BA 3rd Sem Education Major Chapter 4 Question and Answer Assam | B.A 3rd Semester Education Notes | B.A 3rd Semester Education Free Suggestion | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer | শান্তি শিক্ষা (Peace Education) পাঠটোৰ প্ৰশ্ন-উত্তৰ |  BA 3rd Sem Major Education Paper 3 |


প্রশ্নাৱলী


(1) অতি চমু উত্তৰ দিয়া (Questions of Very Short Answer )

১। 'Peace' শব্দটোৰ আভিধানিক অর্থ কি? 

Write the dictonary meaning of the word "peace".

উত্তৰঃ 'Peace' শব্দটোৰ আভিধানিক অর্থ হ'ল- যুদ্ধ আৰু উগ্ৰতাৰ পৰা মুক্ত।

২। শান্তি কাক বোলে ? 

What is Peace?

উত্তৰঃ শান্তিৰ বহুতো সংজ্ঞা আছে, কিন্তু সেই সকলোবোৰৰ মূল হৈছে ব্যক্তিগত বিকাশ, সহযোগিতা, পাৰস্পৰিক সন্মান আৰু ন্যায়ৰ ধাৰণা। শিশুসকল স্বাস্থ্যৱান হোৱাটো এটা কথা, কিন্তু এক আদৰ্শ পৃথিৱীয়ে শান্তিপূৰ্ণ শিশুসকলক উৎসাহিত কৰিব- যিসকল শিশুৰ সহানুভূতি, আনৰ প্ৰতি সন্মান, নিৰপেক্ষতাৰ প্ৰতি প্ৰতিশ্ৰুতি আৰু আন লোকৰ সৈতে সম্পৰ্কত বিশ্বাস ৰখাৰ ক্ষমতা আছে। ইয়াকে শান্তি বোলে।

৩। মহাত্মা গান্ধীয়ে আগবঢ়োৱা শান্তিৰ সংজ্ঞাটো লিখা। 

Write the definition of Peace by Gandhiji.

উত্তৰঃ  মহাত্মা গান্ধীয়ে আগবঢ়োৱা শান্তিৰ সংজ্ঞাটো হ'ল-

মহাত্মা গান্ধীৰ মতে, "যদি আমি এই বিশ্বত প্ৰকৃত শান্তিৰ শিক্ষা প্ৰদান কৰো, আমি শিশুসকলৰ সৈতে আৰম্ভ কৰিব লাগিব"।

৪। শান্তিৰ এটা বৈশিষ্ট্য লিখা।

Write one characteristics of Peace.

উত্তৰঃ শান্তিৰ এটা বৈশিষ্ট্য হ'ল- 

১. শান্তি হৈছে যুদ্ধ বা হিংসা এক বিপৰীত অৱস্থা।

৫। শান্তিৰ সংজ্ঞা দিয়া। 

Define Peace.

উত্তৰঃ শান্তিৰ সংজ্ঞা হ'ল-

১। মহাত্মা গান্ধীৰ মতে, ‘যদি আমি এই বিশ্বত প্ৰকৃত শান্তিৰ শিক্ষা প্ৰদান কৰো, আমি শিশুসকলৰ সৈতে আৰম্ভ কৰিব লাগিব' ("If we are to teach real peace in the world. We shall have to begin with children"-Gandhiji)

২। এলবার্ট আইনষ্টাইনৰ মতে, “শান্তি কেৱল যুদ্ধৰ অনুপস্থিতিত নহয়, কিন্তু ই ন্যায়, আইন শৃংখলা চমুকৈ চৰকাৰৰ উপস্থিতি।” ("Peace is not merely the absence of war but presence of justice of law of order in short, of Government"-Albert Einstein) |

৩। স্পিন’জৰ মতে, “যুদ্ধৰ অনুপস্থিতিয়েই শান্তি নহয়, শান্তি হৈছে এক গুণ, বিশ্বাস আৰু ন্যায়, এক মনোভাৱ আৰু ভালৰ প্ৰৱণতা।” ("Peace is not merely the absence of war; Peace is a virtue, an attitude tendency to good, trust and justice."-Spinaz)।

৪। জৱাহৰলাল নেহৰুৰ মতে, “ৰাষ্ট্ৰবোৰৰ সম্পৰ্কই শান্তি নহয়। ই হৈছে মনৰ এক চৰ্ত যিয়ে আত্মাৰ প্রশান্তি আনে। যুদ্ধৰ অনুপস্থিতিয়েই কেৱল শাস্তি নহয়। ই হৈছে মনৰ এক অৱস্থা। শান্তিপূর্ণ মানুহৰ যোগেদি শান্তি আহে।' ("Peace is not a relationship of nations. It is a condition of mind brought about by a serenity of soul. Peace is not merely the absence of war It is also a state of mind. Lasting Peace can come only to peaceful people. " - J. Nehru) |


৬। শান্তি শিক্ষা কাক বোলে? 

What is Peace education?

উত্তৰঃ শান্তি শিক্ষা হ'ল শিক্ষাৰ এক গুৰুত্বপূৰ্ণ বিষয়বস্তু য'ত শান্তিৰ বিষয়ে আৰু শান্তিৰ বাবে শিক্ষাৰ আলোচনা কৰা হয়। শান্তিৰ বাবে শিক্ষা হ'ল এক প্রক্রিয়া, যাৰ যোগেদি মূল্যবোধ আহৰণ কৰা হয়, জ্ঞান আৰু মনোভাৱ বিকশিত হয় আৰু প্ৰাকৃতিক পৰিবেশৰ লগত সহৱস্থান সম্ভৱ হয়। শান্তিৰ বাবে শিক্ষা হৈছে এক প্ৰক্ৰিয়া যাৰ যোগেদি বিশ্বশান্তি আৰু ভাতৃত্ববোধ গঢ়ি তুলিব পাৰি। ইয়াকে শান্তি শিক্ষা বোলে।

৭। শান্তি শিক্ষাৰ এটা সংজ্ঞা লিখা । 

Give a definition of Peace education.

উত্তৰঃ  শান্তি শিক্ষাৰ এটা সংজ্ঞা হ'ল-

১। ফ্ৰিয়েৰি (২০০৬) ৰ মতে “শান্তি শিক্ষা হৈছে হিংসাৰ সংস্কৃতিৰ পৰা শান্তিৰ সংস্কৃতিলৈ বিবেকৰ জৰিয়তে ৰূপান্তৰিতকৰণৰ এক প্ৰক্ৰিয়া। (Peace education is a mechanism for the transformation from a culture of violence to a culture of peace through a process of conscientization- Freire 2006) 

২। মাইকেল ৱেচেলৰ মতে (১৯৯৪) বহুলভাবে সংজ্ঞা দিবলৈ হ'লে শান্তি শিক্ষা হৈছে শান্তি সংস্কৃতিৰ ভিত্তি।” (Peace education, broadly defined is the cornerstone of a culture of peace" Michael Wessells (1994)

৮। শান্তি শিক্ষাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। 

Mention a characteristics of Peace education.

উত্তৰঃ শান্তি শিক্ষাৰ এটা বৈশিষ্ট্য হ'ল-

১। শান্তি শিক্ষা হৈছে যুদ্ধ আৰু হিংসা বিৰোধী এক শিক্ষা ব্যৱস্থা।

২। শান্তি শিক্ষাৰ যোগেদি বিশ্ব শান্তি আৰু সমতা আনিব পাৰি। এই শিক্ষাই সমগ্র বিশ্বখনকেই ভাতৃত্ববোধৰ ভাবধাৰাৰে বান্ধি ৰাখিব পাৰে।

৯। শান্তি শিক্ষাৰ এটা উদ্দেশ্য লিখা।

Write an objective of Peace education. 

উত্তৰঃ শান্তি শিক্ষাৰ এটা উদ্দেশ্য হ'ল-

১। ছাত্ৰ-ছাত্ৰীৰ জীৱনক পৰিপূৰ্ণ কৰি তুলিবলৈ মূল্যবোধ আৰু কৌশলেৰে সহযোগিতা আগবঢ়োৱা (To develop values and skills to assist the students in striving for the fulfillness of life) : শান্তি শিক্ষাৰ অন্য এক উদ্দেশ্য হৈছে সমাজৰ ধনী-দুখীয়া, উচ্চ-নীচ সকলো শ্ৰেণীৰ লোকৰ মাজত মূল্যবোধ ভাব বিকশাই তোলা। শিক্ষা প্রক্ৰিয়াৰ যোগেদি মূল্যবোধ গঠন কৰি তোলাৰ ক্ষেত্ৰত শান্তি শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেইবাবে এই শিক্ষাই কিছুমান দিশ যেনে- সমবেদনা, লিংগ, ন্যায্যতা, ন্যায়, সমতা, জীৱনৰ প্ৰতি যত্ন, আদান-প্রদান, একতা, অহিংসা ইত্যাদিবোৰ প্ৰকাশত গুৰুত্ব দিয়ে।

১০। সদর্থক শান্তি মানে কি বুজা?

What do you mean by positive Peace?

উত্তৰঃ 

১১। শান্তি শিক্ষা প্ৰদানৰ এটা পদ্ধতি উল্লেখ কৰা। 

Mention a method of Peace education.

উত্তৰঃ শান্তি শিক্ষা প্ৰদানৰ এটা পদ্ধতি হ'ল-

১। গল্প কোৱা পদ্ধতি (Story telling Method) : এই পদ্ধতি হ'ল শিশু শিক্ষাৰ এক গুৰুত্বপূৰ্ণ পদ্ধতি। কণ কণ শিশুসকলক বিভিন্ন গল্প, ঘটনা আদি শিক্ষকসকলে ৰসালভাৱে উপস্থাপন কৰি শান্তি শিক্ষাৰ মৌলিক জ্ঞান প্ৰদান কৰিব পাৰে ।

১২। শান্তি শিক্ষাৰ এটা লক্ষ্য উল্লেখ কৰা।

Mention one aim of Peace education.

উত্তৰঃ  শান্তি শিক্ষাৰ এটা লক্ষ্য হ'ল-

১। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শান্তি সম্পৰ্কে এক ইতিবাচক মনোভাৱ গঢ় দি তোলা।

(II) চমু প্রশ্নসমূহ (Short Questions )

১। শান্তি শিক্ষা কাক বোলে? ইয়াৰ এটা সংজ্ঞা দিয়া। 

What is Peace education? Give one definition of Peace education,

উত্তৰঃ  শান্তি শিক্ষা হ'ল শিক্ষাৰ এক গুৰুত্বপূৰ্ণ বিষয়বস্তু য'ত শান্তিৰ বিষয়ে আৰু শান্তিৰ বাবে শিক্ষাৰ আলোচনা কৰা হয়। শান্তিৰ বাবে শিক্ষা হ'ল এক প্রক্রিয়া, যাৰ যোগেদি মূল্যবোধ আহৰণ কৰা হয়, জ্ঞান আৰু মনোভাৱ বিকশিত হয় আৰু প্ৰাকৃতিক পৰিবেশৰ লগত সহৱস্থান সম্ভৱ হয়। শান্তিৰ বাবে শিক্ষা হৈছে এক প্ৰক্ৰিয়া যাৰ যোগেদি বিশ্বশান্তি আৰু ভাতৃত্ববোধ গঢ়ি তুলিব পাৰি। ইয়াকে শান্তি শিক্ষা বোলে।

         ইয়াৰ এটা সংজ্ঞা হ'ল-

১। ফ্ৰিয়েৰি (২০০৬) ৰ মতে “শান্তি শিক্ষা হৈছে হিংসাৰ সংস্কৃতিৰ পৰা শান্তিৰ সংস্কৃতিলৈ বিবেকৰ জৰিয়তে ৰূপান্তৰিতকৰণৰ এক প্ৰক্ৰিয়া। (Peace education is a mechanism for the transformation from a culture of violence to a culture of peace through a process of conscientization- Freire 2006) 

২। শান্তিৰ বৈশিষ্ট্যসমূহ লিখা। 

Write the characterisites of Peace.

উত্তৰঃ শান্তিৰ বৈশিষ্ট্যসমূহ হ'ল-

১। শান্তি হৈছে যুদ্ধ বা হিংসাৰ এক বিপৰীত অৱস্থা ।

২। শান্তিৰ যোগেদি আমি বিশ্বভাতৃত্ববোধ গঢ়ি তুলিব পাৰো।

৩। অহিংসাজনিত কৌশল উদ্ভাৱন কৰাটো শান্তিৰ এক প্ৰধান বৈশিষ্ট্য ।

৪। শান্তিৰ জৰিয়তে আধ্যাত্মিক মূল্যবোধ গঢ়ি তোলা হয়।

৫। শান্তি হৈছে গতিশীল আৰু ভাৰসাম্য শক্তি।

৬। শান্তি ইতিবাচক আৰু নেতিবাচক দুই ধৰণৰ হ'ব পাৰে।

৭। শান্তি আৰু পৰিবেশৰ সমন্বয়ত পৃথিৱীৰ পৰিৱেশ সুন্দৰ হৈ পৰে ৷

৮। সংঘৰ্ষৰ অবসান ঘটোৱাত শান্তিয়ে সহায় কৰে।


৩। মাধ্যমিক পৰ্যায়ত শান্তি শিক্ষাৰ বিষয়বস্তু সম্পর্কে লিখা। 

Write the curricular content of Peace education at secondary stage of education.

উত্তৰঃ মাধ্যমিক পৰ্যায়ত শান্তি শিক্ষাৰ বিষয়বস্তু সম্পর্কে তলত আলোচনা কৰা হ'ল-

মাধ্যমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে ক্ৰমান্বয়ে নিজৰ পৰিচয়ৰ বিষয়ে সচেতন হ'বলৈ আৰম্ভ কৰে। এই সময়ত তেওঁলোক শাৰিৰীক আৰু মানসিকভাবে পৰিপক্ক হ'বলৈ ধৰে। কিন্তু কেতিয়াবা স্বাধীনভাৱে কাম কৰিবলৈ গৈ সমনীয়া, অভিভাৱক বা শিক্ষকৰ সৈতে জটিলতাৰ সৃষ্টি কৰে। উপযুক্ত চিন্তা-চৰ্চা, আত্ম অনুশাসন, আনৰ সৈতে যোগাযোগ আদি বৃদ্ধি পায়। দৈনন্দিন জীৱনৰ বিভিন্ন সমস্যাসমূহৰ ক্ষেত্ৰত সাহসেৰে সন্মুখীন হ'বলৈ তেওঁলোকক প্রশিক্ষণ দিব লাগে। শান্তি শিক্ষাৰ দ্বাৰা ন্যায়, অহিংসা পাৰস্পৰিক বুজাপৰা আদিৰ ধাৰণা তেওঁলোকক দিব লাগে। কেৱল শান্তিৰ তাত্ত্বিক জ্ঞান দিলে নহ'ব বাস্তৱত তেওঁলোকে শান্তি ৰক্ষাৰ আহিলাসমূহ প্রয়োগ কৰিব লাগিব। বিভিন্ন ধৰণৰ সহ-পাঠ্যক্রমিক কাৰ্য্যসূচীসমূহ যেনে—খেল-ধেমালি, নাটক, সাহিত্য, সাংস্কৃতিক কাৰ্য্যসূচী, তর্ক, আলোচনাচক্র ইত্যাদিৰ জৰিয়তে শান্তি শিক্ষা প্ৰদান কৰিব পাৰি। যোগ-ধ্যানৰ দ্বাৰাও মাধ্যমিক পৰ্য্যায়ত শান্তি শিক্ষা প্রদান কৰিব পাৰি। 

৪। শান্তি শিক্ষা উন্নীতকৰণৰ কৌশলবোৰ উল্লেখ কৰা। 

Mention the strategies of Peace education.

উত্তৰঃ শান্তি শিক্ষা উন্নীতকৰণৰ কৌশলবোৰ হ'ল-

১। মূল্যবোধ শিক্ষা (Value Education) : মূল্যবোধ শিক্ষা হ'ল শান্তি উন্নীতকৰণৰ আন এক গুৰুত্বপূৰ্ণ চৰ্ত। ব্যাপক অর্থত মূল্যবোধ শিক্ষাৰ লক্ষ্য হ'ল সহনশীলতা, সহযোগিতা, স্বাধীনতা, ন্যায়, সকলোৰে প্ৰতি সন্মান, দয়া, প্রেম আদি মানৱীয় মূল্যবোধৰ বিকাশ সাধন কৰা। এইবোৰে ছাত্র-ছাত্রীক ভাল আৰু বেয়া, শুদ্ধ আৰু অশুদ্ধৰ মাজত পাৰ্থক্য বিচাৰ কৰাত সহায় কৰিব আৰু বৌদ্ধিক জ্ঞান লাভ কৰাত সহায় কৰিব। 

২। মানৱ অধিকাৰ শিক্ষা (Human Rights Education) : সমাজত শান্তিৰ উন্নতিকৰণৰ আন এক চৰ্ত বা কাৰক হ'ল মানৱ অধিকাৰ শিক্ষা। মানৱ অধিকাৰ শিক্ষাৰ ধাৰণা কেৱল দক্ষ বৃত্তিধাৰী লোকৰ সৃষ্টি কৰাৰ মাজতেই সীমাৱদ্ধ নহয়, এই শিক্ষাই ব্যক্তিৰ ব্যক্তিত্বই বিকশাই তোলে যাতে প্রত্যেক ব্যক্তিয়েই দক্ষতাৰে সামাজিক ক্ষেত্ৰত আদান-প্ৰদান কৰিব পাৰে। 

৩। গোলকীয় শিক্ষা (Global Education) : গোলকীয় শিক্ষা হ'ল সমাজত শাস্তিৰ উন্নতিকৰণৰ আন এক চর্ত। গোলকীয় শিক্ষা হৈছে কেতবোৰ ধাৰণা যাৰ যোগেদি বিশ্ব সম্বন্ধে ব্যক্তিৰ জ্ঞান বিকশাই তুলিব পাৰি। ১৯৬০-১৯৭০ চনৰ সময়ছোৱাৰ ভিতৰত এই ধাৰণাই বিকাশ লাভ কৰিছিল। এই শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতৰ বাবে এখন ভাল পৃথিৱী গঢ়ি তোলাত অংশ গ্ৰহণ কৰাৰ সক্ষমতা বিকশাই তোলে। 

৪। নাগৰিকত্বৰ শিক্ষা (Citizenship Education) : শান্তি শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ হল সুনাগৰিকতাৰ শিক্ষা যাৰ যোগেদি ব্যক্তিৰ মাজত শান্তিৰ বিকাশ ঘটাব পাৰি। সমাজত সকলো লোকেই নাগৰিক অধিকাৰ লাভ কৰিলেও সকলোকেই সুনাগৰিক বুলিব নোৱাৰি। সুনাগৰিক স্বৰূপে সমাজত নিজৰ অধিকাৰ, দায়িত্ব আৰু ভূমিকা যথোচিতভাৱে পালন কৰিবলৈ ব্যক্তিক নাগৰিকতাৰ শিক্ষা প্ৰদান কৰিব লাগে।

৫। জীৱন দক্ষতাৰ শিক্ষা (Life Skill Education) : জীৱন দক্ষতা শিক্ষাও শাস্তিৰ বিকাশত সহায় কৰে। জীৱন দক্ষতা শিক্ষাই ব্যক্তিক জীৱনৰ প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ ক্ষমতাশালী কৰি তোলে। জীৱন দক্ষতা শিক্ষাই ব্যক্তিক শান্তিপ্ৰিয় হৈ উঠাত সহায় কৰে আৰু বিভিন্ন চাপজনিত পৰিস্থিতিত উদ্ভৱ হোৱা সংঘাতসমূহ সঠিক ব্যৱস্থা গ্ৰহণ কৰি সমাধান কৰাত সহায় কৰে। 

৬। সামাজিক অনুষ্ঠানবোৰ (Social Institutions ) : শিক্ষানুষ্ঠানবোৰৰ উপৰিও অন্যান্য সামাজিক অনুষ্ঠান যেনে— পৰিয়াল, ধৰ্মীয় অনুষ্ঠান, ৰাষ্ট্ৰ আদিৰ যোগেদিও শান্তিৰ শিক্ষা প্ৰদান কৰিব পাৰি আৰু শান্তিৰ বিকাশ ঘটাব পাৰি ৷


৫। শান্তি শিক্ষাৰ বৈশিষ্ট্যসমূহ লিখা। 

Write the characteristics of Peace education.

উত্তৰঃ শান্তি শিক্ষাৰ বৈশিষ্ট্যসমূহ হ'ল-

১। শান্তি শিক্ষা হৈছে যুদ্ধ আৰু হিংসা বিৰোধী এক শিক্ষা ব্যৱস্থা।

২। আমাৰ ভৱিষ্যত প্রজন্মক পথ নিৰ্দেশনা কৰা এই শিক্ষাৰ এক অন্যতম বৈশিষ্ট্য।

৩। মানৱ সমাজত সদ্ভাৱ আৰু মিলা-প্ৰীতি সৃষ্টিৰ ক্ষেত্ৰত এই শিক্ষা হৈছে গুৰুত্বপূৰ্ণ আহিলা, যাৰ দ্বাৰা সমগ্ৰ মানৱ জাতি উপকৃত হ'ব পাৰে।

৪। ই শিশুসকলৰ পূৰ্ণ বিকাশৰ সৈতেও জড়িত।

৫। এই শিক্ষা হৈছে সমগ্ৰ মানৱ জাতিক একত্ৰিত কৰি তোলাৰ এক মাধ্যম।

৬। শান্তি শিক্ষাই শিক্ষাৰ্থীৰ মনত শান্তি সম্পর্কে এক ইতিবাচক মনোভাৱ বিকশাই তুলিব পাৰে।

৬। উচ্চ শিক্ষাৰ স্তৰত শান্তি শিক্ষাৰ বিষয়বস্তু সম্পর্কে লিখা। 

Write the curricular content of Peace education at higher stage of education

উত্তৰঃ উচ্চ শিক্ষাৰ স্তৰত শান্তি শিক্ষাৰ বিষয়বস্তু সম্পর্কে তলত দিয়া হ'ল-

প্রত্যেক গৰাকী শিক্ষাবিদে প্ৰকাশ কৰিছে যে শিক্ষাৰ প্ৰতিটো স্তৰতে শান্তি শিক্ষাৰ ব্যৱস্থা থকা উচিত। বৰ্তমানৰ পৰিস্থিতিত এই শিক্ষা অতি সময় সাপেক্ষ শান্তি বৰ্তাই ৰখাৰ মনোভাৱ আৰু সামৰ্থ উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ মনত গঢ়ি তুলিব লাগে। এনে শিক্ষাৰ্থীসকল হৈছে আমাৰ ভৱিষ্যৎ সমাজ গঢ়োতা আৰু তেওঁলোকে ৰাষ্ট্ৰৰ নেতৃত্ব প্ৰদান কৰিব লাগে। উচ্চ পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ অন্তৰত মানৱীয় মূল্যবোধ জগাই তুলিব লাগে উচ্চ শিক্ষাত শিক্ষকসকলেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে, ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁলোক আদর্শ হোৱা উচিত। শিক্ষকৰ আচৰণে ছাত্ৰ-ছাত্ৰীক কেনেদৰে প্ৰভাৱিত কৰে তাৰ প্ৰতিও শিক্ষকসকল সজাগ হোৱা উচিত। এই পৰ্যায়ত তেওঁলোকৰ পাঠ্যক্ৰমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বুজাপৰা সাৰ্বজনীন ভাতৃত্ববোধ, মানৱ অধিকাৰৰ প্ৰতি সচেতনতা সংঘৰ্ষৰ অৱসানৰ কৌশল আদিবোৰ পাঠ্যক্ৰমৰ সৈতে সংযোজিত কৰিব লাগে। শান্তি শিক্ষা বিষয়টো বিশেষ ঐচ্ছিক বিষয় হিচাবে উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰিলে অধিক সুফল পোৱা যাব ।

(II) দীঘল প্রশ্নসমূহ (Long Questions)


১। মানৱ জীৱনৰ শান্তিৰ গুৰুত্ব সম্পৰ্কে আলোচন কৰা। 

Discuss the importance of Peace in human life.

উত্তৰঃ বর্তমান সময়ত মানুহৰ জীৱনত শাস্তিৰ ভূমিকা অনস্বীকাৰ্য্য। শান্তি থাকিলেহে মানৱ সমাজ বর্তি থাকিব। ইয়াৰ অবৰ্তমানত আমাৰ জীৱনৰ গতি পথেই ৰুদ্ধ হৈ যায়। শান্তি হৈছে আমাৰ মনৰ এক অংশস্বৰূপ। গান্ধীজীয়ে কৈছিল—“শান্তি লাভৰ কোনো পথ নাই, বৰং শাস্তিয়েই পথ।' (There is no way to peace, peace is the way) ।

শান্তি লাভ কৰিবলৈ বিভিন্ন ধৰণৰ উপায় অবলম্বন কৰাৰ পৰিবৰ্তে আমি অহিংসাৰ কাৰ্য্যত ব্ৰতী হোৱা উচিত। য'ত হিংসা শেষ হৈ সহযোগিতাৰ সৃষ্টি হয় তাতেই শাস্তিৰ জন্ম হয়। বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে আমাৰ সমাজখনত সভ্যতাৰ উচ্চ শিখৰত উপনীত কৰাইছে। কিন্তু তাৰ লগতে আমাৰ জীৱন ধাৰণ প্ৰণালী যান্ত্ৰিক কৰি তুলিছে। সময়ৰ লগে লগে মানুহৰ মাজত প্ৰতিযোগিতাৰ ভাব বৃদ্ধি হৈছে। এনে প্রতিযোগিতাসমূহত অৱতীৰ্ণ হৈ মানুহে কিছুমান অসামাজিক কামত লিপ্ত হৈ পৰিছে। যাৰ ফলত আমাৰ সমাজত বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হৈছে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক সকলো দিশতেই অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এনে অৱস্থাৰ উপশম ঘটাবলৈ শান্তিৰ প্ৰয়োজন। এনে সকলোবোৰ দিশৰ সমাধান শান্তিয়ে আনিব পাৰে।

শান্তি হৈছে এক বিশ্বজনীন ধাৰণা আৰু প্ৰত্যেক ব্যক্তিয়ে ইয়াক আহৰণ কৰা উচিত। ব্যক্তিৰ শান্তিৰ ধাৰণাৰ প্ৰথম উৎপত্তি হয় ঘৰখনতেই। পৰৱৰ্তী সময়ত স্কুলে ইয়াৰ প্ৰসাৰ ঘটায়। শিশুসকলৰ সামাজিকৰণৰ ক্ষেত্ৰতো শান্তিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। মানৱ জীৱনৰ প্ৰতিটো স্তৰতে

শান্তিয়ে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

১। শান্তিয়ে আমাৰ জীৱনৰ পৰা হিংসাদ্বেষ আঁতৰ কৰে।

২। শান্তিয়ে মানৱ জীৱনৰ ভাৰসাম্য বজাই ৰাখে।

৩। শান্তি বর্তি থকা বাবে পৃথিৱীখন আমাৰ বাসপযোগী হৈ আছে। ইয়াৰ অবিহনে মানুহ বৰ্তি থকা অসম্ভৱ।

৪। মানুহৰ শাৰিৰীক আৰু মানসিক বিকাশত শান্তিয়ে সহায় কৰে। 

৫। শান্তিৰ অভাব ঘটিলে মানৱ জাতিৰ অস্তিত্বৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি হ'ব।


২। শান্তি স্থাপনৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা আলোচনা কৰা।

Explain the role of teachers in promoting Peace.

উত্তৰঃ শান্তি স্থাপনৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা তলত আলোচনা কৰা হ'ল-

আমাৰ ভৱিষ্যৎ প্রজন্মক গঢ় দি তুলি এখন উপযুক্ত সমাজ গঢ়াৰ দায়িত্ব শিক্ষকৰে।  শিক্ষকৰ দায়িত্ব কেৱল শিক্ষাদানতে আৱদ্ধ হৈ থকা নাই, সময়ৰ সৈতে এই দায়িত্ব সদায় বৃদ্ধি হৈ গৈ আছে। শিশুসকলৰ সৰ্বাত্মক বিকাশ সাধন, চৰিত্ৰ গঠন আৰু ভৱিষ্যত জীৱনৰ বাবে প্ৰস্তুত কৰা কাৰ্য্যও শিক্ষকৰ দায়িত্বৰ অন্তৰ্ভূক্ত। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মনত কিছুমান মূল্যবোধ যেনে—সততা, সংহতি, আত্মবিশ্বাস, সহনশীলতা, দায়িত্বশীল মনোভাৱ, আনক সন্মান কৰা, আত্ম অনুশাসন আদি বিকাশ কৰিব লাগে যাতে তেওঁলোকে শান্তিপূর্ণভাৱে ভাৰসাম্যপূর্ণ জীৱন-যাপন কৰিব পাৰে। শিক্ষকৰ প্ৰধান দায়িত্ব হ'ল ভাল মানুহ হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা আৰু নিজৰ লগতে সমাজৰ উন্নতিৰ বাবে প্রকৃত দক্ষতাবোৰ বিকশাই তোলাৰ বাবে অভিৰোচিত কৰা।

শান্তি স্থাপনৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকাৰ বিষয়ে তলত দিয়া ধৰণেৰে আলোচনা কৰিব পাৰি।

 ১। শিক্ষকে নিজ মূল্যবোধ আৰু বিশ্বাসৰ যোগে শান্তিৰ উন্নীতকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

২। শিক্ষকে ছাত্র-ছাত্রীসকলক মানৱ অধিকাৰ আৰু সংহতিৰ মূল্যৰ বিষয়ে শিক্ষা প্ৰদান কৰিব লাগে। 

৩। শিক্ষকে ছাত্র-ছাত্রীসকলৰ সমস্যাবোৰ ভালদৰে বুজিবৰ চেষ্টা কৰিব লাগে আৰু সেইবোৰ গুৰুত্ব সহকাৰে লৈ সমাধান কৰাৰ ব্যৱস্থা কৰিব লাগে।

৪। শিক্ষক গৰাকী হৈছে সমাজৰ এজন গুৰুত্বপূর্ণ নেতা। শান্তি-সংস্কৃতি সমাজত বিকশাই তোলাত সেইবাবে তেওঁ আগভাগ ল'ব লাগে।

 ৫। শিক্ষকে ছাত্র-ছাত্রীক পাঠ্যক্রমিক বিভিন্ন বিষয়বোৰৰ যোগেদি শান্তিৰ ধাৰণাৰে উদ্ধুদ্ধ কৰিব লাগে।

৬। শিক্ষকে সামাজিক, সাংস্কৃতিক, নৃগোষ্ঠীয় আৰু ধৰ্মীয় দলবোৰৰ মাজত সু-সম্বন্ধ বিকশাই তোলাৰ বাবে প্ৰয়াস কৰিব লাগে।

৭। বিশ্ব দিৱস, বিশ্ব পৰিৱেশ দিৱস, বিশ্বস্বাস্থ্য দিৱস, পালনৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ মনত ভাতৃত্ববোধ আৰু আন্তৰ্জাতিক বুজা-পৰাৰ ভাব জগাই তুলিব পাৰে।

৮। জাতীয় সংহতিৰ ভাব বিকশাই তুলিবৰ বাবে স্বাধীনতা দিবস, গণতান্ত্রিক দিৱস আদি পালনৰ ব্যৱস্থা কৰিব লাগে ।

৯। ছাত্ৰ-ছাত্ৰীসকলক ৰেডক্ৰ'চ, স্কাউট আৰু গাইড, NSS, NCC, UNESCO, UNICEF আদিৰ কাৰ্য্যসূচী সমূহত অংশ গ্ৰহণৰ বাবে উৎসাহিত কৰিব লাগে।

১০। বিভিন্ন ধৰণৰ কথিকা, কর্মশালা, চিনেমা প্রদর্শনী আদিৰ যোগেদিও শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মনত শাস্তিৰ ভাৱ বিকশাই তুলিব পাৰে।


৩। শান্তি শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে লিখা।

Write the importance of Peace education.

উত্তৰঃ  শান্তি শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে তলত দিয়া হ'ল-

বর্তমান সময়ত শান্তি শিক্ষাৰ যথেষ্ট গুৰুত্ব আছে। প্রথম বিশ্বযুদ্ধ (১৯১৪-১৯১৮) চনৰ পিছত UNESCO ৰ সৈতে বহুকেইখন দেশ জড়িত হৈ এনে শিক্ষাৰ ওপৰত চিন্তাচর্চা চলাইছিল। এক আন্তঃৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা স্বৰূপে এই শিক্ষাৰ সৈতে বহুতো দিশ জড়িত হৈ আছে মানুহে মানুহৰ ভালৰ বাবে চিন্তা কৰাটোৱে ভৱিষ্যতলৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিছে। যদি আমি ইজনে আনজনক সহযোগিতা আগবঢ়াও তাৰ দ্বাৰাই শান্তি ৰক্ষা হ'ব। ঘৰ বা বাহিৰ সকলো পৰিবেশতে সহযোগিতা থাকিব লাগে। ক্ষমতাই কেতিয়াও শাস্তি আনিব নোৱাৰে। অৱশ্যে ক্ষমতাক আমি কি ধৰণে ব্যৱহাৰ কৰো সেইটো দিশো চাব লাগিব। আকবৰ আৰু ঔৰংজেৱৰ ৰাজত্ব কালৰ বিষয়ে চালে এই কথা স্পষ্ট হৈ উঠে। মৰম বা প্ৰেমৰ দ্বাৰাহে মানুহক বশ কৰিব পাৰি। ছাত্র-ছাত্রীক শিক্ষা প্ৰদানৰ ক্ষেত্ৰটো একে কথা প্রযোজ্য। শেষ উপায় হিচাবেহে ছাত্র-ছাত্রীক শাৰিৰীক শাস্তি প্ৰদান কৰিব লাগে। শান্তিৰ বাবে প্ৰয়োজনীয় মৰম-ভালপোৱা, প্ৰকৃত সহযোগিতা, বিশ্বাস আদি স্বার্থ ত্যাগ কৰিলেহে পাব পাৰো। বৰ্তমান পৃথিৱীত দেখা দিয়া হিংসা, ধ্বংস আৰু অৰাজক অৱস্থাই আমাক শান্তি শিক্ষাৰ প্রয়োজনীয়তাক পুনঃ সোঁৱৰাই দিয়ে।

শান্তি শিক্ষাই মানুহৰ স্বাস্থ্য আৰু উন্নতিক ইয়াৰ পৰিবেষ্টনীত ৰাখে। এই শিক্ষাৰ কিছুমান দিশ হৈছে শান্তি-সংস্কৃতি সৃষ্টি, অহিংসাৰ সৃষ্টি আৰু মানৱ সভ্যতা বৰ্তি থাকিবৰ বাবে প্ৰয়োজনীয় সহায়- সহযোগিতা আদি। 

১। শান্তি শিক্ষাৰ জৰিয়তে সমগ্ৰ বিশ্বতে শান্তি, ভাতৃত্ববোধ আৰু পাৰস্পৰিক বুজা পৰাৰ সৃষ্টি হয়।

২। এই শিক্ষাই আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সহনশীলতা, বন্ধুত্ব, সহযোগিতা পৰস্পৰ নিৰ্ভৰশীলতা আদি ভাবৰ সৃষ্টি কৰি তোলে।

৩। এই শিক্ষাই সকলো ক্ষেত্রতে হিংসা, দ্বেষ, হাই-কাজিয়া যুদ্ধ পৰিহাৰ কৰি পৃথিৱীখনত শান্তি প্রতিষ্ঠা কৰে

৪। যুদ্ধৰ পথ পৰিহাৰ কৰি প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগায়।

৫। ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখন সুৰক্ষিত কৰি ৰখাত সহায় কৰে।


৪। শিক্ষাৰ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ পৰ্যায়ত শান্তি শিক্ষাৰ বিষয়বস্তু সম্পর্কে আলোচনা কৰা।

Discuss the curricular content of Peace education at primary, secondary and higher stage of education.

উত্তৰঃ 

৫। শান্তি শিক্ষা উন্নীতকৰণৰ কৌশল আৰু দক্ষতাসমূহৰ বিষয়ে এটা টোকা লিখা। Write a note on strategies and skills in promoting Peace education.

উত্তৰঃ শান্তি শিক্ষা উন্নীতকৰণৰ কৌশল আৰু দক্ষতাসমূহৰ বিষয়ে এটা টোকা হ'ল-

১। মূল্যবোধ শিক্ষা (Value Education) : মূল্যবোধ শিক্ষা হ'ল শান্তি উন্নীতকৰণৰ আন এক গুৰুত্বপূৰ্ণ চৰ্ত। ব্যাপক অর্থত মূল্যবোধ শিক্ষাৰ লক্ষ্য হ'ল সহনশীলতা, সহযোগিতা, স্বাধীনতা, ন্যায়, সকলোৰে প্ৰতি সন্মান, দয়া, প্রেম আদি মানৱীয় মূল্যবোধৰ বিকাশ সাধন কৰা। এইবোৰে ছাত্র-ছাত্রীক ভাল আৰু বেয়া, শুদ্ধ আৰু অশুদ্ধৰ মাজত পাৰ্থক্য বিচাৰ কৰাত সহায় কৰিব আৰু বৌদ্ধিক জ্ঞান লাভ কৰাত সহায় কৰিব। আকৌ নৈতিকভাৱে কি কাম কৰিব লাগে আৰু কি কাম কৰিব নালাগে সেয়া বিচাৰ কৰাতো সহায় কৰিব। মূল্যবোধ শিক্ষাই মানৱীয় বিকাশ বিশ্লেষণ কৰাৰ সমালোচনাত্মক সচেতনতাও মানুহৰ মাজত বৃদ্ধি কৰি তোলে। বৰ্তমান মানৱতাবিৰোধী কাৰ্যকলাপ ৰোধ কৰিবৰ বাবে মূল্যবোধ শিক্ষাৰ ব্যৱহাৰ উপযোগী। 

২। মানৱ অধিকাৰ শিক্ষা (Human Rights Education) : সমাজত শান্তিৰ উন্নতিকৰণৰ আন এক চৰ্ত বা কাৰক হ'ল মানৱ অধিকাৰ শিক্ষা। মানৱ অধিকাৰ শিক্ষাৰ ধাৰণা কেৱল দক্ষ বৃত্তিধাৰী লোকৰ সৃষ্টি কৰাৰ মাজতেই সীমাৱদ্ধ নহয়, এই শিক্ষাই ব্যক্তিৰ ব্যক্তিত্বই বিকশাই তোলে যাতে প্রত্যেক ব্যক্তিয়েই দক্ষতাৰে সামাজিক ক্ষেত্ৰত আদান-প্ৰদান কৰিব পাৰে। মানৱ অধিকাৰ শিক্ষাই গণতান্ত্রিক আদর্শবোৰ ত্বৰান্বিত কৰে আৰু লগতে ছাত্ৰ-ছাত্ৰীসকলক অহিংসা নীতি অৱলম্বন কৰাৰ বাবে উৎসাহ যোগায়। 

৩। গোলকীয় শিক্ষা (Global Education) : গোলকীয় শিক্ষা হ'ল সমাজত শাস্তিৰ উন্নতিকৰণৰ আন এক চর্ত। গোলকীয় শিক্ষা হৈছে কেতবোৰ ধাৰণা যাৰ যোগেদি বিশ্ব সম্বন্ধে ব্যক্তিৰ জ্ঞান বিকশাই তুলিব পাৰি। ১৯৬০-১৯৭০ চনৰ সময়ছোৱাৰ ভিতৰত এই ধাৰণাই বিকাশ লাভ কৰিছিল। এই শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতৰ বাবে এখন ভাল পৃথিৱী গঢ়ি তোলাত অংশ গ্ৰহণ কৰাৰ সক্ষমতা বিকশাই তোলে। বহনক্ষম বিকাশ, সদর্থক মনোভার, বিশ্বশান্তি, মানৱীয় মূল্যবোধ আদিবোৰ হ'ল গোলকীয় শিক্ষাৰ কেতবোৰ উপাদান। ইউনেস্ক (UNESCO) য়ে গোলকীয় শিক্ষাৰ সংজ্ঞা প্ৰদান কৰিছিল যে “গোলকীয় শিক্ষা হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিসৰৰ পাঠ্যক্ৰম যিয়ে সমগ্ৰ বিশ্বৰ বৰ্তমানৰ যুৱক-যুৱতীসকলক এক বিশ্বৰ পৰিৱেশৰ কাৰ্যৰ বাবে বৌদ্ধিকভাৱে, বৃত্তিগতভাবে আৰু মানৱীয়ভাৱে প্ৰস্তুত কৰে শিক্ষকে (Global education is a curriculum that is international in scope which prepares today's youth around the world to function in one world environment under teachers who are intellectually professionally and humanistically prepared) ।

৪। নাগৰিকত্বৰ শিক্ষা (Citizenship Education) : শান্তি শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ হল সুনাগৰিকতাৰ শিক্ষা যাৰ যোগেদি ব্যক্তিৰ মাজত শান্তিৰ বিকাশ ঘটাব পাৰি। সমাজত সকলো লোকেই নাগৰিক অধিকাৰ লাভ কৰিলেও সকলোকেই সুনাগৰিক বুলিব নোৱাৰি। সুনাগৰিক স্বৰূপে সমাজত নিজৰ অধিকাৰ, দায়িত্ব আৰু ভূমিকা যথোচিতভাৱে পালন কৰিবলৈ ব্যক্তিক নাগৰিকতাৰ শিক্ষা প্ৰদান কৰিব লাগে। 

৫। জীৱন দক্ষতাৰ শিক্ষা (Life Skill Education) : জীৱন দক্ষতা শিক্ষাও শাস্তিৰ বিকাশত সহায় কৰে। জীৱন দক্ষতা শিক্ষাই ব্যক্তিক জীৱনৰ প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ ক্ষমতাশালী কৰি তোলে। জীৱন দক্ষতা শিক্ষাই ব্যক্তিক শান্তিপ্ৰিয় হৈ উঠাত সহায় কৰে আৰু বিভিন্ন চাপজনিত পৰিস্থিতিত উদ্ভৱ হোৱা সংঘাতসমূহ সঠিক ব্যৱস্থা গ্ৰহণ কৰি সমাধান কৰাত সহায় কৰে। মানুহক সুখ বাহিৰৰ পৰা যোগান ধৰিব নোৱাৰি। নিজৰ মাজত অন্তৰ্নিহিত হৈ থকা শক্তিসমূহৰ বিকাশ সাধন কৰি নিজেই সুখী হোৱাৰ ব্যৱস্থা কৰিব লাগিব।

৬। সামাজিক অনুষ্ঠানবোৰ (Social Institutions ) : শিক্ষানুষ্ঠানবোৰৰ উপৰিও অন্যান্য সামাজিক অনুষ্ঠান যেনে— পৰিয়াল, ধৰ্মীয় অনুষ্ঠান, ৰাষ্ট্ৰ আদিৰ যোগেদিও শান্তিৰ শিক্ষা প্ৰদান কৰিব পাৰি আৰু শান্তিৰ বিকাশ ঘটাব পাৰি ৷


৬। শান্তি শিক্ষাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰাসংগিকতা সম্পর্কে আলোচনা কৰা। Discuss the relevance of Peace education at national and international level.

উত্তৰঃ শান্তি শিক্ষাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰাসংগিকতা সম্পর্কে আলোচনা কৰা হ'ল-

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়ত শান্তি শিক্ষা বা শান্তিৰ বাবে শিক্ষাৰ প্ৰয়োজন। ৰাষ্ট্ৰীয় পর্যায়ত শান্তি শিক্ষা অবিহনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি শিক্ষাৰ কল্পনা কৰিব নোৱাৰি ।

শান্তি শিক্ষা বর্তমান আমাৰ সমাজত তথা শিক্ষা ব্যৱস্থাৰ কাৰণে অতি প্রয়োজন। বর্তমান আমি এখন অতি জটিল সমাজত বাস কৰিছো। এই সমাজখনত বিভিন্ন ধৰণৰ সমস্যা আছে। বিশেষকৈ এই সমস্যাবোৰে সমাজৰ অন্যান্য ব্যক্তিৰ লগতে আমাৰ নৱ-প্ৰজন্মৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। এই সমস্যাবোৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক ইত্যাদি। ইয়াৰ ফলত বৰ্তমান সমাজত নানা ধৰণৰ অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সেইবাবে শান্তিৰ বাবে শিক্ষাৰ ধাৰণা বিবেচনা কৰাৰ প্রয়োজনীয়তা আহি পৰিছে।

২০০০ চনৰ ২ মে'ত ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধ্যক্ষ জে এছ ৰাজপুতে (J. S. Rajput. May 2,000 Director, National Council for Education Research and Training) মতপোষণ কৰিছিল যে প্ৰত্যেক ৰাষ্ট্ৰই তেওঁলোকৰ নাগৰিকৰ মনত নিজ সংস্কৃতি সম্পর্কে সচেতনতাৰ মনোভাৱ সৃষ্টি কৰাৰ যত্ন কৰা উচিত। যদি নিসংগতা আৰু অসহায় অবস্থা মানুহৰ মনত বৃদ্ধি পায় তেতিয়া প্রত্যেক মানুহে নিজৰ লক্ষ্য উদ্দেশ্যসমূহ চিনাক্তকৰণ কৰাটো প্ৰয়োজনীয়। প্রত্যেক ব্যক্তিয়ে সমাজ আৰু প্ৰকৃতিৰ লগত সহাৱস্থান কৰি জীয়াই থাকিব লাগে, যিহেতু ই ভৱিষ্যৎ সমাজৰ বাবেও অতি প্রয়োজনীয়। 

নতুন সহস্রাব্দত মানুহ জীয়াই থাকিবৰ বাবে শান্তিৰ বাবে শিক্ষা অতি প্রয়োজনীয়। বিশ্বশান্তি, ৰাষ্ট্ৰৰ শান্তি আৰু ব্যক্তিগত শাস্তিৰ বাবেই অতি দৰকাৰী। দৈহিক আৰু সাংগঠনিক অস্থিৰৱস্থাৰ বিশ্বত শান্তিৰ বাবে শিক্ষা হৈছে এক ঔষধ। এই চিৰন্তন মূল্যবোধসমূহে পাঁচ প্ৰকাৰৰ মানৱ ব্যক্তিত্বৰ সংলক্ষণ প্রতিফলিত কৰে—বৌদ্ধিক, দৈহিক, আৱেগিক, মনোবৈজ্ঞানিক আৰু আধ্যাত্মিক। এই পাঁচ প্ৰকাৰৰ সংলক্ষণ আকৌ শিক্ষাৰ পাঁচটা উদ্দেশ্যৰ লগত জড়িত। যেনে –জ্ঞান, কৌশল, সমতা, দৃষ্টি আৰু স্বৰূপতা অর্থাৎ সমগ্র শিক্ষা ব্যৱস্থাৰ লগত শান্তি শিক্ষা জড়িত হৈ আছে। শিক্ষা অবিহনে মানুহ যেনেকৈ অসহায় ঠিক একেদৰে শান্তিৰ বাবে শিক্ষা অবিহনেও মানুহ অসহায় ।

সমাজ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ক'ব পাৰি যে শিক্ষাই অকল ব্যক্তিসকলক জ্ঞান আৰু দক্ষতা অৰ্জন কৰাতেই সহায় কৰা নহয় ইয়াৰ মাধ্যমত ব্যক্তিসকলে মানৱতাবোধৰ মূল্যবোধ, গণতন্ত্র, সমাজবাদ, বিশ্বভাতৃত্ববোধ, বিশ্বশান্তি আদি ধাৰণাৰো উমান পায়।  সমতা, সামাজিক ন্যায়, ভাতৃত্ববোধ আৰু স্বাধীনতাৰ আধাৰত সামাজিক নিৰ্দেশ আৰু গণতান্ত্রিক গাঁঠনি তৈয়াৰ কৰাৰ ক্ষেত্ৰত শান্তি শিক্ষাৰ প্ৰয়োজন হয়। এনে

ধৰণৰ শিক্ষাই হিংসা, অন্ধবিশ্বাস, ধর্মীয় গোড়ামি, কু-সংস্কাৰ আদি সমাজৰ পৰা আঁতৰ কৰিব পাৰে। সেয়েহে শান্তিৰ বাবে শিক্ষা বা শান্তি শিক্ষাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰাসংগিকতা তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰো—

১। শান্তিৰ বাবে শিক্ষা প্রয়োজনীয় কাৰণ শান্তি নহ'লে যেনেকৈ শিক্ষা নাথাকে ঠিক একেদৰে শিক্ষা নাথাকিলে আমি শান্তি গঢ়িব নোৱাৰো।

২। বিশ্বশাস্তিয়ে বর্তমান সময়ত সৃজনাত্মক সমাধান বিচাৰে আৰু শাস্তি শিক্ষাই এই সমাধানৰ পথ আৰু প্ৰক্ৰিয়া আমাক প্ৰদান কৰে।

৩। শান্তিৰ বাবে শিক্ষা এইকাৰণেই প্রয়োজনীয় যে যুদ্ধ আৰু অন্যায় যদি আমাৰ মনত সৃষ্টি হয় ঠিক একেদৰে শাস্তিও আমাৰ মনত সৃষ্টি হয় আৰু শিক্ষাৰ জৰিয়তে আমি এই পৰিৱৰ্তন আনিব পাৰো।

৪। এই শিক্ষাৰ যোগেদি ব্যক্তিৰ নেতিবাচক মনোভাৱ, ধ্বংসাত্মক, হিংসাত্মক আৰু অসামাজিক প্ৰৱণতাবোৰ গুচাব পৰা যাব।

৫। সাধুতা, অকপটতা (Sincerity) সহিষ্ণুতা, সত্যবাদিতা আৰু ন্যায়ৰ প্ৰতি প্ৰতিজ্ঞাবদ্ধতা আদি নৈতিক গুণসমূহ শান্তিৰ বাবে শিক্ষাৰ সুখময় পৰিণতি স্বৰূপ।

৫। প্রত্যেক ব্যক্তিক পৰিবেশত সমাযোজন কৰাত শান্তিৰ বাবে শিক্ষাই সহায় কৰে। তদুপৰি সমাযোজনৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা আচৰণ সংশোধনতো ই সহায় কৰে।

     ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত য'ত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষাৰ মানুহে বাস কৰে, তাত শান্তিৰ বাবে শিক্ষা এক অপৰিহাৰ্য বিষয়।



Question And Answer Type By:- Himashree Bora.