অ’ আমাৰ গাওঁ

(১) অসমৰ মাজেৰে বৈ যোৱা আটাইতকৈ ডাঙৰ নদী দুখনৰ নাম কি ?

(ক) ব্ৰহ্মপুত্ৰ

(খ) বৰাক

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

(২) প্ৰাকৃতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ গাওঁসমূহক কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক) ৪টা

(খ) ৩টা

(গ) ২টা

উত্তৰ- (গ) ২টা ।

(৩) অসমৰ  পাহাৰীয়া জিলা দুখনৰ নাম কি ?

(ক) ডিফু আৰু শোণিতপুৰ

(খ) কাৰ্বি আংলং আৰু ডিমা-হাছাও

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কাৰ্বি আংলং আৰু ডিমা-হাছাও ।

(৪) ‘ভৈয়াম’ শব্দটোৰ অৰ্থ কি ?

(ক) পাহাৰীয়া অঞ্চল

(খ) সমান মাটিৰ অঞ্চল

(গ) ওখোৰা মোখোৰা আঞ্চল

উত্তৰ- (খ) সমান মাটিৰ অঞ্চল ।

(৫) গাওঁবোৰত বছৰৰ কোনকেইটা মাহত বৰষুন বেছি হৈ ?

(ক) জুন মাহৰ পৰা আগষ্ট-ছেপ্টম্বৰলৈ

(খ) ছেপ্টম্বৰ পৰা নবেম্বৰ-ডিচেম্বৰ লৈ

(গ) ডিচেম্বৰ পৰা ফেব্ৰৱাৰী-মাৰ্চ মাহলৈ

উত্তৰ- (ক) জুন মাহৰ পৰা আগষ্ট-ছেপ্টম্বৰলৈ ।

(৬) গাওঁ অঞ্চলৰ লোক সকলৰ প্ৰধান জীৱিকা কি ?

(ক) পশুপালন

(খ) কৃষি

(গ) মাছ ধৰা

উত্তৰ- (খ) কৃষি ।

(৭) মিচিং সকলে কি উৎসৱ পালন কৰে ?

(ক) আলি-আই-লৃগাং

(খ) খেৰাই পূজা

(গ) চমাংকান

উত্তৰ- (ক) আলি-আই-লৃগাং ।

(৮) জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো মানুহে পালন কৰা উৎসৱটো কি ?

(ক) দূৰ্গা পূজা

(খ) কাতি বিহু

(গ) ৰঙালী বিহু

উত্তৰ- (গ) ৰঙালী বিহু ।

(৯) ভৈয়ামৰ গাওঁবোৰ কেনেধৰনৰ ঠাইত অৱস্থিত ?

(ক) পাহাৰীয়া অঞ্চলত

(খ) সৰু-বৰ নদীৰ ওচৰে পাজৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সৰু-বৰ নদীৰ ওচৰে পাজৰে ।

(১০) বড়ো সকলে কি উৎসৱ পালন কৰে ?

(ক) আলি-আই-লৃগাং

(খ) কৰম পূজা

(গ) বৈসাগু, বাথৌ

উত্তৰ- (গ) বৈসাগু, বাথৌ ।

(১১) ‘ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন গাঁৱতহে পোৱা যায়’। 一কথাষাৰৰ বক্তাজন কোন ?

(ক) মহাত্মা গান্ধী

(খ) ৰবীন্দ্ৰনাথ ঠাকুৰ

(গ) মণিৰাম দেৱান

উত্তৰ- (ক) মহাত্মা গান্ধী ।

(১২) ভৈয়াম মানে হ’ল অসমান মাটিৰ অঞ্চল।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটৰ সংমিশ্ৰণ

উত্তৰ- (খ) অশুদ্ধ ।

(১৩) অসমৰ ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ লোকসকলৰ জীৱিকাৰ প্ৰধান উপায় কি ?

(ক) কৃষি

(খ) চৰকাৰী চাকৰি

(গ) ব্যৱসায়

উত্তৰ- (ক) কৃষি ।

(১৪) গাঁৱৰ আকাৰ-আকৃতি, মানুহৰ জীৱন-ধাৰণ প্ৰণালী আদি কথাবোৰ কি প্ৰধান কথাৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) চহৰ প্ৰধান কথাৰ ওপৰত

(খ) গাওঁ প্ৰধান কথাৰ ওপৰত

(গ) প্ৰাকৃতিক অৱস্থাৰ ওপৰত

উত্তৰ- (গ) প্ৰাকৃতিক অৱস্থাৰ ওপৰত ।

(১৫) গাওঁ অঞ্চলত হাবি-বননিৰ পৰিমাণ                    ।

(ক) বেছি

(খ) মধ্যমীয়া

(গ) কম

উত্তৰ- (ক) বেছি ।

(১৬) তলৰ ছবিখনত কিহৰ দৃশ্য প্ৰতিফলিত হৈছে ?

Captionless Image

(ক) দোকান-পোহাৰৰ

(খ) খেতিপথাৰৰ দৃশ্য

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) খেতিপথাৰৰ দৃশ্য

(১৭) গাওঁবোৰৰ বাট-পথবোৰ ঘাইকৈ কিহেৰে নিৰ্মিত ?

(ক) কেঁচা-মাটিৰে

(খ) ইটা বালিৰে

(গ) শিল আৰু চিমেণ্টেৰে

উত্তৰ- (ক) কেঁচা-মাটিৰে ।

(১৮) কাৰ্বি লোকসকলে কি উৎসৱ পালন কৰে ?

(ক) বৈসাগু

(খ) আলি-আই-লৃগাং

(গ) চমাংকান

উত্তৰ- (গ) চমাংকান ।

(১৯) চাহ জনগোষ্ঠী লোকসকলৰ ঘাই উৎসৱ কি ?

(ক) আলি-আই-লৃগাং

(খ) কৰম পূজা

(গ) চমাংকান

উত্তৰ- (খ) কৰম পূজা ।

(২০) জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো মানুহে পালন কৰা উৎসৱটো কি ?

(ক) ৰঙালী বিহু

(খ) কৰম পূজা

(গ) ঈদ্-উল্-ফিতৰ

উত্তৰ- (ক) ৰঙালী বিহু ।

Type - Boby Bora