Chapter 5 Question and Answer Assam | B.A 3rd Semester Education Notes | B.A 3rd Semester Education Free Suggestion | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer পাঠ-পৰিকল্পনা আৰু অনুশিক্ষণ পাঠটোৰ প্ৰশ্ন-উত্তৰ |  BA 3rd Sem Major Education Paper 3|

পাঠ-পৰিকল্পনা আৰু অনুশিক্ষণ 


  

প্রশ্নাবলী


(I) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of Very Short Answer)


(১) জার্মান দার্শনিক জনৰ নাম লিখা যিজনে পোন প্রথম পাঠ পৰিকল্পনাৰ আৰ্হি প্রস্তুত কৰিছিল।

Name the German Philosopher who for the first time prepared the model of lesson plan.

উত্তৰঃ জার্মান দার্শনিক জ'হান ফ্ৰেডৰিক হাৰ্বাৰ্টে পোন প্রথম পাঠ পৰিকল্পনাৰ আৰ্হি প্রস্তুত কৰিছিল।

(২) পাঠ-পৰিকল্পনা কি? 

What is lesson plan ?

উত্তৰঃ সৰল অৰ্থত এটা নিৰ্দিষ্ট শ্ৰেণীত, নিৰ্দিষ্ট সময়ৰ ভিতৰত, এটা নিৰ্দিষ্ট পাঠ পৰিকল্পিতভাৱে, প্ৰণালীৱদ্ধভাৱে প্ৰদান কৰিবলৈ যুগুত কৰাকে পাঠ পৰিকল্পনা বুলি কোৱা হয়।

     এজন শিক্ষকে এটা পাঠ কিদৰে শিকাব, কি সঁজুলি ব্যৱহাৰ কৰিব, কি কি শিকাৰ, কি দৰে শিক্ষাৰ্থীক অভিৰোচিত কৰিব, শিক্ষার্থীৰ পৰা উপযুক্ত সঁহাৰি (Feedback) পাবলৈ কি কি কৌশল অৱলম্বন কৰিব, গৃহকর্মৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীয়ে অৰ্জন কৰা জ্ঞান কেনেদৰে জুখিব—এই বিষয়ে শিক্ষকে আগতীয়াকৈ আঁচনি প্ৰস্তুত কৰে, তাকেই পাঠ-পৰিকল্পনা বোলে।

(৩) পাঠ-পৰিকল্পনাৰ এটা সংজ্ঞা দিয়া। 

Give one definition of lesson plan.

উত্তৰঃ পাঠ-পৰিকল্পনাৰ এটা সংজ্ঞা তলত দিয়া হ'ল-

(১) বিনিং (Bining) আৰু বিনিং (Bining) ৰ মতে—“দেনিক পাঠ পৰিকল্পনাত উদ্দেশ্য নিৰ্ধাৰণ, বিষয়বস্তুৰ নিৰ্বাচন আৰু বিন্যাস, পদ্ধতি আৰু কাৰ্য্য সাধন প্রণালী নিৰ্ধাৰণ অন্তৰ্ভূক্ত হৈ থাকে।” (Daily lesson planning involves defining the objectives, selecting and arranging the subject matter and arranging the subject matter and determining the method and procedure.)

(৪) পাঠৰ প্ৰকাৰ কেইটা?

How many types are there in a lesson?

উত্তৰঃ  পাঠৰ প্ৰকাৰ তিনিটা। সেইকেইটা হ'ল- 

১। জ্ঞানমূলক পাঠ (Knowledge lesson),

২। দক্ষতামূলক বা কৌশল পাঠ (Skill Lesson), 

৩। প্রশংসা বা উপলব্ধিমূলক পাঠ (Appreciative Lesson)।

(৫) পাঠ পৰিকল্পনা কিয় গুৰুত্বপূর্ণ? 

Why lesson plan is important?

উত্তৰঃ পাঠ পৰিকল্পনা গুৰুত্বপূর্ণ কাৰণ তলত দিয়া হ'ল-

(১) পাঠ পৰিকল্পনাই শিক্ষকক তেওঁৰ শ্ৰেণীকোঠাৰ শিক্ষাদান কাৰ্যৰ উদ্দেশ্য অনুসৰি এটা নির্দিষ্ট দিনত কিমান অংশ পঢ়াব লাগে সেয়া ঠিৰাং কৰাত সহায় কৰে।

(২) বিষয়বস্তুৰ উপযুক্ত নির্বাচন, তাৰ সংগঠন, উপস্থাপনৰ পদ্ধতি আৰু মূল্যায়ণ জ্ঞান পূর্ব নির্ধাৰিত আৰু পাঠ পৰিকল্পনাৰ উদ্দেশ্যৰ সহায়ত কৰিব পাৰে। এইদৰে সমগ্ৰ শিক্ষাদান কাৰ্য পৰিকল্পিত সু-শৃংখলিত কৰি তুলিব পাৰি।

(৩) শিক্ষাদান-গ্রহণ কাৰ্যৰ মূল্যায়ণৰ ক্ষেত্ৰত পাঠ পৰিকল্পনাই শিক্ষক আৰু ছাত্ৰ উভয়কে সহায় কৰে।

(৪) উপস্থাপন কৰিবলগীয়া বিষয়বস্তুৰ বিভিন্ন পঠনীয় দিশবোৰত পাৰ্গতালি লাভ কৰাত পাঠ পৰিকল্পনাই শিক্ষকক সহায় কৰে। 

(৫) নির্বাচিত শিক্ষণীয় বিষয়বস্তু উপস্থাপনৰ বাবে উপযুক্ত কৌশলৰ নিৰ্বাচন পাঠ পৰিকল্পনাই সম্ভৱ কৰি তুলিব পাৰে আৰু একেদৰে দৃশ্য-শ্ৰা সঁজুলি উপযুক্তভাৱে প্ৰয়োগৰ পৰিকল্পনা কৰাতো সহায় কৰে।


৬) অনুশিক্ষণ কি ?

What is Micro-teaching?

উত্তৰঃ শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ শিক্ষণ- অনুশীলন ফলপ্রসূ কৰি তুলিবৰ বাবে বিভিন্ন পদ্ধতি আৰু কৌশল শিক্ষক-প্রশিক্ষণ অনুষ্ঠানবোৰত প্রয়োগ কৰিব লাগে। তেনে এক উপযুক্ত কৌশল হৈছে অণুশিক্ষণ (Micro teaching)।

(৯) অনুশিক্ষণৰ এটা সংজ্ঞা দিয়া ।

Give one definition of Micro-teaching. 

উত্তৰঃ অনুশিক্ষণৰ এটা সংজ্ঞা হ'ল-

 (১) ডি. ডব্লিউ এলেন (D. W. Allen, 1966) : “অণুশিক্ষণ হৈছে শ্ৰেণীৰ আকাৰ আৰু সময় অনুযায়ী সংক্ষেপিত কৰা এক শিক্ষাদান প্রক্রিয়া।” (Micro-teaching is a scaled down teaching encounter in class size and class time.)

(২) মেক. নাইট (Mc. Knight, 1971 ) : “অণুশিক্ষণ হৈছে সংক্ষেপিত কৰা শিক্ষণ কৌশল যিটো নতুন দক্ষতাৰ বিকাশ আৰু পুৰণাবিলাকৰ সংশোধন কৰাৰ বাবে সজাই তোলা হৈছে।” (Micro-teaching is a scaled down teaching encounter designed to develop new skills and refined old ones.)

(৮) উপলব্ধিমূলক পাঠ পৰিকল্পনাৰ চতুর্থ স্তৰটো কি?

What is the fourth steps of planning of Appreciation lesson? 

উত্তৰঃ উপলব্ধিমূলক পাঠ পৰিকল্পনাৰ চতুর্থ স্তৰটো হ'ল- অনুশীলন আৰু প্ৰয়োগ।

(II) চমু  উত্তৰৰ প্ৰশ্ন (Questions of Short Answer)

(১) পাঠৰ তিনিটা প্ৰকাৰৰ নাম লিখা । 

Write three types of lesson.

উত্তৰঃ পাঠৰ তিনিটা প্ৰকাৰৰ নাম হ'ল-

 ১। জ্ঞানমূলক পাঠ (Knowledge lesson) 

২। দক্ষতামূলক বা কৌশল পাঠ (Skill Lesson) 

৩। প্রশংসা বা উপলব্ধিমূলক পাঠ (Appreciative Lesson)।

(2) পাঠ পৰিকল্পনা বুলিলে কি বুজা? 

What do you mean by lesson planning? 

উত্তৰঃ এজন শিক্ষকে এটা পাঠ কিদৰে শিকাব, কি সঁজুলি ব্যৱহাৰ কৰিব, কি কি শিকার, কি দৰে শিক্ষাৰ্থীক অভিৰোচিত কৰিব, শিক্ষার্থীৰ পৰা উপযুক্ত সঁহাৰি (Feedback) পাবলৈ কি কি কৌশল অৱলম্বন কৰিব, গৃহকর্মৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীয়ে অৰ্জন কৰা জ্ঞান কেনেদৰে জুখিব—এই বিষয়ে শিক্ষকে আগতীয়াকৈ আঁচনি প্ৰস্তুত কৰে, তাকেই পাঠ-পৰিকল্পনা বোলে।

            নিৰ্দিষ্ট পাঠৰ অন্তৰ্গত যিবিলাক মূল বিষয় বস্তু থাকে সেইবিলাক ক্রম অনুযায়ী এটা এটাকৈ কেনেকৈ শিকাব, কোনটো স্তৰত কিমান সময় লাগিব আৰু কি কি শিকাব, সঁজুলি কি ব্যৱহাৰ কৰিব, কেইটা ব্যৱহাৰ কৰিব, প্রশ্ন কি সুধিব, গৃহকর্ম কি কি দিব—এই সকলোবিলাক পৰিকল্পনা কৰি লোৱাটোকেই পাঠ-পৰিকল্পনা বুলি কোৱা হয়।

(৩) পাঠ পৰিকল্পনাৰ হাৰ্বাটিয়ান স্তৰকেইটাৰ বিষয়ে লিখা। 

Write about the Herbartion steps of lesson plan. 

উত্তৰঃ পাঠ পৰিকল্পনাৰ হাৰ্বাটিয়ান স্তৰকেইটাৰ বিষয়ে তলত দিয়া হ'ল-

(১) প্ৰস্তুতকৰণ (Preparation) : পাঠ-পৰিকল্পনাৰ প্ৰথম স্তৰটো হৈছে প্ৰস্তুতকৰণ। ই এটা গুৰুত্বপূৰ্ণ স্তৰ। এই স্তৰত শিক্ষকে শিক্ষার্থীক শিকাব লগা পাঠৰ প্ৰতি মানসিকভাৱে প্রস্তুত কৰি লয়। পূর্বজ্ঞান পৰীক্ষাৰদ্বাৰা শিক্ষকে শিক্ষাৰ্থীৰ আগতে লাভ কৰা জ্ঞানৰ বিষয়ে জানি নিজকে প্ৰস্তুত কৰি এই পাৰে। 

(২) উপস্থাপন (Presentation) : পাঠ-পৰিকল্পনাৰ দ্বিতীয় স্তৰটো হৈছে উপস্থাপন। এই স্তৰত শিক্ষকে নতুন পাঠৰ বিষয়ে ঘোষণা কৰি আগতীয়াকৈ পৰিকল্পনা কৰি থোৱা মতে বিষয়বস্তুৰ জ্ঞান গালীবদ্ধভাৱে উপস্থাপন কৰি শিক্ষাৰ্থীক বুজাই দিব লাগে। 

(৩) তুলনা আৰু বিমূৰ্তকৰণ (Comparision and Abstraction) : তুলনা আৰু বিমূৰ্তকৰণ হৈছে পাঠ-পৰিকল্পনাৰ তৃতীয় স্তৰ। এই ভৰত শিক্ষকে শিক্ষাৰ্থীৰ পূৰ্ব সঞ্চিত জ্ঞানৰ লগত সাদৃশ্য বা বৈসাদৃশ্য প্ৰদৰ্শন কৰি নতুন বিষয়ৰ জ্ঞান অভিজ্ঞতা প্ৰদান কৰে। 

(৪) সূত্র গঠন বা সামান্যীকৰণ (Generalisation) : এই স্তৰটো হৈছে পাঠ-পৰিকল্পনাৰ চতুৰ্থ স্তৰ। এই স্তৰত শিক্ষকে শিকোৱা বিষয়বস্তু সমূহৰ জ্ঞান লাভ কৰি শিক্ষার্থীয়ে নিজস্ব সিদ্ধান্তত উপনীত হ'ব পাৰে। নাইবা নিৰ্দিষ্ট বিষয়ৰ সূত্ৰসমূহ উদ্ভাৱন কৰি জ্ঞানৰ সামান্যীকৰণ কৰিব পাৰে। 

(৫) প্রয়োগকৰণ (Application) : প্রয়োগকৰণ হৈছে পাঠ-পৰিকল্পনাৰ শেষৰ স্তৰ। এই স্তৰত শিক্ষার্থীয়ে লাভ কৰা জ্ঞানৰ পৰিমাণ বিচাৰ কৰা হয়। তেওঁলোকে সঠিকভাৱে পাঠ্য বিষয় আয়ত্ব কৰিব পাৰিছেনে নাই তাৰ মূল্যায়ণ কৰিবৰ বাবে বিভিন্ন প্রশ্ন সোধা হয়। শিক্ষার্থীসকলে ঠিক মতে উত্তৰ দিব নোৱাৰিলে পাঠটো পুনৰ আলোচনা কৰা হয়। ইয়াৰ পিছত শিক্ষকে শিক্ষার্থীসকলক গৃহকাৰ্য্য কৰিবলৈ দি বাস্তৱত প্রয়োগ সম্ভৱ হৈছেনে নাই তাৰ উমান লয় আৰু পাঠদান সামৰণি মাৰে।


(৪) দক্ষতামূলক পাঠৰ উদ্দেশ্যকেইটা লিখা।

Write the objectives of skill lesson. 

উত্তৰঃ দক্ষতামূলক পাঠৰ উদ্দেশ্যকেইটা হ'ল-


(৫) উপলব্ধিমূলক পাঠৰ বিষয়ে চমুকৈ লিখা। 

Write briefly about the Appreciation lesson. 

উত্তৰঃ উপলব্ধিমূলক পাঠৰ বিষয়ে চমুকৈ তলত দিয়া আছে-  জ্ঞান আৰু দক্ষতাৰ লগতে সৌন্দৰ্য্যবোধে ব্যক্তিক সমাজত উন্নত নাগৰিক হিচাপে জীয়াই থকাত সহায় কৰে। নিজে ভাল কর্ম সম্পাদন কৰা আৰু আনে ভাল কাম কৰিলে প্ৰশংসা কৰিব পৰাটো সঁচাই উৎকৃষ্ট গুণ বুলি ক'ব পাৰি। যিবিলাক ব্যক্তিৰ আৱেগ অনুভূতি কম তেনে মানুহে সাধাৰণতে নিৰস জীৱনহে যাপন কৰে। অন্যহাতেদি প্রাকৃতিক আৰু সামাজিক জীৱনৰ প্ৰতি আকর্ষণ অনুভৱ এক কৰা ব্যক্তিৰ মাজত স্বাভাৱিকতে আগ্ৰহ, অভিৰুচি, মনোভাৱ, হবি বা বিশেষ ৰুচি, সক্ষমতা আদি থাকে। এজন ব্যক্তিয়ে সত্য, সুন্দৰ আৰু সততাৰ মনোভাৱ বিকাশ কৰিবলৈ তেওঁ সৰুৰে পৰাই উপলব্ধিমূলক জ্ঞান লাভ কৰাৰ সুবিধা পাব লাগিব। এনে সুবিধা নাপালে তেওঁৰ ব্যক্তিত্বৰ সৰ্বোত্তম বিকাশ সম্ভৱ নহ'ব। সেয়ে এনে উপলব্ধিমূলক পাঠৰ প্ৰয়োজন। উদাহৰণস্বৰূপে মূল্যবোধৰ শিক্ষা, নীতি শিক্ষা আদিৰ কথা উল্লেখ কৰিব পাৰি। এনেধৰণৰ পাঠ বিদ্যালয় পৰ্য্যায়ৰ পৰাই অতি পৰিকল্পিতভাৱে প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। নিজ মাতৃভূমিৰ প্ৰতি প্রেম, পৰিয়ালৰ প্ৰতি, পিতৃ-মাতৃৰ প্ৰতি দায়িত্ববোধ, নিজৰ জীৱিকা বা ব্যৱসায়-বৃত্তিৰ প্ৰতি নিষ্ঠা আৰু সততা এনেধৰণৰ উপলব্ধিমূলক পাৰ দ্বাৰাই বিকশাই তুলিব পাৰি।


(৬) অনুশিক্ষণৰ উৎপত্তি সম্পর্কে লিখা।

Write about the origin of Micro-teaching.

উত্তৰঃ শিক্ষা ব্যৱস্থাত শিক্ষাদান কাৰ্য্যটো ফলপ্রসু কৰি তুলিবৰ বাবে গৱেষক সকলে বিভিন্ন ধৰণৰ গৱেষণা চলাই আহিছে। অণুশিক্ষণ পদ্ধতি বা কৌশল তেনে এক গৱেষণাৰে ফল। এই পদ্ধতি সাধাৰণতে শিক্ষক-শিক্ষার্থীসকলক দিয়া প্রশিক্ষণত ব্যৱহাৰ কৰা হয় যদিও মাধ্যমিক স্তৰৰ শিক্ষাতো ব্যৱহাৰ কৰা দেখা যায়। ১৯৬০-৬৭ চনৰ ভিতৰত আমেৰিকাৰ ষ্টেনবোর্ড বিশ্ববিদ্যালয়ত শিক্ষক প্রশিক্ষণ সম্বন্ধে গৱেষণা কৰা Prof. Dwight Allen আৰু Prof. Robert Bush হ'ল অণুশিক্ষণ পদ্ধতিৰ উদ্ভাৱক। শ্রেণীকক্ষত দেখা দিয়া জটিলতাসমূহ দূৰ কৰাই এই শিক্ষণ পদ্ধতিৰ মূল উদ্দেশ্য। কম শিক্ষার্থীক কম সময়ত বিষয়বস্তুৰ সৰু সৰু উপাদান শিকোৱাৰ কৌশলেই হৈছে অণুশিক্ষণ। এই পদ্ধতি ১৯৬৯ চনত Ryam, ১৯৭৩ চনত Turney আৰু ১৯৭৫ চনত Brown নামৰ শিক্ষাবিদসকলে ব্যৱহাৰ কৰে আৰু অণুশিক্ষণৰ বিকাশত বৰঙণি আগবঢ়ায়।

ভাৰতবৰ্ষত ১৯৭৬ চনত B. K. Passy আৰু ১৯৭৯ চনত Singh এ বিশেষভাৱে শিক্ষক- শিক্ষাৰ্থীৰ প্ৰশিক্ষণত অণুশিক্ষণ ব্যৱহাৰ কৰে। অণুশিক্ষণ পদ্ধতিৰ বিকাশৰ ক্ষেত্ৰত ভাৰতত NCERT আৰু ভালেমান বিশ্ববিদ্যালয়েও পদক্ষেপ গ্রহণ কৰাৰ কথা জনা গৈছে। 

(৭) অনুশিক্ষণৰ অনু উপাদান কেইটা কি কি ?

What are the micro-elements of micro-teaching.

উত্তৰঃ অনুশিক্ষণৰ অনু উপাদান কেইটা হ'ল-

(i) এজন শিক্ষক

(ii) ৫ ৰ পৰা ১০ জন শিক্ষার্থী

(ii) পাঠৰ এটা ক্ষুদ্র অংশ বা এটা মাত্ৰ ধাৰণা

(iv) ৫ ৰ পৰা ১০ মিনিট সময়

(v) শিক্ষণৰ বিশেষ উদ্দেশ্যসমূহ 

(vi) দৃশ্য-শ্রাব্যমূলক ৰেকিৰ্ডিং ব্যৱস্থা, ক্ল'জ চাৰ্কইট টেলিভিচন (CCTV) ইত্যাদি।

(৮) অনুশিক্ষণৰ স্তৰকেইটা চিত্র আঁকি উপস্থাপন কৰা।

Diagramatically present the steps of micro-teaching.

উত্তৰঃ অনুশিক্ষণৰ স্তৰকেইটা চিত্র আঁকি  তলত উপস্থাপন কৰা হ'ল-






(III) দীঘল উত্তৰৰ প্ৰশ্ন (Long Questions )


(১) দক্ষতামূলক পাঠৰ পৰিকল্পনাৰ স্তৰ কেইটাৰ বিষয়ে লিখা। 

Write down the steps of skill lessons.

উত্তৰঃ দক্ষতামূলক পাঠৰ পৰিকল্পনাৰ স্তৰ কেইটাৰ বিষয়ে তলত হ'ল-

(ক)  প্রস্তুতি (Preparaion) : এইটো স্তৰত দুটা পৰ্য্যায় থাকে।

(i) প্রস্তাৱনা (intreduction) আৰু অভিৰোচন (motivation).

(ii) উদ্দেশ্য সমূহৰ লিপিবদ্ধকৰণ (Statement of the aims). 

মুঠতে এই দুয়োটা পৰ্য্যায়তে তলত দিয়া কাৰ্য্যসমূহ সমাধা কৰিব লাগে —

(১) বৰ্তমানৰ পাঠটোৰ লগত পূৰ্বজ্ঞান আৰু অর্জিত দক্ষতাৰ সংযোগ সাধন। 

(২) একোটা সমস্যা সৃষ্টি কৰিব লাগে যিটোৱে নতুন কৌশল বা দক্ষতা লাভৰ প্ৰতি আগ্ৰহী কৰি তোলে।

(৩) নতুন পাঠটোৰ বিষয়ে অধ্যয়ণ কৰিবলৈ আগ্রহ জমাবৰ বাবে দৃশ্য-শ্রাব্য সঁজুলিৰ ব্যৱহাৰ কৰিব লাগে।

(খ) উপস্থাপন (Presentation) : এইটো স্তৰত শিক্ষকে পাঠৰ বিষয়বস্তু আৰু কাৰ্য্যৰ উপস্থাপন কৰিব লাগে। এই বিষয়ে আমি চমুকৈ তলত আলোচনা কৰাৰ দৰে আগবাঢ়িব লাগিব।

(১) পাঠত উল্লেখিত কাৰ্য্য বা কৌশল সম্পর্কে তাত্বিক দিশবিলাক আৰু কাৰ্য্যবিৱৰণী প্ৰদান   কৰিব।

(২) প্রয়োজন সাপেক্ষে ‘আৰ্হি উপস্থাপন' (Model Presenation), 'নিদর্শন' (Demonstraion) আৰু ‘কাৰ্য্যপ্ৰণালী' (Procedure) ৰ জ্ঞান প্ৰদান কৰিব। এই কাৰ্য্যসমূহ কৰোঁতে তলৰ কথাকেইটা মনত ৰাখিব লাগিব—

.শিকাব লগা কৌশলটোৰ মূল কলা-কৌশল প্ৰদৰ্শন কৰোতে কিছুমান বর্ণনাত্মক সঁজুলি ব্যৱহাৰ কৰিব, যেনে—চার্ট, ছবি, আৰ্হি, চিত্ৰ আৰু নক্সা, প্লাইড, ট্ৰেন্সপাৰেণ্ট চিট, ভিডিঅ ফিল্ম, ম'চন পিক্‌চাৰ ইত্যাদি।

• প্রয়োজন সাপেক্ষে কোনো বিশেষজ্ঞ ব্যক্তিক আমন্ত্ৰণ কৰি প্ৰদৰ্শন আৰু নিদৰ্শনৰ ব্যৱস্থা কৰিব পাৰে।

• কোনো বিশেষ সঁজুলি ব্যৱহাৰ সম্পৰ্কীয় প্রায়োগিক জ্ঞান দিওঁতে এজন বা একাধিক ছাত্রক জড়িত কৰি শ্ৰেণীৰ বাকীখিনিক দেখুৱাব পাৰে।

 • শিক্ষকে নির্দিষ্ট কৌশল সম্পর্কে শিকাই থাকোঁতে তাত্বিক দিশৰ জ্ঞানসমূহৰ লগত প্ৰায়োগিক জ্ঞানৰ সংযোগ কৰি পাৰিছেনে নাই তাক সুবিধা দিব পাৰে।

(৩) শিক্ষকে নির্দিষ্ট কৌশল সম্পর্কে শিকাই থাকোঁতে তাত্বিক দিশৰ জ্ঞানসমূহৰ লগত প্ৰায়োগিক জ্ঞানৰ সংযোগ কৰিব পাৰিছেনে নাই তাক জানিবৰ বাবে প্ৰশ্ন সুধিবও পাৰে বা শিক্ষার্থীকো সোধাৰ সুবিধা দিব পাৰে।

(গ) অনুশীলন (Practice) : পাঠ-পৰিকল্পনাৰ তৃতীয় স্তৰত, শিক্ষাৰ্থীসকলক যি নির্দেশনা দিয়া হ'ল তাক পুনৰ-অনুশীলন (Repeat) কৰিবলৈ দিয়া হয়। এইটো স্তৰত প্ৰত্যেকজন শিক্ষার্থীকেই ব্যক্তিগতভাৱে কৰ্ম কৰিবলৈ দিয়া হয় যাতে প্রত্যেকজন শিক্ষার্থীয়েই বাঞ্চিত কৌশলটো শিকিব পাৰে। উদাহৰণস্বৰূপে—পুতলা বনোৱা, মমবাতি বনোৱা ইত্যাদি। 

(ঘ) প্রয়োগ (Application) :  চতুর্থ স্তৰত শিক্ষাৰ্থীসকলে আৰ্জন কৰা জ্ঞান বা কৌশলৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব দিব লাগে। উদাহৰণ স্বৰূপে, তেওঁলোকে যদি পুতলা সজা বা মম প্রস্তুত কৰিলে তাৰ নিৰ্দেশন কাৰ্য্যত Demonstration দিবলৈ সুবিধা কৰি দিব লাগে। তেওঁলোকে প্ৰস্তুত কৰা পুতলা বা মমবাতি বিলাকত অফিচত সজাই ৰাখিব লাগে। তাৰোপৰি পূজা বা দীপাৱলীত বিক্ৰী কৰিব পৰাকৈ সৰহ পৰিমাণৰ পুতলা আৰু মম প্রস্তুত কৰিবলৈ কেচামালৰ সুবিধা কৰি দিব লাগে।


(২) উপলব্ধিমূলক পাঠ পৰিকল্পনাৰ প্ৰস্তুতিৰ সময়ত শিক্ষকজনে কিহত গুৰুত্ব দিয়া উচিত ? 

What importance should be given by the teacher in preparation of plan of Appreciation lesson.

উত্তৰঃ উপলব্ধিমূলক পাঠ পৰিকল্পনাৰ প্ৰস্তুতিৰ সময়ত শিক্ষকজনে 

(৩) উত্তম পাঠ-পৰিকল্পনাৰ নির্ণায়ক সমূহৰ বিষয়ে আলোচনা কৰা 

Discuss the criteria of a good lesson plan.

উত্তৰঃ উত্তম পাঠ-পৰিকল্পনাৰ নির্ণায়ক সমূহৰ বিষয়ে আলোচনা কৰা হ'ল-

এক ভাল বা আদর্শ পাঠ-পৰিকল্পনাৰ কিছুমান বৈশিষ্ট্য থাকে, যিবোৰক উত্তম পাঠ-পৰিকল্পনাৰ নির্ণায়ক হিচাপে গণ্য কৰিব পাৰি। এই নির্ণায়ক সমূহ তলত আলোচনা কৰা হ'ল— এক ভাল বা আদর্শ পাঠ পৰিকল্পনাৰ বিভিন্ন বৈশিষ্ট্যবোৰ হ'ল তলত উল্লেখ কৰা ধৰণৰ— 

(১) উদ্দেশ্যভিত্তিক (Objective Based) : পাঠ পৰিকল্পনা এক বা একাধিক উদ্দেশ্যৰ ভিত্তিত প্ৰস্তুত কৰিব লাগে। উদ্দেশ্যবোৰ লিখিত আৰু স্পষ্টভাৱে ব্যাখ্যা কৰা হ'ব লাগে ।

(২) উপযুক্ত সহায়ক সঁজুলি (Appropriate Material Aids) ঃ আদৰ্শ পাঠ পৰিকল্পনা প্রস্তুত কৰোঁতে চাৰ্ট, গ্রাফ, চিত্র, মানচিত্ৰ আদিৰ ক্ষেত্ৰত শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। শিক্ষকে শিক্ষাদান কৰোঁতে এইবোৰ ব্যৱহাৰৰ বাবে উপযুক্ত স্থানত ৰাখিব লাগে।

(৩) পূর্বজ্ঞান ভিত্তিক (Based on Previous Knowledge) : নতুন জ্ঞান আহৰণ কৰা ছাত্ৰ-ছাত্ৰীৰ জটিলতা নোহোৱা কৰিবৰ বাবে এক আদৰ্শ পাঠ পৰিকল্পনা সদায় ছাত্ৰ-ছাত্ৰীৰ পূৰ্বজ্ঞানৰ ভিত্তিত প্ৰস্তুত কৰিব লাগে।

(৪) পাঠ পৰিকল্পনাক এককত বিভক্ত কৰা (Division of Lesson Plan into Units) ঃ পাঠ তিনি প্ৰকাৰৰ পোৱা যায়, যেনে (i) জ্ঞান পাঠ (Knowledge Lesson), (ii) কৌশল পাঠ (Skill Lessons), আৰু (iii) প্রয়োগ পাঠ (Application Lesson)। 

(৫) ভাষাৰ সৰলতা (Simplicity of Language) : এক আদৰ্শ পাঠ পৰিকল্পনাত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্তৰ অনুসৰি পাঠ পৰিকল্পনাবোৰ সৰল আৰু স্পষ্ট হ'ব লাগে। পাঠ পৰিকল্পনাবোৰ বিষয়কেন্দ্ৰিক হ'ব লাগে, ভাষাকেন্দ্রিক নহয় ।

(৬) কাৰ্য নিৰ্ধাৰণ (Determination of Activities) : এক আদর্শ পাঠ পৰিকল্পনাত শিক্ষক আৰু ছাত্র-ছাত্রীসকলে কি কি কার্য সম্পাদন কৰিব সেয়া স্পষ্ট হ'ব লাগে। আদৰ্শ পাঠ পৰিকল্পনাত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰ্যবোৰ আগতীয়াকৈ স্থিৰ কৰিব লাগে।

(৭) কৌশল, বিধি আৰু আহিলাৰ ব্যৱহাৰ (Use of Strategies, Tactics and Aids) : শিক্ষকে শিক্ষাদানৰ সূত্ৰ আৰু সাধাৰণ নীতিবোৰৰ জ্ঞান অৰ্জন কৰিব লাগে। ইয়াৰ জৰিয়তেহে তেওঁ উপযুক্ত কৌশল আৰু শিক্ষাদানৰ আঁহিলাবোৰ উপযুক্ত সময়ত উপযুক্ত স্থানত প্ৰয়োগ কৰিব পাৰে।

(৮) সহসম্বন্ধ (Correlation) : সামগ্রিকভাৱে ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান আয়ত্ব কৰিবৰ বাবে এক আদর্শ পাঠ পৰিকল্পনাত সহসম্বন্ধ নীতি প্ৰয়োগ কৰা হয় ।

(৯) ব্যাখ্যাৰ প্ৰয়োগ (Use of Illustrations) : এক আদৰ্শ পাঠ পৰিকল্পনাত এনে কেতবোৰ উদাহৰণ প্রয়োগ কৰিব লাগে যিবোৰ ছাত্ৰ-ছাত্ৰীৰ বাস্তৱ জীৱনৰ লগত প্ৰাসংগিক বিধৰ । শিক্ষকৰ গভীৰ জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত ই নিৰ্ভৰশীল।

(১০) ব্যক্তিগত পৰামৰ্শদান (Individual Guidance) : এক আদর্শ পাঠ পৰিকল্পনাত ছাত্ৰ-ছাত্ৰীক ব্যক্তিগত পৰামৰ্শদান কৰাৰ বাবে সুবিধা আৰু কৌশল থাকিব লাগে।


(৪) পাঠ পৰিকল্পনাৰ সুবিধা আৰু অসুবিধা সমূহৰ বিষয়ে লিখা। 

Write down the advantges and disadvantages of lesson planning.

উত্তৰঃ পাঠ পৰিকল্পনাৰ সুবিধা হ'ল-

(১) পাঠ-পৰিকল্পনাই শিক্ষকক সংগঠিত আৰু পদ্ধতিগতভাৱে চিন্তা কৰাৰ বাবে অভিৰোচিত কৰে ৷

(২) পাঠ পৰিকল্পনাৰ সহায়ত শিক্ষকে কোনো এক শিক্ষণীয় বিষয়ৰ উদ্দেশ্য সম্বন্ধে জ্ঞাত হ'ব পাৰে ৷ 

(৩) কোনো বিষয়ত ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ বৃদ্ধি কৰাত পাঠ পৰিকল্পনাই সহায় কৰে ।

(৪) পূৰ্বৰ বিষয়ৰ লগত নতুন বিষয়ৰ সম্বন্ধ স্থাপনত ই সহায় কৰে ৷

(৫) কি আৰু কেনেকৈ শিকাব লাগে জানিবৰ বাবে ই শিক্ষকক সহায় কৰে ।

(৬) পাঠ পৰিকল্পনাই শিক্ষকক দৃশ্য-শ্রাব্য সঁজুলিৰ বিষয়ে চিন্তা কৰাত আৰু প্ৰয়োগ কৰাত বাধ্য কৰায় ৷

(৭) ফলপ্রসূ শিক্ষাদান পদ্ধতি নিৰ্বাচন কৰাত ই শিক্ষকক সহায় কৰে ।

(৮) ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত পাৰ্থক্যৰ ভিত্তিত শিক্ষাদান কৰাত ই শিক্ষকক সহায় কৰে ৷

(৯) শিক্ষকৰ আত্মবিশ্বাস ই বৃদ্ধি কৰি তোলে ।

(১০) ই ছাত্ৰ-ছাত্ৰীৰ পৰ্যায় আৰু পূৰ্বজ্ঞানৰ ভিত্তিত প্রতিষ্ঠিত।


পাঠ পৰিকল্পনাৰ অসুবিধা হ'ল-

(১) পাঠ-পৰিকল্পনাই শিক্ষকক এক নিৰ্দিষ্ট নিয়মৰ মাজত বান্ধি ৰাখে। তেওঁলোকে নিজৰ ইচ্ছামতে পাঠটো পঢ়োৱাৰ সুবিধা নাপায়।

(২) স্তৰ অনুযায়ী পাঠ্য-বিষয় আগবঢ়াই নিওঁতে শিক্ষকে প্রাসঙ্গিক কিছুমান বিষয়ৰ লগত সম্বন্ধ স্থাপন কৰাত অসুবিধা পায়।

(৩) ই কেতিয়াবা শিক্ষকৰ স্বাধীনতা খৰ্ব কৰে।

(৪) পাঠ-পৰিকল্পনা এক সময় খৰচী ব্যৱস্থা ।

(৫) সকলো পাঠ-পৰিকল্পনা কৰি শিক্ষা দিলে শিক্ষকে নির্দিষ্ট সময়ত সকলো পাঠৰ শিক্ষা দিবলৈ সক্ষম নহ'বও পাৰে।

(৬) পাঠ-পৰিকল্পনাত শিক্ষাৰ্থীৰ কাৰ্য্যসমূহ ধৰাবন্ধা বিধৰ হৈ পৰে।

(৭) সাধাৰণতে শিক্ষকে উপস্থাপন স্তৰতেই বিষয়বস্তু আলোচনা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক প্রশ্ন সুধিলে তেওঁলোকে সক্ৰিয় হৈ উঠে আৰু শিক্ষকেও পঢ়াবলৈ ভাল পায়। কিন্তু পৰিকল্পনা মতে আগবাঢ়িলে মূল্যায়ণ স্তৰতহে প্ৰশ্ন সুধিব পাৰে।

(৮) শিক্ষাদানত বিভিন্ন পদ্ধতি অৱলম্বনৰ ক্ষেত্ৰটো পাঠ-পৰিকল্পনাই শিক্ষকক অসুবিধাত পেলায়।

(৫) অনুশিক্ষণৰ সংজ্ঞা দিয়া। অনুশিক্ষণৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা। 

Define micro-teaching. Write down the characteristics of micro-teaching.

উত্তৰঃ অনুশিক্ষণৰ সংজ্ঞা  তলত দিয়া হ'ল-

(১) ডি. ডব্লিউ এলেন (D. W. Allen, 1966) : “অণুশিক্ষণ হৈছে শ্ৰেণীৰ আকাৰ আৰু সময় অনুযায়ী সংক্ষেপিত কৰা এক শিক্ষাদান প্রক্রিয়া।” (Micro-teaching is a scaled down teaching encounter in class size and class time.)

(২) আৰ. এন. বুশ্ব (R. N. Bush, 1968): “অণুশিক্ষণ হৈছে এক শিক্ষক শিক্ষাৰ শিক্ষণ- কৌশল যিয়ে স্পষ্টভাৱে প্ৰস্তুত কৰা পাঠদানক প্রকৃতভাৱে এটা কম সংখ্যাৰ দলক পৰিকল্পিতভাৱে ঠিক কৰা ৫ মিনিটৰ পৰা ১০ মিনিটলৈ প্ৰয়োগ কৰা হয় আৰু ইয়াৰ ফলাফল ভিডিঅ ৰেকৰ্ডিং যোগেদি প্রত্যক্ষ কৰাৰ সুবিধা প্ৰদান কৰা হয়।” (Micro-teaching is a teacher education technique which allows teachers to apply clearly defined teaching skills to carefully prepared lessons in a planned series of five to ten minutes encounter with a small group of real students, often with an opportunity to obersve the result on videotope.)

(৩) ডি. ডব্লিউ. এলেন আৰু এ. ডব্লিউ. ইভ (D. W. Allen and A. W. Eve, 1968) : “অণুশিক্ষণ হৈছে এক নিয়ন্ত্রিত অনুশীলন যিটোৱে নিৰ্দিষ্ট বিশেষ শিক্ষণ আচৰণত মনোনিবেশ কৰা আৰু নিয়ন্ত্ৰিত অৱস্থাত শিক্ষাদান কাৰ্য্য অনুশীলন কৰাতো সম্ভৱ কৰি তোলে।” (Micro- teaching is defined as a system of controlled practice that makes it possible to concentrate on specified teaching behaviour and to practice teaching under controlled conditions.)

(৪) মেক. নাইট (Mc. Knight, 1971 ) : “অণুশিক্ষণ হৈছে সংক্ষেপিত কৰা শিক্ষণ কৌশল যিটো নতুন দক্ষতাৰ বিকাশ আৰু পুৰণাবিলাকৰ সংশোধন কৰাৰ বাবে সজাই তোলা হৈছে।”(Micro-teaching is a scaled down teaching encounter designed to develop new skills  and refined old ones.)

(৫) লা. ডুবে (LA. Due, 1970 ) : “অণুশিক্ষণ হৈছে এনে এক সুবিধা যি শিক্ষক- প্রশিক্ষার্থীসকলক শ্রেণীকক্ষত শিক্ষাদানৰ পৰিস্থিতিত প্ৰৱেশ কৰাৰ আগতেই সক্ষমতা আৰু নিপুণতা লাভ কৰায়।” (Micro-teaching is an opportunity to gain class room capabilities and expertise before the student teacher starts entering the teaching situation.)


(৬) মেক. এলীছ আৰু আনভিন (Mc. Alesse and Unvin, 1971) : “সময়, শ্ৰেণী, আকাৰ,  পাঠ, দীৰ্ঘতা আৰু শিক্ষণ জটিলতা আদি দিশৰ পৰা অণুশিক্ষণক এক সংক্ষেপিত শিক্ষণ কৌশল (সংগ্রাম) বুলি ক'ব পাৰি।” (Micro-teaching is a scaled down teaching encounter in terms of time, class, size, lesson, length and teaching complixities.)

অনুশিক্ষণৰ বৈশিষ্ট্যসমূহৰ হ'ল-

(১) অণুশিক্ষণ হৈছে শিক্ষণ প্ৰক্ৰিয়াৰ এক সংক্ষেপকৰণ প্ৰক্ৰিয়া। 

(২) ইয়াত এবাৰ মাত্ৰ এটা কৌশলহে শিকোৱা হয়।

(৩) এই প্ৰক্ৰিয়াত শিক্ষাৰ্থীৰ সংখ্যা ৫ ৰ পৰা ১০ জন থাকে। সেয়ে শিক্ষকে সকলোকে সমানে গুৰুত্ব দিব পাৰে।

(৪) অণুশিক্ষণত শ্ৰেণীৰ সময় এটা কৌশলৰ বাবে ৫ ৰ পৰা ১০ মিনিট মাত্ৰ। সেয়ে ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীত মনোযোগ দিয়াত অসুবিধা নহয় ।

(৫) প্ৰতি ৫-১০ মিনিটৰ মূৰত কৌশল সলনি হয় বাবে শ্রেণীকক্ষ শিক্ষাৰ্থীৰ বাবে আমনিদায়ক নহয়। 

(৬) অণুশিক্ষণত পাঠৰ পুনঃপৰিকল্পনা কৰা আৰু পুনঃমূল্যায়ণ প্ৰক্ৰিয়া প্ৰয়োগ কৰাৰ সুবিধা আছে।

(৭) ইয়াত শিক্ষাৰ্থীৰ সংখ্যা কম বাবে সহজে অনুশাসনৰ ব্যৱস্থা কৰিব পাৰি আৰু শিক্ষাৰ্থীসকলক নিয়ন্ত্ৰণত ৰাখিব পাৰি।

(৮) অনুশিক্ষণত পাঠ শেষ হোৱাৰ লগে লগেই তাৎক্ষণিক প্রতিপুষ্টি (Immediate feedback) পাব পাৰি ৷

(৯) অণুশিক্ষণ হৈছে সুদক্ষ শিক্ষক গঢ়াৰ প্ৰশিক্ষণ ব্যৱস্থা।

(১০) অণুশিক্ষণ এক প্রণালীবদ্ধ প্রক্রিয়া। ইয়াক প্ৰয়োগ কৰিবলৈ দক্ষতা আৰু পূৰ্বপৰিকল্পনাৰ প্রয়োজন হয়।

(৬) অনুশিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ বিষয়ে লিখা। 

Write down the aims and objectives of micro-teaching.

উত্তৰঃ অনুশিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ তলত দিয়া হ'ল-

(১) অনুশিক্ষণৰ প্ৰধান উদ্দেশ্য হৈছে শিক্ষাদানত নিপুনতা লাভ কৰাত সহায় কৰা। অর্থাৎ শিক্ষকসকলে যাতে বিষয় বা পাঠৰ উদ্দেশ্য অনুসৰি সঠিকভাৱে শিক্ষাদান কৰিব পাৰে, তাৰ বাবে প্ৰস্তুত কৰি তোলা।

(২) এই শিক্ষণ ব্যৱস্থাৰ আন এক উদ্দেশ্য হৈছে শিক্ষাদান প্ৰক্ৰিয়াক সৰলীকৰণ কৰা। শিক্ষক- প্রশিক্ষার্থীসকলক এটা মাত্ৰ কৌশল ৫ ৰ পৰা ১০ মিনিটৰ ভিতৰত যাতে শিকাব পাৰে তেনেকৈ প্ৰস্তুত কৰি তোলা।

(৩) শিক্ষণৰ কঠিনতা হ্ৰাস কৰাও অনুশিক্ষণৰ এক উদ্দেশ্য। কোনো শিক্ষকে যাতে জটিল বিষয় সমূহো সহজে বুজাব পাৰে তেনেকৈ প্ৰস্তুত কৰি তোলা হয়।

(৪) নতুন শিক্ষণ কৌশল আহৰণ কৰা আৰু পুৰণিবিলাকৰ সংশোধন কৰি তোলা।

(৫) শিক্ষণত তাৎক্ষণিক প্ৰতিপুষ্টি লাভৰ সুবিধা কৰা। অর্থাৎ অনুশিক্ষণত এটা কৌশল প্রয়োগ কৰাৰ পিছতেই শিক্ষার্থীৰ পৰা প্ৰতিপুষ্টি পাব পাৰি। ফলত শিক্ষার্থীসকলে শুদ্ধকৈ কৌশল আয়ত্ব কৰিবলৈ সুবিধা পায় আৰু শিক্ষকসকলে ভুল সংশোধন কৰিবলৈও সক্ষম হয়। 

(৬) শিক্ষণৰ বিভিন্ন কৌশলসমূহৰ নিপুনতা আৰু পাৰদৰ্শিতা লাভ কৰোৱা অনুশিক্ষণৰ আন এক উদ্দেশ্য। উদাহৰণস্বৰূপে শিক্ষকসকলক ‘পাঠ অৱতাৰণাৰ কৌশল’, ‘বোৰ্ডত লিখাৰ কৌশল’, ‘প্রশ্নসোধা কৌশল’ ইত্যাদি বিলাকত নিপুনতা লাভ কৰোৱাটো অনুশিক্ষণৰ উদ্দেশ্য।

(৭) শিক্ষণীয় আচৰণসমূহক উপযুক্ত পথেৰে পৰিচালনা কৰা। 

(৮) নিয়ন্ত্ৰিত পৰিবেশত শিক্ষার্থীসকলক উপযুক্ত শিক্ষা প্ৰদান কৰা।

(৯) অনুশিক্ষণৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে প্ৰশিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি কৰা। শিক্ষাদানৰ বিভিন্ন কৌশলসমূহ শিকি উঠিলে শ্ৰেণীত শিক্ষার্থীক উপযুক্তভাৱে শিক্ষা দিবলৈ সক্ষম হ'ব। তেতিয়াই তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব ।

(১০) অনুশিক্ষণে শিক্ষক-প্রশিক্ষাৰ্থীসকলক বাস্তৱ পৰিস্থিতিৰ লগত খাপ খোৱাত সহায় কৰে। কম সময়তে, কম খৰচতে, কম সঁজুলি ব্যৱহাৰ কৰি শিকোৱাত প্রশিক্ষার্থীসকলক সক্ষম কৰি তোলে। গতিকে ক'ব পাৰি যে অনুশিক্ষণৰ উদ্দেশ্য হৈছে প্ৰশিক্ষাৰ্থীসকলক বাস্তৱ পৰিস্থিতি অনুযায়ী খাপ খাব পৰাকৈ গঢ়ি তোলা।


(৭) অনুশিক্ষণৰ পৰ্য্যায়বোৰৰ বিষয়ে আলোচনা কৰা। 

Discsuss the phases of micro-teaching.

উত্তৰঃ অনুশিক্ষণৰ পৰ্য্যায়বোৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

(১) জ্ঞান আহৰণ পৰ্য্যায় (Knowledge Acquisition Phase) :  এই পৰ্য্যায়ত শিক্ষক-প্রশিক্ষার্থীসকলে দক্ষতা সম্পর্কে জ্ঞান আহৰণৰ প্ৰচেষ্টা চলায়। শ্রেণীকক্ষত তেওঁলোকৰ ভূমিকা পালন আৰু শিক্ষক হিচাপে প্ৰদৰ্শন কৰিব লগা আচৰণসমূহৰ উপাদানৰ বিষয়ে জ্ঞান আহৰণ কৰে। প্রাসঙ্গিক পুথিসমূহ অধ্যয়ন কৰে, পাঠ নিৰ্দেশনাৰ জ্ঞান আহৰণ কৰে আৰু পাঠ উপস্থাপন, সঁজুলি প্রয়োগকৰণ আদিৰ জ্ঞান লাভ কৰে।

    এই সময়ত প্রশিক্ষার্থী সকলৰ কৰ্ম হৈছে—অধ্যয়ণ, নিৰীক্ষণ আৰু বিশ্লেষণ কৰাৰ মাজেদি প্রয়োজনীয় জ্ঞান আহৰণ ৷


(২) কৌশল আহৰণৰ পৰ্য্যায় (Skill Acquisition Phase) : এইটো পৰ্য্যায়ত শিক্ষক-প্রশিক্ষার্থীসকলে অণু-পাঠ প্রস্তুত কৰা, অনুশীলন কৰা আদিৰ জৰিয়তে কৌশল সমূহ প্ৰয়োগৰ চেষ্টা কৰে। ইয়াত দুটা ক্ষুদ্ৰ স্তৰ থাকে—

(ক) প্রতি পুষ্টি গ্রহণ : শিক্ষাৰ্থীৰ প্ৰতিপুষ্টিৰ ওপৰত ভিত্তি কৰি পুনৰ পাঠ পৰিকল্পনা, পুনৰ | শিক্ষাদান, পুনৰ প্ৰতিপুষ্টি লাভ আদিৰ জৰিয়তে শিক্ষণ কৌশলত নিপুণতা লাভ কৰে।

(খ) অনুশিক্ষণ পৰিবেশ সৃষ্টিকৰণ : শিক্ষণ-পুনৰ শিক্ষণৰ বাবে শ্ৰেণীৰ আকাৰ আৰু সময় নিৰ্ধাৰণ কৰে, পৰ্য্যবেক্ষক ঠিক কৰে, আৰু শিক্ষাৰ্থীৰ প্ৰকাৰ আদি সঠিকভাৱে ৰাখি অনুশিক্ষণৰ পৰিবেশ সৃষ্টি কৰে। এনেদৰেই প্ৰায়োগিকভাৱে অনুশিক্ষণৰ কৌশল আয়ত্ব কৰে।

(৩) হস্তান্তৰিত পৰ্য্যায় (Transfar Phase) : এই পৰ্যায়ত শিক্ষক প্রশিক্ষার্থীসকলে বিভিন্ন কৌশলৰ মাজত সংহতি স্থাপন কৰাৰ চেষ্টা চলায়। অর্থাৎ শিক্ষকসকলে অনুশিক্ষণৰ দ্বাৰা প্ৰাপ্ত অভিজ্ঞতাক প্ৰকৃত শিক্ষাদানৰ শ্ৰেণীকোঠালৈ হস্তান্তৰিত কৰিব পাৰে। এই পৰ্য্যায়ৰ উল্লেখনীয় কাম হৈছে শিক্ষকসকলে আয়ত্ব কৰা কৌশলসমূহ আচল শ্রেণীকক্ষত প্রয়োগ কৰা।



(৮) অনুশিক্ষণ আৰু পৰম্পৰাগত শিক্ষণৰ পাৰ্থক্যসমূহৰ বিষয়ে লিখা । 

Write the differences of micro-teaching and traditional teaching.

উত্তৰঃ অনুশিক্ষণ আৰু পৰম্পৰাগত শিক্ষণৰ পাৰ্থক্যসমূহৰ হ'ল-

অনুশিক্ষণ

পৰম্পৰাগত শিক্ষণ

(১) অনুশিক্ষণত পাঠৰ একোটা অংশক সৰু সৰু কৰি শিক্ষাদান কৰা হয় ।

(১) পৰম্পৰাগত শিক্ষাদান ব্যৱস্থাত সমগ্র বিষয়- বস্তুটো সামৰি শিক্ষা দিয়া হয়।

(২) অনুশিক্ষণৰ প্ৰধান উদ্দেশ্য হৈছে কম সময়ত এটা মাত্ৰ ধাৰণা প্ৰদান কৰা, আৰু এটা মাত্ৰ কৌশল দক্ষতা প্রদান কৰা ।

(২) পৰম্পৰাগত শিক্ষাদানৰ উদ্দেশ্য হৈছে শিক্ষক- প্ৰশিক্ষাৰ্থীসকলৰ সাধাৰণ যোগ্যতাৰ কৌশল সমূহৰ বিকাশ সাধন কৰা ।

(৩) অনুশিক্ষণত সীমিত পৰিমাণৰ অৰ্থাৎ ৫ ৰ পৰা ১০ জন শিক্ষার্থীয়ে এটা শ্রেণীকক্ষত থাকিব পাৰে।

(৩) কিন্তু পৰম্পৰাগত শ্ৰেণীকোঠাত ৫০-১০০/ ২০০ জন, কেতিয়াবা ততোধিক শিক্ষার্থীয়ো থকা দেখা যায়।

(৪) অনুশিক্ষণত তাৎক্ষণিক প্রতিপুষ্টি লাভ কৰাৰ সুবিধা থাকে। সেয়ে, শিক্ষক-শিক্ষার্থীসকলে নিজৰ ভুল- ত্ৰুটিবোৰ জানি লৈ লগে লগে সংশোধন কৰিব পাৰে ।

(৪) গতানুগতিক শিক্ষাত তাৎক্ষণিক প্রতিপুষ্টি লাভৰ সুবিধা নিচেই কম। সেয়ে শিক্ষক- শিক্ষাৰ্থীসকলে নিজৰ ভুল-ত্রুটি তাৎক্ষণিক- ভাৱে শুধৰোৱাৰ সুবিধা নাপায় ।

(৫) অনুশিক্ষণ সম্পূর্ণ নিয়ন্ত্ৰিত পৰি- বেশত সম্পাদন কৰা হয়। শিক্ষা- দানৰ কৌশল উন্নত কৰাৰ উদ্দে- শ্যে নিৰীক্ষকৰ ব্যৱস্থা কৰা হয়।

(৫) গতানুগতিক শিক্ষণ ব্যৱস্থা নিয়ন্ত্ৰিত পৰিবেশ- ত সম্পাদন কৰা নহয়। ইয়াত কোনো নিৰী- ক্ষকৰ নাথাকে, তাৰ পৰিৱৰ্তে সাধাৰণ শিক্ষ- কৰ দ্বাৰাই শিক্ষাদান কৰা হয়।

(৬) অনুশিক্ষণত শিক্ষাদানৰ বাবে অর্থাৎ এটা কৌশল দক্ষতা শিকাবৰ বাবে ৫ ৰ পৰা ১০ মিনিট সময়হে দিয়া হয়।

(৬)কিন্তু প্রচলিত শিক্ষাদান ব্যৱস্থাত সামগ্রিক ভাৱে ৪৫ ৰ পৰা ৬০ মিনিট সময় এটা ক্লাছত দিয়া হয় ৷

(৭) অনুশিক্ষণ এক ব্যক্তিকেন্দ্রিক শিক্ষণ ব্যৱস্থা। ইয়াত প্রতিজন শিক্ষার্থীয়ে প্ৰতিটো দক্ষতা খৰচি মাৰি আহৰণ কৰাত গুৰুত্ব দিয়া হয়।

(৭) অন্যহাতেদি, পৰম্পৰাগত শিক্ষাদান এক সামূহিক শিক্ষণ ব্যৱস্থা। ইয়াত শিক্ষকে শ্ৰেণীকোঠাৰ সকলো শিক্ষার্থীকে সমূহীয়া- কৈ পাঠ দান কৰে ।



Question and Answer Type By: Himashree Bora.