প্ৰথম অধ্যায়
chapter: 1

তুলনামূলক ৰাজনীতিবোধ
Understanding Comparative Politics 



১. তুলনামূলক ৰাজনীতিয়ে কি অধ্যয়ন কৰে ?
উত্তৰঃ তুলনামূলক ৰাজনীতিয়ে চৰকাৰ আৰু ইয়াৰ অংগসমূহৰ লগতে ৰাষ্ট্ৰীয় চৰকাৰৰ লগত প্ৰত্যক্ষভাৱে জড়িত নোহোৱা কিছুমান সংগঠনৰ ৰূপৰ বিষয়ে অধ্যয়ন কৰে ।

২. নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়নে তুলনামূলক ৰাজনীতিক কি প্ৰদান কৰে ?
উত্তৰঃ পৰিসৰ আৰু গতিশীলতাক এক নতুন মাত্ৰা প্ৰদান কৰে ।

৩. তুলনামূলক ৰাজনীতিৰ ওপৰত ''মাইকেল কাৰ্টিজ''ৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ মাইকেল কাৰ্টিজৰ মতে, ''তুলনামূলক ৰাজনীতিয়ে ৰাজনৈতিক অনুষ্ঠান আৰু ৰাজনৈতিক আচৰণৰ কাৰ্যৰ লগত জড়িত নিয়মানুৱৰ্তিতা, সাদৃশ্য আৰু বৈসাদৃশ্য সম্পৰ্কে অধ্যয়ন কৰে'' ।

৪. তুলনামূলক ৰাজনীতিৰ ওপৰত ''জ্যা ব্লনডেল''ৰ সংজ্ঞা--
উত্তৰঃ জ্যা ব্লনডেলৰ মতে, ''তুলনামূলক চৰকাৰ হ'ল সমসাময়িক বিশ্বৰ ৰাষ্ট্ৰীয় চৰকাৰ পদ্ধতিৰ অধ্যয়ন'' ।

৫. তুলনামূলক ৰাজনীতিৰ অধ্যয়নত 'ৰাজনীতি' কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ তুলনামূলক ৰাজনীতিৰ অধ্যয়নত 'ৰাজনীতি' তিনি প্ৰকাৰৰ । সেইকেইটা হ'ল-
 (ক) ৰাজনৈতিক কাৰ্যকলাপ       (খ) ৰাজনৈতিক প্ৰক্ৰিয়া        (গ) ৰাজনৈতিক ক্ষমতা

৬. ফাইনাৰৰ মতে চৰকাৰৰ অভিধানটোৱে কেইপ্ৰকাৰৰ অৰ্থ প্ৰকাশ কৰে আৰু কি কি  ?
উত্তৰঃ ফাইনাৰৰ মতে চৰকাৰৰ অভিধানটো চাৰি প্ৰকাৰৰ । সেইকেইটা হ'ল- 
(ক) 'ই' শাসন পৰিচালনা কৰাৰ প্ৰক্ৰিয়াক সূচায় ।
(খ) ''চৰকাৰ'' এনে এক অৱস্থাক সূচায় য'ত শাসন সম্পৰ্কীয় প্ৰক্ৰিয়া দেখিবলৈ পোৱা যায় ।
(গ) ''চৰকাৰৰ'' শাসন কাৰ্য পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা ব্যক্তি সমষ্টিক দিয়া কিছুমান নীতি-নীৰ্দেশনাক বুজায় ।
(ঘ) ''চৰকাৰ'' এনে এক পদ্ধতিক বুজায় যাৰ জৰিয়তে এখন বিশেষ সমাজ পৰিচালিত হয় ।

৭. ব্লনডেলৰ মতে তুলনামূলক চৰকাৰৰ প্ৰধান দিশ দুটা কি কি ?
উত্তৰঃ ব্লনডেলৰ মতে তুলনামূলক চৰকাৰৰ প্ৰধান দিশ দুটা  হ'লসমান্তৰাল আৰু পোনপটীয়া ।

৮. ''ৰাজনৈতিক প্ৰক্ৰিয়া''ৰ অভিধানটোৱে কি সামৰি লৈছে ?
উত্তৰঃ ৰাষ্ট্ৰৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ লগত জড়িত ।

৯. তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ মাজৰ থকা পাৰ্থক্য সম্পৰ্কত 'ৰনাল্ড চিলকটয়ে' আগবঢ়োৱা মন্তব্যটো কি ?
উত্তৰঃ 'ৰনাল্ড চিলকটয়ে' আগবঢ়োৱা মন্তব্যটো হ'ল- তুলনামূলক চৰকাৰে সাধাৰণতে ইউৰোপ জাতীয় ৰাষ্ট্ৰসমূহৰ অধ্যয়নক বুজায় আৰু এনে অধ্যয়নত ৰাষ্ট্ৰসমূহৰ আইন সভা, কাৰ্যপালিকা আৰু বিচাৰ বিভাগৰ লগতে ৰাজনৈতিক দল আৰু প্ৰভাৱগোষ্ঠীসমূহৰ দৰে পৰিপূৰক সংগঠনসমূহৰ সংগঠন আৰু কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰা ।

১০. তুলনামূলক ৰাজনীতি অধ্যয়নৰ উদ্দেশ্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ তুলনামূলক ৰাজনীতি অধ্যয়নৰ উদ্দেশ্যসমূহ হ'ল-
(ক) চৰকাৰ আৰু ৰাজনীতিৰ সম্পৰ্কেশুদ্ধভাৱে প্ৰমাণ কৰিব পৰা জ্ঞান আহৰণ কৰা ।
(খ) ইয়াৰ জৰিয়তে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাজনৈতিক ব্যৱস্থাৱলীসমূহৰ বিষয়ে জ্ঞান আহৰণ কৰাত সহায় হয় । 
(গ) বিশ্বৰ উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ মাজৰ স্পষ্ট আৰ্থ-সামাজিক বৈষম্যসমূহক আঙুলিয়াই দি ই এক সাৰ্বজনীন ৰূপ লাভ কৰে ।
(ঘ) ইয়াৰ জৰিয়তে কোনো ঘটনাৰ গতিধাৰা আৰু ইয়াৰ পৰিণাম সন্দৰ্ভত ভৱিষ্যৎবাণী কৰাত সহায় হয় ।
(ঙ) ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ নিচিনাকৈ তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ ক্ষেত্ৰতো আন্তঃবৈষয়িক দৃষ্টভংগীৰ প্ৰভাৱ পৰিলক্ষিত হয় ।

১১.এৰিষ্ট'টলে সমসাময়িক গ্ৰীচৰ নগৰ ৰাষ্ট্ৰবিলাকত সংঘটিত হোৱা বিপ্লৱৰ কাৰণসমূহ বিচাৰি কিমানখন নগৰ ৰাষ্ট্ৰৰ সংবিধান অধ্যয়ন কৰিছিল ?
উত্তৰঃ ১৫৮ খন নগৰ ৰাষ্ট্ৰৰ সংবিধান অধ্যয়ন কৰিছিল ।

১২. তুলনামূলক ৰাজনীতিৰ বিকাশৰ প্ৰথম পৰ্যায়ৰ লেখক কেইজনমানৰ নাম লিখা ।
উত্তৰঃ এৰিষ্ট'ল, মেকিয়াভেলী, লৰ্ড ব্ৰাইচ, মাণ্টেছকিউ, টকোভেলি আদি । 

১৩. কিমান চনত আৰু কাৰ কাৰ দ্বাৰা ''The Patterns of Government'' শীৰ্ষক গ্ৰন্থখনি উলিয়াইছিল ?
উত্তৰঃ ১৯৬২ চনত চেমুৱেল এইচ বীয়েৰ আৰু বানাৰ্ড উত্তমৰ দ্বাৰা ''The Patterns of Government'' শীৰ্ষক গ্ৰন্থখনি উলিয়াইছিল ।

১৩. বানাৰ্ড উত্তমে ১৯৬২ চনত লিখি উলিওৱা শীৰ্ষক গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ ''The Patterns of Government'' 

১৪. জাৰ্মানীত কি অধ্যয়নক এক অপৰিহাৰ্য অংশ হিচাপে বিবেচনা কৰা হৈছে ?
উত্তৰঃ ''School of Historical Jurisprudence''ৰ অধ্যয়নক এক অপৰিহাৰ্য অংশ হিচাপে বিবেচনা কৰা হৈছে ।

১৫.কোনখন গ্ৰন্থৰ জৰিয়তে তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ তৃতীয়টো পৰ্যায়ৰ সূচনা হয় ?
উত্তৰঃ ''Politics of Developing Nations''ৰ জৰিয়তে তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ তৃতীয়টো পৰ্যায়ৰ সূচনা হয় ।

 ১৬. ''Politics of Developing Nations'' নামৰ গ্ৰন্থখন কাৰ দ্বাৰা সম্পাদিত ?
উত্তৰঃগ্ৰেবিয়েল আলমণ্ড আৰু জে.এছ.ক'লমেন ৰ দ্বাৰা সম্পাদিত ।

১৭. এক'ষ্টিন আৰু ডেভিদ এপ্টাৰৰ যুটীয়া সম্পাদনাত প্ৰকাশ পোৱা গ্ৰন্থ দুখনৰ নাম কি ?
উত্তৰঃ ''Comparative Politics: Note and Readings''

৮. তুলনামূলক ৰাজনীতিৰ পৰিৱৰ্তনৰ পৰিসৰসমূহ কি কি ?
উত্তৰঃ  তুলনামূলক ৰাজনীতিৰ পৰিৱৰ্তনৰ পৰিসৰসমূহ হ'ল-
(ক) অধিক ব্যাপক পৰিসৰ । 
(খ) বাস্তৱতাৰ প্ৰতি গঢ় লৈ উঠ  প্ৰৱণতা । 
(গ) অধিক সঠিক আৰু স্পষ্ট ।
(ঘ) বৌদ্ধিক ব্যৱস্থা গঢ় দিয়াৰ পোষকতা ।

১৯. ডেভিড ইষ্টনে দাঙি ধৰা উত্তৰ-আচৰণবাদৰ বৈশিষ্ট্যসমূহ কি কি ?
উত্তৰঃ ডেভিড ইষ্টনে দাঙি ধৰা উত্তৰ-আচৰণবাদৰ বৈশিষ্ট্যসমূহ হ'ল-
(ক) অধ্যয়নৰ উদ্দেশ্য আৰু অধ্যয়নৰ ফলাফল অধ্যয়ন পদ্ধতি আৰু কৌশলৰ তুলনাত অধিক গুৰুত্ব লাভ কৰা উচিত ।
(খ) সামাজিক পৰিৱৰ্তনৰ ওপৰত অধিক গুৰুত্ব ।
(গ) বাস্তৱ ৰাজনীতিৰ লগত ৰাজনীতি বিজ্ঞানৰ প্ৰত্যক্ষ সম্পৰ্ক গঢ়ি তোলা ।
(ঘ) ৰাজনীতি বিজ্ঞান মূল্য-বিহীন হোৱা উচিত নহয় ।

২০. আচৰণবাদোত্তৰ দৃষ্টিভংগীৰ ক্ৰমবিকাশসমূহ উল্লেখ কৰা ।
উত্তৰঃ (ক) বিশ্বৰ ব্যৱহাৰিক সমস্যাসমূহ বিশ্লেষণত আচৰণবাদৰ বিফলতা ।
(খ) গৱেষণা পদ্ধতি কৌশলৰ ওপৰত অধিক গুৰুত্ব ।
(গ) আচৰণবাদৰ প্ৰতি গঢ়ি উঠা অসন্তুষ্টিয়ে উত্তৰ আচৰণবাদক জন্ম দিয়ে ।
(ঘ) ৰাজনীতি বিজ্ঞানক সমস্যা সমাধানৰ বিজ্ঞানলৈ ৰূপান্তৰিত কৰাত বিফলতা 

২১. পৰম্পৰাগত দৃষ্টিভংগী আৰু আধুনিক দৃষ্টিভংগীৰ মাজৰ প্ৰভেদসমূহ লিখা ।
উত্তৰঃপৰম্পৰাগত দৃষ্টিভংগী আৰু আধুনিক দৃষ্টিভংগীৰ মাজৰ প্ৰভেদসমূহ হ'ল-
পৰম্পৰাগত দৃষ্টিভংগী আধুনিক দৃষ্টিভংগী
১) ইউৰোপীয় ৰাষ্ট্ৰবিলাকৰ বিষয়ে অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় । ১) পশ্মিমীয়া দেশবিলাকৰ বাহিৰে অন্যান্য দেশৰ বিষয়েও চৰ্চা কৰা হয় ।
২) এই দৃষ্টিভংগীৰ সাংস্কৃতিক সীমা আছে । ২) এই দৃষ্টিভংগীৰ কোনো সাংস্কৃতিক সীমা নাই । ই আন্তঃসাংস্কৃতিক ।
৩) এই পদ্ধতিত মাত্ৰ কিছুমান দেশৰ সংবিধান আৰু অনুষ্ঠানবিলাকৰ ন্ক্সা-ভিত্তিক অধ্যয়ন কৰা হয় । ৩) ইয়াত বহুতো ৰাজনৈতিক ব্যৱস্থাৰ সাদৃশ্যৰ ওপৰত গুৰুত্ব দিয়া হয় ।
৪) ই অনুষ্ঠানৰ অধ্যয়ন কৰে । ৪) ই ৰাজনৈতিক আচৰণৰ অধ্যয়ন কৰে ।
৫) এই দৃষ্টিভংগী বিজ্ঞানসন্মত নহয় । ৫) ই বিজ্ঞানসন্মত দৃষ্টিভংগী ।
৬) ই মূল্যবোধৰ ওপৰত গুৰুত্ব দিয়ে । ৬) ই মূল্যবোধ নিৰপেক্ষ হোৱাৰ চেষ্টা ।
৭) ৰাষ্ট্ৰৰ সামাজিক গাঁথনিৰ অধ্যয়নৰ ওপৰত কম গুৰুত্ব দিয়া হয় । ৭) সামাজিক পৰিস্থিতি বিবেচনা কৰা হয় ।

২২. ইউৰোকেন্দ্ৰিকতাবাদ কি ?
উত্তৰঃ ১৯৮০ ৰ দশকত উদ্ভাৱিত এক ৰাজনৈতিক অভিধা যি ইউৰোপীয় ব্যতিক্ৰমবাদ পশ্চিমীয়া সভ্যতাৰ এক বিশ্বব্যাপি ধাৰণাক বুজায় ।

৩. বৈজ্ঞানিক সমাজবাদৰ পিতৃ কোন ?
উত্তৰঃ বৈজ্ঞানিক সমাজবাদৰ পিতৃ কাৰ্ল মাৰ্ক্স ।

২৪. ক্ৰীড়া তত্ত্বৰ বিকাশ কেতিয়া আৰু কাৰ নেতৃত্বত হৈছিল ?
উত্তৰঃ৯২০ চনৰ সমছোৱাত এমিল ব'ৰেলৰ নেতৃত্ব ফলস্বৰূপে ক্ৰীড়া তত্ত্বৰ বিকাশ  হৈছিল ।

২৫. ডেভিড ইষ্টনে ৰাজনৈতিক ব্যৱস্থাত কেই ধৰণৰ আৰু কি কি উপাদান জড়িত হৈ থকা বুলি উল্লেখ কৰিছে লিখা ।
উত্তৰঃ ডেভিড ইষ্টনে ৰাজনৈতিক ব্যৱস্থাত তিনি ধৰণৰ ৰাজনৈতিক ব্যৱস্থা জড়িত থকা বুলি উল্লেখ কৰিছে । সেইকেইটা হ'ল- 
(১) প্ৰমূল্যৰ অংশ নিৰূপণ ।
(২) কৰ্তৃত্বসূচক হিচাপে অংশ নিৰূপণ ।
(৩) কৰ্তৃত্বসূচক অংশ নিৰূপণ সমাজৰ বন্ধনীয় মূল্যমান ।


Author by: Junmoni Das.