অসমীয়া সাহিত্য়ত উপভাষাৰ প্ৰয়োগ 

প্ৰশ্নোত্তৰঃ

(১) 'ৰাম-নৱমী' নাটকখন অসমৰ কোনটো উপভাষা ব্য়ৱহাৰ কৰা হৈছে?

উত্তৰঃ 'ৰাম-নৱমী' নাটকখন অসমৰ কামৰূপী উপভাষাত ব্য়ৱহাৰ কৰা হৈছে।

(২) 'হাঁহিচম্পা' গল্পত ব্য়ৱহাৰ হোৱা উপভাষাটো কি?

উত্তৰঃ 'হাঁহিচম্পা' গল্পত কামৰূপী উপভাষাৰ ব্য়ৱহাৰ হৈছে। 

(৩) 'সহযাত্ৰী' গল্পত কি উপভাষাৰ প্ৰয়োগ কৰিছে?

উত্তৰঃ 'সহযাত্ৰী' গল্পত গোৱালপৰীয়া উপভাষাৰ প্ৰয়োগ কৰিছে। 

(৪) 'ৰাম-নৱমী' নাটকত নাট্য়কাৰ কোন চৰিত্ৰৰ সংলাপত উপভাষাৰ ব্য়ৱহাৰ কৰিছে?

উত্তৰঃ 'ৰাম-নৱমী' নাটকত নাট্য়কাৰ সহীৰাম, দতো আৰু সাজতোলা আদি চৰিত্ৰৰ মুখত কামৰূপী উপভাষা ব্য়ৱহাৰ কৰিছে।

(৫) 'ৰাম-নৱমী' নাটকত ব্য়ৱহৃত এটি অপিনিহিতিৰ উদাহৰণ দিয়া?

উত্তৰঃ 'ৰাম-নৱমী' নাটকত ব্য়ৱহৃত হোৱা অপিনিহিতি উদাহৰণ হ'ল- গাইন (গায়ন)। 

(৬) 'হাঁহিচম্পা' গল্পত ব্য়ৱহৃত এটি অপিনিহিতিৰ উদাহৰণ দিয়া।

উত্তৰঃ 'হাঁহিচম্পা' গল্পত ব্য়ৱহৃত হোৱা এটা অপিনিহিতিৰ উদাহৰণ হৈছে- ধইৰলু (ধৰিলো)।

(৭) 'সহযাত্ৰী' গল্পত ব্য়ৱহাৰ হোৱা কেইটামান শব্দ মান্য়ৰূপ সহ লিখা?

উত্তৰঃ 'সহযাত্ৰী' গল্পত ব্য়ৱহাৰ হোৱা কেইটামান শব্দ মান্য়ৰূপসহ তলত উল্লেখ কৰা হ'ল-

মুই (মই), খাং (খোৱা), চেনঙ (চিনিপোৱা), বোন (ভনী) আৰু কেমন (কেনেদৰে)।

(৮) 'ৰাম-নৱমী' নাটকত ব্য়ৱহাৰ হোৱা উপভাষাৰ ধ্বনিগত বৈশিষ্ট সমূহ উল্লেখ কৰা?

উত্তৰঃ  'ৰাম-নৱমী' নাটকখনত উপভাষাৰ বঙলা আৰু প্ৰাচীন অসমীয়া ভাষা ৰীতিৰ লগতে কামৰূপী উপভাষাৰ শব্দ, খণ্ডবাক্য় আৰু বাক্য়ৰীতিৰ সংমিশ্ৰণ ঘটিছে। উপভাষাৰ কেইটামান  ধ্বনিগত বৈশিষ্ট্য় হৈছে-

(ক) অপিনিহিতিৰ ব্য়ৱহাৰঃ কামৰূপী উপভাষাৰ অপিনিহিতি এটা বিশিষ্ট লক্ষণ। 'ৰাম-নৱমী' নাটকত ব্য়ৱহাৰ হোৱা অপিনিহিতিৰ। যেনে- গাইন(গায়ন), বাইন(বায়ন), পাউনি(পাৱনি)।

(খ) আদ্য় শ্বাসাগাতঃ কামৰূপী উপভাষাত শব্দৰ আদি অক্ষৰত শ্বাসাঘাত পৰে। 'ৰাম-নৱমী' নাটকতো এই বৈশিষ্ট্য় দেখা যায়। যেনে- আহলি(আহিলি), কৰবা(কৰিব), চধৰী(চৌধুৰী)। 

(গ) 'হ' ধ্বনিৰ অতিৰিক্ত প্ৰয়োগঃ ৰাম-নৱমী নাটকত ব্য়ৱহাৰ হোৱা কামৰূপী উপভাষাত 'হ' ধ্বনিৰ অতিৰিক্ত প্ৰয়োগ হয়। যেনে- শুনচাহ না কাকা। 

(ঘ) ধ্বনিৰ অন্য়ান্য় পৰিৱৰ্তনঃ 'ৰাম-নৱমী' নাটকত কিছুমান ধ্বনি আন কিছুমান ধ্বনিলৈ পৰিৱৰ্তন হৈ ব্য়ৱহাৰ হোৱা দেখা যায়। যেনে- 

এ..ই= পিনে>পিনি। 

এ > আ = এনেই > এনাই।

অ > এ = পেলাই > পেলেই।

  (ঙ) ওচৰা-ওচৰিকৈ দুটা 'আ' ধ্বনিৰ ব্য়ৱহাৰঃ কামৰূপী উপভাষাত ওচৰা-উচৰিকৈ একেটা শব্দতে দুটা 'আ' ধ্বনিৰ প্ৰয়োগ ঘটে। 

(৯) 'ৰাম-নৱমী' নাটকত ব্য়ৱহাৰ হোৱা ভাষাৰ ৰুপগত বৈশিষ্ট্য় সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ 'ৰাম-নৱমী' নাটকত ব্য়ৱহাৰ হোৱা ৰ ৰূপতাত্ত্বিক বৈশিষ্ট্য় । যেনে-

(ক) নিৰ্দিষ্টতাবাচক প্ৰত্য়য়- খান,-খানি আদিৰ ব্য়ৱহাৰ।

-" ... ভাল প্ৰভূ ইশ্বৰ দুখনি চৰনে যি আজ্ঞা কৰিছে।

(খ) 'ৰাম-নৱমী' নাটকত ব্য়ৱহৃত বিশেষ্য় শব্দ হ'ল- পুত্খা চধৰী, ফৌদাৰী।

(গ) নাটত ব্য়ৱহৃত সৰ্বনাম হ'ল- সি, আমাৰ, মোক, ময় আদি। 

(ঘ) অব্য়য় হ'ল আৰ, আৰৃ আৰু এবং।

(ঙ) কামৰূপী উপভাষাত ব্য়ৱহৃত বহুবচনৰ প্ৰত্য়য়- হস্ত, বিলাক, সকল আদি নাটকখনত ব্য়ৱহাৰ হৈছে।

(১০) 'হাঁহিচম্পা' গল্পত প্ৰয়োগ হোৱা ভাষাৰ ধ্বনিগত বৈশিষ্ট্য় সম্পৰ্কে আলোচনা কৰা?

উত্তৰঃ 'হাঁহিচম্পা' গল্পত প্ৰয়োগ হোৱা ভাষাৰ ধ্বনিগত বৈশিষ্ট্য়সমূহ হ'ল-

(ক) কামৰূপী উপভাষাত শব্দৰ আদি অক্ষৰত শ্বাসাঘাত পৰে বাবে শব্দৰ গঠনত পৰিৱৰ্তন সাধন হয়। যেনে- হাঁইহবা, নাজনে, নাথকা আদি। 

(খ) কামৰূপী উপভাষাত সাধাৰণতে মহাপ্ৰাণ ধ্বনিৰ ব্য়ৱহাৰ অধিক। হাঁহিচম্পা গল্পটোত অল্পপ্ৰাণ ধ্বনিৰ সলনি মহাপ্ৰাণ ধ্বনিৰ ব্য়ৱহাৰ দেখা যায়। যেনে- ফেলব (পেলাব) 'প' অল্পপ্ৰাণ ধ্বনিৰ ঠাইত 'ফ' ধ্বনিৰ ব্য়ৱহাৰ হয়।

(গ) নামনি অঞ্চলৰ ভাষাত একেটা শব্দতে ওচৰা-উচৰিকৈ দুটা 'আ' ধ্বনিৰ ব্য়ৱহাৰ হয়। হাঁহিচম্পা গল্পটো এই বৈশিষ্ট্য় আছে। যেনে- "আপীৰ বাপেক হুৰামুৰা লাগাই গোঁহালিৰ পেৰে দাউৰি আহিল।   

(১১) 'সহযাত্ৰী' গল্পটোত ব্য়ৱহৃত ভাষাৰ ধ্বনিগত ৰূপ সম্পৰ্কে আলোচনা কৰা?

উত্তৰঃ 'সহযাত্ৰী' গল্পটোত প্ৰধানকৈ গোৱালপৰীয়া উপভাষাৰ ব্য়ৱহাৰ কৰিছে। অসমীয়া ভাষাৰ উপভাষাৰসমূহৰ ভিতৰত গোৱালপৰীয়া উপভাষা অন্য়তম। এই উপভাষা ৰূপগত আৰু ধ্বনিগত বৈশিষ্ট্য় সমূহ হৈছে- 

(ক) গোৱালপৰীয়া উপভাষাত শ্বাসাঘাত শব্দ আদি অক্ষৰত পৰে। গল্পটোত বৈশিষ্ট্য় ৰক্ষিত হৈছে যেনে- আস্চে। 

 (খ) মান্য় অসমীয়া 'অ' ধ্বনি গল্পটোত কেতিয়াবা 'উ' আৰু 'আ' ধ্বনি হিচাপে ব্য়ৱহাৰ হয়। যেনে- নাহয় (নহয়), মুই (মই)। 

(গ) গল্পটোত ব্য়ৱহাৰ হোৱা ভাষা ধ্বনি লোপ হৈছে। চাৰ (চাৰি)- 'আমাৰ চাৰ বোন'।

(ঘ) গল্পটোত দ্বি স্বৰ ধ্বনিৰ ব্য়ৱহাৰ হয়। যেনে- উই।

(ঙ) মান্য় অসমীয়া 'উ' ধ্বনি গল্পটোত 'ও' ধ্বনি ব্য়ৱহাৰ হৈছে। যেনে-মোছলমান (মুছলমান)।

(১২) 'সহযাত্ৰী' গল্পটোত ব্য়ৱহৃত উপভাষাৰ ৰূপগত বৈশিষ্ট্য় উল্লেখ কৰা?

উত্তৰঃ ভাষাটোত ব্য়ৱহাৰ হোৱা সৰ্বনাম, প্ৰত্য়য় আৰু অব্য়য় এই সকলোবোৰ লগ হৈ ভাষাটোত সৌন্দৰ্য দুগুণ বৃদ্ধি কৰে। এই সকলোবোৰে হৈছে ভাষাটোৰ ভাষাটোৰ ৰূপতাত্ত্বিক বৈশিষ্ট্য়। 

    গল্পটোত ব্য়ৱহৃত সৰ্বনাম ৰূপৰ উদাহৰণ হৈছে- মুই, তুই, তোমৰা আদি। 

    গল্পটোত ব্য়ৱহাৰ হোৱা গোৱালপৰীয়া উপভাষাৰ কথনত 'বহুত' বহুবচনাত্মক প্ৰত্য়য় ব্য়ৱহাৰ হৈছে।   

(১৩) 'হাঁহিচম্পা' গল্পটোত কামৰূপী উপভাষাৰ লোকভাষা কেনেদৰে ৰক্ষিত হৈছে চমুকৈ লিখা। 

উত্তৰঃ 'হাঁহিচম্পা' গল্পটোত সৌৰভ কুমাৰ চলিহাই অবিভক্ত কামৰূপত প্ৰচলিত ভালেমান লোকৰকথা প্ৰয়োগ কৰিছে। ইয়াৰ ভিতৰত কেইটামান হৈছে- বধ দিছো (শপত দিয়া), তাৰাতাৰিকৈ (দৌৰাদৌৰিকৈ), বাজে বাজে (বাহিৰে বাহিৰে) উজন যাব ( সামৰণি পৰা) আদি বহুতো লোকৰ কথা প্ৰয়োগ কৰিছে। 

(১৪) সাহিত্য়ত উপভাষা প্ৰয়োগৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ অসমীয়া কবিতা, গল্প, উপন্য়াস আৰু নাটক আদিত সাহিত্য়িক সকলে স্থানীয় উপভাষাৰ ব্য়ৱহাৰ কৰি আহিছে। সাহিত্য়ত উপভাষা ব্য়ৱহাৰৰ বহুতো কাৰণ আছে । ইয়াৰে ভিতৰত কেইটামান কাৰণ হ'ল-

    (ক) আঞ্চলিক সাহিত্য়ত স্থানীয় উপভাষা ব্য়ৱহাৰ কৰিলে সাহিত্য়কৃতিৰ মান আৰু গুৰুত্ব বৃদ্ধি হয়। 

    (খ) কোনো কোনো ক্ষেত্ৰত কোনো শ্ৰেণী চৰিত্ৰ ৰূপায়ন কৰাত উপভাষাৰ প্ৰয়োগ ঘটিলে সাহিত্য়ত স্বৰূপ বৈচিত্ৰ্য় আকৰ্ষণীয় হয়।

    (গ) সাহিত্য়ত উপভাষাৰ প্ৰয়োগৰ ফলত সেই ভাষাটো ব্য়াপক প্ৰসাৰ আৰু প্ৰচাৰ হয়। ভাষাটোৰ বিষয়ে জনাত সুবিধা হয়। 

    (ঘ) সাহিত্য়ত উপভাষা প্ৰয়োগ হোৱা ফলত ভাষাত পাৰ্থক্য়ই অসুবিধা সৃষ্টি কৰিব নোৱাৰে।

    (ঙ) সমাজৰ লগত ভাষা সংপৃক্ত হৈ থাকে। 

(১৫) 'হাঁহিচম্পা' গল্পটোত কামৰূপী উপভাষাৰ ৰূপতাত্ত্বিক বৈশিষ্ট্য় কেনেদৰে ফুটি উঠিছে লিখা।

উত্তৰঃ কামৰূপী উপভাষা অসমীয়া ভাষাৰ এটি প্ৰধান উপভাষা। মান্য় অসমীয়াৰ লগত কামৰূপী উপভাষাৰ ৰূপ গঠন প্ৰণালী একে। তথাপি অঞ্চলবিশেষে কেতিয়াবা সুকীয়া ৰূপত ব্য়ৱহাৰ হয়। কামৰূপী উপভাষা ৰূপতাত্ত্বিক বিশেষত্ব এনেধৰণৰ-

    বচনঃ কামৰূপী উপভাষাত বচনবাচক প্ৰত্য়য়বোৰ ৰূপ সুকীয়া। যেনে- গিলা, গিলান, কান, মখা, আহুন, হাত আৰু হানা। 'হাঁহিচম্পা' গল্পটোত এইসমূহ ব্য়ৱহাৰ হৈছে। উদাহৰণস্বৰূপে-

'আৰ চলিগিলাখানৰ কথাতো আৰ কবাই নালগে'।

সৰ্বনামঃ মান্য় অসমীয়া দৰে কামৰূপী ভাষাতো সৰ্বনাম শব্দবোৰে বচন, পুৰুষ, মৰ্য্য়দা অনুসৰি গ্ৰহণ কৰি ভিন্ন ৰূপ গ্ৰহণ কৰিছে। হাঁহিচম্পা গল্পটোত ব্য়ৱহাৰ হোৱা কিছুমান সৰ্বনাম হৈছে- মই, সি, তই, তাই আৰু এথেন। 

 নিৰ্দিষ্টবাচক প্ৰত্য়য়ঃ অসমীয়া ভাষাত কোনো বস্তু বা বিষয়ক বুজাবলৈ শব্দৰ পিছত কিছুমান নিৰ্দিষ্টবাচক ৰূপ যোগ হয়। কামৰূপী ভাষাটোত এনে ৰূপ দেখা যায়। কামৰূপী উপভাষাত ব্য়ৱহাৰ হোৱা কেতবোৰ মান্য় ভাষাতকৈ সুকীয়া। যেনে- টো, টুকুৰা, ডাল, মুখা, খানজাক, পাত আৰু তাৰ ইত্য়াদি। উদাহৰণস্বৰূপেঃ বাপেকৰ মুখখানো আন্ধাৰ হৈ থাকে।

কাৰকঃ অসমীয়া ভাষাত অপাদান কাৰক আছে। ইয়াৰ অপাদান কাৰকৰ সুকীয়া এক বিভক্তি নাই। সেই কাৰণে ষষ্ঠী বিভক্তিযুক্ত সম্বন্ধ পদৰ 'ৰ' বিভক্তিৰ পিছত 'পে', 'পাৰা', 'পাই', অনুসৰ্গ যোগ কৰি সেই কাৰকৰ অৰ্থ প্ৰকাশ কৰা হয়।

অতিৰিক্ত প্ৰশ্নোত্তৰ

(১) অসমীয়া ভাষাৰ প্ৰধান উপভাষা কেইটা?

উত্তৰঃ অসমীয়া ভাষাৰ প্ৰধান উপভাষা দুটা।

(২) অসমীয়া ভাষাৰ প্ৰধান উপভাষা দুটা কি কি ?

উত্তৰঃ অসমীয়া ভাষাৰ প্ৰধান উপভাষা দুটা হৈছে- (ক) উজনি উপভাষা আৰু (খ) নামনি উপভাষাৰ।

(৩) গ্ৰিয়াৰ্ছনে অসমীয়া ভাষাটো সম্পৰ্কে কেনেদৰে লিখিছে?

উত্তৰঃ গ্ৰিয়াৰ্ছনে অসমীয়া ভাষাটো সম্পৰ্কে লিখিছে- অসমীয়া ভাষাৰ মান্য় উপভাষাটো হৈছে শিৱসাগৰ। অসম উপত্য়কাৰ উজনি অঞ্চলত ভাষাটোৰ সকলো ঠাইত ৰূপ একেটাই। যিমানে পশ্চিম ফালে গতি কৰোঁ সিমানেই এটা স্পষ্ট উপভাষা পাওঁ। এই উপভাষাটো কামৰূপ জিলাৰ আৰু পূৱ গোৱালপাৰৰ মানুহবোৰে কয়।

(৪) নামনি অসমৰ  উপভাষাক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ নামনি অসমৰ উপভাষাক দুটা ভাগত ভাগ কৰিছে আৰু সেই ভাগ দুটা হৈছে- 

    (ক) কামৰূপী উপভাষাৰ আৰু (খ) গোৱালপৰীয়া উপভাষাৰ।

(৫) ড° বাণীকান্ত কাকতিয়ে কামৰূপী উপভাষাক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ ° বাণীকান্ত কাকতিয়ে কামৰূপী উপভাষাক পাঁচটা ভাগত ভাগ কৰিছে। সেই ভাগ কেইটা হৈছে- বৰপেটীয়া, পাতিদৰঙীয়া, পলাশবাৰীয়া, ছয়গঞা আৰু নলবৰীয়া।

(৬) উজনিৰ উপভাষাটোক আন এটা কি নামেৰে জনা যায়?

উত্তৰঃ উজনিৰ উপভাষাটোক মান্য়ভাষা নামেৰে ডনা যায়।

(৭) গোৱালপৰীয়া উপভাষাৰ আঞ্চলিক ভাগ দুটা কি কি?

উত্তৰঃ গোৱালপৰীয়া উপভাষাৰ আঞ্চলিক ভাগ দুটা হৈছে-

    (ক) পূৱ গোৱালপৰীয়া আৰু (খ) পশ্চিম গোৱালপৰীয়া। 

(৮) উজনিৰ উপভাষাৰ আৰু নামনি উপভাষাৰ মাজৰ পাৰ্থক্য় কি কি?

উত্তৰঃ উজনিৰ উপভাষাৰ আৰু নামনি উপভাষাৰ পাৰ্থক্য় তিনিটা আৰু সেই পাৰ্থক্য় কেইটা হৈছে- ৰূপাত্মক, ধ্বনিমূলক আৰু শব্দমূলক।

(৯) কামৰূপী উপভাষাৰ স্বৰধ্বনি কেইটা?

উত্তৰঃ কামৰূপী উপভাষাৰ স্বৰধ্বনি সাতটা। 

(১০) তলত দিয়া শব্দবোৰৰ কামৰূপী শব্দৰূপ লিখা-

হালোৱা, কণা, কঁহাৰ, এন্দুৰ, আখৈ, চকু, এতিয়া, কুকুৰা। 

উত্তৰঃ উজনি             কামৰূপী

           হলোৱা --------- হাউইলে, হাউলে 

           কণা   ----------   কানা

           কঁহাৰ  ---------  কাহাৰ

           আখৈ  ---------  আখে

           এন্দুৰ ---------  ইন্দুৰ

           চকু -----------  চখু

           এতিয়া -------  ইওে, ইতা, এথান, ইতে

           কুকুৰা -------  কুকৰা।

(১১) উজনিৰ আৰু কামৰূপী ভাষাৰ দুটা পাৰ্থক্য় লিখা?

উত্তৰঃ উজনিৰ আৰু কামৰূপী ভাষাৰ দুটা পাৰ্থক্য় হ'ল-

(ক) উজনি অসমীয়াত শ্বাসাঘাত শব্দৰ মধ্য়বৰ্ত্তী স্থানত পৰে। কামৰূপী উপভাষাত শব্দ অক্ষৰত শ্বাসাঘাত পৰে। যেনে- কুকুৰা- কুকৰা (কামৰূপী), কোমোৰা- কুমৰা (কামৰূপী)।

(খ) কামৰূপী উপভাষাত অপিনিহিত এক বৈশিষ্ট্য় লক্ষণ। উজনিত অপিহিনিত নাই। যেনেঃ হালোৱা- হাউইলে (কামৰূপ), জালোৱা- জাউইলে, জাউলে (কামৰূপ)।

(১২) গোৱালপৰীয়া উপভাষাত বিশিষ্ট ব্য়ঞ্জনধ্বনি কেইটা আৰু কি কি?

উত্তৰঃ গোৱালপৰীয়া উপভাষাৰ বিশিষ্ট্য় ব্য়ঞ্জনধ্বনি ২৯ টা। সেই ব্য়ঞ্জনধ্বনি কেইটা হৈছে-

প, ফ, ব, ভ, ত, থ, দ, ধ, ট, ঠ, ড, ঢ, ক, খ, গ, ঘ, চ, ছ, জ, ঝ, ম, ন, ঙ, ৰ, শ, হ, ৱ আৰু য়।

(১৩) অসমীয়া ভাষাৰ শব্দাৱলীৰ উৎসক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু ভাগ কেইটা কি কি?

উত্তৰঃ অসমীয়া ভাষাৰ শব্দাৱলীৰ উৎসক ৮ টা ভাগত ভাগ কৰিব পাৰি। সেই ভাগ কেইটা হৈছে- (ক) তৎসম, (খ) অৰ্দ্ধতৎসম, (গ) তদ্ভৱ, (ঘ) দেশী, (ঙ) বিদেশী, (চ) ধ্বন্য়াত্মক শব্দ (ছ) মিশ্ৰ শব্দ আৰু (জ) মুদ্ৰিত শব্দ।

(১৪) অসমীয়া ভাষাত ব্য়ৱহৃত পাঁচটা তৎসম শব্দ লিখা।

উত্তৰঃ অসমীয়া ভাষাত ব্য়ৱহৃত পাঁচটা তৎসম শব্দ হৈছে- কমল, পশু, অগ্নি, বৃক্ষ আৰু কৰ্ম্ম।

(১৫) অৰ্দ্ধতৎসম শব্দ পাঁচটা লিখা যিবোৰ অসমীয়া ভাষাত পোৱা যায়?

 উত্তৰঃ অৰ্দ্ধতৎসম শব্দ পাঁচটা হৈছে- কৰম, ধৰম, ৰতন, যতন আৰু শইচ।

(১৬) অসমীয়া ভাষাৰ শব্দ সম্ভাৰত বৰঙনি যগোৱা পাঁচটা খাচী আৰু পাঁচটা চাওতালি শব্দ লিখা।

উত্তৰঃ  অসমীয়া ভাষাৰ শব্দ সম্ভাৰত বৰঙনি যগোৱা পাঁচটা খাচী আৰু চাওতালি শব্দ হ'ল-

    খাচি শব্দঃ কাবৌ, খামোচ, শালমন, কিংখাপ আৰু মেথোন।

    চাওতালি শব্দঃ আকোগোজ, ভোদা, বোকা, আলাবাদু আৰু চীপ। 

(১৭) বিদেশী বা ধাৰ কৰা শব্দ অসমীয়া শব্দ সম্ভাৰত পোৱা পাঁচটা শব্দৰ নাম লিখা।

উত্তৰঃ বিদেশী বা ধাৰ কৰা শব্দ অসমীয়া শব্দ সম্ভাৰত পোৱা পাঁচটা শব্দৰ নাম হৈছে- 

    চুলতান, নবাব, হাবিলদাৰ, তাবিজ আৰু খাৰিজ।

(১৮) উপভাষা কি? অসমীয়া ভাষাৰ উপভাষা কেইটা আলোচনা কৰা।

উত্তৰঃ কোনো ভৌগলিক পৰিৱেষ্টনৰ ভাষা এটাৰ বিস্তৃত অঞ্চলত বিয়পি পৰা পিছত ৰাজনৈতিক, ভৌগলিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক কাৰণত সেই ভৌগলিক পৰিবেষ্টনৰ ভাষাৰ এটা অঞ্চলৰ লগত আন এটা অঞ্চলৰ যোগাযোগৰ অভাৱ হয়। ইয়াৰ ফলত কিছুমান সুৰীয়া ৰূপ সৃষ্টি হয়। সেইবোৰকে উপভাষা বুলি কোৱা হয়।

    অসমীয়া ভাষাটো প্ৰধান উপভাষা দুটা আৰু সেই উপভাষা দুটা হৈছে- (ক) উজনি উপভাষা আৰু (খ) নামনি উপভাষাৰ। উজনিৰ উপভাষাটোক মান্য়ভাষা আৰু নামনি উপভাষাটোক কামৰূপী উপভাষা বুলি কোৱা হয়। উজনিৰ উপভাষাটোৰ শিৱসাগৰীয়া আৰু নগঞা, নামনি উপভাষাক দুটা ভাষাত ভাগ কৰা হয় আৰু সেই ভাগ দুটা হৈছে- কামৰূপী উপভাষা আৰু গোৱালপৰীয়া উপভাষা। কামৰূপী উপভাষাক পাঁচটা ভাগত ভাগ কৰা হয়। সেই ভাগ কেইটা হ'ল- বৰপেটীয়া, কামৰূপীয়া, পলাশবৰীয়া, পাতিদৰঙীয়া আৰু ছয়গঞা।  

    অসমীয়া ভাষাৰ উপভাষা সৃষ্টিত প্ৰধানকৈ ৰাজনৈতিক কাৰণে মূখ্য় ভূমিকা লৈছে।কোচৰজা নৰনায়াৰণৰ সময়ত কোচবিহাৰৰ পৰা লক্ষীমপুৰলৈ ব্ৰহ্মপুত্ৰৰ উত্তৰাঞ্চল কোচৰাজ্য়ৰ দখলাধীন আছিল। নৰনাৰায়ণে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ এটি আলিবাট বান্ধিছিল আৰু সেই আলিবাটতো নাম দিছিল গোহাঁইকমল আলি। 

    বৰ্তমান অসমৰ মান্য় ভাষা শিৱসাগৰ অঞ্চলৰ কথিত ৰূপৰ ওপৰত গঢ় লৈছে। বৃটিছসকল অসমলৈ অহাৰ আগতে শিক্ষা কেন্দ্ৰস্থল আছিল নামনি অসম। শংকৰদেৱ আৰু তেওঁৰ ছায়াপ্ৰচ্ছায়াৰ কবিসকলে নামনি অসমতে সাহিত্য় চৰ্চা কৰিছিল। কামৰূপী উপভাষাটো অসমীয়া ভাষাৰ এটা প্ৰধান উপভাষা। উজনিৰ উপভাষাৰ সৈতে ইয়াৰ বহুতো পাৰ্থক্য় দেখা যায়। 

(১৯) মান্য়ভাষা আৰু কামৰূপী উপভাষা মাজত থকা পাৰ্থক্য়বোৰ আলোচনা কৰা।

উত্তৰঃ মান্য়ভাষা আৰু কামৰূপী উপভাষা মাজত ধ্বনিমূলক, ৰূপতাত্ত্বিক আৰু শব্দমূলক এই তিনিটা ভাগত পাৰ্থক্য় দেখা যায়।

ধ্বনিমূলকঃ (ক)কামৰূপী উপভাষাত সাতটা বিশিষ্ট স্বৰধ্বনি আছে। সেই স্বৰধ্বনি কেইটা হৈছে- অ, আ, ই, উ, এ, ঐ, ও। মান্য়ভাষাত পোৱা (অ) স্বৰধ্বনিটো ইয়াত পোৱা নাযায়। মান্য় ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা হৈছে- অ, আ, ই, উ, এ, এ', অ', আৰু ও। ব্য়ঞ্জন ধ্বনি একৈশটা পোৱা যায়। ইয়াৰে বাৰটা স্পৰ্শ, তিনিটা নাসিক্য়, এটা পাৰ্শ্বিক, এটা কম্পিত আৰু চাৰিটা উষ্ম।

(খ) কামৰূপীত অপিনিহিতি আছে। আনহাতে, মান্য়ভাষাত অপিনিহিতি নাই। 

(গ) মান্য় ভাষাত শব্দত থকা নিম্ন স্বৰধ্বনিৰ ঠাইত সচৰাচৰ কামৰূপীত উচ্চ স্বৰধ্বনি হয়। যেনে- তামোল> তামুল, কাপোৰ> কাপুৰ>

(ঘ) মান্য় ভাষাৰ অল্পপ্ৰাণ ধ্বনি সচৰাচৰ কামৰূপীত মহাপ্ৰাণধ্বনি হয়। যেনে- শুদা> শুধা, শুকান>শুখান। 

(ঙ) মান্য় ভাষাৰ 'ন' আৰু ৰ-ধ্বনিৰ ঠাইত কোনো কোনো শব্দত ল-শুনা যায়। যেনে-

মান্য়       কামৰূপী

নোম        লুম

নেজ        লেজ

ৰূপতাত্ত্বিক বৈশিষ্ট্য়ঃ 

(ক) মান্য় ভাষাৰ বহুবচন প্ৰত্য়য়- বোৰ-বিলাক, আৰু-হঁতৰ ঠাইত কামৰূপীত- গিলা, গিলাক, হাত, হানা, হামৰা, হামলা, আহুন, ঠে, চে, আৰু হুন ইত্য়াদি পোৱা যায়। যেনে- ল'ৰাহঁত, গৰুবোৰ, এওঁলোক>কাম, ছোলিহাত, গৰুগিলা, ।

(খ) কামৰূপীত ক্ৰিয়া বিশেষণবোৰ মান্য় ভাষাৰ তুলনাত সুকীয়া। যেনে-

 মান্য়    কামৰূপী

এতিয়া    ইতা

এইপিনে    অঁহাই, আহেঁ

(গ) মান্য় ভাষাতকৈ কামৰূপী নাম ধাতুৰ প্ৰয়োগ বেছি। যেনে-

    মান্য়         কামৰূপী

    গাঁথি দি        গাইথা

    বাকলি গুচা    ছেলা

    ভটিয়াই        ভাইঠা ইত্য়াদি।

শব্দগত বৈশিষ্ট্য়ঃ উজনি আৰু নামনি উপভাষাৰ মাজত শব্দগত পাৰ্থক্য় কম বুলি ক'ব নোৱাৰি। মান্য় ভাষাত কিছুমান সম্বন্ধক সামূহিকভাষা বুজাবলৈ একোটা সুকীয়া শব্দ নাই। কিন্তু কামৰূপীত পোৱা যায়। যেনে- ককাই-ভাই, বাই-ভনীৰ ঠাইত কামৰূপীত সামূহিক শব্দ 'ভাক' আৰু 'বৈনাক' ব্য়ৱহাৰ কৰা হয়।       

(২০) কামৰূপী উপভাষাৰ আঞ্চলিক বৈশিষ্ট্য় সমূহ আলোচনা কৰা।

উত্তৰঃ কামৰূপী উপভাষাৰ আঞ্চলিক বৈশিষ্ট্য় আছে। পলাশবাৰী বা ছয়গাঁৱৰ ভাষা ৰূপৰ সৈতে নলবৰীয়াৰ পাৰ্থক্য়ৰ কাৰণ বুজিব পাৰি। কিন্তু একে নলবৰীয়াৰে পূৱ নলবাৰী আৰু পশ্চিম নলবাৰীৰ ভাষাৰ মাজত পাৰ্থক্য় দেখা যায়। 

১। ধ্বনিৰ ক্ষেত্ৰত আঞ্চলিক ৰূপবোৰৰ পাৰ্থক্য় নাই। স্বৰধ্বনি সাতট, মান্য় অসমীয়াৰ অ' ধ্বনি কামৰূপীত নাই। বিশিষ্ট ব্য়ঞ্জনধ্বনি একৈশটা। কিন্তু পলাশবাৰীৰ উপভাষাত 'ঝ' বিশিষ্ট ধ্বনি। যেনে-

পলাশবাৰী    পশ্চিম নলবাৰী

 ঝুলিয়া (মিঠে) জুইলা (মিঠৈ)

ঝাপি            জাপি

ঝাৰু               জাৰু।

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)