তুলনামূলক বিশ্লেষণৰ বিষয়

Themes for comparative Analysis-l

chapter-3


১. ইংলেণ্ডত কেতিয়াৰ পৰা সাংবিধানিক বিকাশ আৰম্ভ হৈছিল ?

উত্তৰঃ এংলো চেক্সন যুগৰ পৰা সাংবিধানিক বিকাশ আৰম্ভ হৈছিল ।

২. ইংলেণ্ডৰ ন্যায়ালক কেইটা ভাগত ভাগ কৰা হৈছে আৰু ভাগ কেইটা কি কি ?

উত্তৰঃ ইংলেণ্ডৰ ন্যায়ালক দুটা ভাগত ভাগ কৰা হৈছে । সেই ভাগ দুটা হ'ল-

(ক) দেৱানী        (খ) ফৌজদাৰী ন্যায়ালয়

৩. "গণ-প্ৰজাতান্ত্ৰিক চীন" কোতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰঃ ১৯৪৯ চনৰ ১ অক্টোবৰ তাৰিখে ।

৪. ব্ৰাজিলৰ শেহতীয়াকৈ ৰচনা কৰা সংবিধানখনত কেতিয়া অনুমোদন জনোৱা  হৈছিল ?

উত্তৰঃ ১৯৮৮ চনৰ ৫ অক্টোবৰ তাৰিখে ।

৫. বলছেভিক বিপ্লৱ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ১৯১৭ চনত ।

৬. ব্ৰিটিছ সংবিধানৰ উৎস ৰূপে বিবেচিত দুখন প্ৰধান আইনৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ ১৬৭৯ চনত বন্দী প্ৰত্যক্ষীকৰণ আইন, ১৭১৬ চনত সপ্তবাৰ্ষিক আইন ।

৭. আদালত কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ আদালত তিনি প্ৰকাৰৰ । প্ৰকাৰ কেইটা হ'ল-

(ক) স্থানীয় গণআদালত     (খ) বিশেষ গণআদালত       (গ) সৰ্বোচ্চ গণআদালত

৮. চীনৰ অন্তিমখন সংবিধান কেতিয়া আৰু কাৰ দ্বাৰা বলৱৎ কৰা হয় ।

উত্তৰঃ  চীনৰ অন্তিমখন সংবিধান ১৯৮২ চনৰ ৪ ডিচেম্বৰ তাৰিখে পঞ্চমখন জাতীয় কংগ্ৰেছে বলৱৎ কৰে ।

৯. নাইজেৰিয়াত ৰাষ্ট্ৰপতীয় সংবিধান কেতিয়া প্ৰতিষ্ঠা হয় আৰু এই সংবিধানৰ অন্তৰ্ভুক্ত এটা বিষয় উল্লেখ কৰা ।

উত্তৰঃ নাইজেৰিয়াত ৰাষ্ট্ৰপতীয় সংবিধান প্ৰতিষ্ঠা হয় ১৯৯৯ চনত । আৰু এই সংবিধানৰ অন্তৰ্ভুক্ত এটা বিষয় হৈছে- কোনো ব্যক্তিকে তেওঁৰ জীৱনৰ অধিকাৰৰ পৰা আতৰ কৰিব পৰা নাযায় ।

১০. ৰাজনৈতিক অৰ্থনীতি কাক বোলে 

উত্তৰঃ ৰাজনৈতিক অৰ্থনীতি হৈছে  এনে এক সমাজ বিজ্ঞান যিয়ে, ৎপাদন, বাণিজ্য, আইন আৰু চৰকাৰৰ লগতে সিহঁতৰ সম্পৰ্কৰ বিষয়েও অধ্যয়ন কৰে । কেনেকৈ অৰ্থনৈতিক তত্ত্বই সমাজবাদ, সাম্যবাদকে আদি কৰি বিভিন্ন আৰ্থ-সামাজিক ব্যৱস্থাক প্ৰভাৱিত কৰে সেই সম্পৰ্কে ইয়াত অধ্যয়ন কৰা হয় । তাৰোপৰি জন নীতিৰ সৃষ্টি আৰু বাস্তৱায়িত কৰা সম্পৰ্কেও ইয়াত অধ্যয়ন কৰে ।

১১. ব্ৰিটিছ সংবিধানৰ ক্ৰমবিকাশৰ ধাৰাক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ?

উত্তৰঃ ব্ৰিটিছ সংবিধানৰ ক্ৰমবিকাশৰ ধাৰাক ছয়টা ভাগত ভাগ কৰিব পাৰি ।

 ভাগ কেইটা হ'ল- (১) এংলো-ছেক্সন পৰ্যায় ।

(২) নৰ্মান সকলৰ যুগ ।

(৩) আঞ্জাভিন বা প্লাণ্টাগেনট যুগ ।

(৪) টিউডৰ সকলৰ যুগ ।

(৫) ষ্টুৱাৰ্ট যুগ ।

(৬) হেনোভাৰসকলৰ যুগ ।

১২. গ্ৰেট ব্ৰিটেইন চৰকাৰ ব্যৱস্থাৰ মৌলিক বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ (১) গণতান্ত্ৰিক শাসন ব্যৱস্থা ।

(২) তত্ত্ব আৰু বাস্তৱৰ মাজৰ ব্যৱধান ।

(৩) সংসদীয় চৰকাৰ ।

(৪) সংসদীয় সাৰ্বভৌমত্ব ।

(৫) আইনৰ শাসন ।

(৬) ৰাজতন্ত্ৰ , অভিজাততন্ত্ৰ আৰু গণতন্ত্ৰৰ সমাহাৰ ।

(৭) একাত্ম বা এককেন্দ্ৰি  চৰকাৰ ব্যৱস্থা ।

(৮) সীমিত ৰাজতন্ত্ৰ ।

(৯) ক্ষমতাৰ পৃথকীকৰণ নীতিৰ প্ৰয়োগ নহয় ।

(১০) ৰাজকীয় প্ৰজাতন্ত্ৰ ।

(১১) দ্বি-দলীয় ব্যৱস্থা ।

(১২) শক্তিশালী বিৰোধী ৰাজনৈতিক দলৰ অৱস্থিতি ।

(১৩) দ্বি-সদন বিধানমণণ্ডলৰ ব্যৱস্থা ।

(১৪) অৱৰোধ আৰু সন্তুলনৰ নীতি ।

(১৫) ন্যায়িক সমীক্ষা ক্ষমতাৰ অভাৱ ।

১৩. ৰজা, কাৰ্যবাহী আৰু সংসদৰ মাজৰ পৰিৱৰ্তিত সম্পৰ্কবোৰ কি কি ?

উত্তৰঃ (১) সপ্তদশ শতিকালৈকে ৰজা আৰু ৰাণীয়ে সৰ্ব্বোচ্চ ক্ষমতা উপভোগ কৰিছিল ।

(২) ইংলেণ্ডত গৃহ যুদ্ধৰ সূচনা হোৱাৰ জৰিয়তে সংসদে ৰজাৰ কৰ্তৃত্বৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

(৩) ১৬৮৮ চনৰ গৌৰৱময় বিপ্লৱ আৰু ইয়াৰ পিছৰ গৃহ যুদ্ধই ৰাজতন্ত্ৰতকৈ সংসদক অধিক প্ৰভাৱশালী হোৱাৰ সুযোগ প্ৰদান কৰিছিল ।

(৪) ১৬৮৮ চনৰ পৰা সংসদ ক্ৰমান্বয়ে শক্তিশালী হৈ উঠে ।

(৫) কাৰ্যপালিকাক শাসনক নিয়ন্ত্ৰিত কৰিবলৈ সংসদে বিভিন্ন প্ৰক্ৰিয়া উদ্ভাৱন কৰে । 

১৪. অধিকাৰ আৰু স্বতন্ত্ৰতা প্ৰদান কৰা আৰু ক্ষমতাৰ সাংবিধানিক সীমা নিৰ্ণয়কাৰী উল্লেখনীয় সংস্কাৰসমূহ কি কি ?

উত্তৰঃ  উল্লেখনীয় সংস্কাৰসমূহ হ'ল-

(১) ১২১৫ চনত মহাচনদ গৃহীত হৈ, সাংবিধানিক ক্ষমতা গঢ়ি তোলা আৰু নাগৰিকক অধিকাৰ আৰু স্বতন্ত্ৰতা প্ৰদানৰ ক্ষেত্ৰত ই প্ৰথম গুৰুত্বপূৰ্ণ পদক্ষেপ ।

(২) ১৭০১ চনৰ নিষ্পত্তি আইন, যিয়ে ন্যায়ালক সংবিধানৰ অন্য ক্ষমতাসমূহৰ পৰা স্বতন্ত্ৰ প্ৰদান কৰে ।

(৩) ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰু কুৰি শতিকাৰ প্ৰাৰম্ভিকতে ভোটাধিকাৰ প্ৰদান সংসদীয় গণতন্ত্ৰৰ সূচনা কৰিছিল ।

(৪) ১৯৭৩ চনত গ্ৰেট ব্ৰিটেইন ইউৰোপীয় সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত হয় আৰু ইয়াৰ ফলত ই ইউৰোপীয় সম্প্ৰদায়ৰ আইনৰ অধীন হৈ পৰে ।

১৫.ব্ৰিটেইন চৰকাৰৰ মৌলিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা ।

উত্তৰঃ  ব্ৰিটেইন চৰকাৰৰ মৌলিক বৈশিষ্ট্যসমূহৰ চমু আৱাস-

(১) গণতান্ত্ৰিক শাসন ব্যৱস্থা ঃ- ব্ৰিটেইনত ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰৰ এক মিশ্ৰিত শাসন ব্যৱস্থা আছে বুলি কোৱা হয় যদিও প্ৰকৃত অৰ্থত ব্ৰিটেইনত গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থাৰহে প্ৰচলন আছে। ব্ৰিটেইনত ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে ৰজা বা ৰাণী আছে যদিও তেওঁৰ কোনোধৰণৰ কাৰ্যবাহী ক্ষমতা নাথাকে। সকলো ক্ষেত্ৰতে মন্ত্ৰীসভাৰ পৰামৰ্শ মতেহে ৰজাই কাৰ্যনিৰ্বাহ কৰিব লাগে। ধনী বা অভিজাত সম্প্ৰদায়টোক প্ৰতিনিধিত্ব কৰা ব্ৰিটিছ সংসদৰ উচ্চ সদন লৰ্ডছ সভাৰো বিশেষ ক্ষমতা নাথাকে, গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত সদস্যবৰ্গৰে গঠিত কমন্স সভাইহে সকলোবিলাক ক্ষমতা উপভোগ কৰে। সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ, নিৰ্বাচনী ব্যৱস্থা, সুসংগঠিত বিৰোধী দলৰ অৱস্থিতি, এইবোৰ গ্ৰেট ব্ৰিটেইনত প্ৰচলিত আছে। এনেবোৰ কাৰণৰ বাবে ব্ৰিটেইনৰ সংবিধান আৰু চৰকাৰ ব্যৱস্থাক গণতান্ত্ৰিক সংবিধান আৰু গণতান্ত্ৰিক চৰকাৰ বুলি কোৱা হয় । 

(২) তত্ত্ব আৰু বাস্তৱৰ মাজৰ ব্যৱধান ঃ- ব্ৰিটেইন চৰকাৰ ব্যৱস্থা আন এক মৌলিক বৈশিষ্ট্য হ'ল সাংবিধানিক অবাস্তৱতা, অৰ্থাৎব্ৰিটেইনৰ সংবিধানৰ বাহ্যিক ৰূপ আৰু ইয়াৰ অন্তৰ্নিহিত সত্যৰ মাজত এক বৃহৎ প্ৰাচীৰ আছে। ব্ৰিটেইন চৰকাৰক মহাৰাণীৰ চৰকাৰ হিচাপে জনা যায়। কাৰণ ৰজাই প্ৰধান মন্ত্ৰী নিয়োগ কৰা, যুদ্ধ ঘোষণা কৰা, শান্তি চুক্তি সম্পাদন কৰা সৈন্যবাহিনীৰ সৰ্বাধিনায়ক হিচাপে বহু দায়িত্ব পালন কৰে। কিন্তু বাস্তৱিক ক্ষেত্ৰত ৰজা-ৰাণীৰ তেনে কোনো ক্ষমতা নাই, বৰ্তমান সময়ত ই মাথো ঐতিহাসিক ঘটনাহে। ব্ৰিটেইনত সংসদীয় সাৰ্বভৌমত্বক সাংবিধানিকভাৱে স্বীকৃতি প্ৰদান কৰা হৈছে যদিও বাস্তৱ ক্ষেত্ৰত মন্ত্ৰীসভাই প্ৰধান মন্ত্ৰীক নেতা হিচাপে লৈ সংসদৰ কাম-কাজ আৰু সিদ্ধান্তক গভীৰভাৱে প্ৰভাৱিত কৰে। সেয়েহে ব্ৰিটেইনত ৰাজতন্ত্ৰ আছে বুলি জনা যায় যদিও, গঠনৰ ফালৰ পৰা ই সীমিত ৰাজতন্ত্ৰ আৰু বাস্তৱ ক্ষেত্ৰত ই গণতন্ত্ৰ ।

(৩) সংসদীয় চৰকাৰ ঃ- ব্ৰিটেইনৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল যে ই সংসদীয় প্ৰকৃতিৰ। সংসদীয় শাসন ব্যৱস্থাত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰপ্ৰধানৰ মাজত প্ৰভেদ পৰিলক্ষিত হয়। ৰাষ্ট্ৰপ্ৰধান হৈছে ইংলেণ্ডৰ ৰাণী, আৰু চৰকাৰপ্ৰধান হৈছে ব্ৰিটিছ প্ৰধান মন্ত্ৰী। ব্ৰিটেইনৰ সংসদীয় চৰকাৰ ব্যৱস্থাত কাৰ্যপালিকা আৰু আইন সভাৰ মাজত এক পাৰস্পৰিক সম্পৰ্ক পৰিলক্ষিত হয়। সেয়ে সংসদৰ সদস্যসকলে কাৰ্যপালিকাক আলোচনা আৰু সমালোচনা কৰিব পাৰে। ব্ৰিটিছ সংসদীয় চৰকাৰ ব্যৱস্থাৰ তিনিটা উল্লেখনীয় বৈশিষ্ট্য হৈছে- (ক) ব্ৰিটেইনত প্ৰকৃত ক্ষমতা এখন মন্ত্ৰীসভাৰ হাতত ন্যস্ত থাকে, য'ত প্ৰধান মন্ত্ৰীয়ে সভাপতিত্ব কৰে। (খ) ক্ষমতাৰ পৃথকীকৰণ তত্ত্বক অনুসৰণ কৰা নহয় । (গ) সংসদৰ নিম্ন সদন কমন্স সভাৰ সংখ্যাগৰিষ্ঠ সদস্যই চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ প্ৰহণ কৰিলে চৰকাৰ অৰ্থাৎ মন্ত্ৰীসভাই পদত্যাগ কৰিবলৈ বাধ্য হয় । ইংলেণ্ডত বৰ্তি থকা সংসদীয় চৰকাৰ ব্যৱস্থাৰ পৰিপ্ৰেক্ষিততেই ব্ৰিটিছ সংবিধানখনক পৃথিৱীৰ সকলো 'সংসদৰ জনীন' বুলি কোৱা হয় ।

(৪) সংসদীয় সাৰ্বভৌমত্ব ঃ- সংসদৰ সাৰ্বভৌমত্ব হ'ল ব্ৰিটিছ সংবিধানৰ মূল ভিত্তি।ব্ৰিটেইনৰ সকলো আইন বৃটিছ সংসদে প্ৰণয়ন কৰিব পাৰে। ব্ৰিটিছ সংসদৰ আইনক অবৈধ ঘোষণা কৰিব পৰা কোনো ধৰণৰ আদালত নাই। ভাৰতবৰ্ষ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে গ্ৰেট ব্ৰিটেইনত সাংবিধানিক কৰ্তৃত্ব আৰু আইন প্ৰণয়নিক কৰ্তৃত্বৰ মাজত কোনো বিধিগত প্ৰভেদ নাই। ব্ৰিটিছ সংসদেই হৈছে আইন প্ৰণয়নিক আৰু সাংবিধানিক কৰ্তৃত্ব গৰাকী। ব্ৰিটিছ সংসদে সাধাৰণ আইন প্ৰণয়নৰ জৰিয়তে সিংহাসনৰ উত্তৰাধিকাৰীক পৰিৱৰ্তন কৰাৰ উপৰিও ৰজাই নিজ ইচ্চা অনুসৰি কোনো এগৰাকী মহিলাক বিয়া কৰোৱাত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে। সেয়ে, ডি.লোময়ৰ মতে, 'ব্ৰিটিছ সংসদৰ ক্ষমতা ইমানে বেছি যে পুৰুষক মহিলা আৰু মহিলাক পুৰুষ কৰাৰ বাহিৰে তেওঁলোকে সকলো কৰিব পাৰে'।অৰ্থাৎ ব্ৰিটিছ সংবিধানৰ বিষয়ে আশ্চৰ্যজনক কৰি তুলিব পৰা যিকোনো কাৰ্যই ব্ৰিটিছ সংসদৰ বাবে সম্পাদন কৰাটো সম্ভৱ ।

(৫) আইনৰ শাসন ঃ- আইনৰ শাসন সংসদৰ দ্বাৰা প্ৰণোদিত বিধি নহয়, যদিও সংসদৰ বিভিন্ন আইন, ন্যায়িক সিদ্ধান্তসমূহ আৰু সাধাৰণ আইনবোৰত আইনৰ শাসন সুন্দৰ ভাৱে প্ৰতিফলন ঘটা দেখা যায়। এ.ভি.ডাইছি ৰ মতে, আইনৰ শাসনে তিনিটা অৰ্থক সূচায়- (ক) কোনো এজন ব্যক্তিক প্ৰচলিত আইন ভংগ কৰা বুলি আদালতৰ দ্বাৰা প্ৰমাণিত নহ'লে তেওঁক শাৰীৰিক আৰু বস্তুগতভাৱে শাস্তি প্ৰদান কৰিব নোবাৰিব, অৰ্থাৎ আইন উলংঘা নকৰা পৰ্যন্ত কোনো লোককে প্ৰশাসনে আটক কৰিব নোৱাৰে আৰু প্ৰচলিত আইন ভংগ কৰা বুলি আদালতে প্ৰমাণ নকৰালৈকে কোনো ব্যক্তিকে নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব ।

(খ) কোনো ব্যক্তি আইনৰ উৰ্দ্ধত নহয়। অৰ্থাৎ, আইনৰ দৃষ্টিত সকলো সমান। ব্যক্তি জীৱনৰ সকলোবোৰ অধিকাৰ আইনৰ অধীন। সেয়েহে, আইনে সকলোকে সমানভাৱে ৰক্ষণাবেক্ষণ দিব লাগে ।

(গ) ব্ৰিটিছ নাগৰিসকলৰ ন্যায়িক অধিকাৰসমূহ ন্যায়ালয়ৰ সিদ্ধান্তৰ দ্বাৰাহে সুৰক্ষিত কৰা হ'ব ।

(৬) ৰাজতন্ত্ৰ, অভিজাততন্ত্ৰ আৰু গণতন্ত্ৰৰ সমাহাৰ  ঃ- ব্ৰিটেইনৰ চৰকাৰ ব্যৱস্থাত ৰাজতন্ত্ৰ, অভিজাততন্ত্ৰ আৰু গণতন্ত্ৰ এই তিনিবিধ শাসন ব্যৱস্থাই সংমিশ্ৰণ ঘটাইছে। বংশানুক্ৰমিক নীতিৰ ওপৰত ব্ৰিটিছ ৰাজপদে ৰাজতন্ত্ৰক প্ৰতিনিধত্ব কৰিছে। লৰ্ডছ সভাই লৰ্ডছসকলক আৰু সম্ভ্ৰান্ত লোকক প্ৰতিনিধিত্ব কৰাৰ বাবে অভিজাততন্ত্ৰৰ পোষকতা কৰিছে। আনহাতে, জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত কমন্স সভাই গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিছে। ৰজাই হওক বা লৰ্ডছ সভাই হওক দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াত অৱতীৰ্ন হ'ব নোৱাৰে, যদিও গণতন্ত্ৰৰ সফলতাৰ বাবে এইবোৰৰ উপস্থিতি অতিকৈ আৱশ্যক ।

১৬.  গ্ৰেট ব্ৰিটেইনত বৰ্তমানলৈকে ৰাজতন্ত্ৰ প্ৰচলন অব্যাহত থকা মূল কাৰণসমূহ কি কি ?

উত্তৰঃ (১) ৰজা ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতীক ।

(২) সাংবিধানিক প্ৰয়োজনীয়তা ।

(৩) অধিক ব্যয়বহুল নহয় ।

(৪) গণতন্ত্ৰৰ প্ৰতিবন্ধক নহয় ।

(৫) সুদক্ষ প্ৰশাসক ।

(৬) ইংলেণ্ডৰ জনসাধাৰণৰ ৰক্ষণশীল চৰিত্ৰ ।

(৭) ৰজা ৰাষ্ট্ৰৰ মুৰব্বী ।

(৮) ৰজাৰ অৱদান ।

১৭. ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীৰ হাতত ন্যস্ত হৈ থকা ক্ষমতাবোৰ কি কি ?

উত্তৰঃ ক্ষমতাবোৰ হ'ল- (১) মন্ত্ৰী সভা গঠন কৰা     (২) কেবিনেটৰ সভাপতি     

(৩) ৰজাৰ লগত সমন্ধ স্থাপন     (৪) নিজ দলৰ নেতা হিচাপে প্ৰধানমন্ত্ৰী

(৫) কমন্স সভাৰ নেতা     (৬) সংসদ ভংগৰ ক্ষমতা     (৭) বৈদেশিক ক্ষমতা

(৮) জনসাধাৰণৰ লগত প্ৰধানমন্ত্ৰীৰ সমন্ধ     (৯) অৰ্থনৈতিক ক্ষমতা 

১৮. লৰ্ডছ সভাৰ সদস্যসকলে উপভোগ কৰা অধিকাৰসমূহ কি কি ?

উত্তৰঃ তেওঁলোকে উপভোগ কৰা অধিকাৰসমূহ হ'ল-

(১) সদস্যসকলে সদনত নিজৰ মন্তব্য আগবঢ়োৱাত সৰ্ম্পূণ বাকস্বাধীনতা লাভ কৰে ।

(২) সদনৰ অধিৱেশন চলি থকা সময়ত কোনো কোনো সদস্যকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব ।

(৩) লৰ্ডছ সভাৰ সদস্যসকলে ৰজা বা ৰাণীক সাক্ষাৎ কৰিব পাৰে ।

(৪)  কোনো সদস্যই বা ব্যক্তিয়ে যদি সদন অমান্য কৰে তেন্তে লৰ্ডছ সভাই শাস্তি প্ৰদান কৰিব পাৰে ।

(৫) কোনো পীয়েৰে যদি কোনো গুৰুতৰ অপৰাধত লিপ্ত হয়, তেতিয়া লৰ্ডছ সভাই সেই অপৰাধৰ বিচাৰ কৰে ।

(৬) লৰ্ডছ সভাৰ ন্যায়িক সদস্যসকলে উচ্চতম ন্যায়ালয়ৰ এক সদস্য হিচাপে কাৰ্যপালন কৰিব পাৰে ।

(৭) লৰ্ডছ সভাৰ হাতত কমন্স সভাই দাবী কৰা অভিযোগৰ বিচাৰ কৰা অধিকাৰো থাকে ।

১৯. চীনৰ বিচাৰ ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ * বিচাৰপতিসকলৰ দায়িত্বশীলতা      * কেন্দ্ৰীভূত ন্যায়বিভাগ

* সমাজবাদী ব্যৱস্থাক ৰক্ষা কৰা      * প্ৰকিউৰেটৰ ব্যৱস্থা      * অখণ্ড বিচাৰ ব্যৱস্থা

* বিচাৰকসকলক নিৰ্বাচন আৰু অপসাৰণ     * অপৰাধীক নিৰ্যাতন কৰা নিষিদ্ধ

* বিচাৰ কাৰ্যত জনগণৰ ভূমিকা       * আইনৰ প্ৰাধান্য      * বিচাৰ বিভাগীয় সমিতি

* আপীলৰ ব্যৱস্থা      * আত্মপক্ষৰ সমৰ্থন অধিকাৰ      * অধিবক্তাৰ সীমিত ভূমিকা

* স্বাধীন আৰু নিৰপেক্ষ নহয়      * সংবিধান আৰু আইনৰ ৰক্ষক

২০. ইংলেণ্ডৰ ন্যায়িক ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ * সংগঠনৰ বিভিন্নতা      * জুৰী প্ৰথা      * নিৰ্ভীকতা      * সৰলতা

* পৃথক প্ৰশাসনীয় আদালতৰ অভাৱ      * ন্যায়িক সমীক্ষাৰ অভাৱ

* নাগৰিক অধিকাৰৰ অভিভাৱক       * বিচাৰ বিভাগ বিধানমণ্ডলৰ লগত জড়িত

* একেখন আদালতত দেৱানী আৰু ফৌজদাৰী মোকৰ্দমাৰ বিচাৰৰ ব্যৱস্থা নাই 

২১. লৰ্ডছ সভাৰ প্ৰয়োজনীয়তা সমূহ কি কি ?

উত্তৰঃ * পৰ্যালোচনা সদন পিচাপে ভূমিকা     * ইংৰাজসকলৰ ৰক্ষণশীল মনোভাৱ  

* অভিজ্ঞতাসম্পন্ন ব্যক্তিৰে গঠিত সদন      * আপীল আদালত হিচাপে ক্ষমতা

* জনমত গঠনত ভূমিকা        * শাসন পৰিচালিত ভূমিকা   

* বেচৰকাৰী বিধেয়কত ভূমিকা        * বৈদেশিক নীতিৰ সম্পৰ্কত ভূমিকা

* দলীয় ৰাজনীতৰ পৰা উৰ্দ্ধত

২২. লৰ্ডছ সভা আৰু কমন্স সভাৰ মাজৰ সম্পৰ্কত দেখা দিয়া মূল পাৰ্থক্য বা কাৰণ কেইটা উল্লেখ কৰা ।

উত্তৰঃ * গঠনৰ ক্ষেত্ৰত        * কাৰ্যকালৰ ক্ষেত্ৰত         * আইন প্ৰণয়নৰ ওপৰত

* চৰকাৰ গঠনৰ ক্ষেত্ৰত      * কাৰ্যপালিকা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত  

* বিত্ত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত       * সংবিধান সংশোধনৰ ক্ষেত্ৰত 

২৩. উচ্চতম গণআদালত সাধাৰণতে কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ উচ্চতম গণআদালত সাধাৰণতে তিনি প্ৰকাৰৰ। সেই প্ৰকাৰ কেইটা হ'ল-

(ক) মৌলিক ক্ষমতা     (খ) আপীল বিচাৰৰ ক্ষমতা      (গ) পৰিদৰ্শন ক্ষমতা

২৪. চীন প্ৰজাতন্ত্ৰত সমাজবাদ প্ৰতিষ্ঠা হোৱাৰ লগে লগে তেওঁলোকক অৰ্পণ কৰা গুৰুত্বপূৰ্ণ দায়িত্বসমূহ কি কি ?

উত্তৰঃ চীন প্ৰজাতন্ত্ৰক অৰ্পণ কৰা গুৰুত্বপূৰ্ণ দায়িত্বসমূহ হ'ল-

* নাগৰিকৰ অধিকাৰসমূহ ৰক্ষা কৰা ।

* সৰ্বহাৰা শ্ৰেণীৰ একনায়কত্ববাদৰ অধীনত প্ৰতিষ্ঠিত সমাজবাদী ব্যৱস্থাৰ সুৰক্ষা দিয়া ।

* সমাজবাদী আইন-শৃংখলা আৰু জন-শৃংখলা ৰক্ষা কৰা ।

* সমাজ, সম্পত্তি আৰু নাগৰিকৰ আইনসংগত সম্পত্তিৰ ৰক্ষণা-বেক্ষণ দিয়া ।

* চীনৰ নাগৰিকসকলক দেশৰ সংবিধান আৰু আইন মানি চলিবলৈ শিক্ষা প্ৰদান কৰা ।

* চীনত সমাজবাদী ভেটী সুদৃঢ় কৰা ।

* চীনৰ সমাজবাদী বিপ্লৱ আৰু সমাজবাদী গঠন কাৰ্যৰ সাফল্যৰ ফালে লৈ যোৱা ।


Author by: Junmoni Das.