কিছুমান ৰূপ ব্যৱহাৰ কৰোঁ, যিবোৰ কোনো শব্দ বা শব্দমূল নানা পদ্ধতিৰে দ্বিরুক্তি কৰি সাধন কৰা। গতিকে দ্বিরুক্তিকো একপ্ৰকাৰ ব্যাকৰণগত পদ্ধতি বুলি গ্রাহ্য কৰা হয়। দ্বিরুক্তি দুই প্ৰকাৰৰ হ'ব পাৰে- সম্পূর্ণ আৰু আংশিক। প্রকৃতি জগতত শুনিবলৈ পোৱা কিছুমান শব্দক আশ্ৰয় কৰি সম্পূৰ্ণ দ্বিরুক্তি শব্দ সাধন কৰা হয়; যেনে- টং টং, ঠন ঠন, গুণ গুণ ইত্যাদি। আৱেগ বা অনুভূতিৰ গাঢ়তা প্রকাশ কৰিবলৈও আমি পূর্ণ দ্বিরুক্তিৰে শব্দ সাধন কৰোঁ; যেনে- জিম জিম, পিৰ পিৰ, পাৰ পাৰ, টন টন ইত্যাদি। আংশিক দ্বিরুক্তিত মূল শব্দৰ কোনো এটা অক্ষৰ দ্বিৰুক্ত কৰা হয় অথবা শব্দৰ এক বা একাধিক অক্ষৰ সলনি কৰি বাকী অংশ পুনৰাবৃত্তি কৰা হয়। যেনে- ডা-ডাঙৰীয়া, খা-খবব, বা-বাতৰি, চা-চিনাকি আৰু মাছ-টাছ, মন-চন, কাপোৰ-চাপোৰ ইত্যাদি।
৯। শব্দমূল বা ধাতুৰ বিকাৰ (modification) কি?
উত্তৰঃ শব্দমূল বা ধাতুৰ বিভিন্ন ধৰণৰ বিকাৰ সাধন কৰিও বেলেগ বেলেগ ৰূপ সাধন কৰা হয়। এনে বিকাৰো দুই প্ৰকাৰৰ হ'ব পাৰে সম্পূৰ্ণ আৰু আংশিক। ইংৰাজীত man আৰু men, sing আৰু sang ৰ বিৰোধ (opposition) ক্রমে শব্দমূল আৰু ধাতুব বিকাৰ ঘটাই সাধন কৰা হৈছে। অসমীয়াতো তেনেকৈ পেহা-পেহী, মহা-মাহী, পাৰোঁ-নোৱাৰোঁ, নে-নিয়ৰ মাজৰ বিৰোধ শব্দমূল বা ধাতুব আংশিক বিকাৰৰ যোগেদি সাধিত। সম্পূর্ণ বিকাৰক বিকল্পে সম্পূর্ণ (Suppletion) বুলি উল্লেখ কৰা হয়। ইংৰাজীত go: went, bear: born, good: better, bad: worse আদিব বিৰোধলৈ লক্ষ্য কৰিলে দেখা যাব যে বিভক্তি/প্রত্যয় যোগ হোৱাৰ আগতেই মুক্তৰূপ বা শব্দমূল/ধাতুৰ, সম্পূর্ণ রূপগত পৰিবৰ্তন ঘটিছে। অসমীয়াত তেনেকৈ অতীত কালৰ ৰূপ কৰিব লাগিলে 'যা'-ধাতুৰ পূৰ্ণ বিকাৰ ঘটি 'গ'- হয়; ভবিষ্যৎ কালত 'আছ'-ধাতু 'থাক'-হয়, 'সি' সর্বনাম কর্তা ভিন্ন অন্য কাৰকত 'তা'-হয়; যেনে- তাক, তালৈ ইত্যাদি; 'চা'- ধাতু পাঁচনিত 'দেখুওৱা'-হয়।
১০। শূন্য বিকাৰ (Zero modification) কি?
উত্তৰঃ কেতিয়াবা কোনো কোনো পৰিস্থিতিত কিছুমান বিভক্তি বা প্রত্যয়ৰ প্ৰকাশ নাথাকে। কিন্তু শব্দসাধন বা ক্রিয়াসাধন প্রক্রিয়ালৈ চালে ধাৰণা হয় যেন তাতো কিবা এটা বিভক্তি বা প্রত্যয় আছে, যিটো শূন্যৰ বাহিৰে আন একো নহয়। তলৰ উদাহৰণকেইটালৈ চোবা যাওক।
২৫ (ক) বাম-এ কলে, খালে; কিন্তু ৰাম - (Ø) গ'ল
(খ) হবি-এ দিলে, আনিলে; কিন্তু হৰি- (Ø) গ'ল
২৬ (ক) তেওঁ আন-ইল্-এ, কিন্-ইল্-এ কিন্তু তেওঁ আহ-ইল- (Ø)
(খ) সি লিখ-ইল্-এ, পঢ়-ইল্-এ কিন্তু সি বহ-ইল- (Ø)

(২৫) ৰ (১) চিনটোৱে কৰ্তা কাৰকৰ বিভক্তিক আৰু (২৬) ৰ (Ø) শূন্য চিনটোবে তৃতীয় পুৰুষৰ বিভক্তিক প্রতিনিধিত্ব কৰিছে। এনেধৰণৰ ৰূপতাত্ত্বিক গঠনক কোৱা হয় শূন্য বিকাৰ আৰু বিভক্তিৰ চিনটোক কোৱা হয় (Ø) শূন্য বিভক্তি।
১১। মুক্ত বিকল্প (free variation) কি?
উত্তৰঃ কেতিয়াবা একেটা শব্দমূল বা ধাতুৰপৰা ভিন ভিন নিয়ম প্রয়োগ কৰি দুইবা ততোধিক শব্দ বা ক্রিয়াপদ সাধন কৰা হয়। সেইবোৰৰ এটাক আনটোৰ মুক্ত বিকল্প বুলি কোৱা হয়। সকলো পৰিস্থিতিতে এনে ৰূপৰ এটাৰ ঠাইত আনটো বহিব পাৰে। সেয়া তলৰ উদাহৰণবোৰত দেখুওৱা হ'ল-
২৭ (ক) বিশিষ্ট → বিশিষ্টতা, বৈশিষ্ট্য
মধুৰ → মধুৰতা, মাধুর্য
(খ) তাই → সিহঁত, তাইহঁত
ৰাইজ → ৰাইজ, বাইজসকল
(গ) ঘৰ → ঘৰলৈ, ঘৰ-ত যাওঁ মা
মা → তোৰ মাৰ, মা
ওপৰৰ ২৭ (গ)ত দিয়া ৰূপবিলাকক মুক্ত বিকল্প হিচাপে মানিবলৈ কিছুমান ব্যাকৰণকাৰে আপত্তি কৰিব। কিন্তু এনে আপত্তি অবৈজ্ঞানিক। ভাষা বোঁৱতী সুঁতিৰ দৰে। সদায় পৰিৱৰ্তনশীল। যুগে যুগে ভাষা পৰিৱৰ্তিত হৈ আহিছে। ভাষাই লিখিত ৰূপ লোৱাৰ পিছৰপৰা এই পৰিবৰ্তনৰ গতি মন্থৰ হৈছে সঁচা, কিন্তু ৰুদ্ধ হোৱা নাই আৰু নহয়ো। পৰিৱৰ্তনশীলতাই জীবন্ত ভাষাৰ লক্ষণ। ব্লক আৰু ট্ৰেগাৰৰ ভাষাত ক'বলৈ হ'লে ভাষা এটা কেনেদৰে কোৱা উচিত তাক নিৰ্ণয় কৰাৰ অধিকাৰ ব্যাকৰণকাৰৰ নাই; বৰং ভাষা এটা কেনেধৰণে কোৱা হয়, তাৰ বস্তুনিষ্ঠ (Objective) বর্ণনা নিৰপেক্ষভাবে তুলি ধৰাটোৱে বৰ্ণনাত্মক ব্যাকৰণকাৰৰ কাম। বর্তমান দশকৰ অসমীয়াত, বাটে-ঘাটে, হাটে-বজাবে 'ঘৰত যাওঁ' 'বজৰাত যাওঁ', 'যোৰহাটত যাওঁ' আৰু 'তোৰ মাৰ', 'তোৰ দেউতা', 'তোমাৰ ঘৈণী' আদি শব্দগুচ্ছ ইমান ব্যাপকভাবে ব্যৱহাৰ হ'বলৈ ধৰিছে যে সেইবোৰক আধুনিক ব্যাকৰণত স্বীকাৰ নকৰি উপায় নাই।
১২। বাক্যতত্ত্ব (Syntax) বুলিলে কি বুজা?
উত্তৰঃ গ্রীক ভাষাৰ 'Syntaxis' শব্দটোৰ পৰা ইংৰাজী 'Syntax' শব্দটোৰ সৃষ্টি হৈছে। ইয়াৰ আভিধানিক অর্থ 'rules for sentence making' 'Syntax'-অৰ অসমীয়া প্রতিশব্দ হৈছে বাক্যতত্ত্ব। বাক্যতত্ত্বত বাক্য গঠনৰ ৰীতি, প্রকৃতি সম্বন্ধে আলোচনা কৰা হয়।
বাক্য হৈছে ভাষাৰ বৃহত্তম একক (unit)। ই স্বয়ংসম্পূর্ণ, অর্থাৎ বাক্যই একোটা মনোভাব সম্পূর্ণকৈ প্রকাশ কৰিব পাৰে। যিবোৰ উপাদানেৰে বাক্য গঠিত হয়, সেইবোৰক শব্দ বোলে। কোনো এটা ভাষাৰ কোনো এটা বাক্য গঠন কৰিবৰ নিমিত্তে সেই ভাষাৰ নির্বাচিত কেইটামান শব্দবহে প্রয়োজন হয়। সেই শব্দসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি তুলি সেইবোৰক একক হিচাপে ৰূপ দিবৰ বাবে প্রতিটো ভাষাৰে নিজা নিজা নিয়ম আছে। এই নিয়মক বাক্যতত্ত্ব বোলে।
১৩। বাক্যক প্রধানকৈ কি কি ভাগত বিভাগ কৰা হৈছে?
উত্তৰ: পৰম্পৰাগত ব্যাকৰণত বাক্যক দুটা প্রধান ভাগত বিভাগ কৰা হৈছে-উদ্দেশ্য (Subject) আৰু বিধেয় (Predicate)।
যাক অৱলম্বন কৰি বক্তাৰ মনোভাব প্রকাশিত হয়, তাক উদ্দেশ্য বোলে আৰু উদ্দেশ্য সম্বন্ধে যি কোৱা হয় তাক বোলে বিধেয়। যেনে- ৰাম ঘৰলৈ গ'ল। এই বাক্যটোৰ 'বাম' হ'ল উদ্দেশ্য আৰু 'ঘৰলৈ গ'ল' হ'ল বিধেয়।
উদ্দেশ্য আৰু বিধেয়- এই দুটা মৌলিক উপাদানৰ ওপৰত ভিত্তি কবি, গঠনৰ ফালৰপৰা বাক্যক তিনি শ্রেণীত ভগোৱা হয়। যেনে-
(ক) সৰল বাক্য (Simple sentence)
(খ) মিশ্র বা জটিল বাক্য (Complex sentence) আৰু
(গ) যৌগিক বাক্য বা সংযুক্ত বাক্য (Compound sentence)।
১৪। অর্থ বা ভাবৰ প্ৰতি লক্ষ্য ৰাখি বাক্যক প্ৰধানকৈ কি কি ভাগত বিভক্ত কৰা হৈছে?
উত্তৰ: অৰ্থ বা ভাবৰ প্ৰতি লক্ষ্য বাখি বাক্যক কেতবোৰ শ্ৰেণীত ভগোৱা হয়। তলত সেইবোৰ উল্লেখ কৰা হ'ল-
(ক) নিদের্শাত্মক বাক্য (Indicative): নির্দেশাত্মক বাক্য দুবিধ (ক) অস্ত্যর্থক (Affirmative) আৰু (খ) নাস্তার্থক (Negative)।
(i) অন্ত্যর্থকঃ মই পঢ়িছোঁ।
(ii) নাস্ত্যর্থকঃ মইনপড়ো।
(খ) প্রশ্নসূচক বাক্য (Interrogative Sentence): তুমি যাবানে?
(গ) ইচ্ছাসূচক বাক্য (Optative Sentence): তোমাৰ কুশল হওক।
(ঘ) আদেশাত্মক বাক্য (Imperative Sentence): তুমি ওলাই যোৱা।
(ঙ) কাৰ্যকাৰণাত্মক বাক্য (Conditional Sentence): যদি তুমি আহিলাহেঁতেন, মই তোমাৰ লগত গ'লোঁহেঁতেন।
(চ) সন্দেহাত্মক বাক্য (Dubitative Sentence): হয়তো সি নাহিবই।
(ছ) বিস্ময়াত্মক বাক্য (Interjective Sentence): আঃ কি অপূর্ব দৃশ্য!
১৫। চমুটোকা লিখা:
(ক) ৰূপতত্ত্ব।
উত্তৰ: বর্ণনাত্মক ভাষাবিজ্ঞানে সামৰি লোৱা আন এটা দিশ হৈছে ৰূপতত্ত্ব। ভাষাত উচ্চাৰিত হোৱা ধ্বনিসমূহ বাছি উলিওৱাৰ পিছত ধ্বনি সংযোগৰ ফলত সৃষ্টি হোৱা ৰূপসমূহৰ বিষয়ে অধ্যয়ন কৰাই ৰূপতত্ত্বৰ প্রধান কাম। একোটা ভাষাত বিভিন্ন শব্দৰ প্রয়োগ ঘটে। যেনে- বিশেষ্য, বিশেষণ, সর্বনাম, ক্রিয়া, অব্যয়, ক্রিয়া-বিশেষণ ইত্যাদি। এই শব্দবোৰৰ গঠনৰীতি সম্পর্কে আলোচনা দাঙি ধৰা হয়। শব্দমূল আৰু ধাতুমূলৰ লগত যোগ হোৱা বদ্ধ রূপ, যেনে- বিভক্তি, প্রত্যয় আদিৰ ভূমিকা, লিংগ নির্ণয়, বচন আদি সম্পর্কেও ৰূপতত্ত্বৰ আলোচনাত সামৰি লোৱা হয়।
(খ) বাক্যতত্ত্ব।
উত্তৰঃ ধ্বনি সংযোগ আৰু ৰূপ সংযোগৰ ফলত সৃষ্টি হোৱা পদসমূহক অর্থব সংগতি ৰাখি যথাস্থানত বহুৱাই বাক্য সৃষ্টি কৰা হয়। প্রত্যেক ভাষাৰে বাক্যবিন্যাসৰ কিছুমান
নিজস্ব বৈশিষ্ট্য থাকে। সাধাৰণতে অসমীয়া ভাষাত বাক্যৰ ক্ৰম হৈছে-কর্তা-কর্ম+ক্রিয়া। আন ভাৰতীয় আর্য ভাষাসমূহতো বাক্যৰ পদৰ ক্ৰম অসমীয়া ভাষাৰ সৈতে একে। কিন্তু ইংৰাজী ভাষাত কর্তা+ক্রিয়া-কর্ম। এনে সুকীয়া ধৰণৰ পদৰ ক্ৰম ইংৰাজী বাক্যত পৰিলক্ষিত হয়। এনেবোৰ কথা বাক্যবিন্যাসৰ ভিতৰুৱা। তদুপৰি বাক্যৰ বিভিন্ন প্রকাৰ, ৰূপান্তৰ প্ৰক্ৰিয়াৰ সহায়ত নতুন নতুন বাক্য সৃষ্টি আদি কথাবোৰো বাক্যতত্ত্বই সামৰি থয়। বাক্যৰ এনেবোৰ দিশৰ বিশ্লেষণ ভাষাবিজ্ঞানৰ বৰ্ণনাত্মক অধ্যয়নে সামবি লয়।
(গ) শব্দার্থতত্ত্ব।
উত্তৰঃ বৰ্ণনাত্মক ভাষাবিজ্ঞানত শব্দৰ অৰ্থৰ দিশটোও সামৰি লোৱা হয়। শব্দ আক অৰ্থৰ সম্বন্ধ, পৰিৱেশ আৰু পৰিস্থিতি অনুসৰি শব্দৰ অৰ্থব ভেদ, শব্দৰ সমার্থ, বিপৰীতার্থ আৰু শব্দৰ মাজত লুকাই থকা অন্তৱর্তী অৰ্থৰ বিশ্লেষণ বর্ণনাত্মক ভাষাবিজ্ঞানে সামৰি লয়। কিছুদিনৰ আগলৈকে বর্ণনাত্মক ভাষাবিজ্ঞানীসকলে শব্দৰ অৰ্থৰ দিশটোৰ অধ্যয়নত বেছি গুৰুত্ব দিয়া নাছিল, বর্তমান এই অর্থব দিশটোত অধিক গুৰুত্ব দিয়া হৈছে আৰু নতুন নতুন দৃষ্টিভংগীৰে শব্দৰ অৰ্থৰ দিশটোৰ বিজ্ঞানসম্মত বিশ্লেষণ আগবঢ়াইছে।
ভাষা এটা বিস্তৃত অঞ্চলত বিয়পি পৰাৰ পিছত ইয়াৰ কিছুমান উপৰূপৰ সৃষ্টি হোৱা দেখা যায়। ভাষাৰ এই উপৰূপসমূহৰ অধ্যয়নকো বর্ণনাত্মক ভাষাবিজ্ঞানে সামৰি ল'ব খোজে। যিহেতু উপভাষাসমূহত ভাষাটোৰ কিছু বৈশিষ্ট্য সংৰক্ষণ হৈ থাকে। উপভাষাসমূহৰ অধ্যয়নৰ জৰিয়তে ভাষাটোৰ সম্যক ধাৰণা এটা দিব পাৰি। এনেধৰণৰ উপভাষা সম্পৰ্কীয় এখন পুথি হৈছে ড° উপেন্দ্ৰনাথ গোস্বামীৰ 'A Study in Kamrupi: A Dialect of Assamese'। বর্ণনাত্মক ভাষাবিজ্ঞানৰ পদ্ধতিৰে অধ্যয়ন কৰা গ্ৰন্থৰ ভিতৰত ড° প্রমোদ ভট্টাচাৰ্যৰ 'A Descriptive Analysis of the Boro Language' শীর্ষক গ্ৰন্থখনৰ নাম ল'ব পাৰি। বৰ্ণনাত্মক ভাষাবিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰত হাতপুথি হিচাপে ল'ব পৰা গ্ৰন্থৰ ভিতৰত- গ্লিছনৰ (Gleason) 'An Introduction of Descriptive Linguistics' আৰু চার্লছ হকেটৰ (Charles Hocket) 'A Course in Modern Linguistics' এইকেইখন পুথি বিশেষভাবে উল্লেখযোগ্য।
(ঘ) প্রাকৃতি।
উত্তৰঃ পৃথিৱীৰ ভাষাসমূহত যথেষ্ট সংখ্যক 'প্রাকৃতি' থাকে। এনে প্রাকৃতিকসমূহৰ ভিতৰত যিবোৰ প্রাকৃতিক কেন্দ্ৰ কৰি আন প্রাকৃতিক সংযোগ কৰি ভিন ভিন অর্থবাচক ৰূপৰ সৃষ্টি কৰা হয়, সেই প্রাকৃতিকসমূহক প্রকৃতি বা মূল প্রাকৃতিক (Root Morphene) বোলা হয়। প্রকৃতিবোৰেই সকলো ভাষাৰ শব্দ বা পদৰ আধাৰস্বৰূপ। উদাহৰণস্বৰূপে, অসমীয়া ভাষাৰ 'বুধিয়ক' শব্দটো ভাঙিলে বোধই অক এই তিনিটা 'প্রাকৃতি' পোৱা যায়। এই তিনিটাৰ ভিতৰত 'বোধ' প্রাকৃতিটো মূল প্রাকৃতি আৰু এই মূল প্রাকৃতিটোৰ গইনা লৈয়ে- 'ই' আৰু 'অক' প্রাকৃতি সংযোগ কৰি 'বুধিয়ক' শব্দ সৃষ্টি কৰা হৈছে।
'বোধ' প্রকৃতিৰ অবিহনে- 'ই' আৰু 'অক' প্রাকৃতিয়ে কোনো অর্থ প্রকাশক রূপ সৃষ্টি কৰিব নোৱাৰে। সেয়ে ইয়াত 'বোধ' হ'ব মূল প্রাকৃতি অর্থাৎ 'প্রকৃতি'; এই প্রকৃতিটোৰ নিজা অর্থ আছে। ঠিক তেনেদৰে ইংৰাজী ভাষাৰ 'unuseful' এইশব্দটো un+use+ful এই তিনিটা প্রাকৃতিৰে গঠিত হৈছে। ইয়াত 'use' টো মূল প্রাকৃতি বা প্রকৃতি। কাৰণ 'use' প্রকৃতি আগত un আৰু পিছত-ful এই দুটা প্রাকৃতি সংযোগ হৈ এটা অর্থ বহন কৰিছে। 'use' ৰ অবিহনে 'un' আৰু 'ful' এই দুয়োটাই কোনো অর্থবহ ৰূপ সৃষ্টি কৰিব নোৱাৰে।
(ঙ) সর্গ।
উত্তৰ: মূল প্রাকৃতি বা প্রকৃতিৰ লগত যিবোৰ প্ৰাকৃতি যুক্ত হৈ অর্থবহ ভিন্ন ৰূপৰ সৃষ্টি কৰি বাক্যত ব্যৱহাৰৰ উপযোগী কৰি তোলে তেনে প্রাকৃতিবোৰকে 'সর্গ' বোলা হৈছে। সাধাৰণতে দুই শ্রেণী প্রাকৃতিৰ ভিতৰত মুক্ত রূপসমূহক 'প্রকৃতি' আৰু বদ্ধৰূপসমূহক 'সর্গ' বুলি কোৱা হয়। আগতে উল্লেখ কৰি অহা বুধিয়ক শব্দৰ বোধ+ই+অক এই তিনিটা প্রাকৃতিৰ 'বোধ' মূল প্রাকৃতি বা প্রকৃতি আৰু-ই' আৰু 'অক' বদ্ধ প্রাকৃতি বা সর্গ। বোধ + ই = বুদ্ধি শব্দই এটা অর্থ বহন কৰিছে। আনহাতে বুদিধ+ অক 'বুধিয়ক' শব্দই আন এটা অর্থ বহন কৰিছে। ঠিক এনেদৰে 'unuseful' শব্দৰ 'use' মূল প্রাকৃতি বা প্রকৃতি 'use' ৰ আগত 'un' লগ লগাই 'unuse' এটা ভিন্ন বাচক ৰূপ সৃষ্টি কৰিছে আৰু 'use' ব আগত 'un' আৰু পিছত 'ful' লগ লাগি 'unuseful' আন এটা ভিন্ন রূপ কৰা হৈছে।
সাধাৰণতে অসমীয়া ভাষাত নামশব্দ, প্রাকৃতিপদিক আৰু ধাতুমূহক 'প্রকৃতি' বোলা হয়। এইবোৰক মুক্ত প্রাকৃতিৰ শ্ৰেণীত ধৰা হয়। নামশব্দ আৰু ধাতুৰ লগত যোগ হোৱা প্রত্যয় আৰু বিভক্তিসমূহক 'সর্গ' বোলা হয়। এইবোৰক বদ্ধ প্রাকৃতিৰ শ্ৰেণীত ধৰা হয়।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ কেইটা আৰু কি কি বহলাই আলোচনা কৰা।
উত্তৰঃ ভাষাবিজ্ঞান অধ্যয়নৰ পৰিধি অতি ব্যাপক। ইয়াৰ উদ্দেশ্য হৈছে বৈজ্ঞানিক দৃষ্টিভংগীৰে ভাষাৰ বিশ্লেষণ দাঙি ধৰা। ভাষা হৈছে মানুহৰ ভাব প্রকাশৰ এটা অন্যতম মাধ্যম। ই এনে এটা মাধ্যম যাৰ জৰিয়তে এজন বক্তাই কোনো বার্তা আন এজন ব্যক্তিলৈ প্ৰেৰণ কৰে আৰু দ্বিতীয়জন ব্যক্তিয়ে তাক গ্ৰহণ কৰি প্ৰেৰকৰ সৈতে পুনৰ বাৰ্তা বিনিময় কৰিব পাৰে। সেয়ে স্বাভাৱিকতে বক্তাই বাৰ্তা প্ৰেৰণ কৰিবলৈ হ'লে মুখেৰে কিছুমান ধ্বনি উচ্চাৰণ কৰিব লাগিব। মুখেৰে উচ্চাৰিত এই ধ্বনিবোৰে একোটা অর্থবাচক শব্দৰ সৃষ্টি কৰে কৰে আৰু এই অর্থপূর্ণ শব্দবোৰ লগলাগি একোটা বাক্যৰ সৃষ্টি হয়।
ভাষাৰ বিভিন্ন উপাদানৰ সংযোগ প্রণালীৰপৰা স্পষ্ট যে ভাষাৰ অধ্যয়নৰ চাৰিটা স্তৰ থাকে- ধ্বনি, শব্দ বা রূপ, বাক্য আৰু অর্থ। এই স্তৰ চাৰিটাৰ জৰিয়তে অধ্যয়ন কৰিব পাৰি।
এনেদৰে ভাষাৰ অধ্যয়নৰ স্তৰক ভাষাৰ গঠন-প্ৰণালীৰ বিচাৰ আৰু বিশ্লেষণৰ পদ্ধতি অনুসৰি চাৰিটা ভাগত ভাগ কৰা হয়।
(ক) ধ্বনিতত্ত্বঃ ভাষাৰ ধ্বনিসমূহৰ বিজ্ঞানসম্মত বিচাৰ-বিশ্লেষণৰ নাম ধ্বনিতত্ত্ব।
যেনে- অসমীয়া ধ্বনিতত্ত্ব, বাংলা ধ্বনিতত্ত্ব। ধ্বনিতত্ত্বত ভাষা বিশেষত উচ্চাৰিত বাধ্বনি, ধ্বনিসমূহৰ পৰিৱৰ্তন, বর্ণ আৰু উপধ্বনি সম্পর্কে সূক্ষ্মভাবে আলোচনা কৰা হয়। মানুহৰ বাগ্যন্ত্ৰৰদ্বাৰা বিভিন্ন প্ৰকাৰৰ ধ্বনি উচ্চাৰিত হ'লেও কোনো এক ভাষাত মাত্র কেইটামান ধ্বনিহে প্রয়োগ হয়। গতিকে ধ্বনিতত্ত্বত কোনো এটা বিশেষ ভাষাত ব্যবহৃত ধ্বনিসমূহৰহে অধ্যয়ন কৰা হয়। ধ্বনিৰ স্বৰূপ আৰু সিবোৰৰ প্রায়োগিক বিশ্লেষণ ধ্বনিতত্ত্বৰ কাম। ইয়াত ধ্বনিবিজ্ঞান আৰু বর্ণবিজ্ঞান দুয়োটা বিষয় জড়িত হৈ থাকে। হাঁওফাওঁৰপৰা বাহিৰলৈ ওলাই অহা আৰু বাহিৰৰপৰা মুখৰ ভিতৰলৈ সোমাই অহা বায়ুপ্রৱাহৰ সহায়ত বাগিদ্ৰীয়ৰ সঞ্চানত এক প্ৰকাৰ নাদৰ সৃষ্টি হয়, এইনাদকেই 'বাধ্বনি' বুলি কোৱা হয়। উদাহৰণস্বৰূপে, 'মই ভাত খাও' এই বাক্যটোত মই, ভা+আ+ত, খ+আ+ ও আদি কেইবাটাও ধ্বনি উচ্চাৰিত হয়। বাধ্বনিসমূহক দুটা ভাগত ভগোৱা হয়। এটা হ'ল বিভাজ্য আৰু আনটো অবিভাজ্য। যিবোৰ ধ্বনিক নির্দিষ্ট গোট হিচাপে ভাগ কৰি দেখুৱাব পাৰি সেই ধ্বনিসমূহক বিভাজ্য ধ্বনি আৰু যিবোৰ ধ্বনিক ভাগ কৰি দেখুৱাব নোৱাৰি অথচ সেইবোৰৰ অস্তিত্ব অনুভৱ কৰিব পাৰি তাক অবিভাজ্য ধ্বনি বোলে। বিভাজ্য ধ্বনি আকৌ দুই প্ৰকাৰৰ- স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি। হাঁওফাওঁৰপৰা ওলাই অহা বায়ু প্ৰৱাহক জিভাৰ বিভিন্ন অংশৰ সঞ্চানেৰে পৰিৱৰ্তিত কৰি যিবোৰ ধ্বনিৰ সৃষ্টি কৰা হয় সেইবোৰক স্বৰধ্বনি বোলা হয়। আনহাতে, বতাহৰ প্ৰৱাহক আংশিক বা সম্পূৰ্ণৰূপে ৰোধ কৰি যিবোৰ ধ্বনি সৃষ্টি কৰা হয় সেইবোৰক ব্যঞ্জনধ্বনি বোলে। স্বৰধ্বনিসমূহক আকৌ মাত্রা আৰু গুণ অনুসৰি চাৰিটা ভাগত ভাগ কৰিব পাৰি।
(খ) ৰূপতত্ত্বঃ ভাষাৰ অধ্যয়নৰ দ্বিতীয়টো স্তৰ হৈছে ৰূপতত্ত্ব। ধ্বনিতত্ত্বৰ মূল আধাৰ যিদৰে ধ্বনি, সেইদৰে ৰূপতত্ত্বৰ মূল আধাৰ ৰূপ বা প্রাকৃতি। ৰূপতত্ত্বত ভাষাৰ ৰূপ বা
প্রাকৃতিৰ অন্তৰ্গত প্রকৃতি, সৰ্গ অর্থাৎ শব্দমূল, ধাতুমূল, প্রত্যয়, বিভক্তি আদিৰ পুংখানুপুংখ বিশ্লেষণ কৰা হয়। উদাহৰণস্বৰূপে, অসমীয়া ভাষাৰ বিশেষ্য, বিশেষণ, সর্বনাম, অব্যয়, ক্রিয়া আদি শব্দ, বিভিন্ন প্রকাৰৰ প্রত্যয়, শব্দ-বিভক্তি, ক্রিয়া-বিভক্তি, পুরুষ, বচন, কাল আদিৰ বিশ্লেষণ অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ বিষয়। ৰূপতত্ত্বত সাধাৰণতে দুটা দিশৰ ওপৰত অধ্যয়ন কৰা হয়। এটা হ'ল- শব্দ গঠনৰ প্রত্যয় আৰু আনটো পদ গঠনৰ বিভক্তি।
ৰূপতাত্ত্বিক আলোচনাৰ মৌলিক একক হৈছে- প্রাকৃতি বা ৰূপ। এই প্রাকৃতিৰপৰা প্রাতিপাদিক, ধাতু, শব্দ আৰু এইবোৰৰ সাধন বা রূপ আদি নিষ্পন্ন কৰা হয়। প্রাকৃতি বৰ্ণৰ ওপৰ স্তৰৰ একক বিশেষ। এটা বা একাধিক বৰ্ণেৰে প্রাকৃতি ৰচিত হয়। প্রাকৃতিৰ সদায় একোটা নিজস্ব অর্থ থাকে। অর্থাৎ বর্ণবে নির্মিত অবিভাজ্য, অর্থাৎ ক্ষুদ্রতম অর্থযুক্ত ৰূপেই হৈছে প্রাকৃতি। উদাহৰণস্বৰূপে- 'মোমায়েকহঁতলৈ এই পদটোৰ অৰ্থ পৰীক্ষা কৰিলে দেখা যায় যে কাৰোবাৰ লগত সম্বন্ধ থকা (নাম- পুৰুষবাচকত্ব-এক), মাকৰ ভায়েক বা ককায়েক (পুংলিংগবাচক), মোমায়েক এজন নহয় একাধিক অথবা লগত সংগতি ৰাখি পদটোক মোমাই-এক্-হঁত-অলৈ মাত্র এই চাৰিটা খণ্ডত ভগাব পাৰি। সেয়ে এই চাৰিটা খণ্ডৰ প্ৰত্যেকটোবে একোটাহঁত প্রাকৃতি। প্রাকৃতিসমূহৰ কিছুমানক স্বতন্ত্রভাবে মাতিলে বা উল্লেখ কৰিলে সেইবোৰৰ স্বতন্ত্ৰ অৰ্থ বুজি পোৱা। যায়। যেনে-মানুহ, ঘৰ, গছ, ভাত আদি। এনদৰে নিজে অর্থ প্রকাশ কৰিব পৰা ৰূপবোৰক মুক্ত প্রাকৃতি বা রূপ বোলে। আকৌ কিছুমান প্রাকৃতি অকলে উল্লেখ কৰিলে সিহঁতৰ একো অর্থ পোৱা নাযায়। দুটা বা ততোধিক প্রাকৃতি সংযুক্ত হ'লেহে তাৰ অৰ্থ বুজি পোৱা যায়, এনে প্রাকৃতিক বন্ধ বা যুক্ত প্রাকৃতি বা ৰূপ বোলে। যেনে- 'খাওঁ' পদৰ খা প্রাকৃতিটোৰ স্বকীয় অর্থ আছে, সেয়ে ই মুক্ত প্রাকৃতি, কিন্তু ইয়াৰ লগত লগা-ওঁ প্রাকৃতিটোৱে 'মই' বা 'আমি' অর্থ যে প্রকাশ কৰে সেয়া ধৰিব নোৱাৰি, ধাতুটোৰ লগত যুক্ত হ'লেহে ধৰিব পাৰি। গতিকে - ও এটা বদ্ধ প্রাকৃতি।
প্রাকৃতিক প্রধানকৈ তিনিটা ভাগত ভাগ কৰা হয়, যথা- প্রাকৃতি, মূলাভাস প্রাকৃতি সর্গ।
(গ) বাক্যতত্ত্ব: ভাষাবিজ্ঞান অধ্যয়নৰ আন এটা স্তৰ হ'ল বাক্যতত্ত্ব। অসমীয়া বাক্যতত্ত্ব শব্দগুচ্ছ ইংৰাজী 'Syntax' শব্দৰ সমাৰ্থক হিচাপে ব্যৱহৃত। ইংৰাজী 'Syntax' শব্দটো আহিছে গ্রীক 'Syntaxis' শব্দৰপৰা। ইয়াৰ আভিধানিক অর্থ 'Rules of Sentence making'। ধ্বনিসংযোগ আৰু ৰূপসংযোগৰ ফলত সৃষ্টি হোৱা পদসমূহক অৰ্থৰ সংগতি ৰাখি যথাস্থানত বহুৱাই বাক্যৰ সৃষ্টি কৰা হয়। বাক্যই মানুহৰ মনৰ এটি সম্পূর্ণভার প্রকাশ কৰে। সেই কাৰণে ভাষাক বাক্যভিত্তিক বুলিও কোৱা হয়। আকৌ ৰূপৰ লগত ৰূপৰ সংযোগ, সিহঁতৰ ক্ৰম আৰু ৰূপৰ মাজত সম্পৰ্ক এই আটাইখিনি লগলাগিহে একোটা খণ্ডবাক্য বাক্য হয়। এটা বাক্যত ব্যবহাৰ হোৱা ৰূপবোৰৰ বেছিভাগ ভাষাতে একোটা ক্রম থাকে, অর্থাৎ এক শ্রেণী ৰূপৰ পিছত আন এক শ্রেণী ৰূপহে থাকিব পাৰে।
বাক্যতত্ত্বত বাক্য এটাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা শব্দৰ প্ৰণালী, ইটোৰ শব্দৰ লগত সিটো শব্দৰ সম্পৰ্ক, সেই সম্পৰ্কৰ প্ৰকাৰভেদ আদিৰ বিষয়ে আলোচনা কৰা হয়
ঘ) অর্থতত্ত্ব: ভাষাবিজ্ঞানৰ এটা উল্লেখযোগ্য স্তৰ হ'ল- অৰ্থতত্ত্ব। ভাষাতত্ত্বব আলোচনাত অৰ্থৰ আলোচনাৰ দিশটোও অপৰিহাৰ্য। ইংৰাজীত অৰ্থতত্ত্বব প্রতিশব্দ হিচাপে 'Semantics' শব্দটি ব্যৱহাৰ হয়। ইয়াৰ মূল হৈছে গ্রীক ভাষাৰ 'Semaino' শব্দটি। ইয়াৰ অৰ্থই হৈছে ভাষাৰ আত্মা। অর্থ অবিহনে ভাষাৰ কোনো মূল্য নাই। অর্থ সম্বন্ধে প্রাচীন কালৰেপৰাই বিভিন্ন আলোচনা চলি আহিছে। শব্দ একোটাই নির্দিষ্ট সময় বিশেষত আহৰণ কৰা অৰ্থ চিৰকাল বৰ্তি নাথাকিবও পাবে। শব্দৰ মৃত্যু ঘটিব পাৰে। আকৌ নতুন শব্দৰ জন্ম হ'ব পাৰে অথবা প্রচলিত শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটিবও পাৰে। অর্থতত্ত্বত শব্দৰ অৰ্থ, অর্থ পৰিৱৰ্তনৰ ধাৰা, অর্থ পৰিবৰ্তনৰ কাৰণ, শব্দৰ মৃত্যু নতুন শব্দৰ জন্ম তাৰ কাৰণ- এই আটাইবোৰ দিশৰ আলোচনা কৰা হয়।
অৰ্থৰ পৰিৱৰ্তনৰ তিনিটা ধাৰা পোৱা যায়। সেইকেইটা হ'ল- অর্থ-সংকোচন, অর্থ-বিস্তাৰ আৰু অৰ্থ সংশ্লেষ।
অর্থতত্ত্বত অৰ্থৰ পৰিৱৰ্তনৰ কাৰণসমূহো অধ্যয়ন কৰা হয়। অৰ্থৰ পৰিৱৰ্তনৰ কাৰণ মূলতে মনস্তাত্ত্বিক যদিও ইয়াৰ লগত ভৌগোলিক, সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক আদি কাৰণ জড়িত হৈ থাকে।
২। ভাষাৰ ৰূপতত্ত্ব সম্পর্কে এটি আলোচনা আগবঢ়োৱা।
উত্তৰঃ ভাষা অধ্যয়নৰ অন্যতম স্তৰ হৈছে 'রূপতত্ত্ব'। ভাষাবিজ্ঞানৰ এই স্তৰত ভাষাৰ ব্যাকৰণত এককসমূহ (Unit) বিজ্ঞানসম্মতভাৱে অধ্যয়ন কৰা হয়। ভাষাত ব্যৱহৃত ৰূপসমূহৰ বিশ্লেষণ, অর্থাৎ শব্দ গঠন আৰু পদসাধনৰ পৰ্যালোচনা ৰূপতত্ত্বত কৰা হয়। ব্লুমফিল্ডৰ মতে- 'ভাষাৰ অংগবোৰৰ লগত ব্যৱহাৰ হোৱা বদ্ধৰূপবোৰৰ আলোচনাই হৈছে ৰূপতত্ত্ব।' নিদাৰ ভাষাত- "শব্দ আৰু শব্দাংশ গঠনত প্রাকৃতি আৰু প্রাকৃতিবোৰৰ প্রয়োগ সম্পর্কে অধ্যয়নেই হৈছে 'রূপতত্ত্ব'।"
ৰূপতত্ত্বৰ পৰিসৰ অতি বিস্তৃত। পৃথিবীৰ সকলো ভাষাতে সীমিত সংখ্যকহে বাধ্বনি উচ্চাৰিত হয়। বাধ্বনিবোৰৰ এটা বা এটাতকৈ অধিক ধ্বনিৰ সংযোগ ঘটাই অর্থ প্রকাশক এটা ৰূপ সৃষ্টি কৰা হয়। কিন্তু প্রত্যেক ভাষাতে ৰূপগঠন বা শব্দ গঠন পদ্ধতি ইমান বেলেগ যে বিশেষ এটা নিয়ম বা পদ্ধতিৰে ইয়াক বিশ্লেষণ কৰা অতি জটিল। কিছুমান ভাষাত বদ্ধৰূপবোৰ মূলৰূপৰ আগত যোগ হয়, কিছুমান ভাষাত মূলৰূপৰ মাজত, কিছুমান ভাষাত পিছত আৰু কিছুমান ভাষাত আগত আৰু পিছত যোগ হয়। ভাষাবিশেষে এই বদ্ধৰূপবোৰ মূলৰূপৰ সৈতে এনেদৰে সংযোগ হৈ থাকে, তাক সহজে বাছি উলিওৱা কঠিন হৈ পৰে। আনহাতে, কিছুমান ভাষাৰ প্রত্যয়বোৰৰ সংযোগ অতি স্পষ্ট ৰূপত পোৱা যায়। ভাষা এটাৰ বৈয়াকৰণিক ৰূপ, যেনে- উপসর্গ (Prefix), পৰসৰ্গ (Suffix), অন্তঃসর্গ (Infix) এইবোৰে শব্দগঠনত আৰু পদাসাধনত কেনেদৰে কাৰ্য সাধন কৰে;
লিংগ, বচন, পুৰুষ আদি কেনেকৈ নির্ণয় কৰা হয়; এইবোৰে শব্দৰ গঠনত কেনে পৰিৱৰ্তন সাধন কৰে, এই সকলোবোৰ বৈয়াকৰণিক দিশৰ বিস্তৃত আলোচনা ৰূপতত্ত্বত আগবঢ়োৱা হয়।
ভাষাৰ ৰূপতাত্ত্বিক গঠনৰ (Morphological Structure) আলোচনাত আকৃতি (Morph), প্রাকৃতি (Morpheme), উপাকৃতি (Allomorph) আদি সম্পর্কেও জনাটো প্রয়োজনীয়। ভাষাৰ ৰূপতত্ত্ব আলোচনাৰ প্ৰধান সামগ্রী হ'ল 'আকৃতি'। এই আকৃতিসমূহৰপৰাই 'প্রাকৃতি' আৰু 'উপাকৃতি' নিৰ্ণয় কৰা হয়।
এক বা একাধিক বৰ্ণৰে ৰূপ বা আকৃতি গঠিত হয়। আকৃতিবোৰক ভাষাৰ গঠনৰ নিয়ম অনুসৰি লগ লগাই শব্দ আৰু পদ গঠন কৰা হয়। পদসমূহক যথাস্থানত বহুৱাই বাক্য সৃষ্টি কৰি মনৰ ভাব আদান-প্রদান কৰা হয়। বাক্যত ব্যৱহৃত পদবোৰক খণ্ডিত কৰি আকৃতিসমূহ বাছি উলিওৱা হয়। সাধাৰণতে 'শব্দ' বুলিলে আমি স্বয়ং সম্পূর্ণ নিজা অর্থ থকা এক উপাদান বুলি বুজোঁ। ৰূপতত্ত্বৰ আলোচনাত শব্দ আৰু ৰূপ বা আকৃতি এই দুটাৰ মাজত পাৰ্থক্য আছে। শব্দ এটাত একাধিক উপাদান নিহিত হৈ থাকে আৰু প্ৰতিটো শব্দক অৰ্থৰ প্ৰতি দৃষ্টি বাখি একাধিক খণ্ডত বিভাজন কৰিব পাৰি। ক্ষুদ্রতম বিভাজিত খণ্ডবোৰক 'ৰূপ বা আকৃতি' বোলা হয়। আকৃতি বা ৰূপ ভাষা এটাৰ ক্ষুদ্রতম অর্থবহ গোট (Smallest meaningful unit of a language)। John Lyons-ৰ মতে, 'ভাষাত ব্যবহৃত শব্দক যেতিয়া খণ্ডিত কৰা হয়, সেই খণ্ডিত কৰি উলিওৱা খণ্ডবোৰকে ৰূপ বা আকৃতি (Morph) বোলে।' উদাহৰণস্বৰূপে- মানুহজন, গৰুবোৰ, কলমটো আদি শব্দকেইটাক মানুহ জন, গৰু বোৰ, কলম টো আদি ক্ষুদ্রতম, অথচ অর্থপূর্ণ খণ্ডত ভাঙিলত মানুহ, গৰু, কলম, জন, টো, বোৰ আদি ৰূপ পোৱা গৈছে। ইহঁতক ইয়াতকৈ আৰু সৰু সৰু গোটত ভাগ কৰিব নোৱাৰি আৰু ইহঁতৰ প্ৰত্যেকৰে একোটা ধ্রুব অর্থ আছে। ইহঁত প্রত্যেকেই একোটাহঁত 'আকৃতি'।
ৰূপতাত্ত্বিক আলোচনাৰ মৌলিক একক (Unit) হ'ল 'প্রাকৃতি'। ভাষাৰ এক বা একাধিক বৰ্ণৰে গঠিত আকৃতিসমূহৰ ধ্বনিগত আৰু অৰ্থগত সাদৃশ্য বিচাৰ কৰি একে ধ্বনিযুক্ত আৰু অর্থবাহক ৰূপবোৰক শ্রেণীবদ্ধ কৰা হয়। এনেদৰে শ্ৰেণীবদ্ধ কৰা ৰূপ বা আকৃতিসমূহৰ প্ৰয়োগ বিশ্লেষণ কৰি বিৰোধ আছেনে নাই, অর্থাৎ একে পৰিৱেশত ব্যৱহাৰ কৰিলে অৰ্থৰ শ্ৰেণী পৰিৱৰ্তন কৰিব পাৰে নে নোৱাৰে তাক বিশ্লেষণ কৰা হয়। বিৰোধ নথকা ৰূপবোৰক একোটা গোট কৰি 'প্রাকৃতি' বুলি চিনাক্ত কৰা হয়। ইংৰাজী ভাষাৰ বহুবচন বুজোৱা প্রাকৃতি হৈছে- ৪। ধ্বনিগত পৰিৱেশৰ প্ৰভাৱত এই প্রাকৃতিৰপৰাই ভিন ভিন উপাকৃতিৰ সৃষ্টি হয়। যেনে- cup-cups, boy-boys, glass-glasses, knife-knives আদি শব্দ খণ্ডিত কৰিলে বহুবচন বুজাবলৈ ব্যৱহাৰ কৰা যথাক্রমে- [/
s,-s/-z আৰু-s/-iz/] -এই তিনিটা আকৃতি পোৱা যায়। এই তিনিওটা ইংৰাজী ভাষাৰ বহুবচনাত্মক বদ্ধৰূপ; কিন্তু ইহঁত একে অর্থবোধক আকৃতি, ইহঁতৰ মাজত কোনোটোৰ ধ্বনিগত সাদৃশ্য নাই। কিন্তু অৰ্থৰ ফালৰপৰা সাদৃশ্য আছে যদিও এটাৰ ঠাইত আন এটা বহুৱাব নোৱাৰি। ইহঁত তিনিওটা পৰিপূৰক অৱস্থানত থকাৰ বাবে ইহঁতক এটা গোট কৰি 'প্রাকৃতি' হিচাপে ধৰা হয়। ইহঁত তিনিটাক এটা 'প্রাকৃতি'ত অন্তর্ভুক্ত কৰাৰ পিছত [/-s,-s/-z আৰু -es/-iz/] প্রত্যেককে একোটাহঁত উপাকৃতি বুলি কোৱা হ'ব। এই উপাকৃতি তিনিটাৰ ভিতৰত যিটো উপাকৃতিৰ প্ৰয়োগৰ সীমাবদ্ধতা কম, সেইটোৰ নামেৰে প্রাকৃতিটো নামাকৰণ কৰা হয়। ওপৰৰ উপাকৃতি তিনিটাৰ ভিতৰ [-s]-ৰ প্ৰয়োগত সীমাবদ্ধতা কম কাৰণে সামূহিক গোটটোক, অর্থাৎ প্রাকৃতিক /s/ নামেৰে নামকৰণ কৰা হয়।
ভাষাত ব্যৱহৃত পদবোৰৰ খণ্ডিতকৰণ প্ৰক্ৰিয়াৰে আকৃতিবোৰ বাছি উলিওৱাৰ পিছত ধ্বনিগত আৰু অৰ্থগত মিললৈ লক্ষ্য কৰি আকৃতিসমূহক কিছুমান গোটত ভাগ কৰি 'প্রাকৃতি' নির্ণয় কৰা হয়। এই প্রাকৃতিৰ নিৰ্দিষ্ট পৰিৱেশগত বিচিত্ৰতাক 'উপাকৃতি' বোলা হয়। কোনো এটা প্রাকৃতিৰ উপাকৃতিসমূহ চিনাক্ত কৰোঁতে তলত উল্লেখ কৰা উপাদানসমূহ বিচাৰ কৰা হয়। যেনে-
(ক) আকৃতিসমূহ একে অর্থবিশিষ্ট হ'ব লাগে।
(খ) আকৃতিসমূহৰ প্ৰয়োগৰ স্থান নির্দিষ্ট হ'ব লাগিব, অর্থাৎ পৰিপূৰক অৱস্থান (Complementary distribution) থাকিব লাগে।
(গ) আকৃতিসমূহ সমান্তৰাল গঠনত প্রয়োগ হ'ব লাগে।
অসমীয়া ভাষাৰ 'যা' ধাতুৰ বিভিন্ন পুৰুষ আৰু বিভিন্ন কালত ভিন ভিন রূপ বা আকৃতি পোৱা যায়। যেনে- যাওঁ (যা-ওঁ), গৈছোঁ (গৈ-ইছ-ওঁ), গ'লোঁ (গ'-ইল-ওঁ), যাম (যা-ম), যোৱা (যো-আ), গৈছ (যা-ইছ-অ), যাবি (যা-ইব-ই), গৈছিল (যা-ইছ-ইল) আদি। এই ভিন্ন রূপসমূহ বিশ্লেষণ কৰিলে 'যা' ধাতুৰ চাৰিটা আকৃতি পোৱা যায়। যেনে-যা-, গৈ-, গ'- আৰু যো; এই আকৃতিসমূহৰ মাজত ধ্বনিগত পার্থক্য আছে, কিন্তু প্রত্যেকৰ অৰ্থৰ ফালৰপৰা মিল আছে আৰু প্ৰত্যেকৰে প্ৰয়োগৰ স্থান নির্দিষ্ট, অর্থাৎ পৰিপূৰক অৱস্থানত আছে। গতিকে নির্দিষ্ট গুণসম্বলিত আটাইকেইটা আকৃতিক এটা গোটত ভাগ কৰি এটা প্ৰাকৃতিৰ অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ প্ৰাকৃতিক হ'ব/যা/আৰু/যা/প্রাকৃতিৰ [যা], [গৈ], [গ'] আৰু [যো] এইকেইটা উপাকৃতি হ'ব।
৩। ৰূপতত্ত্বৰ স্তৰত কি কি বিষয় অধ্যয়ন কৰা হয় সেই সম্পর্কে এটি আলোচনা আগবঢ়োৱা।
উত্তৰঃ ভাষা অধ্যয়নৰ দ্বিতীয়টো স্তৰ হৈছে ৰূপতত্ত্ব। ধ্বনিতত্ত্বৰ মূল আধাৰ যিদৰে ধ্বনি, সেইদৰে ৰূপতত্ত্বৰ মূল আধাৰ ৰূপ বা প্রাকৃতি। ৰূপতত্ত্বত ভাষাৰ ৰূপ বা প্রাকৃতিৰ অন্তর্গত প্রকৃতি, সর্গ, অর্থাৎ শব্দমূল, ধাতুমূল, প্রত্যয়, বিভক্তি আদিৰ পুংখানুপুংখ বিশ্লেষণ
কৰা হয়। উদাহৰণস্বৰূপে, অসমীয়া ভাষাৰ বিশেষ্য, বিশেষণ, সর্বনাম, অব্যয়, ক্রিয়া আদি শব্দ, বিভিন্ন প্রকাৰৰ প্রত্যয়, শব্দবিভক্তি, ক্রিয়াবিভক্তি, পুরুষ, বচন, কাল আদিৰ বিশ্লেষণ অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ বিষয়। ৰূপতত্ত্বত সাধাৰণতে দুটা দিশৰ ওপৰত অধ্যয়ন কৰা হয়। এটা হ'ল- শব্দ গঠনৰ প্রত্যয় আৰু আনটো পদ গঠনৰ বিভক্তি।
ৰূপতাত্ত্বিক আলোচনাৰ মৌলিক একক হৈছে প্রাকৃতি বা ৰূপ। এই প্রাকৃতিৰপৰা প্রাতি পাদিক, ধাতু, শব্দ আৰু এইবোৰৰ সাধন বা রূপ আদি নিষ্পন্ন কৰা হয়। প্রাকৃতি বৰ্ণৰ ওপৰ স্তৰৰ এককবিশেষ। এটা বা একাধিক বৰ্ণেৰে প্ৰাকৃতি ৰচিত হয়। প্রাকৃতিৰ সদায় একোটা নিজস্ব অর্থ থাকে। অর্থাৎ বৰ্ণৰে নিৰ্মিত অবিভাজ্য অর্থাৎ ক্ষুদ্রতম অর্থযুক্ত ৰূপেই হৈছে প্রাকৃতি। উদাহৰণস্বৰূপে- মোমায়েকহঁতলৈ এই পদটোৰ অৰ্থ পৰীক্ষা কৰিলে দেখা যায় যে কাৰোবাৰ লগত সম্বন্ধ থকা (নাম- পুৰুষবাচকত্ব-এক), মাকৰ ভায়েক বা ককায়েক (পুংলিংগবাচক), মোমায়েক এজন নহয় একাধিক অথবা লগত সংগতি ৰাখি পদটোক মোমাই-এক্-হঁত-অলৈ মাত্র এই চাৰিটা খণ্ডত ভগাব পাৰি। সেয়ে এই চাৰিটা খণ্ডৰ প্ৰত্যেকটোবে একোটাহঁত প্রাকৃতি। প্রাকৃতিসমূহৰ কিছুমানক স্বতন্ত্রভাবে মাতিলে বা উল্লেখ কৰিলে সেইবোৰৰ স্বতন্ত্র অর্থ বুজি পোৱা। যায়। যেনে-মানুহ, ঘৰ, গছ, ভাত আদি। এনদৰে নিজে অর্থ প্রকাশ কৰিব পৰা ৰূপবোৰক মুক্ত প্রাকৃতি বা ৰূপ বোলে। আকৌ কিছুমান প্রাকৃতি অকলে উল্লেখ কৰিলে সিহঁতৰ একো অর্থ পোৱা নাযায়। দুটা বা ততোধিক প্রাকৃতি সংযুক্ত হ'লেহে তাৰ অৰ্থ বুজি পোৱা যায়, এনে প্রাকৃতিক বন্ধ বা যুক্ত প্রাকৃতি বা ৰূপ বোলে। যেনে- 'খাওঁ' পদৰ 'খা' প্রাকৃতিটোৰ স্বকীয় অর্থ আছে, সেয়ে ই মুক্ত প্রাকৃতি, কিন্তু ইয়াৰ লগত লগা-ওঁ প্রাকৃতিটোৱে 'মই' বা 'আমি' অর্থ যে প্রকাশ কৰে, সেয়া ধৰিব নোৱাৰি, ধাতুটোৰ লগত যুক্ত হ'লেহে ধৰিব পাৰি। গতিকে-ও এটা বদ্ধ প্রাকৃতি।
প্রাকৃতিৰ শ্ৰেণীবিভাগঃ প্রাকৃতিক প্রধানকৈ তিনিটা ভাগত ভাগ কৰা হয়, সেইবোৰ হ'ল-
(ক) প্রাকৃতি
(খ) মূলাভাস প্রাকৃতি
(গ) সর্গ।
(ক) প্রাকৃতিঃ সকলো ভাষাতে এনে কেতবোৰ প্ৰাকৃতি থাকে, যিবোৰক কেন্দ্ৰ কৰি নানান প্রাকৃতি সংযুক্ত হৈ ভিন্ন অর্থবাচক ৰূপৰ সৃষ্টি হ'ব পাৰে, এনেবোৰ প্ৰাকৃতিক প্রাকৃতি বোলে। প্রাকৃতিবোৰেই ভাষাৰ সকলো শব্দ বা পদৰ আধাৰস্বৰূপ। উদাহৰণস্বৰূপে, পূর্বোল্লিখিত 'মোমাইকহঁতলৈ' পদটোৰ মোমাই-এক্-হঁত- অলৈ - এই চাৰিটা প্রাকৃতিৰ ভিতৰত 'মোমাই' প্রাকৃতিটোৱেই পদটোৰ আধাৰ। কাৰণ, ইয়াৰ অবিহনে বাকী চাৰিওটা প্রাকৃতি লগলাগিলেও বাক্যত প্রয়োগ কৰিব পৰা কোনো ৰূপৰ সৃষ্টি হ'ব নোৱাৰে।
প্রাকৃতিসমূহক ৰূপগত বৈশিষ্ট্যৰ বিচাৰ অনুসৰি বিভিন্ন ভাষাত বিভিন্ন প্ৰকাৰে শ্রেণীবিভাগ কৰা হয়। অসমীয়া ভাষাত প্রাকৃতিক চাৰিভাগত ভাগ কৰা হৈছে। যথা-প্রাতিপাদিক বা নাম প্রাকৃতি, ধাতু প্রাকৃতি, নামধাতু প্রাকৃতি, অব্যয় প্রাকৃতি।
(i) প্রাতিপাদিক বা নাম প্রাকৃতিঃ যিবোৰ প্ৰাকৃতিৰপৰা কেৱল নামশব্দ বা নামপদহে তৈয়াৰ হয়। সেইবোৰেই নাম প্রাকৃতি। যেনে- মানুহ, পশু, গছ, লতা, ৰাম আদি।
(ii) ধাতু প্রাকৃতি: যিবোৰ প্ৰাকৃতিৰপৰা কেৱল ধাতুশব্দ, ক্রিয়াপদ আৰু কৃদন্ত ৰূপহে তৈয়াৰ হয়, সেইবোৰক ধাতু প্রাকৃতি বোলে। যেনে- কর্, পঢ়, খা, দিহ আদি।
(iii) নামধাতু প্রাকৃতিঃ যিবোৰ প্ৰাকৃতিৰ পৰা নামশব্দ আৰু নামপদ নাইবা ধাতুশব্দ, ক্রিয়াপদ আৰু কৃদন্তরূপ পাব পাৰি তেনেবোৰ প্ৰাকৃতিকে নামধাতু প্রাকৃতি বোলে। উদাহৰণস্বৰূপে চিন্, মানু, আদি প্রকৃতিকেইটাক নাম শব্দৰূপে কাৰক অনুযায়ীও ৰূপ কৰিব পাৰি আৰু ধাতুশব্দৰূপে ক্রিয়া-বিভক্তি লগলগাই পুৰুষ অনুযায়ীও ৰূপ কৰিব পাৰি, যেনে- জ্ঞানীজনে য'তে ত'তে মান পায়, গুৰুজনৰ কথা মানিবা।
(iv) অব্যয় প্রাকৃতি: যিবোৰ প্ৰাকৃতি কোনো ৰূপ নহয়, অর্থাৎ যিবোৰ প্ৰাকৃতিৰ কাৰক বিভক্তি বা ধাতুৰূপৰ বিভক্তি লগ নালাগে সেইবোৰকে অব্যয় প্রাকৃতিৰ ভিতৰত ধৰা হয়। যেনে- তথাপি, অথচ, খাটাং আদি।
(খ) মূলাভাস প্রাকৃতি: মূল বা প্রাকৃতি আৰু সৰ্গৰ মাজতে অসমীয়া ভাষাত মূলাভাস প্রাকৃতি নামৰ প্ৰাকৃতি এবিধ পোৱা যায়। এই প্রাকৃতিবোৰক কেতিয়াবা প্রয়োগ বিশেষে মূল বা প্রাকৃতি বুলি আকৌ কেতিয়াবা সৰ্গ বুলি ধৰিব পাৰি। মূলাভাস প্রাকৃতিৰ সংখ্যা আপেক্ষিকভাবে তাকৰীয়া। অসমীয়া ভাষাৰ জন, খন, ডাল, গৰাকী আদি একবচন আৰু নির্দিষ্টতা সূচক প্রাকৃতিবোৰ আৰু বোৰ, বিলাক আদি বহুবচনাত্মক প্রাকৃতিবোৰ এই শ্ৰেণীৰ।
ৰূপতত্ত্বত এই সকলোবোৰৰ উপৰি শব্দ-গঠন আৰু পদ-গঠনৰ বিষয়েও আলোচনা কৰা হয়। শব্দ-গঠনৰ দুটা ভাগ শব্দ-সাধন আৰু সমাস। নতুন নতুন শব্দ তৈয়াৰ কৰা প্রণালীকে শব্দ-সাধন বুলি কোৱা হয়। যেনে-
ধান + অনি = ধাননি
নৰা + অনি = নৰানি
ধৰা, নৰা মুক্তৰূপৰ লগত 'অনি' বদ্ধৰূপ যোগ হৈ ধাননি, নৰানি শব্দকেইটি সাধিত হৈছে। শব্দ-সাধন দুই প্ৰকাৰৰ- সমবর্গীয় আৰু বিষমবর্গীয় শব্দ-সাধন। বিশেষ্যৰপৰা বিশেষ্য, ধাতুৰপৰা ধাতু, বিশেষণৰপৰা বিশেষণ সাধন কৰিলে সমবর্গীয় শব্দ-সাধন হয়। আৰু এটা বৰ্গৰপৰা অন্য বৰ্গৰ শব্দ-সাধন কৰি নতুন অর্থ প্রদান কৰিলে তাক সমাস বোলে। যেনে- 'বীণা' আৰু 'পাণি' শব্দৰ অৰ্থ ভিন্ন। কিন্তু দুয়োটা শব্দৰ সংযোগত সৃষ্টি হোৱা 'বীণাপাণি' শব্দৰ অৰ্থ সৰস্বতী। এইদৰে ৰূপতত্ত্বৰ শব্দ-গঠন অংশটোত শব্দ-সাধন আৰু সমাস দুয়োটাই বহল অর্থত আলোচনা কৰা হয়।
সেইদৰে বাক্যত ব্যৱহাৰৰ উপযোগী হ'বৰ বাবে মুক্তৰূপত বদ্ধৰূপ যোগ কৰি যি প্রণালীবদ্ধ পৰিৱৰ্তন কৰা হয় তাকে পদ সাধন বোলে। যেনে- বামে কটী খায়- এই বাক্যটোত ৰামৰ লগত 'এ' আৰু 'খা' ধাতুৰ লগত তৃতীয় পুৰুষৰ 'এ' (য়ে) বিভক্তি যোগ হৈছে। এইদৰে ৰূপতত্ত্বৰ 'পদ-সাধন' আলোচনাত বিভক্তি, কাৰক, কাল আদিৰ গঠন সম্পর্কে আলোচনা কৰা হয়।
সর্গঃ মূল প্রাকৃতি, অর্থাৎ প্রাকৃতিক আশ্ৰয় কৰি যিবোৰ প্ৰাকৃতিয়ে বাক্যত ব্যৱহাৰৰ উপযোগী ভিন্ন ভিন্ন অর্থবাচক ৰূপৰ সৃষ্টি কৰিব পাৰে, তেনেবোৰ প্ৰাকৃতিকে সর্গ বোলে। যেনে- খাওঁ, যায়, খাম আদি ৰূপত ওঁ, এ (য়), -ম আদি সর্গ।
অৱস্থানগত দিশেৰে সৰ্গসমূহক তিনিটা ভাগত ভাগ কৰা হয়।
(i) পূর্বসর্গ: মূল বা প্রাকৃতিৰ আগত বা বাঁওফালে বহা সর্গক পূর্বসর্গ বোলে।
যেনে- সংস্কৃত প্ৰ-, পৰা, অপ- আদি (প্রমাণ, পৰাজয়, অপমান)। অসমীয়াত অ-, অনা-, বে-, বি- আদি (অ-সময়, অ-সমান, অনা-হক, বে-আইনী, বি-পাক, বি-জাত)।
(ii) অন্তঃসর্গঃ কিছুমান ভাষাত মূল বা প্রাকৃতিটো ফালি তাৰ বুকুৰ ভিতৰত সোমাই ব্যৱহাৰ হোৱা সৰ্গক অন্তঃ সর্গ বোলে। যেনে-
যুৰোক ভাষাতঃ Sepolah (পথাৰ) Segepolah (পথাৰবোৰ)।
অসমীয়া ভাষাত অন্তঃসৰ্গৰ ব্যৱহাৰ নাই।
অনুসর্গ: প্রাকৃতি বা মূল ৰূপৰ পিছত, অর্থাৎ সোঁহাতে বহা সৰ্গবোৰক অনুসর্গ বোলে। যেনে-
-অন: খা-অন > খাৱন
-অনি: ধান- অনি > ধাননি
-ঈঃ দেশ-ঈ দেশী, আদি।
গুণগত দিশেৰেও সৰ্গসমূহক শ্রেণীবিভাজন কৰা হয়। তলত সেই বিষয়ে বহলাই আলোচনা কৰা হ'ল-
শব্দ-সাধনমূলক: যিবোৰ সৰ্গক প্রাকৃতিৰ লগত সংযোগ কৰি বিভিন্ন অর্থবাচক নতুন নতুন শব্দৰ সাধন কৰিব পাৰি সেইবোৰ সৰ্গক শব্দ-শাধনৰ সৰ্গ বোলে। যেনে-
-অনা: বাজ অনা
অনি: বন- অনি, আদি।
উল্লেখযোগ্য যে শব্দ-সাধনমূলক সগই ৰূপৰ অৰ্থৰ পৰিৱৰ্তন ঘটাই সম্পূর্ণ নতুন শব্দৰ সাধন কৰে। যেনে- খেত ই খেতি। পূর্বসর্গ, কৃৎপ্রত্যয়, তদ্ধিত প্রত্যয় আদি শব্দ-সাধনমূলক সৰ্গৰ ভিতৰুৱা।
পূৰ্বসর্গঃ অনুঃ অনু - কাৰ
অনু-ৰূপ
বি- শেষ
অপ - মান আদি।
কৃৎ প্রত্যয়: ধাতুৰ পিছত যোগ হোৱা প্রত্যয়বোৰেই হৈছে কৃৎ প্রত্যয়। যেনে-
-অন: শো অন > শোৱন
-অনি: বো- অনি > ৰোৱনি, আদি।
তদ্ধিত প্রত্যয়: প্রাতিপাদিকৰ পিছত যিবোৰ সর্গ বা প্রত্যয় লগ লাগে সেইবোৰক তদ্বিত প্রত্যয় বোলে। যেনে-
অনি: ফুল- অনি > ফুলনি
-ঈঃ দেশ-ঈ দেশী, আদি।
শব্দ-সাধনমূলক সৰ্গৰ সংযোগত পোৱা শব্দবোৰ কেতিয়াবা এটা শ্ৰেণীৰপৰা আন এটা শ্রেণীলৈ, যেনে- নাম শব্দৰপৰা ধাতু শব্দলৈ, ধাতু শব্দৰপৰা বিশেষ্যলৈ, বিশেষ্যৰপৰা বিশেষণলৈ পৰিৱৰ্তিত হ'ব পাৰে। যেনে-
ধাতুৰপৰা বিশেষ্যলৈঃ
অনঃ খা অন > খাৱন
-অনা: বাজ অনা > বাজনা
অনি: ৰাজ অনি > ৰান্ধনি
বিশেষ্যৰপৰা বিশেষণঃ ঈঃ কপাহঈ কপাহী।
আকৌ কেতিয়াবা একেটা শ্রেণীতে থাকিব পাৰে, যেনে- ধাতু প্রাকৃতিৰপৰা ধাতু শব্দ, অৰ্থাৎ অকর্মক ধাতুৰপৰা সকৰ্মক ধাতুৰপৰা পাঁচনী ধাতু পাব পাৰি। যেনে-
ধাতুৰপৰা ধাতু: দেখ - উৱা > দেখুৱা
বহ - উৱা > বহুৱা
বিশেষ্যৰপৰা বিশেষ্য: অনি: ধান অনি > ধাননি
বন - অনি > বননি
বিভক্তিমূলক সৰ্গ: যিবোৰ সৰ্গই শব্দৰ ৰূপৰ পৰিৱৰ্তন ঘটাই বাক্যত ব্যৱহাৰৰ
উপযোগী কৰি তোলে, সেইবোৰেই বিভক্তিমূলক সর্গ। যেনে- 'মানুহ' এই নাম শব্দটোৰ লগত-এ,-অক, -অৰ, -অলৈ, অত আদি সৰ্গবোৰ লগলগাই আমি বিভিন্নধৰণে বিভিন্ন
বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ।
মানুহে ভাত খায়।
মানুহৰ বাবে গছ।
মানুহলৈ নদলিয়াবা।
বিভক্তিমূলক সর্গসমূহক দুই ভাগত ভগাব পাৰি- বাক্যবিন্যাসগত সর্গ আৰু বিশেষ অর্থগত সর্গ।
বাক্যবিন্যাসগতঃ যিবিলাক বিভক্তিমূলক সৰ্গৰ ওপৰত বাক্যৰ গাঁথনি নিৰ্ভৰশীল বা যিবিলাক বিভক্তিমূলক সৰ্গ নাথাকিলে বাক্যৰ গাঁথনি বিপর্যস্ত হয়, সেইবিলাকেই বাক্যবিন্যাসগত সর্গ। শব্দ বিভক্তি, ক্রিয়া বিভক্তি, পুরুষবাচক বিভক্তি, অসমাপিকা আদি বাক্যবিন্যাসগত। যেনে-
মই কিতাপ পড়ো।
আমি কিতাপ পটো।
বিশেষ অর্থগত সর্গঃ যিবোৰ বিভক্তিমূলক সৰ্গ বাক্যৰপৰা আঁতৰাই আনিলে বাক্যৰ গাঁথনি বিপর্যস্ত নহয়, সেইবোৰেই বিশেষ অর্থগত সর্গ। বিশেষ অর্থগত সর্গই বাক্যত অতিৰিক্ত অৰ্থহে দান কৰে, বাক্যৰ গাঁথনিৰ ওপৰত সিমান প্ৰভাৱ বিস্তাৰ নকৰে। নির্দিষ্টতাবাচক প্রত্যয়, অনির্দিষ্টতাবাচক প্রত্যয়, বহুবচনাত্মক প্রত্যয় আদি বিশেষ অর্থগত প্রত্যয়।
যেনে-
দেউতা আহিল।
দেউতাহঁত আহিল।
৪। ৰূপতত্ত্ব বুলিলে কি বুজা? ভাষা একোটাত প্রয়োগ হৈ থকা প্ৰাকৃতি বা ৰূপবোৰক কি কি শ্রেণীত ভগাব পাৰি বহলাই আলোচনা কৰা।
উত্তৰঃ 'ৰূপতত্ত্ব' হ'ল ভাষাৰ শব্দ-গঠন-প্রক্রিয়াব শৃংখলাবদ্ধ বিৱৰণ। ই ভাষাবিজ্ঞানৰ অন্তর্গত এটি বিশেষ বিষয়। ভাষাৰ ধ্বনিতত্ত্ব আৰু বাক্য তত্ত্বৰ মাজত ই সংযোগ সেতুৰ দৰে কাম কৰে।
অসমীয়া ভাষাত 'রূপতত্ত্ব' শব্দ গুচ্চ ইংৰাজী Morphology-ৰ প্রতিশব্দরূপে ব্যৱহাৰ হৈ আহিছে। মূলতঃ জীৱবিদ্যাৰপৰা আহবিত ইংৰাজী ভাষাৰ এই পাৰিভাষিক শব্দটোৱে ঊনবিংশ শতাব্দীৰ মধ্যভাগৰপৰা ভাষাৰ শব্দ-গঠন-প্ৰক্ৰিয়াৰ অন্তৰ্গত মৌলিক উপাদানসমূহৰ বিচাৰ-বিশ্লেষণকো বুজাবলৈ লয়। ভাষাবিজ্ঞানত শব্দ-গঠনৰ মৌলিক উপাদানবোৰক প্ৰাকৃতি বা ৰূপ বোলা হৈছে। এই প্রাকৃতি বা ৰূপবোৰৰ প্ৰণালীবদ্ধ আলোচনাৰ নাম প্রাকৃতিবিজ্ঞান বা ৰূপতত্ত্ব।
'রূপ' আৰু 'তত্ত্ব' এই দুটা শব্দৰ সংযোগত 'রূপতত্ত্ব' শব্দটো গঠিত হৈছে। ভাষাবিজ্ঞানৰ পৰিসীমাত 'রূপ' মানে 'আকাৰ' বা 'আকৃতি'। সাধাৰণভাৱে ক'বলৈ গ'লে 'আকাৰ' বা 'আকৃতি' হ'ল ভাষা একোটাহঁতত ব্যৱহৃত আৰু আমাৰ সকলোৰে জ্ঞাত শব্দসমূহ। গতিকে 'ৰূপতত্ত্ব'ই ভাষাবিশেষৰ শব্দসমূহৰ গঠন-প্রণালীক বুজায়।
পৰম্পৰাগতভাৱে চলি অহা ব্যাকৰণগত আলোচনাত 'শব্দ'-ক 'অর্থযুক্ত বর্ণ বা বর্ণ সমষ্টি' বোলা হৈছে আৰু ই ইংৰাজী শব্দৰ প্ৰতিনিধিত্ব কৰি আহিছে। এই শব্দবোৰ যেতিয়া
বিভক্তিযুক্ত হৈ বাক্যত ব্যবহাৰ হয়, তেতিয়া সিবোবে পদ নাম পায়। ভাষা এটাত ব্যৱহাৰ হোৱা পদবিলাক ন্যূনতম অর্থবিশিষ্ট খণ্ডলৈ ভাঙি উলিয়ালে আমি যিবোৰ উপাদান পাওঁ, সেইবিলাককে ভাষাবিজ্ঞানত 'রূপ' বা 'আকৃতি' বা প্রাকৃতি' বোলা হয়।
আলোচনাৰপৰা এই কথা স্পষ্ট হৈছে যে ভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষণৰ মৌলিক একক হৈছে ৰূপ বা প্রাকৃতি। এইখিনিতে আমি উদাহৰণ ল'ব পাৰোঁ। অসমীয়া ভাষাৰ 'মোমায়েকহঁত'ৰ -এই পদফাঁকি খণ্ডিত কৰিলে আমি-মোমাই-এক্-হত-অব-এই চাৰিটা প্রাকৃতি বা ৰূপ পাওঁ। কাৰণ ইহঁতৰ প্ৰতিটোৰ একোটা নিদিষ্ট অর্থ আছে, যেনে-'মোমাই' = মাকৰ ককায়েক বা ভায়েক, '-এক' = কাৰোবাৰ সৈতে সম্বন্ধ থকা, -হত = কেইবাজনো মোমায়েক অথবা মোমায়েকৰ পৰিয়াল আৰু '-অৰ' সম্বন্ধ পদ।
প্রাকৃতিৰ বিভিন্ন বিভাগ-মুক্তৰূপ আৰু বহুরূপঃ ভাষাৰ অন্তৰ্গত প্রাকৃতি বা ৰূপবোৰক দুটা ভাগত ভগোৱা হয়- মুক্তৰূপ বা মুক্ত প্রাকৃতি আৰু বহুরূপ বা বদ্ধ প্রকৃতি। মুক্ত প্রাকৃতিবোৰ স্বাধীন অর্থ প্রকাশক একোটাহঁত গুটীয়া শব্দ। ইহঁতৰ উচ্চাৰণৰ লগে লগে আমাৰ মানসপটত একো একোটা অর্থস্পষ্ট হৈ উঠে, যেনে- মানুহ, গৰু, ঘৰ ইত্যাদি। অর্থাৎ যিবোৰ ৰূপে স্বতন্ত্রভাবে কাৰো লগত সংযুক্ত নোহোৱাকৈ অর্থ প্রকাশ কৰিব পাৰে সেইবোৰৰ নাম মুক্তৰূপ। আনহাতে, ভাষাত এনে কিছুমান ৰূপ থাকে যিবোৰে স্বাধীনভাবে অর্থ প্রকাশ কৰিব নোৱাৰে। সেইবোৰ আন কোনোবা ৰূপৰ লগত সংযুক্ত হ'লেহে অর্থ বিশিষ্ট হয়। উদাহৰণস্বৰূপে- মানুহজন, গৰুবোৰ, ঘৰটো আদি শব্দৰ -জন, বোৰ, টোৰ কোনো নিজা অর্থ নাই। ইহঁতে যথাক্রমে 'মানুহ', 'গৰু' আৰু 'ঘৰ' -এই মুক্তৰূপকেইটাৰ লগ লাগিহে অর্থ প্রকাশ কৰিব পাৰিছে। গতিকে যিবোৰ ৰূপে স্বাধীনভাবে অর্থ প্রকাশ কৰিব নোৱাৰে, আন কোনো ৰূপৰ সৈতে লগ লাগিহে অর্থ দিব পাৰে, তেনে ৰূপক বদ্ধৰূপ বোলা হয়।
মুক্তৰূপবোৰক আকৌ দুটা ভাগত ভাগোৱা হৈছে- শব্দগত আৰু কাৰ্যগত। সাধাৰণতে ভাষাৰ বিশেষ্য, বিশেষণ, ক্রিয়া আদিক শব্দগত শ্ৰেণীৰ আৰু সংযোজক, অব্যয় আদিক কার্যগত শ্ৰেণীৰ মুক্তৰূপ বুলি ধৰা হয়। একেদৰে বদ্ধৰূপবোৰো দুভাগত বিভক্ত- সাধনাত্মক আৰু ৰূপাত্মক। সাধনাত্মক বদ্ধৰূপবোৰৰ সহায়ত শব্দমূল বা ধাতুমূলৰপৰা ভিন ভিন অর্থসূচক নতুন নতুন শব্দ গঠন কৰিব পাৰি, যেনে- খেত+ই + অক্ = খেতিয়ক, বাজ্ + অনা-বাজনা ইত্যাদি। ইয়াৰ বিপৰীতে ৰূপাত্মক বদ্ধৰূপবোৰে শব্দৰ ব্যাকৰণগত কাৰ্য নিষ্পন্ন কৰে, বা আন কথাত সাধাৰণভাৱে ব্যৱহাৰ হৈ থকা শব্দসমূহক পদলৈ ৰূপান্তৰিত কৰি বাক্যত সিবোৰৰ স্থান নিদের্শ কৰে। সাধনাত্মক বদ্ধ প্রাকৃতিবোৰ প্ৰত্যয় আৰু ৰূপাত্মক বদ্ধ প্রাকৃতিবোৰ বিভক্তিৰূপে জনাজাত। ৰূপ বা প্রাকৃতিৰ উল্লিখিত ভাগবোৰ ৰেখাচিত্ৰৰ সহায়ত এনেদৰে দেখুৱাব পাৰি-
৫। আকৃতিৰপৰা প্ৰাকৃতি কিদৰে নিৰ্ণয় কৰিব পাৰি উদাহৰণসহ আলোচনা কৰা।
উত্তৰঃ ভাষাত ব্যৱহৃত হোৱা পদবোৰক খণ্ডিত কৰি ক্ষুদ্রতম অর্থবহ গোটত ভাগ কৰা হয়। এই ভাগবোৰক 'আকৃতি' বোলা হয়। ইহঁত প্রত্যেকেই একোটাহঁত প্রাকৃতিও।
যেনে- 'খেতিয়কলৈ' পদৰ খেত+ই+অক লৈ-এইচাৰিটা আকৃতি পোৱা যায়।
ইহঁতক ইয়াতকৈ সৰু খণ্ডত ভাগ কৰিব নোৱাৰি; খেত-ই-অক-লৈ প্রত্যেকেই একোটাহঁত ধ্রুব অর্থ বহন কৰিছে। একোটা ভাষাত এক বা একাধিক বৰ্ণৰে গঠিত অলেখ আকৃতি পোৱা যায়। কিন্তু সকলোবোৰ আকৃতি বা ৰূপক প্রাকৃতি বুলিব নোৱাৰি। ৰূপতাত্ত্বিক বিশ্লেষণৰ সহায়ত ভাষাত উচ্চাৰিত আকৃতিসমূহৰপৰা প্ৰাকৃতিসমূহ নিৰ্ণয় কৰা হয়। প্রাকৃতি নির্ণয়ৰ ক্ষেত্ৰত অৱলম্বন কৰিবলগীয়া বিভিন্ন পদ্ধতি সম্পর্কে তলত উল্লেখ কৰা হ'ল-
(ক) আকৃতিসমূহৰ ধ্বনিগত আৰু অৰ্থগত সাদৃশ্য থাকিব লাগে।
(খ) আকৃতিসমূহৰ ধ্বনিত ভিন্নতা হ'লেও অর্থগত সাদৃশ্য থাকিব লাগব আৰু ইহঁতৰ পৰিপূৰক প্ৰয়োগ হ'ব লাগে।
(গ) অর্থগত সাদৃশ্য থকা আকৃতিসমূহৰ ধ্বনিগত ভিন্নতা থাকিলে ইহঁতৰ ধ্বনিগত ভিন্নতা কিয় হৈছে? তাক ধ্বনিগত পৰিৱৰ্তনৰ ব্যাখ্যাৰে বিশ্লেষণ কৰি চাব লাগে।
(i) আলোচ্য ভাষা বিশেষত ব্যৱহৃত শব্দবোৰৰ আকৃতিবোৰ খণ্ডিতকৰণ প্ৰক্ৰিয়াৰে বাছি উলিয়াব লাগে। আকৃতিসমূহ চিনাক্ত কৰাৰ পিছত ধ্বনিগত আৰু অৰ্থগত সাদৃশ্যলৈ লক্ষ্য ৰাখি কিছুমান গোটত ভাগ কৰা হয়। এনেদৰে গোটত ভাগ কৰা আকৃতিসমূহৰ দুটা বা ততোধিক আকৃতিৰ মাজত অর্থগত মিল থাকে, তেতিয়া সেই আকৃতিসমূহক একোটা 'প্রাকৃতি' বুলি চিনাক্ত কৰা হয়। সাধাৰণতে ভাষাত ব্যৱহৃত শব্দবোৰক খণ্ডিত প্ৰক্ৰিয়াৰে অৰ্থৰ প্ৰতি দৃষ্টি ৰাখি খণ্ডিত কৰা হয়। অসমীয়া ভাষাৰপৰা কেইটামান শব্দ লৈ কেনেদৰে শব্দবোৰ খণ্ডিত কৰা হয় বিশ্লেষণ কৰি দেখুওৱা হৈছে- মৰমিয়াল, সাহিয়াল, ৰঙিয়াল, বাগিয়াল আদি শব্দ খণ্ডিত কৰা হৈছে এনেদৰে-
মৰম ইয়াল মৰমিয়াল।
সাহ ইয়াল সাহিয়াল।
বঙ + ইয়াল ৰঙিয়াল।
ৰাগ ইয়াল বাগিয়াল।
ইয়াত মৰম, সাহ, বঙ, ৰাগ প্রত্যেকেই একোটাহঁত ৰূপ আৰু ইহঁত একোটাহঁত আকৃতিও, এই শব্দবোৰৰ লগত 'ইয়াল' বদ্ধরূপ লগ লাগিছে। মৰম, সাহ, বঙ, বাগ আকৃতিৰ ধ্বনিগত আৰু অর্থগত সাদৃশ্য নাই, সেয়ে ইহঁত প্রত্যেকেই একোটাহঁত প্রাকৃতি। কিন্তু ইহঁতৰ লগত যোগ হোৱা চাৰিওটা 'ইয়াল'ৰ ধ্বনিগত সাদৃশ্য আছে। গতিকে 'ইয়াল' এটা প্রাকৃতি।
ঠিক তেনেদৰে উজনি, নামনি, বননি, ধাননি আদি শব্দক খণ্ডিত কৰিলে- উজ+ অনি, নাম + অনি, বন + অনি, ধান অনি, সর্বমুঠ আঠোটা আকৃতি পোৱা যায়। ইয়াতো উজ, নাম, বন, ধান আদি আকৃতিৰ ধ্বনিগত আৰু অর্থগত সাদৃশ্য নাই। কিন্তু ইহঁতৰ প্রত্যেকৰ লগত সংযোজিত 'অনি' আকৃতি চাৰিটাৰ মাজত ধ্বনিগত আৰু অৰ্থগত সাদৃশ্য আছে। এতেকে 'অনি' অসমীয়া ভাষাৰ প্ৰাকৃতি।
(ii) আনহাতে, ভাষাবিশেষে এনে কিছুমান আকৃতি পোৱা যায়, যিবোৰ অৰ্থগত সাদৃশ্য আছে, কিন্তু ধ্বনিগত সাদৃশ্য পোৱা নাযায় আৰু এই আকৃতিবোৰৰ প্ৰয়োগৰ স্থানো নির্দিষ্ট, অর্থাৎ এটাৰ ঠাইত অন্য এটা প্রয়োগ কৰিব নোৱাৰি। এনেধৰণৰ আকৃতিসমূহ চিনাক্ত কৰি একোটা 'প্রাকৃতি' বুলি ধৰা হয়। অসমীয়া ভাষাৰ স্ত্রীলিংগবাচক ৰূপবোৰ খণ্ডিত কৰিলে ভিন্নৰূপৰ আকৃতি পোৱা যায়, যেনে- পাগলী, ফুকননী, বৰুৱানী, কলিতানী, বাঘিনী, ধুবুনী, সিংহিনী, কালৰী, ডেকেৰী আদি শব্দ খণ্ডিত কৰিলে ক্রমে-ঈ,-অনী, -নী,-ইনী,-উনী, -ইনী, -অৰী, -এৰী আদি আকৃতি পোৱা যায়। এই আকৃতিসমূহৰ প্ৰত্যেকৰে ধ্বনিগত সাদৃশ্য নাই, কিন্তু অর্থগত সাদৃশ্য আছে। প্রত্যেকেই একোটাহঁত স্ত্রীলিংগবাচক প্রত্যয়। কিন্তু এই আকৃতিসমূহৰ প্ৰত্যেকৰে প্ৰয়োগৰ স্থান নির্দিষ্ট। যিহেতু 'পাগল' শব্দৰ পিছতহে -ঈ বহিব, কিন্তু 'নী' নবহে, ঠিক তেনেদৰে 'ফুকন' শব্দৰ পিছত -অনীহে বহিব, '-নী' নবহে। স্ত্রী প্রত্যয়ৰ বিভিন্ন ৰূপ-ঈ, -অনী, -নী, -ইনী, -উনী, -অৰী, -এৰী আদি প্রত্যেকেই একোটাহঁত আকৃতি। ইহঁতৰ কেইটামানৰ প্ৰয়োগ সম্পূর্ণরূপে বর্ণগত (Phonologically conditioned)। যেনে--ঈ, -অনী, -নী, -বী। ইহঁতৰ প্রত্যেককে একোটাহঁত 'প্রাকৃতি' বুলি ধৰা হয়। বাকীবোৰৰ প্ৰয়োগ আংশিকভাবে বর্ণগত আৰু আংশিকভাবে প্রাকৃতিগত (Morphologically conditioned)। যেনে--ইনী, -উনী, -ইনী,-অৰী, -এবী। -ঈ, -অনী, -নী,-বী এই চাৰিটা প্রাকৃতি শব্দৰ সৈতে সংযোগ
হোৱাৰ পিছত ধ্বনিগত পৰিৱৰ্তনৰদ্বাৰা সাধিত হৈছে। উক্ত আকৃতিবোৰক প্রাকৃতিত
অন্তর্ভুক্ত কৰি 'উপাকৃতি' হিচাপে ধৰা হয়। যেনে- /নী/ প্রাকৃতিৰ উপাকৃতি হ'ব [-উনী, -ইনী আৰু-ৰী] প্রাকৃতিৰ উপাকৃতি হ'ব [-অৰী, -এৰী আৰু-উৰী]।
(iii) প্রাকৃতি নির্ণয়ৰ ক্ষেত্ৰত আকৃতিসমূহৰ ৰূপধ্বনিগত পৰিৱৰ্তনলৈও (Morpho-phonemic change) লক্ষ্য কৰা হয়। দুই বা ততোধিক আকৃতিৰ ধ্বনিগত সাদৃশ্য নাই, বৰঞ্চ অর্থগত সাদৃশ্য আছে। কিন্তু ধ্বনিগত সাদৃশ্য নাথাকিলেও যদি ধ্বনিগত পৰিৱৰ্তনৰ নিয়মৰদ্বাৰা ব্যাখ্যা কৰি দেখুৱাব পাৰি, তেনেহ'লে সেই আকৃতিবোৰক একে প্রাকৃতিৰ অন্তৰ্গত বুলি ধৰা হয়। যেনে- অসমীয়া ভাষাৰ কেইটামান শব্দ- সন্তাপ, সম্মুখ, সংযোগ, সংবাদ, সমৃদ্ধ, সম্ভৱ-এই ছটা শব্দ খণ্ডিত কৰিলে তলত দেখুওৱা আকৃতিসমূহ পোৱা যায়।
সন্ + তাপ = সন্তাপ।
সন্ + মুখ = সন্মুখ।
সং+ যোগ = সংযোগ।
সং + বাদ = সংবাদ।
সম্ + ঋধ = সমৃদ্ধ।
সম্ + ভৱ = সম্ভৱ।
ওপৰৰ ছটা শব্দত সন্-, সং- আৰু সম- এই তিনিটা আকৃতি পোৱা গৈছে। এই আকৃতি তিনিটাৰ অৰ্থগত সাদৃশ্য আছে, কিন্তু ধ্বনিগত সাদৃশ্য নাই। এই তিনিওটা আকৃতিয়ে কাষত বহা ত, ম, য, ব, ঋ, ভ আদি ধ্বনিৰ প্ৰভাৱতেই ৰূপধ্বনিগত পৰিৱৰ্তন লাভকৰিছে। ইহঁতক ধ্বনি পৰিৱৰ্তনৰ সূত্ৰেৰে ব্যাখ্যা কৰিব পাৰি। সন-, সং, সম- এই তিনিওটা আকৃতি মূলতঃ 'সম'- প্রাকৃতিৰ অন্তৰ্গত। যিহেতু সম্ + তপ সন্তাপ; সম + মুখ = সম্মুখ; সং+ বাদ = সংবাদ আদিৰ কাষৰ ধ্বনিৰ প্ৰভাৱত ধ্বনিগত পৰিৱৰ্তন সাধন হৈছে। এনে পৰিৱৰ্তনসমূহক ধ্বনি পৰিৱৰ্তনৰ নিয়ম, অর্থাৎ সমীভৱন, বিষমীভৱন আদিৰ পৰিণতি বুলি ক'ব পাৰি।
অসমীয়া ভাষাৰ নেতিবাচক ক্ৰিয়াৰূপৰ গঠনক ধ্বনি পৰিৱৰ্তনৰ নিয়মৰদ্বাৰা বান্ধিব পাৰি। অসমীয়া ভাষাৰ নঞাৰ্থক ক্ৰিয়াৰূপৰপৰা প্ৰাকৃতি আৰু উপাকৃতি বাছি উলিওৱা হৈছে
ন-হ-য় ন-মৰ-এ
না-খা-য় নে-খেল-এ
নো-শো-এ না-জান-এ
নে-মেল-এ নো-ধো-এ
নু-শুন-এ নু-ফুৰ-এ
নি-দি-এ নি-কিন-এ
ওপৰৰ সামগ্রীখিনি বিশ্লেষণ কৰিলে অসমীয়াত নেতিবাচক বুজাবলৈ ক্ৰিয়াৰূপৰ আগত [ন-, না-, নে-, নো-, নু-, নি-]- এই ছটা ভিন ভিন আকৃতি ব্যৱহাৰ কৰা দেখা গৈছে। ইহঁতৰ প্ৰত্যেকৰে মাজত ধ্বনিগত সাদৃশ্য নাই, কিন্তু অর্থগত সাদৃশ্য আছে। ইহঁতৰ প্রয়োগৰ স্থান নির্দিষ্ট আৰু পৰিপূৰক। গতিকে এইবোৰ এটা সামূহিক গোট। এই গোটটোৰ ন-প্ৰয়োগৰ সীমাবদ্ধতা কম। তেনেহ'লে/ন/-হ'ব প্রাকৃতি আৰু/ন/-প্রাকৃতিৰ উপাকৃতি হ'ব [ন, না-, নি, নো-, নু-,নি-]।
মন কৰিবলগীয়া যে কোনো এটা ভাষাৰ প্ৰাকৃতি আৰু উপাকৃতিসমূহৰ প্ৰয়োগৰ স্থান নির্দিষ্ট। কিছুমান ভাষাত এনে কিছুমান প্রাকৃতি আছে যিবিলাকৰ অৰ্থ একে, কিন্তু ধ্বনিৰ সাদৃশ্য নাথাকে আৰু প্ৰয়োগৰ স্থান নির্দিষ্ট। অসমীয়া ভাষাত নির্দিষ্টবাচক প্রত্যয়বোৰত এনে গুণ নিহিত হৈ আছে। নির্দিষ্টবাচক প্রত্যয়-জন,-খন,-টো আদিৰ প্ৰয়োগৰ স্থান নির্দিষ্ট। উদাহৰণস্বৰূপে- মানুহজন, কিতাপখন, ল'ৰাটো আদি শব্দবোৰৰ-খন, -জন, -টো আদি আকৃতিবোৰ কোনো বস্তু বা মানুহক নির্দিষ্টকৈ বুজাবলৈ ব্যৱহাৰ কৰা হয়। এইফালৰপৰা ইহঁতৰ অৰ্থও একে। কিন্তু ইহঁতৰ পৰিৱেশ বেলেগ। বস্তুৰ ক্ষেত্ৰত '-খন', মানুহৰ ক্ষেত্ৰত '-জন' আকৌ বস্তু আৰু মানুহ দুয়োটাতে'-টো' ব্যৱহাৰ হয়। কিন্তু প্রত্যেকৰে প্রয়োগৰ স্থান নির্দিষ্ট আৰু ধ্বনিগত সাদৃশ্যৰ ভিন্নতাৰ বাবে ইহঁত প্রত্যেকেই একোটাহঁত 'প্রাকৃতি'। কিন্তু অসমীয়াত নির্দিষ্টবাচকতা বুজোৱা ধ্বনিগত সামান্য অমিল আৰু অর্থগত মিল থকা কিছুমান আকৃতিও পোৱা যায়। যেনে- [-জন, -জনা, -জনী], [-টো, -টা,-টি], [-খন, -খনি] ইত্যাদি। এই আকৃতিসমূহৰ অৰ্থগত সাদৃশ্য আছে যদিও ধ্বনিগত দিশত সামান্য প্রভেদ পৰিলক্ষিত হয়। ইহঁত পৰিপূৰক অৱস্থানত আছে। দেখা যায় যে [-জন, -জনা, -জনী] এই তিনিটা আকৃতিৰ /-জন/ হ'ব প্রাকৃতি আৰু /-জন/ প্রাকৃতিৰ উপাকৃতি হ'ব [-জ, -জনা, -জনী] ইত্যাদি।
আকৃতিসমূহৰপৰা প্ৰাকৃতি চিনাক্ত কৰোঁতে ভাষাৰ খণ্ডিতকৰণৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সম্মুখীন হ'বলগীয়া হয়। ভাষাবিজ্ঞানীৰ যদি ভাষাটো সম্পর্কে পূর্বজ্ঞান নাথাকে, তেতিয়া খণ্ডিতকৰণত বহুতো ভুল-শুদ্ধ পর্যায় অতিক্ৰম কৰিব লগা হ'ব পাৰে। সাধাৰণতে বাক্যত ব্যৱহৃত যিটো অংশ প্রাকৃতি নিৰ্ণয়ৰ বাবে বাছি লোৱা হয় সেই অংশটো সন্দৰ্ভত তলত দিয়া কথাকেইটা বিচাৰ কৰিব চাব লাগে।
(i) আলোচ্য অংশটো একে অর্থতে বাক্যত অন্য প্রসংগত ব্যৱহাৰ হৈছে নে নাই? যদি হৈছে, তেনেহ'লে সেই অংশক আমি ব্যাকৰণগত ৰূপ (Gramamatical form) বুলি ধৰি ল'ব পাৰোঁ আৰু এই ব্যাকৰণগত ৰূপটো এক বা একাধিক আকৃতি বা প্রাকৃতিৰে গঠিত হ'ব আৰু তাক খণ্ডিতকৰণ প্ৰক্ৰিয়াৰে খণ্ডিত কৰি ল'ব লাগে।
(ii) সাধাৰণতে ব্যাকৰণগত বৰূপটোক অর্থলৈ চাই খণ্ডিত কৰিব লাগে আৰু খণ্ডিত কৰা ৰূপবোৰো সেই একে অর্থতে অন্য প্রসংগত ব্যবহাৰ হৈছে নে নাই পৰীক্ষা কৰি চাব লাগে।
অসমীয়া ভাষাৰ সাঁচতীয়া, আগতীয়া, তলতীয়া আদি শব্দ খণ্ডিত কৰিলে ক্রমে সাঁচ + অতীয়া, আগ + অতীয়া, তল অতীয়া আদি ভিন্ন আকৃতি পোৱা যায়। কিন্তু 'অতীয়া' আকৃতিটো ধাতু আৰু শব্দৰ পিছত যোগ কৰি নতুন শব্দ গঠন কৰা হয়। ইহঁতক সুন্দৰকৈ খণ্ডিত কৰি দেখুৱাব পাৰি। কিন্তু ইংৰাজী ভাযাত Sing, Spring, Writing, Dancing আদি শব্দৰ ভিতৰত Sing আৰু Spring শব্দ দুটাক খণ্ডিত কৰিব নোৱাৰি। ইহঁত প্রত্যেকেই একক ৰূপ। কিন্তু Writing আৰু Dancing শব্দ দুটাক Write+ing আৰু Dance+ing দুটা ভাগত খণ্ডিত কৰিব পাৰি। এনেক্ষেত্রত Write, Dance আৰু ing তিনিটাক একোটাহঁত 'প্রাকৃতি' হিচাপে চিনাক্ত কৰিব পাৰি। নিজৰ মাতৃভাষা অধ্যয়নত সাধাৰণতে ভাষাৰ পূর্বধাৰণাই সহায় কৰে, কিন্তু বিদেশী ভাষা এটা অধ্যয়নৰ ক্ষেত্ৰত ওপৰত উল্লেখ কৰি অহা প্রাকৃতিক বিশ্লেষণ পদ্ধতিৰদ্বাৰা প্ৰাকৃতি নির্ণয় কৰিব পাৰি।
প্রাকৃতিসমূহ বাছি উলিওৱাৰ পিছত প্রাকৃতি নামকৰণৰ ক্ষেত্ৰত আকৃতিবোৰৰ দুটা কথালৈ মন কৰা হয়। যেনে-
(ক) আকৃতিবোৰৰ কাৰ্যৰ আধাৰত
(খ) আকৃতিবোৰৰ প্ৰয়োগৰ ব্যাপকতাৰ আধাবত।
সাধাৰণতে আকৃতিবোৰৰ কাৰ্যৰ আধাৰত আৰু প্ৰয়োগৰ ব্যাপকতাৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্রাকৃতি নামকৰণ কৰা হয়। যিবোৰ আকৃতি গোট কৰি প্ৰাকৃতি নির্ণয় কৰা হয় সেই আকৃতিবোৰৰ ভিতৰত যিটো আকৃতিৰ কাৰ্য বেছি হয় সেই আকৃতিটোবে প্রাকৃতিব নামকৰণ কৰা হয়। অর্থাৎ কাৰ্যৰ আধাৰত, যেনে- বচনাত্মক প্রাকৃতি, লিংগবাচক প্রাকৃতি ইত্যাদি। আনহাতে, প্রাকৃতিটোৰ অন্তৰ্গত আকৃতিবোৰৰ ভিতৰত যিটো আকৃতিৰ প্রয়োগত সীমাৱদ্ধতা কম, অর্থাৎ প্রয়োগ ব্যাপক সেই আকৃতিটোৰে প্রাকৃতিটোৰ নামকৰণ কৰা হয়। যেনে- [-বী,-অৰী, -উবী] আদি উপাকৃতিবোৰৰ প্ৰাকৃতিটোৰ নামকৰণ কৰা হ'ব /-বী/ নামেৰে।