ভূগোলৰ অৰ্থ আৰু ইয়াৰ পৰিসৰ

(১) ‘ভূ’ মানে কি ?

(ক) পৃথিৱী

(খ) গোলাকাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পৃথিৱী ।

(২) মানুহৰ জ্ঞান-বুদ্ধি যিমানেই বাঢ়িছে সিমানেই ভূগোল বিষয়ৰ অধ্যয়নৰ                     বহল হৈছে ।

(ক) সীমা

(খ) পৰিমাণ

(গ) পৰিসৰ

উত্তৰ- (গ) পৰিসৰ ।

(৩) ভূগোলক কেইটা ভাগত ভগাব পাৰি ?

(ক) ৪টা

(খ) ২টা

(গ) ৩টা

উত্তৰ- (খ) ২টা ।

(৪) ভূগোলৰ প্ৰধান ভাগ কেইটা কি কি ?

(ক) প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল

(খ) অৰ্থনৈতিক ভূগোল আৰু ৰাজনৈতিক ভূগোল

(গ) উদ্ভিদ ভূগোল আৰু জীৱ ভূগোল

উত্তৰ- (ক) প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল ।

(৫) ‘ভূগোল’ মানে কি ?

(ক) পৃথিৱী

(খ) গোলাকাৰ

(গ) গোলাকাৰ পৃথিৱী

উত্তৰ- (গ) গোলাকাৰ পৃথিৱী ।

(৬) ‘গোল’ মানে কি ?

(ক) গোলাকাৰ

(খ) পৃথিৱী

(গ) এটাও নহয়

উত্তৰ- (ক) গোলাকাৰ ।

(৭) মানুহ আৰু অন্য জীৱৰ সৃষ্টিৰ আগতে পৃথিৱীৰ বুকুত কিহৰ গঠন হৈছিল ?

(ক) পৰ্বত-পাহাৰ

(খ) নদ-নদী

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

(৮) গোলাকাৰ পৃথিৱীখনৰ বিষয়ে খৰচি মাৰি বিজ্ঞানসন্মতভাৱে আলোচনা কৰা বিষয়টোক কি বুলি কোৱা হয় ?

(ক) পৰিসৰ

(খ) ভূগোল

(গ) প্ৰত্নতত্ত্ব

উত্তৰ- (খ) ভূগোল ।

(৯) পৰিৱেশৰ লগত________ আৰু  _______ আদিৰ সম্পৰ্ক অতি গভীৰ ।

(ক) খোৱা-বোৱা, সাজ-পোছাক আৰু থকা ঘৰ

(খ) মানুহ, জীৱ-জন্তু আৰু থকা ঘৰ

(গ) এটাও নহয়

উত্তৰ- (ক) খোৱা-বোৱা, সাজ-পোছাক আৰু থকা ঘৰ ।

(১০) কিহৰ সহায়ত গ্ৰহ-নক্ষত্ৰ আদিবোৰৰ ফটো পোৱা যায় ?

(ক) ৰকেটৰ সহায়ত

(খ) মানৱ ভূগোলৰ সহায়ত

(গ) কৃত্ৰিম উপগ্ৰহৰ সহায়ত

উত্তৰ- (গ) কৃত্ৰিম উপগ্ৰহৰ সহায়ত ।

(১১) পৃথিৱীখনত থকা সকলো বস্তুকে কি কি ভাগত ভাগ কৰিব পাৰি ?

(ক) জীৱ আৰু জড়

(খ) প্ৰাকৃতিক আৰু মানৱ

(গ) ৰাজনীতি আৰু সমাজনীতি

উত্তৰ- (ক) জীৱ আৰু জড় ।

(১২) পৃথিৱীৰ ভিতৰত জীৱ শ্ৰেষ্ঠ প্ৰাণী কি ?

(ক) কুকুৰ

(খ) মানুহ

(গ) গৰু

উত্তৰ- (খ) মানুহ ।

(১৩) প্ৰাকৃতিক ভূগোলত কিহৰ বিষয়ে আলোচনা কৰা হয় ?

(ক) পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়ৱৰ বিষয়ে

(খ) মানুহৰ সামাজিক, ৰাজনৈতিক আদিৰ বিষয়ে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়ৱৰ বিষয়ে ।

(১৪) _______ আৰু _________ পৰস্পৰে পৰস্পৰৰ ওপৰত প্ৰভাৱ পেলায় ।

(ক) প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশে

(খ) সামাজিক আৰু ৰাজনৈতিক পৰিৱেশে

(গ) জীৱজগত আৰু জড়জগতে

উত্তৰ- (গ) জীৱজগত আৰু জড়জগতে ।

(১৫) পৃথিৱীৰ বিভিন্ন অঞ্চলত__________ বিভিন্ন হয় ।

(ক) নদ-নদীৰ আকৃতি

(খ) পৰিৱেশ

(গ) এটাও নহয়

উত্তৰ- (খ) পৰিৱেশ ।

(১৬)  আগতে চন্দ্ৰৰ গাত থকা ক’লা দাগবোৰক মানুহে কি বুলি ভাবিছিল ?

(ক) তুলসী গছ

(খ) পৰ্বত-পাহাৰ

(গ) সৰু সৰু ঘাঁহ-বন

উত্তৰ- (ক) তুলসী গছ ।

(১৭) পৰিৱেশৰ লগত জীৱ-জন্তু আৰু উদ্ভিদৰো সম্পৰ্ক আছে বাবেই সকলো ঠাইৰে                আৰু _______ একে নহয় ।

(ক) পৰিৱেশ আৰু জলবায়ু

(খ) জীৱ আৰু উদ্ভিদ

(গ) প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশ

উত্তৰ- (খ) জীৱ আৰু উদ্ভিদ ।

(১৮) পৃথিৱীত কোন জীৱৰ সৃষ্টি সদৌ শেষত হৈছিল ?

(ক) জীৱ-জন্তু

(খ) চৰাই-চিৰিকতি

(গ) মানুহ

উত্তৰ- (গ) মানুহ ।

(১৯) মানৱ ভূগোলত কিহৰ বিষয়ে অধ্যয়ন কৰা হয় ? 

(ক) কৃত্ৰিম উপগ্ৰহৰ সহায়ত ফটো তোলা হয়

(খ) মানুহৰ কাৰ্যকলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশত হোৱা নানান পৰিৱৰ্তন

(গ) পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়ৱৰ বিষয়ে

উত্তৰ- (খ) মানুহৰ কাৰ্যকলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশত হোৱা নানান পৰিৱৰ্তন ।

(২০) কি ব্যৱহাৰৰ বাবে মানুহ জীৱ শ্ৰেষ্ঠ বুলি পৰিগণিত হ’ল ?

(ক) মগজুৰ

(খ) নিজৰ দেহ

(গ) এটাও নহয়

উত্তৰ- (ক) মগজুৰ ।

Type - Boby Bora