দ্বিতীয় অধ্যায়

chapter- 2

তাত্ত্বিক ধাৰণাসমূহ

Theoretical Perspectives


১. তলত দিয়া কোনজন উদাৰতাবাদী হিচাপে অভিহিত কৰা হয় ?

(ক) উইলছনক         (খ) মৰগেনথিউক          (গ) মৰটন্ কাপলানক   

উত্তৰঃ 

২. মাৰ্ক্সবাদী দৃষ্টিভংগীৰ এটা উদাহৰণ হ'ল_________ ।

উত্তৰঃ সাম্ৰাজ্যবাদৰ বিৰোধিতা ।                                                                                                                                                                                                                                           ৩. হৱছৰ গ্ৰন্থখনৰ নাম হ'ল_________ ।

উত্তৰঃ লেভিয়াথা

৪. নব্য উদাৰতাবাদৰ বৈশিষ্ট্য হ'ল_________

উত্তৰঃ একত্ৰীকৰণ

৫. দেশৰ স্বাধীনতা ৰক্ষাৰ ক্ষমতা বৃদ্ধিৰ বাবে কোনে পৰামৰ্শ দিছিল ?

উত্তৰঃ দেশৰ স্বাধীনতা ৰক্ষাৰ ক্ষমতা বৃদ্ধিৰ বাবে কৌটিল্যই পৰামৰ্শ দিছিল।

৬. বাস্তৱবাদী দৃষ্টিভংগীৰ প্ৰধান উদ্দেশ্য কি ?

উত্তৰঃ বাস্তৱবাদী দৃষ্টিভংগীৰ প্ৰধান উদ্দেশ্য হৈছে- ৰাষ্ট্ৰৰ নিৰাপত্তা ৰক্ষা কৰা আৰু ক্ষমতা লাভ কৰা।

৭. বাস্তৱবাদী দৃষ্টিভংগীৰ দুজন প্ৰধান সমৰ্থকৰ নাম উল্লেখ কৰা।

উত্তৰঃ স্পাইকমেন আৰু জৰ্জ কেনন।

৮. বাস্তৱবাদী দৃষ্টীভংগীৰ আভাস কোন কেইখন গ্ৰন্থত পোৱা যায় ?

উত্তৰঃ কৌটিল্যৰ অৰ্থশাস্ত্ৰ, মেকিয়াভেলিৰ ''Prince'' আৰু হবছৰ ''লেভিয়াথান'' নামৰ গ্ৰন্থ কেইখনত পোৱা যায়।

৯. এৰিক কাফ্মেন কৰ চিন্তাবিদ আছিল ?

উত্তৰঃ এৰিক কাফ্মেন জাৰ্মানৰ চিন্তাবিদ আছিল।

১০. উদাৰতাবাদী ধাৰাৰ মূল পৃষ্ঠপোষক দুজনৰ নাম লিখা।

উত্তৰঃ বেনথাম আৰু ইমানুৱেল কাণ্ট।

১১. উদাৰনৈতিক চিন্তাৰ প্ৰধান কেন্দ্ৰস্থল দেশ দুখনৰ নাম কি ?

উত্তৰঃ উদাৰনৈতিক চিন্তাৰ প্ৰধান কেন্দ্ৰস্থল দেশ দুখনৰ নাম হ'ল- ইংলেণ্ড আৰু ফ্ৰান্স।

১২. কাণ্টে যুক্তৰাষ্ট্ৰৰ ধাৰণা অৱতাৰণা কৰা গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ কাণ্টে যুক্তৰাষ্ট্ৰৰ ধাৰণা অৱতাৰণা কৰা গ্ৰন্থখনৰ নাম হ'ল- ''The Idea for a Universal History''।

১৩. ৱাল্টজে কিমান চনত ডক্টৰেট্ ডিগ্ৰী লাভ কৰিছিল ?

উত্তৰঃ ৱাল্টজে ১৯৫৪ চনত ডক্টৰেট্ ডিগ্ৰী লাভ কৰিছিল।

১৪. ৱাল্টজে কি নাম দি তেওঁৰ গৱেষণা পত্ৰখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিল ?

উত্তৰঃ ''Man, the State and War'' নামেৰে তেওঁৰ গৱেষণা পত্ৰখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিল।

১৫. কোনখন গ্ৰন্থৰ দ্বাৰা ৱাল্টজে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ সম্পৰ্কত নিজস্ব মৌলিক চিন্তাধাৰা দাঙি ধৰিছিল ?

উত্তৰঃ ''Theory of International Politics'' নামৰ গ্ৰন্থখনৰ দ্বাৰা ৱাল্টজে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ সম্পৰ্কত নিজস্ব মৌলিক চিন্তাধাৰা দাঙি ধৰিছিল।

১৬. বাস্তৱবাদ দৃষ্টিভংগীৰ জনক কোন ?

উত্তৰঃ বাস্তৱবাদি দৃষ্টিভংগীৰ জনক ৰেইনহল্ড নেইবুৰ।

১৭. নেইবুৰে আদৰ্শবাদী আৰু বাস্তৱবাদীসকলক কি বুলি অভিহিত কৰিছিল ?

উত্তৰঃ আদৰ্শবাদীসকলক পোহৰৰ সন্তান আৰু বাস্তৱবাদীসকলক এন্ধাৰৰ সন্তান বুলি অভিহিত কৰিছিল।

১৮. দ্বিতীয় মহাসমৰৰ পিছত বাস্তৱবাদী দৃষ্টিভংগীৰ প্ৰতি সমৰ্থন জনোৱা ৰাজনৈতিক চিন্তাবিদ কেইগৰাকী মানৰ নাম লিখা।

উত্তৰঃ ৰাজনৈতিক চিন্তাবিদ কেইগৰাকী মানৰ নাম হ'ল- ৰেইনহল্ড নেইবুৰ, স্পাইকমেন, জৰ্জ কেনন, স্বুমেন, মৰগেনথ' ইত্যাদি।

১৯.ক্ষমতাৰ ৰাজনীতিৰ প্ৰতি সমৰ্থন জনোৱা বৰ্তমান সময়ৰ ৰাজনৈতিক চিন্তাবিদ কেইগৰাকী মানৰ নাম লিখা।

উত্তৰঃ ক্ষমতাৰ ৰাজনীতিৰ প্ৰতি সমৰ্থন জনোৱা বৰ্তমান সময়ৰ চিন্তাবিদ কেইগৰাকী মানৰ নাম হ'ল- লাছওৱেল, মেৰিয়াম, মৰ্টন কাপলান্ ইত্যাদি।

২০. সাম্ৰাজ্যবাদ আৰু পুঁজিবাদী ৰাষ্ট্ৰ সম্পৰ্কত লেনিন আৰু বুখাৰিনে আগবঢ়োৱা মন্তব্যটো উল্লেখ কৰা।

উত্তৰঃ সাম্ৰাজ্যবাদ আৰু পুঁজিবাদী ৰাষ্ট্ৰ সম্পৰ্কত লেনিন আৰু বুখাৰিনে আগবঢ়োৱা মন্তব্যটো হ'ল'It would create severe competition, even strugle among states for markets and shatter the nation of interdependence and peace among nations- Thus served as a critisise of the liberal positions'. 

২১. ৰাজনৈতিক আৰ্দশ হিচাপে উদাৰতাবাদক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ?

উত্তৰঃ ৰাজনৈতিক আৰ্দশ হিচাপে উদাৰতাবাদক চাৰিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল- (১) সহনশীলতা ধাৰণা হিচাপে উদাৰতাবাদ।

(২) চুক্তিপক্ষ ধাৰণা হিচাপে উদাৰতাবাদ।

(৩) অধিকাৰ ভিত্তিক উদাৰতাবাদ।

(৪) উপযোগিতাবাদ।

২২. ডেৰিক হিটাৰে উল্লেখ কৰা ইতিবাচক বা আধুনিক উদাৰতাবাদৰ মূলনীতিসমূহ কি কি ?

উত্তৰঃ (১) স্বাধীনতা কেৱল মাত্ৰ অৰ্থনৈতিক স্বাধীনতাই নহয়।জনসাধাৰণে সাংবিধানিকভাৱে চৰকাৰৰ ওপৰত ৰাজনৈতিক প্ৰভাৱ পেলাব পৰা ক্ষমতা থাকিব লাগিব বুলি এই উদাৰতাবাদে মতামত প্ৰকাশ কৰে।

(২) এই উদাৰতাবাদে পিছপৰা আৰু অৱহেলিত লোকৰ কল্যাণসাধণৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে।

(৩) এই উদাৰতাবাদে সাংবিধানিক সংস্কাৰৰ ওপৰতো গুৰুত্ব দিয়ে। ইয়াৰ জৰিয়তে আঞ্চলিক সংগঠনবোৰৰ হাতত ক্ষমতা অৰ্পণ কৰিব লাগিব।

(৪) এই মতবাদে সংসদীয় চৰকাৰৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত মতপোষণ কৰে। ইয়াৰ মতে সংসদীয় শাসনব্যৱস্থা দুৰ্বল হৈ পৰাটো এক অশুভ লক্ষণ।

(৫) আন্তৰ্জাতিক ক্ষেত্ৰত নতুন উদাৰতাবাদে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব সীমিত কৰি ৰাষ্ট্ৰসংঘক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়ে। কাৰণ, ৰাষ্ট্ৰসংঘ শক্তিশালী হ'লেহে বিশ্বশান্তি ৰক্ষা কৰিব পৰা যাব আৰু জনসাধাৰণৰ কল্যাণ সাধণ কৰিব পাৰিব। 

২৩. হেলৱেলে উল্লেখ কৰা পুৰণি উদাৰতাবাদৰ ধাৰণাবোৰ লিখা।

উত্তৰঃ পুৰণি উদাৰতাবাদৰ ধাৰণাবোৰ হ'ল-

(১) পুৰণি উদাৰতাবাদৰ ধাৰণাই সকলো মানুহৰ অধিকাৰ আৰু মানুহৰ ব্যক্তিত্বৰ মূলৰ ওপৰত গুৰুত্ব দিয়ে।

(২) এই উদাৰতাবাদৰ মতে সকলো ব্যক্তিৰে নিজ ইচ্ছা অনুসৰি স্বাধীনতা প্ৰদান কৰিব লাগে।

(৩) এই উদাৰতাবাদে মানুহৰ বিবেক আৰু সততাক বিশ্বাস কৰে।

(৪) এই উদাৰতাবাদে প্ৰত্যক ব্যক্তিৰে কিছুমান অধিকাৰ থাকিব লাগিব বুলি দাবি কৰিছিল আৰু এই অধিকাৰক কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব। এইবোৰ যেনে- জীৱন, স্বাধীনতা আৰু সম্পত্তিৰ অধিকাৰ।

(৫) এই উদাৰতাবাদে ৰাষ্ট্ৰই যদি ব্যক্তিৰ স্বাধীনতা ৰক্ষা কৰিব নোৱাৰে তেতিয়া কোনো ব্যক্তিয়ে ৰাষ্ট্ৰৰ বিৰুদ্ধে মাত মতাৰ স্বাধীনতা প্ৰদান কৰে।

(৬) এই উদাৰতাবাদৰমতে আইনমতেহে সমাজক নিয়ন্ত্ৰণ কৰিব লাগে, ই আইনক আদেশতকৈ অধিক মৰ্যাদা দিছে।  

২৪. আন্তৰ্জাতিক সম্পৰ্কত মাৰ্ক্সৰ ধাৰণাৰ নীতিসমূহ উল্লেখ কৰা।

উত্তৰঃ আন্তৰ্জাতিক সম্পৰ্কত মাৰ্ক্সৰ নীতিসমূহ হ'ল-

(১) দ্বন্দ্বাত্মক বস্তুবাদ, ঐতিহাসিক বস্তুবাদ আদিৰ ওপৰত মাৰ্ক্সবাদী তত্ত্ব প্ৰতিষ্ঠিত।

(২) এই ধাৰণাই পুঁজিবাদী সমাজৰ শ্ৰেণী বিভাজন আৰু সংঘাতৰ চৰম পৰ্যায়ত গতি কৰে।

(৩) এই ধাৰণাই অতিৰিক্ত উৎপাদন আৰু মুনাফা লাভৰ প্ৰচেষ্টা বৃহৎ শোষণ আৰু উৎপীড়নৰ মূল কাৰণ।

(৪) এই অতিৰিক্ত উৎপাদনে উৎপাদিত সামগ্ৰীৰ বিক্ৰী কৰাৰ নামত পুঁজিপতিসকলৰ মাজতেই সংঘাতৰ সৃষ্টি।

(৫) মাৰ্ক্সৰ ধাৰণাক সাম্ৰাজ্যবাদ সম্পৰ্কে উদাৰতাবাদী তত্ত্বৰ সমালোচনা বুলি ক'ব পাৰি।

(৬) নৱ্য মাৰ্ক্সবাদীসকলে বিশ্বাস কৰে যে পুঁজিবাদীসকলৰ উমৈহতীয়া স্বাৰ্থৰ বাবে বহুতো সমাজ সদায় পিছ পৰি ৰয়।

২৫. নৱ্য উদাৰতাবাদৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ উদাৰতাবাদৰ এক নতুনত হৈছে নব্য উদাৰতাবাদ । ৰবাৰ্ট জেক্‌চন আৰু জৰ্জ চ’ৰেনচনে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত হোৱা উদাৰতাবাদী দৃষ্টিভংদীক নব্য উদাৰতাবাদ আখ্যা দিছে । নব্য উদাৰতাবাদৰ প্রধান বৈশিষ্ট্যবোৰ হৈছে- মুক্ত বজাৰ ব্যৱস্থা, বিত্তীয় বাণিজ্যৰ ক্ষেত্ৰত কঠোৰতা হ্ৰাস, ব্যক্তি গতকৰণ, উদ্যোগীকৰণ আদি । এই চিন্তাধাৰাক সমাজতাত্বীয় উদাৰতাবাদ, আন্তঃনিৰ্ভৰশীলতা উদাৰতাবাদ, অনুষ্ঠানমূলক উদাৰতাবাদ আৰু প্ৰজাতান্ত্রিক উদাৰতাবাদ এই চাৰিটা ভাগত ভাগ কৰিছে।

নব্য উদাৰতাবাদৰ প্ৰধান সমৰ্থকসকল হ'ল – জেমছ্ ৰজেন', কাৰ্ল ডেউছ, জন্ বাটন, ডেভিদ মিট্ৰানি, ৰবাৰ্ট কিওহেন্, জেচেফ নাই আদি। নব্য উদাৰতাবাদৰ  প্ৰধান বিষয়বস্তু সমূহ হ'ল-

(১) নব্য উদাৰতাবাদীসকলে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত ৰাষ্ট্ৰকে একমাত্ৰ কৰ্তা বুলি গণ্য নকৰে। বৰ্তমানৰ ৰাষ্ট্ৰৰ বিভিন্ন অনুষ্ঠান, প্রতিষ্ঠান, সংস্থা, ব্যক্তি আদিয়েও আন্তঃৰাষ্ট্ৰীয় জগতখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

(২) ৰাষ্ট্ৰ আৰু বিশ্বৰ বিভিন্ন, অনুষ্ঠান, প্ৰতিষ্ঠান, দল-সংগঠন, সংস্থা, ব্যক্তি আদিৰ মাজত বৰ্তমান সময়ত এক ঘনিষ্ঠ যোগাযোগৰ সৃষ্টি হৈছে। বিভিন্ন অনুষ্ঠান, ব্যক্তি আদিৰ মাজত হোৱা এনে যোগসূত্ৰৰ ফলত তেওঁলোকৰ মাজত এক উমৈহতীয়া মূল্যবোধ নাইবা বন্ধুত্বমূলক সম্পর্ক গঢ়ি উঠে যিয়ে বিশ্বত শান্তি আৰু সুৰক্ষা প্ৰতিষ্ঠা কৰাত সহায় কৰিছে ।

(৩) নব্য উদাৰতাবাদৰ দুটা গুৰুত্বপূর্ণ বৈশিষ্ট্য হৈছে- একত্ৰীকৰণ আৰু পাৰস্পৰিক নিৰ্ভৰশীলতা । বৰ্তমান সময়ত বিশ্বত পশ্চিম ইউৰোপ আৰু উত্তৰ আমেৰিকাত একত্ৰীকৰণ আৰু পাৰস্পৰিক নিৰ্ভৰশীলতা গভীৰভাৱে অনুভূত হৈছে ।

(৪) নব্য উদাৰতাবাদীসকলে ৰাষ্ট্ৰসমূহৰ মাজত থকা বিভিন্ন সংঘাত আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ বাস্তৱতাক মানি লয়। তেওঁলোকৰ মতে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ নৈৰাজ্যিক হোৱা বাবে ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা হ'ব নোৱাৰাৰ কোনো কাৰণ নাই ।

(৫) ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাত আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহেও বিশেষ ভূমিকা পালন কৰে। এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহ দুই প্ৰকাৰৰ- আনুষ্ঠানিক আৰু অনানুষ্ঠানিক। ৰাষ্ট্ৰসংঘ ইউৰোপীয়ান ইউনিয়ন আদি আনুষ্ঠানিক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ উদাহৰণ আৰু অনুষ্ঠানিক ৰাষ্ট্ৰসমূহে নিজৰ মাজতে উপনীত হোৱা অনানুষ্ঠানিক চুক্তি বা বুজাবুজিসমূহক সামৰি লয় ।

২৬.বাস্তৱবাদী তত্ত্বৰ তাৎপৰ্য আলোচনা কৰা।

উত্তৰঃ  

২৭. আন্তৰ্জাতিক ৰাজনীতিৰ স্বায়ত্ততা বুলিলে কি বুজা ?

উত্তৰঃ

২৮. উদাৰতাবাদ কি ? আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত উদাৰতাবাদীসকলৰ ভুমিকা চমুকৈ লিখা ।

উত্তৰঃ ১৭ শতিকাৰ বিকাশ লাভৰ পিছতে উদাৰ ৰাজনৈতিক তত্ত্বৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নৰ উদাৰতাবাদী দৃষ্টিভংগীৰ উৎপত্তি হৈছে। উদাৰতাবাদ হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ এক প্ৰধান আৰু গুৰুত্বপূৰ্ণ দৃষ্টিভংগী। এই পৰম্পৰাই সদায় মানৱ প্ৰকৃতি সম্পর্কে গুৰুত্বৰ্পূণ আলোচনা কৰে। উদাৰতাবাদৰ প্ৰধান বৈশিষ্ট্য হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ জগতখনত শান্তি, প্ৰগতি আৰু সহযোগিতা সম্ভৱপৰ কৰি তোলা । আন্তঃৰাষ্ট্ৰীয় জগতখনত শান্তি আৰু প্ৰগতি কেনেদৰে প্ৰদান কৰিব পাৰি তাৰ ওপৰত বিভিন্ন উদাৰতাবাদীয়ে বিভিন্ন পৰামৰ্শ আগবঢ়োৱা দেখা যায় ৷

উদাৰতাবাদী চিন্তাৰ সূচনা কৰা ব্যক্তিসকল হ'ল – কন্দৰছেট, জন ল’ক, আদাম স্মিথ, কান্ট্ আদি। উদাৰতাবাদী চিন্তাধাৰাৰ বিকাশত ইউৰোপত সূচনা হোৱা নৱযুগ আৰু আধুনিকীকৰণে বিশেষ অৰিহনা আগবঢ়ায় । নৱজাগৰণে মানুহৰ মনোজগতত বৈপ্লৱিক পৰিৱৰ্তন আনি প্রগতিশীল চিন্তা- চৰ্চাৰ সূচনা কৰে আৰু আধুনিকীকৰণে ইউৰোপৰ উৎপাদন ব্যৱস্থাক এক নতুনত্ব প্ৰদান কৰে। এই নৱজাগৰণ আৰু আধুনিকীকৰণৰ ফলত ইউৰোপত আধুনিক উদাৰ ৰাষ্ট্ৰৰ জন্ম হয় । এই ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক ব্যৱস্থাই দ্রুত উন্নতি কৰা আৰম্ভ কৰে। 


Author by:- Junmoni Das.