ভাৰতীয় আৰ্যভাষাৰ লগত অসমীয়া ভাষাৰ সম্বন্ধ

চমু প্ৰশ্ন উত্তৰঃ

(১) সাহিত্য়িক প্ৰাকৃতিক কেইবিধ ভাগত  ভগোৱা হৈছিল?

উত্তৰঃ পাঁচটা।

(২) ভাৰতীয় আৰ্যভাষাক কেইটা স্তৰত ভগোৱা হৈছে?

উত্তৰঃ তিনিটা।

(৩) অসমীয়া ভাষাৰ মূলস্বৰূপ ভাষা পৰিয়ালটো হল -

(ক) চীন তিব্বতীয়                 (খ) অষ্ট্ৰিক

(গ) দ্ৰাবিড়                             (ঘ) ইণ্ডো ইউৰোপীয়

উত্তৰঃ ইণ্ডো ইউৰোপীয়।

(৪) মাগধী অপভ্ৰংশৰ কোনটো শাখাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছিল?

উত্তৰঃ প্ৰাচ্য় মাগধী অপভ্ৰংশৰ পৰা।

(৫) নব্য় ভাৰতীয় আৰ্যভাষাৰ সময়সীমা হল -

উত্তৰঃ  খ্ৰীঃ দশম শতিকাৰ পৰা বৰ্তমান পৰ্যন্ত

(৬) শ্ৰেষ্ঠ প্ৰাকৃত বুলি কোনবিধ সাহিত্য়িক প্ৰাকৃতক অভিহিত কৰা হৈছিল? এই প্ৰাকৃতত লিখা এখন মহাকাব্য়ৰ নাম লিখা।

উত্তৰঃ মহাৰাষ্ট্ৰী প্ৰাকৃত। প্ৰৱৰসেনৰ সেতুবন্ধ।

(৭) প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ দুটা বৈশিষ্ট্য় লিখা।

উত্তৰঃ প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ দুটা বৈশিষ্ট্য় হল -

(ক) প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ দুয়োটা ভাষাৰূপতে দুটা এটা ধ্বনিকবাদ দি প্ৰায় একেখিনি স্বৰ আৰু ব্য়ঞ্জন ধ্বনি দেখা যায়। তদুপৰি স্বৰৰ গুণ বৃদ্ধি সম্প্ৰসাৰণ তথা সন্ধিযুক্ত ব্য়ঞ্জনৰ ব্য়ৱহাৰো উভয় ভাষা ৰূপত দেখা যায়।

(খ) সমাসবদ্ধ পদৰ গঠন দুই ৰূপতে বিদ্য়মান।

(৮) পালি ভাষাৰ দুটা ধ্বনিতাত্বিক বৈশিষ্ট্য় লিখা।

উত্তৰঃ পালি ভাষাৰ দুটা বৈশিষ্ট্য় হল -

(ক) প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ 'অৱ' আৰু 'আয়' দ্বিস্বৰৰ পৰিৱৰ্তন ঘটি পালিত যথাক্ৰমে 'ও' আৰু 'এ' হয়। যেনে - জয়তি > জেতি, ভৱতি > ভোতি > হোতি।

(খ) পালিত ৰেফ (/) ৰ প্ৰয়োগ নাই। ৰেফযুক্ত ব্য়ঞ্জন পালিত দ্বিত্ব হোৱা দেখা যায়। যেনে - ধৰ্ম > ধম্ম। 

(৯) অপভ্ৰংশ অৱহট্ঠৰ দুটা উমৈহতীয়া বৈশিষ্ট্য় লিখা। 

উত্তৰঃ অপভ্ৰংশ অৱহট্ঠৰ দুটা বৈশিষ্ট্য় হল - 

(ক) এক স্বৰৰ পৰিৱৰ্তে আন এক স্বৰৰ ব্য়ৱহাৰ অপভ্ৰংশ অৱহট্ঠ দুয়োটা ভাষাৰূপৰে উমৈহতীয়া বৈশিষ্ট্য়।

(খ) অ-কাৰান্ত শব্দৰ প্ৰথমা একবচনত 'উ' ৰ বহুল প্ৰয়োগ বিভক্তিহীন কাৰকৰ প্ৰয়োগ অপভ্ৰংশ অৱহট্ ৰ উমৈহতীয়া বৈশিষ্ট্য়।

 (১০) নব্য়ভাৰতীয় আৰ্যভাষাৰ অন্তৰ্গত দুটা বিদেশী ভাষাৰ নাম লিখা।

উত্তৰঃ 'সিংহলী' আৰু 'যাযাবৰী' বা 'জিপ্ছী' ভাষা>                                                      

                                                           দীঘলীয়া প্ৰশ্নঃ

(১) কোনটো সাহিত্য়িক প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ জন্ম হৈছে? এই প্ৰাকৃতৰ চমু পৰিচয় দি ভাষাগত বৈশিষ্ট্য়সমূহ আলোচনা কৰা।

উত্তৰঃ অসমীয়া ভাষাৰ জন্ম হৈছে মাগধী প্ৰকৃতৰ পৰা। মাগধী ভাৰতৰ পূৱ অঞ্চলৰ প্ৰাকৃত। প্ৰাচীন মগধক কেন্দ্ৰ কৰি কথ্য় প্ৰাকৃতৰ যি প্ৰাচ্য়-উপভাষাৰ বিকাশ হৈছিল তাৰ পৰাই মাগধী প্ৰাকৃতৰ গঢ় লৈ উঠা বুলি অনুমান কৰা হৈছে। মাগধী প্ৰাকৃতৰ প্ৰাচীমৃনতম নিদৰ্শন জোগীমাৰা গুহাত খোদিত 'শুতনুকা' প্ৰত্নলিপিত পোৱা যায়। খ্ৰীষ্টীয় প্ৰথম শতিকাৰ অশ্বঘোষৰ 'সাৰিপুত্ৰ প্ৰকৰণ'ত ইয়াৰ প্ৰাচীনতম সাহিত্য়িক ৰূপটো বিধৃত হৈছে বুলি পণ্ডিত সকলে মত প্ৰকাশ কৰিছে। প্ৰাকৃত বৈয়াকৰণ পুৰুষোত্তম, মাৰ্কণ্ডেয় আদিয়ে শকাৰী, চণ্ডালী, শাৱৰী, টক্কী, বা ঢক্কী আদি কেইবাটাও এই প্ৰাকৃতৰ বিভাষা বা উপভাষাৰ কথা উল্লেখ কৰিছে।

    প্ৰাচীন মগধেই মাগধীৰ কেন্দ্ৰভূমি আছিল যদিও পূৱ-ভাৰতৰ এক বিস্তৃত অঞ্চল ব্য়াপী এই প্ৰাকৃতৰ তথ্য় ৰূপৰ প্ৰচলন আছিল। এই প্ৰাকৃতৰ পৰাই আধুনিক ভাৰতীয় আৰ্যভাষাৰ অন্য়তম ভাষাৰূপ ভোজপুৰী-মগহী-মৈথিলী আৰু অসমীয়া-বাংলা-উড়িয়া আদি ভাষাসমূহ উদ্ভৱ আৰু বিকাশ হোৱা বুলি সিদ্ধান্ত কৰা হৈছে। মাগধী প্ৰাকৃতৰ ভাষাগত বিশেষত্ব কেইটামান হল -

(ক) মাগধী প্ৰকৃতৰ এটা প্ৰধান বৈশিষ্ট্য় হল প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ শ, ষ, স ৰ ভিতৰত প্ৰধানত 'শ' ৰ ব্য়ৱহাৰ যেনে - দিৱস > দি অশ, পুৰুষ > পুলিশ, সুৰা > শুলা, সপ্ত > শও ইত্য়াদি।

(খ) 'ৰ' ধ্বনি 'ল' ত পৰিৱৰ্তন হোৱা মাগধী প্ৰাকৃতৰ আন এটা এটা বৈশিষ্ট্য়। যেনে - ৰাজা > লাজা, ৰোহিত > লোহিদ।

(গ) 'জ' ধ্বনি 'য'ত পৰিৱৰ্তন হয়। যেনে - সহজ > সহযে, জীৱিত > যীৱিদ ইত্য়াদি।

(ঘ) পদমধ্য়স্থিত একক ত, থ যথাক্ৰমে দ, ধ লৈ পৰিৱৰ্তিত হয়। যেনে - ভবিষ্য়তি > ভবিশ্ শদি, কথয় > কতৰেহি ইত্য়াদি।

(ঙ) 'ণ্য়', 'জ্ঞ', 'ঞ্জ', মাগধীত 'ঞ্ঞ' হয়। যেনে - পূণ্য় > পূঞ্ঞ, ৰাজ্ঞঃ > ৰাঞ্ঞ, অঞ্জলি > অঞ্ঞলি

(চ) স্বাৰ্থিক 'ক' প্ৰত্য়য়ৰ প্ৰচুৰ প্ৰয়োগ মাগধী প্ৰাকৃতৰ এটা বৈশিষ্ট্য়। যেনে - অৰ্তৃকাঃ > ভষ্টকে।

(ছ) অ-কাৰন্ত বিসৰ্গ (অঃ) 'এ' কাৰ হয়, যেনে - নৰঃ > নলে, এষঃ > এশে আদি।

(২) ভাৰতীয় আৰ্যভাষাক তাৰ ক্ৰমবিৱৰ্তনৰ ওপৰত ভিত্তি কৰি কেইটা স্তৰত ভগাব পাৰি? স্তৰ সমূহৰ পৰিচয় দিয়া।

উত্তৰঃ পৃথিৱীৰ বৃহৎ ভাষা পৰিয়াল সমূহৰ ভিতৰত সৰ্ববৃহৎ ভাষা পৰিয়ালটোৱে হল ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল। এই ভাষা পৰিয়ালৰ অন্তৰ্গত 'ইণ্ডো - ইৰণীয়' বা 'আৰ্য শাখা' ৰ লোক সকলে প্ৰাচীন পাৰস্য় বা আধুনিক ইয়াৰ ইৰাণত বসতি স্থাপন কৰাৰ উপৰিও কিছুসংখ্য়াকে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ বা ফৈদত বিভক্ত হৈ উত্তৰ-পশ্চিম গিৰিপথেদি আহি আনুমানিক খ্ৰীষ্টপূৰ্ব পঞ্চাদশ শতাব্দী মানত ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল। ভাৰতলৈ অহা আৰ্যশাখাৰ এই সকলকে 'ভাৰতীয় আৰ্য' আৰু তেওঁলোকে কোৱা ভাষাকে 'ভাৰতীয় আৰ্যভাষা' বুলি অভিহিত কৰা হয়। আৰ্যসকলে ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰে পৰা বৰ্তমানলৈ এই সুদীৰ্ঘ সময়ছোৱাত আৰ্যভাষাৰ বিভিন্ন পৰিৱৰ্তন ঘটে। ভাৰতীয় আৰ্যভাষাক প্ৰধানভাৱে তিনিটা স্তৰত ভাগ কৰা হৈছে - (ক) প্ৰাচীন ভাৰতীয় আৰ্যভাষা (খ) মধ্য় ভাৰতীয় আৰ্যভাষা (গ) নব্য় ভাৰতীয় আৰ্যভাষা।

    ভাৰতীয় আৰ্যভাষাৰ দ্বিতীয় বা মধ্য়ৱৰ্তী স্তৰটোক মধ্য়ভাৰতীয় আৰ্যভাষা বুলি কোৱা হয়। মধ্য় ভাৰতীয় আৰ্যভাষাক চমুকৈ প্ৰকৃত নামেৰেও জনা যায়। ভাৰতীয় আৰ্যভাষাই প্ৰাচীন ৰূপৰ পৰা আনুমানিক খ্ৰীষ্ট পূৰ্ব ষষ্ঠ শতাব্দীমানত পৰিৱৰ্তিত ৰূপত আত্ম প্ৰকাশ কৰে। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টীয় প্ৰথম শতাব্দী পৰ্যন্ত প্ৰথম স্তৰ বা আদি প্ৰাকৃত স্তৰ। 

    ভাৰতীয় আৰ্যভাষাৰ শেষৰ স্তৰটোৰ নামেই নব্য় ভাৰতীয় আৰ্যভাষাৰ স্তৰ। প্ৰাকৃত ভাষাই খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীৰ পৰা ক্ৰমবিকাশ লাভ কৰি খ্ৰীষ্টাব্দ দশম-দ্বাদশ শতাব্দীমানত অপভ্ৰংশৰ মাজেদি পৰিণতি লাভ কৰে। ইয়াৰ লগে লগে নব্য় ভাৰতীয় আৰ্যভাষা সমূহৰ সূচনা হয়। মধ্য়ভাৰতীয় আৰ্যভাষাৰ সাহিত্য়িক প্ৰাকৃত সমূহে ক্ৰমে প্ৰাদেশিক ৰূপ লাভ কৰি বিভিন্ন নব্য় ভাৰতীয় আৰ্যভাষাৰ জন্ম দিয়ে। খ্ৰীষ্টীয় ষষ্ঠ শতাব্দীৰ পৰা দশম শতাব্দীলৈ এই সময়ছোৱা অপভ্ৰংশ স্তৰ হিচাপে নিৰ্ণীত হৈছে। এই স্তৰটোৱেই অপভ্ৰংশ আৰু নব্য় ভাৰতীয় আৰ্যভাষাৰ মাজৰ সময়সীমা নিৰ্ধাৰণ কৰাটো কঠিন কাম। সেইবাবেই অপভ্ৰংশ আৰু নব্য় ভাৰতীয় আৰ্যভাষাৰ মাজত প্ৰত্ন নব্য় ভাৰতীয় আৰ্যভাষা নামৰ এটা উপস্তৰৰ কল্পনা কৰা হৈছে। প্ৰত্ন স্তৰটোৰ লগত আধুনিক স্তৰটোৰ ভাষিক ব্য়ৱধান বৰ বেছি নহয়। মুঠতে খ্ৰীষ্টীয় দশম-দ্বাদশ শতাব্দীত ভাৰতীয় আৰ্যভাষাই স্বকীয় ৰূপ লাভ কৰে। সেই হিচাপে মহাৰাষ্ট্ৰীৰ পৰা মাৰাঠী, শৌৰসেণীৰ পৰা পশ্চিম হিন্দী, ৰাজস্থানী, গুজৰাটী, মাৰাধীৰ পৰা ভোজপুৰী, মৈথিলী, মগাহী, অসমীয়া, বাংলা, ওড়িয়া, অৰ্ধমাগাধী পৰা পূৰ্বী হিন্দী আৰু শৌৰসেনীৰ প্ৰভাৱত হিমালয়ী বা পাহাৰী, পাঞ্জাৱী আদি আধুনিক ভাষাবোৰ গঢ় লৈ উঠা বুলি কোৱা হৈছে।

(৩) "প্ৰাকৃতৰ বিভিন্ন স্তৰ ভেদ কৰিহে আধুনিক ভাৰতীয় আৰ্যভাষা সমূহে নিজ নিজ ৰূপ লৈছে।" উক্ত কথাষাৰৰ যথাৰ্থতা বিচাৰ কৰা।

উত্তৰঃ আধুনিক ভাৰতীয় আৰ্যভাষা সমূহ প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ পৰা বিকশিত হোৱা ভাষা। বৈদিক আৰু সংস্কৃত ভাষাক প্ৰাচীন ভাৰতীয় আৰ্যভাষা বুলি ধৰা হয়। মধ্য়ভাৰতীয় আৰ্যভাষাক চমুকৈ 'প্ৰাকৃত' নামেৰেও জনা যায়। এই প্ৰাকৃতক বিকাশৰ বিভিন্ন স্তৰলৈ চাই তিনিটা ভাগত ভগোৱা হৈছে - (ক) আদি প্ৰাকৃত (খ) মধ্য় প্ৰাকৃত (গ) অন্ত্য় প্ৰাকৃত। প্ৰাকৃত বুলিলে প্ৰধানকৈ পালি ভাষাক, মধ্য় প্ৰাকৃত বুলিলে প্ৰধানকৈ মহাৰাষ্ট্ৰী, পৈশাচী শৌৰসেনী, মাগধী, অৰ্ধমাগধী এই পাঁচটা সাহিত্য়িক প্ৰাকৃতি আৰু অন্ত্য় প্ৰাকৃত বুলিলে অপভ্ৰংশ আৰু অৱহটঠ ভাষাক বুজা যায়। ব্য়াকৰণবিদ সকলো প্ৰতিটো সাহিত্য়িক প্ৰাকৃতৰে একোটা অপভ্ৰংশ স্তৰ আছিল বুলি অনুমান কৰে। প্ৰতিটো সাহিত্য়িক প্ৰাকৃতৰে একোটা অপভ্ৰংশ স্তৰ আৰু সেই অপভ্ৰংশৰ অন্তিম স্তৰ অৰ্বাচীন অপভ্ৰংশ বা অৱহটঠ বিভিন্ন প্ৰদেশ আৰু অঞ্চলৰ কালগত আৰু স্থানগত ৰূপান্তৰ হৈ অসমীয়া, বঙলা, উড়িয়া, হিন্দী আদি আধুনিক ভাৰতীয় ভাষাত পৰিণত হল। সেইসমূহ এনেদৰে দেখুৱাব পাৰি - মহাৰাষ্ট্ৰী প্ৰাকৃত > মহাৰাষ্ট্ৰী অপভ্ৰংশ > আধুনিক মাৰাঠী ভাষা মাগধী প্ৰাকৃত > মাগধী অপভ্ৰংশ > অসমীয়া, বাংলা, উড়িয়া, মৈথেলী, মগহ, ভোজপুৰী ভাষা শৌৰসেনী প্ৰাকৃত > শৌৰসেনী অপভ্ৰংশ > পশ্চিমা হিন্দী, গুজৰাট ৰাজস্থানী ভাষা। অৰ্থমাগধী প্ৰাকৃত > অৰ্ধমাগৰী অপভ্ৰংশ > পূৰ্বী হিন্দী ইত্য়াদি।

   মধ্য়ভাৰতীয় আৰ্যভাষাৰ সাহিত্য়িক প্ৰকৃতৰূপে প্ৰতিষ্ঠিত প্ৰাকৃতসমূহ ভাৰতৰ বিভিন্ন অঞ্চলত গঢ় লৈ উঠিছিল। উত্তৰ পশ্চিম ভাৰতত পৈশাচী, দক্ষিণ পশ্চিম বা পশ্চিমত মাহাৰাষ্ট্ৰী, মধ্য় অঞ্চলত শৌৰসেনী আৰু পূৱ অঞ্চলত অৰ্ধমাগধী আৰু মাগধী প্ৰাকৃতৰ সৃষ্টি হৈছিল। এই প্ৰাকৃতবোৰ লগত ভাৰতীয় আধুনিক ভাষাবোৰৰ ব্য়াকৰনগত সম্বন্ধৰ সূত্ৰ বিচাৰি পোৱা যায়। উদাহৰণস্বৰূপে অসমীয়া ভাষাৰ বহুখিনি বৈশিষ্ট্য় মাগধী প্ৰাকৃতত পোৱা যায়। মাগধী প্ৰাকৃতত 'শ', 'ষ', 'স' ৰ ঠাইত 'শ', 'ৰ' ৰ ঠাইত 'ল', 'জ' ৰ ঠাইত 'খ', বিসৰ্গযুক্ত পদন্ত 'অ' ৰ ঠাইত 'এ', 'ণ', ৰ ঠাইত ঞ্ঞ হোৱা বৈশিষ্ট্য়বোৰৰ লগতে অপিনিহিতিৰ অৱস্থিতি, স্বাৰ্থিক 'ক' প্ৰত্য়য়ৰ বহুল ব্য়ৱহাৰ শব্দ বিভক্তিৰ বিলুপ্তি, ৪ ৰ্থীৰ ঠাইত ২ য়া ৭ মী ৰ প্ৰয়োগ ইত্য়াদি বৈশিষ্ট্য়বোৰ দেখা যায়। অৱহট্ঠ ভাষাৰ কিছুমান বৈশিষ্ট্য় যেনে - স্ত্ৰী প্ৰত্য়য় 'ঈ', 'ই' - ৰ 'ই' প্ৰত্য়য়টোৰ ব্য়ৱহাৰ, বহুবচন বাচক 'লোক' ৰ ব্য়ৱহাৰ, কাৰক বিভক্তিৰ ঠাইত অনুপদৰ ব্য়ৱহাৰ, বিভক্তিহীন বা লুপ্ত বিভক্তিৰ ব্য়ৱহাৰ ইত্য়াদি অসমীয়া ভাষাতো আছে। সেইদৰে অৱহট্ঠ সমমাত্ৰিক আৰু অন্ত্য়মিলন ছন্দ সজ্জা আধুনিক ভাৰতীয় আৰ্যভাষা সমূহৰ দৰে অসমীয়াতো আছে। এই আধুনিক ভাৰতীয় ভাষাবোৰ প্ৰাকৃতৰ বিভিন্ন স্তৰৰ মাজেদি অহা বুলি ধাৰণা কৰিব পাৰি।

(৪) অসমীয়া ভাষা সাহিত্য়ৰ অধ্য়য়নত পালি-প্ৰাকৃত ভাষাৰ প্ৰাসঙ্গিকতা আলোচনা কৰা।

উত্তৰঃ অসমীয়া ভাষা প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ বিকশিত ৰূপ। আনুমানিক খ্ৰীঃ পঞ্চদশ শতিকামানত ভাৰতীয় আৰ্য শাখাৰ ভাষা কোৱা লোক সকলে ইৰাণ অঞ্চলৰ পৰা বিভিন্ন দলত ভাগ হৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল। ভাৰতত বাস কৰা আৰ্যসকলৰ ভাষাই হৈছে ভাৰতীয় আৰ্যভাষা। আনুমানিক পঞ্চাদশ শতিকামানৰ পৰা খ্ৰীঃ পূঃ ষষ্ঠ শতাব্দী পৰ্যন্ত এই স্তৰৰ সয়ম নিদ্ধাৰণ কৰা হৈছে। মধ্য়ভাৰতীয় আৰ্যভাষাৰ স্তৰৰ সময় নিৰ্দ্ধাৰণ কৰা হৈছে খ্ৰীঃ পূঃ ষষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টীয় দশম শতিকা পৰ্যন্ত। এই স্তৰৰ ভাষাক পালি, অশোকৰ অনুশাসনৰ ভাষা, সাহিত্য়িক প্ৰাকৃত, অপভ্ৰংশ আদি ভিন ভিন স্তৰত ভাগ কৰা হয়. সিন্ধী, পাঞ্জাৱী, গুজৰাটী, মাৰাঠী, হিন্দী, বঙলা, উড়িয়া, অসমীয়া আদি ভাষাসমূহ বিকাশৰ পথেৰে বৰ্তমানলৈকে চলি আছে।  

    অসমীয়া ভাষা সাহিত্য়ৰ অধ্য়য়নত পালি-প্ৰাকৃত ভাষা সাহিত্য়ৰ প্ৰাসঙ্গিকতা আছে। অইসমীয়া ভাষাটো বঙলাৰ সৈতে সম্পৰ্ক থকা এটা সুকীয়া ভাষা। বঙলা আৰু অসমীয়া দুয়োটা ভাষাই এক মান্য় মাগধী অপভ্ৰংশ উপভাষা। অসমীয়া ভাষাৰ ধ্বনিগত, ৰূপগত, শব্দগত আদি দিশৰ অধ্য়য়নত ইয়াৰ মূল জননী সংস্কৃতৰ যি প্ৰাসঙ্গিকতা আছে বিকাশৰ পৰ্য্য়ায় জানিবৰ বাবে পালি প্ৰাকৃতৰো তেনে প্ৰাসঙ্গিকতা আছে প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ পৰা কেনেধৰণে পৰিৱৰ্তিত হৈ অসমীয়া ভাষাৰ জন্ম হৈছে সেইটো মধ্য়ভাৰতীয় আৰ্যভাষাৰ অধ্য়য়নৰ জৰিয়তে গম পোৱা যায়। অসমীয়া 'আপোন' শব্দটো সংস্কৃত 'আত্ মণ' ৰ পৰা আৰু 'ভোগ' শব্দটো সংস্কৃত 'বুভুক্ষ' ৰ পৰা ওলাইছে। শব্দ দুটাৰ প্ৰাকৃত ৰূপ চালে অসমীয়াৰ এই শব্দ গঠনৰ ধাৰণা স্পষ্ট হয়। যেনে - 

সংস্কৃত                            প্ৰাকৃত                                অসমীয়া

আত্মন                            অপ্পন                                আপোন      

বুভুক্ষা                            ভুক্খ                                ভোক

    এইদৰে অসমীয়া ধ্বনিগত ৰূপগত বৈশিষ্ট্য়বোৰ কিদৰে গঢ় লৈ উঠিল পালি প্ৰাকৃত ভাষাৰ অধ্য়য়নে সেইকথা বুজাত সহায় কৰে। কাব্য়ৰ ছন্দৰ ক্ষেত্ৰতো অৱহট্ঠৰ অৱদান আছে। অৱহট্ঠৰ সমমাত্ৰিক আৰু অন্ত্য়মিল ছন্দ সজ্জাই নব্য় ভাৰতীয় আৰ্যৰ ছন্দ সজ্জাত ব্য়াপক প্ৰভাৱ পেলাইছিল। অৱহট্ঠৰ বিশিষ্টতম ছন্দ আছিল 'চউপঙ্গ'। অসমীয়াৰ পয়াৰ ছন্দ চউপঙ্গ ছন্দৰ পৰাই উদ্ভৱ হোৱা বুলি অনুমান কৰিব পাৰি।

    পূৰ্বৱৰ্তী স্তৰত আধাৰ কৰিয়েই পৰৱৰ্তী স্তৰৰ চিন্তা-চৰ্চাৰ সৌধ গঢ়ি উঠে। আধুনিক সভ্য়তা যিদৰে একে দিনাই সৃষ্টি হোৱা নহয়, ই ঢাপে ঢাপে আগবাঢ়ি আহি বৰ্তমান স্তৰ লাভ কৰিছে, সেইদৰে আধুনিক অসমীয়া ভাষা সাহিত্য়ও বিকাশৰ বিভিন্ন স্তৰৰ মাজেদি আহি বৰ্তমানৰ ৰূপ পাইছে। প্ৰাসঙ্গিকতা কেতিয়াও নুই কৰিব নোৱাৰি।

(৫) প্ৰাকৃত অপভ্ৰংশ ভাষাৰ সৈতে নব্য় ভাৰতীয় আৰ্যভাষা আৰু মাগধী প্ৰাকৃত আৰু অপভ্ৰংশৰ সৈতে অসমীয়া ভাষাৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ মধ্য় ভাৰতীয় আৰ্যভাষা বা প্ৰাকৃতৰ শেষৰ স্তৰ অপভ্ৰংশৰ পৰাই কালক্ৰমত নব্য় ভাৰতীয় আৰ্যভাষা সমূহৰ উদ্ভৱ হয়। সেই হিচাপে সামগ্ৰিক ৰূপত নব্য় ভাৰতীয় আৰ্যভাষাৰ সমূহৰ লগত অপভ্ৰংশ ভাষাৰ নিকট সম্পৰ্ক ৰক্ষিত হৈছে। ভাষাবিদ সকলৰ মতে আধুনিক ভাৰতীয় আৰ্যভাষা সমূহৰ উদ্ভৱ হৈছে প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ ক্ৰমবিকশিত স্তৰ প্ৰাকৃত আৰু তাৰ পৰৱৰ্তী কাল অপভ্ৰংশৰ পৰা। যেনে - মহাৰাষ্ট্ৰীৰ পৰা মাৰাঠী, শৌৰসেনীৰ পৰা পশ্চিমী হিন্দী, ৰাজস্থানী, গুজৰাটী, মাগাধীৰ পৰা ভোজপুৰী, মৈথিলী, মগহী, বঙলা, উড়িয়া, অসমীয়া, অৰ্ধমাগধীৰ পৰা পুৰ্বী হিন্দী, শৌৰসেনীৰ দ্বাৰা প্ৰভাৱিত পাহাৰী, পাঞ্জাৱী আদি।

     ভাৰতৰ একেবাৰে পূৱ-প্ৰান্তত কথিত নব্য়ভাৰতীয় আৰ্যভাষাৰ এটা প্ৰধান ভাষা হল অসমীয়া ভাষা। আধুনিক ভাৰতীয় আৰ্যভাষা হিচাপে প্ৰাকৃত অপভ্ৰংশৰ সৈতেও অসমীয়া ভাষাৰ সম্পৰ্ক আছে। মাগধী প্ৰাকৃত আৰু অপভ্ৰংশৰ সৈতে অসমীয়া ভাষাৰ ভালেখিনি সম্পৰ্ক আছে। তলত মাগধী প্ৰাকৃত আৰু অপভ্ৰংশৰ সৈতে অসমীয়া ভাষাৰ সম্পৰ্ক বিচাৰ কৰা হল -

(ক) মাগধী প্ৰাকৃতৰ পৰা ওলোৱা ভাষাবোৰত 'ল' প্ৰত্য়য়ৰ সংযোগত অতীত কাল আৰু 'ৰ' প্ৰত্য়য়ৰ সংযোগত ভৱিয্য়ত কাল বুজোৱা হয়। অসমীয়া ভাষাতো এই বৈশিষ্ট্য় দেখা যায়।

(খ) সৰ্বনামৰ তৃতীয় পুৰুষ 'সি' আৰু ইয়াত তীৰ্যকৰূপ 'তা' ৰ প্ৰয়োগৰ ক্ষেত্ৰতো মাগধী প্ৰাকৃতৰ সাতে অসমীয়াৰ সম্পৰ্ক আছে। সৰ্বনাম 'সি' মাগধী প্ৰাকৃতৰ 'শি' ৰ পৰা অহা বুলি অনুমান কৰিব পাৰি। সেইদৰে মাগধীৰ ষষ্ঠী একবচনৰ 'তাই' অহা বুলি ধৰিব পাৰি।

(গ) মাগধী প্ৰাকৃতৰ কৰণ কাৰকৰ বিভক্তি এ (এন > এ > এ) অসমীয়া ভাষাত কৰ্তা আৰু কৰণ উভয় কাৰকতে ব্য়ৱহাৰ হয়।

(ঘ) প্ৰাচীন ভাৰতীয় আৰ্ষভাষাৰ 'ৰ' ধ্বনি 'ল' ধ্ববনিলৈ পৰিৱৰ্তিত হোৱাটো মাগধী প্ৰাকৃতৰ এটা প্ৰধান বৈশিষ্ট্য়। অসমীয়া ভাষাতো কোনো কোনো সময়ত সংস্কৃতিৰ 'ৰ' ধ্বনি 'ল' হিচাপে ব্য়ৱহাৰ হোৱা দেখা যায়। যেনে - ৰাজিতা > লাই, হাৰিদ্ৰিকা > হালধী আদি।

(ঙ) সংস্কৃতৰ স্বৰ মধ্য়ৱৰ্তী তালব্য় ধ্বনি সমূহ মাগধী প্ৰাকৃতত অবিকৃতভাৱে উচ্চাৰিত হৈছিল। অসমীয়া ভাষাতো মাগধী প্ৰাকৃতৰ এই বৈশিষ্ট্য় যেনে - পেচক > ফেঁচা, যমজ > জঁজা ইত্য়াদি।

(৬) অসমীয়া ভাষাত মাগধী প্ৰাকৃতৰ বাহিৰে অন্য় কিবা প্ৰাকৃতৰ উপাদান আছে নে? যদি আছে আলোচনা কৰা।

উত্তৰঃ অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে বিভিন্ন সময়ত বহু কেইজন পণ্ডিতে মতামত আগবঢ়াই আহিছে। অধিকাংশ পণ্ডিতে অসমীয়া ভাষাৰ মূল মাগধী প্ৰাকৃত বুলি মানি লৈছে যদিও অসমীয়া অসমীয়া ভাষাত মহাৰাষ্ট্ৰী, শৌৰসেনী, পৈশাচী, অৰ্ধমাগধী আদি অন্য়ান্য় প্ৰাকৃতৰ উপাদানো নথকা নহয়। অসময় বাস কৰা আৰ্যসকল বহিৰ্বৃত্তত পৰে আৰু সংস্কৃতীয়া যুগৰ আগতেই অসময়ত প্ৰাকৃত আৰ্য বসতি হৈছিল। ইয়াত সুকীয়া প্ৰাকৃতে গঢ় লৈছিল। যাৰ নাম অসমীয়া প্ৰাকৃত। অসমীয়া প্ৰাকৃতক আকৌ কামৰূপী প্ৰাকৃত আৰু সৌমাৰ প্ৰাকৃত এই দুটা ভাগত ভগাইছে।

    অসমীয়া ভাষাত অন্য়ান্য় প্ৰাকৃতৰ উপাদান সম্পৰ্কে আলোচনা কৰা হল - সংস্কৃতৰ 'ৰ্য' শৌৰসেনীত 'য়য়' বা 'জ্জ' হয়। অসমীয়া লিখন পদ্ধতিতো একে 'জ' হয়। যেনে - কাৰ্যম > শৌ. প্ৰা. - কজ্ জো > অসমীয়া কাজ। সংস্কৃতৰ 'ক্ষ' শৌৰসেনীত ক্খ হয় অসমীয়াতো 'ক্ষ', 'কখ' হোৱা উদাহৰণ আছে। যেনে - ক্ষাৰ > খাৰ, মাফকা > মাখি। 

    ষ্ট, ষ্ঠ শৌৰসেনীত 'ট্ঠ' হয়। অসমীয়া 'ঠ' হোৱাৰ উদাহৰণ আছে। যেনে - অষ্ঠিৱত > আঁঠু, ষষ্টি > ষাঠি।

    দ্য়, ৰ্জ, ৰ্য শৌৰসেনীত 'জ্জ' হয়। অসমীয়াত 'জ' হোৱা নিৰ্দশন আছে। যেনে - দ্য়ুতকাৰ > জুৱাৰী, খৰ্জ > খজুলি, কাৰ্য্য় > কাজ।

    ণ্য়, ন্য়, ক্ষ, ঞ্জ শৌৰসেনীত 'ণন' হয়। অসমীয়াত এই বৈশিষ্ট্য় বিদ্য়মান। যেনে - কণ্য়া > কইনা, শব্দৰ মধ্য়ৱৰ্তী 'ন্ত' কেতিয়াবা শৌৰসেনীত 'ন্দ' হয়। তামৰ ফলিৰ ভাষাত ইয়াৰ নিৰ্দশন আছে। যেনে - অনন্ত > অনন্দ ৯ নিধনপুৰ তামৰ ফলি )।

                                                    চমুটোকা লিখা

(১) অসমীয়া ভাষাত আৰ্যমূলীয়া ভাষাৰ প্ৰভাৱ।

উত্তৰঃ অসমত প্ৰচলিত ইণ্ডো ইউৰোপীয় পৰিয়ালৰ প্ৰধান ভাষা হল অসমীয়া ভাষা। পৃথিৱীৰ দ্বিতীয় বৃহৎ ভাষাগোষ্ঠী হিচাপে পৰিচিত ইণ্ডো ইউৰোপীয় পৰিয়ালটোক ১৮৭০ চনত এচকলি নামৰ পণ্ডিতজনে সতম আৰু কেণ্টুম নামে দুটা ভাগত ভাগ কৰিছিল। ভাৰতীয় আৰ্যভাষা আকৌ খ্ৰীঃপূঃ পোন্ধৰ শতিকাৰ পৰা সাম্প্ৰতিক কাললৈকে বিৱৰ্তনৰ ৰীতি অনুসৰি তিনিটা ভাগত ভগোৱা হৈছে। সেয়া হল - (ক) প্ৰাচীন ভাৰতীয় আৰ্য (খ) মধ্য় ভাৰতীয় আৰ্য আৰু (গ) নব্য়ভাৰতীয় আৰ্য। এই তিনিটা স্তৰৰ প্ৰথম স্তৰ অৰ্থাৎ প্ৰাচীন ভাৰতীয় আৰ্য ভাষাই বেদ, উপনিষদ, পুৰাণ কাব্য় আদিক প্ৰতিনিধিত্ব কৰিছিল। এই ভাষা আছিল সংস্কৃত। 

    অসমীয়া ভাষাটো মূলতঃ আৰ্যসম্ভূত। প্ৰাচীন ভাৰতীয় আৰ্যভাষাই কালক্ৰমত ধ্বনিগত আৰু অপভ্ৰংশৰ মাজেদি আহি আধুনিক আৰ্যভাষাত পৰিণত হোৱা দেখা যায়। প্ৰাচীন ভাৰতীয় আৰ্যভাষা স্তৰত প্ৰতিনিধিত্ব কৰা সংস্কৃত ভাষাৰ বহু শব্দ পিছলৈ পৰিৱৰ্তন হৈ ব্য়ৱহাৰ হোৱা দেখা পোৱা যায়।অসমীয়া ভাষাটোক মগধীয় ভাষা বুলি উল্লেখ কৰা হয়। অসমীয়া ভাষা আৰু ইয়াৰ উপভাষাবোৰত মাগধী প্ৰাকৃতৰ বহুতো নিদৰ্শন সংৰক্ষিত হোৱা দেখা যায়। 

(২) নব্য় ভাৰতীয় আৰ্যভাষাৰ উমৈহতীয়া বৈশিষ্ট্য়ঃ

উত্তৰঃ নব্য় ভাৰতীয় আৰ্যভাষাৰ উমৈহতীয়া বৈশিষ্ট্য়সমূহ তলত আলোচনা কৰা হল -

(ক) নব্য়ভাৰতীয় আৰ্যভাষাত সংযুক্ত ব্য়ঞ্জন একক ব্য়ঞ্জন ধ্বনিলৈ ৰূপান্তৰ হয় আৰু কিছুমান শব্দত পূৰ্বৱতী হ্ৰস্ব স্বৰ দীৰ্ঘ হয়। যেনে - নৃত্য়  > নচ্চ > নাচ, মধ্য় > মাঝ > মাজ।

(খ) পদৰ মাজত শ্ৰুতি ব্য়ৱধান নাথাকিলে ওচৰা-উচৰিকৈ থকা স্বৰধ্বনিৰ সন্ধি প্ৰৱণতা বা সংকোচন ঘটে। যেনে - মৃত্তিকা > মাট্টিআ > মাটি।

(গ) পদান্ত স্বৰধ্বনি বিকৃত অথবা লুপ্ত হোৱাত পূৰ্বৰ লিঙ্গ পাৰ্থক্য় প্ৰায় নোহোৱা হৈ পৰিল। গুজৰাট আৰু মাৰাঠীৰ বাহিৰে আন ভাষাবোৰত ক্লীব লিঙ্গ লোপ পালে। সিংহলীত সপ্ৰাণ আৰু অ-প্ৰাণ এটা দুটা লিঙ্গৰ সৃষ্টি হল।

(ঘ) ছন্দৰ পদ্ধতি মূলতঃ সমমাত্ৰিক আৰু মাত্ৰামূলক কেতিয়াবা অক্ষৰমূলক।

(৩) সাহিত্য়িক প্ৰাকৃত বুলিলে কি বুজা? ই কেইবিধ আৰু কি কি? প্ৰতিবিধৰে চমু পৰিচয় দি অসমীয়া ভাষাৰ লগত সম্বন্ধ বিচাৰ কৰা।

উত্তৰঃ খ্ৰীষ্টীয় তৃতীয় শতাব্দী মানৰ ভিতৰত ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত প্ৰচলিত প্ৰাকৃতবোৰে অঞ্চল বিশেষে বিশেষে আঞ্চলিক বৈশিষ্ট্য়ৰে গঢ় লৈ নিৰ্দিষ্ট হৈ উঠে আৰু বিভিন্ন আঞ্চলিক নামেৰে পৰিচিত হয়। সাহিত্য়াদি সৃষ্টি হোৱাৰ কাৰণে বিভিন্ন নামেৰে গঢ় লৈ উঠা প্ৰাকৃতবোৰক সাহিত্য়িক প্ৰাকৃত বুলি কোৱা হয়। 

    সাহিত্য়ক প্ৰাকৃত বা সাহিত্য়ত ব্য়ৱহাৰ হোৱা প্ৰাকৃত প্ৰধানতঃ পাঁচোটা পোৱা যায় - (ক) অৰ্ধমাগধী (খ) মহাৰাষ্ট্ৰী (গ) পৈশাচী (ঘ) মাগধী (ঙ) শৌৰসেনী।

(ক) অৰ্ধমাগধী প্ৰাকৃতঃ অশ্বঘোষৰ সাৰিপুত্ৰ প্ৰকৰণত ব্য়ৱহৃত প্ৰাকৃতাংশৰ কোনো কোনো ক্ষেত্ৰত অৰ্ধমাগধীৰ প্ৰাচীনতম ৰূপটো ৰক্ষিত বুলি পণ্ডিতসকলে কব খোজে, অৱশ্য়ে অৰ্ধমাগধী বুলি কোৱা প্ৰাকৃতাংশ প্ৰকৃততে অৰ্ধমাগধী উৎস স্থানীয় প্ৰাকৃত প্ৰাচ্য় - মাধ্য়াৰ পূৰ্বতন ৰূপ বুলিও কব পাৰি। প্ৰাচীন শূৰসেন আৰু মগধৰ মধ্য়ৱৰ্তী প্ৰাচীন কৌশল অঞ্চলৰ কথ্য় প্ৰাকৃতৰ ওপৰত ভিত্তি কৰি অৰ্ধমাগধী সাহিত্য়িক প্ৰাকৃতৰ প্ৰধান ভিত্তি। ই প্ৰধানতঃ জৈন ধৰ্ম সাহিত্য়ৰ ভাষা। প্ৰাচীনতম জৈনসূত্ৰ সমূহ অৰ্ধমাগধীতে ৰচিত আৰু সেয়েহে এই প্ৰাকৃতক জৈন-প্ৰাকৃত বুলিও কোৱা হয়।

(খ) মহাৰাষ্ট্ৰী প্ৰাকৃতঃ সাহিত্য় প্ৰাকৃত সমূহৰ ভিতৰত মহাৰাষ্ট্ৰী প্ৰাকৃত শ্ৰেষ্ট বুলি বিবেচনা কৰা হৈছিল আৰু আদৰ্শ বা মান-বিশিষ্ট প্ৰাকৃত বুলি ইয়াৰ তুলনাত আন প্ৰাকৃত সমূহৰ লক্ষণ বা বৈশিষ্ট্য় বিচাৰ কৰা হৈছিল। মহাৰাষ্ট্ৰী প্ৰাকৃতৰ উদ্ভৱস্থল আধুনিক মহাৰাষ্ট্ৰ প্ৰদেশ নহয়, ই আছিল গোদাবৰী নদীৰ তীৰৱৰ্তী নগৰসমূহৰ পৰা অৰ্থাৎ দাক্ষিণাত্য়ৰ উত্তৰাংশৰ পৰা মহাৰাষ্ট্ৰ ৰাজস্থান পৰ্যন্ত ভাৰত দক্ষিণ-পশ্চিমৰ বিশাল ভূখণ্ডৰ এক সংগীতময় ভাষা। 

(গ) পৈশাচীঃ উত্তৰ পশ্চিমা কথ্য় প্ৰাকৃতৰ ভিত্তিত পৈশাচী নামৰ সাহিত্য়িক প্ৰাকৃতে গঢ় লৈছিল বুলি অনুমান কৰা হৈছিল। পৈশাচীৰ আলোচনাত বৈয়াকৰণ সকলৰ উক্তি আৰু উধৃত দুই এক গাথাই ইয়াৰ একমাত্ৰ সম্বল। অৱশ্য়ে লোক সাহিত্য়িক ইয়াৰ যথেষ্ট সমাদৰ আছিল। কিম্বদন্তিমতে গুণাঢ্য়ৰ বৃহৎ কথা পৈশাচী প্ৰাকৃততে লিখা হৈছিল। অসমীয়া ভাষাৰ শৌৰসেনী, অৰ্ধমাগধী আৰু পৈশাচী উপাদানো নথকা নহয়। অসমীয়া ভাষাটো শৌৰসেনী আৰু মাগধী অপভ্ৰংশৰ মিশ্ৰণ বুলি কালিৰাম মেধিয়ে লিখিছে। সংস্কৃত 'ফ' শৌৰসেনীত 'খ' আৰু 'ক্খ' হৈছে। অশোকৰ অনুশাসনৰ প্ৰাচ্য়-মধ্য়ৰ উপভাষাতো ক্ষ > ক্খ হৈছে। যেনে - ক্ষিতিমথ > খিমথ সংক্ষীণ > অসখীন আদি।

(ঘ) মাগধীঃ মাগধী আছিল ভাৰতৰ পূৱ অঞ্চলৰ প্ৰাকৃত। প্ৰাচীন মগধক কেন্দ্ৰ কৰি কথ্য় প্ৰাকৃতৰ যি প্ৰাচ্য়-উপভাষাৰ বিকাশ হৈছিল তাৰ পৰাই এই সাহিত্য়িক প্ৰাকৃতৰ গঢ় লৈ উঠে বুলি অনুমান কৰা হৈছে। মাগধীৰ সৰ্বপ্ৰাচীন স্পষ্ট নিৰ্দশন জোগীমাৰা গুহাত খোদিত 'শুতনুকা' প্ৰত্নলিপিত পোৱা যায়। প্ৰাচীন মগধেই মাগধীৰ কেন্দ্ৰভূমি আছিল যদিও পূৰ-ভাৰতৰ এক বিস্তৃত অঞ্চল ব্য়াপি এই প্ৰাকৃতৰ কথ্য় ৰূপ প্ৰচলিত আছিল আৰু এই কথ্য়-ৰূপৰ বিৱৰ্তনতেই আধুনিক ভাৰতীয় মাগধীয়ে ভাষা গুচ্ছ অৰ্থাৎ পশ্চিমৰ ফালে ভোজপুৰী-মগহী-মৈথিলী আৰু পূৱৰ ফালে ওড়িয়া-বাংলা-অসমীয়া এই ভাষা কেইটাৰ উদ্ভৱ আৰু বিকাশ হয় বুলি সিদ্ধান্ত কৰা হৈছে।

(ঙ) শৌৰসেনীঃ প্ৰাচীন শূৰসেন দেশৰ নাম অনুসৰি উত্তৰ ভাৰতৰ মধ্য়দেশত প্ৰচলিত প্ৰাকৃতক শৌৰসেনী প্ৰাকৃত বুলি অভিহিত কৰা হৈছিল। এই প্ৰাকৃত সাহিত্য়িক প্ৰাকৃত সমূহৰ ভিতৰত অধিক পৰিমানে ৰক্ষণশীল বা প্ৰাচীনধৰ্মী ইয়াৰ কাৰণ হল সংস্কৃত ভাষাৰ প্ৰভাৱ। সংস্কৃতৰ পৰা শৌৰসেনীলৈ দূৰত্বৰ ব্য়ৱধান বৰ বেছি তাকে প্ৰতিপন্ন কৰে আৰু সংস্কৃতৰ প্ৰভাৱৰ কাৰণেই শৌৰসেনীয়ে মহাৰাষ্ট্ৰীৰ দৰে স্বতন্ত্ৰভাৱে বিকাশ লাভ কৰিব নোৱাৰিলে। বাংগৰু, বুন্দেলী, কনৌজী, কথ্য় হিন্দুস্তানী, ব্ৰজভাষা আদি পশ্চিমা হিন্দীৰ অন্তৰ্গত বিভিন্ন আধুনিক ভাৰতীয় আৰ্যভাষা উপভাষাসমূহ অপভ্ৰংশৰ মাজেদি শৌৰসেনী প্ৰাকৃতৰ পৰা বিৱৰ্তন হোৱা বুলি সিদ্ধান্ত কৰা হৈছে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)


Answer Type - Boby Bora