স্থান আৰু সমাজ - মানৱ প্ৰজাতী ধৰ্ম আৰু ভাষা

১. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

1. ‘মোৰাং হাউছ’ তলৰ কোনটো জনগোষ্ঠীৰ লগত জড়িত ?

i) নগা

ii) আপাটানি

iii) ৰাভা

iv) মিকিৰ

উত্তৰ : i) নগা ।

2. পিগমীসকল ক'ত বাস কৰে......

i) চাহাৰা মৰুভূমি

ii) নীল নদীৰ উপত্যকাত

iii) কালাহাৰি মৰুভূমিত

iv) কংগো অৱবাহিকাত

উত্তৰ : iv) কংগো অৱবাহিকাত।

3. আৰব মৰুভূমিৰ অঘৰী লোকসকল হ'ল -

i) পিগমি

ii) এস্কিম'

iii) বেদুইন

iv) ৰেডইণ্ডিয়ান

উত্তৰ : iii) বেদুইন ।

4. তলৰ কোনটো অঞ্চলত অঘৰী লোকৰ বাসভূমি নহয় ?

i) নীল নদীৰ উপত্যকা

ii) তুন্দ্রা অঞ্চল

iii) কালাহাৰি মৰুভূমি

iv) চাইবেৰীয়া অঞ্চল

উত্তৰ i) নীল নদীৰ উপত্যকা।

5. পৃথিৱীত মুঠ জনসংখ্যা  কিমান শতাংশ হিন্দু ধৰ্মাৱলম্বী ?

(i) 35 শতাংশ

(ii) 76 শতাংশ

(iii) 22 শতাংশ

(iv) 12 শতাংশ

উত্তৰঃ 12 শতাংশ।

6. 'Mandarin' কোন দেশৰ মুখ্য ভাষা ?

(i) ভাৰতৰ

(ii) ইউৰোপৰ

(iii) চীনদেশৰ

(iv) কানাডাৰ

উত্তৰঃ চীনদেশৰ

৭. 'পোপ' কোন ধৰ্মৰ প্ৰচাৰৰ লগত জড়িত?

(i) মুছলমান

(ii) বৌদ্ধ 

(iii) খ্ৰীষ্টিয়ান

(iv) হিন্দু

উত্তৰঃ খ্ৰীষ্টিয়ান।

৮. ককেছীয়সকলৰ দেহৰ বৰণ মূলত:

(i) পীতবৰণৰ

(ii) ক'লা

(iii) মুগা - ক'লা

(iv) ইষৎ ৰঙা।

উত্তৰঃ ইষৎ ৰঙা।

৯. তলৰ কোনটো জনগোষ্ঠী মংগোলীয় জাতিৰ অন্তৰ্গত?

(i) বুছমেন

(ii) এস্কিম'

(iii) ৰেডইণ্ডিয়ান

(iv)  পিগমি

উত্তৰঃ এস্কিম'।

10. ভাৰতবৰ্ষৰ সংবিধান প্রদত্ত মুখ্য ভাষাৰ সংখ্যা হ'ল

i) 28 টা

ii) 25 টা

iii) 22 টা

iv) 95 টা

উত্তৰ ঃ 22 টা

১১. তলৰ কোনখন মহাদেশত মুছলমান ধৰ্মাৱলম্বী লোকৰ সংখ্যা সর্বাধিক ?

i) আফ্রিকা

ii) এছিয়া

iii) ইউৰোপ

iv) দক্ষিণ আমেৰিকা

উত্তৰ : এছিয়া ।

১২. “মক্কা” কোন ধৰ্মৰ লোকৰ বাবে পৃথিৱীবিখ্যাত ?

i) বৌদ্ধ

ii) হিন্দু

iii) খ্ৰীষ্টিয়ান

iv) মুছলমান

উত্তৰ : মুছলমান ।

 ১৩. নিগ্ৰো জাতিৰ মুখ্য বাসস্থান হ'ল-

i) অষ্ট্ৰেলিয়া

ii) আফ্রিকা

iii) উত্তৰ আমেৰিকা

iv) লেটিন আমেৰিকা

উত্তৰ আফ্রিকা।

১৫. তলৰ কোনখন দেশত আৰবী ভাষাৰ প্ৰচল নাই ?

i) ওমান

ii) চুদান 

iii) নেপাল 

iv) মৰোক্কা 

উত্তৰ : নেপাল।

১৫. বুছমেনসকলৰ বাসভূমি হ'ল-

i) তুন্দ্রা অঞ্চল।

ii) ষ্টেপ অঞ্চল

iii) কালাহাৰি মৰুভূমি 

iv) গোবি মৰুভূমি

উত্তৰ ঃ কালাহাৰি মৰুভূমি ।


২. অতি চমু উত্তৰ দিয়াঃ

১. মানৱ প্ৰজাতিক শ্রেণীবিভাজন কৰা দুটা উল্লেখযোগ্য বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : মানৱ প্ৰজাতিক শ্ৰেণবিভাজন কৰা দুটা বৈশিষ্ট্য হ'ল- দেহৰ বৰণ আৰু চুলিৰ প্ৰকাৰ।

২. পৃথিৱীৰ দুটা মুখ্য মানৱ প্ৰজাতিৰ নাম লিখা ?

উত্তৰ : পৃথিৱীৰ দুটা মুখ্য মানৱ প্ৰজাতি হ'ল – মংগোলীয় প্রজাতি আৰু ককেছীয় প্রজাতি ।

৩. পৃথিৱীত সৰ্বাধিক প্ৰচলিত ভাষা দুটা কি কি ?

উত্তৰঃ পৃথিৱীত সৰ্বাধিক প্ৰচলিত ভাষা দুটা হ'ল- চীনা ভাষা আৰু ইংৰাজী ভাষা।

৪. নৃগোষ্ঠীয় ধৰ্ম দুটাৰ নাম লিখা।

উত্তৰঃ নৃগোষ্ঠীয় ধৰ্ম দুটাৰ নাম হ'ল- হিন্দু ধৰ্ম আৰু চীনদেশীয় ধৰ্ম।

৫. জনসংখ্যাৰ হিচাপত পৃথিৱীৰ প্ৰথম আৰু দ্বিতীয় স্থানত থকা ধৰ্ম দুটা নাম কি কি ?

উত্তৰঃ জনসংখ্যাৰ হিচাপত পৃথিৱীৰ প্ৰথম আৰু দ্বিতীয় স্থানত  থকা ধৰ্ম দুটা নাম হ'ল- প্ৰথম স্থানত খ্ৰীষ্টান ধৰ্ম আৰু  দ্বিতীয় স্থানত ইছলাম ধৰ্ম।

৬. লেটিন গোত্ৰীয় দুটা ভাষাৰ নাম লিখা?

উত্তৰঃ লেটিন গোত্ৰীয় দুটা ভাষাৰ নাম হ'ল- ৰোমান ভাষা আৰু ফৰাচী ভাষা। 

৭. অম্বেষণ জীৱিকা দুই বিধৰ নাম লিখা?

উত্তৰঃ অম্ৱেষণ জীৱিকা দুই বিধৰ নাম হ'ল- চিকাৰ আৰু মাছধৰা।

৮. উত্তৰ-পৃৱ ভাৰতৰ দুটা মাতৃসূত্ৰী সমাজৰ নাম লিখা ?

উত্তৰঃ উত্তৰ-পূৱ ভাৰতৰ দুটা মাতৃসূত্ৰী সমাজৰ নাম হ'ল- খাচি সমাজ আৰু গাৰো সমাজ।

৯. খ্ৰীষ্টান ধৰ্ম আৰু ইছলাম ধৰ্মৰ মুখ্য কেন্দ্ৰ  দুটা কি কি ?

উত্তৰঃ খ্ৰীষ্টান ধৰ্মৰ মুখ্যকেন্দ্ৰ জেৰুজালেম।

            ইছলাম ধৰ্মৰ মুখ্য কেন্দ্ৰ মক্কা।

১০.  আন্দামানিক নামৰ জনজাতীয় লোক গোষ্ঠীটোৰ বাসস্থান কি কি?

উত্তৰঃ আন্দামানিক নামৰ জনজাতীয় লোক গোষ্ঠীটোৰ বাসস্থান হ'ল- আন্দামান দ্বীপপুঞ্জ আৰু নিকোবৰৰ দীপপুঞ্জ।

১১. মধ্য এছিয়াৰ তৃণভূমি অঞ্চলত বাস কৰা দুটা পশুপালনজীৱী সম্প্ৰদায়ৰ নাম লিখা ?

উত্তৰঃ  মধ্য এছিয়াৰ তৃণভূমি অঞ্চলত বাস কৰা দুটা পশুপালনজীৱী সম্প্ৰদায়ৰ নাম হ'ল- কাজাকসকল আৰু খিৰঘিজসকল।

১২. অসমৰ দুটা মুখ্য জনজাতিৰ নাম লিখা ?

উত্তৰঃ অসমৰ দুটা মুখ্য জনজাতিৰ নাম হ'ল- বড়োসকল আৰু ৰাভাসকল। 

১৩. পৃথিৱীত সৰ্বাধিক প্ৰচলিত ভাষা দুটাৰ নাম লিখা।

উত্তৰঃ পৃথিৱীত সৰ্বাধিক প্ৰচলিত ভাষা দুটাৰ নাম হ'ল- চীনা ভাষা আৰু ইংৰাজী ভাষা।

১৪. জনসংখ্যাৰ হিচাপত পৃথিৱীৰ প্ৰথম আৰু দ্বিতীয় স্থানত থকা ধৰ্ম দুটা কি কি ?

উত্তৰঃ জনসংখ্যাৰ হিচাপত প্ৰথম স্থানত থকা ধৰ্মটো হ'ল খ্ৰীষ্টান ধৰ্ম । জনসংখ্যাৰ হিচাপত দ্বিতীয় স্থানত থকা ধৰ্মটো হ'ল ইছলাম ধৰ্ম।

১৫. এছিয়া আৰু ইউৰোপ মহাদেশৰ লোকসকল মূলত কি কি মানৱ প্ৰজাতিৰ অন্তৰ্গত ?

উত্তৰঃ এছিয়া লোকসকল সাধাৰণতে মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত আৰু ইউৰোপীয় লোকসকল সাধাৰণতে ককেছীয় গোষ্ঠীৰ অন্তৰ্গত।

১৬. 'গিৰ্জা' আৰু 'মছজিদ' কোন ধৰ্মৰ প্ৰাৰ্থনা গৃহ ?

উত্তৰঃ গিৰ্জা ধৰ্মৰ প্ৰাৰ্থনা গৃহ হ'ল খ্ৰীষ্টানসকল আৰু  মছজিদ ধৰ্মৰ  প্ৰাৰ্থনা গৃহ হ'ল ইছলামসকল।

১৭. ভাৰতবৰ্ষ আৰু পাকিস্থানৰ মুখ্য় ভাষা দুটাৰ নাম লিখা।

উত্তৰঃ  ভাৰতবৰ্ষ  মুখ্য় ভাষাটো নাম হ'ল হিন্দী আৰু পাকিস্থানৰ মুখ্য ভাষাটো নাম হ'ল উৰ্দু।

১৮. জাপান আৰু ভাৰতবৰ্ষৰ লোকসকল কি কি মানৱ প্ৰজাতিৰ অন্তৰ্গত?

উত্তৰঃ জাপানৰ লোকসকল মংগোলীয় গোষ্ঠীৰ আৰু ভাৰতবৰ্ষৰ লোকসকল ককেছীয় গোষ্ঠীৰ অন্তৰ্গত।

১৯. ভাৰতবৰ্ষৰ নিকটবৰ্তী হিন্দু ধৰ্মৰ আৰু এখন বৌদ্ধ ধৰ্মৰ ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ নিকটবৰ্তী হিন্দু ধৰ্মৰ ৰাষ্ট্ৰখনৰ নাম হ'ল নেপাল আৰু বৌদ্ধ ধৰ্মৰ ৰাষ্ট্ৰখনৰ নাম হ'ল শ্ৰীলংকা।

২০. আফ্ৰিকাৰ দুটা অঘৰী জাতিৰ নাম লিখা ?

উত্তৰঃ আফ্ৰিকাৰ দুটা অঘৰী জাতিৰ নাম হ'ল- পিগমিসকল আৰু বুছমেনসকল।

3. চমুকৈ উত্তৰ দিয়া ঃ

১. আদিম সমাজৰ বৈশিষ্ট্যসমূহ লিখা ?

উত্তৰঃ আদিম সমাজৰ বৈশিষ্ট্য সমূহ হ'ল-

(১) আদিম সমাজৰ জনসংখ্যাৰ পৰিমাণ তেনেই তাকৰ।

(২) আদিম সমাজৰ লোকসকল কাৰিকৰী বিদ্যাত পিছপৰা।

(৩) আদিম সমাজৰ মানুহে মূলতঃ পিছপৰা আৰু আওহতীয়া অঞ্চলত বসবাস কৰে ।

(৪) আদিম সমাজৰ লোকসকল মূলতঃ নিৰক্ষৰ। 

(৫) তেওঁলোকৰ মাজত কোনো লিপি বা লিখিত সাহিত্য নাথাকে।

(৬) ব্যৱসায়ৰ ওপৰত আধাৰিত কৰ্মবিভাজন নাই। একেজন লোকেই সমাজৰ সকলো প্ৰকাৰৰ কাম সমাধা কৰে।

Question And Answer Type : Himashree Bora.