Chapter 2

Historical Context Of Modern Government

আধুনিক চৰকাৰৰ ঐতিহাসিক প্ৰেক্ষাপট


১. GATT সম্পূৰ্ণ ৰূপ কি ?

উত্তৰঃ General Agreement on Tariff and Trade.

২. Neo-Colonialism: The last stage of Imperialism গ্ৰন্থখনৰ লিখক কোন ?

উত্তৰঃ Kwame Nkrumah.

৩. ফৰাচী বিপ্লৱ কেতিয়া হৈছিল ?

উত্তৰঃ ১৯৮৯ চনত ফৰাচী বিপ্লৱ হৈছিল ।

৪. দুখন প্ৰধান পুঁজিবাদী ৰাষ্ট্ৰৰ নাম লিখা 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড ।

৫. মাৰ্ক্সে তেখেতৰ লিগত উল্লেখ কৰা উপনিৱেশিকতাবাদৰ স্তৰ দুটা কি কি ?

উত্তৰঃ একছত্ৰী বাণিজ্য আৰু মুক্ত বাণিজ্য ।

৬. ল’কাচৰ ম’তে পুঁজিবাদ কি ?

উত্তৰঃ পুঁজিবাদ হৈছে এনে এক ব্যৱস্থা য’ত মানৱসৃষ্ট আৰু প্ৰকৃতিপদত আহিলাসমূহৰ ব্যক্তিগত মালিকীস্বত্ব লাভ কৰি এইবিলাক মুনাফা বৃদ্ধিৰ প্ৰয়োগ কৰা হয় ।

৭. মূল্য ব্যৱস্থাপনাৰ অৰ্থ কি ?

উত্তৰঃ মূল্য ব্যৱস্থাপনাৰ অৰ্থ হ’ল কোনো ধৰণৰ হস্তক্ষেপ নোহোৱাকৈ যোগান আৰু চাহিদা শক্তি কাৰকৰ মুক্ত কাৰ্যকাৰিতা ।

৮. বট'ম'ৰ ''Theories of Modern Capitalism'' নামৰ গ্ৰন্থখনত পুঁজিবাদৰ ব্যাখ্যা কেনেদৰে আগৱঢ়াইছে ?

উত্তৰঃ ''পুজিবাদ হৈছে উৎপাদনৰ এক ধৰণ য'ত উৎপাদনৰ মুখ্য উপাদান হৈছে মূলধন বা পুঁজি আৰু ইয়াৰ বিভিন্ন ৰূপ বা প্ৰকাৰসমূহ । নূলধন বুলি কওঁতে এয়া টকা-পইচাও হ'ব পাৰে বা শ্ৰমিক সম্পদ আহৰণৰ লেখ অথবা উৎপাদনত ব্যৱহৃত কায়িক যন্ত্ৰপাতিও হ'ব পাৰে'' ।

৯.পুঁজিবাদৰ অৰ্থনৈতিক ভিত্তি সমূহ কি কি ?

উত্তৰঃ পুঁজিবাদৰ অৰ্থনৈতিক ভিত্তি সমূহ  হ'ল- ব্যক্তিগত সম্পত্তি, বৃহৎ হাৰৰ উৎপাদন,   মুনাফা অভিপ্ৰায়, প্ৰতিযোগিতা, মূল্য প্ৰক্ৰিয়া, মজুৰি প্ৰতিষ্ঠান, অৰ্থ আৰু ঋণ, ব্যৱসায়িক সংগঠন, বজাৰ অৰ্থনীতি ।

১০. পুঁজিবাদৰ অৰ্থনৈতিক ভিত্তি সমূহ আলোচনা কৰা ।

উত্তৰঃ পুঁজিবাদৰ অৰ্থনৈতিক ভিত্তি সমূহ হ'ল-

 (১) ব্যক্তিগত সম্পত্তি ঃ ব্যক্তিগত সম্পত্তি আধুনিক অৰ্থনৈতিক জীৱনৰ ভিত্তিত প্ৰতিষ্ঠিত। ই পুঁজিবাদৰ প্ৰধান বুনিয়াঁদ স্বৰূপ। পুঁজিবাদত প্ৰতিজন ব্যক্তিৰ সম্পত্তি আৰ্জন কৰা আৰু মজুত ৰখাৰ অধিকাৰ থাকে। সাধাৰণতে, পুঁজিবাদত সম্পত্তিৰ অধিকাৰক অলংঘনীয় অধিকাৰ হিচাপে বিবেচনা কৰা হয় ।

( ২) বৃহৎ হাৰৰ উৎপাদন ঃ  বৃহৎ হাৰৰ উৎপাদন পুঁজিবাদৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ঔদ্যোগিক বিপ্লৱৰ ফলশ্ৰুতি স্বৰূপেই পুঁজিবাদৰ উত্থান হৈছিল। বিস্তৃত পৰিকল্পনা যুগুত কৰা আৰু শ্ৰমৰ বিভাজনে উৎপাদন বৃদ্ধি কৰি তুলিছিল অধিক উৎপাদনশীলতাৰ অৰ্থ হ'ল মূলধনৰ বিস্তৃত প্ৰয়োগ আৰু অধিক মুনাফা আৰ্জন ।

 (৩) মুনাফা অভিপ্ৰায় ঃ কাৰ্ল মাৰ্ক্সৰ ম'তে, অবিহনে পুঁজিবাদ কেতিয়াও বৰ্তি থাকিব নোৱাৰে। তেখেতৰ মতে, পুঁজিপতি সকলে পুঁজি বিনিয়োগ কৰে আৰু এই বিনিয়োগৰ জৰিয়তে মুনাফা আৰ্জন কৰে। পুঁজিবাদৰ অধীনত উৎপাদন সদায় মুনাফা অভিমুখী ।

(৪) প্ৰতিযোগিতা ঃ প্ৰতিযোগিতা পুঁজবাদী অৰ্থনীতিৰ অপৰিহাৰ্য ফলশ্ৰুতি। পুঁজিবাদত পুঁজিপতি সকলৰ মাজত চৰম প্ৰতিযোগিতা বৰ্তি থকা দেখা যায়। দাবী অৰ্থাৎ চাহিদা কৃত্ৰিমভাৱে বৃদ্ধি পোৱাৰ বিপৰিতে যোগান হ্ৰাস পায় ।

(৫) মূল্য প্ৰক্ৰিয়া ঃ পুঁজিবাদী অৰ্থ ব্যৱস্থাত কোনো এক পণ্যৰ মূল্য উৎপাদনী ব্যয়ৰ বিপৰীতে চাহিদা আৰু যোগানৰ নীতিৰ আধাৰত নিৰূপণ ।

(৬) মজুৰি প্ৰতিষ্ঠান ঃ পুঁজিবাদী ব্যৱস্থাত শ্ৰমিকসকলে মজুৰিৰ বাবে দৰ-দাম কৰিবলগীয়া হয়। পুঁজিপতিসকলৰ প্ৰধান উদ্দেশ্যই হৈছে শ্ৰমিক সকলৰ যিমান দূৰ সম্ভৱ কম পাৰিশ্ৰমিক প্ৰদান কৰা আৰু শ্ৰমিক সকলৰ পৰা যিমান দূৰ সম্ভৱ অধিক কাম আদায় কৰা। এনেদৰে পুঁজিবাদত শ্ৰমৰ শোষণ চলি থাকে ।

(৭) অৰ্থ আৰু ঋণ ঃ পুঁজিবাদত ঋণৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। পুঁজিপতি সকলে ঋণৰ ৰূপত পুঁজি সংগ্ৰহ কৰি ব্যৱসায়ৰ উত্তৰণ ঘটায়। এনেদৰে পৰ্যাপ্ত মূলধনৰ অভাৱ স্বত্বেও পুঁজিপতি সকলে ঋণৰ ভিত্তিত নিজ সম্পত্তিৰ পৰিমাণ বৃৃদ্ধি কৰে ।

 (৮) ব্যৱসায়িক সংগঠন ঃ পুঁজিবাদক বিশাল ব্যৱসায়িক সংগঠনৰ সৈতে চিহ্নিত কৰা হৈছে। বিভিন্ন অংশীদাৰীৰ মূলধন বিনিয়োগেৰে এক ঔদ্যোগিক পাম প্ৰতিষ্ঠা কৰা হয় ।

 (৯) বজাৰ অৰ্থনীতি ঃ পুঁজিবাদী ব্যৱস্থাত উৎপাদন, বিতৰণ আৰু বিনিময় শক্তিৰ ওপৰত কোনো ধৰণৰ চৰকাৰী নিয়ন্ত্ৰণ নাথাকে। ই বজাৰ চালিকা শক্তিৰ দ্বাৰাহে নিয়ন্ত্ৰিত। ইয়াত চৰকাৰৰ দ্বাৰা পণ্যৰ মূল্য নিৰ্দ্ধাৰণ কিম্বা বিতৰণ ব্যৱস্থা নিয়ন্ত্ৰিত নহয়। অৰ্থনৈতিক ব্যৱস্থা সম্পূৰ্ণৰূপে মুক্তভাৱে যোগান আৰু চাহিদা নীতিৰ পৰা পৰিচালিত হয়। এনেদৰে পুঁজিবাদী অৰ্থনীতি সম্পূৰ্ণৰূপে উদাৰীকৃত কিম্বা বজাৰ অৰ্থনীতি ।

১১. পুঁজিবাদৰ মৌলিক বৈশিষ্ট্য সমূহ কি কি ?

উত্তৰঃ  (১) ব্যক্তিগত সম্পত্তি আৰু মালিকী স্বত্বৰ স্বাধীনতা ।

(২) ব্যক্তিগত সম্পত্তিৰ অধিকাৰ ।

(৩) মূল্য ব্যৱস্থাপনা ।

(৪) প্ৰতিযোগিতা আৰু সহযোগিতা একেলগে আগবাঢ়ে ।

(৫) প্ৰতিষ্ঠান, বৃত্তি আৰু নিয়ন্ত্ৰণৰ স্বাধীনতা ।

(৬) যৌথ পুঁজি প্ৰতিষ্ঠানৰ নেতৃত্ব সূচক ভূমিকা ।

(৭) শ্ৰেণী সংঘাতৰ উন্মেষণ ঘটায় ।

(৮) উপভোক্তাৰ সাৰ্বভৌমত্ব ।

(৯) উদ্যোগীৰ গুৰুত্বপূৰ্ণ ।

(১০) মুনাফা আৰ্জন ।

১২. পুঁজিবাদৰ সুবিধাসমূহ কি কি ?

উত্তৰঃ (১) উপভোক্তাৰ প্ৰয়োজনীয়তা আৰু ইচ্চা অনুসাৰে উৎপাদন ।

(২) মূলধন গঠনৰ উচ্চহাৰ আৰু অধিক অৰ্থনৈতিক বিকাশ ।

(৩) পুঁজিবাদী অৰ্থনীতিত পছন্দৰ সম্পূৰ্ণ স্বাধীনতা থাকে ।

(৪) পৰ্যাপ্ত সম্পদৰাজিৰ সৰ্বোত্তম ব্যৱহৃত কৰণ ।

(৫) সেৱা আৰু সামগ্ৰীসমূহৰ ফলপ্ৰদ উৎপাদন ।

(৬) উপভোক্তাৰ পণ্যৰ ভিন্নতা ।

(৭) পুঁজিবাদৰ ভাল বেয়া উৎপাদনৰ বাবে কোনো ধৰণৰ প্ৰৰোচনা বা শাস্তিৰ প্ৰয়োজনীয়তা নাথাকে ।

(৮) পুঁজিবাদে উদ্যোক্তা সকলক বোজা ল'বলৈ আৰু অধিক দৃঢ় লীতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি তোলে ।

(৯) পুঁজিবাদে উদ্ভাৱনৰ বাবে সৰ্বোৎকৃষ্ট পৰিৱেশ প্ৰদান কৰে ।

(১০) পুঁজিবাদে অধিক গতিশীলতা প্ৰদানত সহায় হয় ।

১৩. পুঁজিবাদৰ প্ৰকাৰ সমূহ কি কি ?

উত্তৰঃ  পুঁজিবাদৰ প্ৰকাৰ সমূহ হ'ল-

 (১) ৰাষ্ট্ৰ পুঁজিবাদ

(২) নিগমীয় পুঁজিবাদ

(৩) মিশ্ৰিত পুঁজিবাদ 

(৪) উত্তৰ পুঁজিবাদ

(৫) প্ৰযুক্তিগত পুঁজিবাদ 

(৬) কল্যাণকামী পুঁজিবাদ 

(৭) বিলম্ব পুঁজিবাদ 

(৮) নৈৰাজ্য পুঁজিবাদ

(৯) নব্য পুঁজিবাদ 

(১০) বণিক পুঁজিবাদ

(১১) সামাজিক পুঁজিবাদ                                 

(১২) চিৰাচত পুঁজিবাদ 

 (১৩) পৰম পুঁজিবাদ           

১৪. পুঁজিবাদৰ বিপক্ষে যুক্তিসমূহ লিখা ।

উত্তৰঃ পুঁজিবাদৰ বিপক্ষে যুক্তিসমূহ হ'ল- 

(১) সম্পদ আৰু আয়ৰ বিতৰণৰ অসমতা ।

(২) পুঁজিবাদী অৰ্থনীতিত শ্ৰেণী সংঘৰ্ষ অপৰিহাৰ্য ।

(৩) সামাজিক ক্ষয় ক্ষতিৰ হাৰ অধিক উচ্চ ।

(৪) কৰ্মৰত শ্ৰেণীটোৰ পৰ্যাপ্ত সামাজিক নিৰাপত্তা নাথাকে ।

(৫) ধীৰ আৰু ভাৰসাম্যহীন বিকাশ ।

(৬) শ্ৰমিকসকলৰ দৰ-দামৰ সামৰ্থতা নাথাকে ।

(৭) মানৱীয় প্ৰমূল্যৰাজিৰ ধ্বংসাত্মক দিশ ।

(৮) যৌনতাৰ ওপৰত গুৰুত্ব ।

(৯) সামাজিক ব্যৱস্থাৰ ভাৰসাম্যহীনতা ।

১৫. বিশ্বায়নৰ ধাৰণা উল্লেখ কৰা ?

উত্তৰঃ বিশ্বায়ন হৈছে বৰ্তমান সময়ৰ এক প্ৰচলিত ধাৰণা। বিশ্বায়নৰ ইংৰাজী প্ৰতিশব্দ ''Globalisation''। হাভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক 'Theodore Levitt' য়ে ''Globalisation'' শব্দটি পোন প্ৰথমে ব্যৱহাৰ কৰিছিল আৰু এই শব্দটি পোনপ্ৰথমবাৰৰ বাবে ব্যৱহৃত হৈছিল ফৰাচী সাহিত্যত। আনহাতে, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নত এই শব্দটো শিল্প বিপ্লৱৰ পাছৰ পৰাহে ব্যৱহৃত হোৱা দেখিবলৈ পোৱা যায়। বিশ্বায়নে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায়-বাণিজ্য দ্ৰুত গতিত সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছে। ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক বিশ্বায়নে সমগ্ৰ বিশ্বকে এক বিশ্ব সম্প্ৰদায়ত পৰিণত কৰিছে। 

সাধাৰণতে বিশ্বায়নৰ অৰ্থ হৈছে বিভিন্ন প্ৰৱাহ। প্ৰৱাহসমূহ যেনে- ধাৰণাৰ প্ৰৱাহ, দ্ৰব্য সামগ্ৰীৰ প্ৰৱাহ, মানৱ সম্পদৰ প্ৰৱাহ, নিয়োগ সন্ধানীৰ প্ৰৱাহ, মস্তিষ্কৰ প্ৰৱাহ ইত্যাদি। এই প্ৰৱাহ বিশ্বৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ, এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ বা এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ এইবিলাক প্ৰবাহিত হ'ব পাৰে। এনেধৰণৰ বিভিন্ন প্ৰবাহৰ ফলত বিশ্বৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ মাজত পাৰস্পৰিক আন্তঃসংযোগ গঢ়ি উঠে। সেয়েহে বিশ্বব্যাপী গঢ়ি উঠা এনে বিভিন্ন ধৰণৰ আন্তঃসংযোগতাক বিশ্বায়নৰ মূল কেন্দ্ৰবিল্দু বুলি জনা যায়। গতিকে বিশ্বায়নৰ সংজ্ঞা সম্পৰ্কে অধ্যয়ন কৰাৰ পূৰ্বে এই বিশ্বব্যাপী আন্তঃসংযোগৰ অৰ্থ জনাটো আৱশ্যক। বিশ্বব্যাপী আন্তঃসংযোগতা বুলি ক'লে মূলধন, সামগ্ৰী, মানৱ সম্পদ আদিৰ গতিশীলতা তথা চলাচলক সূচায় আৰু এনে চলাচল পৃথিৱীৰ যিকোনো অঞ্চলৰ পৰা অন্য যিকোনো অঞ্চললৈ হ'ব পাৰে। সেয়ে এনে দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে ক'ব পাৰি যে বিশ্বায়ন আৰু বিশ্বজুৰি আন্তঃসংযোগতাৰ মাজত গুৰুত্ব সম্বন্ধ আছে ।

১৬. বিভিন্ন চিন্তাবিদসকলে বিশ্বায়নৰ ওপৰত আগবঢ়োৱা সংজ্ঞা উল্লেখ কৰা ?

উত্তৰঃ এডভাৰ্ড এছ হাৰমেনৰ মতে, ''বিশ্বায়ন মানে আন্তঃৰাষ্ট্ৰীয় পৰিসীমা অতিক্ৰম কৰি সংঘটিত পৰিচালনা আৰু পদ্ধতিৰ সম্প্ৰসাৰণ। একে সময়তে ই হৈছে অবিৰতভাৱে সম্প্ৰসাৰিত আৰু সমান্তৰালভাৱে পৰিৱৰ্তিত হৈ থকা সুযোগ সুবিধা আৰু অৰ্থনৈতিক সম্পৰ্ক ।''

আৰ্নল্ড টয়েনবি ৰ মতে, ''বিশ্বায়নৰ অৰ্থ প্ৰভাৱশালী কেন্দ্ৰৰ লগত একত্ৰীকৰণ, বহুপাক্ষিক প্ৰক্ৰিয়া নহয় ।''

ডেভিদ হেল্ড ৰ মতে, ''বিশ্বায়নক সমসাময়িক সমাজ জীৱনৰ সকলো দিশতেই বিশ্বব্যাপী আন্তঃনিৰ্ভৰশীলতাৰ সম্প্ৰসাৰণ আৰু সুদৃঢ়কৰণৰ এক প্ৰক্ৰিয়াক সূচাইছে ।''

দীপক নায়াৰ মতে, বিশ্বায়ন হৈছে ''এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে অৰ্থনৈতিক প্ৰগতিৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক নিৰ্ভৰশীলতা আৰু মুক্ত অৰ্থনীতিৰ সম্প্ৰসাৰণ ঘটিছে ।''

১৭. বিশ্বায়নৰ বৈশিষ্ট্য সমূহ কি কি ?

উত্তৰঃ (১) বিশ্বায়ন এক অৰ্থনৈতিক প্ৰক্ৰিয়া ।

(২) মুক্ত বাণিজ্য ।

(৩) উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ ।

(৪) অৰ্থনৈতিক আন্তঃনিৰ্ভৰশীলতা ।

(৫) নতুন ঔপনিৱেশিক তাবাদৰ নতুন কৌশল ।

(৬) তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ ।

(৭) ভৌগোলিক ব্যৱধানৰ অস্বীকৃতি ।

(৮) আমদানি ৰপ্তানি ব্যৱস্থাৰ উদাৰীকৰণ । 

১৮. বিশ্বায়নৰ কাৰকসমূহ কি কি ?

উত্তৰঃ (১) ছোভিয়েট ইউনিয়নৰ পতন আৰু পূব ইউৰোপত সাম্যবাদৰ অৱসান ।

(২) উদাৰীকৰণ নীতি ।

(৩) প্ৰযুক্তিগত উন্নতি ।

(৪) আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকৰ ভূমিকা ।

(৫) মনস্তাত্ত্বিক সংহতিকৰণ ।

১৯. বিশ্বায়নৰ প্ৰভাৱৰ ফলত ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব সংকুচিত হোৱাৰ ক্ষেত্ৰত প্ৰভাৱিত কৰা কাৰকসমূহ কি কি ?

উত্তৰঃ (১) বিশ্বায়ন আৰু আঞ্চলিকতাবাদ ।

(২) ৰাষ্ট্ৰীয় নায়কসকলৰ আৰ্বিভাৱ ।

(৩) অতি জাতীয় নিগমবিলাকৰ কাৰ্য-পদ্ধতি ।

(৪) আন্তঃৰাষ্ট্ৰীয় সামাজিক আন্দোলনবিলাকৰ প্ৰভাৱ ।

(৫) আণৱিক অস্ত্ৰৰ প্ৰসাৰ ।

(৬) আন্তঃৰাষ্ট্ৰীয় পৰিক্ষেত্ৰ বিলাকৰ প্ৰসাৰ ।

(৭) সন্ত্ৰাসবাদী সংগঠনবিলাকৰ উদ্ভৱ ।

(৮) পৰিৱেশীয় সমস্যাৰ গোলকীয়কৰণ ।

২০. বিশ্বায়নৰ বিভিন্ন দিশসমূহ বৰ্ণনা কৰা ।

উত্তৰঃ বিশ্বায়নক সাধাৰণতে তিনিটা দিশত অভিব্যক্তি কৰা দেখিবলৈ পোৱা যায়। সেই দিশ কেইটা হ'ল-

(ক) ৰাজনৈতিক বিশ্বায়ন ঃ ৰাজনৈতিক বিশ্বায়নে সমগ্ৰ বিশ্বব্যাপী ৰাজনৈতিক আন্তঃসম্পৰ্কৰ তীব্ৰতৰকৰণ আৰু বিস্তাৰিতকৰণক বুজায়। এই বিশ্বায়নে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত ৰাষ্ট্ৰ যে প্ৰধান নায়ক সেই ধাৰণা আৰু ৰাষ্ট্ৰীয় ক্ষেত্ৰত তাৰ অৱসান হোৱাৰ কথা সূচায়। 

সমাজবিজ্ঞানৰ এক অধ্যয়নৰ বিষয় হিচাপে ইয়াক বিশ্লেষণ কৰিলে দেখা যায় যে, ৰাজনীতি আৰু অৰ্থনীতি উভয়ৰে প্ৰধান উদ্দেশ্য হৈছে ব্যক্তি আৰু সমাজৰ সুখ-সম্ভোগ আৰু উন্নয়ন তথা প্ৰগতি ত্বৰাণ্বিত কৰা। এই ক্ষেত্ৰত জন ষ্টিৱাৰ্ট নামৰ অধ্যাপকজনে মন্তব্য আগবঢ়াই যে,পৰিয়ালৰ লগত মিতব্যয়িতাৰ সম্পৰ্ক থকাৰ নিচিনাকৈ ৰাষ্ট্ৰৰ লগত অৰ্থনৈতিক দিশৰ সম্পৰ্কও বিদ্যামান ।

(খ) অৰ্থনৈতিক বিশ্বায়ন ঃ বিশ্বায়নক বহু চিন্তাবিদে মূলতঃ এক অৰ্থনীতি ধাৰণা হিচাপে অভিহিত কৰিব বিচাৰে। এই বিশ্বায়নে সমগ্ৰ বিশ্বব্যাপী ৰাষ্ট্ৰবিলাকৰ মাজৰ অৰ্থনৈতিক সম্পৰ্কৰ তীব্ৰতকৰণ আৰু সম্প্ৰসাৰণকৰণক সূচায়। ১৯৪৪ চনত ব্ৰেটেন উড্চ সন্মিলনৰ ফলশ্ৰুতিত সৃষ্টি হোৱা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আৰু বিশ্ব বাণিজ্য সংস্থা ইত্যাদি সংস্থাসমূহে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত বিশেষ গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰে ।

(গ) সাংস্কৃতিক বিশ্বায়ন ঃ বিশ্বায়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশ দুটাৰ বাহিৰেও আন এটা দিশ হৈছে সাংস্কৃতিক দিশ। 'সাংস্কৃতি' ধাৰণাটো অতিশয় অৰ্থৱহ। মানৱ জীৱনৰ নূন্যতম প্ৰয়োজনসমূহৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ মাজৰ ব্যৱহাৰ, সামাজিক আচৰণ, ভাষা, ধৰ্ম, সাহিত্য-কলা, সংগীত, নৃত্য, বাদ্য, ভাওনা, সবাহ, উৎসৱ-পাৰ্বণ ইত্যাদি সকলোবিলাকেই বিশ্বায়নৰ সাংস্কৃতিক দিশটোৰ ভিতৰত পৰে। সাংস্কৃতিক বিশ্বায়নৰ অৰ্থ হৈছে ''সমগ্ৰ বিশ্ব'' ব্যাপী ৰাষ্ট্ৰবিলাকৰ মাজৰ সাংস্কৃতিক সম্পৰ্কৰ সম্প্ৰসাৰণ আৰু তীব্ৰতকৰণ ।

২১. বিশ্বায়নৰ প্ৰভাৱৰ ফলত ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব সংকুচিত হোৱাৰ ক্ষেত্ৰত প্ৰভাৱিত কৰা কাৰক বোৰ  কি কি ?

উত্তৰঃ (১) বিশ্বায়ন আৰু আঞ্চলিকতাবাদ ।

(২) ৰাষ্ট্ৰীয় নায়কসকলৰ আৰ্বিভাৱ ।

(৩) অতি জাতীয় নিগমবিলাকৰ কাৰ্য-পদ্ধতি ।

(৪) আন্তঃৰাষ্ট্ৰীয় সামাজিক আন্দোলনবিলাকৰ প্ৰভাৱ ।

(৫) আণৱিক অস্ত্ৰৰ প্ৰসাৰ ।

(৬) আন্তঃৰাষ্ট্ৰীয় পৰিক্ষেত্ৰ বিলাকৰ প্ৰসাৰ ।

(৭) সন্ত্ৰাসবাদী সংগঠনবিলাকৰ উদ্ভৱ ।

(৮) পৰিৱেশীয় সমস্যাৰ গোলকীয়কৰণ ।

(৯) অৰ্থনৈতিক বিশ্বায়ন ।

(১০) মানৱীয় হস্তক্ষেপকৰণ ।

(১১) সামৰিক প্ৰযুক্তিৰ বিকাশ ।

২২. বিশ্বায়নৰ সকৰাত্ম প্ৰভাৱসমূহ উল্লেখ কৰা ।

উত্তৰঃ (১) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে লাভজনক ।

(২) বৈদেশিক মূলধনৰ সোত ।

(৩) জ্ঞানৰ সম্প্ৰসাৰণ ।

(৪) উপভোক্তাসকলৰ বাবে উপভোগ্য ।

(৫) বহুৰাষ্ট্ৰীয় নিগসমূহৰ অংশ গ্ৰহণ ।

(৬) আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় আৰু বাণিজ্য ।

(৭) শান্তিৰ প্ৰভাৱ ।

(৮) জাতীয়তাবাদ, সাম্ৰাজ্যবাদ, উপনিৱেশবাদৰ ধাৰণা অপ্ৰাসংগিক ।

২৩. বিশ্বায়নৰ নকৰাত্ম প্ৰভাৱসমূহ উল্লেখ কৰা ।

উত্তৰঃ (১) ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ ওপৰত কু-প্ৰভাৱ ।

(২) পুঁজিবাদী অৰ্থনীতিৰ পুনৰুন্থান ।

(৩) শোষণৰ আহিলা হিচাপে বিশ্বায়ন ।

(৪) গোলকীয় অস্ত্ৰ-শস্ত্ৰৰ বজাৰৰ সম্প্ৰসাৰণ ।

(৫) আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকৰ ওপৰত ধনী ৰাষ্ট্ৰবিলাকৰ আধিপত্য বিস্তাৰ ।

(৬) ৰাষ্ট্ৰৰ অৰ্থনৈতিক সাৰ্বভৌমত্বৰ ওপৰত কু-প্ৰভাৱ ।

২৪. অৱেনৰ সমাজবাদী ভাৱধাৰাৰ মূলনীতি সমূহ উল্লেখ কৰা ।

উত্তৰঃ (১) শাসক আৰু শাসিতক সুখী কৰাটো চৰকাৰৰ প্ৰধান লক্ষ্য হোৱা উচিত ।

(২) বুজা-পৰা আৰু সহযোগিতাৰ যোগেদি এখন ভাল সমাজ স্থাপন কৰিব পাৰি ।

(৩) সামাজিক কু-প্ৰথাবিলাক সোনকালে মষিমুৰ কৰাটো সম্ভৱ নহয় ।

(৪) যিকোনো পৰিৱৰ্তন বা সংস্কাৰৰ কাৰণে ৰাষ্ট্ৰতকৈ সমাজৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা উচিত ।

(৫) একমাত্ৰ শিক্ষাইহে বৃহৎ সংখ্যক জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পাৰে। 

(৬) মানুহক পৰিৱেশে প্ৰভাৱিত কৰাটো, কিন্তু পৰিৱেশ মানুহে সলনি কৰিব পাৰে । যি খন ৰাষ্ট্ৰত ভাল শিক্ষা ব্যৱস্থা আছে সেইখনেই ভালকৈ শাসিত ৰাষ্ট্ৰ ।

২৫. সমাজবাদৰ মৌলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ (১) উৎপাদনৰ আহিলাৰ সামূহিক মালিকীস্বত্ব ।

(২) আয় বিতৰণৰ সমতা ।

(৩) সুযোগৰ সমতা ।

(৪) অৰ্থনৈতিক পৰিকল্পনা ।

(৫) সামাজিক কল্যাণ অভিপ্ৰায় ।

(৬) শ্ৰেণীবিহীন সমাজ ।

২৬. বৈজ্ঞানিক সমাজবাদৰ শ্ৰেণীসমূহ উল্লেখ কৰা ।

উত্তৰঃ (১) ফেৰিয়ান সমাজবাদ ।

(২) নৈৰাষ্ট্ৰবাদ ।

(৩) সামূহিকতাবাদ ।

(৪) শ্ৰমিকসংঘবাদ ।

(৫) সংঘীয় সমাজবাদ ।

(৬) সাম্যবাদ ।

২৭. ঔপনিৱেশবাদ বিৰোধী সংগ্ৰামৰ দুটা পদ্ধতি লিখা ।

উত্তৰঃ (১) অহিংসা এই পদ্ধতি বা কৌশলৰ নেতৃত্ব বহন কৰিছিল মহাত্মা গান্ধীয়ে ।

(২) অহিংসাৰ বাহিৰেও কিছুমান জাতীয়তাবাদী আৰু সংগ্ৰামী নেতাই বন্দুক, বাৰুদ আৰু বৈপ্লৱিক উপায়েৰে সংগ্ৰাম কৰিবলৈ বাধ্য হৈছিল। কাৰণ- গান্ধীৰ অহিংসা পদ্ধতিৰে সাফল্য লাভ কৰিবলৈ বহুত সময় কৰিব লগা ।

২৮. ঔপনিৱেশবাদ বিৰোধী আন্দোলনৰ কাৰকসমূহ উল্লেখ কৰা ।

উত্তৰঃ (১) অৰ্থনৈতিক শোষণ ।

(২) পশ্চিমীয়া শিক্ষাৰ প্ৰসাৰ ।

(৩) সংবাদমাধ্যমৰ ভূমিকা ।

(৪) সাংস্কৃতিক আগ্ৰাসন ।

(৫) ঊনবিংশ শতিকাৰ সামাজিক-সংস্কাৰ মূলক আন্দোলনসমূহ ।

(৬) জাতীয়তাবাদৰ উত্থান ।

(৭) মধ্যবিত্ত শ্ৰেণীৰ ভূমিকা ।

(৮) ৰাজনৈতিক সজাগ সচেতনতা ।

২৯. নিঃঔপনিবেশিকীকৰণৰ প্ৰক্ৰিয়া মানে কি ? আৰু ইয়াৰ কাৰকসমূহ উল্লেখ কৰা ।

উত্তৰঃ 'The Oxford English Dictionary' মতে, নিঃঔপনিবেশিকীকৰণৰ সংজ্ঞা এনেধৰণৰ-"নিঃঔপনিবেশিকীকৰণে ঔপনিবেশিক শক্তিগোষ্ঠীসমূহে নিজৰ পূৰ্বৰ উপনিবেশসমূহৰ নিয়ন্ত্ৰণ উঠাই লোৱা, এনে উপনিবেশসমূহে ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বতন্ত্ৰতা আৰ্জন কৰাক সূচায়" ।

ইয়াৰ কাৰকসমূহ হ'ল- (১) ঔপনিবেশিক শক্তিসমূহৰ মাজৰ প্ৰধান দ্বন্দ্ব ।

(২) পশ্চিমীয়া প্ৰমূল্যৰাজিৰ প্ৰভাৱ ।

(৩) জাতীয় সচেতনতা বৃদ্ধি ।

(৪) আঘাতমূলক দ্বিতীয় বিশ্বযুদ্ধ ।

(৫) এক সুস্থ আৰু মানৱীয় বিশ্ব শৃংখলাৰ দিশে গতি কৰা ।

(৬) নব্য স্বাধীনতা প্ৰাপ্ত ৰাষ্ট্ৰবিলাকৰ ঋণগ্ৰস্ততাৰ সমস্যা ।

(৭) আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ গণতান্ত্ৰিকীকৰণ ।

(৮) কেতবোৰ গোলকীয় অঞ্চলত ক্ষমতাৰ শূণ্যতা ।

(৯) বৰ্দ্ধিত আঞ্চলিক সহযোগিতা ।


Author  by: Junmoni Das