Chapter 3 Question and Answer Assam | B.A 3rd Semester Education Notes | B.A 3rd Semester Education Free Suggestion | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer শিক্ষাদান (শিক্ষণ)ৰ আৰ্হি পাঠটোৰ প্ৰশ্ন-উত্তৰ |  BA 3rd Sem Major Education Paper 3| 

শিক্ষাদান (শিক্ষণ)ৰ আৰ্হি

 প্রশ্নাৱলী

(I) অতি চমু উত্তৰ দিয়া (Questions of Very Short Answer) 

১। শিক্ষণ আৰ্হি মানে কি?

What is teaching model?

উত্তৰঃ শিক্ষণ আৰ্হি মানে হ'ল- শিক্ষাদানৰ তত্ববোৰ বিকশাই তোলাত শিক্ষাদানৰ আৰ্হিয়ে গুৰু ভূমিকা পালন কৰে। শিক্ষাদান হ'ল উদ্দেশ্যধৰ্মী কাৰ্য। ইয়াৰ প্ৰধান উদ্দেশ্য হ'ল শিক্ষাৰ্থীৰ প্ৰাৰম্ভিক আচৰণৰ সংশোধন সাধন কৰি সুপ্ত প্ৰতিভাৰ বাঞ্চিত বিকাশেৰে পৰিপূৰ্ণ ব্যক্তিত্ব গঢ়ি তোলা। শিক্ষাদান হ'ল কলা আৰু বিজ্ঞানৰ সংমিশ্রিত ৰূপ, সেয়েহে এই কাৰ্যৰ সফল ৰূপ প্ৰদান কৰিবলৈ প্রয়োজন হয় কৌশল, দক্ষতা আৰু কাৰ্যকৰী পদ্ধতিৰ।  ইংৰাজী প্রতিশব্দ 'Model' ৰ অৰ্থ হ'ল পূর্বপৰিকল্পিত নক্সা বা আঁচনি বা নমুনা, যিয়ে কৰিবলৈ হাতত লোৱা কোনো কামক সুন্দৰভাৱে সম্পাদন কৰাত সহায় কৰে। শিক্ষাদানৰ বাবে এক উপযুক্ত পৰিবেশ সৃষ্টি কৰিবৰ বাবে কাৰ্যকৰণ ব্যৱস্থাৰ প্ৰস্তুতকৰণৰ নিত্যন্ত প্রয়োজন।

২। শিক্ষণৰ আধুনিক আৰ্হিত কিমানটা আৰ্হি অন্তর্ভুক্ত? 
How many models are included in modern teaching model?

উত্তৰঃ শিক্ষণৰ আধুনিক আৰ্হিত চাৰিটা আৰ্হি অন্তর্ভুক্ত।

৩। অনুসন্ধান আৰ্হি কোনে বিকশাই তুলিছিল? 
Who developed the inquiry model?

উত্তৰঃ অনুসন্ধান আৰ্হি ৰিচাৰ্ড চুচমেনে বিকশাই তুলিছিল।

৪। ব্যক্তিগত নিৰ্দেশনাৰ আৰ্হিৰ প্ৰৱৰ্তক কোন?
Who was the originator of Personalised System of instruction? 

উত্তৰঃ ব্যক্তিগত নিৰ্দেশনাৰ আৰ্হিৰ ফ্ৰেড এচ. কেলাৰে প্ৰৱৰ্তক কৰিছিল।

৫। শিক্ষণ আৰ্হিৰ এটা কাৰ্য উল্লেখ কৰা ।

Mention one function of teaching model.

উত্তৰঃ  শিক্ষণ আৰ্হিৰ এটা কাৰ্য তলত উল্লেখ কৰা হ'ল- 

(১) শিক্ষাদানত নতুনত্ব প্রদান (New innovation in teaching) : শিক্ষাদান ব্যৱস্থাত নতুনত্ব প্ৰদান কৰাত শিক্ষাদান আৰ্হিয়ে সহায় কৰে। শিক্ষাৰ্থীৰ আচৰণৰ আকাংক্ষিত পৰিৱৰ্তন কৰি এই আৰ্হিবোৰে সিহঁতক সঠিক দিশত অগ্ৰসৰ কৰায়। এই আৰ্হিবোৰে শিক্ষা জগতত এক উদ্ভাৱনীমূলক চিন্তাৰ উন্মেষ ঘটাইছে।

৬। শিক্ষণ আৰ্হিৰ এটা উপাদান উল্লেখ কৰা। 
Mention one element of teaching model.

উত্তৰঃ  শিক্ষণ আৰ্হিৰ এটা উপাদান তলত উল্লেখ কৰা হ'ল-

(১) কেন্দ্ৰবিন্দু (Focus) : ই হ'ল শিক্ষণীয় বিষয়ৰ প্ৰসংগসূচী। মূলত শিক্ষাৰ আচৰণগত উদ্দেশ্য আৰু শিক্ষণীয় পৰিৱেশৰ দিশবোৰ কেন্দ্ৰবিন্দুৱে ব্যক্ত কৰে । 

(২) সুশৃংখলিত বিন্যাস (Syntax) : শিক্ষাদান আৰ্হিৰ বৰ্ণনাই হ'ল বিন্যাস। শিক্ষাদান কার্যক আগবঢ়াই নিওঁতে শিক্ষাক কি, ক'ত, কেনেকৈ বিষয়সমষ্টিৰ উপস্থাপন কৰিব তাৰ বিৱৰণেই হ'ল বিন্যাস।


৭। কম্পিউটাৰ সহায়ক নিৰ্দেশনাৰ পিতৃ কোন?
 Who was the father of computer assisted instruction? 

উত্তৰঃ কম্পিউটাৰ সহায়ক নিৰ্দেশনাৰ পেট্ৰিক চুপ্পেচ পিতৃ হিচাপে গণ্য কৰ হয়।

৮। দলগত শিক্ষণ কোন চনত আৰম্ভ হৈছিল ?
In which year, team teaching was started?

উত্তৰঃ দলগত শিক্ষণ ১৯৫০ চনত আৰম্ভ হৈছিল।

৯। দলগত শিক্ষণত প্রধান শিক্ষক কোন ? 
Who was the master-teacher in team teaching?

উত্তৰঃ

১০। দলগত শিক্ষণ কেইপ্ৰকাৰৰ ? 
How many types are there in team-teaching?

উত্তৰঃ দলগত শিক্ষণ তিনি প্ৰকাৰৰ।

(II) চমু উত্তৰৰ প্ৰশ্ন (Questions of Short Answer )

১। শিক্ষণ আৰ্হিৰ সংজ্ঞা দিয়া। 
Define teaching model.

উত্তৰঃ শিক্ষণ আৰ্হিৰ সংজ্ঞা তলত দিয়া হ'ল-

 (১) হিমেন (Hyman) ৰ মতে, “আৰ্হি হ'ল নিৰ্দেশনাৰ বিষয়ে কোৱা আৰু চিন্তা কৰা এক উপায় য'ত কেতবোৰ তথ্য সংগঠিত, শ্ৰেণীকৰণ আৰু ব্যাখ্যা কৰা হয়” (The Model is a way to talk and think about instruction in which certain facts be organised, classified and interpreted)।

(২) ভাটনাগৰ (Bhatnagar) ৰ মতে, “শিক্ষাদান বা শিক্ষা আর্হিক শিকণৰ লক্ষ্য, পৰিৱেশীয় কাৰচাজি আৰু অন্যান্য প্ৰক্ৰিয়াৰ সংযোজন বুলিব পাৰি” (Teaching model may be considered as a combination of learning goals, environmental manipulations and other processes) 

(৩) এলেন (Allen) আৰু ৰায়েন (Ryan) (1969) : “আৰ্হি হৈছে এক ব্যক্তিগত নিৰ্দেশনাৰ বিশেষ চানেকী, যাক প্রশিক্ষার্থীসকলে অনুকৰণৰ জৰিয়তে আয়ত্ব কৰে” (Modeling is an individual demostrating particular pattern which the trainee learns through imitation) | 

(৪) ব্রুচ জইচ (Bruce Joyce) আৰু মাৰ্ছা ৱেইল (Marsha Weil) (1978) ৰ মতে, “শিক্ষাদানৰ আৰ্হি হ’ল শৈক্ষিক পৰিৱেশ আৰু শৈক্ষিক কাৰ্য সম্পাদনৰ নক্সা প্ৰস্তুতকৰণৰ নীতি নিৰ্দেশাৱলী। শিক্ষাদান আৰ্হিয়ে শিক্ষাদান আৰু গ্ৰহণ কাৰ্যসূচীৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ পথ বিশেষীকৰণ কৰে” (A model of teaching consists of guidlines for designing educational activities and environments. It specific ways of teaching and learning that are intended to achieve certain kinds of goal) |

(৫) পল ডি. ঈগেন (Paul D. Eggen and other, 1979) আৰু সহযোগীসকলৰ মতে, “আহি: হ'ল শিক্ষাদানৰ নিৰ্দেশনাত্মক লক্ষ্য পূৰণৰ বাবে গ্ৰহণ কৰা উদ্দেশ্যমুখী কৌশলৰ নক্সা” (Models are perspective teaching strategies designed to accomplish particular instructional goal) |

২। শিক্ষণ আৰ্হিৰ পাঁচটা বৈশিষ্ট্য লিখা । 
Write five characteristics of teaching model.

উত্তৰঃ শিক্ষণ আৰ্হিৰ পাঁচটা বৈশিষ্ট্য হ'ল-

(১) বিজ্ঞানসন্মত কার্যপদ্ধতি (Scientific Procedure) : আদর্শ শিক্ষাদান আৰ্হিৰ ভিত্তি হ'ল প্ৰণালীবদ্ধ কার্যপদ্ধতি আৰু ক্ৰমবিনাক্ত পদ্ধতি। শিক্ষাৰ্থীৰ আচৰণৰ সংশোধনৰ নিমিত্তে শিক্ষাদানৰ আৰ্হি সমুহ প্ৰণালীবদ্ধ কাৰ্যপদ্ধতিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয় ৷

(২) শিক্ষণীয় পৰিবেশৰ বিশেষীকৰণ (Specification of Learning environment) : শিক্ষা প্ৰক্ৰিয়াৰ ফলাফল বা বাঞ্চিত শ্ৰেণীকোঠা বা শিক্ষানুষ্ঠানৰ পৰিবেশৰ ওপৰত নিৰ্ভৰশীল। যি পৰিবেশত শিক্ষাৰ্থীসকলৰ আচৰণৰ সংশোধন চিন্তা কৰা হয় সেই পৰিৱেশ শিক্ষাদানৰ আৰ্হি প্ৰস্তুতকৰণত গুৰুত্ব আৰোপ কৰিব লাগে।

(৩) শিক্ষাদান ক্ৰিয়াৰ বিশেষীকৰণ (Specification of Teaching Operation) : শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া আৰু পৰিৱেশৰ সৈতে সংঘটিত হোৱা আন্তঃক্রিয়া সম্পৰ্কত প্ৰদান কৰা প্ৰতিৰক্ষাক শিক্ষাদান আৰ্হিত বিশেষীকৰণ কৰা হয়। অৰ্থাৎ শিক্ষক, শিক্ষাৰ্থী আৰু পৰিবেশৰ মাজৰ পাৰস্পৰিক আন্তঃক্রিয়া জনিত কৌশল শিক্ষাদান আৰ্হিত গুৰুত্ব দিয়া হয়।

(৪) সম্পাদিত মাপকাঠীৰ বিশেষীকৰণ (Specification of Criterion of Performance) : শিক্ষাৰ্থীৰ কাম-কাজৰ গুণগত মান নিৰ্ণয় কৰাটো বিচাৰ কৰাটো, শিক্ষাদান আৰ্হিৰ বিবেচনাযোগ্য দিশ। শিক্ষাদানৰ অন্তত শিক্ষাৰ্থীয়ে যি আহৰণ কৰিলে সেই সম্পাদনাৰ মাপকাঠী এনে আহিয়ে বিশেষীকৰণ কৰে।
(৫) শিক্ষণীয় ফলশ্ৰুতিৰ বিশেষীকৰণ (Specification of learning outcome) : শিক্ষাদান আৰ্হিয়ে শিক্ষাদানৰ শেষত প্ৰদত্ত বিষয়ৰ শিক্ষা নিৰ্দেশনাৰ প্ৰাপ্ত ফলাফল সুনিশ্চিত কৰি তোলে। শিক্ষাদানৰ আৰ্হিয়ে শিক্ষাদানৰ অন্তত কেনেধৰণৰ আচৰণ প্ৰদৰ্শন কৰিব তাক বিশেষভাৱে নিৰ্দিষ্ট কৰি দিয়ে।


৩। অনুসন্ধান আৰ্হিৰ প্ৰয়োগ সম্বন্ধে চমুকৈ লিখা।

Write briefly about the application of the Inquiry model.

উত্তৰঃ অনুসন্ধান আৰ্হিৰ প্ৰয়োগ সম্বন্ধে চমুকৈ তলত দিয়া হ'ল-


 ৪। শিক্ষণ আৰ্হিৰ চাৰিটা উদ্দেশ্য লিখা ।

Write four objectives of teaching model.

উত্তৰঃ শিক্ষণ আৰ্হিৰ চাৰিটা উদ্দেশ্য হ'ল-

(১) শ্রেণীকক্ষত এক উৎসাহমূলক পৰিৱেশ সৃষ্টি (Creating an encouraging environment in the classroom)

(২) নতুন পৰিকল্পনা প্ৰস্তুতকৰণ (Preparing new plan) : শিক্ষণীয় বিষয়বস্তুৰ অভিজ্ঞতা প্রদান কৰিবৰ বাবে শিক্ষকে নতুন পৰিকল্পনা প্রস্তুত কৰা শিক্ষাদান আৰ্হিৰ এক উল্লেখযোগ্য উদ্দেশ্য। 

(৩) শিক্ষণীয় সঁজুলিৰ উপযুক্ত প্রয়োগ (Application of efficient Teaching aids) : পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি শিক্ষাদান প্ৰক্ৰিয়াক ফলপ্রসূ আৰু মনোগ্ৰাহী কৰি তোলাৰ উপযুক্ত সঁজুলিৰ প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰাটো শিক্ষাদান আৰ্হিৰ আন এক উদ্দেশ্য।

(৪) শিক্ষাদানত অভিনৱত্ব প্রদান (Imparting Innovation in teaching) : পৰম্পৰাগত এক শিক্ষা ব্যৱস্থাক নতুনত্ব প্ৰদান কৰি শিক্ষাদান কাৰ্যসূচীক ৰসপূৰ্ণ কৰি তোলাটো শিক্ষাদান আৰ্হিৰ উদ্দেশ্য।


৫। কম্পিউটাৰ সহায়ক নিৰ্দেশনাৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা। 
Mention the characteristics of computer assisted instruction. 

উত্তৰঃ কম্পিউটাৰ সহায়ক নিৰ্দেশনাৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ'ল-

(১) CAI হ'ল শৈক্ষিক প্ৰযুক্তিবিদ্যাৰ এক আকর্ষণীয় সৃষ্টি।

(২) ব্যক্তিগত পার্থক্যৰ ভিত্তিত CAI গঢ় লৈ উঠিছে। ইয়াত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সামৰ্থ অনুসৰি শিকাৰ ওপৰত গুৰুত্ব দিয়া হয়।

(৩) CAI ত তাৎক্ষণিক প্ৰতিপুষ্টিৰ ব্যৱস্থা আছে যি ছাত্ৰ-ছাত্ৰীৰ কৰ্মদক্ষতা বৃদ্ধি কৰে আৰু মনোযোগ আকর্ষণ কৰে।

(৪) এই প্ৰকাৰৰ নিৰ্দেশনাত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিক্ৰিয়াৰ প্ৰয়োজন হয় আৰু সেয়েহে নিৰ্দেশনাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় প্ৰতিক্ৰিয়া অতি দৰকাৰী।

(৫) এই প্ৰকাৰৰ নির্দেশনাত শিকণীয় বিষয়বস্তুবোৰ সৰু সৰু ভাগ বা উপাদানত বিভক্ত কৰা হয়।

৬। কম্পিউটাৰ সহায়ক নিৰ্দেশনাৰ সবল দিশবোৰ লিখা।

Write the advantages of computer-assisted instruction. 

উত্তৰঃ কম্পিউটাৰ সহায়ক নিৰ্দেশনাৰ সবল দিশবোৰ হ'ল-

(১) স্ব-নিয়ন্ত্রিত (Self-Pacing) : কম্পিউটাৰ সহায়ক নিৰ্দেশনা এক স্ব-নিয়ন্ত্রিত প্রক্রিয়া। ইয়াত ছাত্র-ছাত্রীসকলে নিজৰ শিক্ষা ক্ষমতা অনুসৰি শিক্ষা লাভ কৰিব পাৰে। এজনৰ শিক্ষা লাভ কাৰ্যই আন এজনৰ শিক্ষা লাভত এই নির্দেশনাত বাধা প্রদান নকৰে।

(২) তাৎক্ষণিক প্রতিপুষ্টি (Immediate Feedback) : কম্পিউটাৰ সহায়ক নিৰ্দেশনাই সকলো ছাত্র-ছাত্রীকে ব্যক্তিগত আৰু তাৎক্ষণিক প্ৰতিপুষ্টি প্ৰদান কৰে। ইয়াৰ যোগেদি ছাত্ৰ-ছাত্ৰীয়ে নিজৰ দুৰ্বলতাবোৰ জানিব পাৰে আৰু সেইবোৰ সংশোধনৰ বাবে শিক্ষকৰ লগত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(৩) গণশিক্ষাৰ সহায়কাৰী (Helpful in Mass education) : কম্পিউটাৰ সহায়ক নিৰ্দেশনাৰ সহায়ত একেলগে হাজাৰৰ অধিক ছাত্র-ছাত্রীক নির্দেশনা প্রদান কৰিব পাৰি। গতিকে এই প্রকাৰৰ নিৰ্দেশনাই গুণগত দিশৰ লগতে সংখ্যাগত দিশতো গুৰুত্ব দিয়ে।

(৪) খেলৰ যোগে জ্ঞান লাভ (Acquiring Knowledge through Games) :কম্পিউটাৰ সহায়ক নির্দেশনাত ছাত্র-ছাত্রীসকলে খেলৰ যোগেদিও শিক্ষা লাভ কৰিব পাৰে। সমস্যা সমাধান দক্ষতা, যৌক্তিক দক্ষতা আদি ছাত্র-ছাত্রীসকলে এই নির্দেশনাত খেলা কাৰ্যৰ যোগেদি বিকশাই তুলিব পাৰে।

(৫) পুনৰ শিকণ আৰু সবলিতকৰণ (Re-teaching and Reinforcement) : কম্পিউটাৰ সহায়ক নিৰ্দেশনাত পুনৰ শিকণ আৰু সবলিতকৰণৰ সুবিধা আছে। কোনো এটা বিষয়ত খোকোজা থাকিলে ছাত্র-ছাত্রীয়ে এই নিৰ্দেশনাত পুনৰ শিকন আৰু সবলিতকৰণ কৰিব পাৰে।

৭। কম্পিউটাৰ সহায়ক নিৰ্দেশনাৰ দুৰ্বল দিশবোৰ লিখা ।

Write the disadvantages of computer assisted instruction. 

উত্তৰঃ কম্পিউটাৰ সহায়ক নিৰ্দেশনাৰ দুৰ্বল দিশবোৰ হ'ল-

(১) শিক্ষাৰ সমানতা CAI য়ে বিনষ্ট কৰে আৰু খৰচ বৃদ্ধি কৰে। দুখীয়া ছাত্ৰ-ছাত্ৰী আৰু সকলো বিদ্যালয়ে কম্পিউটাৰ ক্ৰয় কৰিব নোৱাৰে।

(২) এই কৌশল প্রয়োগ কৰিবৰ বাবে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক প্রযুক্তিবিদ্যাৰ জ্ঞানৰ প্রয়োজন। কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া নাজানিলে কোনো ছাত্ৰ-ছাত্ৰীয়ে এই কৌশলৰ পৰা উপকৃত হ'ব নোৱাৰে।

(৩) অনাকাংক্ষিত পৰিস্থিতি কম্পিউটাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কম্পিউটাৰৰ কৃত্রিম বুদ্ধিৰ সীমাৱদ্ধতাৰ বাবে কম্পিউটাৰ প্ৰযুক্তিবিদ্যাই অনাকাংক্ষিত শিক্ষা সমস্যা সমাধান কৰিব নোৱাৰে। 

(৪) বহুতো অধ্যয়নৰ ক্ষেত্ৰত নিৰ্দেশনামূলক প্রগ্রেম বর্তমান সময়ত উপলব্ধ নহয়।

(৫) এই নির্দেশনাই শিকন-শিক্ষণ প্ৰক্ৰিয়াক জীৱন বিচ্ছিন্ন আৰু কৃত্ৰিম কৰি শিক্ষা ব্যৱস্থাক অমানৱীয় কৰি গঢ়ি তুলিছে।

(৬) বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু সময়সূচীক CAI অনুসৰি সজাই নোৱাৰো এক জটিল কাম।

৮। চমুটোকা লিখা।

Write short notes on.

(ক) শিক্ষণ আৰ্হিৰ উপাদান 
Elements of Teaching model.

উত্তৰঃ (১) কেন্দ্ৰবিন্দু (Focus) : ই হ'ল শিক্ষণীয় বিষয়ৰ প্ৰসংগসূচী। মূলত শিক্ষাৰ আচৰণগত উদ্দেশ্য আৰু শিক্ষণীয় পৰিৱেশৰ দিশবোৰ কেন্দ্ৰবিন্দুৱে ব্যক্ত কৰে ।

 (২) সুশৃংখলিত বিন্যাস (Syntax) : শিক্ষাদান আৰ্হিৰ বৰ্ণনাই হ'ল বিন্যাস। শিক্ষাদান কার্যক আগবঢ়াই নিওঁতে শিক্ষাক কি, ক'ত, কেনেকৈ বিষয়সমষ্টিৰ উপস্থাপন কৰিব তাৰ বিৱৰণেই হ'ল বিন্যাস।

(৩) প্ৰতিক্ৰিয়াৰ নীতি (Principles of Reactions) : শিক্ষাদান আৰ্হিৰ দৃঢ়তা আৰু শিথিলতাই হ’ল
প্ৰতিক্ৰিয়াৰ নীতি। শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া শিক্ষকে কিদৰে বিবেচনা কৰিব, তেওলোকৰ প্ৰতি কেনে আচৰণ প্ৰদৰ্শন কৰিব আদিক এই উপাদানে ব্যাখ্যা কৰে ।

(৪) সামাজিক পদ্ধতি (Social System) : শিক্ষক-শিক্ষাৰ্থীৰ মাজৰ সম্বন্ধই হ'ল সামাজিক পদ্ধতি। শিক্ষক-শিক্ষার্থীয়ে শিক্ষণীয় পৰিৱেশত কেনে ভূমিকা গ্ৰহণ কৰিব, কেনে সম্পর্ক স্থাপন কৰিব সেই বিৱৰণেই হ'ল সামাজিক পদ্ধতি ।

(৫) সমর্থন পদ্ধতি (Support System) : শিক্ষণীয় পৰিৱেশত প্ৰয়োগ কৰা পদ্ধতি বা কৌশল উপযোগী সুবিধা প্রদানেই হ'ল সমর্থন পদ্ধতি। এই সুবিধা সমূহৰ জৰিয়তে শিক্ষা কাৰ্যৰ কৃতকার্যতা মূল্যাঙ্কন কৰিব পাৰি ৷ ই শিক্ষাদান আৰ্হি প্রধান অংশ নহ'লেও এক উপাদানৰূপে চিহ্নিত হৈছে।

(৬) প্রয়োগিক প্ৰসংগ (Application Context) : ব্যক্তিৰ মনোজগতৰ সংজ্ঞানাত্মক, অনুভূতিমূলক আৰু সংক্ৰিয়াত্মক এই তিনিও দিশৰ ক্ষেত্ৰত প্ৰত্যেকটো আৰ্হি সহজে ব্যৱহাৰযোগী কৰি তোলাকে এই উপাদানে সাঙুৰি লয়।


(খ) শিক্ষণ আৰ্হিৰ উৎসমূহ 
Sources of teaching model

উত্তৰঃ (১) সামাজিক আন্তঃক্ৰিয়াৰ উৎস (The sources of social interaction) : ব্যক্তিৰ সামাজিক আন্তঃসম্পর্ক বৃদ্ধিকৰণেই হ'ল সামাজিক আন্তঃক্ৰিয়াৰ উৎসৰ প্ৰধান উদ্দেশ্য। ইয়াত এজন ব্যক্তিৰ অন্যান্য ব্যক্তিৰ লগত সম্পৰ্ক স্থাপনৰ ওপৰত গুৰুত্ব দিয়া হয়। অৰ্থাৎ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ সম্পৰ্ক।

(২) তথ্য সংশোধন উৎসসমূহ (The sources of Information Processing) : শিক্ষাৰ্থীয়ে উদ্দীপকৰ উদ্দীপনা গ্রহণ কৰি তথ্য বিশ্লেষণ আৰু সংশ্লেষণ কৰি সমস্যা সমাধান কৰাৰ প্ৰক্ৰিয়াই হ'ল তথ্য সংসাধন। এই উৎসৰ অন্তৰ্গত শিক্ষাদান আৰ্হিসমূহে শিক্ষাৰ্থীৰ সৃজনাত্মক আৰু বৌদ্ধিক ক্ষমতাৰ উৎকৰ্ষ সাধনৰ বাবে শৈক্ষিক অনুশাসনৰ ক্ষেত্ৰত বিশেষ শিক্ষণ কৌশল প্রয়োগ কৰে ৷

(৩) ব্যক্তিগত উৎসসমূহ (The Personal Sources) : প্রত্যেক শিক্ষার্থীয়ে নিজৰ যোগ্যতা অনুসৰি শিক্ষা গ্ৰহণ কৰিব পাৰে । এই উৎসৰ মূল কথা হ'ল, ব্যক্তিৰ ব্যক্তিগত আৰু আৱেগিক জীৱনে শিক্ষাদান গ্রহণ পৰিৱেশক গভীৰভাৱে প্ৰভাৱিত কৰে।

(৪) আচৰণ সংশোধনমূলক উৎস (Behaviour Modification Sources) : আচৰণবাদী মনোবিজ্ঞানী বি. এফ. স্কিনাৰ হ'ল এই উৎসৰ জন্মদাতা। স্কিনাৰৰ কাৰ্যাত্মক অনুবন্ধনৰ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত এই উৎসৰ মূল উদ্দেশ্য হ'ল শিক্ষাৰ্থীৰ বাঞ্চিত আচৰণৰ সংশোধন ঘটোৱা।

(গ) অনুসন্ধান আৰ্হিৰ সু-শৃংখলিত বিন্যাস 
Systax of inquiry model

উত্তৰঃ (ক) সমস্যাৰ মুখামুখি ঃ এই স্তৰত শিক্ষকে অনুসন্ধানৰ পদ্ধতি আৰু সমস্যাকেন্দ্ৰিক পৰিস্থিতিৰ বৰ্ণনা কৰিব লাগে। সমস্যাকেন্দ্ৰিক পৰিস্থিতিতো এনেদৰে গঢ়ি তুলিব লাগে যাতে ইয়াক দেখাত অযৌক্তিক আৰু বাস্তৱৰ পৰিস্থিতিৰ পৰা বিচ্যুত যেন লাগে। ইয়ে ছাত্ৰ-ছাত্ৰীৰ মনত কৌতুহলৰ সৃষ্টি কৰিব লাগে যিহেতু ইয়াৰ সমাধান সম্বন্ধে সিহঁত অজ্ঞ। সমস্যা ছাত্র-ছাত্ৰীৰ সন্মুখত উপস্থাপন কৰাৰ সময়ত শিক্ষকে এই আৰ্হিৰ উদ্দেশ্য যেনে ছাত্র-ছাত্রীয়ে নতুন জ্ঞান লাভ কৰাৰ ওপৰত গুৰুত্ব দিব লাগে।

(খ) তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া (পৰীক্ষাকৰণ) : ছাত্র-ছাত্রীয়ে বাস্তৱত যি ঘটনা প্রত্যক্ষ কৰিছে বা যি অভিজ্ঞতা আহৰণ কৰিছে সেইবোৰক পৰীক্ষাকৰণ কৰা কাৰ্যই হ'ল তথ্য সংগ্ৰহ প্ৰক্ৰিয়াৰ পৰীক্ষাকৰণ ব্যৱস্থা। পৰীক্ষাকৰণ কাৰ্য দুই ধৰণে কৰা হয়। যেনে—


(i) বস্তু বা ঘটনাৰ প্ৰকৃতি পৰীক্ষা কৰিব লাগে। যেনে

- বস্তু চিনাক্তকৰণ কৰা।

-  বিশেষ সময়ত বস্তু বা পদ্ধতি বর্ণনা কৰা।

- কাৰ্য বা ঘটনাৰ প্রকৃতি।

(ii) ঘটনাৰ উদ্ভাৱনৰ পৰীক্ষাৰকৰণ।

পৰীক্ষাকৰণৰ বাবে সংগৃহীত তথ্যবোৰ ঘটনাৰ সপক্ষে আৰু বিপক্ষে ধৰণৰ হোৱা বাঞ্চনীয়। 

(গ) তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া (পৰীক্ষণ) : এই প্ৰক্ৰিয়া দুই প্ৰকাৰে সম্পাদন কৰা হয়; যেনে (ক)
অনুসন্ধানমূলক (Exploration) আৰু (খ) প্ৰত্যক্ষ পৰীক্ষা (Direct Testing)। শিক্ষকে ইয়াত আনুমানিক ধাৰণাৰ ভিত্তিত প্রকল্প গঠন কৰিব লাগে আৰু ছাত্ৰ-ছাত্ৰীক সেইবোৰ পৰীক্ষা কৰিবলৈ দিব লাগে। অনুপযুক্ত প্রকল্প বাতিল কৰা আৰু উপযুক্ত প্ৰকল্পৰ বাবে ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিভংগীৰ বিকাশৰ বাবে ছাত্র- ছাত্ৰীক প্ৰদান কৰা নিৰ্দেশনা আৰু পৰিচালনাৰ ক্ষেত্ৰত শিক্ষকসকল সচেতন হৈ থাকিব লাগে।

(ঘ) ব্যাখ্যাৰ সূত্ৰ নিৰ্ধাৰণ : সংগৃহীত তথ্যবোৰ এই স্তৰত সংগঠিত কৰা হয় আৰু সেইবোৰ ব্যাখ্যা কৰি সূত্ৰ নিৰ্ধাৰণ বা সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই স্তৰত ছাত্ৰ-ছাত্ৰীয়ে সংগৃহীত তথ্যবোৰৰ সহায়ত পৰিস্থিতিটো সামগ্রিকভাৱে উপলব্ধি কৰিব পাৰে।

(ঙ) অনুসন্ধান প্ৰক্ৰিয়াৰ বিশ্লেষণ : ছাত্ৰ-ছাত্ৰীয়ে যি পদ্ধতিৰে অনুসন্ধান কার্য সম্পাদিত কৰিছিল সেই বিষয়ে শিক্ষকে এই স্তৰত বৰ্ণনা বিচাৰে। যি যি ক্ষেত্ৰত সমস্যা বা আসোঁৱাহ আছে সেইবোৰৰ সংশোধন কৰি ছাত্ৰ-ছাত্ৰীৰ সমস্যা-সমাধান কৌশলৰ বিকাশ সাধন কৰা হয়।


(ঘ) সহযোগিতামূলক শিক্ষণ 
Collaborative teaching

উত্তৰঃ সহযোগিতামূলক শিক্ষণ হৈছে শিক্ষা আৰু শিকণৰ এক শিক্ষামূলক অভিগমন য'ত সমস্যা এটা সমাধানৰ বাবে, কাৰ্য এটা সম্পূৰ্ণ কৰাৰ বাবে আৰু উৎপাদন কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ লগত উমৈহতীয়াভাৱে কাৰ্য সম্পাদন কৰে। সহযোগিকা শিক্ষাৰ সংজ্ঞা প্ৰদান কৰি গালেচে (Gerlach) মত পোষণ কৰিছিল যে “শিক্ষণ এক সামাজিক প্ৰাকৃতিক কাৰ্য ধাৰণাৰ ভিত্তিত ই গঢ় লৈ উঠিছে য'ত অংশগ্রহণকাৰীয়ে নিজৰ মাজতে বাৰ্তালাপ কৰি লাগে। বাৰ্তালাপৰ যোগেদিয়ে শিক্ষা সম্ভৱ হৈ উঠে” (It is based on the idea that learning is a natural social act in which the participants talk among the selves. It is through the talk that learning occurs) | 

সহযোগিতামূলক শিক্ষণৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ'ল— 

(১) শিক্ষক আৰু ছাত্ৰৰ মাজত জ্ঞানৰ বিতৰণ (Shared Knowledge among Teachers. and Students) : সহযোগিতামূলক শ্ৰেণীকোঠাৰ বাবে উপমা হ'ল জ্ঞানৰ বিতৰণ। বিষয়বস্তু, কৌশল আৰু নির্দেশনা সম্বন্ধে শিক্ষকৰ ব্যাপক জ্ঞান থাকে আৰু শিক্ষর্থীসকলক সেই তথ্যবো প্ৰদান কৰিব লাগে। সহযোগিতামূলক শিক্ষকে জ্ঞান, ব্যক্তিগত অভিজ্ঞতা, ভাষা, কৌশল আৰু সংস্কৃতিৰ মূল্য বিকশাই তোলে।

(২) শিক্ষক আৰু ছাত্ৰৰ মাজত কৰ্তৃত্বৰ বিতৰণ (Shred Authority among Teachers and Students) : সহযোগিতামূলক শিক্ষকে কি শিকাব লাগে সেই সম্বন্ধে বিশেষ লক্ষ্য স্থিৰ কৰাৰ বাবে ছাত্র-ছাত্রীসকলক আমন্ত্রণ জনায়। ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, লক্ষ্য আদিৰ ভিত্তিত বিভিন্ন ধৰণৰ কাৰ্য কৰিবলৈ দিব লাগে । 

(৩) মধ্যস্থতাকাৰী স্বৰূপে শিক্ষক (Teachers as Mediators) : যিহেতু জ্ঞান আৰু কৰ্তৃত্ব বিতৰণ কৰা হয় সেয়ে শিক্ষণৰ মধ্যস্থকাৰী স্বৰূপে শিক্ষকে ভূমিকা পালন কৰে। সফল মধ্যস্থতাকাৰীয়ে অভিজ্ঞতাৰ লগত নতুন তথ্য সংযোগ কৰাত বিশেষ সহায় কৰে।

(ঙ) সন্মিলিত প্রাধান্য শিকণ 
Co-operative mastery learning

উত্তৰঃ অকলশৰীয়াকৈ বা প্রতিযোগিতামূলকভাৱে লাভ কৰিব নোৱাৰা লক্ষ্যত উপনীত হ'বৰ বাবে দলীয় বা সন্মিলিতভাৱে কৰ্ম সম্পাদন কৰি শিকণ অভিজ্ঞতা লাভ কৰাকে সন্মিলিত প্রাধান্য শিকণ বোলে। সংৰচনা বা সংগঠনাত্মকবাদৰ জ্ঞানবিদ্যাৰ ভিত্তিত এই ধাৰণা প্রতিষ্ঠিত। ই হ'ল এক প্ৰক্ৰিয়া য'ত ছাত্ৰ-ছাত্ৰীসকলে জ্ঞানৰ আৱিস্কাৰ কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাই সেই জ্ঞানক ধাৰণালৈ ৰূপান্তৰিত কৰা হয়। সেই জ্ঞানত পিছত পুনগঠন কৰি নতুন শিকণ অভিজ্ঞতাৰে বিস্তাৰ কৰা হয়। সামাজিক পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ কথোপকথনৰ দ্বাৰা এই শিকণ সম্ভৱ হৈ উঠে।
এই শিকণ হৈছে এক পদ্ধতি য'ত কোনো বিষয়ৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বোধগম্যতাৰ বিকাশৰ বাবে বিভিন্ন ধৰণৰ শিকণ কাৰ্য সম্পন্ন কৰা হয়। ই হ'ল এক শিক্ষা কৌশল য'ত ভিন্ন দক্ষতা, প্ৰতিভা আৰু পৰিস্থিতি ছাত্ৰ-ছাত্ৰীয়ে সৰু দল গঠন কৰি একেলগে কৰ্ম সম্পাদন কৰি উমৈহতীয়া উপনীত হোৱাৰ প্ৰয়াস কৰে। দলৰ প্ৰতিজন সদস্যই বিষয়বস্তুৰ শিকণ লাভৰ বাবে দায়বদ্ধ লক্ষ্যত আৰু দলৰ আন সদস্যসকলক শিকণ লাভৰ বাবে সহায় কৰিব লাগে। 

(চ) দলগত শিক্ষণৰ বৈশিষ্ট্য 
 Features of Team Teaching.

উত্তৰঃ কোনো এক শ্ৰেণীৰ দুই বা ততোধিক শিক্ষক দলগত শিক্ষণ কাৰ্যৰ লগত জড়িত হৈ থাকে। ই এক নির্দেশনামূলক কৌশল, প্রশিক্ষণমূলক কৌশল নহয়। দলগত শিক্ষণ এনে এক প্ৰকাৰৰ শিক্ষাদান যত এজন শিক্ষকৰ বিপৰীতে বহুকেইজন শিক্ষক আকার শিক্ষা প্ৰদানৰ বাবে দায়বদ্ধ হৈ থাকে। কোনো এক ছাত্ৰৰ দলক একে বিষয়ৰ এদল শিক্ষকে যুটীয়াভাবে কর্ম সম্পাদন কৰি শিক্ষা উদ্দেশ প্ৰদান কৰে। প্রত্যেক ব্যক্তিগত শিক্ষককে ছাত্ৰৰ দলৰ সন্মুখত নিজৰ শিকণ দক্ষতা প্রমাণ কৰিবৰ বাবে বা ফলপ্রসূভাৱে শিক্ষাদান কৰিবৰ বাবে উপযুক্ত পাঠ্যবিষয় আৰু সময় প্ৰদান কৰা হয়। দলগত শিক্ষণত একে শ্ৰেণীৰ এদল ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যবিষয়ৰ পৰিকল্পনা, সংগঠন, কাৰ্যকৰীকৰণ, মূল্যায়ণ আদি কাৰ্য সম্পাদন কৰে।  দলগত শিক্ষণত শিক্ষকৰ দলটোৱে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন পূৰণ আৰু জটিলতা দূৰীকৰণৰ বাবে যুটীয়াভাৱে শিক্ষা প্ৰদান কৰিব লাগে। দলগত শিক্ষণত এজন শিক্ষকে প্রধান শিক্ষক (Master Teacher) ৰ ভূমিকা গ্ৰহণ কৰে আৰু বাকী কেইজন শিক্ষকে তেওঁক দলগত শিক্ষণত সহায় কৰে। 

(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answer) 

১। শিক্ষণ আৰ্হি মানে কি? ইয়াৰ বৈশিষ্ট্যবোৰ লিখা।

What is teaching model? Write its characteristics.

উত্তৰঃ শিক্ষণ আৰ্হি মানে হ'ল- শিক্ষাদানৰ তত্ববোৰ বিকশাই তোলাত শিক্ষাদানৰ আৰ্হিয়ে গুৰু ভূমিকা পালন কৰে। শিক্ষাদান হ'ল উদ্দেশ্যধৰ্মী কাৰ্য। ইয়াৰ প্ৰধান উদ্দেশ্য হ'ল শিক্ষাৰ্থীৰ প্ৰাৰম্ভিক আচৰণৰ সংশোধন সাধন কৰি সুপ্ত প্ৰতিভাৰ বাঞ্চিত বিকাশেৰে পৰিপূৰ্ণ ব্যক্তিত্ব গঢ়ি তোলা। শিক্ষাদান হ'ল কলা আৰু বিজ্ঞানৰ সংমিশ্রিত ৰূপ, সেয়েহে এই কাৰ্যৰ সফল ৰূপ প্ৰদান কৰিবলৈ প্রয়োজন হয় কৌশল, দক্ষতা আৰু কাৰ্যকৰী পদ্ধতিৰ।  ইংৰাজী প্রতিশব্দ 'Model' ৰ অৰ্থ হ'ল পূর্বপৰিকল্পিত নক্সা বা আঁচনি বা নমুনা, যিয়ে কৰিবলৈ হাতত লোৱা কোনো কামক সুন্দৰভাৱে সম্পাদন কৰাত সহায় কৰে। শিক্ষাদানৰ বাবে এক উপযুক্ত পৰিবেশ সৃষ্টি কৰিবৰ বাবে কাৰ্যকৰণ ব্যৱস্থাৰ প্ৰস্তুতকৰণৰ নিত্যন্ত প্রয়োজন।

ইয়াৰ বৈশিষ্ট্যবোৰ হ'ল- 
(১) বিজ্ঞানসন্মত কার্যপদ্ধতি (Scientific Procedure) : আদর্শ শিক্ষাদান আৰ্হিৰ ভিত্তি হ'ল প্ৰণালীবদ্ধ কার্যপদ্ধতি আৰু ক্ৰমবিনাক্ত পদ্ধতি। শিক্ষাৰ্থীৰ আচৰণৰ সংশোধনৰ নিমিত্তে শিক্ষাদানৰ আৰ্হি সমুহ প্ৰণালীবদ্ধ কাৰ্যপদ্ধতিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয় ৷

(২) শিক্ষণীয় পৰিবেশৰ বিশেষীকৰণ (Specification of Learning environment) : শিক্ষা প্ৰক্ৰিয়াৰ ফলাফল বা বাঞ্চিত শ্ৰেণীকোঠা বা শিক্ষানুষ্ঠানৰ পৰিবেশৰ ওপৰত নিৰ্ভৰশীল। যি পৰিবেশত শিক্ষাৰ্থীসকলৰ আচৰণৰ সংশোধন চিন্তা কৰা হয় সেই পৰিৱেশ শিক্ষাদানৰ আৰ্হি প্ৰস্তুতকৰণত গুৰুত্ব আৰোপ কৰিব লাগে।

(৩) শিক্ষাদান ক্ৰিয়াৰ বিশেষীকৰণ (Specification of Teaching Operation) : শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া আৰু পৰিৱেশৰ সৈতে সংঘটিত হোৱা আন্তঃক্রিয়া সম্পৰ্কত প্ৰদান কৰা প্ৰতিৰক্ষাক শিক্ষাদান আহিত বিশেষীকৰণ কৰা হয়। অৰ্থাৎ শিক্ষক, শিক্ষাৰ্থী আৰু পৰিবেশৰ মাজৰ পাৰস্পৰিক আন্তঃক্রিয়া জনিত কৌশল শিক্ষাদান আৰ্হিত গুৰুত্ব দিয়া হয়।

(৪) সম্পাদিত মাপকাঠীৰ বিশেষীকৰণ (Specification of Criterion of Performance) : শিক্ষাৰ্থীৰ কাম-কাজৰ গুণগত মান নিৰ্ণয় কৰাটো বিচাৰ কৰাটো, শিক্ষাদান আৰ্হিৰ বিবেচনাযোগ্য দিশ। শিক্ষাদানৰ অন্তত শিক্ষাৰ্থীয়ে যি আহৰণ কৰিলে সেই সম্পাদনাৰ মাপকাঠী এনে আহিয়ে বিশেষীকৰণ কৰে।

(৫) শিক্ষণীয় ফলশ্ৰুতিৰ বিশেষীকৰণ (Specification of learning outcome) : শিক্ষাদান আৰ্হিয়ে শিক্ষাদানৰ শেষত প্ৰদত্ত বিষয়ৰ শিক্ষা নিৰ্দেশনাৰ প্ৰাপ্ত ফলাফল সুনিশ্চিত কৰি তোলে। শিক্ষাদানৰ আৰ্হিয়ে শিক্ষাদানৰ অন্তত কেনেধৰণৰ আচৰণ প্ৰদৰ্শন কৰিব তাক বিশেষভাৱে নিৰ্দিষ্ট কৰি দিয়ে।

(৬) শিক্ষাদানলৈ নীতি নির্দেশনা (Guideline to Teaching) : শিক্ষাদান আৰ্হিয়ে শিক্ষকক শিক্ষাদানমূলক কৰ্তব্যপালনৰ ক্ষেত্ৰত নিৰ্দেশনা আগবঢ়ায়। পাঠটোৰ সম্পৰ্কত কেনেকৈ আগবাঢ়িলে গোটেই শিক্ষা পৰিবেশটো সজীৱ হৈ থাকিব সেই সম্পৰ্কত শিক্ষাদান আৰ্হিয়ে নির্দেশনা আগবঢ়ায়। 

(৭) শিক্ষাদানত নতুনত্বৰ প্ৰৱৰ্তন (New Innovation in teaching) : শিক্ষাৰ্থীৰ আচৰণৰ আকাংশিত পৰিৱৰ্তন কৰি সঠিক দিশত অগ্ৰসৰ কৰোৱাত শিক্ষাদান আৰ্হিয়ে সহায় কৰে। আধুনিক প্ৰযুক্তিবিদ্যাৰ অভিনৱ সৃষ্টি এই শিক্ষাদান আৰ্হিসমূহে শিক্ষাজগতত এক উদ্ভাৱনীমূলক চিন্তাৰ উন্মেষ ঘটাইছে। 

(৮) বিশ্লেষণাত্মক আৰু সংশ্লেষনাত্মক মনোভাৱৰ সমন্বয় (Unification of analytical and synthetical attitude) : শিকন-শিক্ষণ প্ৰক্ৰিয়াৰ বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক উভয় দিশৰ প্রতিফলন ঘটে শিক্ষাদান আর্হিত। সেয়েহে এনে আৰ্হি শিক্ষক-ছাত্র উভয়ৰ বাবে উপযোগী।


২। শিক্ষণ আৰ্হিৰ প্ৰকাৰবোৰ কি কি? বৰ্ণনা কৰা। 
What are the types of teaching model? Explain

উত্তৰঃ শিক্ষণ আৰ্হিৰ প্ৰকাৰবোৰ বৰ্ণনা কৰা হ'ল-


৩। শিক্ষণৰ অনুসন্ধান আৰ্হিৰ বিশ্লেষণ কৰা। 
Analyse the Inquiry model of teaching.

উত্তৰঃ শিক্ষণৰ অনুসন্ধান আৰ্হিৰ বিশ্লেষণ কৰা হ'ল-
ছাত্ৰ-ছাত্ৰীৰ বৈজ্ঞানিক অনুসন্ধান প্ৰশিক্ষণ কৌশলৰ বিকাশৰ বাবে বিচা (Richar Suchman) এ ১৯৬৬ চনত এই শিক্ষাদান আৰ্হিৰ বিকাশ কৰিছিল। বিজ্ঞানস শিশু বিকাশ আৰু মানসিক সামৰ্থৰ উৎকৰ্ষ সাধন কৰা আছিল এই শিক্ষাদান আহিব লক্ষ্য। এই আ অনুসন্ধান কৰাৰ বাবে ছাত্র ছাত্রীক স্বাধীনতা প্রদান কৰা হয় আৰু শৃংখলাবদ্ধভাবে পুি সিহঁতক অভিৰোচিত কৰা হয়। প্রাকৃতিকভাৱে শিশুসকল কৌতুলহী আৰু এই আৰ্হিৰ সহায়ত ি অনুসন্ধানৰ আনন্দ আৰু সন্তোষ লাভ কৰিব পাৰিব।

অনুসন্ধান প্রশিক্ষণ আৰ্হিৰ কেতবোৰ বৈশিষ্ট্য হ'ল—

(i) বৈজ্ঞানিক অধ্যয়নবোৰৰ বাবে এই আৰ্হি অধিক উপযোগী।

(ii) ছাত্ৰ-ছাত্ৰীৰ অনুসন্ধানৰ মনোভাৱ গঠনত এই আৰ্হিয়ে সহায় কৰে।

(iii) ছাত্ৰ-ছাত্ৰীৰ মনত বিজ্ঞানসন্মত মনোভাৱ এই আৰ্হিয়ে বিকশাই তোলে।

(১) কেন্দ্র বা ফ'কাচ (Focus) ঃ এই শিক্ষাদান আৰ্হিৰ মূল উদ্দেশ্য হ'ল শিশুৰ জ্ঞানমূলক কৌশলৰ বিকাশ সাধন কৰা। অনুসন্ধানৰ সহায়ত শিশুৱে যুক্তিপূর্ণভাৱে ধাৰণাৰ বিশ্লেষণ কৰিব পাৰে। ইয়ে সিহঁতৰ মনত বৈজ্ঞানিক মনোভাৱৰ বিকাশত সহায় কৰে।  চুচমেনৰ মতে অনুসন্ধান প্ৰশিক্ষণ আৰ্হিৰ উদ্দেশ্য হ'ল ঘটনাৰ বিশ্লেষণ, বিভিন্ন উপাদানৰ মাজত সম্বন্ধ আৱিষ্কাৰ আৰু সত্যৰ উদ্ভাৱন কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ তথ্যৰ আৱিস্কাৰ আৰু বিশ্লেষণৰ দক্ষতা বিকশাই তোলা। ছাত্ৰ-ছাত্ৰীৰ কৌতূহল স্পৃহা এই আৰ্হিৰ সহায়ত পূৰণৰ প্ৰয়াস কৰা হয়।

(২) সু-শৃংখলিত বিন্যাস (Syntax) : অনুসন্ধান প্রশিক্ষণ আৰ্হিৰ পাঁচটা স্তৰ আছে। সেইকেইটা হ'ল-

(ক) সমস্যাৰ মুখামুখি (Encounter with the problem)

(খ) তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া (পৰীক্ষাকৰণ) [Data gathering process (verification)]

(গ) তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া (পৰীক্ষা) [Data gathering process (Experimentation)]


তলত এই স্তৰকেইটা বৰ্ণনা কৰা হ'ল—

(ক) সমস্যাৰ মুখামুখি : এই স্তৰত শিক্ষকে অনুসন্ধানৰ পদ্ধতি আৰু সমস্যাকেন্দ্ৰিক পৰিস্থিতিৰ বৰ্ণনা কৰিব লাগে। সমস্যাকেন্দ্ৰিক পৰিস্থিতিতো এনেদৰে গঢ়ি তুলিব লাগে যাতে ইয়াক দেখাত অযৌক্তিক আৰু বাস্তৱৰ পৰিস্থিতিৰ পৰা বিচ্যুত যেন লাগে। ইয়ে ছাত্র-ছাত্ৰীৰ মনত কৌতূহলৰ সৃষ্টি কৰিব লাগে যিহেতু ইয়াৰ সমাধান সম্বন্ধে সিহঁত অজ্ঞ। সমস্যা ছাত্ৰ-ছাত্ৰীৰ সন্মুখত উপস্থাপন কৰাৰ সময়ত শিক্ষকে এই আৰ্হিৰ উদ্দেশ্য যেনে ছাত্র-ছাত্রীয়ে নতুন জ্ঞান লাভ কৰাৰ ওপৰত গুৰুত্ব দিব লাগে।

(খ) তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া (পৰীক্ষাকৰণ) : ছাত্ৰ-ছাত্ৰীয়ে বাস্তৱত যি ঘটনা প্রত্যক্ষ কৰিছে বা যি অভিজ্ঞতা আহৰণ কৰিছে সেইবোৰক পৰীক্ষাকৰণ কৰা কাৰ্যই হ'ল তথ্য সংগ্ৰহ প্ৰক্ৰিয়াৰ পৰীক্ষাকৰণ ব্যৱস্থা। পৰীক্ষাকৰণ কাৰ্য দুই ধৰণে কৰা হয়।যেনে-

(i) বস্তু বা ঘটনাৰ প্ৰকৃতি পৰীক্ষা কৰিব লাগে। যেনে

-বস্তু চিনাক্তকৰণ কৰা। 
(ii) ঘটনাৰ উদ্ভাৱনৰ পৰীক্ষাৰকৰণ।
-কাৰ্য বা ঘটনাৰ প্ৰকৃতি ।
 
পৰীক্ষাকৰণৰ বাবে সংগৃহীত তথ্যবোৰ ঘটনাৰ সপক্ষে আৰু বিপক্ষে ধৰণৰ হোৱা বাঞ্চনীয়।

(গ) তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া (পৰীক্ষণ) : এই প্রক্রিয়া দুই প্ৰকাৰে সম্পাদন কৰা হয়; যেনে (ক) অনুসন্ধানমূলক (Exploration) আৰু (খ) প্ৰত্যক্ষ পৰীক্ষা (Direct Testing)। শিক্ষকে ইয়াত আনুমানিক ধাৰণাৰ ভিত্তিত প্ৰকল্প গঠন কৰিব লাগে আৰু ছাত্ৰ-ছাত্ৰীক সেইবোৰ পৰীক্ষা কৰিবলৈ দিব লাগে। 

(৩) সামাজিক ব্যৱস্থা (Social System) : অনুসন্ধান প্রশিক্ষণ আৰ্হিৰ সামাজিক ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ। শিক্ষকে এই আৰ্হিত সমস্যাকেন্দ্ৰিক পৰিস্থিতি নিৰ্বাচন কৰে আৰু আৰ্হি প্ৰস্তুত কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে উপস্থাপন কৰে। অনুসন্ধান কার্য চলি থকা সময়ত শিক্ষক আৰু ছাত্র-ছাত্রী উভয়েই সম ভূমিকা পালন কৰে। শিক্ষকে ছাত্ৰ-ছাত্ৰীক অনুসন্ধান নীতি সম্বন্ধে জ্ঞাত কৰাৰ লগতে সম্পদৰ ব্যৱহাৰ আৰু পৰীক্ষা সম্পন্ন কৰাৰ ক্ষেত্ৰত নিৰ্দেশনা প্ৰদান কৰে। 

                                          
৪। ব্যক্তিগত নিৰ্দেশনাৰ পদ্ধতি বর্ণনা কৰা। 
Explain the personalised system of instruction. 

উত্তৰঃ ব্যক্তিগত নিৰ্দেশনাৰ পদ্ধতি তলত বর্ণনা কৰা হ'ল-
অধ্যাপক ফ্রেড এচ. কেলাৰ (Fred S. Keller) আৰু তেওঁৰ সহযোগী জে. জি. গেৰমানে (J. G Sherman ) ১৯৭৪ চনত ব্যক্তিগত নির্দেশনা পদ্ধতি বিকশাই তুলিছিল। মুখ্য প্ৰৱৰ্তক ফ্রেড এচ. কেলাৰৰ নামানুসৰি এই পদ্ধতিক কেলাৰ আঁচনি (Keller Plan) নামেও জনা যায়।

ব্যক্তিগত নির্দেশনা পদ্ধতিত শিক্ষার্থীর কচি-অভিৰুচি, ইচ্ছা, সামর্থ, আগ্রহ, মনোভাৱ আদিৰ ওপৰত গুৰুত্ব দি নির্দেশনা প্রদান কৰা হয়। এই পদ্ধতিত শিক্ষকৰ প্ৰধান বিচার্য বিষয় হ'ল শিক্ষার্থীয়ে শিক্ষণীয় বিষয়বস্তু কিমান আয়ত্ব কৰিব পাৰিছে। এই পদ্ধতিত শিক্ষাৰ্থীৰ দৈহিক, মানসিক, সামাজিক, নৈতিক বিকাশৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলীৰ সম্ভেদ দিয়াটো শিক্ষকৰ এটা মূল দায়িত্ব। শিক্ষার্থীসকলে যাতে এইদৰে শিক্ষা লাভ কৰি সফলতা লাভ কৰিব পাৰে তাৰ প্ৰতি শিক্ষকসকল নিশ্চিত হ'ব লাগে। এই পদ্ধতিত শিক্ষকে শিকণীয় বিষয়বস্তু শিক্ষার্থীর ব্যক্তি পাৰ্থকাৰ লগত সামঞ্জস্য ৰক্ষা কৰি প্ৰস্তুত কৰিব লাগে।

এই পদ্ধতিৰ মুখ্য প্রবর্তক ফ্রেড এচ. কেলাৰে তেওঁৰ আলোচনা পত্র 'Good Bye, Teacher' ত এই আঁচনিৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াইছিল। এই আঁচনি অনুসৰি শিকিবলগীয়া বিষয়বস্তু প্রথমে ১০-৩০ গোটত ভাগ কৰা হয় আৰু এক নিৰ্দিষ্ট ক্ৰম অনুসৰি নতুন পাঠ্যসূচী তৈয়াৰ কৰা হয়। প্ৰতিটো গোটৰ সমাপ্তিৰ পিছত শিক্ষার্থীসকল শিক্ষকৰ কাষ চাপে আৰু সেই সময়ত শিক্ষার্থীৰ আজিত জ্ঞানৰ মূল্যায়ণ কৰা হয়। এই শিক্ষা ব্যৱস্থাত জোষ্ঠ শিক্ষার্থী বা প্ৰ'ক্টৰ (Proctor) সকলে শিক্ষাৰ্থীসকলৰ ভুলবোৰ সংশোধন কৰি গোট আয়ত্বকৰণত সহায় কৰে।

নাপেৰে (Naper) এই পদ্ধতিৰ সংজ্ঞা প্ৰদান কৰি কৈছিল, ব্যক্তিগত নিৰ্দেশনাৰ পদ্ধতি, মূলত, আত্ম অগ্ৰগতিৰ এক পাণ্ডিত্য শিকণ য'ত বিশেষভাৱে প্ৰস্তুত কৰা পাঠ্যক্ৰমৰ গোটৰ ভিত্তিত শিক্ষার্থীসকলে স্বাধীনভাৱে কৰ্ম সম্পাদন কৰে। গঠন কাৰ্য আৰু সম্বন্ধিত সমস্যাৰ ক্ষেত্ৰত প্ৰতিটো গোটত উদ্দেশ্য আৰু নিৰ্দেশনা প্ৰদান কৰা হয়।

৫। দলগত শিক্ষণৰ নীতিবোৰ আলোচনা কৰা।
Discuss the steps of team-teaching.

উত্তৰঃ দলগত শিক্ষণৰ নীতিবোৰ তলত আলোচনা কৰা হ'ল-

(১) আকাৰ আৰু গঠনৰ নীতি (Principle of Size and Composition) : নির্দিষ্ট আকাৰ আৰু গঠনৰ শ্ৰেণীৰ ধাৰণা দলগত শিক্ষণৰ বাবে প্ৰয়োজনীয়। দল বা শ্ৰেণীৰ আকাৰ দলগত শিক্ষণৰ উদ্দেশ্যৰ ভিত্তিত বেলেগ বেলেগ হোৱা দেখা যায়। উদাহৰণস্বৰূপে যদি দলগত শিক্ষণৰ উদ্দেশ্য কোনো বিষয় বা পাঠ্যসূচীৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ জটিলতা আঁতৰ কৰা হয় তেন্তে দলৰ আকাৰ আৰু সৰু হোৱা উচিত যাতে একে জটিলতা থকা ছাত্র-ছাত্রীয়ে শিকন-শিক্ষণ কার্যত সক্রিয় অংশ গ্ৰহণ কৰিব পাৰে।

(২) নিৰ্দেশনা পৰ্যায়ৰ নীতি (Principle of Level of Instruction) : দলগত শিক্ষণ সংগঠনৰ ই হ'ল মূল ভেটিস্বরূপ। নিৰ্দিষ্ট দলৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰকৃতিৰ ভিত্তিত নির্দেশনা প্ৰদান কৰিব লাগে। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰৱেশৰ আচৰণ (Entry behaviour) মূল্যায়ন কৰিব লাগে।

(৩) দলৰ সদস্যৰ উপযুক্ত নিৰ্বাচনৰ নীতি (Principles of Appropriate Selection of Team Members) : দলগত শিক্ষণত যুটীয়া দায়িত্বৰ প্ৰয়োজন। নিৰ্দেশনাৰ প্ৰয়োজন অনুসৰি ন্যায়সংগতভাৱে যদি দলৰ সদস্যসকলক নিৰ্বাচন কৰা হয় তেস্তে যুটীয়া দায়িত্ব তেওঁলোকে সফলতাৰে সম্পাদন কৰিব পাৰিব।

(৪) দলৰ শিক্ষকসকলক দায়িত্ব প্ৰদানৰ নীতি (Principles of Duties Assigned to Teachers of the Team) : দলগত শিক্ষণত দুই ধৰণৰ কাৰ্য নিহিত হৈ থাকে। যেনে—প্রধান বক্তৃতা আৰু দলীয় কৰ্ম বা অনুসৰণমূলক কর্ম বা নির্দেশনা। সেয়েহে শিক্ষাদানৰ দক্ষতাৰ ভিত্তিত শিক্ষকসকলৰ উপযুক্ত দায়িত্ব প্ৰদান কৰিব লাগে। সকলো শিক্ষকেই পাৰদৰ্শিতাৰে প্ৰধান বক্তৃতা প্রদান। 

(৫) শিক্ষণীয় পৰিৱেশৰ নীতি (Principles of Learning Evnironment) : প্রত্যেক বিষয় আৰু বিষয়ৰ পাঠ্যসূচীৰ বাবে উপযুক্ত শিক্ষণীয় পৰিৱেশৰ প্ৰয়োজন। সেয়েহে উপযুক্ত শিক্ষাদানৰ সজুঁলি আৰু অন্যান্য সামগ্রী যেনে প্রয়োগশালা, কর্মশালা, ক্ষেত্র অধ্যয়ন, ভাল পুথিভঁড়াল আৰু বক্তৃতা কক্ষ আদিৰদ্বাৰা ভাল শিক্ষণীয় পৰিৱেশ গঢ়ি তুলিব লাগে।

(৬) সময় কাৰ্কৰ নীতি (Principles of Time Factor) : দলগত শিক্ষণ হ'ল সুসংগঠিত শিকণ কার্য। সেয়েহে পাঠ্যবিষয় বিতৰণ, প্ৰধান বক্তৃতা, অনুসৰণমূলক কাৰ্য বা দলীয় কাৰ্য আদিৰ বাবে উপযুক্ত সময় প্ৰদান কৰিব লাগে। এই প্ৰকাৰৰ শিক্ষাদানত সময়ৰ বিতৰণ নমনীয় হ'ব লাগে।

(৭) তত্ত্বাৱধানৰ নীতি (Principle of Supervision) : পাৰদৰ্শী শিক্ষকৰ দ্বাৰা বিষয়বস্তুৰ ক্ষেত্ৰত পাণ্ডিত্য লাভ কৰাটো হ'ল দলগত শিক্ষণৰ এক লক্ষ্য। কোনো এক বিষয় বা ধাৰণাৰ জ্ঞানৰ আত্মীকৰণৰ বাবে তত্ত্বাৱধানৰ প্ৰয়োজন। দলগত শিক্ষণৰ উদ্দেশ্যৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীৰ কাৰ্যৰ তত্ত্বাৱধানৰ প্ৰকৃতি আৰু সময় নিৰ্ভৰশীল।


৬। দলগত শিক্ষণৰ শ্ৰেণীবিভাজন বর্ণনা কৰা। 
Explain the classfication of team teaching.

উত্তৰঃ দলগত শিক্ষণৰ শ্ৰেণীবিভাজন তলত বর্ণনা কৰা হ'ল-


৭। দলগত শিক্ষণৰ স্তৰসমূহ আলোচনা কৰা। 
Discuss the steps of team-teaching.

উত্তৰঃ দলগত শিক্ষণৰ স্তৰসমূহ তলত আলোচনা কৰা হ'ল-

(ক) দলগত শিক্ষণৰ পৰিকল্পনা (Planning of Team Teaching): দলগত শিক্ষণৰ পৰিকল্পনাত সকলো শিক্ষকৰ পাৰদৰ্শিতাক সম্পূর্ণভাৱে ব্যৱহাৰ কৰিব লাগে।

এই স্তৰত সম্পাদন কৰিবলগীয়া কাৰ্যবোৰ হ'ল—

(১) শিকাবলগীয়া বিষয় সম্বন্ধে সিদ্ধান্ত গ্রহণ।

(২) দলগত শিকণৰ উদ্দেশ্য স্থিৰকৰণ।

(৩) এই উদ্দেশ্যবোৰ আচৰণগত দিশেৰে লিপিবদ্ধকৰণ। 

(৪) দলৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰৱেশৰ বা প্ৰাৰম্ভিক আচৰণ চিনাক্তকৰণ।

(৫) উপলব্ধ মানৱ আৰু মানৱবিহীন সম্পদৰ চিনাক্তকৰণ। 

(৬) দলগত শিকণৰ শিক্ষক নিৰ্বাচন, প্রধান শিক্ষক আৰু অন্যান্য ব্যক্তিসকলৰ নিৰ্বাচন।

 (৯) আগ্ৰহ আৰু দক্ষতাৰ ভিত্তিত শিক্ষকসকলক দায়িত্ব প্রদান, যেনে—

(i) প্রধান বক্তৃতা

(ii) অনুসৰণমূলক কার্য বা নির্দেশনা

(iii) তত্বাবধান

(১০) ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ণৰ উপায় স্থিৰকৰণ, যেনে—

(i) মৌখিক পৰীক্ষা

(ii) লিখিত পৰীক্ষা

(iii) প্রায়োগিক কর্ম ইত্যাদি।

(খ) দলগত শিক্ষণৰ কাৰ্যকৰীকৰণ (Execution of Team Teaching): দলৰ ছাত্ৰ- ছাত্ৰীসকলৰ প্ৰয়োজনীয়তা আৰু উদ্দেশ্যৰ ভিত্তিত দলগত শিকণৰ সংগঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। দলৰ প্ৰতিজন সদস্য সময়সূচী আৰু নিজক প্ৰদান কৰা দায়িত্ব সম্বন্ধে সজাগ হৈ থাকিব লাগে। নিজৰ দায়িত্ব সম্বন্ধে দলৰ শিক্ষকসকল প্ৰস্তুত হৈ থাকিব লাগে। দলৰ শিক্ষকসকলে তলত উল্লেখ কৰা ধৰণৰ কাৰ্য দলগত শিক্ষণত সম্পাদন কৰে।

(১) নিৰ্দেশনা প্রদানৰ পৰ্যায় নিৰ্ধাৰণ কৰিব লাগে আৰু ইয়াৰ বাবে যাদৃচ্ছিকভাৱে ছাত্র-ছাত্রীসকলক প্রথমতে প্রশ্ন সুধিব লাগে।

(২) শিক্ষাৰ মাধ্যম অর্থাৎ ভাষাৰ ভিত্তিত যোগাযোগৰ উপযুক্ত কৌশল নির্বাচন কৰিব লাগে। 

(৩) দলৰ দক্ষ শিক্ষকজনে প্রধান বক্তৃতা প্রদান কৰিব লাগে আৰু বাকী শিক্ষকসকলে সেই বক্তৃতা
মন দি শুনিব লাগে। ছাত্র-ছাত্রীয়ে সহজে বুজিব নোৱাৰা উপাদানবোৰ টোকা আকাৰে লিখি ৰাখিব লাগে।
(৪) দলৰ অন্য শিক্ষকসকলে প্ৰধান বক্তৃতাৰ অতিৰিক্ত হিচাপে অতি সহজে সৰল ভাষাত বিষয়ৰ উপস্থাপন কৰিব লাগে যাতে সেইবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বুজিবলৈ সহজ হয়। উপাদানবোৰ 

(৫) প্রধান বক্তৃতা আৰু অনুসৰণমূলক কাৰ্য সম্পাদনৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকসকলে অভিৰোচিত কৰিব লাগে।



(গ) দলগত শিক্ষণৰ মূল্যায়ণ (Evaluation of Team Teaching): যিকোনো শিক্ষণ বা নিৰ্দেশনাৰ ক্ষেত্ৰত মূল্যায়ণ এক গুৰুত্বপূৰ্ণ দিশ। ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতা পৰিমাপ কৰিবৰ বাবে ই সহায়কাৰী যাৰ যোগেদি নিৰ্ধাৰিত উদ্দেশ্যত উপনীত হোৱা-নোহোৱাৰ বিষয়ে জানিব পাৰি। নিৰ্ধাৰিত উদ্দেশ্য, ছাত্ৰ-ছাত্ৰীৰ প্ৰাৰম্ভিক আচৰণ, পদ্ধতি আৰু কৌশল, পৰিকল্পনা, দলৰ সদস্যসকলৰ দায়িত্ব বিতৰণ আদিৰ ভিত্তিত পাৰদৰ্শিতা বিচাৰ কৰা হয়। শিক্ষকৰ দল আৰু ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰদ্বাৰা সবলিত কৰা হয়। মূল্যায়ন স্তৰৰ বিভিন্ন কাৰ্যবোৰ হ'ল—

(১) মৌখিক, লিখিত বা প্রায়োগিক পৰীক্ষাৰদ্বাৰা ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰিব লাগে। প্ৰতিটো প্রশ্নই দলগত শিকণৰ কোনো এক উদ্দেশ্যৰ পৰিমাপ কৰিব লাগে।

(২) ছাত্ৰ-ছাত্ৰীৰ গৃহকাৰ্য আৰু গোটসমূহৰ অনুশীলন সময়ে সময়ে মূল্যায়ন কৰিব লাগে। 

(৩) পাৰদৰ্শিতাৰ পৰ্যায় আৰু উদ্দেশ্যৰ উপলব্ধিৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে।

(৪) ছাত্ৰ-ছাত্ৰীৰ জটিলতাবোৰ পৰীক্ষা কৰিব লাগে আৰু নিৰাময়ৰ উপায় প্ৰদান কৰিব লাগে।

(৫) ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নৰ ভিত্তিত পৰিকল্পনা আৰু কাৰ্যকৰী স্তৰৰ পুনৰীক্ষণ কৰিব লাগে।


৮। দলগত শিক্ষণৰ সুবিধা আৰু অসুবিধাবোৰ লিখা।
Write the advantages and disadvantes and disadvantages of team-teaching.

উত্তৰঃ দলগত শিক্ষণৰ সুবিধাবোৰ হ'ল-
(১) দলগত শিক্ষনে শিক্ষকসকলৰ দক্ষতাৰ সুব্যৱহাৰ কৰে। শিক্ষকৰ পাৰদৰ্শিতাৰ সৰ্বোতম প্ৰয়োগৰ ই এক আঁহিলা।

(২) ছাত্র-ছাত্রীসকলক বিষয়ৰ জ্ঞান প্ৰদান কৰি এই শিক্ষণে শিক্ষণীয় পৰিৱেশ সৃষ্টি কৰি তোলে।

(৩) শ্রেণীকোঠাত মুক্ত আলোচনাৰ সুবিধা এই শিক্ষণে প্ৰদান কৰে। শ্ৰেণীকোঠাত দলৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে মুক্তভাৱে মনৰ ভাৱ প্ৰকাশ কৰাৰ সুবিধা পায়।

(৪) বিদ্যালয়ৰ পৰিৱেশত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে সামাজিক সম্বন্ধ বিকশাই তোলে। বিদ্যালয় আৰু মহাবিদ্যালয়ত ছাত্র-ছাত্রী তথা শিক্ষকসকলকো মানৱীয় সম্বন্ধৰ অনুশীলনৰ প্ৰয়োজন ।

(৫) শিক্ষকসকলৰ বৃত্তিগত দক্ষতা বৃদ্ধি কৰাৰ বাবে এই শিক্ষণে সুবিধা প্ৰদান কৰে।

(৬) ছাত্র-ছাত্রীসকলক বিষয়ৰ ক্ষেত্ৰত অধিক দক্ষ হোৱাত আৰু বিভিন্ন শিক্ষকৰ জ্ঞানৰদ্বাৰা উপকৃত 
হোৱাত দলগত শিক্ষণে সহায় আগবঢ়ায়।

 (৭) ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তা আৰু জটিলতাক ই গুৰুত্ব প্ৰদান কৰে।

(৮)  ই এক গতিশীল শিক্ষাদানৰ পদ্ধতি। ছাত্ৰ-ছাত্ৰীৰ সৃজনক্ষমতা ই বিকশাই তুলিব পাৰে।



দলগত শিক্ষণৰ অসুবিধাবোৰ হ'ল-

(১) শিক্ষকসকলৰ মাজত সহযোগিতা সৃষ্টি কৰাটো এক জটিল কাম। তেওঁলোকে একগোট হৈ শিক্ষাদান কৰা কাৰ্যত উৎসাহ দেখুওৱা দেখা নাযায়।

(২) এটা শিক্ষকৰ দলক ক্ষমতা আৰু দায়িত্ব বিতৰণ কৰাটো বাস্তৱত এক কঠিন কাম।

(৩) কেতিয়াবা কেতিয়াবা ব্যক্তিগত অহম (ego) ৰ বাবে এই শিকণ কার্যত নেতিবাচক প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। সকলো শিক্ষকেই নিজক বিশেষজ্ঞ শিক্ষক বুলি ভাৱে।

(৪) পৰম্পৰাগত পদ্ধতিৰ শিক্ষাদান কৰা শিক্ষকসকলে অন্য নতুন পদ্ধতিৰে শিক্ষাদান কৰিব নিবিচাৰে। 

(৫) শিক্ষাদানৰ সজুঁলি আৰু বৈষয়িক সা-সুবিধাৰ অভাৱৰ বাবেও বহুতো শিক্ষানুষ্ঠানত এই শিক্ষণ পদ্ধতি প্রয়োগ কৰিব পৰা নাযায়। 

(৬) দলগত শিক্ষণ পদ্ধতি আর্থিক দিশেৰে এক ব্যয়বহুল পদ্ধতি।



Question And Answer Type By: Himashree Bora.