বসতি

১। বসতি ঘাইকৈ কেই প্ৰকাৰৰ ?

তিনি প্ৰকাৰৰ

দুই প্ৰকাৰৰ

এটাও নহয়

 উত্তৰ-দুই প্ৰকাৰৰ

২। গ্ৰাম্য় বসতিৰ ক্ষেত্ৰত পানীৰ সমানে দৰকাৰী হৈছে ________।

কৃষি

মাটি

এটাও নহয়

উত্তৰ-মাটি

৩। গ্ৰাম্য় বসতিৰ মূল ভিত্তি কি ?

কৃষি

ব্য়ৱসায়-বাণিজ্য়

এটাও নহয়

উত্তৰ-কৃষি

৪। ওখ ঠাইত বসতি স্থাপন কৰিলে কিহৰ পৰা হাত সাৰিব পাৰি  ?

জীৱ-জন্তুৰ পৰা

উদ্ভিদৰ পৰা

এটাও নহয়

উত্তৰ-এটাও নহয়

৫। পৰ্বত-পাহাৰে আবৃত বা শিলাময় অঞ্চলত সাধাৰণতে বসতি কি হোৱা দেখা যায় ?

ঘন

পাতল

এটাও নহয়

উত্তৰ-পাতল

৬। বসতিৰ বৈশিষ্ট্য়ৰ ক্ষেত্ৰত কিহৰ কিহৰ মাজত প্ৰভেদ থকা দেখা যায় ?

গাঁও আৰু নগৰৰ মাজত

ভূমি আৰু বৃত্তিৰ মাজত

এটাও নহয়

উত্তৰ-গাঁও আৰু নগৰৰ মাজত

৭। আমাৰ অসম প্ৰাকৃতিক অৱয়ৱৰ ফালৰপৰা এখন কি ৰাজ্য় ?

শুৱনি

বৈচিত্ৰপূৰ্ণ

এটাও নহয়

উত্তৰ-বৈচিত্ৰপূৰ্ণ

৮। নগৰীয়া বসতিক কি বসতি বুলি কোৱা হয় ?

চহৰীয়া বসতি

পৌৰ বসতি

এটাও নহয়

উত্তৰ-পৌৰ বসতি

৯। উচ্চভূমিত বসতি কৰা মানুহে কিহৰ বাবে ঠাই সলনি কৰে ?

খেতিৰ বাবে

ব্য়ৱসায়ৰ বাবে

এটাও নহয়

উত্তৰ-খেতিৰ বাবে

১০। অসমত বৰ্তমান কিমান খন গাঁও আছে ?

২১৪ খন

২৬,৩৯৫ খন

এটাও নহয়

উত্তৰ-২৬,৩৯৫ খন

১১। সচৰাচৰ নদ-নদী, জান-জুৰি, হ্ৰদ আদিৰ কাষৰীয়া অঞ্চলতে কি সৃষ্টি হোৱা দেখা যায়?

নগৰ

চহৰ

গাওঁ

উত্তৰ-গাওঁ

১২। ভাৰতত শতকৰা প্ৰায় কেইজন লোকেহে নগৰত বাস কৰে?  

৯০ জন

৫০ জন

৩০ জন

উত্তৰ-৩০ জন

১৩। নৈৰ প্লাৱনভূমিত বসতি কৰা লোকসকলে কি ভেটি নিৰ্মাণ কৰি ঘৰ-বাৰী সাজে?

চাপ ভেটি

ওখ ভেটি

ওপৰৰ এটাও নহয়

ত্তৰ-ওখ ভেটি

১৪। মানুহে কিয় ঘৰ সাজি বসবাস কৰিবলৈ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল ?

পানীৰ বাবে

ৰ'দ, বতাহৰ পৰা ৰক্ষা পাবলৈ

জীৱ-জন্তু পুহিবলৈ

উত্তৰ- ৰ'দ, বতাহৰ পৰা ৰক্ষা পাবলৈ

১৫। গ্ৰাম্য় বা গাৱঁলীয়া বসতিক ইংৰাজীত কি বুলি কয় ?

Urban Settlement

Rural Settlement

ওপৰৰ দুয়োটা

উত্তৰ-Rural Settlement

১৬। থূপ খাই থকা বসতিক কি বুলি কোৱা হয় ?

কেন্দ্ৰীভূত বসতি

ৰৈখিক বসতি

তৰাৰূপী বসতি

উত্তৰ-কেন্দ্ৰীভূত বসতি

১৭। গাওঁৰ প্ৰাথমিক বৃত্তি হ'ল---

কৃষি, পশুপালন, মাছ ধৰা আদি

কল-কাৰখানা, ঘৰুৱা শিল্পকৰ্ম আদি

ওকালতি, বেংকসেৱা, শিক্ষকতা আদি

উত্তৰ-কৃষি, পশুপালন, মাছ ধৰা আদি

১৮। মিচিছিপিৰ নদীৰ পাৰত কি নগৰ অৱস্থিত ?

গুৱাহাটী

কাইৰো

চেইণ্ট লুইচ

উত্তৰ-চেইণ্ট লুইচ

১৯। পৌৰ শব্দৰ অৰ্থ কি ?

গাওঁ

নগৰ

ওপৰৰ এটাও নহয়

উত্তৰ-নগৰ

২০। অসমত বৰ্তমান ২৬, ৩৯৫ খন গাওঁ আৰু নগৰ ২১৪ খন আছে। ইয়াৰে বেছিভাগ নিম্নভূমি নে উচ্চভূমি ?

উচ্চভূমি

নিম্নভূমি

সমান সমান

উত্তৰ-নিম্নভূমি