মেঘ
১। 'সীতা হৰণ' কাব্যখনিৰ ৰচক কোন?
উত্তৰ: ভোলানাথ দাস।
২। ভোলানাথ দাস কোন?
উত্তৰ: এগৰাকী অসমীয়া সাহিত্যৰ সাধক।
৩। 'কৃষ্ণ দেহে আন্ধাৰিবা সমস্ত সংসাৰ'-এই পংক্তিটো কোনজন কবিৰ কবিতাৰ পৰা উদ্ধৃত?
উত্তৰ: ভোলানাথ দাসৰ মেঘ কবিতাটোৰ পৰা উদ্ধৃত।
৪। ভোলা নাথ দাসৰ ওপৰত কোনগৰাকী বাংলা কবিৰ প্ৰভাৱ পৰিছিল?
উত্তৰ: মাইকেল মধুসূদন দত্তৰ।
৫। 'মেঘ-মলা ৰঙা পিন্ধি দিগঙ্গনা
সিঁচিছে আশাৰ ধাৰি'।
—-ইয়াত দিগঙ্গনা শব্দৰ অৰ্থ কি?
উত্তৰঃ দিগঙ্গনা শব্দৰ অৰ্থ হ'ল দিশৰ অধিষ্ঠাত্রী দেবী। ইয়াত পুৱাৰ আকাশত ৰক্তিম মেঘ ৰাশিক উদ্দেশ্য কৰি কোৱা হৈছে। ইয়াত ৰাঙলী মেঘক বুজোৱা হৈছে।
৬। 'তেজগোৰা বেলি'ৰ অৰ্থ কি?
উত্তৰ: পুৱাকাশত উদয় হ'ব ধৰা ৰক্তবৰ্ণৰ সূৰ্যটো।
৭। 'মেঘমলা ৰঙা' কি অৰ্থত ব্যৱহৃত হৈছে?
উত্তৰ: পুৱাৰ আকাশ সূৰ্যৰ পোহৰে ৰক্তিম কৰি তোলা মেঘৰ ৰাশিৰ অৰ্থত ব্যৱহাৰ কৰা হৈছে।
চমু প্রশ্নোত্তৰ :
১। ভোলানাথ দাসৰ সাহিত্যকীর্তি সম্পর্কে সমালোচনাত্মক টোকা লিখা।
উত্তৰঃ ভোলানাথ দাসৰ সাহিত্য কীর্তিসমূহ হ'ল- 'পৰিমিতি আৰু জৰীপ', 'কবিতা-মালা' (প্রথম ভাগ ১৮৮২, দ্বিতীয় ভাগ ১৮৮৩), 'চিত্তা-তৰঙ্গিনী' ১৮৮৪, 'সীতাহৰণ-কাব্য' (ৰচনা ১৮৭১-৮৩) ১৯০২। প্রথম কবিতা প্রকাশ গুণাভিৰামৰ আসাম-বন্ধুত ১৮৮৫-৮৬, অমিত্রাক্ষৰী 'সীতাহৰণ'ৰ প্ৰথম প্রকাশ আসাম-বিলাসিনীত ১৮৭১-৮৩ অপ্রকাশিত 'সুভদ্ৰাহৰণ' (অসমাপ্ত, ৫০০ শাৰীমান), 'প্রসঙ্গ-মালা' (২২ গদ্য, ২১ পদ্য, ৫ অঙ্ক-সমস্যা)। ১৮৮২ আৰু ১৮৮৩ খ্রীঃত তেওঁৰ ক্ৰমে 'কবিতা-মালা' নামৰ আগছোৱা আৰু শেষ ছোৱা (খণ্ড কবিতাৰ পুথি) ছপা হৈ ওলায়; অৱশ্যে ইয়াৰ অনেক কবিতা আগতে 'আসাম-বিলাসিনী'ত প্রকাশ হৈছিল। কেইটামান কবিতাত (মেঘ, কিয়নো নাজাগে আমাৰ মন আদি) নতুন যুগৰ নতুন ভাবধাৰা অৰ্থাৎ লিৰিক কবিতাৰ নিখুঁত ৰূপ ফুটি উঠিছে। তেওঁৰ মেঘ, মধুহাসি, কিয়নো নাজাগে মন আদি কবিতা আধুনিক যুগৰ গীতি কবিতাৰ প্ৰথম প্ৰয়াস। তেওঁ পুৰণিৰ লগত নতুন মিলাই নতুন নতুন ছন্দ সৃষ্টিৰ প্ৰয়াস কৰিছিল।
দাসৰ সৰ্বশ্রেষ্ঠ কীর্তি হ'ল অসমীয়া কাব্যত অমিত্রাক্ষৰ ছন্দ প্ৰৱৰ্তনৰ কৃতিত্ব। ১৮৭১ চনত 'আসাম বিলাসিনী' কাকতত ছোৱা-ছোৱাকৈ এওঁৰ 'সীতাহৰণ কাব্য' প্রকাশিত হয়। এইখন কাব্যতে গতানুগতিক যতিপ্রান্তিক ছন্দৰপৰা আঁতৰি আহি প্রবহমান পয়াৰৰ অমিত্ৰাক্ষৰ ছন্দ প্রয়োগ কৰে। সন্দেহ নাই, কবিয়ে বাংলা কবিতাত মাইকেল মধুসূদন দত্তৰ দ্বাৰা প্ৰৱৰ্তিত অমিত্রাক্ষৰ ছন্দৰ বিপুল সাফল্যৰ পৰাই এইবিধ ছন্দত কাব্য-ৰচনাৰ অনুপ্ৰেৰণা লাভ কৰিছিল। এইখন কাব্যত মাইকেলৰ কবিতাত প্রকাশ পোৱাৰ দৰেই গম্ভীৰ আৰু ৰাজকীয় ৰূপ' পৰিপূৰ্ণকৈ প্ৰকাশ পাইছে। ইয়াৰ লগতে মণিকাঞ্চন-সংযোগ ঘটিছে কাহিনীৰ দৃঢ়পিনবদ্ধতা আৰু ভাৱসম্পদৰ প্ৰাচুৰ্য। পুথিখনৰ একমাত্র দোষ হ'ল, ভাষাৰ বাৰেমিহলি ৰূপ। তেওঁৰ সমসাময়িক সমালোচকসকলেও ইতিকিংকৈ সেই ভাষাৰ নাম থৈছিল, ইংগ-বংগ অসমীয়া (ইংৰাজীত এংলো-বেংলো-এচামীজ)।
২। ভোলানাথ দাসৰ কবিতাৰ ঘাই বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ ভোলানাথ দাসৰ কবিতাৰ ঘাই বৈশিষ্ট্যসমূহ হ'ল-
(ক) ভোলানাথ দাসৰ কবিতাত প্ৰকৃতিৰ বিবিধ চিত্র মৌলিকভাবে প্রকাশ পাইছে।
(খ) কবিৰ ব্যক্তিগত জীৱনৰ দুখ-বেদনা বহুকেইটা কবিতাত প্রতিফলিত হৈছে।
(গ) শিশু উপযোগী কবিতাসমূহে তেওঁক শিশু সাহিত্যিক হিচাপেও পৰিচয় প্রদান কৰে।
(ঘ) কবিৰ স্বদেশপ্রীতি কিছুসংখ্যক কবিতাত ফুটি উঠিছে।
(ঙ) উপমা আদি বিবিধ অলংকাৰৰ প্ৰয়োগেৰে চিত্ৰময়ী ভাষা নিৰ্মাণ ৰা দেখা যায়।
(চ) আচহুৱা শব্দ, নাম ধাতুৰ প্ৰচুৰ প্ৰয়োগ, সংস্কৃত তৎসম আৰু দেশী শব্দৰ দৃষ্টিকটু ব্যৱহাৰত 'গুৰু-চণ্ডালী দোষ' মাজে মাজে দেখা যায়। এই বৈশিষ্ট্যই ৰচনাৰীতিক বহুক্ষেত্ৰত কৃত্ৰিম কৰি তুলিছে।
(ছ) দাসৰ কবিতাত গীতি কবিতাৰ বৈশিষ্ট্য ফুটি উঠা দেখা যায়। 'মেঘ', 'মধুহাঁসি', 'কিয়নো নাজাগে মন' আদি কবিতা আধুনিক যুগৰ গীতি- কবিতাৰ প্ৰথম প্রয়াস আৰু কবিত্বৰ নিদর্শন বুলি সত্যেন্দ্র নাথ শৰ্মাই মন্তব্য কৰিছে।
৩। ভোলানাথ দাসৰ 'মেঘ' কবিতাটোৰ বিষয়ে টোকা লিখা।
উত্তৰ: সংক্ৰান্তি যুগৰ প্রথম সফল কবি ভোলানাথ দাসৰ 'মেঘ' কবিতাটো এটা অতি উল্লেখযোগ্য কবিতা। এইটো কবিতাতে প্রথমবাৰৰ কাৰণে অসমীয়া কাব্যৰ ইতিহাসত প্রকৃত প্রাণময়তাৰে অভিষিক্ত হৈছে। আধুনিক যুগৰ আগলৈকে প্রকৃতি কেবল মানৱীয় অনুভূতিৰ পটভূমিকা ৰূপে চিত্রিত হৈছিল, নাইবা প্রকৃতিৰ চিত্ৰৰূপময় সৌন্দর্য বর্ণিত হৈছিল; কিন্তু ক'তোরেই সেই প্রকৃতিৰ সৌন্দৰ্যত ব্যক্তিসত্বা আৰোপিত হোৱা নাছিল। এইফালৰ পৰা চালে 'মেঘ'ত ৰমন্যাসিক কবি-মানসৰ অভিব্যক্তি পোৱা যায়; কিন্তু এই কবিতাটো ধ্রুপদী পৰম্পৰাৰ অলংকাৰ, বাহুল্যৰ পৰা মুক্ত হ'ব পৰা নাই।
৪। ব্যাখ্যা কৰাঃ
(ক) "সি ৰূপে তুমিও সেই বিস্তীর্ণ গগণে
ৰজতেৰে দেহ সাজি শোভিছা হে মেঘ আজি
দেখোঁতে জুৰায় চকু ক্ষুদ্র আয়তনে,
উদিছা নতুন ভাবে সুকোমল মনে।"
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ভোলানাথ দাসৰ 'মেঘ' নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
ইয়াত শুকুলা মেঘ সম্পৰ্কে কবিৰ মনত সৃষ্টি হোৱা ৰহস্য বিচিত্ৰ ৰূপত প্রকাশ কৰিছে। আকাশৰ বুকুত বৰফৰ দৰে শুভ্র মেঘ উদিত হোৱা দেখি কবি মনত সৃষ্টি হোৱা ভাৱৰ হেন্দোলনি কবিতাটিৰ জৰিয়তে কবিয়ে দাঙি ধৰিছে। শুকুলা ৰঙৰ মেঘৰাশি বৰফৰ দৰে শুভ্র অথবা তুলাৰ দৰে বিমল আভাযুক্ত। শুভ্র মেঘৰাশি সৰলতা আৰু পৱিত্ৰতাৰ প্ৰতীক। এই মেঘে প্রশান্ত ৰূপেৰে আকাশৰ বুকুত লয়লাস ভঙ্গীৰে ঘূৰি ফুৰে। ক্ষুদ্ৰ ৰূপ ধৰি মেঘে তাৰ অপৰূপা সৌন্দৰ্য বিস্তাৰ কৰে। তাক দেখিলে এনে ভাৱ হয় যে যেন সৰগৰ অমৃত সৰোবৰত গা ধুই পৱিত্ৰ হৈ আহিছে। এনে মেঘত পাপ-তাপৰ অকণো চেকা নাই। শুদ্ধ বগা সেই মেঘমালাক স্ফটিকৰ মণিৰ লগত তুলনা কৰিব পাৰি। বুকুৰ জলীয় ভাপৰ ক্ষুদ্ৰ কণিকা লৈ দূবৰিৰ দলিচাত মুকুতা মণিৰ দৰে আলাসতে আকাশত ভাঁহি উঠে আৰু কবিৰ চকুত ধৰা দিয়ে। কমোৱা তুলাৰ দৰে আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ বতাহৰ গতিত ধাৱমান হোৱা গতিশীল এই মেঘকে আকৌ পানীৰ ওপৰেৰে স্থিৰ গতিৰে গৈ থকা হাঁহৰ লগত ৰিজাই চাব পাৰি। বিস্তীর্ণ আকাশৰ মেঘৰ ভ্ৰমণ বিলাস দেখি কবিৰ মন আপ্লুত হৈ উঠে তাক দেখিলে এনে ভাৱ হয় যেন সৰগৰ অমৃতৰে গা ধুই সি নির্মল হৈ আহিছে।
(খ) “ই ৰূপ প্ৰশান্ত ভাৱ দৰ্শিলে তোমাৰ
বিশ্বাস নহয় মানে
তুমিয়ে যে এতিক্ষণে
ঘুৰি পুনঃ ধৰিবাহা বিশাল আকাৰ,
কৃষ্ণ দেহে আন্ধাৰিবা সমস্ত সংসাৰ।।"
উত্তৰ: এই কাব্যাংশটো ভোলানাথ দাসৰ 'মেঘ' নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
ইয়াত শুকুলা মেঘ সম্পর্কে কবিৰ মনত সৃষ্টি হোৱা ৰহস্য বিচিত্ৰ ৰূপত প্রকাশ কৰিছে। আকাশৰ বুকুত বৰফৰ দৰে শুভ্র মেঘ উদিত হোৱা দেখি কবি মনত সৃষ্টি হোৱা ভাৱৰ হেন্দোলনি কবিতাটিৰ জৰিয়তে কবিয়ে দাঙি ধৰিছে। শুকুলা ৰঙৰ মেঘৰাশি বৰফৰ দৰে শুভ্র অথবা তুলাৰ দৰে বিমল আভাযুক্ত। শুদ্ধ বগা সেই মেঘমালাক স্ফটিকৰ মণিৰ লগত তুলনা কৰিব পাৰি। বুকুৰ জলীয় ভাপৰ ক্ষুদ্ৰ কণিকা লৈ দূবৰিৰ দলিচাত মুকুতা মণিৰ দৰে আলাসতে আকাশত ভাঁহি উঠে আৰু কবিৰ চকুত ধৰা দিয়ে। কমোৱা তুলাৰ দৰে আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ বতাহৰ গতিত ধাৱমান হোৱা গতিশীল এই মেঘকে আকৌ পানীৰ ওপৰেৰে স্থিৰ গতিৰে গৈ থকা হাঁহৰ লগত ৰিজাই চাব পাৰি। বিস্তীর্ণ আকাশৰ মেঘৰ ভ্ৰমণ বিলাস দেখি কবিৰ মন আপ্লুত হৈ উঠে তাক দেখিলে এনে ভাৱ হয় যেন সৰগৰ অমৃতৰে গা ধুই সি নির্মল হৈ আহিছে।
কিন্তু পূৱৰ পৰা বৈ অহা ধীৰ সমীৰণত গড়ুড়ৰ স্কন্ধত উঠি বিষ্ণুৱে গমন কৰাৰ দৰেই মেঘবোৰো ধীৰে ধীৰে আকাশত ভাঁহি যায়। কিন্তু মেঘৰ এই শান্ত রূপেই একমাত্র ৰূপ নহয়। ই সৌন্দৰ্যৰ আকাৰ হ'লেও ইয়াত সোমাই আছে ধ্বংসৰ প্রহেলিকা। শান্ত, সৌম্য এই মেঘেই ক'লাৰূপ ধাৰণ কৰি প্রলয়ংকাৰী ৰূপ ধাৰণ কৰে। তেতিয়া আকাশে কৃষ্ণবর্ণ হৈ সমস্ত সংসাৰ ওন্দোলাই অন্ধকাৰাছন্ন কৰি তোলে। এচটা সাধাৰণ মেঘেই লাহে লাহে বিশালাকাৰ ৰূপ ধাৰণ কৰি গোটেই আকাশ ছানি পেলায়। খন্তেকতে বগা ৰং ক'লা হৈ পৰে। কোমল মেঘে কঠিন হৈ ভয়ংকৰ মূৰ্তি ধাৰণ কৰে আৰু ৰঙা, হালধীয়া, সোণ বৰণীয়া নানা ৰূপ লৈ আকাশৰ শূন্যস্থান পূৰণ কৰে। নানা মূর্তি ধাৰণ কৰি বিভীষিকাৰ সৃষ্টি কৰে। কেতিয়াবা বিজুলী ঢেৰেকণিৰে আকাশ উজলাই তোলে, কেতিয়াবা ব্রজপাত পৰে, কেতিয়াবা আকৌ শিল বৰষুণ হৈ সন্ত্ৰাসৰ সৃষ্টি কৰে। মেঘৰ এনে প্রলয়ংকাৰী ৰূপে আৰু বৰষুণে পৃথিৱীক বুৰাই পেলায় আৰু বহু জীৱ-জন্তুক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। এই দৰেই শান্ত সৌম্য মেঘে নিষ্ঠুৰ মূৰ্তি ধাৰণ কৰে।
(গ) 'নহয় বিশ্বাসন কোমলা হায়
কাঠিন্য যে পৰিণত হইবেক নিমিষতে
ধৰিবা কৰাল মূৰ্ত্তি আজি ক্ষুদ্রকায়
গর্জিলা সুখৰো নাদে মেদিনী কঁপাই।'
উত্তৰঃ এই কাব্যাংশটো ভোলানাথ দাসৰ 'মেঘ' নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
ইয়াত শুকুলা মেঘ সম্পর্কে কবিৰ মনত সৃষ্টি হোৱা ৰহস্য বিচিত্ৰ ৰূপত প্রকাশ কৰিছে। আকাশৰ বুকুত বৰফৰ দৰে শুভ্র মেঘ উদিত হোৱা দেখি কবি মনত সৃষ্টি হোৱা ভাৱৰ হেন্দোলনি কবিতাটিৰ জৰিয়তে কবিয়ে দাঙি ধৰিছে। শুকুলা ৰঙৰ মেঘবাশি বৰফৰ দৰে শুভ্র অথবা তুলাৰ দৰে বিমল আভাযুক্ত। শুদ্ধ বগা সেই মেঘমালাক স্ফটিকৰ মণিৰ লগত তুলনা কৰিব পাৰি। বুকুৰ জলীয় ভাপৰ ক্ষুদ্ৰ কণিকা লৈ দুবৰিৰ দলিচাত মুকুতা মণিৰ দৰে আলাসতে আকাশত ভাঁহি উঠে আৰু কবিৰ চকুত ধৰা দিয়ে। কমোৱা তুলাৰ দৰে আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ বতাহৰ গতিত ধাৱমান হোৱা গতিশীল এই মেঘকে আকৌ পানীৰ ওপৰেৰে স্থিৰ গতিৰে গৈ থকা হাঁহৰ লগত ৰিজাই চাব পাৰি। বিস্তীর্ণ আকাশৰ মেঘৰ ভ্ৰমণ বিলাস দেখি কবিৰ মন আপ্লুত হৈ উঠে তাক দেখিলে এনে ভাৱ হয় যেন সৰগৰ অমৃতৰে গা ধুই সি নির্মল হৈ আহিছে।
কিন্তু পূৱৰ পৰা বৈ অহা ধীৰ সমীৰণত গড়ুড়ৰ স্কন্ধত উঠি বিষ্ণুৱে গমন কৰাৰ দৰেই মেঘবোৰো ধীৰে ধীৰে আকাশত ভাঁহি যায়। কিন্তু মেঘৰ এই শান্ত ৰূপেই একমাত্র ৰূপ নহয়। ই সৌন্দৰ্যৰ আকাৰ হ'লেও ইয়াত সোমাই আছে ধ্বংসৰ প্রহেলিকা। শান্ত, সৌম্য এই মেঘেই ক'লাৰূপ ধাৰণ কৰি প্রলয়ংকাৰী ৰূপ ধাৰণ কৰে। তেতিয়া আকাশে কৃষ্ণবর্ণ হৈ সমস্ত সংসাৰ ওন্দোলাই অন্ধকাৰাছন্ন কৰি তোলে। এচটা সাধাৰণ মেঘেই লাহে লাহে বিশালাকাৰ ৰূপ ধাৰণ কৰি গোটেই আকাশ ছানি পেলায়। ক্ষন্তেকতে বগা ৰং ক'লা হৈ পৰে। কোমল মেঘে কঠিন হৈ ভয়ংকৰ মূৰ্তি ধাৰণ কৰে আৰু ৰঙা, হালধীয়া, সোণ বৰণীয়া নানা ৰূপ লৈ আকাশৰ শূন্য স্থান পূৰণ কৰে। নানা মূর্তি ধাৰণ কৰি বিভীষিকাৰ সৃষ্টি কৰে। কেতিয়াবা বিজুলী ঢেৰেকণিৰে আকাশ উজলাই তোলে, কেতিয়াবা ব্রজপাত পৰে, কেতিয়াবা আকৌ শিল বৰষুণ হৈ সন্ত্ৰাসৰ সৃষ্টি কৰে। মেঘৰ এনে প্রলয়ংকাৰী ৰূপে আৰু বৰষুণে পৃথিৱীক বোৰাই পেলায় আৰু বহু জীৱ-জন্তুক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। এই দৰেই শান্ত সৌম্য মেঘে নিষ্ঠুৰ মূৰ্তি ধাৰণ কৰে।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। কবি ভোলানাথ দাসৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিয়া।
উত্তৰঃ বাখৰ বৰাৰ বংশৰ বাপীৰামৰ পুত্ৰ ভোলানাথ দাসে ১৮৫৮ চনত নগাঁৱত জন্ম গ্রহণ কৰে। তেওঁ ১৮৭৯ খ্রীঃত এন্ট্রেন্স মহলাত উঠি কলিকতাৰ মেট্রোপলিটান কলেজত পঢ়িছিল। কিন্তু মাকৰ অসুখৰ কাৰণে সোনকালে ঘৰলৈ উভতি আহিব লগা হয়। তেওঁ ক্রমে নগাঁও ডিস্ট্রিক্ট ছার্ভেয়ৰ, নগাঁও হাইস্কুলৰ শিক্ষক, নগাঁও আৰু শিৱসাগৰ চার্ভে স্কুলৰ শিক্ষক, চাব ডেপুটি কলেক্টৰ আৰু মেজিস্ট্রেট' এচিষ্টেন্ট পদত অধিষ্ঠিত হয়। তেওঁ ১৯০২ চনত চৰকাৰী কামৰপৰা অৱসৰ লয়। ১৯২০ চনত তেওঁ ৰ মৃত্যু হয়। কবিস্বৰূপে অসমীয়া সাহিত্যলৈ ভোলানাথ দাসৰ বৰঙণি উল্লেখযোগ্য।
ৰচনাঃ 'পৰিমিতি আৰু জৰীপ', 'কবিতা-মালা' (প্রথম ভাগ ১৮৮২, দ্বিতীয় ভাগ ১৮৮৩), 'চিত্তা-তৰঙ্গিনী' ১৮৮৪, 'সীতাহৰণ-কাব্য' (ৰচনা ১৮৭১-৮৩)১৯০২। প্রথম কবিতা প্রকাশ গুণাভিৰামৰ আসাম-বন্ধুত ১৮৮৫-৮৬, অমিত্রাক্ষৰী 'সীতাহৰণ'ৰ প্ৰথম প্রকাশ আসাম-বিলাসিনীত ১৮৭১-৮৩ অপ্রকাশিত 'সুভদ্ৰাহৰণ' (অসমাপ্ত, ৫০০ শাৰীমান), 'প্রসঙ্গ-মালা' (২২ গদ্য, ২১ পদ্য, ৫ অঙ্ক-সমস্যা)।
১৮৮২ আৰু ১৮৮৩ খ্রীঃত তেওঁৰ ক্ৰমে 'কবিতা-মালা' নামৰ আগছোৱা আৰু শেষ ছোৱা (খণ্ড কবিতাৰ পুথি) ছপা হৈ ওলায়; অৱশ্যে ইয়াৰ অনেক কবিতা আগতে 'আসাম-বিলাসিনী'ত প্রকাশ হৈছিল। কেইটামান কবিতাত (মেঘ, কিয়নো নাজাগে আমাৰ মন আদি) নতুন যুগৰ নতুন ভাবধাৰা অৰ্থাৎ লিৰিক কবিতাৰ নিখুঁত ৰূপ ফুটি উঠিছে। তেওঁৰ মেঘ, মধুহাসি, কিয়নো নাজাগে মন আদি কবিতা আধুনিক যুগৰ গীতি কবিতাৰ প্রথম প্রয়াস। তেওঁ পুৰণিৰ লগত নতুন মিলাই নতুন নতুন ছন্দ সৃষ্টিৰ প্ৰয়াস কৰিছিল।
ভোলানাথ দাসে সীতা হৰণ কাব্য মাইকেল মধুসূদন দত্তৰ অমিত্রাক্ষৰ ছন্দ প্ৰয়োগৰ আৰ্হি অনুকৰণ কৰি ৰচনা কৰে। ছাত্ৰ অৱস্থাতে তেওঁৰ এই কাব্যৰ এছোৱা আসাম বিলাসিনী কাকতত প্রকাশ পায়। এই কাব্য আসাম-বিলাসিনীত (১৮৭১-১৮৮৩ খ্রীঃত) আংশিকভাবে ওলাইছিল। এই কাব্যৰ ৰচনা ১৮৮৮ চনত শেষ কৰে আৰু ১৮২৪ শকত ইয়াক শিৱনাথ ভট্টাচাৰ্য্যই প্রকাশ কৰে।
ৰমাকান্ত চৌধুৰীৰ পিছতে দ্বিতীয় অমিত্রাক্ষৰ ছন্দৰ প্ৰৱৰ্তক হ'লেও ভোলানাথ দাসৰ কাব্যৰ ভাষা ইংৰাজী, বাংলা আৰু অসমীয়া মিহলি আছিল; আৰু তেওঁ চোকা সমালোচনাৰ সম্মুখীন হ'ব লগা হৈছিল। সীতা হৰণ কাব্যত আচহুৱা শব্দ নামধাতুৰ প্ৰচুৰ প্ৰয়োগ হয়। এনে দিশবোৰে কাব্যখনৰ ৰচনাৰীতি কৃত্ৰিম কৰি তুলিছে। তেওঁ ৰচনা কৰা কবিতা পুথি হ'ল- 'কবিতামালা' যাক প্রথম ভাগ আৰু দ্বিতীয় ভাগত ৰচনা কৰা হৈছে। 'কবিতামালা'ৰ কবিতাসমূহ শিশুৰ উপযোগীকৈ ৰচনা কৰা। নীতি কথা উপদেশ, সহজ প্রকৃতি চিত্রত কাব্যবোৰৰ বৈশিষ্ট্য। ইয়াৰ 'কবিতামালা'ৰ কবিতাবোৰতকৈ উচ্চ স্তৰৰ। প্ৰকৃতিৰ বিভিন্ন চিত্র, ব্যক্তিগত দুখ-বেদনা শিশু-প্রীতি প্ৰকৃতিৰ পৰা গ্ৰহণীয় শিক্ষা বা নীতি, কবিৰ স্বদেশ প্রীতি আৰু বিভিন্ন অলংকাৰৰ প্ৰয়োগেৰে ইয়াৰ কবিতাবোৰ সৰস। ই আধুনিক যুগৰ দ্বিতীয় বর্ণনাত্মক কাব্য। এই কাব্যত চৰিত্ৰ সৃষ্টি বা ঘটনাৰ ক্ষেত্ৰত নতুনত্ব নাই। কিন্তু প্রকৃতি বর্ণনা আৰু পৰিৱেশ ৰচনাত তেওঁ মৌলিকতা প্ৰদৰ্শন কৰিছে। তেওঁ আনএখন কাব্য সংকলন হৈছে চিন্তা তৰঙ্গিনী। তেওঁৰ জীৱন কালত তেওঁ নগাঁও ডিস্ট্রিক্ট ছার্ভেয়ৰ, নগাঁও হাইস্কুলৰ শিক্ষক, নগাঁও আৰু শিৱসাগৰ চাৰ্ভে স্কুলৰ শিক্ষক, চাব ডেপুটি কলেক্টৰ আৰু মেজিষ্ট্রেট' এচিষ্টেন্ট পদত অধিষ্ঠিত হয়। ১৯২০ চনত তেওঁৰ মৃত্যু হয়।
২। কবি ভোলানাথ দাসৰ 'মেঘ' কবিতাটিৰ সাধাৰণ আলোচনা আগবঢ়োৱা।
উত্তৰ: প্রাক্-ৰোমাণ্টিক স্তৰৰ এগৰাকী অন্যতম কবি হ'ল ভোলানাথ দাস। অসমীয়া ৰোমাণ্টিক কবিতাৰ ভালেমান বৈশিষ্ট্য দাসৰ কবিতাত প্রকাশ পোৱা দেখা যায়।
ভোলানাথ দাসৰ 'মেঘ' এটি উন্নতমানৰ কবিতা। 'মেঘ' প্রকৃতিৰ এটি গুৰুত্বপূর্ণ উপাদান 'মেঘৰ' চৰিত্ৰ প্ৰকাশৰ যোগেদি কবিয়ে প্রকৃতিৰ চৰিত্ৰ সূক্ষ্মভাবে অংকন কৰিছে। প্রকৃতি গতিশীল বা প্রবাহমান। প্রকৃতিত কোনো বস্তু ৰৈ নাথাকে। মৃত্যুৰ পিনে আগুৱাই যায়। গতিকে, প্রকৃতিৰ চৰিত্ৰই জীৱনৰ গতিময়তাক ইংগিতপূর্ণভাবে অংকন কৰিছে। প্ৰকৃতিত স্থবিৰতা মানেই যেন মৃত্যু। মেঘে নানা সময়ত ভিন্ন ভিন্ন ৰূপেৰে ৰূপান্তৰিত কৰি নিজক সজাই তুলিছে। কেতিয়াবা ধৱল, কেতিয়াবা কৃষ্ণ, নতুবা কাঞ্চন বৰণৰ সাজ পিন্ধি গতিময়তাক আঁকোৱালি লৈছে। সেই গতিশীল মেঘেই স্থবিৰ হৈ পানী বর্ষণ কৰি ৰিক্ত হৈ পৰাৰ লগে লগেই তাৰ মৃত্যু ঘটে। জীৱন-মৃত্যুৰ এই বর্তুল চৰিত্ৰ বা প্রকৃতি 'মেঘ' কবিতাটোত ইংগিতপূর্ণতাৰে প্ৰকাশ কৰা হৈছে।
সদায় দেখিছো আমি নানা ৰূপ ধৰি তুমি
ৰঙা, বগা, হালধীয়া কাঞ্চন সমান
দেখা দিয়া ক্ষণে ক্ষণে ঢাকি শূন্য স্থান।
আনহাতে, প্রকৃতিত আপাত দৃষ্টিত বিপৰীতধর্মী গুণবোৰ আচলতে এটা সৈতে আনটো অনিবার্যভাবে যুক্ত হৈ থকাৰ কথাও কবিতাটোত উল্লেখ কৰা হৈছে। সাধাৰণ দৃষ্টিত দিন-ৰাতি, সুখ-দুখ, কোমল-কাঠিন্য আদিৰ মাজত বিপৰীত ধৰ্মিতা দৃষ্টিগোচৰ হয়। কিন্তু সূক্ষ্ম দৃষ্টিৰে চালে এই ধৰ্মবোৰ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠিৰ দৰে বর্তুলাকাৰে সংপৃক্ত হৈ থাকে। অজ্ঞানীজনে সেইবোৰত ভেদ দেখিলেও আত্মবোধসম্পন্ন, সূক্ষ্মদৃষ্টিসম্পন্ন ব্যক্তিসকলে তাত ভেদ নেদেখে। 'মেঘ' কবিতাটোত কবিয়ে মেঘৰ ভিন্ন ৰূপৰ বৰ্ণনাৰে সেই দিশটো সূক্ষ্মদর্শী পাঠৰ মনত তুলি ধৰিছে। কবিয়ে প্রধানভাবে মেঘৰ দুটা ৰূপ কবিতাটোত বৰ্ণনা কৰিছে। শৰৎ কালৰ শ্বেত কলেবৰৰ মেঘত পাপ ভাব নাইকিয়া, সুপৱিত্ৰ অন্তৰ, কোমলতা আদি প্রত্যক্ষ কৰিছে। আধুনিক প্রতীতিবাদী কবিতাৰ বৈশিষ্ট্য এইখিনিতে প্রকাশ পাইছে। শ্বেত কলেৱৰৰ মেঘ কেৱল মেঘেই হৈ থকা নাই, সুপৱিত্ৰ মনৰ, পাপ শূন্য, স্নিগ্ধ মানৱলৈও ৰূপান্তৰিত হৈছে। গজেন্দ্ৰ গমনেৰে নাইবা হংসগণৰ দৰে গম্ভীৰভাৱে আকাশত গমন কৰা মেঘে পাঠকৰ মনলৈ চিত্রময়তা লৈ আহে। অথচ সেই মেঘেই ক'লা বৰণেৰে বিশাল আকাৰ ধাৰণ কৰি নিমিষতে বর্ষা কালত কোমলতা পৰিত্যাগ কৰি, গম্ভীৰ গৰ্জনেৰে পৃথিৱী কঁপাই তোলে। ক্রোধ মনেৰে বিকট ৰূপ ধাৰণ কৰি বিভীষিকা সৃষ্টি কৰে। শিল-বৰষুণ বৰ্ষণ কৰি শস্যগণ নষ্ট কৰে, বজ্র নিক্ষেপ কৰি প্রাণী বধ কৰে। মেঘে নির্দয় ৰূপ ধাৰণ কৰে।
মেঘৰ এই ৰূপসমূহৰ মাজত প্ৰকৃতিৰ তিনিগুণ সত্ত্ব, ৰজ, আৰু তমৰ প্ৰকাশ দেখিবলৈ পোৱা যায়। শান্ত, সমাহিত, কোমল ৰূপে সত্ত্ব; বৰষুণ বৰ্ষণ কৰি পৃথিৱী শস্য-শ্যামলা কৰাত ৰজ; আৰু ভীষণ গৰ্জন কৰি বিভীষিকা সৃষ্টিকৰা, বজ্র নিক্ষেপ কৰা ৰূপত তম গুণৰ প্ৰকাশ ঘটিছে। মহাদেৱৰ ভৈৰৱ ৰূপ। তাণ্ডৱ নৃত্যৰ যেন প্রকাশ ঘটিছে মেঘৰ বিকট ৰূপৰ মাজত-
"দৰশোৱা বিভীষিকা চপল নর্তন"।
এই নৰ্তনে তাণ্ডব নৃত্যৰ অনুষংগ পাঠকৰ মনলৈ হৈ আহে।
গতিকে দেখা যায়, প্রকৃতিৰ মাজত সৃষ্টিকৰ্ত্তা ঈশ্বৰ বিৰাজ কৰা কথাটো মেঘৰ নানা ৰূপৰ মাজেদি কবিয়ে ইংগিতপূর্ণভাৱে দাঙি ধৰিছে আৰু ভাৰতীয় দর্শন, আধ্যাত্মিতাৰ ভাব অন্তঃসলিলা ফল্গুৰ দৰে প্রৱাহিত হৈ আছে। কবিতাটোত পাশ্চাত্যৰ ৰোমাণ্টিকতা আৰু ভাৰতীয় অধ্যাত্মিকতাৰ অপূর্ব সমন্বয় প্রত্যক্ষ কৰা যায়।
৩। কবি ভোলানাথ দাসৰ 'মেঘ' কবিতাটিৰ কাব্যিক সৌন্দর্য বিশ্লেষণ কৰা।
উত্তৰ: 'মেঘ' কবিতাটো ভোলানাথ দাসৰ ৰচিত এটি সুন্দৰ কবিতা। ইয়াৰ মেঘৰ বিচিত্ৰ ৰূপৰ বৰ্ণনা দাঙি ধৰিছে। ইয়াত শুকুলা মেঘ সম্পর্কে কবিৰ মনত সৃষ্টি হোৱা ৰহস্য বিচিত্ৰ ৰূপত প্রকাশ কৰিছে। আকাশৰ বুকুত বৰফৰ দৰে শুভ্র মেঘ উদিত হোৱা দেখি কবি মনত সৃষ্টি হোৱা ভাৱৰ হেন্দোলনি কবিতাটিৰ জৰিয়তে কবিয়ে দাঙি ধৰিছে। শুকুলা ৰঙৰ মেঘৰাশি বৰফৰ দৰে শুভ্র অথবা তুলাৰ দৰে বিমল আভাযুক্ত। শুভ্র মেঘবাশি সৰলতা আৰু পৱিত্ৰতাৰ প্রতীক। এই মেঘে প্রশান্ত ৰূপেৰে আকাশৰ বুকুত লয়লাস ভঙ্গীৰে ঘূৰি ফুৰে। ক্ষুদ্ৰ ৰূপ ধৰি মেঘে তাৰ অপৰূপা সৌন্দর্য বিস্তাৰ কৰে। তাক দেখিলে এনে ভার হয় যে যেন সৰগৰ অমৃত সৰোবৰত গা ধুই পৱিত্ৰ হৈ আহিছে। এনে মেঘত পাপ-তাপৰ অকণো চেকা নাই। শুদ্ধ বগা সেই মেঘমালাক স্ফটিকৰ মণিৰ লগত তুলনা কৰিব পাৰি। বুকুৰ জলীয় ভাপৰ ক্ষুদ্ৰ কণিকা লৈ দুবৰিৰ দলিচাত মুকুতা মণিৰ দৰে আলাসতে আকাশত ভাঁহি উঠে আৰু কবিৰ চকুত ধৰা দিয়ে। কমোৱা তুলাৰ দৰে আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ বতাহৰ গতিত ধাৱমান হোৱা গতিশীল এই মেঘকে আকৌ পানীৰ ওপৰেৰে স্থিৰ গতিৰে গৈ থকা হাঁহৰ লগত ৰিজাই চাব পাৰি। বিস্তীর্ণ আকাশৰ মেঘৰ ভ্ৰমণ বিলাস দেখি কবিৰ মন আপ্লুত হৈ উঠে তাক দেখিলে এনে ভাব হয় যেন সৰগৰ অমৃতৰে গা ধুই সি নির্মল হৈ আহিছে।
কিন্তু পূৱৰ পৰা বৈ অহা ধীৰ সমীৰণত গড়ুড়ৰ স্কন্ধত উঠি বিষ্ণুৱে গমন কৰাৰ দৰেই মেঘবোৰো ধীৰে ধীৰে আকাশত ভাঁহি যায়। কিন্তু মেঘৰ এই শান্ত ৰূপেই একমাত্র ৰূপ নহয়। ই সৌন্দৰ্যৰ আকাৰ হ'লেও ইয়াত সোমাই আছে ধ্বংসৰ প্রহেলিকা। শান্ত, সৌম্য এই মেঘেই ক'লাৰূপ ধাৰণ কৰি প্রলয়ংকাৰী ৰূপ ধাৰণ কৰে। তেতিয়া আকাশে কৃষ্ণবর্ণ হৈ সমস্ত সংসাৰ ওন্দোলাই অন্ধকাৰাছন্ন কৰি তোলে। এচটা সাধাৰণ মেঘেই লাহে লাহে বিশালাকাৰ ৰূপ ধাৰণ কৰি গোটেই আকাশ ছানি পেলায়। ক্ষন্তেকতে বগা ৰং ক'লা হৈ পৰে। কোমল মেঘে কঠিন হৈ ভয়ংকৰ মূৰ্তি ধাৰণ কৰে আৰু ৰঙা, হালধীয়া, সোণ বৰণীয়া নানা ৰূপ লৈ আকাশৰ শূন্য স্থান পূৰণ কৰে। নানা মূর্তি ধাৰণ কৰি বিভীষিকাৰ সৃষ্টি কৰে। কেতিয়াবা বিজুলী ঢেৰেকণিৰে আকাশ উজলাই তোলে, কেতিয়াবা ব্রজপাত পৰে, কেতিয়াবা আকৌ শিল বৰষুণ হৈ সন্ত্ৰাসৰ সৃষ্টি কৰে।
মেঘৰ এনে প্রলয়ংকাৰী ৰূপে আৰু বৰষুণে পৃথিৱীক বুৰাই পেলায় আৰু বহু জীৱ-জন্তুক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। এই দবেই শান্ত সৌম্য মেঘে নিষ্ঠুৰ মূর্তি ধাৰণ কৰে।
এইদৰে 'মেঘ' কবিতাটিৰ জৰিয়তে কবিভোলানাথ দাসে মেঘৰ বিচিত্ৰ ৰূপৰ সুন্দৰ বর্ণনা দাঙি ধৰিছে। কবিয়ে কৈছে যে যদি মেঘৰ বুকুত ইমান শক্তি লুকাই থাকিব পাৰে বুলি কবিয়ে কল্পনাই কৰিব পৰা নাছিল। কবিয়ে মেঘে এনেদৰে ক্ষন্তেকতে বৰণ সলাই প্রলয়ংকাৰী ৰূপ ধাৰণ কৰি পৃথিৱীক ওন্দোলাই অনা দেখি কবি আচৰিত হয় আৰু বিশ্বাস কৰিবলৈ টান পায়।
ছন্দ প্রয়োগৰ ক্ষেত্ৰতো কবিয়ে নিজৰ পটুতা প্ৰদৰ্শন কৰিছে। এনেদৰে 'মেঘ' কবিতাটোৰ কাব্যিক সৌন্দৰ্যৰে পৰিপুষ্ট হৈ অসমীয়া কাব্য সাহিতৰ এক উল্লেখযোগ্য সৃষ্টি ৰূপে পৰিগণিত হৈছে। শব্দ প্রয়োগৰ ক্ষেত্ৰত কবিয়ে জতুৱা ঠাঁচতকৈ সংস্কৃত শব্দৰ প্ৰয়োগৰ প্রতিহে বিশেষ মনোনিৱেশ কৰিছে। যেনে- তেওঁৰ কবিতাত প্রাচীন কাব্যৰ এটা সুৰ শুনিবলৈ পোৱা যায়। 'সীতা হৰণ' কাব্যৰ দৰে কাব্য ৰচনা কৰা কবি মানসত নিশ্চয় কাব্যত প্রয়োগ হোৱা উচ্চাঙ্গ শব্দবোৰৰ প্ৰতি এটা মোহ আছিল আৰু সি এই কবিতাৰ মাজতো প্রায়ে মূৰ দাঙি উঠিছে।
কবিয়ে এই উৎকণ্ঠিত ভাৱধাৰাক কবিতাটোত সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে।
মেঘৰ বিভিন্ন ৰূপৰ বৰ্ণনা দাঙি ধৰিলেও ইয়াত মাত্র এটা ভাবকেই বৰ্ণনা কৰিছে। সেই দিশৰ পৰা কবিতাটো সংহত, চমু আৰু স্পষ্ট। কবিতাটোৰ কবিৰ ৰোমাণ্টিক কল্পনা আৰু সৌন্দৰ্যবোধৰ সুন্দৰ চানেকি ফুটি ওলাইছে। তদুপৰি কবিতাটোৰ প্ৰয়োগ কৰা উপমা অতি অর্থবহ হৈছে। তেওঁৰ উপমাবোৰ সূক্ষ্ম পর্যবেক্ষণ শক্তিৰ উমান পোৱা যায়। বস সৃষ্টিৰ ক্ষেত্ৰতো কবিয়ে শান্ত-সৌম্য ৰূপৰ লগতে ভয়ঙ্কৰ ছবিৰে ভয়ানক ৰসৰ সঞ্চাৰ কৰিছে। কবিতাটিত কবিয়ে সুন্দৰ উপমা ৰূপক আদি অলংকাৰত প্ৰয়োগ কৰাত ই কাব্যিক গুণবিশিষ্ট হৈ পৰিছে। মেঘক চেতনা বস্তুৰ দৰে সম্বোধন কৰা কথাই কালিদাসৰ মেঘদূতলৈ মনত পেলাই দিয়ে।
৪। "ই ৰূপ প্রশান্ত ভাৱ দর্শিলে তোমাৰ
বিশ্বাস নহয় মানে তুমিয়ে যে এতিক্ষণে
ঘুৰি পুনঃ ধৰিবাহা বিশাল আকাৰ,
কৃষ্ণ দেহে আন্ধাৰিবা সমস্ত সংসাৰ।।'
—-এই কাব্যাংশ কোনটো কবিতাৰ পৰা উদ্ধৃত? কবিতাটিৰ ফুটি উঠা মেঘৰ দুটা বিচিত্ৰ ৰূপৰ বিষয়ে পাঠ্যৰ আধাৰত বিশ্লেষণ কৰা।
উত্তৰ: এই কাব্যাংশটো ভোলানাথ দাসৰ 'মেঘ' নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
ইয়াত শুকুলা মেঘ সম্পৰ্কে কবিৰ মনত সৃষ্টি হোৱা ৰহস্য বিচিত্ৰ ৰূপত প্রকাশ
কৰিছে। আকাশৰ বুকুত বৰফৰ দৰে শুভ্র মেঘ উদিত হোৱা দেখি কবি মনত সৃষ্টি হোৱা ভাৱৰ হেন্দোলনি কবিতাটিৰ জৰিয়তে কবিয়ে দাঙি ধৰিছে। শুকুলা ৰঙৰ মেঘৰাশি বৰফৰ দৰে শুভ্র অথবা তুলাৰ দৰে বিমল আভাযুক্ত। শুদ্ধ বগা সেই মেঘমালাক স্ফটিকৰ মণিৰ লগত তুলনা কৰিব পাৰি। বুকুৰ জলীয় ভাপৰ ক্ষুদ্ৰ কণিকা লৈ দুবৰিৰ দলিচাত মুকুতা মণিৰ দৰে আলাসতে আকাশত ভাঁহি উঠে আৰু কবিৰ চকুত ধৰা দিয়ে। কমোৱা তুলাৰ দৰে আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ বতাহৰ গতিত ধাৱমান হোৱা গতিশীল এই মেঘকে আকৌ পানীৰ ওপৰেৰে স্থিৰ গতিৰে গৈ থকা হাঁহৰ লগত ৰিজাই চাব পাৰি। বিস্তীর্ণ আকাশৰ মেঘৰ ভ্ৰমণ বিলাস দেখি কবিৰ মন আপ্লত হৈ উঠে তাক দেখিলে এনে ভাৱ হয় যেন সৰগৰ অমৃতৰে গা ধুই সি নিৰ্মল হৈ আহিছে।
কিন্তু পূৱৰ পৰা বৈ অহা ধীৰ সমীৰণত গড়ুড়ৰ স্কন্ধত উঠি বিষ্ণুৱে গমন কৰাৰ দৰেই মেঘবোৰো ধীৰে ধীৰে আকাশত ভাহি যায়। কিন্তু মেঘৰ এই শান্ত ৰূপেই একমাত্র ৰূপ নহয়। ই সৌন্দৰ্যৰ আকাৰ হ'লেও ইয়াত সোমাই আছে ধ্বংসৰ প্রহেলিকা। শান্ত, সৌম্য এই মেঘেই ক'লাৰূপ ধাৰণ কৰি প্রলয়ংকাৰী ৰূপ ধাৰণ কৰে। তেতিয়া আকাশে কৃষ্ণবর্ণ হৈ সমস্ত সংসাৰ ওন্দোলাই অন্ধকাৰাছন্ন কৰি তোলে। এচটা সাধাৰণ মেঘেই লাহে লাহে বিশালাকাৰ ৰূপ ধাৰণ কৰি গোটেই আকাশ ছানি পেলায়। ক্ষন্তেকতে বগা ৰং ক'লা হৈ পৰে। কোমল মেঘে কঠিন হৈ ভয়ংকৰ মূৰ্তি ধাৰণ কৰে আৰু ৰঙা, হালধীয়া, সোণ বৰণীয়া নানা ৰূপ লৈ আকাশৰ শূন্য স্থান পূৰণ কৰে। নানা মূর্তি ধাৰণ কৰি বিভীষিকাৰ সৃষ্টি কৰে। কেতিয়াবা বিজুলী ঢেৰেকণিৰে আকাশ উজলাই তোলে, কেতিয়াবা ব্রজপাত পৰে, কেতিয়াবা আকৌ শিল বৰষুণ হৈ সন্ত্ৰাসৰ সৃষ্টি কৰে। মেঘৰ এনে প্রলয়ংকাৰী ৰূপে আৰু বৰষুণে পৃথিৱীক বোৰাই পেলায় আৰু বহু জীৱ-জন্তুক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। এই দৰেই শান্ত সৌম্য মেঘে নিষ্ঠুৰ মূৰ্তি ধাৰণ কৰে।
এইদৰে 'মেঘ' কবিতাটিৰ জৰিয়তে কবি ভোলানাথ দাসে মেঘৰ বিচিত্ৰ ৰূপৰ সুন্দৰ বর্ণনা দাঙি ধৰিছে। কবিয়ে কৈছে যদি মেঘৰ বুকুত ইমান শক্তি লুকাই থাকিব পাৰে বুলি কবিয়ে কল্পনাই কৰিব পৰা নাছিল। কবিয়ে মেঘে এনেদৰে ক্ষন্তেকতে বৰণ সলাই প্রলয়ংকাৰী ৰূপ ধাৰণ কৰি পৃথিৱীক ওন্দোলাই অনা দেখি কবি আচৰিত হয় আৰু বিস্বাস কৰিবলৈ টান পায়।
৫। ভোলানাথ দাসৰ 'মেঘ' কবিতাটি গীতি কবিতাৰ লক্ষণ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা।
উত্তৰঃ কবি ভোলানাথ দাস প্রাচীন কাব্যধাৰা আৰু আধুনিক ৰোমাণ্টিক চেতনাৰ দোমোজাত যি সকলে কাব্য ৰচনা কৰিছিল তাৰ ভিতৰত আছিল অন্যতম। 'মেঘ' কবিতাটিৰ ৰচক ভোলানাথ দাস। 'মেঘ' কবিতাটো দাসৰ ৰচিত এটি সুন্দৰ কবিতা। ইয়াত মেঘৰ বিচিত্ৰ ৰূপৰ বৰ্ণনা দাঙি ধৰিছে। ইয়াত শুকুলা মেঘ সম্পৰ্কে কবিৰ মনত সৃষ্টি হোরা
ৰহস্য বিচিত্ৰ ৰূপত প্রকাশ কৰিছে। অকাশৰ বুকুত বৰফৰ দৰে শুভ্র মেঘ উদিত হোৱা দেখি কবি মনত সৃষ্টি হোৱা ভাৱৰ হেন্দোলনি কবিতাটিৰ জৰিয়তে কবিয়ে দাঙি ধৰিছে।
শুকুলা ৰঙৰ মেঘৰাশি বৰফৰ দৰে শুভ্র অথবা তুলাৰ দৰে বিমল আভাযুক্ত। শুভ্র মেঘবাশি সৰলতা আৰু পৱিত্ৰতাৰ প্রতীক। এই মেঘে প্রশান্ত ৰূপেৰে আকাশৰ বুকুত লয়লাস ভঙ্গীৰে ঘূৰি ফুৰে। ক্ষুদ্র ৰূপ ধৰি মেধে তাৰ অপৰূপা সৌন্দর্য বিস্তাৰ কৰে। তাক দেখিলে এনে ভাব হয় যে যেন সৰগৰ অমৃত সৰোবৰত গা ধুই পৱিত্ৰ হৈ আহিছে। এনে মেঘত পাপ-তাপৰ অকণো চেকা নাই। শুদ্ধ বগা সেই মেঘমালাক স্ফটিকৰ মণিৰ লগত তুলনা কৰিব পাৰি। বুকুৰ জলীয় ভাপৰ ক্ষুদ্ৰ কণিকা লৈ দূবৰিৰ দলিচাত মুকুতা মণিৰ দৰে আলাসতে আকাশত ভাঁহি উঠে আৰু কবিৰ চকুত ধৰা দিয়ে। কমোৱা তুলাৰ দৰে আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ বতাহৰ গতিত ধাৱমান হোৱা গতিশীল এই মেঘকে আকৌ পানীৰ ওপৰেৰে স্থিৰ গতিৰে গৈ থকা হাঁহৰ লগত ৰিজাই চাব পাৰি। বিস্তীর্ণ আকাশৰ মেঘৰ ভ্ৰমণ বিলাস দেখি কবিৰ মন আপ্লুত হৈ উঠে তাক দেখিলে এনে ভার হয় যেন সৰগৰ অমৃতৰে গা ধুই সি নির্মল হৈ আহিছে।
কবিতাটো কবিয়ে গীতি কবিতাৰূপে সজাই তুলিছে। কবিতাটোত কবিয়ে মেঘৰ বিভিন্ন ৰূপৰ বৰ্ণনা অতি সাৱলীলভাবে দাঙি ধৰিছে কিন্তু আৰম্ভণিৰ পৰা কবিতাটিত প্রাচীন শব্দৰ প্ৰয়োগ, প্রাচীন ৰচনাভঙ্গীৰ প্ৰকাশ হোৱাত ই ৰোমাণ্টিক কবিতাৰ শাৰীলৈ উঠিব নোৱাৰিলে। কবিতাটিত গীতি কবিতা প্রশস্তিৰ নিচিনাকৈ আৰম্ভ হৈছে।
কিন্তু পূৱৰ পৰা বৈ অহা ধীৰ সমীৰণত গড়ুড়ৰ স্কন্ধত উঠি বিষ্ণুৱে গমন কৰাৰ দৰেই মেঘবোৰো ধীৰে ধীৰে আকাশত ভাঁহি যায়। কিন্তু মেঘৰ এই শান্ত ৰূপেই একমাত্র ৰূপ নহয়। ই সৌন্দৰ্যৰ আকাৰ হ'লেও ইয়াত সোমাই আছে ধ্বংসৰ প্রহেলিকা। শান্ত, সৌম্য এই মেঘেই ক'লাৰূপ ধাৰণ কৰি প্রলয়ংকাৰী ৰূপ ধাৰণ কৰে। তেতিয়া আকাশে কৃষ্ণবর্ণ হৈ সমস্ত সংসাৰ ওন্দোলাই অন্ধকাৰাছন্ন কৰি তোলে। এচটা সাধাৰণ মেঘেই লাহে লাহে বিশালাকাৰ ৰূপ ধাৰণ কৰি গোটেই আকাশ ছানি পেলায়। খন্তেকতে বগা ৰং ক'লা হৈ পৰে।
কেতিয়াবা আকৌ ৰোমাণ্টিক ৰহস্যময়তাও কবিতাটোত সাৰ পাইউঠিছে। কবিয়ে মেঘৰ শান্ত ৰূপৰ উৎস সন্ধান কৰিবলৈ গৈ কৈছে অমৃতেৰে গা ধুইহে মেঘ পবিত্র হৈ পৰিছে।
শান্ত মূর্তি শান্ত ভাৱ কৰিছা ধাৰণ
অমৃতেৰে দেহ ধুই আহিছা পবিত্র হৈ
সৰল কোমল মনে দিছা দৰশন
এই দৰশন আজি নয়ন ৰঞ্জন।
এনেদৰেই ভোলানাথ দাসৰ 'মেঘ' কবিতাটি আধুনিক লিৰিকধর্মী কবিতা। ভাবৰ ঐক্য, ৰোমাণ্টিক কল্পনা আৰু সৌন্দৰ্যবোধৰ সমাহাৰত কবিতাটি উজ্জ্বলি উঠিছে। কোমল মেঘে কঠিন হৈ ভয়ংকৰ মূৰ্তি ধাৰণ কৰে আৰু ৰঙা, হালধীয়া, সোণ বৰণীয়া নানা ৰূপ লৈ আকাশৰ শূন্য স্থান পূৰণ কৰে। নানা মূর্তি ধাৰণ কৰি বিভীষিকাৰ সৃষ্টি কৰে। কেতিয়াবা বিজুলী ঢেৰেকণিৰে আকাশ উজলাই তোলে, কেতিয়াবা ব্রজপাত পৰে, কেতিয়াবা আকৌ শিল বৰষুন হৈ সন্ত্ৰাসৰ সৃষ্টি কৰে। মেঘৰ এনে প্রলয়ংকাৰী ৰূপে আৰু বৰষুণে পৃথিৱীক বোৰাই পেলায় আৰু বহু জীৱ-জন্তুক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। এই দৰেই শান্ত সৌম্য মেঘে নিষ্ঠুৰ মূৰ্তি ধাৰণ কৰে।
কবিতাটিৰ আৰম্ভণিৰ পৰা শেষলৈ প্ৰাচীন কাব্যৰীতিৰ বিস্তাৰ দেখিবলৈ পোৱা যায় যদিও তাৰ মাজতে ৰোমাণ্টিক কল্পনা আৰু সৌন্দর্য চেতনাৰ পৰিচয় পোৱা যায়। কবিৰ ভাষা পুৰণি ধৰণৰ হ'লেও তাৰ মাজতে সৌন্দর্য চেতনাৰ সুন্দৰ পৰিচয় পোৱা যায়। উঠিযোৱা মেঘমল্লাক তেওঁ হাঁহৰ বেদত তুলনা কৰি এনেদৰে কল্পনা কৰিছে-
পূর্ব দিশে ধীৰে ধীৰে বহে সমীৰণ
তাহাক বাহন কৰি সহর্ষে স্কন্ধত চৰি
ধীৰে ধীৰে ভাহি যোৱা গজেন্দ্ৰ গমন
ধীৰে ধীৰে জলস্রোত যেন হংসগন।
এইদৰে 'মেঘ' কবিতাটিৰ জৰিয়তে কবি ভোলানাথ দাসে মেঘৰ বিচিত্ৰ ৰূপৰ সুন্দৰ বর্ণনা দাঙি ধৰিছে। কবিয়ে কৈছে যদি মেঘৰ বুকুত ইমান শক্তি লুকাই থাকিব পাৰে বুলি কবিয়ে কল্পনাই কৰিব পৰা নাছিল। কবিয়ে মেঘে এনেদৰে ক্ষন্তেকতে বৰণ সলাই প্রলয়ংকাৰী ৰূপ ধাৰণ কৰি পৃথিৱীক ওন্দোলাই অনা দেখি কবি আচৰিত হয় আৰু বিশ্বাস কৰিবলৈ টান পায়।
মালতী
অতি চমু প্ৰশ্নোত্তৰঃ
১। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম কেতিয়া, ক’ত হৈছিল?
উত্তৰঃ ১৮৬৪ চনৰ নবেম্বৰ মাহৰ লক্ষী পুৰ্ণিমাৰ দিনাখন ব্ৰহ্মপুত্ৰৰ বুকুত।
২। বেজবৰুৱাদেৱৰ পিতৃৰ নাম কি?
উত্তৰঃ দীননাথ বেজবৰুৱা।
৩। বেজবৰুৱাদেৱে কিমান চনত বি.এ পাছ কৰিছিল ?
উত্তৰঃ ১৮৯০ চনত।
৪। বেজবৰুৱাদেৱৰ একমাত্ৰ কবিতাপুথিখনৰ নাম কি ?
উত্তৰঃ ‘কদমকলি’।
৫। বেজবৰুৱাদেৱে ‘জোনাকী’ কাকতৰ জৰিয়তে কোন প্ৰকাৰৰ লিখক ৰূপে আত্মপ্ৰকাশ কৰিছিল?
উত্তৰঃ নবন্যাসবাদী লিখকৰূপে
৬। বেজবৰুৱাদেৱে লিখা তেখেতৰ আত্মকথা পুথিখনৰ নাম লিখা
উত্তৰঃ ‘মোৰ জীৱন সোঁৱৰণ’।
৭। বেজবৰুৱাদেৱক অসমীয়া সমাজত কি নামেৰে জনা যায়?
উত্তৰঃ ৰসৰাজ নামেৰে জনা যায়।
৮। বেজবৰুৱাদেৱৰ ‘মোৰ জীৱন সোঁৱৰণ ‘ পুথিখন কেতিয়া প্ৰকাশ পাইছিল?
উত্তৰঃ ১৯৪৪ চনত।
৯। বেজবৰুৱাদেৱৰ ‘বুঢ়ী আইৰ সাধু ‘ পুথিখন কেতিয়া প্ৰকাশ পাইছিল ?
উত্তৰঃ ১৯১২ চনত।
১০। বেজবৰুৱাদেৱে অসম সাহিত্য সভাৰ কিমান চনৰ কোনখন অধিবেশনত সভাপতি হৈছিল?
উত্তৰঃ ১৯২৪ চনত, গুৱাহাটীত।
১১। বেজবৰুৱাদেৱে 'বাঁহী' আলোচনাখন কেতিয়া প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ১৯০৯ চনত।
১২। বেজবৰুৱাদেৱৰ 'তত্ত্ব-কথা' পুথিখন কিমান চনত প্রকাশ পাইছিল?
উত্তৰঃ ১৯৬৩ চনত।
১৩। বেজবৰুৱাদেৱৰ ককাদেউতা আৰু নাতিল 'ৰা পুথিখন কিমান চনত প্রকাশ পাইছিল?
উত্তৰঃ ১৯১২ চনত।
১৪। বেজবৰুৱাদেৱৰ মৃত্যু কেতিয়া আৰু ক'ত হৈছিল?
উত্তৰঃ ১৯৩৮ চনৰ মাৰ্চ মাহত, ডিব্ৰুগড়ত।
১৫। বেজবৰুৱাদেৱে কিহৰ ব্যৱসায় কৰিছিল?
উত্তৰঃ কাঠৰ ব্যৱসায়।
১৬। বেজবৰুৱাদেৱে লিখা কেইখনমান বুৰঞ্জীৰ পুথিৰ নাম লিখা।
উত্তৰ: ভাৰতবৰ্ষৰ বুৰঞ্জী, History of Vaishnavism in India, Rasalila of Sri Krishna আৰু Baroda State Lectures
১৭। বেজবৰুৱদেৱক ৰসৰাজ উপাধি কিমান চনত আৰু কোন ঠাইত দিয়া হৈছিল?
উত্তৰঃ ১৯৩১ চনত, শিৱসাগৰত।
১৮। মালতী কোন?
উত্তৰ: মালতী কবিৰ মানস প্রতিমা। কবিৰ দৃষ্টিত এইগৰাকী প্রিয়া পৰ্বত-জীয়াৰী অপৰূপা গৌৰী বা পার্বতীতকৈও অধিক সৌন্দর্যময়ী।
চমু প্রশ্নোত্তৰ:
১। 'মালতী' কোন?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ 'মালতী' কবিতাত মালতীক নিজ মানস প্রতিমা হিচাপে এগৰাকী অনিন্দ্যসুন্দৰ নাৰী ৰূপত অংকণ কৰিছে। দৈহিক ইন্দ্ৰিয়ানুভূতিৰ মাজত আৱদ্ধ নকৰি বিশুদ্ধ সৌন্দৰ্যৰ প্ৰতীক ৰূপত মালতীক তেওঁ জীৱনৰ প্ৰেৰণা ৰূপে গ্রহণ কৰিছে। এফালে মালতী যেনেকৈ কবিৰ প্ৰেম আৰু প্ৰেৰণাৰ উৎস, আনফালে ঐহিক জ্বালা-যন্ত্রণাময় জীৱনৰ মুক্তিদাত্ৰীৰ ৰূপতো কবিয়ে মালতীক গ্রহণ কৰিছে। পৰিশেষত ক'ব পাৰি যে মালতী কবিৰ বাবে পুৰাণৰ তিলোত্তমা আৰু কালিদাসৰ 'অনাঘ্রাত পুষ্প' শকুন্তলাৰো ঊর্ধ্বত এক মানস প্রতিমা, যিয়ে কবিক জীৱনৰ প্ৰকৃত পথ সন্ধান দিছে।
২। ব্যাখ্যা কৰাঃ
(ক) 'নুশুঙা ফুলটিৰ নুফুলা কলিটিৰ মালতীৰ তুলনা পায়।'
উত্তৰঃ উক্ত কবিতাফাকি লক্ষ্মীনাথ বেজবৰুৱাৰ 'মালতী' নামৰ ৰোমাণ্টিক প্রেমমূলক কবিতাটিৰ পৰা তুলি অনা হৈছে। মালতীৰ প্ৰকৃত ৰূপ-সৌন্দর্যক উচ্চ মর্যাদা দিবৰ বাবেই কবিতাফাকি উল্লেখ কৰিছে।
মালতী কবিৰ মানস প্রতিমা। কবিৰ দৃষ্টিত এইগৰাকী প্রিয়া পৰ্বত-জীয়াৰী অপৰূপা গৌৰী বা পার্বতীতকৈও অধিক সৌন্দর্যময়ী। কবিৰ মতে মালতী ইমানেই পরিত্র যেন অনাঘ্রাত কুসুম। সেয়েহে তেওঁ কবিতাটিত মালতীক কোনেও ঘ্রাণ নোলোৱা ফুলটিৰ লগত আৰু ফুলি সৌৰভ নিবিলোৱা ফুল কলিটিৰ লগত তুলনা কৰিছে। কবিৰ ভাব-চিন্তা মালতীৰ ভাবচিন্তাৰ সৈতে একে দিশতে গতি কৰিছে বুলি কবিৰ ধাৰণা হৈছে। কবিয়ে অনুভৱ কৰিছে তেওঁৰ হৃদয় মন্দিৰ মালতীয়ে দিনক দিনে মৰম-চেনেহেৰে ওপচাই দিছে। কবিৰ ইচ্ছা হৈছে মালতীক জীৱনজুৰিৰ নিচেই কাষতে ৰাখিব আৰু মালতীৰ সুখত হাঁহিব আৰু দুখত কান্দিব। তদুপৰি জীৱনৰ অন্তিম মুহূৰ্ততো মালতীৰ কোলাতেই মূৰ থৈ জীৱনৰ চিৰশান্তি লভিব।
(খ) 'লুইতৰ কুঁৱৰী নহয় ঐ মালতী
নহয় তেওঁ ফুলৰে ৰাণী
আকাশী পোহৰৰ নহয় তেওঁ প্রতিমা
নহয় তেওঁ বীণৰে বাণী।
উত্তৰঃ উক্ত কবিতাফাকি লক্ষ্মীনাথ বেজবৰুৱাৰ 'মালতী' নামৰ কবিতাটিৰ পৰা উদ্ধৃত। কবিৰ হিয়াৰ আমঠু স্বৰূপ, মানস প্রতিমা গৰাকীক কবিয়ে কি ভাবে গ্রহণ কৰিছে সেই কথা ব্যক্ত কৰিবলৈকে উক্ত কাব্যাংশটিৰ উল্লেখ কৰিছে।
'মালতী' লক্ষ্মীনাথ বেজবৰুৱাৰ এটা ৰোমাণ্টিক কবিতা। কবিতাটোত কবিয়ে তেওঁৰ কল্পনাৰ কুঁৱৰী মানসী প্রিয়া মালতীয়ে তেওঁৰ জীৱনত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে তাক ব্যক্ত কৰিছে। কবিৰ দৃষ্টিত মালতী অপূর্ব সুন্দৰী। সেয়ে তেওঁ কবিতাটিত মালতীৰ ৰূপ-সৌন্দৰ্যক প্ৰকৃতিৰ ৰূপৰ লগত বিলাই দিব বিচাৰিছে। কবিয়ে উল্লেখ কৰিছে যে ৰাতিপুৱা সূৰ্যৰ পোহৰত লুইতৰ দুয়োপাৰৰ বালি চিমিকাই উৰি আছে। লুইতৰ পাৰত হালি-জালি ফুলি থকা কঁহুৱা ফুলবোৰো চিক্লিকাইছে। কবিৰ দৃষ্টিত লুইতৰ পানীবোৰো ৰ'দত স্ফটিক মণিৰ দৰে জন্মলাইছে। প্রকৃতিৰ এই অনির্বচনীয় সৌন্দৰ্যৰ মাজতে কবিয়ে তেওঁৰ ভাবৰ প্ৰতিমাগৰাকীও চিমিকাই থকা দেখিবলৈ পাইছে। মালতীৰ হাঁহিত দাঁত দুপাৰিও চিমিকাই আছে বুলি কৈছে।
প্ৰকৃতিৰ লগত মালতীক উপস্থাপন কৰি কবিজনাই মানসী প্রিয়াগৰাকীৰ ৰূপৰ বর্ণনা দি আৰু অধিক সৌন্দর্যময়ী ৰূপত পাবলৈকে নেতিবাচক বক্তব্যৰে কৈছে-মালতী লুইতৰ কুঁৱৰীও নহয় নাইবা ফুলৰ ৰাণীও নহয়। সেইদৰে আকাশত বিজুলী পোহৰত জন্মকাই উঠা পোহৰৰ প্ৰতিমা অথবা বীণৰ বাণীও নহয়। কবিতাটিত উল্লেখ থকা 'লুইতৰ কুঁৱৰী' বুলি কওঁতে অপৰূপা সৌন্দর্যময়ী জলকুঁৱৰীৰ কথাকে বুজাইছে। ফুলৰ ৰাণী শব্দৰে গোলাপ ফুলক প্রতিনিধিত্ব কৰি তাৰ ৰূপ-সৌন্দৰ্যৰ লগত তুলনা কৰিছে। 'আকাশী পোহৰৰ প্ৰতিমা' শব্দৰে বিজুলীৰ চিকিনিত জিলিকি উঠা পোহৰৰ
প্রতিমাক কল্পনা কৰিছে। সেইদৰে বীণৰ বাণী শব্দই সৰস্বতীৰ বীণাৰ মধুৰ তংকাৰৰ কথা বুজাইছে। কবিতাটিত কবিজনাই এই সকলোবোৰৰ ওপৰত তেওঁৰ প্ৰেমিকাক ৰাখিবৰ বাবেই এনেধৰণৰ তুলনা দাঙি ধৰি মনত শান্তি লভিব বিচাৰিছে।
(গ) 'ভাবৰে প্ৰতিমা ভাবতে বাঢ়িছে
ভাবৰে বেহানি কৰে;
বুকুৰে ভিতৰত চেনেহৰ সঁফুৰাত
মালতী চেনেহকণ চৰে।'
উত্তৰঃ উক্ত কবিতাফাকি লক্ষ্মীনাথ বেজবৰুৱাৰ 'মালতী' নামৰ প্রেমমূলক কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিৰ বাবে প্ৰকৃততে মালতী কোন আৰু মালতীৰ প্ৰতি কবিৰ আকৰ্ষণ কেনেধৰণৰ তাক বুজাবৰ বাবেই কবিতাংশটি উল্লেখ কৰিছে।
মালতী ৰোমাণ্টিক ভাবধাৰাৰে পুষ্ট প্রেমমূলক কবিতা। কবিৰ জীৱন যাত্ৰাত মালতীয়ে কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে তাক কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে। কবিৰ দৃষ্টিত 'মালতী' এগৰাকী অপূর্ব সুন্দৰী নাৰী। কবিয়ে এই নাৰীগৰাকীক মানৱী ৰূপতেই কল্পনা কৰিব নে দেবী ৰূপত থ'ব তাক থিৰাং কৰিব পৰা নাই। মালতীৰ ৰূপত মোহিত হৈ কবি ব্যাকুল হৈ পৰিছে। সেয়ে প্রকৃতিৰ অনির্বচনীয় সৌন্দৰ্যৰ মাজতো মালতীৰ ৰূপক ঠাই দিছে। মালতীৰ হাঁহিত দাঁতে চিমিকাই উঠে। কবিয়ে মানসী প্ৰিয়াৰ ৰূপ-সৌন্দর্যত মোহিত হৈ কৈছে- মালতী লুইতৰ কুঁৱৰীও নহয়, ফুলৰ ৰাণীও নহয়, কবিয়ে মালতীক এনেদৰে নেতিবাচক ভংগীৰে কোৱাৰ উদ্দেশ্য মালতীৰ ৰূপ-সৌন্দর্য এই সকলোবোৰতকৈও ওপৰত। কবিয়ে মালতীক পৰ্বত জীয়াৰী অপৰূপা গৌৰী বা পাৰ্বতীতকৈও অধিক সুন্দৰ যেন অনুভৱ কৰিছে। সেয়ে তেওঁ কৈছে- মালতী অনাঘ্রাত, অপ্রফুল্লিত কুসুমৰ লগতহে তুলনীয়।
কবিৰ অন্তৰ আত্মাত মালতীয়ে এনেদৰে আৱৰি ধৰিলে যে কবিৰ ভাব-চিন্তা সকলো মালতীৰ ভাব-চিন্তাৰ লগত একাকাৰ হৈ পৰিছে। সেয়ে কবিয়ে কবিতাটিত কৈছে-মালতীৰ প্ৰতি চেনেহ দিনক দিনে বাঢ়িহে গৈছে। মালতীকেই যেন তেওঁ অন্তৰৰ সমস্ত মৰম-চেনেহ ঢালি দিব আৰু মালতীৰ কোলাতে মূৰ থৈ এই পৃথিৱীৰ পৰা বিদায় মাগিব।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। লক্ষ্মীনাথ বেজবৰুৱাৰ চমু পৰিচয় দাঙি ধৰি অসমীয়া সাহিত্যলৈ বেজবৰুৱাৰ বৰঙণিসমূহ উল্লেখ কৰা।
উত্তৰ: আধুনিক অসমীয়া ভাষা-সাহিত্যৰ বাটকটীয়া স্বৰূপ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় ১৮৬৮ খ্রীষ্টাব্দত। তেখেতৰ পিতৃ দীননাথ বেজবৰুৱা শিৱসাগৰৰ এক বৈষ্ণর পৰিয়ালৰ লোক আছিল। লক্ষ্মীনাথ বেজবৰুৱাই তেজপুৰ, লক্ষীমপুৰ, গুৱাহাটী, শিৱসাগৰ
আদিত স্কুলীয়া শিক্ষা গ্রহণ কৰি ১৮৮৬ খ্রীষ্টাব্দত প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। বেজবৰুৱাই উচ্চ শিক্ষাৰ বাবে কলকাতালৈ যায়। কলকাতাৰ পৰাই বি এ পাছ কৰি এম এ আৰু আইন পঢ়িবলৈ লয় যদিও উত্তীর্ণ হ'ব নোৱাৰিলে। শিক্ষা সাং কৰি বেজবৰুৱাই ১৮৯১ খ্ৰীষ্টাব্দত বংগদেশৰ বিখ্যাত দেবেন্দ্র নাথ ঠাকুৰৰ কন্যা প্রজ্ঞাসুন্দৰী দেৱীক বিয়া কৰায়। বেজবৰুৱা স্বাধীন মনৰ হোৱা বাবে চৰকাৰী চাকৰি নকৰি ভোলানাথ বৰুৱাৰ লগত কাঠৰ কাৰবাৰ কৰিয়েই কৰ্ম জীৱনৰ পাতনি মেলে। পিছলৈ নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰে। বেজবৰুৱাৰ প্ৰথমা কন্যা সুৰভীৰ পাঁচ বছৰ বয়সতে মৃত্যু ঘটে। তাৰ পাছত ক্রমে অৰুণা, ৰত্না আৰু দীপিকা নামেৰে তিনিজনী ছোৱালীয়ে বেজবৰুৱাৰ সাংসাৰিক জীৱন শুৱনি কৰে। ১৮৩৮ খ্ৰীষ্টাব্দত ডিব্ৰুগড়ত বেজবৰুৱাৰ মৃত্যু হয়।
জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম লক্ষ্মীনাথ বেজবৰুৱাই 'জোনাকী' কাকতৰ যোগেদিয়েই সাহিত্যিক জীৱনৰ পাতনি মেলে। বেজবৰুৱাই কলকাতাত পঢ়ি থকা কালছোৱাতে অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ.ভা. উ. সা) আৰু জোনাকী কাকত প্রতিষ্ঠাপনত আগভাগ লৈছিল। ১৯১০ চনত বেজবৰুৱাই নিজেই 'বাঁহী' নামৰ মাহেকীয় কাকত এখন সম্পাদনা কৰি উলিয়াইছিল। বহুমুখী প্রতিভাৰ গৰাকী বেজবৰুৱাই কবিতা, নাটক, উপন্যাস, চুটিগল্প, সাধুকথা, জীৱনী, আত্মজীৱনী, বিবিধ ৰসৰচনাকে আদি কৰি তত্ত্বগধুৰ ৰচনাৰে সাহিত্য ৰচনা কৰি আধুনিক অসীয়া ভাষাৰ ভেটি প্রতিষ্ঠা কৰে। ড° মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ এই সময়ছোৱাক 'বেজবৰুৱাৰ যুগ' বুলি আখ্যা দিছে। বেজবৰুৱাৰ সাহিত্য ৰচনাৰ মূলতে স্বদেশ প্রেম। সাহিত্যৰ ক্ষেত্ৰত বেজবৰুৱাৰ হাতত থকা অসাধাৰণ দক্ষতাৰ বাবেই তেওঁক সাহিত্যৰথী উপাধি প্রদান কৰা হৈছে। জোনাকীত প্রকাশিত 'লিটিকাই' নামৰ প্ৰহসনখনিৰ জৰিয়তে বেজবৰুৱাই সাহিত্যৰ ক্ষেত্ৰত প্ৰৱেশ কৰি সাহিত্য সকলো ক্ষেত্র লৈ অৱদান আগবঢ়ায়। বেজবৰুৱাৰ ৰচিত বিশাল সাহিত্যৰাজিক তলত উল্লেখ কৰা হৈছে।
১। কবিতাঃ কদমকলি (১৯১৩)
২। নাটক: (ক) বুৰঞ্জীমূলক নাটক-
১। জয়মতী (১৯১৫),
২। বেলিমাৰ (.......),
৩। চক্রধ্বজসিংহ (১৯১৫)
(খ) ধেমেলীয়া নাটক
১। লিটিকাই (১৮৯৮)
২। চিকৰপতি নিকৰপতি
৩। নোমল
৪। পাচনি
৩। উপন্যাসঃ পদুমকুঁৱৰী (১৯০৫)
৪। চুটিগল্পঃ ১। সুৰভি (১৯০৯
২। জোনবিৰি (১৯১৩)
৩। সাধুকথাৰ কুকি
৪। কেঁহোকলি
৫। সাধুকথাঃ ১। বুঢ়ীআইৰ সাধু
২। ককাদেউতা আৰু নাতিল'ৰা (১৯১২)
৩। জুনুকা
৬।। জীবনীঃ ১। ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত
(১৯০৯)
২। শংকৰদেৱ (১৯১২)
৩। শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্রীশ্রী মাধৱদেৱ (১৯১৪)
৭। আত্মজীৱনীঃ মোৰ জীৱন সোঁৱৰণ
৮। তত্ত্বমূলক ৰচনা: ১। তত্ত্বকথা
২। শ্রীকৃষ্ণ কথা
৩। চৈতন্যদের
৪। ভগবৎ কথা
৯। কৃপাবৰী ৰচনাঃ ১। কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা
২। কৃপাবৰ বৰুৱাৰ ওভতনি
৩। বৰবৰুৱাৰ বুলনি
৪। বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি
৫। কৃপাবৰ বৰুৱাৰ সামৰণি
৬। বৰবৰুৱাৰ সাহিত্য ৰহস্য
১০। বৈষয়িক গদ্য: ১। বাখৰ
২। কামত কৃতিত্ব লভিবৰ সংকেত
এনেদৰেই বেজবৰুৱাই বিশাল সাহিত্যৰাজিৰে অসমীয়া সাহিত্যত এক যুগান্তৰৰ সৃষ্টি কৰিলে।
২। অসমীয়া কবিতাৰ বুৰঞ্জীত লক্ষ্মীনাথ বেজবৰুৱাৰ স্থান সম্পর্কে লিখা।
উত্তৰঃ আধুনিক অসমীয়া ভাষা-সাহিত্যৰ গুৰি ধৰোঁতাসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱাৰ অন্যতম। 'জোনাকী' কাকতৰ জৰিয়তে সাহিত্যত আত্মপ্রকাশ কৰি বেজবৰুৱাই বিবিধ সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰি তোলে। বেজবৰুৱাই সাহিত্যৰ
অন্যান্য বিভাগৰ লগতে কবিতাৰ জগততো বৰঙণি আগবঢ়ায়। বেজবৰুৱাই কবিতাৰ পথাৰত ভুমুকি মাৰে একমাত্র কবিতাপুথি 'কদমকলি'ৰ যোগেৰে। 'কবিতা হয় যদি হওক নহয় যদি নহওক' ভাবধাৰাৰে কবিতা ৰচনা কৰি কদমকলিত সন্নিবিষ্ট কৰিছিল যদিও বেজবৰুৱাৰ সকলোবোৰ কবিতাক কবিতা আখ্যা দিব নোৱাৰি। কিন্তু যিকেইটা কবিতাত কাব্যৰ পৰশ পৰিছে সেইকেইটা ড° মহেশ্বৰ নেওগে ক'বৰ দৰে 'সোণপানীৰে ছপাই বন্ধাই থব লগীয়া'। কদমকলিৰ উপৰি 'বাঁহী' আলোচনীৰ পাততো বেজবৰুৱা কিছুমান কবিতা প্রকাশ হৈছিল। তদুপৰি হাস্য-ব্যংগ ভাবধাৰাৰে পুষ্ট ভালেকেইটা কবিতা বেজবৰুৱাই কৃপাবৰ বৰুৱাৰ নামত ৰচনা কৰে।
বেজবৰুৱাৰ কবিতাৰাজি আলোচনা কৰিলে ঘাইকৈ এইকেইটা দিশত ভগাব পাৰি-
(১) প্ৰেমৰ কবিতা আৰু চহা কবিতা
(২) জাতীয় ভাবৰ কবিতা
(৩) নীতি উপদেশমূলক কবিতা
(৪) ব্যংগ কবিতা
(৫) আধ্যাত্মিক ধর্মতত্ত্ব সম্বন্ধীয় কবিতা
কবি হিচাপে বেজবৰুৱাৰ স্বর্ণিল স্বাক্ষৰ হ'লে তেওঁৰ প্ৰণয় আৰু প্রকৃতিবিষয়ক কবিতা আৰু কৃপাবৰ বৰুৱাৰ ছদ্মনামত লিখা ব্যংগ আৰু হাস্যমধুৰ কবিতাবিলাক। বেজবৰুৱাৰ কবি প্রতিভা প্ৰধানকৈ দুটা দিশেৰে বৈ যায়। তেওঁৰ কিছুমান কবিতাত প্রেমে প্রাধান্য লাভ কৰিছে। তীব্র উচ্ছ্বসিত অনুভূতি, গীতিধর্মিতা আৰু প্ৰকাংশভংগীৰ সৰলতা বেজবৰুৱাৰ প্ৰণয় কবিতাবিলাকৰ মূল সম্পদ। বেজবৰুৱাৰ এক নির্দিষ্ট আৰু উচ্চমানসম্পন্ন প্ৰেমৰ দৰ্শন আছিল। বেজবৰুৱাই গভীৰভাৱে বিশ্বাস কৰিছিল যে প্রেমে সমস্তজগতকে মেৰিয়াই ধৰি আছে আৰু প্ৰেমৰ প্ৰেৰণাতেই পদুম ফুলে। সেয়ে বেজবৰুৱাই কৈছে- 'প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল। প্রেমমূলক কবিতাবোৰত বেজবৰুৱাই প্ৰেম আৰু সৌন্দৰ্যৰ স্বৰূপকেই বিভিন্ন দৃষ্টিৰে প্ৰকাশ কৰিছে। বেজবৰুৱাই কবিতাবোৰত প্ৰাচীন লোকগীতৰ আৰ্হিকো অনুকৰণ কৰিছে। বিশেষকৈ ধনবৰ আৰু ৰতনী, মালতী, নিমাতী কইনা, আদি কবিতাকেইটা লোকগীতৰ আৰ্হিত ৰচিত। 'প্রিয়তমা', 'প্রিয়তমাৰ সৌন্দৰ্য', প্রেম আদি কবিতাকেইটাত ৰোমাণ্টিক লক্ষণ প্রতিফলিত হৈছে। ৰোমাণ্টিক লক্ষণৰ কবিতাত ইংৰাজ কবি শ্যেলীৰ 'Philosophy of Love'ৰ প্ৰভাৱ আছে। মহাকবি ভার্জিলৰ দৰেই বোধহয় বেজবৰুৱায়ো বিশ্বাস কৰিছিল যে প্রেমে সকলোকে বশ কৰে 'Love Conquers All' আৰু সেইবাবে তেওঁ প্ৰেমৰ বিচিত্ৰ শক্তিৰ প্ৰভাৱত গিৰি-বন, গছ-লতিকাকো উদ্বুদ্ধ হৈ পৰা দেখিছিল। অতিশয় সূক্ষ্ম আৰু তীব্র দৃষ্টিৰে চাই তেওঁ প্ৰেমৰ অবৈভৱ ৰূপটো বুজি পাইছিল।
সৌন্দর্য প্ৰেমৰ সহচৰী, সেইবাবে কোনো কবিয়েই সৌন্দর্যক বাদ দি প্রেমৰ স্বৰূপ দাঙি ধৰা নাই। বেজবৰুৱাই তেওঁৰ কবিতাত প্রেম আৰু সৌন্দর্যক একেলগে বর্ণনা কৰিছে। 'প্রিয়তমা' আৰু 'প্রিয়তমাৰ সৌন্দর্য' নামৰ কবিতাত ইন্দ্রিয়জ প্রেম আৰু সৌন্দর্যক মনোমোহা কৰি তুলিছে। তাত প্রয়োগ কৰা চিত্রকল্পই পাঠকৰ অন্তৰত প্রিয়তমাৰ ৰূপ-সৌন্দর্যক অধিক মনোমোহা ৰূপত দাঙি ধৰিছে। কবিতাটিত প্রয়োগ কৰা সংলাপনাত্মক ভংগীটোৱে কাব্যিকতাৰ সৃষ্টি কৰিছে। বেজবৰুৱাৰ কবিতাত প্ৰকৃতিৰ সজীৱ সত্তাক আৰোপ কৰা নাই যদিও প্রকৃতি দেৱীক সম্পূর্ণরূপে নির্বাসনো দিয়া হোৱা নাই। তেওঁৰ ভালেমান কবিতাত প্ৰকৃতিৰ সজীৱতা প্রকাশ পাইছে। তেওঁ 'ভ্রম' নামৰ কবিতাত নৈসর্গিক সৌন্দৰ্যৰ মাজতে প্ৰেমৰ প্ৰৱাহ অনুভৱ কৰিছে আৰু কবিৰ চকুত ধৰা পৰিছে প্ৰকৃতিৰ এক অনুপম সৌন্দর্য-
'কোনে কয় সেইটি হৰিণা পোৱালি?
ইমান চেতনা নাই
বন সৌন্দৰ্যৰ ৰূপ ধৰি আহি
ডেও দি দুবৰি খায়।' (ভ্রম)
ধনবৰ ৰতনী, ৰতনী বেজাৰ, নিমাতী কইনা, তিলকা আদি কবিতা চহা জীৱনক লৈ ৰচিত। কবিতাকেইটা কবিজনাৰ প্রতিভা আৰু অভিজ্ঞতাৰ মণিকাঞ্চন সংযোগ যেন অনুভৱ হয়।
বেজবৰুৱাৰ কবিতাৰ আন এটা ধাৰা হৈছে- স্বদেশ প্রেম, 'বীণ ব'ৰাগী', 'মোৰ দেশ', 'আমাৰ জনমভূমি', 'ব্রহ্মপুত্র', 'অসম সংগীত' আদি বেজবৰুৱাৰ দেশপ্রেমমূলক কবিতা। স্বদেশপ্রীতি বেজবৰুৱাৰ সাহিত্যৰ ঘাই কথা। দেশপ্রেমমূলক কবিতাকেইটাত বেজবৰুৱাৰ জাগ্ৰত স্বদেশপ্ৰেমৰ পৰিচয় পোৱা যায়। কবিতাকেইটাত বেজবৰুৱাই অসমীয়া জাতিটোক অতীতৰ গৌৰৱপূৰ্ণ আদৰ্শৰে আগবাঢ়ি যাবলৈ আহ্বান জনাইছে
'অসম অকৌ উন্নতি পথত জয় আই অসম বোল।'
এক আপোন পৰিৱেশত আন্তৰিক প্ৰকাশেৰে সৰস ভাষাত ৰূপায়িত হোৱা বীণ ব'ৰাগী বেজবৰুৱাৰ শ্ৰেষ্ঠ কবিতাকেইটিৰ ভিতৰত অন্যতম। দেশমাতৃ অসমভূমিক অতীত গৌৰৱ আৰু শৌর্য-বীৰ্যৰ মধুৰ প্রকাশ ঘটিছে বীণ ব'ৰাগীত। বীণ ব'ৰাগীত কবিৰ আশাবাদ প্রকাশ পাইছে-
'গা বীণ গা অমৃত সংগীত
শুকানে মেলক কুঁহি।'
বেজবৰুৱাৰ কবিতাত অসমৰ নৈ, বিল, গছ-গছনি, গাঁও আৰু নগৰৰ বৰ্ণনাই প্রাধান্য লাভ কৰিছে। অন্তৰত থকা দেশপ্ৰেমৰ বাবেই কবিপ্রাণত এইবোৰে ভুমুকি মাৰিছে। 'আমাৰ জনমভূমি' কবিতাত এনে বর্ণনা আছে। বেজবৰুৱাৰ দ্বাৰা ৰচিত 'অ' মোৰ আপোনাৰ দেশ' গীতটোত মুগ্ধ হৈ অসমবাসীয়ে তাক জাতীয় সংগীতৰূপে মানি লয়
বেজবৰুৱা সাহিত্যৰ আন বিভাগৰ দৰে কবিতাৰ জগততো লক্ষ্মীনাথ আৰু কৃপাবৰ এই দুয়োজন কবিয়ে সমান্তৰালভাৱে কাব্যস্ৰষ্টাৰ ভূমিকা লৈছে। লঘুবৈঠকী, পেৰডী আৰু বিদ্রূপাত্মক কবিতাকেইটিৰ অন্তৰালত কৃপাবৰ লুকাই আছে। কৃপাবৰৰ হাঁহিত উইট হিউমাৰ আৰু চেটায়াৰৰ অভাৱ নাই। 'চালনী আৰু বেজী' কবিতাত অসমীয়া সমাজৰ দুর্বলতাসমূহক চোকা অথচ সৰল ভাষাৰে বৰ্ণনা কৰিছে। 'বৃন্দা' আৰু 'চন্দ্ৰাৱলী সংবাদ'ত ইংৰাজী আৰু অসমীয়া মিশ্রভাষাৰ খিচিৰি পগাই হাঁহিৰ খোৰাক জগাইছে। বেজবৰুৱাৰ কৃপাবৰী ৰূপে কেৱল হাস্যৰস সৃষ্টি কৰাই নহয়, তাৰ মাজতে কবিজনাৰ জীৱন দৰ্শনো লুকাই আছে-
'আন্ধাৰ পোহৰ যুঁজে বৰ
শেষত জয়ৰ পোহৰ।'
বেজবৰুৱাই 'শোকৰ সংগীত সিটি বিষাদৰ সুৰ' বুলি আৰম্ভ কৰা কবিতাটোত কবিতাৰেই এটা সংজ্ঞা দাঙি ধৰিছে।
বেজবৰুৱাৰ কবিজীৱন সম্পূৰ্ণৰূপে সার্থক নহয় যদিও কবিতাসমূহৰ মাজত এক বিশেষ মহত্ত্ব আছে। অসমৰ লোকগীতৰ ছন্দ আৰু বৰ্ণনাৰ প্ৰভাৱ বেজবৰুৱাৰ কবিতাত দেখা যায়। কবিতাত প্রকাশিত আশাবাদে বেজবৰুৱাৰ কবিতাক এক সুকীয়া মর্যাদা দান কৰিছে।
৩। বেজবৰুৱাৰ 'মালতী' কবিতাৰ মূলভাবটি লিখা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ 'মালতী' কবিতাটো ৰোমাণ্টিক প্রেমমূলক কবিতা। কবিতাটিত 'মালতী' কবিৰ এগৰাকী কল্পিত নাৰী। এই নাৰীগৰাকীয়ে কবিৰ জীৱনক কিদৰে প্ৰভাৱিত কৰি জীৱনটো ৰঙিয়াল কৰি তুলিছে তাক কবিয়ে কল্পনাৰ জৰিয়তে বৰ্ণনা কৰিছে।
'মালতী' কবিতাত কবিজনাই আৰম্ভণিতে প্রকৃতিজগতৰ সজীৱ বৰ্ণনাৰে তেওঁৰ কল্পনাৰ কুঁৱৰী মালতীক দাঙি ধৰিছে। কবিৰ দৃষ্টিত পূবৰ ৰ'দত লুইতৰ পাৰৰ বালি জন্মকাই থকা দেখা পাইছে। কবিয়ে কল্পনা কৰিছে ৰাতিপুৱা সূৰ্যৰ পোহৰত লুইতৰ পাৰৰ বালি চিৰ্মিক কৰি আছে আৰু আকাশত বগলীবোৰে জাকি মাৰি উৰি গৈছে। লুইতৰ পাৰত থকা কঁহুৱা ফুলবোৰ বতাহত হালি-জালি উজলি উঠিছে। তদুপৰি সূৰ্যৰ পোহৰত স্ফটিক মণিৰ দৰে লুইতৰ পানীধাৰা চিমিকাই উঠিছে। প্রকৃতিৰ এই মনোমোহা ৰূপে কবিৰ মনত এক অজানপুলক আনি দিছে। ফলত কবিৰ মানসী প্রিয়া 'মালতী'য়ে নতুন ৰূপত কবিৰ মনত ধৰা দিছে। কবিয়ে মালতীৰ ৰূপ-সৌন্দৰ্যক অনিন্দ্যসুন্দৰ ৰূপত অংকন কৰি উচ্চ পৰ্যায়ত প্রতিষ্ঠা কৰিব বিচাৰে। কবিয়ে মালতীৰ ৰূপক তুলনা কৰিবৰ বাবে সমার্থক বস্তুৱেই বিচাৰি পোৱা নাই। সেয়ে তেওঁ কৈছে- মালতী লুইতৰ কুঁৱৰীও নহয়, অথবা ফুলৰ ৰাণীও নহয়। মানস প্রতিমা গৰাকী আকাশী পোহৰত উজলি উঠা
বিজুলীসদৃশ জন্মকীয়া প্রতিমাও নহয়, বীণাৰ মধুৰ ধ্বনিও নহয়। কবিৰ কল্পিত প্ৰিয়াৰ ৰূপৰ লগত কবিয়ে একোৰে তুলনা কৰিব নোৱাৰে। সেয়ে তেওঁ আকৌ কৈছে পৰ্বতৰ জীয়াৰী সুন্দৰী গৌৰী বা পাৰ্বতীৰ লগতো মালতীৰ সৌন্দৰ্যৰ তুলনা নাই। মালতীৰ স্থান এই সকলোবোৰৰ ওপৰত।
কবি ইমানতো সন্তুষ্ট হ'ব পৰা নাই। তেওঁ প্ৰিয়াৰ প্রতি ইমানেই আকর্ষিত যে তেওঁৰ ভাবৰ প্ৰতিমাগৰাকীৰ বৰ্ণনা দাঙি ধৰি শেষেই নহয়। সেয়ে তেওঁ কৈছে মালতী এতিয়ালৈকে কোনেও নুশুঙা সদ্য প্রফুল্লিত ফুল অথবা ফুলি গোন্ধ নিবিলোৱা ফুল কলিটিৰ লগতহে তুলনীয়। কবিয়ে তেওঁৰ জীৱনত মালতীৰ ভাব-চিন্তাই প্রভাবিত কৰিছে বুলি ধাৰণা কৰিছে। সেয়ে তেওঁ অনুভৱ কৰিছে কবিৰ হিয়াত মালতীয়ে যেন সদায় ৰাখিব, মালতীৰ হাঁহিত নিজৰ হাঁহিটি মিলাই দিব, মালতীৰ দুখত সমভাগী হ'ব। তদুপিৰ মালতীৰ কোলাতেই মূৰ থৈ জীৱনৰ অন্তিম বেলাত চিৰশান্তি লাভ কৰিব বুলি কবিজনাই কল্পনা কৰিছে।
৪। 'মালতী' কবিতাৰ মূলভাব লিখি কবিতাটিৰ কাব্যিক সৌন্দর্য বিচাৰ কৰা।।
উত্তৰ: ৰাতিপুৱাৰ লগে লগে হিৰণ-কিৰণ জ্যোতিৰে পূব আকাশত সূর্য উদয় হয়। উদিত সূৰুযৰ কনক বৰণ কিৰণৰ পৰশত লুইতৰ পাৰৰ ৰূপালী বালি জিমিকাই উঠে। পাখিত পাখি লগাই, পাখিত সূৰুযৰ কিৰণ সানি বগাকৈ বগলী লালী পাতি নীলিম আকাশৰ বুকুৰে দিগস্তলৈ উৰি যায়। মৃদু মন্দ সমীৰণত হালি-জালি নাচি থকা লুইতৰ-পাৰৰ শুভ্ৰ কঁহুৱা ফুলবোৰ সূৰ্যৰ ৰূপালী কিৰণ পৰি চিক্রিকাই উঠে। ফটিক সদৃশ সলিল ধাৰাৰ ওপৰত সূৰ্যৰ ৰশ্মি পৰি মনোহৰ হৈ পৰে। নৈসর্গিক জগতৰ এই অনির্বচনীয় সৌন্দর্য-সুষমাতকৈও কবিৰ মানসী প্রিয়া মালতীৰ ডালিমগুটীয়া দাতৰ জিলিকনিৰ শোভা অধিক মনোৰম।
কবিৰ দৃষ্টিত মালতী কোনো চাক্ষুষ সত্তা নহয়, মালতীৰ কোনো নির্দিষ্ট রূপ বা অবয়ব নাই। মালতী অনির্বচনীয় এক সত্তা, যাক বাক্য-মন আদিৰেও ঢুকি পোৱা নাযায়। মালতী লুইত কুঁৱৰীও নহয়, ফুলৰ ৰাণীও নহয়। অথবা মালতী কোনো প্রতিমাও নহয়। মালতী বীণৰ অপূর্ব মূর্ছনাও নহয়। ৰূপ আৰু সৌন্দৰ্যৰ অনন্ত ভঁৰাল স্বৰূপা হিমালয় কন্যা ৰূপৱতী গৌৰীৰ ৰূপৰ লগতো মালতীৰ ৰূপ-তুলনা কৰিব পৰা নাযায়।
জগতৰ কোনো সীমিত ৰূপ-সৌন্দৰ্যৰ লগত মালতীৰ ৰূপ-সৌন্দৰ্যৰ তুলনা কৰিব নোৱাৰি। অনাঘাত ফুলৰ সৌৰভ আৰু নুফুলা ফুলকলিৰ লগতহে কবিয়ে মালতীৰ সৌন্দৰ্যৰ তুলনা বিচাৰি পাইছে। অনাঘাত পুষ্প অথবা অৰ্দ্ধ বিকশিত কুসুম কলিৰ গন্ধ-সৌন্দৰ্যৰ বিষয়ে মাথোন কল্পনাহে কৰিব পাৰি। একেদৰে মালতীৰ অপৰূপ ৰূপৰ বিষয়ে মাথোন কল্পনাহে কৰিব পাৰি।
মালতীৰ সত্তা উপলব্ধি কৰিব পাৰি মনোজগতত। ভাব-কল্পনা আদিৰেহে মালতীৰ অস্তিত্ব অনুমান কৰিব পাৰি। ভাবৰ প্রতিমা মালতীয়ে ভাবুকৰ প্ৰাণত ভাবৰ লীলা-
খেলা কৰে। সহৃদয়জনেহে মালতীৰ স্নেহ উপলব্ধি কৰিব পাৰে। কবিয়ে সেয়ে তেওঁৰ মনোজগতৰ লগত একীভূত হৈ থাকিবলৈ প্ৰয়াস কৰিছে। জীৱনৰ কাল-সন্ধিয়া, নিষ্ঠুৰ আৰু নিৰ্মম এই জগতৰ পৰা মেলানি মগাৰ মুহূৰ্ততো কবিয়ে কামনা কৰিছে তেওঁ যেন মালতীৰ কোলাতে মূৰ থৈ চিৰ বিদায় ল'ব পাৰে। জীৱনৰ সকলো অৱস্থাতে মালতীৰ লগত এক নিবিড় সম্পর্ক স্থাপন কৰাৰ হাবিয়াস কবিতাটোৰ জৰিয়তে মূৰ্ত হৈ উঠিছে।
মালতী কবিতাটি কবি লক্ষ্মীনাথ বেজবৰুৱাৰ সৌন্দৰ্য প্ৰীতিৰ অপূর্ব নিদর্শন। কবিতাটিত প্রেম আৰু সৌন্দৰ্যৰ সমন্বয় সাধিত হৈছে। কবিয়ে মানসী প্ৰিয়াৰ সৌন্দৰ্যৰ আভাস দিবলৈ গৈ প্ৰকৃতিৰ বুকুৰ পৰা মনোৰম কিছুমান উপমা বুটলি থৈছে। পুৱা সূৰ্যৰ ৰশ্মিত জিলমিলাই থকা লুইতৰ ৰূপোৱালী বালি, আকাশেদি উৰি যোৱা বগা বগলীৰ জাক, লুইতৰ পাৰে পাৰে বতাহত হালি-জালি ফুলি থকা কঁহুৱা ফুলৰ শাৰী আদি ভালেমান মনোৰম চিত্ৰকল্পৰ সমাৱেশে কবিতাটিক বিশেষ সৌন্দর্য প্রদান কৰিছে। কবিৰ মানসী প্রিয়া মালতীৰ অনির্বচনীয় সৌন্দর্য-সুষমাৰ তুলনা দিবলৈকে কবিয়ে প্রকৃতি জগতৰ পৰা এনেবোৰ উপমা বুটলি লৈছে।
মালতী কবিতাটিত প্রকাশিত কবিৰ সৌন্দৰ্যপ্রীতি ৰোমাণ্টিক ভাবধাৰাৰে পুষ্ট। ৰোমাণ্টিক কবিতাৰ অন্যতম প্রধান লক্ষণ কল্পনাপ্রিয়তা বেজবৰুৱাৰ এই কবিতাটিত অতি স্পষ্ট ৰূপত প্রতিভাত হৈছে। কল্পনাই নেদেখা সৌন্দৰ্যৰ সুন্দৰ ছবিখনি মনলৈ আনি দিয়াৰ যি ৰোমাণ্টিক ধ্যান-ধাৰণা সেয়া কবিতাটিৰ প্ৰতি ছত্ৰতে অনুভৱ কৰিব পাৰি।
জগতৰ কোনো সীমিত ৰূপ-সৌন্দৰ্যৰ লগত মালতীৰ ৰূপ-সৌন্দৰ্যৰ তুলনা বিচাৰি নাপাই কবিয়ে অনাঘাত ফুলৰ সৌৰভ আৰ নুফুলা ফুলকলিটিৰ লগত মালতীৰ তুলনা বিচাৰি পোৱাৰ কল্পনা সঁচাকৈয়ে মনোৰম।
ৰোমাণ্টিক কবিৰ প্ৰেমানুৰাগেৰে 'মালতী' কবিতাটি ৰঞ্জিত। অনুপম সৌন্দৰ্যৰ সঁফুৰাস্বৰূপ মালতীক লৈয়েই কবিয়ে জনমে-মৰণে সুখৰ বাঞ্ছা কৰিছে। কবিয়ে মানসী-প্রিয়া মালতীৰ কোলাতে মূৰ থৈ এই পৃথিৱীৰ পৰা মেলানি মগাৰ যি কল্পনা কৰিছে তাতো গভীৰ প্রেমানুভূতিৰ সুৰেই প্ৰতিধ্বনিত হৈছে। প্রেম আৰু সৌন্দৰ্যৰ ওতঃপ্রোত সম্বন্ধ। সৌন্দৰ্যৰ লগতে নিহিত হৈ থাকে সত্য। ইংৰাজ কবি কীটছে কৈছিল-Beauty is truth, truth is beauty. মালতী কবিতাতো তাৰে অনুৰণন যেন আমি শুনিবলৈ পাওঁ। প্রেম আৰু সৌন্দৰ্যৰ অবিচ্ছেদ্য সম্বন্ধৰ প্রকাশে কবিতাটিত ৰোমাণ্টিক লক্ষণ অধিক স্পষ্ট কৰি তুলিছে।
এনেদৰে প্রকৃতিপ্রীতি, কল্পনাৰ গভীৰতা, গভীৰ প্ৰেমানুৰাগ আৰু সৌন্দৰ্যৰ বাণীচিত্ৰেৰে বেজবৰুৱাৰ মালতী কবিতাটি এটি উৎকৃষ্ট ৰোমাণ্টিক কবিতা। প্রকৃতি জগতৰ পৰা গৃহীত চিত্ৰকল্পৰ প্রয়োগে কবিতাটিক সৌন্দৰ্যৰ এক বেলেগ মাত্রা প্রদান কৰিছে।
উদাহৰণস্বৰূপে, তলৰ চিত্ৰত্রকল্পকেইটি এই সন্দৰ্ভত প্রণিধানযোগ্য-
"পূবৰে ৰ’দতে চিকমিক কৰিছে
লুইতৰ পাৰৰে বালি;
আকাশত উৰিছে তেনে চিকেমিকাই
বগলী জাকৰে লালী।
পাৰতে কঁহুৱাৰ ফুলে চিকেমিকাই
পানীতে ফটিকৰ জোল;
মালতীৰ হাঁহিতে দাঁতে চিকেমিকাই
দেখোঁতেই আমোলমোল।"
ছন্দৰ সাৱলীল গতি, মাধুর্য-মধুৰ সৰল শব্দ বিন্যাস কবিতাটিৰ অন্যতম প্রধান বিশেষত্ব। অনুপ্রাস আৰু উপমা অলংকাৰৰ সাৰ্থক প্রয়োগ কবিতাটিৰ আন এক উল্লেখনীয় দিশ। ভাব-কল্পনা আৰু অনুভূতিৰ গভীৰতাৰে বেজবৰুৱাৰ মালতী কবিতাটি এটি সার্থক ৰোমাণ্টিক কবিতা।
৫। বেজবৰুৱাৰ 'মালতী' কবিতাৰ বিষয়বস্তুৰ আভাস দিয়া। কবিৰ মতে 'মালতী' কোন?
উত্তৰ: ৰাতিপুৱাৰ লগে লগে হিৰণ-কিৰণ জ্যোতিৰে সূৰ্যদেৱে পূব আকাশত ভুমুকি মাৰে। সূৰুযৰ কনক-কিৰণ জ্যোতিৰ পৰশত লুইতৰ ৰূপোৱালী বালি চিকমিকাই উঠে। 'পাখিত পাখি লগাই, পাখিত পুৱাৰ সূৰুযৰ কিৰণ সানি বগাকৈ বগলী নীল আকাশৰ বুকুৱেদি লানি পাতি উৰি যায়। লুইতৰ দুয়োপাৰে বতাহত হালি-জালি ফুলি থকা কঁহুৱা ফুলবোৰৰ ওপৰত সূৰ্যৰ কিৰণ পৰি চিকমিকাই উঠে। ফটিকৰ দৰে স্বচ্ছ পানীৰ ওপৰত সূৰ্যৰ পোহৰ পৰি এক অপৰূপ মায়াময় পৰিৱেশৰ সৃষ্টি কৰে। নৈসর্গিক জগতৰ এই অনাবিল সৌন্দর্য-সূষমা কবিয়ে মালতীৰ হাঁহিতে চিমিকাই উঠা বুলি কৈছে।
কবিৰ দৃষ্টিত মালতী কোনো এটি চাক্ষুষ সত্তা নহয়। মালতীৰ কোনো নির্দিষ্ট ৰূপ বা অবয়ব নাই। মালতী অনির্বচনীয় এক সত্তা, যাক বাক্য, মন আদিৰে ঢুকি পোৱা নাযায়। মালতী লুইতৰ অধিষ্ঠাত্ৰী দেৱী লুইত কুঁৱৰী নহয়, মালতী ফুলৰ ৰাণী নহয়, মালতী কোনো মনোৰম প্রতিমা নহয়, অথবা মালতী বীণৰ অপূর্ব মূর্ছনাও নহয়। অপৰূপ ৰূপ- লাৱণ্যৰ আধাৰ স্বৰূপা হিমালয়ৰ কন্যা গৌৰীৰ ৰূপৰ লগতো মালতীৰ ৰূপ-সৌন্দৰ্যৰ তুলনা কৰিব নোৱাৰি। প্ৰকৃততে জগতৰ কোনো সীমিত ৰূপ-সৌন্দৰ্যৰ লগতে মালতীৰ তুলনা সম্ভৱ নহয়। অনাঘ্রাত ফুলৰ সৌৰভ আৰু প্ৰস্ফুটিত নোহোৱা ফুল কলিৰ লগতহে কবিয়ে মালতীৰ তুলনা বিচাৰি পাইছে। কিয়নো অনাঘ্রাত পুষ্পৰ সৌৰভআৰু অবিকশিত কুসুমৰ সৌৰভ-সৌন্দৰ্যৰ সন্দৰ্ভত কোনো নিশ্চিত সিদ্ধান্ত ল'ব নোৱাৰি, মাথোন তেনে সৌৰভ-সৌন্দৰ্যৰ বিষয়ে কল্পনাহে কৰিব পাৰি। মালতীৰ সৌন্দৰ্যও কবিৰ দৃষ্টিত তেনেকুৱাই কল্পনাসাপেক্ষ।
মালতীৰ সত্তা উপলব্ধি কৰিব পাৰি মনোজগতত। ভাবুকৰ প্ৰাণতহে মালতীৰ বিকাশ কৰিব পাৰি। ভাবৰ প্ৰতিমা মালতীয়ে ভাবুকৰ প্ৰাণত ভাবৰ লীলা-খেলা কৰে। সহৃদয়জনৰ অন্তৰত মালতীৰ স্নেহ বৰ্দ্ধিত হয় অর্থাৎ সহৃদয়ৰ হৃদয়তহে মালতীৰ মৰম-স্নেহ উপলব্ধি কৰিব পাৰে।
কবিয়ে তেওঁৰ মনোজগতত মালতীক আদৰ আৰু স্নেহেৰে আসন দি সুখ-দুখ আদি জীৱনৰ সকলো অৱস্থাতে মালতীৰ লগত একীভূত হৈ থাকিবলৈ প্ৰয়াস কৰিছে। জীৱনৰ কাল সন্ধিয়া নিষ্ঠুৰ জগতৰ পৰা মেলানি মগাৰ মুহূৰ্ততো কবিয়ে মালতীৰ মৰমী পৰশ কামনা কৰিছে। কবিৰ জীৱনৰ সকলো অবস্থাতে মালতীৰ লগত এক নিবিড় সম্বন্ধ স্থাপন কৰাৰ হাবিয়াস কবিতাটিৰ জৰিয়তে মূৰ্ত হৈ উঠিছে।
কবিৰ দৃষ্টিত মালতী নির্দিষ্ট রূপসাপেক্ষ কোনো চাক্ষুষ সত্তা নহয়। মালতী অনির্বচনীয় এক সত্ত্বা। নিদিষ্ট কোনো ৰূপৰ মাজত মালতীৰ ৰূপশোভা সীমিত নহয়। ৰূপ সৌন্দর্য আৰু বৰ্ণ-সুষমাৰে চিৰমণ্ডিতা প্রকৃতি দেৱীৰ বুকুত প্রতিভাত অপৰূপ সৌন্দর্য-শোভাব মাজতো মালতী নাই। খণ্ড সৌন্দৰ্যৰ আকৰস্বৰূপ লুইতৰ পাৰৰ বগা ধকধকী বলুকাৰাশি, নীলিম আকাশৰ বুকুৰে লানি পাতি উৰি যোৱা বগা বগলীৰ জাক, লুইতৰ দুয়োপাৰে শুভ্র সৌন্দৰ্যৰ পোহাৰ মেলা বতাহত হালি-জালি থকা কঁহুৱা অথবা স্ফটিক সদৃশ স্বচ্ছ জলৰাশি আদি সৌন্দৰ্যসম্পন্ন বস্তুৰ মাজত মালতী নাই। সেয়ে কবিয়ে কৈছে মালতী লুইতৰ কুঁৱৰী, ফুলৰ ৰাণী, আকাশী পোহৰৰ প্ৰতিমা অথবা বীণৰ মূর্ছনাও নহয়-
'লুইতৰ কুঁৱৰ নহয় ঐ মালতী
নহয় তেওঁ ফুলৰে ৰাণী;
আকাশী পোহৰৰ নহয় তেওঁ প্রতিমা
নহয় তেওঁ বীণৰে বাণী।'
কবিয়ে অনাঘ্রাত পুরূপ অথবা অদ্ধ বিকশিত ফুলকলিৰ লগতহে মালতীৰ তুলনা বিচাৰি পাইছে। মালতী প্রকৃততে ইন্দ্ৰিয়গ্রাহ্য অনুভৱৰ বস্তু নহয়, মালতী যেন এক অতীন্দ্রিয় সত্তা। সত্য-শিৱ-সুন্দৰৰ পূজাৰী ভাবুকৰ হৃদয়ৰ নিভৃত কোণতহে মালতীৰ অস্তিত্ব অনুভৱ কৰিব পাৰি-
'ভাবৰে প্ৰতিমা ভাবতে বাঢ়িছে
ভাবৰে বেহানি কৰে;
বুকুৰে ভিতৰত চেনেহৰ সঁফুৰাত
মালতীৰ চেনেহকণ চৰে।'
অর্থাৎ কল্পনা আৰু অনুভৱৰ আতিশয্যতহে মালতীৰ অস্তিত্ব অনুমান কৰিব পাৰি। ভাব-কল্পনাতহে মালতীৰ অস্তিত্ব, বাস্তৱত নাই।
৬। 'মালতী' কবিতাত প্রকাশ পোৱা কবিৰ মানসী-প্রিয়া মালতীৰ ৰূপ-সৌন্দৰ্যৰ আভাস দাঙি ধৰা।
উত্তৰ: ৰোমাণ্টিক কবি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ 'মালতী' কবিতাটি ৰোমাণ্টিক ভাবধাৰাৰ শ্ৰেষ্ঠ নিদর্শন। কবিতাটিত কবিৰ ৰোমাণ্টিক ভাব-বিলাস আৰু ধ্যান-ধাৰণাৰ সুস্পষ্ট প্রকাশ ঘটিছে। কবিতাটিত কবিৰ সৌন্দৰ্য প্রীতি আৰু গভীৰ প্রেমানুভূতিৰ সংযোগত কবিৰ মানসী-প্রিয়া মালতীয়ে অপৰূপ ৰূপ পৰিগ্ৰহ কৰিছে।
কবিৰ দৃষ্টিত মালতী অনির্বচনীয় সৌন্দৰ্য সুষমাৰ আকৰ স্বৰূপা। কবিয়ে সেই অপৰূপ ৰূপৰ প্ৰকাশৰ বাবে কবিয়ে প্রাকৃতিক জগতৰ বিভিন্ন উপমাৰ সহায় লৈছে। পুৱাৰ সূৰুযৰ ৰ'দৰ পোহৰ পৰি চিকমিকাই উঠা লুইতৰ ৰূপোৱালী বলুকাৰাশিয়ে মোহনীয় সৌন্দৰ্যৰ সৃষ্টি কৰে। নীলা আকাশৰ পৃষ্ঠভূমিত উৰি যোৱা বগা বগলী জাকৰ বগা পাখিত সূৰুযৰ জিলিঙনি পৰি এক মনোৰম সৌন্দৰ্যৰ পোহাৰ মেলে। ফটিকৰ ধাৰ যেন স্বচ্ছ ফুলত ৰ'দৰ ৰেঙণি পৰি আন এক অপৰূপ সৌন্দৰ্যৰ সৃষ্টি কৰে। প্ৰকৃতিৰ এনেবোৰ সৌন্দর্যসম্পন্ন বস্তুতকৈও কবিৰ বাবে প্ৰিয়াৰ মিচিকিয়া 'হাঁহিটি'ত প্রকাশিত ডালিমগুটীয়া দাঁতৰ জিলিকনিহে অপূৰ্ব আৰু অনবদ্য শোভাৰ আকৰ। অৰ্থাৎ এনেবোৰ সৌন্দৰ্যসম্পন্ন প্রাকৃতিক শোভাতকৈও কবিৰ দৃষ্টিত মালতীৰ হাঁহিটি অধিক মোহনীয়। বিভিন্ন চিত্রকল্পৰ সহায়ত কবিয়ে মানসীপ্ৰিয়াৰ সৌন্দৰ্য-শোভাৰ বৰ্ণনা কৰিছে-
"পূবৰে ৰ'দতে চিকমিক কৰিছে
লুইতৰ পাৰৰে বালি;
আকাশত উৰিছে তেনে চিকেমিকাই
বগলী জাকৰে লালী।
পাৰতে কঁহুৱাৰ ফুলে চিকেমিকাই
পানীতে ফটিকৰ জোল;
মালতীৰ হাঁহিতে দাঁতে চিকেমিকাই
দেখোঁতেই আমোলমোল।"
কবিৰ বাবে মালতী অতুলনীয় সৌন্দৰ্যৰ আকৰ স্বৰূপা। সেই সৌন্দর্য প্রকাশ কৰিবলৈ উপযুক্ত উপমা বিচাৰি কবি থমকি ৰৈছে। মালতী লুইতৰ অধিষ্ঠাত্ৰী দেৱী লুইত কুঁৱৰীও নহয় নাইবা মালতী ফুলৰ ৰাণী স্বৰূপাও নহয়। মালতী আকাশী পোহৰেৰে নিৰ্মিতা প্রতিমাও নহয় অথবা বীণৰ মনমোহিনী সুৰৰ মূৰ্চ্ছনাৰ লগতো মালতীৰ তুলনা পাব নোৱাৰি। ইমানে নহয়, অতুলনীয় সৌন্দর্য-সুষমাৰ অধিকাৰিণী স্বৰূপা গিৰিৰাজ হিমালয়ৰ কন্যা গৌৰীৰ অপৰূপ ৰূপ-লাবণ্যৰেও-মালতীৰ ৰূপ-সৌন্দৰ্যৰ আভাস দিব নোৱাৰি।
মালতীৰ কোনোই চাক্ষুষ সত্তা নাই, মালতী কোনো নির্দিষ্ট ৰূপ বা অবয়ববিশিষ্ট সত্তা নহয়। কেৱল অনাঘ্রাত পুষ্পৰ সৌৰভ আৰু অপ্রস্ফুটিত ফুলকলিৰ সৌন্দৰ্যৰ মাজতহে
মাথোন মালতীৰ সৌন্দৰ্যৰ কিছু আভাস পাব পাৰি। কিয়নো নুশুঙা ফুলৰ সুগন্ধি অথবা ল'ব নোৱাৰি, তেনেদৰে মালতীৰ ৰূপ-সৌন্দৰ্যৰ বিষয়ে কেৱল কল্পনাহে কৰিব পাৰি-
'নুশুঙা ফুলটিৰ নুফুলা কলিটিৰ
মালতীৰ তুলনা পায়।'
কবিৰ বাবে মালতী কোনো ইন্দ্রিয়গ্রাহ্য বস্তু নহয়। চকু, কাণ, নাক, জিভা, ছাল আদিৰে মালতীৰ অস্তিত্ব অনুভৱ কৰিব নোৱাৰি, কাৰণ মালতীৰ অস্তিত্ব অতীন্দ্রিয় জগততহে।
সেয়ে কবিয়ে কৈছে-
'ভাবৰে প্রতিমা ভাবতে বাঢ়িছে
ভাবৰে বেহানি কৰে;
বুকুৰে ভিতৰত চেনেহৰ সঁফুৰাত
মালতীৰ চেনেহকণ চৰে।'
সেয়ে মালতী কবিৰ অন্তৰতে সৃষ্টি হোৱা মানসী-প্রিয়া মাথোন। এই 'ভাবৰ প্রতিমা'ৰ কোনো বাস্তৱ ৰূপ নাই, সেই প্রতিমাৰ অস্তিত্বও কবিৰ ভাব ৰাজ্যতহে। এই ভাবৰ প্ৰতিমা সৃষ্টিৰ মূলতে আছে কবিৰ মনোৰম কল্পনা। এই মানসী প্ৰিয়াৰ অনির্বচনীয় সৌন্দর্য-সুষমাৰ তুলনাত সেই বাস্তৱ সৌন্দর্য ম্লান পৰি গৈছে।
কবিয়ে জীৱনৰ সুখ-দুখ সকলো অৱস্থাতে এই মানসী প্ৰিয়াৰ সাহচর্য লাভৰ কামনা কৰিছে। জীৱনৰ শেষ সন্ধ্যা, এই পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ মূহূৰ্ততো কবিৰ কামনা--তেওঁ যেন মালতীৰ কোলাতে মূৰ থৈ চকু মুদিব পাৰে। এনেদৰে 'মালতী' কবিতাটিত বেজবৰুৱাৰ ৰোমাণ্টিক ধ্যান-ধাৰণাৰ সুন্দৰ আৰু মনোৰম প্ৰকাশ ঘটিছে। বেজবৰুৱাৰ সর্বাংগসুন্দৰ কবিতাকেইটিৰ ভিতৰত নিঃসন্দেহে মালতীও এক অনন্য কবিতা।
৭। ৰোমাণ্টিক কবিতাৰ পাঁচটা লক্ষণ লিখাঁ। 'মালতী' কবিতাত ৰোমাণ্টিক ভাবধাৰা কেনেদৰে প্ৰকাশিত হৈছে, বিশ্লেষণ কৰি দেখুওৱা।
উত্তৰঃ 'মালতী' কবিতাৰ পাঁচটা লক্ষণ তলত আলোচনা কৰা হ'ল-
(১) ৰোমাণ্টিক বা ৰমন্যাসবাদী কবিতাৰ প্ৰথম লক্ষণ হৈছে মনোধর্মিতা। ৰোমাণ্টিক কবিসকলে নিজৰ প্ৰাণৰ আবেগ-অনুভূতিৰ সম্পূৰ্ণ প্রকাশ তেওঁলোকৰ কবিতাসমূহৰ মাজেৰে কৰিবলৈ লৈছিল। এইক্ষেত্ৰত কল্পনা আছিল কবিসকলৰ লগৰীয়া আৰু কল্পনাৰ সহায়ত ৰোমাণ্টিক কবিসকলে জগত তথা জগতৰ বাহিৰৰ সৌন্দৰ্য্যকো তেওঁলোকৰ কবিতাৰ মাজেৰে ফুটাই তুলিব বিচাৰিছিল। সমালোচকৰ মতে কল্পনাৰ লগতে মানবীয় অনুভূতি ৰোমাণ্টিক কবিতা তথা ৰোমাণ্টিক ভাবধাৰাৰ আধাৰ বস্তু আছিল। ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ অন্তৰৰ উপলব্ধিকেই যদিও কবিতাৰ জৰিয়তে প্ৰকাশ কৰিছিল তথাপি সেই উপলব্ধিবোৰক সাৰ্বজনীন ৰূপ দিবলৈও তেওঁলোকে চেষ্টা কৰিছিল।
(২) ৰোমাণ্টিক কবিতাৰ বৈশিষ্ট্য হৈছে বিস্ময়তা আৰু অলৌকিকতাৰ প্ৰতি প্ৰীতিৰ মনোভাৱ। অইন কথাত বিস্ময়ৰ বিচিত্র অভিজ্ঞতা ৰোমাণ্টিক কবিতাৰ আন এটা বৈশিষ্ট্য। এই ৰোমাণ্টিক কবিতাত বিস্ময়, ৰহস্য আৰু সৌন্দৰ্যৰ একীভূত অৱস্থাত আমি দেখিবলৈ পাওঁ। ৰোমাণ্টিক কবিতাত কবিসকলে এই প্রকৃতি জগতখনৰ মাজত এটা অচিন শক্তিব উপস্থিতি অনুভৱ কৰিলে আৰু সেই শক্তিক এক সমন্বয়ৰ শক্তি হিচাপে স্বীকৃতি দিলে। কবিসকলৰ মতে এই শক্তিয়েই যেন মানৱ জীৱন, প্রাণী জীৱন আৰু প্রকৃতি জগতৰ মাজত সমন্বয় সাধন কৰি দিলে।
(৩) ৰোমাণ্টিক কবিতাৰ আন এটা লক্ষণ হৈছে মধ্যযুগৰ ভাবধাৰাৰ অন্বেষণ আৰু অতীত প্ৰীতিৰ মনোভাৱ। এই যুগৰ কবিসকলে তেওঁলোকৰ আগৰ সমাজখনৰ প্রতি আস্থা পোষণ কৰিলে আৰু অতীতৰ মাজেদিয়েই সৌন্দর্য উপলব্ধিৰ বাটত আগবাঢ়ি যাবলৈ প্রচেষ্টা চলালে। তেওঁলোকৰ আগৰ দিনৰ বিভিন্ন পুৰণি লোকগীত, লোক-কাহিনী আদিৰ মাজতো যে ভাল আদর্শ আছে সেই কথা ৰোমাণ্টিক কবিসকলে উপলব্ধি কৰিলে আৰু সেয়ে অতীত প্ৰীতিৰ মনোভাৱ ৰোমাণ্টিক কবিতাৰ বৈশিষ্ট্য হিচাপে দেখা দিলে।
(৪) প্রকৃতিৰ প্ৰতি অকৃত্ৰিম ভালপোৱাৰ মনোভাৱো ৰোমাণ্টিক কবিতাৰ আন এটা বৈশিষ্ট লক্ষণ। বিশ্ব প্ৰকৃতিৰ সৈতে যে মানৱ জীৱনৰ এক গভীৰ সম্পৰ্ক আছে, সেই কথা ৰোমাণ্টিক কবিসকলে উপলব্ধি কৰিছিল আৰু সেই ভাবধাৰাই তেওঁলোকৰ ৰোমাণ্টিক কবিতাবোৰৰ মাজেৰেও মূর্তিমন্ত হৈ পৰিছিল। ইংৰাজ কবি ৱৰ্ডছৱৰ্থে প্ৰকৃতিৰ মাজতেই অকৃত্রিম ভালপোৱা আৰু সত্যবাদিতাৰ ভাৱধাৰা বিচাৰি পাইছিল আৰু সেয়ে প্রকৃতিৰ বিভিন্ন মোহনীয় বস্তুৰ পিছে পিছে ঢাপলি মেলিছিল। বৰ্ডৱৰ্থৰ লগতে অন্যান্য বহুকেইজন ৰোমাণ্টিক কবিয়েই প্রকৃতিৰ প্রতি এইদৰে অকৃত্ৰিম ভালপোৱাৰ ভাব পোষণ কৰিছিল আৰু প্ৰকৃতিৰ মাজত প্ৰাণৰ স্পন্দন অনুভৱ কৰিছিল। তেওঁলোকে প্ৰকৃতিৰ মাজতেই নিজৰ আত্মাকো বিলীন কৰি দিব বিচাৰিছিল।
(৫) ৰোমাণ্টিক কবিতাত সেয়ে প্রকৃতি জগতৰ বিভিন্ন বিষয়বস্তুৰ ৰঙীণ চিত্র প্রতিভাত হৈ উঠা দেখা যায়। প্রকৃতিৰ মাজতেই এই ৰোমাণ্টিক কবিসকলে শান্তিৰ নিজৰা লুকাই থকা অনুভৱ কৰিছিল আৰু ৰোমাণ্টিক কবিতাত চিত্রিত মানুহৰ ছবিও আছিল জীৱন্ত প্ৰকৃতিৰ এটা আংশিক বা খণ্ড ৰূপহে।
লক্ষ্মীনাথ বেজবৰুৱাৰ 'মালতী' কবিতাটিত ৰোমান্টিক লক্ষণ স্পষ্টভাবে প্রকাশ হৈছে। প্রেম আৰু সৌন্দৰ্যৰ উপাসনা ৰোমাণ্টিক কবিতাৰ অন্যতম প্রধান লক্ষণ। মালতী কবিতাটিত প্রকাশ পোৱা কবিৰ সৌন্দৰ্যপ্রীতি ৰোমাণ্টিক ভাবধাৰাৰে পুষ্ট। মানসী প্ৰিয়াৰ
সন্ধান কৰিবলৈ গৈ কবিয়ে প্ৰকৃতিৰ বুকুত উপমাৰ সন্ধান কৰিছে। প্রকৃতিপ্রীতিও ৰোমাণ্টিক কবিতাৰ অন্যতম প্রধান লক্ষণৰূপে চিহ্নিত। তাৰ উপৰি কবিৰ মানসী প্ৰিয়াৰ সৌন্দৰ্যৰআভাস দিবলৈ কবিয়ে ব্যৱহাৰ কৰা চিত্রকল্পসমূহত কবিৰ সৌন্দৰ্যপ্রীতি মনোভাবেই প্রকাশ পাইছে-
"পূবৰে ৰ'দতে চিকমিক কৰিছে
লুইতৰ পাৰৰে বালি;
আকাশত উৰিছে তেনে চিকেমিকাই
বগলী জাকৰে লালী।
পাৰতে কঁহুৱাৰ ফুলে চিকেমিকাই
পানীতে ফটিকৰ জোল;
মালতীৰ হাঁহিতে দাঁতে চিকেমিকাই
দেখোঁতেই আমোলমোল।"
পূবৰ ৰ'দত চিমিকাই থকা লুইতৰ ৰূপালী বালি; লুইতৰ দুয়োপাৰে বতাহত হালি-জালি শুভ্র সৌন্দৰ্যৰ পোহাৰ মেলা কঁহুৱা বনৰ শাৰী; নীলা আকাশৰ পৃষ্ঠভূমিত জাক পাতি উৰি যোৱা বগা বগলীজাকৰ লানি আদি মনোৰম চিত্ৰকল্পবাৰ কেৱল সৌন্দর্যসম্পন্নই নহয়, মনোৰম আৰু অন্তৰস্পৰ্শী। মালতীৰ অনির্বচনীয় সৌন্দর্য প্রকাশৰ বাবেই এনেবোৰ মনোৰম চিত্রকল্প কবিয়ে ব্যৱহাৰ কৰিছে আৰু ইয়াৰ মাজেদি ৰোমাণ্টিক কবিৰ প্ৰকৃতিপ্রীতি আৰু সৌন্দৰ্যৰ আৰাধনাই প্রকাশ পাইছে।
ৰোমাণ্টিক কবিৰ কল্পনাপ্রিয়তা বেজবৰুৱাৰ 'মালতী' কবিতাত লক্ষ্য কৰা যায়। কল্পনাৰে নেদেখা সৌন্দৰ্যৰ ছবিখন চাক্ষুষ কৰাৰ যি ৰোমাণ্টিক লক্ষণ সেয়াও মালতী কবিতাত দেখা যায়। এনে ক্ষেত্ৰত বেজবৰুৱাৰ কবিতাত ইংৰাজী ৰোমাণ্টিক কবিতাৰ প্রতিধ্বনি শুনা যায়। কল্পনাৰ উন্মুক্ত স্বাধীনতা ৰোমাণ্টিক কবিতাৰ অন্যতম প্রধান লক্ষণ। মালতী কবিতাটো আমি তাৰ নিদর্শন পাওঁ। কবিয়ে অনাঘ্রাত পুষ্প আৰু অর্ধপ্রস্ফুটিত ফুলকলিৰ সৌৰভ-সৌন্দৰ্যৰ সাজতহে মালতীৰ তুলনা বিচাৰি পাইছে। অর্থাৎ মালতী কোনো চাক্ষুষ সত্তা নহয়, মালতীৰ সৌন্দৰ্য কল্পনাৰে অনুমান সাপেক্ষহে। কবিৰ মানসী প্ৰিয়াৰ বাস্তৱত কোনো অস্তিত্ব নাই, কবিৰ মানসী ভাবৰহে প্রতিমা আৰু এনে ভাবৰ প্ৰতিমাৰ মনোৰম সৃষ্টিৰ মূলতে আছে কবিৰ মনোৰম কল্পনা।
ৰোমাণ্টিক কবিৰ সচৰাচৰ বাস্তৱ বিমুখ। ৰোমাণ্টিক কবিসকলে সমসাময়িক বৰ্তমানৰ পৰা আঁতৰি এখন সুখৰ কল্পলোক সৃষ্টি কৰি লয়। বেজবৰুৱায়ো এই সংসাৰক 'নিঠুৰ' বুলি অভিহিত কৰি এই জগতৰ পৰা আঁতৰি যোৱাৰ আগমুহূৰ্ততো মালতীৰ সাহচর্য কামনা কৰিছে। কবিৰ একান্ত কামনা এই পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ মুহূর্ততো তেওঁ যেন মালতীৰ কোলাতে মূৰ থৈ চকু মুদিব পাৰে। কবিৰ এনে দৃষ্টিভংগীও ৰোমাণ্টিক।
৮। বেজবৰুৱাৰ 'মালতী' কবিতাৰ কাব্যিক সৌন্দর্য বিচাৰ কৰা।
উত্তৰ: 'মালতী' লক্ষ্মীনাথ বেজবৰুৱাৰ ৰোমাণ্টিক ভাবধাৰাৰে পুষ্ট প্রেমমূলক কবিতা। কবিতাটিত কবিজনাই তেওঁৰ ভাবৰ প্রতিমাগৰাকীৰ ৰূপ-সৌন্দর্যক অনির্বচনীয় ৰূপত বৰ্ণনা কৰিছে। কবিতাটিত কবিয়ে 'মালতী'ক মানৱী ৰূপত কল্পনা কৰি ক্রমে ক্রমে দেৱীতকৈও উচ্চ আসন দিব বিচাৰিছে। অনাঘ্রাত কুসুমৰ দৰে মালতীক কবিয়ে তেওঁৰ জীৱনৰ প্ৰেৰণা হিচাপে ল'ব বিচাৰে। মালতীৰ সংস্পৰ্শতে কবিয়ে জীৱটো উপভোগ কৰিব বিচাৰিছে। তদুপৰি জীৱনৰ অন্তিম মুহূৰ্ততো কবিয়ে মালতীৰ কোলাতেই মূৰ থৈ চিৰশান্তি লভাৰ চিন্তা কৰিছে।
'মালতী' কবিতাৰ সৌন্দর্য প্রকাশিত হৈছে প্রকৃতিজগতৰ বাস্তৱ চিত্র অংকনত। কবিয়ে কম কথাৰেই প্ৰকৃতিক সজীৱ ৰূপত দাঙি ধৰিছে। কবিতাটিত মালতীৰ ৰূপ বর্ণনা আৰু মালতীৰ সৈতে কবিৰ সম্পৰ্ক বর্ণনা ব্যৱহৃত ছন্দসজ্জা নির্মাণত কবি সার্থক হৈছে। কবিয়ে উপযুক্ত সময়ত উপযুক্ত ছন্দ ব্যৱহাৰ কৰিছে। কবিতাটিৰ আৰম্ভণিত উল্লেখ কৰা প্রকৃতিজগতৰ বাস্তৱ মধুৰ বৰ্ণনাটিয়ে কবিতাটিক সজীৱ কৰি তুলিছে। ৰাতিপুৱা ৰ'দৰ পোহৰ পৰি লুইতৰ দুয়োপাৰৰ চিক্সিকোৱা ৰূপোৱালী বালি, আকাশত উৰি ফুৰা বগলীৰ লানি, লুইতৰ পাৰত হালি-জালি থকা কঁহুৱা ফুলৰ উজ্জ্বলতা, ৰ'দত জিলিকি উঠা স্ফটিকসদৃশ পানী আদিৰ বৰ্ণনাত প্ৰকৃতি জগতৰ বাস্তৱধৰ্মী চিত্র প্রকাশিত হৈছে।
মালতীৰ ৰূপৰ বৰ্ণনাতো কবিজনাৰ মনৰ সৌন্দৰ্যবোধ প্রকাশ পাইছে। কবিয়ে মালতীক লুইতৰ কুঁৱৰী নহয়, ফুলৰ ৰাণী নহয়, বীণৰ বাণীও নহয়, পৰ্বতৰ জীয়াৰী সুন্দৰী গৌৰীও নহয় বুলি কল্পনা কৰা ভাবতেই সৌন্দর্যবোধ প্রকাশ পাইছে। মালতীক এই সকলোবোৰৰ ওপৰত ৰাখি নুশুঙা ফুলটিৰ নুফুলা কলিটিৰ লগত তুলনা কৰাটোও অন্তৰস্পৰ্শী হৈছে। মুঠতে 'মালতী' কবিতাত কবিতাত আশা গোটেই জীৱনজুৰি তেওঁ তেওঁৰ প্ৰিয়তমা গৰাকীৰ সৌন্দৰ্য উপভোগ কৰিব আৰু তেওঁৰ কোলাতেই মূৰ থৈ এদিন চকু মুদিব। প্ৰেমৰ ক্ষেত্ৰত আন্তৰিক নিষ্ঠা, আনুভূতিক দৃঢ়তা, মধুৰ চিত্ৰকল্পৰ মাজেদি কবিতাটিত ব্যক্ত কৰা হৈছে।
অজেয়
১। কোনখন অসমীয়া কাকতৰ মাধ্যমেৰে অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক ভাৱধাৰাৰ আগমন ঘটিছিল?
উত্তৰঃ 'জোনাকী' কাকতৰ মাধ্যমেৰে।
২। কোন চনত জোনাকী কাকত প্রকাশিত হয়?
উত্তৰঃ ১৮৮৯ চনত।
৩। 'জোনাকী' কাকতখন ক'ৰ পৰা প্ৰকাশ পাইছিল?
উত্তৰ: কলিকতাৰ পৰা।
৪। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ: আনন্দ চন্দ্ৰ আগৰৱালা।
৫। 'ৰোমাণ্টিছিজিম্' শব্দটিৰ প্ৰতিশব্দ হিচাপে ব্যৱহৃত অসমীয়া শব্দটি কি?
উত্তৰঃ ৰমন্যাসবাদ।
৬। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি আৰু এইটো কোনে ৰচনা কৰিছিল?
উত্তৰ: প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম 'বনকুঁৱৰী'। এইটো চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিল।
৭। চন্দ্ৰকুমাৰ আগৰৱালা কবিতাৰাজিত প্ৰকাশ পোৱা তিনিটা স্পষ্ট ধাৰা কি কি?
উত্তৰঃ বিশ্বপ্রেমিক বা অতিমানৱ সম্বন্ধীয়।
৮। চন্দ্ৰকুমাৰ আগৰৱালা কিৰূপে খ্যাত?
উত্তৰ: 'প্রতিমাৰ খনিকৰ 'ৰূপে খ্যাত।
৯। ৰোমাণ্টিক সাহিত্যৰ ঘাই উপজীব্য কি?
উত্তৰঃ বৈচিত্র্যৰ সমাহাৰেই হ'ল ৰোমাণ্টিক সাহিত্যৰ ঘাই উপজীব্য।
চমু প্রশ্নোত্তৰ:
১। ৰমন্যাসবাদী সাহিত্যত প্রধানকৈ কি কি দিশৰ প্ৰতিফলন ঘটে?
উত্তৰঃ ৰমন্যাসবাদী সাহিত্যত প্রধানকৈ তিনিটা বিশেষ দিশৰ প্ৰতিফলন ঘটা দেখা যায়। বিশেষ দিশকেইটা হ'ল-
(১) ভাবপ্ৰৱণতাৰ আতিশয্য।
(২) নতুন চেতনা আৰু দার্শনিক চিন্তাৰ প্ৰতিফলন। আৰু
(৩) ভাষা আৰু আংগিকৰ ক্ষেত্ৰত নতুন আদৰ্শৰ প্ৰতিষ্ঠা।
২। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰাজিত প্ৰকাশ পোৱা স্পষ্ট ধাৰা কেইটা আৰু কি কি?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰাজিত প্ৰকাশ পোৱা স্পষ্ট ধাৰা তিনিটা।
ধাৰাকেইটা হ'ল-
(১) নৈসর্গিক বা প্রকৃতি বিষয়ক।
(২) মানবপ্রেমী বা জীৱনসুলভ আৰু
(৩) বিশ্বপ্রেমিক বা অতিমানৱ সম্বন্ধীয়।
৩। ব্যাখ্যা কৰাঃ
চাওঁতে চাওঁতে উপচি পৰিল……..
…………………………………….
কাঁইট কলিত বাজে।
উত্তৰ: উক্ত কবিতা চৰণটো চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতা 'অজেয়'ৰ পৰা উদ্ধত।
ইয়াত ৰোমাণ্টিক কবি আগৰৱালাই জাগতিক সৌন্দৰ্যৰাজি প্রকাশ কৰোতে কৈছে যে, আধা বিকশিত কার্য্যকলাপতহে সৌন্দর্য অধিক প্রকট ৰূপত প্রকাশ ঘটে।
কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দৃষ্টিভংগী সম্পূর্ণ ভাববাদী বুলিব নোৱাৰি। মানুহক ভালপোৱাৰ প্ৰত্যাহ্বানত কবিয়ে ঈশ্বৰ নুবুলি নিয়তিক সম্বোধন কৰি লিখিছে যে যদিও নিয়তিয়ে কবিৰ হৃদয় শিলত পিহিছে আৰু দুখৰ অগ্নিকুণ্ডত কবিৰ আশা-বাসনা চুচুমে কৰি দিছে, তথাপি কবিৰ মানবপ্রেম অজেয় আৰু অপ্ৰতিৰোধ্য। গতিকে কবিয়ে নিয়তিৰ সকলো বাধা নেওচি প্ৰসাৰিত আৰু প্ৰস্ফুটিত কৰি দিছে প্রেম-প্রীতি-অনুৰাগৰ প্রতীতি।
ৰচনাধর্মী প্রশ্নোত্তৰ:
১। কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ চমু পৰিচয় দাঙি ধৰি অসমীয়া সাহিত্যৰ ৰমন্যাস যুগত তেওঁৰ অৱদানৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ১৮৬৭ চনৰ ২৮ নৱেম্বৰ তাৰিখে অসমীয়া সাহিত্যৰ নবোন্মেষ কালৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ তেজপুৰৰ কলংপাৰ মৌজাৰ ব্ৰহ্মজানত জন্ম হয়। চন্দ্ৰকুমাৰৰ পিতৃ হৰিবিলাস আগৰৱালাই অসমীয়া পৰিয়ালৰ সৈতে বৈবাহিক সম্পর্ক স্থাপন কৰি সম্পূর্ণ অসমীয়া হৈ পৰিছিল। হৰিবিলাস আগৰৱালাই 'কীৰ্তন ঘোষা'কে আদি কৰি কেইবাখনো মূল্যবান গ্রন্থ প্রকাশ কৰি মহত্ত্ব অৰ্জন কৰিছিল। পিতৃৰ পৰাই সাহিত্য সেৱাৰ প্ৰেৰণা লাভ কৰা চন্দ্ৰকুমাৰ আগৰৱালাই কলিকতাতে স্কুলীয়া আৰু কলেজীয়া শিক্ষা লাভ কৰিছিল। প্রেচিডেন্সি কলেজৰ পৰা এফ. এ. পাছ কৰে যদিও বি.এ. ডিগ্রী নোলোৱাকৈয়ে তেওঁ অসমলৈ উভতি আহি পিতৃৰ ব্যৱসায়ত মন দিয়ে। ১৮৮৯ চনত কলিকতাত পঢ়ি থকা সময়তে চন্দ্ৰকুমাৰে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্র গোস্বামী আদিৰ সহযোগত নিজ সম্পাদনাত 'জোনাকী' আলোচনী প্ৰকাশ কৰি উলিয়াইছিল।
অসমীয়া সাহিত্যলৈ নবন্যাসৰ ভাৱধাৰা আদৰি অনাসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা আছিল অগ্রণী। 'জোনাকী' কাকতৰ প্ৰথম সংখ্যাতে 'বনকুঁৱৰী' নামৰ গীতি- কবিতা এটি প্রকাশেৰে তেওঁ অসমীয়া সাহিত্যত নবন্যাস আন্দোলনৰ শুভাৰম্ভ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্র গোস্বামী আদিয়ে সেই আন্দোলনক সুদূৰপ্ৰসাৰী কৰি তোলে। মূলতঃ 'জোনাকী' আৰু পৰৱৰ্তী সময়ত বেজবৰুৱাৰ সম্পাদনাত প্রকাশিত 'বাঁহী' আলোচনীত চন্দ্রকুমাৰ আগৰৱালাই ভালেমান কবিতা লিখি অসমীয়া ৰোমাণ্টিক কবিতাৰ ভঁৰাল চহকী কৰি তোলে। তেনেবোৰ কবিতাৰেই তেওঁ ১৯১৩ চনত 'প্রতিমা' আৰু ১৯২৩ চনত 'বীণ বৰাগী' নামৰ কাব্য সংকলন দুখন প্রকাশ কৰে। আগৰৱালাদেৱে গুৱাহাটীত 'নিউপ্রেছ' স্থাপন কৰি 'অসমীয়া' নামৰ বাৰ্তালোচনীখনো প্রকাশ কৰিছিল।
'জোনাকী'ৰ যোগেদি চন্দ্ৰকুমাৰ আগৰৱালাই নিজে কাব্য চৰ্চা কৰাৰ উপৰিও বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঞিবৰুৱা, আনন্দচন্দ্ৰ আগৰৱালা, যতীন্দ্ৰনাথ দুৱৰা, অম্বিকাগিৰী ৰায়চৌধুৰী, নীলমণি ফুকন, মফিজুদ্দিন আহমদ হাজৰিকা, চন্দ্ৰধৰ বৰুৱা, ৰঘুনাথ চৌধাৰী, দুৰ্গেশ্বৰ শৰ্মা, হিতেশ্বৰ বৰবৰুৱা, দণ্ডিনাথ কলিতা, নলিনীবালা দেৱী, ৰত্নকান্ত বৰকাকতী, আনন্দচন্দ্র বৰুৱা, ধৰ্মেশ্বৰী দেৱী বৰুৱানী, পার্বতিপ্ৰসাদ বৰুৱাকে আদি কৰি ভালেসংখ্যক কবি-সাহিত্যিকক জনমানসত চিনাকি কৰি দিয়াৰ লগতে সাহিত্য সেৱাৰ পথো মুকলি কৰি দিয়ে। পৰৱৰ্তী কালত এইসকল কবি-সাহিত্যিকেই অসমীয়া সাহিত্যৰ ভঁৰাল বৈচিত্র্যময় তথা সমৃদ্ধিশালী কৰি তোলে।
১৮৮৮ চনত 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' স্থাপনৰ যোগেদি চন্দ্ৰকুমাৰ আগৰৱালাই 'জোনাকী' প্রকাশৰ লগতে অসমীয়া সাহিত্যত নৱন্যাস আন্দোলনৰ প্ৰসাৰতা বৃদ্ধি কৰিছিল। প্ৰাচ্য আৰু পাশ্চাত্য ভাবধাৰৰ মাজত সংযোগ স্থাপন কৰি এই জোনাকীৰ পাততে কবিতা, গল্প, নাটক, চিন্তাশীল প্রবন্ধ, আদিৰ প্ৰকাশ ঘটিছিল। 'বনকুঁৱৰী' কবিতাৰে ৰোমাণ্টিক ভাৱধাৰাক অসমীয়া সাহিত্যৰ বুকুলৈ বোৱাই অনা কবি চন্দ্রকুমাৰ আছিল মূলতঃ মানৱতাবাদী কবি। প্ৰকৃতিৰ সৰ্বত্ৰ সীমাহীন সৌন্দর্য বিচাৰি পোৱা কবিয়ে প্রকৃতিৰ জয়গান গাইও সকলোৰে ঊর্ধ্বত মানৱক স্থান দিছিল। 'মানৱ বন্দনা' কবিতাৰ মাজেদি চন্দ্ৰকুমাৰৰ সেই মহান মানবতাবাদী দর্শন উজ্জ্বল ৰূপত ফুটি উঠিছে-
'মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা পাদ্য অর্ঘ্য লৈ
জয় জয় মানৱদেৱ।'
চন্দ্ৰকুমাৰৰ 'নিয়ৰ' নামৰ কবিতাতো আন এক দর্শন ফুটি উঠিছে। কবিতাটিত বিচ্চুৰিত এটোপাল নিয়ৰৰ মাজত কবিয়ে প্ৰকৃতিৰ দ্বৈত সত্তা উপলব্ধি কৰিছে। প্ৰকৃতিৰ বহিৰংগৰ সৌন্দর্যতে কবি তৃপ্ত হোৱা নাই; ইন্দ্রিয়গ্রাহ্য বস্তুৰ অন্তৰালত প্ৰকৃতিৰ ৰহস্য-কুঁৱলীৰে আবৃত মানুহৰ অন্তৰৰ কথাও উপলব্ধি কৰিছে। এটোপাল নিয়ৰৰ মাজেদি কবিয়ে ইয়াত ব্ৰহ্মাণ্ডৰ অবিচ্ছিন্ন 'অনির্বাণ সৌন্দর্য চেতনা' উপলব্ধি কৰিছে।
'ৰাতিৰ ধেমালি জোনৰ নিফুট
হাঁহিৰে থইছে সানি,
পুৱাৰ হেঙুলি বেলিটিলৈ চাই
এটুপি চকুৰ পানী।'
প্ৰকৃতিৰ ৰহস্যময় সৌন্দৰ্যৰ অন্তর্নিহিত ভাবধাৰাই কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে। বনকুঁৱৰী, জলকুঁৱৰী, তেজীমলা আদি অসমীয়া কাৰ্য ইতিহাসৰে উৎকৃষ্টতম কবিতা ৰূপে পৰিগণিত হৈছে। 'মাধুৰী' কবিতাটিত কবিয়ে চিৰ ৰহস্যময়ী 'মাধুৰী'ৰ বুকুত অনির্বচনীয় সৌন্দৰ্যৰ সন্ধান পাইছে- 'অর্দ্ধেক মানৱী অর্দ্ধেক কল্পনা'ৰ উপলব্ধিৰে। প্ৰকৃতিৰ সমাগমো ইয়াত আছে-
'ফুটোনে নুফুটোকৈ
কুমলীয়া কলিটি
ওঁঠত লাজেৰে ৰৈ
মিচিকিয়া হাঁহিটি।'
চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত প্রকৃতি প্ৰেম সুন্দৰকৈ প্ৰকাশ পাইছে। কবি 'Nature never betray him, who loves nature' নীতিত বিশ্বাসী। প্রকৃতিৰ মাজত প্রেম, বিশ্বাস, বন্ধুত্ব সকলোখিনিকে কবিয়ে বিচাৰি পাইছে। ফুলি থকা বিস্তীর্ণ হালধীয়া সৰিয়হ ডৰাই কবিৰ মনত আশাৰ সঞ্চাৰ কৰিছে। জীয়াই থকাৰ প্রতিশ্রুতি যেন তেওঁ সৰিয়হ ডৰাৰ মাজতে বিচাৰি পাইছে। কবিয়ে কৈছে-
'দিয়া মোক এৰি চাওঁ গৈ ঘূৰি
ফুলা সৰিয়হ ডৰা
সেয়ে আজিলৈকে থৈছে মোক মুহি
পখিলা পাখিৰে ভৰা।'
এইদৰে কবি চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া সাহিত্যলৈ অতুলনীয় বৰঙণি আগবঢ়াই থৈ গৈছে।
২। চন্দ্ৰকুমাৰ আগৰৱালাৰ সাহিত্যকৃতিৰ চমু পৰিচয় দাঙি ধৰা।
উত্তৰ: প্ৰথম অসমীয়া ৰোমাণ্টিক কবি, প্রতিমাৰ খনিকৰ ৰূপে খ্যাত চন্দ্ৰকুমাৰ আগৰৱালাৰ সাহিত্যকৃতিৰ চমু আভাষ তলত দাঙি ধৰা হ'ল।
জোনাকী কাকতৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা এগৰাকী গীতি কবি। তেওঁ লিখা বনকুঁৱৰী কবিতাটিয়ে প্রথম অসমীয়া ৰোমাণ্টিক কবিতা। 'জোনাকী' আৰু 'বাঁহী'ত প্রকাশিত আৰু পিছত ৰচা কিছু কবিতাৰ সংগ্ৰহ কৰি ১৯১৪ চনত তেওঁ 'প্রতিমা' প্রকাশ কৰে। ১৯২৩ চনত 'বীণ বৰাগী' নামৰ আন এখন কবিতা পুথি প্রকাশ কৰে। চন্দ্ৰকুমাৰৰ আটাইবোৰ কবিতা কবি প্রতিভাৰ উজ্বল নিদর্শন। ১৯৬৭ চনত অতুল চন্দ্ৰ হাজৰিকাৰ সম্পাদনাত চন্দ্ৰকুমাৰ আগৰৱালাৰ সমগ্ৰ কবিতা আৰু অন্যান্য ৰচনা একথুপে 'চন্দ্রামৃত' গ্রন্থত প্রকাশিত হয়।
লক্ষ্মীনাথ বেজবৰুৱাই চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রতিমা' কাব্য পুথিৰ সন্দৰ্ভত এষাৰি মূল্যবান কথা কৈ থৈ গৈছে। 'প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ।' নৱন্যাসৰ কেবাটাও লক্ষণ আগৰৱালাৰ কবিতাত বিদ্যামান। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত ইংৰাজ ৰোমাণ্টিক কবি ৱৰ্ডছৱৰ্থৰ দৰে প্ৰকৃতিৰ লগত মনৰ নিবিড় সম্বন্ধ পাতিছে। প্রকৃতিৰ সাধাৰণ বস্তুটো অসাধাৰণ ৰূপ দেখা পাইছে।
আগৰৱালাৰ 'তেজীমলা', পুৰণি নাৱিক, বনকুঁৱৰী আদি কবিতাত ক'লৰীজৰ কবিতাৰ দৰে ভৌতিক পৰিবেশৰ লগতে লোকগীতৰ প্ৰভাব মন কৰিবলগীয়া। তেওঁৰ 'তেজীমলা' কৃত্রিম মালিতা আৰু বীণ-বৰাগী'ক জাতীয় গীতি-কবিতাৰ শাৰীত থব পাৰি। 'মাধুৰী' কবিতাত 'ফুটো নে নুফুটোকৈ কুমলীয়া কলিটি' বুলি আৰম্ভ কৰি সৌন্দৰ্য সূচক বিভিন্ন চিত্ৰ দাঙি ধৰিছে। যি কবিৰ আজীৱন সাধনাৰ' তাৰেই প্ৰকাশ হৈছে। 'সুন্দৰৰ আৰধানা জীৱনৰ খেল'।
মানুহ সকলো জীৱতকৈ শ্রেষ্ঠ সেই কথা তেওঁৰ কবিতাত স্পষ্টভাবে প্রকাশ পাইছে। তলৰ কবিতাফাকিয়ে তাৰ উৎকৃষ্ট নিদর্শন।
'মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কের। কৰা কৰা পূজা পাদ্য-অর্ঘ লই জয় জয় মানৱ দেৱ।' তদুপৰি পাচ্য আৰু পাশ্চত্য ভাব আদর্শ আৰু কাব্য ৰীতিৰ সংযোগ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ অন্যতম উল্লেখনীয় বিষয়।
অন্যান্য ৰচনাৰ ক্ষেত্ৰ তো আগৰৱালাৰ দক্ষতা মন কৰিব লগীয়া। কিন্তু কবি হিচাপেহে তেওঁৰ জনপ্রিয়তা তুংগত। অসমীয়া কাব্য জগতত ৰোমাণ্টিক কবি হিচাপে চন্দ্ৰকুমাৰ আগৰৱালা সদায়ে নমস্য হৈ থাকিব।
৩। 'চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া ৰোমাণ্টিক কবিতাৰ জনক'- এই উক্তি বিচাৰ কৰি এটি আলচ যুগুত কৰা।
উত্তৰ: অসমীয়া কাব্য সাহিত্যত ৰোমাণ্টিক কবিতাৰ প্ৰৱৰ্তক চন্দ্ৰকুমাৰ আগৰৱালাৰ
জন্ম হয় ১৮৭৬ চনত তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত। তেওঁৰ পিতৃৰ নাম হৰিবিলাস আগৰৱালা। আগৰৱালাই কলিকতাতে স্কুলীয়া আৰু কলেজীয়া শিক্ষা লাভ কৰে। চন্দ্ৰকুমাৰে বি.এ. পৰীক্ষা নিদি ব্যৱসায়তহে মনোনিবেশ কৰে। চন্দ্ৰকুমাৰ আগৰৱালা আৰু তেওঁৰ সহযোগী লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ প্ৰচেষ্টাত কলিকতাত ১৮৮৮ চনত 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' গঠন কৰি ভাষাটোৰ উন্নতি সাধনৰ কথা চিন্তা কৰে। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ পৰামৰ্শ ক্রমে ১৮৮৯ চনত চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত 'জোনাকী' কাকত প্রকাশ কৰে। অসমীয়া, সাদিনীয়া অসমীয়া, তিনিদিনীয়া অসমীয়া কাকতো চন্দ্ৰকুমাৰেই প্রতিষ্ঠা আৰু পৰিচালনা কৰে। বেজবৰুৱাৰ 'বাঁহী' আলোচনীৰ লগতো এওঁ ওত-প্রোতভাবে জড়িত হৈ আছিল। সাহিত্য কর্মত নিপুণতা দেখুৱাৰ দৰে ব্যৱসায় কৰ্মতো তেওঁ পাৰদৰ্শী আছিল। ১৯৩৮ খ্রীষ্টাব্দত গুৱাহাটীত এইজনা সাহিত্যিকৰ মৃত্যু হয়।
আগৰৱালাৰ সাহিত্য প্রতিভা: অসমীয়া ৰোমাণ্টিক কবিতাৰ বাটকটীয়া চন্দ্ৰকুমাৰ আগৰৱালা কাব্য প্রতিভা আৰু ব্যৱসায় কর্ম দুয়োটাতে সিদ্ধহস্ত। অসমীয়া ৰোমাণ্টিক কবিতাৰ প্ৰথম বিস্ময়কৰ আৰু প্ৰকাশ সার্থক উন্মেষ 'জোনাকী'ৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত প্রকাশিত আগৰৱালাৰ বনকুঁৱৰী কবিতাটি। বনকুঁৱৰী কবিতাই প্রথম অসমীয়া ৰোমাণ্টিক কবিতা। ইয়াৰ পিছত চন্দ্ৰকুমাৰৰ আগৰৱালাই আৰু বহুতো কবিতা জোনাকীত প্ৰকাশ কৰি ৰোমাণ্টিক কবিতাৰ ধাৰাবাহিকতা ৰক্ষা কৰে। 'জোনাকী', বাঁহী আদি আলোচনীত প্রকাশিত আগৰৱালাৰ কবিতাৰ প্ৰথম গোটটো হৈছে 'প্রতিমা' (১৯১৩)। 'প্রতিমা' কবিতা পুথিৰ সম্পৰ্কে বেজবৰুৱাৰ মতামত এনেধৰণৰ- 'প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ'। তেওঁৰ দ্বিতীয়খন কবিতা পুথি বীণ ব'ৰাগী (১৯২৬)। কবিতা পুথি দুখনৰ কবিতাৰ সংখ্যা কম হ'লে কবিতাবোৰৰ ভাব ভাষাই চন্দ্ৰকুমাৰ উচ্চ কবি প্ৰতিভাৰ স্বাক্ষৰ বহন কৰে। অসমীয়া কবিতাৰ ৰোমাণ্টিক ভংগীৰ অনেক বৈশিষ্ট্যই চন্দ্ৰকুমাৰৰ কবিতাত পূর্ণতা লভে। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত বিষয়বস্তুত দৰ্শনৰ গুরু-গাম্ভীর্য আৰু প্রকাশভঙ্গীত লোকগীতিৰ লয়লাস পোৱা যায়। সৌন্দৰ্যৰ সন্ধান, মানব প্রীতি, বৈদান্তিক প্রভাৱ, বৈষম্যপূৰ্ণ পুৰণি পৃথিৱীক ধ্বংস কৰি সাম্যভাৱৰ ওপৰত প্রতিস্থিত নতুন সমাজৰ আহ্বান আৰু সবল আশাবাদ চন্দ্ৰকুমাৰৰ কবিতাৰ বিশেষত্ব। চন্দ্ৰকুমাৰৰ কবিতাত গীতি ধর্মী সুৰ এটা আছে। সৌন্দর্য অনুধাবন কবিৰ কাম্য হৈ পৰিল। সেয়ে চন্দ্ৰকুমাৰে কৈছে- 'সুন্দৰৰ আৰাধনা জীৱনৰ খেল'। চন্দ্ৰকুমাৰ প্ৰকৃততে প্ৰেমৰ কবি নহয়, সৌন্দৰ্যৰহে কবি। 'সৌন্দর্যসন্ধান' কবি চন্দ্ৰকুমাৰৰ কাব্যিক চেতনাৰ নিত্য-সম্পদ। প্রকৃতিৰ প্ৰতিটো বস্তুতেই তেওঁ অপাৰ সৌন্দৰ্য দেখা পাইছিল আৰু সেই সৌন্দর্যই কবিক গভীৰ অনুপ্ৰেৰণা দিছিল। জাগতিক আৰু প্রাকৃতিক সৌন্দৰ্যৰ মাজতেই অপাৰ আনন্দ সমল বিচাৰি পোৱা কবি চন্দ্ৰকুমাৰে কৈছে-
'সুন্দৰৰো সুন্দৰ হৈ দুদিনীয়া দেশ
যতনৰ আনন্দৰ শুৱনী আৱেশ।'
বিশ্বজগতৰ মূল উপাদান- সৌন্দর্য আৰু আনন্দ। 'আনন্দাৎ খল্বিমানি ভূতানি জায়ন্তে'- আনন্দতে প্রাণীসমূহৰ উদয় আৰু বিকাশ হয়- এই উপনিষদীয় আদর্শই চন্দ্ৰকুমাৰৰ কবিতাৰ প্ৰকাশ পাইছে। অসমীয়া ৰোমাণ্টিক কবিতাৰ প্রবর্তক হিচাপে চন্দ্ৰকুমাৰে কবিতাত নতুন আৰ্হিৰ শব্দচয়ন আৰু শব্দ সংগতি গঢ়ি তুলিব পাৰিছিল। আগৰৱালাই সহজ-সৰল ঘৰুৱা আৰু কম আলংকাৰিক বৈচিত্র্য থকা কাব্যৰীতি গ্রহণ কৰিছিল। চন্দ্ৰকুমাৰে স্বভাবোক্তি অলংকাৰক সঘনে ব্যৱহাৰ কৰা দেখা যায়। আগৰৱালাই সাধাৰণ মানুহৰ মুখৰ ভাষাকে কবিতাত ব্যৱহাৰ কৰিছিল। সৰলতা চন্দ্ৰকুমাৰৰ কবিতাৰ এটা বিশেষ গুণ।
চন্দ্ৰকুমাৰে প্ৰাচীন লোকগীতৰ সুৰত নতুন ভাব আৰু ৰূপ আৰোপ কৰি কবিতা ৰচনা কৰে। তেজীমলা জলকুঁৱৰী আদি কবিতাত এনে সুৰ দেখা যায়। আগৰৱালাৰ কবিতাত ৰোমাণ্টিকতাৰ লগত প্ৰতিপ্রাকৃতৰ সমাবেশ ঘটাত কবিতাবোৰ পাঠকক এক বিশেষ সোৱাদ দিয়ে। প্রাচ্য আৰু পাশ্চাত্য উভয়। জগতৰে ভাবধাৰা লৈ কাব্য ৰচনা কৰি চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া কবিতাত ৰোমাণ্টিকতা ঢল বোৱাই তুলিলে।
৪। কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ 'অজেয়' কবিতাটিৰ এটি সাধাৰণ আলোচনা কৰা।
উত্তৰ: অসমীয়া ৰোমাণ্টিক কবিসকলৰ মাজত চন্দ্ৰকুমাৰ আগৰৱালা বহুক্ষেত্ৰত ব্যতিক্রম। ৰোমাণ্টিক কবিতাত সহজলভ্য পলায়নবাদ, ৰোমাণ্টিক কল্পনাৰ মাজত আত্মমগনৰ ছবিৰ বিপৰীতে মানৱ চৰিত্ৰৰ বাস্তৱ ছবি, নৰ সমাজৰ বৈষম্য, জঞ্জাল, জীৱনৰ প্ৰবৃত্তি আগৰৱালাৰ 'মানৱ বন্দনা', 'তেজীমলা', 'বীণ-বৰাগী', 'অজেয়' আদি কবিতাসমূহৰ মাজেদি প্রকাশ পাইছে। সেয়ে, আগৰৱালা ৰোমাণ্টিক কবি হৈও বহু ক্ষেত্রত আধুনিকতাবাদী বা বাস্তৱবাদী কবিৰ ওচৰ চপা।
চন্দ্ৰকুমাৰ আগৰৱালাই তেওঁৰ প্ৰথম সন্তান 'প্রতিমা'ৰ মৃত্যুত পোৱা গভীৰ বেদনা যন্ত্রণাযুক্ত অনুভূতিৰ প্ৰকাশ ঘটিছে 'অজেয়' কবিতাটোত। সংসাৰ সাগৰত পোৱা বিষসদৃশ দুখ-যন্ত্রণাক কবিয়ে কাব্যৰূপ প্রদান কৰি শিল্পলৈ ৰূপান্তৰ কৰিছে। কবিয়ে যন্ত্ৰণাৰ তীব্ৰতান আৰু অনুভূতি অসহনীয়তা দুটি ঘৰুৱা চিত্ৰবে তেজাল কৰি তুলিছে ("দুখৰ পিহনি শিল" আৰু "জ্বলন্ত অগ্নিকুণ্ড”)। দুখৰ বিমূৰ্ত্ত ৰূপ কবিয়ে বাংময় কৰি তোলা উক্ত চিত্ৰ গাঁৱলীয়া মানুহৰ তেনেই পৰিচিত দৃশ্য। কবিতাত ঘৰুৱা প্রকাশভংগীৰ প্ৰয়োগৰ উক্ত নিদর্শনে আগৰৱালাৰ কাব্যিক প্রতিভা, নির্বাচন শক্তি আৰু শব্দ প্রয়োগৰচাতুর্যক প্রকাশ কৰিছে। ভাৰতীয় জনসাধাৰণৰ দৰে কবিয়ে জীৱনত পোৱা সকলো দুখ-যন্ত্রণা নিয়তি বা বিধাতাৰ বিধান বুলি গ্রহণ কৰিছে। অৱশ্যে কবিৰ জীৱন দৃষ্টিভংগীৰ মাজত এটি ইতিবাচক ৰূপো প্রকট হৈ উঠিছে। জীৱনযাত্ৰাত পোৱা ব্যথা, কঠোৰ যন্ত্রণাতো কবিয়ে নিৰাশ নহৈ সকলো কপালৰ লিখন বুলি দুখৰ মাজতো জীৱনক নতুন ৰূপত সজাবলৈ চেষ্টা কৰিছে-
ভাঙিলি মোৰ জীৱন শস্য
চূর্ণ বিচূর্ণকই,
বাৰু চাবি মোৰ চকুলোৰে তাকে
সানি-পুটকি ল'ই,
বান্ধিম আশাৰ পিঠা-পনা-লাক
ভুঞ্জি নিচুকিব অই।
'নিয়তি', 'ভুঞ্জি', 'নিচুকিব'- শব্দসমূহৰ প্ৰয়োগ কবিতাটোত মন কৰিবলগীয়া। নিয়তিবাদত বিশ্বাস কৰা সৰ্বসাধাৰণৰ দৰে কবিকো যুঁজাৰু মানসিকতাৰ অধিকাৰী নহয় বুলি ক'ব নোৱাৰি। সকলো বিধাতাৰ লিখন বুলি দুখ-যন্ত্রণা ভোগ কৰি হিয়াক নিচুকাই থোৱাৰ ধাৰণাও ই প্ৰকাশ কৰিছে। ধন- জন, সা-সম্পদ, খাদ্য যিয়ে নিমিলক সকলো নিয়তিৰ বিধান হ'লেও কবিয়ে জীৱনটো নিজে বিচৰা ধৰণে নিৰ্মাণ কৰা, গঢ় দিয়াৰ অভিলাষ প্রকাশ কৰিছে।
নিয়তিয়ে কবিৰ জীৱন ভষ্ম, চূর্ণ-বিচূর্ণ কৰিলেও তাৰ পৰাই কবিয়ে জীৱন সেউজীয়াৰে সজীৱ কৰিবলৈ চেষ্টা কৰিছে। সংসাৰ মৰুভূমিৰ মাজতো মৰুদ্যান সজাই তুলিছে। ফুলে-পাতে কুঞ্জলতা উপচি পৰিছে। সেই সজীৱতাক কবিয়ে স্নিগ্ধ প্রেম বুলি ক'ব খুজিছে-
স্নিগ্ধ প্ৰেমৰ জীৱন দায়িনী
শাখা-প্রশাখাযুক্তা।
শ্যেলীয়ে সংসাৰৰ কাইটৰ মাজত আঁচোৰ খাই ৰক্তাক্ত হৈ চিঞৰি উঠাৰ বিপৰীতে চন্দ্ৰকুমাৰ আগৰৱালাই সংসাৰৰ কাইটনিত আচাৰ খাইও তাক কুঞ্জলতা, ফুলনিলৈ ৰূপান্তৰ কৰিছে। জীৱন ৰূপান্তৰ বা নিৰ্মাণৰ বাণী, কবিতাটোৰ মাজেদি প্রকাশ পাইছে। কবিৰ এই দৃষ্টিভংগীয়ে গভীৰতা লাভ কৰিছে বীণ-বৰাগী কবিতাটোত আধ্যাত্মিকতাৰ মাজেদি। কবিৰ অনুভূতি আৰু চিন্তাক ভাৰতীয় আধ্যাত্মিকতাই পাছলৈ গম্ভীৰ ৰূপ প্রদান কৰিছে। ব্যক্তিগত দুখ-সুখৰ সীমা পৰা হৈ দিব্য দৃষ্টিৰে জগত চোৱাৰ বাসনা মূর্ত হৈ উঠিছে।
৫। কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত প্রকৃতি চিত্ৰণ কিদৰে ফুটি উঠিছে, আলোচনা কৰা।
উত্তৰ: প্ৰাচীন কালৰে পৰাই মানুহ বিস্মিত হৈছে, তন্ময় হৈছে আৰু কৌতূহলী চিন্তাৰে ৰহস্যৰ গভীৰত প্ৰবেশ কৰিছে। প্ৰকৃতিৰ অপৰূপ সৌন্দর্যই মানৱ মনৰ ওপৰত এক আশ্চর্যজনক প্রতিক্রিয়া কৰে। প্ৰকৃতিৰ প্ৰেৰণাই মানৱক কৰি তোলে জীৱনমুখী, কৰি তোলে পৃথিৱীৰ প্ৰতি ব্যাকূল আৰু অনুৰক্ত। প্রচীনকালৰে পৰা প্ৰকৃতিৰ বৰ্ণাঢ্যময় ৰূপয় বিভিন্ন শিল্পরূপেৰে কবিসকলে কাব্যত বৰ্ণনা কৰিছে। ঋষি-মুনি সকলেও তেওঁলোকৰ শ্লোক-ছন্দত অন্তর্মুখী দৃষ্টিৰে নৈসর্গিক প্ৰকৃতিৰ অপৰূপ চিত্র ফুটাই তুলিছিল। সূর্য, চন্দ্র, মেঘ, আকাশ, পৃথিৱী, নদী, বৃক্ষ, উষা আদি প্রকৃতিৰ সমগ্র সত্তাই তেওঁলোকৰ সৃষ্টিক ঐশ্বর্যমণ্ডিত কৰি তুলিছিল আৰু ক্রমশঃ প্রকৃতি তেওঁলোকৰ হৃদয়ৰ কাষ চাপি আহিছিল। প্রাচীন কবি বাল্মীকিৰ অমৰ মহাকাব্যৰ পাতে পাতে নিসৰ্গৰ শোভাই ঠাই পাইছে। কবি কালিদাসৰ অন্তদৃষ্টি চেতনহীন মেঘ বিৰহীযক্ষৰ সন্দেশবাহক হৈ অলকাপুৰীলৈ যাত্রা কৰিবলৈ সাজু হৈছে, ভৱভূতিৰ নাটতো প্রকৃতি আৰু মানুহ একাত্ম হৈ পৰিছে। আমাৰ অসমীয়া সাহিত্যতো মাধৱকন্দলী আৰু শ্ৰীমন্ত শংকৰদেৱৰ নৈসর্গিক শোভাৰ বর্ণনাই পাঠক-শ্রোতাক চমৎকৃত কৰি তুলিছে আৰু প্ৰকৃতি মানুহৰ হৃদয়ৰ কাষ চাপি আহি সুখ-দুখৰ সমভাগী হৈছে। বিশ্ব সাহিত্যতো মানুহৰ ভাৱ-অনুভূতিৰ প্রতীক হৈ প্রকৃতি প্রাচীন কালৰে পৰাই অতি কালৰে পৰাই অতি ৰমণীয় ৰূপত উজ্বলি আছে।
তথাপিও প্রাচীন বা ধ্রুপদী সাহিত্যত প্রকৃতিৰ সংবেদনশীলতা তথা ঐশ্বর্যময় ৰূপ পৰিপূৰ্ণভাৱে চিত্রিত হোৱা দৃষ্টিগোচৰ নহয়। প্রাচীনকাব্যত প্রকৃতিক একপ্ৰকাৰ কাব্য সৃষ্টিৰ আহিলা নাইবা কাব্যিক মাধ্যম স্বৰূপেহে ব্যৱহাৰ কৰা হৈছিল। প্ৰকৃতিৰ সতে গভীৰ আত্মীয়তা, প্ৰকৃতিৰ মাজত প্ৰেম আৰু সৌন্দৰ্যৰ অনুসন্ধান, প্ৰকৃতিৰ সৰ্বাত্মক আৰু ব্যাপক প্ৰভাৱৰ ধাৰণা, প্ৰকৃতি আৰু মানুহৰ অন্তৰঙ্গতা, প্ৰকৃতিৰ সত্তাৰ মাজত নতুন অৰ্থৰ সন্ধান ইত্যাদি বৈশিষ্ট্যই নতুন ৰোমাণ্টিক যুগৰ কবিতাত ঐশ্চর্যময়তা দান কৰিলে। প্ৰতিজন ৰোমাণ্টিক কবিৰ প্ৰাথমিক প্ৰেৰণাদায়িনী হ'ল প্রকৃতি। 'In nature, all the Romantic poets found their initial inspiration (C.M. Bowra) ৰোমান্তিক কবিসকলৰ এই প্রকৃতি চেতনাত দার্শনিক ৰুছোৰ প্ৰকৃতিতত্ত্বইবাৰুকৈয়ে প্রভাবিত কৰাৰ পাছত পাশ্চাত্যৰ শ্রেষ্ঠ ৰোমাণ্টিক কবি ৱডচবৰ্থৰ নিসর্গ অনুভূতি এক পৰম দার্শনক প্রত্যেয়েৰে উদ্ভাসিত হৈ উঠিল। ইন্দ্রিয়চেতনাৰ জৰিয়তে তেওঁ প্ৰকৃতিৰ ৰূপ ৰস-গন্ধৰ আস্বাদ পাই প্রকৃতিক নিজৰ জীৱনৰ অংগ বুলি বিবেচনা কৰিছিল আৰু আধ্যাতিমক দৃষ্টিৰে প্ৰকৃতিৰ বুকুত ঈশ শক্তি বা পৰমেশ্বৰৰ সন্ধান কৰিছিল। ৱৰ্ডচৱৰ্থৰ উপৰিও পাশ্চাত্যৰ কবি বায়ৰণ, টেনিশ্যন, শোলী, কী, ক'লৰিজ, চুইণবার্ণ আদি কবিৰ কবিতাত প্রকৃতি অপৰূপ সৌন্দৰ্যৰ সত্তাৰূপে বর্ণিত হৈছে।
পাশ্চাত্য কাব্য সাহিত্যৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্রভাৱৰ ফলত সৃষ্টি হোৱা অসমীয়া ৰোমান্তিক কবিতাই প্ৰকৃতিৰ প্ৰতি এক গভীৰ অনুৰাগ, প্ৰকৃতিৰ সততাৰ প্ৰতি অকুণ্ঠ বিশ্বাস আৰু প্ৰকৃতিৰ ওপৰত এক ৰহস্যময় ভাৱ আৰোপ কৰি প্ৰকৃতিৰ শান্তিদায়িনী আৰু কমনীয় ৰূপটো প্রকাশ কৰিলে। অসমীয়া ৰোমাণ্টিক কবিতাৰ প্ৰকৃতি কবি ৰঘুনাথ চৌধাৰীয়ে নিসৰ্গৰ ফুল, সেউজীয়া অৰণ্য, তটিনী, পখীৰ কাকলি, ঋতুৰ কঁপনিৰ সৈতে হৃদয়ৰ সম্পৰ্ক স্থাপন কৰি, জীৱনৰ বিষাদ-যন্ত্রণাক পাহৰিবলৈ চেষ্টা কৰিছিল। অসমীয়া ৰূমাণ্টিক কবিতাৰ শ্ৰেষ্ঠ ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ বাবে সন্ধিয়াৰ দিগন্তত পাখি মেলি উৰি যোৱা দূৰণিৰ পখীজাক সৰগীয়া জ্যোতি প্রয়াসী আত্মাৰ প্রতীক, জোনালী নিশাৰ মৃদুল মলয়াজাকে কবিক কৈ যায় পৰম প্ৰিয়ৰ বাতৰি, দার্শনিক কবি দুৰ্গেশ্বৰ শৰ্মাৰ কবিতাত প্রকৃতি 'জিম্মিল নিয়ৰৰ লোকাপাৰ পিন্ধি' জীৱন যৌৱন আৰু আত্মাৰ দাপোনস্বৰূপ হৈ উঠিছে, যতীন্দ্ৰনাথ দুৱৰাই পৃথিৱীৰ ধূলিবালিত অকপট প্রেম বিচাৰি মনোৰথ হৈ 'নিখিল বিশ্বৰ বায়ু-পানী-সূর্যলোক-বিটপ-বিহঙ্গমৰ মাজত সহৃদয়তা স্থাপনৰ কল্পনা কৰিছে। এই যুগটোৰ প্ৰায়সকল কবিৰ কবিতাতে প্রকৃতি হৈ পৰিছে অসামান্য অনুভৱৰ আশ্চৰ্যজনক প্ৰেৰণা।
অসমীয়া ৰোমাণ্টিক যুগৰ দুৱাৰ মুকলি কৰোতা, আধুনিক অসমীয়া কবিতাৰ অন্যতম -খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ কৰ্মময় জীৱনৰ এফালে আছে কাব্যিক ভাৱনাৰ উপলিব্ধ, অন্যফালে আছে জীৱনৰ মায়াময় ৰমণীয় অনুভৱৰ পৰশ। সুন্দৰৰ আৰাধনাই জীৱনৰ খেল বুলি ঘোষণা কৰা, 'মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কের' বুলি সৰ্বমানৱৰ জয়গান গোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত কল্পনাৰ অসামান্য বিকাশ ঘটিছে-প্ৰকৃতিৰ অপার্থিব সৌন্দৰ্যৰ মাজত, গভীৰ মানৱ প্ৰেম আৰু আধ্যাত্মিক দৃষ্টিভংগীত।
উনবিংশ শতিকাৰ সংঘাত আৰু সংকট-অৱক্ষয়ৰে পৰিপূৰ্ণ যি পৃষ্ঠভূমিত অসমীয়া ৰোমাণ্টিক কবিতাৰ জন্ম আৰু বিকাশ সাধন হৈছিল, সেই পৃষ্ঠভূমিত ৰোমাণ্টিক কবিতাৰ বিশিষ্ট কাব্যগুণ প্রকৃতিচিত্রণ বা নিসর্গচিত্রণ বর্ণময় ৰূপত বিকশিত হৈ উঠা সম্ভৱপৰ নাছিল। আধুনিক অসমীয়া কবিতা প্রস্তুতিপৰ্বৰ কবি ভোলানাথ দাসৰ 'মেঘ' কবিতাটিতে পোনপ্ৰথম প্ৰকৃতিৰ প্ৰতি সচেতনতা ফুটি উঠিছে। ভোলানাথ দাসৰ পিছত, পুৰাতন সমাজজীৱনৰ অনাড়ম্বৰ জীৱন অভ্যস্ত ৰোমাণ্টিক যুগটোৰ প্ৰায়সকল কবিয়ে পাশ্চাত্যৰ শিক্ষা-সংস্কৃতি আৰু নব্য চিন্তা-চেতনাৰ সৈতে পৰিচিত হ'ল আৰু ওপজা মাটিৰ বৰ্ণময় নিসর্গক তেওঁলোকৰ কবিতাৰ মাজত ঠাই দিবলৈ প্ৰয়াস কৰিলে। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাতো ফুটি উঠিল লোকজীৱনৰ মধুৰ নিৰ্যাস আৰু স্বদেশৰ অপৰূপ ৰূপৰ সাৰ্থক চিত্ৰণ। তেওঁৰ কবিতাত প্রাণময় হৈ উঠিল পানীৰ চৰাই, মলয়া বায়ু সোণবৰণীয়া মাছ, ঘৰ পোহনীয়া পাৰ যুৰি, শাবলী পোৱালীকণি, মৰমৰ সখী জোনবাই, নিয়ৰৰ মুকুতা টোপাল, কেতেকীৰ ৰেণু, আগলি পাতৰ ৰ'দকাঁচলি, আদৰ-মালতী, ফুলাম ছই আদি প্ৰচুৰ প্রকৃতিমূলীয় প্রতীক। প্রকৃতি সাহার্যত বোটলা এইশব্দ সমূহে, এক কথাত প্রতীকসমূহে বহুদিন ধৰি উপেক্ষিত হৈ থকা অসমৰ নৈসর্গিক জগতখনক আমাৰ সন্মুখত ফটফটীয়াকৈ তুলি ধৰি ধৰিবলৈ সক্ষম হ'ল।
চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত সৌন্দৰ্যৰ যি অপৰূপ প্রকাশ ঘটিছে, পৃথিৱীৰ তেনেই কম কবিয়েহে তেওঁলোকৰ কবিতাত তেনে সার্থকতা ফুটাই তুলিব পাৰিছে। আগৰৱালাৰ কবিতাসমগ্র উপচি আছে ইন্দ্ৰিয়চেতনাৰ দুৱাৰেদি প্ৰৱেশ কৰা ৰূপ, ৰস, শব্দ, আৰু গন্ধৰ
অপূৰ্ব মাদকতাৰে। আঙুলিমূৰত লেখিব পৰা এমুঠি কবিতাতহে সেই সৌন্দৰ্যৰ সহাঁৰি অনুপস্থিতি।
কবিৰ প্ৰথম ৰোমাণ্টিক কবিতা 'বনকুৱৰী'ত প্ৰকৃতিৰ ক্ষুদ্রতম বস্তুবোৰৰ মাজতো মানুহৰ প্ৰাণত কাৰণ নেদেখা আনন্দৰ ঢৌ' সৃষ্টি কৰিব পৰা ৰমণীয় সৌন্দৰ্যৰ সন্মোহনী গুণ নিহিত হৈ আছে। ৰোমাণ্টিক কবিতাৰ শুভৰম্ভৰ কবিতাৰূপে গুৰুত্বপূর্ণ এই কবিতাটো প্রকাশ হোৱাৰ পাছত লক্ষ্মীনাথ বেজবৰুৱাই জগন্নাথ বৰুৱা আৰু মাণিকচন্দ্ৰ বৰুৱাক পঢ়ি শুনাওঁতে তেওঁলোকে 'বিস্ময়-বিমিশ্রিত' ভাৱ প্ৰকাশ কৰি প্ৰশংসা কৰিছিল। কবিতাটিত বর্ণিত প্রকৃতিৰ প্ৰতিটি অংশই পৰস্পৰৰ প্ৰতি অতিশয় আন্তৰিকতাৰে বান্ধ খাই প্ৰকাশ কৰিছে হৃদয়ৰ একাগ্রতা। প্ৰকৃতিৰ বুকুত বলা আনন্দৰ অনিবচনীয় সোঁতৰ এই চিত্রখনি যেন মানৱসমাজৰ বাবে শিক্ষাদায়িনী দৃষ্টান্তহে। মানুহে পাহৰি পেলোৱা মৰমস্নেহ, আদৰ-সাদৰ, আন্তৰিক-সহানুভূতিৰ মানৱীয় ছবিখনি প্রকৃতিৰ বুকুত জন্মা তৰু-তৃণ-গছ-লতিকাৰ নিষ্পাপ অন্তৰংগতাৰ মাজতহে প্রত্যক্ষ হয়-
'নিচুক লতিকা গছক সাৱটি
প্রতি অঙ্গে চুমাচুমি
পাতৰ আঁৰত থাকি কপৌটিয়ে
কিবা কৰে জুমাজুমি।'
স্বার্থহীন, অহৈতুকী প্ৰেমেৰে প্ৰকৃতিয়ে ইয়াত মানুহৰ মনক যেন উদ্দীপ্ত কৰি কল্যাণ সাধন কৰিবলৈ প্ৰয়াস কৰিছে।
'বনকুৱঁৰী' ৰ অনুৰূপ অন্য এটি কবিতা 'জলকুৱঁৰী'তো প্ৰকৃতিৰ অনবদ্য ৰূপৰ পোহাৰ উপচি পৰিছে। মানুহৰ ইন্দ্ৰিয়চেতনাই ঢুকি নোপোৱা, মাথোন অতীন্দ্রিয় কল্পনাইহে ঢুকি পোৱা এখন ৰহস্যময় জগত আৰু তাৰ অশৰীৰি প্ৰাণীবোৰৰ অচিনাকি উখলমাখলৰ শ্রুতিনিৰ্ভৰ বৰ্ণনাৰে প্ৰকৃতিক জীৱন্ত আৰু ৰমণীয় ৰূপত 'জলকুঁৱৰী'ত ফুটাই তুলিবলৈ কবি সক্ষম হৈছে। পশ্চিমীয়া কবি ক'লৰিজে অতিলৌকিক জগতৰ ক্ষেত্ৰত এটা যুগৰ সৃষ্টি কৰি থৈ যোৱাৰ দৰে (Coleridge made an epoch in the poetry of supernature) অসমীয়া ৰোমাণ্টিক কাব্য প্রবাহতো চন্দ্ৰকুমাৰ আগৰৱালাই এই দিশত এটা যুগৰ সৃষ্টি কৰি হৈ গ'ল। জনসংশ্ৰৱৰ পৰা আঁতৰত ৰাখি 'বনকুঁৱৰী' আৰু 'জলকুঁৱৰী' স্থূল কল্পনাৰ পৰা মুক্ত কৰি সুক্ষ্ম মনস্তত্ত্বৰ ওপৰত কবিয়ে প্রতিষ্ঠা কৰিলে।
বহু ৰোমাণ্টিক কবিৰ কবিতাত প্রচ্ছন্ন হৈ থাকে বিষাদবোধ। সেই বিষাদবোধে নিসৰ্গৰ ফুল, সেউজীয়া অৰণ্য ঘাঁহনি, জলাধাৰ, নীলা আকাশ আদিক কবিৰ হৃদয়ৰ কাষ চপাই আনে। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাতো বিষাদবোধ বা দুখবোৰ ধ্বনিত হৈছে -কেতিয়াবা প্রত্যক্ষভাৱে, কেতিয়াবা নিসর্গক আশ্ৰয় কৰি। তেজীমলা, প্রকৃতি, নিয়ৰ, ফুলা সৰিয়হডৰা, সুখ গীত আদি 'প্রতিমা' ৰ বহু কবিতা দুখবোধৰ দ্বাৰা আলোড়িত।
বনকুঁৱৰী' আৰু জলকুৱঁৰীত' কৈ দৃঢ়পিনদ্ধ, লোক কথা বিষয়ক আলম্বন হিচাপে গ্রহণ কৰা 'তেজীমালাত'ত কবিয়ে 'প্রকৃতিৰ প্ৰেমৰ পটভূমিত মানুহৰ অসূয়া আৰু শেষত প্ৰেমৰ জয়ৰ আশাৰ আলোক স্তম্ভ এটি স্থাপন কৰিছে।' কবিৰ মনত মানৱতাৰ স্খলনে যি বিৰাজ বোধৰ অনুৰণন তুলিছে সেই বিষাদ ফুল হৈ ফুলা তেজীমলাৰ পাহিয়ে পাহিয়ে যেন উপচি আছে। প্রকৃতি জগতৰ দয়া, প্রেম, উদাৰতা, নিঃস্বাৰ্থতা আৰু মানৱসমাজৰ ঈর্ষা, দ্বেষ, স্বাৰ্থপৰতা, নিষ্ঠুৰতাৰ পৰস্পৰ বিৰোধী অভিজ্ঞতাৰে পুষ্ট তেজীমলাৰ জীৱন চৰিত দুখন জগতৰ প্ৰামাণিক ইতিহাস। 'তেজীমলা'ৰ জৰিয়তে কবিয়ে প্রচলিত লোককথাক কাব্যিক ৰূপ দিছে যদিও নিজস্ব উপস্থাপন ৰীতিৰে সহৃদয়জনক হৃদয়লৈ এক বার্তা (Message) প্ৰেৰণ কৰি, বিদ্রোহী মানসিকতাৰ পৰিচয় দাঙি ধৰিছে আৰু নিসর্গ হৈ পৰিছে তাৰ উৎকৃষ্ট মাধ্যম।
'হাতো নেমেলিবি ফুলো নিচিঙিবি
ক'ৰে নাৱৰীয়া তই,
মানুহে ফুলৰ কি জানে আদৰ
তেজীমলাহে মই'
একেলগে নিসর্গচেতনা, কালচেতনা বা ঐতিহ্যচেতনা, বিদ্রোহীচেতনা, মানবপ্রেম আৰু লোককথাবিষয়ক বিষয়বস্তুৰ 'তেজীমলা' ৰ দৰে শিল্পগুণসম্পন্ন শ্রেষ্ঠ কবিতা সমগ্ৰ ৰোমাণ্টিক কাব্য প্রবাহতে দ্বিতীয়টো নাই বুলি ক'লেও ভুল নহয়।
চন্দ্ৰকুমাৰ আগৰৱালাৰ আছিল প্ৰকৃতিৰ মাধ্যমেৰে জীৱনৰ আলোড়ন গভীৰভাৱে মূৰ্ত্ত কৰি তোলাৰ ক্ষমতা। 'প্রকৃতি' তেনে এটি কবিতা- য'ত জন্ম, সৌন্দর্য, প্রেম, বিচ্ছেদ, মৃত্যুৱে বিষাদৰ আলোড়ন তুলিছে আৰু তাত প্রকৃতিয়ে নিমর্ম উদাসীন ভূমিকা লৈছে। প্রতিজন ৰোমান্টিক কবিয়েই প্রত্যক্ষ কৰে 'প্ৰকৃতিৰ মাজত অসীম মহত্ব, সৰু এপাহি ফুলৰ মাজতো বিশাল ৰহস্য'। প্রকৃতিজগতৰ আটাইতকৈ সুন্দৰতম, অথচ ভঙ্গুৰতম ফুলৰ প্ৰতীকী ৰূপকল্পেৰে ক্ষণভংগুৰ মানৱজীৱনৰ অনিশ্চিত সমাপ্তিৰ কথা কবিয়ে ঘোষণা কৰিছে আৰু মানুহজীৱনৰ সাৰমৰ্ম এটোপাল পানীৰ ৰূপত দাঙি ধৰিছে। ফুল কলি ফুলি গোন্ধ বিলাই মৰহি যোৱাৰ দৰে, প্রেয়সী বিচ্ছেদত বিষাদ উথলি উঠা মউ পিয়া ভোমোৰা গুচি যোৱাৰ দৰে অনিত্য জীৱনেও চিৰন্তন প্ৰকৃতিৰ স্থায়ীত্বৰ ওচৰত আত্মসমর্পন কৰে -
'কৰ কোন কিবা হ'ল
চিন স্মৃতি পমি গল
প্রকৃতিযে ৰ'ল।'
মাথো চাৰিটা স্তৱকেৰে 'প্রকৃতি'ক কবিয়ে জীৱনৰ গভীৰবোধেৰে সিক্ত কৰি, ৰসগ্রাসী পাঠকৰ হৃদয়লৈও সেই বোধ প্রবাহিত কৰিছে।
ফুলা সৰিয়হডৰা, নিয়ৰ, মাধুৰী, জোনাকী আদি 'প্রতিমা'ত সন্নিবিষ্ট ভালেকেইটা কবিতা কবিৰ আন্তৰিক সৌন্দৰ্যক সন্ধানৰ পৰিচায়ক। সুন্দৰৰ ক্লান্তিহীন উপাসক, পাশ্চাত্যৰ ৰোমাণ্টিক কাব্যৰ পৰিমণ্ডলৰ এজন বিশিষ্ট কবি ৰীৰ 'Beauty is truth, truth is beauty'ৰ অনুৰূপ অনুকৰণ শুনিবলৈ পোৱা গৈছে উল্লিখিত কবিতাকেইটিত। সংসাৰৰ বৈষয়িক চিন্তা চেতনাই জুৰুলাকৰা কবি চিত্তই সৰিয়হ ফুলৰ বৰ্ণালীত আপোন পাহৰা হৈ যি সৌন্দর্যসিক্ত সত্যাশ্রয়ী শিল্পতত্ত্ব প্রকাশ কৰিছে, সেই শিল্পতত্ত্বই আটাইবোৰ হৃদয় মহত্তৰ কৰি তুলিবলৈ সক্ষম হৈছে। পৰৱৰ্তী কবি ৰঘুনাথ চৌধাৰীৰ 'ৰূপৰ মাধুৰীসনা সোণোৱীলী ৰহণৰ সৰিয়হডৰাৰ প্ৰেৰণা আগৰৱালাদেৱৰ এই কবিতাটিয়েই যেন বোধ হয়। নৈসর্গিক বিষয়ৰ কবিতা হিচাপে সকলোকালৰ ভিতৰতে শ্ৰেষ্ঠ বুলি মহেন্দ্ৰ বৰাদেৱে 'নিয়ৰ' সম্পর্কে যথার্থ মন্তব্য আগবঢ়াইছে। প্রকৃতিৰ বুকুত নিতৌ ঘটি থকা তুচ্ছাতিতুচ্ছ, অথবা সাধাৰণজনৰ চকুৰ আঁৰৰ ঘটনাবোৰৰ ছবি আঁকা নিপুণ কবি বডৱৰ্থৰ দৰে আগৰৱালাও সিদ্ধহস্ত। সেয়েহে নিয়ৰৰ সামান্য টোপালটোৱেই কবিকল্পনাত আকাশ, পৃথিৱী আৰু অতিলৌকিক জগতখনক একাকাৰ কৰি, অপৰূপ সৌন্দর্যচ্ছটাৰে উদ্ভাসিত হৈ উঠিছে। কণমাণি নিয়ৰৰ টোপালটো ৰাতিৰ আকাশত টোপনি যোৱা এটি যেন সোণালী তৰাহে। নহলেবা নিশাৰ পৃথিৱীৰ মানুহৰ দৃষ্টিৰ আঁৰত ঘটা কোনোবা আকাশী পৰীৰ ডিঙিৰ সাতসৰীৰ পৰা ছিঙি পৰা এটি সোঁৱৰণী মণি। নিয়ৰৰ সামান্য টোপালটোৱে এনেদৰে সৌন্দৰ্যৰ পোহাৰ মেলিও পাহৰি যোৱা নাই জীৱনৰ অনিত্যতাক সোৱঁৰাই দিবলৈ -
"হায় কি বিষম পেলালে বায়ুরে
জোকাৰি ফুলৰ পাহি'।
অনুৰূপ অনুষঙ্গ বিচাৰি পাওঁ ৰঘুনাথ চৌধাৰীৰ 'নশ্বৰতা'ত। নিৰ্মম ক্ষণভংগুৰতাই সুন্দৰৰ মনোৰম কান্তিক কেনেদৰে নিষ্প্রভ কৰি পেলায় তাৰ সাৰ্থক চিত্ৰ কবিতাটিত ফুটি উঠিছে-
'ধীৰে ধীৰে নিদাঘৰ দহন মূৰতি
ধৰিলে কি ভীষণ আকাৰ,
নন্দনৰ চাৰুখেলা চাওঁতে চাওঁতে
নিমিষতে হ'ল ছাৰখাৰ।' (নশ্বৰতা)
ৰোমাণ্টিক কবিৰ দৃষ্টিত প্রকৃতি সুন্দৰ আধাৰিত পৰম সত্যৰেই অভিব্যক্তি আৰু এই বৈশিষ্ট্য চন্দ্ৰকুমাৰ আগৰৱালাৰ উল্লিখিত কবিতাকেইটিয়ে বহন কৰা দেখা যায়। 'ৰূপৱতী কিশোৰীৰ অপৰূপ ৰূপৰ অপূৰ্ব উপমামণ্ডিত বর্ণনা'ৰে উপচি থকা অন্য এটি অনুপম কবিতা 'মাধুৰী' ছাঁ-পোহৰৰ সৌন্দৰ্যৰে উপচি আছে। কবিৰ বৰ্ণনাত 'দেৱী নে মানবী ঐ মাধুৰীৰ ছৱিটি'ৰ দৰে অনুৰূপ বৰ্ণনাৰে ভৰা ৱৰ্ডৰ্থৰ 'লুচি' কবিতাটিৰ লগতহে 'মাধুৰী' তুলনীয়। 'A violet by a mossy stone, Half hidden from the eye' পশ্চিমীয়া কবিকল্পনাৰ অৰ্ধপ্রতিমাজনীতকৈ আমাৰ অসমীয়া কবিৰ মাধুৰীজনীৰ জেউতি চৰাহে। 'কিশোৰী' তো মাধুৰীৰ অনুৰূপ সৌন্দৰ্যৰ ছবি উদ্ভাসিত হৈছে। 'সুন্দৰৰো সুন্দৰ সংসাৰ দুদিনীয়া' (চিৰলগৰীয়া), 'সুন্দৰৰো সুন্দৰ ই দুদিনীয়া দেশ', 'সত্য তুমি শিৱ তুমি অসীম সুন্দৰ' (সত্য তুমি, শিব তুমি, অসীম সুন্দৰ), 'ফুটে কি নুফুটে ফুল, সবে কি নসৰে' (অনন্তৰ সোঁত), 'বিচাৰো সুন্দৰ মই নিজে অসুন্দৰ' (সুন্দৰ) আদি কবিতাৰ শাৰীয়ে বিশ্বকবিৰ 'আমাৰ চিত্তে তোমাৰ সৃষ্টিখানি ৰছিয়া তুলিছে বিচিত্র এক বাণী'ৰ অনুৰূপ আলোড়ন আটাইৰে হৃদয়ত তুলিবলৈ সক্ষম হৈছে।
চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰকৃতি ৱৰ্ডৰ্থৰ দৰেই সংবেদনশীল, সজাগ আৰু সহানুভূতিশীল। মানুহৰ প্ৰতি গভীৰ আস্থাশীল কবিজন প্ৰকৃতিৰ পৰা আঁতৰি আহিবলৈ বিচাৰিলেও প্রকৃতিয়ে যেন অধিন আগ্রহেৰেহে তেওঁক হাতবাউল দি কাষলৈ মাতে। মংগলময় সমাজ গঢ়াৰ স্বপ্নেৰে ভবা 'বীণবৰাগী'তো প্রকৃতি যন্ত্রণাদগ্ধ মানৱৰ প্ৰতি সহানুভূতিশীল হৈ উঠা দৃষ্টিগোচৰ হয় -
'তোমাৰ বিননি শুনি থৰ হয়
পশু-পক্ষী গছ লতা,
লুইত উজায়, জোন তধা লাগে
মানুহৰ কিবা কথা।'
সামগ্রিকভাৱে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাসমগ্ৰত প্রকৃতি বৈচিত্রময় ৰূপত উদ্ভাসিত হৈ উঠিছে। প্রকৃতিৰ অতি থকা গভীৰ অনুৰাগ বৰ্ণময় ৰূপত দাঙি ধৰিবলৈ ৰোমাণ্টিক কবিসকলৰ প্ৰেৰণা যোগাইছিল ওপজা দেশখনৰ বিচিত্ৰ ৰূপসজ্জাই। প্রতিজন ৰোমাণ্টিক কবিৰ সিৰা-উপসিৰাত সেয়েহে প্রবাহিত হোৱা দৃষ্টিগোচৰ হয় প্ৰকৃতিৰ প্ৰতি গভীৰ প্রত্যয়ৰ অবাৰিত স্রোত। প্রতিজন ৰোমাণ্টিক কবিৰে আছে প্ৰকৃতিৰ প্ৰতি অগাধ আস্থা-
"Nature never did betray
The heart that loved her, 'tis her previlege
Through all years of tis life, to lead
From joy to joy." (Lintern Abbey)
প্রকৃতিৰ প্ৰতি থকা পশ্চিমীয়া কবিৰ এই বিশ্বাস অতি প্রগাঢ়ভাবে প্রতিফলিত হ'ল আমাৰ প্ৰথমজন ৰোমাণ্টিক কবিৰ কবিতাসমগ্রত। এই নতুন প্রকৃতি আশ্রয়ী বিশ্বাসে স্বার্থ-কলুষতা, নিন্দা-অপযশ আৰু বিষয়-চিন্তাৰ গ্লানিয়ে মলিন কৰা মানৱৰ ভৱিষ্যত সম্পর্কে আকৌ এবাৰ যেন আশ্বস্ত কৰি তুলিলে।
৬। 'অজেয়' আৰু 'মাধুৰী' কবিতাটিত কবি আগৰৱালাদেৱে কিদৰে ৰোমাণ্টিক ভাৱধাৰা সম্পৃক্ত কৰিছে?
উত্তৰঃ ১৯ শতিকাৰ শেষৰফালে পাশ্চাত্য সাহিত্যৰ ভাবাদর্শেৰে পৰিপুষ্ট হৈ অসমীয়া সাহিত্যৰ যি ৰমন্যাস যুগৰ শুভাৰম্ভ ঘটে সেই যুগৰ সাহিত্যিক আন্দোলনৰ অন্যতম গুৰীয়াল আছিল চন্দ্ৰকুমাৰ আগৰৱালা। তেখেতে কবিতাৰ বিভিন্ন অংগৰাজিৰে অসমীয়া
কাব্য সাহিত্যৰ এই সোণালী যুগটি অসমীয়া সাহিত্যত উজ্জ্বলতম নক্ষত্র হিচাপে জিলিকাই তুলিবলৈ যি প্রচেষ্টা চলাইছিল তাৰ ফলশ্রুতিতেই পৰৱৰ্তী সময়ছোৱাত গীতি কবিতাৰ পৰম্পসা সৃষ্টি হৈ আহিছে। ১৮৮৯ চনত 'জোনাকী' নামৰ মাহেকীয়া আলোচনীৰ প্রকাশেবে অসমীয়া ৰমন্যাসবাণী কবিসকলক গীতি কবিতাৰ সম্ভাৰেৰে অসমীয়া কাব্য সাহিত্যক সমৃদ্ধি কৰি তুলিবলৈ প্ৰেৰণা যোগালে। 'জোনাকী' কাকতত 'বনকুঁৱৰী' গীতি কবিতাবে কবি জীৱনৰ পাতনি তৰি কবিগৰাকীয়ে প্রকৃতি, ফুলা সৰিয়হ দৰা, নিয়ৰ, বনকুঁৱৰী, তেজীমলা, মই, কিশোৰী, মাধুৰী, মানৱবন্দনা, হৃদয়-সৰগ আদি ৬৪ টা মান কবিতাৰ এক সামগ্রিক মিতিৰালিৰে ১৯১৩ খ্ৰীঃত তেওঁৰ প্ৰথম কাব্য গ্রন্থ 'প্রতিমা'খন পাঠকৰ মাজলৈ মেলি দিয়ে।
আগৰৱালাদেৱ আছিল সত্য আৰু সুন্দৰৰ পূজাৰী। সেয়ে তেওঁৰ দৃষ্টিত সত্য আৰু সুন্দৰৰ কোনো প্রভেদ নাই। সুন্দৰৰ আৰাধনাক জীৱনৰ ব্রত হিচাপে লোৱা এই কবিগৰাকীয়ে তেখেতৰ 'মাধুৰী' নামৰ কবিতাৰ জৰিয়তে প্ৰকৃত সুন্দৰৰ এক নিভাঁজ প্রতিচ্ছবি দাঙি ধৰিছে। জোনাকী যুগৰ ত্রিমূৰ্ত্তিৰ অন্যতম লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাত 'মাধুৰীৰ নিচিনা সুখতে পমা শুৱলা কবিতা অসমীয়া ভাষাত বৰ বেছি নাই'-
'চাওঁনে নেচাওঁকৈ
মৰমৰ দেহিটি
দেৱীনে মানৱী ঐ
মাধুৰীৰ ছবিটি।'
এই কবিতাটিৰ প্রতিটো স্তবকতে ফুটি উঠা অবুজ কল্পনা শক্তিয়ে কবিগৰাকীৰ ৰোমাণ্টিক সাম্যবাদৰ বতৰা কঢ়িয়াই আনে।
কবিতাটোত ৰোমাণ্টিক কবিৰ সৃষ্টি-কল্পনাই এক উচ্চাভিলাষী প্রত্যাহ্বান গ্রহণ কৰিছে- শব্দৰে অপ্রকাশনীয়ক প্ৰকাশ কৰিবৰ চেষ্টা কৰিছে। তাকে কৰিবলৈ যাওঁতে ভাৱৰ দ্রুত পৰিৱৰ্তনে বাক্যৰ গাঁথনিক নির্ণয় কৰিছে। মাধুৰীৰ ৰূপ ধ্যান কৰা কবিৰ মনৰ জগতত প্ৰিয়াৰ বিভিন্ন ৰূপ চক্রাকাৰে ঘূৰি থকাৰ পৰতে কবিয়ে সিবোৰক শব্দ তৰংগলৈ সলনি কৰিব লগা হোৱা বাবেই বাক্যবোৰ আধৰুৱা হৈ ৰৈছে- 'ফুটো নে নুফুটো কৈ/কুমলীয়া কলিটি/ওঁঠত লাজেৰে ৰৈ/মিচিকীয়া হাঁহিটি।'
কবিতাটোত প্রিয়া সম্পর্কীয় সকলো কথাই অনিশ্চিত আৰু ৰহস্যময়, উচুপনি, ছলছলীয়া চকু, লুকুৱা ভুমুকা, খং-ধেমালি, ওলাও-নোলাও ইত্যাদি। প্ৰেমৰ আকুলতাৰ সাঁথৰ ভাঙিলেয়ে পানী মিঠে হ'ব সিহে নিশ্চিত। শেষৰ দুশাৰীত যেতিয়া কোৱা হয় 'দেৱী নে মানৱী ঐ/মাধুৰীৰ ছবিটি', তাতো এক ধৰণৰ ৰহস্যময় অনিশ্চয়তা থাকি গৈছে। পৰিস্থিতিটো আপাত-বিৰোধী।
'সোলোকাই মোকলাই
এধা বন্ধা খোপাটি,
হয়নে নহয়কৈ
আধা ফুটা মাতটি।'
আগৰৱালাদেৱৰ সৌন্দৰ্য্য তৃষ্ণাৰ অপৰূপ নিদর্শন 'মাধুৰী' নামৰ কবিতাটিৰ জৰিয়তে কবিগৰাকীয়ে অ-প্রকাশ্য মান আৰু মৰ্য্যদা যে প্রকাশ্য মৰমৰ মান আৰু মৰ্যদাতকৈ বহু ওপৰত তাকে প্রতীয়মান নিয়াবলৈ সক্ষম হৈছে।
কবিয়ে আধা আঁকা ছবি, আধা ফুলা ফুল, সদ্যবিবাহিতা পত্নী, থুনুক-থানাক মাতৰ কেঁচুৱাটি, গাভৰুৰ আধাখোলা খোপাটি, অভিমান ভৰা ঠেহ, অৰ্দ্ধ উদং বুকু, ওঁঠৰ তলৰ লাজুকীয়া হাঁহি, আঁতৰৰ পৰা ভাঁহি অহা কৰুণ জান-নিজান বাঁহীৰ মাত, আদিৰ জৰিয়তে 'মাধুৰী'ৰ বৰ্ণনা অতি সৰলভাৱে ফুটাই তোলাত সফল হোৱা যেন লাগে। নাৰী আৰু প্রেম অমৃতৰ নদী। সেয়ে যৌৱনৰ উন্মাদ উত্তেজনাত উন্মনা, প্ৰেমৰ চাকনৈয়াত উগুলথুগুল কৰা নাৰীপ্রাণ, নাৰীমন আৰু নাৰীজেদৰ অপৰূপ লাবণ্যময়ী সৌন্দর্যতক কবিগৰাকী ইমান বেছি আনন্দিত হৈ উঠিছে যে মাধুৰীৰ অপৰূপ ছবিটি দেৱী নে মানৱী তেওঁ সেই কথা সঠিকভাবে থিৰাং কৰাত ব্যর্থ হৈছে। সৌন্দর্য্য আৰু অনুভৱ কোনোটোৱেই মাধুৰীৰ ৰূপ সুধাক বৰ্ণনাৰ মাপকাঠীৰে বুজাব পৰা নাযায় বা নোৱাৰি। সাধনাৰ জৰিয়তেহে এই সৌন্দৰ্য্য সুধা পান কৰিব পৰা যায়।
কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দৃষ্টিভংগী সম্পূর্ণ ভাববাদী বুলিব নোৱাৰি। মানুহক ভালপোৱাৰ প্ৰত্যাহ্বানত কবিয়ে ঈশ্বৰ নুবুলি নিয়তিক সম্বোধন কৰি লিখিছে যে যদিও নিয়তিয়ে কবিৰ হৃদয় শিলত পিহিছে আৰু দুখৰ অগ্নিকুণ্ডত কবিৰ আশা-বাসনা চুৰচুমৈ কৰি দিছে, তথাপি কবিৰ মানৱপ্ৰেম অজেয় আৰু অপ্ৰতিৰোধ্য। গতিকে কবিয়ে নিয়তিৰ সকলো বাধা নেওচি প্ৰসাৰিত আৰু প্রস্ফুটিত কৰি দিছে প্রেম-প্রীতি-অনুৰাগৰ প্ৰতীতি।
চন্দ্ৰকুমাৰৰ কবিতাৰ মুখ্য আকর্ষণ হ'ল গভীৰ মানৱতাবাদ। মানুহৰ প্ৰতি প্রেম আৰু মানৱ প্ৰেমৰ প্ৰসংগ তেওঁৰ কবিতাৰ মুখ্য উপজীব্য। আধ্যাত্মবাদ অৱলম্বন হ'লেও মানৱিকতাবাদ চন্দ্ৰকুমাৰৰ কবিতাৰ মুখ্য লক্ষ্য। ভাৰতৰ প্ৰাচীন আৰু মধ্যযুগৰ মূল দৰ্শন ভগৱৎবাদৰ বিপৰীতে ইউৰোপীয় নৱজাগৰণৰ মানৱতাবাদ আৰু ভাৰতৰেই চণ্ডীদাসৰ 'সবাৰ ওপৰে মানুহ শ্রেষ্ঠ আৰু ৰবীন্দ্ৰনাথৰ 'এই ভাৰতৰ মহামানৱ'ৰ পূজাৰ দৰ্শনে চন্দ্ৰকুমাৰক প্ৰভাৱিত কৰিছিল।