সুকুমাৰ বৰকাথৰ হস্তী বিদ্য়াৰ্ণৱঃ হাতীৰ লক্ষণ

অতি চমু প্ৰশ্নোত্তৰঃ

(১) 'হস্তী বিদ্য়াৰ্ণৱ' পুথিখন ৰচনা সময় কি?

উত্তৰঃ ১৭৩৪ খৃষ্টাব্দ (১৬৫৬ শক)

(২) সুকুমাৰ বৰকাথে কাৰ নিৰ্দেশমৰ্মে হস্তী বিদ্য়াৰ্ণৱ পুথি ৰচনা কৰি উলিয়াইছিল?

উত্তৰঃ স্বৰ্গদেৱ শিৱসিংহ আৰু ৰাণী অম্বিকাদেৱীৰ নিৰ্দেশ মৰ্মে।

(৩) 'হস্তী বিদ্য়াৰ্ণৱ' পুথিখনৰ ৰচক কোন?

উত্তৰঃ সুকুমাৰ বৰকাথ।

(৪) ব্য়ৱহাৰিক সাহিত্য় বুলিলে কি বুজা?

উত্তৰঃ সংস্কৃত সাহিত্য়ৰ দৰে অসমীয়া সাহিত্য়তো আহোম যুগত বিজ্ঞান আৰু অন্য়ান্য় ব্য়ৱহাৰিক জ্ঞান সম্পৰ্কীয় কিছুমান পুথি ৰচনা কৰা হৈছিল। বিশেষকৈ জ্য়োতিষ, গণিত, নীতিশাস্ত্ৰ, নৃতবিদ্য়া আদি বিষয়ক অনেক পুথি অসমীয়া ৰচকসকলে কথিত অসমীয়া ভাষাত লিখি থৈ গৈছে। বিশেষকৈ এই পুথিসমূহ হৈছে - ৰোগৰ কাৰণ, লক্ষণ আৰু চিকিৎসা বিষয়ৰ নিদান শাস্ত্ৰ, গ্ৰহ-নক্ষত্ৰৰ গতিবিধি বুজা জ্য়োতিষ বেত্তাৰ জ্য়োতিষ শাস্ত্ৰ, অভিনয় নৃত্য় গীতৰ জ্ঞান থকা মুদ্ৰা নৃত্য় অভিনয় সমূহীয়া পুথি আৰু অন্য়ান্য় বিষয়ৰ ব্য়ৱহাৰিক জ্ঞানৰ পুথি। মধ্য়যুগীয়া অসমীয়া সাহিত্য়ৰ ইতিহাসত বিশেষকৈ ৰাজপৃষ্ঠপোষকতাত প্ৰয়োগিক জ্ঞান সম্বলিত এই শ্ৰেণীৰ সাহিত্য়ত ব্য়ৱহাৰিক সাহিত্য় বুলি অভিহিত কৰিছে। ই প্ৰধানত মানুহৰ ব্য়ৱহাৰিক জীৱনৰ লগত জড়িত।

(৫) 'হস্তী গ্ৰন্থ' বুলিলে কি বুজা?

উত্তৰঃ মধ্য়যুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্য়ৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। তাৰ ভিতৰত হাতীৰ বিভিন্ন ৰোগৰ লক্ষণ, ব্য়াধি, হস্তী কৰ্ম, ভাল হাতী, বেয়া হাতীৰ লক্ষণ ইত্য়াদি বিভিন্ন বিষয় সম্বলিত এখন ব্য়ৱহাৰিক জ্ঞানৰ পুথি হৈছে সুকুমাৰ বৰকাথৰ  'হস্তী বিদ্য়াৰ্ণৱ' পুথি। হাতী বিষয়ক এনে পুথিক হস্তী গ্ৰন্থ বুলি কোৱা হয়।

(৬) 'হস্তী বিদ্য়াৰ্ণৱ' গ্ৰন্থখনৰ ছবিবোৰ কোনে অংকন কৰিছিল?

উত্তৰঃ  'হস্তী বিদ্য়াৰ্ণৱ' গ্ৰন্থখনৰ ছবিবোৰ দিলবৰ আৰু দোষায় নামৰ শিল্পী দুজনে অংকন কৰিছিল।

(৭) সংস্কৃত ভাষাত ৰচিত দুখন পুৰণি হস্তীপুথিৰ নাম লিখা।

উত্তৰঃ সংস্কৃত ভাষাত ৰচিত দুখন পুৰণি হস্তীপুথিৰ নাম হল - (ক) গজেন্দ্ৰ চিন্তামণি (খ) হস্তী আয়ুৰ্ব্বেদ (পালকাপ্য় মুণি ৰচিত)

(৮) সুকুমাৰ বৰকাথে কোনখন সংস্কৃত গ্ৰন্থৰ আধাৰত 'হস্তী বিদ্য়াৰ্ণৱ' ৰচনা উলিয়াইছিল?

উত্তৰঃ সম্ভুনাথৰ সংস্কৃত 'গজেন্দ্ৰ চিন্তামণি' নামৰ গ্ৰন্থৰ আধাৰত।

দীঘল প্ৰশ্ন উত্তৰঃ

(১) 'হস্তী বিদ্য়াৰ্ণৱ পুথি'ৰ গদ্য়শৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ সুকুমাৰ বৰকাথে ৭৩৪ খৃষ্টাব্দত আহোম ৰজা স্বৰ্গদেউ শিৱসিংহ আৰু কুঁৱৰী অম্বিকাদেৱী আদেশ মৰ্মে হস্তী বিদ্য়াৰ্ণৱ সাৰ সংগ্ৰহ মানৰ সচিত্ৰ পুথিখন ৰচনা কৰে। অসমীয়া জাতিৰএক অমূল্য় সম্পতিস্বৰূপ হস্তী বিদ্য়াৰ্ণৱ পুথিখন গদ্য়ত ৰচিত। প্ৰশস্তি অংশৰ ভাষা সংস্কৃত গন্ধী উদাহৰণস্বৰূপে - "ইন্দ্ৰ সৰোবৰৰ পদ্মপুষ্পৰ তুল্য় হৈছে যি মহাৰাজা নীতি বিদ্য়াৰো মানন্দিত হই বৃহস্পতিক উপলম্ভ কৰিছে যি মহাৰাজা আৰু গম্ভীৰ ধীৰ ধাৰ্মিবাসকলৰ মধ্য়ত শ্ৰেষ্ঠতৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰীযুক্ত শ্ৰীমন্ত শিৱসিংহৰ যি মহাৰাজা, আপোনাৰ ছন্দৰ বিলাস বিদগ্বতা ভাৱেৰে পৃথিৱীত সকলো সুন্দৰী গণৰ দৰ্ব্বকচুৰ কৰিছে যি মহাদেৱীয়ে সেই কাৰণে অতিশয় বিৰাজমান হৈছে যি শ্ৰীশ্ৰী অম্বিকা নাম মহাদেৱী, সেই দুজনাৰ আত্মৰত্ন মালাক শিৰত ধৰি সুকুমাৰ বৰকাথে এই হস্তী বিদ্য়াৰ্ণৱ সাৰ সংগ্ৰহ কৰিছিল।" সাধাৰণ শ্ৰেণীৰ মানুহৰ মুখৰ ভাষাৰ গুৰুত্বও দেখা যায়। যেনে - "পাতালৰ জাতে যি হাতী আহিছে, তাৰ সুখ ৰূপ দেখি গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, নেজ মাটি লুচি যায়, মূৰ জোকাৰি থাকে, পানী পৰুৱৰ বুলন যেন বুলনখৰ আৰু টিপৰ কথা বহুত বহুনাত ৰাখিব কলা ফুলেৰে চেপি ডাবি ধৰি অলপ কৰি আঙুলি কাণত লগাব। আৰুহি থিয় কৰি যাব। পাঁচ মাউতে ডাবি মাৰিব তেহে মূৰ দাঙি যাব।" হস্তী বিদ্য়াৰ্ণৱৰ ভাষা আৰু বাক্য় বিন্য়াস ৰীতি বুৰঞ্জী গদ্য়ৰ অনুৰূপ। আখৰ জোঁটনিৰ উচ্চাৰণ মতে আৰু ৰচনা কথ্য় ভাষাৰ। সমুব্য় ভাষাৰ অধিক প্ৰয়োগ গ্ৰন্থখনৰ অন্য়তম বৈশিষ্ট্য়। হস্তী বিদ্য়াৰ্ণৱৰ গদ্য়ৰ অনুৰূপ উদাহৰণস্বৰূপে - মিলৰ আগ মঙহৰ পৰা জি জাত হস্তী হৈছে তাৰ লক্ষণ কাণৰ ওপৰ ভাগ ডুখুৰীয়া হেঙুলৰ বৰ্ণনা সদৃশ তাৰ প্ৰকৃতি বালকে ওঁমোলাভাৱে উমলি থাকে। এই হস্তী ছন্দৰ গছ থকা হাবিত থাকে। এই দেউৰসিত্ৰ অৰণ্য়ত ফুৰোঁতে সেই হস্তীক দেখি সম্পত্তি নামে ৰজাক কলেহি। পাছে ৰাজায়ে  গৈ সেই হস্তীক ধৰি আনিলে। তাৰে পৰা অনেক ৰাজ্য়লৈ বিশপল। এতেকে ৰজাসকলে এনে হস্তিক ছিনি ৰাজ্য়লৈ আনিব তেহে ৰাজ্য়ৰ সম্পত্তি বাঢ়ে।

(২) সুকুমাৰ বৰকাথে হস্তীবিদ্য়াৰ্ণৱ পুথিত হাতীৰ লক্ষণ সম্পৰ্কে কেনেধৰণে বৰ্ণনা আগবঢ়াইছে উল্লেখ কৰা।

উত্তৰঃ সুকুমাৰ বৰকাথৰ "হস্তীবিদ্য়াৰ্ণৱ পুথি" অসমীয়া সাহিত্য়ৰ এক অমূল্য় সম্পদ। "হস্তীবিদ্য়াৰ্ণৱ" পুথিত হাতীৰ বিভিন্ন দিশ বৰ্ণনাৰ লগতে বিবিধ হাতীৰ লক্ষণ সম্পৰ্কেও বৰ্ণনা কৰা হৈছে। হস্তীবিদ্য়াৰ্ণৱ পুথিত মংগলদায়ক হাতীৰ বৰ্ণনা কৰিছে এনেদৰে শৰীৰৰ বৰণ হব লাগে শ্য়ামবৰ্ণ, দেখাত সুন্দৰ হব লাগে। প্ৰকাণ্ড প্ৰাণী যদিও শৰীৰৰ হব লাগে স্থূল। দুয়োটা দাঁত সমান দীঘল হোৱা উচিত। সমানে ৰঙ্গ কৰা হব লাগে। হস্তীবিদ্য়াৰ্ণৱ পুথিত মংগলদায়ক হাতীৰ বৰ্ণনাত কৈছে ক্ৰমে সমুখ ভাগলৈ চাপি যোৱা যি জাত হস্তি বা হাতী তাৰ লক্ষণ হৈছে কাণৰ ওপৰভাগ হেঙুল বৰণৰ যত প্ৰকৃতি বালকে অৰ্থাৎ চৰাই-চিৰিকতি আদিয়ে ওমোলাভাৱে উমলি থাকিব পাৰে। ৰজাই কেনেধৰণৰ হাতী কি কি কামত কেনেদৰে ব্য়ৱহাৰ কৰিব গ্ৰন্থখনত লিখিত ৰূপত ব্য়ক্ত কৰিছে। হাতীৰ বাহ্য়িক শৰীৰৰ ওপৰত নিৰ্ভৰ কৰি হাতীৰ চৰিত্ৰ কেনেকুৱা হব পাৰে স্পষ্টভাৱে গ্ৰন্থখনত উল্লেখ কৰিছে। গ্ৰন্থখনত পোৱা যায় যদিও বা হাতীটো ওখ আৰু ডাঙৰ আকৃতিৰ, হাতীটোৰ ডাঠ আৰু ডাঙৰ নখ, মূলৰ পিছত দীঘল ৰঙচুৱা নোম থাকিলে সেই হাতী কিমান শক্তিশালী নহয়। তেনেকুৱা হাতীত ৰজাই উঠি ফুৰিব পাৰে। তেনেদৰে যদি কোনো হাতী সিংহৰ দৰে হঠাৎ উঠি থিয় হব পাৰে, হাতীটোৰ সন্মুখভাগ ওখ, তল পেটটো চাপৰ, উগ্ৰ স্বভাৱৰ, তেনেহলে সেনাপতিয়ে সেই হাতীত উঠিব পাৰে। যদি কোনো হাঁতীৰ দাঁত তুলনামূলকভাৱে ডাঙৰ, গল ফুটুকা-ফুটুকী, কাণবোৰ যদি অলপ চুটি লাহে লাহে খোজকাঢ়ে, যৌন আচৰণত বাঘৰ দৰে চিঞৰে সৰুফুটীয়া চকুৰ মানুহ তেনে হাতীত উঠা উটিত। উত্তম প্ৰজাতিৰ হাতীৰ লক্ষণ সমূহ হৈছে - ইয়াৰ ওঁঠ-মুখ আদি তাম বৰণীয়া, চকু ঘনচিৰিকাৰ দৰে ধুনীয়া আৰু, দাঁতবোৰ বহল, ৰাজহাড় আৰু চুলিবোৰ ধুনীয়া, কপাল আৰু কাণৰ মাজ অংশ কাছৰ পিঠিৰ দৰে। সকলোতকৈ বেয়া মন্দা প্ৰজাতিটোৰ হৃদপিণ্ড আৰু তপিনাৰ ওপৰৰ ছাল শোটোৰা-শোটৰ, পেট ডাঙৰ, ডাঠ ছাল, ডাঙৰ গল, আগভৰিৰ গাঁঠি মৰা চৰাইৰ গলৰ দৰে আৰু ডাঙৰ, হালধীয়া বৰণৰ, চকুৰ চাৱনি সিংহৰ দৰে, ছয় হাত ওখ, দীঘলে আঠ হাত, বহলে নহাত, পাৰ চৰাইৰ পাখিৰ দৰে ইয়াৰ যৌন ৰস।

    এনেদৰে সুকুমাৰ বৰকাথৰ 'হস্তীবিদ্য়াৰ্ণৱ পুথি'ত বিবিধ হাতীৰ লক্ষণ সম্পৰ্কে ব্য়াখ্য়া দাঙি ধৰিছে। কেৱল হাতীৰ লক্ষণে নহয় হাতী বিষয়ক সকলো কথাৰ ব্য়াখা দাঙি ধৰিছে হাতীবিষয়ক এই গ্ৰন্থত।

(৩) 'হস্তী বিদ্য়াৰ্ণৱ পুথি'ৰ বিষয় বস্তুৰ এটি আভাস দাঙি ধৰা।

উত্তৰঃ উত্তৰ শংকৰী যুগত ৰচিত ব্য়ৱহাৰিক জ্ঞান সম্বলিত পুথিসমূহৰ ভিতৰত এখন শ্ৰেষ্ঠ গ্ৰন্থ হৈছে সুকুমাৰ বৰকাথৰ দ্বাৰা ৰচিত হস্তী বিদ্য়াৰ্ণৱ পুথি। ই হাতী বিষয়ক এখন উল্লেখযোগ্য় পুথি। স্বৰ্গদেউ শিৱসিংহ আৰু ৰাণী অম্বিকাদেৱীৰ আদেশ মৰ্মে ১৬৫৬ শকত (১৭৩৪ খৃষ্টাব্দত) সুকুমাৰ এক সচিত্ৰ পুথি। ইয়াৰ ছবিবোৰ অংকন কৰিছিল দিলবৰ আৰু দোষায় নামৰ দুজন শিল্পীয়ে। হস্তী বিদ্য়াৰ্ণৱ পুথিত বিবিধ হাতীৰ লক্ষণ সম্পৰ্কে বৰ্ণনা কৰা হৈছে। ইয়াৰ লগতে হাতীশাল নিৰ্মাণৰ নিয়ম হাতীবন্ধ খুটাৰ মান আৰু কাঠৰ নিবন্ধ, হাতী দাঁতৰ মূল্য়, বিবিধ হাতীৰ লক্ষণ, যাত্ৰা কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গভৰ বাজাত থাকিবলগীয়া। হাতী, অন্য় ৰজাৰ লগত অপ্ৰীতিবৰ্ধক হাতী, বেয়া হাতীৰ লক্ষণ, মংগল দায়ক হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতী শিকোৱাৰ নিবন্ধ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলবন্ত হোৱাৰ মন্ত্ৰ আদি কথবোৰৰ বিধান হস্তী বিদ্য়াৰ্ণৱ সন্নিৱিষ্ট হৈ আছে। কামন্দকীয় নীতিসাৰত উল্লেখ মতে হস্তীৰ কৰ্মত প্ৰয়োগ কৰাৰ নিয়মো নিধান আছিল। যুদ্ধক্ষেত্ৰত কেনে হাতী প্ৰয়োগ কৰিব লাগে, কোন হাতীত উঠিলে ৰজাৰ মংগল আৰু সমৃদ্ধি হয়, কোন হাতীত উঠিলে অমংগল হয় তাৰ নিয়ম ব্য়াখ্য়া কৰা আছে। হাতীক কেন্দ্ৰ কৰি গদ্য়ত ৰচিত এই হস্তী বিদ্য়াৰ্ণৱ পুথিখনৰ ৰচনা শৈলী ওজঃগুণ যুক্ত। প্ৰাচীন অসমৰ চিত্ৰকলা আৰু ব্য়ৱহাৰিক সাহিত্য়ৰ স্বাক্ষৰস্বৰূপ এইি পুথিখন চাই মহাত্মা গান্ধী, পণ্ডিত জৱহৰালাল নেহৰু, ড° ৰাজেন্দ্ৰ প্ৰসাদ আদি বহু খ্য়াতনামা ব্য়ক্তিয়ে তাৰ বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে প্ৰশংসা কৰি গৈছে।