চিঠি
Chapter 6
১) 'চিঠি' গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰপৰা লোৱা হৈছে?
উত্তৰঃ 'চিঠি' গল্পটো শীলভদ্ৰৰ 'অন্য়ান্য় গল্প' সংকলনৰপৰা লোৱা হৈছে ।
২) শীলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ শীলভদ্ৰই 'মধুপুৰ বহুদূৰ' গ্ৰন্থৰ বাবে সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল ।
৩) প্ৰশান্ত শৰ্মাৰ মৃত্য়ৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?
উত্তৰঃ প্ৰশান্ত শৰ্মাৰ মৃত্য়ৰ খবৰটো ভূদেৱ চৌধুৰীক ভতিজাকে দিছিল ।
৪) কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?
উত্তৰঃ শৈশৱ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল ।
৫) ভূদেৱ চৌধুৰীয়ে কালৈ চিঠি লিখিছিল?
উত্তৰঃ ভূদেৱ চৌধুৰীয়ে শৈশৱ বন্ধু প্ৰশান্ত শৰ্মালৈ লিখিছিল ।
৬) টিংখঙৰ পৰা কোনে বাগানৰ ডাক আনিছিল ?
উত্তৰঃ টিংখঙৰ পৰা ফাগু নামৰ বনুৱাজনে ডাক আনিছিল ।
৭) চিঠিৰ উত্তৰ দিবলৈ প্ৰশান্ত শৰ্মাই কাৰ হতুৱাই লেফাফা আনি থৈছিল ?
উত্তৰঃ চিঠিৰ উত্তৰ দিবলৈ প্ৰশান্ত শৰ্মাই পুতেকৰ হতুৱাই লেফাফা আনি থৈছিল ।
৮) শীলভদ্ৰৰ কিমান চনত জন্ম হৈছিল?
উত্তৰঃ শীলভদ্ৰৰ ১৯২৪ চনত জন্ম হৈছিল ।
৯) শীলভদ্ৰৰ প্ৰথম গল্প সংকলনখনৰ নাম কি?
উত্তৰঃ শীলভদ্ৰৰ প্ৰথম গল্প সংকলনখনৰ নাম হ'ল-'বাস্তৱ' ।
১০) শীলভদ্ৰই কোন চনত অসম উপত্য়কা বঁটা লাভ কৰিছিল?
উত্তৰঃ শীলভদ্ৰই ২০০২ চনত অসম উপত্য়কা বঁটা লাভ কৰিছিল ।
১১) শীলভদ্ৰৰ কিমান চনত মৃত্য়ু হৈছিল?
উত্তৰঃ শীলভদ্ৰৰ ২০০৮ চনত মৃত্য়ু হৈছিল ।
১২) প্ৰত্য়াশা মানে কি?
উত্তৰঃ প্ৰত্য়াশা মানে হ'ল-আশা-ভৰসা ।
১৩) ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল?
উত্তৰঃ ভূদেৱ চৌধুৰী টিংখঙলৈ চিঠিৰ বাবে গৈছিল ।
১৪) শীলভদ্ৰই লাভ কৰা বঁটাৰ নাম কি?
উত্তৰঃ সাহিত্য় অকাডেমি বঁটা ।
১৫) শীলভদ্ৰক কিমান চনত অসম উপত্য়কা সাহিত্য় বঁটা প্ৰদান কৰে ?
উত্তৰঃ শীলভদ্ৰক ২০০২ চনত অসম উপত্য়কা সাহিত্য় বঁটা প্ৰদান কৰে ।
১৬) উত্তাল শব্দ অৰ্থ কি?
উত্তৰঃ প্ৰবল ।
১৭) 'চিঠি' গল্পটো লিখকৰ নাম কি?
উত্তৰঃ শীলভদ্ৰ ।
১৮) ভূদেৱ চৌধুৰীয়ে কিয় চিটী বাছত উঠিব ভয় কৰিছিল ?
উত্তৰঃ চিটী বাছত অসম্ভৱ ভিৰ হয় কাৰণে ভুদেৱ চৌধুৰীয়ে বাছত উঠিব ভয় কৰিছিল ।
১৯) লেখকে কিহক চিঠিৰ মূল্য় বুলি কৈছিল ?
উত্তৰঃ লেখকে চিঠিকে চিঠিৰ মূল্য় বুলি কৈছে ।
২০) শীলভদ্ৰৰ অনুবাদমূলক গ্ৰন্থ দুখনৰ নাম লিখা ।
উত্তৰঃ ৰূপান্তৰ আৰু ৰিপভান উইংকল ।
0 Comments