Chapter 1 Question and Answer Assam | B.A 3rd Semester Education Notes | B.A 3rd Semester Education Free Suggestion | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer শৈক্ষিক প্ৰযুক্তিবিজ্ঞান পাঠটোৰ প্ৰশ্ন-উত্তৰ |  BA 3rd Sem Major Education Paper 3|

 শৈক্ষিক প্ৰযুক্তিবিজ্ঞান

প্ৰশ্নাৱলীঃ

(I) অতি চমু উত্তৰ দিয়া (Questions of Very Short Answer)


(১) প্রযুক্তিবিজ্ঞান কি? 

What is technology?

উত্তৰঃ প্রযুক্তিবিজ্ঞান হ'ল- এক ব্যৱহাৰিক উদ্দেশ্য নাইবা সমস্যাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত জ্ঞানৰ প্ৰয়োগ।                                                                                                     

(২) শৈক্ষিক প্রযুক্তিবিজ্ঞান বুলিলে কি বুজা ?

What is meant by educational technology?

উত্তৰঃ পূৰ্ব নিৰ্ধাৰিত শৈক্ষিক উদ্দেশ্যবোৰ পূৰণ কৰাৰ বাবে যন্ত্ৰ, সামাগ্ৰী, মানুহ, মাধ্যম আৰু পদ্ধতিৰ কাৰ্যবোৰৰ মাজত আন্তঃসম্বন্ধ স্থাপন কৰা প্ৰক্ৰিয়াক শৈক্ষিক প্ৰযুক্তিবিজ্ঞান বোলা হয়।

(৩) শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ 5M মানে কি ? 

What is 5M of educational technology?

উত্তৰঃ শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ 5M মানে হ'ল- যন্ত্ৰ, সামগ্ৰী, মানুহ, মাধ্যম আৰু পদ্ধতি। এই আটাইকেইটা M এটা আনটো লগত সম্বন্ধিত আৰু আটাইকেইটাই শৈক্ষিক উদ্দেশ্যত উপনীত সমূহীয়াভাৱে কাৰ্য সম্পাদন কৰে।

(৪) শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ এটা প্ৰকাৰ উল্লেখ কৰা। 

Mention one type of educational technology.

উত্তৰঃ  শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ এটা প্ৰকাৰ উল্লেখ কৰা হ'ল- শিক্ষণ প্ৰযুক্তিবিদ্যা।

(৫) নির্দেশনাত্মক প্রযুক্তিবিজ্ঞান বুলিলে কি বুজা? 

What is meant by instructional technology?

উত্তৰঃ মানৱীয় শিক্ষণত নিৰ্দেশনাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কিয়নো মানৱীয় শিক্ষণ নিৰ্দেশনাৰ দ্বাৰা সম্পাদিত হয়। যি পদ্ধতিগত কাৰ্যৰ দ্বাৰা শিক্ষণ সম্ভৱ হয় তাকে নিৰ্দেশনা বোলে। অৰ্থাৎ নিৰ্দেশনাই জ্ঞান আৰু বিশ্বাসৰ বিকাশত সূচায়। কেতবোৰ পূৰ্ব নিৰ্ধাৰিত শিক্ষণীয় উদ্দেশ্যত উপনীত হবৰ বাবে ব্যৱহৃত কৌশল বা আহিলাৰ জাল প্ৰসাৰক নিৰ্দেশনাত্মক প্ৰযুক্তিবিজ্ঞান বুলি কোৱা হয়।

(৬) পদ্ধতিগত অভিগমনৰ উপাদান তিনিটা কি কি?

 What are the elemens of system approach?

উত্তৰঃ পদ্ধতিগত অভিগমনৰ উপাদান তিনিটা হ'ল- .

১। হাৰ্ডৱেৰ বা কঠিনতাৰ অভিগমন বা শৈক্ষিক প্ৰযুক্তিবিজ্ঞান- ১ (Hardware Approach or Educational Technology) হাৰ্ডৱেৰ  অভিগমনৰ শিক্ষণ সজুঁলিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। এই অভিগমন পদাৰ্থবিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰযুক্তিবিজ্ঞানৰ পৰা সৃষ্ট। শিক্ষাদান ক্ষেত্ৰত টেপ ৰেকৰ্ডাৰ, টেলিভিছন, প্রজেক্টৰ আদিৰ দৰে সজুঁলিবোৰৰ ব্যৱহাৰ অবিহনে শিক্ষা অসম্পূৰ্ণ। কঠিনতাৰ অভিগমনৰ দ্বাৰা এই সজুঁলিবোৰৰ প্রয়োগ শক্তিশালী কৰা হয়। 

২। চফটৱেৰ বা কোমলতাৰ অভিগমন বা শৈক্ষিক প্ৰযুক্তিবিজ্ঞান – ২ (Software Approach or Educational Technology-2) : শিক্ষা ক্ষেত্ৰত প্ৰয়োগ কৰা চফটৱেৰ অভিগমনত মেচিনৰ ব্যৱহাৰ কৰা নহয়, ইয়াত শিক্ষণ-শিকণৰ মনোবৈজ্ঞানিক নীতিবোৰ ব্যৱহাৰ কৰা হয় যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাঞ্চিত পৰিৱৰ্তন সাধন কৰিব পাৰি। এই অভিগমনৰ প্ৰযুক্তিবিজ্ঞানক নির্দেশনাত্মক প্রযুক্তিবিজ্ঞান, শিক্ষণ প্ৰযুক্তিবিজ্ঞান, আচৰণমূলক প্ৰযুক্তিবিজ্ঞান ইত্যাদি নামেৰেও জনা যায়। ইয়াত বিষয়বস্তু অধিক ফলপ্রসূভাৱে উপস্থাপন কৰিবৰ বাবে মেচিনৰ ব্যৱহাৰ কৰা হয়। এই প্ৰযুক্তিবিজ্ঞানত শিক্ষাৰ তিনিওটা দিশ যেনে—অন্তঃকৰণ, প্ৰক্ৰিয়া আৰু বহিঃস্কৰণৰ বিকাশত গুৰুত্ব দিয়া হয়। 

৩।পদ্ধতিগত অভিগমন বা শৈক্ষিক প্রযুক্তিবিজ্ঞান–৩ (System Approach Educational Technology-3) : আধুনিক শৈক্ষিক প্ৰযুক্তিবিদ্যাৰ যুগত পদ্ধতিগত অভিগমন কোনো নতুন ধাৰণা নহয়। এই অভিগমন প্ৰযুক্তিবিদ্যা, বাণিজ্যিক আৰু প্ৰশাসনীয় কৰ্ম পদ্ধতিৰ বাবে অতি তাৎপর্য। মেকানিক আৰু মিলিটাৰী বিজ্ঞানত পোন প্ৰথমবাৰৰ বাবে এই ধাৰণাৰ প্ৰয়োগ কৰা বিকাশ কৰা হৈছিল, পৰৱৰ্তী পৰ্যায়ত দেহতত্ববিজ্ঞান, সমাজবিজ্ঞান আৰু শিক্ষাতো ই প্ৰভাৱ বিস্তাৰ কৰিছিল। পদ্ধতিগত অভিগমনৰ বিষয়ে আলোচনা কৰি ড° শ্রীবাস্তৱে (Dr. Srivastav, 1988) কৈছিল যে এই অভিগমনে এনে এক পদ্ধতিৰ সৃষ্টি কৰিছে যিয়ে অংশৰ বিপৰীতে সামগ্রিকভাৱে চিন্তা কৰে। 

(৭) হাৰ্ডৱেৰ অভিগমন কি? 

What is hardware approach?

উত্তৰঃ হাৰ্ডৱেৰ অভিগমন হ'ল- হাৰ্ডৱেৰ  অভিগমনৰ শিক্ষণ সজুঁলিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। এই অভিগমন পদাৰ্থবিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰযুক্তিবিজ্ঞানৰ পৰা সৃষ্ট। শিক্ষাদান ক্ষেত্ৰত টেপ ৰেকৰ্ডাৰ, টেলিভিছন, প্রজেক্টৰ আদিৰ দৰে সজুঁলিবোৰৰ ব্যৱহাৰ অবিহনে শিক্ষা অসম্পূৰ্ণ। কঠিনতাৰ অভিগমনৰ দ্বাৰা এই সজুঁলিবোৰৰ প্রয়োগ শক্তিশালী কৰা হয়। ডেভিচে (Davies) মত পোষণ কৰিছিল যে শিক্ষণক যান্ত্ৰিক কৰিব লাগে আৰু হাৰ্ডৱেৰ অভিগমনে কম সময়তে আৰু কম সম্পদেৰে বৃহৎ সংখ্যক ছাত্র-ছাত্রীক শিক্ষা প্রদান কৰিব পাৰে। শিক্ষণ আৰু শিক্কণৰ ক্ষেত্ৰত মেচিন আৰু হাৰ্ডৱেৰ অভিগমনৰ নিৰ্বাচন আৰু প্ৰয়োগকে শৈক্ষিক প্ৰযুক্তিবিজ্ঞান-১ বা হাৰ্ডৱেৰ অভিগমন বোলে।

(৮) গঠন কি?

What is frame ?

উত্তৰঃ 

(৯) আঁচনিকৃত নিৰ্দেশনাৰ উদ্ভাৱক কোন ?

Who is the originator of programmed learning?

উত্তৰঃ আঁচনিকৃত নিৰ্দেশনাৰ উদ্ভাৱক হ'ল- আমেৰিকা মনোবিজ্ঞানী বি. এফ. স্কীনাৰ।

(১০) গিলবার্ট কোনটো আঁচনিৰ লগত সম্বন্ধিত ? 

With which programming, Gilbert is associated?

উত্তৰঃ গিলবার্ট মেথেটিকচ আঁচনিৰ লগত সম্বন্ধিত।

(১১) ৰৈখিক আঁচনিৰ সৃষ্টিকর্তা কোন? 

Who is the originator of linear programming?

উত্তৰঃ ৰৈখিক আঁচনিৰ সৃষ্টিকর্তা হ'ল-আমেৰিকা মনোবিজ্ঞানী বি. এফ. স্কীনাৰ।

(১২) শাখাকৃত আঁচনিৰ উদ্ভাৱক কোন আছিল? 

Who was the originator of Branching programming?

উত্তৰঃ শাখাকৃত আঁচনিৰ উদ্ভাৱক আমেৰিকা মনোবিজ্ঞানী নৰমান এ. ক্ৰোডাৰ।

(II) চমু উত্তৰৰ প্ৰশ্ন (Questions of short Answer) 

(১) শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ সংজ্ঞা দিয়া?

Define educational technology.

উত্তৰঃ শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ সংজ্ঞা -

(১) জি. ও. এম. লেইথ (G. O. M. Leith) ৰ মতে, “শিক্ষণ আৰু প্ৰশিক্ষণৰ দক্ষতা বৃদ্ধিৰ বাবে শিক্ষণ-শিকণৰ বৈজ্ঞানিক জ্ঞান আৰু শিকণৰ চৰ্তবোৰৰ পদ্ধতিগত প্রয়োগেই হ'ল শৈক্ষিক প্রযুক্তিবিজ্ঞান” (Educational technology is the systematic application of scientific knowledge about teaching-learning and conditions of learning to improve the efficiency of teachning and learning)।

(২) ৰবাৰ্ট এ. কক্স (Robert A. Cox) ৰ মতে, “মানুহৰ শিকণৰ বেলিকা বৈজ্ঞানিক প্ৰক্ৰিয়াৰ প্রয়োগেই হ’ল শৈক্ষিক প্রযুক্তিবিজ্ঞান (Application of scientific process to man's learning conditions is called educational technology) |

(৩) বি. চি. মাথিচ (B. C. Mathis) ৰ মতে, “স্কুলত নক্সা তৈয়াৰ কৰা, কাৰ্য কৰা আৰু পৰীক্ষণ কৰাৰ দ্বাৰা এলানি প্ৰণালীৱদ্ধ পদ্ধতি আৰু কৌশলৰ বিকাশকে শৈক্ষিক প্রযুক্তিবিজ্ঞান বোলে” (Educational technology refers to the development of a set of systematic methods, practical knowledge for designing, operting and testing in school)|

(২) শৈক্ষিক প্রযুক্তিবিজ্ঞান আৰু নিৰ্দেশনাত্মক প্ৰযুক্তিবিজ্ঞানৰ মাজৰ পাৰ্থক্য লিখা। Differentiate educational technology and instructional technology.

উত্তৰঃ শৈক্ষিক প্রযুক্তিবিজ্ঞান আৰু নিৰ্দেশনাত্মক প্ৰযুক্তিবিজ্ঞানৰ মাজৰ পাৰ্থক্য হ'ল-

শৈক্ষিক প্ৰযুক্তিবিজ্ঞান

নিৰ্দেশনাত্মক প্ৰযুক্তিবিজ্ঞান

১। শৈক্ষিক প্রযুক্তিবিজ্ঞান এক ব্যাপক ধাৰণা আৰু ইয়াৰ ক্ৰিয়া পৰিসৰো বহল।

১। নির্দেশনাত্মক প্রযুক্তিবিজ্ঞান হ'ল ব্যাপক শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ এটা ভাগহে।

২। দেশৰ চাহিদাৰ ভিত্তিত ইয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়।

২। স্থানীয় প্রয়োজন বা শিক্ষাৰ্থীৰ ওপৰত ভিত্তি কৰি ইয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়।

৩। দেশৰ ব্যাপক প্ৰেক্ষাপটত ই দীর্ঘ-ম্যাদী প্রকল্পৰে কৰ্ম সম্পাদন কৰে।

৩। বিদ্যালয় বা শ্রেণীকোঠাৰ সমস্যা সমাধানৰ বাবে ই হ্রস্বম্যাদী প্ৰকল্পৰ কৰ্ম সম্পাদন কৰে।

৪। দেশৰ চূড়ান্ত প্রয়োজনীয়তাৰ ভিত্তিত ইয়াৰ ফলপ্ৰসূতা পৰিমাপ কৰা হয়।

৪। শিক্ষাৰ্থীৰ বিশেষ আকাংক্ষাৰ ভিত্তিত ইয়াৰ ফল- প্ৰসূতা পৰিমাপ কৰা হয়।

ইয়াৰ আচৰণগত প্ৰতিপুষ্টি দেশীয় প্ৰেক্ষাপটত বিচাৰ কৰা হয় ।

৫।ইয়াৰ আচৰণগত প্রতিপুষ্টি স্থানীয় প্রেক্ষাপটত বিচাৰ কৰা হয়।

৬।ইয়াৰ উদ্দেশ্য হ'ল শিকণৰ পদ্ধতি আৰু কৌশলবোৰ আধুনিকীকৰণ কৰা।

৬। ইয়াৰ উদ্দেশ্য হ'ল উপলব্ধ শিকণ পদ্ধতি আৰু কৌশলৰ সৰ্বোচ্চ ব্যৱহাৰ কৰা।

(৩) আঁচনিকৃত নিৰ্দেশনা আৰু পৰম্পৰাগত শিক্ষণ পদ্ধতিৰ মাজৰ পাৰ্থক্য লিখা।

Differentiate programmed instruction and traditional teaching method. 

উত্তৰঃ আঁচনিকৃত নিৰ্দেশনা আৰু পৰম্পৰাগত শিক্ষণ পদ্ধতিৰ মাজৰ পাৰ্থক্য হ'ল-

(১) ব্যক্তিগত পার্থক্য (Individual Differences) : আঁচনিকৃত নিৰ্দেশনা ব্যক্তি পার্থক্য নীতিৰ ওপৰত প্ৰতিষ্ঠিত য'ত শিক্ষাৰ্থীৰ আত্মগতিৰ ওপৰত গুৰুত্ব দিয়া হয় কিন্তু পৰম্পৰাগত শিক্ষা পদ্ধতিত এনে কোনো ব্যৱস্থা নাই ।

(২) তাৎক্ষণিক প্রতি পুষ্টি (Immediate Feedback) : আঁচনিকৃত নিৰ্দেশনা ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শিকণ অগ্ৰগতিৰ বিষয়ে তাৎক্ষণিকভাৱে জানি উঠিব পাৰে। আনহাতে পৰম্পৰাগত শিক্ষা পদ্ধতিত এই ব্যৱস্থা নাই।

(৩) উদ্দেশ্যৰ বিশেষীকৰণ (Specification of Objectives) : আঁচনিকৃত নির্দেশনাত উদ্দেশ্যবোৰ বিশেষভাৱে আচৰণমূলকভাৱে সংজ্ঞায়িত কৰা হয় কিন্তু এই ব্যৱস্থা পৰম্পৰাগত শিক্ষা পদ্ধতিত নাই।

(৪) শিক্ষণ নীতিৰ প্ৰয়োগ (Use of Teaching Principles) : আঁচনিকৃত নির্দেশনাত শিক্ষণ নীতিবোৰ প্রায়োগিকভাৱে ব্যৱহাৰ কৰা হয়। পৰম্পৰাগত শিক্ষা পদ্ধতিত ই এক জটিল কার্য।

(৫) তথ্য গোটৰ আকাৰ (Size of Information Unit) : আঁচনিকৃত নির্দেশনাত বিষয়বস্তু সৰু গোটত ভাগ কৰা হয়, আনহাতে পৰম্পৰাগত শিক্ষা পদ্ধতিত বিষয়বস্তু সৰু গোটত ভাগ কৰা নহয়।

(৬) ছাত্ৰ-ছাত্ৰীৰ অংশ গ্রহণ (Students Participation) : আঁচনিকৃত নির্দেশনাত ছাত্ৰ-ছাত্ৰীসকল সক্ৰিয় হৈ থাকি শিক্ষাকার্যত অবিৰতভাৱে অংশ গ্ৰহণ কৰিব লাগে। আনহাতে পৰম্পৰাগত শিক্ষা পদ্ধতিত ছাত্র-ছাত্রীসকল নিষ্ক্রীয় হৈ থকা দেখা যায়।

(৪) চমু টোকা লিখা।

Write short notes.

(ক) পদ্ধতিগত অভিগমন।

System approach..

উত্তৰঃ আধুনিক শৈক্ষিক প্রযুক্তিবিদ্যাৰ যুগত পদ্ধতিগত অভিগমন কোনো নতুন ধাৰণা নহয়৷ এই অভিগমন প্রযুক্তিবিদ্যা, বাণিজ্যিক আৰু প্ৰশাসনীয় কৰ্ম পদ্ধতিৰ বাবে অতি তাৎপর্য। মেকানিক আৰু মিলিটাৰী বিজ্ঞানত পোন প্ৰথমবাৰৰ বাবে এই ধাৰণাৰ প্ৰয়োগ কৰা বিকাশ কৰা হৈছিল, পৰৱৰ্তী পৰ্যায়ত দেহতত্ববিজ্ঞান, সমাজবিজ্ঞান আৰু শিক্ষাতো ই প্ৰভাৱ বিস্তাৰ কৰিছিল। পদ্ধতিগত অভিগমনৰ বিষয়ে আলোচনা কৰি ডঃ শ্রীবাস্তৱে (Dr. Srivastav, 1988) কৈছিল যে এই অভিগমনে এনে এক পদ্ধতিৰ সৃষ্টি কৰিছে যিয়ে অংশৰ বিপৰীতে সামগ্ৰিকভাৱে চিন্তা কৰে। দ্বিতীয় মহাযুদ্ধৰ সময়ত এই অভিগমনৰ প্ৰথম প্ৰয়োগ হৈছিল, পৰৱৰ্তী সময়ত উদ্যোগ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ হৈছিল আৰু বৰ্তমান শিক্ষা ক্ষেত্ৰতো ইয়াৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়। শিক্ষাৰ প্ৰক্ৰিয়া আৰু উৎপাদনৰ ক্ষেত্ৰত ব্যৱস্থাপনা, নিয়ন্ত্ৰণ আৰু উন্নতি সাধনৰ ই হ’ল এক বিশেষ কৌশল।

    পদ্ধতিগত অভিগমন দুটা শব্দৰে গঠিত; যেনে— পদ্ধতি+অভিগমন। পদ্ধতিৰ অৰ্থ হ'ল সমগ্রতা য'ত সকলো উপাদান, কাৰক আৰু অংশই আত্মনিয়ন্ত্রিত উমৈহতীয়া সম্বন্ধেৰে কাৰ্য সম্পাদন কৰে। পদ্ধতিগত অভিগমনে সামগ্রিকতাত বিশ্বাস কৰে। এই অভিগমন অনুসৰি শিক্ষাদান আৰু শিক্ষাগ্রহণ  হ'ল সামাজিক আৰু প্ৰাযুক্তিক প্রক্রিয়া। এই অভিগমন শিক্ষার্থীকেন্দ্রিক। চমুকৈ ক'বলৈ হ'লে কোনো সমস্যাৰ সমাধান কৰাৰ বাবে এই অভিগমন হ'ল এক পদ্ধতি আৰু নতুন পৰিৱৰ্তন অনুসৰি শিকণ।

(খ) চফটৱেৰ অভিগমন। 

Software approach.

উত্তৰঃ শিক্ষা ক্ষেত্ৰত প্ৰয়োগ কৰা চফটৱেৰ অভিগমনত মেচিনৰ ব্যৱহাৰ কৰা নহয়, ইয়াত শিক্ষণ-শিকণৰ মনোবৈজ্ঞানিক নীতিবোৰ ব্যৱহাৰ কৰা হয় যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাঞ্চিত পৰিৱৰ্তন সাধন কৰিব পাৰি। এই অভিগমনৰ প্ৰযুক্তিবিজ্ঞানক নির্দেশনাত্মক প্রযুক্তিবিজ্ঞান, শিক্ষণ প্রযুক্তিবিজ্ঞান, আচৰণমুলক প্রযুক্তিবিজ্ঞান ইত্যাদি নামেৰেও জনা যায়। ইয়াত বিষয়বস্তু অধিক ফলপ্রসূভাৱে উপস্থাপন কৰিবৰ বাবে মেচিনৰ ব্যৱহাৰ কৰা হয়। এই প্রযুক্তিবিজ্ঞানত শিক্ষাৰ তিনিওটা দিশ যেনে—অন্তঃকৰণ, প্ৰক্ৰিয়া আৰু বহিঃস্কৰণৰ বিকাশত গুৰুত্ব দিয়া হয়। স্কীনাৰ আৰু অন্যান্য শিক্ষাবিদসকলেও এই প্ৰযুক্তিবিজ্ঞানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। আৰ্থাৰ মেল্টন (Arthur Malton) ৰ মতে, এই প্ৰযুক্তিবিজ্ঞান শিকণ প্রযুক্তিবিজ্ঞানৰ ভিত্তিত প্ৰতিষ্ঠিত আৰু ই অভিজ্ঞতা প্ৰদানৰ যোগে আচৰণ পৰিৱৰ্তন প্ৰক্ৰিয়াত গুৰুত্ব দিয়ে।

ডেভিচ (Davis) ৰ মতে, “ শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ এই মতবাদ অনুসূচীত শিকণৰ আধুনিক নীতিৰ লগত নিবিড়ভাৱে সম্বন্ধিত আৰু ই কাৰ্য বিশ্লেষণ, সঠিক উদ্দেশ্য লিখন, শুদ্ধ প্ৰতিক্ৰিয়াৰ বাচনি আৰু অবিৰাম মূল্যায়ণৰ বৈশিষ্ট্যপূৰ্ণ” (This view of educational technology is closely associated with modern principles of programmed learning and is characterised by task analysis, writing precise objectives, selection of correct responses and constant evaluation)।


(গ) নির্দেশনাত্মক প্রযুক্তিবিজ্ঞান। 

Instructional technology.

উত্তৰঃ  মানৱীয় শিক্ষণত নির্দেশনাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কিয়নো মানৱীয় শিক্ষণ নিৰ্দেশনাৰ দ্বাৰা সম্পাদিত হয়। যি পদ্ধতিগত কাৰ্যৰ দ্বাৰা শিক্ষণ সম্ভৱ হয় তাকে নির্দেশনা বোলে। অর্থাৎ নিৰ্দেশনাই জ্ঞান আৰু বিশ্বাসৰ বিকাশক সূচায়। কেতবোৰ পূৰ্ব নিৰ্ধাৰিত শিক্ষণীয় উদ্দেশ্যত উপনীত হবৰ বাবে ব্যৱহৃত কৌশল বা আহিলাৰ জাল প্ৰসাৰেই হ'ল নিৰ্দেশনাত্মক প্ৰযুক্তিবিজ্ঞান। পূৰ্ব নিৰ্ধাৰিত বিশেষ শিক্ষণীয় উদ্দেশ্যত উপনীত হ'বৰ বাবে এই প্রযুক্তিবিজ্ঞানত মনোবৈজ্ঞানিক, সামাজিক আৰু বৈজ্ঞানিক নীতি আৰু জ্ঞানৰ প্ৰয়োগ কৰা হয়।

নিৰ্দেশনাত্মক প্ৰযুক্তিবিজ্ঞানৰ আৰম্ভণি মনোবৈজ্ঞানিক প্ৰয়োগশালাৰ পৰীক্ষাবোৰৰ পৰা হোৱা বুলি ক'ব পাৰি। নিৰ্দেশনাত্মক প্ৰযুক্তিবিজ্ঞানৰ আটাইতকৈ শ্রেষ্ঠ উদাহৰণ হ'ল–আচঁনিকৃত নির্দেশনা। দৰাচলতে নির্দেশনাত্মক প্ৰযুক্তিবিজ্ঞান আৰু আচঁনিকৃত নির্দেশনা এটা আনটোৰ সলনি ব্যৱহাৰ কৰা হয়। 

যেতিয়া শিক্ষণ- শিকণ প্ৰক্ৰিয়াৰ লগত মনোবৈজ্ঞানিক আৰু বৈজ্ঞানিক নীতিবোৰৰ সমিলীকৰণ কৰা হয় তেতিয়া তাক নির্দেশনাত্মক প্রযুক্তিবিজ্ঞান বোলে।

নির্দেশনাত্মক প্রযুক্তিবিজ্ঞানৰ বিকাশত বৰঙণি আগবঢ়োৱা শিক্ষাবিদসকল হ'ল—বি. এফ. স্কীনাৰ (B. F. Skinner), ৰবাৰ্ট গ্লেছাৰ (Robert Glasser), নৰমান এ. ক্ৰোডাৰ (Norman A. Crowder), মাজেৰ (Mager), গিলবার্ট (Gilbert) আদি ৷

(ঘ) ৰৈখিক আঁচনি।

Linear programming. 

উত্তৰঃ আমেৰিকাৰ বিখ্যাত মনোবিজ্ঞানী বি. এফ. স্কীনাৰে (B. F. Skinner) এই আঁচনি বিকশাই তুলিছিল। এই আঁচনি প্ৰত্যক্ষভাৱে তেওঁৰ দ্বাৰা বিকশিত শিকণৰ ক্ৰিয়াত্মক অনুবন্ধন তত্বৰ লগত জড়িত আৰু এই আঁচনিৰ মূল স্বীকাৰ্য হ'ল মানৱ আচৰণ ক্ৰমাগতভাৱে স্তৰ অনুযায়ী প্রত্যেক প্ৰতিক্ৰিয়াত প্ৰদান কৰা পুনৰুদ্দীপন ব্যৱস্থাৰ দ্বাৰা গঢ় দিয়া হয়। এই আঁচনিকৃত নিৰ্দেশনাৰ সামগ্ৰীবোৰ ক্ৰমাগতভাৱে সৰু সৰু অৰ্থপূৰ্ণ স্তৰত ভাগ কৰা হয় যাক গঠন (Frame) বুলি জনা যায়। এই গঠনবোৰ শিক্ষাৰ্থীসকলৰ বাবে ক্রম অনুসৰি এটা এটাকৈ উপস্থাপন কৰা হয়। শিক্ষাৰ্থীসকলে প্ৰতিটো স্তৰতে সক্রিয়ভাৱে প্ৰতিক্ৰিয়া প্ৰদান কৰাটো প্রয়োজন। প্ৰতিক্ৰিয়া প্ৰদানৰ তাৎক্ষণিক পিছতে শিক্ষার্থীসকলে নিজে প্ৰদান কৰা প্ৰতিক্ৰিয়াৰ শুদ্ধ-অশুদ্ধতাৰ বিষয়ে জানিব পাৰে। ইয়ে সিহঁতৰ আচৰণ পুনৰ সবলীকৃত কৰে আৰু ক্ৰমাগতভাৱে পৰৱৰ্তী গঠনবোৰৰ শিকণত অভিৰোচন যোগায়। 

 যিহেতু ইয়াৰ নিয়ন্ত্ৰণ আঁচনি প্ৰস্তুতকৰ্তাৰ বাহ্যিক অনুশীলনৰ দ্বাৰা প্ৰভাৱিত সেয়েহে ৰৈখিক আঁচনিক বাহ্যিক আঁচনি বুলিও কোৱা হয়। এই আঁচনিকৃত নির্দেশনাকৰৈখিক বোলা হয় কাৰণ ইয়াৰ গঠনবোৰ আৰু শিকণৰ পথবোৰ পদ্ধতিগত আৰু ৰেখা সদৃশ।

(ঙ) মেথেটিক্‌চ আঁচনি

Mathetics programming.

উত্তৰঃ আন এক প্ৰকাৰৰ আঁচনিকৃত নিৰ্দেশনাৰ কৌশল বা প্ৰকাৰ হ'ল মেথেটিক্‌চ আঁচনি যি মূলতঃ শৃংখল শিক্ষাত ব্যৱহাৰ কৰা হয়। আচৰণ গঠনৰ বাবে ই এক ফলপ্রসূ পদ্ধতি আৰু বিভিন্ন শিকণ পৰিস্থিতিত ইয়াৰ প্ৰয়োগ কৰা হয়। এই আঁচনিৰ সৃষ্টিকর্তা আছিল থমাচ. এফ. গিলবার্ট (Thomas. F. Gilbert)। মেথেটিক্‌চ শব্দটো গ্ৰীক ভাষাৰ 'Mathein' শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল শিকা (to learn)। কি শিকাব লাগে তাৰ নিৰ্দেশনাত্মক পৰিকল্পনা আৰু বিশ্লেষণৰ দ্বাৰা মেথেটিকচ আঁচনিৰ আৰম্ভণি হয়। গিলবার্টৰ মতে বিশ্লেষণে শিক্ষাৰ্থীৰ কাৰ্যৰ ওপৰত গুৰুত্ব দিব লাগে, বিষয়বস্তুৰ সামগ্রিকতাৰ ওপৰত নহয়। যদিও মেথেটিকচ আঁচনি যিকোনো বিষয়ৰ ক্ষেত্ৰতে প্ৰয়োগ কৰিব পাৰি তথাপিও কার্য অনুকৰণ (Task Simulation) এ ইয়াক বিশেষ কৰি তোলে য'ত প্ৰশিক্ষণৰ হস্তান্তকৰণত গুৰুত্ব দিয়া হয়।

মেথেটিকচ আঁচনিত আঁচনিৰ গোটবোৰক গঠনৰ সলনি অনুশীলনী বোলা হয়। প্ৰাৰম্ভিক অৱস্থাত মেথেটিকচ আঁচনি কেৱল গণিত বিষয়ৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছিল যদিও পিছলৈ অন্যান্য বিষয়ৰ ক্ষেত্ৰতো ইয়াৰ প্ৰয়োগ আৰম্ভ হৈছিল।

এই আঁচনিৰ প্ৰধান স্তৰ তিনিটা হ'ল— 

(ক) প্রদর্শন (Demonstration)

(খ) উত্তেজিতকৰণ (Prompting)

(গ) মুক্ত অৱস্থা বা উন্মোচন ( Release)

(চ) আঁচনিকৃত নির্দেশনা। 

Programmed instruction.

উত্তৰঃ আঁচনিকৃত নির্দেশনা আমেৰিকাৰ মনোবিজ্ঞানী বি. এফ. স্কীনাৰৰ শিকণৰ ক্ৰিয়াত্মক অনুবন্ধন তত্ব (Operant Conditioning Theory) ৰ ভিত্তিত গঢ় দি তোলা হৈছে। এই তত্ত্ব অনুসৰি শিক্ষালব্ধ প্রতিক্রিয়াক যান্ত্রিক অনুবন্ধিত প্রতিৱত ক্রিয়া বা অনৈচ্ছিক ক্রিয়া বুলিব নোৱাৰি। ব্যক্তিৰ আচৰণ পৰিৱেশ বা পৰিস্থিতিত সংঘটিত হয়। এই অৱধাৰণাৰ ভিত্তিত আঁচনিকৃত নির্দেশনা গঢ় লৈ উঠিছে।

শিক্ষা ব্যক্তিমুখীকৰণৰ বাবে বিকশাই তোলা বিভিন্ন পদ্ধতিবোৰৰ এটা গুৰুত্বপূৰ্ণ পদ্ধতি হ'ল আঁচনিকৃত নির্দেশনা। আমাৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ ব্যক্তিনিষ্ঠতা, ভাবাত্মক ভাৱ আৰু অস্পষ্টতা এই আঁচনিকৃত নির্দেশনাৰ দ্বাৰা নিৰাময় কৰিব পাৰি। শিক্ষণ-শিকণ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ উদ্ভাৱন হ'ল আঁচনিকৃত নির্দেশনা। আঁচনিকৃত নির্দেশনা হ'ল যত্নসহকাৰে বিশেষীকৰণ, পদ্ধতিগতভাৱে পৰিকল্পিত, ক্রিয়াত্মকভাৱে স্থাপিত, কৌশলগতভাৱে সজোৱা আৰু ফলপ্ৰসূভাৱে নিয়ন্ত্রিত এক আত্মা শিক্ষা পদ্ধতি যাৰ দ্বাৰা শিক্ষাৰ্থীসকলক ব্যক্তিগতভাৱে শিকণ অভিজ্ঞতা প্রদান কৰা হয়। ইয়াত বিষয়বস্তুবোৰ সৰু সৰু ভাগত ভাগ কৰি যৌক্তিক ক্রম অনুসৰি উপস্থাপন কৰা হয়। ইয়াত বিষয়বস্তু শিক্ষা গ্ৰহণৰ বেলিকা পৰ্যায়ক্ৰমভাৱে সমগ্ৰ পাঠ্য বিষয়ৰ ওপৰত অংশ অংশকৈ বিভক্ত কৰা হয় আৰু তাৰ ভিত্তিত প্রশ্ন প্ৰস্তুত কৰা হয়।

(ছ) আঁচনিকৃত নিৰ্দেশনাৰ মূল্যায়ণ। 

Evaluation of programmed instruction.

উত্তৰঃ 

(৫) কঠিনতাৰ অভিগমন আৰু কোমলতাৰ অভিগমনৰ মাজৰ পাৰ্থক্য লিখা । 

Differentiate hardware approach and software approach.

উত্তৰঃ কঠিনতাৰ অভিগমন আৰু কোমলতাৰ অভিগমনৰ মাজৰ পাৰ্থক্য হ'ল-

কঠিনতাৰ অভিগমন

কোমলতাৰ অভিগমনৰ

১। ই পদাৰ্থ বিজ্ঞান আৰু প্ৰায়োগিক অভিযান্ত্ৰিক বিজ্ঞানৰ পৰা সৃষ্ট।

১। ই আচৰণমূলক প্ৰযুক্তিবিজ্ঞানৰ পৰা সৃষ্ট।

২। ইয়াক আপেক্ষিক প্রযুক্তিবিজ্ঞান নামেৰেও জনা যায়।

২। ইয়াক গঠনমূলক শৈক্ষিক প্রযুক্তিবিজ্ঞান নামেৰেও জনা যায়।

৩। এই অভিগমনে প্রধানত শিক্ষা- ক্ষেত্ৰত মেচিনৰ প্ৰয়োগৰ লগত সম্বন্ধ ৰাখে।

৩। এই প্রযুক্তিবিজ্ঞানে প্রধানতঃ শিক্ষাক্ষেত্ৰত ব্যক্তিব আচৰণৰ পৰিৱৰ্তনৰ লগত সম্বন্ধ ৰাখে।

৪। ই শিক্ষা ব্যৱস্থাত সেৱা প্ৰদানৰ লগত সম্বন্ধ ৰাখে।

৪। ই চফটৱেৰ সামগ্ৰীৰ বিকাশৰ লগত সম্বন্ধ ৰাখে

৫। এই অভিগমনৰ উদাহৰণ হ'ল— চকবোর্ড, অভাৰহেড প্রজেক্টৰ, ভিচি আৰ আৰু মণিটৰ, কম্পিউটাৰ, অডিঅ ৰেকৰ্ডাৰ আদি।

৫। ইয়াৰ উদাহৰণ হ'ল চকৰ কাম, স্লাইড, ভিডিঅ প্ৰগ্ৰেম, কম্পিউটাৰ প্ৰগ্ৰেম, ৰেকৰ্ডৰ সামগ্ৰী আদি।

(৬) শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ দিশবোৰ কি কি? 

What are the aspects of educational technology.

উত্তৰঃ শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ দিশবোৰ হ'ল-

(১) অন্তঃকৰণ (Input) : এই দিশটো শিক্ষাৰ্থীৰ প্ৰাৰম্ভিক আচৰণৰ লগত সম্বন্ধিত। অন্তঃকৰণৰ বিষয়বোৰ হ'ল—

(ক) ই ছাত্ৰ-ছাত্ৰীৰ দক্ষতা, পূৰ্বৱৰ্তী সাফল্য আৰু অভিৰোচনৰ পৰ্যায়ক অন্তৰ্ভুক্ত কৰে। 

(খ) শিক্ষাৰ্থীৰ বোধ শক্তিৰ পৰ্যায়ৰ লগত জড়িত।

(গ) ই শিক্ষণৰ কৌশল, শিক্ষণৰ সজাগতা আৰু প্ৰশিক্ষণ পদ্ধতিৰ সামৰি লয়। 

(ঘ) শিক্ষণ সজুঁলিৰ উপলব্ধতা আৰু কৌশলক গুৰুত্ব প্ৰদান কৰে।


(২) প্রক্রিয়া (Process) : শিক্ষণ-শিকণ প্রক্রিয়াই শিকণ অভিজ্ঞতাৰ উপায় আৰু আঁহিলাবোৰক সামৰি লয়। যেনে—

(ক) বিষয়বস্তু পদ্ধতিগতভাৱে উপস্থাপনৰ বাবে পৰিৱেশ সৃষ্টি কৰিব লাগে। 

(খ) আকাংক্ষিত শিকণ গাথঁনিৰ বাবে উপযুক্ত শিক্ষণ কৌশল আৰু কাৰ্য প্ৰণালীৰ নিৰ্বাচন আৰু প্রয়োগ কৰিব লাগে।

(গ) আকাংক্ষিত আচৰণৰ পৰিৱৰ্তনৰ বাবে উপযুক্ত শিক্ষণ সঁজুলিৰ প্ৰয়োগ কৰিব লাগে। 

(ঘ) ফলপ্রসূ শিক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগত সম্বন্ধ স্থাপন কৰিব লাগে।

 (৩) বহিঃস্কৰণ (Output) : ই ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তিত আচৰণক অন্তৰ্ভুক্ত কৰে। যেনে—

(ক) বিষয়সূচীৰ বৈশিষ্ট্যবোৰৰ চিনাক্তকৰণ কৰিব লাগে।

(খ) বিষয়বস্তুৰ দ্বাৰা লাভ কৰা উদ্দেশ্যবোৰৰ স্পষ্টীকৰণ কৰিব লাগে।

(গ) উদ্দীপকবোৰ বিশ্লেষণ কৰিব লাগে।

(ঘ) ছাত্ৰ-ছাত্ৰীৰ আকাংক্ষিত কাৰ্যৰ বৈশিষ্ট্যবোৰ নিৰ্ধাৰণ কৰিব লাগে।


(৭) নির্দেশনাত্মক প্রযুক্তিবিজ্ঞানৰ অৱধাৰণাবোৰ কি কি? 

What are the assumptions of educational technology? 

উত্তৰঃ নির্দেশনাত্মক প্রযুক্তিবিজ্ঞানৰ অৱধাৰণাবোৰ হ'ল-

(১) নির্দেশনাত বিভিন্ন প্ৰকাৰৰ তথ্য প্ৰদান কৰাটো প্ৰয়োজনীয় ৷

(২) মানৱ বিকাশৰ বাবে সংযোজন নিয়ন্ত্ৰণ বিজ্ঞানৰ নীতি (Principle of Cybernatics) অতি গুৰুত্বপূৰ্ণ । 

(৩) শিক্ষণ প্ৰক্ৰিয়াত শিকণীয় আচৰণবোৰ নিয়ন্ত্ৰিত আৰু সংশোধন কৰিব পাৰি ৷

(৪) সংগঠন পদ্ধতিৰ অংশ স্বৰূপে প্ৰতিটো মানৱীয় আচৰণ সম্পন্ন কৰা হয়।

(৫) ছাত্র-ছাত্রীয়ে নিজৰ প্ৰয়োজনীয়তা আৰু দক্ষতা অনুসৰি শিকাৰ অধিকাৰ আছে।

(৬) শিক্ষকৰ উপস্থিতি অবিহনেও শিক্ষণ প্রক্রিয়া সম্পাদিত হ'ব পাৰে।

(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answers)


(১) শৈক্ষিক প্রযুক্তিবিজ্ঞান কি? ইয়াৰ প্ৰকৃতি বৰ্ণনা কৰা। 

What is educational technology? Explain its nature.

উত্তৰঃ পূৰ্ব নিৰ্ধাৰিত শৈক্ষিক উদ্দেশ্যবোৰ পূৰণ কৰাৰ বাবে যন্ত্ৰ, সামাগ্ৰী, মানুহ, মাধ্যম আৰু পদ্ধতিৰ কাৰ্যবোৰৰ মাজত আন্তঃসম্বন্ধ স্থাপন কৰা প্ৰক্ৰিয়াক শৈক্ষিক প্ৰযুক্তিবিজ্ঞান বোলা হয়।

 ইয়াৰ প্ৰকৃতি তলত বৰ্ণনা কৰা হ'ল-

(১) শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ ভিত্তি হ'ল বিজ্ঞান। শিক্ষাৰ ওপৰত ই বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ প্ৰভাৱক অধ্যয়ন কৰে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক ইয়াত শিক্ষাৰ প্ৰসংগত প্ৰয়োগ কৰা হয়। গতিকে ইয়াক বিজ্ঞানৰ এক প্ৰায়োগিক দিশ বুলিব পাৰি ।

(২) শৈক্ষিক প্রযুক্তিবিজ্ঞান এক গতিশীল, অবিৰত, প্ৰগতিশীল আৰু ফলোৎপাদনমূলক পদ্ধতি। সময় আৰু পৰিস্থিতি অনুসৰি শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ ধাৰা আৰু প্ৰয়োগ সলনি হৈ থাকে। 

(৩) ইয়াৰ সহায়ত শিক্ষণ-শিকণৰ বিভিন্ন নতুন ধাৰা যেনে—অনুসূচীত শিকণ/নির্দেশনা, অনু- শিক্ষণ, আন্তঃক্রিয়া বিশ্লেষণ, ভিডিঅ-টেপ, কম্পিউটাৰ প্ৰজেক্টৰ, অনুকৰণীয় শিক্ষণ আদি সম্ভৱ কৰি তুলিব পাৰি।

(৪) শৈক্ষিক প্রযুক্তিবিজ্ঞানে বিদ্যালয়ক এক পদ্ধতি হিচাপে গ্ৰহণ কৰে। এই পদ্ধতিত বিদ্যালয় গৃহ, আচবাব, শিক্ষক আদি হ'ল অন্তঃকৰণ, বিভিন্ন পদ্ধতি, কৌশল, শিক্ষণ, পৰীক্ষা আদি হ'ল প্ৰক্ৰিয়া আৰু ছাত্ৰ-ছাত্ৰীৰ দক্ষতা হ'ল বহিঃস্কৰণ ৷

(৫) অভিযান্ত্রিক প্রযুক্তিবিজ্ঞানৰ দ্বাৰা সৃষ্ট ৰেডিঅ', টেপ ৰেকৰ্ডাৰ ভিডিঅ' টেপ, টি. ভি. আদি শিক্ষা কার্যত শ্রবণ-দর্শন সগুলি হিচাপে ব্যৱহাৰ কৰা হয় যদিও অভিযান্ত্রিক প্রযুক্তিবিজ্ঞান মানে শৈক্ষিক প্রযুক্তিবিজ্ঞান নহয়। এই দুয়োটা ধাৰণাৰ মাজত পার্থক্য আছে। শিক্ষা ক্ষেত্রত অভিযান্ত্রিক প্রযুক্তিবিজ্ঞানক এক কঠিনতাৰ অভিগমন স্বৰূপেহে গণ্য কৰা হয়।

(৬) শৈক্ষিক প্রযুক্তিবিজ্ঞানে শিক্ষাৰ সমস্যাবোৰ সমাধানৰ বাবে কাৰিকৰী নিৰ্দেশনা আৰু সমাধান প্ৰদান কৰে।

 (৭) শৈক্ষিক প্রযুক্তিবিজ্ঞানে তলত দিয়া উপাদানবোৰৰ যোগে সমগ্ৰ শিক্ষণ-শিকণ প্রক্রিয়াক সামৰি লয়-

(ক) লক্ষ্য আৰু আচৰণমূলক উদ্দেশ্যৰ বিশেষীকৰণ

(খ) শিক্ষার্থীৰ বৈশিষ্ট্যবোৰৰ বিশ্লেষণ

(গ) শিকাবলগীয়া বিষয়বস্তুৰ নিৰ্বাচন আৰু সংগঠন 

(ঘ) বিষয়বস্তু উপস্থাপনৰ বাবে পদ্ধতি আৰু কৌশল

(ঙ) সজুঁলি, গণ-মাধ্যম আৰু যোগাযোগ কৌশলৰ ব্যৱহাৰ

(চ) শিকণীয় পৰিস্থিতি আৰু শিকণীয় পৰিবেশৰ ফলপ্ৰসু বিন্যাস

(ছ) ফলপ্রসূ শ্রেণীকোঠাৰ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা

(জ) অবিৰত প্ৰতিপুষ্টি আৰু ফলাফলৰ মূল্যায়ণ


(৮) শৈক্ষিক প্রযুক্তিবিজ্ঞানে অধিক ফলপ্রসূভাৱে আৰু কম খৰচতে পৰম্পৰাগত শিক্ষাদানৰ পদ্ধতিবোৰৰ বাঞ্চিত পৰিৱৰ্তন সাধন কৰিব পাৰে।

(৯) শিক্ষণ-শিকণ প্রক্রিয়াৰ মানৱীয় আৰু মানৱবিহীন (বৈষয়িক) সকলো সম্পদকে শৈক্ষিক প্রযুক্তিবিজ্ঞানে অন্তর্ভুক্ত কৰে।

(১০) শৈক্ষিক প্রযুক্তিবিজ্ঞানে শিকণৰ তত্ব তথা শিক্ষণৰ কলা আৰু বিজ্ঞান ধাৰণা একেলগে আগুৱাই লৈ যোৱাত সহায় কৰে। ইয়ে শৈক্ষিক মনোবিজ্ঞানৰ অসুবিধাবোৰ নোহোৱা কৰিব পাৰে।


(২) শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ উপাদানবোৰ বহলাই লিখা।

Write elaborately about the components of educational technology.

উত্তৰঃ শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ উপাদানবোৰ তলত বহলাই দিয়া হ'ল-

     (১) হাৰ্ডৱেৰ বা কঠিনতাৰ অভিগমন বা শৈক্ষিক প্রযুক্তিবিজ্ঞান — ১ (Hardware Approach or Educational Technology-1) : হাৰ্ডৱেৰ অভিগমনত শিক্ষণ সজুঁলিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। এই অভিগমন পদার্থবিজ্ঞান আৰু অভিযান্ত্ৰিক বিজ্ঞানৰ তত্ব আৰু অনুশীলনৰ ওপৰত নিৰ্ভৰশীল। এই অভিগমন পদার্থবিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰযুক্তিবিজ্ঞানৰ পৰা সৃষ্ট। শিক্ষাদান ক্ষেত্ৰত টেপ ৰেকৰ্ডাৰ, টেলিভিছন, প্রজেক্টৰ আদিৰ দৰে সজুঁলিবোৰৰ ব্যৱহাৰ অবিহনে শিক্ষা অসম্পূৰ্ণ। কঠিনতাৰ অভিগমনৰ দ্বাৰা এই সজুঁলিবোৰৰ প্রয়োগ শক্তিশালী কৰা হয়। ডেভিচে (Davies) মত পোষণ কৰিছিল যে শিক্ষণক যান্ত্ৰিক কৰিব লাগে আৰু হাৰ্ডৱেৰ অভিগমনে কম সময়তে আৰু কম সম্পদেৰে বৃহৎ সংখ্যক ছাত্র-ছাত্রীক শিক্ষা প্রদান কৰিব পাৰে। ১৯৭১ চনত মেৰিলেম নিক্সন (Merilem Nixon) এ কৈছিল যে শৈক্ষিক প্রযুক্তিবিজ্ঞান, বিভিন্ন ক্ষেত্ৰৰ লগত সম্বন্ধিত আৰু ইয়াৰ প্ৰধান কাৰ্য হ'ল ব্যক্তি আৰু সম্প্ৰদায়ৰ শৈক্ষিক প্রয়োজনবোৰ পূৰণ কৰা। ইয়াৰ বাবে হাৰ্ডৱেৰ অভিগমন অপৰিহাৰ্য। ১৯৭১ চনত ডেভিডে (David) ও কৈছিল যে শিক্ষণ আৰু প্ৰশিক্ষণৰ বাবে এই প্রযুক্তিবিজ্ঞান অত্যন্তই প্রয়োজনীয়। সেইবাবে চিলভাৰমেনে (Silverman) ইয়াক শিক্ষাত প্ৰযুক্তিবিজ্ঞান (Technology in education) বুলি নামাকৰণ কৰিছিল ।

এই অভিগমনৰ ফলতেই যোগাযোগ শিক্ষা আৰু মুক্ত বিশ্ববিদ্যালেৰ ব্যবস্থাৰ বিকাশ লাভ কৰিছিল।  গৱেষণা কার্যত এই অভিগমনৰ গুৰুত্ব  অসীম কিয়নে গৱেষণাৰ বিভিন্ন কামৰ বাবে কম্পিউটাৰ আৰু মেছিল ব্যৱহাৰ কৰিব লাগে। চিলভাৰমেনে এই অভিগমনক 'আপেক্ষিক প্ৰযুক্তিবিজ্ঞান' (Relative Technology) বুলিও নামাকৰণ কৰিছিল। ড° ৰুহেনা (Dr. Rabela) ই কৈছিল, “শৈক্ষিক প্রযুক্তি বিজ্ঞান এই অংশই সজুঁলি আৰু হার্ডৰেল যেনে শিক্ষণ মেচিন, টেলিভিচন, টেপ ৰেকর্ডাৰ  আদিক বুজার বিশ্বে নির্দেশনা কার্যত ব্যৱহাৰ হয়" (This part of educational technology refers to tools and hardware such as teaching machines, television, tape recorder etc. which are used in instructions)। শিক্ষণ আৰু শিক্ষাৰ ক্ষেত্রত মেচিন তাৰ হার্ডাৱেৰ অভিগমনৰ নিৰ্বাচন আৰু প্রয়োগকে শৈক্ষিক প্রযুক্তিবিজ্ঞান-১ বা হাৰ্ডৱেৰ অভিগমন বোলে।

হার্ডৱেৰ অভিগমনৰ কেতবোৰ সামগ্ৰী হ'ল—চ'ক বোর্ড, ৰেডিঅ', অভাৰহেড প্রজেক্টৰ, শ্লাইড প্রজেক্টৰ, ভিচিআৰ, টেলিভিছন, মনিটৰ, কম্পিউটাৰ কেলকুলেটৰ, কম্পিউটাৰ প্ৰিণ্টাৰ, শ্রৱণ-দর্শন ৰেকৰ্ডাৰ আদি ।


(২) চফটৱেৰ বা কোমলতাৰ অভিগমন বা শৈক্ষিক প্রযুক্তিবিজ্ঞান (Software Approach or Educational Technology-2) : শিক্ষা ক্ষেত্ৰত প্ৰয়োগ কৰা চফটৱেৰ অভিগমনত মেচিনৰ ব্যৱহাৰ কৰা নহয়, ইয়াত শিক্ষণ-শিকণৰ  মনোবৈজ্ঞানিক নীতিবোৰ ব্যৱহাৰ কৰা হয় যাৰ দ্বাৰা ছাত্র-ছাত্রীৰ বাঞ্চিত পৰিবর্তন সাধন কৰিব পাৰি। এই অভিগমনৰ প্ৰযুক্তিবিজ্ঞানক নির্দেশনাত্মক প্রযুক্তিবিজ্ঞান, শিক্ষা প্রযুক্তিবিজ্ঞান, আচৰণমূলক প্রযুক্তিবিজ্ঞান ইত্যাদি নামেৰেও জনা যায়। ইয়াত বিষয়বস্তু অধিক ফলপ্রসুভাবে উপস্থাপন কৰিবৰ বাবে মেচিনৰ ব্যৱহাৰ কৰা হয়। এই প্রযুক্তিবিজ্ঞানত শিক্ষাৰ তিনিওটা দিশ যেনে—অন্তঃকৰণ, প্রক্রিয়া আৰু বহিঃস্কৰণৰ বিকাশত গুৰুত্ব দিয়া হয়। স্কীনাৰ আৰু অন্যান্য শিক্ষাবিদসকলেও এই প্রযুক্তিবিজ্ঞানৰ

ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। আৰ্থাৰ মেল্টন (Arthur Malton) ৰ মতে, এই প্রযুক্তিবিজ্ঞান শিকণ প্ৰযুক্তিবিজ্ঞানৰ ভিত্তিত প্ৰতিষ্ঠিত আৰু ই অভিজ্ঞতা প্ৰদানৰ যোগে আচৰণ পৰিৱৰ্তন প্ৰক্ৰিয়াত গুৰুত্ব দিয়ে।

ডেভিচ (Davis) ৰ মতে, “ শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ এই মতবাদ অনুসূচীত শিকণৰ আধুনিক নীতিৰ লগত নিবিড়ভাৱে সম্বন্ধিত আৰু ই কাৰ্য বিশ্লেষণ, সঠিক উদ্দেশ্য লিখন, শুদ্ধ প্ৰতিক্ৰিয়াৰ বাচনি আৰু অবিৰাম মূল্যায়ণৰ বৈশিষ্ট্যপূৰ্ণ” (This view of educational technology is closely associated with modern principles of programmed learning and is characterised by task analysis, writing precise objectives, selection of correct responses and constant evaluation)।

চফটৱেৰ অভিগমনত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ লগত জড়িত বিভিন্ন মনোবৈজ্ঞানিক দিশ যেনে— আগ্রহ, অভিৰুচি, অভিৰোচন, পুনৰুদ্দীপন, সংশোধন, প্রতিপুষ্টি সাধন আদি আচৰণমূলক বৈশিষ্ট্য জড়িত হৈ থাকে। চফটৱেৰ অভিগমনৰ কেতবোৰ উপায় হ’ল—চ’ক কৰ্ম, শ্লাইড, ভিডিঅ' প্রগ্রেম, কম্পিউটাৰ প্ৰগ্ৰেম, ৰেকৰ্ডৰ সামগ্রী, লিখা সামগ্রী আদি।

(৩) পদ্ধতিগত অভিগমন বা শৈক্ষিক প্রযুক্তিবিজ্ঞান – ৩ (System Approach_or Educational Technology-3) : আধুনিক শৈক্ষিক প্রযুক্তিবিদ্যাৰ যুগত পদ্ধতিগত অভিগমন কোনো নতুন ধাৰণা নহয়৷ এই অভিগমন প্রযুক্তিবিদ্যা, বাণিজ্যিক আৰু প্ৰশাসনীয় কৰ্ম পদ্ধতিৰ বাবে অতি তাৎপর্য। মেকানিক আৰু মিলিটাৰী বিজ্ঞানত পোন প্ৰথমবাৰৰ বাবে এই ধাৰণাৰ প্ৰয়োগ কৰা বিকাশ কৰা হৈছিল, পৰৱৰ্তী পৰ্যায়ত দেহতত্ববিজ্ঞান, সমাজবিজ্ঞান আৰু শিক্ষাতো ই প্ৰভাৱ বিস্তাৰ কৰিছিল। পদ্ধতিগত অভিগমনৰ বিষয়ে আলোচনা কৰি ড° শ্রীবাস্তৱে (Dr. Srivastav, 1988) কৈছিল যে এই অভিগমনে এনে এক পদ্ধতিৰ সৃষ্টি কৰিছে যিয়ে অংশৰ বিপৰীতে সামগ্রিকভাৱে চিন্তা কৰে। এই অভিগমনে কোনো এক সমস্যা আৰু ইয়াৰ সমাধানৰ বিস্তৃত আৰু ফলপ্ৰসূ ছবি দাঙি ধৰে। সেয়ে এই অভিগমন বর্তমান সময়ত অতি জনপ্রিয়। দ্বিতীয় মহাযুদ্ধৰ সময়ত এই অভিগমনৰ প্ৰথম প্ৰয়োগ হৈছিল, পৰৱৰ্তী সময়ত উদ্যোগ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ হৈছিল আৰু বৰ্তমান শিক্ষা ক্ষেত্ৰতো ইয়াৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়। শিক্ষাৰ প্ৰক্ৰিয়া আৰু উৎপাদনৰ ক্ষেত্ৰত ব্যৱস্থাপনা, নিয়ন্ত্ৰণ আৰু উন্নতি সাধনৰ ই হ'ল এক বিশেষ কৌশল।

পদ্ধতিগত অভিগমন দুটা শব্দৰে গঠিত; যেনে—পদ্ধতি+অভিগমন। পদ্ধতিৰ অৰ্থ হ'ল সমগ্ৰতা য'ত সকলো উপাদান, কাৰক আৰু অংশই আত্মনিয়ন্ত্রিত উমৈহতীয়া সম্বন্ধেৰে কাৰ্য সম্পাদন কৰে। পদ্ধতিগত অভিগমনে সামগ্রিকতাত বিশ্বাস কৰে। এই অভিগমন অনুসৰি শিক্ষাদান আৰু শিক্ষাগ্রহ হ'ল সামাজিক আৰু প্ৰাযুক্তিক প্রক্রিয়া। এই অভিগমন শিক্ষার্থীকেন্দ্রিক। চমুকৈ ক'বলৈ হ'লে কোনো সমস্যাৰ সমাধান কৰাৰ বাবে এই অভিগমন হ'ল এক পদ্ধতি আৰু নতুন পৰিৱৰ্তন অনুসৰি শিকণ— শিক্ষণ পদ্ধতিৰ বিকাশ সাধনত ই সহায় কৰে।

 এই অভিগমনে সামগ্রিকতাবাদ তত্ত্বত বিশ্বাস কৰে যি তত্ত্বই সামগ্রিকভাৱে শিক্ষণ লাভ কৰাত গুৰুত্ব দিয়ে। পদ্ধতিগত অভিগমন হ'ল এক শৈক্ষিক সজুঁলি যাক শিক্ষা ব্যৱস্থাক গতিশীল, দায়িত্বশীল, সম্পূর্ণ, যুক্তিপূৰ্ণ আৰু আত্ম বিশ্লেষণমূলক কৰি তোলাৰ বাবে বিকশাই তোলা হৈছে।

(৩) নির্দেশনাত্মক প্রযুক্তিবিজ্ঞান বুলিলে কি বুজা? ইয়াৰ বিষয়বস্তু আৰু উদ্দেশ্য বৰ্ণনা কৰা। 

What is meant by instructional technology? Explain its subject-matter and objectives.

উত্তৰঃ মানৱীয় শিক্ষণত নিৰ্দেশনাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কিয়নো মানৱীয় শিক্ষণ নিৰ্দেশনাৰ দ্বাৰা সম্পাদিত হয়। যি পদ্ধতিগত কাৰ্যৰ দ্বাৰা শিক্ষণ সম্ভৱ হয় তাকে নিৰ্দেশনা বোলে। অৰ্থাৎ নিৰ্দেশনাই জ্ঞান আৰু বিশ্বাসৰ বিকাশত সূচায়। কেতবোৰ পূৰ্ব নিৰ্ধাৰিত শিক্ষণীয় উদ্দেশ্যত উপনীত হবৰ বাবে ব্যৱহৃত কৌশল বা আহিলাৰ জাল প্ৰসাৰক নিৰ্দেশনাত্মক প্ৰযুক্তিবিজ্ঞান বুলি কোৱা হয়।

ইয়াৰ বিষয়বস্তু তলত বৰ্ণনা কৰা হ'ল-

(১) নির্দেশনাত্মক প্রযুক্তিবিজ্ঞানৰ অৰ্থ আৰু সংজ্ঞা। 

(২) আর্টনিকৃত নির্দেশনাৰ সংজ্ঞা আৰু উৎপত্তি।

(৩) ৰৈখিক আচঁনিৰ অৰ্থ, অৱধাৰণা, গাথঁনি আৰু ইয়াৰ নীতিবোৰ।

(৪) শাখাকৃত আচঁনিৰ সংজ্ঞা, অৱধাৰণা, নীতি আৰু গাঁথনি।

(৫) মেথেটিকচ আচঁনিৰ অৰ্থ, অৱধাৰণা, নীতি আৰু নিৰ্দেশনা।

(৬) শিক্ষার্থী নিয়ন্ত্রিত নিৰ্দেশনা আৰু কম্পিউটাৰ সহায়ক নিৰ্দেশনা। 

(৭) আঁচনিকৃত নির্দেশনা সামগ্ৰীৰ বিকাশ—(ক) পৰিকল্পনা (খ) সূচীৰ লিখন আৰু (গ) মূল্যায়ণ।

(৮) ব্যক্তিগত পার্থক্য নিয়ন্ত্ৰণৰ বাবে সমাযোজনৰ আঁহিলাবোৰ। 

(৯) কলেগ আৰু এগৰুল পদ্ধতি।

(১০) তৰপ আৰু উন্নতিৰ আঁহিলা।

ইয়াৰ উদ্দেশ্য তলত বৰ্ণনা কৰা হ'ল-

(১) নিৰ্দেশনাৰ ব্যক্তিগতকৰণ (Individualisation of Instruction) : নির্দেশনাত্মক প্রযুক্তিবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হ'ল ব্যক্তিগত নির্দেশনা প্রদান অর্থাৎ নিজৰ সক্ষমতা অনুসৰি ছাত্র-ছাত্রীসকলক শিক্ষা লাভ কৰাৰ সুবিধা প্ৰদান কৰা। আমি জানো যে পৃথিৱীৰ সকলো মানুহৰ মাজত ব্যক্তিগত পার্থক্য বিৰাজ। সেয়ে শ্ৰেণীকোঠা এটাত শিক্ষা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ সামৰ্থও একে পৰিমানৰ নহয়। এটা শ্ৰেণীকোঠাত প্ৰখৰ বুদ্ধি বা প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ধীৰ বা অনগ্ৰসৰ বুদ্ধিৰ ছাত্ৰ-ছাত্ৰী থাকিব পাৰে। ইয়াৰ উপৰিও মনোবৈজ্ঞানিক গুণ যেনে— আগ্রহ, অভিক্ষমতা, প্ৰৱণতা, আগ্ৰহ আদিৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সামৰ্থ অনুসৰি শিক্ষা লাভত সহায় কৰে। অৰ্থাৎ‍ এই প্ৰযুক্তিবিজ্ঞানৰ দ্বাৰা ব্যক্তিগত পার্থক্যৰ নীতি অনুসৰণ কৰা হয়।

(২) অবিৰত শিক্ষা নিশ্চিতকৰণ (Ensuring Continuous Education) : নির্দেশনাত্মক প্ৰযুক্তিবিজ্ঞানৰ আন এক উদ্দেশ্য হ'ল অবিৰত শিক্ষা নিশ্চিতকৰণ। শিক্ষা এক অবিৰত প্ৰক্ৰিয়া যি ব্যক্তি এজনৰ জন্মৰ পৰা মৃত্যুলৈ চলি থাকে। আমি জানো যে সমাজ পৰিৱৰ্তন।  নির্দেশনাত্মক প্রযুক্তিবিজ্ঞানে এই প্রয়োজন পূৰণ কৰিব পাৰে। নিৰ্দেশনাত্মক প্ৰযুক্তিবিজ্ঞানৰ ভিত্তিত গঢ় লৈ উঠা দূৰদৰ্শন, ৰেডিঅ'ৰ বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা ব্যক্তিয়ে নিজৰ প্ৰয়োজন অনুসৰি শিক্ষা অভিজ্ঞতা অবিৰতভাৱে লাভ কৰিব পাৰে। এই সুবিধাৰ দ্বাৰা গৃহিণী, শিক্ষা অসমাপ্ত কৰা লোক, বৃত্তিগত উন্নতি বিচৰা লোকসকল উপকৃত হোৱা দেখা যায়।

(৩) সম্পদভিত্তিক শিকণৰ ওপৰত গুৰুত্ব প্ৰদান (Emphasising Resource based Learning) : সম্পদভিত্তিক শিকণৰ ওপৰত প্ৰদান হ'ল নিৰ্দেশনা প্রযুক্তিবিজ্ঞানৰ আন এক উদ্দেশ্য। ছাত্ৰ-ছাত্ৰীৰ শিকণ লাভ সফল কৰি তুলিবৰ বাবে শিক্ষা ব্যৱস্থাত বিভিন্ন সম্পদৰ প্ৰয়োজন হয়। এই সম্পদবোৰ মানৱীয় আৰু মানৱবিহীন দুই ধৰণৰ হ'ব পাৰে। স্থান, শ্ৰেণীকোঠা, পৰীক্ষাগাৰ, নির্দেশনাত্মক মাধ্যম স্বৰূপে পাঠ্যপুথি, টোকাবহী, ভিডিঅ' বা অডিঅ' কেছেট, কম্পিউটাৰ ইত্যাদি অবিহনে নির্দেশনাত্মক প্ৰযুক্তিবিজ্ঞানৰ দ্বাৰা শিকণ সম্ভৱ হৈ উঠিব নোৱাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ শিক্ষা আহৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বিভিন্ন সম্পদবোৰৰ ওপৰত নিৰ্দেশনাত্মক প্রযুক্তিবিজ্ঞানে গুৰুত্ব আৰোপ কৰে। মূলতঃ এই উদ্দেশ্যবোৰৰ ওপৰত ভিত্তি কৰি নিৰ্দেশনাত্মক প্রযুক্তিবিজ্ঞান ধাৰণাই বিকাশ লাভ কৰিছে।


(৪) আঁচনিকৃত নিৰ্দেশনাৰ সংজ্ঞা দিয়া। আঁচনিকৃত নিৰ্দেশনাৰ নীতিবোৰ লিখা। 

Define programmed instruction. Write the principles of programmed instruction.

উত্তৰঃ আঁচনিকৃত নিৰ্দেশনাৰ সংজ্ঞা দিয়া হ'ল-

(১) জেমচ ই ইচপিচ্‌ (James E. Espich) আৰু বাৰ্ল উইলিয়ামচ (Birl Williams) ৰ মতে, “উদ্দীপক-প্ৰতিক্ৰিয়াৰ সম্বন্ধৰ ক্ষেত্ৰত-নিপুণতা লাভৰ বাবে অভিজ্ঞতাৰ পৰিকল্পিত অনুক্ৰম হ'ল আঁচনিকৃত নির্দেশনা”।

(২) ডি. এল. কুক (D. L. Cook) ৰ মতে, “আঁচনিকৃত নির্দেশনা হ'ল এটা নাম যাক আত্ম- নির্দেশনামূলক পদ্ধতিৰ ব্যাপক ধাৰণাৰ সমাৰ্থক স্বৰূপে মাজে সময়ে ব্যৱহাৰ কৰা হয়”।

(৩) হেৰল্ড ডব্লিউ বার্ণাড (Harold W. Bernard) ৰ মতে, “নির্দেশনাত্মক সামগ্ৰীক অগ্ৰসৰমুখী অনুক্রম অনুসৰি সজোৱাকে আঁচনিকৃত নির্দেশনা বোলে” ।

(৪) এডগাৰ ডেল (Edgar Dale) ৰ মতে, “আঁচনিকৃত শিকণ হৈছে শৃংখলাৱদ্ধ ভাৱে খোজে খোজে আগবঢ়া আত্ম নির্দেশনামূলক আঁচনি, যাৰ উদ্দেশ্য হৈছে বৰ্ণনা কৰা আচৰণ অনুসৰি শিকণ নিশ্চিত কৰি তোলা”।

(৫) গুলাটি (Gulati) আৰু গুলাটি (Gulati) ৰ মতে, “আঁচনিকৃত শিক্ষণক জনপ্রিয়ভাৱে ব্যক্তিগত নিৰ্দেশনা প্রদান কৰা পদ্ধতিৰূপে জনা যায় য'ত ছাত্র-ছাত্রীসকল সক্ৰিয় হৈ থাকে আৰু নিজৰ ক্ষিপ্রতা অনুসৰি অগ্ৰসৰ হয় আৰু তাৎক্ষণিক প্ৰতিপুষ্টি প্ৰদান কৰা হয়। শিক্ষক দৈহিকভাৱে উপস্থিত নাথাকিলেও হয়। আঁচনি প্রস্তুতকর্তাজনে আঁচনিকৃত সামগ্রী বিকাশ কৰাৰ বেলিকা আচৰণৰ নীতি অনুসৰণ কৰিব লাগে আৰু ছাত্ৰ-ছাত্ৰীৰ শিকণৰ প্ৰেক্ষাপটত নিজৰ কৌশলৰ বৈধতা প্রমাণ কৰিব" ।

আঁচনিকৃত নিৰ্দেশনাৰ নীতিবোৰ হ'ল-

(১) সৰু পদক্ষেপ নীতি (Principle of Small Steps) : এটা আঁচনি বহুতো সৰু সৰু সহজ পদক্ষেপৰ দ্বাৰা গঠিত। ইয়াৰ অৰ্ন্তনিহিত অৱধাৰণা হ'ল এটা পাঠ সামগ্রিকভাবে অধ্যয়ন কৰাটো সকলো প্ৰকাৰৰ ছাত্ৰ-ছাত্ৰৰ বাবে সম্ভৱ নহয়। প্রতিভাশালী বা প্রথ বুদ্ধিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সম্ভৱ হ'লেও অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীয়ে সামগ্রিকভাৱে একেলগে সকলো শিক্ষা সম্ভৱ কৰিব নোৱাৰে। আঁচনিকৃত নির্দেশনাত ছাত্র-ছাত্রীয়ে একেবাৰে কম জনাৰ পৰা অগ্ৰসৰ হৈ কোনো এক বিষয়ত সম্পূৰ্ণ আঁচনিৰ যোগে পাণ্ডিত্য লাভ কৰিব পাৰে। এই নীতি মনোবৈজ্ঞানিক দিশৰ পৰাও যুক্তিসংগত। এই নীতিয়ে শিক্ষা সকলোৰে বাবে সম্ভৱপৰ কৰি তুলিছে। 

(২) সক্ৰিয় প্ৰতিক্ৰিয়াৰ নীতি (Principle of Active Response) : এই নীতিৰ অন্তনিহিত তাৎপর্য হ'ল ছাত্র-ছাত্ৰীয়ে সক্ৰিয় হৈ থাকিলে সফলতাৰে শিক্ষা গ্রহণ কৰি উঠিব পাৰে। আঁচনিকৃত নির্দেশনাত শিকণীয় বিষয়বস্তু তাৰ চিন্তা আৰু ক্ৰম আকাৰত কেতবোৰ প্রশ্ন আকাৰে প্ৰস্তুত কৰা হয়। শিক্ষাৰ্থীসকলে সক্ৰিয় হৈ এই প্রশ্নবোৰৰ উত্তৰ প্ৰদান কৰিব লাগে। শিক্ষার্থীসকলে সক্রিয়ভাৱে শিক্ষা গ্ৰহণ কৰিলে তেওঁলোকৰ শিক্ষা ফলপ্রসূ হৈ উঠাটো নিশ্চিত। আঁচনিকৃত নির্দেশনাই শিক্ষার্থীসকলক সক্রিয়ভাৱে শিক্ষা লাভ কৰাৰ সুযোগ প্ৰদান কৰে ।

(৩) পুনৰুদ্দীপন নীতি (Principle of Re-inforcement) : মনোবৈজ্ঞানিক থর্নডাইকৰ শিকণৰ পৰিণামৰ নীতি (Law effect) ৰ ওপৰত এই নীতি প্রতিষ্ঠিত। শিক্ষা অভিজ্ঞতা আহৰণৰ সফল পৰিণতিয়ে শিক্ষাৰ্থীসকলক পৰৱৰ্তী উচ্চ পৰ্যায়ৰ শিক্ষা অভিজ্ঞতা লাভৰ বাবে অনুপ্ৰেৰণা যোগায়। ই হৈছে সকলো মানুহৰে এক স্বাভাৱিক প্ৰৱণতা। দুটা দৃষ্টিকোণৰ পৰা পুনৰুদ্দীপন নীতিৰ প্ৰয়োজনীয়তা বিচাৰ কৰিব পাৰি। সেয়া হ'ল—(ক) শিক্ষার্থীয়ে অনুমান কৰাৰ ইয়াত সুযোগ কম পায় আৰু (খ) যেতিয়া শুদ্ধ প্রতিক্রিয়া সম্বন্ধে শিক্ষার্থী জ্ঞাত নহয় তেতিয়া প্ৰতিকাৰমূলক শিক্ষাৰ যোগে শুদ্ধ প্ৰতিক্ৰিয়া সম্বন্ধে জ্ঞান লাভ কৰিব পাৰে। 

(৪) আত্ম-অগ্ৰসৰ নীতি (Principle of Self-Pacing) : আঁচনিকৃত নির্দেশনা ব্যক্তিগত শিকণৰ এক কৌশল। এই শিকণ এটা অৱধাৰণাৰ ওপৰত প্রতিষ্ঠিত। সেয়া হ'ল—যদি ব্যক্তিক নিজৰ গতিৰে শিক্ষা লাভৰ সুযোগ দিয়া হয় তেন্তে ফলপ্রসূ শিক্ষা সম্ভৱ হৈ উঠিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলক আন ছাত্ৰ-ছাত্ৰীৰ লগত একে গতিৰে আগুৱাই যাবৰ বাবে বাধ্য কৰিব নালাগে। কিছু সংখ্যক ছাত্র-ছাত্রীয়ে প্রকৃতিগতভাৱে দ্রুততাৰে শিকিব পাৰে আৰু আন কিছুসংখ্যকে নোৱাৰে। সাধাৰণ শ্ৰেণীকোঠা এটাত একাংশ এনে ছাত্র-ছাত্রী থাকে যিসকলে শিক্ষকে শিকোৱা অনুসৰি নিজকে আগুৱাই নিব নোৱাৰে কিন্তু আঁচনিকৃত নির্দেশনাত সকলো ছাত্র- ছাত্ৰীয়ে আত্ম অগ্ৰগতিৰ যোগেদি শিকিব পাৰে।

(৫) ছাত্ৰ পৰীক্ষণৰ নীতি (Principle of Student Testing) : শিকণ প্ৰক্ৰিয়াৰ অবিৰত মূল্যায়নে অধিক শিক্ষণ সম্ভৱ কৰি তোলে অৱধাৰণৰ ওপৰত আঁচনিকৃত নিৰ্দেশনাৰ এই নীতি গঢ় লৈ উঠিছে। এই পদ্ধতিত শিক্ষার্থীয়ে অবিৰতভাৱে নিজে আহৰণ কৰা শিকণৰ আত্ম-মূল্যায়ণ কৰিব লাগে। নিজ অর্জিত জ্ঞানৰ বস্তুনিষ্ঠ আৰু নিৰপেক্ষ মূল্যায়ণ কৰাৰ সুবিধা শিক্ষার্থীসকলে ইয়াত লাভ কৰে। আঁচনিকৃত নিৰ্দেশনাৰ প্ৰতিটো গঠনত শিক্ষা লাভৰ অন্তত শিক্ষার্থীয়ে কেতবোৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিব লাগে।  ইয়ে ছাত্ৰ-ছাত্ৰীসকলক শুদ্ধ উত্তৰ লাভ কৰাত ফলপ্রসূভাৱে সহায় কৰে।


(৫) আঁচনিকৃত নিৰ্দেশনাৰ শৈলীবোৰ বৰ্ণনা কৰা। 

Explain the styles of programmed instruction.

উত্তৰঃ আঁচনিকৃত নিৰ্দেশনাৰ শৈলীবোৰ হ'ল-

১। ৰৈখিক বা বাহ্যিক আঁচনিঃ আমেৰিকাৰ বিখ্যাত মনোবিজ্ঞানী বি. এফ. স্কীনাৰে (B. F. Skinner) এই আঁচনি বিকশাই। তুলিছিল। এই আঁচনি প্ৰত্যক্ষভাৱে তেওঁৰ দ্বাৰা বিকশিত শিকণৰ ক্ৰিয়াত্মক অনুবন্ধন তত্বৰ লগত জড়িত আৰু এই আঁচনিৰ মূল স্বীকার্য হ'ল মানৱ আচৰণ ক্ৰমাগতভাৱে স্তৰ অনুযায়ী প্রত্যেক প্রতিক্ৰিয়াত প্ৰদান কৰা পুনৰুদ্দীপন ব্যৱস্থাৰ দ্বাৰা গঢ় দিয়া হয়। এই আঁচনিকৃত নিৰ্দেশনাৰ সামগ্ৰীবোৰ ক্ৰমাগতভাৱে সৰু সৰু অৰ্থপূৰ্ণ স্তৰত ভাগ কৰা হয় যাক গঠন (Frame) বুলি জনা যায়। এই গঠনবোৰ শিক্ষাৰ্থীসকলৰ বাবে ক্রম অনুসৰি এটা এটাকৈ উপস্থাপন কৰা হয়। শিক্ষার্থীসকলে প্ৰতিটো স্তৰতে সক্রিয়ভাৱে প্ৰতিক্ৰিয়া প্ৰদান কৰাটো প্ৰয়োজন। প্ৰতিক্ৰিয়া প্ৰদানৰ তাৎক্ষণিক পিছতে শিক্ষার্থীসকলে নিজে প্ৰদান কৰা প্ৰতিক্ৰিয়াৰ শুদ্ধ-অশুদ্ধতাৰ বিষয়ে জানিব পাৰে। ইয়ে সিহঁতৰ আচৰণ পুনৰ সবলীকৃত কৰে আৰু ক্ৰমাগতভাৱে পৰৱৰ্তী গঠনবোৰৰ শিকণত অভিৰোচন যোগায়। 


২। শাখাকৃত বা খণ্ডিত বা আভ্যন্তৰীণ আঁচনিঃ আমেৰিকাৰ মনোবিজ্ঞানী নৰমান এ. ক্রোডাৰে (Norman A. Crowder) ১৯৬০ চনত আঁচনিকৃত নিৰ্দেশনাৰ খণ্ডিত আঁচনি বিকশাই তুলিছিল। তেওঁৰ মতে, শাখাকৃত বা আভ্যন্তৰীণ আঁচনি কোনো বাহ্যিক আহিলা যেনে কম্পিউটাৰৰ অবিহনে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন অনুসৰি গঢ় লৈ উঠিছে। ৰৈখিক আঁচনিৰ বাহ্যিক নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিপৰীতে এই আঁচনিত আভ্যন্তৰীণভাৱে সকলো ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হয়। ইয়াত শিক্ষার্থীয়ে নিজাকৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু নিজৰ প্ৰয়োজনীয়তা অনুসৰি নিৰ্দেশনা গ্রহণ কৰিব পাৰে।



(৩) মেথেটিকচ আঁচনি (Mathetics Programming)ঃ আন এক প্ৰকাৰৰ আঁচনিকৃত নিৰ্দেশনাৰ কৌশল বা প্ৰকাৰ হ'ল মেথেটিক্‌চ আঁচনি যি মূলতঃ শৃংখল শিক্ষাত ব্যৱহাৰ কৰা হয়। আচৰণ গঠনৰ বাবে ই এক ফলপ্রসূ পদ্ধতি আৰু বিভিন্ন শিকণ পৰিস্থিতিত ইয়াৰ প্ৰয়োগ কৰা হয়। এই আঁচনিৰ সৃষ্টিকর্তা আছিল থমাচ. এফ. গিলবার্ট (Thomas. F. Gilbert)। মেথেটিক্‌চ শব্দটো গ্ৰীক ভাষাৰ 'Mathein' শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল শিকা (to learn)। কি শিকাব লাগে তাৰ নিৰ্দেশনাত্মক পৰিকল্পনা আৰু বিশ্লেষণৰ দ্বাৰা মেথেটিকচ আঁচনিৰ আৰম্ভণি হয়। গিলবার্টৰ মতে বিশ্লেষণে শিক্ষাৰ্থীৰ কাৰ্যৰ ওপৰত গুৰুত্ব দিব লাগে, বিষয়বস্তুৰ সামগ্রিকতাৰ ওপৰত নহয়। যদিও মেথেটিকচ আঁচনি যিকোনো বিষয়ৰ ক্ষেত্ৰতে প্ৰয়োগ কৰিব পাৰি তথাপিও কার্য অনুকৰণ (Task Simulation) এ ইয়াক বিশেষ কৰি তোলে য'ত প্ৰশিক্ষণৰ হস্তান্তকৰণত গুৰুত্ব দিয়া হয়।

মেথেটিকচ আঁচনিৰ এক মৌলিক ধাৰণা হ'ল এই আঁচনি আটাইতকৈ বেছি অভিৰোচিত কাৰ্যৰ দ্বাৰা আৰম্ভ হয় আৰু সাধাৰণতে ই কাৰ্যৰ অন্তিম বা চূড়ান্ত পদক্ষেপ হয়। গতিকে শিক্ষার্থীয়ে এই আঁচনিত শেষ কাৰ্যৰ পৰা আৰম্ভণি কৰিব লাগে আৰু পশ্চাদমুখীভাৱে অগ্ৰসৰ হৈ শেষত আৰম্ভণি অংশ উপনীত হ'ব লাগে।


(৪) ৰূলেগ/এগৰূল পদ্ধতিৰ আঁচনি (Ruleg/Egrule Slystem of Programming) : প্লেছাৰ আৰু অন্যান্যসকলে বিকশাই তোলা এই শৈলীত দুই ধৰণেৰে নিৰ্দেশনা লাভ কৰা হয়। সেয়া হ'ল-ৰূলেগৰ ইংৰাজী Ruleg দুটা শব্দ 'Rule' আৰু 'Eg' (Example) ৰ দ্বাৰা গঠিত হৈছে। ইয়াত বিষয়বস্তুবোৰ প্ৰথম নীতি আকাৰে আৰু পিছত উদাহৰণ আকাৰে উপস্থাপন কৰা হয়। নীতিবোৰ সম্পূৰ্ণ আকাৰে আৰু উদাহৰণবোৰ অসম্পূৰ্ণ আকাৰে প্ৰদান কৰাৰ পিছত শিক্ষাৰ্থীয়ে নীতিৰ ভিত্তিত উদাহৰণবোৰ সম্পূৰ্ণ কৰিব লাগে। আকৌ ইয়াৰ বিপৰীতে এগদলৰ ইংৰাজী শব্দ Egrule দুটা শব্দ 'Eg' (Example) আৰু 'Rule' ৰ দ্বাৰা গঠিত। ইয়াৰ সংগঠন Ruleg ৰ বিপৰীত। ইয়াত প্ৰথমে উদাহৰণস্বৰূপে বিষয়বস্তু উপস্থাপন কৰা হয় আৰু তাৰ পিছত নীতি উপস্থাপন কৰা হয়। 

(৫) কম্পিউটাৰ সহায়ক নির্দেশনা (Computer Assisted Instruction or CAI) : কম্পিউটাৰৰ সহায়ত নিৰ্দেশনাৰ কাম-কাজ সম্পাদন কৰাকে কম্পিউটাৰ সহায়ক নিৰ্দেশনা বোলা হয়। অর্থাৎ এই ব্যৱস্থাত নিৰ্দেশনা প্ৰদানৰ মাধ্যম স্বৰূপে কম্পিউটাৰৰ প্ৰয়োগ কৰা হয়। কম্পিউটাৰ সহায়ক নির্দেশনা মনোবিদ স্কীনাৰ (Skinner) ৰ অনুসূচীত শিক্ষণ পদ্ধতি (Programmed Learning Method) ৰ ভিত্তিত গঢ় লৈ উঠিছে। এই নির্দেশনা ব্যক্তিকেন্দ্ৰিক প্ৰকৃতিৰ আৰু শিক্ষকৰ উপস্থিতি অবিহনে ইয়াৰ যোগে ছাত্র-ছাত্রীয়ে শিক্ষা লাভ কৰিব পাৰে। কম্পিউটাৰ সহায়ক নিৰ্দেশনাৰ মূল অৱধাৰণাবোৰ হ'ল—এই নির্দেশনাই একে সময়তে বহুতো ছাত্র-ছাত্রীক ব্যক্তিকেন্দ্রিকভাৱে শিক্ষা নিৰ্দেশনা প্রদান কৰিব পাৰে। 

(৬) ব্যক্তিগত নিৰ্দেশনাৰ পদ্ধতি বা কেলাৰ আঁচনি (Personalised System of Instruction or PSI or Keller Plan) : ১৯৬০ চনত মনোবিজ্ঞানী ফ্রেড কেলাৰে তেওঁৰ সহযোগী মনোবিদ জে. জি. চেমান (J. G. Sherman), কেৰ’লিনা বৰি (Carolina Bori) আৰু ৰ'ডফু আজিজ (Rodolpho Azzi) ৰ সহযোগত ব্যক্তিগত নির্দেশনা পদ্ধতি বিকশাই তোলে। মনোবিদ ফ্ৰেড কেলাৰৰ নামানুসৰি এই পদ্ধতিক কেলাৰ আঁচনি নামেৰে জনা যায়। এই আঁচনি অনুসৰি শিকিবলগীয়া বিষয়বস্তু প্রথমে ১০–৩০ গোটত ভাগ কৰা হয় আৰু এক নিৰ্দিষ্ট ক্ৰম অনুসৰি নতুন পাঠ্যসূচী তৈয়াৰ কৰা হয়। প্ৰতিটো গোটৰ লগতে শিক্ষকে ছাত্র-ছাত্রীসকলক একোখনকৈ নির্দেশনা পত্ৰ (Instructional Manual) প্ৰদান কৰে। প্ৰতিটো গোটত থকা সমস্যাসমূহ সমাধান কৰিবলৈ বিষয়বস্তু আয়ত্ব কৰাৰ উদ্দেশ্যে শিক্ষকে প্রয়োজন অনুসৰি নিৰ্দেশনা প্ৰদান কৰে আৰু শিক্ষাৰ্থীয়ে নিজ প্রচেষ্টাৰে শিকণ লাভ কৰে।



Question And Answer Type By : Himashree Bora.