Chapter 4 Question and Answer Assam | B.A 3rd Semester Education Notes | B.A 3rd Semester Education Free Suggestion | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer শিক্ষণৰ পদ্ধতি আৰু কৌশলবোৰ পাঠটোৰ প্ৰশ্ন-উত্তৰ |  BA 3rd Sem Major Education Paper 3| 


শিক্ষণৰ পদ্ধতি আৰু কৌশলবোৰ

(I) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of Very Short Answer )


১। শিক্ষণ মানে কি?

What is teaching. 

উত্তৰঃ শিক্ষণ মানে হ'ল- আধুনিক ধাৰণা অনুসৰি শিক্ষণ হৈছে ছাত্র-ছাত্রীক প্রয়োজনীয় জ্ঞান (Knowledge) আৰু কর্মকুশলতা বা দক্ষতা (Skill) লাভ কৰাত সহায় কৰা। তাৰোপৰি শিক্ষণৰ দ্বাৰা শিক্ষাৰ্থীৰ আচৰণ সমূহৰ পৰিশোধন কৰি সমাজৰ উপযোগী আচৰণ গঢ়ি তোলা হয়। শিকোৱা কাৰ্য্য এক জটিল কাৰ্য্য। এনে কাৰ্য্যৰ লগত সমসাময়িক সমাজ জীৱনৰ নীতি আদৰ্শ, ৰুচিবোধ, সামাজিক প্ৰমূল্যবোধ, অর্থনৈতিক আদৰ্শ, শিক্ষাৰ লক্ষ্য আদি গভীৰভাৱে জড়িত হৈ থাকে। 

২। শিকণ বুলিলে কি বুজা?

What is meant by learning. 

উত্তৰঃ ব্যক্তিয়ে পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ প্ৰতি জনোৱা সঁহাৰি বা আন্তঃক্ৰিয়াৰ ফলত লাভ কৰা জ্ঞান-অভিজ্ঞতা। এনে জ্ঞান-অভিজ্ঞতাৰ ফলত শিক্ষাৰ্থীৰ আচৰণৰ বাঞ্ছিত পৰিবৰ্তন সাধন হয়। অৰ্থাৎ পৰিৱেশৰ উদ্দীপকৰ প্ৰতি স্বভাৱিকভাৱে কৰা প্ৰতিক্ৰিয়াৰ ফলত শিকণ সম্ভৱ হৈ উঠে। তাকে শিক্ষণ বুলি কোৱা হয়।

৩। শিক্ষণৰ এটা বৈশিষ্ট্য উল্লেখ কৰা । 

Mention one feature of teaching.

উত্তৰঃ শিক্ষণৰ এটা বৈশিষ্ট্য হ'ল-

(১) শিক্ষণেই শিকাৰ কাৰণ (Teaching is causing to learn) : শিক্ষাদান কার্যই শিক্ষার্থীক জ্ঞান অৰ্জন কৰাত সহায় কৰে। শিক্ষণ কাৰ্য্যই শিক্ষাৰ্থীক অনুপ্রাণিত কৰি, আগ্রহ বৃদ্ধি কৰি শিকাৰ প্ৰতি অভিৰোচিত কৰি তোলে।

(২) শিক্ষণ হৈছে এক যোগাযোগ প্রক্রিয়া (Teaching is a Process of Communincation )ঃ শিক্ষণ কাৰ্য্যৰদ্বাৰা শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এক আন্তৰিক যোগাযোগ গঢ় লৈ উঠে।

৪। শিক্ষণ হৈছে শিক্ষকৰ এটা কাৰ্য যিটো শিশুৰ বিকাশৰ বাবে সম্পাদন কৰা হয়—কথাষাৰ কোনে কৈছিল?

"Teaching is a task of a teacher which is performed for the development of a child'-who said this statement?

উত্তৰঃ


৫। শিক্ষণৰ কোনটো বিধি শিকণৰ অৰ্ন্তদৰ্শন তত্বৰ ওপৰত প্ৰতিষ্ঠিত ? 

Which maxim of teaching is based on insightful theory of learning?

উত্তৰঃ 

৬। ভুল/শুদ্ধ লিখা (Write True/False)

(ক) আদর্শ শিকণ পদ্ধতি হৈছে অপৰিবৰ্তনীয় ।

Ideal teaching methods are rigid. 

উত্তৰঃ 

(খ) বক্তৃতা পদ্ধতিত শিক্ষকৰ ভূমিকা নিস্ক্রিয় ।

Role of teacher is passive in Lecture method.

উত্তৰঃ 

(গ) প্রগ্রেম পদ্ধতি হৈছে স্বয়ংশিক্ষণ কৌশল।

Programme method is an auto-instructional method. 


(ঘ) বক্তৃতা পদ্ধতি হৈছে এক শিক্ষার্থীকেন্দ্রিক পদ্ধতি।

Lecture method is a learner-centric method.


(ঙ) বক্তৃতা পদ্ধতিত শিক্ষাৰ্থীৰ ভূমিকা সক্ৰিয় ।

Role of students is active in Lecture method.


(চ) সমস্যা সমাধান পদ্ধতিয়ে শিক্ষাৰ্থীৰ মনত আত্ম-নিৰ্ভৰশীলতাৰ সৃষ্টি কৰে ৷ 

Problem solving method develops self-dependence among students.


(ছ) শিকণীয় বিষয়বস্তুৰ সু-শৃংখল বিন্যাসেই হৈছে শিকণ পদ্ধতি। 

Teaching methods are orderley arrangement of the instructional materials. 


(জ) জন ডিউৱী প্রকল্প পদ্ধতিৰ প্ৰধান উদ্ভাৱক আছিল।

John Dewey was the Chief originator of Project method. 


(ঝ) সংগঠনাত্মকবাদৰ ধাৰণাটো প্ৰধানকৈ ‘পৰ্যবেক্ষণ' আৰু 'বিজ্ঞানসন্মত অধ্যয়ণৰ’ ওপৰত

ভিত্তি কৰি বিকাশ সাধন হৈছে।

The concept of constructivism mainly developed 'observation' and 'scientific study'. on the basis of

উত্তৰঃ 

(ঞ) জাঁ পিয়াজে আৰু জন ডিউৱী আছিল গঠনাত্মকবাদৰ প্ৰধান সমর্থক। 

Jean Piaget and John Dewey were the main supporter of constructivism.

উত্তৰঃ  শুদ্ধ।

৭। শিক্ষণৰ উপায় বুলিলে কি বুজা ?

What is meant by teaching device? 

উত্তৰঃ শিক্ষণ-শিকণ প্রক্রিয়া ফলপ্রসূ কৰি তুলিবৰ বাবে শিক্ষকসকলে বিভিন্ন ধৰণৰ সহায়ক ব্যৱস্থা বা উপায়সমূহ অৱলম্বন কৰিব লগা হয়। শিক্ষণ পদ্ধতি বিজ্ঞানত এই উপায়সমূহক শিকণ সম্পাদন আহিলা বা শিক্ষণৰ উপায় (Devices of Teaching) বুলি কোৱা হৈছে। 

    শিকোৱাৰ উপায়সমূহে পাঠদান কার্য প্ৰণালীবদ্ধ কৰি তোলাত সহায় কৰে। প্ৰখ্যাত শিক্ষাবিদ John Mander এ শিক্ষাদানৰ উপায়সমূহ ব্যৱহাৰ কৰাৰ পাঁচটা যুক্তিপূর্ণ উদ্দেশ্য দাঙি ধৰিছে।

৮। 'Narration' শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে?

From which language the word 'Narration' was derived ? 

উত্তৰঃ 'Narration' শব্দটো লেটিন ভাষাৰ 'Narrare' শব্দৰ পৰা উৎপত্তি হৈছে।

৯। অনুশীলনমূলক প্রশ্ন কি? 

What is drilling question? 

উত্তৰঃ  অনুশীলনমূলক প্রশ্ন হ'ল- অংক বা বিজ্ঞানৰ সূত্ৰসমূহ লিখিবলৈ দি শিক্ষাৰ্থীয়ে কিমান দূৰ মনত ৰাখিব পাৰিছে, এনে প্রশ্নৰদ্বাৰা তাক নিৰ্ণয় কৰা হয়। 

১০। আদৰ্শ প্ৰশ্নৰ এটা বৈশিষ্ট্য লিখা ।

Write one feature of good question. 

উত্তৰঃ আদৰ্শ প্ৰশ্নৰ এটা বৈশিষ্ট্য হ'ল-

(১) প্রশ্ন সমূহ অতি দীঘলীয়া হ'ব নালাগে।

(২) প্রশ্নসমূহে শিক্ষাৰ্থীৰ মনত কৌতূহল সৃষ্টি কৰিব পাৰিব লাগে।

(II) চমু উত্তৰৰ প্ৰশ্ন (Questions of Short Answer)

১। শিক্ষণ-শিকণ প্ৰক্ৰিয়া বুলিলে কি বুজা ?

What is meant by teaching-learning process? 

উত্তৰঃ শিক্ষা প্ৰযুক্তিবিদ্যাৰ ভাষাত শিক্ষণ-শিকণ প্ৰক্ৰিয়াটো হৈছে এক যোগাযোগ প্রক্রিয়া (Communication Process), এই সংযোগ প্ৰক্ৰিয়াত উৎসই (শিক্ষকে) কোনো নিৰ্দিষ্ট পৰিৱেশত, (শিক্ষানুস্থানত) নির্দিষ্ট কিছুমান মাধ্যমৰ (পাঠ্যপুথি, শিকণ পদ্ধতি) সহায়ত যি খবৰ বা তথ্য সংগ্রাহকলৈ (শিক্ষাৰ্থী) প্ৰেৰণ কৰে আৰু সংগ্ৰাহকৰ পৰা মাজে মাজে প্রতিপুষ্টি লৈ থাকে সেই প্রক্রিয়াটোকে শিক্ষণ-শিকণ প্রক্রিয়া বুলি কোৱা হয়।

২। বক্তৃতা পদ্ধতিৰ তিনিটা সৱল দিশ কি কি?

What are the three strength of lecture method? 

উত্তৰঃ বক্তৃতা পদ্ধতিৰ তিনিটা সৱল দিশ হ'ল-

(১) এই পদ্ধতিৰে এজন শিক্ষকে একে সময়তে বহু সংখ্যক শিক্ষার্থীক শিক্ষাদান কৰিব পাৰে।

(২) বক্তৃতাৰ দ্বাৰা শিক্ষাৰ্থীৰ প্ৰজ্ঞানাত্মক (Cognitive) আৰু ভাবাত্মক (Affective) দুয়োটা দিশৰে বিকাশ সাধন কৰিব পাৰে।

 (৩) বক্তৃতা পদ্ধতিৰ সফল প্ৰয়োগৰদ্বাৰা শ্ৰেণীকোঠাত শিক্ষক আৰু শিক্ষাৰ্থীৰ সক্ৰিয় আন্তঃক্রিয়া সংঘটিত কৰি তুলিব পাৰি।

৩। ‘এজন শিক্ষক কেতিয়াও প্রশ্ন নকৰিলে, তেওঁ কেতিয়াও শিকাব নোৱাৰে’—কিয়? তিনিটা কাৰণ লিখা।

'A teacher who never questions, never teach - Why? Write three reasons. 

উত্তৰঃ 

৪। প্রশ্নকৰণৰ চাৰিটা সুবিধা উল্লেখ কৰা।

Mention four advantages of questioning.

উত্তৰঃ  প্রশ্নকৰণৰ চাৰিটা সুবিধা হ'ল-

(১) প্রশ্নসমূহ পাঠৰ ক্ৰম অনুযায়ী সজাই ল'ব লাগে।

(২) প্ৰশ্নত ব্যৱহাৰ কৰা ভাষা সহজ সৰল হ'ব লাগে আৰু ব্যাকৰণগত দিশৰ পৰা শুদ্ধ হ'ব লাগে।

(৩) একেলগে কেইবাটাও প্রশ্ন কৰিব নালাগে।

(৪) শ্ৰেণীত কৰা প্ৰশ্ন যথাসম্ভৱ চুটি হ'ব লাগে।

(৫) শ্ৰেণীকোঠাত উদ্দেশ্যহীনভাৱে প্রশ্ন কৰিব নালাগে।

৫। বৰ্ণনাকৰণৰ ক্ষেত্ৰত তিনিটা প্রায়োগিক পৰামৰ্শ আগবঢ়োৱা।

Give three practical suggestions of narration.

উত্তৰঃ  বৰ্ণনাকৰণৰ ক্ষেত্ৰত তিনিটা প্রায়োগিক  তলত পৰামৰ্শ আগবঢ়োৱা হ'ল-

(১) ভাষামূলক দক্ষতা (Language ability) : বৰ্ণনা সুন্দৰ আৰু সাৱলীল কৰি তুলিবলৈ শিক্ষকজনৰ ভাষাৰ ওপৰত দখল থকা দৰকাৰ। তাৰোপৰি বৰ্ণনাত ব্যৱহৃত শব্দবিলাক স্পষ্ট আৰু সহজ সৰল হ'ব লাগে। শিক্ষকে তেওঁৰ বৰ্ণনাত উপযুক্ত স্থানত উপযুক্ত শব্দ ব্যৱহাৰ কৰি ৰসাল আকর্ষণীয় কৰি তুলিব লাগে। একেটা শব্দকে বাৰে বাৰে ব্যৱহাৰ কৰিলে বৰ্ণনাৰ সৌন্দৰ্য নোহোৱা হয়। 

(২) প্রণালীবদ্ধতা (Systematic arrangement) ঃ বর্ণনা কৌশল প্রয়োগ কৰাৰ আগতে শিক্ষকে পাঠৰ বিষয়বস্তু সমূহ প্ৰণালীবদ্ধভাৱে সজাই ল'ব লাগে। প্রয়োজন সাপেক্ষে বৰ্ণনাৰ মাজত ব্যৱহাৰ কৰিব পৰাকৈ উপযুক্ত সঁজুলিবোৰ প্ৰস্তুত কৰি ল'ব লাগে। 

(৩) বৈচিত্রতা (Variation) : বর্ণনাত বিভিন্ন দিশৰ বৈচিত্ৰতা থাকিলে ই সহজে একঘেয়ামী বিধৰ হৈ নপৰে। বৰ্ণনাত মাজে মাজে শিক্ষকে স্বৰ পৰিবৰ্তন কৰিব লাগে। প্রয়োজন সাপেক্ষে হাস্যৰসৰ সৃষ্টি কৰিব লাগে। মাজে সময়ে শিক্ষার্থীক প্রশ্ন সুধিবও লাগে। 

(৪) উদাহৰণ প্ৰয়োগ (Using illustration) : বৰ্ণনাৰ আকৰ্ষণীয়তা বৃদ্ধি কৰিবৰ বাবে মাজে মাজে উদাহৰণ দিয়াৰ ব্যৱস্থা কৰিব পাৰি। তেতিয়া বিষয়বস্তু অধিক স্পষ্ট হৈ উঠে। উদাহৰণ দিলে শিক্ষার্থীয়ে সহজে বিষয়বস্তু আয়ত্ব কৰিবলৈ সক্ষম হয়। 

৬। চমুটোকা লিখা :

Write short notes: 

(ক) শিক্ষণ আৰু শিকণৰ পাৰ্থক্য।

Differences between teaching and learning.

উত্তৰঃ (১) শিক্ষণ বা শিক্ষাদান কাৰ্য্য বিশেষভাৱে পূর্বনির্ধাৰিত আৰু সুপৰিকল্পিত। ইয়াত নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য আগত ৰাখি কাৰ্য্য সম্পাদন কৰা হয়।

    অন্যহাতেদি শিকণ বা শিক্ষা গ্রহণ হৈছে শিকাৰ ফলত লাভ কৰা ফলশ্ৰুতি। অর্থাৎ শিক্ষণৰ ফলাফলেই হৈছে শিকণ ।

(২) শিক্ষণ কাৰ্য্যটো একক কাৰ্য্য নহয়। ই বহুতো কৰ্মৰদ্বাৰা সংঘটিত এক কাৰ্য্য। যেনে—বক্তৃতা দিয়া, প্রশ্নসোধা, নির্দেশনা দিয়া, প্রশংসা কৰা, অভিৰোচিত কৰা, উৎসাহ প্রদান কৰা, সঁজুলি প্রস্তুত কৰি ব্যৱহাৰ কৰা, প্ৰতিপুষ্টি লোৱা, মূল্যায়ণ কৰা ইত্যাদি। সেয়ে শিক্ষণক ক্ষুদ্র ক্ষুদ্র অংশত বিভাজিত প্রক্রিয়া (molecular concept) বুলি কোৱা হয়।

    অন্যহাতেদি শিকণ হৈছে একক কাৰ্য্য। শিক্ষাৰ্থীৰ নিজস্ব একক প্রচেষ্টাৰ মাধ্যমেৰেহে শিক্ষা গ্রহণ সম্ভৱ হৈ উঠে। সেয়ে শিকণক একক ধাৰণা ( molar concept) বুলি কোৱা হয়।

(৩) শিক্ষণ বা শিক্ষাদানৰ সময়ত শিক্ষাৰ সামগ্ৰীক লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়া হয়। যেনে— জ্ঞানমূলক, অনুভূতিমূলক আৰু ক্ৰিয়ামূলক লক্ষ্য।

    অন্যহাতেদি শিক্ষা গ্রহণ বা শিকণ কাৰ্য্যত শিক্ষাৰ্থীৰ নিজস্ব আগ্রহ, অভিৰুচি আৰু জ্ঞান আৰ্জনৰ ক্ষমতাৰ ওপৰত প্ৰাধান্য দিয়া হয়।

(৪) শিক্ষণ হৈছে এক সামাজিক প্রক্রিয়া। ইয়াত সমাজৰ প্ৰয়োজনীয় জ্ঞান অভিজ্ঞতা শিক্ষাৰ্থীসকলক সামাজিকভাৱে প্ৰদান কৰা হয়।

    অন্যহাতেদি শিকণ কাৰ্য্য হৈছে এক সম্পূর্ণ ব্যক্তিকেন্দ্রিক প্রচেষ্টা। শিক্ষার্থীয়ে নিজে ইচ্ছা কৰিলেহে শিকা কাৰ্য্যটো সফল হৈ উঠে।

(৫) শিক্ষণ কাৰ্য্যৰ সফলতা বিশেষভাৱে নিৰ্ভৰ কৰে শিক্ষকৰ সক্ষমতা, দক্ষতা আৰু কৌশল প্রয়োগৰ ওপৰত। শিক্ষকৰ শিকণ প্রচেষ্টা সফল হ'বও পাৰে আৰু নহ'বও পাৰে।

    অন্যহাতেদি শিকণৰ সফলতা নিৰ্ভৰ কৰে শিক্ষাৰ্থীৰ নিজস্ব আগ্রহ, মনোযোগ, আৰু সক্ষমতাৰ ওপৰত।

(খ) প্ৰকল্প পদ্ধতিৰ সবল দিশসমূহ। 

Merits of project method.

উত্তৰঃ (i) প্রকল্প পদ্ধতিটো মনোবৈজ্ঞানিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ। কাৰণ শিক্ষাৰ্থীয়ে ইয়াত নিজ কৰ্মৰ দ্বাৰা শিকাৰ সুবিধা পায়।

(ii) এই পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীৰ আত্ম বিশ্বাস জগাই তোলাৰ লগতে দায়বদ্ধতা, সহযোগিতা, নেতৃত্বদানৰ গুণ আৰু নৈতিক মূল্যবোধৰ বিকাশ সাধন কৰে।

(iii) শিক্ষার্থীসকলে এই পদ্ধতিত স্বাধীনভাৱে আৰু আন্তৰিকতাৰে দলীয়ভাৱে কৰ্ম সম্পাদন কৰে। সেয়ে ইয়াত কোনো অনুশাসনৰ সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা নাথাকে । 

(iv) এই পদ্ধতিত শিক্ষার্থীয়ে শ্ৰমৰ মৰ্য্যদাবোধ সম্পৰ্কে সুন্দৰ জ্ঞান লাভ কৰে। 

(v) এই পদ্ধতিত প্ৰকল্প পৰিকল্পনা আৰু সম্পাদনাৰ ক্ষেত্ৰত গণতান্ত্রিক নীতি মানি চলা হয়। 

(vi) প্রকল্প পদ্ধতি সহসম্বন্ধৰ কৌশলৰ ওপৰত ভিত্তি কৰি সম্পাদন কৰা হয়। সেয়ে এটা প্ৰকল্পৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিভিন্ন বিষয়ৰ জ্ঞান ফালপ্রসুভাৱে লাভ কৰিবলৈ সক্ষম হয়। 

(vi) এই পদ্ধতিত শিক্ষক-শিক্ষার্থীৰ আলোচনাসমূহত মুক্তভাৱে অংশ গ্ৰহণ কৰি শিক্ষাৰ্থীয়ে নিজকে প্ৰকাশ কৰাৰ সুযোগ লাভ কৰে।

(vii) সমস্যা সমাধানত আত্ম নিয়োগ কৰাৰ সুবিধা পোৱাৰ ফলত শিক্ষাৰ্থীৰ চিন্তন ক্ষমতা, যুক্তি, বিচাৰ বুদ্ধি আদি ক্ষমতাৰ বিকাশ সাধন সম্ভৱ হৈ উঠে।

(গ) শিক্ষণ পদ্ধতিৰ অৰ্থ ।

Meaning of Teaching method.

উত্তৰঃ আধুনিক ধাৰণা অনুসৰি শিক্ষণ হৈছে ছাত্র-ছাত্রীক প্রয়োজনীয় জ্ঞান (Knowledge) আৰু কর্মকুশলতা বা দক্ষতা (Skill) লাভ কৰাত সহায় কৰা। তাৰোপৰি শিক্ষণৰ দ্বাৰা শিক্ষাৰ্থীৰ আচৰণ সমূহৰ পৰিশোধন কৰি সমাজৰ উপযোগী আচৰণ গঢ়ি তোলা হয়। শিকোৱা কাৰ্য্য এক জটিল কাৰ্য্য। এনে কাৰ্য্যৰ লগত সমসাময়িক সমাজ জীৱনৰ নীতি আদৰ্শ, ৰুচিবোধ, সামাজিক প্ৰমূল্যবোধ, অর্থনৈতিক আদর্শ, শিক্ষাৰ লক্ষ্য আদি গভীৰভাৱে জড়িত হৈ থাকে। ইয়াৰোপৰি শিক্ষণ প্ৰক্ৰিয়াৰ লগত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক সক্ষমতা, বৌদ্ধিক ক্ষমতা, সামাজিক সচেতনতা আদি দিশবোৰো জড়িত হৈ থাকে। সময় পৰিবৰ্তনশীল। পৰিবৰ্তনশীল সময়ৰ লগত শিক্ষাৰ লক্ষ্য, উদ্দেশ্য আদি পৰিবৰ্তন হয়। ফলত শিক্ষণ প্ৰক্ৰিয়াৰ ধাৰণাসমূহো পৰিবৰ্তন হোৱাৰ সম্ভাৱনা থাকে। শিকণ-প্রক্রিয়া সম্বন্ধে স্পষ্ট ধাৰণা পাবৰ বাবে বিভিন্ন শিক্ষাবিদৰ দৃষ্টিভংগী বিচাৰ কৰি চোৱা দৰকাৰ ।

(ঘ) আলোচনা।

Discussion

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত আলোচনা পদ্ধতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিক্ষা (Teaching) মানে হৈছে শিক্ষাৰ্থীক শিকণৰ (Learning) উপযোগী পৰিৱেশ বা অৱস্থা সৃষ্টি কৰি দিয়া। শিক্ষণৰ বাবে শিক্ষকে শ্ৰেণীকোঠাৰ পৰিবেশ সৃষ্টি কৰিব লাগে, পৰিকল্পনা কৰিব লাগে, প্রয়োজনীয় শিক্ষণ সামগ্রী প্রস্তুত কৰিব লাগে, নির্দেশনা দিব লাগে, আলোচনাৰ বাবে শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰি তুলিব লাগে। সঠিক আলোচনা বা শিক্ষার্থীৰ সক্ৰিয় অংশ গ্ৰহণৰ অবিহনে শিক্ষণ-শিকণ কেতিয়াও ফলপ্রসূ হ’ব নোৱাৰে। গতিকে আলোচনা হৈছে শিক্ষণ-শিকণ প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংগ।

সাধাৰণ অৰ্থত আলোচনা বুলি ক'লে পৰস্পৰৰ মাজত মত বিনিময় প্রক্রিয়াকে বুজা যায়। সেয়েহে ক'ব পাৰি—Discussion Sessions are organised with the predominent purpose of providing a platform for sharing and clarifying ideas, opinions and information. অর্থাৎ “পূর্ব নিৰ্দ্ধাৰিত উদ্দেশ্য অনুযায়ী আলোচনা সত্ৰ এইবাবেই অনুষ্ঠিত কৰা হয় যাতে মতামত বা তথ্য, ভাৱ-চিন্তা আদিৰ আদান প্ৰদান আৰু সত্যতা নিৰূপণৰ বাবে এটা মঞ্চ তৈয়াৰ কৰিব পাৰি।" আলোচনাত ভাগ লোৱা সকলোৱেই মুক্তভাৱে নিজৰ চিন্তাধাৰা প্ৰকাশ কৰিব পাৰে আৰু সকলোৱেই তাক বিচাৰ বিবেচনা কৰি গ্ৰহণ বা বৰ্জন কৰিব পাৰে। সেয়ে আলোচনা বুলি ক'লে সাধাৰণতে মতামত বা ভাৱ বিনিময় কাৰ্য্য বুলি ক'ব পাৰি। আলোচনা হৈছে ‘দলীয় আন্তঃক্রিয়া অনুষ্ঠান' (Group Interaction Session) | দুজন বা ততোধিক ব্যক্তিৰ মাজত আলোচনা অনুষ্ঠিত হ'ব পাৰে ৷


(8) কর্ম পদ্ধতি।

 Activity method.

উত্তৰঃ কাৰ্য্য বা ক্রিয়া হৈছে জীৱৰ এক স্বাভাৱিক বৈশিষ্ট্য। কাৰণ জীৱিত প্রাণীয়ে কাৰ্য্য সাধন নকৰাকৈ থাকিব নোৱাৰে। এনে ধৰণৰ কাৰ্য্য অতি সহজ সৰলও হ'ব পাৰে বা অতি জটিল বা কঠিন কাৰ্য্যও হ'ব পাৰে। মুঠতে কৰ্ম-প্ৰৱণতা হৈছে জীৱৰ সহজাত প্রবৃত্তি। আধুনিক শিক্ষা ব্যৱস্থাতো শিশুক কৰ্মৰ মাজেদি অভিজ্ঞতা লাভ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কাৰণ নিজে কৰ্মৰ জৰিয়তে লাভ কৰা অভিজ্ঞতা শিশুৰ মনত স্থায়ী হৈ ৰৈ যায়। এনে অভিজ্ঞতাই ব্যক্তিক অধিক জটিল কর্ম সম্পাদন কৰিবলৈ অনুপ্ৰেৰণা যোগায়। শিক্ষাৰ ক্ষেত্ৰত নিজে কৰি-শিকাৰ এক সুকীয়া আনন্দ থাকে। এই কৰ্মৰ আনন্দই শিক্ষার্থীক নতুন নতুন অভিজ্ঞতা লাভৰ বাবে স্ব-অভিৰোচনৰ সৃষ্টি কৰি কৰ্মপ্ৰেৰণা যোগায়। 

    কোনো কোনো উদ্দেশ্য আগত ৰাখি, দেহ-মানসিকভাৱে সক্ৰিয় হৈ উঠি কৰ্ম সম্পাদন কৰা হয় । কাৰ্য্য সম্পাদনৰ বাবে দেহ-মানসিকভাৱে সক্ৰিয় উঠাৰ ফলত যি কাৰ্য্য সংঘতিত হয় তাকে কর্ম বুলি কোৱা হয়। কৰ্মৰ ক্ষেত্ৰত মানুহৰ শাৰীৰিক অংগ-পতংগৰ লগতে মনটোও সক্ৰিয় হৈ উঠে। কিছুমান কামত দৈহিক সক্রিয়তা মনতকৈ অধিক পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে—এটা গছপুলি ৰোৱা, এজোপা গছ কটা ইত্যাদি। কিছুমান কর্মত মনৰ সক্ৰিয়তা অধিক দৰকাৰ হয়, যেনে—কবিতা এটা মুখস্থ কৰা, নেওঁতা এখন মনত ৰখা আদি । তাৰোপৰি কিছুমান কৰ্মত মন আৰু শৰীৰ দুয়োটাৰে সক্ৰিয়তা দৰকাৰ হয়, যেনে—গীত গোৱা, বিজ্ঞানৰ পৰীক্ষা এটা কৰা, অংকৰ সমস্যা এটা সমাধান কৰা ইত্যাদি ৷ 

(চ) উদাহৰণ।

Illustration 

উত্তৰঃ উদাহৰণ বুলি ক'লে সাধাৰণতে বিভিন্ন মডেল, ছবি, মানচিত্র ইত্যাদিক বুজোৱা হয়। অন্যহাতেদি কোনো এটা বিষয় বা বস্তু পৰিস্ফুট কৰি তুলিবৰ বাবে মৌখিকভাৱে কোনো ঘটনা, ক্ৰিয়া আদিৰ উদাহৰণো ব্যৱহাৰ কৰিব পাৰি। কেতিয়াবা কাল্পনিক চিন্তা ধাৰাও উদাহৰণ হিচাপে দাঙি ধৰা হয়। উদাহৰণ সমূহ স্পষ্ট কৰি তুলিবৰ বাবে আমাৰ যিকোনো ইন্দ্ৰিয়ৰ সহায় লোৱাও দেখা যায়। ফলত লাভ কৰা জ্ঞানৰ প্ৰতিচ্ছবি মনত স্থায়ী হৈ ৰৈ যায়। সেয়েহে শিক্ষাবিদ Hobson (হব্‌চন) এ উল্লেখ কৰিছিল— "No word of mouth or printed page can have meaning to an individual except, as he has within his experience the necessary sense perceptions which will serve as a basis for interpreting it." অর্থাৎ “মুখৰ কোনো শব্দ বা ছপা কৰা পৃষ্ঠাৰ ব্যক্তিৰ বাবে কোনো অর্থ নাথাকে যদিহে এইবিলাকৰ ইন্দ্ৰিয় অনুভূতি জৰিত সংপ্রত্যয়ণৰ সুবিধা নাথাকে; কাৰণ ইন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰা জ্ঞানৰ অনুভূতিয়েহে যি কোনো বস্তুৰ অর্থ বুজা বা তাৎপর্য বিচাৰ কৰাৰ ভিত্তি হিচাপে কাম কৰে।”

(ছ) সমস্যা সমাধান পদ্ধতি।

Problem solving method.

উত্তৰঃআমেৰিকাৰ শিক্ষাবিদসকলে ১৯ শতিকাত তেওঁলোকৰ ৰাষ্ট্ৰৰ উপযোগীকৈ এক শিক্ষাদর্শন প্রস্তুত কৰাত গুৰুত্ব দিছিল। এই দর্শনক প্রয়োগবাদ বুলি জনা যায়। প্রয়োগবাদ এনে এক দর্শন য'ত নেকি মূল্যবোধ, বিশ্বাস, আদর্শ আদিক প্রায়োগিক দৃষ্টিকোণৰ পৰা নিৰ্ধাৰণ কৰা হয় প্রয়োগবাদী সকলৰ মতে মাত্র সেইটোহে সত্য যিটো মানুহৰ কাৰ্য্যৰ দ্বাৰা সত্য বুলি প্ৰমাণ কৰিব পাৰে আৰু সেইটো অভিজ্ঞতাহে প্রয়োজন যিটো বাস্তৱ জীৱনত কামত আহে। অর্থাৎ পৰিণাম বা ফলাফলৰ ওপৰত ভিত্তি কৰিহে এটা বস্তু ভালনে বেয়া তাক নিৰূপণ কৰিব পাৰি। সেয়ে প্রয়োগবাদী সকলে নিজ অভিজ্ঞতাৰে লাভ কৰা জ্ঞানকহে প্ৰকৃত জ্ঞান বুলি মানি লৈছিল। এই প্রয়োগবাদীসকলৰ ভিতৰত এজন মূল ব্যক্তি আছিল ড° জন ডিউৱি। ১৯ শতিকাৰ শেষৰফালে (১৮৯৬ চনত) অধ্যাপক জন ডিউৱিয়ে আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়ত ৪ বছৰৰ পৰা ১৪ বছৰ বয়সৰ ল'ৰা-ছোৱালীৰ বাবে এখন Experimental School বা Activity School স্থাপন কৰিছিল।


(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answer) 


১। "শিকন-শিক্ষণ প্ৰক্ৰিয়া হৈছে অদ্বিতীয় শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এক মানবীয় কাৰ্য্য'—উপযুক্ত উদাহৰণেৰে ব্যাখ্যা কৰা । 

The teaching-learning process is a human affairs between unique teacher and unique learner'.--Explain with appropriate examples.

২। শিকণ আৰু শিক্ষণৰ মাজত সম্পর্ক কি? শিকণ-শিক্ষণ প্ৰক্ৰিয়া বাধাপ্রাপ্ত কৰি তোলা কাৰকসমূহৰ বিষয়ে আলোচনা কৰা।

 What is the relation between teaching and learning? Discuss about the factors affecting teaching learning process.

৩। শিকণৰ বিধিসমূহৰ বিষয়ে উদাহৰণসহ আলোচনা কৰা ।

Discuss the maxims of teaching with illustration. 

উত্তৰঃ  শিকণৰ বিধিসমূহৰ বিষয়ে উদাহৰণসহ আলোচনা কৰা হ'ল-


৪। সঠিক শিকণ পদ্ধতিৰ প্ৰয়োজন সম্পর্কে আলোচনা কৰা। আধুনিক শিক্ষকসকলৰ বাবে প্ৰকল্প পদ্ধতিটো বিশেষ আকর্ষণীয় কিয়?

Discuss the need of right methods of teaching. Why is the project a method of special interest to the modern educator?


৫। বক্তৃতা পদ্ধতি ব্যৱহাৰৰ উদ্দেশ্য কি? এই পদ্ধতিৰ সুবিধাসমূহৰ বিষয়ে আলোচনা কৰা 

 What are the objectives of using Lecture method? Discuss the advantages of this method.

উত্তৰঃ বক্তৃতা পদ্ধতি ব্যৱহাৰৰ উদ্দেশ্য হ'ল-

(১) শিক্ষাৰ্থীক অভিৰোচিত কৰা (To Motivate the Students) : শিক্ষকে এটা নতুন পাঠৰ বিষয়ে জ্ঞান দিবলৈ হ'লে প্ৰথমে শিক্ষাৰ্থীক অভিৰোচিত কৰিব লাগে, তেওঁলোকৰ মনোযোগ আকর্ষণ কৰিব লাগে। বক্তৃতা পদ্ধতিৰদ্বাৰা শিক্ষকে নির্দিষ্ট বিষয়, ব্যক্তি, আদর্শ, ধ্যান ধাৰণা আদিৰ প্ৰতি কৌতুহল জগাই তুলিব পাৰে। কৌতুহলে শিক্ষাৰ্থীৰ নতুন জ্ঞান লাভৰ প্ৰতি অভিৰোচিত কৰি তোলে।

(২) বিষয়বস্তু স্পষ্ট কৰি তোলা (To Clarify the Things) : শিক্ষণীয় বিষয়বস্তু সমূহ কেতিয়াবা শিক্ষাৰ্থীৰ বোধগম্য নহ'লে শিক্ষকে সহজ সৰল ব্যাখ্যাৰে স্পষ্ট কৰি তুলিব পাৰে। এটা নক্সা বা ছবিৰ বস্তু প্রাঞ্জল কৰি তুলিবৰ বাবেও বক্তৃতাৰ ব্যৱহাৰ কৰা হয়।

(৩) পুনৰীক্ষণ কৰা (To Review) : বক্তৃতা পদ্ধতি ব্যৱহাৰৰ এক প্ৰধান উদ্দেশ্য হৈছে শিক্ষার্থীক শিক্ষাদান কৰা বিষয়সমূহ পুনৰীক্ষণ কৰা। এটা পাঠৰ প্ৰধান অংশসমূহ, তাৎপৰ্যপূৰ্ণ দিশসমূহ, গুৰুত্বপূৰ্ণ তথ্যসমূহ, সাৰাংশ হিচাপে দাঙি ধৰাত বক্তৃতা পদ্ধতিয়ে সহায় কৰে।

(৪) বিষয়বস্তু প্ৰসাৰিত কৰা (To Expand Contents) : বক্তৃতাৰ আন এক উদ্দেশ্য হৈছে পাঠ্যপুথিত সন্নিৱিষ্ট বিষয়সমূহৰ প্ৰসাৰ সাধন কৰা। শিক্ষকে নিজস্ব অভিজ্ঞতা, প্রাসংগিক পুথি, সাধু বা উপাখ্যান (anecdote) আদিৰ সহায়ত বিষয়বস্তুৰ অধিক জ্ঞান সুন্দৰভাৱে ব্যাখ্যাকৰাত বক্তৃতাই সহায় কৰে।


এই পদ্ধতিৰ সুবিধাসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

(১) বক্তৃতা পদ্ধতিৰদ্বাৰা অতি কম সুবিধাৰ সহায়ত কম খৰচতে অধিক সংখ্যক ছাত্র-ছাত্রীক শিক্ষাদান কৰিব পাৰি। সেয়ে এই পদ্ধতিক মিতব্যয়ী শিকণ পদ্ধতি বুলি ক'ব পাৰি।

(২) এই পদ্ধতিৰে এজন শিক্ষকে একে সময়তে বহু সংখ্যক শিক্ষার্থীক শিক্ষাদান কৰিব পাৰে। 

(৩) বক্তৃতা পদ্ধতিটো এক নমনীয় পদ্ধতি (flexible method) শিক্ষাৰ্থীৰ বৌদ্ধিক স্তৰ, বিষয়বস্তুৰ বৈশিষ্ট্য, শ্ৰেণীকোঠাৰ সা-সুবিধা, শ্ৰেণীৰ সময় আদিৰ উপযুক্ত মূল্যায়ণেৰে শিক্ষকে নানা ধৰণে বক্তৃতা পদ্ধতি প্রয়োগ কৰিব পাৰে।

(৪) বক্তৃতাৰ দ্বাৰা শিক্ষাৰ্থীৰ প্ৰজ্ঞানাত্মক (Cognitive) আৰু ভাবাত্মক (Affective) দুয়োটা দিশৰে বিকাশ সাধন কৰিব পাৰে।

(৫) শিক্ষকে বিষয়বস্তুৰ গভীৰ জ্ঞান, বৌদ্ধিক দক্ষতা, ৰসিকতা, আৰু আকৰ্ষণীয় শাৰীৰিক অংগ সঞ্চালন আদি বক্তৃতাত ব্যৱহাৰ কৰি শিক্ষাৰ্থীৰ মনোযোগ আৰু আগ্ৰহ দুয়োটাই জগাই তুলিব পাৰে।

(৬) বক্তৃতাৰদ্বাৰা শিক্ষকৰ বাক্‌পটুতা আৰু সুন্দৰ কথন ভংগী প্ৰকাশ পায়। যি শিক্ষার্থীক গভীৰভাৱে আকৰ্ষিত কৰি শিক্ষাগ্রহণত ব্ৰতী কৰি তুলিব পাৰে।

(৭) বক্তৃতা পদ্ধতিৰ সফল প্ৰয়োগৰদ্বাৰা শ্ৰেণীকোঠাত শিক্ষক আৰু শিক্ষাৰ্থীৰ সক্ৰিয় আন্তঃক্রিয়া সংঘটিত কৰি তুলিব পাৰি।

(৮) বর্তমান সময়ত বক্তৃতা পদ্ধতিৰ লগত প্রশ্নোত্তৰ বা আলোচনা পদ্ধতিৰ সমাহাৰ ঘটাই সুন্দৰ শ্ৰেণী শিক্ষণৰ পৰিৱেশ গঢ়ি তোলাত গুৰুত্ব দিয়া হৈছে।

(৯) বক্তৃতা পদ্ধতিত মাজে মাজে উপযুক্ত শিকণ সঁজুলি ব্যৱহাৰ কৰি শিক্ষাৰ্থীৰ মনোযোগ আদায় কৰিব পাৰি। লগতে শিক্ষাৰ্থীৰ সক্ৰিয় অংশ গ্রহণো নিশ্চিত কৰি তুলিব পাৰি।

(১০) বক্তৃতাৰ সহায়ত শিক্ষার্থীয়ে বিষয়বস্তুৰ জ্ঞান আহৰণ কৰাৰ উপৰিও তেওঁলোকৰ দলীয় মনোভাৱৰ বিকাশ সাধনো কৰিব পাৰি ।

৬। “প্রজেক্ট হৈছে স্বাভাৱিক পৰিৱেশত সম্পাদন কৰা সমস্যাপূৰ্ণ কাৰ্য্য” – কথাষাৰ ব্যাখ্যা কৰা। 

"Project is a problematic act carried to Completion in its natural settings." Explain the statement.


৭। শিকণৰ উপাই হিচাপে প্ৰশ্নকৰণৰ গুৰুত্ব আৰু উপযোগিতা সম্পৰ্কে আলোচনা কৰা ।

Discuss the importance and utility of questioning as a teaching device.


৮। উদাহৰণৰ শৈক্ষিক তাৎপর্য ব্যাখ্যা কৰা ।

Explain the educational significance of illustration.

উত্তৰঃ উদাহৰণৰ শৈক্ষিক তাৎপর্য ব্যাখ্যা কৰা হ'ল- উদাহৰণ বুলি ক'লে সাধাৰণতে বিভিন্ন মডেল, ছবি, মানচিত্র ইত্যাদিক বুজোৱা হয়। অন্যহাতেদি কোনো এটা বিষয় বা বস্তু পৰিস্ফুট কৰি তুলিবৰ বাবে মৌখিকভাৱে কোনো ঘটনা, ক্ৰিয়া আদিৰ মূর্তমান উদাহৰণো ব্যৱহাৰ কৰিব পাৰি। কেতিয়াবা কাল্পনিক চিন্তা ধাৰাও উদাহৰণ হিচাপে দাঙি ধৰা হয়। উদাহৰণ সমূহ স্পষ্ট কৰি তুলিবৰ বাবে আমাৰ যিকোনো ইন্দ্ৰিয়ৰ সহায় লোৱাও দেখা যায়। সেয়ে ক'ব পাৰি যে যিবিলাক মাধ্যমৰ সহায়ত প্ৰদান কৰিব লগা জ্ঞান অভিজ্ঞতা শিক্ষাৰ্থীৰ মনত কৰি তোলা হয় সেইবিলাককে উদাহৰণ বুলিব পাৰি। এই উদাহৰণসমূহ শিক্ষাৰ্থীৰ মনত কৌতুহল আৰু আগ্রহ সৃষ্টি কৰি তোলে। ফলত লাভ কৰা জ্ঞানৰ প্ৰতিচ্ছবি মনত স্থায়ী হৈ ৰৈ যায়। সেয়েহে শিক্ষাবিদ Hobson (হব্‌চন) এ উল্লেখ কৰিছিল— "No word of mouth or printed page can have meaning to an individual except, as he has within his experience the necessary sense perceptions which will serve as a basis for interpreting it.” অর্থাৎ “মুখৰ কোনো শব্দ বা ছপা কৰা পৃষ্ঠাৰ ব্যক্তিৰ বাবে কোনো অর্থ নাথাকে যদিহে এইবিলাকৰ ইন্দ্ৰিয় অনুভূতি জৰিত সংপ্রত্যয়ণৰ সুবিধা নাথাকে; কাৰণ ইন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰা জ্ঞানৰ অনুভূতিয়েহে যি কোনো বস্তুৰ অর্থ বুজা বা তাৎপর্য বিচাৰ কৰাৰ ভিত্তি হিচাপে কাম কৰে।”


Question And Answer Type By: Himashree Bora.