কথা গুৰু চৰিতঃ গুৰু-শিষ্য়ৰ মণিকাঞ্চন সংযোগ
চমু প্ৰশ্নৰ উত্তৰঃ
(১) কথা গুৰু চৰিত পুথিখনৰ মূল সাঁচিপতীয়া পাঠ কোনখন সত্ৰত সংৰক্ষিত হৈছিল?
উত্তৰঃ বৰপেটা সত্ৰত।
(২) পদ্য়ত ৰচিত পুথিৰ এখনৰ নাম লিখা।
উত্তৰঃ শংকৰ চৰিত (ৰামচৰণ ঠাকুৰ)
(৩) চৰিত পুথিৰখনৰ দুটা বৈশিষ্ট্য় লিখা।
উত্তৰঃ চৰিত পুথিৰ দুটা বৈশিষ্ট্য় হল -
(ক) চৰিত পুথি সমূহত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি বিভিন্ন অৱস্থাৰ বৰ্ণনা পোৱা যায়।
(খ) চৰিত পুথিসমূহত সন্ত সকলৰ গোটেই জীৱনৰ কাৰ্যাৱলীৰ উপৰিও তেওঁলোকৰ পুৱাৰ পৰা গধুলিলৈকে দৈনন্দিন জীৱনৰ কাৰ্যাৱলীও অন্তৰ্ভুক্ত হোৱা দেখা যায়।
(৪) মাধৱদেৱে কাৰ হতুৱাই বিষ্ণু পূজা কৰাইছিল ?
উত্তৰঃ ৰাম ৰাম গুৰুৰ হতুৱাই।
(৫) কথা গুৰু চৰিত প্ৰথমে কোনে সম্পাদনা কৰি উলিয়াইছিল?
উত্তৰঃ অধ্য়াপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে।
(৬) চৰিত পুথিৰ দুটা ক্ৰটি উল্লেখ কৰা।
উত্তৰঃ চৰিত পুথিৰ দুটা ক্ৰটি হল -
(ক) চৰিত পুথিৰ দুটা ক্ৰটি হল শিষ্য়সকলে গুৰুৰ মাহাত্ম্য় বঢ়াবলৈ তেওঁৰ গাত অলৌকিক শক্তি আৰোপ কৰিছিল। যাতে আন আন ভক্ত আৰু পাঠক সকলে গুৰুৰ মহিমাৰ কথা শুনি আচৰিত হয় আৰু গুৰুক ভক্তি কৰে।
(খ) লিখক সকলৰ বুৰঞ্জী সম্পৰ্কীয় জ্ঞান নথকাত কোনো ঘটনাকে চালিজাৰি চোৱা নাই, কৰ ঘটনা কত সমাৱেশ কৰিব লাগে তালৈ চকু নিদিয়াৰ ফলত ঘটনাবোৰৰ ধাৰাবাহিকতা ৰক্ষা পৰা নাই।
(৭) বৰ্তমান সময়লৈকে উদ্ধাৰ হোৱা গদ্য়ত ৰচিত প্ৰথম চৰিত পুথি কোনখন ?
উত্তৰঃ কথা গুৰু চৰিত।
(৮) গুৰুপত্নীৰ পূজাৰ দ্ৰব্য় কোনে কলাকটা নৈত উটুৱাই দিছিল?
উত্তৰঃ মাধৱদেৱে।
(৯) বৈষ্ণৱ ধৰ্মৰ চাৰিখুঁটা কি কি? নৱবৈষ্ণৱ ধৰ্মত গুৰু স্থান কেতিয়াৰ পৰা আহিল?
উত্তৰঃ বৈষ্ণৱ ধৰ্মৰ চাৰিখুঁটা হল - নাম, দেৱ, গুৰু আৰু ভকত। নৱবৈষ্ণৱ ধৰ্মত গুৰুৰ স্থান আহে মাধৱদেৱে শংকৰদেৱক গুৰু মানি লোৱাৰে পৰা।
দীঘলীয়া প্ৰশ্নৰ উত্তৰঃ
(১) 'গুৰু শিষ্য়ৰ মণিকাষ্ণন সংযোগ' পাঠৰ আধাৰত কথা গুৰু চৰিত গদ্য়শৈলী সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ অসমীয়া গদ্য় সাহিত্য়ক ভাব প্ৰকাশৰ এক সাৱলীল মাধ্য়ম হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত 'কথা গুৰু চৰিত'ৰ এক বিশেষ অৱদান আছে। কথা গুৰু চৰিত এতিয়ালৈকে উদ্ধাৰ হোৱা গদ্য়ত ৰচিত প্ৰথম পুথি। শংকৰদেৱ, মাধৱদেৱ প্ৰমুখ্য়ে বৈষ্ণৱ ধৰ্মৰ ধৰ্মগুৰু সকলৰ জীৱন আৰু বৰ্ণনা কৰোঁতে সেই সময়ৰ সমাজ ইতিহাসৰো বিভিন্ন দিশ অতি প্ৰাঞ্জল ৰূপত প্ৰতিভাত হৈছে। ভাষাতাত্বিক দৃষ্টিৰ ফালৰ পৰাও গুৰুচৰিতৰ ভাষাৰ অসমীয়া কথ্য় ভাষাৰে এটি মনোৰম ৰূপ।
গুৰু শিষ্য়ৰ মণিকাঞ্চন সংযোগ পাঠাংশৰ আধাৰত গুৰু চৰিতৰ গদ্য়শৈলী সম্পৰ্কে আলোচনা কৰাৰ প্ৰয়াস কৰা হল -
(ক) কথা গুৰু চৰিতৰ ভাষা উজনি অসমৰ কথিত ভাষাতকৈ নামনি অসমৰ কথিত ভাষাৰহে অধিককৈ প্ৰতিনিধিত্বমূলক। 'কৈলে' (কৰিলে), 'মাইলে' (মাৰিলে), 'তোনো' (তেনে), 'কৰুবা' (ক'ৰবাৰ) ইত্য়াদি নামনিৰ কথিত ভাষাৰ অনেক প্ৰয়োগ বিশেষভাৱে মনকৰিবগলীয়া।
(খ) বৈচিত্ৰপূৰ্ণ গদ্য়ৰ সমাৱেশ কথাগুৰু চৰিতৰ আন এক বৈশিষ্ট্য়। নিৰ্দেশক সূচক, আজ্ঞাসূচক, প্ৰশ্নসূচক, বিবৃতিমূলক আদি বিবিধ প্ৰকাৰৰ বাক্য়ৰীতিয়ে কথা গুৰু চৰিতৰ গদ্য় বৈচিত্ৰপূৰ্ণ কৰি তুলিছে।
(গ) মনোৰম কথন ভংগিমাই কথা গুৰু চৰিতৰ গদ্য়ৰীতিক নাটকটীয়ত্ব প্ৰদান কৰিছে।
(ঘ) অনিয়ত বাক্য়ৰীতিৰ ব্য়ৱহাৰ কথা গুৰু চৰিতৰ গদ্য়ৰ অন্য়তম লক্ষণীয় বৈশিষ্য়। স্বাভাৱিক বাক্য়ৰীতিত আৰম্ভণিত কৰ্তাপদ আৰু শেষত ক্ৰিয়াপদৰ ব্য়ৱহাৰ হয়। ইয়াৰ বিপৰীতে অনিয়মিত বাক্য়ত বক্তাৰ অভীপ্সা অনুসাৰে যি পদক প্ৰাধান্য় দিবৰ মন সেই পদ হয় বাক্য়ৰ আৰম্ভণিত নহয় একেবাৰে শেষত ব্য়ৱহাৰ হয়।
(ঙ) বিভিন্ন প্ৰকাৰৰ যুৰীয়া শব্দৰ ব্য়ৱহাৰে কথা গুৰু চৰিতৰ গদ্য়ক মনোৰম কৰি তুলিছে।
(২) 'গুৰু শিষ্য়ৰ মণি কাঞ্চন সংযোগ' পাঠৰ আধাৰত শংকৰদেৱ আৰু মাধৱদেৱৰ চাৰিত্ৰিক বৈশিষ্ট্য় বিশ্লেষণ কৰি এটি নিবন্ধ যুগুত কৰা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। মহাপুৰুষ মাধৱদেৱ আছিল শংকৰদেৱৰ প্ৰধান শিষ্য়। শংকৰ-মাধৱৰ এই মহামিলন মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ পৰিঘটনা। শংকৰদেৱ আৰু মাধৱদেৱ দুয়োগৰাকীয়ে আছিল অসীম প্ৰতিভাসম্পন্ন আৰু বিৰল ব্য়ক্তিত্বৰ অধিকাৰী। মহাপুৰুষ শংকৰদেৱ আছিল সৰ্বগুণাকৰ পুৰুষ তেওঁৰ কৌটি সূৰ্ষ সম উজ্জ্বল জ্য়োতি দেখিয়েই যিকোনো মানুহৰ ভক্তিত মূৰ দো খাই যায়। শংকৰদেৱ যিদৰে প্ৰকৃত ধৰ্মগুৰু সেইদৰে যুক্তি তৰ্কতো পাৰ্গত। যুক্তিৰে তেওঁ ঘোৰ শাক্তপন্থী মাধৱদেৱক হৰুৱাই বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰাব পাৰিছিল। মাধৱদেৱ আৰু শংকৰদেৱে প্ৰবৃত্তি আৰু নিবৃত্তি পন্থাক লৈ তিনি প্ৰহৰ বেলি অৰ্থাৎ প্ৰায় নঘণ্টা সময়জুৰি তৰ্ক কৰে। মহাপুৰুষ শংকৰদেৱ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ডেকা বয়সৰে পৰা নিজক সম্পূৰ্ণৰূপে নিয়োজিত কৰিছিল যদিও সাংসাৰিক ক্ষেত্ৰটো তেওঁ এগৰাকী সফল ব্য়ক্তি আছিল। ধৰ্ম আলোচনাত জড়িত হৈ সংসাৰৰ প্ৰতি তেওঁ উদাসীন হৈ পৰা নাছিল। পৰিবাৰৰ লগত তেওঁৰ সম্পৰ্ক অতি মধুৰ আছিল। নিজৰ পত্নী, পুত্ৰ-কণ্য়াৰ প্ৰতি পিতৃ তথা স্বামী হিচাপে সকলো দায়িত্ব পালন কৰিছিল তাৰোপৰি তেওঁলোকৰ প্ৰতি যিখিনি মৰম কৰিব লাগে, সেয়া সম্পূৰ্ণৰূপে ৰক্ষা কৰিছিল। পত্নীৰ প্ৰতি থকা মধুৰ সম্পৰ্কৰ চিত্ৰ 'গুৰু শিষ্য়ৰ মণি কাঞ্চন সংযোগ' পাঠটোত সুন্দৰভাৱে প্ৰকাশ পাইছে।
মহাপুৰুষ শংকৰদেৱৰ চৰিত্ৰৰ এটা অন্য়তম বৈশিষ্ট্য় হল শিষ্য় সকলৰ প্ৰতি কৰা মধুৰ ব্য়ৱহাৰ আৰু আত্মীয়তাৰ মনোভাৱ। গুৰু শিষ্য়ৰ মণি কাঞ্চন সংযোগ পাঠাংশত এই বৈশিষ্ট্য়ৰ পৰিস্ফুৰণ ঘটিছে। নৱ বৈষ্ণৱ ধৰ্মৰ অন্য়তম গুৰু শংকৰদেৱৰ প্ৰিয় শিষ্য় মাধৱদেৱ গুৰুজনাৰ দৰেই সৰ্বগুণসম্পন্ন ব্য়ক্তি আছিল। দৃঢ়মনা আৰু অৰ্ন্তদৃষ্টি সম্পন্ন মাধৱদেৱৰ মণি কাঞ্চন সংযোগ পাঠত অতি সুন্দৰভাৱে প্ৰতিফলিত হৈছে। যুক্তি আছিল মাধৱ পুৰুষৰ ব্য়ক্তিত্বৰ মূল আধাৰ। মাধৱদেৱ আছিল এজন উপস্থিত বুদ্ধি সম্পন্ন লোক। গুৰুজনাই নিজ কন্য়াৰ বাবে দিয়া বিবাহৰ প্ৰস্তাৱ প্ৰত্য়াখ্য়ান কৰা স্বত্বেও গুৰুপত্নীয়ে নানান অজুহাতেৰে কন্য়া বিষ্ণু প্ৰিয়াৰ হতুৱাই মাধৱৰ আলপৈচান ধৰাইছিল। স্পষ্টবাদিতা মাধৱদেৱৰ চৰিত্ৰৰ আন এক অত্য়ুজ্জ্বল বৈশিষ্ট্য়। তেওঁ গুৰুৰ নিচিনাকৈ গুৰু পত্নীকো উপযুক্ত সন্মান প্ৰদৰ্শন আৰু ভক্তি কৰিছিল। প্ৰকৃত জ্ঞানী পুৰুষে নিজক সকলোতকৈ সৰু, অধমতকৈও অধম বুলি ভাৱে। মাধৱদেৱৰ চৰিত্ৰত এই বৈশিষ্ট্য় বিদ্য়মান। মহাপুৰুষ শংকৰদেৱে এদিনাখন মাধৱদেৱক এটা নৰপশু বিচাৰি আনিবলৈ কোৱাত মাধৱদেৱে কৈছিল যে তেওঁ ভাবি শুনি চৈধ্য় ব্ৰক্ষাণ্ড বিচাৰি চালে কিন্তু নিজতকৈ অধম পশু আৰু কাকোৱেই বিচাৰি নাপালে। এই কথাই গুৰুক সন্তোষ দিলে। বৈষ্ণৱ ভকত সকলৰ ধৰ্মবস্তুৰ প্ৰতি আনুগত্য়ৰ অভাৱৰ বাবে দুখ কৰা শংকৰদেৱৰ দুখ দূৰ কৰিবলৈ মাধৱদেৱেহে পাৰিছিল।
এনেদৰে গুৰু শিষ্য়ৰ মণি কাঞ্চন সংযোগ পাঠৰ আধাৰত শংকৰদেৱ আৰু মাধৱদেৱৰ চৰিত্ৰ বিশ্লেষণ কৰিব পাৰি।
(৩) কি পৰিস্থিতিত মাধৱদেৱ বৈষ্ণৱ ধৰ্মত দীক্ষিত হল? শংকৰ-মাধৱৰ মিলনে নৱ বৈষ্ণৱ ধৰ্মলৈ কেনেধৰণৰ পৰিৱৰ্তন আনিলে 'গুৰু শিষ্য়ৰ মণিকাঞ্চন' সংযোগ ব্য়াখ্য়া কৰা।
উত্তৰঃ শংকৰদেৱৰ প্ৰধান শিষ্য় আছিল মহাপুৰুষ মাধৱদেৱ। কথা গুৰু চৰিত মতে শংকৰদেৱক লগ পোৱাৰ আগলৈকে মাধৱ আছিল ঘোৰ শাক্তপন্থী। শংকৰদেৱৰ শান্ত সৌম্য়, কৌটিসূৰ্যসম জ্য়োতি দেখিয়েই মাধৱৰ গা জিকাৰ খাই উঠে। সৰ্বশৰীৰ নোম শিহৰি উঠে। শংকৰদেৱে নিবৃত্তি মাৰ্গৰ সমৰ্থনত যুক্তি দিয়ে আৰু মাধৱে প্ৰবৃত্তি মাৰ্গৰ সমৰ্থনত যুক্তিৰে সেই মত খণ্ডন কৰে। 'তৰুমূল' শ্লোকটোৰ অৰ্থ হল গছ এডালৰ গুৰিত পানী ঢালিলে গছজোপাৰ পত্ৰ, পুষ্প, ফল, ডাল আদি গছজোপাৰ বিভিন্ন অংগৰ পৰিপুষ্টি সাধন হোৱাৰ দৰে পেটত অন্ন পৰিলে শৰীৰৰ ইন্দ্ৰিয় সমূহে পৰিতৃপ্তি লাভ কৰে। শংকৰদেৱৰ ওচৰত শৰণ লোৱাৰ পিছৰে পৰা মাধৱদেৱ গুৰুৰ একান্ত অনুৰক্ত হৈ পৰে আৰু বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কামত নিজকে সম্পূৰ্ণৰূপে নিয়োজিত কৰে। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন অসমৰ মহাপুৰুষীয়া ধৰ্মৰ ইতিহাসৰ এক অতিশয় গুৰুত্বপূৰ্ণ পৰিঘটনা। দুয়োগৰাকী মহাপুৰুষৰ সংযোগৰ পৰিণতিতে অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ গতি ত্বৰাণ্বিত হৈছিল বুলিব পাৰি। মণি আৰু কাঞ্চন দুয়োবিধৰে সুকীয়া সৌন্দৰ্য আৰু দুয়োবিধে বহুমূলীয়া সেইদৰে শংকৰদেৱ আৰু মাধৱদেৱ দুয়োগৰাকী মহাপুৰুষে অনান্য় প্ৰতিভা আৰু ব্য়ক্তিত্বৰ অধিকাৰী।
মাধৱদেৱে শংকৰদেৱক গুৰু মানি একশৰণ নামধৰ্মত দীক্ষিত হোৱাৰ আগলৈকে একশৰণ নামধৰ্মত নাম, দেৱ আৰু ভকত এই তিনিটা মূল বস্তু আছিল। নাম শব্দটোৱে ভগৱান বিষ্ণুৰ নামকে বুজায়, বৈষ্ণৱ ধৰ্মত বিষ্ণুৰ বাহিৰে আন দেৱতাৰ স্থান নাই। ভকত বুলিলে সৎসংগৰ কথাকে বুজায়। মাধৱদেৱে নামধৰ্মত দীক্ষিত হোৱাৰ পিছত এই নাম ধৰ্মলৈ আৰু এটা বস্তু আহিল সেইটো হল 'গুৰু'।আগতে শংকৰদেৱে গুৰু ৰূপে প্ৰতিষ্ঠা লাভ কৰা নাছিল। আগৰ তিনিটা মূল বস্তুৰ লগত মাধৱদেৱে গুৰু যোগ দিয়াত অসমীয়া বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাত নাম, দেৱ, গুৰু আৰু ভকত এই চাৰিটা মূল বস্তু হৈ পৰে। ইয়াকে বৈষ্ণৱ ধৰ্মৰ চাৰিখুঁটি বুলি কোৱা হয়। শংকৰদেৱৰ প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মৰ দুটা প্ৰধান বৈশিষ্ট্য় হল একেশ্বৰবাদ আৰু ভক্তিৰ ধাৰণা। নৱ বৈষ্ণৱ ধৰ্ম অনুসৰি ৰাম, কৃষ্ণ, হৰি, নাৰায়ণ আদি ঈশ্বৰৰ সহস্ৰ নাম থাকিলেও ঈশ্বৰ মূলত একেজনাই আৰু কেৱল তেঁৱেই বন্দনীয়। ভক্তি ধৰ্মত ভক্তিয়েই সকলো। ভক্ত আৰু ভগৱানৰ মাজত যি আনুভূতিক সম্পৰ্ক গঢ়ি উঠে সেয়া পোনপটীয়াভাৱে গঢ়ি তোলাত ভক্তি আন্দোলনৰ নেতাসকলে সততে উদ্য়োগী আছিল। অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গুৰুৰ ভূমিকাত আৰু মহাপুৰুষ মাধৱদেৱে শিষ্য়ৰ ভূমিকাত অৱতীৰ্ণ হৈ গুৰু শিষ্য় পৰম্পৰাৰ মাজেৰে অসমৰ জনসাধাৰণৰ মাজত নৱ বৈষ্ণৱ ধৰ্মৰ অমৃতময়ী ভাৱধাৰা প্ৰচাৰ কৰিবলৈ সমৰ্থ হয়। প্ৰকৃতপক্ষে মাধৱদেৱৰ শিষ্য়ত্ব গ্ৰহণৰ পিছতহে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰে পূৰ্ণগতি লাভ কৰিছে।
(৪) "আগে জি কৰিলোঃ বৰভূঞা বিসই মানিঃ এতিয়া জি কৰিছো অভই পাদ-পঙ্কজত জীৱ কৰি গুৰু মানি।" কোনে কেতিয়া কি প্ৰসঙ্গত হৈছিল। গুৰু পত্নীক তেওঁ কি কি উপদেশ দিছিল? আলোচনা কৰা।
উত্তৰঃ ওপৰোক্ত কথাষাৰ বক্তা মহাপুৰুষ মাধৱদেৱে কৈছিল। জীৱনৰ আগছোৱাত মাধৱদেৱ আছিল শক্তি দেৱীৰ উপাসক। মাধৱদেৱ আৰু শংকৰদেৱ উভয়ে ক্ৰমে প্ৰবৃত্তি আৰু নিবৃত্তি পন্থাক লৈ তিনি প্ৰহৰ বেলি অৰ্থাৎ প্ৰায় নঘণ্টা সময়জুৰি তৰ্ক কৰে। শংকৰদেৱৰ চৰণত শৰণ লোৱাৰ পিছৰে মাধৱদেৱে নিতৌ দুয়োবেলা গুৰু গৃহলৈ আহি কৃষ্ণকথা শুনে। মাধৱদেৱ কৃষ্ণৰ শ্ৰৱণত ইমানেই তৎপৰ আছিল যে ৰাতিপুৱা উভতি গৈ দুপৰীয়া তৎমুহূৰ্ততে পুনৰ শংকৰদেৱৰ গৃহত উপস্থিত হয়। গুৰু পত্নীয়ে কথাটো লক্ষ্য় কৰি এদিনাখন শংকৰদেৱৰ হতুৱাই তেওঁলোকৰ গৃহত অন্ন এমুঠি লোৱাৰ প্ৰস্তাৱ দিয়ালে। গুৰু পত্নীয়ে তেতিয়া মাধৱদেৱক ভিতৰলৈ লৈ গল। ঘৰৰ ভিতৰত সোমাই তেওঁ দেখিলে যে এচুকত পূজাৰ বেদী, ঘট, এৱাঁসূতা, আমাৰ ডাল আদি পূজাৰ সামগ্ৰী। সেইবোৰ কি বুলি মাধৱদেৱে প্ৰশ্ন কৰাত গুৰু পত্নীয়ে উত্তৰ দিলে যে লৰা-ছোৱালী কেইটাৰ অপায় অমংগল দূৰ কৰাৰ কাৰণে গৃহ দেৱতাৰ পূজাৰ সামগ্ৰী। মাধৱদেৱে গুৰু পত্নীক আৰু কিছু উপদেশ দিলে। শংকৰদেৱ সাধাৰণ মানুহ নহয়, ঈশ্বৰৰ পূৰ্ণ অৱতাৰ আৰু গুৰু পত্নীয়ো লক্ষ্মী। সেইবাবে তেওঁ গুৰু জনাক স্বামী বুলি নাভাবি পৰমব্ৰক্ষ জ্ঞান কৰিব লাগে। তাৰ পিছত তেওঁ গুৰু পত্নীয়ে গুৰুক কি বুলি সম্বোধন কৰে জানিব বিচাৰিলে। গুৰু পত্নীয়ে 'ৰামানন্দৰ বাপ' বা 'হৰিচৰণ বাপ' বুলি সম্বোধন কৰে বুলি কোৱাত মাধৱে কলে যে সাধাৰণ মানুহৰ দৰে সম্বোধন নকৰি 'গোঁসাই' বুলি মাতিব লাগে কিয়নো শংকৰদেৱ ঈশ্বৰৰ অৱতাৰ। ইয়াৰ পিছত মাধৱে গুৰু পত্নীক গুৰুজনাৰ লগত একেখন বিচনাতে একেটা গাৰুতে শয়ন কৰি উচিত নহয় বুলি তেওঁ গুৰুজনাৰ নাভিৰ সমানত মূৰ থৈ শয়ন কৰিব লাগে আৰু শোৱাপাটীৰ পৰা উঠি আহোতে গুৰুজনা ভৰিৰ ধূলি লৈহে উঠি আহিব লাগে বুলি উপদেশ দিলে। এই উপদেশ সমূহ গুৰুপত্নীয়ে বিনা প্ৰতিবাদে মানি ললে।