সাম্প্ৰতিক অসমীয়া ভাষাত আৰ্য আৰু আৰ্য-ভিন্ন ভাষাৰ উপাদান



(১) অসমীয়া ভাষাত অন্য়ান্য় কি কি আৰ্যভাষাৰ উপাদান পোৱা যায়?

উত্তৰঃ বাংলা, মাৰাঠী, হিন্দী, গুজৰাটী আদি আৰ্যমূলীয় ভাষাৰ

(২) সাম্প্ৰতিক কালৰ অসমীয়া ভাষাত শ্বাসাঘাত শব্দৰ কোন অক্ষৰত পাৰে?

উত্তৰঃ আদ্য় বা অন্ত্য়াক্ষৰত

(৩) কোল-মুণ্ডা ভাষাৰ লগত মিল থকা দুটামান নাম লিখা?

উত্তৰঃ আটোম-টোকাৰি, লাটুম, চিকৰা, ঠেটুৱৈ আদি।

(৪) ড° বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ Assamese: Its Formation And Development. 

(৫) অসমীয়া ভাষাত ব্য়ৱহাৰ হোৱা বাতাচা, ৰসগোল্লা, সন্দেচ আদি শব্দ কি ভাষাৰ পৰা অহা?

উত্তৰঃ বাংলা ভাষাৰ পৰা।

(৬) সাম্প্ৰতিক অসমীয়া ভাষাত আৰ্য্য় ভিন্ন ভাষাৰ উপাদান সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অন্তৰ্গত অসম এখন বহুভাষিক ৰাজ্য়। প্ৰাগ ঐতিহাসিক কালৰে পৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমলৈ বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ প্ৰব্ৰজন হৈছিল। ভাষাক সাধাৰণতে নৈৰ লগত তুলনা কৰা হয়। এখন নদীৰ সাধাৰণতে এটা মূল প্ৰবাহ থাকে। মাজে মাজে উপনৈবোৰ আহি লগ লাগি মূল প্ৰৱাহক পৰিপুষ্ট কৰে। অসমীয়া ভাষাৰো একে লক্ষণ চকুত পৰে। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো হৈছে আৰ্যভাষাৰ সুঁতি।

ধ্বনিগত প্ৰভাৱঃ প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ পৰা মধ্য় ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হোৱাৰ ফলত আৰু আন আন আৰ্য ভাষাৰ প্ৰভাৱ পৰি অসমীয়া ভাষাই পৈতৃক বৈশিষ্ট্য় বহু পৰিমাণে পৰিহাৰ কৰিছে। স্বৰসঙ্গতি, স্বৰাগম, অপিনিহিতি, অভিশ্ৰুতি আদি তাত্ত্বিক ধ্বনি- বিচিত্ৰতাৰ মূলতে হৈছে অসমীয়া মানুহৰ জিভাৰ অলসতা, ভৌগলিক আৰু নৃতাত্তিক কাৰণৰ কিবা এক সমাহাৰ। ঐ, ঔ - ধ্বনি নামনি অসমৰ উপভাষাত এ, ও ধ্বনিত পৰিণত হৈছে। অপিনিহিতিয়ে কথিত ৰূপত ক্ৰমশঃ সংস্কৃত-হিন্দীৰ তুলনাত অভিনৱত্বৰ সৃষ্টি কৰিছে। 

ৰূপগত প্ৰভাৱঃ অসমীয়া ভাষাৰ ৰূপগত তথা গঠনমূলক বিষয়ত অসমৰ আৰ্য ভিন্ন ভাষ-উপভাষাই প্ৰভাৱ বিস্তাৰ কৰিছে। নিৰ্দেশাত্মক অনুসৰ্গ (-টা, জনা, জনী, -খন, -ডাল ইত্য়াদি) সংস্কৃত, হিন্দী, ৰূপতত্বৰ অনুকূল নহয়। সম্বন্ধবাচক বিশেষ্য়ৰ পিছত ব্য়ক্তিবোধক অনুসৰ্গৰ ব্য়ৱহাৰো জনজাতীয় বা উপজাতীয় প্ৰভাৱ । ডাঙৰ সৰু বুজোৱা বড়ো ভাষাৰ -মা, চা (-বিমা, -ফিচা) প্ৰত্য়য় অসমীয়াত ব্য়ৱহাৰ কৰা হৈছে।

বাক্য়গত প্ৰভাৱঃ অসমীয়া বাক্য়ৰীতিচৌপাশে আৱৰি থকা গাৰো, বড়ো,  মিছিং, আদি বহুতো জনজাতীয় ভাষাৰ বাক্য়ৰীতিৰ লগত শব্দসঙ্গতি অনুসাৰে মিলি যায়। এণ্ডাৰছন চাহাবে "কছাৰী ফলটেলছ্ এণ্ড ৰাইমছ্" নামৰ পুস্তিকা এখনৰ পাতনিত অভিমত দিছে যে বড়ো আৰু অসমীয়া বাক্য়ৰীতিৰ মিল দেখি তেওঁ অবধ মানিছে। অসমৰ বেছিভাগ তিব্বতবৰ্মী ভাষাই স্বৰাঘাত প্ৰধান বা সুৰধৰ্মী হোৱা হেতুকে অসমীয়া মাত-কথা, বিশেষকৈ বাক্য়ৱলীৰ সুৰধৰ্মিতাৰ ৰেশ ৰৈ যাব পাৰে।

(৭) বিশ্বায়নৰ প্ৰভাৱত সাম্প্ৰতিক অসমীয়া ভাষাৰ কেনেধৰণৰ পৰিৱৰ্তন হোৱা দেখা যায়।

উত্তৰঃ বিংশ শতিকাৰ শেষৰ দুটা দশকৰ পৰাই আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ববেংকৰ নিৰ্দেশ আমাৰ দেশে মানি চলাৰপৰাই উদাৰীকৰণ, ব্য়ক্তিগতকৰণ আৰু বিশ্বায়নৰ নীতিয়ে বিশেষকৈ ১৯৯০ চনৰ পৰা প্ৰবল ৰূপ ধাৰণ কৰিছে। ইংৰাজী ভাষাৰ ওপৰত আমেৰিকান বৰ্ণাশুদ্ধিয়ে নিজ দেশৰ লগতে সমগ্ৰ বিশ্বতে কম্পিউটাৰ মাধ্য়মত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পোন-প্ৰথমবাৰৰ বাবে ১৯৭০ চনত আমেৰিকাত ভাষা বিভ্ৰাটে দেখা দিয়ে আৰু এই সময়ৰপৰাই অনমনীয় ৰূপত নীতিসমূহ শিথিল কৰি দিয়া হয়। অন্ধভাৱে অনুকৰণ কৰি ভালপোৱা ভাৰতেও পশ্চিমৰ মাত্ৰই ভাল এই ধাৰণাৰ বশৱৰ্তী হৈ ভাষাৰ ক্ষেত্ৰতো অলিখিত নমনীয় নীতি গ্ৰহণ কৰে - ১৯৯০ চনৰ মানৰ পৰা। সৰ্বভাৰতীয় হিন্দী-ইংৰাজী মিশ্ৰিত 'ইংলিছ' ভাষাৰ অনুৰূপভাৱে অসমীয়াতো বাংলা-হিন্দী- ইংৰাজী মিশ্ৰিত ভাষা (কেগামিজ, হিন্দীমিজ, এংলোমিজ বা বাংলামীয়া, হিন্দীমীয়াৰ বাঢ়িবলৈ ধৰিছে।

    সাম্প্ৰতিক অসমীয়া ভাষাৰ শব্দগত আৰু বাক্য়ৰীতিৰ ক্ষেত্ৰতো বিশ্বায়ন আৰু মুক্ত অৰ্থনীতিৰ প্ৰভাৱত ব্য়াপক ৰূপত পৰিৱৰ্তন ঘটিছে। সাম্প্ৰতিক অসমীয়া ভাষাত দেখা বৈশিষ্ট্য়বোৰ বৰ্তমান কথিত ৰূপটোতে সীমাবদ্ধ আছে। ভাষা সদায় পৰিৱৰ্তনশীল। যুগৰ সময়ৰ পৰিৱৰ্তনৰ লগে লগে সকলোবোৰ পৰিৱৰ্তন অৱশ্য়াম্ভী। সাম্প্ৰতিক বিশ্বায়নৰ প্ৰভাৱে অসমীয়া  ভাষাৰ গতি প্ৰকৃতিক সলনি কৰাৰ উপক্ৰম ঘটিছে।

(৮) সাম্প্ৰতিক অসমীয়া ভাষাত আৰ্য ভাষাৰ কি কি উপাদান দেখিবলৈ পোৱা যায় তাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সাম্প্ৰতিক অসমীয়া ভাষাত আৰ্য ভাষাৰ উপাদান বুলি কলে তৎসম আৰু অৰ্ধ তৎসম শব্দ, অন্য়ান্য় আৰ্য ভাষাৰ পৰা অহা বা ধাৰ কৰা শব্দবোৰক বুজা যায়। অসমীয়া ভাষাৰ বেছিভাগ শব্দই সংস্কৃতমূলীয় বা আৰ্যমূলীয়। তৎসম, অৰ্ধতৎসম, আৰু তদ্ভৱ শব্দবোৰ এইবোৰৰ ভিতৰুৱা। যিবোৰ শব্দ সংস্কৃতৰ পৰা লোৱা হৈছে আৰু অবিকৃত ৰূপত ব্য়ৱহাৰ হৈছে তেনে শব্দক তৎসম শব্দ বোলে। তৎসম মানে হৈছে সংস্কৃতৰ সমান। অসমীয়া ভাষাত ব্য়ৱহৃত কেতবোৰ সংস্কৃতমূলীয় শব্দ যেনে - কৰ্ম, ধৰ্ম, সূৰ্য-চন্দ্ৰ, আকাশ, গগণ, অণু, অজ্ঞ, চৰ্ক ইত্য়াদি।  অৰ্ধতৎসম বুলিলে সচৰাচৰ ভকতি < ভক্তি, মুকুতি < মুক্তি, পদুম < পদ্ম আদি শব্দক বুজোৱা হয়। 

বাংলা ভাষাৰ শব্দঃ অসমীয়া ভাষা সুকীয়া হলেও এনেকুৱা নহয় যে লিখক সকল বাংলা ভাষাৰ প্ৰভাৱৰ পৰা একেবাৰে মুক্ত আছিল। অসমীয়া সাহিত্য়ত নোহোৱা চুটিগল্প, উপন্য়াস, গীতি কবিতা আদি নতুন আংগিকৰ সাহিত্য় ৰচা হোৱাত আৰু ইংৰাজীৰ লগতে বাংলা সাহিত্য়ই আৰ্হি হিচাপে কাম কৰাত সেই ভাষাৰ শব্দ আমাৰ অসমীয়াত সোমাইছিল। 

হিন্দী ভাষাৰ শব্দঃ হিন্দী কথাছবিৰ সৰ্বাত্মক প্ৰভাৱৰ ফলতো বহুতো হিন্দী শব্দ আমাৰ ভাষাত সোমাইছে। যেনে - কেঁচা, ঠিক, ঠিকা, ডকাইত, পাংখা, ঠাণ্ডা, জোতা গোল, সস্তা, খালী, ভাৰী, গধুৰ, পকা, মলায়ম, ছীধা, ধান্দা, ফক্কৰ, ফালতু, বাতছা ইত্য়াদি। ইংৰাজ 'হটাও' আন্দোলনৰ সময়ত অসমীয়া মানুহে 'খাদী'ৰ টুপী, ধুতী, পঞ্জাৱী পিন্ধা হল। 'ঝণ্ডা' উৰাই আজিকালি 'ধৰ্ণা' ঘেৰাও কৰিবলৈ শিকিলে। হুৰতাল (গুজৰাটী) 'ধৰ্মঘট' ৰাস্তাৰোকো আদি আজিকালি সঘনে উচ্চাৰিত শব্দ।

(৯) চমুটোকাঃ

অসমৰ ঠাইৰ নামত আৰ্যভিন্ন প্ৰভাৱ

উত্তৰঃ   অসমৰ ঠাই আৰু নদীৰ নামত আৰ্যভিন্ন প্ৰভাৱ সুস্পষ্ট। এনে হোৱাৰ স্বাভাৱিক। আৰ্যভিন্ন সকল এই অঞ্চলৰ আদিম অধিবাসী বাবে ইয়াৰ নদ-নদী সমূহৰ নাম নিজাকৈ দি লৈছিল। আৰ্যসকলৰ বিস্তাৰ হোৱাত তেওঁলোকে পুৰণি নামকে গ্ৰহণ কৰিছিল বা আৰ্যীকৃত কৰিছিল নাইবা নিজে নতুন নাম দিছিল। অষ্ট্ৰিক আৰু দ্ৰাবিড়তকৈ ঠাই নদীৰ নামত তিব্বতবমী প্ৰভাৱ ব্য়াপক। ইয়াৰ কাৰণ হল তিব্বতবৰ্মী লোকসকল শদিয়াৰ পৰা কোচ বিহাৰলৈ বিস্তৃত আৰু সৌ সিদিনালৈ এই গোষ্ঠীৰ ৰাজনৈতিক প্ৰাধান্য় আছিল। ডিমাছা ভাষাত ডিহু মানে মাটিৰ পাত্ৰ, বড়ো ভাষাত 'দৈহু' মানে পৰ্যাপ্ত পানী, অষ্ট্ৰিক ভাষাত 'তিহু' মানে পানী আৰু টাই আহোম ভাষাত 'তিহু' মানে গৰু পোৱা ঠাই। 

দ্ৰাবিড়মূলজ নামঃ

    কুৰঃ ধমাৰকুঁৰ, জিয়াকুৰ

ভিটাঃ বামুণৰ ভিটা, চূণপৰা ভিটা

জুলিঃ নাগ্ৰীজুলি. ঢেকিয়াজুলি, ৰংজুলি

গুৰিঃ খলিহাগুৰি, শিমলুগুৰি

পুৰঃ তেজপুৰ, দিছপুৰ

অষ্ট্ৰিক নামঃ 

    চামতা, বকতা, ধৰমতুল আদি অষ্ট্ৰিকমূলৰ। অসমীয়া ভাষাত পৰ্বত বুজোৱা আৰু পৰ্বতৰ লগত সম্বন্ধ থকা পাহাৰ, টিলা, টিং, মৈদাম, টিপ আদি শব্দসমূহ অষ্ট্ৰিকভাষাৰ।

বড়োগোষ্ঠীৰ নামঃ

    দিবং, দিব্ৰু, দিচাং, দিগবৈ, দৈয়াং, ডিমু আদি বড়োমূলৰ। হাহিম, হাজো, ডিমাপুৰ, মাইবং আদি ঠাইৰ নাম চিত্তাকৰ্ষক। বিষ্ণুপ্ৰসাদ ৰাভাৰ মতে লৌহিত্য় ব্ৰক্ষপুত্ৰ, ভৰলী আদি শব্দও বড়ো শব্দৰ সংস্কৃতীয়া ৰূপহে।

মিচিং শব্দঃ

    মিচিং ভাষাত 'আচি' বা 'চি' মানে পানী। চিয়াং চিচেৰী, চিলা চিবুকত্ৰু আদি নাম মিচিঙৰ হব পাৰে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)


Answer Type - Boby Bora