চুটিগল্প

অধ্য়ায় ৩

চমু উত্তৰ লিখাঃ


(১) অনিলাদেৱী কোন গৰাকী বঙালী সাহিত্য়িকৰ ছদ্ম নাম?

উত্তৰঃ শৰৎচন্দ্ৰ চট্টোপাধ্য়য়।

(২) অভাগীৰ স্বৰ্গ চুটি গল্পটোৰ ৰচক কোন?

উত্তৰঃ শৰৎচন্দ্ৰ চট্টোপাধ্য়য়।

(৩) শৰৎচন্দ্ৰ চট্টোপাধ্য়য় কত আৰু কেতিয়া জন্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৮৭৬ খ্ৰীষ্টাব্দত ২৫ চেপ্তেম্বৰ হুগলীজিলাৰ অন্তৰ্গত দেবানন্দপুৰ নামৰ গাঁৱত।

(৪) অভাগীৰ স্বৰ্গ গল্পৰ আটাইতকৈ ক্ৰিয়শীল চৰিত্ৰ কোনটো?

(ক) অভাগী              (খ) কাঙালী

(গ) গোমস্তা              (ঘ) ঠাকুৰদাস মুখোপাধ্য়য়

উত্তৰঃ (খ) কাঙালী।

(৫) শৰৎচন্দ্ৰ চট্টোপাধ্য়য়ৰ সাহিত্য় ৰচনাৰ মূল সুৰ আছিল -

(ক) মানৱতা            (খ) নাৰীজাগৰণ

(গ) সমাজ সংস্কাৰ     (ঘ) শ্ৰেণী বৈষম্য়

উত্তৰঃ (গ)সমাজ সংস্কাৰ।

(৬) বিন্দুব ছেলে গল্পৰ লেখক কোন?

উত্তৰঃ  শৰৎচন্দ্ৰ চট্টোপাধ্য়য়।

(৭) তলৰ কোনটো উক্তিত কাঙালীৰ প্ৰতিবাদী চেতনাৰ স্বৰূপ প্ৰকাশ পাইছে -

(ক) দাৱোয়ানজী আমাৱ বাবাকে

(খ) মা বলে গেছে তেনেকে আগুণ দিতে

(গ) মড়া পোড়ানে বলতে নেই, পাপ হয়

(ঘ) সে যে আমাৱ মাথেৱ হাতে পোঁতা গাছ

উত্তৰঃ  (ঘ) সে যে আমাৱ মাথেৱ হাতে পোঁতা গাছ

(৮) অভগীৰ স্বৰ্গ গল্পতপ্ৰকাশ পাইছে -

(ক) হিন্দু ৰক্ষণশীলতা                (খ) সমাজ বাস্তৱতা

(গ) ধনী-দুখীৱাৰ বৈষম্য়                (ঘ) সামাজিক মূল্য়বোধ

উত্তৰঃ (খ) সমাজ বাস্তৱতা।


                                                উত্তৰ লিখাঃ


(১) শৰৎচন্দ্ৰৰ গল্পৰ দুটা বৈশিষ্ট্য় লিখা।

উত্তৰঃ শৰৎচন্দ্ৰৰ গল্পৰ দুটা বৈশিষ্ট্য় হল -(১) শৰৎচন্দ্ৰৰ গল্পৰ ভাষা সহজ সৰল (২) শৰৎচন্দ্ৰৰ গল্পৰ চৰিত্ৰবোৰ সিহঁতৰ গভীৰ অভিজ্ঞতাৰে পুষ্ট।

(২) শৰৎচন্দ্ৰ চট্টোপাধ্য়য় ৰচিত দুখন বিখ্য়াত উপন্য়াসৰ নামলিখা।

উত্তৰঃ দেনা পাওনা  (১৯২৩) আৰু দেবদাস(১৯১৭)

(৩) ৰসিক কোন? তেওঁ কি পৰিস্থিতিত জমিদাৰৰ চৰ খাবলগীয়া হৈছিল।

উত্তৰঃ সৰিক অভাগীৰ স্বাম। অভাগীৰ মৃতদেহ সৎকাৰৰ বাবে গছ কাচিবলৈ গৈ জমিদাৰৰ পোহনীয় হিন্দুস্তানী চিপাহীৰ চৰ খাবলগাহৈছিল।

(৪) শৰৎচন্দ্ৰৰ অভাগীৰ স্বৰ্গ প্ৰথম কত আৰু কিমান চনত প্ৰকাশ পাইছিল।

উত্তৰঃ ১৯২২খ্ৰীষ্টাব্দত বঙ্গবানী পত্ৰিকাত।

(৫) মুখোপাধ্য়ায় পত্নীৰ সৎকাৰৰ দৃশ্য় অভাগীয়ে কিয় দূৰৰ পৰাই চাই ৰৈছিল?

উত্তৰঃ তথাতথিত নিম্নশ্ৰেণীৰ মহিলা হোৱাৰ কাৰণে।

(৬) অভাগীৰ নাম 'অভাগী'  কোনে ৰাখিছিল? কি পৰিস্থিতিত 'অভাগী' নাম ৰাখিব লগা হৈছিল।

উত্তৰঃ অভাগীৰ নাম 'অভাগী' ৰাখিছিল তাইৰ পিতৃয়ে। অভাগীৰ জন্মৰ পিছতেই মাকৰ মৃত্য়ু হোৱাত পিতাকে খঙতে তাইৰ নাম অভাগী ৰাখিছিল।



দীঘলীয়া প্ৰশ্ন উত্তৰঃ


(১) শৰৎচন্দ্ৰৰ গল্পৰ বৈশিষ্ট্য় সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ তলত শৰৎচন্দ্ৰৰ গল্পৰ বৈশিষ্ট্য়সমূহ আলোচনা কৰা হল-

(১) শৰৎচন্দ্ৰৰ গল্পসমূহৰ মূল উপজীব্য় আছিল চৰিত্ৰ। এই চৰিত্ৰসমূহ তেওঁ বাস্তৱ অভিজ্ঞতাৰ পৰা বুটলি আনি জীৱন্ত ৰূপত তুলি ধৰিছিল। নিজৰ অন্তৰৰ সীমাহীন সহানুভূতিৰ স্পৰ্শই শৰৎচন্দ্ৰৰ চুটিগল্প সমূহ জীৱন্ত আৰু গতিশীল কৰি তুলিছে। তাৰোপৰি চৰিত্ৰসমূহৰ বাহ্য়িকক্ৰিয়া আৰু আচৰণৰ মূলত সিহঁতৰ অন্তৰ্জগতৰ যিবোৰ সুক্ষ্ম আৰু অৱদমিত কামনা-বাসনাৰ অৰ্ন্তদ্বন্দ আছে তাক তেওঁ মননশীল দৃষ্টিভংগীৰে তুলি ধৰাৰ ফলত গল্পসমূহ আকষৰ্ণীয় হৈ পৰে।

(২) শৰৎচন্দ্ৰৰ গল্পসমূহ বেছিভাগ সময়ত বৰ্ণনাৰ প্ৰাচুৰ্যৰ বাবে উপন্য়াসৰ আকাৰ লয়। ৰবীন্দ্ৰনাথৰ চুটিগল্পৰ যি বাক সংযম, সেই বাক সংযম শৰৎচন্দ্ৰ চুটিগল্পত দেখা পোৱা নাযায়। বোঝ, ভন্দ্ৰনাথ আদি গল্প ইমান বৰ্ণনাধৰ্মী হৈ পৰিছে যে ই পাঠকক কম সময়ৰ ভিতৰতে ৰসাস্বাদন কৰোৱা চুটিগল্পৰ যি সাধাৰণ ধৰ্ম, সেই ধৰ্ম উলংঘন কৰিব খোজে। কিন্তু শৰৎচন্দ্ৰৰ গল্পত বহু সময়ত মিতব্য়য়ী বৰ্ণনা নাথাকিলেও কাহিনীৰ মাধ্য়মেৰে বাস্তৱ সমাজৰ সমস্য়াৰ অৱতাৰণা কৰি পাঠকক কৌতুহল উদ্দীপ্ত কৰি ৰাখিব পাৰে।

(৩) মানৱীয় অনুভূতিৰ তীব্ৰতম চেচনাস্পৰ্শ শৰৎচন্দ্ৰ গল্পৰ অন্ততম বৈশিষ্ট্য়। বাস্তৱ অভিজ্ঞতাৰে তেওঁ যতেই যি দেখিছে তাকেই গল্পৰ মাধ্য়মত ফুটাই তুলিছে ফলত তেওঁৰ অধিকাংশ গল্পই মানৱীয় চেতনাধৰ্মী হৈ উঠিছে। জীৱিত ও মৃত, মহামায়া, অতিথি, আপদ, দিদি, দুৱাশা, ব্য়ৱধান, প্ৰভৃতি গল্প মানৱতাধৰ্মী আৰু ৰোমন্সৰ স্পৰ্শৰে স্পৰ্শজ্জোল।

(৪) নাৰীৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু সহানুভূতি শৰৎচন্দ্ৰৰ গল্পৰ আন এক অন্য়তম বৈশিষ্ট্য়। নাৰী জীৱনৰ দুখ-দৰ্শশা, আশা-আকাংক্ষা, হৰ্ষ-বিষাদ আদি অতি সুন্দৰভাৱে গল্পত ফুটাই তুলিছে। তথাকথিত ৰক্ষণশীল সমাজৰ নীতি-নিয়ম, অন্য়ায়-অবিচাৰে বিষময় কৰি তোলা নাৰী জীৱনৰ ছবিও তেওঁ অংকন কৰিছে। বিধবা, পতিতা, সমাজ বহিৰ্ভূত আদি শ্ৰেণীৰ নাৰীৰ অন্তৰতো আছে সুগভীৰ আৰু নিস্পাপ প্ৰেম, গভীৰ অৰ্ন্তদৃষ্টিৰে নাৰীৰ মনোজগতত প্ৰৱেশ কৰি নাৰী চৰিত্ৰ সমূহ জীৱন্ত ৰূপত তুলি ধৰিছে।

(৫) শৰৎচন্দ্ৰৰ গল্পবোৰ বঙালী সমাজৰ নিম্ন মধ্য়বিত্ত লোকৰ জীৱনৰ পটভূমিত ৰচিত। তেওঁৰ গল্পৰ পাত্ৰ-পাত্ৰী সাধাৰণতে গাঁৱৰ বাসিন্দা। তাৰ মূল কাৰণ আছিল শৰৎচন্দ্ৰ পল্লীৰ মানুহ। সেয়েহে গল্পবোৰত পল্লী সমাজৰ আচাৰ-ব্য়ৱহাৰ, ৰীতি-নীতি, সুখ-দুখ, হাঁহি-কান্দোন আদিৰ বাস্তৱচিত্ৰ স্পষ্ট আৰু সুন্দৰকৈ আঁকিব পাৰিছে। দৰিদ্ৰতাৰ লগত প্ৰত্য়ক্ষ পৰিচয়ে দৰিদ্ৰৰ বুকু ভঙা চিত্ৰ অংকনত সহায় কৰিছে।

(২)  শৰৎচন্দ্ৰ চট্টোপাধ্য়য়ৰ সাহিত্য়কৃতি।

উত্তৰঃ শৰৎচন্দ্ৰ চট্টপাট্টপাধ্য়য় আধুনিক বাংলা তথা ভাৰতীয় সাহিত্য়ৰ এগৰাকী বিশিষ্ট সাহিত্য়িক। শৰৎচন্দ্ৰ জন্ম হয় ১৮৭৬ খ্ৰীষ্টাব্দৰ ২৫ চেপ্তেম্বৰত হুগলী জিলাৰ অন্তৰ্গত দেবানন্দপুৰ নামৰ গাঁৱত। তেওঁ একেধাৰে ঔপন্য়াসিক, গল্পকাৰ, প্ৰবন্ধকাৰ, নাট্য়কাৰ আছিল যদিও মূলতঃ উপন্য়াসিক হিচাপেহে অধিক জনপ্ৰিয়তা লাভ কৰিছিল। ১৯০৩ চনত কুন্তলীন পুৰস্কাৰ লাভ কৰা বিখ্য়াত মন্দিৰ গল্পটোৰ অখ্য়াত লেখক আছিল শৰৎচন্দ্ৰ। তেওঁৰ প্ৰথম উপন্য়াস বড়াদিদি খ্য়াতি বৃদ্ধি পায়। শৰৎচন্দ্ৰৰ ব্য়ক্তিগত জীৱন আছিল বৈচিত্ৰ্য়ৰে ভৰা। শৈশৱৰ পৰা নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে তেওঁ জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল। ৰক্ষণশীল পাৰিবাৰিক জীৱন, দৰিদ্ৰতাৰ লগত প্ৰত্য়ক্ষ পৰিচয়, প্ৰতিষ্ঠিত সাহিত্য়িক আৰু দেশনেতা হিচাপে যাপন কৰা জীৱনে তেওঁক অন্তহীন অভিজ্ঞতাৰে পুষ্ট কৰিছিল। জীৱনত লাভ কৰা বিচিত্ৰ অভিজ্ঞতাৰে তেওঁ সামাজিক সমস্য়াসমূহৰ ওপৰত দৃষ্টি আৰোপ কৰিছিল আৰু সেই সমূহ তেওঁৰ সাহিত্য়ত জীৱন্ত ৰূপত প্ৰতিভাত হৈছিল। সমাজৰ চিত্ৰ হৃদয়গ্ৰাহী ৰূপত কৰা উপস্থাপনে দৰ্শক পাঠকক আকৃষ্ঠ কৰিছিল। নাৰীৰ প্ৰতি থকা তেওঁ গভীৰ সহানুভূতি আৰু শ্ৰদ্ধা তুলনাহীন। কাহিনী নিৰ্মাণৰ অসামান্য় কলা-কৌশল আৰু অতি প্ৰাঞ্জল আৰু সাৱলীল ভাষাই হল শৰৎচন্দ্ৰৰ সাহিত্য়ৰ জনপ্ৰিয়তা আৰু খ্য়াতিৰ প্ৰধান কাৰণ। বাংলাৰ উপৰিও বিভিন্ন ভাৰতীয় ভাষাত শৰৎচন্দ্ৰৰ অনেক উপন্য়াসৰ চিত্ৰনাট্য় নিৰ্মিত হৈছে আৰু সেইবোৰে অসাধাৰণ সাফল্য় অৰ্জন কৰিছে। অত্য়াধিক জনপ্ৰিয়তা লাভ কৰা বিভিন্ন ভাষাত নিৰ্মিত চিত্ৰনাট্য় সমূহ হৈছে - দেবদাস, শ্ৰীকান্ত, ৱামেৱ সুমতি, দেনা পাওনা, বিৱাজ বে ইত্য়াদি। সাহিত্য়কৰ্মত নিৰলস আৰু অসাধাৰণ অৱদানৰ বাবে শৰৎচন্দ্ৰই কুন্তলীন পুৰস্কাৰ, জগত্তাৰিণী স্বৰ্ণপদক, বঙ্গীয় সাহিত্য় পৰিষদৰ সদস্য়পদ আৰু কলকাতা বিশ্ববিদ্য়ালয়ৰ পৰা ডিলিট উপাধি লাভ কৰে। এইজনা মহান সাহিত্য়িকৰ ১৯৩৮ চনৰ ১৬ জানুৱাৰীত কলকাতাৰ পাৰ্ক নাৰ্চিং ৰোমত মৃত্য়ু হয়।

(৩) অভাগীৰ স্বৰ্গ গল্পৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

উত্তৰঃ বাংলা চুটিগল্পৰ প্ৰৱৰ্তক ৰবীন্দ্ৰনাথ ঠাকুৰৰ সমসাময়িক বাঙালী গল্পকাৰ সকলৰ ভিতৰত শৰৎচন্দ্ৰ অন্য়তম প্ৰধান। সমাজৰ নিস্পেষিত, অৱহেলিত নাৰীৰ প্ৰতি শৰৎচন্দ্ৰৰ আছিল গভীৰ শ্ৰদ্ধা আৰু সহানুভূতি সেয়েহে শৰৎচন্দ্ৰৰ গল্পত সমাজ বহিৰ্ভূত, অৱহেলিত, প্ৰতাৰিত নাৰীৰ মনোবেদনা, সমাজৰ অন্য়ায় অবিচাৰৰ চেপাত যন্ত্ৰনাদগ্ধ হৈ পৰা নাৰী জীৱন ছবিও প্ৰতিফলিত হয়। শৰৎচন্দ্ৰৰ দ্বাৰা ৰচিত গল্পসমূহৰ ভিতৰত আংগিক, কলা-কৌশল আদি সকলো দিশৰ পৰা এটা উৎকৃষ্ঠমানৰ চুটিগল্প হল - অভাগীৰ স্বৰ্গ। গল্পটোৰ নামাকৰণতেই যেন তাৰ অন্তৰ্নিহিত তাৎপৰ্য লুকাই আছে। অভাগীৰ ভাগ্য় কুণ্ডলীত যেন কেৱল দুখ আৰু যন্ত্ৰণাই লিখা আছিল। অভাগ্য়ৰ দেৱতাৰ কোপ দৃষ্টিৰ বাবেই শৈশৱতে মাকক হেৰুৱাই তাই নাম পাইছিল অভাগী। সেই অভাগ্য়ই গোটেই জীৱন বিষময় কৰি তুলি মৃত্য়ুৰ পিছতো তাইৰ লগ এৰা নাছিল।

    অভাগীৰ স্বৰ্গ গল্পৰ আৰম্ভণিতে গল্পকাৰে ব্ৰাক্ষণ বংশজাত ঠাকুৰদাস মুখোপাধ্য়য়ৰ বৃদ্ধ পত্নীৰ অন্তিম সংস্কাৰৰ জাকজমকতাপূৰ্ণ আয়োজনৰ আভাস দিছে।সামন্ত শ্ৰেণীৰ প্ৰভুৰ প্ৰতীক মুখোপাধ্য়য় পত্নীৰ মৃত্য়ুত চাৰিজন পুত্ৰ-বোৱাৰী, জী-জোঁৱাই, চাকৰ-বাকৰ, আত্মীয়-স্বজন মিলি শৱদেহ গন্ধে-পুস্পে, আলতা, সেন্দুৰে ৰঞ্জিত কৰি যি বিশাল আয়োজন কৰিছে তাৰ মাজত এটা উৎসৱমুখৰ পৰিৱেশৰহে সৃষ্টি হৈছে। প্ৰৱল হৰিধ্বনিৰে ধূপ-দীপ গন্ধ সহিতে আকাশ-বতাহ মুখৰিত কৰি গোটেই গাওঁখনেই শৱযাত্ৰাৰ সংগী হৈছে। অভাগী আছিল তথাকথিত যোৱা অৱস্থাটোৰ মাজেৰে তাইৰ আৰ্থিক অৱস্থানৰ দিশটোক প্ৰকট কৰি তুলিছে। এনেদৰে মুখোয্য়ে পত্নীৰ অন্তেষ্টিক্ৰিয়াৰ দৃশ্য় চাই অভাগী আত্মবিভোৰ হৈ পৰিল। অভাগীয়ে অনুভৱ কৰিছে যে ব্ৰাক্ষণ পত্নী পৰম সৌভাগ্য়ৱতী আৰু সতীসাধ্বী আছিল বাবেহে তেনে মৃত্য়ু সম্ভৱ হৈছে। 

(৪) অভাগীৰ স্বৰ্গ গল্পত লেখকৰ সমবেদনাস্নিগ্ধ সমাজচেতনাৰ স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে, অভাগীৰ মুক্তিৰ আকাংক্ষাৰ প্ৰসঙ্গত চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ বিংশ শতিকাৰ প্ৰথমাৰ্ধত বাংলা সাহিত্য় জগতত প্ৰতিনিধিস্থানীয় গল্পকাৰ আৰু ঔপন্য়াসিক হিচাপে প্ৰতিষ্ঠা লাভ কৰা সাহিত্য়িক সকলৰ ভিতৰত শৰৎচন্দ্ৰ চট্টোপাধ্য়য় অন্য়তম। শৰৎচন্দ্ৰৰ দ্বাৰা ৰচিত গল্প সমূহৰ ভিতৰত অভাগীৰ স্বৰ্গ আংগিক আৰু কলা কৌশলৰ দিশৰ পৰা এটা উৎকৃষ্টমানৰ চুটিগল্প। অভাগীৰ স্বৰ্গ গল্পত গল্পকাৰে এগৰাকী অভাৱগস্তা বৃদ্ধা নাৰীৰ মনোজগতত প্ৰৱেশ কৰি কাহিনীভাগ আগবঢ়াই লৈ গৈছে। গল্পৰ আৰম্ভণিতে আত্য়ৱন্ত ঘৰৰ ব্ৰাক্ষণ বংশজাত ঠাকুৰ দাস মুখোপাধ্য়ায়ৰ বৃদ্ধা পত্নীৰ মৃত্য়ুৰ জাকজমকতাপূৰ্ণ আয়োজন দেখুৱাই অতি কৌশলেৰে দুলে জাতিৰ দৰিদ্ৰ মহিলা অভাগীৰ মনত উদয় হোৱা পূণ্য় কামনা আৰু স্বৰ্গাৰোহনৰ বিচিত্ৰ আকাংক্ষাৰ তুলি ধৰিছে। মুখ্য়েয্য়ে পত্নীৰ মৃত্য়ুত আত্মীয় স্বজনে আলতা, সেন্দুৰ, পুষ্প আদিৰে সুসজ্জিত আৰু ধূপ-দীপেৰে সুগন্ধি কৰি আত্মীয় আৰু চুবুৰীয়াই শৱ যাত্ৰাত অংশ লৈছে আৰু নিজ পুত্ৰই মুখাগ্নি কৰিছে। 

    অভাগীৰ স্বৰ্গ গল্পত অভাগীৰ স্বৰ্গযাত্ৰাৰ হাবিয়াসেৰে স্বামী পৰিত্য়ক্তা দৰিদ্ৰ নাৰী এগৰাকী ভাগ্য়ত বিশ্বাস আৰু সতীত্বৰ ধাৰণাৰ মাজেৰে সেই সময়ৰ সমাজ ব্য়ৱস্থাত প্ৰচলিত বিশ্বাস আৰু আচাৰ ৰীতিৰ আভাস এটা দাঙি ধৰিছে। অকাল বিধৱা অথবা স্বামী পৰিত্য়াগ নাৰী এগৰাকীৰ জীৱন কিমান দুৰ্যোগ দুৰ্ভাৱনাৰে ভৰা তাৰ আভাসো গল্পকাৰে এটা বাক্য়ৰ মাজেৰে তুলি ধৰিছে - ৩ খন উতপাত উপদ্ৰবত্ত তাহাব প্ৰতি সামান্য় হয় নাই। সেই কথা স্মৱণ কৱিয়া অভ্য়াগীৰ চোখ দিয়া জল পবিতে লাগিল।

    অভাগীৰ মৃত্য়ুৰ পিছতে গল্পকাৰে বাস্তৱৰ নিদাৰুণ ছবি এখন মৰ্মস্পৰ্শী ভাষাৰে বৰ্ণনা কৰি দেখুৱাইছে। অভাগীৰ অন্তিম ইচ্ছা পুৰণ কৰিবলৈ পুত্ৰ কাঙালীয়ে পৰ্যামানে চেষ্টা কৰিছিল। শৱ সৎকাৰৰ বাবে অভাগীয়ে নিজে ৰুই থৈ যোৱা বেলগছ এডাল কাটিবলৈ গৈ ৰসিকে জমিদাৰৰ চিপাহীৰ চৰ খাবলগীয়া হৈছে। কেৱল ইমানেই নহয় জমিদাৰৰ গোমস্তা অধৰ বাবুক গছ কটাৰ আদেশ বিচাৰি গৈ তেওঁৰ কৰ্মচাৰীৰ গলধাক্কা খাবলগীয়াত পৰিছে। 



(৫) শৰৎচন্দ্ৰ চট্টোপাধ্য়য়ৰ অভাগীৰ স্বৰ্গ আৰু সমধৰ্মী এটি অসমীয়া চুটিগল্পৰ এটা তুলনামূলক আলোচনা আগবঢ়োৱা।

উত্তৰঃ শৰৎচন্দ্ৰ চট্টোপাধ্য়য় বাংলা সাহিত্য়ৰ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ আৰু ঔপন্য়াসিক। অভাগীৰ স্বৰ্গ শৰৎচন্দ্ৰ চট্টোপাধ্য়ায়ৰ সমবেদনাস্নিগ্ধ সমাজচেতনা প্ৰসূত এটি উল্লেখযোগ্য় গল্প। গল্পটিত এগৰাকী দৰিদ্ৰ, অভাৱগ্ৰন্থ বৃদ্ধাৰ মনোজগতত ক্ৰিয়া কৰা মুক্তিৰ আকাংক্ষাৰ কথা প্ৰকাশ কৰিবলৈ গৈ সমসাময়িক সমাজৰ প্ৰচলিত পৰম্পৰা আৰু সংস্কাৰৰ বিষয়ে ভালেমান দিশত আলোকপাত কৰা হৈছে। এগৰাকী ব্ৰাক্ষণ জমিদাৰৰ পত্নীৰ জাকজমকতাপূৰ্ণ অন্তোষ্টাক্ৰিয়াত মুগ্ধ হৈ কাঙালীৰ মাক অভাগীয়ে নিজৰ মৃত্য়ুৰ পিছতো অনুৰূপ শৱ-সৎকাৰ কামনা কৰিছে।

    অসমীয়া সাহিত্য় জগতত এজন খ্য়াতিমান গল্পকাৰ হল যোগেশ দাস। যোগেশ দাসৰ গল্পত সমাজৰ অৱহেলিত জনৰ মানৱীয় দিশ আৰু তথাকথিত ভালমানুহৰ স্বাৰ্থপৰতাৰ কথা উদঙাই দেখুওৱাৰ প্ৰয়াস বিদ্য়মান। কলপটুৱাৰ মৃত্য়ু  যোগেশ দাসৰ এটি মনোৰম চুটিগল্প। গল্পকাৰৰ সুন্দৰ মনস্তাত্বিক চিন্তাৰ প্ৰতিফলন গল্পটোত বিদ্য়মান। ধনীৰাম আৰু ৰূপেশ্বৰীৰ সহজাত প্ৰণয় অনুৰাগত বৰবোপাৰ প্ৰতিবন্ধকতা, পৰস্পৰৰ আঁতৰা-আঁতৰি, পিছত বিপত্তিত পৰি খাজনা মাক বিচাৰি ধনীৰাম মৌজাদাৰৰ ওচৰত সকৰুণ নিবেদন আৰু শেষত মৌজাদাৰৰ পাৰিবাৰিক কলঙ্ক মোচনৰ বাবে সগৰ্ভা ৰূপেশ্বৰীক গ্ৰহণৰ মাজেদি গল্পটোৰ  পৰিসমাপ্তি ঘটিছে। 

    অভাগীৰ স্বৰ্গত জমিদাৰী প্ৰথাৰ কুফলস্বৰূপে সৰ্বসাধাৰণ ৰাইজৰ বিলাই বিপত্তি, অমানৱীয় অত্য়াচাৰ আৰু নিষ্ঠুৰতাই চিত্ৰ অঞ্চিত হৈছে। আনহাতে কলপটুৱাৰ মৃত্য়ুত মৌজাদাৰী ব্য়ৱস্থাৰ কুফলস্বৰূপে সাধাৰণ মানুহৰ মানৱীয় মূল্য়বোধ, অধিকাৰ আৰু সহজাত আশা-আকাংক্ষা, কামনা-বাসনা আদি কেনেদৰে নিঃশেষ হবলগীয়া হৈছে, সেয়া ধনীৰামৰ জীৱনৰ সংঘাত আৰু সংঘৰ্ষৰ মাজেদি ফুটাই তোলা হৈছে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)