গোট ৪
ভাষাৰ ভিন্নৰপ
অতি চমু প্রশ্নোত্তৰ:
১। জগতৰ সৰ্ববৃহৎ ভাষা পৰিয়ালটো কি?
উত্তৰঃ ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়াল।
২। 'ইণ্ডো-ইউৰোপীয়' ভাষাগোষ্ঠীৰ প্ৰধান শাখা দুটাৰ নাম উল্লেখ কৰা।
উত্তৰ: কেন্টুম আৰু সতম্।
৩। 'ইণ্ডো-ইৰাণীয়' বা আর্য ভাষা পৃথিৱীৰ কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত?
উত্তৰঃ ইণ্ডো-ইৰাণীয় বা আর্য ভাষা পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়াল ইণ্ডো-ইউৰোপীয় ভাষা গোষ্ঠীৰ অন্তৰ্গত।
৪। পিজিন (Pidgin) ভাষা বুলিলে কি বুজা?
উত্তৰ: পিজিন বা বাৰে-মিহলি ভাষা হ'ল সাধাৰণতে এটা যোগাযোগৰ মাধ্যম, যিটো দুই বা ততোধিক দলৰ মাজত বিকশিত হয়।
৫। ক্রেঅ'ল (Creole) ভাষা বুলিলে কি বুজা?
উত্তৰ: ক্ৰেঅ'ল ভাষা হ'ল বিভিন্ন ভাষাৰ মিশ্ৰণৰ পৰা বিকশিত হোৱা এটা সন্তুলিত প্রাকৃতিক ভাষা। পিজিনৰ বিপৰীতে ই দুই বা তাতোধিক দলৰ মাজৰ যোগাযোগৰ এক সাধাৰণ মাধ্যম, ক্ৰেঅ'ল, ভাষা হ'ল এটা সম্পূর্ণ ভাষা, যাক সম্প্রদায় আৰু শিশুবে তেওঁলোকৰ স্বদেশী ভাষা হিচাপে ব্যৱহাৰ কৰিছিল।
চমু প্রশ্নোত্তৰঃ
১। উপভাষা কাক বোলে? উপভাষা সৃষ্টিৰ কাৰণসমূহ কি কি?
উত্তৰঃ ভাষাৰ খণ্ডিত ৰূপ হ'ল উপভাষা। এটা ভাষাৰ অঞ্চল অনুসৰি খণ্ডিত হোৱা ভাষিক ৰূপকে ভাষাটোৰ অন্তৰ্গত আঞ্চলিক উপভাষা বুলি কোৱা হয়। কোনো এটা ভাষা-সম্প্রদায় বিস্তৃত অঞ্চলত বিয়পি পৰিলে সেই ভাষাৰ কেতবোৰ আঞ্চলিক ৰূপ গঢ় লৈ উঠিব পাৰে। এনেদৰে গঢ় লৈ উঠা আঞ্চলিক বা ক্ষেত্রীয় ভাষাৰূপক উপভাষা বোলে। উদাহৰণস্বৰূপে, অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত শদিয়াৰপৰা ধুবুৰীলৈ বিস্তৃত অসমীয়া ভাষাৰ কামৰূপী, গোৱালপৰীয়া, নগঞা, শিৱসাগৰীয়া আদি একো একোটা সুকীয়া বৈশিষ্ট্যপূর্ণ উপভাষা। এইবোৰ অঞ্চলৰ উপভাষা নিজা নিজা বৈশিষ্ট্যৰে পৰিপূৰ্ণ। সাধাৰণতে উপভাষা ভাষা এটাৰ কথনভংগীৰ ভিন্নতাৰ ফলস্বৰূপে সৃষ্টি হয়। এই ভিন্নতা অনুযায়ী উপভাষাক (ক) আঞ্চলিক উপভাষা আৰু (খ) সামাজিক উপভাষা- এই দুটা ভাগত ভাগ কৰিব পাৰি।
২। ভাষাঋণ (Borrowing) মানে কি?
উত্তৰ: কোনো এটা ভাষা কোৱা জনগোষ্ঠীয়ে ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি কাৰণত আন এটা ভাষা কোৱা জনগোষ্ঠীৰে সৈতে সম্পর্ক স্থাপন কৰিলে, উভয় জনগোষ্ঠীৰ ভাষাৰ মাজতো পাৰস্পৰিক সম্বন্ধ স্থাপিত হয়। এনে সম্বন্ধৰ ফলত ভাষা একোটাৰ পৰিৱৰ্তন ঘটে। এনে ধৰণে ঘটা পৰিবৰ্তনক ভাষাৰ বাহ্যিক পৰিৱৰ্তন বোলে। ভাষাৰ বাহ্যিক পৰিৱৰ্তনৰ প্ৰধান কাৰণ ভাষাৰ ঋণ লোৱা ৰীতি। দুটা ভিন্ন ভাষা কোৱা জনগোষ্ঠীৰ মাজত সম্বন্ধ স্থাপিত হ'লে এটাই আনটোৰ পৰা ঋণ লয়। জগতৰ সকলো ভাষাই ঋণ লয়। যিটো ভাষাই ঋণ লয়, সেইটোক গ্ৰহণকাৰী আৰু যিটোৰ পৰা ঋণ লয়, সেইটোক দানকাৰী বোলে। এনেদৰে ঋণ লোৱাৰ ফলত গ্ৰহণকাৰী ভাষাটোৰ বাহ্যিক পৰিৱৰ্তন ঘটাটো নিতান্তই স্বাভাবিক।
৩। ভাষাঋণৰ প্ৰকাৰসমূহ কি কি?
উত্তৰ: প্রকৃতি অনুসৰি ভাষা ঋণক পোনতে দুভাগত ভগাব পাৰি- (ক) অবিমিশ্র ঋণ (Unmixed Borrowing) আৰু (খ) মিশ্র ঋণ (Mixed Borrowing)|
যেতিয়া কোনো এটা ভাষাই আন এটা ভাষাৰ পৰা কোনো উপাদান যথাযথভাবে গ্রহণ কৰে, তেতিয়া তাক অবিমিশ্র ঋণ বোলে। যেনে- ইংৰাজীৰ পৰা অসমীয়া ভাষাই গ্রহণ কৰা 'স্কুল', 'কলেজ', 'টেবলেট', 'পেপাৰ', 'নিউজ', 'ফুটবল', 'বিজাল্ট' আদি শব্দ অবিমিশ্র ঋণ। আনহাতে যেতিয়া কোনো এটা ভাষাই আনটোৰ পৰা কোনো উপাদানৰ অংশ বিশেষ গ্রহণ কৰি তাৰ লগত নিজৰ ভাষাৰ উপাদানৰ মিশ্রণ ঘটায়, তেতিয়া তাক কোৱা হয় মিশ্র ঋণ। যেনে- অসমীয়া ভাষাত ব্যৱহৃত 'মাষ্টৰণী, 'হাকিমনী', 'প্রফেচাৰি' আদি শব্দ মিশ্র ঋণৰ ভিত্তিত গঢ়ি উঠিছে।
ঋণ লোৱা উপাদানৰ প্ৰকৃতিৰ ভিত্তিক ভাষা ঋণক আকৌ চাৰিভাগত ভগোৱা হৈছে-
(ক) শব্দ ঋণ (Loan word),
(খ) অনূদিত ঋণ (Loan Translation)
(গ) অর্থ পৰিবৃত্তি (Loan Shift) আৰু
(ঘ) উচ্চাৰণ ঋণ (Pronounciation Borrowing)
৪। পিজিন (Pidgin) ভাষা বুলিলে কি বুজা?
উত্তৰঃ পিজিন বা বাৰে-মিহলি ভাষা হ'ল সাধাৰণতে এটা যোগাযোগৰ মাধ্যম, যিটো দুই বা ততোধিক দলৰ মাজত বিকশিত হয়। মৌলিকভাবে, পিজিন হ'ল ভাষিক যোগাযোগৰ এটি সৰল মাধ্যম, কাৰণ ইয়াক ব্যক্তি বা দলৰ মাজত পূর্বপ্রস্তুতি নোহোৱাকৈ বা বার্তালাপৰ দ্বাৰা প্ৰস্তুত কৰা হয়। পিজিন কোনো সম্প্রদায়ৰ মাতৃভাষা বা স্বদেশী ভাষা নহয়, আনহাতে ইয়াক দ্বিতীয় ভাষা হিচাপে অধ্যয়ন কৰা হয়।
বহু সমষ্টিৰ শব্দ, ধ্বনি বা শাৰীৰিক ভাষা বা বাক্য বিন্যাসৰ পৰা পিজিন প্রস্তুত কৰিব পাৰি। যিহেতু যিকোনো পিজিনৰ অভিধান প্রধান শব্দ-সম্ভাৰলৈকে সীমাবদ্ধ হ'ব, গতিকে এটা বিশেষ অর্থ থকা শব্দবোৰৰ পিজিনত এটা সম্পূর্ণরূপে নতুন অর্থ থাকিব।
ঐতিহাসিক পিজিনক আঞ্চলিক উপভাষাৰ এটা ধৰণ হিচাপে গণ্য কৰা হয় আৰু আন ভাষাৰ তুলনাত ই কর্ম মর্যাদা লাভ কৰিছিল। সি যি নহওক, এটা ভাষাৰ সকলো সৰল বা নিমাখিত ধৰণ পিজিন নহয়। প্রত্যেক পিজিনৰ ব্যৱহাৰৰ নিজস্ব নিয়ম থাকে যাক পিজিনত নিপুণতা অর্জন কৰিবলৈ শিকিব লাগে।
৫। ক্রেঅ'ল (Creole) ভাষা বুলিলে কি বুজা?
উত্তৰ: ক্ৰেঅ'ল ভাষা হ'ল বিভিন্ন ভাষাৰ মিশ্ৰণৰ পৰা বিকশিত হোৱা এটা সন্তুলিত প্রাকৃতিক ভাষা। পিজিনৰ বিপৰীতে ই দুই বা ততোধিক দলৰ মাজৰ যোগাযোগৰ এক সাধাৰণ মাধ্যম, ক্ৰেঅ'ল, ভাষা হ'ল এটা সম্পূর্ণ ভাষা, যাক সম্প্রদায় আৰু শিশুবে তেওঁলোকৰ স্বদেশী ভাষা হিচাপে ব্যৱহাৰ কৰিছিল।
ভাষাবিজ্ঞানত, ক্রেঅ'ল হ'ল এক প্ৰকাৰৰ প্ৰাকৃতিক ভাষা যিটো ঐতিহাসিকভাবে পিজিনৰ পৰা বিকশিত হৈছিল আৰু সময়ৰ সোঁতত অস্তিত্ব লাভ কৰিছিল। জামাইকা, চিয়েবালিঅ'ন, কেমেৰণ আৰু জর্জিয়া, আৰু দক্ষিণ কেৰোলিনাৰ কিছুমান মানুহে ইংৰাজী ক্রেঅ'ল ভাষা কয়।
পিজিনৰ পৰা ক্ৰেঅ'ললৈকে হোৱা ঐতিহাসিক পৰিৱৰ্তনক creolization বুলি কোৱা হয়। Decreolization হ'ল এক প্রক্রিয়া যাৰ দ্বাৰা এটা ক্রেঅ'ল ভাষা এটা অঞ্চলৰ উন্নত ভাষা হৈ পৰে।
ক্ৰেঅ'লক শব্দসম্ভাৰৰ যোগান ধৰা ভাষাটোক lexifier ভাষা বুলি কোৱা হয়। উদাহৰণস্বৰূপে, gullah ৰ lexifier ভাষা হ'ল ইংৰাজী।
৬। চমুটোকা লিখা:
(ক) ব্যক্তিভাষা (Idiolect)।
উত্তৰঃ ভাষা মানুহৰ সম্পদ। পৃথিৱীত অসংখ্য মানুহ আছে। প্রতিজন সুস্থ মানুহেই ভাষা কয়। কোনো এজন মানুহে কোৱা স্বকীয় বিশিষ্টতাযুক্ত ভাষাক ব্যক্তিভাষা বোলে। ব্যক্তিভাষাই হ'ল ভাষাৰ সংকীর্ণতম ৰূপ।
ব্যক্তিভাষা বুলিলে কোনো এজন ব্যক্তিয়ে কোৱা তেওঁৰ মাতৃভাষাকেই নুবুজায়, তেওঁ ক'ব পৰা একাধিক ভাষাও তেওঁৰ ব্যক্তিভাষাৰ অন্তৰ্ভুক্ত হ'ব। উদাহৰণস্বৰূপে, এজন অসমীয়া লোক দীর্ঘকাল যদি তামিলনাডুত থাকে, তেতিয়াহ'লে তেওঁ অসমীয়াৰ লগতে তামিল ভাষাও ক'ব পৰা হ'ব। তেনেক্ষেত্রত তামিল ভাষা কওঁতেও তাত তেওঁৰ ব্যক্তিগত ভাষাগত বিশিষ্টতা প্রকাশ পাব। এতেকে তেওঁৰ ক্ষেত্ৰত অসমীয়া আৰু তামিল দুয়োটা ভাষাই ব্যক্তিভাষাত পৰিণত হ'ব।
(খ) উপভাষা (Dialect)।
উত্তৰঃ সামাজিক, সাংস্কৃতিক, বাজনৈতিক, ভৌগোলিক আৰু অর্থনৈতিক কাৰণত কোনো এটা ভাষা-সম্প্রদায়ৰ যিসকল লোকৰ মাজত সম্পর্ক গভীৰ, সেইসকলৰ ব্যক্তিভাষাসমূহৰ মাজত এটা সাদৃশ্য পৰিলক্ষিত হয় আৰু সিসমূহ পৰস্পৰৰ মাজত সহজবোধ্য হৈ পৰে। সদৃশ যেন লগা আৰু পৰস্পৰৰ মাজত সহজবোধ্য ব্যক্তিভাষাৰ সমষ্টিক উপভাষা বোলে।
কোনো এটা ভাষা সম্প্রদায়ৰ জনসংখ্যা প্ৰচুৰ পৰিমাণে বাঢ়ি গৈ বিস্তৃত অঞ্চলত বিয়পি পৰিলে তাৰ সৰু সৰু ক্ষেত্র বা অঞ্চলবিশেষে একো একোটা আঞ্চলিক ভাষাৰূপ গঢ় লৈ উঠে। এনেদৰে গঢ়ি উঠা আঞ্চলিক বা ক্ষেত্রীয় ভাষাৰূপক উপভাষা বোলে।
উপভাষা অকল যে ভৌগোলিক অঞ্চল ভেদেই গঢ়ি উঠে তেনে নহয়, সামাজিক স্তৰভেদেও গঢ়ি উঠিব পাৰে।
(গ) পৰিয়াল ভাষা (Family Language)।
উত্তৰঃ ব্যক্তিভেদে ভাষাৰ ভেদ থাকিলেও কোনো এটা ভাষা সম্প্ৰদায়ৰ কোনো এটা পৰিয়ালৰ অন্তর্ভুক্ত লোকসকলৰ মাজত সম্বন্ধৰ ঘনিষ্ঠতা হেতু সেইসকলে কোৱা ভাষাৰ ভেদ নিষ্প্রভ হৈ পৰে আৰু সেইবোৰৰ মাজত সাদৃশ্যই দেখা দিয়ে।
কোনো এটা পৰিয়ালৰ লোকৰ মাজত ব্যৱহৃত এনে সাদৃশ্যযুক্ত ভাষাকে পৰিয়াল ভাষা বোলে। ব্যক্তিভাষাতকৈ পৰিয়াল ভাষা কিঞ্চিৎ বিস্তৃত।
সামাজিক স্তৰভেদে পৰিয়াল ভাষাৰো ভেদ দেখা যায়। কোনো এটা ভাষা সম্প্রদায়ৰ কোনো এটা অভিজাত পৰিয়ালৰ ভাষা দৰিদ্ৰ পৰিয়াল এটাৰ ভাষাতকৈ ভিন্ন। শিক্ষিত আৰু অশিক্ষিত পৰিয়ালৰ মাজতো ভাষাগত ভেদ স্পষ্ট। গাঁও অঞ্চলত বাস কৰা পৰিয়ালৰ ভাষাৰ লগত চহৰীয়া পৰিয়ালৰ ভাষা নিমিলে। এই অমিল ঘাইকৈ শব্দগত।
(ঘ) ৰাজ্যভাষা (State Language)।
উত্তৰ: কোনো এখন ৰাজ্যত একাধিক ভাষা প্রচলিত হৈ থাকিলে সেইবোৰৰ কোনো এটা ভাষাক সামূহিক কাম-কাজ চলাবলৈ বাছি লোৱা হয়। ৰাজ্যৰ শিক্ষাদান কার্যও সেই ভাষাটোৰ মাধ্যমত চলোৱা হয়। এনেদৰে শিক্ষা-দীক্ষাৰ মাধ্যমস্বৰূপে পৰিগণিত হৈ ৰাজ্যৰ প্ৰশাসনীয় আৰু অন্যান্য কাম-কাজ চলাবৰ নিমিত্তে যোগ্যতা লাভ কৰা ভাষাটোক ৰাজ্যভাষা বোলে। ৰাজ্যভাষা হিচাপে বাছি লোৱা ভাষাটো সাধাৰণতে ঐতিহ্যপূর্ণ আৰু চহকী হোৱাটো বাঞ্ছনীয়। অসম ৰাজ্যৰ ৰাজ্যিক ভাষা অসমীয়া। এই ভাষাটো ঐতিহ্যপূর্ণ আৰু চহকী।
(৫) ৰাষ্ট্রভাষা (National Language)।
উত্তৰঃ ৰাষ্ট্ৰ এখনৰ সামূহিক কাৰ্য চলাবৰ নিমিত্তে যি ভাষা বাছি লোৱা হয় সেয়েই ৰাষ্ট্রভাষা। বিভিন্ন ৰাজ্যৰে ৰাষ্ট্ৰ এখন গঠিত হয়। প্রতিখন ৰাজ্যৰ একোটা ৰাজ্যভাষা
থাকে। গতিকে এখন ৰাজ্যত একাধিক ৰাজ্যভাষা চলি থাকিব পাৰে। এনেক্ষেত্ৰত কোনো এটা ভাষাক ৰাষ্ট্রভাষা হিচাপে বাছি লোৱাটো এটা সমস্যা হৈ পৰে। ৰাষ্ট্রভাষা এটা স্বাভাবিক নাইবা এটা কৃত্রিম ভাষা হ'ব পাৰে। কোনো এটা ৰাজ্যভাষাক ৰাষ্ট্রভাষা হিচাপে স্বীকৃতি দিলে সি হ'ব স্বাভাবিক ভাষা। আনহাতে, ৰাষ্ট্ৰীয় কাম-কাজ চলাবৰ নিমিত্তে মানুহে সজাই লোৱা ভাষাটো হ'ব কৃত্রিম ভাষা। কোনো এখন বাষ্ট্ৰত একাধিক ৰাষ্ট্ৰভাষাৰ প্ৰচলন থাকিব পাৰে।
(চ) আন্তঃৰাষ্ট্ৰীয় ভাষা (International Language)।
উত্তৰঃ জগতৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত সম্পর্ক গঢ়িবৰ বাবে যি ভাষা ব্যৱহাৰ কৰা হয় তাকেই আন্তঃৰাষ্ট্ৰীয় ভাষা বোলে। সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় ভাষা হিচাপে মর্যাদা পাবলৈ হ'লে কোনো এটা ভাষা হ'ব লাগে শক্তিশালী, সুবিস্তৃত আৰু সৰল। বর্তমান ইংৰাজী ভাষাটোৰ এইবোৰ গুণ আছে। সেয়ে এই ভাষাটোৱে আন্তঃৰাষ্ট্ৰীয় ভাষাৰ মৰ্যাদা লাভকৰিছে। আন্তৰাষ্ট্ৰীয় ভাষা স্বাভাৱিক ভাষা নহৈ কৃত্রিমো হ'ব পাৰে।
(ছ) সংযোগী ভাষা (Lingua Franca)।
উত্তৰঃ দুটা ভিন্ন ভাষা সম্প্ৰদায়ৰ লোকে পৰস্পৰে পৰস্পৰৰ ভাষা বুজিব নোৱাৰা বাবে উভয়ে আংশিক বা সম্পূর্ণভাবে বুজা তৃতীয় এটা ভাষা ব্যৱহাৰ কৰিবলগীয়া হয়। এনেদৰে একাধিক ভাষা সম্প্রদায়ৰ লোকৰ ভাব বিনিময়ৰ মাধ্যমস্বৰূপে গঢ় লোৱা তৃতীয় ভাষাটোকে সংযোগী ভাষা বোলে।
(জ) শব্দ ঋণ।
উত্তৰঃ কোনো এটা ভাষাই আন এটা ভাষাৰ পৰা কোনো শব্দ পোনে পোনে ঋণ ল'লে, তাক শব্দ ঋণ বোলে। এনে ঋণত শব্দৰ বিকৃতি নঘটে। অসমীয়াত ব্যৱহৃত ইংৰাজী ভাষাৰ 'চেয়াৰ', 'ডেক্স', 'বেঞ্চ', 'চাট', 'পেন', 'টেব্লেট', 'জণ্ডিছ', 'কলেজ', 'স্কুল', 'ফুটবল', 'বেইল', 'ট্রেন', আদি শব্দ, শব্দ ঋণৰ সুন্দৰ উদাহৰণ।
(বা) অনূদিত ঋণ।
উত্তৰঃ কোনো এটা ভাষাই নিজৰ ভাষাৰ গঠন-ৰীতিৰ ভিত্তিত আন এটা ভাষাৰ শব্দ, খণ্ড বাক্য আদিক অনুবাদ কৰি ল'লে, তাক অনূদিত ঋণ বোলে। ইংৰাজী ভাষাৰ পৰা অসমীয়া ভাষাই লোৱা এনে ঋণৰ উদাহৰণ কেতবোৰ তলত উল্লেখ কৰা হ'ল-
যেনেঃ
ইংৰাজী > অসমীয়া
University > বিশ্ববিদ্যালয়
Wrist watch > হাত ঘড়ী
Cottage Industry > কুটীৰ শিল্প
(ঞ) অর্থ পৰিবৃত্তি।
উত্তৰঃ কোনো এটা ভাষাই আন এটা ভাষাত ব্যবহৃত কোনো নতুন বস্তু বা ভাব গ্রহণ কৰিলে আৰু সিবোৰ প্ৰকাশ কৰিবৰ কাৰণে নিজৰ ভাষাৰেই কোনো পুৰণা বা অপপ্রচলিত শব্দক নতুন ব্যঞ্জনাৰে ব্যৱহাৰ কৰিবলৈ ল'লে, তাক অর্থ পৰিবৃত্তি বোলে। অসমীয়া ভাষাত বেডিঅ'ৰ সলনি আকাশবাণী শব্দ ব্যৱহাৰ কৰা হয়। 'আকাশবাণী' শব্দটো আদিতে 'দৈববাণী' অর্থত অসমীয়া বঙলা আদি ভাষাত ব্যৱহৃত হৈছিল। সম্প্রতি ই 'ৰেডিঅ' বুজাবলৈ ব্যৱহৃত হ'ল। এয়েই অর্থ পৰিবৃত্তি।
(ট) উচ্চাৰণ ঋণ।
উত্তৰঃ কোনো এটা ভাষা কোৱা লোকে নিজৰ ভাষাত ব্যৱহৃত কোনো শব্দক আন এটা ভাষাৰ প্ৰভাৱত নতুনকৈ উচ্চাৰণ কৰিবলৈ লোৱাকে উচ্চাৰণ ঋণ বোলে। যেনে-'সংস্কৃত' আৰু 'বৈদিক' এই শব্দ দুটাক ইংৰাজীৰ প্ৰভাৱত অসমীয়াত যথাক্রমে 'চান্চস্কৃত' আৰু 'বেদিক' ৰূপে উচ্চাৰণ কৰা হয়। এয়েই উচ্চাৰণ ঋণ।
৭। ব্যক্তিভাষা মানে কি?
উত্তৰঃ ব্যক্তিৰ মুখৰ ভাষাই ব্যক্তি ভাষা। ব্যক্তি অনুসৰি প্ৰতিজনৰে মুখৰ ভাষা ভিন্ন হয়। কাৰণ প্ৰত্যেক মানুহৰ ধ্বনি উচ্চাৰণ পদ্ধতি ভিন্ন আৰু ভিন্ন পৰিৱেশত মানুহৰ ভাষা গঢ় লৈ উঠে। প্রত্যেকজন ব্যক্তিৰ শব্দ প্রয়োগ, বাক্য গঠনশৈলী, কথাৰ সুৰ আদিৰ নিজস্বতা থাকে।
ধ্বনি তাত্ত্বিকসকলৰ মতে দুজন ব্যক্তিয়ে আনকি একে পৰিয়ালৰ হ'লেও একেটা ধ্বনিকে একেধৰণে উচ্চাৰণ নকৰে অথবা একেটা শব্দকে একেধৰণে ব্যৱহাৰ নকৰে। কিন্তু এইটো ঠিক যে কম-বেছি পৰিমাণে মিল থকা ব্যক্তি ভাষাৰ সমষ্টিবেই ভাষা এটাব সৃষ্টি হয়। সেয়ে কোৱা হয় ভাষাৰ সংকীৰ্ণ ৰূপ উপভাষা। অথবা উপভাষা আৰু ভাষাৰ মাজত কম-বেছি পৰিমাণে মিল থাকে।
ব্যক্তি অনুযায়ীও ভাষাৰ অলপ তাৰতম্য ঘটে। শিক্ষা-দীক্ষা, পৰিয়াল, আন ঠাইলৈ আহ-যাহ আদি নানা কাৰণৰ দ্বাৰা কোনো ব্যক্তিৰ ভাষা নিৰূপিত হয়। শিক্ষা-দীক্ষা নোহোৱা মানুহ এজনৰ ভাষা শিক্ষা পোৱাজনতকৈ অলপ বেলেগ হয়। প্রথমজনৰ শব্দৰ প্রয়োগতকৈ দ্বিতীয়জনৰ শব্দৰ প্ৰয়োগ বহু ক্ষেত্ৰত ভিন্ন পৰিলক্ষিত হয়। নিজৰ গাঁও বা জিলাখনৰ বাহিৰত থাকি অহা ব্যক্তি এজনৰ ভাষা আৰু একেবাৰে জিলাখনৰ বাহিৰলৈ নোযোৱা ব্যক্তিৰ ভাষাৰ মাজত পাৰ্থক্য দেখা যায়। পুৰুষৰ ভাষা আৰু মহিলাৰ ভাষাতো ভিন্ন ৰূপ হয়।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। উপ-ভাষাবিজ্ঞান বুলিলে কি বুজা? উপ-ভাষাবিজ্ঞানৰ প্ৰয়োজনীয়তা কিমান?
উত্তৰ: মানৱ সংস্কৃতিৰ ইতিহাসত ভাষাই প্ৰথম আৰু প্রধান ভূমিকা গ্রহণ কৰিছে। পৃথিৱীৰ বিশাল জনসমষ্টিৰ মাজত জাতি-উপজাতি অনুসৰি বিভিন্ন ভাষাৰ প্ৰচলন আছে।
এই অলেখ ভাষাৰাজিৰ শৃংখলাবদ্ধ আৰু বিজ্ঞানসন্মত অধ্যয়নৰ দিশটো ক্ৰমাৎ উন্মোচিত হোৱাৰ লগে লগে ভাষা সম্বন্ধে নিত্য-নতুন তথ্যও উদ্ঘাটন হ'ব ধৰিছে। বৃহৎ ভৌগোলিক পৰিসীমা, জনসংখ্যাৰ বিশালতা আদি কাৰণত একে ভাষাৰ অন্তৰ্গত লোকৰ মাজত কেতিয়াবা কেতিয়াবা ভাষাৰ আঞ্চলিক রূপ কিছুমানৰ সৃষ্টি হয়। সামাজিক-সাংস্কৃতিক, ৰাজনৈতিক, প্রাকৃতিক আদি বিভিন্ন কাৰণত ভাষাৰ খণ্ডৰূপে গা কৰি উঠে। ভাষার মূল অখণ্ড ৰূপটোক সেই ভাষাৰ মান্যভাষাই (Standard Language), অর্থাৎ সাহিত্যিক ভাষাই নিয়ন্ত্রণ কৰে। একেটা ভাষাৰ খণ্ড খণ্ড আঞ্চলিক ৰূপেই উপভাষা (Dialect) আখ্যা পায়। অবশ্যে ভাষাৰ আঞ্চলিক ৰূপবোৰ মূল ভাষাৰপৰা একেবাৰে পৃথক নহয়। *কেৱল ধ্বনি প্রয়োগ, শব্দাবলী, উচ্চাৰণ আদি দিশত কোনো কোনো প্রভেদ পৰিলক্ষিত হয়। সকলো উপভাষা যে সদায় কথিত ৰূপত থাকে এনে নহয়, কেতিয়াবা কেতিয়াবা একোটা উপভাষা বেছি আগবাঢ়ি যায় আৰু সেই উপভাষাৰ লিখিত সাহিত্যৰো সৃষ্টি হ'ব পাবে। আনহাতে, একোটা উপভাষা শক্তিশালী হৈ মান্যভাষাৰূপেও স্বীকৃতি লাভ কৰিব পাবে। 'Dialect represents any speech vorient, spoken or written, old or new, standard or substandard, social or geographicial, prestigious or downtrodden.' (D. N. S. Bhat: Methods and Principles of dialect survey, pub. in 'Dialectology', pub by D.L.A.)1 প্ৰকৃততে উপভাষা ভাষাৰ মূলসূতিত উপসূতিৰ দৰে। ভাষাৰ শৃংখলাবদ্ধ অধ্যয়ন কৰোঁতে
প্রধানভাবে উপভাষাসমূহৰ শৃংখলাবদ্ধ অধ্যয়ন অপৰিহাৰ্য। কাৰণ, একোটা ভাষাৰ সম্যক জ্ঞান লাভ কৰিবলৈ হ'লে লিখিত সাহিত্যই যথেষ্ট নহয়। ভাষাৰ অখণ্ড ৰূপৰ বৰ্ণাঢ্য জ্ঞানৰ পৰিপূৰকৰূপে উপভাষাইহে সামগ্ৰীৰ যোগান ধৰিব পাৰে। গতিকে উপভাষাৰ বিস্তৃত আলোচনা, শৃংখলাবদ্ধ আৰু বিজ্ঞানসন্মত অধ্যয়নকে উপভাষাতত্ত্ব বা উপভাষাবিজ্ঞান (Dialectology) আখ্যা দিয়া হয়। উপভাষাৰ ক্ষেত্ৰও অতি ব্যাপক।
আধুনিক ভাষাবিজ্ঞানীসকলে উপভাষাৰ অধ্যয়নত অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে।
উপভাষাসমূহ সাধাৰণতে কথিত ৰূপত থকাৰ বাবে ইয়াৰ অধ্যয়ন বৰ সহজসাধ্য নহয়। কিন্তু মূল ভাষাৰ অধ্যয়ন উপভাষাৰ সম্যক জ্ঞান অবিহনে সম্পূর্ণ নহয়। তদুপৰি উপভাষাৰ অধ্যয়ন বহু সময়ত ক্ষেত্ৰ অধ্যয়নৰ (Field-study) ওপৰত নিৰ্ভৰশীল হ'ব লগা হয়। উপভাষাৰ অধ্যয়নে নৃতাত্ত্বিক, সামাজিক আদি কিছুমান প্রমূল্যও বহন কৰে। ভাষা একোটাৰ আঞ্চলিক ৰূপত অলিখিত অনেক তথ্য অন্তর্নিহিত হৈ থাকে, যিবোৰ মূল ভাষাত উপাদানৰূপে দেখুৱাবলৈ হ'লে উপভাষাৰ অধ্যয়ন নকৰিলেইনহয়। উপভাষা অধ্যয়নৰ প্ৰয়োজনৰ মূলতে ভাষাগত কাৰণ প্ৰধান হ'লেও তাৰ লগতে নৃতাত্ত্বিক, প্রায়োগিক, সামাজিক আদি কাৰণো লুকাই আছে।
২। উপভাষা অধ্যয়নৰ দিশসমূহ কি কি?
উত্তৰ: উপভাষা অধ্যয়ন (Dialect study) আৰু উপভাষা জৰীপৰ (Dialect survey) মাজত পার্থক্য আছে। উপভাষা অধ্যয়ন সাধাৰণতে একোটা বিশেষ গোষ্ঠী, জাতি বা অঞ্চলৰ দুজনৰ বা ততোধিক ব্যক্তিৰ কথোপকথনৰ ভাষাগত গঠনৰ বৰ্ণনাৰ ওপৰত নিৰ্ভৰশীল। ধ্বনিগত, ব্যাকৰণ, শব্দকোষ আদি সকলো দিশৰ আলোচনা উপভাষা অধ্যয়নব অন্তর্গত। আনহাতে, একোটা উপভাষা জৰীপৰ (Dialect survey) দিশত কেৱল সেই বিশেষ বৃহৎ অঞ্চল বা বিশেষ গোষ্ঠীৰ জৰীপৰ ভাষাগত ক্ষেত্ৰত ব্যাপকতাৰ প্রতিহে মনোনিবেশ কৰা হয়। উপভাষা জৰীপৰ মূলতে উপভাষা বা স্থানীয় উপভাষাব সীমা নির্ধাৰণৰ কথাটোহে প্রতিপাদ্য বিষয়ৰূপে পৰিচিত হয়। উপভাষা জৰীপৰ বাবে উপভাষাৰ সকলো দিশৰ বৰ্ণনাৰ প্ৰয়োজন নাথাকে। অৱশ্যে উপভাষাতত্ত্বৰ ক্ষেত্ৰত এই দুয়োৰে প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। 'উপভাষা একোটা ভাষাৰ ক্ষেত্ৰীয় ৰূপহে, অশুদ্ধ বা নিম্ন পৰ্যায়ৰ নহয়' (ৰমেশ পাঠকঃ ভাষা-বিজ্ঞানৰ ভূমিকা), 'উপভাষা বুলিলে অকল ভৌগোলিক পৰিসীমাকে (Geographical dialect) নুবুজায়, বর্ণ বা জাতি ভেদেও উপভাষাৰ ভেদ থকা সম্ভব' (ফণীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা: আধুনিক ভাষাবিজ্ঞান পৰিচয়)। উপভাষা সম্বন্ধে জ্ঞান আহৰণ, অধ্যয়নৰ পদ্ধতি, অধ্যয়ন কৰোঁতে প্রয়োজনীয় সামগ্রী মূল ভাষা বা অন্যান্য উপভাষা বা স্থানীয় উপভাষাৰ লগত ইয়াৰ সাদৃশ্য আদি সকলো কথাই উপভাষাতত্ত্বৰ অন্তৰ্গত বিষয়। উপভাষাতত্ত্বৰ অধ্যয়ন প্রাচীন নহয়, কাৰণ, ঊনবিংশ, শতাব্দীৰ শেষার্ধৰপৰাহে এইক্ষেত্ৰত বিশেষ মনোনিৱেশ কৰা দেখা যায়।
উপভাষা অধ্যয়নৰ প্ৰথম পৰ্যায়ত সেই উপভাষা সম্বন্ধে প্রাথমিক জ্ঞান আহৰণৰ প্রয়োজন হয়। ভৌগোলিক পৰিসীমা, জনসংখ্যা আদি দিশবোৰ খৰচী মাৰি আলোচনা কৰি ক্ৰমান্বয়ে উপভাষাৰ ভিতৰুৱা দিশবোৰ অধ্যয়নত ব্রতী হ'ব লাগে। এইখিনিতে সমাজ ভাষাতত্ত্বৰ (Socio-linguistics) বিষয়টো আহি পৰে। কেতিয়াবা কেতিয়াবা ই ভাষাতত্ত্বৰ অন্তৰ্গত শাখাৰূপেই পৰিচিত হয়। সমাজ ভাষাতত্ত্ব আকৌ ভাষাতত্ত্ববে এটি শাখা মাথোঁ। উপভাষা একোটা যেতিয়া কথিত ৰূপতে বর্তি থাকে, তেতিয়া ইয়াৰ গৱেষণা বা অধ্যয়ন কৰোঁতে ভালেকেইটা বিষয়ৰ প্রতি মনোনিবেশ কৰিবলগীয়া হয়। কাৰণ উপভাষা অধ্যয়ন কৰোঁতাই এজন বা ততোধিক তথ্যদাতাৰ (Informant) জৰিয়তেহে উপভাষাৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ সমৰ্থ হ'ব পাৰে। তথ্যদাতাজনৰ নির্ভুল তথ্যৰ ওপৰতে উপভাষা অধ্যয়নৰ সাৰ্থকতা নিৰ্ভৰ কৰিব। অৱশ্যে উপভাষা অধ্যয়ন কৰোঁতে প্রত্যক্ষ বা পৰোক্ষ যিকোনো পদ্ধতি অৱলম্বন কৰিব পৰা যায়। প্রথম পদ্ধতিৰ (Contact theory) জৰিয়তে অধ্যয়ন কৰা উপভাষাটোৰ লোকৰ সৈতে প্রত্যক্ষ যোগাযোগৰদ্বাৰা তথ্য সংগ্ৰহ আৰু দ্বিতীয় পদ্ধতি (Informant theory)ৰ দ্বাৰা তথ্যদাতা (Informant) ৰ দ্বাৰা তথ্য সংগ্ৰহ। প্রথম পদ্ধতিৰদ্বাৰা যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। অৱশ্যে দুয়ো পদ্ধতিতে কিছু সুবিধা-অসুবিধা আছে। তথাপি সংখ্যাগৰিষ্ঠ অঞ্চলৰ উপভাষা অধ্যয়ন কৰোঁতে পৰোক্ষ পদ্ধতিকে বহুতে অৱলম্বন কৰা দেখা যায়। পৃথিৱীৰ বহু উপভাষাৰ অধ্যয়নত এই পৰোক্ষ পদ্ধতিকে অৱলম্বন কৰা দেখা যায়। তথ্যদাতাজন স্থানীয় পৰিৱেশৰ লগত সম্পূর্ণ পৰিচিত বা সেই অঞ্চলৰ হ'লে তথ্য সংগ্ৰহ বহুত সহজ হৈ পৰে। ইউৰোপীয় ভাষাতত্ত্বৰ ইতিহাসত উপভাষা অধ্যয়নত বহু ভাষাতাত্ত্বিকে পাৰদৰ্শিতা দেখুৱাইছে। উদাহৰণস্বৰূপে, যাবার্গ (Jabarg), য়াড (Jud) আদিৰ নাম উল্লেখ কৰিব পাৰি। এই দিশত বাটকটীয়াৰূপে জে পি ৰৌছেলটৰ (P. P. Rousselot) নামো উল্লেখ কৰিব পাৰি। তথ্যদাতাজন অভিজ্ঞ, ভাষাজ্ঞান থকা, নিৰপেক্ষ দৃষ্টিভংগীৰ আৰু বস্তুনিষ্ঠ পদ্ধতিৰ (Objective method) প্রতি আগ্রহী হ'ব লাগিব। শিশু অথবা বৃদ্ধৰদ্বাৰা উপভাষাৰ নির্ভুল তথ্য সংগ্ৰহ কৰা সম্ভৱ নহ'বও পাৰে। কেতিয়াবা কেতিয়াবা মহিলা তথ্যদাতাৰদ্বাৰাও সামগ্ৰী সংগ্ৰহৰ সুফল লাভ হ'ব পাৰে। উপভাষা অধ্যয়ন বিশেষভাবে অনুন্নত অঞ্চলৰ ক্ষেত্ৰতহে অসুবিধাৰ সৃষ্টি অধিক হ'ব পাৰে। উপভাষাৰ তথ্য সংগ্ৰহ (Data-collection) ক্ষেত্রত টেপ ৰেকৰ্ডাৰ আৰু টাইপ বাইটাৰৰ প্ৰয়োজন অবশ্যম্ভাবী। ধ্বনি উচ্চাৰণৰ পদ্ধতি আহৰণ কৰাত টেপ ৰেকৰ্ডাৰেহে বিশেষ সহায় কৰিব পাৰে। পশ্চিমীয়া দেশসমূহতো এই পদ্ধতি অবলম্বন কৰা দেখা যায়। উপভাষাৰ শব্দকোষ (Lexicon), লিপ্যন্তৰ (Transliteration), মানচিত্ৰৰ প্রয়োগ (Dialect maps) আদি বিষয়সমূহো উপভাষা অধ্যয়নৰ অন্তৰ্গত দিশ। উপভাষা অভিধান (Dialect dictionary) প্রস্তুত কৰিব নোৱাৰিলে উপভাষাৰ অধ্যয়ন অসমাপ্ত হৈ ৰ'ব। উপভাষা অধ্যয়নত মৌখিক গীত-মাত, সাধুকথা, ফকৰা-যোজনা আদি লোক-সাহিত্যৰপৰা তথ্য সংগ্ৰহৰ লগে লগে সেই লোক-সাহিত্যৰ সংৰক্ষণৰো ব্যৱস্থা কৰিব লাগে। প্রয়োজন অনুসৰি কেমেৰা বা অন্যান্য সামগ্ৰীৰো সহায় লোৱা আৱশ্যক। উপভাষাৰ কেঁচা সামগ্ৰী সংগ্ৰহ কৰাৰ পিছত ধ্বনি প্রয়োগ, উচ্চাৰণৰ পদ্ধতি আদি নির্ভুলভাবে বিচাৰি উলিওৱা বৰ কষ্টসাধ্য কাম। তাৰ বাবে অধ্যয়নকাৰীজন ভাষা প্রশিক্ষণপ্রাপ্ত হোৱাটো অতি প্রয়োজন। কাৰণ, কেৱল চলিত পাঠৰপৰাই উপভাষাৰ পাঠোদ্ধাৰ কৰিবলগীয়া হয়। ধ্বনিগত (Phonological) দিশটোত স্বৰ (Vowel), ব্যঞ্জন (Consonant) ধ্বনিৰ তালিকা প্ৰস্তুত কৰাৰ পিছতে শ্বাসঘাত (Stress), সুৰলহৰ (Intonation), সন্ধি (Juncture) আদিৰ বিষয়ে আলোচনা কৰিব লাগিব। ইয়াৰ পিছতে ৰূপগত (Morphological) দিশৰ আলোচনা কৰি বাক্যগঠন, শব্দমালা (Vocabulary), অর্থতত্ত্ব (Semantics) আদি বিষয় অন্তর্ভুক্ত কৰিব লাগিব।
উপভাষা অধ্যয়ন কৰোঁতে আৰু এটি দিশৰ প্রতি মনোনিবেশ কৰিব লাগে। সেয়া হৈছে ভাষাগত সূত্ৰসমূহৰ প্ৰয়োজনীয়তা। কাৰণ, কেতিয়াবা কেতিয়াবা দেখা যায় যে উপভাষাৰ অধ্যয়নত হয়তো ক'ৰবাত ত্রুটি ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত ভাষাগত সূত্রই সহায় কৰিব পাৰে। কাৰণ, ভাষা বা উপভাষা যিয়েই নহওক, কিছুমান বিশেষ নিয়মৰ
মাজেৰে ইয়াৰ বিকাশ ঘটে, পৰিবর্তনো ঘটে। উপভাষাতত্ত্ব আৰু ভাষাগত সূত্ৰসমূহৰ ক্ষেত্রত ধ্বনিতত্ত্বই ভূমিকা লৈছে। কাৰণ, ভাষাৰ ধ্বনি হ'ল প্রধান আৰু প্ৰথম উপাদান। উপভাষা ভিত্তিত ধ্বনিততত্ত্বৰ বিভাজন প্রধানকৈ চাবিভাগত দেখুৱাইছে- পৰম্পৰাগত, গঠনমূলক, বংশগত আৰু সমাজ-ভাষাতত্ত্ব।
পৰম্পৰাগত (Traditional) উপভাষাতত্ত্বৰ আৰম্ভণি ঘটে ঊনবিংশ শতিকাৰ ঐতিহাসিক আৰু তুলনামূলক ভাষাতত্ত্বৰপৰা। কাৰণ, একোটা উপভাষা প্রাচীন বা প্রত্নৰূপৰপৰা উদ্ভৱ হয়। উপভাষা একোটা কিদৰে নিৰ্দ্ধাৰণ কৰিব পাৰি আৰু এটা উপভাষাৰপৰা আন এটা উপভাষাক কিদৰে পৃথক কৰিব পাৰি বা উপভাষাৰ ভৌগোলিক সীমা কেনেকৈ নির্ণয় কৰিব পাৰি এই দিশবোৰ পৰম্পৰাগত উপভাষাতত্ত্বই নির্ণয় কৰে। এইক্ষেত্ৰত ধ্বনি পৰিৱৰ্তন পদ্ধতিমূলক (Systematic) হয়। এনেধৰণৰ অধ্যয়ন বিংশ শতাব্দীৰহে উদ্ভাৱন অর্থাৎ উপভাষাতত্ত্বৰ শেহতীয়া সংযোজন। ছুইছ উপভাষাতাত্ত্বিক
গে'চাটৰ (Gauchat) নাম এইক্ষেত্ৰত উল্লেখ কৰিব পাৰি।
গঠনমূলক (Structural) উপভাষাতত্ত্ব আকৌ পদ্ধতিকেন্দ্রিক (System central)।
চ'চাৰেৰ সময়ৰপৰাই এনেধৰণৰ গঠনমূলক দৃষ্টিভংগীৰে উপভাষাৰ ক্ষেত্ৰত নতুন দৃষ্টিভংগী সূচনা কৰি গৈছে। গিল্লিয়ার্চন, বিন বিষ (Wein Reich) আদিৰ নাম ইয়াতে উল্লেখ কৰিব পাৰি।
বংশগত (Generative) উপভাষাতত্ত্বয়ো ভাষাগত সূত্ৰৰ দিশত বিশেষ ভূমিকা গ্রহণ কৰিছে। ই ঐতিহাসিক আৰু বর্ণনাত্মক দুয়োটা দিশেই আঁকোৱালি লৈছে। এই সূত্রই ভাষাৰ শব্দকোষ, বাক্য, অর্থ, ধ্বনি এই সকলো দিশৰ ধাৰণা স্পষ্টভাবে দেখুৱাই দিয়ে। সমগ্র ইউৰোপীয় ভাষাতত্ত্বৰ বুৰঞ্জীত বংশগত অধ্যয়নৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। গ্রীক উপভাষা বিশেষভাবে হেলনিক 'কোইনে'ৰ (Koine), অধ্যয়নত ঐতিহাসিক আয়তনৰ কথা (Historical dimention) উল্লেখ কৰা হৈছে, যি 'কোইনে' বর্তমানৰ প্রায় সমগ্র গ্রীক উপভাষাসমূহৰ মূলৰূপে পৰিগণিত হৈছে। উপভাষা অধ্যয়নত জটিল তথ্যৰ সম্ভেদ দিয়াৰ বংশগত প্রণালীৰ বিশেষ ভূমিকা মন কৰিবলগীয়া। এই প্রণালী নিয়মকেন্দ্রিক (Rule centred)।
সমাজ ভাষাতত্ত্ব (Socio-linguistics), উপভাষা অধ্যয়নৰ এটি বিশেষ দিশ। ই ঐতিহাসিক, গঠনমূলক আৰু বংশগত সূত্রাদিৰ আধাৰস্বৰূপ। ই হ'ল বক্তাকেন্দ্রিক (Speaker centred)। বহু সময়ত উপভাষাতত্ত্ব সমাজ ভাষাতত্ত্বৰে অন্তৰ্গত বিষয়, যেন হৈ পৰে। কাৰণ, সমাজৰ মানুহৰ ভাষা অধ্যয়ন কৰোঁতে সামাজিক শ্রেণী, বয়স, লিংগ, বৃত্তি, শিক্ষা আদিৰ উল্লেখ থাকিবই লাগিব। অৱশ্যে উপভাষা অধ্যয়নত সমাজত বসবাস কৰা মানুহৰ মুখৰ ভাষাৰ অধ্যয়নৰ দিশটো প্রধানভাবে জড়িত হ'লেও আৰু অন্যান্য কিছুমান দিশো ইয়াত নিহিত হৈ থাকে। সমাজ ভাষাতত্ত্বৰ অগ্রণীৰূপে উইলিয়াম
লাব'ভ (William Labov) আৰু পিটাৰ ট্ৰাগিল্ডৰ (Peter Trudgill) বনাম উল্লেখ কৰিব পাৰি। লাব'ভে নিউয়র্ক চহৰৰ ভাষা আৰুট্রাডগিলে নৰউইচৰ ভাষা অধ্যয়ন কৰে। অৱশ্যে এনেধৰণৰ অধ্যয়ন পৰম্পৰাগত, গঠনমূলক আৰু বংশগত উপভাষাতত্ত্বৰ গাত আঁউজিহে আগবাঢ়ি যাব পাৰে। ধাৰণা বা অনুভৱ (Assumption), পদ্ধতি (Method), আৰু ফলাফল (Result) সমাজ ভাষাতত্ত্বৰ ক্ষেত্ৰত বৰ প্ৰয়োজন। কাৰণ, একোখন সমাজৰ উপভাষা অধ্যয়ন কৰোঁতে সেই ক্ষেত্ৰৰ আপোন অনুভৱ বা ধাৰণাৰ আশ্ৰয়তহে বিশেষ পদ্ধতি অৱলম্বন কৰি ফলাফলত উপনীত হ'ব পৰা যায়। উপভাষাৰ মাজেৰে ভাষাৰ স্বাভাৱিক জীৱন নিহিত হৈ থাকে। গতিকে স্বাভাৱিক জীৱন ধাৰাৰপৰাই ভাষাৰ প্রকৃত তথ্য উদ্ঘাটন কৰা সম্ভৱ।
উপভাষাতত্ত্বই আমাক পৃথিৱীৰ সমূহ উপভাষাৰ অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰে।
প্রাচীন কালৰেপৰা এতিয়ালৈকে ভাষাতত্ত্বৰ ইতিহাসক উপভাষাই অধিকাংশ স্থান অধিকাৰ কৰি আহিছে। প্রত্যেক ভাষাৰে ইতিহাস বিকাশ আৰু পৰিপুষ্টিত উপভাষা অধ্যয়নৰ তাৎপর্য নিহিত হৈ থাকে। অসমীয়া ভাষাৰ ক্ষেত্রতে দেখা যাব যে এই ভাষাত উপভাষাগত অনেক পার্থক্য বিৰাজমান। অসমীয়া ভাষাৰ সুদীর্ঘ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে অসমব নামনি অঞ্চলৰ ভাষাই উপভাষিক বৈশিষ্ট্য বিশেষভাৱে সংৰক্ষণ কৰি আহিছে। প্রধানভাবে উজনি আৰু নামনি অসমৰ ভাষাত আৰু একাধিক উপভাষা বা স্থানীয় উপভাষাৰ প্রচলন পৰিলক্ষিত হয়। কেৱল কামৰূপ (অবিভক্ত) জিলাৰে যি কামৰূপী উপভাষা আছে সেই উপভাষাৰো স্থানীয় ৰূপ কিছুমান আছে। নানা ভাষাৰ লগত এই উপভাষাৰ বহু বৈসাদৃশ্য পৰিলক্ষিত হয়। বর্তমান কামৰূপী উপভাষাৰ অধ্যয়নে এই বৈসাদৃশ্যসমূহ জনাত সহায় কৰিছে যদিও স্থানীয় ৰূপ কিছুমানৰ সূক্ষ্ম অধ্যয়ন আৰু আলোচনাৰ স্থান এতিয়াও উন্মোচিত হৈ আছে।
৩। উপভাষা অধ্যয়নত সমাজ-ভাষাবিজ্ঞানৰ প্ৰয়োজনীয়তা আছেনে? যদি আছে বুজাই লিখা।
উত্তৰ: মানৱ সংস্কৃতিৰ শ্ৰেষ্ঠ মাধ্যম হ'ব ভাষা, যাক মানুহে পৰম্পৰাগতভাবে ইজনে সিজনৰপৰা আহৰণ কৰে। আনহাতে, ভাষাৰ মাধ্যমেদি মানৱ সভ্যতা, সংস্কৃতিৰ বিকাশ ঘটে। সমাজৰ পৰিবৰ্তনৰ লগে লগে ভাষায়ো ৰূপ সলায়, অর্থাৎ সভ্যতাভেদে ভাষাই সুকীয়া সুকীয়া ৰূপ ল'বলৈ ধৰে। ভাষা আৰু সমাজ কোনোটোরে এটাই আনটোক বাদ দি থাকিব নোৱাৰে। ভাষা আৰু সমাজৰ মাজত থকা সম্বন্ধৰ সকলো দিশ সমাজ ভাষা-বিজ্ঞানত অধ্যয়ন কৰা হয়। সমাজ-ভাষাবিজ্ঞান অধ্যয়নৰ যোগেদি ভাষিক আৰু সামাজিক স্তৰত বিভিন্ন ধৰণে আত্মপ্রকাশ কৰা ভাষাৰ বিভিন্নতা একত্ৰিকৰণ কৰিবলৈ প্ৰয়াস কৰা হয়।-
এখন সমাজত ভাষাৰ ভেদৰ বহুতো উপাদান নিহিত হৈ থাকে। এই উপাদান অনুসৰিব ভাষাক সমাজতাত্ত্বিক দিশত বিশ্লেষণ কৰিলে বিভিন্ন রূপ পোৱা যায়। উদাহৰণস্বৰূপে, *সমগ্ৰ অসমৰ মানুহে অসমীয়া ভাষাক মান্যভাষারূপে ব্যৱহাৰ কৰে যদিও পৰিৱেশ আৰু পৰিস্থিতিভেদে বিভিন্ন ৰূপ পোৱা যায়। অসমীয়া ভাষাত ভেদ সৃষ্টি কৰা উপাদানবিলাক তলত দিয়াৰ দৰে-দেখুৱাব পাৰি-
(ক) বক্তা আৰু শ্ৰোতাৰ প্রকৃতি, যেনে- আর্থসামাজিক, লিংগভেদে, ব্যৱসায় অনুসৰি ভাষাৰ ভিন্নতা পৰিলক্ষিত হয়।
(খ) বক্তাই কাৰ সৈতে কথা বতৰা পাতিছে- তেওঁতেকৈ বয়সত সৰু নে ডাঙৰ নে সমনীয়া- সেই অনুসৰি ভিন্নতা পৰিলক্ষিত হয়।
(গ) ব্যক্তিৰ বৃত্তি, সম্বন্ধ, যেনে- শিক্ষক, ছাত্র, পুৰোহিত, ধর্মযাজক, পিতৃ-পুত্র, স্বামী, পত্নী ইত্যাদি অনুসৰি ভাষাৰ ভিন্নতা লক্ষ্য কৰিব পাৰি।
(ঘ) বিষয় অনুসৰি, যথা- বক্তৃতা দিয়া কিবা এটা কথা জনোৱা, যুক্তিৰে কথা কোৱা বা আলাপ আলোচনা আদিৰ ভিত্তিতো লক্ষ্য কৰিব পাৰি।
(ঙ) বিষয় অনুসৰি, যথা- বক্তৃতা দিয়া, কিবা এটা কথা জনোৱা, যুক্তিৰে কথা কোৱা বা আলাপ-আলোচনা আদিৰ ভিত্তিতো ভাষা ভিন্ন হ'ব পাৰে।
(চ) মাধ্যম অনুসৰি, যেনে- কোৱাৰ মাধ্যম, লিখাৰ মাধ্যম, প্ৰচাৰ মাধ্যম অনুসবিও ভাষাৰ ভিন্নতা সংঘটিত হয়।
এইবোৰৰ উপৰি বিভিন্ন জীৱিকা অনুসৰিও কথিত ভাষাৰ মাজত পাৰ্থক্য হ'ব পাৰে। উদাহৰণস্বৰূপে, চাকৰিজীবি শিক্ষিত আৰু অর্ধশিক্ষিত শ্ৰেণীৰ মাত, মাছমৰীয়া, ধোবা, নাপিত, খৰিভাৰী, খেতি-বাতিৰ ওপৰত নিৰ্ভৰশীল লোকৰ মাত-কথাত পাৰ্থক্য ওলাই পৰে। তদুপৰি উচ্চ, মধ্য, নিম্নবিত্ত শ্ৰেণীৰ মানুহ একে সম্প্রদায়ৰ হ'লেও ভাষাৰ কথন বীতিত পার্থক্য ওলাই পৰে। সাধাৰণতে সামাজিক আৰু অর্থনৈতিক কাৰণত এনে হোৱাটো স্বাভাৱিক। এই সকলো বিষয় সমাজ-ভাষাবিজ্ঞানত আলোচনা কৰিব পাৰি।
বর্ণনাত্মক ভাষাবিজ্ঞানীয়ে ভাষাৰ গাঁথনিক দিশৰ আলোচনাৰ মাজতে সীমাবদ্ধ থাকে। তেওঁলোকে ভাষিক গাঁথনিৰ লগত সামাজিক গাঁথনি মিলাবলৈ বিশেষ প্রয়োজন অনুভব নকৰে। বৰ্ণনাত্মক ভাষাবিজ্ঞানীসকলে ভাষাৰ পৰিৱৰ্তনৰ কথাত চকু দিয়ে যদিও ভাষাৰ পৰিৱৰ্তন যে সামাজিক শক্তি এটা লুকাই থাকে এনে কথালৈ আওকাণ কৰি চলে। বর্ণনাত্মক ভাষাবিজ্ঞানীয়ে আওকাণ কৰি চলা এনেবোৰ কথালৈ সমাজ ভাষাবিজ্ঞানীয়ে মনোযোগ দিয়ে।
এনেধৰণে দেখা যায় যে সমাজ-ভাষাবিজ্ঞানৰ ক্ষেত্ৰ বৰ ব্যাপক। সামাজিক কাৰণত হ'ব পৰা ভাষাৰ সকলোধৰণৰ ভেদকে ইয়াত সমানে মূল্য দিয়া হয়। সম্ভৱপৰ সকলোধৰণৰ ভেদকে স্পষ্ট আৰু সংহত ৰূপত চিত্ৰৰ দৰে তুলি ধৰিব খোজাত সমাজ-ভাষাবিজ্ঞানী
বিশেষ আগ্রহী। ভাষাৰ ক্ষেত্ৰত ভুল-শুদ্ধৰ বিচাৰ বৈজ্ঞানিক বিচাৰ নহয়। সমাজ-ভাষাবিজ্ঞানীয়েও ভুল শুদ্ধৰ মাপকাঠীৰে ভাষাভেদৰ মূল্যায়ন নকৰে। তেওঁলোকে ভাষাভেদৰ প্ৰয়োগত সীমাৰেখা চিহ্নিত কৰি উলিয়ায়। নিজ নিজ সীমাৰেখাৰ ভিতৰত প্রতিটো ভেদেই শুদ্ধ। কেবল সীমাৰ বাহিৰতহে সি গ্রহন-অগ্রহণীয় হৈ পৰে।
৪। উপভাষা কাক বোলে? উপভাষা সৃষ্টিৰ কাৰণসমূহ ফঁহিয়াই দেখুওৱা।
উত্তৰঃ ভাষাৰ খণ্ডিত ৰূপ হ'ল উপভাষা। এটা ভাষাৰ অঞ্চল অনুসৰি খণ্ডিত হোৱা ভাষিক ৰূপকে ভাষাটোৰ অন্তৰ্গত আঞ্চলিক উপভাষা বুলি কোৱা হয়। কোনো এটা ভাষা সম্প্রদায় বিস্তৃত অঞ্চলত বিয়পি পৰিলে সেই ভাষাৰ কেতবোৰ আঞ্চলিক ৰূপ গঢ় লৈ উঠিব পাৰে। এনেদৰে গঢ় লৈ উঠা আঞ্চলিক বা ক্ষেত্রীয় ভাষাৰূপক উপভাষা বোলে। উদাহৰণস্বৰূপে, অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তৃত অসমীয়া ভাষাৰ কামৰূপী, গোৱালপৰীয়া, নগঞা, শিৱসাগৰীয়া আদি একো একোটা সুকীয়া বৈশিষ্ট্যপূর্ণ উপভাষা। এইবোৰ অঞ্চলৰ উপভাষা নিজা নিজা বৈশিষ্ট্যৰে পৰিপূৰ্ণ।
সাধাৰণতে উপভাষা ভাষা এটাৰ কথনভংগীৰ ভিন্নতাৰ ফলস্বৰূপে সৃষ্টি হয়। এই ভিন্নতা অনুযায়ী উপভাষাক- (ক) আঞ্চলিক উপভাষা আৰু (খ) সামাজিক উপভাষা- এই দুটা ভাগত ভাগ কৰিব পাৰি।
উপভাষা সৃষ্টিৰ কাৰণসমূহ: উপভাষাৰ সৃষ্টিৰ মূল কাৰণ হ'ল মানুহৰ মাজত যোগাযোগৰ অভাব। বিভিন্ন কাৰণত একে ভাষা কোৱা ভিন ভিন অঞ্চলৰ মাজত যেতিয়া যোগাযোগৰ অভাৱ হয়, তেতিয়া সেই সেই অঞ্চলত দুটা সুকীয়া উপভাষা গঢ় লৈ উঠে। ভৌগোলিক, প্রাকৃতিক, ৰাজনৈতিক, সামাজিক, ঐতিহাসিক, সাংস্কৃতিক আদি দিশসমূহে ভিন ভিন অঞ্চলৰ মাজত যোগযোগৰ অভাৱ ঘটায় আৰু একোটা আঞ্চলিক উপভাষা সৃষ্টিত অৰিহণা যোগায়। দুটা অঞ্চলৰ মাজত ডাঙৰ পাহাৰ, ডাঙৰ নদী অথবা হাবি-জংগল থাকিলে অঞ্চল দুটাৰ মানুহৰ মাজত যোগাযোগৰ অভাৱ ঘটে। ফলস্বৰূপে দুয়োটা অঞ্চলৰ ভাষাৰূপৰ বিভিন্নতাই দেখা দিয়ে। উদাহৰণস্বৰূপে, একে ভাষিক অঞ্চল হ'লেও অবিভক্ত কামৰূপৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভাষা আৰু দক্ষিণ পাৰৰ ভাষাৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায়। তেনেদৰে একেটা ভাষিক পৰিবেষ্টনীৰ বেলেগ বেলেগ অঞ্চল যদি বেলেগ বেলেগ শাসকৰ অধীন হয়, তেতিয়া সেই সেই অঞ্চলৰ মাজত যোগাযোগ ব্যাহত হয়। এনেদবে ব্যাহত হোৱাৰ ফলত সেইবোৰ অঞ্চলত সুকীয়া উপভাষাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, মধ্যযুগত অসমত উজনি অসম আহোমসকলে আৰু নামনি অসম কোঁচসকলে শাসন কৰিছিল। ফলত ৰাজ্যৰ মিলাপ্ৰীতিৰ অভাৱৰ বাবে দুয়োটা অঞ্চলৰ ভাষাৰ পাৰ্থক্যই দেখা দিছিল। উপভাষা সৃষ্টিৰ আন এটা উল্লেখনীয় দিশ হৈছে সাংস্কৃতিক দিশ। এটা ভৌগোলিক পৰিৱেষ্টনীৰ কোনো এটা অঞ্চল যদি সাহিত্য, সংস্কৃতিৰ দিশত বেছিকৈ আগবঢ়া হয়, তেতিয়া সেই অঞ্চলত প্রচলিত ভাষাটোরে সুকীয়া ৰূপ ল'বলৈ
আৰম্ভ কৰে আৰু সময়ত সেই ভাষাটোবেই মান্যভাষা হিচাপে স্বীকৃতি লাভ কবে। কিন্তু সাংস্কৃতিক কেন্দ্ৰৰ সালসলনি ঘটিলে পূর্বৰ মান্যভাষাটোরে উপভাষা হিচাপে স্বীকৃতি পাব পাৰে আৰু যিটো অঞ্চলৰ ভাষাই নতুনকৈ সাহিত্য, সংস্কৃতিৰ দিশত আগবাঢ়ি যায় সেই অঞ্চলৰ ভাষাটোরে মান্যভাষা হিচাপে স্বীকৃতি পায়।
সামাজিক বাধা বা দূৰত্বই ভাষাত সৃষ্টি কৰা ব্যৱধান বা প্রভেদৰ ফলত সামাজিক উপভাষাৰ সৃষ্টি হয়। এটা ভাষাৰ অন্তৰ্গত এটা দল বা ফৈদে যেতিয়া একেধৰণৰ সামাজিক বান্ধোনেৰে বান্ধ খাই একে ব্যবস্থাপনাৰে বসবাস কৰি অন্যান্য দল বা ফৈদতকৈ সুকীয়া ধৰণেৰে ভাব প্রকাশ কৰে, তেতিয়াই সামাজিক উপভাষাৰ সৃষ্টি হয়। সাধাৰণতে সমাজত বাস কৰা মানুহৰ বিভিন্ন শ্রেণী বা স্তৰ, জাতি বা বর্ণ, জীৱিকা নিৰ্বাহৰ মাধ্যম, ধৰ্ম আৰু লিংগ অনুসৰি ভাষাৰ বিভিন্নতা গঢ় লৈ উঠে আৰু ভাষাই সুকীয়া ৰূপ লাভ কবে।
একেখন সমাজৰ একেটা অঞ্চলত বাস কৰা উচ্চ শ্ৰেণীৰ লোক এজনৰ লগত নিম্ন শ্ৰেণীৰ লোক এজনৰ ভাষাৰ অমিল দেখা যায়। এই অমিলবোৰৰ ফলত শ্রেণীগতভাবে সামাজিক উপভাষাৰ সৃষ্টি হয়। সমাজৰ উচ্চ শ্ৰেণীৰ লোকসকল শিক্ষিত আৰু নিম্ন শ্ৰেণীৰ প্ৰায়ভাগ লোকেই অশিক্ষিত। সেয়ে তেওঁলোকে ব্যৱহাৰ কৰা ভাষাৰ মাজত পার্থক্য দেখা যায়। জাতি বা বৰ্ণ অনুসৰিও সমাজত ভাষাৰ বিভিন্নতা পৰিলক্ষিত হয়। কোনো এখন সমাজত যেতিয়া বর্ণ বৈষম্য অধিক হয়, তেতিয়া বিভিন্ন বৰ্ণৰ লোকৰ ভাষাৰ মাজত কিছুমান সুকীয়া ৰূপৰ সৃষ্টি হয়। এই সুকীয়া ৰূপসমূহকে জাতিগত উপভাষা বা বর্ণভাষা বুলি অভিহিত কৰা হয়। এখন সমাজত ধর্ম অনুযায়ীয়ো ভাষাৰ ৰূপ বেলেগ বেলেগ হোৱা দেখা যায়। যেনে- একে অসমীয়া হ'লেও হিন্দু আৰু মুছলমান মানুহৰ ভাষাৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়। মুছলমান মানুহৰ 'নিকাহ হয়' এজন হিন্দু মানুহে 'বিবাহ কৰায়'। ভাষাৰ এই পার্থক্য যে অকল হিন্দু বা মুছলমান মানুহৰ ক্ষেত্ৰতহে আছে এনে নহয়, কিয়নো এখন সমাজত বিভিন্ন ধৰ্মৰ লোকে বাস কৰিব পাৰে, সেয়ে একে ধৰ্মৰ মানুহৰ ভাষাৰ আন ধৰ্মাৱলম্বী মানুহৰ ভাষাৰ লগত প্ৰত্যেকৰে পাৰ্থক্য দেখিবলৈ পোৱা যায়।
৫। ব্যক্তিভাষা কি? ব্যক্তিভাষাৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ পৃথিৱীৰ প্ৰতিজন সুস্থ মানুহেই ভাষা কয়। ভাষাৰ সংকীর্ণতম ৰূপ ব্যক্তিভাষা। পৃথিৱীত অসংখ্য ভাষা কোৱা লোক আছে। প্রত্যেক গৰাকী ব্যক্তিৰ ভাষা কোৱা স্বকীয় একোটা বৈশিষ্ট্য আছে। এনে স্বকীয় বৈশিষ্ট্যযুক্ত ব্যক্তিৰ ভাষাক ব্যক্তিভাষা বোলে। ভাষাৰ সংকীৰ্ণতম ৰূপ ব্যক্তিভাষা। পৃথিবীত অসংখ্য ভাষা কোৱা লোক আছে। প্রত্যেক গৰাকী ব্যক্তিৰ ভাষা কোৱা স্বকীয় একোটা বৈশিষ্ট্য আছে। এনে স্বকীয় বৈশিষ্ট্যযুক্ত ব্যক্তিৰ ভাষাক ব্যক্তিভাষা বোলে।
হকেটৰ ভাষাত, "... the totality of Speech habits of a single person at a given time constitutes an idiolect"ব্যক্তিভাষাই হ'ল ভাষাৰ সংকীর্ণতম ৰূপ।
অনুকৰণৰদ্বাৰা ভাষা আয়ত্ত কৰা হয়, যদিও ডা ঙৰে কোৱা কথাকে অবিকল অনুকৰণ কৰি সৰুৱে ভাষা নিশিকে। আচলতে সৰুৱে ডাঙৰৰ পৰা ভাষা কোৱা প্ৰণালীটোহে শিকে। সেয়ে, সময়ত সৰুৱে, ডাঙৰে কৰা শব্দৰ ব্যৱহাৰ পৰিহাৰ কৰি নতুন নতুন শব্দ ব্যৱহাৰ কৰিবলৈ লয় ি
শিক্ষা, সংস্কৃতি, ব্যৱসায়-বাণিজ্য, আর্থিক অৱস্থা, ধর্ম প্রভৃতিৰ ওপৰত ব্যক্তিভাষাৰ স্বতন্ত্রতা নির্ভৰশীল। একেটা ভাষা সম্প্রদায়ৰে এজন শিক্ষিত আৰু এজন অশিক্ষিত লোকৰ ভাষা একে নহয়। এজন শিক্ষক আৰু এজন খেতিয়কৰ ভাষাৰ মাজতো ভেদ থাকিব। সেইদৰে এজন হিন্দু আৰু এজন মুছলমানৰ ভাষাৰ মাজতো পার্থক্য দেখা যাব।
পুৰুষ আৰু তিৰোতাৰ ভাষাৰ ভেদ সততে বিৰাজমান।
ব্যক্তিভাষাই আকৌ পৰিবেশ বা পৰিস্থিতি ভেদে ভিন্ন রূপ লয়। এজন শিক্ষিত লোকে ঘৰৱা পৰিৱেশত যেনেদৰে কথা ক'ব, ৰাজহুৱা অনুষ্ঠানত তেনেদৰে নকয়। এজন শিক্ষকে ঘৰুৱা পৰিৱেশত নিজৰ পুত্ৰ-পৰিবাৰৰ লগত কথা পাতোতে যি ভাষা ব্যৱহাৰ কৰিব, স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগত সেই ভাষা ব্যৱহাৰ নকৰে। সেয়ে ব্যক্তিভাষাৰ মাজতো ভেদ ওপজে।
ব্যক্তিভাষা বুলিলে কোনো এজন ব্যক্তিয়ে কোৱা তেওঁৰ মাতৃভাষাকেই নুবুজায়। তেওঁ ক'ব পৰা একাধিক ভাষাও তেওঁৰ ব্যক্তি ভাষাৰ অন্তর্ভুক্ত হ'ব। উদাহৰণ স্বৰূপে, এজন অসমীয়া লোক দীর্ঘকাল যদি তামিলনাডুত থাকে, তেতিয়া হ'লে তেওঁ অসমীয়াৰ লগতে তামিল ভাষাও ক'ব পৰা হ'ব। তেনেক্ষেত্রত, তামিল ভাষা কওঁতেও তাত তেওঁৰ ব্যক্তিগত ভাষাগত বিশিষ্টতা প্রকাশ পাব। এতেকে তেওঁৰ ক্ষেত্ৰত অসমীয়া আৰু তামিল দুয়োটা ভাষাই ব্যক্তিভাষাত পৰিণত হ'ব।
ব্যক্তি অনুযায়ী ভাষাৰ তাৰতম্য দেখা যায়। ভাষাৰ স্বতন্ত্রতা নিৰ্ভৰ কৰে শিক্ষা-দীক্ষা, সংস্কৃতি, ব্যৱসায়-বাণিজ্য, অর্থনৈতিক অবস্থা, ধর্মীয় দিশৰ ওপৰত। একে ভাষা সম্প্রদায়ৰ বা একেটা পৰিয়ালৰ এজন শিক্ষিত আৰু এজন অশিক্ষিত লোকৰ ভাষা এনে নহয়। অর্থাৎ এজন শিক্ষিত চাকৰিয়াল বা শিক্ষক এজনে যিধৰণে কথা-বতৰাবোৰ ক'ব সেই একে পৰিয়ালৰ এজন খেতিয়ক বা অশিক্ষিত লোকে তেনে ধৰণে কথা-বতৰা বোৰ নকয়। সেইদৰে একে পৰিয়ালৰ পুৰুষ-মহিলাৰ ভাষাও সুকীয়া সুকীয়া। পুৰুষ এজনে যি ধৰণে ভাষাত শব্দ ব্যৱহাৰ কৰিব সেই পৰিয়ালৰ মহিলা এগৰাকীয়ে তেনে ধৰণে ব্যৱহাৰ নকৰে।
এক সমাজত বসবাস কৰা হিন্দু-মুছলমান মানুহৰ ভাষাও বেলেগ বেলেগ হয়। যেনে-
হিন্দু মুছলমান
পিতা/পিতি/দেউতা বাবা/আব্বা
পৰিবেশ পৰিস্থিত অনুযায়ীও ভাষাৰ ৰূপ বেলেগ বেলেগ হয়। একেজন ব্যক্তিয়ে ঘৰুৱা পৰিবেশ বা নিজৰ ঘৰত যিধৰণে ভাষা ব্যৱহাৰ কৰিব স্কুল-কলেজত অথবা ৰাজহুৱা সভা-সমিতিত সেইধৰণে ভাষা ব্যৱহাৰ নকৰে। কথা-বতৰা কওঁতে শব্দৰ প্রয়োগ বেলেগ আৰু মার্জিত ৰূপহে পোৱা যাব।
ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতো একে কথাই দেখা দিয়ে। এগৰাকী সদাগৰ অথবা আন্তঃজাতিক ব্যৱসায় কৰা ব্যক্তিৰ ভাষাৰ লগত সাধাৰণ ব্যৱসায় কৰা ব্যক্তিৰ ভাষাৰ পার্থক্য স্বাভাবিক ৰূপেই দেখা যায়।
অর্থনৈতিকভাবে ধনী লোকৰ কথা-বতৰাৰ লগত দুখীয়া লোকৰ ভাষা বেলেগ বেলেগ হয়।
৬। ভাষা সম্প্রদায় সম্পর্কে আলোচনা কৰা।
উত্তৰ: কোনো এটা ভাষা পৰিয়ালৰ জনসমষ্টিয়ে যদি ভাষাত ব্যৱহাৰ কৰা ধ্বনি, ৰূপ, শব্দ, বাক্য একে ধৰণৰ হয় তেতিয়াহ'লে সেই ভাষা কোৱা জনসমষ্টিটোক ভাষা-সম্প্রদায় বুলি কোৱা হয়। উপেন্দ্রনাথ গোস্বামীয়ে ব্লুমফিল্ডৰ ভাষা সম্প্ৰদায়ৰ কথা এনেদৰে অনুবাদ কৰিছে- 'একে ধৰণৰ ধ্বনি, শব্দ গঠন প্রণালী আৰু শব্দমালাৰ ব্যৱহাৰ কৰা কোনো জনসমষ্টিক ভাষা-সম্প্রদায় বোলা হয়।' কোনো এখন দেশত বা ৰাজ্যত যদি কোনো ভাষা সম্প্রদায়ে বসবাস কৰাৰ বেছি বছৰ হোৱা নাই; তেতিয়াহ'লে সেই ভাষা সম্প্ৰদায়ৰ মাজত স্থানীয় উপভাষাৰ পাৰ্থক্য বেছি নহয়। আনহাতে কোনো অঞ্চলত যদি শশ বছৰ ধৰি কোনো ভাষা সম্প্রদায়ৰ লোক বসবাস কৰি থকা ঠাইৰ ভাষাৰ স্থানীয় ৰূপৰ পাৰ্থক্য বেছি হয়।
অসমত আর্যভিন্ন থলুৱা জনগোষ্ঠীটোৱে তাহানিৰ পৰাই অসমত বসবাস কৰি আহিছে। অসমত আর্যসকল বসবাস কৰাৰ আগতে আৰ্যভিন্ন ভাষাগোষ্ঠীৰ লোকসকল বসবাস কৰি আহিছে। ভাৰতত প্রচলিত ভাষা পৰিয়ালকেইটাৰ অন্তৰ্গত বিভিন্ন শাখাত বিভক্ত লোকসকলে নিজস্বতা বজাই ৰাখিবৰ কাৰণে একো একোটা ভাষা সম্প্রদায় গঠন কৰি স্বকীয় মর্যাদা জীয়াই ৰাখিছে। অর্থাৎ এইসকল একো একোটা ক্ষুদ্র সম্প্রদায়ে সামগ্রিকভাবে অসমৰ জাতিসত্ত্বা জীয়াই ৰাখিবৰ কাৰণে সাংবিধানিক স্বীকৃতিপ্রাপ্ত একে ভাষাতে পঢ়া-শুনা, লিখা-মেলা কৰি আহিছে। তৎসত্ত্বেও নিজৰ নিজৰ জাতিগত সম্প্রদায় পৰিচয়ৰ কাৰণে বা নিজৰ ভাষা, সমাজ-সংস্কৃতি, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, খোৱা-লোৱা, পিন্ধন-উৰণ, ধর্মীয়, সামাজিক, অর্থনৈতিক অক্ষুণ্ণতা বৰ্তাই ৰখাৰ কাৰণে একোটা ভাষা সম্প্রদায় গঠন কৰি লৈছে।
অসমৰ ভাষা সম্প্রদায় বুলি ক'লে তলত উল্লিখিত ভাষা কওতা আর্যভিন্ন তথা আর্য জনগোষ্ঠীয় লোকৰ কথা কোৱা হৈছে- বড়ো, গাৰো, ৰাভা, ডিমাছা, তিৱা, হাজং, দেউৰী, মিচিং, নগা, কুকিচীন, কার্বি, টাই-আহোম ফাকিয়াল, মুণ্ডাৰী, চাওতাল, মেইতেই, বাগানীয়া।
তিব্বত বর্মী শাখা এটা অন্যতম শাখা হৈছে বড়ো। বড়োসকল প্রধানকৈ বর্তমান কোকৰাঝাৰ, গোৱালপাৰা, তামুলপুৰ, গোৰেশ্বৰ, ওদালগুৰি, বাক্সা, চিৰাং আদিত বসবাস কৰি আহিছে। এই জনগোষ্ঠীয় সম্প্রদায়টোৱে নিজৰ সভ্যতা-সংস্কৃতি, ধর্মীয় ৰীতি-নীতি, মাত-কথাত নিজৰ ভাষাটোৰে পৰিচয় দি আহিছে। এই অঞ্চলসমূহত তেওঁলোকে নিজৰ নিজৰ জাতীয় জীৱনৰ সামগ্রিক পৰিচয় দিয়াৰ কাৰণে তেওঁলোকৰ মাজত একোটা ভাষা সম্প্রদায়ৰ সৃষ্টি হৈছে। একেদৰে গাৰোসকল অসমীয়া জাতিসত্ত্বাৰ লগত নিজক বিলীন কৰি দিছে যদিও নিজৰ অঞ্চলসমূহত একোটা ভাষা সম্প্ৰদায়ৰ মাজেৰে জীৱন যাপন কৰি আহিছে।
বর্তমান ৰাভাসকল কামৰূপৰ দক্ষিণ অঞ্চল আৰু গোৱালপাৰা জিলাত অসমীয়া ভাষা-ভাষী লোকৰ সৈতে সমিলমিলত বসবাস কৰিছে যদিও এই অঞ্চলসমূহত নিজৰ সভ্যতা-সংস্কৃতিৰ পৰিচয় প্রকাশ কৰাৰ কাৰণে ৰাভা ভাষা সম্প্রদায়ৰ এটা সুকীয়া অসমীয়া-সংমিশ্রিত ৰাভামিজ অসমীয়া ভাষা সম্প্ৰদায়ৰ সৃষ্টি হৈছে।
অসমত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ সভ্যতা-সংস্কৃতি, জাতিৰ জাতীয়তাব পৰিচয়ন কাৰণে অসমীয়া ভাষাৰ উপৰি নিজৰ নিজৰ ভাষাৰে নিজৰ নিজৰ অঞ্চলত পৰিচয় দি আহিছে। যাৰ ফলত তেওঁলোকৰ মাজত একো একোটা সুকীয়া সুকীয়া অসমীয়া মিশ্রিত ভাষা সম্প্রদায়ৰ সৃষ্টি হৈছে। ইয়াৰ ফলত এই ভাষা সম্প্রদায়সমূহৰ মাজত অসমীয়া ভাষাৰ অনেক শব্দ প্রৱেশ কৰিছে। আনহাতে এইটো কথাও ঠিক যে জনগোষ্ঠীয় ভাষাৰ অধিকাংশ শব্দত অসমীয়া ভাষাৰ শব্দৰ প্রবেশ ঘটিছে।
৭। আঞ্চলিক বা স্থানীয় উপভাষা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ মান্য অসমীয়াৰ বিভিন্ন উপভাষা থকাৰ দৰে উপভাষাৰো কিছুমান আঞ্চলিক রূপ থাকিব পাৰে। এই আঞ্চলিক ৰূপকে স্থানীয় উপভাষা বুলি কোৱা হয়। মান্য অসমীয়া
আৰু ইয়াৰ উপভাষাৰ সৃষ্টিত যিবোৰ উপকৰণে সহায় কৰে; উপভাষা আৰু স্থানীয় উপভাষা সৃষ্টিৰ ক্ষেত্ৰতো তেনেবোৰ উপকৰণে কাম কৰে। উপভাষাৰ ৰূপৰ মাজত পাৰস্পৰিক ভাৱ-বিনিময়ব ক্ষেত্রত মিলা-মিছা বা যোগাযোগৰ অভাৱ ঘটিলে স্থানীয় উপভাষা গঢ়ি উঠিব পাৰে। পাৰস্পৰিক মিলা-মিছাৰ অভাৱ ঘটিলে স্থানীয় উপভাষাবোৰৰ মাজত ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক, শব্দমালা, ফকৰা-যোজোনা, জঁতুৱা-ঠাঁচ, কথনভংগী, বাক্যতত্ত্ব আদিৰ ক্ষেত্ৰত পার্থক্যই দেখা দিয়ে।
কোনো এখন দেশত যদি কোনো ভাষা-সম্প্রদায়ে বসতি কৰাৰ বেছি বছৰ অতিবাহিত হোৱা নাই, তেনেহ'লে সেই ভাষা-সম্প্রদায়ৰ মাজত ভাষাৰ স্থানীয় বা আঞ্চলিক পার্থক্য বেছি নহয়। আনহাতে শ শ বছৰ ধৰি কোনো সম্প্রদায়ে বাস কৰি থকা ঠাইত ভাষাৰ
স্থানীয় পার্থক্যবোৰ বেছি হয়। ভাষাৰ উপৰূপৰ লগত মান্য অসমীয়া, উপভাষা আৰু স্থানীয় উপভাষাৰ সৈতে ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক, শব্দমালা, উচ্চাৰণ পদ্ধতি, ফকৰা-যোজোনা, জতুরা-ঠাঁচ আদিৰ ক্ষেত্ৰত অনেক প্রভেদ আছে।
কামৰূপৰ বিভিন্ন অঞ্চলত বসবাস কৰা জাতি-অনুসূচিত জাতি আৰু জনজাতিৰ শ্রেণীগত আৰু অশ্রেণীগত বিভাজনৰ মাজত এনে কিছুমান ৰূপ বা শব্দৰ ব্যৱহাৰ দেখা যায় যে সেই শব্দবোৰ মান্য বা কামৰূপী উপভাষাত পাবলৈ নাই। এই অঞ্চলৰ শ্রেণীগত আৰু অশ্রেণীগত বিভাজনৰ মাজতো শব্দৰ বিভিন্নতা দেখা যায়। একে অর্থ বুজোৱা ভিন্ন শব্দৰে ইয়াৰ স্থানীয় উপভাষা অধ্যয়নৰ প্ৰয়োজনীয়তা বোধ কৰা হৈছে। যেনে-ইয়াৰ বিভিন্ন অঞ্চলত ব্যৱহাৰ হোৱা 'খাৰা' শব্দটোৱে মান্য অসমীয়াত 'থিয়' হোৱা অৰ্ত বুজায়। 'মোল্লা' শব্দই মান্য অসমীয়াত বহুবচনৰ 'বহু' অর্থ প্রকাশ কৰে। 'এলাই' শব্দটোবে মান্য অসমীয়াত 'কি' অর্থ বুজায়। 'এলাই' শব্দ প্রয়োগৰ বাক্য এটি উল্লেখ কৰি দেখুওৱা হৈছে, 'তই এলাই নাযাইশ' অর্থাৎ 'তই কি নাযাব'?
পশ্চিম অঞ্চলৰ কিছু অংশও 'আব্বা' আৰু দক্ষিণ অঞ্চলৰ কিছু ঠাইত দেউতা শব্দৰ পৰিবৰ্তে 'আবা' শব্দৰ ব্যৱহাৰ পোৱা যায়। তিব্বতবর্মীয় শাখা পৰিয়ালৰ উত্তৰ-পূব সীমান্তশাখাৰ আপাটানি ভাষাত 'আবা' শব্দই দেউতা বুজায়। পশ্চিম, আৰু দক্ষিণ অঞ্চলব কিছু অংশত উক্ত শব্দৰ ব্যৱহাৰ কেনেকৈ আহিল তাৰ সঠিক তথ্য সংগ্ৰহ কৰিব পৰা নগ'ল। কিয়নো বর্তমান এই এলেকাবোৰত আপাটানি সম্পদায়ৰ কোনো লোক নাই। সম্ভৱতঃ তাহানিত তিব্বতবর্মীৰ উত্তৰ-পূৱসীমান্ত শাখাৰ লোকসকল এই অঞ্চলবোৰত বাস কৰিছিল। ১৮৯৭ চনৰ ভূঁইকপৰ ফলত তেওঁলোকে এই ঠাইসমূহ এৰিলে বুলি মুক্তি প্ৰদৰ্শন কৰিবৰ থল আছে। দেউতা বুজোৱা 'আবা' শব্দটোৰ উচ্চাৰণগত সুৰ এই এলেকাবোৰত আপাটানি সুৰতকৈ উচ্চ।