কাৰ্য- কাৰণ বিধি 

১) কি শাস্ত্ৰৰ মতে প্ৰকৃতিত কাৰণৰ অবিহনে কোনো কাৰ্য সংঘটিত হ'ব নোৱাৰে।

ক) ন্যায়শাস্ত্ৰ

খ) অৰ্থশাস্ত্ৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ন্যায়শাস্ত্ৰ

২) কাৰণৰ লক্ষণ কেইটা?

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

৩) কাৰণ আৰু কাৰ্যৰ মাজত সম্বন্ধ কি?

ক) সহ-অৱস্থিতিৰ সম্বন্ধ

খ) অনুক্ৰমিতা বা পৌৰ্বাপৰ্যৰ সম্বন্ধ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) অনুক্ৰমিতা বা পৌৰ্বাপৰ্যৰ সম্বন্ধ

৪) কাৰণ হ'ল ঘটনাৰ কি?

ক) সমষ্টি

খ) উৎস

গ) উপকাৰণ

উত্তৰঃ ক) সমষ্টি

৫) কাৰণৰ অপৰিহাৰ্য অংশক কি বোলে?

ক) উপকাৰণ

খ) লক্ষণ

গ) সমষ্টি

উত্তৰঃ ক) উপকাৰণ

৬) উপকাৰণ কেই প্ৰকাৰৰ?

ক) এক প্ৰকাৰৰ

খ) দুই প্ৰকাৰৰ

গ) তিনি প্ৰকাৰৰ

উত্তৰঃ খ) দুই প্ৰকাৰৰ

৭) এৰিষ্টট'লৰ মতে কাৰণ কেই প্ৰকাৰৰ

ক) দুই প্ৰকাৰৰ

খ) তিনি প্ৰকাৰৰ

গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ গ) চাৰি প্ৰকাৰৰ

৮) কাৰ্য সংমিশ্ৰণৰ ভাগ কেইটা ?

ক) এক প্ৰকাৰৰ

খ) দুই প্ৰকাৰৰ

গ) তিনি প্ৰকাৰৰ

উত্তৰঃ খ) দুই প্ৰকাৰৰ

৯) প্ৰকৃতিৰ একৰূপতা বিধিটোক কেইটা ভাগত ভাগ কৰা হৈছে ?

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ গ) তিনিটা

১০)কাৰ্য এটা উৎপন্ন কৰিবলৈ যি শ্ৰম বা শক্তিৰ প্ৰয়োজন হয় তাক কি বোলে?

ক) উপাদান কাৰণ

খ) নিমিত্ত কাৰণ

গ) আকাৰগত কাৰণ

উত্তৰঃ খ) নিমিত্ত কাৰণ