chapter- 3

আন্তঃৰাষ্ট্ৰীয় সম্হৰ্কঃইতিহাসত বিংশ শতিকাৰ মূল্যায়ন
An Overview of Twentieth Century IR History


১. প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল ১৯১৪ চনত ।

২. প্ৰথম বিশ্বযুদ্ধৰ পিছত গঢ় লৈ উঠা সংগঠনটোৰ নাম কি ?

উত্তৰঃ League of Nation. (জাতি সংগঠন) ।

৩. প্ৰথম বিশ্বযুদ্ধৰ সমাপ্তি কিমান চনত হৈছিল ?

উত্তৰঃ ১৯১৮ চনত প্ৰথম বিশ্বযুদ্ধৰ সমাপ্তি হৈছিল । 

৪. সাম্যবাদী আৰ্দশ কাৰ নেতৃত্বত গঢ় লৈ উঠিছিল ?

উত্তৰঃ সাম্যবাদী আৰ্দশ লেলিনৰ নেতৃত্বত গঢ়লৈ উঠিছিল ।

৫. আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ইতিহাস কিহৰ দ্বাৰা প্ৰভাৱান্বিত ?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ইতিহাস প্ৰধানকৈ পশ্চিম ইউৰোপৰ ইতিহাস আৰু ৰাজনৈতিক চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱান্বিত।

৬. "SEATO" ৰ সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰঃ "South east Asian Treaty Organisation"

৭. "NATOৰ সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰঃ "North Atlantic Treaty Organisation" 

৮. "NATO" কেতিয়া স্বাক্ষৰ কৰা হৈছিল ? এই চুক্তিত স্বাক্ষৰকৰা সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান ?

উত্তৰঃ ১৯৪৯ চনৰ ৪ এপ্ৰিল তাৰিখে "NATO" স্বাক্ষৰ  কৰা হৈছিল । এই চুক্তিত স্বাক্ষৰ কৰা সদস্য ৰাষ্ট্ৰসমূহৰ সংখ্যা ৩০ খন ।

৯. বিংশ শতাব্দীৰ আৰম্ভণিত স্বীকৃতি পোৱা  নতুন শক্তিশালী ৰাষ্ট্ৰ কেইখনৰ নাম উল্লেখ কৰা ।

 উত্তৰঃ বিংশ শতাব্দীৰ আৰম্ভণিত স্বীকৃতি পোৱা নতুন শক্তিশালী ৰাষ্ট্ৰ কেইখনৰ নাম হ'ল- আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু ইটালী ।

১০. শীতল যুদ্ধ শব্দটো পোন প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ শীতল যুদ্ধ শব্দটো পোন প্ৰথমে ব্যৱহাৰ কৰিছিল বাৰ্ণাদ বাৰুছে
 (Bernard Baruch) ।

১১. শীতল যুদ্ধ শব্দটো কোনে জনপ্ৰিয় কৰিছিল ?

উত্তৰঃ শীতল যুদ্ধ শব্দটো জনপ্ৰিয় কৰিছিল ওৱাল্টাৰ লিপমেনে (Walter Lippmann) ।

১২. ওৱাল্টাৰ লিপমেনে (Walter Lippmann) কোনখন গ্ৰন্থৰ জড়িয়তে শীতল যুদ্ধ জনপ্ৰিয় কৰিছিল ?

উত্তৰঃ "Cold War" নামৰ গ্ৰন্থখনৰ জড়িয়তে শীতল যুদ্ধ জনপ্ৰিয় কৰিছিল ।

১৩. শীতল যুদ্ধৰ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ শীতল যুদ্ধ কেতিয়া সংঘটিত হৈছিল তাৰ সঠিক প্ৰমান কোনে চিন্তাবিদে উল্লেখ কৰা নাই যদিও, ১৯১৭ চনৰ ৰুছু বিপ্লৱৰ সময়ৰ পৰাই শীতল যুদ্ধ আৰাম্ভ হোৱা বুলি গণ্য কৰা হয় ।
১৪. শীতল যুদ্ধ কাক বোলে ?

উত্তৰঃ প্ৰথম বিশ্বযুদ্ধৰ পিছত পৃথিৱীত দুটা বৃহৎ শক্তিগোষ্ঠীৰ সৃষ্টি হৈছিল । এটা ছোভিয়েট ৰাছিয়া আৰু আনটো শক্তি গোষ্ঠী হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ । এই দুয়োটা গোষ্ঠীৰ উভয়ে উভয়ৰ মাজত গোপনভাৱে চলি থকা বিভিন্ন সন্দেহবাদ, পাৰস্পৰিক অবিশ্বাস, প্ৰতিদ্বন্দ্বিকতাবাদ আদিকে শীতল যুদ্ধ বুলি কোৱা হয় ।
১৫. শীতল যুদ্ধৰ ওপৰত ফ্ৰাঙ্কেলৰ সংজ্ঞা উল্লেক কৰা ।

উত্তৰঃ ফ্ৰাঙ্কেলৰ মতে, "শীতল যুদ্ধই সাম্যবাদ আৰু গণতান্ত্ৰিক আৰ্দশ আৰু ইয়াৰ পৃষ্ঠপোষক ৰুছিয়া আৰু আমেৰিকাৰ মাজত সৃষ্টি হোৱা বিৰোধৰ লগত জড়িত সকলো ঘটনাকে বুজায় ।
১৬. শীতল যুদ্ধক কিয় শীতল যুদ্ধ বুলি কোৱা হৈছিল ?

উত্তৰঃ শীতল যুদ্ধক এই কাৰণে শীতল যুদ্ধ বুলি কোৱা হয়, কাৰণ- আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন কেতিয়াও সমুখা-সমুখি যুদ্ধ হোৱা নাছিল । কিন্তু, তেওঁলোকৰ পাৰমাণৱিক শক্তিক উভয়ে-উভয়ৰ পতি ভাবুকি দিছিল আৰু বন্ধু ৰাষ্ট্ৰবিলাকক সৰ্মথন কৰি প্ৰকচি (Proxy) যুদ্ধত লিপ্ত হৈছিল ।

১৭. শীতল যুদ্ধৰ কাৰণসমূহ উল্লেখ কৰা ।

উত্তৰঃ শীতল যুদ্ধৰ কাৰণসমূহ হ'ল-

(i) শীতল যুদ্ধৰ মূল কাৰণ আছিল দুটা গোটৰ আভ্যন্তৰীণ সংঘাত ঃ
      ছোভিয়েট ইউনিয়নে বিশ্বৰ সাম্যবাদৰ প্ৰসাৰত গুৰুত্ব দিছিল । ইয়াৰ ফলত গণতান্ত্ৰিক ৰাষ্ট্ৰ । যেনে- আমেৰিকা প্ৰতি ভাবুকি হৈ পৰিছে ।

(ii) শান্তি চুক্তিত মতৰ অমিল ঃ
 শান্তি চুক্তিৰ ক্ষেত্ৰত দুয়োটা পক্ষৰ মাজত তীব্ৰ মত বিৰোধ দেখা দিছিল । উদাহৰণ স্বৰূপে- ইটালীৰ পূৰ্বৰ উপনীৱেশ বোৰৰ প্ৰশ্ন আৰু ক্ষতিপূৰৰ্ণৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত তীব্ৰ মতৰ বিৰোধ হৈছিল ।

(iii) শূণ্য ঠাই পূৰৰ্ণৰ সমস্যা ঃ 
শীতল যুদ্ধৰ আন এটা কাৰণ আছিল শূন্য ঠাই পূৰণৰ সমস্যা । ৰ্জামানীৰ পতনৰ পিছত গোটেই বিশ্বতে এক ক্ষমতা পৰিৱৰ্তন ঘটিল । ই এক শূন্য স্থানৰ সৃষ্টি কৰিলে । যিটো হয় আমেৰিকা নহলে ছোভিয়েট ইউনিয়নে পূৰণ কৰিব পাৰে । গতিকে উভয়ৰে মাজত সংঘাত আৰম্ভ হ'ল, যিটোৱে শীতল যুদ্ধৰ সৃষ্টি কৰে ।

(iv) এটম বোমাৰ গোপনীয়তা ঃ
 যদিও ছোভিয়েট ইউনিয়ন আৰু আমেৰিকাই ৰ্জামানীৰ বিৰোধে একেলগে যুদ্ধ কৰিছিল । আমেৰিকাই এটম বোমাৰ সৰ্ম্পকে গোপনীয়তা অৱলম্বন কৰিছিল । ছোভিয়েট ইউনিয়নৰ শাসক ষ্টেলিনে ইয়াক এক পতাৰণাৰ আখ্যা দিছিল আৰু তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি ভাবুকি দিছিল ।

(v) পশ্চিমীয়া দেশসমূহত সাম্যবাদী ৰ্কায্যকাল ঃ 
ছোভিয়েট ইউনিয়নে আমেৰিকা আৰু পশ্চিমীয়া দেশবোৰত সাম্যবাদী ৰ্কায্যকাল বৃদ্ধি কৰে । এনে পৰিস্থিতিত বিশেষকৈ আমেৰিকাই ছোভিয়েট ইউনিয়নৰ প্ৰতি সন্দিহাত হৈ পৰে ।

(vi) ইৰাণৰ পৰা সন্যবাহিনী সংৰক্ষণ কৰিবলৈ ৰাছিয়া অস্বিকাৰ ঃ
 দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ছোভিয়েট ইউনিয়নে ইৰাণৰ পৰা সন্যবাহীনি অৱসাৰণ কৰিব লাগিছিল । কিন্তু, ছোভিয়েট ইউনিয়নে এক বিদ্ৰোহৰ পৰিৱেশৰ সৃষ্টি কৰে । যাৰ দ্বাৰা এখন চুক্তিৰ মাধ্যমেৰে ইৰাণৰ তল্য সম্পৰ্দৰ ওপৰত ২৫ বছৰলৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিছিল । অৱশেষত ৰাষ্ট্ৰসংঘৰ হেচাত ইৰাণৰ পৰা সন্যবাহীনি অপ্ৰসাৰণ কৰিবলৈ ছোভিয়েট ইউনিয়ন বাধ্য হয় ।                    

(vii) তুস্কৰ সমস্যা ঃ 
ইতিমধ্য ছোভিয়েট ইউনিয়নে তুস্কৰ ওপৰত নিজৰ আধিপত্য বজাই ৰাখিবলৈ চেষ্টা কৰিছিল । আনহাতে, পশ্চিমীয়া দেশ বিলাকে ইয়াকে বাধা দিবলৈ চেষ্টা কৰিছিল । ইও, শীতল যুদ্ধত বাধা দিবলৈ অৰিহণা যোগাইছিল ।             

১৮. শীতল যুদ্ধৰ ফলাফল সমূহ উল্লেখ কৰা ।

উত্তৰঃ শীতল যুদ্ধৰ ফলাফল সমূহ হ'ল-

(i) দ্বী-পাক্ষিক শক্তি ঃ 
শীতল যুদ্ধৰ পৰৰ্ৱতী সময়ত আমেৰিকা যুক্ত ৰাষ্ট্ৰ বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হয় । কিন্তু, ছোভিয়েট ইউনিয়নো অতি সোনকালে এক লেখত লবলগীয়া শক্তিত পৰিণত হয় । ইয়াৰ ফলত বিশ্বত দুটা শক্তি যুঁতৰ সৃষ্টি হয় । এটা আমেৰিকা যুক্তৰাষ্ট্ৰ আনটো ছোভিয়েট ইউনিয়ন ।       

(ii) ৰাষ্ট্ৰ সংঘৰ সৃষ্টি ঃ 
শীতল যুদ্ধৰ পৰৰ্ৱতী সময়ত ৰাষ্ট্ৰসংঘৰ সৃষ্টি হয় । এইটো গঠন কৰা হৈছিল । যাৰ দ্বাৰা গোটেই বিশ্বত শান্তি আৰু সমাধান কৰিব প্ৰয়াশ কৰে বা যন্ত কৰে ।

(iii) সামৰিক চুক্তি গঠন ঃ
শীতল যুদ্ধৰ প্ৰভাৱত বিভিন্ন সামৰিক চুক্তি আদি সংগঠিত হয় । উদাহৰণ স্বৰূপে সামৰিক চুক্তিবোৰ হ'ল- NATO, CENTO, SEATO ইত্যাদি ।

(iv) তৃতীয় বিশ্বৰ দেশবিলাকে পূব আৰু পশ্চিমৰ সংঘসৰ পৰা দূৰত থাকিবলৈ সিদ্ধান্ত ললে । কিন্তু, বহু সময়ত এই বৃহৎশক্তি দুটা পৰা মুক্ত হ'ব পৰা নাছিল ।

(v) শীতল যুদ্ধৰ ফলত গোটেই বিশ্বতে তৃক্ততা আৰু সন্দেহৰ্পূণ মনোভাৱৰ সৃষ্টি হয় যদিও শীতল যুদ্ধৰ অৱসান ঘটিল । কিন্তু, শান্তিৰহে প্ৰতিষ্ঠা নহ'ল ।

১৯. প্ৰথম বিশ্বযুদ্ধৰ পৰিণতিসমূহ উল্লেখ কৰা ।

উত্তৰঃ প্ৰথম বিশ্বযুদ্ধৰ পৰিণতিসমূহ হ'ল-

(i) প্ৰথম বিশ্বযুদ্ধৰ গুৰুত্বৰ্পূণ পৰিণতি হ'ল সেই সময়ত ৰাছিয়া, ৰ্জামানী, অস্তেলিয়া আৰু ৰ্তুকী নামৰ চাৰিখন  বিশাল সাম্ৰাজ্য ধ্বংস হয় ।

(ii) প্ৰথম বিশ্বযুদ্ধৰ পিছত নতুন নতুন জাতীয় ৰাষ্ট্ৰীয় সৃষ্টি হয় ।

(iii) গোটেই বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবলৈ এটা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজন এইখিনি সময়তে অনুভৱ কৰে ।

(iv) প্ৰথম বিশ্বযুদ্ধই গণতন্ত্ৰ উত্থানত সহায় কৰে ।

(v) ই ৰাছিয়াত সাম্যবাদী ৰাষ্ট্ৰৰ সৃষ্টি কৰে ।                            

২০. দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল-১৯৪৫ চনত ।

২১. দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণসমূহ উল্লেখ কৰা ।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণসমূহ হ'ল-

(i) দ্বিতীয় বিশ্বযুদ্ধৰ এক গুৰুত্বৰ্পূণ কাৰণ হৈছে, জাপানৰ সাম্ৰাজ্যবাদ ।

(ii) প্ৰথম বিশ্বযুদ্ধৰ পাছত জাপানে ইয়াৰ নৌ-শক্তি বঢ়াবলৈ আৰম্ভ কৰে ।

(iii) ১৯৩০ চনৰ পৰা জাপানৰ নৌ-শক্তি এক শক্তিশালী নৌ বাহিনী হিচাপে পৰিণত হয় ।

(iv) ১৯৩১ চনত জাপানে মাষ্ণুৰিয়াত হস্তক্ষেপ কৰে আৰু দখল কৰে ।

(v) দ্বিতীয় বিশ্বযুদ্ধৰ অন্য এক কাৰণ হ'ল- নৌ-শক্তি বৃদ্ধি কৰা ।   

২২. দ্বিতীয় বিশ্বযুদ্ধৰ ফলাফল সমূহ উল্লেখ কৰা ।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ ফলাফল সমূহ হ'ল-

(i) চিৰিল ফলচৰ ম'তে, দ্বিতীয় বিশ্বযুদ্ধ এক প্ৰতিশোধমূলক যুদ্ধ যাৰ দ্বাৰা ৰ্জামানে নিজৰ ইচ্ছা পূৰণ কৰে । ১৯১৯ চনত ৰ্জামানীক যথেষ্ট বেয়া ব্যৱহাৰ কৰা হৈছিল । ৰ্জামানীক প্ৰেয়ণেত সন্মূখত ৰাখি চুক্তি কৰোৱা হৈছিল ।

(ii) একনায়কত্ববাদৰ প্ৰতিষ্ঠাও দ্বিতীয় বিশ্বযুদ্ধৰ এক অন্যতম কাৰণ ।
            প্ৰথম বিশ্বযুদ্ধৰ পাছত হিটলাৰে ৰ্জামানীত একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিলে, যদিও তেঁও অগ্ৰসৰবাদী নীতি গ্ৰহণ কৰে আৰু বিশ্বযুদ্ধৰ সূচনা হয় ।                                             
                                                                                                                               
(iii) মুচেলীনৰ ভূমিকাত মুচেলীনে ১৯২২ চনত ইটালীত একনায়কত্ববাদ প্ৰতিষ্ঠা আৰু পুৰণি ৰোমান সাম্ৰাজ্য গৌৰৱপুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে । মুচেলিয়ে আৱিচিন আক্ৰমণ কৰি দখল কৰে । ১৯৩৯ চনত ইটালীয়ে ৰ্জামানীৰ সৈতে নৈতিক চুক্তিৰ আবদ্ধ হয় । ইয়াৰ দ্বাৰা উভয়ে উভয়ক সামাজিক সাৰ্হায্য দিবলৈ প্ৰতিশ্ৰুতি হয় ।

(iv) আৰ্দশৰ সংঘাটে দুই ধৰণৰ ভৱাৰ্দশৰ উদ্ভাৱন কৰে । এহাতে, গণতন্ত্ৰ  আনহাতে, একনায়কত্ববাদ । ৰ্জামানী, ইটালী, আৰু জাপানে একনায়কত্ববাদক প্ৰতিনিধিত্ব কৰিছিল আৰু আমেৰিকা, ফ্ৰান্স, ইংলেণ্ডে গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰে ।

(v) দ্বিতীয় বিশ্বযুদ্ধৰ এন্য এটা গুৰুত্বৰ্পূণ কাৰণ আছিল শক্তিশালী আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ অভাৱ ।

Type by:- Junmoni Das.