LIFE PROCESSES IN PLANTS Chapter 11
উদ্ভিদৰ জীৱন প্রক্রিয়া একাদশ অধ্যায়
EXERCISE (অনুশীলনী)
Q. 1. Darken the circle of correct answer: শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) Which part of the plant takes in carbon dioxide from the air for photosynthesis? (সালোক সংশ্লেষণৰ সময়ত উদ্ভিদৰ কোন অংশই বায়ুৰ পৰা কাৰ্বন ডাইঅক্সাইড লয়?)
(a) Root hair (মূলৰোম) (b) Leaf veins (পাতৰ সিৰা)
(c) Stomata (পত্ৰৰন্ধ) (d) Sepals (বৃতি)
Ans. (c)
(ii) The green colour of leaves of plants is due to (পাতসমূহ সেউজীয়া হোৱাৰ কাৰণ কি?)
(a) Chlorophyll (পত্ৰহৰিৎ) (b) Xylem (জাইলেম)
(c) Phloem (ফ্ল'ৱেম) (d) Stomata (পত্ৰৰন্ধ্ৰ)
Ans. (a)
(iii) How many guard cells are present around the stoma?
(পত্ৰৰন্ধৰ চাৰিওকাষে কেইটা ৰক্ষীকোষ থাকে?)
(a) 4 (b) 3 (c) 2 (d) 5
Ans. (c)
(iv) Raw materials used by plants during photosynthesis include-
(সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে কি কি ব্যৱহাৰ কৰে?)
(a) Nitrogen and oxygen (নাইট্ৰ'জেন আৰু অক্সিজেন)
(b) Carbon dioxide and water (কার্বন ডাইঅক্সাইড আৰু পানী)
(c) Oxygen, hydrogen and carbon dioxide (অক্সিজেন, হাইড্র 'জেন, কার্বন ডাইঅক্সাইড)
(d) Water and minerals (পানী আৰু খনিজ লৱণ)
Ans. (b)
Q. 2. Fill up the blanks (খালী ঠাই পূৰ কৰা।)
(a) Plants use energy from the ____ to make ____.
(উদ্ভিদে _____ ৰ পৰা শক্তি আহৰণ কৰি _____ প্রস্তুত কৰে।)
Ans. sun, food (সূর্য, খাদ্য)
(b) During photosynthesis, plants take in _____ and release ______.
(সালোক সংশ্লেষণত উদ্ভিদে _____ গ্ৰহণ কৰে আৰু ____ উলিয়াই দিয়ে।
Ans. carbon dioxide, oxygen (কার্বন ডাইঅক্সাইড, অক্সিজেন)
Q. 3. State whether the following statements are true or false?
(তলত দিয়া বিৱৰণসমূহ সঁচানে মিছা লিখা-)
(a) The product of photosynthesis is not a protein. (সালোক সংশ্লেষণত প্র'টিন উৎপাদন নহয়।)
Ans. True (সঁচা)
(b) A plant having red leaves cannot perform photosynthesis. (ৰঙা ৰঙৰ পাত থকা উদ্ভিদত সালোক সংশ্লেষণ নহয়।)
Ans. False (মিছা)
Q. 4. Two statements are given below; one is Assertion and other is Reason. (তলত দুটা বাক্য দিয়া হৈছে তাৰে এটা উক্তি আৰু আনটো কাৰণ)
Assertion : The green pigment present in the leaves of plant is called
chlorophyll
উক্তি: উদ্ভিদৰ পাতত থকা সেউজীয়া বঞ্জক পদাৰ্থক পত্ৰহৰিৎ বুলি কোৱা হয়।)
( Reason: This green pigment is responsible for the green colour of most of the plants. (যুক্তিঃ পত্ৰহৰিতৰ বাবে উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হয়।)
Choose the appropriate answer from the following options: (তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা-)
(a) Both Assertion and Reason are true and Reason is the correct explanation of A. (উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ আৰু যুক্তি, উক্তিৰ শুদ্ধ ব্যাখ্যা।)
(b) Both Assertion and Reason are true but Reason is not the correct explanation of A. (উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ কিন্তু যুক্তি, উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়।)
(c) Assertion is true but Reason is false. (উক্তি শুদ্ধ কিন্তু যুক্তি শুদ্ধ নহয়।)
(d) Assertion is false but Reason is true. (উক্তি অশুদ্ধ কিন্তু যুক্তি শুদ্ধ।)
Ans. (a)
Q. 4. Match the followings:
(স্তন্ত 1-ৰ শব্দবোৰৰ সৈতে স্তম্ভ II-ৰ শব্দবোৰৰ সম্পৰ্ক স্থাপন কৰা-)
Ans. (i) - (b), (ii) - (c), (iii) - (d), (iv) - (a)
Q. 6. Answer the following questions briefly. (তলৰ প্ৰশ্ন চমু উত্তৰ লিখা -)
(a) Name the sugar produced during photosynthesis. (সালোক সংশ্লেষণত উৎপন্ন হোৱা কাৰ্ব'হাইড্রেটটোৰ নাম লিখা?)
Ans. Glucose (গ্লুক'জ)।
Additional Questions & Answers
অতিৰিক্ত প্রশ্নোত্তৰ
Q. 1. Choose the correct option. (শুদ্ধ বিকল্পটো বাছি উলিওৱা-)
(তলৰ কোনটোক উদ্ভিদৰ 'খাদ্যৰ কাৰখানা' আখ্যা দিয়া হয়-)
(i) Which of the following is referred to as 'food factory' of plants?
(a) Stem (কাণ্ড) (b) Fruit ফল (c) Root (শিপা) (d) Leaf. (পাত)
Ans. (d)
(ii) Photosynthesis in cactus is carried out by its -(সাগৰফেনাত সালোক সংশ্লেষণ সংঘটিত হয় ইয়াৰ ........ৰ দ্বাৰা।)
(a) leaves (পাত) (b) stems (কাণ্ড) (c) spines (কাঁইট) (d) root (শিপা)
Ans. (b)
(iii) The process by which plants produce energy by breaking down
(গ্লুক'জৰ অণু ভাঙি উদ্ভিদে শক্তি উৎপন্ন কৰা প্রক্রিয়াটোক বোলা হয়-) glucose is known as -
(a) Nutrition (পৰিপুষ্টি) (b) Excretion (ৰেচন)
(c) Respiration (শ্বসন) (d) Transportation (পৰিবহণ)
Ans. (c)
(iv) The essential conditions(s) for production of food in plants are -(উদ্ভিদত খাদ্য প্ৰস্তুতকৰণৰ বাবে অত্যাৱশ্যকীয় চৰ্ত (চৰ্তবোৰ) হ'ল-)
(a) Carbon dioxide and water (কার্বন ডাইঅক্সাইড আৰু পানী)
(b) Chlorophyll (পত্ৰহৰিৎ)
(c) Sunlight (সূৰ্যৰ পোহৰ)
(d) All of the above (ওপৰৰ আটাইবোৰ)
Ans. (d)
(v) Which of the following are produced during respiration?
(শ্বসনৰ সময়ত তলৰ কোনবোৰ উৎপন্ন হয়?)
(a) Glucose and oxygen (গ্লুক'জ আৰু অক্সিজেন)
(b) Carbon dioxide and glucose (কার্বন ডাইঅক্সাইড আৰু গ্লুক'জ)
(c) Carbon dioxide, water and energy (কার্বন ডাইঅক্সাইড, পানী আৰু শক্তি)
(d) Oxygen, water and energy (অক্সিজেন, পানী আৰু শক্তি)
Ans. (c)
Q. 2. Name two essential factors required for growth of plants. (উদ্ভিদৰ বৃদ্ধিৰ বাবে অত্যাৱশ্যকীয় দুটা কাৰকৰ নাম লিখা।)
Ans. Sunlight, water (সূৰ্যৰ পোহৰ, পানী)
Q. 3. In which form is the food preperaed by plants stored in the plant body? (উদ্ভিদে প্ৰস্তুত কৰা খাদ্য উদ্ভিদদেহত কি হিচাপে সঞ্চিত হয়?)
Ans. The food prepered by plants is stored in the plant body in the form of starch. (উদ্ভিদে প্রস্তুত কৰা খাদ্য উদ্ভিদদেহত শ্বেতসাৰ হিচাপে সঞ্চিত হয়।)
Q. 4. What do you mean by stomata? (পত্ৰৰন্ধ কাক বোলে?)
Ans. The tiny pores present on the surface of a leaf are called stomata. (উদ্ভিদৰ পাতৰ পৃষ্ঠত থকা ক্ষুদ্র ক্ষুদ্র ছিদ্ৰবোৰক পত্ৰৰন্ধ্ৰ বোলে।)
Q. 5. What are guard.cells? (ৰক্ষী কোষ কি?)
Ans. The two kidney-shaped cells that enclose a stomata are called guard cells. (পত্ৰৰন্ধ্ৰক আগুৰি থকা বৃক্ক আকৃতিৰ কোষ দুটাক ৰক্ষী কোষ বোলে।)
Q. 6. What is the role of guard cells in the leaves of plants? (উদ্ভিদৰ পাতত ৰক্ষী কোষৰ ভূমিকা কি?)
Ans. The guard cells regulate opening and closing of stomata. (ৰক্ষী কোষবোৰে পত্ৰৰন্ধ মেল খোৱা আৰু বন্ধ হোৱা কাৰ্য নিয়ন্ত্ৰণ কৰে।)
Q. 7. Name the essential components for photosynthesis. (সালোক সংশ্লেষণৰ বাবে অত্যাৱশ্যকীয় উপাদানবোৰৰ নাম লিখা।)
Ans. Essential components for photosynthesis are sunlight, water, chlorophyll and carbon dioxide. (সালোক সংশ্লেষণৰ বাবে অত্যাৱশ্যকীয় উপাদানবোৰ হ'ল সূৰ্যৰ পোহৰ, পানী, পত্ৰহৰিৎ আৰু কাৰ্বন ডাইঅক্সাইড।)
Q. 8. What do you mean by photosynthesis? (সালোক সংশ্লেষণ কাক বোলে?)
Ans. The process by which green plants prepare their own food from carbon dioxide and water by using sunlight energy in presence of chlorophyll is called photosynthesis.
(সূৰ্যৰ পোহৰ শক্তি ব্যৱহাৰ কৰি সেউজীয়া উদ্ভিদে কার্বন ডাই অক্সাইড আৰু পানীৰ পৰা পত্ৰহৰিতৰ উপস্থিতিত নিজৰ খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলে।)
Q. 9. How do leaves exchange gases during photosynthesis? (সালোক সংশ্লেষণৰ সময়ত উদ্ভিদৰ পাতে কিদৰে গেছৰ বিনিময় কৰে?)
Ans. Leaves exchange gases during photosynthesis through the tiny pores present on their surfaces called stomata. (সালোক সংশ্লেষণৰ সময়ত উদ্ভিদৰ পাতে ইয়াৰ পৃষ্ঠত থকা পত্ৰৰন্ধ্ৰ নামৰ ক্ষুদ্র ক্ষুদ্র ছিদ্রবোৰেৰে গেছৰ বিনিময় কৰে।)
Q. 10. Name the structure that transports water and minerals in plant body. (উদ্ভিদদেহত পানী আৰু খনিজ লৱণ পৰিবহণ কৰা গঠনটোৰ নাম লিখা।)
Ans. Xylem. (জাইলেম)
Q. 11. Name the structure that transports food prepared in leaves to all the parts of a plant. (উদ্ভিদৰ পাতত প্রস্তুত হোৱা খাদ্য উদ্ভিদৰ সকলো অংশলৈ পৰিবহণ কৰা গঠনটোৰ নাম লিখা।)
Ans. Phloem. (ফ্ল'রেম)