chapter-1

আন্তৰ্জাতিক সম্পৰ্কৰ অধ্যয়ন

Studyaing International Relations


১. আন্তৰ্জাতিক বা আন্তঃৰাষ্ট্ৰীয় শব্দটো পোন প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ আন্তৰ্জাতিক বা আন্তঃৰাষ্ট্ৰীয় শব্দটো পোন প্ৰথমে 'জেৰেমি বেনথামে' ব্যৱহাৰ কৰিছিল ।

২. আন্তৰ্জাতিক সম্পৰ্ক অধ্যয়ন কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

উত্তৰঃ ১৬৪৮ চনৰ ঐতিহাসিক ৱেষ্টফেলিয়া শান্তি চুক্তিৰ সময়ৰ পৰাই আন্তৰ্জাতিক সম্পৰ্ক অধ্যয়ন আৰম্ভ হৈছিল ।

৩. 'জেৰেমি বেনথামে' কিমান চনত আন্তৰ্জাতিক শব্দটো ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ ১৭৮০ চনত 'জেৰেমি বেনথামে' আন্তৰ্জাতিক শব্দটো ব্যৱহাৰ কৰিছিল ।

৪. আন্তৰ্জাতিক সম্পৰ্কৰ অধ্যয়নত উল্লেখ থকা মৌলিক ধাৰণা কেইটা কি কি ?

উত্তৰঃ মৌলিক ধাৰণা কেইটা হ'- (ক) ৰাষ্ট্ৰীয় স্বাৰ্থ     (খ) বিবাদ বা সংঘাত     (গ) ক্ষমতা

৫. আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সূচনা কেতিয়া হৈছিল বুলি জনা যায় ?

উত্তৰঃ ১৬৪৮ চনত স্বাক্ষৰিত হোৱা ৱেষ্টফেলিয়া চুক্তিয়ে ইউৰোপত আধুনিক সাৰ্বভৌম ৰাষ্ট্ৰ ব্যৱস্থাৰ জন্ম দিয়ে আৰু তেতুয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সূচনা হয় ।

৬. আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অধ্যয়ন কৰাৰৰ বাবে মুকলি কৰা প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম কি ?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অধ্যয়ন বাবে মুকলি কৰা প্ৰথমখন বিশ্ববিদ্যালয় হৈছে "উ'ড্ৰ উইলছন চেয়াৰ অব্ ইণ্টাৰনেচনেল পলিটিক্ছ" ।

৭. ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ তিনিটা কি কি ?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, বিশ্ব ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি ।

৮. বাস্তৱবাদী বিচাৰধাৰাৰ মুখ্য পৃষ্ঠপোষক কেইজনৰ নাম কি উল্লেখ কৰা ?

উত্তৰঃ বাস্তৱবাদী বিচাৰধাৰাৰ মুখ্য পৃষ্ঠপোষক কেইজনৰ নাম আছিল- ই.এইচ্ছ.কাৰ, জৰ্জ কেনন্, মৰগেনথ', ৰেইনহ'ল্ড নেইবুৰ্, কেনেথ থম্ছন্ আদি । 

৯. ৰাষ্ট্ৰসংঘৰ সৃষ্টিৰ সময়ত সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল ?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সৃষ্টিৰ সময়ত সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল ৫১ খন ।

১০. আদৰ্শবাদী বা কাল্পনিক উদাৰতাবাদ বুলিলে কি বুজা ?

উত্তৰঃ প্ৰথম বিশ্বযুদ্ধৰ পিছত আন্তৰ্জাতিক সম্পৰ্ক অধ্যয়নৰ যি নীতি-নিয়ম সৃষ্টি হৈছিল তাকে আদৰ্শবাদী বা কাল্পনিক উদাৰতাবাদ বুলি জনা যায় ।

১১. ফৰাছী বিপ্লৱ কিমান চনত সংঘটিত হৈছিল ?

উত্তৰঃ ১৭৮৯ চনত ফৰাছী বিপ্লৱ সংঘটিত হৈছিল ।

১২. মাৰ্ক্সবাদী ৰাজনৈতিক অৰ্থনীতিৰ প্ৰতিক্ৰিয়াস্বৰূপে আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক অৰ্থনীতিৰ ভিতৰত উদ্ভৱ হোৱা তত্ত্ব দুটা কি কি ?

উত্তৰঃ তত্ত্ব দুটা হৈছে- (১) মাৰচেনটিলিজিম্        (২) ইকনমিক লিবাৰেলিজিম্

১৩. আন্তৰ্জাতিক সম্পৰ্কৰ কিছুমান সংজ্ঞা দিয়া ।

উত্তৰঃ আন্তৰ্জাতিক সম্পৰ্কৰ সংজ্ঞা-

পাডেলফ'ৰ্ড আৰু লিংকনৰ মতেঃ-  আন্তৰ্জাতিক সম্পৰ্ক বুলি ক'লে ৰাষ্ট্ৰসমূহৰ মাজত গঢ়ি উঠা সম্পৰ্কক বুজায়। ক্ষমতা সম্বন্ধৰ পৰিৱৰ্তনীয় গণ্ডীৰ ভিতৰত ৰাষ্ট্ৰবোৰৰ মাজত এনে এক সম্পৰ্ক গঢ়ি উঠে ।

ফ্ৰাংকলৰ মতেঃ- আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নে বিভিন্ন ৰাষ্ট্ৰৰ বৈদেশিক সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় ইতিহাসৰ বিষয়ে অধ্যয়ন কৰে। লগতে আন্তঃৰাষ্ট্ৰীয় সমুদায়ৰ অধ্যয়ন কৰাৰ উপৰিও আন্তৰ্জাতিক অনুষ্ঠান আৰু ইয়াৰ প্ৰক্ৰিয়াক অধ্যয়ন কৰে ।

লাউচনৰ মতেঃ- আন্তৰ্জাতিক সম্পৰ্ক হ'ল বিভিন্ন ৰাষ্ট্ৰৰ মাজত গঢ়ি উঠা সম্পৰ্কৰ অধ্যয়নৰ বাদে আন একো নহয়।

পামাৰ আৰু পাৰকিনচৰ মতেঃ- আন্তৰ্জাতিক সম্পৰ্ক অকল আন্তঃৰাষ্ট্ৰীয় সমুদায়ৰ ৰাজনীতি নহয় যিবোৰ কূটনৈতিক সমন্ধক কেন্দ্ৰ কৰি গঢ়ি উঠে, আৰু ইয়ে বিশ্ব ৰাজনীতিৰ বিভিন্ন লোক আৰু গোষ্ঠীৰ মাজত গঢ়ি উঠা বৃহত্তৰ সম্পৰ্কক বুজায় ।

১৪. আন্তৰ্জতিক সম্পৰ্কৰ প্ৰকৃতি সম্পৰ্কীয় বিতৰ্ক প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ আন্তৰ্জতিক সম্পৰ্কৰ প্ৰকৃতি সম্পৰ্কীয় বিতৰ্ক প্ৰধানকৈ চাৰি প্ৰকাৰৰ। সেই প্ৰকাৰ কেইটা হ'ল-

(১) আদৰ্শবাদ বনাম বাস্তৱবাদ বা কাল্পনিক উদাৰতাবাদ ।

(২) পৰম্পৰাগত দৃষ্টিভংগী আৰু আচৰণবাদ ।

(৩) ধনাত্মকবাদ আৰু ধনাত্মকবাদোত্তৰবাদ ।

(৪) নৱ্য উদাৰতাবাদ আৰু নৱ্য মাৰ্ক্সবাদ ।

১৫. আন্তৰ্জতিক সম্পৰ্কৰ তত্ত্ব আৰু পদ্ধতিসমূহ উল্লেখ কৰা ।

উত্তৰঃ সাধাৰণতে  আন্তৰ্জতিক সম্পৰ্কৰ অধ্যয়নত প্ৰধানকৈ চাৰি প্ৰকাৰৰ তত্ত্ব পোৱা যায়। সেইকেইটা হ'ল-

(১) উদাৰতাবাদ ।

(২) বাস্তৱবাদ ।

(৩) আন্তৰ্জাতিক সমুদায়ৰ অধ্যয়নৰ দৃষ্টিভংগী ।

(৪) আন্তৰ্জাতিক ৰাজনৈতিক অৰ্থনীতিৰ আধাৰত গঢ়ি উঠা তত্ত্ব ।

১৬. আন্তৰ্জাতিক সম্পৰ্ক বুলিলে কি বুজা ?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় বিধি শাস্ত্ৰৰ আলোচনাৰ প্ৰসংগত ১৭৮০ চনত জেৰেমি বেনথামে আন্তৰ্জাতিক শব্দটো পোন প্ৰথমে ব্যৱহাৰ কৰিছিল। কাৰিকৰী আৰু বৈজ্ঞানিক দিশৰ উন্নতিৰ লগে লগে কুৰি শতিকাৰ যোগাযোগ ব্যৱস্থাই বিশ্বৰ ৰাষ্ট্ৰবোৰৰ মাজত ৰ্বতি থকা ভৌগোলিক, ভাবাদৰ্শত দূৰত্ব লাহে লাহে নাইকিয়া কৰি পেলাইছে। বিশ্বায়নে এনে বিশ্বখনক এখন গাঁওৰ দৰে সকলোকে একাকাৰ কৰি পেলাইছে আৰু অৰ্থনৈতিক আৰু বাণিজ্যিক নিৰ্ভৰশীলতাৰ  বাবে ৰাষ্ট্ৰবোৰ পাৰস্পৰিকভাৱে সম্পৰ্কিত হৈ পৰিছে। এনেবোৰ কাৰণতে ৰাষ্ট্ৰবোৰ পৰস্পৰ মিত্ৰ হৈও সংঘাতত জড়িত হৈ পৰে। এনেদৰে মিত্ৰ আৰু শক্ৰ ৰাষ্ট্ৰক কেন্দ্ৰ কৰি ৰাষ্ট্ৰবোৰৰ মাজত এক বৃহৎ সম্পৰ্ক গঢ়ি উঠিছে, তাকেই বহল অৰ্থত আন্তৰ্জাতিক সম্পৰ্ক বুলি কোৱা হয় ।

১৭. দ্বিতীয় মহাসমৰৰ পৰিসমাপ্তিৰ পিছত আন্তৰ্জাতিক সম্পৰ্কৰ অধ্যয়নৰ কোনটো স্তৰ আৰম্ভ হয়। আৰু এই অধ্যয়নে সামৰি লোৱা মূল উপাদান কেইটা কি কি ?

উত্তৰঃ দ্বিতীয় মহাসমৰৰ পৰিসমাপ্তিৰ পিছত আন্তৰ্জাতিক সম্পৰ্কৰ অধ্যয়নৰ চতুৰ্থ স্তৰ আৰম্ভ হয়। আন্তৰ্জাাতিক সম্পৰ্কৰ অধ্যয়নে সামৰি লোৱা মূল উপাদান কেইটা হ'ল-

(১) বৈদেশিক নীতিৰ প্ৰভাৱ পেলোৱা কাৰণ আৰু অৱস্থা।

(২) বৈদেশিক নীতিৰ কাৰ্যকৰী আৰু পৰিচালনা কৰা কৌশলবোৰ।

(৩) আন্তৰ্জাতিক সংঘাত নিৰাময় কৰা বা ব্যৱস্থাপনাৰ উপায়।

(৪) সামাজিক আৰু অৰ্থনৈতিক ন্যায়ৰ আধাৰত নতুন আন্তৰ্জাতিক ব্যৱস্থাৰ গঠন। 

১৮. আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতি ব্যাখ্যা কৰা।

উত্তৰঃ

১৯. আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলিলে কি বুজা ? আৰু পৰিসৰৰ আলোচনা কৰা।

উত্তৰঃ

২০. দ্বিতীয় মহাযুদ্ধৰ পাছৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতিৰ বহুটো পৰিৱৰ্তন হৈছিল। এই সম্পৰ্কৰ প্ৰকৃতি পৰিৱৰ্তন হোৱা কাৰণসমূহ উল্লেখ কৰা

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পাছৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতিৰ বহুটো পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনৰ কাৰণসমূহ হ'ল-

(১) দ্বিতীয় মহাসমৰৰ পিছৰ পৰা প্ৰধানকৈ যোৱা ষষ্ঠ আৰু সপ্তম দশকত ইউৰোপৰ বিভিন্ন দেশৰ অধীনত থকা দেশসমূহত স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল। ফলত এচিয়া-আফ্ৰিকাৰ বহুটো দেশে স্বাধীনতা লাভ কৰে। ৰাষ্ট্ৰসংঘৰ সৃষ্টিৰ সময়ত ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল ৫১ খন। বৰ্তমান সময়ত ইয়াৰ সদস্যসংখ্যা হয় ১৯২। এনেদৰে ৰাষ্ট্ৰৰ সংখ্যা বাহি অহাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বৰ্তমান কেইখনমান ৰাষ্ট্ৰৰ ৰাজনীতি হৈ থকা নাই।

(২) দ্বিতীয় মহাসমৰৰ পিছত ইউৰোপীয় দেশৰ অধীনত থকা দেশসমূহে স্বাধীনতা লাভ কৰাৰ ফলত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰো বহু পৰিৱৰ্তন হৈছে। ইউৰোপীয় ৰাজনীতিৰ পৰিৱতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক প্ৰকৃতাৰ্থত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত পৰিণত হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক লাহে লাহে জটিল হৈ আহিছে। নতুনকৈ স্বাধীনতা লাভ কৰা এই দেশসমূহৰ জাতীয়তাবাদী ধাৰণা, জাতিগত সংঘৰ্ষ, অৰ্থনৈতিক দুৰৱস্থা, জনসংখ্যা বিস্ফোৰণ, প্ৰশাসনীয় অভিজ্ঞতা আদিয়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ত কিছুমান সমস্যাৰ সৃষ্টি কৰিছে।

(৩) দ্বিতীয় মহাসমৰৰ পূৰ্বে ইউৰোপৰ ৰাষ্ট্ৰ কিছুমানক অনুকৰণ কৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বৰ্তি আছিল। এই মহাসমৰত ইউৰোপৰ বাহিৰেও আন মহাদেশৰ দেশ কিছুমানো জড়িত হৈ পৰিছিল। কিন্তু দ্বিতীয় মহাসমৰৰ পিছত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰভাৱ ইউৰোপৰ পৰিৱৰ্তে এচিয়া-আফ্ৰিকাৰ দেশসমূহলৈ বিস্তাৰিত হৈছে। দুয়োটা বৃহৎ শক্তিগোষ্ঠীৰ উপৰিও গোষ্ঠীনিৰপেক্ষ সংঘাতৰ সৃষ্টিয়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বহুতো পৰিৱৰ্তন কৰিছে ইত্যাদি।


Type by- Junmoni Das.