Chapter 2 Question and Answer Assam | B.A 3rd Semester Education Notes | B.A 3rd Semester Education Free Suggestion | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer শিক্ষণ-শিকণত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিজ্ঞান পাঠটোৰ প্ৰশ্ন-উত্তৰ |  BA 3rd Sem Major Education Paper 3| 

শিক্ষণ-শিকণত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিজ্ঞান

প্রশ্নাৱলী


(I) অতি চমু উত্তৰ দিয়া (Questions of Very Short Answer )


১। 'Communis' শব্দৰ অৰ্থ কি?

What is meaning of 'communis'?

উত্তৰঃ  'Communis' শব্দৰ অৰ্থ হ'ল- Common বা সাদৃশ্য বা মিল থকা। 

২। অন্তঃব্যক্তি যোগাযোগত কিমানজন মানুহ লাগে? 

What is the number of person in intra-personal communication?

উত্তৰঃ অন্তঃব্যক্তি যোগাযোগত এজন মানুহ লাগে।

৩। আন্তঃব্যক্তি যোগাযোগ কাক বোলে ? 

What is inter-personal communication?

উত্তৰঃ  ই হ'ল যোাগযোগৰ এক মৌলিক প্ৰকাৰ য'ত দুজন বা অতি কম সংখ্যক (চাৰি বা পাঁচজন) ব্যক্তিয়ে পাৰস্পৰিকভাৱে মত বিনিময় কৰে। এই যোগাযোগ প্ৰক্ৰিয়াত অংশ গ্ৰহণকাৰী ব্যক্তিসকলৰ দৈহিক সান্নিধ্যতা দেখিবলৈ পোৱা যায়। এই প্ৰকাৰৰ যোগাযোগ কথিত বা অকথিত যিকোনো প্রকাৰৰ হ’ব পাৰে আৰু তাৎক্ষণিক প্ৰতিপুষ্টিও লাভ কৰিব পাৰি ।

৪। অনানুষ্ঠানিক যোগাযোগ কি? 

What is informal communication?

উত্তৰঃ আনুষ্ঠানিক নীতি নিয়মৰ বাহিৰত স্বতঃস্ফূর্ত আৰু বাধাহীনভাৱে যি যোগাযোগ সংঘটিত হয় তাকে অনানুষ্ঠানিক যোগাযোগ বোলে। এই প্ৰকাৰৰ যোগাযোগত কোনো নীতি-নিয়ম পালন কৰা নহয়। ঘৰুৱা পৰিৱেশত পিতৃ-মাতৃ, ভাই-ভনীৰ মাজত হোৱা যোগাযোগ হ'ল অনানুষ্ঠানিক যোগাযোগ।

৫। যোগাযোগৰ এটা ভাষিক বাধা উল্লেখ কৰা।

Mention one language barrier of communication.

উত্তৰঃ যোগাযোগৰ এটা ভাষিক বাধা তলত উল্লেখ কৰা হ'ল-

১। ভাষিৰ অদক্ষতাঃ কেতিয়াবা দেখা যায় যে প্ৰেৰক আৰু গ্ৰাহকৰ মাজত ভাষিক অদক্ষতাৰ বাবে যোগাযোগ সম্ভৱ নহয়। ইয়াৰ এক কাৰণ হ'ল দুৰ্বল উচ্চাৰণ।

৬। যোগাযোগৰ এটা দৈহিক বাধা উল্লেখ কৰা। 

Mention one physical barrier of communication

উত্তৰঃ যোগাযোগৰ এটা দৈহিক বাধা উল্লেখ কৰা হ'ল-

১। পৰিৱেশঃ যোগাযোগ স্থাপন হ'ব লগা শ্ৰেণীকক্ষৰ পৰিৱেশে যোগাযোগত বাধা প্ৰদান কৰা দেখা যায়। বেয়া বতৰ যেনে- বিজুলী-ঢেৰেকণি, আন্ধাৰ, অত্যাধিক গৰম আদিয়ে যোগাযোগক বেয়াকৈ প্ৰভাৱিত কৰে।

৭। প্রক্ষেপণমূলক সঁজুলি কাক বোলে? 

What is projected aids?

উত্তৰঃ 


৮। শিক্ষাদান মেচিন কি? 

What is teaching machine?

উত্তৰঃ শিক্ষাদান মেচিন হ'ল- এক কাৰিকৰী বৈদ্যুতিক আঁহিলা যাৰ যোগেদি ক্ৰম অনুসৰি নিৰ্দেশনাৰ সামগ্ৰীবোৰ উপস্থাপন কৰা হয়। এই সজুঁলিয়ে ছাত্ৰ-ছাত্ৰীক প্ৰতিক্ৰিয়া আৰু তাৎক্ষণিক প্ৰতিপুষ্টি প্ৰদানৰ সুযোগ দিয়ে।  

৯। ই শিকণৰ ‘ই' ৰ অৰ্থ কি?

What is the meaning of the term 'E' of 'E-learning'?

উত্তৰঃ 

১০। INFLIBNET কি ? 

What is INFLIBNET?

উত্তৰঃ  INFLIBNET হ'ল- INFLIBNET ৰ সম্পূৰ্ণ আকাৰটো হ'ল Information and Library Network (তথ্য আৰু পুথিভড়াল নেটৱৰ্ক)। ই হৈছে ১৯৯১ চনৰ মাৰ্চ মাহত স্থাপন হোৱা বিশ্ববিদ্যালয় অনুদান আয়োগৰ এক স্ব-নিয়ন্ত্রিত আন্তঃবিশ্ববিদ্যালয় কেন্দ্র (Inter University Centre)। বিশ্ববিদ্যালয়ৰ পুথিভড়ালবোৰ আধুনিক কৰাৰ লগত INFLIBNET সম্বন্ধিত। INFLIBNET ৰ প্ৰধান কেন্দ্ৰ আহমেদাবাদৰ গুজৰাট বিশ্ববিদ্যালয়ৰ চৌহদত অৱস্থিত।

(II) চমু উত্তৰ প্রশ্ন (Questions of Short Answers) 

১। যোগাযোগৰ বৈশিষ্ট্যবোৰ লিখা।

Write the characteristics of Communication. 

উত্তৰঃ  যোগাযোগৰ বৈশিষ্ট্যবোৰ হ'ল- 

(১) যোগাযোগ হ'ল এক দ্বিপক্ষীয় প্রক্রিয়া যত প্ৰেৰক আৰু গ্ৰাহকৰ মাজত উমৈহতীয়া আন্তঃক্রিয়া সম্ভৱ হয়। 

(২) লক্ষ্যবিহীনভাৱে যোগাযোগ কার্য সম্ভৱ নহয়। ই এক উদ্দেশ্য প্রণোদিত প্রক্রিয়া ।

(৩) প্ৰেৰক আৰু গ্ৰাহকৰ আশা-আকাংক্ষা, প্রয়োজন আদি ইতিবাচক ৰূপত যোগাযোগে পূৰণ কৰিব পাৰে।

(৪) ভাষিক বা অভাষিক—দুয়োটা উপায়েৰে যোগাযোগ সম্ভৱ হৈ উঠিব পাৰে ৷

(৫) যোগাযোগ প্রক্রিয়াত দুয়ো পক্ষ (প্ৰেৰক আৰু গ্ৰাহক) ৰ মাজত উমৈহতীয়া বুজা-পৰাৰ ভাৱ নিহিত

হৈ থাকে ।

২। যোগাযোগৰ তিনিটা উদ্দেশ্য বর্ণনা কৰা।

Explain the three goals of communication. 

উত্তৰঃ যোগাযোগৰ তিনিটা উদ্দেশ্য তলত বর্ণনা কৰা হ'ল-

(ক) ব্যাখ্যা (Exposition) : যোগাযোগৰ এক প্ৰধান উদ্দেশ্য হ'ল ব্যাখ্যা। ব্যাখ্যা কাৰ্যৰ দ্বাৰা যোগাযোগ প্রক্রিয়াৰে গ্ৰাহকৰ সংজ্ঞাত্মক দিশৰ বিকাশ সাধন কৰা হয় আৰু আচরণ সংশোধনৰ প্রচেষ্টা চলোৱা হয়।

(খ) অভিপ্রায় (Persuation) : ই ব্যক্তিৰ অনুভূতিমূলক দিশৰ লগত সম্বন্ধিত। ব্যক্তিৰ আবেগ, অনুভূতি, দৃষ্টিভংগী আদিৰ লগত ইয়াৰ সম্বন্ধ আছে। অভিপ্রায় উদ্দেশ্যৰ দ্বাৰা ব্যক্তিক সুস্থভাৱে যোগাযোগ কৰাৰ বাবে অভিৰোচিত কৰা হয়।

(গ) সুবিধা (Facilitation) : ই ব্যক্তিৰ মনো সঞ্চালনমূলক দিশৰ লগত জড়িত। গ্রাহকৰ আচৰণৰ  সংশোধন ঘটাবৰ বাবে বিভিন্ন সামগ্ৰীৰ ব্যৱহাৰ কৰিও যোগাযোগ সম্ভৱ কৰিব পৰা যায়।


৩। যোগাযোগ শব্দটো কি ভাষাৰ পৰা উদ্ভৱ হৈছে?

From which language the word communication is derived? 

উত্তৰঃ যোগাযোগ শব্দৰ ইংৰাজী প্রতিশব্দ 'Communication' লেটিন ভাষাৰ Communis শব্দৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হ'ল Common বা সাদৃশ্য বা মিল থকা । অর্থাৎ গ্রাহক আৰু প্ৰেৰকৰ মাজৰ মিল বা সাদৃশ্যই হ'ল যোগাযোগ। আকৌ আন এক লেটিন শব্দ Communicare ৰ পৰাও Communication শব্দটোৰ উৎপত্তি হোৱা বুলি কোৱা হয় যাৰ অৰ্থ হ’ল ‘share’ বা অংশ গ্ৰহণ কৰা ৷ অর্থাৎ যোগাযোগ প্রক্রিয়াত প্ৰেৰক আৰু গ্ৰাহকে সমানে সক্রিয়ভাৱে অংশ গ্ৰহণ কৰিব লাগে।


৪। যোগাযোগ প্ৰক্ৰিয়াৰ মুখ্য নীতিবোৰ আলোচনা কৰা। 

Discuss about the main principles of communication process.

উত্তৰঃ  যোগাযোগ প্ৰক্ৰিয়াৰ মুখ্য নীতিবোৰ তলত আলোচনা কৰা হ'ল-

(১) প্ৰস্তুতি আৰু অভিৰোচনৰ নীতি (Principle of Readiness and Motivation) : প্ৰেৰক আৰু গ্ৰাহক উভয় পক্ষই সমগ্র যোগাযোগ প্রক্ৰিয়াত প্ৰস্তুত আৰু অভিৰোচিত হৈ থাকিব লাগে। মনোযোগ, উৎসাহ আৰু উদ্দীপনাৰ অভাৱৰ বাবে যোগাযোগৰ সমগ্ৰ প্ৰক্ৰিয়াটোৱে প্ৰভাৱিত হোৱা দেখা যায়।

(২) সক্ষমতা আৰু যোগ্যতাৰ নীতি (Principle of Competency and Worth) : প্রয়োজনীয় তথ্য বা বার্তা গ্ৰহণ কৰিবৰ বাবে প্ৰেৰক আৰু গ্ৰাহকজন সক্ষম আৰু যোগ্য হোৱাটো বাঞ্চনীয়। কোনো এক বার্তা উপযুক্তভাৱে প্ৰেৰণ কৰা, গ্ৰহণ কৰা কাৰ্যৰ বাবে যোগাযোগৰ কৌশলবোৰ বিকশাই তুলিব লাগে। যোগাযোগৰ এক উৎস হিচাপে প্ৰেৰক বা শিক্ষকৰ উপযুক্ত জ্ঞান থাকিব লাগে যাতে যোগাযোগ কার্য সফল কৰিব পৰা যায়।

(৩) অংশীদাৰিত্ব আৰু আন্তঃক্ৰিয়াৰ নীতি (Principle of Sharing and Interaction) : যিহেতু যোগাযোগ এক দ্বি-মুখী প্ৰক্ৰিয়া গতিকে ইয়াৰ সফলতা নিৰ্ভৰ কৰে যোগাযোগৰ উৎস (শিক্ষক) আৰু গ্ৰাহক (ছাত্ৰ-ছাত্ৰী) ৰ মাজত হোৱা আন্তঃক্ৰিয়া আৰু ধাৰণাৰ অংশীদাৰীত্বৰ ওপৰত। অধিক পৰিমাণৰ আন্তঃক্ৰিয়াৰ ফলত গ্রাহকস্বৰূপ ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰে শিকণ-শিক্ষণ প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব পাৰিব আৰু ইয়ে যোগাযোগ প্ৰক্ৰিয়াত সদর্থক ফলাফল প্ৰদান কৰিব।

(৪) মাধ্যম আৰু চেনেলৰ উপযুক্ততাৰ নীতি (Principle of Appropriate Media and Channel) : যোগাযোগ প্ৰক্ৰিয়াৰ ফলপ্ৰসূতা যোগাযোগৰ মাধ্যম আৰু চেনেলৰ উপযুক্ততা, গুণগত মান আৰু সবলতাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে যোগাযোগ কাৰ্য সম্পাদনৰ সময়ত শাব্দিক আৰু আশাব্দিক মাধ্যমবোৰৰ প্ৰয়োগ কৰিব লাগে। একেদৰে বহুমাধ্যমুখী চেনেলৰ প্ৰয়োগৰ ওপৰতো গুৰুত্ব দিব লাগে।

(৫) উপযুক্ত প্রতিপুষ্টি প্ৰদানৰ নীতি (Principle of Appropriate Feedbook) : যোগাযোগ প্ৰক্ৰিয়াৰ সফলতা গ্রাহক আৰু প্ৰেৰকৰ উপযুক্ত প্ৰতিপুষ্ঠিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। শ্ৰেণীকোঠা এটাত যদি শিক্ষক এজনে নিজৰ শিক্ষকতাৰ গুণগত প্ৰতিপুষ্টি ছাত্ৰ-ছাত্ৰীৰ পৰা লাভ কৰে তেন্তে ইয়ে প্রেৰক স্বৰূপ শিক্ষকক ভৱিষ্যতে অধিক সফলতাৰে ছাত্ৰ-ছাত্ৰীৰ লগত যোগাযোগ সম্ভৱ কৰাৰ বাবে উৎসাহিত কৰিব।

৫। যোগাযোগৰ বিভিন্ন প্ৰকাৰবোৰ উল্লেখ কৰা।

Mention about different types of communication. 

উত্তৰঃ যোগাযোগৰ বিভিন্ন প্ৰকাৰবোৰ তলত উল্লেখ কৰা হ'ল-

(১) সংখ্যাৰ দৃষ্টিৰে যোগাযোগৰ শ্ৰেণীবিভাজন (Classification of Communication from the point of view of Number) : সংখ্যাৰ দৃষ্টিৰে যোগাযোগৰ শ্ৰেণীবিভাজনত ব্যক্তিৰ সংখ্যাৰ ওপৰত গুৰুত্ব দিয়া হয়। এই দৃষ্টিভংগীৰে যোগাযোগ  প্ৰকাৰৰ। যেনে—


(ক) অন্তঃব্যক্তি যোগাযোগ (Intrapersonal Communication) : যেতিয়া যোগাযোগ প্রক্রিয়াত কেৱল এজন ব্যক্তিয়ে অংশ গ্ৰহণ কৰে তাকে অন্তঃব্যক্তি যোগাযোগ বোলে। অর্থাৎ এজন ব্যক্তিয়ে নিজৰ বিষয়ে মনেৰে চিন্তা কৰা, কোনো সমস্যাৰ সমাধান, কোনো কথাৰ বুজনি দিয়া আদিবোৰেই হ'ল অন্তঃব্যক্তি যোগাযোগ।


(খ) আন্তঃব্যক্তি যোগাযোগ (Inter-personal Communication) : ই হ'ল যোাগযোগৰ এক মৌলিক প্ৰকাৰ য'ত দুজন বা অতি কম সংখ্যক (চাৰি বা পাঁচজন) ব্যক্তিয়ে পাৰস্পৰিকভাৱে মত বিনিময় কৰে। এই যোগাযোগ প্ৰক্ৰিয়াত অংশ গ্রহণকাৰী ব্যক্তিসকলৰ দৈহিক সান্নিধ্যতা দেখিবলৈ পোৱা যায়। এই প্ৰকাৰৰ যোগাযোগ কথিত বা অকথিত যিকোনো প্ৰকাৰৰ হ'ব পাৰে আৰু তাৎক্ষণিক প্রতিপুষ্টিও লাভ কৰিব পাৰি ।

(গ) দলীয় যোগাযোগ (Group Communication) : এই প্ৰকাৰৰ যোগাযোগত বহু ব্যক্তিয়ে অংশ গ্ৰহণ কৰে আৰু ব্যক্তিসকলৰ মাজত বিশেষ দৈহিক সান্নিধ্যতা নাথাকে। এই প্ৰকাৰৰ যোাগযোগ বুলিলে শ্ৰেণীকোঠাৰ যোগাযোগ, ব্যৱসায়িক মিটিং বা কোনো বক্তৃতা অনুষ্ঠান আদিক বুজিব পাৰি।



(২) সাংগঠনিক দৃষ্টিৰ যোগাযোগৰ বিভাজন (Classification of Communication from the Organisational point of view) : বিভিন্ন সংগঠনত হোৱা যোগাযোগকো দুটা ভাগত ভাগ কৰিব পাৰি। অৰ্থাৎ‍ সাংগঠনিক দৃষ্টিকোণেৰে যোগাযোগক দুটা ভাগত ভাগ কৰিব পাৰি। যেনে—


(ক) আনুষ্ঠানিক যোগাযোগ (Formal Communication) : কর্তৃপক্ষই নিৰ্ধাৰণ কৰা নীতি - নিয়মৰ ভিত্তিত সহকৰ্মীসকলৰ লগত বা আন আন ছাত্ৰ-ছাত্ৰীসকলৰ লগত যি যোগাযোগ স্থাপন কৰা হয় সেয়া হ'ল আনুষ্ঠানিক যোগাযোগ। অনুষ্ঠানৰ নীতি-নিয়মবোৰ যোগাযোগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পালন কৰাটো বাধ্যতামূলক।


(খ) অনানুষ্ঠানিক যোগাযোগ (Informal Communication) : আনুষ্ঠানিক নীতি নিয়মৰ বাহিৰত স্বতঃস্ফূর্ত আৰু বাধাহীনভাৱে যি যোগাযোগ সংঘটিত হয় তাকে অনানুষ্ঠানিক যোগাযোগ বোলে। এই প্ৰকাৰৰ যোগাযোগত কোনো নীতি-নিয়ম পালন কৰা নহয়। ঘৰুৱা পৰিৱেশত পিতৃ-মাতৃ, ভাই-ভনীৰ মাজত হোৱা যোগাযোগ হ'ল অনানুষ্ঠানিক যোগাযোগ।


(৩) ভাষাৰ দৃষ্টিৰে যোগাযোগৰ শ্ৰেণীবিভাজন (Classification of Communication from the point of view of Language) : যোগাযোগ কার্যত প্রয়োগ হোৱা ভাষাৰ দৃষ্টিকোণেৰে যোগাযোগক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল—

(ক) ভাষিক যোগাযোগ (Verbal Communication) : ভাষা হৈছে মানুহৰ ভাৱ-অনুভূতি প্ৰকাশৰ মাধ্যম। ভাষিক যোগাযোগত ভাষাৰ ব্যৱহাৰেই মূল। এই যোগাযোগক দুটা ভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল- 

(i) মৌখিক যোগাযোগ (Oral Communication) : মুখেৰে কোৱা কথাৰ জৰিয়তে এই যোগাযোগ সংঘটিত হয়। এই ক্ষেত্ৰত ব্যৱহৃত হোৱা মাধ্যমবোৰ হ'ল- (i) মুখা- মুখি, (ii) টেলি সম্মিলন, (iii) টেলিফোন আৰু (iv) ভইচ মেইল আদি। মৌখিক যোগাযোগত অতি দ্রুত গতিত বাৰ্তা পঠাব পাৰি আৰু তাৎক্ষণিক প্রতিপুষ্টি লাভ কৰিব পাৰি। ব্যক্তিগত সংস্পর্শইও এই যোগাযোগত সহায় কৰে।

(ii) লিখিত যোগাযোগ (Written Communication) : লিখিত শব্দ, গ্রাফ, চার্ট, প্রতিবেদন, চিত্ৰ আদিৰ জৰিয়তে এই প্ৰকাৰৰ যোগাযোগে প্রকাশ লাভ কৰে। লিখিত যোগাযোগত মানুহৰ স্মৃতিশক্তি, কল্পনা শক্তি, পৰ্যবেক্ষণ আৰু চিন্তা কৰাৰ দক্ষতা, ভাষাৰ জ্ঞান আৰু লিখাৰ দক্ষতা আদিৰ প্ৰভাৱ অপৰিসীম। এই প্ৰকাৰৰ যোগাযোগে এক প্ৰকাৰৰ স্থায়ী প্রতিবেদনৰ কামো করে। এই যোগাযোগত তথ্যৰ প্ৰেৰক আৰু গ্ৰাহক দুয়োজন একে সময়ত উপস্থিত নাথাকিলেও হয়। 

(খ) অভাষিক যোগাযোগ (Non-Verbal Communication) : ভাষা অবিহনেও যোগাযোগ প্রক্রিয়া সম্ভৱ হয়। বিভিন্ন সময়ত অভাষিক যোগাযোগৰ প্ৰয়োগ কৰাটো প্রয়োজনীয় তথা বাধ্যতামূলক। সাধাৰণ অৱস্থাতো ভাষিক যোগাযোগক শক্তিশালী আৰু ফলপ্ৰসূ কৰিবৰ বাবে অভাষিক যোগাযোগৰ প্ৰয়োগ কৰা হয়। কেতবোৰ অভাষিক যোগাযোগৰ মাধ্যম হ'ল—

(i) মুখৰ প্ৰকাশভংগী (Facial Expression) : প্রেৰকৰ ভাৱ-অনুভূতি, চিন্তা-ভাৱনা আদি মুখৰ প্ৰকাশভংগীৰে সহজে উপলব্ধি কৰিব পাৰি। ব্যক্তিৰ সুখ-দুখ, হাঁহি-আনন্দ, চিন্তা, কৌতূহল, আশ্বর্য আদি বিভিন্ন অৱস্থাৰ ধাৰণা মুখৰ প্ৰকাশভংগীৰ দ্বাৰা লাভ কৰিব পাৰি। মৌখিক শব্দ প্রয়োগ নকৰাকৈ মুখৰ প্ৰকাশভংগীৰ মাধ্যমেৰে অতি সহজে যোগাযোগ ৰক্ষা কৰিব পাৰি।

(ii) চকুৰ ভাষা (Language of the Eye) : চকুৰ ভাষাও হ'ল অশাব্দিক যোগাযোগৰ আন এক মাধ্যম। চকুৰ ভাষা বিশ্বৰ সমূহ সমাজ আৰু সংস্কৃতিৰে উমৈহতীয়া যোগাযোগৰ মাধ্যম। চকুৰ চাৱনিয়ে মুখৰ কথাতকৈ অধিক নিৰ্ভৰযোগ্যতা প্ৰদান কৰিব পাৰে। শিক্ষকে শ্ৰেণীকোঠাত পাঠদান কৰাৰ বেলিকা ছাত্ৰ-ছাত্ৰীৰ লগত চকুৱে চকুৱে সম্বন্ধ স্থাপন কৰি শিক্ষাদান কার্য সফল কৰিব পাৰে।

(iii) দেহৰ ভাষা ( Body Language) : অভাষিক যোগাযোগৰ আন এক মাধ্যম হ'ল দেহৰ ভাষা। এজন শাস্ত্রীয় নৃত্য শিল্পীয়ে হাত, ভৰি তথা দেহৰ অন্য অংগবোৰৰ বিভিন্ন অংগী-ভংগীৰ জৰিয়তে যোগাযোগ স্থাপন কৰিব পাৰে। খং উঠিলে মানুহে হাত জোকাৰি উঠে, হর্ষ উল্লাহত হাত চাপৰি দিয়ে, আন মানুহক সন্মান প্ৰদানৰ বাবে আৰু ক্ষমা বিচাৰি হাত জোৰ কৰা আদি হ'ল দেহৰ ভাষাৰ মাধ্যম।

৬। ভাষিক যোগাযোগ আৰু অভাষিক যোগাযোগ কাক বোলে ?

What is verbal communication and non-verbal communication? 

উত্তৰঃ  ভাষিক যোগাযোগ ঃ ভাষা হৈছে মানুহৰ ভাৱ-অনুভূতি প্ৰকাশৰ মাধ্যম। ভাষিক যোগাযোগত ভাষাৰ ব্যৱহাৰেই মূল। এই যোগাযোগক দুটা ভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল- (i) মৌখিক যোগাযোগ (Oral Communication) : মুখেৰে কোৱা কথাৰ জৰিয়তে এই যোগাযোগ সংঘটিত হয়। এই ক্ষেত্ৰত ব্যৱহৃত হোৱা মাধ্যমবোৰ হ'ল- (i) মুখা- মুখি, (ii) টেলি সম্মিলন, (iii) টেলিফোন আৰু (iv) ভইচ মেইল আদি। ভাষিক যোগাযোগ বুলি কোৱা হয়।

অভাষিক যোগাযোগ ঃ  ভাষা অবিহনেও যোগাযোগ প্রক্রিয়া সম্ভৱ হয়। বিভিন্ন সময়ত অভাষিক যোগাযোগৰ প্ৰয়োগ কৰাটো প্রয়োজনীয় তথা বাধ্যতামূলক। সাধাৰণ অৱস্থাতো ভাষিক যোগাযোগক শক্তিশালী আৰু ফলপ্ৰসূ কৰিবৰ বাবে অভাষিক যোগাযোগৰ প্ৰয়োগ কৰা হয়। তাকে অভাষিক যোগাযোগ  বুলি কোৱা হয়।

৭। ভাষিক যোগাযোগৰ ভাগ কেইটা কি কি?

What are the types of verbal communication. 

উত্তৰঃ ভাষিক যোগাযোগৰ ভাগ কেইটা  হ'ল-

(i) মৌখিক যোগাযোগ (Oral Communication) : মুখেৰে কোৱা কথাৰ জৰিয়তে এই যোগাযোগ সংঘটিত হয়। এই ক্ষেত্ৰত ব্যৱহৃত হোৱা মাধ্যমবোৰ হ'ল- (i) মুখা- মুখি, (ii) টেলি সম্মিলন, (iii) টেলিফোন আৰু (iv) ভইচ মেইল আদি। মৌখিক যোগাযোগত অতি দ্রুত গতিত বাৰ্তা পঠাব পাৰি আৰু তাৎক্ষণিক প্রতিপুষ্টি লাভ কৰিব পাৰি। ব্যক্তিগত সংস্পর্শইও এই যোগাযোগত সহায় কৰে।

(ii) লিখিত যোগাযোগ (Written Communication) : লিখিত শব্দ, গ্রাফ, চার্ট, প্রতিবেদন, চিত্ৰ আদিৰ জৰিয়তে এই প্ৰকাৰৰ যোগাযোগে প্রকাশ লাভ কৰে। লিখিত যোগাযোগত মানুহৰ স্মৃতিশক্তি, কল্পনা শক্তি, পৰ্যবেক্ষণ আৰু চিন্তা কৰাৰ দক্ষতা, ভাষাৰ জ্ঞান আৰু লিখাৰ দক্ষতা আদিৰ প্ৰভাৱ অপৰিসীম। এই প্ৰকাৰৰ যোগাযোগে এক প্ৰকাৰৰ স্থায়ী প্রতিবেদনৰ কামো কৰে। এই যোগাযোগত তথ্যৰ প্ৰেৰক আৰু গ্ৰাহক দুয়োজন একে সময়ত উপস্থিত নাথাকিলেও হয়। 

৮। অভাষিক যোগাযোগৰ মাধ্যমবোৰ কি কি?

What are the media of non-verbal communication?

উত্তৰঃ অভাষিক যোগাযোগৰ মাধ্যমবোৰ হ'ল-

(i) মুখৰ প্ৰকাশভংগী (Facial Expression) : প্রেৰকৰ ভাৱ-অনুভূতি, চিন্তা-ভাৱনা আদি মুখৰ প্ৰকাশভংগীৰে সহজে উপলব্ধি কৰিব পাৰি। ব্যক্তিৰ সুখ-দুখ, হাঁহি-আনন্দ, চিন্তা, কৌতূহল, আশ্বর্য আদি বিভিন্ন অৱস্থাৰ ধাৰণা মুখৰ প্ৰকাশভংগীৰ দ্বাৰা লাভ কৰিব পাৰি। মৌখিক শব্দ প্রয়োগ নকৰাকৈ মুখৰ প্ৰকাশভংগীৰ মাধ্যমেৰে অতি সহজে যোগাযোগ ৰক্ষা কৰিব পাৰি।

(ii) চকুৰ ভাষা (Language of the Eye) : চকুৰ ভাষাও হ'ল অশাব্দিক যোগাযোগৰ আন এক মাধ্যম। চকুৰ ভাষা বিশ্বৰ সমূহ সমাজ আৰু সংস্কৃতিৰে উমৈহতীয়া যোগাযোগৰ মাধ্যম। চকুৰ চাৱনিয়ে মুখৰ কথাতকৈ অধিক নিৰ্ভৰযোগ্যতা প্ৰদান কৰিব পাৰে। শিক্ষকে শ্ৰেণীকোঠাত পাঠদান কৰাৰ বেলিকা ছাত্ৰ-ছাত্ৰীৰ লগত চকুৱে চকুৱে সম্বন্ধ স্থাপন কৰি শিক্ষাদান কার্য সফল কৰিব পাৰে।

(iii) দেহৰ ভাষা ( Body Language) : অভাষিক যোগাযোগৰ আন এক মাধ্যম হ'ল দেহৰ ভাষা। এজন শাস্ত্রীয় নৃত্য শিল্পীয়ে হাত, ভৰি তথা দেহৰ অন্য অংগবোৰৰ বিভিন্ন অংগী-ভংগীৰ জৰিয়তে যোগাযোগ স্থাপন কৰিব পাৰে। খং উঠিলে মানুহে হাত জোকাৰি উঠে, হর্ষ উল্লাহত হাত চাপৰি দিয়ে, আন মানুহক সন্মান প্ৰদানৰ বাবে আৰু ক্ষমা বিচাৰি হাত জোৰ কৰা আদি হ'ল দেহৰ ভাষাৰ মাধ্যম।

(iv) ধ্বনি চিহ্ন (Sound Symbol) : বিভিন্ন ধ্বনি চিহ্নও ফলপ্রসূ যোগাযোগৰ মাধ্যম হিচাপে চিহ্নিত হৈছে। শ্ৰুতলিপি কৈ থকাৰ সময়ত বা কোনোবাক কিবা এটা বুজাই থকাৰ সময়ত ‘হু হু’ ধ্বনিৰে কাৰ্যতো ভালদৰে সম্পাদন হৈ থকাৰ ইংগিত দিয়া হয়। প্রতিক্রিয়া নেতিবাচক হ’লে ‘উহু’ ধ্বনিৰ প্ৰয়োগ কৰা হয়। এই ধ্বনি চিহ্নবোৰৰ যোগেৰেও যোগাযোগ সম্ভৱ কৰিব পাৰি।

 ৯। যোগাযোগ প্রক্রিয়া বৰ্ণনা কৰা।

Explain the communication process. 

উত্তৰঃ যোগাযোগ প্রক্রিয়া তলত বৰ্ণনা কৰা হ'ল-


১০। যোগাযোগৰ সংকেতযুক্তকৰণ মানে কি?

What is encoding in communication?

উত্তৰঃ ভাষিক আৰু অভাষিক পথ বা মাধ্যমবোৰৰ যোগেদি বার্তা প্ৰেৰণ কৰাৰ বেলিকা এক বিশেষ ব্যৱস্থাৰ সহায় লোৱা হয়। এই ব্যৱস্থাকেই সংকেতযুক্তকৰণ বোলা হয় ৷ সংকেতযুক্তকৰণ ব্যৱস্থা প্ৰয়োগ কৰাৰ কাৰণ হ'ল—বার্তা বা বিষয়বস্তু পথ বা মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰোঁতে তাক হুবহু ৰূপত প্ৰেৰণ কৰা সম্ভৱ নহয়। ইয়াৰ বাবে কেতবোৰ সংকেত বা প্রতীকৰ সহায় লোৱা হয় যিবোৰ প্ৰেৰক আৰু গ্ৰাহক উভয়ৰে বাবে বোধগম্য হয়। উদাহৰণ কোনো এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ কামত অসন্তুষ্ট হৈ কেতবোৰ সংকেত বা প্রতীক যেনে——মই এইবোৰ ভাল পোৱা নাই’, ‘মই এইবোৰ নকৰো বা আন কোনা দৈহিক ভাৱ ভংগীৰে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে। এয়াই হ'ল যোগাযোগ প্ৰক্ৰিয়াৰ সংকেতযুক্তকৰণ।


 ১১। যোগাযোগৰ পথ বা মাধ্যম বুলিলে কি বুজা?

What do you mean by channel or medium of communication? 

উত্তৰঃ বিষয়বস্তু বা বাৰ্তা এজনৰ পৰা আন এজনলৈ পঠিওৱাৰ উপায় হ'ল পথ বা মাধ্যম। মাধ্যম অবিহনে বাৰ্তা প্ৰেৰণ কৰা অসম্ভৱ আৰু প্ৰেৰক আৰু গ্ৰাহকৰ মাজৰ সংযোগো অসম্ভৱ। যোগাযোগ প্ৰক্ৰিয়াত পথ বা মাধ্যম বিভিন্ন ধৰণৰ হ'ব পাৰে; যেনে—ভাষিক (মৌখিক বা লিখিত শব্দ) আৰু অভাষিক (স্পৰ্শ, দেহৰ ভাষা, প্রতীকী ভাষা, উঠা-বহা আদি)। এই ভাষিক আৰু অভাষিক উপাদানৰ বাহিৰেও বৰ্তমানৰ সমাজ ব্যৱস্থাত আন কেতবোৰ উপাদানেও যোগাযোগৰ পথ বা মাধ্যম স্বৰূপে কাৰ্য কৰে। সেয়া হ'ল–ৰেডিঅ', টেলিভিচন, কম্পিউটাৰ, ইণ্টাৰনেট, বাতৰি কাকত, টেলিফোন, চিডি. কেছেট, উপগ্রহ ব্যৱস্থা ইত্যাদি।  ইয়াকে যোগাযোগৰ পথ বা মাধ্যম বুলি কোৱা হয়।

১২। শ্ৰেণীকোঠাৰ যোগাযোগত প্ৰভাৱ পেলোৱা উপাদানবোৰ কি কি?

What are the factors affecting classroom communication?

উত্তৰঃ 

১৩। টোকা লিখা

Write notes on

(ক) যোগাযোগ প্রক্রিয়া 

Communication process.

উত্তৰঃ 

(খ) অভাষিক যোগাযোগ

Non-verbal communication 

উত্তৰঃ  ভাষা অবিহনেও যোগাযোগ প্রক্রিয়া সম্ভৱ হয়। বিভিন্ন সময়ত অভাষিক যোগাযোগৰ প্ৰয়োগ কৰাটো প্রয়োজনীয় তথা বাধ্যতামূলক। সাধাৰণ অৱস্থাতো ভাষিক যোগাযোগক শক্তিশালী আৰু ফলপ্ৰসূ কৰিবৰ বাবে অভাষিক যোগাযোগৰ প্ৰয়োগ কৰা হয়। কেতবোৰ অভাষিক যোগাযোগৰ মাধ্যম হ'ল

(i) মুখৰ প্ৰকাশভংগী (Facial Expression) : প্ৰেৰকৰ ভাৱ-অনুভূতি, চিন্তা-ভাৱনা আদি মুখৰ প্ৰকাশভংগীৰে সহজে উপলব্ধি কৰিব পাৰি। ব্যক্তিৰ সুখ-দুখ, হাঁহি-আনন্দ, চিন্তা, কৌতূহল, আশ্বর্য আদি বিভিন্ন অৱস্থাৰ ধাৰণা মুখৰ প্ৰকাশভংগীৰ দ্বাৰা লাভ কৰিব পাৰি। 

(ii) চকুৰ ভাষা (Language of the Eye) : চকুৰ ভাষাও হ'ল অশাব্দিক যোগাযোগৰ আন এক মাধ্যম। চকুৰ ভাষা বিশ্বৰ সমূহ সমাজ আৰু সংস্কৃতিৰে উমৈহতীয়া যোগাযোগৰ মাধ্যম।

(iii) দেহৰ ভাষা ( Body Language) : অভাষিক যোগাযোগৰ আন এক মাধ্যম হ’ল দেহৰ ভাষা। এজন শাস্ত্রীয় নৃত্য শিল্পীয়ে হাত, ভৰি তথা দেহৰ অন্য অংগবোৰৰ বিভিন্ন অংগী-ভংগীৰ জৰিয়তে যোগাযোগ স্থাপন কৰিব পাৰে।

(গ) আনুষ্ঠানিক যোগাযোগ

Formal communication 

উত্তৰঃ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা নীতি – নিয়মৰ ভিত্তিত সহকৰ্মীসকলৰ লগত বা আন আন ছাত্ৰ-ছাত্ৰীসকলৰ লগত যি যোগাযোগ স্থাপন কৰা হয় সেয়া হ'ল আনুষ্ঠানিক যোগাযোগ। অনুষ্ঠানৰ নীতি-নিয়মবোৰ যোগাযোগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পালন কৰাটো বাধ্যতামূলক।

(ঘ) আন্তঃব্যক্তি যোগাযোগ

Inter-Personal communication.

উত্তৰঃ ই হ'ল যোাগযোগৰ এক মৌলিক প্ৰকাৰ য'ত দুজন বা অতি কম সংখ্যক (চাৰি বা পাঁচজন) ব্যক্তিয়ে পাৰস্পৰিকভাৱে মত বিনিময় কৰে। এই যোগাযোগ প্ৰক্ৰিয়াত অংশ গ্ৰহণকাৰী ব্যক্তিসকলৰ দৈহিক সান্নিধ্যতা দেখিবলৈ পোৱা যায়। এই প্ৰকাৰৰ যোগাযোগ কথিত বা অকথিত যিকোনো প্ৰকাৰৰ হ'ব পাৰে আৰু তাৎক্ষণিক প্ৰতিপুষ্টিও লাভ কৰিব পাৰি ৷  

(ঙ) যোগাযোগৰ উৎস

Source of communication

উত্তৰঃ যোগাযোগ প্রক্রিয়া যোগাযোগৰ উৎসৰ পৰা আৰম্ভ হয়। কোনো বস্তু, ঘটনা বা ব্যক্তিয়ে যোগাযোগৰ উৎস স্বৰূপে ক্ৰিয়া কৰা দেখা যায়। এই উৎসৰ জৰিয়তে কোনো তথ্য, ধাৰণা, মতামত, অনুভূতি আদি গ্ৰাহকলৈ প্ৰেৰণ কৰা হয়। যোগাযোগ প্রযুক্তিবিদ্যাৰ ভাষাত এই উৎসক 'প্ৰেৰক' (Sender) বুলি জনা যায়। শ্ৰেণীকোঠাৰ শিকণ শিক্ষণ প্ৰক্ৰিয়াত শিক্ষকজন হ'ল বাৰ্তাৰ প্ৰেৰক। ঠিক একেদৰে আন কোনো ক্ষেত্ৰত কম্পিউটাৰ বা আন কোনো সঁজুলিও বাৰ্তাৰ প্ৰেৰক হ'ব পাৰে।


(চ) যোগাযোগৰ উৎস.

Receiver of communication

উত্তৰঃ যোগাযোগ প্রক্রিয়া যোগাযোগৰ উৎসৰ পৰা আৰম্ভ হয়। কোনো বস্তু, ঘটনা বা ব্যক্তিয়ে যোগাযোগৰ উৎস স্বৰূপে ক্ৰিয়া কৰা দেখা যায়। এই উৎসৰ জৰিয়তে কোনো তথ্য, ধাৰণা, মতামত, অনুভূতি আদি গ্ৰাহকলৈ প্ৰেৰণ কৰা হয়। যোগাযোগ প্রযুক্তিবিদ্যাৰ ভাষাত এই উৎসক 'প্ৰেৰক' (Sender) বুলি জনা যায়। শ্ৰেণীকোঠাৰ শিকণ শিক্ষণ প্ৰক্ৰিয়াত শিক্ষকজন হ'ল বাৰ্তাৰ প্ৰেৰক। ঠিক একেদৰে আন কোনো ক্ষেত্ৰত কম্পিউটাৰ বা আন কোনো সঁজুলিও বাৰ্তাৰ প্ৰেৰক হ'ব পাৰে।

(ছ) যোগাযোগ আৰু শ্ৰেণীকোঠাৰ পৰিৱেশ

Communication and classroom atmospher.

উত্তৰঃ 

(জ) দ্বি-পাক্ষিক যোগাযোগ

Two-way communication. 

উত্তৰঃ শ্ৰেণীকোঠাৰ যোগাযোগ ফলপ্রসূ কৰিবৰ বাবে এক পক্ষীয় যোগাযোগৰ পৰিৱৰ্তে দ্বি-পাক্ষিক যোগাযোগৰ প্ৰয়োজন। একপক্ষীয় যোগাযোগ যেনে—বক্তৃতা, নির্দেশনা আদিয়ে ছাত্ৰ-ছাত্ৰীক স্পষ্টভাৱে জ্ঞান আহৰণৰ সম্পূৰ্ণ সুবিধা প্রদান কৰিব নোৱাৰে। ছাত্র-ছাত্রীসকলে এই যোগাযোগত নিষ্ক্রিয় শ্রোতাৰ ভূমিকা পালন কৰে। দ্বিপাক্ষিক যোগাযোগত প্ৰতিপুষ্টিৰ সুবিধা আছে। এই প্ৰতিপুষ্টিৰ ফলত শুদ্ধভাৱে সম্পূৰ্ণ তথ্য আহৰণ কৰিব পাৰে ৷ গ্ৰাহকৰূপে ছাত্ৰ-ছাত্ৰীৰ বাবে দ্বি-পাক্ষিক যোগাযোগ বাৰ্তাৰ বোধগম্যতা প্ৰদান কৰিব পাৰে ৷

১৪। প্রক্ষেপণমূলক সজুঁলিৰ সুবিধা কি কি?

What are the advantages of projected aids? 

উত্তৰঃ প্রক্ষেপণমূলক সজুঁলিৰ সুবিধা হ'ল-

(i) প্রক্ষেপনমূলক সজুঁলিবোৰৰ ভিত্তি হ'ল আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা।

(ii) দর্শক বা ছাত্ৰ-ছাত্ৰীৰ মনোযোগ এই সজুঁলিবোৰে অতি সহজে আকৰ্ষণ কৰিব পাৰে আৰু মনোযোগ দীর্ঘস্থায়ী হোৱা দেখা যায়।

(iii) শিক্ষাদান আৰু শিক্ষা গ্রহণ প্ৰক্ৰিয়াত সময় আৰু প্ৰচেষ্টাৰ ক্ষেত্ৰত এই সজুঁলিবোৰে মিতব্যয়িতা প্ৰদান কৰে।

(iv) একেলগে বহুতো ছাত্র-ছাত্রীক এই সজুঁলিৰ যোগে শিক্ষা প্ৰদান কৰিব পাৰি ৷

(v) এই সজুঁলিবোৰে ব্যক্তিমুখী শিক্ষাত গুৰুত্ব দিয়ে। অর্থাৎ ছাত্ৰ-ছাত্ৰীৰ ব্যক্তি পাৰ্থক্যৰ মনোবৈজ্ঞানিক নীতিত এই সজুঁলিবোৰে বিশ্বাস কৰে।


১৫। অপ্রক্ষেণমূলক সজুঁলিৰ সুবিধা আৰু অসুবিধাবোৰ আলোচনা কৰা।

Discuss the advantages and disadvantes of non-projected aids.

উত্তৰঃ অপ্রক্ষেণমূলক সজুঁলিৰ সুবিধাবোৰ হ'ল-

(i) অপ্রক্ষেপনমূলক সজুঁলিবোৰ কম খৰচী বা শিক্ষানুষ্ঠানবোৰে এইবোৰ সহজে ব্যৱহাৰ কৰিব পাৰে।

 (ii) এই সজুঁলিবোৰ জটিল নহয় বা ইয়াৰ প্ৰয়োগৰ বাবে শিক্ষাদান পৰিৱেশৰ বিশেষ প্রস্তুতি কথা নাথাকে।

(iii) এই সজুঁলিবোৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞ লোকৰ প্রয়োজন নাই। শিক্ষকসকলে নিজেই এই সজুঁলিবোৰ প্ৰয়োগ কৰিব পাৰে।

(iv) বিজুলী শক্তিৰ প্ৰয়োগ অবিহনেও এই সজুঁলিবোৰ প্ৰয়োগ কৰিব পৰা যায়।

(v) এঠাইৰ পৰা আন এঠাইলৈ অতি সহজে এই সজুঁলিবোৰ অনা-নিয়া কৰিব পাৰি।

(vi) বিভিন্ন বিষয়ৰ শিক্ষকসকলে নিজৰ প্ৰয়োজন অনুসৰি অপ্ৰক্ষেপনমূলক সজুঁলি বিকশাই তুলিৰ পাৰে।

অপ্রক্ষেণমূলক সজুঁলিৰ অসুবিধাবোৰ হ'ল-

(i) সকলো শিক্ষকে আকর্ষণীয় ৰূপত এই সজুঁলিবোৰ শ্ৰেণীকোঠাত উপস্থাপন কৰিব নোৱাৰে। 

(ii) এই সজুঁলিবোৰ অধিক সংখ্যক শিক্ষা গ্ৰহণকাৰীৰ বাবে জনশিক্ষাৰ মাধ্যম স্বৰূপে প্ৰয়োগ কৰিব নোৱাৰি।

(iii) দীৰ্ঘ সময়ৰ বাবে এইবিধ সজুঁলিয়ে ছাত্ৰ-ছাত্ৰীৰ মনোযোগ ধৰি ৰাখিব নোৱাৰে। 

১৬। ইণ্টাৰনেট কি?

What is internet?

উত্তৰঃ ইন্টাৰনেট হ'ল- কম্পিউটাৰৰ ব্যাপক প্ৰয়োগৰ ফলস্বৰূপে পৃথিৱীৰ বিভিন্ন দেশবোৰৰ মাজত সংযোগ সাধনৰ প্রয়োজনীয়তাৰ ভিত্তিত ইণ্টাৰনেট ব্যৱস্থাৰ সৃষ্টি হয়। টিম বার্ণার্চ লী (Tim Berners Lee) নামৰ ছুইজাৰলেণ্ডৰ এজন বিশেষজ্ঞই সমগ্ৰ পৃথিৱীৰ মাজত যোগাযোগ স্থাপনৰ বাবে এক সংযোগ ব্যৱস্থাৰ সৃষ্টি কৰে।  পৃথিৱীৰ কম্পিউটাৰবোৰৰ তথ্য সৰবৰাহ আৰু যোগাযোগৰ বাবে অন্য মাধ্যমৰ যোগেদি সংযোগ কৰা ব্যৱস্থাটোৱে হ'ল কম্পিউটাৰ নেটৱৰ্ক। এই সংযোজন কার্য উপগ্রহ বা কেৱল (Cable) ৰ জৰিয়তে কৰা হয়। এইদৰে যদি অসংখ্য কম্পিউটাৰ নেটৱৰ্ক লগ লগাই দিয়া হয়, তেনেহ'লে কম্পিউটাৰ সন্মিলিত হৈ এক বিশাল তথ্য ভাণ্ডাৰ হ'ব। কম্পিউটাৰ নেটৱৰ্কৰ লগত আন বহুতো নেটৱৰ্ক সংযোগ কৰা ব্যৱস্থাটোৱে হ'ল ইণ্টাৰনেট। ইণ্টাৰনেট কোনো যন্ত্ৰ, কম্পিউটাৰ প্ৰগ্ৰেম বা হাৰ্ডৱেৰ বা ছপটৱেৰ নহয়।  বর্তমান বহুলভাৱে ব্যৱহৃত হোৱা ৱৰ্ল্ডৱাইড ৱেব (World wide web বা WWW) ইণ্টাৰনেট ব্যৱস্থাৰে এক অংশ। ইয়াৰ সহায়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগত সহজতে, দ্রুততাৰে আৰু কম খৰচতে সংযোগ স্থাপন কৰিব পাৰি ।

১৭। ইণ্টাৰনেটত ব্যৱহৃত সামগ্ৰীবোৰ কি কি?

What are the materials used in internet?

উত্তৰঃ ইণ্টাৰনেটত ব্যৱহৃত সামগ্ৰীবোৰ হ'ল-

(১) কম্পিউটাৰ (Computer) : ইণ্টাৰনেটৰ কাৰ্য সম্পাদনৰ বাবে প্ৰয়োজন হোৱা এক সামগ্ৰী কম্পিউটাৰ হ'ল ইণ্টাৰনেটৰ ক্ৰিয়া-কলাপৰ মাধ্যম। ইণ্টাৰনেটৰ বাবে প্ৰয়োজন হোৱা কম্পিউটাৰটোত বাহ্যিক আৰু আভ্যন্তৰীণ মডেম সংযোগ কৰাৰ ব্যৱস্থা থাকিব লাগে আৰু উচ্চ শক্তিসম্পন্ন হ'ব লাগে।

(২) মডেম (Modem) : মডেম যন্ত্ৰৰ সহায়ত তথ্যবোৰৰ প্ৰয়োজনীয় ৰূপান্তৰ সাধন কৰিব পাৰি। কম্পিউটাৰে মডেমলৈ ডিজিটেল বা সংখ্যাৰ চিহ্নবোৰ প্ৰেৰণ কৰে যিবোৰ মডেমে এনালগ চিহ্নলৈ ৰূপান্তৰ কৰে।  মডেমে দুইবিধ ভিন ভিন চিহ্নৰ (ডিজিটেল চিহ্ন আৰু এনালগ চিহ্ন) মাজত পাৰস্পৰিক ৰূপান্তৰ সম্ভৱ কৰি তথ্য আদান প্ৰদান কৰে। মডেম সাধাৰণতে দুই প্ৰকাৰৰ। যেনে— 

(ক) বাহ্যিক মডেম (External Modem)

(খ) আভ্যন্তৰীণ মডেম (Internal Modem ) ঃ

(৩) টেলিফোন লাইন (Telephone line) : কম্পিউটাৰৰ লগত ইণ্টাৰনেট সেৱাকাৰী সংস্থাৰ (Internet Service Provider বা ISP) যোগাযোগ স্থাপন কৰিবৰ বাবে টেলিফোন লাইনৰ প্ৰয়োজন হয়। 

(৪) চফটৱেৰ উপাদান (Software Materials) : কম্পিউটাৰ, মডেম আৰু টেলিফোন লাইনৰ উপৰিও ইণ্টাৰনেটত কাৰ্য সম্পাদনৰ বেলিকা ব্যৱহাৰ হোৱা আন এক সামগ্ৰী হ'ল চফটৱেৰ উপাদান। 

(৫) সেৱা প্ৰদানকাৰী সংস্থা (Service Provider) : ইণ্টাৰনেটত সেৱা প্ৰদান কৰিবৰ বাবে বিভিন্ন ব্যৱসায়িক সংস্থা থাকে। কম্পিউটাৰ, মডেম, টেলিফোন লাইন, চফটৱেৰ উপাদন আদি সংযোগ কৰাৰ পিছত 

১৮। টোকা লিখা

(Write notes on) :

(ক) ইনফ্রি বনেট

INFLIBNET

উত্তৰঃ INFLIBNET ৰ সম্পূৰ্ণ আকাৰটো হ'ল Information and Library Network (তথ্য আৰু পুথিভড়াল নেটৱৰ্ক)। ই হৈছে ১৯৯১ চনৰ মাৰ্চ মাহত স্থাপন হোৱা বিশ্ববিদ্যালয় অনুদান আয়োগৰ এক স্ব-নিয়ন্ত্রিত আন্তঃবিশ্ববিদ্যালয় কেন্দ্র (Inter University Centre)। বিশ্ববিদ্যালয়ৰ পুথিভড়ালবোৰ আধুনিক কৰাৰ লগত INFLIBNET সম্বন্ধিত । INFLIBNET ৰ প্ৰধান কেন্দ্ৰ আহমেদাবাদৰ গুজৰাট বিশ্ববিদ্যালয়ৰ চৌহদত অৱস্থিত।

INFLIBNET ৰ প্ৰধান উদ্দেশ্যবোৰ হ'ল—

(১) শিক্ষাবিদ আৰু গৱেষকসকলৰ মাজত পাণ্ডিত্যপূর্ণ যোগাযোগ বিকশাই তোলা। 

(২) দেশৰ পুথিভড়াল আৰু তথ্য কেন্দ্ৰবোৰ আধুনিকীকৰণ কৰা।

(৩) ব্যৱহাৰকাৰীসকলক দ্রুত আৰু দক্ষ সেৱা প্ৰদান কৰা। 

ভাৰতবৰ্ষৰ সকলো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ বিকাশৰ বাবে INFLIBNET এ বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰা দেখা যায়। সেইবোৰ হ'ল—

(১) e-Consortium : ইয়াৰ অন্তৰ্গত সুবিধাবোৰ হ'ল e-shodhshindhu, UGC - INFONET Digital Library consortium আৰু NLIST আঁচনি।

(২) IndCat : ভাৰতৰ প্ৰধান বিশ্ববিদ্যালয়ৰ পুথিভড়ালবোৰত উপলব্ধ' কিতাপ, গৱেষণা গ্রন্থ আৰু পত্ৰ, পত্ৰিকা আদিৰ অনলাইন পুথিভড়ালৰ সূচী (Online Library Catalogue)।

(৩) INFOPORT : ভাৰতৰ বৈদ্যুতিক সম্পদবোৰৰ বিষয়ৰ দুৱাৰ হ'ল Infoport |

(8) Institutional Repository : Dspace Software ৰ যোগে INFLIBNET বিকশাই তোলা ডিজিটেল ভাণ্ডাৰৰ অন্তৰ্গত বিষয়বোৰ হ'ল ছপা আৰু মাধ্যম সম্বন্ধিত নথি, বার্ষিক তথ্য, বিশেষ আলোচনাৰ সাৰাংশ আদি।

(৫) OJAS (Open Journal Access System) : গৱেষণাৰ সুগমতা বিস্তাৰ আৰু বৃদ্ধিৰ বাবে OJAS এ পত্রিকাবোৰ ব্যৱস্থাপনা আৰু প্ৰকাশৰ দায়িত্ব গ্ৰহণ কৰে।


(খ) সামাজিক মাধ্যম 

Social media

উত্তৰঃ  বর্তমান সময়ত বহুলভাৱে প্ৰচলিত এক শব্দ হ'ল ছচিয়েল মিডিয়া বা সামাজিক মাধ্যম। সামাজিক মাধ্যম হৈছে এক অনলাইন যোগাযোগ ব্যৱস্থা যত ব্যৱহাৰকাৰীয়ে বিষয় সৃষ্টি কৰিব পাৰে আৰু বিতৰণ কৰিব পাৰে আৰু বিভিন্ন ধৰণেৰে এজনে আন এজনৰ লগত আন্তঃক্রিয়া সম্পন্ন কৰিব পাৰে। সামাজিক মাধ্যমে সুগমতা আৰু ব্যৱহাৰ অতি সহজলভ্য কৰি তুলিছে আৰু ইয়াৰ যোগেদি এজনে আন এজনৰ লগত মুক্তভাৱে যোগাযোগ বা ভাৱৰ আদান প্রদান কৰিব পাৰে ।

সামাজিক মাধ্যমৰ যোগেদি ব্যক্তিয়ে নিজৰ মতামত অতি সহজে বৃহৎ সংখ্যক মানুহৰ মাজত উপস্থাপন কৰিব পাৰে। সামাজিক মাধ্যমে ব্যক্তিক বৰ্তমান পৰিস্থিতিৰ ক্ষেত্ৰত সদায় সজাগ কৰি ৰাখে। সামাজিক মাধ্যম বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। যেনে ঃ

(i) আলোচনা মাধ্যম (Discussion Forum) : ৰেডিট, কোৰা, ডিগ

(ii) বুকমার্কিং আৰু কণ্টেণ্ট কিউৰেচন নেটৱৰ্ক (Bookmarking and Content Curation Netwrok) : পিণ্টেৰেষ্ট, ফ্লিপবোর্ড।

(iii) গ্রাহক পর্যালোচনা নেটৱৰ্ক (Consumer Review Networks) য়েন্স, যমোটো, ট্রিপ এডভাইছাৰ ৷

(iv) সামাজিক বজাৰ নেটৱৰ্ক (Social Shopping Networks)।

(v) ইণ্টাৰনেট ভিত্তিক নেটৱৰ্ক (Internet Based Networks)।

বিভিন্ন ধৰণৰ সামাজিক মাধ্যমবোৰে ছাত্র-ছাত্রীসকলক শিক্ষা অভিজ্ঞতাও প্রদান কৰে। উদাহৰণস্বৰূপে ইউটিউব, ফেচবুক, ব্লগ আদিত বিভিন্ন ধৰণৰ পাঠ্যক্ৰমিক আৰু শৈক্ষিক বিষয় উপস্থাপন কৰা হয় যিবোৰ সকলো স্তৰৰ শিক্ষাৰ্থীৰ বাবেই অতি প্রয়োজনীয়। 

.

উত্তৰঃ সাধাৰণ ইলেকট্রনিক বা বৈদ্যুতিক শিকণ হ'ল বৈদ্যুতিক মাধ্যম যেনে— ইণ্টাৰনেট, চেটেলাইট টি.ভি, ভিডিঅ’/অডিঅ' টেপ আৰু চিডি ৰ’ম আদিৰ যোগেদি প্ৰদান কৰা নিৰ্দেশনা বা শিক্ষাদান বা শিক্ষাগ্রহণ। বৈদ্যুতিক শিকণৰ ধাৰণা দৰাচলতে দূৰত্ব শিক্ষাৰ ধাৰণা পৰা সৃষ্টি হৈছে।  ই হ'ল অতি উচ্চখাপৰ শিকণ ৷ প্ৰশিক্ষণ আৰু শিক্ষণৰ লগত জড়িত খৰচ, যাতায়তৰ খৰচ, কিতাপ-পত্ৰৰ খৰচ কমাই বৈদ্যুতিক শিকণে শিকণৰ সমগ্ৰ ধাৰণাৰে পৰিৱৰ্তন সাধন কৰিছে।

বৈদ্যুতিক শিকণত শিক্ষা লাভ কার্য ‘অনলাইন' (Online) ৰ দ্বাৰা পৰিচালিত হয়। ইণ্টাৰনেটৰ সংযোগত গঢ়ি উঠা ‘অনলাইন’ যোগে লাভ কৰা শিক্ষাত ছাত্ৰ-ছাত্ৰীসকলে স্বতঃস্ফুর্তভাৱে প্ৰতিপুষ্টি লাভ কৰিব পাৰে।  বৈদ্যুতিক শিকণৰ যোগে আহৰণ কৰা জ্ঞান সাধাৰণতে আন্তঃক্রিয়াহীন হয় য’ত শিক্ষাৰ্থীসকলে কোনো  ধৰণৰ কাৰ্য সম্পাদন নকৰাকৈ পঢ়ি বা চাই শিক্ষা লাভ কৰে, যেনে—তথ্য, ভিডিঅ' বা পাৱাৰ পইণ্ট উপস্থাপন আদি। ইয়াৰ বাহিৰেও বৈদ্যুতিক শিকণত এনে কেতবোৰ বিষয় আছে য'ত শিক্ষার্থীসকলে আন্তঃক্রিয়া সম্পাদন কৰিব পাৰে।

বর্তমান সময়ত বৈদ্যুতিক শিকণৰ পৰিপূৰক হিচাপে আন কেতবোৰ শব্দ ব্যৱহাৰ কৰা হয়। যেনে— কাগজবিহীন শিক্ষা (Paperless education), বৈদ্যুতিক শিক্ষা (E-education), অনলাইন শিক্ষা (Online education), ৱেব বেচদ শিক্ষা (Web based education) আদি। 

(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answers)

১। যোগাযোগ কি? যোগাযোগ প্ৰক্ৰিয়াৰ মুখ্য নীতিবোৰ আলোচনা কৰা।

What is communication? Discuss the main principles of communication process.

উত্তৰঃ যোগাযোগ বুলিলে দুটা পক্ষৰ মাজত সংঘটিত হোৱা  উদ্দেশ্যপূৰ্ণ আন্তঃক্ৰিয়াকে বুজা যায়। ই হৈছে দিয়া আৰু লোৱাৰ প্ৰক্ৰিয়া।

যোগাযোগ প্ৰক্ৰিয়াৰ মুখ্য নীতিবোৰ তলত আলোচনা কৰা হ'ল- 

(১) প্ৰস্তুতি আৰু অভিৰোচনৰ নীতি (Principle of Readiness and Motivation) : প্ৰেৰক আৰু গ্ৰাহক উভয় পক্ষই সমগ্র যোগাযোগ প্রক্ৰিয়াত প্ৰস্তুত আৰু অভিৰোচিত হৈ থাকিব লাগে। মনোযোগ, উৎসাহ আৰু উদ্দীপনাৰ অভাৱৰ বাবে যোগাযোগৰ সমগ্ৰ প্ৰক্ৰিয়াটোৱে প্ৰভাৱিত হোৱা দেখা যায়।

(২) সক্ষমতা আৰু যোগ্যতাৰ নীতি (Principle of Competency and Worth) : প্রয়োজনীয় তথ্য বা বার্তা গ্ৰহণ কৰিবৰ বাবে প্ৰেৰক আৰু গ্ৰাহকজন সক্ষম আৰু যোগ্য হোৱাটো বাঞ্চনীয়। কোনো এক বার্তা উপযুক্তভাৱে প্ৰেৰণ কৰা, গ্ৰহণ কৰা কাৰ্যৰ বাবে যোগাযোগৰ কৌশলবোৰ বিকশাই তুলিব লাগে। যোগাযোগৰ এক উৎস হিচাপে প্ৰেৰক বা শিক্ষকৰ উপযুক্ত জ্ঞান থাকিব লাগে যাতে যোগাযোগ কার্য সফল কৰিব পৰা যায়।

(৩) অংশীদাৰিত্ব আৰু আন্তঃক্ৰিয়াৰ নীতি (Principle of Sharing and Interaction) : যিহেতু যোগাযোগ এক দ্বি-মুখী প্ৰক্ৰিয়া গতিকে ইয়াৰ সফলতা নিৰ্ভৰ কৰে যোগাযোগৰ উৎস (শিক্ষক) আৰু গ্ৰাহক (ছাত্ৰ-ছাত্ৰী) ৰ মাজত হোৱা আন্তঃক্ৰিয়া আৰু ধাৰণাৰ অংশীদাৰীত্বৰ ওপৰত। অধিক পৰিমাণৰ আন্তঃক্ৰিয়াৰ ফলত গ্রাহকস্বৰূপ ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰে শিকণ-শিক্ষণ প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব পাৰিব আৰু ইয়ে যোগাযোগ প্ৰক্ৰিয়াত সদর্থক ফলাফল প্ৰদান কৰিব।

(৪) মাধ্যম আৰু চেনেলৰ উপযুক্ততাৰ নীতি (Principle of Appropriate Media and Channel) : যোগাযোগ প্ৰক্ৰিয়াৰ ফলপ্ৰসূতা যোগাযোগৰ মাধ্যম আৰু চেনেলৰ উপযুক্ততা, গুণগত মান আৰু সবলতাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে যোগাযোগ কাৰ্য সম্পাদনৰ সময়ত শাব্দিক আৰু আশাব্দিক মাধ্যমবোৰৰ প্ৰয়োগ কৰিব লাগে। একেদৰে বহুমাধ্যমুখী চেনেলৰ প্ৰয়োগৰ ওপৰতো গুৰুত্ব দিব লাগে।

(৫) উপযুক্ত প্রতিপুষ্টি প্ৰদানৰ নীতি (Principle of Appropriate Feedbook) : যোগাযোগ প্ৰক্ৰিয়াৰ সফলতা গ্রাহক আৰু প্ৰেৰকৰ উপযুক্ত প্ৰতিপুষ্ঠিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। শ্ৰেণীকোঠা এটাত যদি শিক্ষক এজনে নিজৰ শিক্ষকতাৰ গুণগত প্ৰতিপুষ্টি ছাত্ৰ-ছাত্ৰীৰ পৰা লাভ কৰে তেন্তে ইয়ে প্রেৰক স্বৰূপ শিক্ষকক ভৱিষ্যতে অধিক সফলতাৰে ছাত্ৰ-ছাত্ৰীৰ লগত যোগাযোগ সম্ভৱ কৰাৰ বাবে উৎসাহিত কৰিব।

(৬) প্ৰতিবন্ধকতাৰ নিৰাময়ৰ নীতি (Principle of removing of barriers of Communication) : যোগাযোগৰ উৎস আৰু গ্ৰাহকৰ মাজত বিভিন্ন মধৱৰ্তী কাৰকে ক্ৰিয়া কৰে ৷ এই মধ্যৱৰ্তী কাৰকবোৰে বিভিন্ন সময়ত সদর্থকভাৱে বা নঞর্থকভাৱে, সফলভাৱে বা অসফলভাৱে যোগাযোগৰ উৎস আৰু গ্ৰাহকৰ ওপৰত প্ৰভাৱ পেলায়। সেয়ে, নঞর্থকভাৱে আৰু অসফলভাৱে প্ৰভাৱ পেলোৱা কাৰকবোৰ নিৰাময় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

২। যোগাযোগৰ উপাদানবোৰ বৰ্ণনা কৰা ।

 Explain the components of communication.

উত্তৰঃ  যোগাযোগৰ উপাদানবোৰ তলত  বৰ্ণনা কৰা হ'ল-

(i) যোগাযোগৰ উৎস বা বাৰ্তাৰ প্ৰেৰক (Source of Communication or sender of the message) : যোগাযোগ প্রক্রিয়া যোগাযোগৰ উৎসৰ পৰা আৰম্ভ হয়। কোনো বস্তু, ঘটনা বা ব্যক্তিয়ে যোগাযোগৰ উৎস স্বৰূপে ক্ৰিয়া কৰা দেখা যায়। এই উৎসৰ জৰিয়তে কোনো তথ্য, ধাৰণা, মতামত, অনুভূতি আদি গ্ৰাহকলৈ প্ৰেৰণ কৰা হয়। যোগাযোগ প্রযুক্তিবিদ্যাৰ ভাষাত এই উৎসক 'প্ৰেৰক' (Sender) বুলি জনা যায়। শ্ৰেণীকোঠাৰ শিকণ শিক্ষণ প্ৰক্ৰিয়াত শিক্ষকজন হ'ল বাৰ্তাৰ প্ৰেৰক।

(ii) বিষয়বস্তু বা বার্তা (Contents or Message) : প্ৰেৰকে বা যোগাযোগৰ উৎসই নিজৰ ভৰালৰ পৰা জ্ঞান, তথ্য, চিন্তা, মতামত, ভাৱধাৰণা ইত্যাদি আদি আন কোনো ব্যক্তি বা ব্যক্তি সমষ্টিক প্ৰদান কৰে। এই জ্ঞান, তথ্য, চিন্তা, মতামত ভাৱ ধাৰণা ইত্যাদিবোৰ হ'ল যোগাযোগৰ বাৰ্তা বা বিষয়বস্তু। যোগাযোগৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি এই বার্তা বা বিষয়বস্তুবোৰ সংগঠিত বা অসংগঠিত বা স্বতঃস্ফূর্ত প্ৰকৃতিৰ হ'ব পাৰে। শিকন-শিক্ষণ প্ৰক্ৰিয়াত শিক্ষকে শিকোৱাবোৰক বাৰ্তা বা বিষয়বস্তু বোলা হয়।

(iii) পথ বা মাধ্যম (Channel or Medium) : বিষয়বস্তু বা বার্তা এজনৰ পৰা আন এজনলৈ পঠিওৱাৰ উপায় হ'ল পথ বা মাধ্যম। মাধ্যম অবিহনে বাৰ্তা প্ৰেৰণ কৰা অসম্ভৱ আৰু প্ৰেৰক আৰু গ্ৰাহকৰ মাজৰ সংযোগো অসম্ভব। যোগাযোগ প্রক্রিয়াত পথ বা মাধ্যম বিভিন্ন ধৰণৰ হ'ব পাৰে; যেনে—ভাষিক (মৌখিক বা লিখিত শব্দ) আৰু অভাষিক (স্পৰ্শ, দেহৰ ভাষা, প্রতীকী ভাষা, উঠা-বহা আদি)। এই ভাষিক আৰু অভাষিক উপাদানৰ বাহিৰেও বৰ্তমানৰ সমাজ ব্যৱস্থাত আন কেতবোৰ উপাদানেও যোগাযোগৰ পথ বা মাধ্যম স্বৰূপে কাৰ্য কৰে। সেয়া হ'ল— ৰেডিঅ', টেলিভিচন, কম্পিউটাৰ, ইণ্টাৰনেট, বাতৰি কাকত, টেলিফোন, চিডি. কেছেট, উপগ্রহ ব্যৱস্থা ইত্যাদি। 

(iv) সংকেতযুক্তকৰণ (Encoding) : ভাষিক আৰু অভাষিক পথ বা মাধ্যমবোৰৰ যোগেদি বার্তা প্ৰেৰণ কৰাৰ বেলিকা এক বিশেষ ব্যৱস্থাৰ সহায় লোৱা হয়। এই ব্যৱস্থাকেই সংকেতযুক্তকৰণ বোলা হয়। সংকেতযুক্তকৰণ ব্যৱস্থা প্ৰয়োগ কৰাৰ কাৰণ হ'ল বাৰ্তা বা বিষয়বস্তু পথ বা মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰোঁতে তাক হুবহু ৰূপত প্ৰেৰণ কৰা সম্ভৱ নহয়। ইয়াৰ বাবে কেতবোৰ সংকেত বা প্রতীকৰ সহায় লোৱা হয় যিবোৰ প্ৰেৰক আৰু গ্ৰাহক উভয়ৰে বাবে বোধগম্য হয়। উদাহৰণ কোনো এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ কামত অসন্তুষ্ট হৈ কেতবোৰ সংকেত বা প্রতীক যেনে—'মই এইবোৰ ভাল পোৱা নাই', 'মই এইবোৰ নকৰো? বা আন কোনা দৈহিক ভাৱ ভংগীৰে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে। এয়াই হ'ল যোগাযোগ প্ৰক্ৰিয়াৰ সংকেতযুক্তকৰণ।

(v) সংকেতমুক্তকৰণ (Decoding) : সংকেতমুক্তকৰণ হ'ল সংকেতমুক্তকৰণৰ বিপৰীত অৱস্থা। বাৰ্তা প্ৰেৰণ কাৰ্যত যিদৰে সংকেতযুক্তকৰণ জড়িত হৈ থাকে ঠিক একেদৰে গ্ৰাহকে বার্তা গ্ৰহণ কৰিবৰ বাবে সংকেতমুক্তকৰণ অতি প্রয়োজনীয়। প্ৰেৰিত বাৰ্তাৰ অৰ্থ উপলব্ধি কেৱল মাত্র সংকেতমুক্তকৰণ অৱস্থাৰ পিছতহে সম্ভৱ।

(vi) গ্রাহক (Receiver) : যোগাযোগ প্ৰক্ৰিয়াৰ বাৰ্তা গ্ৰহণ কৰাজন হ'ল গ্রাহক। গ্রাহকে উৎস বা প্ৰেৰকৰ দ্বাৰা প্ৰেৰিত সংকেতযুক্ত বার্তা সংকেতমুক্ত কৰি উপযুক্তভাৱে মতামত প্ৰদান কৰে আৰু প্ৰেৰকলৈ উপযুক্ত প্রতিপুষ্টিও প্রদান কৰে। এইদৰে যোগাযোগ প্ৰক্ৰিয়াত গ্রাহকেও এক সক্রিয় ভূমিকা গ্ৰহণ কৰা দেখা যায়। যোগাযোগ কাৰ্যৰ সফলতা নিৰ্ভৰ কৰিব যদিহে গ্ৰাহকজনে সংকেতযুক্ত বার্তা সংকেতমুক্ত কৰি অর্থপূর্ণভাৱে তাক উপলব্ধি কৰি প্ৰতিপুষ্টি প্ৰদান কৰিব। 

(vii) প্রতিক্রিয়া সামগ্রী বা প্রতিপুষ্টি সাধন ( Response Material or Feedback) : যোগাযোগৰ ধাৰা অব্যাহত ৰখাৰ বেলিকা প্ৰতিক্ৰিয়া সামগ্রী বা প্রতিপুষ্টি সাধন হ'ল এক ব্যৱস্থা যাৰ জৰিয়তে প্ৰেৰিত বাৰ্তাৰ সম্বন্ধে গ্ৰাহকে প্ৰেৰকলৈ প্ৰতিক্ৰিয়া প্ৰদান কৰিব পাৰে। প্ৰতিপুষ্টি প্ৰক্ৰিয়াৰ ফলপ্ৰসূতা বিষয়বস্তু বা বাৰ্তাৰ গুণমানৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰতিপুষ্টি প্রদান কার্যৰ জৰিয়তে প্ৰেৰকে প্ৰেৰক আৰু গ্ৰাহকৰ সংযোগহীনতাৰ বিষয়েও জানিব পাৰে। প্ৰতিপুষ্টি নাথাকিলে গ্রাহকে কোনো সংবাদ বুজি পাইছে নে নাই তাক জানিব নোৱাৰি। 

(viii) যোগাযোগৰ সুবিধা-অসুবিধাৰ দিশ (Facilitators or Barriers of Communication): যোগাযোগ প্ৰক্ৰিয়াৰ গুণমান আৰু ফলপ্ৰসূতা যোগাযোগৰ উৎস আৰু গ্ৰাহকৰ মাজৰ কোনো মধ্যস্থতাকাৰী চলকৰ দ্বাৰা সন্তোষজনভাৱে বা অসন্তোষজনকভাৱে প্ৰভাৱিত হয়। এই চলকবোৰে নিজৰ প্ৰকৃতি অনুসৰি যোগাযোগ কাৰ্যক সহায় কৰা বা বিপদত পেলোৱা দেখা যায় আৰু ইয়াকে যোগাযোগৰ সুবিধা-অসুবিধাৰ দিশ বোলা হয়। 


৩। শ্ৰেণীকোঠাৰ যোগাযোগ প্রক্রিয়াত বাধাদানকাৰী কাৰকবোৰ বৰ্ণনা কৰা। 

Explain about the barriers of classroom communication process.

উত্তৰঃ  শ্ৰেণীকোঠাৰ যোগাযোগ প্রক্রিয়াত বাধাদানকাৰী কাৰকবোৰ তলত বৰ্ণনা কৰা হ'ল-

(১) দৈহিক বাধা (Physical Barriers) :

(i) পৰিৱেশ (Environment) : যোগাযোগ স্থাপন হ'ব লগা শ্ৰেণীকক্ষৰ পৰিৱেশে যোগাযোগত বাধা প্ৰদান কৰা দেখা যায়। বেয়া বতৰ যেনে— বিজুলী-ঢেৰেকণি, আন্ধাৰ, অত্যাধিক গৰম আদিয়ে যোগাযোগক বেয়াকৈ প্ৰভাৱিত কৰে।

(ii) শব্দ (Noise) : যোগাযোগৰ স্পষ্টতাত বাধাদান কৰা এক কাৰক হ'ল শব্দ। শ্ৰেণীকোঠাৰ যোগাযোগত বাধাদান কৰা শব্দ তিনি প্ৰকাৰৰ। যেনে—

(ক) দৈহিক শব্দ (Physical Noise) : পৰিৱেশৰ বিভিন্ন পৰিস্থিতিৰ পৰা পোৱা বিকর্ষণমূলক শব্দ, যেনে—কল কাৰখানাৰ ইঞ্জিনৰ শব্দ, বজাৰৰ শব্দ, বাহিৰৰ চিঞৰ-বাখৰ আদি।

(খ) লিখাৰ শব্দ (Written Noise) : বিসংগতিপূর্ণভাৱে লিখা-মেলা কৰিলে হোৱা শব্দ।

(iii) অদৃশ্যতা/দূৰত্ব (Invisibility / Distance) : মৌখিক যোগাযোগৰ বেলিকা প্ৰেৰক আৰু গ্ৰাহকৰ মাজৰ দৈহিক দূৰত্বতাইও যোগাযোগত বাধা প্ৰদান কৰে। অত্যাধিক ডাঙৰ শ্ৰেণীকোঠা, ছাত্র-শিক্ষকৰ চকুৱে চকুৱে সম্বন্ধ ৰক্ষাৰ অসুবিধা আদিৰ বাবে যোগাযোগত বাধা আহি পৰে।

(iv) দৈহিক অসুবিধা / ৰুগীয়া স্বাস্থ্য (Physical Discomfort / Ill Health) : যদিহে বহাৰ সুবিধা উপযুক্ত নহয় আৰু চকী-মেজবোৰ নিম্নমানৰ হয় তেন্তে ছাত্ৰ-ছাত্ৰীসকলে বার্তা গ্ৰহণ কৰাতকৈ বহাৰ অসুবিধাবোৰতহে অধিক গুৰুত্ব দিব। আকৌ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ ৰুগীয়া স্বাস্থ্যইও যোগাযোগত বাধা প্ৰদান কৰা দেখা যায়।

(v) অনুপযুক্ত সময় (Improper Time) : অনুপযুক্ত সময়েও যোগাযোগত বাধা প্রদান কৰে। যদি শিক্ষকে খেলৰ পিৰিয়ডৰ পিছত অংক বা বিজ্ঞানৰ পাঠদান কৰে তেন্তে ফলপ্রসূ যোগাযোগ সম্ভৱ নহয়। একেদৰে এটা শ্ৰেণীৰ দৈৰ্ঘ্য অত্যাধিক দীঘল হ'লেও ছাত্ৰ-ছাত্ৰীৰ মাজত ক্লান্তি বা অৱসাদ আহিব পাৰে।ইয়েও যোগাযোগ ব্যাহত কৰে।


(২) ভাষিক বাধা (Language Barriers) :

(i) ভাষিক অদক্ষতা (Language Inadequancy) : কেতিয়াবা দেখা যায় যে প্ৰেৰক আৰু গ্ৰাহকৰ মাজত ভাষিক অদক্ষতাৰ বাবে যোগাযোগ সম্ভৱ নহয়। ইয়াৰ এক কাৰণ হ'ল দুৰ্বল উচ্চাৰণ।

(ii) অস্পষ্ট চিত্ৰ আৰু চিহ্ন (Unclear Graphics and Symbols) : লিখিত যোগাযোগ ক্ষেত্ৰত প্ৰেৰকে যদি কেতবোৰ এনে চিহ্নৰ প্ৰয়োগ কৰে যিবোৰ সাধাৰণতে ব্যৱহাৰ নহয় তেন্তে গ্রাহকে বার্ত গ্ৰহণ কৰাৰ বেলিকা ভুল কৰাৰ সম্ভাৱনা থাকে।

(iii) শব্দ বহুলতা (Verbosity) : প্ৰেৰকস্বৰূপ শিক্ষকে যদি অতি উচ্চস্তৰৰ আৰু তত্ত্বগধূৰ ভাষাৰে শিক্ষাদান কৰে তেন্তে গ্রাহকস্বৰূপ ছাত্ৰ-ছাত্ৰীৰ বাবে সেয়া বোধগম্য কৰাটো টান হৈ পৰে। ইয়াৰ উপৰি অতি দ্ৰুত গতিত শিক্ষাদান কৰিলেও ছাত্র-শিক্ষকৰ যোগাযোগ প্ৰক্ৰিয়াত বাধা আহি পৰে। 

(৩) মনোবৈজ্ঞানিক বাধা (Psychological Barriers) : আন্তঃব্যক্তি যোগাযোগত মনোবৈজ্ঞানিক কাৰক যেনে—আগ্ৰহ, মনোযোগ, অভিৰোচন আদিবোৰে প্ৰেৰক আৰু গ্ৰাহকক প্ৰভাৱিত কৰে। মানসিকভাৱে প্রস্তুত নোহোৱাকৈ কেৱল দৈহিক উপস্থিতিৰে কোনেও একো শিকিব নোৱাৰে। মনোবৈজ্ঞানিক বাধাৰ কেতবোৰ দিশ হ'ল-

(i) পূৰ্বজ্ঞান আৰু অভিজ্ঞতা (Previous Knowledge and Experiences) : যদি কোনো এগৰাকী ছাত্র বা ছাত্ৰীয়ে পূর্বজ্ঞান-অভিজ্ঞতা আৰু বৰ্তমানৰ জ্ঞান-অভিজ্ঞতাৰ মাজত সংযোগ স্থাপন কৰি নোৱাৰে তেন্তে তেওঁ উপযুক্তভাৱে বার্তা গ্ৰহণ কৰিব নোৱাৰে। যদি অতীত অভিজ্ঞতা অসন্তোষজনক আৰু অসফল হয় তেন্তে ই বৰ্তমানৰ যোগাযোগতো বাধা প্ৰদান কৰিব।

(ii) সাংস্কৃতিক অসমতা আৰু প্ৰজন্ম ব্যৱধান (Cultural Disparities and Generation Gap) ঃ যদি প্ৰেৰক আৰু গ্ৰাহকৰ মাজত সাংস্কৃতিক স্থবিৰতা আৰু দুটা প্ৰজন্মৰ মাজত ব্যৱধান থাকে তেন্তে ইয়ে যোগাযোগ প্রক্রিয়াত বাধাৰ সৃষ্টি কৰে।

(৪) সাংগঠনিক বাধা (Organisational Barriers) :

(i) নীতি-নিয়ম (Rules and Regulation) : অতি কঠিন নিয়ম আৰু অনুশাসনে শ্ৰেণীকোঠাৰ যোগাযোগত বাধাৰ সৃষ্টি কৰে।

(ii) পদানুক্রমিক সম্বন্ধ আৰু সহযোগিতাৰ অভাৱ (Hierarchical Relationship and Lack of Co-operation)ঃ পদানুক্রমিক স্থানবোৰৰ মাজত যদি প্ৰেৰকসকলৰ ব্যৱধান থাকে আৰু সহযোগিত নাথাকে তেতিয়াও যোগাযোগ বাধাপ্রাপ্ত হয়।

(iii) দলৰ আকাৰ (Group Size): যোগাযোগৰ প্ৰকাৰ দলৰ আকাৰৰ ওপৰত নিৰ্ভৰশীল। প্রতিজন ছাত্র-ছাত্ৰীয়ে এজন আনজনৰ পৰা পৃথক। সেয়ে সকলো ছাত্ৰ-ছাত্ৰীৰ লগত শিক্ষকে সমভাৱে যোগাযোগ কৰিব নোৱাৰে।


৪। যোগাযোগৰ বাধাদানকাৰী কাৰকবোৰ আঁতৰোৱাৰ উপায়বোৰ বৰ্ণনা কৰা। 

Explain about the ways to overcome barriers to communication.

উত্তৰঃ  যোগাযোগৰ বাধাদানকাৰী কাৰকবোৰ আঁতৰোৱাৰ উপায়বোৰ  তলত বৰ্ণনা কৰা হ'ল-

(১) দৈহিক বাধা নিৰাময় :

(i) যোগাযোগৰ বাবে শিক্ষণীয় পৰিৱেশ অনুকূল হ'ব লাগে।

(ii) শ্ৰেণীকোঠাত বহু আসনৰ উপযুক্ত সুবিধা থাকিব লাগে।

(iii) শ্ৰেণীকোঠাত উপযুক্তভাৱে শুনা আৰু দেখা পোৱাৰ ব্যৱস্থা কৰিব লাগে।

(২) ভাষিক বাধা নিৰাময় :

(i) প্ৰেৰকস্বৰূপ শিক্ষকে সহজ-সৰল ভাষা প্ৰয়োগ কৰিব লাগে আৰু শব্দ বহুলতা (Verbosity) পৰিহাৰ কৰিব লাগে।

(ii) নতুন চিত্ৰ আৰু চিহ্নবোৰ বৰ্ণনা কৰিব লাগে।

(iii)  যিমান দূৰ সম্ভৱ তাৎক্ষণিক প্ৰতিপুষ্টিৰ ব্যৱস্থা কৰিব লাগে।

(৩) মনোবৈজ্ঞানিক বাধা নিৰাময় :

 (i) ছাত্ৰ-ছাত্ৰীৰ মনত আগ্রহ সৃষ্টি কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু পুৰস্কাৰ প্ৰদানৰ পৰিৱেশ সৃষ্টি কৰিব লাগে।

(ii) জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে দৃশ্য-শ্ৰা সঁজুলিৰ ব্যৱস্থা কৰিব লাগে।

(iii) শিক্ষকসকলে ছাত্র-ছাত্ৰীক বিপদৰ সময়ত সহানুভূতি প্ৰদান কৰিব লাগে ৷

(৪) সাংগঠনিক বাধা নিৰাময় ঃ

 (i) প্ৰেৰকস্বৰূপ শিক্ষকসকলৰ মাজত আৰু শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সুস্থ সম্বন্ধ গঢ়ি তুলিবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব লাগে । 

(ii) দলৰ আকাৰৰ ওপৰত ভিত্তি কৰি যোগাযোগ প্ৰক্ৰিয়াৰ মাধ্যম নির্বাচন কৰিব লাগে।

৫। শ্ৰেণীকোঠাৰ যোগাযোগ ফলপ্রসূ কৰাৰ উপায়বোৰ আলোচনা কৰা। 

Discuss about the ways of effective classroom communication.

উত্তৰঃ শ্ৰেণীকোঠাৰ যোগাযোগ ফলপ্রসূ কৰাৰ উপায়বোৰ  তলত আলোচনা কৰা হ'ল-

(১) দৈহিক বাধা নিৰাময় :

(i) যোগাযোগৰ বাবে শিক্ষণীয় পৰিৱেশ অনুকূল হ'ব লাগে।

(ii) শ্ৰেণীকোঠাত বহু আসনৰ উপযুক্ত সুবিধা থাকিব লাগে।

(iii) শ্ৰেণীকোঠাত উপযুক্তভাৱে শুনা আৰু দেখা পোৱাৰ ব্যৱস্থা কৰিব লাগে।

(২) ভাষিক বাধা নিৰাময় :

(i) প্ৰেৰকস্বৰূপ শিক্ষকে সহজ-সৰল ভাষা প্ৰয়োগ কৰিব লাগে আৰু শব্দ বহুলতা (Verbosity) পৰিহাৰ কৰিব লাগে।

(ii) নতুন চিত্ৰ আৰু চিহ্নবোৰ বৰ্ণনা কৰিব লাগে।

(iii)  যিমান দূৰ সম্ভৱ তাৎক্ষণিক প্ৰতিপুষ্টিৰ ব্যৱস্থা কৰিব লাগে।

(৩) মনোবৈজ্ঞানিক বাধা নিৰাময় :

 (i) ছাত্ৰ-ছাত্ৰীৰ মনত আগ্রহ সৃষ্টি কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু পুৰস্কাৰ প্ৰদানৰ পৰিৱেশ সৃষ্টি কৰিব লাগে।

(ii) জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে দৃশ্য-শ্ৰাৱ্য সঁজুলিৰ ব্যৱস্থা কৰিব লাগে।

(iii) শিক্ষকসকলে ছাত্র-ছাত্ৰীক বিপদৰ সময়ত সহানুভূতি প্ৰদান কৰিব লাগে ৷

(৪) সাংগঠনিক বাধা নিৰাময় ঃ

 (i) প্ৰেৰকস্বৰূপ শিক্ষকসকলৰ মাজত আৰু শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সুস্থ সম্বন্ধ গঢ়ি তুলিবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব লাগে । 

(ii) দলৰ আকাৰৰ ওপৰত ভিত্তি কৰি যোগাযোগ প্ৰক্ৰিয়াৰ মাধ্যম নির্বাচন কৰিব লাগে।

৬। বিভিন্ন প্ৰকাৰৰ অপ্ৰক্ষেপণমূলক সম্পদবোৰ বৰ্ণনা কৰা । 

Explain the different types of non-projected aids.

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ অপ্ৰক্ষেপণমূলক সম্পদবোৰ তলত বৰ্ণনা কৰা হ'ল-

প্ৰক্ষেপনমূলক সজুঁলিৰ তুলনাত অপ্ৰক্ষেপনমূলক সজুঁলিবোৰ সহজলভ্য আৰু মিতব্যয়ী বিধৰ। এই সজুঁলিবোৰ মূলত দৃশ্য সজুঁলি। শ্ৰৱ্য সংবেদন এই সজুঁলিবোৰত পাব পৰা নাযায়। কোনো জটিল সা-সঁজুলিৰ প্ৰয়োগৰ বাবে বিশেষ প্ৰস্তুতিৰ প্ৰয়োজন ইয়াত নাথাকে। এই সজুঁলিবোৰ শিক্ষকে নিজেও প্ৰস্তুত কৰিব পাৰে যাৰ যোগেদি শিক্ষকসকলৰ নতুনত্বৰ ধাৰণা দেখিবলৈ পোৱা যায়। কেতবোৰ অপ্রক্ষেপনমূলক সজুঁলি দ্বিপৰিৰিয় (Two dimensional) আৰু কেতবোৰ ত্ৰিপৰিধিয় (Three Admensional)। দ্বিপৰিধিয় সজুঁলিবোৰত দৈৰ্ঘ আৰু বহুলতা দৃশ্যমান হয় আৰু ত্ৰিপৰিধিয়বোৰত দৈহ আৰু বহুলতাৰ উপৰিও গভীরতাও দৃশ্যমান হয়।

ব্লেক বোর্ড, চুম্বকীয় বোর্ড (Magnetic board), বুলেটিন বোর্ড (Bulletin board), পেগ বোর্ড (Peg বিভিন্ন ধৰণৰ অপ্ৰক্ষেপণমূলক সজুঁলিবোৰ হ'ল—বিভিন্ন প্ৰকাৰৰ বোর্ড যেনে— ক্লোনেল বোল্ড board), মডেল বা আৰ্হি, চিত্র, মানচিত্র, তালিকা বা চার্ট, গ্রাফ, কিতাপ, পোষ্টাৰ, ব্যংগ চিত্ৰ আৰু শিক্ষক নির্মিত অন্যান্য সজুঁলি আদি। অপ্ৰক্ষেপনমূলক সজুঁলিবোৰৰ কেতবোৰ সুবিধা তলত উল্লেখ কৰা হ'ল—

(i) অপ্রক্ষেপনমূলক সজুঁলিবোৰ কম খৰচী বা শিক্ষানুষ্ঠানবোৰে এইবোৰ সহজে ব্যৱহাৰ কৰিব পাৰে।

 (ii) এই সজুঁলিবোৰ জটিল নহয় বা ইয়াৰ প্ৰয়োগৰ বাবে শিক্ষাদান পৰিৱেশৰ বিশেষ প্রস্তুতি কথা নাথাকে।

(iii) বিজুলী শক্তিৰ প্ৰয়োগ অবিহনেও এই সজুঁলিবোৰ প্ৰয়োগ কৰিব পৰা যায়।

(iv) এঠাইৰ পৰা আন এঠাইলৈ অতি সহজে এই সজুঁলিবোৰ অনা-নিয়া কৰিব পাৰি।


অপ্রক্ষেপনমূলক সজুঁলিবোৰৰ কেতবোৰ অসুবিধা হ'ল—

(i) সকলো শিক্ষকে আকর্ষণীয় ৰূপত এই সজুঁলিবোৰ শ্ৰেণীকোঠাত উপস্থাপন কৰিব নোৱাৰে। 

(ii) এই সজুঁলিবোৰ অধিক সংখ্যক শিক্ষা গ্ৰহণকাৰীৰ বাবে জনশিক্ষাৰ মাধ্যম স্বৰূপে প্ৰয়োগ কৰিব নোৱাৰি।

(iii) দীৰ্ঘ সময়ৰ বাবে এইবিধ সজুঁলিয়ে ছাত্ৰ-ছাত্ৰীৰ মনোযোগ ধৰি ৰাখিব নোৱাৰে। 

কেতবোৰ অপ্ৰক্ষেপণমূলক সম্পদৰ চমু বর্ণনা তলত দিয়া হ'ল—


(১) ব্লেকবোর্ড বা চ’কবোর্ড (Blackboard or Chalkboard) : শিক্ষাদান কার্যত ব্যৱহৃত এক পৰম্পৰাগত আৰু সৰল সজুঁলি হ'ল ব্লেকবোর্ড। কোনো বিষয়ৰ সাৰাংশ লিখিবৰ বাবে, বিষয়ৰ শিৰোনাম লিখিবৰ বাবে, তালিকা অংকন কৰাৰ বাবে, জটিল শব্দৰ বিশ্লেষণৰ বাবে আৰু গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষাৰ বাবে ব্লেকবোর্ডৰ ব্যৱহাৰ কৰা হয়। ব্লেকবোর্ড বিভিন্ন প্ৰকাৰৰ হোৱা দেখা যায়; যেনে—কাঠৰ ব্ৰেকবোর্ড, চিমেণ্টৰ ব্লেকবোর্ড, চুম্বকীয় ব্লেকবোর্ড, গ্লাচৰ ব্লেকবোর্ড, মেৰাব পৰা ব্লেকবোর্ড।

(২) বাস্তব বস্তু (Real Objects) : শিক্ষাৰ ক্ষেত্রত বাস্তব বস্তু অতি প্রয়োজনীয়। বাস্তব, প্রত্যক্ষ আৰু প্রাথমিক জ্ঞান-অভিজ্ঞতা এই সজুঁলিৰ দ্বাৰা অৰ্জন কৰিব পৰা যায়। গছ-গছনি, বীজ, শিপা, পাত আদি বিষয়ৰ জ্ঞান ছাত্ৰ ছাত্ৰীক বাস্তব বস্তুৰ যোগেদি প্ৰদান কৰিব পাৰি। বাস্তৱ বস্তুৰ যোগেদি জ্ঞান প্ৰদান কৰিবৰ বাবে ছাত্র-ছাত্রীক ক্ষেত্র অধ্যয়ন বা ভ্ৰমণ কৰিবলৈ নিব লাগে। যিমান দূৰ সম্ভৱ, শিক্ষাদান কাৰ্যৰ বাবে বাস্তব বস্তু ব্যৱহাৰ কৰিব লাগে।

(৩) তালিকা বা চার্ট (Chart) : বিভিন্ন প্রক্রিয়া, ধাৰণা, তথ্য আদিৰ জ্ঞান প্ৰদানৰ বাবে তালিকাৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে নমুনাৰ অনুপস্থিতিত শিক্ষকে তালিকাৰ ব্যৱহাৰ কৰে। চাৰ্ট আগতীয়াকৈ প্ৰস্তুত কৰিব পাৰি বা শিক্ষকে শ্রেণীকোঠাত ব্লেকবোৰ্ডতো অংকন কৰিব পাৰি। তালিকবোৰ স্পষ্ট, শুদ্ধ আৰু ফলপ্ৰসূ হ'ব লাগে।

(৪) ৰেখাচিত্ৰ (Graph) : সাংখ্যিক তথ্য উপস্থাপন কৰিবৰ বাবে প্ৰয়োগ কৰা সহজ-সৰল আৰু কাৰ্যকৰী সজুঁলি হ'ল ৰেখাচিত্ৰ। ৰেখাচিত্ৰৰ যোগেদি উপস্থাপন কৰা তথ্য অধিক আকর্ষণীয় হয়। সাধাৰণতে ৰেখাচিত্ৰ চাৰি প্ৰকাৰৰ। যেনে—দণ্ড চিত্র (Bar Diagram), পাইচিত্র বা বৃত্তচিত্র (Pie Diagram), ৰেখা চিত্ৰ (Line graph) আৰু পিক্ট'গ্ৰাম (Pictogram)। ৰেখাচিত্ৰ জলবায়ু, উৎপাদন, জনসংখ্যা, প্ৰতিষ্ঠানৰ উন্নতি, বিকাশ আদি বিষয়ৰ শিক্ষাদানৰ বাবে অধিক উপযোগী।

(৫) মানচিত্ৰ আৰু গোলক (Maps and Globes) : ভৌগলিক স্থান, বিভিন্ন স্থানৰ মাজৰ দূৰত্ব আদিৰ জ্ঞান ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিবৰ বাবে শিক্ষকে মানচিত্ৰ আৰু গোলকৰ সহায় লয়। ইয়াৰ —যাগেদি সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰৰ ঘটনা, পৃথিৱীৰ জলভাগ, স্থলভাগ, উপৰিভাগ, ৰাজনৈতিক পৰিসীমা নাদিৰ জ্ঞান ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব পাৰে ।

৭। শিক্ষাত ইণ্টাৰনেটৰ ব্যৱহাৰ সম্বন্ধে লিখা। 

Write about the use of internet in education.

উত্তৰঃ শিক্ষাত ইণ্টাৰনেটৰ ব্যৱহাৰ সম্বন্ধে তলত লিখা হ'ল-

(১) ইণ্টাৰনেটৰ যোগেদি শিক্ষক তথা ছাত্র-ছাত্রীসকলে বিভিন্ন শিক্ষা সম্বন্ধীয় তথ্য সংগ্ৰহ কৰিব পাৰে, সংৰক্ষণ কৰিব পাৰে আৰু তথ্যবোৰ বিশ্লেষণো কৰিব পাৰে।

(২) ইণ্টাৰনেটে ছাত্র-ছাত্রীসকলক আত্ম অধ্যয়ন কৰিবলৈ উৎসাহিত কৰে। ইণ্টাৰনেটে পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ বিপৰীতে আত্ম প্রচেষ্টা, আত্ম অনুসন্ধান, নতুনত্বৰ উদ্ভাৱন আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(৩) বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাত আন্তঃবিশ্ববিদ্যালয় যোগাযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে কিয়নো ইয়াৰ জৰিয়তে নতুন তথ্য উদঘাটন, উন্নত অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰবোৰৰ লগত যোগাযোগ স্থাপন কৰা হয়। ইণ্টাৰনেট যোগাযোগ ব্যৱস্থাৰ সহায়ত এখন বিশ্ববিদ্যালয়ে আন এখন বিশ্ববিদ্যালয়ৰ লগত সম্বন্ধ স্থাপন কৰিব পাৰে।

(৪) শিকন-শিক্ষণ প্ৰক্ৰিয়াত প্ৰয়োগ হোৱা এবিধ নতুন কৌশল হ'ল টেলি সন্মিলন। টেলি সন্মিলনৰ সহায়ত কোনো দূৰ অঞ্চলত থকা বিশেষজ্ঞ ব্যক্তিৰ লগত ছাত্ৰ-ছাত্ৰীসকলে ভাৱৰ আদান প্ৰদান কৰিব পাৰে। শিক্ষা বিশ্বায়নৰ দিশত টেলিসন্মিলনৰ গুৰুত্ব সৰ্বাধিক।

(৫) মানুহৰ ক্ৰমবৰ্ধিত চাহিদা ইণ্টাৰনেটৰ সহায়ত দূৰ শিক্ষাই পূৰণ কৰিব পাৰে। ইণ্টাৰনেটৰ সহায়েৰে দূৰ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্ত্তি কৰিব পাৰে, স্বঅধ্যয়ন সামগ্ৰী লাভ কৰিব পাৰে, পৰীক্ষাৰ ফলাফলো লাভ কৰিব পাৰে। ইণ্টাৰনেটে অগতানুগতিক শিক্ষা বিস্তাৰৰ পৰিসৰ বৃদ্ধি কৰি তুলিছে।

(৬) ইণ্টাৰনেটৰ সহায় অবিহনে বর্তমান সময়ত উচ্চ শিক্ষাৰ গৱেষণা সম্ভৱ নহয়। সমগ্ৰ পৃথিৱীৰ পণ্ডিত আৰ বিশেষজ্ঞ লোকসকলৰ লগত যোগাযোগ স্থাপনৰ কৰাৰ ক্ষেত্ৰত ইণ্টাৰনেটে সহায় কৰে। ইণ্টাৰনেটৰ প্ৰয়োগ অবিহনে গৱেষণা কার্য অধিক কষ্টসাধ্য, ব্যয়বহুল আৰু সময় সাপেক্ষ হোৱা দেখা যায় ।

(৭) ইণ্টাৰনেটৰ বৰঙনিৰ ফলত বৰ্তমান সময়ত পুথিভঁৰালবোৰক ই-পুথিভঁৰাল বা ডিজিটেল পুথিভঁৰাললৈ পৰিৱৰ্তন কৰা হৈছে। এই পুথিভঁৰাল হৈছে এনে কিছুমান তথ্যৰ সমষ্টি যিবোৰ ইলেকট্রনিক ব্যৱস্থাৰ সংৰক্ষিত আৰু ইণ্টাৰনেটৰ সহায়ত নিজৰ ঘৰত বহিয়েই ই-পুথিভঁৰালৰ সুবিধা লাভ কৰিব পাৰি।

(৮) ইণ্টাৰনেটৰ সহায়ত সমগ্ৰ পৃথিৱীৰ শিক্ষাক এখন জালেৰে আৱদ্ধ কৰি ৰখা হৈছে। ইণ্টাৰনেটৰ সহায়ত বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত শৈক্ষিক যোগাযোগ সম্ভৱ কৰি তুলিব পাৰে ।

৮। বৈদ্যুতিক শিকণৰ উপায়বোৰ লিখা । 

Write the modes of e-learning.

উত্তৰঃ  বৈদ্যুতিক শিকণৰ উপায়বোৰ হ'ল-

(১) সহায়ক শিকণ (Support Learning) : শ্ৰেণীকোঠাত সংগঠিত কৰা শিক্ষণ-শিকণ প্রক্রিয়াত বৈদ্যুতিক শিকণে সহায় আগবঢ়ায়। বহু মাধ্যম, ইণ্টাৰনেট আৰু ৱেব সেৱাবোৰৰ যোগে শিক্ষকসকলে নিজৰ শিক্ষাদান কার্যক বিকশাই তুলিব পাৰে আৰু ছাত্র-ছাত্রীসকলে প্রয়োজন অনুসৰি শিকণ কার্য উন্নত কৰিব পাৰে। শ্ৰেণীকোঠাৰ শিক্ষা কাৰ্যৰ সংশোধন আৰু বিকাশৰ বাবে সহায়ক শিকণ অতি প্রয়োজনীয় ।

(২) সমন্বয়মূলক শিকণ (Blended Learning) : এই প্ৰকাৰৰ বৈদ্যুতিক শিকণত পৰম্পৰাগত শিকণ আৰু তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যাৰ মাজত সমন্বয় সাধন কৰি তোলা হয়। পৰম্পৰাগত শিকণ আৰু বৈদ্যুতিক শিকণৰ সংযোগ সাধনৰদ্বাৰা শিকণ কার্য বিকশাই তুলিবৰ বাবে ইয়াত সু-পৰিকল্পনা আৰু উপযুক্ত কাৰ্যকৰীকৰণ কৰা হয়। এই শিকণৰ যোগে ব্যক্তি এজনে পৰম্পৰাগত আৰু বৈদ্যুতিক দুয়ো প্ৰকাৰৰ জ্ঞানৰ সুবিধা লাভ কৰিব পাৰে।

(৩) সম্পূর্ণ বৈদ্যুতিক শিকণ (Complete e-learning) : এই প্ৰকাৰৰ বৈদ্যুতিক শিকণত পৰম্পৰাগত শ্ৰেণীকোঠাৰ শিক্ষাদানক ভাৰ্‌চুৱেল (Virtual) শ্ৰেণীকোঠাৰ শিকণলৈ পৰিৱৰ্তিত কৰা হয়। পৰম্পৰাগত শিক্ষাৰ শ্ৰেণীকোঠা, শিক্ষাৰ পৰিৱেশ ইয়াত নাথাকে। উপযুক্ত বৈদ্যুতিক শিকণৰ পাঠ্যবিষয়ৰ জৰিয়তে ইয়াত শিক্ষাৰ্থীসকলে নিজৰ ইচ্ছা অনুসৰি স্বাধীনভাৱে শিক্ষা লাভ কৰিব পাৰে। এই প্ৰকাৰৰ বৈদ্যুতিক শিকণ দুই ধৰণেৰে সম্পাদিত হয়। যেনে—

(ক) অসমকালিন যোগাযোগ (Asynchronous Communication) : এইবিধ বৈদ্যুতিক শিকণত শিক্ষণীয় সামগ্ৰীবোৰ ই-মেইল, ৱেবপেজ, ৱেবলগ, ব্লগ, বিকি, চিডি ৰ'ম বা ডিভিডি আকাৰে ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণ কৰা হয়। ইয়াত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ আন্তঃক্রিয়া সম্পাদন কৰাৰ কোনো সুবিধা নাথাকে, ৱেবপেজ বা ই-মেইলৰ জৰিয়তে এই ব্যৱস্থাত বার্তা, তথ্য বা শিক্ষণীয় সামগ্ৰীবোৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয়। 

(খ) সমকালিন যোগাযোগ (Synchronous Communication) : এইবিধ বৈদ্যুতিক শিকণত অনলাইন চাটৰুম (Online chat room) বা দৃশ্য-শ্ৰব্য সন্মিলন Audio-visual conference) ৰ যোগে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত প্ৰত্যক্ষ যোগাযোগ সম্ভৱ হয়। বিষয়সম্বন্ধে আলোচনা কৰিবৰ বাবে এক বিশেষ সময়ত শিক্ষক আৰু ছাত্র-ছাত্রীসকলে অনলাইন যোগে যোগাযোগ সম্ভৱ কৰি তোলে। 



Question And Answer Type By : Himashree Bora.