দ্বিতীয় গোট

কবিতাত কল্পনাৰ স্থান

১। কবিতা কাক বোলে?

উত্তৰঃ উৎকৃষ্ট শব্দৰ সুবিন্যাসকেই কবিতা বোলে।

২। বিশ্বনাথ কবিৰাজৰ মতে কবিতা মানে কি?

উত্তৰঃ বিশ্বনাথ কবিৰাজৰ মতে কবিতা হৈছে- 'বাক্য ৰসাত্মকংকাব্যম' অৰ্থা ৰসময়ী বাক্যই কাব্য।

৩। ভামহৰ মতে কবিতা কি?

উত্তৰঃ ভামহৰ মতে কবিতা হৈছে-শব্দৰ্থৌ সহিতৌ কাব্যম।

৪। কবিতাৰ কল্পনাৰ স্থান সম্পৰ্কে এটি আলোচনা কৰা?

উত্তৰঃ মানুহৰ কল্পনা শক্তি আৰু সাহিত্যৰ এক বিশেষ সম্পৰ্ক আছে। সাহিত্য যদি সমাজৰ দাপোন হয়, সমাজৰ এই প্ৰতিচ্ছবি প্ৰতিফলিত হয় কল্পনাক ভিত্তি কৰি। সেয়ে সাহিত্যত কল্পনাৰ বিশেষ গুৰুত্ব আছে। বিশেষকৈ কবিতা কল্পনা অবিহনে সৃষ্টি হব নোৱাৰে। প্ৰাচীন কালৰ পৰাই কল্পনাই  কবিতাত বিশেষ স্থান লাভ কৰি আহিছে।কবিসকলে বাস্তৱতাকে কল্পনাৰ ৰহন মানিয়ে উপস্থাপন কৰে। সাহিত্যৰ অন্য শাখাৰ পৰা কবিতাক পৃথক কৰিছে কল্পনাৰ আধিক্যই। সাহিত্য লিখিত ৰূপ নাপাওতে কবিতা আৰু গীত সৃষ্টি হৈছিল।

কল্পনাই বিশেষ গুৰুত্ব  আৰু জনপ্ৰিয়তা লাভ কৰে ৰমন্যাসবাদৰ এটি বিশেষ লক্ষণেই হল কল্পনা প্ৰৱণতা। পাশ্চাত্য কবিতাত কল্পনাই বিশেষ স্থান গ্ৰহণ কৰিছে। অসমীয়া ৰোমাণ্টিক কবিয়ে কল্পনাক কবিতাত প্ৰয়োগ কৰাত অকনো ক্ৰটি নাই। 

৫। প্ৰতীক চিত্ৰকল্পত কল্পনা আছেনে?

উত্তৰঃ  নাই।

৬। কবিতাত কল্পনাৰ স্থান সম্পৰ্কে এটি আলোচনা কৰা?

উত্তৰঃমানুহৰ কল্পনা শক্তি আৰু সাহিত্যৰ এক বিশেষ সম্পৰ্ক আছে। সাহিত্য যদি সমাজৰ দাপোন হয়, সমাজৰ এই প্ৰতিচ্ছবি প্ৰতিফলিত হয় কল্পনাক ভিত্তি কৰি। সেয়ে সাহিত্যত কল্পনাৰ বিশেষ গুৰুত্ব আছে। বিশেষকৈ কবিতা কল্পনা অবিহনে সৃষ্টি হব নোৱাৰে। প্ৰাচীন কালৰ পৰাই কল্পনাই  কবিতাত বিশেষ স্থান লাভ কৰি আহিছে।কবিসকলে বাস্তৱতাকে কল্পনাৰ ৰহন মানিয়ে উপস্থাপন কৰে। সাহিত্যৰ অন্য শাখাৰ পৰা কবিতাক পৃথক কৰিছে কল্পনাৰ আধিক্যই। সাহিত্য লিখিত ৰূপ নাপাওতে কবিতা আৰু গীত সৃষ্টি হৈছিল। 

কল্পনাই বিশেষ গুৰুত্ব  আৰু জনপ্ৰিয়তা লাভ কৰে ৰমন্যাসবাদৰ এটি বিশেষ লক্ষণেই হল কল্পনা প্ৰৱণতা। পাশ্চাত্য কবিতাত কল্পনাই বিশেষ স্থান গ্ৰহণ কৰিছে। অসমীয়া ৰোমাণ্টিক কবিয়ে কল্পনাক কবিতাত প্ৰয়োগ কৰাত অকনো ক্ৰটি নাই। 

৭। প্ৰতীক শব্দৰ অৰ্থ কি?

উত্তৰঃ প্ৰতীক শব্দৰ অৰ্থ হৈছে চিহ্ন।

৮। প্ৰতীক আৰু প্ৰতীক বাদ একেনে? 

উত্তৰঃ একে নহয়।

৯। প্ৰতীকবাদৰ এটি বৈশিষ্ট্য লিখা?

উত্তৰঃ

১০। চিত্ৰকল্প কি?

উত্তৰঃ চিত্ৰকল্প হৈছে-কল্পনাত আঁকি লোৱা এখন ছবি।

১১। চিত্ৰকল্পবাদী আন্দোলন ক'ত আৰু কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ চিত্ৰকল্পবাদী আন্দোলন আমেৰিকাত আৰু বিংশ শতিকাত প্ৰথম ভাগত আৰম্ভ হৈছিল।

১২। কেইজনমান চিত্ৰকল্পবাদী সাহিত্যিকৰ নাম লিখা?

উত্তৰঃ কেইজন মান চিত্ৰকল্পবাদী সাহিত্যিকৰ নাম হল-টি.ই. হিউম, এজৰা পাউণ্ড, এমী লৱেল, হেল্ডা ডুলিটল, হেৰিয়েট মানৰ'।

১৩। এমী লয়েলৰ চিত্ৰকল্পবাদী গ্ৰন্থ খনৰ নাম কি?

উত্তৰঃ এমী লয়েলৰ চিত্ৰকল্প বাদী গ্ৰন্থ খনৰ নাম হৈছে- 'Some Imagist Poets'।

১৪। এজৰা পাউণ্ডৰ আলোচনী খনৰ নাম কি?

উত্তৰঃ এজৰা পাউণ্ডৰ আলোচনী খনৰ নাম হৈছে-'poetry'।

১৫। চিত্ৰকল্পবাদৰ এটি বৈশিষ্ট্য লিখা?

উত্তৰঃ চিত্ৰকল্পবাদৰ এটি বৈশিষ্ট্য হল- অলংকাৰময় শব্দ বৰ্জন কৰি তাৰ ঠাইত প্ৰচলিত শব্দ ব্যৱহাৰ।

ৰচনাধৰ্মীপ্ৰশ্নঃ

১। কবিতাত চিত্ৰকল্প বিষয়ে এটি আলোচনা যুগুত কৰা।

উত্তৰঃ সাধাৰণ অৰ্থত চিত্ৰ হৈছে সদৃশ কল্পনা। চিত্ৰকল্প অৰ্থ হৈছে শব্দৰে মনত চিত্ৰ ছবি আঁকি দিব পৰা শব্দালংকা।চিত্ৰকল্প হৈছে এটি পৰিভাষিক শব্দ।ই এখন স্বচ্ছ আইনা নিচিনা। এখন আইনা সন্মুখত থিয় হৈ যি দৰে ছবি এখনৰ প্ৰতিফলন বিভিন্ন দিশৰ পৰা প্ৰত্যক্ষ কৰিব পাৰি, ঠিক তেনেদৰে চিত্ৰকল্পত একোটা কবিতা বিভিন্ন চুক বা কোণত ৰখা একোখন আইনাৰ দৰে। চিত্ৰকল্প মাধ্যমত কবিৰ চিন্তা-চেতনা আৰু কল্পনা শক্তি ব্যাপকতা প্ৰকাশিত হয়। 

চিত্ৰকল্প হৈছে এটি পৰিভাষিক শব্দ আৰু ই ব্যাপক অৰ্থ নিৰ্দেশ কৰিব পাৰে। চিত্ৰকল্পত শব্দ আৰু অৰ্থ মাজত বৃহত পাৰ্থক্য প্ৰত্যক্ষ কৰিব পাৰি। মানুহৰ ভাৱ আৰু ভাষাৰ মাজত স্বাভাৱিকতে পাৰ্থক্য দেখা যায়। অলেখ ক্ষেত্ৰত দেখা যায় যে মানুহে ভাৱ ৰাখি প্ৰকাশ কৰিবলৈ যথোপযুক্ত ভাষা বিচাৰি নাপায় বিমোৰত পৰে।কবি সকলে সেই ভাৱ ৰাশি প্ৰকাশ কৰিবলৈ ভাষা বিচাৰি নাপালেও কল্পনাৰে এখন চিত্ৰ অংকন কৰে আৰু সেই চিত্ৰ  মাধ্যমেৰে নিজৰ ভাৱ ৰাশি প্ৰকাশ কৰে।

কবিতাত ব্যৱহৃত চিত্ৰকল্প ক্ষেত্ৰত  এই কথা প্ৰায় লক্ষ্য কৰা যায় যে নিৰ্দিষ্ট শব্দ বা শব্দ সমষ্টি মাধ্যমেৰে কবিয়ে প্ৰকাশ কৰা পোনপটীয়া অৰ্থ ভিন্ন আৰু কবিয়ে প্ৰকৃতাৰ্থত চিত্ৰকল্প প্ৰযোগেৰে প্ৰকাশ কৰিব খোজা অৰ্থও ভিন্ন।জীৱনৰ বিচিত্ৰ অভিজ্ঞতা আৰু অনুভুতিক কবিতাৰ জৰিয়তে স্বতন্ত্ৰ ৰূপ প্ৰদান কৰিবলৈ কবিয়ে শব্দফুলজাৰি সৃষ্টি কৰে আৰু সেই ফুলজাৰি মাজতেই লুকাই থাকে কবিতাৰ চিত্ৰকল্প নামৰ অনুসংগতি।

চিত্ৰকল্প হৈছে এনে এক বিষয় যি কবিৰ কাব্য স্বতন্ত্ৰতা নিৰ্দেশ কৰে। কবিৰ শৈলী ৰুচি বোধ আৰু অন্যান্য বিষয়-সন্দৰ্ভতো চিত্ৰকল্পই স্পষ্ট ইংগিত প্ৰদান কৰে।চিত্ৰকল্প হৈছে এক শ্ৰেণী সাহিত্য তত্ত্ব।এই তত্ত্ব প্ৰধানত ইংলেণ্ড আৰু আমেৰিকা  যুক্তৰাষ্ট্ৰত গঢ় লৈ উছিছে।চিত্ৰকল্প বাদে ব্যাপকতা লাভ কৰিছিল প্ৰায় দহ বছৰ কাল জুৰি।চিত্ৰকল্প বিষয়ে ধাৰণা কৰিলে দেখা যায় যে।

চিত্ৰকল্প ধাৰণাসমূহ এনেধৰণৰ

ক) কবিতাত সাধাৰণ মানুহৰ মুখৰ ভাষাৰ ব্যৱহাৰ হব লাগিব।

খ) কবিতাত নতুন ছন্দ স্পন্দন ব্যৱহাৰ হব লাগিব।

গ) কবি সকলে বিষয় নিৰ্বাচনত পূৰ্ণ স্বাধীনতা লাভ কৰিব পাৰিব লাগিব।

ঘ) স্পষ্ট আৰু কথা সলাব নোৱাৰা কঠিন ৰূপৰ চিত্ৰকল্পৰে কাব্য শৰীৰ নিৰ্মিত হব লাগিব।

ওপৰোক্ত আলোচনা পৰাই ইয়াক বুজিব পাৰি যে চিত্ৰকল্পত কল্পনা আদি সাব্য বা ভাৱ বিলাসৰ কোনো স্থান নাই। বাস্তৱতা হৈছে ইয়াৰ প্ৰধান ধৰ্ম।

২। কবিতাত প্ৰতীকবাদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ প্ৰতীক শব্দটোৰ অৰ্থ হল চিহ্ন। যিকোনো এটা বস্তুৰ প্ৰতিৰূপ বুজোৱা চিহ্নই হল প্ৰতীক। যিকোনো এটা বস্তুৰ প্ৰতিৰূপ বুজোৱা চিহ্ন হল প্ৰতীক। কবিয়ে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কবিতাত ব্যৱহাৰ কৰা প্ৰতিটো শব্দৰ বা বৰ্ণবোৰ হৈছে একোটা প্ৰতীক। অসমীয়া লোক সাহিত্যৰ অন্তগৰ্ত দেহ বিচাৰৰ গীতত প্ৰতীকৰ ব্যৱহাৰ উদাহৰণসহ দিয়া হল-

অকাঠী কাঠৰে                          নৌকা সাজিলোঁ

                                                            পৱন কাঠৰে বঠা

                                    স্বৰ্গক যাইবাৰ                         যাৰ ইচছা আছে

                                                          নৌকাৰ কড়িতে উঠা।

প্ৰতীকৰ সহায়ৰে সাহিত্যত সাহিত্যিকে বক্তব্য বিষয় অধিক স্পষ্ট আৰু আকৰ্ষণীয় ৰূপত উপস্থাপন কৰে। বিশেষকৈ আধুনিক কবিতাত প্ৰতীকৰ ব্যৱহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

প্ৰতীক আৰু প্ৰতীকবাদ একে নহয়। প্ৰতীকবাদী কবিসকলৰ মতে প্ৰত্যক্ষ প্ৰকাশভংগীয়ে সাহিত্যৰ নান্দনিক ৰূপ তুলি ধৰিব নোৱাৰে। বিশ্বজগতখন  যেনেদৰে ৰহস্যময়, কবিতাও ৰহস্যময়তাৰ মাজেৰে জীৱনৰ সৌন্দৰ্যৰ সন্ধান দিব পাৰে।প্ৰতীকবাদ জন্ম হৈছিল ঊনবিংশ শতিকাত ফ্ৰান্সৰ সাহিত্যত। 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)