পৃথিৱীৰ পৰিৱেশ

(১) পৰিৱেশৰ উপাদান সমূহক কেইটা ভাগত ভগাব পাৰি ?

(ক) ৪টা

(খ) ২টা

(গ) ৩টা

উত্তৰ- (খ) ২টা ।

(২) বিষুৱৰেখাৰ কাষৰীয় অঞ্চলটোক কি অঞ্চল বুলি কোৱা হয় ?

(ক) নিৰক্ষীয় অঞ্চল

(খ) বিষুবীয় অঞ্চল

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।

(৩) উত্তাপ আৰু অতিমাত্ৰা বৰষুণৰ বাবে সৃষ্টি হোৱা অৰণ্য অঞ্চলক কি বুলি কোৱা হয় ?

(ক) বাৰ্ষাৰণ্য

(খ) মৰুভূমি

(গ) মৰুদ্যান

উত্তৰ- (ক) বাৰ্ষাৰণ্য ।

(৪) বৰষুণৰ অভাৱত সৃষ্টি হোৱা শুকান বালিময় গছ-গছনি নথকা অঞ্চলক কি বোলে ?

(ক) মৰুদ্যান

(খ) মৰুভূমি

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (খ) মৰুভূমি ।

(৫) পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহত্তম মৰুভূমি খনৰ নাম কি ?

(ক) থৰ

(খ) টাকলামাকান

(গ) চাহাৰা

উত্তৰ- (গ) চাহাৰা ।

(৬) মৰুভূমিৰ মাজত কিছু পানী আৰু গছ-গছনি থকা অঞ্চলক কি বোলে ?

(ক) মৰুদ্যান

(খ) মৰুভূমি

(গ) বৰ্ষাৰণ্য

উত্তৰ- (ক) মৰুদ্যান ।

(৭) এস্কিম সকলৰ বাসস্থান কত ?

(ক) উত্তৰ কানাদা

(খ) আলাস্কা

(গ) আফ্ৰিকা

উত্তৰ- (ক) উত্তৰ কানাদা , (খ) আলাস্কা ।

(৮) এস্কিম সকলৰ ঘৰবোৰ কিহেৰে সজোৱা ?

(ক) কাঠেৰে

(খ) বাহেৰে

(গ) বৰফেৰে

উত্তৰ- (গ) বৰফেৰে ।

(৯) ছামুয়দ, লেপ, য়াকুট আদি লোক সকল কোন অঞ্চলত বসবাস কৰে ?

(ক) নাতিশীতুষ্ণ অঞ্চলত

(খ) তুন্দ্ৰা অঞ্চলত

(গ) বিষুবীয় অঞ্চলত

উত্তৰ- (খ) তুন্দ্ৰা অঞ্চলত ।

(১০) তুন্দ্ৰা অঞ্চলত বসবাস কৰা লোক সকলৰ জীৱিকা কি ?

(ক) পশুপালন

(খ) মীন পালন

(গ) চিকাৰজীৱী

উত্তৰ- (গ) চিকাৰজীৱী ।

(১১) সাপে ________খায় ।

(ক) ভেকুলী

(খ) কীট-পতংগ

(গ) ঘাঁহ

উত্তৰ- (ক) ভেকুলী ।

(১২) কি অঞ্চলত মিশ্ৰ পৰিবেশ দেখা যায় ?

(ক) বিষুৱীয় অঞ্চলত

(খ) উত্তৰ আৰু দক্ষিণ অঞ্চলত

(গ) মেৰু অঞ্চলত

উত্তৰ- (খ) উত্তৰ আৰু দক্ষিণ অঞ্চলত ।

(১৩) চীন, ভাৰত আদি ঠাইৰ জলবায়ু কেনেকুৱা ?

(ক) অতি গৰম

(খ) বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয়

(গ) ইমানেই ঠাণ্ডা যে পানী গোট মাৰি বৰফ হৈ থাকে

উত্তৰ- (খ) বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় ।

(১৪) সূৰ্যৰ পোহৰ আৰু তাপ _______অঞ্চলত বেছি পোনপটীয়া আৰু প্ৰখৰ বাবে ইয়াত গৰম বেছি ?

(ক) মেৰু

(খ) বৰ্ষাৰণ্য

(গ) বিষুৱীয়

উত্তৰ- (গ) বিষুৱীয় ।

(১৫) উত্তাপ আৰু অতিপাত বৰষুণৰ কাৰণে বিষুৱীয় অঞ্চলত কি দেখা যায় ?

(ক) শুকান বালি

(খ) গেজেপনি মৰা অৰণ্য

(গ) বগৰি গছ

উত্তৰ- (খ) গেজেপনি মৰা অৰণ্য ।

(১৬) এস্কিম’সকলে সজা বৰফৰ ঘৰক কি বোলে?

(ক) ঈগ্লু

(খ) মাটিৰ ঘৰ

(গ) আধুনিক

উত্তৰ- (ক) ঈগ্লু ।

(১৭) বগা ভালুক কি অঞ্চলৰ প্ৰাণী ?

(ক) মৰুভূমি অঞ্চলৰ

(খ) বৰ্ষাৰণ্য অঞ্চলৰ

(গ) মেৰু অঞ্চলৰ

উত্তৰ- (গ) মেৰু অঞ্চলৰ ।

(১৮) শেলুৱৈ আৰু তৃণজাতীয় সৰু সৰু উদ্ভিদবোৰ মেৰু অঞ্চলত কি কালত দেখা যায় ?

(ক) গ্ৰীষ্মকালত

(খ) শীতকালত

(গ) এটাও নহয়

উত্তৰ- (ক) গ্ৰীষ্মকালত ।

(১৯) উদ্ভিদে সালোক সংশ্লেষণৰ পিছত কি গেছ এৰি দিয়ে?

(ক) কাৰ্বন-ডাই-অক্সাইড

(খ) নাইট্ৰজেন

(গ) অক্সিজেন

উত্তৰ- (গ) অক্সিজেন ।

(২০) বিষুবীয় বা নিৰক্ষীয় অঞ্চল বুলিলে কোনটো অঞ্চলক বুজায়?

(ক) বিষুৱৰেখাৰ দাঁতিকাষৰীয়া অঞ্চলটোক

(খ) অক্ষৰেখাৰ দাঁতিকাষৰীয়া অঞ্চলটোক

(গ) দ্ৰাঘিমাৰেখাৰ দাঁতিকাষৰীয়া অঞ্চলটোক

উত্তৰ- (ক) বিষুৱৰেখাৰ দাঁতিকাষৰীয়া অঞ্চলটোক ।

Type - Boby Bora