BA 3rd Sem Education Major Chapter 1 Question and Answer Assam | B.A 3rd Semester Education Notes | B.A 3rd Semester Education Free Suggestion | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer | মূল্যবোধ (Value) পাঠটোৰ প্ৰশ্ন-উত্তৰ |  BA 3rd Sem Major Education Paper 3 |


প্রশ্নাৱলী


(I) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of Very Short Answer)

১। মূল্যবোধ কি?

What is Value ?

উত্তৰঃ মূল্যবোধ হ'ল এক আকৰ্ষণীয় আৰু অপৰিহাৰ্য বিষয় তথা ব্যক্তি বাস কৰা সমাজৰ উচ্চ মর্যাদাৰ লগত ই সম্বন্ধিত হৈ থাকে। এজন ব্যক্তিৰ জীৱনত মুখ্য স্থানত থাকি মূল্যবোধে ব্যক্তিজনৰ চৰিত্ৰত অৰ্থ আৰু সবলতা প্ৰদান কৰে। মূল্যবোধে ব্যক্তি এজনৰ মনোভাৱ, বিচাৰ, সিদ্ধান্ত গ্রহণ, নির্বাচন আচৰণ, সম্বন্ধ, স্বপ্ন, দৃষ্টিকোণ আদিক প্রতিফলিত কৰায়।

বা

মূল্যবোধ' শব্দই কোনো ব্যক্তি আৰু সমাজে গ্ৰহণ কৰা আদৰ্শক বুজায় । মূল্যবোধ শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ হ'ল সজ্ঞান আৰু অজ্ঞানভাবে ব্যক্তিয়ে অগ্ৰাধিকাৰ দি গ্ৰহণ কৰা আচৰণ আৰু গুণ, যিবিলাকে সামাজিক স্বীকৃতি পাই সমাজৰ দ্বাৰাই নিয়ন্ত্রিত হয় ।


২। মূল্যবোধ শব্দটো কোন ভাষাৰ পৰা আহিছে?

From which language, the word value is derived?

উত্তৰঃ মূল্যবোধ শব্দটো লেটিন ভাষাৰ পৰা আহিছে।

৩। Valere মানে কি? 

What is meant by Velere?

উত্তৰঃ Valere মানে হ'ল- দাম, ঘুণ, গুৰুত্ব, উপযোগিতা বা ধাৰণা।  

৪। মূল্যবোধ শব্দটো কোনে প্রথম প্রয়োগ কৰিছিল? 

Who first used the term value? 

উত্তৰঃ মূল্যবোধ শব্দটো জাৰ্মান দাৰ্শনিক ফ্ৰেইডৰিচ্ নীট্শে পোন প্ৰথম প্রয়োগ কৰিছিল।

৫। এটা সার্বজনীন মূল্যবোধৰ উদাহৰণ দিয়া ৷

Give an example of universal values.

উত্তৰঃ এটা সার্বজনীন মূল্যবোধৰ উদাহৰণ হ'ল-

৬। অস্তিত্ববাদীসকলৰ মতে মূল্যবোধ মানে কি? 

What is meant by value according to existentialists?

উত্তৰঃ মানুহে তেওঁৰ অস্তিত্ব আৰু তেওঁৰ চাৰিওফালৰ পৃথিৱীৰ মূল্য বা অৰ্থ তেওঁৰ নিজৰ বিষয়বস্তুত নিৰ্ধাৰণ কৰে, আৰু পছন্দ, স্বাধীনতা আৰু অস্তিত্বৰ ক্ষোভৰ মাজত ভ্ৰমণ কৰে। অস্তিত্ববাদ প্ৰায়ে উদ্বেগ, ভয়, মৃত্যুৰ সজাগতা আৰু স্বাধীনতাৰ সৈতে সম্পৰ্কিত।

৭। প্রয়োগবাদৰ মতে মূল্যবোধ মানে কি?

What is value according to pragmatism? 

উত্তৰঃ

৮। মূল্যবোধৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।

Mention one characteristic of values.

উত্তৰঃ মূল্যবোধৰ এটা বৈশিষ্ট্য হ'ল-

(১) আর্জিত গুণ (Acquired Quality) : মূল্যবোধবোৰ ব্যক্তিৰ অৰ্ন্তনিহিত বা জন্মগত গুণ নহয়। এইবোৰ ব্যক্তিৰ আৰ্জিত গুণ আৰু সমাজ, সংস্কৃতি, প্রতিষ্ঠান আৰু ব্যক্তিগত অভিজ্ঞতাৰ দ্বাৰা এইবোৰ নিৰ্ধাৰিত হয়। ব্যক্তিৰ ব্যক্তিগত অভিজ্ঞতা, আকাংক্ষা আৰু চিন্তন প্ৰক্ৰিয়া ইত্যাদিৰ দ্বাৰা মূল্যবোধ অৰ্জন কৰিব পাৰি।

(২) গতিশীল প্রক্রিয়া (Flexible Process) : মূল্যবোধ স্থবিৰ নহয়। সময় আৰু পৰিস্থিতিৰ প্ৰেক্ষাপটত ই সলনি হৈ থাকে। মূল্যবোধৰ গতিশীলতাই মূল্যবোধত নমনীয়তা প্ৰদান কৰে য'ত মূল্যবোধবোৰ পৰিস্থিতি, অভিজ্ঞতা আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল হয়।

৯। মূল্যবোধৰ এটা উৎস উল্লেখ কৰা । 

Mention one source of values.

উত্তৰঃ মূল্যবোধৰ এটা উৎস হ'ল-

(১) দর্শন (Philosophy) : শিক্ষাৰ লগত সম্বন্ধিত সকলো দার্শনিক সম্প্রদায়ে শিক্ষাৰ মূল্যবোধৰ ওপৰত আলোকপাত কৰিছে। জীৱন আৰু শিক্ষাৰ বিভিন্ন দৰ্শন আছে। আদর্শবাদ দর্শনে জীৱনৰ উচ্চ আৰু মৌলিক মূল্যবোধ যেনে—সত্য শিৱ আৰু সুন্দৰৰ পৰামৰ্শ আগবঢ়াইছিল। এই মূল্যবোধবোৰ চিৰন্তন আৰু চিৰস্থায়ী। প্রকৃতিবাদ দৰ্শনে শাৰিৰীক বা বৈষয়িক জীৱনৰ লগত সম্বন্ধিত মূল্যবোধৰ বিষয়ে আলোচনা কৰে। প্রয়োগবাদ দৰ্শনে জীৱনৰ মূল্যবোধ স্বৰূপে সহযোগিতা, সহানুভূতি, সমাজসেৱা আৰু মানৱ সেৱা আদিৰ বিষয়ে আলোচনা কৰে।

১০। মূল্যবোধৰ এটা প্ৰক্ৰিয়া উল্লেখ কৰা । 

Mention one process of Values.

উত্তৰঃ মূল্যবোধৰ এটা প্ৰক্ৰিয়া হ'ল-


১১। মানৱ সমাজত মূল্যবোধৰ গুৰুত্বৰ এটা দিশ উল্লেখ কৰা । 

Mention on point regarding importance of values in human society. 

উত্তৰঃ মানৱ সমাজত মূল্যবোধৰ গুৰুত্বৰ এটা দিশ হ'ল-

১। মূল্যবোধে ব্যক্তিক বিভিন্ন আগ্রহ বা কার্যকলাপবোৰ অনুসৰণ কৰাৰ বাবে অনুপ্ৰাণিত কৰে। এইবোৰে কলা আৰু বিজ্ঞানৰ বিভিন্ন দিশত সৃজনশীলতা বিকশাই তোলে। 

২। মূল্যবোধে ব্যক্তি এজনৰ চৰিত্ৰ আৰু ব্যক্তিত্বত অৰ্থ আৰু শক্তি প্ৰদান কৰে।

১২। মূল্যবোধৰ এটা তত্ব উল্লেখ কৰা ।

Mention one theory of values.

উত্তৰঃ মূল্যবোধৰ এটা তত্ব তলত উল্লেখ কৰা হ'ল-

(খ) কোহলবার্গৰ তত্ত্ব (Kohlberg's Theory) : কোহলবার্গে পিয়াজেৰ তত্বক সম্প্ৰসাৰিত কৰিছিল আৰু নিৰ্ধাৰণ কৰিছিল যে নৈতিক পৰিপক্কতাৰ বাবে দীর্ঘ সময়ৰ প্ৰয়োজন আৰু এই প্ৰক্ৰিয়া ধীৰে ধীৰে গঠন হয়। তেওঁৰ প্ৰধান বৰঙণি তিনিটা পৰ্যায়ৰ মাজেৰে ছয়টা স্তৰৰ নৈতিক বিকাশ।

প্রথম পৰ্যায়টোৰ নাম হ'ল 'প্রাক-পৰম্পৰাগত' (Pre-conventional) য'ত (i) আনুগত্য আৰু শাস্তি অভিমুখীকৰণ আৰু (ii) আত্ম-আগ্রহী প্ৰৱণতা স্তৰ দুটা অন্তৰ্ভুক্ত হৈ থাকে। দ্বিতীয় পৰ্যায়টোৰ নাম হ'ল পৰম্পৰাগত (Conventional) পর্যায় য'ত (iii) আন্তঃব্যক্তি স্বীকৃতি তথা সংগতি আৰু (iv) কর্তৃপক্ষ আৰু সামাজিক শৃংখলা বজাই ৰখা স্তৰ অন্তৰ্ভুক্ত হৈ থাকে। তৃতীয় পৰ্যায়টোৰ নাম হ'ল—পৰৱৰ্তী পৰম্পৰাগত (Post. Conventional) পর্যায় য'ত (v) সামাজিক চুক্তিভিত্তিকতা আৰু (vi) সার্বজনীন নৈতিকত নীতি স্তৰ দুটা অর্ন্তভুক্ত হৈ থাকে।

(II) চমু উত্তৰৰ প্ৰশ্ন (Questions of Short Answer) 

১. মূল্যবোধৰ সংজ্ঞা দিয়া।

Define value.

উত্তৰঃ মূল্যবোধৰ সংজ্ঞা হ'ল-

১। আলপোর্ট (Allport) ৰ মতে, “মূল্যবোধ হ'ল এজন মানুহে অগ্ৰাধিকাৰৰ দ্বাৰা কৰি যোৱা কৰ্মৰাজিৰ ওপৰত বিশ্বাস” (Value is a belief upon which a man acts by preference ) ।

২। আৰ. মৰিল (R Morrill) ৰ মতে, “মূল্যবোধক কাৰ্যৰ যোগেদি সংজ্ঞা প্ৰদান কৰিব নোৱাৰি, তাক বিশেষ কামৰ মাজেৰে আঙুলিয়াব পাৰি” (Values cannot be defined through deeds they always are mediated through specific acts) |

৩। ৰোকেচ (Rokeach) ৰ মতে, “মূল্যবোধ হৈছে আপেক্ষিক গুৰুত্বৰ ধাৰাবাহিকতাৰ এক বিশ্বাস, এক নিৰ্দিষ্ট আচৰণৰ পদ্ধতি বা চূড়ান্ত লক্ষ্য” (Values is an enduring belief, a specific mode of conduct or end state existence along a continum of relative importance) |

২. মূল্যবোধৰ দাৰ্শনিক ধাৰণা ব্যাখ্যা কৰা। 

Describe the philosophical concept of value.

উত্তৰঃ মূল্যবোধৰ দাৰ্শনিক ধাৰণা ব্যাখ্যা কৰা হ'ল-

৩. মূল্যবোধৰ মনোবৈজ্ঞানিক ধাৰণা ব্যাখ্যা কৰা । 

Describe the psychological concept of value.

উত্তৰঃ

৪. মূল্যবোধৰ সমাজতাত্বিক ধাৰণা ব্যাখ্যা কৰা। 

Describe the sociological concept of value.

উত্তৰঃ

৫. মূল্যবোধৰ পাঁচটা বৈশিষ্ট্য লিখা। 

Write five features of values.

উত্তৰঃ মূল্যবোধৰ পাঁচটা বৈশিষ্ট্য হ'ল- 

(১) আর্জিত গুণ (Acquired Quality) : মূল্যবোধবোৰ ব্যক্তিৰ অন্তনিহিত বা জন্মগত গুণ নহয়। এইবোৰ ব্যক্তিৰ আৰ্জিত গুণ আৰু সমাজ, সংস্কৃতি, প্রতিষ্ঠান আৰু ব্যক্তিগত অভিজ্ঞতাৰ দ্বাৰা এইবোৰ নিৰ্ধাৰিত হয়। ব্যক্তিৰ ব্যক্তিগত অভিজ্ঞতা, আকাংক্ষা আৰু চিন্তন প্ৰক্ৰিয়া ইত্যাদিৰ দ্বাৰা মূল্যবোধ অৰ্জন কৰিব পাৰি।

(২) সামাজিক গুণ (Social Quality) : মূল্যবোধবোৰ সমাজৰ সদস্যসকলৰ আন্তঃক্ৰিয়াৰ যোগেদি সৃষ্টি হয় আৰু বিকশিত হয়। মূল্যবোধবোৰ সামাজিকভাৱে বিতৰণ আৰু হস্তান্তৰকৰণ কৰা হয় আৰু সমাজৰ সকলো সদস্যই এইবোৰ গ্ৰহণ কৰে। সেয়েহে মূল্যবোধক সামাজিক গুণ স্বৰূপেও বৰ্ণনা কৰিব পাৰি।

(৩) গতিশীল প্রক্রিয়া (Flexible Process) : মূল্যবোধ স্থবিৰ নহয়। সময় আৰু পৰিস্থিতিৰ প্ৰেক্ষাপটত ই সলনি হৈ থাকে। মূল্যবোধৰ গতিশীলতাই মূল্যবোধত নমনীয়তা প্ৰদান কৰে য'ত মূল্যবোধবোৰ পৰিস্থিতি, অভিজ্ঞতা আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল হয়।

(৪) আৱেগৰ দ্বাৰা প্ৰভাৱিত (Influenced by emotions) : মূল্যবোধ ব্যক্তিৰ বৌদ্ধিক গুণৰ দ্বাৰা প্ৰভাৱিত নহয়, এইবোৰ ব্যক্তিৰ আৱেগৰ দ্বাৰা প্ৰভাৱিত। আৱেগে মানুহৰ জীৱনৰ বিকাশ সাধনত এক প্রধান ভূমিকা পালন কৰে। মূল্যবোধবোৰ আৱেগৰ দ্বাৰা প্রভাবিত হয় বাবে এইবোৰে ব্যক্তিৰ জীৱনত এক সুস্থিৰ অৱস্থা প্ৰদান কৰে আৰু সৎ পথেৰে জীৱন অতিবাহিত কৰিবৰ বাবে প্ৰেৰণা যোগায় ।

(৫) মূল্যবোধ বৰ্গীকৰণ (Value Hierarchy) : মানৱীয় মূল্যবোধৰ বৰ্গীকৰণ সমাজত দেখিবলৈ পোৱা যায়। কেতবোৰ নিৰ্দিষ্ট মাপকাঠি অনুসৰি ক্ৰমবর্ধিতভাৱে নিৰ্বাচন আৰু বাঁচনিৰ নীতিৰ ভিত্তিত মূল্যবোধৰ বৰ্গীকৰণ কৰা হয়। এই নীতিবোৰ হ'ল—আকাংক্ষা, অন্তনির্হিত অৱস্থা, সংহতি, একতা আদি।

৬। মূল্যবোধৰ প্ৰক্ৰিয়াৰ বিষয়ে লিখা। 

Write about the processes of valuing.

উত্তৰঃ

৭. মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰত মৰিচ মেচিৰ শ্ৰেণীকৰণ ব্যাখ্যা কৰা। 

Describe the classification suggested by Morris Messery regarding development of values. 

৮। চমুটোকা লিখা। 

Write short notes

(i) মূল্যবোধৰ উৎসস্বৰূপে ধর্ম

Religion as source of values. 

উত্তৰঃ আমাৰ বহুতো নৈতিক নীতি আৰু মানৱীয় মূল্যবোধৰ ভিত্তি হ'ল ধৰ্ম। ই মানুহক একতাৰ ডোলেৰে বান্ধি ৰাখে। খ্ৰীষ্টান, ইচলাম, হিন্দু, বৌদ্ধ, শিখ, জৈন আৰু বিশ্বৰ অইন অইন ধৰ্মবোৰে নিজৰ ধৰ্মীয় দৰ্শন আৰু নীতিৰ ভিত্তিত নিৰ্দিষ্ট জীৱন ধাৰণৰ শৈলীৰ ওপৰত গুৰুত্ব দিয়ে। আকৌ জার্মান দার্শনিক কান্ত (Kant) ৰ মতে, “ধৰ্মই আমাৰ সকলো দায়িত্বক ঐশ্বৰিক ক্ষমতা স্বৰূপে স্বীকৃতি দিয়ে” (Religion is the recognition of all our duties as divine commandment)। মহাত্মা গান্ধী (Mahatma Gandhi) ৰ মতে, “মোৰ বাবে নৈতিকতা, নীতিশাস্ত্ৰ আৰু ধৰ্মশাস্ত্ৰ হ'ল কেতবোৰ ৰূপান্তৰযোগ্য শব্দ। ধৰ্মবিহীন নৈতিক জীৱন এটা বালিৰ ওপৰত বনোৱা ঘৰৰ দৰে” (For me, morals, ethics and religions are convertible terms. A moral life without religion is like a house built on sand)। সৰ্বপল্লী ৰাধাকৃষ্ণন (Sarvapalli Radhakrishnan) ৰ মতে, “প্ৰকৃত ধৰ্ম মানুহৰ হৃদয়ত থাকে, ই মানৱ সৃষ্ট নহয়” (True religory is in the heart of man, not in the man made creeds)। গতিকে, ক'ব পাৰি যে ধৰ্ম হ কেতবোৰ মূল্যবোধ যেনে— সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ স্বৰূপ প্রেম, সহযোগিতা, সহানুভূতি, কৰুণা, সহচর্য, মংগল, ত্যাগ, সমাজসেবা, মানব সেবা, সহনশীলতা, ক্ষমা, সরলতা, শান্তি, বিশ্বজনীন ভাতৃত্ব, উচ্চ আদর্শ, শ্ৰমৰ মৰ্যাদা আৰু ন্যায়বিচাৰৰ ভালপোৱা আদিৰ উৎসস্বৰূপ। বিভিন্ন ধৰ্মবোৰৰ যোগেদি লাভ কৰা মূল্যবোধ হ'ল—


(ক) হিন্দু ধর্ম (Hinduism) :

.যজুৰ বেদ (Yajur Veda) :

(i) মানৱতাৰ মংগল সাধন।

(ii) নিজৰ সম্পদ উপভোগ কৰা আৰু আনৰ সম্পদৰ লোভ ত্যাগ কৰা।

(iii) শুদ্ধ পথেৰে ধন উপাৰ্জন কৰা।

.মনু (Manu) :

(i) মন আৰু সন্তোষৰ নিশ্চয়তাৰ কৰ্ষণ কৰা।

(ii) সকলো পৰিস্থিতিতে ক্ষমাৰ চেতনা গঢ়ি তোলা।

(iii) নিজৰ মনক পূণ্যৰ প্ৰতি উৎসৰ্গা কৰা আৰু পাপী চিন্তাৰ বিনোদনৰ পৰা বিৰত থকা।

(খ) খ্রীষ্টান ধর্ম (Christianity) :

(i) ব্যক্তিয়ে নিজৰ দেউতাক আৰু মাকক সন্মান প্ৰদান কৰা উচিত।

(ii) ব্যক্তিয়ে জীৱ হত্যা কৰিব নালাগে।

(iii) ব্যক্তিয়ে ব্যভিচাৰ কৰিব নালাগে। 

(গ) ইচলাম ধৰ্ম (Islam Religion) :

(i) বস্তুৰ আদান-প্ৰদানৰ ক্ষেত্ৰত সজ হ'ব লাগে।

(ii) অন্যৰ সম্পদ ভুলভাৱে বা অসৎ পথেৰে অৰ্জন কৰিব নালাগে।

(ঘ) শিখ ধর্ম (Sikhism) :

(i) সত্য উচ্চ স্তৰৰ কিন্তু উপযুক্ত জীবন-যাপন হ'ল সবাতোকৈ উচ্চস্তৰৰ। 

(ii) ভাল কর্ম অবিহনে কোনেও উপাসনা কৰিব নোৱাৰে।


(ঙ) বৌদ্ধ ধর্ম (Buddhism) :

(i) সঠিক বোধ।

(ii) সঠিক চিন্তা।

(iii) সঠিক বাক।


(চ) জৈন ধর্ম (Jainism) :

(i) সঠিক বিশ্বাস।

(ii) সঠিক আচৰণ।

(iii) সঠিক জ্ঞান।


(ii) মূল্যবোধৰ উৎস স্বৰূপে দর্শন

Philosophy as source of values. 

উত্তৰঃ শিক্ষাৰ লগত সম্বন্ধিত সকলো দার্শনিক সম্প্রদায়ে শিক্ষাৰ মূল্যবোধৰ ওপৰত আলোকপাত কৰিছে। জীৱন আৰু শিক্ষাৰ বিভিন্ন দৰ্শন আছে। আদর্শবাদ দৰ্শনে জীৱনৰ উচ্চ আৰু মৌলিক মূল্যবোধ যেনে—মতা শিব আৰু সুন্দৰৰ পৰামৰ্শ আগবঢ়াইছিল। এই মূল্যবোধবোৰ চিৰন্তন আৰু চিৰস্থায়ী। প্রকৃতিবাদ দর্শনে শাৰিৰীক বা বৈষয়িক জীৱনৰ লগত সম্বন্ধিত মূল্যবোধৰ বিষয়ে আলোচনা কৰে। প্রয়োগবাদ দর্শনে জীৱনৰ মূল্যবোধ স্বৰূপে সহযোগিতা, সহানুভূতি, সমাজসেৱা আৰু মানৱ সেবা আদিৰ বিষয়ে আলোচনা কৰে।

    ইয়াৰ উপৰিও দৰ্শনৰ এটা প্ৰধান ভাগেই হ'ল প্ৰমূল্যবোধ (Axiology)। এই বিভাগে দৰ্শনৰ সেইবোৰ বিভাগৰ অন্তৰ্ভুক্ত কৰে যিবোৰে বিভিন্ন মূল্যবোধ, মানৱ জীৱনৰ উদ্দেশ্য আৰু আদৰ্শ সম্বন্ধে আলোচনা কৰে। সত্য, শিৱ আৰু সুন্দৰৰ স্বৰূপ নিৰ্ধাৰণ কৰাই হ'ল মূল্যবোধৰ উদ্দেশ্য। প্ৰমূল্যবোধে সামৰি লোৱা অংশ তিনিটা হ'ল– (ক) তর্কবিজ্ঞান (দার্শনিক অনুসন্ধানৰ বাবে বৈজ্ঞানিক পদ্ধতিবোৰৰ বিষয়ে আলোচনা কৰে), (খ) নীতিবিজ্ঞান (মানুহৰ লগত জড়িত বিভিন্ন সমস্যাৰ ভাল- বেয়া, উচিত-অনুচিত আদি অধ্যয়ন কৰে) আৰু (গ) নন্দনতত্ব (সৌন্দৰ্যৰ প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰে)।


(iii) মূল্যবোধৰ উৎসস্বৰূপে সাহিত্য 

Literature as source of value.

উত্তৰঃ সমাজ আৰু সাহিত্যৰ মাজত এক গভীৰ সম্বন্ধ আছে। ব্যক্তিৰ মনত আৰু সমাজত সাহিত্যৰ এক প্ৰভাৱ আছে। ইয়াৰ কাৰণ হ'ল—কবিতা, উপন্যাস, নাটক, একাংকিকা, গল্প আদি সকলো ধৰণৰ সাহিত্যৰ লগত মানৱতা আৰু সমাজৰ সম্বন্ধ আছে। উদাহৰণস্বৰূপে প্ৰেমচান্দৰ বেছিভাগ উপন্যাস আৰু গল্পতে সামাজিক সমস্যা আৰু সামাজিক মূল্যবোধবোৰ প্ৰতিফলিত হয়। সাহিত্যৰ অধ্যয়নবোৰ ব্যক্তিৰ জীৱনৰ চৰিত্ৰৰ লগত প্ৰায়েই সম্বন্ধিত হৈছিল যিবোৰে উপযুক্ত মনোভাৱ, আগ্রহ, সদর্থক মনোভাৱ আৰু ব্যক্তিৰ আৱেগ আদিৰ সৃষ্টি কৰিছিল আৰু বিকাশ সাধন কৰিছিল। সাহিত্যই নিৰ্ধাৰণ কৰা আৰু বিকশাই তোলা বিভিন্ন প্ৰকাৰৰ মূল্যবোধবোৰ হ'ল-


(i) সাহিত্যৰ মূল্যবোধ।

(ii) বস্তুগত মূল্যবোধ।

(iii) বৈজ্ঞানিক মূল্যবোধ ।

(iv) বৃত্তীয় মূল্যবোধ।

(v) সাংস্কৃতিক মূল্যবোধ।

(vi) নৈতিক মূল্যবোধ ।

(vii) সামাজিক মূল্যবোধ। 

(viii) মানৱীয় মূল্যবোধ।

(ix) নান্দনিক মূল্যবোধ।

(x) জাতীয় মূল্যবোধ ।

(xi) গণতান্ত্রিক মূল্যবোধ। 

(xii) ধৰ্ম নিৰপেক্ষ মূল্যবোধ। 

(xiii) আধ্যাত্মিক মূল্যবোধ । 

(xiv) বিশ্ব ভাতৃত্ববোধ মূল্যবোধ।


(iv) মূল্যবোধৰ উৎস স্বৰূপে সামাজিক-সাংস্কৃতিক পৰম্পৰা। 

Socio-cultural tradition as source of value.

উত্তৰঃ সামাজিক-সাংস্কৃতিক পৰম্পৰাই আমাৰ মূল্যবোধ আৰু জীৱন ধাৰণৰ মানক প্রভাবিত কৰাত এক প্রধান ভূমিকা গ্ৰহণ কৰে। দৰাচলতে প্রাচীন কালৰে পৰাই সামাজিক ৰীতি-নীতি আৰু পৰম্পৰা আমাৰ মূল্যবোধ বুনিয়াদস্বৰূপ হৈ আহিছে। বৰ্তমান সময়ত এইবোৰে ব্যক্তি আৰু সমাজক আকাংক্ষিত পথেৰে আগুৱাই লৈ গৈছে। সামাজিক-সাংস্কৃতিক পৰম্পৰাই বিভিন্ন ধৰণৰ মূল্যবোধৰ প্ৰতিফলিত কৰে। যেনে— 

(i) ভাৰতীয় সংস্কৃতিত অতিথিক ভগৱান হিচাপে বিবেচনা কৰা হয় আৰু পৰিয়ালৰ সদস্যস্বৰূপে তেওঁলোকৰ যত্ন আৰু সেৱা কৰা হয়। ঘৰত খাবলৈ বিশেষ একো নাথাকিলেও আলহীক সেৱা অনুভৱ কৰিবলৈ দিয়া নহয়। শাস্ত্ৰ অনুসৰি ঘৰত অহা শত্ৰুক ভাল ব্যৱহাৰ কৰিলে শত্ৰুতাও নোহোৱা হয়। 

(ii) ভাৰতীয় সমাজৰ আন এক পৰম্পৰা হ'ল এজনে আন এজনক সন্মান কৰা। অগ্ৰজসকলক শ্ৰদ্ধা কৰাটো ভাৰতীয় সমাজৰ এক মহান মূল্যবোধ। ব্যক্তিয়ে অগ্ৰজসকলৰ ভৰি ধুই আশীৰ্বাদ লয়। অগ্রজসকলেও অনুজসকলক মৰম কৰে আৰু ইয়ে মূল্যবোধ বিকশাই তোলে।

(iii) ভাৰতীয় সংস্কৃতিৰ এক বৈশিষ্ট্য হ'ল সহায় কৰা। কোনো ব্যক্তিৰ বিপদ হ'লে বা সহায়ৰ প্রয়োজন হ'লে এজনে আনজনক সহায় কৰা দেখা যায়। এই সহায় অর্থসম্বন্ধীয় বা স্বার্থজনিত নহয়। নিঃস্বার্থভাৱেই ব্যক্তিয়ে এজনে আন এজনক সহায় কৰে। ভাৰতীয় সমাজত ব্যক্তিয়ে সুখৰ বিতৰণ কৰে আৰু দুখ ভগায় লয়। ইয়ে ব্যক্তিৰ মাজত একতাৰ বান্ধ শক্তিশালী কৰি তোলে।

(iv) যত্ন আৰু ত্যাগৰ মূল্যবোধ ভাৰতীয় সমাজ ব্যৱস্থাত দেখিবলৈ পোৱা যায়। পৰিয়াল হৈছে এক অনুষ্ঠান যিয়ে ব্যক্তিৰ আচৰণ সংশোধন কৰে আৰু যত্ন আৰু ত্যাগৰ মূল্যবোধৰ বিকাশ সাধন কৰে। পৰিয়াল হৈছে ব্যক্তিৰ আনন্দ আৰু বিতৰণৰ অনুষ্ঠান। পৰিয়ালৰ সদস্যসকলে বিভিন্ন কাম- কাজৰ জৰিয়তে যত্ন আৰু ত্যাগৰ মূল্যবোধৰ বিকাশ সাধন কৰে।

(v) ভিন্ন সংস্কৃতি সমৃদ্ধ ভাৰতীয় সমাজৰ এক স্বকীয় বৈশিষ্ট্য আছে। সেয়া হ'ল যিকোনো পৰিস্থিতিতে ব্যক্তিসকলৰ সহনশীলতা। মহাত্মা গান্ধীৰ অহিংসাৰ নীতিয়ে এই সহনশীলতাত বৰঙণি যোগাইছিল আৰু সমগ্ৰ বিশ্বৰ মাজত ভাৰতৰ খ্যাতি বৃদ্ধি কৰিছিল।


ইয়াৰ উপৰিও দেশ এখনৰ সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাই বিকশাই তোলা কেতবোৰ মূল্যবোধ হল—

.সমাজত মহিলাৰ জ্ঞান।

.পূজা-আৰাধনাৰ উপায়। সমস্যা সমাধান ক্ষমতা।

• ব্যক্তিৰ চিন্তাধাৰা আৰু কাৰ্য।

• সামাজিক নীতি-নিয়ম। 

• বিবাহৰ শৈলী ইত্যাদি।


(v) মূল্যবোধৰ উৎস স্বৰূপে বিজ্ঞান

 Science as source of value.

উত্তৰঃ মূল্যবোধৰ এক উৎস হ'ল বিজ্ঞান আৰু ই মানৱ জীৱনৰ সকলো দিশতে গভীৰ প্ৰভাৱ পেলাইছে। ব্যক্তি আৰু সমাজৰ জীৱনত ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিজ্ঞানৰ দ্বাৰা লাভ কৰা জ্ঞানৰ দ্বাৰা ব্যক্তিয়ে নিজৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক জীৱন সমৃদ্ধিশালী কৰি তুলিব পাৰে। যাতায়ত আৰু যোগাযোগৰ উপায়বোৰ বিভিন্ন দেশৰ মাজত থকা দূৰত্ব বহু পৰিমাণে কম কৰিছে। বাৰ্টাণ্ড ৰাছেলৰ মতে, “বিজ্ঞানৰ প্ৰভাৱ বহুত আৰু ভিন্ন প্ৰকাৰৰ। বিভিন্ন পৰম্পৰাগত বিশ্বাসৰ-নিৰাময়ত আৰু অন্যৰ পৰা নতুন গ্ৰহণত ইয়াৰ প্ৰত্যক্ষ বৌদ্ধিক প্ৰভাৱ আছে। সেয়েহে ক'ব পাৰি যে বিজ্ঞানে কেৱল বস্তুগত দিশেই নহয়, বিভিন্ন অবস্তুগত দিশ যেনে—ধর্ম, দর্শন, শিক্ষা আৰু বিশ্বাস আদি সংস্কৃতিৰ বিভিন্ন দিশৰো পৰিবৰ্তন সাধন কৰে। দৰাচলতে মুগাবোধে সমাজৰ সমগ্ৰ জীৱন আৰু মূল্যবোধ ব্যৱস্থাক প্রভাবিত করে। কাচাৰ (Brubacher) ৰ মতে, বিজ্ঞানৰ বাবে সমর্থিত কেতবোৰ মূল্যবোধ হ'ল—যুক্তিযুক্ততা, উপযোগিতা, আন্তর্জাতিকতা, ব্যক্তিবাদ, প্রগতিবাদ আৰু উৎকৃষ্টতাবাদ আদি। এইদৰে বিজ্ঞানে মূল্যবোধৰ এক গুৰুত্বপূর্ণ উৎস স্বৰূপে কর্ম সম্পাদন কৰে।


(vi) মূল্যবোধৰ উৎস স্বৰূপে সংবিধান 

Constitution as source of values.

উত্তৰঃ স্বাধীন ভাৰতৰ সংবিধানখনক গণতান্ত্রিক দেশৰ বাবে এখন আদৰ্শ সংবিধান স্বৰূপে বিবেচনা কৰা হয়। সংবিধানৰ প্ৰস্তাৱনাই তলত দিয়া গুৰুত্বপূৰ্ণ দিশবোৰক প্ৰতিফলিত কৰায়। আমি ভাৰতৰ জনগণে ভাৰতক এখন সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, লোকতান্ত্রিক গণৰাজ্য গঠন কৰিবলৈ তথা ইয়াৰ সকলো নাগৰিকৰ বাবে 


-সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়

-চিন্তা, অভিব্যক্তি, বিশ্বাস আৰু ধৰ্ম উপাসনাৰ স্বাধীনতা

-প্ৰতিষ্ঠা আৰু সুযোগৰ সমতা

-সকলোৰে মাজত ব্যক্তিৰ মৰ্যাদা আৰু জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিত কৰিব বিচাৰিছিল। প্ৰস্তাৱনাৰ পৰা এই কথা স্পষ্ট যে ভাৰতীয় সংবিধানত উল্লেখিত মূল্যবোধবোৰ সকলো শিক্ষক, শিক্ষাবিদ, ছাত্র-ছাত্রী তথা বৃহত্তৰ সমাজৰ বাবে গুৰুত্বপূৰ্ণ।

ভাৰতীয় সংবিধানে সকলো নাগৰিককে স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰিছে। সংবিধানৰ ১৯ (ক) আৰু (খ) এই বিষয়ে উল্লেখ আছে। ১৪ ৰ পৰা ১৮ নং অনুচ্ছেদত সমতাৰ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে। ভাৰতীয় সংবিধানত ভাতৃত্ববোধৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। দেশৰ সকলো নাগৰিক কে ভাতৃ বা বন্ধু হিচাপে বিবেচনা কৰিব লাগে আৰু তেওঁলোকৰ লগত সৌজন্যমূলক, সহনশীল আৰু ভাল আচৰণ প্ৰদৰ্শন কৰাৰ ওপৰত লক্ষ্য ৰাখিব লাগে। ভাৰতীয় সংবিধানে সমাজবাদৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। সমাজবাদী ৰাষ্ট্ৰ এখনৰ মূল লক্ষ্য হ'ল আয়, মৰ্যাদা আৰু জীৱনৰ মানদণ্ডৰ ক্ষেত্ৰত বৈষম্য দূৰ কৰা।  

(III) দীঘল উত্তৰ প্রশ্ন (Questions of Long Answer ) 

১। মূল্যবোধৰ ধাৰণা ব্যাখ্যা কৰা। মূল্যবোধৰ বৈশিষ্ট্যবোৰ লিখা ।

Describe the concept of value. Write the characteristics of value. 

উত্তৰঃ মূল্যবোধ হৈছে এক আকর্ষণীয় আৰু অপৰিহাৰ্য বিষয় তথা ব্যক্তি বাস কৰা সমাজৰ উচ্চ মর্যাদাৰ লগত ই সম্বন্ধিত হৈ থাকে। এজন ব্যক্তিৰ জীৱনত মুখ্য স্থানত থাকি মূল্যবোধে ব্যক্তিজনৰ চৰিত্ৰত অৰ্থ আৰু সবলতা প্ৰদান কৰে। মূল্যবোধে ব্যক্তি এজনৰ মনোভাৱ, বিচাৰ, সিদ্ধান্ত গ্রহণ, নিৰ্বাচন আচৰণ, সম্বন্ধ, স্বপ্ন, দৃষ্টিকোণ আদিক প্রতিফলিত কৰায়। এইবোৰে ব্যক্তিৰ জীৱনত দিক-দৰ্শন কৰে আৰু আনন্দ, সন্তোষ আৰু শান্তি কঢ়িয়াই আনে। মূল্যবোধে জীৱনত গুণমান বৃদ্ধি কৰি তোলে। গতিকে ক'ব পাৰি যে মূল্যবোধ মানে হ'ল ব্যক্তিৰ আত্ম বিকাশত প্ৰভাৱিত কৰা যিকোনো মানৱীয় কাৰ্য, চিন্তা বা ধাৰণা, অনুভৱ, সংবেদন আৰু আৱেগ। মূল্যবোধ ব্যৱস্থা হ'ল সমাজ এখনৰ বাবে মেৰুদণ্ডস্বৰূপ। সমাজভেদে আৰু সময় অনুসৰি মূল্যবোধ বেলেগ বেলেগ হ'ব পাৰে। কিন্তু প্ৰত্যেক সমাজেই কেতবোৰ নৈতিক নীতি- নিয়ম মানি চলে যিবোৰ সকলো সময়তে সকলো স্থানতে একে হয়। এইবোৰক বিশ্বায়নৰ মূল্যবোধ বোলে।

    ব্যুৎপত্তিগত দৃষ্টিকোণেৰে বিবেচনা কৰিলে মূল্যবোধৰ ইংৰাজী প্রতিশব্দ 'Value ' লেটিন ভাষাৰ 'Valere' শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল দাম, গুণ, গুৰুত্ব, উপযোগিতা বা ধাৰণা। ১৮৮০ চনত জার্মান দার্শনিক ফ্ৰেইডৰিচ্ নীটশে (Friederich Nietzsche) পোন প্ৰথমবাৰৰ বাবে মূল্যবোধ শব্দটো প্রয়োগ কৰিছিল।

    মূল্যবোধৰ অৰ্থ বিভিন্ন ধৰণে প্ৰকাশিত হয়। মূল্যবোধৰ ইংৰাজী প্রতিশব্দ Value য়ে মানুহৰ অন্তর্নিহিত নৈতিক গুণ, বিশেষত্ব বা যোগ্যতাৰ কথা বুজায়। ব্যুৎপত্তিভাৱে মূল্যবোধৰ অৰ্থ হ'ল— ই কোনো ব্যক্তি বা বস্তুৰ সেই গুণটোৰ কথা বুজায় যি নেকি সেই ব্যক্তি বা বস্তুক মৰ্যদা, সন্মান আৰু কাৰ্যকাৰিতা প্ৰদান কৰে আৰু সহজভাৱে ক'বলৈ হ'লে মূল্যবোধ হ'ল সজ্ঞান আৰু অজ্ঞানভাবে ব্যক্তিয়ে অগ্ৰাধিকাৰ দি গ্ৰহণ কৰা আচাৰণ বা গুণ—যিবিলাক সামাজিক স্বীকৃতি পাই সমাজৰদ্বাৰাই নিয়ন্ত্রিত হয়।

    মূল্যবোধ হ’ল আচৰণ আৰু চিন্তাৰ বিমূৰ্ত আৰু সাধাৰণকৃত ৰূপ যাৰ প্ৰতি মানুহ অত্যন্ত আবেগিক আৰু ইতিবাচকভাৱে প্ৰতিশ্রুতিবদ্ধ হয় আৰু যি অন্য মানুহৰ কাম-কাজ, বিচাৰ-বিবেচনা আৰু লক্ষ্যৰ মানদণ্ডৰূপে স্বীকৃত হয়।

    বিভিন্ন দৃষ্টিভংগীৰে মূল্যবোধক ভিন ভিন ভাৱে অৰ্থ প্ৰদান কৰা হয়। দার্শনিক, মনোবৈজ্ঞানিক আৰু সমাজতাত্বিক দৃষ্টিকোণেৰে বিশেষভাৱে মূল্যবোধৰ ধাৰণা বিশ্লেষণ কৰিব পাৰি।

    দাৰ্শনিক দৃষ্টিকোণেৰে বিবেচনা কৰিলে মূল্যবোধ হ'ল নৈতিক আচৰণৰ মানদণ্ড বা আদৰ্শ যাৰ দ্বাৰা ব্যক্তি এজনে নিজৰ বিশ্বাস, ধাৰণা আৰু মনোভাৱবোৰ জীৱনৰ লক্ষ্যৰ দ্বাৰা উপলব্ধি কৰিব পাৰি। অৰ্থাৎ‍ দাৰ্শনিক দৃষ্টিকোণেৰে বিবেচনা কৰিলে মূল্যবোধ ব্যক্তি এজনৰ বিশ্বাস বা চিন্তাৰ লগত প্ৰত্যক্ষভাৱে সম্বন্ধিত হৈ থাকে। কাৰ্যকৰী দৃষ্টিকোণেৰে মূল্যবোধৰ ধাৰণা ‘মানৱ আচৰণক প্ৰভাৱিত কৰা কাৰকৰ লগত সম্বন্ধিত। সাধাৰণতে দার্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত দুই প্ৰকাৰৰ প্ৰশ্নৰ উত্তৰ লাভৰ বাবে আগ্রহী। সেয়া হ'ল – (i) মূল্যবোধৰ প্ৰকৃতি, অৱস্থা আৰু প্ৰয়োজনীয়তাৰ ধাৰণামূলক আৰু যৌক্তিক দিশ কোনবোৰ? আৰু (ii) নৈতিক মূল্যবোধ বা শুদ্ধ বা ভাল আৰু ভুল বা বেয়াৰ ধাৰণা কি?

    দার্শনিক দৃষ্টিকোণেৰে মূল্যবোধ হ'ল সামগ্রিকভাবে জীবন আৰু অভিজ্ঞতাৰ সুসংগত কাৰ্য। বিভিন্ন দার্শনিক সম্প্রদায়বোৰে মূল্যবোধৰ ধাৰণা ভিন ভিন ভাবে ব্যাখ্যা কৰিছে। আদর্শবাদী দৃষ্টিভংগী অনুসৰি, মূল্যবোধ হ'ল স্ব-বিদ্যমান অর্ন্তনিহিত এক অবস্থা। আদর্শবাদীসকলে বিশ্বাস কৰে যে জীৱন ধাৰণ আৰু শিকণ লাভৰ উদ্দেশ্যবোৰৰ বিকাশে এজন প্রাকৃতিক মানুহক আদৰ্শ মানুহলৈ ৰূপান্তৰিত কৰিব পাৰে। এই দৰ্শন অনুসৰি, মূল্যবোধ বা আদর্শবোৰ মানুহৰ দ্বাৰা সৃষ্ট নহয়, ই বিশ্বৰ প্ৰতিটো বস্তু, ধাৰণা বা কৰ্মৰ মাজত বিদ্যমান হৈ থাকে। মানুহৰ কৰ্তব্য হ'ল নিজৰ কৰ্ম আৰু প্ৰচেষ্টাৰ মাধ্যমেৰে চূড়ান্ত মূল্যবোধ আবিষ্কাৰ কৰা। আদর্শবাদৰ বিশ্বাস অনুসৰি চেতনা আৰু মনৰ দ্বাৰাই বাস্তৱ গঠন হয় আৰু ভগৱান বা ঈশ্বৰ হ'ল সকলো জ্ঞানৰ উৎস স্বৰূপ। এই দৰ্শন অনুসৰি মূল্যবোধবোৰ চূড়ান্ত আৰু অপৰিৱৰ্তনীয়; যেনে—সত্য, শিৱ আৰু সুন্দৰ।এই মূল্যবোধ সামাজিক অৱস্থা আৰু আচৰণক বুজায়। বিশিষ্ট ফৰাচী সমাজবিজ্ঞানী এমিল দুখাইমে (Emile Durkheim) তেওঁৰ বিখ্যাত গ্রন্থ 'Moral Education' আৰু 'Education and Sociology' ত মত প্ৰকাশ কৰিছে যে সমাজেই হ'ল ভগৱান। যিদৰে পুৰোহিত ভগৱানৰ দোভাষী (Interpreter) হয় ঠিক একেদৰে নিজৰ সময় আৰু নিজ দেশৰ নৈতিক আদর্শবোৰৰ ক্ষেত্ৰত শিক্ষক দোভাষী হয়। ভাৰতীয় সমাজবিজ্ঞানী ৰাধাকমল মুখার্জীৰ বিখ্যাত গ্রন্থ 'The Social Structure of Values ত উল্লেখ অনসুৰি—

(i) মূল্যবোধে সামাজিক আচৰণৰ অভিন্নতাৰ প্ৰতিনিধিত্ব কৰে। (ii) মূল্যবোধে সামাজিক নিয়ন্ত্ৰণ আৰু সামাজিক চাপৰ এক মাধ্যম হিচাপে কর্ম সম্পাদন কৰে। পুৰস্কাৰ আৰু জৰিমণাৰ মাধ্যমেৰে প্ৰকাশিত সামাজিক নিষেধাজ্ঞাবোৰ সমাজৰ মূল্যবোধ ব্যৱস্থাত চূড়ান্তভাৱে শিপাই আছে। এইক্ষেত্ৰত সমাজবিজ্ঞানী কেনে (Kane) মত প্ৰকাশ কৰিছিল যে, “মূল্যবোধ হ'ল আদর্শ, বিশ্বাস বা মানদণ্ড যিবোৰ এখন সমাজ বা সমাজ এখনৰ বৃহৎ সংখ্যক জনসাধাৰণৰ লগত থাকে” (Values are the ideals, beliefs or norms which a society or the large majority of a societies members hold)। মূল্যবোধৰ এই সংজ্ঞাই ব্যক্তি এজনৰ সামাজিক দিশটোক প্রতিনিধিত্ব কৰিছে। মূল্যবোধ হ'ল সমাজৰ সেইবোধ মানদণ্ড যিয়ে ব্যক্তিৰ মনোভাব, মূল্যবোধ আৰু কৰ্মক প্রভাৱিত কৰে। ই হ'ল এক মাপকাঠী যি ব্যক্তিৰ কর্ম, মনোভাৱ, তুলনা, মূল্যায়ণ আৰু নায্যতাৰ নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় আৰু সমাজৰ বাবেও এইবোৰ নির্দেশনাত্মক নীতিস্বৰূপ।


মূল্যবোধৰ বৈশিষ্ট্যবোৰ হ'ল-

(১) মানৱ জীৱনৰ মানদণ্ড (Standards of human life) : মূল্যবোধবোৰ ব্যক্তি এজনৰ জীৱনৰ খাবে মাননও তাৰ নীতি নির্দেশনা স্বৰূপ যিবোৰৰ যোগেদি ব্যক্তিয়ে নিজৰ জীৱনটো সুস্থ ৰূপত বিকশাই তুলিব পাৰে আৰু পৰিচালিত কৰিব পাৰে।

 (২) আর্জিত গুণ (Acquired Quality ) : মূল্যবোধবোৰ ব্যক্তিৰ অৰ্ন্তনিহিত বা জন্মগত গুণ নহয়। এইবোৰ ব্যক্তিৰ আৰ্জিত গুণ আৰু সমাজ, সংস্কৃতি, প্রতিষ্ঠান আৰু ব্যক্তিগত অভিজ্ঞতাৰ দ্বাৰা এইবোৰ নিৰ্ধাৰিত হয়।

(৩) সামাজিক গুণ (Social Quality) : মূল্যবোধবোৰ সমাজৰ সদস্যসকলৰ আন্তঃক্ৰিয়াৰ যোগেদি সৃষ্টি হয় আৰু বিকশিত হয়। মূল্যবোধবোৰ সামাজিকভাৱে বিতৰণ আৰু হস্তান্তৰকৰণ কৰা হয় আৰু সমাজৰ সকলো সদস্যই এইবোৰ গ্ৰহণ কৰে। সেয়েহে মূল্যবোধক সামাজিক গুণ স্বৰূপেও বৰ্ণনা কৰিব পাৰি।

(৪) গতিশীল প্রক্রিয়া (Flexible Process) : মূল্যবোধ স্থবিৰ নহয়। সময় আৰু পৰিস্থিতিৰ প্ৰেক্ষাপটত ই সলনি হৈ থাকে। মূল্যবোধৰ গতিশীলতাই মূল্যবোধত নমনীয়তা প্ৰদান কৰে য'ত মূল্যবোধবোৰ পৰিস্থিতি, অভিজ্ঞতা আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল হয়।

(৫) আৱেগৰ দ্বাৰা প্ৰভাৱিত (Influenced by emotions) : মূল্যবোধ ব্যক্তিৰ বৌদ্ধিক গুণৰ দ্বাৰা প্ৰভাৱিত নহয়, এইবোৰ ব্যক্তিৰ আৱেগৰ দ্বাৰা প্ৰভাৱিত। আৱেগে মানুহৰ জীৱনৰ বিকাশ সাধনত এক প্রধান ভূমিকা পালন কৰে।

(৬) মূল্যবোধ বৰ্গীকৰণ (Value Hierarchy) : মানৱীয় মূল্যবোধৰ বৰ্গীকৰণ সমাজত দেখিবলৈ পোৱা যায়। কেতবোৰ নিৰ্দিষ্ট মাপকাঠি অনুসৰি ক্রমবর্ধিতভাৱে নিৰ্বাচন আৰু বাঁচনিৰ নীতিৰ ভিত্তিত মূল্যবোধৰ বৰ্গীকৰণ কৰা হয়। এই নীতিবোৰ হ'ল—আকাংক্ষা, অন্তনির্হিত অৱস্থা, সংহতি, একতা আদি।


(৭) মূল্যবোধৰ তিনিটা মনোবৈজ্ঞানিক মাত্রা (Three psychological dimensions of values) : মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিলে মূল্যবোধত তিনি ধৰণৰ মাত্ৰা দেখা যায়, যেনে—জ্ঞানমূলক, অনুভূতিমূলক আৰু মনোসঞ্চালনমূলক। জ্ঞানমূলক দিশ মূল্যবোধৰ ধাৰণাৰ লগত জড়িত, অনুভূতিমূলক দিশ মূল্যবোধৰ লগত আৱেগিক সম্বন্ধৰ লগত জড়িত আৰু মনোসঞ্চালনমূলক দিশ মূল্যবোধভিত্তিক আচৰণ আৰু কৰ্ম সম্পাদনৰ লগত জড়িত।

(৮) মূল্যবোধৰ উৎসবোৰ (Sources of Values) : বিভিন্ন উৎসৰ পৰা মূল্যবোধৰ ধাৰণা অহা বুলিব পাৰি। সেয়া হ'ল – সামাজিক-সাংস্কৃতিক পৰম্পৰা, ধৰ্ম, সংবিধান, দর্শন, সাহিত্য, বিজ্ঞান আদি। এইবোৰৰ উপৰিও বিভিন্ন ব্যক্তিগত উদাহৰণ যেনে— সততা, সজ আচৰণ, মানৱীয় দৃষ্টিভংগীৰে ব্যক্তিক সম্বোধন কৰা, ক্ষতিপূৰণ আদিও মূল্যবোধৰ কেতবোৰ ব্যক্তিগত উৎস।

(৯) জীৱন ধাৰণৰ বাবে সহায়ক (Helpful for survival) : সমাজত সুস্থভাৱে জীৱন ধাৰণ কৰিবৰ বাবে মূল্যবোধৰ দৰকাৰ। ব্যক্তিৰ শাৰিৰীক, মানসিক, সামাজিক আদি দিশৰ সুস্থ বিকাশৰ বাবে মূল্যবোধবোৰ হ'ল নিৰ্দেশনাৰ ৰূপৰেখা। 

(১০) মূল্যবোধ হ'ল মনোভার (Values are attitude) : মূল্যবোধ হ'ল মানুহৰ গুণ, ধাৰণা বা বস্তু সম্বন্ধে থকা মনোভাৱ। উদাহৰণস্বৰূপে, এখন ভাল গাড়ী, ঘৰ, বন্ধুত্ব, ব্যক্তিগত আৰাম বা আত্মীয় আমাৰ বাবে মূল্যৱান হ'ব পাৰে। 


২। মূল্যবোধৰ প্ৰধান উৎসবোৰ বৰ্ণনা কৰা ।

Explain the main sources of values.

উত্তৰঃ মূল্যবোধৰ প্ৰধান উৎসবোৰ  হ'ল-

১. ধর্ম Religion ঃ আমাৰ বহুতো নৈতিক নীতি আৰু মানৱীয় মূল্যবোধৰ ভিত্তি হ'ল ধৰ্ম। ই মানুহক একতাৰ ডোলেৰে বান্ধি ৰাখে। খ্ৰীষ্টান, ইচলাম, হিন্দু, বৌদ্ধ, শিখ, জৈন আৰু বিশ্বৰ অইন অইন ধৰ্মবোৰে নিজৰ ধৰ্মীয় দৰ্শন আৰু নীতিৰ ভিত্তিত নিৰ্দিষ্ট জীৱন ধাৰণৰ শৈলীৰ ওপৰত গুৰুত্ব দিয়ে। আকৌ জার্মান দার্শনিক কান্ত (Kant) ৰ মতে, “ধৰ্মই আমাৰ সকলো দায়িত্বক ঐশ্বৰিক ক্ষমতা স্বৰূপে স্বীকৃতি দিয়ে” (Religion is the recognition of all our duties as divine commandment)। মহাত্মা গান্ধী (Mahatma Gandhi) ৰ মতে, “মোৰ বাবে নৈতিকতা, নীতিশাস্ত্ৰ আৰু ধৰ্মশাস্ত্ৰ হ'ল কেতবোৰ ৰূপান্তৰযোগ্য শব্দ। ধৰ্মবিহীন নৈতিক জীৱন এটা বালিৰ ওপৰত বনোৱা ঘৰৰ দৰে” (For me, morals, ethics and religions are convertible terms. A moral life without religion is like a house built on sand)। সৰ্বপল্লী ৰাধাকৃষ্ণন (Sarvapalli Radhakrishnan) ৰ মতে, “প্ৰকৃত ধৰ্ম মানুহৰ হৃদয়ত থাকে, ই মানৱ সৃষ্ট নহয়” (True religory is in the heart of man, not in the man made creeds)। গতিকে, ক'ব পাৰি যে ধৰ্ম হ কেতবোৰ মূল্যবোধ যেনে— সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ স্বৰূপ প্রেম, সহযোগিতা, সহানুভূতি, কৰুণা, সহচর্য, মংগল, ত্যাগ, সমাজসেবা, মানব সেবা, সহনশীলতা, ক্ষমা, সরলতা, শান্তি, বিশ্বজনীন ভাতৃত্ব, উচ্চ আদর্শ, শ্ৰমৰ মৰ্যাদা আৰু ন্যায়বিচাৰৰ ভালপোৱা আদিৰ উৎসস্বৰূপ। বিভিন্ন ধৰ্মবোৰৰ যোগেদি লাভ কৰা মূল্যবোধ হ'ল—

(ক) হিন্দু ধর্ম (Hinduism) :

যজুৰ বেদ (Yajur Veda) :

(i) মানৱতাৰ মংগল সাধন।

(ii) নিজৰ সম্পদ উপভোগ কৰা আৰু আনৰ সম্পদৰ লোভ ত্যাগ কৰা।

(iii) শুদ্ধ পথেৰে ধন উপাৰ্জন কৰা।

মনু (Manu) :

(i) মন আৰু সন্তোষৰ নিশ্চয়তাৰ কৰ্ষণ কৰা।

(ii) সকলো পৰিস্থিতিতে ক্ষমাৰ চেতনা গঢ়ি তোলা।

(iii) নিজৰ মনক পূণ্যৰ প্ৰতি উৎসৰ্গা কৰা আৰু পাপী চিন্তাৰ বিনোদনৰ পৰা বিৰত থকা।

(খ) খ্রীষ্টান ধর্ম (Christianity) :

(i) ব্যক্তিয়ে নিজৰ দেউতাক আৰু মাকক সন্মান প্ৰদান কৰা উচিত।

(ii) ব্যক্তিয়ে জীৱ হত্যা কৰিব নালাগে।

(iii) ব্যক্তিয়ে ব্যভিচাৰ কৰিব নালাগে। 

(গ) ইচলাম ধৰ্ম (Islam Religion) :

(i) বস্তুৰ আদান-প্ৰদানৰ ক্ষেত্ৰত সজ হ'ব লাগে।

(ii) অন্যৰ সম্পদ ভুলভাৱে বা অসৎ পথেৰে অৰ্জন কৰিব নালাগে।

(ঘ) শিখ ধর্ম (Sikhism) :

(i) সত্য উচ্চ স্তৰৰ কিন্তু উপযুক্ত জীবন-যাপন হ'ল সবাতোকৈ উচ্চস্তৰৰ। 

(ii) ভাল কর্ম অবিহনে কোনেও উপাসনা কৰিব নোৱাৰে।

(ঙ) বৌদ্ধ ধর্ম (Buddhism) :

(i) সঠিক বোধ।

(ii) সঠিক চিন্তা।

(iii) সঠিক বাক।

(চ) জৈন ধর্ম (Jainism) :

(i) সঠিক বিশ্বাস।

(ii) সঠিক আচৰণ।

(iii) সঠিক জ্ঞান।

২. দর্শন (Philosophy ) ঃ শিক্ষাৰ লগত সম্বন্ধিত সকলো দার্শনিক সম্প্রদায়ে শিক্ষাৰ মূল্যবোধৰ ওপৰত আলোকপাত কৰিছে। জীৱন আৰু শিক্ষাৰ বিভিন্ন দৰ্শন আছে। আদর্শবাদ দৰ্শনে জীৱনৰ উচ্চ আৰু মৌলিক মূল্যবোধ যেনে—মতা শিব আৰু সুন্দৰৰ পৰামৰ্শ আগবঢ়াইছিল। এই মূল্যবোধবোৰ চিৰন্তন আৰু চিৰস্থায়ী। প্রকৃতিবাদ দর্শনে শাৰিৰীক বা বৈষয়িক জীৱনৰ লগত সম্বন্ধিত মূল্যবোধৰ বিষয়ে আলোচনা কৰে। প্রয়োগবাদ দর্শনে জীৱনৰ মূল্যবোধ স্বৰূপে সহযোগিতা, সহানুভূতি, সমাজসেৱা আৰু মানৱ সেবা আদিৰ বিষয়ে আলোচনা কৰে।

    ইয়াৰ উপৰিও দৰ্শনৰ এটা প্ৰধান ভাগেই হ'ল প্ৰমূল্যবোধ (Axiology)। এই বিভাগে দৰ্শনৰ সেইবোৰ বিভাগৰ অন্তৰ্ভুক্ত কৰে যিবোৰে বিভিন্ন মূল্যবোধ, মানৱ জীৱনৰ উদ্দেশ্য আৰু আদৰ্শ সম্বন্ধে আলোচনা কৰে। সত্য, শিৱ আৰু সুন্দৰৰ স্বৰূপ নিৰ্ধাৰণ কৰাই হ'ল মূল্যবোধৰ উদ্দেশ্য। প্ৰমূল্যবোধে সামৰি লোৱা অংশ তিনিটা হ'ল– (ক) তর্কবিজ্ঞান (দার্শনিক অনুসন্ধানৰ বাবে বৈজ্ঞানিক পদ্ধতিবোৰৰ বিষয়ে আলোচনা কৰে), (খ) নীতিবিজ্ঞান (মানুহৰ লগত জড়িত বিভিন্ন সমস্যাৰ ভাল- বেয়া, উচিত-অনুচিত আদি অধ্যয়ন কৰে) আৰু (গ) নন্দনতত্ব (সৌন্দৰ্যৰ প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰে)।


৩. সাহিত্য (Literature)ঃ সমাজ আৰু সাহিত্যৰ মাজত এক গভীৰ সম্বন্ধ আছে। ব্যক্তিৰ মনত আৰু সমাজত সাহিত্যৰ এক প্ৰভাৱ আছে। ইয়াৰ কাৰণ হ'ল—কবিতা, উপন্যাস, নাটক, একাংকিকা, গল্প আদি সকলো ধৰণৰ সাহিত্যৰ লগত মানৱতা আৰু সমাজৰ সম্বন্ধ আছে। উদাহৰণস্বৰূপে প্ৰেমচান্দৰ বেছিভাগ উপন্যাস আৰু গল্পতে সামাজিক সমস্যা আৰু সামাজিক মূল্যবোধবোৰ প্ৰতিফলিত হয়। সাহিত্যৰ অধ্যয়নবোৰ ব্যক্তিৰ জীৱনৰ চৰিত্ৰৰ লগত প্ৰায়েই সম্বন্ধিত হৈছিল যিবোৰে উপযুক্ত মনোভাৱ, আগ্রহ, সদর্থক মনোভাৱ আৰু ব্যক্তিৰ আৱেগ আদিৰ সৃষ্টি কৰিছিল আৰু বিকাশ সাধন কৰিছিল। সাহিত্যই নিৰ্ধাৰণ কৰা আৰু বিকশাই তোলা বিভিন্ন প্ৰকাৰৰ মূল্যবোধবোৰ হ'ল-

(i) সাহিত্যৰ মূল্যবোধ।

(ii) বস্তুগত মূল্যবোধ।

(iii) বৈজ্ঞানিক মূল্যবোধ ।

(iv) বৃত্তীয় মূল্যবোধ।

(v) সাংস্কৃতিক মূল্যবোধ।

(vi) নৈতিক মূল্যবোধ ।

(vii) সামাজিক মূল্যবোধ। 

(viii) মানৱীয় মূল্যবোধ।

(ix) নান্দনিক মূল্যবোধ।

(x) জাতীয় মূল্যবোধ ।

(xi) গণতান্ত্রিক মূল্যবোধ। 

(xii) ধৰ্ম নিৰপেক্ষ মূল্যবোধ। 

(xiii) আধ্যাত্মিক মূল্যবোধ । 

(xiv) বিশ্ব ভাতৃত্ববোধ মূল্যবোধ।


৪. সামাজিক-সাংস্কৃতিক পৰম্পৰা (Socio-cultural tradition সামাজিক-সাংস্কৃতিক পৰম্পৰাই আমাৰ মূল্যবোধ আৰু জীৱন ধাৰণৰ মানক প্রভাবিত কৰাত এক প্রধান ভূমিকা গ্ৰহণ কৰে। দৰাচলতে প্রাচীন কালৰে পৰাই সামাজিক ৰীতি-নীতি আৰু পৰম্পৰা আমাৰ মূল্যবোধ বুনিয়াদস্বৰূপ হৈ আহিছে। বৰ্তমান সময়ত এইবোৰে ব্যক্তি আৰু সমাজক আকাংক্ষিত পথেৰে আগুৱাই লৈ গৈছে। সামাজিক-সাংস্কৃতিক পৰম্পৰাই বিভিন্ন ধৰণৰ মূল্যবোধৰ প্ৰতিফলিত কৰে। যেনে— 

(i) ভাৰতীয় সংস্কৃতিত অতিথিক ভগৱান হিচাপে বিবেচনা কৰা হয় আৰু পৰিয়ালৰ সদস্যস্বৰূপে তেওঁলোকৰ যত্ন আৰু সেৱা কৰা হয়। ঘৰত খাবলৈ বিশেষ একো নাথাকিলেও আলহীক সেৱা অনুভৱ কৰিবলৈ দিয়া নহয়। শাস্ত্ৰ অনুসৰি ঘৰত অহা শত্ৰুক ভাল ব্যৱহাৰ কৰিলে শত্ৰুতাও নোহোৱা হয়। 

(ii) ভাৰতীয় সমাজৰ আন এক পৰম্পৰা হ'ল এজনে আন এজনক সন্মান কৰা। অগ্ৰজসকলক শ্ৰদ্ধা কৰাটো ভাৰতীয় সমাজৰ এক মহান মূল্যবোধ। ব্যক্তিয়ে অগ্ৰজসকলৰ ভৰি ধুই আশীৰ্বাদ লয়। অগ্রজসকলেও অনুজসকলক মৰম কৰে আৰু ইয়ে মূল্যবোধ বিকশাই তোলে।

ইয়াৰ উপৰিও দেশ এখনৰ সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাই বিকশাই তোলা কেতবোৰ মূল্যবোধ হল—

.সমাজত মহিলাৰ জ্ঞান।

.পূজা-আৰাধনাৰ উপায়। সমস্যা সমাধান ক্ষমতা।

• ব্যক্তিৰ চিন্তাধাৰা আৰু কাৰ্য।

• সামাজিক নীতি-নিয়ম। 

• বিবাহৰ শৈলী ইত্যাদি।

৫. বিজ্ঞান ( Science )ঃ  মূল্যবোধৰ এক উৎস হ'ল বিজ্ঞান আৰু ই মানৱ জীৱনৰ সকলো দিশতে গভীৰ প্ৰভাৱ পেলাইছে। ব্যক্তি আৰু সমাজৰ জীৱনত ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিজ্ঞানৰ দ্বাৰা লাভ কৰা জ্ঞানৰ দ্বাৰা ব্যক্তিয়ে নিজৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক জীৱন সমৃদ্ধিশালী কৰি তুলিব পাৰে। যাতায়ত আৰু যোগাযোগৰ উপায়বোৰ বিভিন্ন দেশৰ মাজত থকা দূৰত্ব বহু পৰিমাণে কম কৰিছে। বাৰ্টাণ্ড ৰাছেলৰ মতে, “বিজ্ঞানৰ প্ৰভাৱ বহুত আৰু ভিন্ন প্ৰকাৰৰ। বিভিন্ন পৰম্পৰাগত বিশ্বাসৰ-নিৰাময়ত আৰু অন্যৰ পৰা নতুন গ্ৰহণত ইয়াৰ প্ৰত্যক্ষ বৌদ্ধিক প্ৰভাৱ আছে। সেয়েহে ক'ব পাৰি যে বিজ্ঞানে কেৱল বস্তুগত দিশেই নহয়, বিভিন্ন অবস্তুগত দিশ যেনে—ধর্ম, দর্শন, শিক্ষা আৰু বিশ্বাস আদি সংস্কৃতিৰ বিভিন্ন দিশৰো পৰিবৰ্তন সাধন কৰে। দৰাচলতে মুগাবোধে সমাজৰ সমগ্ৰ জীৱন আৰু মূল্যবোধ ব্যৱস্থাক প্রভাবিত করে। কাচাৰ (Brubacher) ৰ মতে, বিজ্ঞানৰ বাবে সমর্থিত কেতবোৰ মূল্যবোধ হ'ল—যুক্তিযুক্ততা, উপযোগিতা, আন্তর্জাতিকতা, ব্যক্তিবাদ, প্রগতিবাদ আৰু উৎকৃষ্টতাবাদ আদি। এইদৰে বিজ্ঞানে মূল্যবোধৰ এক গুৰুত্বপূর্ণ উৎস স্বৰূপে কর্ম সম্পাদন কৰে।

৬. সংবিধান (Constitution)ঃ স্বাধীন ভাৰতৰ সংবিধানখনক গণতান্ত্রিক দেশৰ বাবে এখন আদৰ্শ সংবিধান স্বৰূপে বিবেচনা কৰা হয়। সংবিধানৰ প্ৰস্তাৱনাই তলত দিয়া গুৰুত্বপূৰ্ণ দিশবোৰক প্ৰতিফলিত কৰায়। আমি ভাৰতৰ জনগণে ভাৰতক এখন সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, লোকতান্ত্রিক গণৰাজ্য গঠন কৰিবলৈ তথা ইয়াৰ সকলো নাগৰিকৰ বাবে 

-সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়

-চিন্তা, অভিব্যক্তি, বিশ্বাস আৰু ধৰ্ম উপাসনাৰ স্বাধীনতা

-প্ৰতিষ্ঠা আৰু সুযোগৰ সমতা

ভাৰতীয় সংবিধানে সকলো নাগৰিককে স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰিছে। সংবিধানৰ ১৯ (ক) আৰু (খ) এই বিষয়ে উল্লেখ আছে। ১৪ ৰ পৰা ১৮ নং অনুচ্ছেদত সমতাৰ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে। ভাৰতীয় সংবিধানত ভাতৃত্ববোধৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। দেশৰ সকলো নাগৰিক কে ভাতৃ বা বন্ধু হিচাপে বিবেচনা কৰিব লাগে আৰু তেওঁলোকৰ লগত সৌজন্যমূলক, সহনশীল আৰু ভাল আচৰণ প্ৰদৰ্শন কৰাৰ ওপৰত লক্ষ্য ৰাখিব লাগে। ভাৰতীয় সংবিধানে সমাজবাদৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। সমাজবাদী ৰাষ্ট্ৰ এখনৰ মূল লক্ষ্য হ'ল আয়, মৰ্যাদা আৰু জীৱনৰ মানদণ্ডৰ ক্ষেত্ৰত বৈষম্য দূৰ কৰা।  

৩। সংস্কৃতি আৰু মূল্যবোধৰ ওপৰত বিশ্বায়নৰ প্রভাৱ বৰ্ণনা কৰা। 

Explain the impact of globalisation on culture and values.

উত্তৰঃ বিশ্বায়নৰ ধাৰণাটো সম্পূৰ্ণৰূপে নতুন ধাৰণা বুলি ক'ব নোৱাৰি। আধুনিৰ অৰ্থনীতিৰ জনক বুলি পৰিচিত আদাম স্মিথে তেখেতৰ ১৭৭৬ চনত প্ৰকাশিত গ্রন্থ "Wealth of Nations" ত বিশ্বায়নৰ ধাৰণাটো প্রথম উপস্থাপন কৰিছিল। আনকি অতীজৰে পৰা ইংলেণ্ড, চীন আৰু ভাৰতৰ দৰে দেশসমূহৰ লোকসকল গোলকীয় বাণিজ্যিৰ লগত জড়িত আছিল। অৱশ্যে বিংশ শতিকাৰ শেষৰ পৰাহে গোলকীকৰণ বা বিশ্বায়নৰ বতাহজাক বলিবলৈ আৰম্ভ কৰে।  কৃত্ৰিম উপগ্ৰহ আৰু দূৰ-সংযোগ ব্যৱস্থাৰ উদ্ভাৱনে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত থকা আন্তর্জাতিক সীমা প্ৰায় নাইকিয়া কৰি পেলাইছে। পৃথিৱীখন এখন গোলকীয় গাঁওত পৰিণত হৈছে।

    বিশ্বায়নৰ ইংৰাজী প্রতিশব্দ Globalisation। বিশ্বায়ন হৈছে এনে এক প্রক্রিয়া, যিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ সামাজিক, সাংস্কৃতিক আৰু অর্থনৈতিক জীৱন একত্রিত হয়। অর্থাৎ এক কথাত বিশ্বায়ন শব্দই বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অর্থনৈতিক আদি সকলো ক্ষেত্ৰতে পাৰস্পৰিক আন্তঃনিৰ্ভৰশীলতাক বুজায়। বাণিজ্য, বিনিয়োগ আৰু ৰাজনৈতিকভাৱে মানুহবোৰ পৰস্পৰ নিৰ্ভৰশীল হৈ পৰিছে। ২০০০ চনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে বিশ্বায়নৰ চাৰিটা মূল দিশ নিৰ্দ্ধাৰণ কৰিছিল—বাণিজ্যিক লেনদেন, আৰু বিনিয়োগ ব্যৱস্থা, ব্যক্তিৰ প্ৰব্ৰজন, আৰু জ্ঞানৰ সম্প্ৰসাৰণ। চাৰিটা পৰস্পৰ নিৰ্ভৰশীল কাৰকে বিশ্বায়নৰ গতি ত্বৰান্বিত কৰিবলৈ সক্ষম হৈছে—আন্তর্জাতিক বাণিজ্যৰ বৰ্দ্ধিত হাৰ, বহুজাতীয় কোম্পানীৰ বিকাশ, বিত্ত ব্যৱস্থাৰ আন্তৰ্জাতিকীকৰণ আৰু কম্পিউটাৰ তথা অন্যান্য তথ্য প্ৰযুক্তিৰ প্ৰয়োগ। মেনফ্রেড ষ্টিগেৰ যে মত পোষণ কৰে যে বিশ্বায়নৰ মূল দিশসমূহ হৈছে—অর্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু আদৰ্শমূলক।

        (ক) সংস্কৃতিৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ (Impact of Globalisation on Culture) : সমাজবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ ধাৰণা হৈছে সংস্কৃতি। ই নৃতত্ব বিজ্ঞানৰো এক মূল ধাৰণা। কোনো এক সমাজৰ সংস্কৃতি অবিহনে সেই সমাজৰ বিষয়ে অধ্যয়ন অসম্ভৱ। সমাজ আৰু সংস্কৃতি সদায় একেলগে আগবাঢ়ে। দুয়োটাই এক অভিন্ন প্রক্রিয়া।

আকৌ আন কিছুমানৰ মতে সংস্কৃতি হ'ল প্রথা, আচাৰ-ব্যৱহাৰ আৰু পৰম্পৰাৰ এক সামগ্রিক অৱস্থা। আন কিছুমানৰ মতে কলা, সংগীত, স্থাপত্য কলা আৰু সাহিত্যৰ অগ্ৰগতিয়ে হৈছে সংস্কৃতি। সংস্কৃতিক আকৌ আন কিছুমানে বিভিন্ন ভাষাৰ পাৰ্গতালিৰ মাজতে সীমাৱদ্ধ কৰিছে; অর্থাৎ যদি এজন ব্যক্তিয়ে বেছি ভাষা জানে তেৱেই সাংস্কৃতিক ব্যক্তি।

‘সংস্কৃতি' শব্দটোৰ ইংৰাজী প্রতিশব্দ 'Culture' লেটিন ভাষাৰ 'Cultra' শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল 'to cultivate, to till the soil' মানে চহোৱা বা মাটি চহ কৰা কাৰ্য।

    ওপৰত বৰ্ণনা আগবঢ়োৱা সংস্কৃতিৰ অৰ্থৰ পৰা ক'ব পাৰি যে সমাজৰ প্ৰতিটো দিশত সংস্কৃতিৰ প্রভাৱ বিৰাজমান। সংস্কৃতিৰ এই বস্তুগত আৰু অবস্তুগত সকলোবোৰ দিশৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। তলত এই বিষয়ে আলোচনা কৰা হ'ল—

১। সম্ভাষণ (Greetings) : ভাৰতীয় প্ৰথা অনুসৰি নমস্কাৰ, নমস্তে বা নমস্কাৰম হ'ল ব্যক্তিক সম্ভাষণ জনোৱাৰ আৰ্হি। কিন্তু বিশ্বায়নৰ আগমনৰ পিছত সমাজৰ সকলো ক্ষেত্ৰতে নমস্কাৰৰ পৰিৱৰ্তে হাই, হেল্লো আদিৰ প্ৰয়োগ দেখিবলৈ পোৱা গৈছে।

২। খাদ্যাভাষ (Food Habits) : বিশ্বায়নৰ ফলত ভাৰতৰ পৰম্পৰাগত খাদ্যাভাষবোৰ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হোৱা দেখিবলৈ পোৱা গৈছে। ঠিক একেদৰে বিভিন্ন বিদেশী খাদ্য যেনে–পিয়া, বাৰ্গাৰ, চীনা খাদ্য, ইটালীৰ খাদ্য আজিকালি ভাৰতৰ চুকে-কোণে সুলভ হৈ পৰিছে। ইয়াৰ বাবে বিশ্বায়নৰ প্ৰভাৱক আমি অৱহেলা কৰিব নোৱাৰো।

৩। বস্ত্র বা সাজ-পোছাক (Clothing) : পৰম্পৰাগত ভাৰতীয় সাজ-পোছাকৰ ক্ষেত্ৰতো বিশ্বায়নৰ প্ৰভাৱ ফলত ভাৰতীয় জনসাধাৰণ বিভিন্ন শৈলীৰ সাজ-পোছাক পৰিধান কৰা দেখিবলৈ পোৱা যা

(খ) মূল্যবোধৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ (Impact of Globalisation on Values) : মানৱ সভ্যতাৰ ঘাই শিপা হৈছে মূল্যবোধ। মূল্যবোধে মানুহক সজ, নীতি-পৰায়ণ আৰু পৰোপকাৰী কৰি তোলে। মানৱীয় মূল্যবোধ বাবে মানুহ আৰু অন্যান্য জীৱ-জন্তুৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। মূল্যবোধ ব্যক্তিৰ জীৱন পৰিচালনা কৰা এনে কেতবোৰ নীতি যিবোৰে ব্যক্তিৰ দৈহিক আৰু মানসিক স্বাস্থ্যৰ লগতে সামাজিক কল্যাণ আৰু সমাযোজনতো সহায় কৰে। শব্দগত দিশেৰে বিবেচনা কৰিলে মূল্যবোধে কোনো ব্যক্তি বা বস্তুৰ গুণক বুজায়; যিয়ে সেই ব্যক্তিজনক বা বস্তুটোক গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় স্বৰূপে গণ্য কৰে। এই গুণ আভ্যন্তৰীণ বা বাহ্যিক বা দুয়ো ধৰণৰ হ'ব পাৰে ।

বিশ্বায়ন হ'ল নব্য উদাৰতাবাদৰ এক ধাৰণা যাৰ প্ৰভাৱ মানৱীয় মূল্যবোধৰ ওপৰত দেখিবলৈ পোৱা যায়। তলত বৰ্ণনা কৰা দিশবোৰৰ যোগেদি মানৱীয় মূল্যবোধৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱৰ বিষয়ে জানি উঠিব পাৰি।

১। পৰিৱৰ্তিত সামাজিক মূল্যবোধ (Changing Social Values) : প্রত্যেক সমাজৰ সামাজিক মূল্যবোধবোৰ পৃথক পৃথক। সামাজিক মূল্যবোধবোৰে সমাজ এখনক প্ৰতিনিধিত্ব কৰে। পৰিৱৰ্তিত সময়ৰ লগত সংগতি ৰাখি সামাজিক মূল্যবোধ কিছু পৰিমাণে পৰিৱৰ্তন কৰিব লাগে। 

২। বিশ্ব নাগৰিকত্ব (Global Citizenship) : বিশ্বায়নে সকলো মানুহকে বিশ্ব নাগৰিকত্বৰ ধাৰণাৰে উদ্ধুদ্ধ কৰিছে। সমগ্ৰ বিশ্বৰ শিশুসকলক বিশ্বায়নে তেওঁলোকৰ সামাজিক দায়ৱদ্ধতা আৰু সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ জ্ঞান দিয়ে।

৩। বিশ্ব সমাজ (World Society) : বিশ্ব শান্তি এক চিৰন্তন মূল্যবোধ। বিশ্ব শান্তি বজাই ৰাখিবলৈ এখন বিশ্ব সমাজ গঢ়ি তোলা প্রয়োজন। বিশ্ব সমাজ গঢ়ি তুলিবৰ বাবে বিশ্ব শান্তিৰ ভাৱ সমগ্ৰ বিশ্বৰ সকলো জনসাধাৰণক বিশ্বায়নে প্রয়োজনীয় শিক্ষা প্রদান কৰিব লাগে।


8। মানৱ জীৱনত মূল্যবোধৰ গুৰুত্বৰ বিষয়ে বহলাই লিখা। 

Write elaborately about the importance of values in human life.

উত্তৰঃ  মূল্যবোধ অবিহনে মানৱ জীৱনৰ কোনো গুৰুত্ব বা বহনক্ষমতা নাই। এই কথাত কোনো দ্বিমত নাই যে বৰ্তমানৰ গোলকীয় বিশ্বখনে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। আধুনিক সমাজৰ এক জ্ঞাত সত্য হ'ল মানৱীয় মূল্যবোধৰ সংকট। আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমস্যাবোৰ সম্পর্কে বৰ্তমানৰ মানৱ সমাজ জ্ঞাত। এই পৃথিৱীত মানুহৰ বিভিন্ন কৰ্মৰাজিয়ে গুৰুতৰ চাপ প্ৰদান কৰিছে৷ উদাহৰণস্বৰূপে গোলকীয় উষ্ণতাৰ ফলত হোৱা জলবায়ুৰ পৰিৱৰ্তন। এই সমস্যাবোৰৰ সমাধানৰ মূল হ'ল মূল্যবোধ। বিশ্বাস কৰা হয় যে মূল্যবোধেহে মানৱীয় সমাজখনৰ অস্তিত্ব বজাই ৰাখিব পাৰিব । মূল্যবোধ আৰম্ভণিৰ সময়ৰ পৰাই সমাজ বিজ্ঞানৰ এখ মুখ্য ধাৰণা বা বিষয় হৈ আহিছে। মূল্যবোধে সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিয়নো মূল্যবোধক উন্নত জীৱন-যাপনৰ বাবে মানুহৰ ভিত্তিস্বৰূপে বিবেচনা কৰা হয়। সকলো ধৰ্মৰ সকলোবোৰ পৱিত্ৰ গ্ৰন্থতে মূল্যবোধৰ বিষয়ে বিষদ

মানৱ সমাজৰ বিভিন্ন দিশ যেনে—সামাজিক, শৈক্ষিক তথা ব্যক্তিগত জীৱনত মূল্যবোধভিত্তিক চিন্তাৰ দৈন্যতা বৰ্তমান অনুভৱ কৰা হৈছে। মূল্যবোধৰ অভাৱ হোৱা হেতুকে বৈষয়িক জীৱনৰ চিন্তা ভাৱনাই মানুহৰ মন অস্থিৰ, উন্মাদ আৰু অসুখী কৰি তুলিছে। জীৱনৰ প্ৰকৃত সুখ-আনন্দ আৰু সন্তুষ্টি মৰুভূমিৰ মৰীচিকাৰ দৰে হৈ পৰিছে। কেৱল বৌদ্ধিক দিশৰ জ্ঞান-অভিজ্ঞতাৰ বিকাশ সাধনে মানুহৰ বাস্তৱ জগতৰ পৰিধি পৃথিৱীৰ পৰা মহাকাশলৈ সম্প্ৰসাৰিত কৰি তুলিছে।

মানুহক বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ দাস কৰি তুলিছে। আত্ম সত্তা, আত্ম মর্যাদাবোধ, পৰমাত্মা আদিৰ দৰে ঐশ্বৰিক ধাৰণাবোৰৰ লগত মানুহে নিজকে সমাযোজিত কৰিব নোৱাৰা হৈছে। আপোনত্ববোধ আৰু ভাতৃত্ববোধ হেৰুৱাই মানুহ দিনে দিনে আত্মকেন্দ্ৰিক আৰু যান্ত্ৰিক হ'বলৈ ধৰিছে। মানৱ সমাজত হিংসা, হত্যা, হতাশা, আত্মকেন্দ্রিকতা বৃদ্ধি পাইছে। এই প্রত্যাহ্বানমূলক সময়ত মূল্যবোধৰ জ্ঞান অত্যন্তই আৱশ্যকীয়।


 মানৱ জীৱনৰ মূল্যবোধৰ গুৰুত্ব সাৰাংশস্বৰূপে তলত দিয়া হ'ল-

১। উপযুক্ত মূল্যবোধে সামাজিক আন্তঃক্রিয়া সৰল কৰি তোলে। মূল্যবোধে ব্যক্তিক সমাযোজন আৰু সামাজিক কল্যাণৰ দিশত আগুৱাই লৈ যায়। বিকশিত মূল্যবোধে সামাজিক আৰু বিপ আদি নিৰাময় কৰিব পাৰে।

২। মূল্যবোধে ব্যক্তিৰ জীৱনত নিৰ্দেশনা আৰু সঠিকতা প্ৰদান কৰে। মূল্যবোধবোৰ মানৱ আচ বাবে নির্ণায়কস্বৰূপ। মূল্যবোধবোৰ স্থায়ী আৰু এইবোৰে মানৱ জীৱনৰ নীতি অনুস মানদণ্ডবোৰ বিকশাই তোলে।

৩। মূল্যবোধে ব্যক্তিক বিভিন্ন আগ্রহ বা কার্যকলাপবোৰ অনুসৰণ কৰাৰ বাবে অনুপ্ৰাণিত কৰে। এইবোৰে কলা আৰু বিজ্ঞানৰ বিভিন্ন দিশত সৃজনশীলতা বিকশাই তোলে।

৪। মূল্যবোধে ব্যক্তি এজনৰ চৰিত্ৰ আৰু ব্যক্তিত্বত অৰ্থ আৰু শক্তি প্ৰদান কৰে।

৫। মূল্যবোধে ব্যক্তিৰ চিন্তা-ভাৱনা, অনুভূতি, ক্রিয়াকলাপ আদি প্ৰভাৱিত কৰে আৰু জীৱনত আনন্দ, তৃপ্তি, সুখ-শান্তি আৰু গুণমান আদিক সংলগ্ন কৰে। মূল্যবোধবোৰ হ'ল নৈতিকতাৰ চেতনা যিবোৰ প্ৰতিটো প্ৰজন্মই নিজৰ লগতে পৰৱৰ্তী প্ৰজন্মৰ কল্যাণৰ বাবে বিকশাই তোলে। 



DABP007428


Question And Answer Type: Himashree Bora.