আৰ্য-ভিন্ন ভাষাৰ লগত অসমীয়া ভাষাৰ সম্বন্ধ

চমুকৈ উত্তৰ দিয়াঃ 

(১) অসমীয়া ভাষাৰ ধ্বনিতাত্বিক দিশত অনা-আৰ্য ভাষাৰ প্ৰভাৱ উল্লেখ কৰা।

উত্তৰঃ (ক) অসমীয়া ভাষাৰ ( গোৱালপৰীয়া উপভাষাৰ বাহিৰে ) দন্ত্য় আৰু মূৰ্দ্ধন্য় ধ্বনি দন্তমূলীয় ধ্বনিহে আছে। এনে হোৱাৰ মূলতে তিব্ববৰ্মী ভাষাৰ প্ৰভাৱ।

(খ) মূলৰ অল্পপ্ৰাণ ধ্বনি বহু ক্ষেত্ৰত অসমীয়াত মহাপ্ৰাণ ধ্বনি হোৱাৰ মূলতে, অনা-াৰ্য ভাষাৰ প্ৰভাৱ।

(২) "Linguistics survey of India" শীষৰ্ক গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ "Linguistics survey of India" শীষৰ্ক গ্ৰন্থখনৰ ৰচক হল - জৰ্জ আব্ৰাহাম গ্ৰীয়াৰ্ছন।

(৩) "Assamese its formation and development" গ্ৰন্থৰ ৰচক কোন?

উত্তৰঃ ° বাণীকান্ত কাকতি।

(৪) কামৰূপ, কামাখ্য়া, হাৰূপেশ্বৰ প্ৰভৃতি ঠাইৰ নামসমূহ কোন ভাষাগোষ্ঠীৰ পৰা অহা?

উত্তৰঃ অষ্ট্ৰিক।

(৫) 'চানা', 'কাচা', 'চকৰা', 'বহু' কোন ভাষাৰ শব্দ? উক্ত শব্দ কেইটাৰ নাম্য় অসমীয়া ৰূপ দেখুওৱা।

উত্তৰঃ চাহ জনগোষ্ঠীৰ ভাষা

চাহ জনজাতিক ভাষা মান্য় অসমীয়া

চানা                        পোৱালি

কাচা                        কেঁচা

চকৰা                      লৰা

বহু                          বোৱাৰী

(৬) আই আমৈ, চিলা, তেঁউৰ, হোপ প্ৰভৃতি শব্দবোৰ কোন ভাষাগোষ্ঠীৰ পৰা আহি অসমীয়াত প্ৰৱেশ কৰিছে?

উত্তৰঃ দাব্ৰিড় ভাষাৰ পৰা।

                                            দীঘলীয়া প্ৰশ্নঃ

(১) চীন তিব্বতীয় ভাষা সমূহক কেইটা ভাগত ভগোৱা হৈছে। অসমীয়া ভাষাত থাই চীনীয় বা শ্য়াম চীনীয় ভাষাৰ প্ৰভাৱ কেনেদৰে পৰিছে আলোচনা কৰা।

উত্তৰঃ পূৱ আৰু দক্ষিণ-পূৱ এছিয়াৰ বিশাল ভূখণ্ড বিভিন্ন শাখা-প্ৰশাখাৰে বিয়পি থকা তিব্বত-চিনীয় বা চীন তিব্বতীয় আষাগোষ্ঠী পৃথিৱীৰ অন্য়তম এটা বৃহৎ ভাষাগোষ্ঠী। এই ভাষাগোষ্ঠীক প্ৰধানতঃ দুটা শাখাত বিভক্ত কৰা হৈছে - (ক) তিব্বতবৰ্মী (খ) থাই চীন বা শ্য়াম চীন।

    তিব্বতবৰ্মী শাখাক চাৰিটা প্ৰধান উপশাখাত ভাগ কৰিব পাৰি - হিমালয়ী, উত্তৰ অসম, অসমবৰ্মী আৰু তিব্বতী।

    অসমত উত্তৰ অসম আৰু অসমবৰ্মী ভাষাৰ প্ৰচলন আছে। থাই চীনীয় বা শ্য়াম চীনীয় শাখাটোক পাঁচোটা ভাগত ভাগ কৰা হৈছে - থাই বা শ্য়ামীয়, আন্নাম, মুঅং কাৰণে, চি-লো-নো আৰু চীনা। উপশাখাৰ অন্তৰ্গত ভাষা সমূহ হল শ্য়ামী বা ছিয়ামী বা থাই, ফাকিয়ান, লু, খাময়াং, য়াও খামতি, নৰা, তাইৰাং, শ্বান, আইতনিয়া, আহোম, লাও ইত্য়াদি অসময়ত পোৱা থাই-চীন শাখাৰ ভাষা কেইটা হল খামতি, আহোম, খাময়াং, আইতন, ফাকে, টুৰুং।

    অসমীয়া ভাষাত উচ্চাৰণৰ দিশলৈ চালে দেখা যায় যে সংস্কৃত ভাষাৰ দন্ত্য়, মূৰ্দ্ধন্য় ধ্বনিবোৰ অসমীয়া ভাষাত দন্তমূলীয়াৰূপে উচ্চাৰিত হয়। এই উচ্চাৰণ পদ্ধতি বিশ্লেষণ কৰিলে কেখা যায় যে চীন তিব্বতীয় পৰিয়ালত দন্ত্য়মূলীয় ধ্বনিৰহে উচ্চাৰণ আছে, দন্ত্য় আৰু মূৰ্দ্ধন্য় ধ্বনি নাই। চীন তিব্বতীয় পৰিয়ালৰ থাই-চীন শাখাৰ খামতি, ফাকে, টুংৰুং, আহোম ভাষাত ত, থ, ন দন্ত্য়মূলীয়ভাৱে উচ্চাৰিত হৈছে। তদুপৰি সংস্কৃতৰ শ, ষ, স উষ্ম ধ্বনিকেইটা 'স' ৰূপ এটা উচ্চাৰণ হোৱা প্ৰক্ৰিয়া এই তিব্বত চীন পৰিয়ালৰে পৰিণতি বুলি ধাৰণা কৰিব পাৰি। অসমীয়া ভাষাত দ্বিৰুক্তিৰ জৰিয়তে বহুবচন বুজোৱা প্ৰক্ৰিয়াটো আহোম ভাষাৰ লগত মিল আছে। 

    এনেদৰে বিচাৰ কৰিলে দেখা যায় যে থাই চীনৰ বা শ্য়ামচীন শাখাৰ বিভিন্ন ভাষা সমূহৰ প্ৰভাৱ অসমীয়া ভাষাত যথেষ্ট পৰিমানে আছে।

(২) দ্ৰাবিড় ভাষাৰ বৈশিষ্ট্য়সমূহ উল্লেখ কৰি অসমীয়া ভাষাত দ্ৰাবিড় উপাদান সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ ভাষাৰ ক্ষেত্ৰত ভাৰত ইউৰোপীয় পৰিয়ালৰ ঠিক পিছতেই দ্ৰাবিড় ভাষা পৰিয়ালৰ স্থান। মধ্য়, উত্তৰ, উত্তৰ পশ্চিম আৰু পূৱ ভাৰততো এই ভাষাৰ প্ৰচলন আছে। দ্ৰাবিড় ভাষা পৰিয়ালৰ চাৰিটা প্ৰধান ভাষা হল - তামিল, তেলেণ্ড, কানাড়া আৰু মালয়ালম। দ্ৰাবিড় ভাষাৰ বৈশিষ্ট্য়সমূহ এনেধৰণৰ -

(১) এই ভাষা বিলাক যোগাত্মক ভাষা আৰু ই বহু অক্ষৰযুক্ত।

(২) উপসৰ্গৰ পৰিৱৰ্তে অনুসৰ্গ বিলাক ব্য়ৱহাৰ কৰা হয়।

(৩) নঞৰ্থক বাচ্য় থকাটো এই  ভাষাৰ উল্লেখযোগ্য় বৈশিষ্ট্য়।

(৪) এই ভাষা বিলাকৰ 'এ' আৰু 'ও' ধ্বনি দুটাত হ্ৰস্ব আৰু দীৰ্ঘ দুটা ৰূপ পোৱা যায়।

(৫) প্ৰথম পুৰুষৰ বহুবচনত দুটা ৰূপ পোৱা যায়। এটা আত্মবোধক আৰু আনটো আত্ম বহিৰ্বোধক।

    অসমীয়া ভাষাত দ্ৰাবিড় উপাদানো আছে। এই উপাদান সমূহে অসমীয়া ভাষাটোৰ গঠন বিকাশত অৰিহণা যোগাইছিল। প্ৰাচীন ভাৰতীয় আৰ্যভাষাত উষ্ম ধ্বনি প্ৰয়োগৰ অল্পতা, দ্বিস্বৰৰ প্ৰয়োগৰ বাহুল্য়হীনতা আদিবোৰ দ্ৰাবিড়ীয় প্ৰভাৱতে হোৱা বুলি অনুমানিত হৈছে। অসমীয়া ভাষাৰ শ্বাসাঘাতৰ প্ৰাধান্য়ৰ মূলতো দ্ৰাবিড়ীয় প্ৰভাৱ কল্পনা কৰা হৈছে। যেনে - সুৱৰ্ন > স্বৰ্ন। দ্ৰাবিড়গোষ্ঠীৰ ভাষাসমূহত স্বাৰাগম লক্ষ্য় কৰা যায়। যেনে - স্ত্ৰী > তিৰু, ব্ৰাক্ষণ > বৰামন। অসমীয়া ব্য়াকৰণ আৰু ভাষাতত্ব নামৰ পুথিখনৰ ৰচিয়তা কালিৰাম মেধিয়ে অসমীয়া ভাষাত সংস্কৃতৰ নিচিনা বিশেষ্য় শব্দৰ সৈতে একেধৰণে বিশেষণ শব্দৰ লিঙ্গৰ পৰিৱৰ্তনহীনতাত দ্ৰাবিড়ীয় ভাষাৰ প্ৰভাৱৰ কথা উনুকিয়াব খোজে। গুণভিৰাম বৰুৱাৰ 'ৰামনৱমী নাট' আৰু পদ্মাৱতী দেৱী ফুকননীৰ 'সুধৰ্মাৰ উপাখ্য়ান' নামৰ পুথিখন বহুবচনাত্মক ৰূপ 'হঁত'ৰ পৰিৱৰ্তে 'আৰু উৰি' প্ৰত্য়য়ৰ ব্য়ৱহাৰ দেখা যায়। যেনে - আৰু - মোমাই আৰু (মোমাইহঁত), উৰু - সত্য়বানউৰু (সত্য়বানহঁত)

(৩) "অসমীয়া ভাষাত অষ্ট্ৰিক ভাষাগোষ্ঠীৰ উপাদান" সম্পৰ্কে এটি প্ৰবন্ধ যুণ্ডত কৰা।

উত্তৰঃ অষ্ট্ৰিক ভাষাগোষ্ঠীক দুটা শাখাত ভাগ কৰিছে - অষ্ট্ৰোএচিয়াটিক আৰু অষ্ট্ৰোনেচিয়ান। অষ্ট্ৰনেছীয় শাখাৰ ভাষাৰ প্ৰচলন অসমত নাই। অষ্ট্ৰএছীয় শাখাৰ শাখাৰ ভাষাৰহে ভাৰতবৰ্ষ প্ৰলন আছে। অষ্ট্ৰএছীয়া শাখাৰ উপশাখা দুটা কোল বা মুণ্ডা আৰু মনখমেৰ। চাওতালী, মুণ্ডাৰী, ভূমিজ, হো, খৰিয়া, জয়াং, কৰ্কু, শবৰ আদি ভাষা কোল বা মুণ্ডা উপশাখাৰ অন্তৰ্গত। অসমীয়া ভাষাৰ গঠন, শব্দ ভাণ্ডাৰ আৰু ৰূপতত্বগত দিশত অষ্ট্ৰিকসকলৰ প্ৰভাৱ গভীৰভাৱে অনুভূত হয়।

    ধ্বনিতাত্বিক, ৰূপতাত্বিক আৰু শব্দগত দিশত অসমীয়া ভাষাৰ অষ্ট্ৰিক ভাষাৰ প্ৰভাৱ কেনেদৰে পৰিছে তলত আলোচনা কৰাৰ প্ৰয়াস কৰা হল -

ধ্বনিতাত্বিক প্ৰভাৱঃ

    অসমীয়া ধ্বনিতত্বৰ কেইটামান দিশত ঘাইকৈ স্বৰধ্বনিৰ পৰিৱৰ্তন, স্বৰ সংগতি, স্বতঃনাসিক্য়ভৱন আদিত তিব্বতবৰ্মী প্ৰভাৱ পৰা বুলি কোৱা হয় যদিও এই বোৰৰ ধ্বনিগত পৰিৱৰ্তন আৰ্য, অষ্ট্ৰিক, দ্ৰাবিড় আদি বিভিন্ন পৰিয়ালৰ ভাষাত একে প্ৰক্ৰিয়াৰে সাধিত হয়। উদাহৰণস্বৰূপে -

মুণ্ডাভাষাঃ                                               অসমীয়া ভাষা

Kara (ল'ৰা)                                              কনা (ল'ৰা), অজলা  (ল'ৰা),      

Kara (ছোৱালী)                                        কোনি (ছোৱালী), আজলী (ছোৱালী)

ৰূপতাত্বিক প্ৰভাৱঃ 

    অসমীয়া ভাষাৰ ৰূপতত্বমূলক দিশত অষ্ট্ৰিক ভাষাৰ অৱদান আছে। অসমীয়া ভাষাৰ এটা প্ৰধান বৈশিষ্ট্য় হল সম্বন্ধবাচক শব্দৰ পাছত পুৰুষ অনুসৰি সুকীয়া সুকীয়া প্ৰত্য়য়ৰ ব্য়ৱহাৰ। যেনে - মোৰ দেউতা, তোমাৰ দেউতাৰা, তাৰ দেউতাক ইত্য়াদি। ইয়াত ব্য়ৱহাৰ হোৱা -এৰা, -এৰা, এই প্ৰত্য়য়বোৰ কোল-মুণ্ডা ভাষাক অনুসৰণ বুলি অনুমান কৰা হৈছে। অসমীয়া ভাষাৰ আন এটা উল্লেখযোগ্য় বৈশিষ্ট্য় হল নিৰ্দিষ্টতাবাচক প্ৰত্য়য়ৰ ব্য়ৱহাৰ। কোনো বস্তুৰ আকৃতি প্ৰকৃতি বুজাবৰ কাৰণে আৰু সেই বস্তুটো নিৰ্দিষ্টকৈ বুজাবলৈ বাবে অসমীয়া ভাষাত বিশেষ্য়, বিশেষণ, সৰ্বনাম আৰু সংখ্য়াবাচক শব্দৰ পিছত বিভিন্ন প্ৰত্য়য় যোগ হয়। সংখ্য়াবাচক শব্দৰ পাছত নিৰ্দিষ্টতাবাচক প্ৰত্য়য় সংযোগ ৰীতি অষ্ট্ৰিক ভাষাৰ পৰাই সৃষ্টি হৈছে।

শব্দগতঃ 

    অসমীয়া ভাষাৰ ধ্বনিতাত্বিক, ৰূপাতাত্বিক দিশতকৈ শব্দগত দিশত অষ্ট্ৰিক ভাষাৰ প্ৰভাৱ সৰ্বাধিক। স্থান নিৰ্দেশক প্ৰত্য়য় ত, তে, তেক, তেহ, ত্য়েক, তুল আদিৰ সংযোগত গঠিত বিভিন্ন ঠাইৰ নাম অষ্ট্ৰিক ভাষাৰ পৰা অহা বুলি দেখুৱাইছে। যেনে - কমতা, চামতা, বকতা, ডিপোটা, চপটগ্ৰাম, ধৰমতুল আদি। অসমীয়া ভাষাত ব্য়ৱহৃত বহুতো গুপ্তঙ্গবাচক শব্দৰ লগতো অষ্ট্ৰিকৰ সাদৃষ্য় আছে। অসমীয়া সংস্কৃতি এৰাব নোৱাৰা সাংস্কৃতিক উপাদান তামোল - পানৰ ব্য়ৱহাৰ অষ্ট্ৰিক সকলৰ পৰা অহা। অসমীয়া ভাষাৰ গঠন প্ৰক্ৰিয়াৰ দিশত অষ্ট্ৰিক ভাষাগোষ্ঠীৰ অৱদান যথেষ্ট। 

(৪) অসমীয়া ভাষাত অনা-আৰ্য উপাদান সৰহ হোৱাৰ সম্ভাৱ্য় কাৰণ সমূহ উল্লেখ কৰা।

উত্তৰঃ অসমীয়া ভাষাত অনা-আৰ্য উপাদান সৰহ হোৱাৰ সম্ভাৱ্য় কাৰণ সমূহ তলত উল্লেখ কৰা হল -

(ক) অসমীয়া ভাষাৰ অকল আৰ্যসকলৰে ভাব প্ৰকাশৰ মাধ্য়ম নহয়। জন্মলগ্নৰে পৰা এই ভাষা ব্য়ৱহাৰ কৰা লোকসকল বিভিন্ন জনগোষ্ঠীৰ। অসমত প্ৰজাতিগত সংমিশ্ৰণ ঘটা সত্বেও বিভিন্ন সৈতে নিজস্ব ভাষা ৰক্ষা কৰি আহিছে।

(খ) বহু শতিকা একেলগে বসবাস কৰাৰ ফলত অনা-আৰ্য ভাষাৰ বহু শব্দ অসমীয়াত সোমাইছিলয প্ৰব্ৰজন প্ৰক্ৰিয়াৰ দিশৰ পৰা তুলনামূলকভাৱে আৰ্যসকলৰ পাছৰ চাম। সেইবাবে অনা-আৰ্য নদীৰ নাম, ঠাইৰ নাম, মাছৰ নাম আদি অনেক ক্ষেত্ৰত তেওঁলোকে হুবহু বা সংস্কৃতীয়া কৰি গ্ৰহণ কৰিছিল।

(গ) অসমত বাস কৰা বিভিন্ন ভাষীলোক সংস্কৃতিভাৱে স্বয়ং সম্পূৰ্ণ নাছিল। কোনোবা যদি আছিল বাঁহ-বেতৰ সঁজুলি সজাত পাকৈত, আন কোনোবা আছিল বোৱা কটাত পাৰদৰ্শী। সাংস্কৃতিক এনে কাৰণতো অসমীয়া ভাষালৈ অনা-আৰ্য ভাষাৰ পৰা কিছু শব্দ আহিছিল।

(ঘ) প্ৰজাতিত সংমিশ্ৰণৰ ফলত বিয়া বাৰুৰ যোগেদি এটা ভাষাৰ শব্দ অন্য় ভাষালৈ প্ৰবাহিত হৈছিল। উত্তৰ পুৰুষে ভাষা আয়ত্ব কৰোঁতে বাপেকৰ পৰা যেনেদৰে শব্দ লৈছিল, মাকৰ পৰাও তেনেদৰে লৈছিল। কিছুমান ক্ষেত্ৰত তেনে শব্দ একোটা ধ্বনি আৰু অৰ্থগত পৰিৱৰ্তনো ঘটিছিল।

(৫) অসমীয়া ভাষাত তিব্বতবৰ্মীয় প্ৰভাৱ শীৰ্ষক এটি নিবন্ধ যুগুত কৰা।

উত্তৰঃ পৃথিৱীৰ বিভিন্ন ভাষা পৰিয়াল সমূহৰ ভিতৰত অন্য়তম সু-বৃহৎ ভাষা পৰিয়াল হল চীন তিব্বতীয় বা তিব্বত চীনীয় ভাষা পৰিয়াল। তিব্বতবৰ্মী শাখাক চাৰিটা প্ৰধান উপশাখাত ভাগ কৰিব পাৰি - হিমালয়ী, উত্তৰ অসম, অসমবৰ্মী। উত্তৰ অসম শাখাৰ ভিতৰুৱা আষাবোৰ হল - ফ্ৰাছো, নিচি, আদি, মিচিং, ইদু আদি। তিব্বতবৰ্মী ভাষাৰ উপাদানে অসমীয়া ভাষাটোক কেনেদৰে সমৃদ্ধ কৰিছে তলত আলোচনা কৰা হৰ -

(ক) অসমীয়া ভাষাত দন্ত্য় আৰু মূৰ্দ্ধন্য় ধ্বনিৰ উচ্চাৰণগত পাৰ্থক্য় ৰক্ষিত হোৱা দেখা নাযায়। সংস্কৃত বৰ্ণমালাৰ আদৰ্শত দন্ত্য় (ত-বৰ্গ) আৰু মবৰ্দ্ধন্য় (ট-বৰ্গ) ধ্বনিসমূহ অসমীয়া বৰ্ণমালাত ৰক্ষিত হৈছে যদিও অসমীয়া ভাষাত এই ধ্বনিসমূহে স্বকীয় গুণ হেৰুৱাই দন্ত্য়মূলীয়া উচ্চাৰণ লাভ কৰিছে। 

(খ) অসমমীয়া ভাষাৰ লিখিত ৰূপত ব্য়ৱহৃত চ, জ, জ, ঝ, ৰ, ঢ়, ড় আখৰসমূহৰ উচ্চাৰণ সংস্কৃতৰ দৰে ৰক্ষিত হোৱা নাই। চ, ছ, জ, ঝ, ৰ, ঢ় বৰ্ণসমূহৰ সৰলীকৃত উচ্চাৰণ বা পৃথক পৃথক উচ্চাৰণ অসমীয়াত হ্ৰাস পোৱাটো তিব্বতবৰ্মী ভাষাৰ প্ৰভাৱ বুলি ভাবিবৰ থল আছে।

(গ) অনুনাসিক (ঁ) উচ্চাৰণ অসমীয়া ভাষাত এক নতুন ব্য়ৱহাৰ। 'অনুনাসিকত্ব' অৰ্থাৎ চন্দ্ৰবিন্দু অসমীয়া ভাষাত এক বিশিষ্ট ধ্বনিগুণ অৰ্থাৎ বৰ্ণ। অসমীয়া ভাষাত ইয়াক উপহিত বৰ্ণ বুলি কোৱা হৈছে। তিবিতবৰ্মী দেউৰী ভাষাৰ শব্দ বিলাকত প্ৰচুৰ অনুনাসিক উচ্চাৰণ পোৱা যায়। 

                                                    চমুটোকা লিখাঃ

(ক) ৰাভামিজ বা ৰাভা অসমীয়াঃ

উত্তৰঃ তিব্বতবৰ্মী ভাষা পৰিয়ালৰ এটা অন্য়তম ভাষাগোষ্ঠী হল ৰাভা জনগোষ্ঠী। ৰাভাসকল প্ৰধানকৈ অসমৰ কামৰূপ, গোৱালপাৰা, শোণিতপুৰ আৰু মেঘালয়ৰ গাৰো পাহাৰত বসবাস কৰি আছে। ৰাভাসকলৰ মাজত ৰং দানি, মায়তৰি, পাতি, বিতলিয়া, দোহাৰি, চুঙা, টেটলা আৰু কোচা এই আঠটা ফৈদ আছে। 'ৰাভামিজ' অসমীয়াৰ এটা নৃগোষ্ঠীয় উপভাষা। ৰাভা পিজিন আৰু অসমীয়া ক্ৰেওল এই দুটা ৰূপত যথাক্ৰমে ৰাভা ভাষা কোৱা আৰু ৰাভা ভাষা পাহৰা ফৈদৰ মাজত ৰাভামিজ প্ৰচলিত। ৰাভামিজ ভাষাৰ মূল ভিত্তি অসমীয়া আৰু ইয়াৰ প্ৰাচীন লিখিত আৰু আৰ্বাচীন আঞ্চলিক কথিত ৰূপ। কিন্তু ইয়াৰ ধ্বনি, ৰূপ আৰু শব্দৰ লগতে বাক্য়ৰ দিশত ৰাভা ভাষাৰ বিশেষ প্ৰভাৱ মনকৰিবগলীয়া। বিশেষকৈ বাক্য়গত দিশত এই প্ৰভাৱ অতি স্পষ্ট।

(খ) নাগামিজঃ

উত্তৰঃ নাগামিজ নাগালেণ্ডত প্ৰচলিত এটা মিশ্ৰভাষা। ১৯৬৩ চনত পৃথক ৰাজ্য় ৰূপে স্বীকৃতি পোৱাৰ পূৰ্বে নাগালেণ্ড অসমৰ এখন জিলা আছিল। আহোম ৰাজত্ব কালত অসম আৰু নাগালেণ্ড অঞ্চলৰ মানুহৰ সংস্পৰ্শ ঘটিছিল। আহোমসকলে ৰাজনৈতিক উদ্দেশ্য় আৰু বাণিজ্য়িক কাৰণত নাগা মানুহৰ লগত ডুখৰীয়া অসমীয়াত ভাবৰ যি আদান-প্ৰদান কৰিছিল, বিশেষকৈ পঞ্চদশ শতাব্দীৰ শেষ বা ষোড়শ শতাব্দীৰ আৰম্ভণিৰ পৰা, তেতিয়াৰ পৰাই Contact Vernacular এটা গঢ়ি উঠা অৱশ্য়ম্ভাৱী হৈ পৰিছিল সিয়ে পৰৱৰ্তী কালত বৃটিছৰ শাসন কালত অধিক পৰিমাণে সংযোগী ভাষা হৈ নাগাৰাজ্য় গঠনৰ লগে লগে 'নাগামিজ' নামেৰে জনা গল। নাগামিজৰ ১৮ টা উপভাষা দেখিবলৈ পোৱা যায়। সেই সমূহৰ শব্দবোৰ একেই, কিন্তু বিন্য়াস বেলেগ বেলেগ। নাগামিজ প্ৰকৃততে সমম্বয়ৰ জৰিয়তে উদ্ভৱ হোৱা এটা সংযোগী ভাষা। 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Answer Type - Boby Bora        

DABP007430