গোলাপ


১। অসমীয়া কাব্য সাহিত্যত ৰঘুনাথ চৌধাৰীক কি আখ্যাৰে জনা যায়?


উত্তৰঃ 'বিহগী কবি' আখ্যাৰে জনা যায়।


২। ৰঘুনাথ চৌধাৰীৰ কিমান চনত আৰু ক'ত জন্ম হৈছিল?


উত্তৰ: কবি ৰঘুনাথ চৌধাৰীৰ জন্ম হয় ১৮৭৯ চনত কামৰূপ জিলাৰ লাওপাৰা গাঁৱত।


৩। ৰঘুনাথ চৌধাৰীৰ তিনিখন কবিতাপুথিৰ নাম লিখা।


উত্তৰ: ৰঘুনাথ চৌধাৰীৰ তিনিখন কবিতাপুথিৰ নাম হ'ল- 'সাদৰী', 'কেতেকী' আৰু 'দহিকতৰা'।


৪। ৰঘুনাথ চৌধাৰীৰ কথা-কবিতা পুথিখনৰ নাম কি?


উত্তৰ: ৰঘুনাথ চৌধাৰীৰ কথা-কবিতা পুথিখনৰ নাম 'নৱ-মল্লিকা'।


৫। ৰঘুনাথ চৌধাৰীৰ কবিতা প্রথম কোনখন আলোচনীত প্রকাশ হৈছিল?


উত্তৰঃ 'জোনাকী' কাকতত।


৬। কবি ৰঘুনাথ চৌধাৰীৰ 'দহিকতৰা' কাব্যপুথিৰ অন্তৰ্গত কবিতাসমূহৰ ভিতৰৰ একমাত্ৰ ফুলৰ বিষয়ে লিখা কবিতাটি কি?


উত্তৰঃ গিৰিমল্লিকা।


৭। ৰঘুনাথ চৌধাৰীৰ গল্পপুথিখনৰ নাম কি?


উত্তৰ: ৰঘুনাথ চৌধাৰীৰ গল্প পুথিখনৰ নাম 'পচতীয়া'।


৮। ৰঘুনাথ চৌধাৰীয়ে 'অসম সাহিত্য সভা'ৰ কোন অধিবেশনত কিমান চনত সভাপতিত্ব কৰিছিল?


উত্তৰ: ৰঘুনাথ চৌধাৰীয়ে 'অসম সাহিত্য সভা'ৰ ১৯৩৫ চনত বহা তেজপুৰ অধিবেশনত সভাপতিত্ব কৰিছিল।


৯। ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা শিশু আলোচনীখনৰ নাম কি?


উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা শিশু আলোচনীখনৰ নাম 'মইনা'।


১০। ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখা।


উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা দুখন আলোচনী হ'ল 'সুৰভি' আৰু 'জয়ন্তী'।


১১। অসমীয়া সাহিত্যত পোন প্রথমে কোনখন কাকতৰ জৰিয়তে ৰোমাণ্টিক ভাৱধাৰাৰ প্ৰথম সূত্রপাত ঘটে?


উত্তৰঃ 'জোনাকী' কাকতৰ জৰিয়তে। (১৮৮৯ চন)।


১২। ৰঘুনাথ চৌধাৰী কোন যুগৰ কবি আছিল?


উত্তৰ: ৰোমাণ্টিক যুগৰ কবি।


১৩। তেওঁ প্রথম কাব্যগ্রন্থখনৰ নাম কি আছিল?


উত্তৰঃ সাদৰী (১৯১০ চন)।


১৪। কবি ৰঘুনাথ চৌধাৰীৰ কোনটো কবিতা আৰু কোনখন কাকতৰ জৰিয়তে সাহিত্য জগতত পদা র্পণ কৰে?


উত্তৰঃ ১৯১০ চনত জোনাকী' কাকতত প্রকাশিত 'মৰমৰ পখী' নামৰ কবিতাটোৰ জৰিয়তে।


১৫। ইংৰাজী সাহিত্যৰ কোনগৰাকী কবিৰ লগত ৰঘুনাথ চৌধাৰীৰ তুলনা কৰা হয়?


উত্তৰঃ ইংৰাজ ৰমন্যাসিক কবি বৰ্ডছৱৰ্থৰ স'তে।


চমু প্রশ্নোত্তৰঃ


১। ৰঘুনাথ চৌধাৰীৰ চমুপৰিচয় লিখা।


উত্তৰ: অসমীয়া কাব্য সাহিত্যৰ জগতত 'বিহগী কবি' নামে জনাজাত ৰঘুনাথ চৌধাৰীৰ জন্ম হয় কামৰূপ জিলাৰ হাজোৰ ওচৰৰ লাওপাৰা গাঁৱত ১৮৮০ চনত। তেওঁৰ পিতৃৰ নাম ভোলানাথ চৌধাৰী। শৈশৱ কালতে ভৰিত আঘাত পাই তেওঁ চিৰদিনৰ কাৰণে ঘুণীয়া হৈ পৰে। সৰুতে আকস্মিকভারে পিতৃ-মাতৃক হেৰুৱাই তেওঁ গুৱাহাটীলৈ আহি এঘৰ আত্মীয় লোকৰ আশ্ৰয়ত থাকিবলৈ লয়। ৰঘুনাথ চৌধাৰীয়ে অষ্টমমান শ্রেণীলৈ আনুষ্ঠানিক শিক্ষা গ্রহণ কৰি স্কুল এৰে আৰু পিছত ঘৰতে সংস্কৃত আৰু বঙলা সাহিত্য অধ্যয়ন কৰিবলৈ লয়। কেইবছৰমান তেওঁ স্কুলত শিক্ষকতাও কৰিছিল যদিও পাছলৈ সেয়া এৰি খেতি-বাতিত নামে। এই সময়ছোৱাতে তেওঁ কাব্য চর্চাতো মনোনিৱেশ কৰে। 'জোনাকী' কাকতত তেওঁৰ প্ৰথম কবিতা প্রকাশ হয়।


ৰঘুনাথ চৌধাৰীৰ প্ৰকাশিত কবিতাপুথিকেইখন হ'ল- 'সাদৰী', 'কেতেকী', 'দহিকতৰা' আৰু 'কাৰবালা'। তদুপৰি তেওঁৰ কথা-কবিতাৰ পুথি 'নৱমল্লিকা' আৰু 'পচতীয়া' নামৰ এখন গদ্যপুথিও প্রকাশিত হৈছিল। কাৰবালাৰ কৰুণ কাহিনী বিৱৰি তেওঁ 'কাৰবালা' কাব্য ৰচনা কৰিছে। ৰঘুনাথ চৌধাৰী কিছুদিন গুৱাহাটীৰপৰা প্ৰকাশিত 'জোনাকী'ৰ সহকাৰী সম্পাদক হিচাপেও কাম কৰিছিল। তদুপৰি তেওঁৰ সম্পাদনাত প্রকাশিত হৈছিল 'সুৰভি', 'জয়ন্তী' আৰু 'মইনা' নামৰ তিনিখন আলোচনী। ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত

হোৱা 'অসম সাহিত্য সভা'ৰ ষোড়শ অধিবেশনত ৰঘুনাথ চৌধাৰীয়ে সভাপতিত্ব কৰিছিল। সাহিত্য চর্চা আৰু সেৱাৰ উপৰিও চৌধাৰীয়ে গান্ধীজীৰ 'ভাৰত ত্যাগ' আন্দোলনত অংশগ্ৰহণ কৰা বাবে কাৰাবাসো খাটিবলগীয়া হৈছিল। ১৯৬৭ চনৰ ১৮ নৱেম্বৰ তাৰিখে ৰঘুনাথ চৌধাৰীৰ মৃত্যু হয়।


২। কবি ৰঘুনাথ চৌধাৰীৰ কাব্যকৃতিৰ পৰিচয় দিয়া।


উত্তৰঃ পাঁচখন কাব্যগ্রন্থেৰে চৌধাৰীয়ে অসমীয়া ৰোমাণ্টিক কাব্য জগতত যাউতিযুগীয়া আসন লাভ কৰা কাব্যগ্রন্থসমূহ হ'ল- সাদৰী (১৯১০), কেতেকী (১৯১৮), কাৰবালা (১৯২৩), দহিকতৰা (১৯৩১) আৰু মৰণোত্তৰ কালত প্রকাশিত 'মনাই বৰাগী'। এইকেইখনৰ উপৰি আৰু গুটিদিয়েক কবিতা চৌধাৰীয়ে ৰচিছিল; সেইবোৰক অতুল চন্দ্ৰ বৰুৱাই 'লেছেৰি বোটলা' নাম দি ১৯৮০ চনত প্রকাশ কৰা 'ৰঘুনাথ চৌধাৰী ৰচনাৱলী'ত অন্তর্ভুক্ত কৰিছে। এই অংশত কবিতাৰ সংখ্যা নটা। গতিকে 'লেছেৰি বোটলা' কবিতাগুচ্ছক ধৰিলে চৌধাৰীৰ কাব্যসংখ্যা হয় মুঠ ছখন। ইয়াৰে 'কেতেকী' পাঁচটা তৰংগবিশিষ্ট এটি অখণ্ড কবিতা, 'কাৰবালা' এখনি সৰু কাব্য অথবা এটি ডাঙৰ কবিতা; 'মনাই বৰাগী' দুটা ডাঙৰ আৰু দুটা সৰু কবিতাৰ সংকলন। অৱশ্যে ইয়াত অন্তর্ভুক্ত হোৱা 'মনাই বৰাগী' আৰু 'আমৰ কথা' নামৰ কবিতা দুটিৰ বাহিৰে বাকীবোৰ কবিতা আন সংকলনত অন্তর্ভুক্ত হৈছে। 'সাদৰী' আৰু 'দহিকতৰা' হ'ল খণ্ড কবিতাৰ সংকলন।


ৰচনাৱলীখনত অন্তর্ভুক্ত হোৱা মতে চৌধাৰীৰ গদ্যপুথি তিনিখন- 'নৱ-মল্লিকা' (১৯৫৮), যিখন কথা কবিতা হিচাপে চিহ্নিত, 'পচতীয়া' আৰু 'বন্দীজীবন'। ইয়াৰে সৈতে তেওঁৰ ভাষণাৱলী আৰু সম্পাদিত আন আন আলোচনীৰ সম্পাদকীয়সহ লেখাখিনি ধৰিলে মুঠ পাঁচখনমান হয়। মন কবিৰলগীয়া যে, ৰঘুনাথ চৌধাৰীয়ে গুৱাহাটীৰ পৰা প্রকাশিত 'জোনাকী' (১৯০১-১৯০৪) ৰ সহকাৰী সম্পাদক হোৱাৰ উপৰি পষেকীয়া 'জয়ন্তী' (ইয়াৰে প্রথম সংখ্যা প্রকাশ হৈছিল ১৯৩৮ চনৰ ২ জানুৱাৰীত) আৰু পষেকীয়া 'সুৰভি'ৰো (প্রথম প্রকাশ ১৯৪০ চনৰ জানুৱাৰীত) সম্পাদক আছিল আৰু উক্ত তিনিওখন আলোচনীৰে সম্পাদকৰ কাম তেওঁ নিয়াৰিকৈ সম্পাদনা কৰিছিল।


৩। কবি ৰঘুনাথ চৌধাৰীৰ 'গোলাপ' কবিতাটিৰ মূলভাৰ লিখা।


উত্তৰঃ 'গোলাপ' কবিতাটিৰ মাজেৰে প্ৰকৃতিৰ সৌন্দৰ্য আৰু গোলাপ ফুলৰ মাধুর্য বিশেষ বর্ণনা কবিয়ে অংকন কৰিছে। গোলাপ ফুলপাহক কবিয়ে বিভিন্ন দৃষ্টিকোণৰ পৰা চাবলৈ চেষ্টা কৰিছে। সেয়েহে কবিতাটিত গোলপাক মৰম, সৌন্দর্য আৰু কোমলতাৰ প্রতীক হিচাপে উল্লেখ কৰিছে। প্ৰকৃতিৰ অৰূপ সৌন্দর্য প্রকাশৰ এক কাৰক হিচাপে গোলপৰ সুগন্ধ আৰু মাধুর্য বুলি কবিয়ে উল্লেখ কৰিছে। প্রকৃতি জগতৰ পৰা কবিয়ে আকৌ গোলাপ ফুলপাহক মানৱ জীৱৰ সৈতেও তুলনা কৰিছে। গোলপ ফুলৰ ওপৰত যি বতাহ, ধূলি পৰে সেই সমূহে গোলাপৰ সৌন্দৰ্য স্নান কৰিব নোৱাৰে। জীৱন যাত্ৰাত

ধূলি, বতাহবোৰো যেন গোলপৰ বাবে এক বাধা। তথাপিও গোলাপে হাঁহি হাঁহি সৌন্দর্য বিলাই যায়। মানুহৰ জীৱনটো বিভিন্ন ঘাট-প্রতিঘাট আহে, জীৱনৰ বিভিন্ন প্রতিকূলতাৰ মাজতো নিজৰ আন্তৰিক সৌন্দৰ্য আৰু শুভ্রতা ৰক্ষা কৰি জীৱন সুন্দৰ কৰাৰ প্ৰেৰণা গোলাপৰ জৰিয়তে দিব বিচাৰিছে।


৪। কবি ৰঘুনাথ চৌধাৰীৰ 'গোলাপ' কবিতাটিৰ বিষয়বস্তু লিখা।


উত্তৰ: ৰঘুনাথ চৌধাৰীয়ে 'গোলাপ' কবিতাটিৰ মাজেৰে গোলাপক মাথোঁ ফুল হিচাপেই বৰ্ণনা কৰা নাই কবিৰ দৃষ্টিত গোলাপ ৰূপ-ঐশ্বৰ্য আৰু সৌন্দৰ্যৰ জীৱন্ত প্রতিমূর্তি হিচাপে ধৰা দিছে। কবিয়ে গোলাপক বিস্ময় আৰু বিমুগ্ধ ৰূপত তুলি ধৰিছে। সেয়েহে কবিয়ে গোলাপক সাদৰী বুলি সম্বোধন কৰিছে। কবিয়ে কল্পনা কৰিছে জোনৰ তৃষ্ণা দূৰ হয় গোলাপৰ পৰশতে, ফুলি উঠিয়েই গোলাপৰ যি বিমুগ্ধ হাঁহি, আৰব ৰাণীৰ সুন্দৰ কান্তিযুক্ত মুখত লাৱণ্য বিৰিঙি উঠে, পাপিয়া চৰাইৰ স্নিগ্ধ কৰুণ সুৰ গোলাপৰ ৰূপত তৰংগায়িত হয়।


"গোলাপৰ জন্ম আৰৱৰ মৰু উদ্যানত। জন্ম লোৱৰ পিছতে গোলাপৰ স্নিগ্ধতা আৰু সৌন্দৰ্যৰ বাতৰি জগতময় বিয়পি পৰিছিল; গগনচুম্বী 'কলোচচে' পান কৰিছিল গোলাপৰ ৰূপ মাধুৰী। এই গোলাপেই বেবিলনৰ শূন্যোদ্যানৰ ফুলৰ ৰাণী আছিল নেকি বুলি কবিয়ে প্রিয়া গোলাপৰ পৰা জানিব বিছাৰিছে।


গোলাপৰ অতুল সৌন্দর্য সচাঁকৈয়ে অনির্বচনীয়। সেই বাবেই ৰূপ-ৰস-গন্ধ পৰশ-প্ৰেমৰ দ্বাৰা গোলাপে সমগ্র হিন্দুস্থানকে জয় কৰিবলৈ সক্ষম হৈছে। নৱাব-বাদছাহৰ হেৰেমক আমোদিত কৰি হৃদয়-সমুদ্ৰত প্ৰেমৰ জোৱাৰ তুলিবলৈ সক্ষম হৈছে। গোলাপৰ এই ৰূপত সমগ্র জগতেই বিভোল। দিল্লীৰ বেগম নুৰজাহানৰ অতি প্রিয় আছিল এই গোলাপ, মমতাৰ নিমজ গালতো 'চিকুণ কাজ' ফুটাই তুলিছিল গোলাপে, সেই সৌন্দর্যতে মোহিত হৈ সম্রাট ছাহজাহানে সৃষ্টি কৰিছিল ভুৱন বিজয়ী তাজমহল।"


কবিয়ে উপলব্ধি কৰিছিল যে গোলাপৰ মাজতে লিপিবদ্ধ হৈছিল অতীতৰ বহু কাব্যগাথা, সৃষ্টি হৈছিল প্রেম, বিৰহ তথা অনুৰাগ। সেয়েহে কবিয়ে নিজৰ আনন্দ-উল্লাসবিহীন জীবনকুঞ্জত গোলাপৰ আৰ্বিভাৱ কামনা কৰিছে-


ফুলিবিনে মোৰ মানস কুঞ্জত অ' মোৰ দৰদী ফুলাম পাহি 


উঠিবনে বাজি প্রিয়া পাপিয়াৰ পুলক ভৰা মিলন বাঁহী।


কবিৰ কল্পনাত গোলাপৰ পাহি সৌন্দৰ্যৰ ৰাণী হিচাপে জিলিকিছে, যিয়ে সর্বজন মোহিত কৰিব পাৰে। কবিৰ মতে সৌন্দর্যই বিশ্ব বিজয় কৰিব পাৰে। সৌন্দর্যবোধ মানুহৰ জীৱনৰ সৈতে সাদৃশ্য দেখা পোৱা যায়। মানৱ-সভ্যতা থকালৈকে এই সৌন্দৰ্যৰ উপাসনা থাকিব। কামনা-বাসনাহীন সৌন্দর্য প্রীতিয়ে কবিৰ ধূসৰ জীৱন আমোদিত কৰিব বুলি কবিয়ে আশা কৰে।

৫। ব্যাখ্যা কৰাঃ


(ক) কত কাব্য গাথা অতীত স্মৃতি


উদাস প্ৰেমৰ মূৰ্ত বিকাশ;


বিজড়িত তোৰ কোমল বুকুত


কত বিৰহীৰ হা-হুতাশ।


উত্তৰঃ উদ্ধত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীদেৱৰ দ্বাৰা ৰচিত 'গোলাপ' নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিয়ে গোলাপৰ সৌন্দর্যত মুগ্ধ হৈ গোলাপৰ মাহাত্ম্য বৰ্ণনা কৰি এনেদৰে কৈছে।


প্ৰেমৰ প্ৰতীক স্বৰূপ ফুলপাহিয়ে কোনোবা সুন্দৰীৰ নিমজ গালত অপরূপ সৌন্দর্যব সৃষ্টি কৰাৰ বাবেই যেন ছাহজাহানৰ ভূৱনবিজয়ী মমতাজে সৃষ্টি লাভ কৰিলে। এই গোলাপ পাহি যেন সাধাৰণ ফুল নহয়, স্বৰ্গৰ নন্দন কাননত ফুলি ৰোৱা এই ফুল পাহি বেবিলনৰ শূন্যাদ্যানৰ ফুলৰ ৰাণী স্বৰূপা আছিল। কবিৰ আদৰৰ গোলপ পাহি কাৰোবাৰ স্পর্শতে বেটুপাতৰ আভৰণ গুচাই মিচিক হাঁহিক প্রস্ফুটিত হৈ উঠিল। প্রেম পিয়াসী কবিয়ে ফুল পাহিক অশান্ত, দুখ জৰ্জৰিত হিয়াখনিত প্ৰেমৰ মাধুৰিমা ছটিয়াই শাঁত পেলাবলৈ আহ্বান জনাইছে। গোলাপ কবিতাটিৰ চিত্ৰকলা আৰু উপমাসমূহো সজীৱ আৰু মৰ্ম্মস্পর্শী।


এই গোলাপৰ বুকুত যে শত কবিতা, কত শত কহিনী লুকাই আছে, কত কোমল প্ৰেমৰ স্মৃতি কত বিৰহীৰ হা-হুতাশ গোলাপৰ বুকুত গথা হৈ ৰৈছে তাৰ লেখ নাই। গোলাপৰ বুকুতে নিহিত হৈ থকা প্রেম-প্রীতি বিৰহীৰ হা-হুতাশৰ কথা কবিয়ে বর্ণনা কৰিছে। গোলাপৰ সুৱাসতে যেন মৰুভূমিত মৰুদ্যানৰ সৃষ্টি হ'ল। সমগ্র বিশ্বগোলাপৰ সৌৰভত ৰোমাঞ্চিত হৈ উঠিল। কবিৰ দৃষ্টিত গোলাপৰ গোলপীয়া ৰঙৰ আভাই যেন বহু গুপ্ত সংবাদ যেন কঢ়িয়াই আনিছে। কবিয়ে এই ফুল পাহিক স্বর্গচ্যুত কোনো অপ্সৰা বুলি ভাবে। গোলাপ পাহি যেন স্বৰ্গৰ বতৰা দিবলৈহে পৃথিৱীলৈ আহিছে। গোলাপ পাহিত লুকাই থকা মাদকতাত, জাহাঙ্গীৰে নূৰজাহানৰ গোলাপী গালৰ ৰাঙলী আভাত বিমোহিত হৈছিল। অন্যহাতেদি মমতাজৰ প্ৰতি থকা প্রেমক যুগমীয়া কৰিবৰ বাবে চাহজাহানে তাজমহল সজাইছিল। আৰৱৰ ৰাণীৰপৰা আৰম্ভ কৰি মোগল সম্রাট সকলৰ হেৰেমলৈকে সকলোতে গোলাপৰ বিলাস। নুৰজাহান-জাহাঙ্গীৰ, চাহজাহান-মমতাজ আদিৰ প্ৰেম কাহিনীৰ অন্তৰালতো গোলাপৰ অপৰূপ সৌন্দৰ্যৰ অৱদান থকাৰ কথাটো কবিয়ে অনুমান কৰিছে। গোলাপৰ সৌন্দৰ্য মুগ্ধ হৈ কবিয়ে গোলাপৰ ইতিবৃত্ত আৰু বিচিত্র মহিমাৰ কথা উল্লেখ কৰিছে।


(খ) 'গগন-চুম্বী কলচচে তোৰ 


পান কৰিলে ৰূপ মাধুৰী।'


উত্তৰ: উল্লিখিত কবিতা ফাকি আমাৰ পাঠ্যপুথি অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ 'গোলাপ'

নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিয়ে গোলাপৰ ৰূপ-সৌন্দৰ্যৰ বিষয়ে ক'বলৈ লোৱাৰ প্ৰসংগত উক্ত কবিতাশাৰী সন্নিবিষ্ট কৰিছে।


গোলাপ ফুল পাহিয়ে ধৰাৰ বুকুত নিজৰ ৰূপ-বস-গোন্ধ-স্পৰ্শৰ দ্বাৰা সকলোৰে মোহিত কৰিলে। কবিয়ে গোলাপ পাহিক এগৰাকী ৰূপৱতী নাৰীৰ ৰূপত কল্পনা কৰিছে। গোলাপ ফুল পাহিয়ে নিজৰ ৰূপ ৰস গন্ধ স্পৰ্শৰ দ্বাৰা সুদূৰৰ পিয়াৰা স্বৰূপা ভাৰতবর্ষকো মোহিত কৰিলে। প্ৰেমৰ প্রতীক স্বৰূপ ফুলপাহিয়ে কোনোবা সুন্দৰীৰ নিমজ গালত অপৰূপ সৌন্দৰ্যৰ সৃষ্টি কৰাৰ বাবেই যেন ছাহজাহানৰ ভূবনবিজয়ী মমতাজে সৃষ্টি লাভকৰিলে। এই গোলাপপাহি যেন সাধাৰণ ফুল নহয়, স্বৰ্গৰ নন্দন কাননত ফুলি ৰোৱা এই ফুল পাহি বেবিলনৰ শূন্যাদ্যানৰ ফুলৰ ৰাণী স্বরূপা আছিল। কবিৰ আদৰৰ গোলপ পাহি কাৰোবাৰ স্পৰ্শতে বেটুপাতৰ আভৰণ গুচাই মিচিকি হাঁহিক প্রস্ফুটিত হৈ উঠিল। আৰৱৰ মৰুভূমিৰ নিভৃত কোণত ফুলি ৰোৱা এই ফুলপাহিয়ে নিজৰ সৌৰভ আৰু সুগন্ধৰে যেন সমগ্র বিশ্ব পুলকিত কৰিলে। কবিৰ দৃষ্টিত 'গোলাপ' পাহি কেৱল মাথোঁ ফুল নহয়। কবিয়ে ফুল পাহিত মানবীয়তা আৰোপ কৰি এগৰাকী নাৰীৰ ৰূপত কল্পনা কৰিছে। লজাৱতী সুন্দৰী নাৰীয়ে ওৰণি দাঙি হাঁহিৰে সম্ভাষণ জনোৱাৰ দৰে গোলাপ ফুলপাহিয়েও সেউজীয়া বেটুপাতৰ আৱৰণ ত্যাগ কৰি প্ৰকাশ লাভ কৰিছে গোলাপৰ ওৰণি গুচোৱা এগৰাকী নাৰীৰ লগত তুলনা কৰি কবিয়ে অসমীয়া ঐতিহ্যৰে প্ৰকাশ কৰিছে। এই গোলাপ পাহিৰ কোমল বুকুত অতীতৰ কত শত স্মৃতি লুকাই আছে, কত বিৰহীৰ প্ৰেমৰ হা-হুতাশ যেন গোলাপৰ বুকুকেই লিখা হৈছে। প্ৰেমৰ প্রতীক স্বৰূপেই সকলোৰে ওচৰত গোলাপ পাহি ধৰা দিয়া। সেয়েহে কবিৰ মনত প্রশ্ন হৈছে গোলাপ ফুলপাহি বেবিলনৰ শূন্যোদ্যানৰ ফুলৰ ৰাণীস্বৰূপা গোলাপৰ সৌন্দর্যই মর্ত্যৰ বুকুত সৰগৰ নন্দন কানন সজাইছে। গগনচুম্বী কলছছেও গোলাপৰ ৰূপ মাধুৰী পান কৰি ধন্য হ'ল। গোলাপৰ এই অনির্বাচনীয় ৰূপপে উক্ত কৰিতা ফাঁকিৰ জৰিয়তে অভূতপূর্ব সৌন্দর্য-সুষমাৰ কথা কবিয়ে ব্যক্ত কৰিছে।


(গ) কাৰ পৰশত. ...মাৰিলি হাঁহি।


উত্তৰঃ উল্লিখিত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ 'গোলাপ' নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিয়ে গোলাপৰ ৰূপ-সৌন্দৰ্যৰ বিষয়ে ক'বলৈ লোৱাৰ প্ৰসংগত উক্ত কবিতাশাৰী সন্নিবিষ্ট কৰিছে।


চৌধাৰীৰ ফুল বিষয়ক কবিতাৰ ভিতৰত গোলাপ এটি শ্রেষ্ঠ কবিতা। এই কবিতাটি কবিৰ 'সাদৰী' নামৰ প্ৰথমখনি কাব্য গ্রন্থব অন্তর্গত। কবিয়ে গোলাপ পাহিক এগৰাকী ৰূপৱতী নাৰীৰ ৰূপত কল্পনা কৰিছে। গোলাপ ফুল পাহিয়ে নিজৰ ৰূপ-বস-গন্ধ-স্পর্শব দ্বাৰা সুদূৰৰ পিয়াবা স্বৰূপা ভাৰতবৰ্ষকো মোহিত কৰিলে। প্ৰেমৰ প্ৰতীক স্বৰূপ ফুলপাহিয়ে কোনোবা সুন্দৰীৰ নিমজ গালত অপৰূপ সৌন্দৰ্যৰ সৃষ্টি কৰাৰ বাবেই যেন ছাহজাহানৰ

ভূবন বিজয়ী মমতাজে সৃষ্টি লাভ কৰিলে। এই গোলাপ পাহি যেন সাধাৰণ ফুল নহয়, স্বৰ্গৰ নন্দন কাননত ফুলি ৰোৱা এই ফুল পাহি বেবিলনৰ শূন্যোদ্যানৰ ফুলৰ ৰাণী স্বৰূপা আছিল। কবিৰ আদৰৰ গোলাপ পাহি কাৰোবাৰ স্পৰ্শতে বেটুপাতৰ আভৰণ গুচাই মিচিকি হাঁহিক প্রস্ফুটিত হৈ উঠিল। কবিৰ দৃষ্টিত গোলাপৰ গোলপীয়া ৰঙৰ আভাই যেন বহু গুপ্ত সংবাদ যেন কঢ়িয়াই আনিছে। কবিয়ে এই ফুল পাহিক স্বর্গচ্যুত কোনো অপ্সৰা বুলি ভাবে। গোলাপ পাহি যেন স্বৰ্গৰ বতৰা দিবলৈহে পৃথিৱীলৈ আহিছে।


(ঘ) কত কাব্যগাঁথা .. হা-হুতাশ।


উত্তৰ: উল্লিখিত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ 'গোলাপ' নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিয়ে গোলাপৰ ৰূপ-সৌন্দৰ্যৰ বিষয়ে ক'বলৈ লোৱাৰ প্ৰসংগত উক্ত কবিতাশাৰী সন্নিবিষ্টি কৰিছে।


কবিৰ দৃষ্টিত 'গোলাপ' পাহি কেৱল মাথো ফুল নহয়। কবিয়ে ফুল পাহিত মানবীয়তা আৰোপ কৰি এগৰাকী নাৰীৰ ৰূপত কল্পনা কৰিছে। লজ্জাৱতী সুন্দৰী নাৰীয়ে ওৰণি দাঙি-হাঁহিৰে সম্ভাষণ জনোৱাৰ দৰে গোলাপ ফুলপাহিয়েও সেউজীয়া বেটুপাতৰ আৱৰণ ত্যাগ কৰি প্ৰকাশ লাভ কৰিছে গোলাপৰ ওৰণি গুচোৱা এগৰাকী নাৰীৰ লগত তুলনা কৰি কবিয়ে অসমীয়া ঐতিহ্যৰে প্ৰকাশ কৰিছে। এই গোলাপ পাহিৰ কোমল বুকুত অতীতৰ কত শত স্মৃতি লুকাই আছে, কত বিৰহীৰ প্ৰেমৰ হা-হুতাশ যেন গোলাপৰ বুকুকেই লিখা হৈছে। প্ৰেমৰ প্ৰতীক স্বৰূপেই সকলোৰে ওচৰত গোলাপ পাহি ধৰা দিয়ে। প্রেম পিয়াসী কবিয়ে ফুল পাহিক অশান্ত, দুখ জৰ্জৰিত হিয়াখনিত প্ৰেমৰ মাধুৰিমা ছটিয়াই শাঁত পেলাবলৈ আহ্বান জনাইছে।


ৰচনাধৰ্মী প্রশ্নোত্তৰ:


১। ৰঘুনাথ চৌধাৰীৰ কবি পৰিচয় দিয়া। তেওঁক কিয় বিহগী কবি বোলা হয় উদাহৰণসহ লিখা।


উত্তৰ: বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জন্ম হয় ১৮৭৯ খৃঃত কামৰূপৰ পশ্চিম বংসৰ মৌজাৰ লাওপাৰা গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল ভোলানাথ চৌধাৰী। সৰুতে ভৰিত দুখ পাই চিৰকালৰ বাবে ঘৃণীয়া হয়। দেউতাকৰ মৃত্যুৰ পিছত সম্পৰ্কীয় ককায়েক এজনে ৰঘুনাথ চৌধাৰীক গুৱাহাটীলৈ আনি পঢ়াশালিত নাম লগাই দিয়ে যদিও অষ্টম শ্ৰেণীত পঢ়া সাং কৰি ঘৰতে অধ্যয়ন কৰিবলৈ ধৰে। বিশেষকৈ সংস্কৃত আৰু বঙলা কাব্য সাহিত্য মনোযোগ দি অধ্যয়ন কৰিছিল। কিছুদিন শিক্ষকতা কৰাৰ পাছত খেতিবাতিত আত্মনিয়োগ কৰে আৰু তাৰ লগে লগে সাহিত্য চর্চাও কৰি থাকে।


অসমীয়া সাহিত্যত ৰঘুনাথ চৌধাৰীৰ পৰিচয় এগৰাকী কবি হিচাপে। তেওঁৰ প্ৰকাশিত কাব্য গ্রন্থসমূহ হ'ল-সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা আৰু নবমল্লিকা। মৰণোত্তৰ

কালত 'মনাই বৰাগী' আৰু 'পছতীয়া' নামে গল্পপুথি প্রকাশ পায়। চৌধাৰীৰ কবিতাসমূহ ঘাইকৈ প্রকৃতি বিষয়ক। তেওঁৰ কবিতাত দুটা সুখ অনুৰণিত হৈছে। এটি বর্হি জগতৰ পাৰ বাগৰি যোৱা সৌন্দর্য প্ৰেমৰ হেন্দোলনিত কবিৰো কাম-গন্ধহীন প্ৰেমৰ দুৱাৰ মুকলি হোৱাৰ ধ্বনি শুনিবলৈ পো যায় আৰু আনটোত সাংসাৰিক ভোগ-লালসাৰ প্ৰতি বৈৰাগ্য অৱলম্বন কৰি তেওঁৰ সংসাৰৰিক্ত জীৱন, চৰাইৰ সুখ আৰু বসন্তৰ সৌন্দৰ্যানুভূতিৰে পৰিঘূৰ্ণ কৰাৰ কৰুণ আকুতি স্পন্দিত হোৱা সুভৱ কৰা যায়। তেওঁৰ সাদৰীৰ সৰহভাগ প্রকৃতি বিষয়ক কবিতা, প্রিয় বিহঙ্গণী, কেতেকী, দহিকতৰা আদিত মানৱ সংস্পর্শবিহীন প্ৰকৃতিৰ আনন্দোৎসৱৰ চিত্ৰ বৰ্ণনা, শব্দ সৌন্দৰ্যৰ মাধুৰ্যৰ কন্মোহিনী শক্তিৰ বলত ৰসময়ী হৈ প্রকাশ পাইছে। ৰঘুনাথ চৌধাৰীৰ কবিতাত ইংৰাজী কবিতাৰ পোনপটীয়া প্ৰভাৱ নাই, প্রাচীন সংস্কৃত সাহিত্যৰ দ্বাৰা তেওঁ অধিক প্রভাৱান্বিত হৈছে। তেওঁৰ শব্দ প্রয়োগ, উপমাদি অলংকাৰৰ প্ৰয়োগ আৰু চিত্ৰ ৰচনাত সংস্কৃত সাহিত্যৰ পৰা আদর্শ গ্রহণ কৰিছে। তেওঁৰ কবিতাসমূহ বর্ণনা বৈভৱপূৰ্ণ আৰু চিত্ৰ সমুজ্জল হ'লেও অন্তৰ প্ৰসাৰী গভীৰ দৃষ্টি আৰু তত্বানুভূতিৰ পৰিচয় পোৱা যায়।


কবি ৰঘুনাথ চৌধাৰীক বিহগী কবি আখ্যা দিয়া হৈছে। ৰঘুনাথ চৌধাৰীৰ কবিতাত প্ৰকৃতিৰ বিবিধ বস্তুৰ সৈতে বিহগ অর্থাৎ চৰাই-চিৰিকতিয়ে সদায় প্রাধান্য লাভ কৰিছে। বাস্তৱ জীৱনত নানান দুখ কষ্ট পাই নিঃসঙ্গ আৰু বেদনাহত কবিয়ে প্রকৃতিৰ বৰ্ণ বৈচিত্ৰৰ লগত বিহগীৰ সুমধুৰ ধ্বনি শুনি নিজৰ দুখ যন্ত্রণা পাহৰি বিহগৰ সৈতে সম্বন্ধ গঢ়ি নিজেও প্রকৃতি জগতত চামিল হোৱাৰ কামনা কৰিছে। তেওঁৰ দৃষ্টিত প্ৰকৃতিৰ বুকুত কল কাকলি কৰি ফুৰা বিহবোৰ যেন বিহগ নহয়, স্বৰ্গৰ দেৱদীত হৈ এইবোৰে হিংসা দ্বেষ স্বাৰ্থপৰতাৰে পৰিঘূৰ্ণ মানৱ জগতত শ্বাশ্বতঃ প্ৰেমৰ বতৰা দিবলৈ আহিছে। চৰাইৰ প্ৰতি এনে দৃষ্টিভংগী পোষণ কৰাৰ লগতে তেওঁৰ প্ৰধান কাব্যগ্রন্থসমূহো বিহগৰ নামেৰে নামকৰণ কৰা হৈছে। যেনে- কেতেকী, দহিকতৰা আদি। দুখ-দৈন্যতাৰে জৰ্জৰিত মানৱ সমাজৰ স্বাৰ্থপৰতা, নীচতাৰ প্ৰকাশ দেখি ব্যথিত কবিৰ অন্তৰত বিহগৰ কোমল মধুৰ মাতে অমৃতৰ আঁজলি আনি ধৰিছে। এনেদৰে তেওঁৰ কবিতাত বিহগে প্রাধান্য পোৱা বাবে তেওঁক বিহগী কবি আখ্যা দিয়া হৈছে।


২। ৰঘুনাথ চৌধাৰীৰ কবিতাৰ বিষয়বস্তু সম্পর্কে চমু আলোচনা আগবঢ়োৱা।


উত্তৰঃ কল্পনাৰ পৰশেৰে শব্দত প্ৰকৃতিৰ ছবি আঁকি মানৱক আধ্যাত্মিক দিশলৈ টানি নিব পৰা কবি ৰঘুনাথ চৌধাৰীৰ কবিতাৰ বিষয়বস্তুৰ প্ৰকৃতিয়ে বিশেষ স্থান লাভ কৰিছে। তেওঁৰ কবিতাৰ ঘাই বিষয়বস্তু প্ৰকৃতি আৰু প্ৰকৃতিৰ অন্তৰ্গত পশু-পক্ষী নাইবা ফুল। কবিতাত প্রকৃতিৰ জীয়া ছবি অংকন কৰা কবিয়ে সকলোতে মানৱতাবাদী দৃষ্টিভংগী আৰোপ কৰে। বিষাদ জৰ্জৰ জীৱনত কবিয়ে প্ৰকৃতিৰ মাজতে বিচাৰি পায় যেন বিমল আনন্দ বা অনাবিল সুখ।


কবি চৌধাৰীৰ ব্যক্তিগত জীৱনৰ সম্যক আভাস ইতিমধ্যে প্রদান কৰা হৈছে। তেওঁৰ কবিতা পুথিসমূহৰ অন্তৰ্গত প্রতিটো কবিতাতে তেওঁৰ জীৱনৰ এক ছায়া যেন লুকাই থাকে। ৰঘুনাথ চৌধাৰী ৰোমাণ্টিক যুগৰ এগৰাকী প্রথিতযশা কবি। ৰোমাণ্টিক যুগতে তেওঁৰ কাব্যচৰ্চাৰ আৰম্ভণি আৰু তেওঁৰ কবিতাত ৰোমাণ্টিকতাৰ প্ৰভাৱ স্পষ্টরূপত পৰিলক্ষিত। তেওঁৰ কবিতা প্রেম, প্রকৃতি, মানৱতাবোধ, জীৱনৰ ক্ষণভংগুৰতা, ব্যক্তিগত হা-হুতাশ, ইত্যাদি উপাদানেৰে সম্পৃক্ত। তথাপিও প্রকৃতিৰ অন্তৰ্গত বিভিন্ন পখী, ফুল তেওঁৰ কবিতাৰ ঘাই উপজীব্য। চৌধাৰীৰ জীৱনৰ অধিক সময় যন্ত্রণা-বিষাদেৰে পৰিপূৰ্ণ। এই কথা স্বাভাৱিক যে মানুহৰ বাস্তৱ জীৱনৰ অভিজ্ঞতা, অনুভৱ আৰু অধ্যয়নেই তেওঁৰ জীবন দর্শন গঢ় দিয়ে। অৱচেতনভাবেই ব্যক্তি নিজ অভিজ্ঞতা তথা অনুভূতিৰদ্বাৰা প্রভাবিত। সেয়েহে কবি চৌধাৰীৰ কবিতাৰ বিষয় হিচাপে প্রকৃতিপ্রীতিৰ উপৰিও বিষাদভাৱনাই অন্যতম স্থান অধিকাৰ কৰিছে। সত্যেন্দ্ৰনাথ শৰ্মাই তেওঁৰ কবিতাৰ বিষয় সম্পৰ্কত এনেদৰে কৈছে- "চৌধাৰীৰ কবিতাসমূহ প্রকৃতি বিষয়ক, প্রধানকৈ ফুল আৰু চৰাই সম্পৰ্কীয়।"। সেয়েহে তেওঁক প্রকৃতি কবি বুলি ক'ব পাৰি। আনহাতে চৌধাৰীৰ প্রকৃতি, চৰাই তথা ফুল আদিৰ প্ৰতি স্নেহ দেখা পাই ড° বাণীকান্ত কাকতি আৰু হলিৰাম ডেকাই তেওঁ 'বিহগী কবি' আখ্যা দিছিল। ইতিমধ্যে কোৱা হৈছে যে ব্যক্তিগত জীৱনৰ হা-হুমুনিয়াহ, বিষাদ তথা অপূর্ণ আশাত তেওঁৰ কবিতাৰ বিষয় হিচাপে ঠাই লাভ কৰিছে। এক কথা ক'বলৈ গ'লে যন্ত্রণাময় জীৱনৰ অপূর্ণ গাঁথাসমূহো তেওঁৰ কবিতাৰ অন্যতম বিষয়। পদ্মৰাম শালৈয়ে এই কবিতাসমূহৰ বাবে তেওঁক গীতিকবি বুলিব পাৰি বুলি এনেদৰে কৈছে- "কবিতাত যেতিয়া কবিৰ ব্যক্তিগত জীৱনৰ হা-হুমুনিয়াহ, হাঁহি-কান্দোন, আশা-আকাংক্ষা আদি প্রকাশ পায়, তেনে কবিতাক গীতি কবিতা বোলা হয় আৰু কবিক বোলা হয় গীতি কবি। ৰঘুনাথ চৌধাৰীৰ বহুবোৰ কবিতাত তেওঁৰ ব্যথাভৰা জীৱনৰ কথা প্রকাশ পাইছে।"। তেওঁৰ প্ৰকৃতিবিষয়ক কবিতা যিদৰে প্ৰতিখন কবিতাপুথিতে আছে, তেনেদৰে অন্যান্য বিষয়ক কবিতাসমূহো প্রতিখন কবিতাপুথিৰ মাজত আছে। কিন্তু 'কাৰবালা' কবিতা পুথিখনৰ মূল বিষয় হ'ল আৰবৰ মৰু প্ৰান্তত মহাত্মা হোচেনৰ মৃত্যু অৰ্থাৎ মহৰমৰ কৰুণ কাহিনীটো। মহৰমৰ এই কাহিনীটো কাব্য আকাৰে কাৰবালাত বৰ্ণনা কৰা হৈছে। প্ৰকৃততে এইখন এখন খণ্ডবাক্য। তেনেদৰে তেওঁৰ 'কেতেকী' এখন পৃথক কবিতা পুথি। 'কেতেকী' কবিতাপুথিখন ভিন্ন বিষয়ৰ কবিতাৰ সংকলন নহয়। 'কেতেকী' চৰাইজনী আৰু কেতেকীৰ অমিয়া মধুৰ অথচ বিষাদগধুৰ কণ্ঠৰ প্ৰশংসা আৰু চৰাইজনীৰ প্ৰতি স্নেহত সৃষ্টি হোৱা 'কেতেকী' পাঁচটা তৰংগত বিভক্ত এখন কাব্যপুথি। 'নৱমল্লিকা' তেওঁৰ একমাত্ৰ কথা কবিতাৰ পুথি।


৩। ৰঘুনাথ চৌধাৰীৰ কবিতাৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি? আলোচনা কৰা।


উত্তৰ: ৰঘুনাথ চৌধাৰীৰ কবিতাৰ বিষয়বস্তু তথা অন্যান্য দিশসমূহক সামৰি কিছু সাধাৰণ বৈশিষ্ট্য বিচাৰি উলিয়াব পাৰি-

(ক) কবি চৌধাৰীৰ কবিতাসমূহৰ প্ৰকৃতিয়ে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। প্রকৃতিৰ বৰ্ণনাই জীৱন্তৰূপ লাভ কৰিছে। কবিৰ অনুভৱ আৰু কল্পনাৰ সমন্বয়ত। কবিৰ প্ৰকৃতি বিষয়ক কেইটিমান কবিতা হ'ল- বশিষ্ঠাশ্রম, গছৰ পাত, গোলাপ, হৰিণা পোৱালী, দহিকতৰা ইত্যাদি।


(খ) প্রকৃতিৰ অবিচ্ছেদ্য অংগ আৰু প্ৰতিজন মানৱৰ প্ৰিয় চৰাই সম্পৰ্কীয় কবিতাসমূহত কবি চৌধাৰীৰ কাব্য প্রতিভা মূৰ্ত হৈ উঠা পৰিলক্ষিত হৈছে। কবিৰ প্ৰিয় চৰাইৰ মাজত পৃথিৱী পোহৰ হয়। এটি পখীৰ মাজত তেওঁ অনাবিল আনন্দ বিচাৰি পায়। মানুহৰ দৰে মনৰ ভাৱ প্ৰকাশ কৰাৰ সক্ষমতা নথকা পখী এটিৰ মনৰ ভাব যেন চৌধাৰীৰ বোধগম্য হৈ পৰে। মনোজগতত আলোড়ন সৃষ্টি কৰা অমৃত বৰষা মাতৰ কেতেকী, দহিকতৰাক সম্বোধন কৰি কবিয়ে নিজৰ ব্যথা-আনন্দ সকলোকে প্রকাশ কৰে। কবিৰ চৰাই প্ৰীতিৰ বাবেই তেওঁ 'বিহগী কবি' হিচাপে পৰিচিত। চৰাই সম্পৰ্কীয় তেওঁৰ জনপ্রিয় কবিতা-'গোৱাহে এবাৰ মোৰ প্ৰিয় বিহংগিনী', 'দহিকতৰা', 'কেতেকী' ইত্যাদি।


(গ) পৃথিৱীৰ আন ব্যক্তিৰ দৰেই কবিৰো বিনন্দীয়া পৃথিৱীৰ ৰূপ, বং, ৰসৰ প্ৰতি আকর্ষণ আছে, জীৱনটোক লৈ আছে নানা আশা আৰু হেপাহ। একেদৰে সংসাৰত এই আশা-আকাংক্ষাৰ সম্পূৰ্ণতাৰ ফলত সৃষ্টি হোৱা জ্বালা-যন্ত্ৰণাৰ পৰা উপশম লাভৰ পথটিও তেওঁ বিচাৰে। সেইবাবেই কবি চৌধাৰীৰ কবিতাত ইন্দ্রিয়সুখী আৰু ইন্দ্রিয়বিমুখি দুয়োটা ধাৰাংেৰ প্ৰকাশ দেখা যায়।


(ঘ) ৰঘুনাথ চৌধাৰীৰ কবিতাত তৎসম শব্দৰ বহুল প্রয়োগ ঘটাৰ লগতে বিদেশী শব্দৰ ব্যৱহাৰো লক্ষণীয়। আৰবী-ফাৰ্চী শব্দৰ প্ৰয়োগ তেওঁৰ কবিতাৰ এটি অন্যতম বৈশিষ্ট্য। অৱশ্যে তেওঁ কবিতাত ঘৰুৱা শব্দ, জতুৱা ঠাঁচৰো ব্যৱহাৰ আছে। বিষয়ৰ লগত সংগতি ৰাখি কৰা তেওঁৰ শব্দচয়ন তেওঁৰ কবিতাৰ জনপ্ৰিয়তাৰ আন এক কাৰণ। সৰু কালৰে পৰা সংস্কৃত সাহিত্যৰ অধ্যয়নেই তেওঁৰ তৎসম শব্দৰ প্ৰতি থকা আকৰ্ষণৰ কাৰণ বুলি ভাবিব পাৰি।


(ঙ) চৌধাৰীৰ কবিতাত প্রকৃতি-প্ৰীতিৰ সমান্তৰালকৈ মানৱতাবোধৰ প্ৰকাশ লক্ষ্যণীয়। ইয়াৰ লগতে ইতিহাস চেতনাও তেওঁৰ কবিতাৰ এক অংগ। উপনিষদ, ভাগৱত ভাৰতীয় মহাকাব্যদুখন অর্থাৎ ভাৰতীয় আধ্যাত্মিক দৰ্শনৰ প্ৰভাবো তেওঁৰ কবিতাত স্পষ্টরূপে দেখা পোৱা যায়। প্ৰকৃতিৰ এক অংগ হিচাপে মানুহ আৰু অন্যান্য পশু-পক্ষীৰ মাজত এক নিবিড় সম্পর্ক সদায়ে বর্তমান। কবি ৰঘুনাথ চৌধাৰীৰ কবিতাত প্ৰকৃতিৰ অংগ এই পশু-পক্ষীৰ লগত মানুহৰ ওচৰ সম্বন্ধ প্রকাশিত হৈ উঠিছে। ইয়াতে তেওঁৰ মানৱতাবোধৰো প্ৰকাশ পাইছে। প্রকৃতিৰ মাজতে তেওঁ আধ্যাত্মিকতাও বিচাৰি পাইছে। কেতেকী, দহিকতৰা,

গোৱাহে এবাৰ মোৰ প্রিয় বিহংগিনী, গোলাপ আদি কবিতাত এনে ভাব মূর্ত হৈ উঠিছে। একেদৰে 'কাৰবালা' কাব্যখনত কবিৰ অতীত ৰোমন্থন আৰু অতীতৰ ইতিহাসৰ বুকুত সংঘটিত ঘটনাৱলীৰ প্ৰতি থকা শ্রদ্ধাশীল মনোভারে তেওঁৰ ইতিহাস চেতনাক প্রতিফলিত কৰে।


(চ) প্রকৃতিপ্রীতি, মানৱতাবোধ, অতীতৰ প্রতি শ্রদ্ধাশীল মনোভাব, প্রেম আৰু সৌন্দৰ্যৰ উপাসনা, ব্যক্তিগত বিষাদ, অতীন্দ্রীয়বাদী ভাৱধাৰা, সাধাৰণ প্রাণী বা পদাৰ্থৰ অসাধাৰণৰ স্বৰূপ আদি সকলোবোৰ ৰোমাণ্টিক যুগৰ কবিতাৰ লক্ষণ। কবি চৌধাৰীৰ কবিতাত উক্ত লক্ষণসমূহৰ উপস্থিতি অনুসৰি তেওঁক আমি ৰোমাণ্টিক কবি নাইবা ৰমন্যাসিক কবি বুলিব পাৰোঁ।


(ছ) কবি চৌধাৰীৰ কবিতাত পয়াৰ, দুলড়ী ছবি, মন্দাক্রান্তা, দুলড়ী ছবি মিশ্রিত ছন্দৰ প্রয়োগ দেখা যায়। অলংকাৰৰ ক্ষেত্ৰত চৌধাৰীৰ কবিতাত অনুপ্রাস, যমক, শ্লেষ, উপমা, ব্যতিৰেক, উৎপ্রেক্ষা, সমাসোক্তি, সন্দেহ, আদি অলংকাৰৰ প্রয়োগ দেখা যায়। এক কথাত ক'বলৈ গ'লে চৌধাৰীৰ কবিতাত মিত্রাক্ষৰ আৰু অমিত্রাক্ষৰ দুয়োটা ছন্দৰ ব্যৱহাৰ হৈছে। অলংকাৰৰ ক্ষেত্ৰতো শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ দুয়োটাই দেখিবলৈ পোৱা গৈছে।


৪। কবি ৰঘুনাথ চৌধাৰীৰ কবিতাৰ সৌন্দৰ্য বিচাৰ কৰা।


উত্তৰঃ কবিতাৰ সৌন্দৰ্য-বিচাৰৰ ক্ষেত্ৰত ছন্দৰ গুৰুত্ব অপৰিসীম। কবিতাৰ অন্তৰ সৌন্দৰ্যৰ লগতে দেহবিচাৰো অপৰিহাৰ্য বাবেই ছন্দৰ গুৰুত্ব অপৰিসীম। বিশেষতঃ অনুপ্রাস আদি শব্দালংকাৰৰ দৰে ছন্দই কবিতাক গীতি মাধুৰ্যৰে সুষমামণ্ডিত কৰি তোলে। তদুপৰি ছন্দই কবিতাক স্মৰণযোগ্যও কৰি তোলে। সেয়ে, অসমীয়া ৰোমাণ্টিক কবিসকলে কবিতাৰ দেহ-সৌষ্ঠৱ বৃদ্ধি আৰু স্মৰণযোগ্য কৰি তোলাৰ বাবে ছন্দসজ্জাৰ ওপৰত অধিক গুৰুত্ব দিছিল।


ৰঘুনাথ চৌধাৰীৰ কবিতা পাঠকৰ বাবে অনুভাব্য আৰু স্মৰণীয় হৈ উঠাৰ অন্যতম কাৰণ ছন্দৰ যথোচিত প্রয়োগ। চৌধাৰীয়ে প্ৰয়োগ কৰা ছন্দসমূহ হ'ল: পদ বা পয়াৰ ত্রিপদীৰ দুলড়ী, আৰু অমিত্রাক্ষৰ ছন্দ আদি। অন্ত্যমিল চৌধাৰীৰ কবিতাৰ অন্যতম প্রধান বিশেষত্ব।


ৰঘুনাথ চৌধাৰীৰ কাব্যত অন্ত্যমিল প্রায়েই লক্ষ্য কৰা যায়। যথার্থ মিল তেওঁৰ কবিতাৰ সাধাৰণ ছন্দৰূপ। চৌধাৰীৰ বেছিভাগ কবিতাত পদ বা পয়াৰ ছন্দৰ উপস্থিতি লক্ষ্য কৰা যায়। সাধাৰণতে পদ বা পয়াৰ ছন্দৰ ৰূপ দুটা লঘু দ্বিপদী বা হ্রস্ব পয়াৰ আৰু দীর্ঘ পয়াৰ।


অত্যধিক কল্পনা-বিলাসী ৰোমাণ্টিক কবিসকলক মিত্ৰাক্ষৰ ছন্দই তেওঁলোকৰ ভাব-তৰংগক মুক্তি দিব পৰা নাছিল। মিত্রাক্ষৰ ছন্দত ভাবে গগনবিহাৰী বিহংগৰ দৰে অবাধ

স্বাধীনতাৰে উৰিব নোৱাৰে। ছন্দৰ বন্ধনত বন্দী হৈ থাকিবলগীয়া হোৱা বাবে কবি অন্তৰৰ ভাব-ব্যাকুলতাৰ বাধাহীন আৰু সুন্দৰ প্ৰকাশ সদায়েই সম্ভৱ হৈ উঠা নাছিল। এনে ছন্দ বন্ধনৰ পৰা মুক্তিৰ প্ৰয়াসতেই সৃষ্টি হৈছিল অমিত্রাক্ষৰ ছন্দৰ। অমিত্রাক্ষৰ ছন্দ সজ্জাত কবিতাৰ আংশিক ছন্দ বন্ধনৰ মুক্তিহে সম্ভৱ হয়। সেয়ে কবিতাৰ সম্পূৰ্ণ ছন্দ বন্ধন মুক্তিৰ বাবে আধুনিক অসমীয়া কবিসকলে ইংৰাজী Free verseৰ অনুকৰণত সৃষ্টি কৰি লৈছে সম্পূর্ণ ছন্দ-বন্ধনমুক্ত এবিধ ছন্দ সজ্জা। এই নতুন ছন্দ-সজ্জাৰ নামেই মুক্তক ছন্দ। এই ছন্দ সজ্জাৰ প্ৰাণ হ'ল ধ্বনিৰ প্রবহমান স্পন্দন বৈচিত্র্য আৰু মুক্ত গতি। যুদ্ধোত্তৰ যুগৰ নতুন কবিতাত এই ছন্দ ৰীতিয়েই প্রধান আৰু একক প্রায় ছন্দৰূপে স্থিতি লাভ কৰিছে।


এই নতুন ছন্দ ৰীতিৰ প্ৰতি আকৰ্ষিত হৈয়েই কবি চৌধাৰীয়েও ষাঠিৰ দশকত তেওঁৰ একাধিক কবিতাত এই ছন্দ প্রয়োগ কৰিছে।


অসমীয়া ছন্দ-বৈচিত্র্যৰ ধাৰাত ৰঘুনাথ ৰঘুনাথ চৌধাৰী আছিল সৃষ্টিকাৰী আৰু ঐতিহ্যানুসাৰী। ব্যঞ্জনাৰ উপৰি ধ্বনি-মাধুৰ্যৰ প্ৰতিও আছিল তেওঁ অতি সচেতন। সেয়ে, বাৰেবৰণীয়া ছন্দসজ্জাৰে তেওঁ পূৰ্ণ কৰি ৰাখিছিল নিজস্ব কাব্য পৰিমণ্ডল।


ৰঘুনাথ চৌধাৰীয়ে আপোন অন্তৰৰ ভাবানুভূতি প্রকাশৰ বাবে বিবিধ অলংকাৰৰ আশ্রয় লৈছে। বিভিন্ন অলংকাৰৰ প্ৰয়োগে তেওঁৰ কবিতাক সুষমামণ্ডিত, বর্ণোজ্জ্বল আৰু হৃদয়সংবাদী কৰি তুলিছে। অলংকাৰৰ চমৎকাৰিত্বই কবি চৌধাৰীৰ কবিতাক কৰি তুলিছে ৰূপ আৰু ৰস-মাধুৰ্যৰ আকৰ।


চৌধাৰীৰ কবিতাত সচৰাচৰ ব্যৱহাৰ হোৱা অলংকাৰসমূহ হ'ল- অনুপ্রাস, উপমা, উৎপেক্ষা, সমাসোক্তি, সন্দেহ প্রভৃতি। ব্যতিক্রমী দুই-এটি কবিতাৰ বাহিৰে কবি প্রযুক্ত অলংকাৰসমূহে তেওঁৰ কবিতাক ভাৰাক্ৰান্ত কৰি তোলা নাই। বৰং অলংকাৰে কবিতাৰ দেহত গতি সঞ্চাৰ কৰি কবিতাক চলমান কৰি তুলিছে আৰু পাঠকৰ অন্তৰত ৰসসঞ্চাৰ কৰিবলৈ সমৰ্থ হৈছে।


কবি চৌধাৰী ছন্দ প্ৰয়োগৰ দৰেই অলংকাৰ প্ৰয়োেগতো আছিল সুদক্ষ আৰু সতর্ক। তেওঁ অলংকাৰ প্ৰয়োগৰ ক্ষেত্ৰত যথাসম্ভৱ অলংকাৰশাস্ত্ৰৱদ্ধ নিয়ম-নীতি মানি চলিছিল আৰু অলংকাৰৰ দ্বাৰা কবিতাৰ তাৎপৰ্য আৰু লাৱণ্য বঢ়াই তোলাৰ পক্ষপাতী আছিল। সামগ্রিক বিচাৰত অলংকাৰৰ বৰ্ণ-বৈচিত্র্যই চৌধাৰীৰ কাব্যক নান্দনিক সৌন্দর্য প্রদান কৰিছে আৰু সিয়েই নিঃসন্দেহে পাঠকীয় আবেদন বৃদ্ধিতো সহায় কৰিছে।


৫। কবি চৌধাৰীৰ 'গোলাপ' কবিতাটিৰ মূলভাব লিখা।


উত্তৰঃ কবি চৌধাৰীৰ ফুল বিষয়ক এটি অনুপম কবিতা হ'ল 'গোলাপ'। ৰোমাণ্টিক কবি চৌধাৰীৰ অন্তর্দৃষ্টিত ফুলৰ ৰাণী গোলাপ মাথোঁ ফুল হয়েই থকা নাই, আৰু সেয়ে কবিতাটোত একমাত্র গোলাপ ফুলৰ বহিঃ সৌন্দৰ্যৰ বৰ্ণনাতেই কবিৰ কাপ সীমিত হৈ

থকা নাই। কল্পনাপ্ৰৱণ কবিৰ দৃষ্টিত গোলাপ ৰূপ-ঐশ্বৰ্য আৰু সৌন্দৰ্যৰ জীৱন্ত প্রতিমূর্তি, প্রাণসম্পদেৰে পৰিঘূৰ্ণ। ফুলি উঠা গোলাপৰ অনিন্দ্য সৌন্দর্যত বিস্ময়-বিমুগ্ধ কবিয়ে গোলাপক সম্বোধন কৰিছে 'সাদৰী' বুলি। গোলাপ সুন্দৰীয়েও ফুলি উঠিয়েই মধুৰ হাঁহি মাৰিছে, ৰূপৰ জেউতিয়ে নন্দন কাননত চমক লগাইছে। গোলাপৰ শক্তি অসাধাৰণ; গোলাপৰ পৰশতে বিৰহী জোনৰ প্ৰাণৰ তৃষ্ণা দূৰ হয়, আৰৱ ৰাণীৰ সুন্দৰ কান্তিযুক্ত মুখত লাৱণ্য বিৰিঙি উঠে, পাপিয়া চৰাইৰ কৰুণ স্নিগ্ধ কৰুণ সুৰ গোলাপৰ ৰূপত তৰংগায়িত হয়।


গোলাপৰ জন্ম আৰৱৰ মৰু উদ্যানত। জন্ম লোৱাৰ পিছতে গোলাপৰ স্নিগ্ধতা আৰু সৌন্দৰ্যৰ বাতৰি জগতময় বিয়পি পৰিছিল; গগনচুম্বী 'কলোচচে' পান কৰিছিল গোলাপৰ ৰূপ মাধুৰী। এই গোলাপেই বেবিলনৰ শূন্যোদ্যানৰ ফুলৰ ৰাণী আছিল নেকি বুলি কবিয়ে প্রিয়া গোলাপৰ পৰা জানিব বিচাৰিছে। গোলাপৰ অতুল সৌন্দর্য সঁচাকৈয়ে অনির্বচনীয়। সেই বাবেই ৰূপ-ৰস-গন্ধ, পৰশ প্ৰেমৰ দ্বাৰা গোলাপে সমগ্র হিন্দুস্থানকে জয় কৰিবলৈ সক্ষম হৈছে; নবাব-বাদছাহৰ হেৰেমক আমোদিত কৰি হৃদয়-সমুদ্ৰত প্ৰেমৰ জোৱাৰ তুলিবলৈ সক্ষম হৈছে। গোলাপৰ এই ৰূপত সমগ্র জগতেই বিভোল। দিল্লীৰ বেগম নুৰজাহানৰ অতি প্রিয় আছিল এই গোলাপ; মমতাৰ নিমজ গালতো 'চিকুণ লাজ' ফুটাই তুলিছিল গোলাপে; সেই সৌন্দর্যতে মোহিত হৈ সম্রাট ছাহজাহানে সৃষ্টি কৰিছিল ভুবন বিজয়ী তাজমহল।


কবিয়ে উপলব্ধি কৰিছে, এই গোলাপৰ বুকুতে অন্তর্লীন হৈ আছে, অতীতৰ অলেখ কাব্যগাথা, অতীত প্ৰেমৰ স্মৃতি আৰু কতনা বিৰহীৰ হা-হতাশ, আক্ষেপ-অনুৰাগ। গোলাপৰ সৌন্দর্যত বিমোহিত কবিয়ে তেওঁৰ আনন্দ উল্লাসবিহীন জীৱন কুঞ্জত এই গোলাপৰ আৱিৰ্ভাৱ কামনা কৰিছেঃ


ফুলিবিনে মোৰ মানস কুঞ্জত


 অ' মোৰ দৰফী ফুলাম পাহি 


 উঠিবনে বাজি প্রিয়া পাপিয়াৰ


 পুলক ভৰা মিলন বাঁহী।


সৌন্দর্য সর্ববিজয়িনী। গোলাপৰ জৰিয়তে কবিয়ে সৌন্দৰ্যৰ বিজয় ঘোষণা কৰিছে। এৰিষ্টটলে কৈছে- 'A beautiful face is better than all the letters of recommendation in the world'. সঁচাকৈয়ে ধুনীয়া মুখৰ আদৰ সকালোতে বিদ্যমান। আদর্শ সৌন্দৰ্যৰ বন্দনা কৰিবলৈ গৈ কবিয়ে গ্রহণ কৰিছে প্রকৃতি জগতৰ এক উপাদান এই গোলাপক। কবিৰ দৃষ্টিত গোলাপ সর্ববিজয়িনী। আৰৱৰ ৰাণী, কলোচচ, বাদছাহৰ অন্তেষপুৰ, বেগম নুৰজাহানৰ হৃদয়, মমতাজ আৰু ছাহাজাহানৰ অন্তৰ, অগণন প্রেমিক-প্রেমিকাৰ হৃদয় আৰু সর্বোপৰি সমগ্র হিন্দুস্থানকেই জয় কৰিছে গোলাপে তাৰ অনাবিল অপৰূপ সৌন্দৰ্যৰ দ্বাৰা।


সৌন্দৰ্যবোধ মানুহৰ জীৱনৰ সৈতে অংগাংগী সম্পর্কযুক্ত। যিমান দিনলৈকে মানৱ-সভ্যতা থাকিব, সিমান দিনলৈকে মানুহে সুন্দৰৰ উপাসনা কৰিব। কামনা-বাসনা বর্জিত সৌন্দৰ্যৰ প্ৰভাৱে কবিৰ ধূসৰ জীৱন আকাশত শুচিস্নিগ্ধ আমোদিত হৈ উঠিব বুলি কবিয়ে বাঞ্ছা কৰিছে। 'গোলাপ' কবিতাটিত এই অনিন্দ্য সৌন্দৰ্যৰেই বিজয় ঘোষিত হৈছে।


৬। কৰি পৰিচয় সহ গোলাপ কবিতাৰ কাব্যিক সৌন্দর্য বিশ্লেষণ কৰা।


উত্তৰ: গোলাপ কবিতাৰ কৰি পৰিচয়: গোলাপ কবিতাৰ কবি হৈছে ৰঘুনাথ চৌধাৰী। বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জন্ম হয় ১৮৭৯ খৃঃত কামৰূপৰ পশ্চিম বংসৰ মৌজাৰ লাওপাৰা গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল ভোলানাথ চৌধাৰী। সৰুতে ভৰিত দুখ পাই চিৰকালৰ বাবে ঘূণীয়া হয়। দেউতাকৰ মৃত্যুৰ পিছত সম্পৰ্কীয় ককায়েক এজনে ৰঘুনাথ চৌধাৰীক গুৱাহাটীলৈ আনি পঢ়াশালিত নাম লগাই দিয়ে যদিও অষ্টম শ্ৰেণীত পঢ়া সাং কৰি ঘৰতে অধ্যয়ন কৰিবলৈ ধৰে। বিশেষকৈ সংস্কৃত আৰু বঙলা কাব্য সাহিত্য মনোযোগ দি অধ্যয়ন কৰিছিল। কিছুদিন শক্ষকতা কৰাৰ পাছত খেতিবাতিত আত্মনিয়োগ কৰে আৰু তাৰ লগে লগে সাহিত্য চর্চাও কৰি থাকে।


'জোনাকী' কাকততে চৌধাৰীৰ কাব্য জীৱন আৰম্ভ হয়। তেওঁৰ কবিতা পুথি কেইখন হ'ল-সাদৰী, দহিকতৰা, কেতেকী, কাৰবালা আৰু নৱমল্লিকা। কাৰবালা মহৰমৰ কাহিনী বিৱৰণাত্মাক কাব্য আৰু নৱমল্লিকা কথা কবিতাৰ পুথি। চৌধাৰী মৃত্যুৰ পাছত 'মনাই ব'ৰাগী' নামৰ কবিতা পুথি আৰু 'পচতিয়া' নামৰ এখন গল্প পুথি প্রকাশিত হৈছে। এওঁ মইনা, সুৰভি আৰু জয়ন্তী আলোচনীৰ সম্পাদক আছিল। জোনাকী যুগৰ কেইজন প্রতিথযশা কবিয়ে নিজ নিজ ৰচনাৰে অসমীয়া কাব্য সাহিত্য সমৃদ্ধ কৰিছিল সেই সকলৰ ভিতৰত ৰঘুনাথ চৌধাৰীৰ অন্যতম। প্ৰকৃতিৰ বিচিত্ৰতাৰ মাজেদি কবি চৌধাৰীৰ কাব্যিক প্রতিভা বিকশিত হৈছে। তেওঁৰ কবিতা পুথি পাঁচখনিত প্ৰকৃতিৰ যি বিচিত্র বর্ণালী লক্ষ্য কৰা যায়, সেয়া অসমীয়া সাহিত্যতে বিৰল। ৰোমাণ্টিক যুগৰ কবি হ'লেও চৌধাৰীৰ কাব্য মূলক ভাৰতীয় ঐতিহ্যৰ ওপৰত প্ৰতিষ্ঠিত। নানা ঘাট-প্রতিঘাটৰ মাজেৰে বাগৰি আহিব লগা হোৱাৰ বাবেই চৌধাৰীদেৱৰ কবিতাত বেৰাগ্যৰ ভাৱৰ সুৰ কেতিয়াবা স্পষ্ট আৰু কেতিয়াবা ৰিণি ৰিণি ভাঁহি উঠে।


অসমীয়া সাহিত্যত ৰঘুনাথ চৌধাৰীৰ পৰিচয় এগৰাকী কবি হিচাপে। তেওঁৰ প্ৰকাশিত কাব্য গ্রন্থসমূহ হ'ল-সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা আৰু নৱমল্লিকা। মৰণোত্তৰ কালত মনাই বৰাগী আৰু পচতীয়া নামে গল্পপুথি প্রকাশ পায়। চৌধাৰীৰ কবিতাসমূহ ঘাইকৈ প্রকৃতি বিষয়ক। তেওঁৰ কবিতাত দুটা সুখ অনুৰণিত হৈছে। এটি বর্হিজগতৰ পাৰ বাগৰি যোৱা সৌন্দর্য প্ৰেমৰ হেন্দোলনিত কবিৰো কাম গন্ধহীন প্ৰেমৰ দুৱাৰ মুকলি হোৱাৰ ধ্বনি শুনিবলৈ পোৱা যায় আৰু আনটোত সাংসাৰিক ভোগ লালসাৰ প্ৰতি বৈৰাগ্য অৱলম্বন কৰি তেওঁৰ সংসাৰৰিক্ত জীৱন, চৰাইৰ সুখ আৰু বসন্তৰ সৌন্দৰ্যানুভূতিৰে পৰিপূৰ্ণ কৰাৰ কৰণ আকুতি স্পন্দিত হোৱা অনুভৱ কৰা যায়। তেওঁৰ 'সাদৰী'ৰ সৰহভাগ প্রকৃতি বিষয়ক কবিতা, প্রিয় বিহঙ্গিণী, কেতেকী, দহিকতৰা আদিত মানৱ সংস্পর্শবিহীন প্ৰকৃতিৰ আনন্দোৎসৱৰ চিত্ৰ বৰ্ণনা, শব্দ সৌন্দৰ্যৰ মাধুৰ্যৰ সন্মোহিনী শক্তিৰ বলত বসময়ী হৈ প্রকাশ পাইছে। ৰঘুনাথ চৌধাৰীৰ কবিতাত ইংৰাজী কবিতাৰ পোনপটীয়া প্রভাব নাই, প্রাচীন সংস্কৃত সাহিত্যৰ দ্বাৰা তেওঁ অধিক প্রভাৱান্বিত হৈছে। তেওঁৰ শব্দ প্রয়োগ, উপমাদি অলংকাৰৰ প্ৰয়োগ আৰু চিত্ৰ ৰচনাত সংস্কৃত সাহিত্যৰ পৰা আদর্শ গ্রহণ কৰিছে। তেওঁৰ কবিতাসমূহ বর্ণনা বৈভৱপূৰ্ণ আৰু চিত্ৰ সমুজ্জল হ'লেও অন্তৰ প্ৰসাৰী গভীৰ দৃষ্টি আৰু তত্বানুভূতিৰ পৰিচয় পোৱা যায়।


কবি ৰঘুনাথ চৌধাৰীক বিহগী কবি আখ্যা দিয়া হৈছে। ৰঘুনাথ চৌধাৰীৰ কবিতাত প্ৰকৃতিৰ বিবিধ বস্তুৰ সৈতে বিহগ অর্থাৎ চৰাই-চিৰিকতিয়ে-সদায় প্রধান্য লাভ কৰিছে।


বাস্তৱ জীৱনত নানান দুখ কষ্ট পাই নিঃসঙ্গ আৰু বেদনাগত কবিয়ে প্রকৃতিৰ বৰ্ণ বৈচিত্ৰৰ লগত বিহগীৰ সুমধুৰ ধ্বনি শুনি নিজৰ দুখ যন্ত্রণা পাহৰি বিহগৰ সৈতে সম্বন্ধ গঢ়ি নিজেও প্রকৃতি জগতত চামিল হোৱাৰ কামনা কৰিছে। তেওঁৰ দৃষ্টিক প্ৰকৃতিৰ বুকুত কল কাকলি কৰি ফুৰা বিহবোৰ যেন বিহগ নহয়, স্বৰ্গৰ দেৱদীত হৈ এইবোৰে হিংসা দ্বেষ স্বাৰ্থপৰতাৰে পৰিপূৰ্ণ মানৱ জগতত শ্বাশ্বতঃ প্ৰেমৰ বতৰা দিবলৈ আহিছে। চৰাইৰ প্ৰতি এনে দৃষ্টিভংগী পোষণ কৰাৰ লগতে তেওঁৰ প্রধান কাব্যগ্রন্থসমূহো বিহগৰ নামেৰে নামকৰণ কৰা হৈছে। যেনে- কেতেকী, দহিকতৰা আদি। দুখ দৈন্যতাৰে জৰ্জৰিত মানব সমাজৰ স্বাৰ্থপৰতা, নীচতাৰ প্ৰকাশ দেখি ব্যথিত কবিৰ অন্তৰত বিহগৰ কোমল মধুৰ মাতে অমৃতৰ আঁজলি আনি ধৰিছে। এনেদৰে তেওঁৰ কবিতাত বিহগে প্রাধান্য পোৱা বাবে তেওঁক বিহগী কবি আখ্যা দিয়া হৈছে। ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ তেওঁ সভাপতি আছিল।


১৯৬৭ চনত এইজনা কবিয়ে শেষ নিশ্বাস ত্যাগ কৰে।


শব্দ চয়নৰ দক্ষতা আৰু ছন্দৰ প্ৰাচুৰ্যই চৌধাৰীদেৱক অসমীয়া কাব্য ফুলনিত আটকধুনীয়া কৰি ৰাখিছে। তেখেতৰ সাদৰী, কাৰৱালা, দহিকতৰা প্রভৃতি অসমীয়া সাহিত্যত জিলিকি আছে। নৱমল্লিকা নামৰ কথা-কবিতাৰ পুথিখনিত তেখেতে মানৱ সমাজৰ কিছুমান চিত্র ৰূপকৰ মাজেৰে সুন্দৰভাৱে দাঙি ধৰিছে। নৱন্যাসৰযুগত চৌধাৰীদেৱে একঅতুলনীয় প্রতিভাৰ অধিকাৰী আছিল।


গোলাপ কবিতাৰ কাব্যিক সৌন্দর্য: চৌধাৰীৰ ফুল বিষয়ক কবিতাৰ ভিতৰত গোলাপ এটি শ্রেষ্ঠ কবিতা। এই কবিতাটি কবিৰ 'সাদৰী' নামৰ প্ৰথম খনি কাব্য গ্ৰন্থৰ অন্তর্গত। কবিয়ে গোলাপ পাহিক এগৰাকী ৰূপৱতী নাৰীৰ ৰূপত কল্পনা কৰিছে। গোলাপ ফুল পাহিয়ে নিজৰ ৰূপ ৰস গন্ধ স্পৰ্শৰ দ্বাৰা সুদূৰৰ পিয়াৰা স্বৰূপা ভাৰতবৰ্ষকো মোহিত কৰিলে। প্ৰেমৰ প্ৰতীক স্বৰূপ ফুলপাহিয়ে কোনোবা সুন্দৰীৰ নিমজ গালত অপৰূপ সৌন্দৰ্যৰ সৃষ্টি কৰাৰ বাবেই যেন ছাহজাহানৰ ভূবন বিজয়ী মমতাজে সৃষ্টি লাভ কৰিলে। এই গোলাপপাহি যেন সাধাৰণ ফুল নহয়, স্বৰ্গৰ নন্দন কাননত ফুলি ৰোৱা এই ফুল পাহি বেবিলনৰ শূন্যোদ্যানৰ ফুলৰ ৰাণী স্বৰূপা আছিল। কবিৰ আদৰৰ গোলাপ পাহি কাৰোবাৰ স্পর্শতে বেটুপাতৰ আভৰণ গুচাই মিচিকি হাঁহিক প্রস্ফটিত হৈ উঠিল।


কবিৰ দৃষ্টিত গোলাপৰ গোলপীয়া ৰঙৰ আভাই যেন বহু গুপ্ত সংবাদ যেন কঢ়িয়াই আনিছে। কবিয়ে এই ফুল পাহিক স্বৰ্গচ্যুত কোনো অপ্সৰা বুলি ভাবে। গোলাপ পাহি যেন স্বৰ্গৰ বতৰা দিবলৈহে পৃথিৱীলৈ আহিছে। গোলাপ পাহিত লুকাই থকা মাদকতাত, জাহাঙ্গীরে নুখজাহানৰ গোলাপী গালৰ ৰাঙলী আভাত বিমোহিত হৈছিল। অন্যহাতেদি মমতাজৰ প্রতি থকা প্রেমক যুগমীয়া কৰিবৰ বাবে ছাহজাহানে তাজমহল সজাইছিল। তাজমহলৰ বুকুত নিহিত হৈ থকা ছাহজাহানৰ মমতাজৰ প্ৰতি থকা প্রেমত, গোলাপখ কমনীয়তা আৰু সৌন্দর্য-সুষমাৰ অৱদান অনস্বীকার্য। প্রেমপিয়াসী কবিয়ে গোলাপৰ প্ৰেমত মত্ত হৈ, গোলাপৰ লগত সংগতি ৰাখি এইদৰেই উল্লেখযোগ্য পৌৰাণিক কাহিনীৰ সংযোগ ঘটাইছে।


কবিৰ দৃষ্টিত 'গোলাপ' পাহি কেবল মাথোঁ ফুল নহয়। কবিয়ে ফুল পাহিত মানবীয়তা আৰোপ কৰি এগৰাকী নাৰীৰ ৰূপত কল্পনা কৰিছে। লজ্জাৱতী সুন্দৰী নাৰীয়ে ওৰণি দাঙি-হাঁহিবে সম্ভাষণ জনোৱাৰ দৰে গোলাপ ফুলপাহিয়েও সেউজীয়া বেটুপাতৰ আৱৰণ ত্যাগ কৰি প্ৰকাশ লাভ কৰিছে গোলাপৰ ওৰণি গুচোৱা এগৰাকী নাৰীৰ লগত তুলনা কৰি কবিয়ে অসমীয়া ঐতিহ্যবে প্রকাশ কৰিছে। এই গোলাপ পাহিৰ কোমল বুকুত অতীতৰ কত শত স্মৃতি লুকাই আছে, কত বিৰহীৰ প্ৰেমৰ হা-হুতাশ যেন গোলাপৰ বুকুকেই লিখা হৈছে। প্ৰেমৰ প্ৰতীক স্বৰূপেই সকলোৰে ওচৰত গোলাপ পাহি ধৰা দিয়ে। প্রেম পিয়াসী কবিয়ে ফুল পাহিক অশান্ত, দুখ জৰ্জৰিত হিয়াখনিত প্ৰেমৰ মাধুৰিমা ছটিয়াই শাঁত পেলাবলৈ আহ্বান জনাইছে। গোলাপ কবিতাটিৰ চিত্রকলা আৰু উপমাসমূহো সজীৱ আৰু মর্মস্পর্শী।


কবিতাটিৰ জৰিয়তে প্রকৃতি প্ৰীতিৰ মনোভাৱ সুন্দৰভাৱে প্রকাশিত হৈছে। আৰৱৰ মৰুভূমিৰ নিভৃত কোণত ফুলি ৰোৱা এই ফুলপাহিয়ে নিজৰ সৌৰভ আৰু সুগন্ধৰে যেন সমগ্র বিশ্ব পুলকিত কৰিলে। গোলাপ কবিতাৰ ছন্দসমূহ নিমজ আৰু সাৱলীল। ছন্দব সাৱলীলতা আৰু ভাষাৰ কাব্যসুলভ মসৃণতাই কবিতাতিক এক সর্বাংগসুন্দৰ ৰূপ প্রদান কৰিছে।



মোৰ বীণা 


অতি চমু প্রশ্নোত্তৰঃ


১। 'মোৰ বীণা' কবিতাটো অম্বিকাগিৰী ৰায়চৌধুৰীৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত?


উত্তৰঃ 'মোৰ বীণা' কবিতাটো অম্বিকাগিৰী ৰায়চৌধুৰীৰ 'বীণা' কবিতা পুথিৰ অন্তৰ্গত।


২। ৰায়চৌধুৰীৰ 'বীণা' কবিতা পুথিখন কেতিয়া প্রকাশ হয়?


উত্তৰঃ ১৯১৬ চনত ডিব্ৰুগড়ত থাকোঁতেই ৰায়চৌধুৰীয়ে 'বীণা' কবিতা পুথি প্রকাশ হয়


৩। অম্বিকাগিৰি ৰায়চৌধুৰী 'বীণা' কবিতা পুথিখনত কিমানটা কবিতা আছে?


উত্তৰ: ৰায়চৌধুৰীৰ 'বীণা' কবিতা পুথিখনত সৰু সৰু ১৮৮ টা কবিতা আছে।


৪। বীণা' কবিতা পুথিৰ কবিতাবোৰৰ মাজত কি কি স্বৰূপ স্বতঃস্ফূতভাৱে পৰিলক্ষিত হয়?


উত্তৰঃ 'বীণা' কবিতা পুথিৰ কবিতাবোৰৰ মাজত আধ্যাত্মিক ভাৱ তথা বিৰহ বেদনাৰ স্বৰূপ স্বতঃস্ফূতভাৱে পৰিলক্ষিত হয়।


৫। ৰায়চৌধুৰীয়ে 'বীণা' কবিতাপুথিখনৰ বিভিন্ন কবিতাৰ মাজত কিহক মূল আধাৰ কৰি কি কি বিভূষণেৰে নামকৰণ কৰিছে।


উত্তৰঃ কবিয়ে 'বীণা' কবিতাপুথিখনৰ বিভিন্ন কবিতাৰ মাজত বিৰহৰ মূল আধাৰক সুন্দৰী, প্রিয়তমা, প্রাণধন, সখী, বিশ্বপতি, অন্তর্যামী আদি বিভূষণেৰে নামকৰণ কৰিছে।


চমু প্রশ্নোত্তৰ :


১। অম্বিকাগিৰী ৰায়চৌধুৰীৰ 'মোৰ বীণা' কবিতাৰ বিষয়বস্তু চমুকৈ লিখা।


উত্তৰ: অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ শক্তিশালী আৰু নির্ভীক প্রবক্তা অম্বিকাগিৰি ৰায়চৌধুৰী 'মোৰ বীণা' নামৰ কবিতাটোত কবিয়ে বীণাখনক চেনেহী হিচাপে উপস্থাপন কৰিছে। কবিৰ বাবে বীণাখনেই যেন এক আহিলা, যাৰ সুৰেৰে আন্ধাৰ নাশিব পাৰে। সেয়েহে কবিয়ে বীণাখনৰ সুৰক অন্ধ মানুহৰ দৃষ্টিৰ লগত তুলনা কৰিছে। দৃষ্টিহীনজনৰ অন্তৰৰে মানুহক চুই চোৱাৰ মাদকতা দৃষ্টি থকাজনতকৈ পৃথক। সেয়েহে কবিয়ে অন্ধৰ দৃষ্টিৰে ত্ৰিভুৱনত সঙ্গীত সুধাৰ বৃষ্টি ঢলা কথা আহ্বান জনাইছে। কবিৰ বাবে বীণাৰ সুৰ হৈ পৰক গা শীতল কৰা সুৰাৰ দৰে, যাৰ সুৰে সমগ্র সিন্ধু সভ্যতাকে ধুৱাই


মানুহৰ অন্তৰৰ কপটতা, হিংসা আদি মলিনকাই শৰীৰত এক শুদ্ধতা স্থাপন কবিব পাবে। যাৰ বাবে কবিয়ে বীণাৰ সুৰক মোহিনী ৰূপত উঠক ফুলি বুলি আহ্বান জনাইছে। কবিয়ে বীণাৰ সুৰক আহ্বান জনাইছে বিৰহী প্ৰিয়াৰ ওচৰলৈ যাবলৈ, কবিৰ বিৰহী প্রিয়াই কবিব অপেক্ষাত গীত-গাই ব্যাকলিত কৰা হৃদয়ত কবিৰ হৃদয়ৰ গীতৰ সুৰৰ সতে মিশ্রিত কবি এক ৰাগিণী প্রস্তুত কৰিবলৈ। যি ৰাগিনীত কবিৰ অন্তৰৰ সকলো কথা স্পষ্ট ৰূপত প্রকাশিত হ'ব। কবিৰ হৃদয়ৰ সৰহ ঠাই যে প্ৰিয়াৰ বিৰহে আৱৰিছে আৰু তাৰ দুখত জ্বলি থকা হৃদয়ৰ বাতৰি পাই যদি প্রিয়া কবিৰ কাষলৈ আহে আৰু মৰমেৰে চুমাটি খায় মৰম কৰে, তেতিয়াহে যেন প্ৰিয়াৰ বিৰহত জ্বলি থকা কবিৰ অন্তৰ শীতল হ'ব। কবিৰ বিৰহৰ বাতৰি পাই প্রিয়া আহিব বুলিয়েই কবিয়ে অপেক্ষা কৰিছে। হৃদয়ৰ দুৱাৰ খুলি, বিৰহৰ বেদনাত ছাটিফুটি কৰি থকা কবিৰ অন্তৰৰ ফুলৰ ৰেণুবোৰ ভাঙি পৰি বিৰহৰ গীত জুৰিছে। কবিৰ শেষ ইচ্ছা প্রিয়া আহিলেই বিহৰত ভাঙি পৰা হৃদয় জুৰাব আৰু কবিক মোহিত কৰি ৰখা সেই ছবিখন হৃদয়ত ৰাখি শত জনমৰ যাতনা ত্যাগ কৰি কবিয়ে দিন অতিবাহিত কৰিব।


২। অম্বিকাগিৰী ৰায়চৌধুৰীৰ 'বীণা' কবিতা পুথিখনৰ বিশেষত্ব চমুকৈ লিখা।


উত্তৰঃ ১৯১৬ চনত ডিব্ৰুগড়ত ৰায়চৌধুৰী থাকোঁতেই বীণা কবিতা পুথি প্রকাশ হয়। 'বীণা' কবিতা পুথিৰ কবিতাবোৰ সৰু সৰু। কবিতা পুথিখনত ১৮৮ টা কবিতা আছে। 'বীণা' কবিতা পুথিৰ কবিতাবোৰৰ মাজত আধ্যাত্মিক ভাৱ তথা বিৰহ বেদনাৰ স্বৰূপ স্বতঃস্ফূতভাৱে পৰিলক্ষিত হয়। কবিয়ে কবিতাপুথিখনৰ বিভিন্ন কবিতাৰ মাজত বিৰহৰ মূল আধাৰক সুন্দৰী, প্রিয়তমা, প্রাণধন, সখী, বিশ্বপতি, অন্তর্যামী আদি বিভূষণেৰে নামকৰণ কৰিছে।


'তুমি' আৰু 'বীণা' কাব্য ৰচনাৰ আঁতিগুৰি ৰায়চৌধুৰীয়ে অকপটভাবে 'মোৰ জীৱন-ধুমুহাৰ এছাটি'ত ব্যক্ত কৰিছে। তেওঁ লিখিছে, "স্নিগ্ধোজ্জ্বল জেউতিৰ, পূৰ্ণিমাৰ পয়োভৰ উপচি পৰা সেই মুখচন্দ্ৰিমাৰ টিপ হাঁহিটোৰ বিজুলী চমকটোরে, এপাক হানি হোৱা মোৰ বাঁও হাতৰ কনিষ্ঠ আঙুলিটোৰ ফালে চাই চাই মোৰ চিন্তা আৰু কৰ্মধাৰাৰে আজিলৈকে মোক প্ৰেৰণা দি আছে, একেদৰে বিকিৰণ কৰি আছে।... এফালে এপাব নোহোৱা আঙুলিটোৱে সঘনাই সোঁৱৰাই দিয়া তেওঁৰ স্মৃতিৰ সৌত আৰু আনফালে দেশপ্ৰেমৰ প্ৰৱল ধাৰে মোৰ মনক অজ্ঞাতসাৰে কোনোবা সাগৰত পেলাইছিল। সেই ভাব সাগৰত উটি-বুৰি পোৱা অভিজ্ঞতাই 'তুমি' আৰু 'বীণা' কাব্যৰ প্ৰেৰণা।” 'বীণা' কাব্যৰ পাতনিত কবিয়ে আকৌ লিখিছে, "আকাশতকৈয়ো উদাৰ, আলাকতকৈ উজ্জল, প্রেমতকৈয়ো পৱিত্ৰ, ভক্তিতকৈয়ো কোমল, তত্ত্বতকৈয়ো গভীৰ যি সুন্দৰীৰ সৌন্দৰ্যত মোৰ অন্তৰ জগত সদায় উদ্ভাসিত হৈ আছে সেই চেনেহী সাদৰীৰ শ্ৰীচৰণত মোৰ পূজাৰ এই প্ৰীতিভৰা অঞ্জলি।"


৩। অম্বিকাগিৰী ৰায়চৌধুৰীৰ তুমি কাব্যৰ সন্দৰ্ভত বাণীকান্ত কাকতিয়ে কৱিগৰাকীক কিদৰে প্ৰশংসা কৰিছে?


উত্তৰ: অম্বিকাগিৰী ৰায়চৌধুৰীৰ তুমি কাব্যৰ সন্দৰ্ভত বাণীকান্ত কাকতিয়ে কবিগৰাকীক প্রশংসা কৰিছে কৰিৰ অনুভূতিৰ তীব্রতা বিচিত্র সৌন্দর্যময়ী ভাষাবে প্রকাশ কৰিব পৰা ক্ষমতাৰ কাৰণে:


"তুমি" কাব্য বিৰাট ভাবৰ খলকনি এটিৰ পৰা ওলাইছে, ইয়াৰ সকলো ছেদতেই আশ্চর্য তন্ময়তাৰ ভাব শিলৰ ওপৰেদি তড়িৎ গতিত ছিটিকি পৰা জল-প্রপাতৰ তৰংগ ভংগৰ দৰে দশাক্ষৰী ক্ষিপ্ৰগতিৰ চুটি পদবোৰে অনুভূতিৰ তীব্রতা বিচিত্র সৌন্দর্যময়ী ভাষাৰে প্ৰকাশ কৰিছে।”


৪। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ স্বৰূপ সম্বন্ধে চমু আলোচনা কৰা।


উত্তৰঃ ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ মাজভাগলৈ জাতীয়তাবাদী চিন্তাই উদ্দীপিত কৰা লোকসকলৰ মাজত যিগৰাকী ব্যক্তিৰ নাম জাকতজিলিকা হৈ আছে সেইগৰাকী ব্যক্তিয়ে হ'ল অম্বিকাগিৰী ৰায়চৌধুৰী। অম্বিকাগিৰী আছিল অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ শক্তিশালী আৰু নির্ভীক প্রবক্তা।


অম্বিকাগিৰি ৰায়চৌধুৰীয়ে তেওঁৰ স্বদেশপ্রেমমূলক কবিতাসমূহৰ কাৰণে অসমীয়া কাব্য সাহিত্যৰ ইতিহাসত উল্লেখযোগ্য স্থানৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে। তেওঁৰ স্বদেশপ্ৰেমৰ কবিতাসমূহ জাতীয়তাবাদী আদর্শ আৰু সংস্কাৰকামী চিন্তাৰে পৰিপুষ্ট। এটা জাতিক আত্মসচেতন কৰিবলৈ যেনে ধৰণৰ প্ৰেৰণাৰ প্ৰয়োজন, সেই সকলোবোৰেই তেখেতৰ কবিতাত দেখিবলৈপোৱা যায়। তেওঁ প্ৰতিটো স্বদেশপ্রেমৰ কবিতাই দেশৰ বাবে কিবা এটা কৰিবলৈ দেখুৱাবলৈ কবিয়ে প্রকাশ কৰা আগ্ৰহৰ স্বৰূপ চিত্ৰিত হৈছে। কবিয়ে প্রতিজন ব্যক্তিকে স্বদেশৰ প্ৰতি সচেতন হ'বৰ কাৰণে আহ্বান জনাইছে। কবিয়ে অসমীয়া মানুহৰ এলেহুৱা আৰু কৰ্মবিমুখ স্বভাৱৰ সমালোচনা কৰিছে। তেওঁৰ হৃদয়ত স্বদেশপ্রেম আৰু জাতীয় চেতনাৰ পৰিচয় পোৱা যায়।


অম্বিকাগিৰি ৰায়চৌধুৰীৰ স্বদেশপ্রেমমূলক কবিতাবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁৰ স্বদেশচিন্তাৰ পৰিসৰ বহল। কবিয়ে দেশৰ নামত চলি থকা সকলো ধৰণৰ ভণ্ডামি দুৰ কৰি পৰম্পৰাগত ঐহিত্যৰ ভেটিত অসমীয়া জাতিক পুনৰ সংগঠিত কৰিবলৈ সক্ষম হৈছে। দেশৰ মানুহৰ দুৰ্দশা দেখি কবি অন্তৰ হাঁহাকাৰ কৰি উঠিছে। কবিয়ে দেশৰ গৌৰৱময় ঐতিহ্যৰ ভেটিত দেশখন নতুনকৈ গঢ়িব খুজিছে।


ৰহস্যবাদ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী কবিতাৰ অন্যতম বৈশিষ্ট্য। 'তুমি' কাব্যৰ লগতে আন ভালেমান কবিতাতো ৰহস্যবাদী চিন্তাৰ প্ৰতিফলন ঘটিছে। আত্মা-পৰমাত্মাৰৰ ধাৰণা, ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি আস্থা, পৰমশক্তিৰ অভিমূখে ধাবমান হোৱাৰ বাসনা, জাগতিক সংসাৰখন অতিক্ৰম কৰি আন এখন উচ্চস্তৰীয় জগতলৈ লোৱাৰ হেঁপাহ আদি বিভিন্ন কথাই তেওঁৰ কবিতাত প্রাধান্য লাভ কৰিছে।


কবিয়ে পার্থিব মায়া-মোহ সংকীর্ণতাৰ পৰা আঁতৰি পৰমতত্ত্বৰ সন্ধান কৰিছে আৰু মহাজীৱনৰ এক অনুসৰণ ধ্বনি দুৰণিৰ পৰা শুনিবলৈ পাইছে। সেই মহাজীৱনৰ অনুভবেই কবিক অসীম আনন্দৰ মাজত আপ্লুত কৰি আহিছে।


ৰায়চৌধুৰীৰ কবিতাত ৰহস্যবাদৰ সমান্তৰালভাৱে প্রেমে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। কবিয়ে মানব প্রেমৰ মাজেদি স্বর্গীয় প্রেম লাভৰ কামনা কৰিছে। তেওঁ জীবনযোবা বিবহ-বেদনাৰ অৱসানৰ কাৰণে প্ৰিয়তনামাৰ সৈতে মিলনৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে। কবিৰ প্ৰেমূলক কবিতাসমূহত বিশ্বজনীনতাৰ শব্দ শুনিবলৈ পোৱা যায়। তেওঁৰ কবিতাৰ ভাগ আৰু ছন্দশৈলীৰ নতুনত্ব দেখিবলৈ পোৱা যায়।


ৰচনাধৰ্মী প্রশ্নোত্তৰ:


১। অম্বিকাগিৰী ৰায়চৌধুৰীৰ জীৱন আৰু সাহিত্যকৰ্মৰ পৰিচয় দিয়া।


উত্তৰ: অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম হৈছিল অসমৰ এখনি প্রসিদ্ধ স্থান বৰপেটাত ১৮৮৫ খ্রীষ্টাব্দত। ৰায়চৌধুৰীৰ পিতৃৰ নাম আছিল কৃষ্ণৰাম। নিচেই সৰুতে পিতৃহাৰা হোৱা ৰায়চৌধুৰীৰ শৈশৱ কালছোৱা অতি দুখ আৰু কষ্টৰে অতিবাহিত হৈছিল। সৰুকালছোৱাত বৰপেটাতে প্রাথমিক শিক্ষা লাভ কৰি অম্বিকাগিৰী পিছত গুৱাহাটীলৈ আহে আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্রেণীলৈকে পড়ে। সিমানতে স্কুলীয়া শিক্ষা বিসর্জন দি ১৯০৪-০৫ চনৰ স্বদেশী আন্দোলন আৰু সামাজিক উন্নয়নমূলক কামত যোগ দিয়ে। জাতীয় আন্দোলনত প্রবৃত্ত হৈ থাকোতেই তেওঁ 'বন্দিনী ভাৰত মাতা' নামৰ এখন নাটক ৰচনা কৰে। কিন্তু সেই নাটকখন অভিনীত হওঁতেই ইংৰাজ চৰকাৰে বাজেয়াপ্ত কৰে। ১৯০৭ চনৰ পৰা ১৯১৫ চনলৈ তেওঁ বৰপেটাতে অন্তৰীণ অৱস্থাত থাকে। জীৱন নিৰ্বাহৰ বাবে তেওঁ কিছুদিন টাইপিষ্টৰূপে আৰু কিছুদিন শিক্ষকতাও কৰিছিল যদিও আনৰ তলত চাকৰি কৰিবলৈ টান পাই সেইবোৰ চাকৰি এৰি দিয়ে।


স্বাধীনভাৱে ব্যৱসায় কৰিবলৈ বুলিয়েই ১৯১৮ চনত তেওঁ 'অৰুণা' নামৰ এটা প্ৰেছ স্থাপন কৰে। ১৯২১ চনত মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনত জঁপিয়াই পৰি তেওঁ দুবছৰ কাৰাবৰণ কৰিবলগীয়া হয়। ১৯২৪ চনত ৰায়চৌধুৰীয়ে 'শতধা' নামৰ এখন ৰাজনৈতিক পুথি ৰচনা কৰে। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে লিখা এই পুথিখন চৰকাৰে বাজেয়াপ্ত কৰে আৰু ৰায়চৌধুৰীক তিনিমাহ ফাটেক দিয়ে।


অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি সংৰক্ষণ কৰি অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠা কামনাৰে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ১৯২৬ চনত 'অসমীয়া সংৰক্ষিণী সভা' প্রতিষ্ঠা কৰে আৰু ১৯৩২ চনত এই সভাই 'অসম জাতীয় মহাসভা 'লৈ পৰিৱৰ্তিত হয়। ১৯১৯ চনৰ পৰা ১৯২৬ চনলৈ তেওঁ 'চেতনা' নামৰ আলোচনী এখন সম্পাদনা কৰিছিল।


পৰাধীন ভাৰতৰ অচেতন দেশবাসীক স্বাধীনতাৰ মন্ত্ৰত উদ্বুদ্ধ কৰিবলৈ 'চেতনা'ৰ শিৰোনামাত উপনিষদৰ এষাৰ বাণী উদ্ধৃত কৰা হৈছিল- "উত্তিষ্ঠিত জাগ্রত প্রাপ্য বৰাণ নিবোধিত।” 'চেতনা'ৰ উপৰিও ১৯৩৫ চনত ৰায়চৌধুৰীয়ে 'ডেকা অসম' নামৰ এখন আলোচনীও প্রকাশ কৰিছিল। এইখন আলোচনীৰ জৰিয়তে তেওঁ সমগ্ৰ অসমীয়া জাতিক এক বৈপ্লবিক দৃষ্টিভংগীত দীক্ষিত কৰিবলৈ প্ৰয়াস কৰিছিল। এনেদৰে জীৱনৰ প্ৰথমছোৱা কাল বিপ্লৱীৰূপে আৰু পাছৰছোৱা কাল অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্রবক্তা আৰু সংৰক্ষকৰূপে ৰায়চৌধুৰীয়ে গোটেই জীৱন যুদ্ধ কৰিয়েই কটালে। তেওঁৰ জীৱনৰ মূলমন্ত্র আছিল অসমীয়া জাতিৰ অস্তিত্ব সংৰক্ষণ আৰু সংস্থাপন। ১৯৬৭ চনত অম্বিকাগিৰী ৰায়চৌধুৰীৰ জীৱনাৱসান ঘটে।


সাহিত্য-কর্মঃ অম্বিকাগিৰী ৰায়চৌধুৰী একাধাৰে করি, নাট্যকাৰ, গদ্য লেখক, সাংবাদিক, ৰাজনীতিবিদ, সংগীতজ্ঞ, অভিনেতা আৰু সমাজ সংস্কাৰক আছিল। সাহিত্যিক হিচাপে ৰায়চৌধুৰীৰ চকুত লগা পৰিচয় এগৰাকী কবিৰূপে। দেশপ্ৰেমৰ তপ্ত ৰুধিৰ ব্ৰতস্বৰূপে গ্ৰহণ কৰিছিল। ৰায়চৌধুৰীৰ প্ৰকাশিত কবিতা পুথিসমূহ হ'ল- বীণা, তুমি, অনুভূতি, স্থাপন কৰ স্থাপন কৰ, বেদনাৰ উল্কা, দেশেই ভগৱান ইত্যাদি। ৰায়চৌধুৰীৰ এই কবিতাপুথিসমূহত দুটা প্রধান সুৰ ধ্বনিত হৈছে- এটা হ'ল দৃপ্ত জাতীয়তাবাদৰ দুন্দুভি আৰু আনটো হ'ল "তুমি' কাব্যত প্রকাশ পোৱা ৰহস্যবাদ বা অতীন্দ্রিয়বাদৰ কোমল সুৰ। গ্রীক দার্শনিক প্লেটোৰ মতে মানৱীয় প্রেমেই স্বর্গীয় প্রেম লাভৰ সোপান স্বৰূপ। ৰায়চৌধুৰীৰ 'তুমি' কাব্যতো প্লেটোৰ সেই উক্তিৰে সাৰ্থকতা দেখা যায়। এই কাব্যখনি প্রিয়তমাৰ দৈহিক সৌন্দৰ্যৰ-আকৰ্ষণত আৰম্ভ হৈ শেষত বিশ্বসুন্দৰৰ বিশ্বব্যাপী সৌন্দর্য আৰু অতীন্দ্রিয় আকৰ্ষণত পৰিসমাপ্তি ঘটিছে। ৰায়চৌধুৰীৰ দেশপ্রেমমূলক তথা জাতীয়তাবাদী কবিতাসমূহত নিষ্পেষণ আৰু অত্যাচাৰৰ বিৰূদ্ধে তীব্র প্রতিবাদ, 'দুর্গম গিৰি কান্তাৰ মৰু' অতিক্ৰম কৰি জীৱনযুদ্ধত বীৰদর্পে আগবাঢ়িবলৈ উদাত্ত আহান পোৱা যায়। তেওঁ এনে এটা জীৱন কামনা কৰে, য'ত আত্মাই সংগ্রাম আৰু ঘোৰ সংঘৰ্ষৰ মাজেদি সকলো গ্লানি, ভণ্ডামি, নীচতা অতিক্ৰম কৰি মানৱতাৰ বিকাশ ঘটাব পাৰে।


ৰায়চৌধুৰীৰ শক্তিপ্রয়াসী, জাতীয়তাবাদী কবিতাৰ শব্দগঠন-শব্দচয়ন আৰু তান বা শ্বাসাঘাতপ্রধান, বলিষ্ঠ গতিৰ ছন্দও অসমীয়া কবিতাৰ বিশেষ সম্পদ। তেওঁৰ কবিতাৰ বলিষ্ঠ ছন্দ, অননুকৰণীয় বচনভংগী আৰু আন্তৰিকতাপূর্ণ আৱেগৰ প্রকাশে কবিতাবোৰক এটা নতুন ৰহণ দিছে।


কবিতাপুথিৰ উপৰিও ৰায়চৌধুৰীয়ে কেইবাখনো গদ্যৰ পুথিও ৰচনা কৰে। সেইবোৰৰ ভিতৰত 'আহুতি, 'ডেকা ডেকেৰীৰ বেদ' আৰু 'জগতৰ শেষ আদর্শ আৰু বিশ্ব শান্তি স্থাপনৰ শেষ উপায়' উল্লেখযোগ্য। ৰায়চৌধুৰীৰ গদ্যৰীতি ওজস্বী আৰু গাম্ভীর্যপূর্ণ।


গদ্যলেখকৰূপে ৰায়চৌধুৰীৰ অসমীয়া সাহিত্যত এখনি বিশেষ আসন আছে। ৰায়চৌধুৰী

এজন নাট্যকাৰো। তেওঁ 'জয়দ্রথ বধ', 'ভক্ত গৌৰৱ', আৰু 'কল্যাণময়ী' নামৰ তিনিখন নাটকো ৰচনা কৰিছিল।


বহুধা বিভক্ত অম্বিকাগিৰী ৰায়চৌধুৰীৰ ব্যক্তিত্বলৈ লক্ষ্য কৰিয়েই ড০ বাণীকান্ত কাকতিদেৱে এঠাইত মন্তব্য কৰিছিল - “সাম্প্ৰতিক কালৰ অসমৰ সমাজসেৱাৰ ক্ষেত্ৰত অম্বিকাগিৰী ৰায়চৌধুৰী এজন আটাইতকৈ মৌলিকতাসম্পন্ন পুৰুষ। সামান্য মাত্র স্কুলীয়া শিক্ষাৰে, ঘৰতো কোনো প্রশিক্ষণ লাভ নকৰাকৈ দেশৰ উমৈহতীয়া বতাহ-পানীৰ পৰা প্রতিটো উশাহে-নিশাহে তেওঁ প্ৰেৰণা আহৰণ কৰিছে। তেওঁৰ ব্যক্তিত্ব বহুমুখী- তেওঁ নিজে গায়ক অথবা গীত ৰচক, কবি, ৰাজনীতিবিদ আৰু স্বেচ্ছাসেৱী দল সংগঠনৰ চমকপ্রদ গুণবিশিষ্ট লোক। তেওঁ একে সময়তে তেওঁৰ কলম আৰু তেওঁৰ লাঠিডাল সমান বিক্ৰমেৰে ব্যৱহাৰ কৰিব পৰা মানুহ। তেওঁৰ মানসিক অবস্থাও বৈচিত্র্যপূর্ণ। যুক্তিতকৈও তেওঁ জন্মগত অনুমানশীলতাৰ দ্বাৰাহে পৰিচালিত হয়। তেওঁৰ দূৰদৃষ্টিসম্পন্ন অনুমানসমূহ প্রায়েই সঁচা বুলি প্রমাণিত হয়। কিন্তু অনুমান অনুক্রমে বাস্তৱ ক্ষেত্রত কার্য ৰূপায়ণৰ বাবে যি আঁচনি তেওঁ গ্রহণ কৰে, সেই আঁচনি প্রায়েই ব্যর্থ হৈ পৰে। অন্তৰৰ অন্তঃস্থলিত ৰায়চৌধুৰী এজন কবি। সমাজসেবামূলক যি বিলাক আঁচনি তেওঁ কল্পনা কৰে, সেইবোৰ ক'বলৈ গ'লে একোটি অগ্নিতপ্ত কবিতাহে।"


২। অম্বিকাগিৰী ৰায়চৌধুৰীৰ 'মোৰ বীণা' কবিতাটোৰ সাধাৰণ আলোচনা আগবঢ়োৱা।


উত্তৰঃ 'মোৰ বীণা' কবিতাটোত কবিৰ হৃদয়ৰ বিৰহ-বেথাৰ মূল কাৰক হিচাপে প্রিয়াক উল্লেখ কৰিছে। কবিতাটো কবিৰ বাবে কবিৰ হৃদয় বুজি পোৱা বীণাখনক প্রেম নিবেদনৰ মাধ্যম হিচাপে প্রয়োগ কৰিছে। বীণা এখন হ'ল সঙ্গীত সুৰ সৃষ্টি কৰিব পৰা বাদ্য। আনহাতে বীণাৰ প্ৰয়োগ পৌৰাণিক সময়ৰ পৰাই দেখা যায়। বীণাৰ সুমধুৰ সুৰে সঙ্গীত সুধা ঢালিব পাৰে। সঙ্গীত এনে এক মাধ্যম যিয়ে ভাষাৰ অবিহনে সুৰৰ জৰিয়তে মানুহৰ অন্তৰ জয় কৰিব পাৰে।


কবিয়ে বীণাৰ সুৰক মোহিনী ৰূপৰ লগতো তুলনা কৰিছে। হিন্দুশাস্ত্ৰৰ মতে মোহিনী আছিল বিষ্ণুৰ এক অৱতাৰ। যেতিয়া দেৱতা-দানবে অমৃত মন্থন কৰিছিল তেতিয়া অমৃত কলহ লৈ দেৱতা-দানৱৰ মাজত মত বিৰুদ্ধ ঘটিছিল। সেই সময়ত বিষ্ণুৱে মোহিনী বেশেৰে সকলোকে মোহিত কৰি দেৱতাক অমৃত প্রাণ কৰাইছিল। তেনে সন্মোহিনী ৰূপ সঙ্গীৰ সুৰত পোৱা যায়। সেয়েহে কবিয়ে নিজৰ বিৰহী প্ৰিয়াক মোহিত কৰিবলৈ বীণাৰ সুৰক মোহিনী ৰূপ ধাৰণ কৰিবলৈ আহ্বান জনাইছে।


'শীতত শুদ্ধ সুৰৰ সিন্ধু সাঁতুৰি-নাদুৰি দুলাই তুলি


মলিন বিশ্ব পখালি শৰীৰ মোহিনী ৰূপত উঠক ফুলি।'


ইয়াৰ জৰিয়তে কবিৰ অন্তৰৰ সংস্কাৰকামী মনোভাৱ ফুটি উঠিছে। কলুষ-কালিমাৰে ভৰপূৰ বিশ্বক পৱিত্ৰ কৰিবলৈও করিয়ে বীণাক অনুৰোধ জনাইছে।


কবিৰ কল্পনা জগতত বিচৰণ কৰা প্ৰিয়াৰ হৃদয়তো বিবহৰ বেথা হয়তু কবিৰ হৃদয়ত থকাৰ দৰে ছাটিফুটি কৰিছে বুলি কবিৰ ভাৱ হয়। সেয়েহে কবিয়ে কবি আৰু প্ৰিয়াৰ হৃদয়ৰ কথাবোৰক গীত ৰূপত তুলি ধৰিবলৈ বীণাখনক আহ্বান জনাইছে। অর্থাৎ বীণাখন যেন এক মাধ্যম অন্তৰৰ পৰা অন্তৰলৈ প্ৰেম, মৰম, বিৰহ কঢ়িয়াই নিয়া এক মাধ্যম। যি মাধ্যমৰ জৰিয়তে কবিৰ প্ৰিয়াই কবিৰ অন্তৰৰ বেথা বুজি কবিৰ কাষলৈ আহি কবিৰ ভাঙি যোৱা হৃদয় শীতল কৰিব বুলি কবিয়ে অপেক্ষা কৰিছে-


সৌৱা সুনীল সিপাৰে বহি


কতনো যাতনা সহি


মোৰ বিৰহ ব্যথিত প্রিয়া 


গান গাই গাই


মোৰে বাট চাই কৰিছে আকুল হিয়া।


কবি আশাবাদী। কবিয়ে আশা কৰিছে তেওঁ যিদৰে প্ৰিয়াৰ কথাভাৱি উদ্বাউল হৈছে ঠিক সেই দৰে প্ৰিয়তমাইও কবিৰ বাতৰিৰ বাবে উদ্বাউল হৈ আছে।


কবিয়ে প্রিয়তমাৰ বিৰহত বেদনাত যি কৰুণ গীতৰ সৃষ্টি হৈছে সেই গীত বীণাৰ সুৰৰ লগত মিলিত হৈ ৰাগিনীৰ সৃষ্টি কৰিবলৈ বীণাখনক কবিয়ে আহ্বান জনাইছে। এই দ্বৈত সুৰৰ যুগলবন্দিত নব-উন্মেষ ধ্বনি প্রবাহিত হ'ব বুলি কবিয়ে বিশ্বাস কৰে। কবিব বিশ্বাস কবিৰ অন্তৰৰ দাবাগ্নিৰ শিখা শাঁত পৰিব যেতিয়া প্রিয়তমাব এটি চুমা উপচাই দিব। ইয়াৰ মাজেৰে মানৱীয় প্ৰেমৰ বহিঃপ্রকাশ দেখা পোৱা যায়।


কবিতাটিত বিৰহৰ মাজেৰে শেষৰ ফালে এক আশা আৰু আনন্দৰ বাৰ্তা দেখা পোৱা যায়। কবি আশাবাদী কবিৰ বেদনাক্লীষ্ট জীৱনত নতুন প্রভাতৰ সূচনা হ'ব। এইয়া সম্ভব হ'ব কেৱল বীণাৰ সহযোগত।


আহিবা আহিবা বুলি,


ৰাখিছো দুৱাৰ খুলি, 


মোৰ হিয়া-ভাঙা ৰাঙা ৰেণু,


বিৰহত পৰি, চাটিফুটি কৰি, 


আছে বাই বেথা বেণু।


আহিলেই তাৰে বুকুত সাবটি


ৰাজিম মোহিনী দুখনি গাল;


সেই ৰূপ চাই শত জনমৰ 


যাতনা খেদাই জিনিম কাল।


কবিৰ বিৰহী হৃদয়ে কবিৰ মোহিত ছবিক বুকুত সাবটি কবিৰ শত জনমৰ যাতনা ত্যাগ কৰি জীৱন জীয়াই থকাৰ কল্পনাই আশাব্যঞ্জক ৰূপত তুলি ধৰিছে। কবিতাটিৰ জৰিয়তে প্ৰিয়াৰ কল্পনাত বিৰহ হৃদয় বীণাৰ সুৰৰ মাধ্যমেৰে প্ৰিয়াক লগ পোৱাৰ আকাংক্ষা স্পষ্ট ৰূপত ফুটি উঠিছে। সকলো মানুহেই আশাবাদী, ভৱিষ্যতৰ মঙ্গলৰ কামনাৰে মানুহে জীয়াই থাকে য'ত মানুহে সুখৰ অনুভূতি বিচাৰি পায়। এইয়া জীৱনৰ চৰম সত্য। সেয়েহে কবিয় ইমান বেদনাৰ মাজতো প্রিয়তমাক লগ পোৱৰ আশা কৰিছে।


কবিতাটিৰ মাজেৰে এফালে যদি অভিমানী নাৰীৰ চিত্ৰ প্ৰকাশিত হৈছে আনহাতে কবিৰ যৌৱনোবল প্ৰেমৰ ভাৱাবেগ প্রকাশিত হছে। প্রেয়সীৰ সঁহাৰি নোপোৱাত কবিৰ মন অশান্ত হৈ উঠিছে যদিও কবিয়ে শেষ ভৰষা কৰিছে বীণাখনক। যি বীণাই সুৰ ব্যঞ্জনা কৰিব পাৰে, তেনে বীণাৰ জৰিয়তে প্রিয়তমাক মান্তি কৰোঁৱা আশা কৰিছে। কবিয়ে বীণাৰ সুৰ জৰিয়তে কেৱল প্রিয়তমাকে আপোন কৰাৰ কথা কোৱা নাই, কবিয়ে ভাবে এই বীণাৰ জৰিয়তে বিশ্বৰ কলুষতা, অশান্তক শান্ত কৰিব পাৰিব।


৩। প্রবল স্বদেশানুৰাগ আৰু বৈপ্লবিক চেতনা কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাৰ মূলবস্তু'- এই উক্তিৰ তাৎপর্য বিচাৰ কৰা।


উত্তৰ: কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাৰ মূল সুৰ জাতীয় চেতনাৰ পৰা উদ্ভুত প্রবল স্বদেশানুৰাগ। অসমীয়া জাতিৰ হৃত জাতীয় চেতনাক জাগ্ৰত কৰাৰ গভীৰ প্রচেষ্টা তেওঁৰ কবিতাত মূর্ত হৈ উঠিছে। অসমীয়া জাতিক জগত সভাত প্রতিষ্ঠা কৰিবলৈ কবিয়ে আপ্রাণ প্রচেষ্টা চলাইছে। কবিৰ প্ৰতিটো কবিতাৰ মাজেৰে ৰণছন্দৰ সুৰ শক্তিশালীকৈ ফুটাই তোলাত সার্থকতা লভিছিল। জাতীয় চেতনা উদ্বুদ্ধ কৰিবলৈ কবিয়ে প্ৰেৰণাদায়ক গীত-কবিতাসমূহ ৰচনা কৰিছিল। 'ডেকা অসম' আদি কাকতত এই গীতবোৰ প্ৰচাৰ কৰিছিল।


বকুলবনৰ কবি স্বগীয় আনন্দ চন্দ্ৰ বৰুৱাই অম্বিকাগিৰীৰ বিষয়ে কৈছে- 'ঋদ্র তেজত জন্মা স্বর্গীয় অম্বিকাগিৰী অকল এজনৰে নহয়, সমগ্র অসমীয়া জাতিৰ বাবে এজন নির্ভীক মহাসেনাপতি, তেজোদীপ্ত কবি, বক্তা, দেশপ্রেমিক আৰু ধর্মপ্রাণ মহান ব্যক্তি।


খঙাল আৰু উগ্ৰতেজৰ অম্বিকাগিৰীয়ে সমাজত চলা শোষণ,পীড়ন, ঠগ-প্ৰৱঞ্চনা, অন্যায়-অনাচাৰ আৰু কুসংস্কাৰবোৰ দূৰ কৰিবলৈ হাতত বিদ্রোহী অগ্নিবীণা তুলি ধৰিছিল।


কবিৰ সকলো চিন্তা-চর্চা নিজৰ আত্মপ্ৰতিভাৰ পৰা উদ্ভাৱিত হৈছে। তেওঁ অসমৰ প্রতিটো স্বাৰ্থৰ প্ৰতি অতি সজাগ আৰু আদর্শ সিংহপুৰুষ। জীৱনটো কেৱল হাঁহি-ধেমালিৰ ভাগৰ জুৰোৱা গান নহয় বুলি উল্লেখ কৰিছে।


এইটো নহয় হাঁহি-ধেমালিৰ ভাগৰ জুৰোৱা গান, ইযে জীৱন-মৰণ একাকাৰ কৰা অগ্নি-বীণাৰ বাণ। 'বেদনাৰ উল্কা' কবিৰ এখন উৎকৃষ্ট সৃষ্টি। ১৯৬৬ চনত 'বেদনাৰ উল্কা' কাব্যগ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ পুৰস্কাৰেৰে সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰিছিল।


অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ কবি ৰায়চৌধুৰীৰ কাব্যত দুটা মূল সুঁতি দেখা যায়। 'কিছুমান কবিতাৰ মাজত মানৱ প্রেম, দেশপ্রেমমূলক জাতীয়তা ভাব, চেতনা

আৰু আন কিছুমান অতীন্দ্রিয় আধ্যাত্মিক সুৰৰ ৰহস্যকেন্দ্রিক উন্মেষ দেখা যায় 'তুমি' কাব্যখন 'কল্পনাৰ গাঢ়তম আৰু বিশুদ্ধতম অভিব্যক্তি'। ৬০ বাণীকান্ত কাকতিয়ে 'তুমি' কাব্যৰ পাতনিত লিখিছে- "তুমি কাব্য ৰায়চৌধুৰীৰ আধ্যাত্মিকতাৰ উজ্জল চানেকি। 'তুমি' কাব্যক কবিৰ বিশ্বৰূপ দর্শন বুলি ক'ব পাৰি।..'তুমি' মনে গঢ়া কৃত্রিম কাব্যৰ পুথি নহয়। প্রেমিক ৰায়চৌধুৰী ডেকা বয়সত শোলী, বাইৰণ আদি ইংৰাজ ৰোমাণ্টিক কবিসকলৰ দৰে বহুতবাৰ প্ৰেমত পৰিছে, ওপঙিছে, সাঁতুৰি পাৰ হৈছে। 'তুমি' কাব্য ৰায়চৌধুৰীৰ কোনোবা বিশিষ্ট নাৰী মূৰ্তিৰ প্ৰতি প্ৰেমৰ সন্মোহন অনুভূতিৰ স্বৰূপ প্রকাশ। নাৰীৰ প্ৰেমৰ ভিতৰেদি বিশ্বনাথৰ বিশ্ব সৌন্দৰ্যৰ স্বৰূপ উপলব্ধি কৰা কাব্য জগতৰ ইতিহাসত বিৰল নহয়। ইটালীৰ মহাকবি ডাণ্টেই বিয়েট্ৰিছ নামৰ ৰূপহী ছোৱালী এজনীৰ প্ৰতি প্ৰেমৰ ভিতৰেদি ঈশ্বৰৰ সাক্ষাৎ পাইছিল বুলি তেওঁৰ মহাকাব্য 'ডিভাইন ক'মেডি'ত বৰ্ণনা কৰিছে। ৰায়চৌধুৰীৰ 'তুমি' গুৰিৰ পৰা বিশ্বনাথৰ স্বৰূপ। 'সকলো তুমিয়ে নাথ, জগত দেখিছো যিমান'।"


ড° কাকতিদেৱে 'তুমি' কাব্যৰ ওপৰত মন্তব্য কৰিছে এনেদৰে- "কামনা বিলোপেই আত্মোপলব্ধিৰ একমাত্র উপায়। এয়েই গীতাৰ নিষ্কাম ভাব, বৌদ্ধৰ নির্বাণ। বাসনাৰ ব্যৱধান গুচিলে 'তুমি' আৰু 'মই'ৰ, 'ভক্ত' আৰু 'ভগৱান'ৰ প্ৰেমিক আৰু প্ৰেমিকাৰ পার্থক্য নাথাকে। 'তুমিয়েই' মই, ময়েই 'তুমি'। ঋষি বাক্যত 'তত্বমসি' জগতত যি আছে সকলোৱেই 'তুমিময়'। এয়েই তুমি কাব্যৰ প্ৰধান তাৎপর্য।"


অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ আন এখন উল্লেখযোগ্য কাব্যগ্রন্থ হ'ল-'অনুভূতি'। 'অনুভূতি'ৰ পাতনিত কবিয়ে নিজে লিখিছে- "নানা সময়ত নানা উপলক্ষে মোৰ মন সমুদ্ৰত ঠেও ধৰি উঠা ভাবোর্মিমালাৰ যি ছান্দিক কল্লোলবিলাক ভাষিক-ভংগীৰ ৰূপ লৈ ওলাবলৈকে আকুলতাৰ উৎস ফালি ওলাই আহিছিল, তাৰেই কেইটামান বুটলি লৈ ইয়াত প্ৰকাশ কৰা হ'ল। এইখনৰো নামকৰণ কৰিলে মোৰ জ্যেষ্ঠ দুহিতা শ্রীমতী শুচিব্রতাই 'অনুভূতি বুলি। তেওঁৰ মতে এইবোৰত হোনো মোৰ অনুভূতিৰ উমানেই সৰহ।" মুঠ তিনিকুৰি দুটা কবিতাৰ সন্নিৱিষ্ট 'অনুভূতি'ত কবিৰ বিভিন্ন অনুভূতি প্রকাশ পাইছে। ৰহস্যবাদ, দেশপ্রেম, কর্মোদ্দীপনা আদি 'অনুভূতি'ত বিৰাজমান। কর্মবিমুখ এলেহুৱা ব্যক্তিৰ প্ৰেৰণাৰ উৎসও 'অনুভূতিত আছে, সৃষ্টিতত্ত্ব পূর্ণতা, পূর্ণানন্দ আদি কবিতাত ৰহস্যবাদৰ প্ৰভাৱ সুস্পষ্ট।


কবি অম্বিকাগিৰীৰ কবিতাত দেশপ্রেম এটা অন্যতম নির্দশন। জাতীয়তাবোধ, স্বদেশপ্রেমআত্মত্যাগী অম্বিকাগিৰীৰ কবিতাৰ আন এটা বিশেষ লক্ষণ দেশমাতৃৰ প্ৰতি থকা অগাধ ভালপোৱাই ৰায়চৌধুৰীক দেশপ্ৰেমৰ অনুভূতিৰে মেৰিয়াই ধৰিছে।


দেশৰ কাৰণে, দহৰ কাৰণে নিজৰ জীৱন আহুতি দিব পৰাটোৱেই প্রধান কথা। কবিয়ে এখন শ্রেণীহীন সমাজ প্রতিষ্ঠাৰ বাবে আহান জনাই 'আকাংক্ষা' কবিতাটো সৃষ্টি কৰিছে।

কবিতাটোৰ মাজেদি সমাজৰ পৰা কলুষ-ক্লেদ গ্লানি, ফাঁকি, দুর্নীতি, হিংসা, দবিদ্রতা, অন্যায়-অবিচাৰ, শোষণ-পীড়ন সকলো পৰিহাৰ কৰি এখন সুখৰ পৃথিৱী সৃষ্টি কৰাৰ মানস কৰিছে-'নাথাকিব দৰিদ্ৰৰ ঘোৰ অপমান।


ঠিক একেদৰে 'অভ্যুদয়' কবিতাৰ মাজেদিও এখন শ্রেণীহীন সমাজ গঢ়াৰ দুৰ্বাৰ হেঁপাহ প্ৰকাশ কৰিছে। পৰাধীনতাৰ গ্লানি নাইকিয়া কৰিবলৈকো কবিয়ে মহাত্মাৰ মুক্তিবাণীত সঁহাৰি জনাবলৈ আকুল আহ্বান জনাইছে।


'মই বিপ্লৱী মই তাণ্ডৱী' ৰায়টোধুৰীৰ আন এটা উৎকৃষ্ট দেশাত্মবোধৰ বিদ্ৰোহী কবিতা। এই কবিতাটোৱে কবি নজৰুলৰ ওচৰলৈ চপাই নিয়ে। কবিতাটোত সিংহপুৰুষ ৰায়চৌধুৰীয়ে 'মই বিপ্লৱী মুই তাণ্ডৱী' ৰূপত গৰজি উঠিছে।


অম্বিকাগিৰীৰ কবিতাৰ প্ৰকাশভংগী স্পষ্ট আৰু নিভীক। বাৰিষাৰ বলিয়া বানৰ দৰে হিলদল ভঙা প্রকাশভংগীয়ে কবিতাসমূহক স্বকীয় বৈশিষ্ট্য প্রদান কৰিছে। শব্দৰ প্ৰয়োগতো কবিৰ স্বকীয় বৈশিষ্ট্য বিৰাজমান।



মনোৰমা


১। দেৱকান্ত বৰুৱা অসমীয়া কাব্যজগতত কি কবি হিচাপে জনাজাত?


উত্তৰঃ ৰোমাণ্টিক যুগৰ শেষৰজন কবি আৰু আধুনিক কবিতাৰ দুৱাৰ মুকলি কৰোতা বুলি খ্যাত দেৱকান্ত বৰুৱা অসমীয়া কাব্যজগতত 'দোমোজাৰ কবি' হিচাপে জনাজাত।


২। মহেন্দ্ৰ বৰাই দেৱকান্ত বৰুৱাক কি কবি বুলি আখ্যা দিছে?


উত্তৰঃ 'তামসিক কবি' বুলি আখ্যা দিছে।


৩। কোনখন কাকতৰ যোগেদি দেৱকান্ত বৰুৱাই কবি হিচাপে আত্মপ্রকাশ কৰিছিল?


উত্তৰ: 'আৱাহন' কাকতৰ যোগেদি।


৪। দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজ কবিৰ কবিতাৰ আর্হি দেখা যায়? সেই আর্হিক কি বুলি কোৱা হয়? 


উত্তৰ: দেৱকান্ত বৰুৱাৰ কবিতাত ইংৰাজ কবি ৰবাৰ্ট ব্রাউনিঙৰ কবিতাৰ আৰ্হি দেখা দেখা যায়। সেই আর্হিক Dramatic Monologue বা নাটকীয় স্বগতোক্তি বুলি কোৱা হয়।


৫। দেৱকান্ত বৰুৱাই কোনখন কাকতৰ সম্পাদকৰ দায়িত্ব লয়?


উত্তৰঃ 'নতুন অসমীয়া' কাকতৰ সম্পাদকৰ দায়িত্ব লয়।


৬। দেৱকান্ত বৰুৱাৰ একমাত্র কাব্য সংকলনখনৰ নাম কি?


উত্তৰঃ সাগৰ দেখিছা।


৭। দেৱকান্ত বৰুৱাক প্ৰভাৱিত কৰা ইংৰাজ কবিগৰাকী কোন?


উত্তৰ : ৰবাৰ্ট ব্রাউনিং।


৮। দেৱকান্ত বৰুৱাই কোন চনত লোকসভাৰ সদস্য হিচাপে নির্বাচিত হয়?


উত্তৰঃ ১৯৫২ চনত।


৯। দেৱকান্ত বৰুৱাই কোন চনত গুৱাহাটী তেল শোধনাগাৰৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে?


উত্তৰঃ ১৯৫৭ চনত।


১০। দেৱকান্ত বৰুৱা কোন ৰাজ্যৰ ৰাজ্যপাল হিচাপে মনোনীত হৈছিল?


উত্তৰ: বিহাৰৰ।


১১। দেৱকান্ত বৰুৱাই কেতিয়া ইহলীলা সম্বৰণ কৰে?


উত্তৰঃ ১৯৯৬ চনত।


১২। 'মনোৰমা' শব্দটিৰ আভিধানিক অর্থ কি?


উত্তৰ: মনক আনন্দ যোগোৱা, মনোজ্ঞ, উত্তম।


১৩। দেৱকান্ত বৰুৱাৰ 'মনোৰমা' কবিতাটিৰ মূল বিষয়বস্তু কি?


উত্তৰ: দেহজ বা ইন্দ্ৰিয় গ্রাহ্য প্রেমৰ বন্দনা।


চমু প্রশ্নোত্তৰ:


১। দেৱকান্ত বৰুৱাক 'যুগসন্ধিৰ কবি' বুলি কিয় অভিহিত কৰা হয়?


উত্তৰ: দেৱকান্ত বৰুৱা অসমীয়া ৰোমাণ্টিক যুগৰ শেষৰফালৰ কবি। আনফালে তেওঁ আধুনিক যুগৰ আৰম্ভকালৰ কবি। ৰোমাণ্টিক আৰু আধুনিক যুগৰ সন্ধিক্ষণৰ কবি বাবে তেওঁক 'যুগসন্ধিৰ কবি' বুলি অভিহিত কৰা হৈছে।


২। 'মনোৰমা' কবিতাটিৰ নামকৰণৰ বিষয়ে চমুকৈ লিখা।


উত্তৰ: কবিৰ 'মনোৰমা' কবিতাটিৰ নামকৰণত নামটোৰ মাজতে লুকাই আছে সকলোফালৰ পৰা মনক দিব পৰা প্রফুল্লতা। 'মনোৰমা' শব্দৰ আভিধানিক অর্থ মনক আনন্দ যোগোৱা, মনোজ্ঞ, উত্তম। কবিৰ কাল্পনিক প্ৰেয়সীৰ নামেৰে কবিতাটিৰ নামকৰণ কৰিছে।


৩। 'মনোৰমা' কবিতাটিত প্রতিফলিত দেহজ প্ৰেমৰ বৰ্ণনা তোমাৰ ভাষাৰে দাঙি ধৰা।


উত্তৰঃ কবিৰ প্ৰেয়সী মনোৰমা। তেওঁৰ দেহৰ অংগে অংগে বিচিত্র শোভা। পূর্ণযৌৱনা মনোৰমাৰ নিপোটল বুকু, লাটুমণি ওঁঠ, ডালিমগুটীয়া দাঁত, চুলিত আঁউসীৰ আন্ধাৰসনা বোল, পদুমৰ ঠাৰি যেন দুখনি হাত আদি দেহৰ অংগৰ বৰ্ণনাৰ মাজেদি 'মনোৰমা'ৰ দৈহিক সৌন্দৰ্যক দাঙি ধৰিছে। প্রেয়সীক এনে ৰূপত সজাই তুলিছে যেন সহজেই পুৰুষক আকৰ্ষিত কৰিব পাৰে। এনেহেন সৌন্দৰ্যৰ ৰাণী প্রেয়সীক কবিয়ে তেওঁৰ মৰুময় জীৱনলৈ আহ্বান জনাইছে। ইয়াতে প্রকাশ পাইছে কবিৰ দেহজ প্ৰেমৰ বাস্তৱ ৰূপ।


৪। দেৱকান্ত বৰুৱাৰ 'মনোৰমা' কবিতাটিৰ ভাষা সম্পর্কে চমুকৈ লিখা


উত্তৰ: দেৱকান্ত বৰুৱাৰ 'মনোৰমা' কবিতাটিৰ ভাষা কাব্যোপযোগী। কবিতাটিত ব্যৱহৃত শব্দবোৰ সহজ-সৰল। আগবাৰিষাৰ বা ৰিৰিব বতাহ, পানীমেটেকা, চঁপাকলি হেন আঙুলি, পদুমৰ ঠাৰি দুখনি হাত, নিপোটল বুকু, ডালিম গুটি দাঁত আদি সহজ-সৰল অর্থব্যঞ্জক শব্দ অসমীয়া লোকজীৱনৰ পৰা বুটলি আনি কবিয়ে 'মনোৰমা' কবিতাটিৰ দেহ নিৰ্মাণ কৰিছে। এনে শব্দৰ ব্যৱহাৰে কবিতাটিক অনন্য সৌন্দর্য প্রদান কৰিছে।


৫। মনোৰমা কবিতাটিত উল্লেখ কৰামতে কবিৰ প্ৰেয়সী এগৰাকী কৰ্মনিপুণা পাকৈত অসমীয়া শিপিনী। - কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।


উত্তৰ: কবিৰ প্ৰেয়সী মনোৰমা। মনোৰমা কবিতাটিৰ চতুৰ্থ স্তৱকত প্ৰেয়সীৰ কর্মনিপুণতাৰ উল্লেখ পোৱা যায়। তেওঁ যেনেকৈ দৈহিক সৌন্দৰ্যৰ ফালৰ পৰা অতুলনীয়, মনোমোহা, আনফালে কর্মতো সুনিপুণা। অন্যান্য অসমীয়া গাভৰুৰ দৰে কবিৰ প্ৰেয়সীও এগৰাকী পাকৈত শিপিনী। তেওঁৰ যাদুকৰী হাতৰ স্পৰ্শত দোৰপতি থৰক-বৰককৈ কঁপে, জাকিৰ মাজেৰে তড়িৎ গতিৰে অহা-যোৱা কৰে তত্ নাইকিয়া মাকো। কবিৰ ভাষাত-


দহোটি আঙুলি চঁপা কলি হেন, 


পদুমৰ ঠাৰি দুখনি হাত,


দুই দোৰপতি থৰক্‌ বৰক 


তত্ নাইকিয়া মাকোৰ মাত।


এই ছবি কবিয়ে অসমীয়া লোক জীৱনৰ পৰা বুটলি আনি কবিতাটিত অনুপম চিত্র অংকণেৰে সৌন্দৰ্যমণ্ডিত কৰি তুলিছে। তাতেই কবিতাফাঁকি অৱতাৰণাৰ তাৎপর্য নিহিত হৈ আছে।


৬। 'মনোৰমা' কবিতাটিৰ ছন্দসজ্জাৰ বিষয়ে চমুকৈ লিখা।


উত্তৰঃ কবি দেৱকান্ত বৰুৱাৰ 'মনোৰমা' কবিতাটিৰ ছন্দসজ্জা সঁচাকৈয়ে আকর্ষণীয়। কবিতাটিত তেওঁ ৰোমাণ্টিক কাব্য-কুশলীসকলৰ দৰে ত্রিপদী ছন্দৰ স্বাভাৱিক সজ্জাৰ আশ্রয় লৈছে। ফলত বিষয়-বস্তুৰ উপস্থাপনৰ সৈতে ছন্দৰ এক অপূর্ব সমন্বয় ঘটিছে। তেওঁৰ বহু কবিতাত নাটকীয় একোক্তিৰ সাৰ্থক প্রয়োগ কৰে যদিও এই বিশেষ কবিতাটিত কিন্তু তাক সচেতনভাবে পৰিহাৰ কৰিছে। বৰং তাৰ ঠাইত এই কবিতাটিত ৰোমান্টিক কাব্যকুশলীসকলৰ দৰে ত্রিপদী ছন্দৰ স্বাভাৱিক সজ্জাৰ আশ্ৰয় লৈ অন্ত্যানুপ্ৰাসৰ যথার্থ ব্যৱহাৰ ব্যৱহাৰ আৰু শব্দ প্ৰয়োগৰ দক্ষতাই 'মনোৰাম'ক সর্বোত্তম কাব্যশিল্প ৰূপত তুলি ধৰিছে। বিষয়বস্তুৰ সৈতে ছন্দৰ এক অপূর্ব সমন্বয়ৰ বাবে কবিতাটিত অনুভূত হয় এক সাংগীতিক লয়। মুঠতে ছন্দসজ্জাৰ দিশত কবিয়ে কবিতাটিক এক অনন্য মাত্রা প্রদান কৰিছে।


৭। প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা:


(ক) ক'লা চুলিটাৰি, কোনে সানি দিলে


 আঁউসী নিশাৰ সুষমা তাত?


 কেতিয়া শিকালে কপৌৱেনো তাৰ 


মন কিবা কৰা উৰুঙা মাত?


উত্তৰঃ উক্ত কবিতাফাঁকি দেৱকান্ত বৰুৱা বিৰচিত 'মনোৰমা' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাকিৰ জৰিয়তে কবিয়ে প্রেয়সীৰ দৈহিক সৌন্দৰ্যৰ মনোৰম ছবি এখন দাঙি ধৰাৰ প্ৰয়াস কৰিছে।


তেওঁৰ প্ৰেয়সীৰ ক'লা চুলিটাৰীত যেন কোনোবাই আঁউসীৰ অন্ধকাৰৰ বোল সানি দিছে। ঘন ক'লা চুলিকোছাই প্রেয়সীক মোহনীয়া কৰি তুলিছে। পূৰ্ণ যৌৱনা ৰূপহী প্ৰেয়সীৰ কণ্ঠত বাজিছে মন উৰুঙা কৰা কপৌ চৰাইৰ ৰিঙণিৰ মধুৰ সুৰ। যি মাতে

কবিৰ হৃদয়ত মিলননোন্মুখ যৌৱনৰ দৈহিক অনুভূতি জাগ্রত কৰিছে। কবিয়ে প্রকৃতি আৰু লোক-সংস্কৃতিক জীবন-চর্যাৰ বুকুৰ পৰা আহৰিত সৌন্দৰ্যৰে সজাই পৰাই প্ৰেয়সীৰ যৌৱনৰ মৌৱনত থুপাই থৈছে। কবিৰ কাব্য চিন্তাত প্রতিফলিত হৈছে প্ৰকৃতিৰ সৌন্দৰ্য সুষমামণ্ডিত ৰূপৰ চিদ্ৰ। আনফালে কবিৰ প্ৰেয়সীৰ দেহ-অৱয়ৱত প্রকৃতিৰ সমস্ত সৌন্দর্য সুষমাৰ বোল সানি দিছে। যাৰ কাৰণে তেওঁৰ প্ৰেয়সী হৈ পৰিছে ৰূপৰ ৰাণী। এয়া কবিৰ আন্তবিক অনুভূতিৰ গভীৰ প্রবাহ। কবিয়ে প্ৰেয়সীৰ ৰূপৰ বৰ্ণনাৰ লগে লগে অসমীয়া লোক-জীৱনৰ অনুপম চিত্র অংকন কৰিছে। যাৰ বাবে কবিতাফাকিত স্বাভাৱিক সৌন্দর্য ফুটি উঠিছে।


(খ) নিপোটল বুকু, লাটুমণি ওঁঠ


  দুয়োপাৰি দাঁত ডালিম-গুটি 


মৰুময় মোৰ পৃথিৱীত সখী, 


তুমি কবিতাৰ একোটি সুঁতি।


উত্তৰঃ উক্ত কবিতা ফাকি দেৱকান্ত বৰুৱা ৰচিত 'মনোৰমা' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।


কবিতাফাকিৰ মাজেৰে কবিয়ে প্রেয়সীৰ ৰূপ বর্ণনা কৰাৰ প্ৰয়াস কৰিছে।

কবিৰ প্রেয়সী মনোৰমা। মনোৰমাৰ দেহৰ অংগে অংগে ৰূপৰ বিচিত্র শোভা। তেওঁৰ বুকু নিপোটল। নাৰীৰ সৌন্দৰ্যৰ মূল বিন্দু উঠন বুকু। বুকুৰ স্তন যুগলৰ সৌন্দৰ্যই পুৰুষক সহজে আকর্ষণ কৰে। কবিও নিপোটল বুকুৰ শোভাৰাশিত মুগ্ধ। তেওঁৰ ওঠ লাটুমণি যেন ৰঙালি। ডালিমৰ গুটি যেন দাঁত দুপাৰি। এনেহেন সৌন্দৰ্যৰ ৰাণী প্রেয়সীক কবিয়ে তেওঁৰ মৰুময় জীৱনলৈ আহ্বান জনাইছে। কবিয়ে ঘোষণা কৰিছে- তেওঁৰ জীৱন মৰুভূমিৰ দৰে উকা, উত্তপ্ত। তাত সম্ভাবনা আছে, কিন্তু প্ৰেৰণা নাই, উদগনি নাই। নিজব সৃষ্টি কৰ্মক নিৰলস গতিৰে চিৰ প্ৰৱাহমান কৰি ৰখাৰ আকাংক্ষাৰে, মৰুময় জীৱনক জীপাল কৰি তোলাৰ আশাৰে কবিয়ে 'তুমি কবিতাৰ একোটি সূতি' বুলি নিস্পাপ স্বীকাৰোক্তি দিছে। ইয়াৰ মাজতে লুকাই আছে কবিতাটিৰ অভিনৱত্ব, সাৰঅর্থ। প্রেয়সীক লৈ কৰা এনে বর্ণনাই আমাক ভাবিবলৈ বাধ্য কৰাই এয়া আন একো নহয়, মাথো দেহজ প্ৰেমৰ বাস্তব অনুভূতিৰ সৰল প্রকাশ।


ৰচনাধৰ্মী প্রশ্নোত্তৰ:


১। দেৱকান্ত বৰুৱাৰ কাব্য কৃতি সম্পর্কে চমুকৈ লিখা।


উত্তৰ: আৱাহন কাকতৰ জৰিয়তে আত্ম-প্রকাশ কৰা কবি দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতৰ এজন বৰেণ্য কবি। ৰোমাণ্টিক আৰু আধুনিক- এই দুটা যুগৰ দোমোজাত কাব্য সাধনাত ব্রতী হোৱা এই গৰাকী কবিক 'যুগ সন্ধিৰ কবি' বুলি জনা যায়। দেৱকান্ত বৰুৱা দেহজ প্ৰেমৰ কবি, তথা যৌৱনৰ উপাসক। সেয়ে তেওঁক যৌবনৰ কবি বুলিও অভিহিত কৰা হৈছে। তেওঁৰ কাব্য চিন্তাৰ মূল কেন্দ্ৰবিন্দু প্রেম। প্ৰেমৰ পথাৰ চহ কৰি তেওঁ যি ফচল লাভ কৰিছে সেয়া 'সাগৰ দেখিছা'। 'সাগৰ দেখিছা' দেবকান্ত বৰুৱাৰ একমাত্র কাব্য সংকলন। মাত্র এখন কাব্য পুথিৰ জৰিয়তে অসমীয়া কাব্য সাহিত্যত যি অতুলনীয় পৰিৱৰ্তনৰ ঢৌ তুলিলে সেই দৃষ্টান্ত অসমীয়া কবি কুলৰ মাজত দ্বিতীয় এজন পাবলৈ নাই বুলি কলেও বঢ়াই কোৱা নহব কিজানি। কল্পনাৰ দেউকা মেলি আকাশত বনাই ফুৰা অসমীয়া কবিতাক সংযত ভার, ভাষা আৰু কাব্যোপযোগী ছন্দসজ্জাবে বাস্তৱৰ বুকুত গতি কবিবলৈ দেৱকান্ত বৰুৱাই দুৱাৰ মুকলি কৰি দিয়ে।


দেৱকান্ত বৰুৱাই ৰোমাণ্টিক কবিতাৰ বিলাসী প্রেম-চিন্তা বাদ দি বাস্তৱৰ কঠিন চিন্তাৰে পৌৰষদীপ্ত ইন্দ্রিয়জ প্রেমক মহীয়ান কৰিবলৈ বিচাৰিছে। তাকে কৰিবলৈ যাওতে তেওঁ এক অপূর্ব কাব্যশৈলীৰ সৃষ্টি কৰি লৈছে। ইংৰাজ কবি ৰবাৰ্ট ব্রাউনিঙৰ 'নাটকীয় একোক্তি'ৰ আৰ্হিৰে অসমীয়া কবিতাক এক নতুন মাত্রা প্রদান কৰিছে। সেইবাবে কবি সমালোচক মহেন্দ্ৰ বৰাই দেৱকান্ত বৰুৱাক 'তামসিক কবি' আখ্যা দিছে। দেৱকান্ত বৰুৱাৰ কবিতাত ইন্দ্ৰিয় প্ৰেমৰ সৰ্বোত্তম প্রকাশ ঘটিছে। প্ৰেমৰ কবিতাক গতানুগতিকতাৰ সুষিৰৰ পৰা তুলি আনি বৰুৱাই ৰবার্ট ব্রাউনিঙৰ নাটকীয় একোক্তিৰ ঠাচত যি নতুনত্বৰ বীজ ৰোপণ কৰিলে তাত অনেক তরুণ কবিয়ে স্নান কৰে বুলি মহেশ্বৰ নেওগে মন্তব্য প্রকাশ কৰিছে।


আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট 'মনোৰমা' নামৰ কবিতাটি দেৱকান্ত বৰুৱাৰ এটি উৎকৃষ্ট কবিতা। সহজ-সৰল অর্থ ব্যঞ্জক শব্দ অসমীয়া লোকজীৱনৰ পৰা বুটলি আনি 'মনোৰমা'ৰ কাব্য দেহ বৰুৱাদেৱে নিৰ্মাণ কৰিছে। মনোৰমা পার্থিব প্ৰেমৰ অমৃত নিজৰা। কবিতাটিৰ 'মনোৰমা' নামটোৱে গভীৰ অৰ্থ বহন কৰিছে। কবিৰ সমষ্ট দৈহিক জীৱনক কোলাৰ কেঁচুৱাৰ দৰে আৱৰি ৰাখিছে এগৰাকী কল্পনাৰ প্ৰেয়সীয়ে। কবিতাটিৰ ভাব-ভাষা, ছন্দসজ্জা, শব্দ প্রয়োগৰ দক্ষতা মন কৰিবলগীয়া। কবিতাটিত আৰম্ভণিৰ পৰা শেষলৈকে এক সাংগীতিক লয় বিৰাজমান। যাৰ কাৰণে কবিতাটি সর্বোত্তম কাব্য শিল্পী ৰূপত প্রকাশিত হৈছে। একেদৰে 'সাগৰ দেখিছা'ৰ অন্যান্য কবিতা সমূহো একো একোটা উৎকৃষ্ট কবিতা। 'সাগৰ দেখিছা' নামৰ কবিতাটি এবাৰ পঢ়িলে হেজাৰ বাৰ পঢ়িবলৈ মন যায়।


সেইবাবেই চাগে দেৱকান্ত বৰুৱা কবি সমাজৰে অকল আদৰণীয় নহয় পাঠক সমাজৰো অন্তৰৰ কবি।


২। দেৱকান্ত বৰুৱাক কিয় 'যুগসন্ধিৰ কবি' আখ্যা দিয়া হয়? 'মনোৰমা' কৰিতাৰ আধাৰত ব্যাখ্যা কৰা।


উত্তৰ: দেৱকান্ত বৰুৱা অসমীয়া ৰোমাণ্টিক যুগৰ (১৯১৪-১৯৯৬) কাব্যসাগৰৰ অন্তিম তৰংগৰ শ্ৰেষ্ঠ কবি। ৰোমাণ্টিক যুগৰ শেষ আৰু সাম্প্ৰতিক যুগৰ আৰম্ভ কালৰ কবি হিচাপে তেওঁক 'যুগসন্ধিৰ কবি' বুলিও অভিহিত কৰা হয়।


দেৱকান্ত বৰুৱাৰ উৎকৃষ্ট কবিতাসমূহৰ ভিতৰত 'মনোৰমা' অন্যতম। ৰোমাণ্টিক আৰু আধুনিক এই দুয়োটা যুগৰ দোমোজাত কাব্য সাধনত ব্রতী হোৱা এইগৰাকী কবিক একে আষাৰে দেহজ প্ৰেমৰ কবি তথা যৌৱনৰ উপাসক আখ্যা দিব পাৰি। আলোচ্য কবিতাটিতো কবিয়ে একান্ত ব্যক্তিগত প্রেমক বিশেষ মর্যাদা সহকাৰে গ্ৰহণ কৰা পৰিলক্ষিত হয়। 'মনোৰমা' পার্থিব প্ৰেমৰ অমৃত নিজৰা, কবিৰ কাব্যচিন্তাৰ মূল সুঁতি, প্ৰেৰণাৰ সিন্ধু। কবিতাটিৰ নামকৰণেই সেই কথাৰ ইংগিত বহন কৰে। কবিৰ ঐহিক জীৱনক কোলাৰ কেঁচুৱাৰ দৰে আৱৰি ৰাখিছে এইগৰাকী কল্পনাৰ প্ৰেয়সীয়ে।


ৰোমাণ্টিক কবিয়ে প্ৰেয়সীৰ দেহত প্ৰকৃতিৰ সমস্ত ৰূপৰ প্ৰতিফলন দেখাৰ দৰে দেৱকান্ত বৰুৱাৰ 'মনোৰমা'ও প্রকৃতিৰ মনোমোহা সৌন্দৰ্যৰে ৰঞ্জিতা হৈ উঠিছে। অৱশ্যে কবিৰ এই প্রেয়সী কেৱল প্ৰকৃতিৰ জীয়ৰী নহয়; বৰং এওঁ তেজ-মঙহৰ ৰূপহী গাভৰু। সেইবাবেই ৰূপহী মনোৰমাৰ দুচকুত জলমলাই আছে অলেখ সপোন। স্বপ্নবিহীন জীৱন জড়। তাৰ কোনো মূল্য নাই। কবিৰ আশা আছে, বাসনা আছে। সেই আশাই তেওঁক অহৰহ প্ৰেৰণা যোগাই আছে। তেওঁ কল্পনাৰ প্ৰেয়সীৰ দুচকুত দেখিছে সপোনৰ মায়াময় আবেশ। সপোনৰ মায়াজালেৰে পৰিব্যাপ্ত প্ৰেয়সীৰ মুখাবয়ৱৰ অপৰূপ কান্তিক অধিক মায়াময় কৰি তুলিছে জোনাকৰ ছায়াঘন সৌন্দর্যই। ইয়াত কোনো যন্ত্রণা নাই, উগ্রতা নাই। নতুনকৈ গজালি মেলা ঘাঁহৰ সুবাস ভৰা মৃদু বতাহৰ দৰে প্ৰেয়সীৰ নিশ্বাসৰ কল্পনা অসমীয়া কাব্য-সাহিত্যত অভিনৱই নহয়, দুর্লভো। আঁউসীৰ অন্ধকাৰৰ সুষমাৰে ভৰা ঘন ক'লা চুলীৰে মোহময়ী হৈ উঠা প্ৰেয়সীৰ কণ্ঠত কবিয়ে শুনিছে কপৌৰ ৰুণত বাজি উঠা উৰুঙা উৰুঙা লগা ৰিঙণিৰ সুৰ-


ক'লা চুলিটাৰি, কোনে সানি দিলে


আঁউসী নিশাৰ সুষমা তাত?


 কেতিয়া শিকালে কপৌৱেনো তাৰ


মন কিবা কৰা উৰুঙা মাত?


পোনে পোনে কৈ নিদিলেও, ইয়াৰ মাজেৰে প্ৰকাশ পাইছে প্ৰেয়সীৰ স'তে মিলনোন্মুখ যৌৱনৰ দৈহিক অনুভূতি।


প্ৰকৃতিৰ স'তে কবিৰ আত্মীয়তা অতি নিবিড়। সেয়েহে তেওঁৰ মানসপটত ভাহি উঠিছে আগ বাৰিষাৰ ৰিব ৰিব বতাহৰ দৰে হাঁহো হাঁহো কৰি থকা প্ৰেয়সীৰ মুখমণ্ডলৰ দীপ্তি। সেই হাঁহিৰ উলাহত কঁপি উঠিছে কলঙৰ জলৰাশি। কলং নৈ আৱৰি থকা পানী মেটেকাৰ গাত সেই মনোৰম হাঁহিয়ে যেন ঈষৎ বেঙুনীয়া ৰঙৰ ফুলৰ পাহি মেল খুৱাইছে। কাৰ্য-কাৰণৰ সম্পৰ্ক অর্থাৎ কলঙৰ বুকুত তোলা কঁপনি আৰু তাৰ উলাহত প্রস্ফুটিত হোৱা মেটেকা ফুলৰ মূল কাৰণ প্ৰেয়সীৰ হাঁহি- এই দুয়োৰে সম্বন্ধ স্থাপনত কবি সফল হোৱাই নহয়, ই কবিতাটিক অনুপম সৌন্দর্যও দান কৰিছে। কবিৰ প্ৰেয়সীৰ দুহাত পদুমৰ ঠাৰিৰ দৰে মসৃণ। দহো আঙুলি চম্পা-কলিৰ দৰে। প্রাকৃতিক সম্পদৰ সৈতে প্রেয়সীৰ দৈহিক অংগৰ তুলনা সার্থক কবিৰ পক্ষেহে সম্ভব। কবিয়ে কিন্তু সেই দুহাতক কেবল সৌন্দৰ্যৰ আকৰ কৰিয়েই এৰা নাই। তেওঁৰ প্রেয়সী একে সময়তে কর্ম-নিপুণা। অন্যান্য অসমীয়া গাভৰুৰ দৰে কবি-প্রেয়সীও এগৰাকী পাকৈত শিপিনী। তেওঁৰ যাদুকৰী হাতৰ স্পৰ্শত দোৰপতি থৰক-বৰককৈ কঁপে, জাকিৰ মাজেৰে তড়িৎ গতিৰে অহা-যোৱা কৰে তাত নাইকীয়া মাকো।


দহোটি আঙুলি চপাকলি হেন, 


পদুমৰ ঠাৰি দুখনি হাত, 


ছুই দোৰপতি থৰক্‌ বৰক্‌ 


তত্‌ নাইকিয়া মাকোৰ গাত।


কবিয়ে এনেদৰে প্ৰেয়সীৰ ৰূপ বৰ্ণনাৰ লগে লগে অসমীয়া লোক-জীৱনৰ অনুপম চিত্ৰৰ অংকেনেৰে কবিতাটিক স্বাভাৱিক সৌন্দর্যও প্রদান কৰিছে। অসমৰ প্ৰকৃতি, অসমৰ লোক-সংস্কৃতিক জীৱন-চৰ্যাৰ বুকুৰ পৰা আহৰিত সৌন্দৰ্যৰ আভৰণেৰে সজাই-পৰাই তোলা কবিৰ এই কাল্পনিক প্রেয়সীগৰাকীৰ যৌৱন মৌবনত থুপ খাই আছে অসমৰ বোকামাটিৰ সুগন্ধ। লাটুমণি গুটি আৰু ডালিমৰ গুটিৰ ৰং-ৰূপ অসমীয়া গ্রাম্য জীৱনৰ নিচেই চিনাকি। কবিৰ কাব্য-চিন্তাই প্রকৃতিৰ এই স্বাভাৱিক সৌন্দর্যক সুষমামণ্ডিত কৰি তুলিছে। আন্তৰিক অনুভূতিৰ গভীৰতাৰ বাবেই ঐহিক জীৱনৰ সমস্ত আৱেগেৰে 'নিটোপল বুকু', 'লাটুমণি ওঁঠ', ডালিমৰ গুটিৰ দৰে দুপাৰি দাঁতৰ গৰাকী সৌন্দর্যময়ী প্রেয়সীক কবিয়ে 'সখী' সম্বোধনেৰে তেওঁৰ মৰুময় জীৱনলৈ আহ্বান জনাইছে। কবিতাটিৰ অন্তিম চৰণত কবিয়ে আমাক স্পষ্টভাবে জনাই দিছে যে তেওঁৰ জীৱন মৰুভূমিৰ দৰে উকা, উত্তপ্ত। তাত সম্ভাৱনা আছে, কিন্তু প্ৰেৰণা নাই, উদ্‌দ্গনি নাই। নিজৰ সৃষ্টিকৰ্মক নিৰলস গতিৰে চিৰ প্ৰৱহমান কৰি ৰখাৰ আকাংক্ষাৰে, মৰুময় জীৱনক জীপাল কৰি তোলাৰ আশাৰে কবিতাটিৰ শেষত কবিয়ে 'তুমি কবিতাৰ একেটি সুঁতি' বুলি নিষ্পাপ স্বীকাৰোক্তি দিছে। ইয়াত লুকাই আছে কবিতাটিৰ সাৰমৰ্ম-


নিপোটল বুকু, লাটুমণি ওঁঠ, 


দুয়ো পাৰি দাঁত ডালিম-গুটি; 


মৰুময় মোৰ পৃথিৱীত সখী, 


তুমি কবিতাৰ একোটি সুতি


কবিতাটিৰ এটা বিশেষ বৈশিষ্ট্য হ'ল- নামকৰণৰ বাহিৰে আন ক'তো মনোৰমা নামটোৰ উল্লেখ নথকাটো। কবিগৰাকী আন কেইবাটিও কবিতাত 'মনোৰমা' নামটো একাধিকবাৰ ব্যৱহাৰ হোৱাটো মন কৰিবলগীয়া। ইয়াৰে কোনোবাটোত 'তন্দ্ৰলসা গাভৰু মনোৰমা' হৃদয়ত প্রথম প্রেমানুভূতি জগোৱা বুলি কৰা পুৰুসুলভ দাম্ভিকতা আছে। আকৌ আন ক'ৰবাত আছে 'ওঁঠত ওঁঠ লগাই' একান্তভাবে কৰা দেহজ প্রেমৰ বাস্তব অনুভূতিৰ সৰল প্রকাশ। মন কবিলগীয়া যে- দেৱকান্ত বৰুৱাৰ কাব্য-ভাৱনাৰ ক'তোৱেই বিষাদ-বিননি পাবলৈ নাই। সেইদৰে অপ্রাপ্তিৰ অশান্তি অথবা প্রাপ্তি, আনন্দৰ অধীৰতাও তেওঁৰ কবিতাত অনুপস্থিত। তদুপৰি তেওঁৰ কাব্য পৰিক্ৰমাই মৃত্যুৰ সিপাৰৰ জগততো ভুমুকি মৰা নাই। মৃত্যুৱেই জীৱনৰ পৰিসীমা বুলি আন্তৰিকতাৰে উপলব্ধি কৰি মাটিৰ পৃথিৱীকে তেওঁৰ কাব্যকৰ্মৰ একমাত্ৰ ক্ষেত্ৰ হিচাপে গণ্য কৰিছে। 'মনোৰমা'ও তাৰ ব্যতিক্ৰম নহয়। দেৱকান্ত বৰুৱাৰ পূৰ্বে অসমীয়া কাব্য সাহিত্যত এনে বাস্তৱ চিন্তা পোৱা নাযায়।


মনোৰমা শব্দৰ আভিধানিক অর্থ মনক আনন্দ যোগোৱা, মনোজ্ঞা, উত্তম। হয়তো এনে অর্থতে কবিয়ে আজীৱন সেই প্ৰেয়সীৰ সংগ আৰু অনুপ্ৰেৰণা বিচাৰি জীৱনক সুন্দৰ কৰাৰ আকাংক্ষা কৰিছে। মনোৰমা নামটোৰ মাজত লুকাই আছে সকলো দিশৰ পৰা মনক প্রফুল্লতাৰে পূৰ্ণ কৰি ৰাখিব পৰা গুণৰ ধাৰণা। কবিয়ে সেইবাবেই প্ৰেয়সীৰ নাম ৰাখিছে মনোৰমা আৰু তেওঁকেই কবিৰ জীৱনজোৰা সাধনাৰ তথা কাব্যশিল্পৰ অন্যতম উৎস হিচাপে স্বীকৃতি দিছে।


কাব্যোপযোগী ভাষাৰ ব্যৱহাৰে কবিতাটিত অনন্য সৌন্দর্য প্রদান কৰিছে। গোটেই কবিতাটোত ক'তো এটাই কঠিন শব্দ নাই। ফলত কবিতাটিয়ে স্বাভাবিক গীতিময়তা লাভকৰিছে। 'আগ বাৰিষাৰ বা ৰিব ৰিক্‌ বতাহ', 'পানীমেটেকা, 'চপা-কলি হেন আঙুলি', 'থৰক্‌ বৰক্‌', 'দোৰপতি', 'তত নাইকিয়া মাকো', 'নিটোপল বুকু', 'লাটুমণি ওঁঠ', 'ডালিম গুটি দাঁত', আদি সহজ-সৰল অথচ অর্থব্যঞ্জক শব্দ অসমীয়া লোক-জীৱনৰ পৰা আহৰণ কৰি কবিয়ে 'মনোৰমা'ৰ কাব্য-দেহ নিৰ্মাণ কৰিছে।


কবিতাটিৰ ছন্দসজ্জাও মন কৰিবলগীয়া। ৰবাৰ্ট ব্রাউনিৰ পৰা আহৰিত নাটকীয় একোক্তিৰ সাৰ্থক প্রয়োগ যদিও এইগৰাকী কবিৰ কাব্যকৃতিৰ অন্যতম বৈশিষ্ট্য, এই বিশেষ কবিতাটিত কিন্তু কবিয়ে তাক সচেতনভাৱে পৰিহাৰ কৰিছে। বৰং তাৰ ঠাইত তেওঁ ৰোমাণ্টিক কাব্যকুশলীসকলৰ দৰে ত্রিপদী ছন্দৰ স্বাভাৱিক সজ্জাৰ আশ্ৰয় লৈছে। ইয়াৰ ফলত বিষয়বস্তুৰ সৈতে ছন্দৰ এক অপূর্ব সমন্বয় ঘটিছে। সেইবাবে আৰম্ভণিৰ পৰা শেষলৈকে গোটেই কবিতাটিত অনুভূত হয় এক সাংগীতিক লয়। অন্ত্যানুপ্ৰসাৰ যথার্থ ব্যৱহাৰ আৰু শব্দ প্ৰয়োগৰ দক্ষতাই কবিতাটিক সর্বোত্তম কাব্যশিল্পরূপে প্রতিষ্ঠিত হোৱাত সহায় কৰা বুলি ক'লে নিশ্চয় বঢ়াই কোৱা নহ'ব।


৩। 'মনোৰমা' কবিতাটিৰ বিষয়বস্তুৰ আভাস দাঙি ধৰি কবিতাটিৰ কাব্যিক সৌন্দর্য ফঁহিয়াই দেখুওৱা।


উত্তৰঃ কুৰিটা শাৰীযুক্ত, পাচটা স্তৱকত সমাপ্ত 'মনোৰমা' নামৰ কবিতাটি এটি পাৰ্থিৱ প্ৰেমৰ কবিতা। কবিতাটিৰ বিষয়বস্তু এনেধৰণৰ এগৰাকী নাৰী, যিজনী কবিৰ প্রেয়সী। তেওঁৰ দুচকুত ভবি আছে অলেখ সপোনৰ মায়া। জোনাকৰ অপৰূপ সৌন্দর্যই তেওঁৰ মুখমণ্ডল আৱৰি আছে। তেওঁৰ নিশ্বাসত যেন ওপচি আছে নতুনকৈ গজা ঘাঁহৰ সূৰভি ভৰা মৃদু বতাহৰ বা।


দ্বিতীয় স্তৱকত অংকিত হৈছে কবিৰ প্ৰেয়সীৰ দৈহিক সৌন্দৰ্যৰ শোভাৰাশিৰ চিত্র। তেওঁৰ ক'লা চুলিটাৰিত যেন কোনোবাই আঁউসীৰ আন্ধাৰৰ বোল সানি থৈছে। ৰূপহী গাভৰু প্রেয়সীৰ কণ্ঠত বাজিছে মন উৰুঙা কৰা কপৌ চৰাইৰ ৰিঙণিৰ সুৰ।


তৃতীয় স্তৱকত কবি প্রকৃতিৰ ওচৰলৈ ধাবমান হৈছে। কবিয়ে প্রেয়সীৰ হাঁহো হাঁহো কৰি থকা মুখনিত আবিস্কাৰ কৰিছে আগবাৰিষাৰ ৰিবিব বতাহৰ বা। প্ৰেয়সীৰ সেই ঈষৎ হাঁহিত কবিয়ে লাভ কৰিছে অফুৰন্ত শক্তি আৰু প্রত্যয়। যি হাহিৰ নিক্কনত উলাহত কঁপি উঠিছে কলঙৰ জলৰাশি। ফুলি উঠিছে পানীৰ বুকুত ঈষৎ বেঙুনীয়া বৰণৰ পানী মেটেকা ফুলৰ পাহিঁবোৰ।


চতুর্থ স্তৱকত কবিয়ে প্রেয়সীৰ দুখনি লাৱনি হাতৰ বৰ্ণনা দাঙি ধৰি কৈছে তেওঁৰ হাত দুখন যেন পদুমৰ ঠাৰিহে। সেই হাতৰ চাঁপা কলি হেন দহো আঙুলিৰ যাদুকৰী পৰশত তাঁতৰ শালব দোৰপতি নাচিছে। মাকোটিৰো তৎ নাইকিয়া হৈছে। ইয়াৰ অৰ্থ এয়ে যে কবিৰ প্ৰেয়সী এগৰাকী পাকৈত শিপিনীও।


পঞ্চম তথা শেষ স্তৱকত উল্লেখ কৰিছে প্ৰকৃতি আৰু জীৱন চৰ্যাৰ সকলো উপকৰণেৰে সমৃদ্ধ প্ৰিয়াৰ এখনি মনোমোহা চিত্র। নিপোটল বুকু, লাটুমণি ওঁঠ আৰু ডালিমগুটীয়া দাঁতেৰে পূৰ্ণ যৌৱনা প্রেয়সীক সখী সম্বোধন কৰি অন্তৰৰ সমস্ত আবেগ ঢালি দিছে। মৰুময় জীৱনক জীপাল কৰিব পৰা একমাত্র সম্পদ নাৰী-প্রেম। কবিয়ে সেই কথা মর্মে মর্মে উপলদ্ধি কৰি তেওঁৰ মৰুময় জীৱনলৈ আওপকীয়াকৈ আমন্ত্রণ জনাইছে। কবিয়ে প্ৰেমৰ অভিনৱত্ব আবিস্কাৰ কৰিছে প্ৰেয়সীৰ দৈহিক আকৰ্ষণৰ মাজত। কবিতা সৃষ্টিক প্ৰেমৰ প্ৰেৰণাৰে প্ৰবাহমান কৰি ৰখাৰ বাবে কবিয়ে শেষ স্তবকত 'তুমি কবিতাৰ একেটি সুঁতি' বুলি অকপট স্বীকাৰোক্তি দিছে। ইয়াৰ মাজতে লুকাই আছে কবিতাটিৰ আচল মৰ্ম আৰু মহত্ব। কবিৰ সুদক্ষ বর্ণনাৰ গুণত কবিতাটিৰ বিষয়বস্তুৱে স্পষ্ট ৰূপত পাঠকৰ মানস পটত ধৰা দিয়া দেখা যায়।


'মনোৰমা' নামৰ কবিতাটিত প্রতিফলিত হৈছে পাৰ্থিৱ প্ৰেমৰ পৰাকাষ্ঠা। কবিতাটিৰ নামাকৰণতে আছে এক বিশেষ বৈশিষ্ট্য। মনোৰমা নামটোৰ মাজত লুকাই আছে সকলো দিশৰ পৰা মনক প্রফুল্লতাৰে পূৰ্ণ কৰি ৰাখিব পৰা গুণৰ ধাৰণা। কবিয়ে কবিতাটিত প্ৰেয়সীৰ ৰূপৰ বৰ্ণনা নিখুট ভাবে দাঙি ধৰিছে। ইয়াৰ লগে লগে কবিয়ে অসমীয়া লোকজীৱনৰ অনুপম চিত্ৰৰ অংকনেৰে কবিতাটিক স্বাভাৱিক সৌন্দৰ্য্য প্রদান কৰিছে। লোক-সাংস্কৃতিক জীৱন-চর্যাৰ বুকুৰ পৰা আহৰিত সৌন্দৰ্যৰ আভৰণেৰে সজাই পৰাই তোলা কবিৰ কাল্পনিক প্ৰেয়সীৰ যৌৱন মৌৱনত থুপ খাই আছে অসমৰ বোকা মাটিৰ গোন্ধ। লাটুমণি গুটি, ডালিমৰ গুটিৰ ৰংৰূপ অসমীয়া জীৱনৰ অতিকৈ চিনাকি।


আনফালেদি মেটেকা ফুলাৰ একমাত্ৰ কাৰণ প্ৰেয়সীৰ হাঁহি, প্ৰেয়সীৰ হাত পদুমৰ ঠাৰি যেন, দহো আঙুলি চম্পা কলিৰ দৰে, নতুনকৈ গজালি মেলা ঘাঁহৰ সুবাসৰ দৰে প্রেয়সীৰ নিশ্বাসৰ কল্পনা, আঁউসীৰ অন্ধকাৰ যেন ঘন ক'লা চুলি, কপৌৰ বুণৰ দৰে মাত আদি প্রাকৃতিক সম্পদৰ লগত প্ৰেয়সীৰ ৰূপৰ তুলনা আৰু কল্পনাই কবিতাটিক সৌন্দর্যশালী কৰি তুলিছে।


কবিতাটিক অনন্য সৌন্দর্য প্রদান কৰা আন এক সমল হ'ল- কাব্যোপযোগী ভাষাৰ ব্যৱহাৰ। কবিতাটিৰ ক'তো এটা টান শব্দ নাই। আগ বাৰিষাৰ বা, ৰিৰিব বতাহ, পানী মেটেকা, চপা কলি হেন আঙুলি, থৰক বৰক, দোৰপতি, তত নাইকিয়া মাকো, নিপোটল বুকু, লাটুমণি ওঁঠ, ডালিম গুটি দাঁত আদি সহজ সৰল অর্থপূর্ণ শব্দ অসমীয়া লোক-জীৱনৰ পৰা বুটলি আনি 'মনোৰমা' কবিতাটিৰ অবয়ব নিৰ্মাণ কৰিছে।


ছন্দ সজ্জাৰ ফালৰ পৰাও কবিতাটি পাগত উঠিছে বুলি ক'ব পাৰি। ৰোমাণ্টিক কাব্য কুশলীসকলৰ দৰে ত্রিপদী ছন্দৰ স্বাভাৱিক সজ্জাৰ আশ্ৰয় লৈছে। কবিতাটিৰ বিষয়বস্তুৰ সৈতে ছন্দৰ অপূর্ব সমন্বয় ঘটিছে। কবিতাটিৰ আৰম্ভণিৰ পৰা শেষলৈকে এক সাংগীতিক লয় অনুভূত হয়। অন্তানুপ্রাসৰ যথোপযুক্ত ব্যৱহাৰ, শব্দ প্ৰয়োগৰ দক্ষতা, বৰ্ণনাৰ মধুৰ্যতাই কবিতাটিক সর্বোত্তম কাব্যশিল্প ৰূপে প্রতিষ্ঠা হোৱাত সহায় কৰিছে।


কবিতাটিৰ সৌন্দর্য বিকাশিত আন এক নতুনত্বই গতি প্রদান কৰিছে। নাটকীয় একোক্তিৰ সার্থক প্রয়োগ ঘটিছে। ৰবাৰ্ট ব্রাউনিঙৰ আৰ্হিৰে কবিয়ে মনোৰমা কবিতাত নাটকীয় একোক্তিৰ প্ৰয়োগ কৰিছে।


মুঠতে 'মনোৰমা' কবিতাটি কাব্য সৌন্দৰ্যৰ বিভিন্ন দিশেৰে সৌন্দৰ্যশালী হৈ উঠিছে। 


৪। ৰোমাণ্টিক কবিতা হিচাপে 'মনোৰমা' কবিতাটিক বিশ্লেষণ কৰা।


উত্তৰঃ 'মনোৰমা' কবিৰ এটি উৎকৃষ্ট ৰোমাণ্টিক কবিতা। কবিতাটিত প্রেম আৰু সৌন্দৰ্য একাকাৰ কৰি বৰ্ণনা কৰিছে। কবিৰ প্ৰেমিকা প্ৰকৃতিৰ অফুৰন্ত সৌন্দৰ্যৰ প্ৰতীক। প্ৰকৃতিৰ ধুনীয়াবোৰ 'মনোৰমা'ৰ মাজতে লীন গৈছে। কলংপাৰত কবি আৰু মনোৰমাৰ মাজত এক কাল্পনিক কথোপকথণ চলিছে। বেজবৰুৱাৰ 'মালতী' যিদৰে সকলোতকৈ ধুনীয়া ঠিক তেনেদৰে মনোৰমাও প্ৰকৃতিৰ মোহনীয় সৌন্দৰ্যৰ অনন্য ৰূপ। কলঙৰ সেউজীয়া পাৰত বহি কবিৰ চৌপাশৰ মনোমোহা সৌন্দৰ্যৰে প্ৰেমৰ সুগন্ধক তুলনা কৰিছে।


"চকুত তোমাৰ সপোনৰ মায়া, 


মুখত জোনৰ কোমল ছাঁ; 


নিশাহত যেন নতুন ঘাঁহৰ 


সুৰভিৰে পুৰ, মৃদুল বা!"


প্ৰেয়সীৰ চকুত নতুন স্বপ্নৰ আভা বিৰিঙি উঠা কবিয়ে লক্ষ্য কৰিছে। জোনাকৰ কোমল ছাঁই কবি মনত প্ৰেমৰ উন্মাদনা জগাই তুলিছে। প্ৰেমৰ গভীৰতাই আনকি সেউজীয়া ঘাঁহকো সুৰভিৰে ভৰাই তুলিছে। কবি হৃদয়ত প্ৰেমৰ মৃদু মৃদু ভাব অনুভূত হৈছে।


ক'লা চুলিটাৰি, কোনে সানি দিলে 


আঁউসী নিশাৰ সুষমা তাত; 


কেতিয়া শিকালে কপৌৱেনো তাৰ


  মন কিবা কৰা উৰুঙা মাত?


প্ৰেমিকাৰ ক'লা চুলি আৰু আঁউসী নিশাৰ ঘোপ মৰা আন্ধাৰক একাকাৰ কৰি তুলিছে। ক'লা ৰঙো কেতিয়াবা আনন্দ মধুৰ হ'ব পাৰে। ৰুণ দি থকা কপৌ চৰাইয়েও প্রেমব গভীৰতাক স্পষ্টকৈ দাঙি ধৰে। নিজান দুপৰীয়া চৰাইয়ে মাতিলে কবিৰ মনত উৰুঙা ভাব এটি আহে। প্রেমিকাৰ মনত যিবোৰ চিন্তাই মন ৰঙাই তোলে, তেনে চিত্ৰ ৰ উৎস হ'ল-প্রকৃতিৰ চিত্ৰ-বিচিত্র ৰূপ।

আগ বাৰিষাৰ বা ৰিব ৰিব্‌ 


বতাহৰ দৰে তোমাৰ হাঁহি


উলাহতে তাৰ কপিছে কলঙ


পানীমেটেকাই মেলিছে পাহি


প্ৰেমিকাৰ হাঁহি বাৰিষাৰ ৰিব্ ৰিব্ বতাহৰ দৰে; বতাহে যিদৰে মানুহৰ হৃদয় মন শাত পেলায়, ঠিক তেনেদৰে বুকুভৰা এমোকোৰা হাঁহিয়ে কবি হৃদয়ত প্রাপ্তিৰ আনন্দ বোৱাই দিয়ে। হাঁহিৰ শব্দত কলঙৰ পানী কপিছে। কলঙৰ অনন্য অনুপ্ৰেৰণা আৰু প্ৰেয়সীৰ হাঁহি একাকাৰ হৈ পৰিছে। পানীৰ মেটেকাই পাহি মেলি সেউজীয়া পোহাৰ মেলি দিছে। হাঁহি আৰু বতাহৰ প্ৰতিধ্বনি যেন মেটেকাৰ মাজেৰে পাৰ হৈ গৈছে। এয়া কবিৰ প্ৰকৃতিৰ বুকু কুৰুকি সৌন্দর্য সন্ধানী এক মনৰ বৰ্ণনা ফুটি উঠিছে।



দহোটি আঙুলি চঁপাকলি হেন,


পদুমৰ ঠাৰি দুখনি হাত, 


ছুইদোৰপতি থৰক্‌ বৰক্‌, 


তত্ নাইকিয়া মাকোৰ গাত!


প্ৰেয়সীৰ দুখন হাতৰ আঙুলি চম্পাকলিৰ নিচিনা সুগঢ়ী। হাত দুখনি পদুমৰ ঠাৰি যেন। দেহৰ সৌন্দৰ্য প্ৰীতিৰ সুন্দৰ ফুলৰ উপমাৰে তুলি ধৰিছে। সেই সুন্দৰ দুখন হাতেৰে তাঁতশালৰ দোৰপতি ধৰি মাকো চলাইছে, সাইলাখ এগৰাকী সুন্দৰী অসমীয়া গাভৰুৰ অনন্য সৌন্দৰ্য বৰ্ণনা কৰিছে। কবিতাৰ প্ৰতিটো শব্দয়ে এক অপূর্ব ব্যঞ্জনাৰ সৃষ্টি কৰিছে। যেন তাঁতশালৰ খট্ খট্ শব্দ ভাহি আহিছে। কবিৰ দৃষ্টিত প্ৰেমৰ সুবাস বিলাব পৰা গাভৰু গৰাকী প্ৰকৃতিৰ চিৰসুন্দৰৰ মাজত বিলীন হৈ গৈছে।


নিপোটল বুকু, লাটুমনি ওঁঠ, 


দুয়োপাৰি দাঁত ডালিম গুটি; 


মৰুময় মোৰ পৃথিৱীত সখী, 


তুমি কবিতাৰ একেটি সুতি।


কবি প্ৰিয়াৰ সুন্দৰ উঠন বুকু, ৰঙা লাটুমণিৰ দৰে ওঁঠ, ডালিম গুটিৰ দৰে দাঁত, দেহৰ আনিন্দ্য সুন্দৰ বৰ্ণনা আৰু কল্পনাৰ আবেশে এগৰাকী জীৱন্ত সুন্দৰী নাৰীৰ চিত্ৰ দাঙি ধৰিছে। নাৰীৰ সৌন্দৰ্যৰ লগত প্ৰকৃতিৰ সৌন্দৰ্যক একাত্ম ৰূপত তুলি ধৰিছে। কবিতাটিত এটি সুন্দৰ চিত্ৰ কল্প নিৰ্মাণ কৰিছে-


জোনাক নিশা কলঙৰ পাৰত কবি আৰু সুন্দৰী গাভৰু একেলগে বহি প্ৰকৃতিৰ ৰূপসুধা পান কৰিছে। প্ৰকৃতিৰ প্ৰতিটো উপমা আনি গাভৰুৰ দেহৰ ভাজত সানি দিছে। মূৰৰ চুলিতাৰিত জোনাক আৰু আউসীৰ সুষমা, চকুত অযুত কল্পনা, হাত পদুমৰ ঠাৰি, আঙুলি চম্পাকলি। এই উপমাৰে এখন সুন্দৰ চিত্ৰ কল্প দাঙি ধৰিছে। কিন্তু এই সুন্দৰী প্রেয়সী তেওঁৰ পৰা বহু দূৰলৈ গুছি গৈছে। সেয়ে কবিয়ে নিজৰ হৃদয়খনক মৰুময় বুলি আক্ষেপ কৰিছে। সি প্ৰকৃতিৰ এটি সুঁতিৰ দৰে মাত্র এটি কবিতা বুলি উল্লেখ কৰিছে।


কবিতাত উল্লেখিত শব্দৰ সুষমা, প্রতীক, চিত্রকল্প আদিয়ে কবিৰ আকাশলঙ্ঘা আশা-আকাংক্ষাই বিচাৰিছিল প্ৰিয়জনৰ মাজেদি বিশ্বৰ ৰূপ-মাধুৰীৰাশি জীৱনৰ মৌকোহৰ এধানি সন্ধান। কবিতাৰ আধাৰ মনোৰমাৰ দেহ আৰু মন দুয়োটাই কবিৰ কাম্য।