উপন্য়াস

চমু উত্তৰ লিখাঃ 

(১) প্ৰেমচান্দৰ পিতৃদত্ত নাম কি আছিল?

উত্তৰঃ ধনপত ৰায় শ্ৰী বাস্তৱ।

(২) প্ৰেমচান্দৰ সৰ্বশ্ৰেষ্ঠ উপন্য়াস কোনখন?

উত্তৰঃ গোদান

(৩) নিৰ্মলা উপন্য়াসখন কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰঃ ১৯২৮ চনত।

(৪) তোতাৰামে নিৰ্মলাৰ লগত অবৈধ প্ৰেমৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰিছিল -

(ক) ভূৱনমোহনৰ লগত            (খ) জিয়াৰামৰ লগত

(গ) মনসাৰামৰ লগত।                (ঘ) সিয়াৰামৰ লগত

উত্তৰঃ মনসাৰামৰ লগত।

(৫) নিৰ্মলাৰ পিতৃৰ নাম আছিল-

(ক) উদয়ভানু                (খ) চন্দ্ৰভানু

(গ) ভালচন্দ্ৰ                    (ঘ) তোতাৰাম

উত্তৰঃ উদয়ভানু

                                            উত্তৰ কৰাঃ

(১) কি পৰিস্থিতিত নিৰ্মলা তোতাৰামৰ পত্নী হবলগীয়া হৈছিল?

উত্তৰঃ নিৰ্মলাৰ পিতৃ উদভানুৰ মৃত্য়ুৰ পিছত নিৰ্মলাৰ পূৰ্বতে খাটাং হৈ থকা বিবাহৰ সম্পৰ্ক বাতিল হৈছিল। মাক কল্য়ানীয়ে আন ঠাইত নিৰ্মলাৰ উপযুক্ত পাত্ৰৰ সন্ধান কৰিছিল যদিও সকলোতে যৌতুক ব্য়ৱস্থাই প্ৰধান সমস্য়াৰূপে থিয় দিছিল যাৰ বাবে কল্য়ানীয়ে উপায়হীন হৈ আদহীয়া উকীল তোতাৰামৰলগত তোতাৰামকে নিৰ্মলাৰ উপযুক্ত পাত্ৰ হিচাপে নিৰ্বাচন কৰিবলগীয়া হৈছিল।সেয়েহে বাধ্য়ত পৰি নিৰ্মলা তোতাৰামৰ পত্নী হৈ পৰিছিল।

(২) তোতাৰামে মনসাৰামক বৰ্ডিং স্কুলত যোৱাৰ সিদ্ধান্ত লোৱাৰ কাৰণ কি আছিল?

উত্তৰঃ তোতাৰামৰ দ্বিতীয় নিৰ্মলাৰ লগততোতাৰামৰ বয়সৰ পাৰ্থক্য় যথেষ্ট আছিল। মনসাৰাম আছিল তোতাৰামৰ প্ৰথমা পত্নীৰ সন্তান। মনসাৰাম আছিল চফল ডেকা। তোতাৰামৰ অপৰাহ্ন যৌৱনে নিৰ্মলাৰ মন আকৰ্ষণ কৰিব পৰা নাছিল। গাভৰু পত্নীৰ ওচৰ চাপিবলৈ তেওঁ যিমান চেষ্টা কৰিছিল সিমানে তেওঁলোকৰ মাজত মানসিক দূৰত্ব বৃদ্ধি পাইছিল। যাৰ বাবে মনসাৰাম আৰু নিৰ্মলাৰ মাতৃ-পুত্ৰৰ পবিত্ৰ সম্পৰ্কক তোতাৰামে সন্দেহৰ দৃষ্টিৰে চাবলৈ লৈছিল। সেয়েহে তোতাৰামে নিৰ্মলাৰ চকুৰ আঁতৰত ৰাখিবলৈ মনসাৰামক বৰ্ডিং স্কুলত থোৱাৰ সিদ্ধান্ত লৈছিল।

(৩) কিহৰ বাবে জিয়াৰামে আত্ম হত্য়া কৰিবলগীয়া হৈছিল?

উত্তৰঃ জিয়াৰামে এদিনাখন মাহীমাক নিৰ্মলাৰ ৰূপৰ আ-অলংকাৰৰ বাকচ এটা চুৰ কৰিলে। মাক নিৰ্মলাই সকলো দেখি শুনিও মনে মনে ৰল যদিও তোতাৰামে পুলিচক খবৰ দিয়াত জিয়াৰামৰ কু-কায্য়ৰ কথা ৰাজহুৱা কৰিলে যদিও জিয়াৰামে কিন্তপ ভীষণ লাজ পালে। অনুশোচনাত দ্বগ্ধ হৈ জিয়াৰামে আত্মহত্য়া পথ বাছি ললে।

                                                    দীঘলীয়া প্ৰশ্নঃ

(১) প্ৰেমচান্দৰ নিৰ্মলা উপন্য়াসত সমাজ জীৱনৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে আলোচনা কৰা।

উত্তৰঃ বিংশ শতিকাৰ প্ৰথমাৰ্দ্ধত ভাৰতীয় উপন্য়াস সাহিত্য়ৰ এগৰাকী অপ্ৰতিদ্বন্দী স্ৰষ্টা প্ৰেমচান্দ। প্ৰেমচান্দই ১৯২২-২৩ চনত নিৰ্মলা উপন্য়াসখন ৰচনা কৰে। সেই সময়ছোৱাত সমগ্ৰ ভাৰত জুৰি গান্ধীজীৰ নেতৃত্বত স্বাধীনতা আন্দোলনৰ সূত্ৰপাত হৈছিল যদিও নিৰ্মলা উপন্য়াসত কোনো ৰজনৈতিক সমস্য়াৰ পৰিৱৰ্তে এটি সামাজিক সমস্য়াকহে প্ৰাধান্য় দিয়া দেখা যায়। যৌতুক প্ৰথা, অমিল বিবাহ ইত্য়াদি সমস্য়াক প্ৰাধান্য় দি উপন্য়াসখন ৰচনা কৰা হৈছে আৰু ইয়াৰ লগতে সমকালীন অন্য়ান্য় সামাজিক কু-প্ৰথা সমূহৰ প্ৰতিও দৃষ্টি নিক্ষেপ কৰা হৈছে।

    নিৰ্মলা উপন্য়াসখনৰ কথাবস্তুৰ বৰ জটিলতা নাই। ভাৰতীয় সমাজক গ্ৰাস কৰা যৌতুক প্ৰথা, আন মিল বিবাহ, নাৰীৰ স্বাধিকাৰ আদিয়ে সৃষ্টি কৰা সামৰণিৰ আধাৰত উপন্য়াসৰ কথাবস্তু নিৰ্মিত। কিন্তু লেখকে কাহিনীক এনেদৰে বিস্তাৰ কৰিছে সি অকল সমস্য়াক প্ৰতিফলিত কৰাই নহয়, এই সমস্য়াবোৰে জন্ম দিয়া বিভিন্ন পাৰ্শ প্ৰতিক্ৰিয়া সম্পৰ্কেও পাঠকক সজাগ কৰি দিছে। প্ৰেমচান্দৰ নিৰ্মলা উপন্য়াসত সমকালীন সামাজিক জীৱনৰ যথাৰ্থ চিত্ৰ প্ৰতিফলিত হৈছে।

    প্ৰেমচান্দৰ যুগৰ সমাজখন আছিল এলান্ধুকলীয়া সংস্কাৰেৰে ভৰা। যুগৰ পৰিৱৰ্তনেও এচাম মানুহৰ মনৰ পৰিৱৰ্তন কৰিব পৰা নাছিল। যৌতুক প্ৰথাৰ দৰে আৰু এটি পুৰণি প্ৰথা সমাজত চলি আছিল সেয়া হল কম বয়সতে ছোৱালীক বিয়া দিয়া। সমাজত বিয়াৰ ক্ষেত্ৰত ছোৱালীৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত গুৰুত্ব দিয়া নিয়ম নাই। বহুসময়ত ছোৱালীৰ বিয়াৰ বাবে উপযুক্ত বয়স হৈছে নে নাই তাৰ প্ৰতিও গুৰুত্ব দিয়া নহয়, বৰং কম বয়সত ছোৱালী বিয়া দিয়াটো গৌৰৱৰ কথা বুলিহে ভবা হৈছিল। যাৰ ফলত কম বয়সীয়া ছোৱালী এজনী উপযুক্ত বয়সতকৈ বহু আগতেই সংসাৰৰ দায়ুত্ব মূৰ পাতি লবলগীয়া হৈছিল আৰু মনে গ্ৰহণ কৰিব নোখোজা পুৰুষ এজনক নিজক সপি দিবলৈ বাধ্য় কৰোৱা  হৈছিল।

    উপন্য়াসখনত লেখকে তদানীন্তন সমাজৰ বহুবোৰ দিশ প্ৰতিফলিত কৰিছে। সমাজৰ আগবঢ়া শ্ৰেণীটোৰ ফোঁপোলা স্বৰূপ ঔপন্য়াসিকে খুব সুন্দৰভাবে দেখুৱাইছে। অৰ্থসৰ্বস্ব মানসিকতা, ভণ্ডামি আৰু প্ৰতাৰণাৰ লগতে আত্ম প্ৰতিষ্ঠাৰ অঘোশিত প্ৰতিযোগিতাই মধ্য়বিত্ত শ্ৰেণীটোৰ স্বাৰ্থপৰতা আৰু সামাজিক দায়বদ্ধহীনতাৰ স্বৰূপ উদঙাইদেখুৱাইছে। বাবু ভালচন্দ্ৰ আছিল নতুন সমাজৰ প্ৰতিনিধি এজন আবকাৰী বিষয়া। অত্য়ন্ত কৃপন ভালচন্দ্ৰই আভিজাত্য় আৰু বিলাসী জীৱন যাপন বুজাবলৈ মানুহৰ আগত কেইবাটাও আলধৰা মানুহৰ উচ্চাৰণ কৰে। এনেদৰেই তেওঁ সমাজত অন্ধ প্ৰতিষ্ঠা বৰ্তাই ৰাখিবলৈ পত্নীৰ আগতো তেওঁ সচা কথা কব নোৱাৰে। মধ্য়বিত্ত সমাজৰ ফোঁপোলা মনেসৃষ্টিতা নবীনতম প্ৰতিনিভি ভূৱনমোহন।

    প্ৰেমচান্দই নিৰ্মলা উপন্য়াসত সমসাময়িক সমাজখনক নিৰ্মোহভাৱে বিশ্লেষণ কৰি এক নতুন চেতনাৰ দীপ্তীৰে উজ্জ্বল কৰি তুলিছে। নিৰ্মলাত প্ৰতিফলিত সমাজ আৰু সমস্য়া ভাৰতবৰ্ষৰ সকলো ঠাইৰে গুৰুত্বপূৰ্ণ সমস্য়া। সেইবাবে ভাৰতীয় উপন্য়াস সাহিত্য়ৰ আলোচনাত এই উপন্য়াসখন সেইবাবেই অতি গুৰুত্বপূৰ্ণ।

(২) প্ৰেমচান্দৰ নিৰ্মলা উপন্য়াসত নিৰ্মলা আৰু তোতাৰামৰ চৰিত্ৰ দুটাৰ বিশ্লেষণ কৰা।

উত্তৰঃ হিন্দী সাহিত্য়ৰ এগৰাকী বিশিষ্ট সাহিত্য়িক প্ৰেমচান্দৰ মধ্য়বিত্ত সমাজৰ নাৰী সমস্য়াৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা নিৰ্মলা এখন উল্লেখযোগ্য় মুঠ চাৰিটা দম্পতিৰ কাহিনীৰে উপন্য়াসখনৰ কথাবস্তু নিৰ্মিত হৈছে যদিও মূল দম্পত্তিহাল হল তোতাৰাম আৰু নিৰ্মলা। নিৰ্মলা উপন্য়াসৰ মূল চৰিত্ৰ হল নিৰ্মলা। লেখকে উপন্য়াসখনৰ নামাকৰণ কৰিছে নিৰ্মলাৰ নামেৰে। মূলতঃ নিৰ্মলাক কেন্দ্ৰ কৰিয়েই উপন্য়াসখনৰ কাহিনীভাগ বিকাশ লাভ কৰিছে আৰু পৰিসমাপ্তিৰ পথত আগবাঢ়িছে।ঔপন্য়াসিকে নিৰ্মলাক লাজকুৰীয়া কিশোৰী, কৰ্তব্য়নিষ্ঠ পত্নী, ভাবুক আৰুসংবেদনশীল নাৰী, সহনশীলা, ত্য়াগ আৰু মমতাৰ প্ৰতিসূতি হিচাপে অংকন কৰিছে।

    মুন্সী তোতাৰামৰ দ্বিতীয় পত্নী আছিল নিৰ্মলা। তেওঁৰ প্ৰথমা পত্নীৰ তিনিটাকৈ সন্তানৰভিতৰত বৰপুত্ৰ মনসাৰাম ষোল্ল বছৰীয়া আছিল। পত্নীৰ মৃত্য়ুৰ পিছত সন্তানৰ চোৱা-চিতা কৰাৰ লগতে ঘৰুৱা সকলো দায়িত্ব তোতাৰামৰ বিধৱা বায়েক ৰুক্মিণীয়ে নিষ্ঠাৰে পালন কৰাৰ পিছতো তেওঁ দ্বিতীয় বিবাহৰ বাবে মন মেলিছিল। গতিকে তেওঁৰ দ্বিতীয় বিবাহৰ এটা মূল কাৰণ শাৰীৰিক প্ৰয়োজনীয়তা বুলি কলেও হয়তো ভুল কোৱা নহব। তেওঁৰ কন্য়াসম বয়সৰ ছোৱালী এজনীক পত্নীৰ মৰ্য্য়দা দিবলেও তেওঁ কুণ্ঠবোধ কৰা নাছিল। তেওঁৰ পত্নী নিৰ্মলা অপৰূপ সৌন্দৰ্যৰ অধিকাৰিণী, কিন্তু তাৰ আদৰ কৰিব পৰাকৈ তোতাৰাম সমৰ্থ নহয়। নিৰ্মলাৰ সংকোচক তোতাৰামে সাধাৰণ স্ত্ৰীসূলভ লজ্জ্বা বুলিহে ভাবি ললে। পত্নীৰ মন জয় কৰিবৰ বাবে বিভিন্ন ধৰণে চেষ্টা চলাইয়ো তোতাৰাম ব্য়ৰ্থ হৈছে। তোতাৰামক এজন দায়িত্বশীল মৰমিয়াল পিতৃ হিচাপেও অংকন কৰিছে। সন্তানৰ প্ৰতি পিতৃৰ যি দায়িত্ব সেয়া তেওঁ নিষ্ঠাৰে পালন কৰিছে। মাকৰ মৃত্য়ু পিছত লৰা কেইটাক চোৱা-চিতা কৰিবৰ বাবে বিধৱা বায়েক ৰুক্মিণীক আশ্ৰয় দিছে। দ্বিতীয় বিবাহৰ পূৰ্বতে তোতাৰামে লৰাকেইটাক অত্য়াধিক মৰম কৰিছিল। নিৰ্মলাৰ বিয়াৰ পিছত ঔপন্য়াসিকে তোতাৰামৰ যি চৰিত্ৰ প্ৰস্তুত কৰিছে, সেয়া মানৱীয় গুণৰহিত। সিয়াৰামে গৃহ ত্য়াগ কৰাৰ আগলৈকে তেওঁৰ চৰিত্ৰত স্বাৰ্থপৰ ভাবনাৰ পৰিৱৰ্তে কোনো স্নিগ্ধ স্ফুৰণ দেখা নাযায়।

    এনেদৰে ঔপন্য়াসিকে তোতাৰাম আৰু নিৰ্মলা চৰিত্ৰত কেতবোৰ মানৱীয় দোষ-গুণ আৰোপ কৰিছে। মাননীয় অনুভূতিৰে সিক্ত দুয়োটা চৰিত্ৰই পাঠকৰ সহানুভূতি লাভ কৰিবলৈ সক্ষম হয়। 

(৩) প্ৰেমচান্দৰ নিৰ্মলা উপন্য়াসৰ নিৰ্মলা আৰু বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱন বাটত উপন্য়াসৰ তগৰ চৰিত্ৰৰ এটি তুলনামূলক আলোচনা আগবঢ়োৱা।

উত্তৰঃ প্ৰেমচন্দ আৰু বিৰিঞ্চি কুমাৰ বৰুৱা দুগৰাকী বিশিষ্ট ভাৰতীয় সাহিত্য়িক। প্ৰেমচান্দ হিন্দী সাহিত্য়ৰ কালজয়ী ঔপন্য়াসিক। ভাৰতবৰ্ষৰ পাঠক সমাজক বিশেষভাৱে আলোড়িত কৰিবলৈ দুয়োগৰাকী ঔপন্য়াসিকে সক্ষম হৈছিল। মুন্সী প্ৰেমচান্দই মধ্য়বিত্ত সমাজৰ নাৰী সমস্য়াৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা  নিৰ্মলা এখন উল্লেখযোগ্য় ঔপন্য়াস। ভাৰতীয় সমাজ ব্য়ৱস্থাক গ্ৰাস কৰা যৌতুক প্ৰথা, আন-মিল বিবাহ, নাৰীৰ স্বাধিকাৰ আদি সমস্য়া লগতে সোইবোৰে জন্ম দিয়া বিভিন্ন পাৰ্শ্ব প্ৰতিক্ৰিয়াবোৰৰ সম্পৰ্কেও পাঠকক সজাগ কৰি দিছে।

    প্ৰেমচান্দ নিৰ্মলা উপন্য়াসৰ মূল চৰিত্ৰ নিৰ্মলা।নিৰ্মলাক কেন্দ্ৰ কৰিয়েই উপন্য়াসৰ কাহিনীভাগৰ আৰম্ভণি ঘটিছে আৰু কাহিনীয়ে বিকাশ লাভ কৰি পৰিণতিৰ পিছত আগবাঢ়িছে। স্বচ্ছ, নিৰ্মল জলধাৰাৰ দৰেই নিৰ্মলা চৰিত্ৰ। প্ৰেমচান্দৰ নিৰ্মলা আৰু বিৰিঞ্চ কুমাৰ বৰুৱাৰ তগৰ দুয়োটা চৰিত্ৰই জীৱনতকেৱল অভাৱনীয় পৰিস্থিতিসমূহ দুখ, কষ্ট, কোৱল সহ্য় কৰি গৈছে আৰু ত্য়াগ কৰি গৈছে। দোষ কৰিছে আনে কিন্তু তাৰ শাস্তি ভোগ কৰিছে নিৰ্মলা আৰু তগৰে। কাইটীয়া জীৱন বাটৰ দুখ যন্ত্ৰণাসমূহ কেতিয়াবাহাঁহিমুখে গ্ৰহণ কৰিছে আৰু কেতিয়াবা নীৰৱে চকুলো টুকিছে, কিন্তু বিৰুদ্ধে মাত মতাৰ বা প্ৰতিবাদ কৰাৰ সাহস নিৰ্মলা নাইবা তগৰ কোনোটো চৰিত্ৰতে দেখিবলৈ পোৱা নাযায়।

    প্ৰেমচান্দ আৰু বিৰিঞ্চি কুমাৰ বৰুৱা দুয়োগৰাকী ঔপন্য়াসিকে পৰম্পৰাগত সমাজৰ নিদাৰুণ নিস্পেষণক প্ৰতিফলিত কৰিবলৈ নিৰ্মলা আৰুতগৰ চৰিত্ৰ দুটি নিৰ্বাচন কৰিছে। জীৱনৰ বাটত উপন্য়াসৰ দৰে নিৰ্মলাও অনুভূতিশীল, চৰিত্ৰৱতী আৰু দায়িত্বশীল ছোৱালী। 

(৪) প্ৰেমচান্দৰ নিৰ্মলা আৰু সমধৰ্মী অসমীয়া উপন্য়াস এখনৰ কথাবস্তুৰ সামঞ্জস্য় সম্পৰ্কে এটি তুলনামূলক আলোচনা আগবঢ়োৱা।

উত্তৰঃ ভাৰতীয় সাহিত্য়ৰ এগৰাকী সৰ্বমান্য় কথা সাহিত্য়িক প্ৰেমচান্দৰ নিৰ্মল এখন কালজয়ী উপন্য়াস।উপন্য়াসখনত প্ৰাক স্বাধীনতা যুগৰ ভাৰতীয় সমাজ জীৱন অনুপম চিত্ৰ প্ৰতিফলিত হৈছে। উপন্য়াসখনত সমাজ জীৱনলৈ নতুনকৈ অহা আধুনিকতা আৰু এটা সময়তে আমাৰ সমাজত পৰম্পৰাগত ৰক্ষণশীলতাক অতি প্ৰাঞ্জল ৰূপত দাঙি ধৰিছে। প্ৰচলিত কু-প্ৰথা আৰু বিভিন্ন সংস্কাৰে নাৰী জীৱন কেনেদৰে দুৰ্বিসহ কৰি তোলে তাৰ সাৰ্থক চিত্ৰ নিৰ্মলা উপন্য়াসক প্ৰতিফলিত হৈছে।

    দুয়োখন উপন্য়াসৰ নামকৰণলৈ লক্ষ্য় কৰিলে দেখা যায় যে প্ৰেমচান্দই উপন্য়াসখনৰ মুখ্য় চৰিত্ৰ নিৰ্মলাৰ নামেৰে নামকৰণ কৰিছে। জীৱনৰ বাটত উপন্য়াসৰ নামকৰণ তগৰৰ নামেৰে নকৰিলেও তগৰ উপন্য়াসখনৰ মূল চালিকাশক্তি। তগৰৰ জীৱনৰ কণ্টকময় পথৰ নামেই যেন জীৱনৰ বাটত। নিৰ্মলা আৰু তগৰ দুয়োগৰাকীয়ে পৰম্পৰাগত সমাজৰ প্ৰতিনিধি। আদৰ্শ ভাৰতীয় নাৰীৰ আচৰণ আৰু মমতা আদি গুণৰ অধিকাৰী নিৰ্মলা আৰু তগৰ প্ৰাপ্য় অধিকাৰৰ পৰা বঞ্চিত অথচ মুখ ফুটাই প্ৰতিবাদ কৰাৰ সাহস দুয়োগৰাকীয়ে নাই। দুয়োগৰাকী নাৰীৰে জীৱনৰ পথ মসৃন নহয়। ইটোৰ পিছত সিটো সংঘাতে উভয়ৰে জীৱন বিষ্ময় কৰি তুলিছে। 

    দুটা ভিন্ন পটভূমিত, ভিন্ন সংস্কৃতিক পৰম্পৰাৰ মাজত প্ৰচলিত জীৱন যাত্ৰাৰ নিখুঁত বৰ্ণনাৰে উপন্য়াস দুখন জীৱন্ত ৰূপত উদ্ভাসি উঠিছে।সমসাময়িক সমাজৰ ভালেমান বিষয় দুয়োখন উপন্য়াসতে ঠাই পাইছে। আধুনিক সভ্য়তাই আনি দিয়া মধ্য়ৱিত্ৰ শ্ৰেণীটোৰ ফোপোলা স্বৰূপ, অৰ্থসৰ্বস্ব মানসিকতা, ভেম, ভণ্ডামি, সামাজিক দায়বদ্ধহীনতা, গ্ৰাম্য় জীৱনৰ সৰলতা, কপটতা, মৃত্য়ুচেতনা আদি অনেক দিশৰ চিত্ৰ প্ৰতিফলনত দুয়োখন উপন্য়াসৰে সাদৃশ্য় আছে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Answer Type - Boby Bora