লঘোন

Chapter 4

১। 'লঘোন' পদ্য়টো ৰচনা কৰা কবিজনৰ নাম কি ?

(ক) নৱকান্ত বৰুৱা

(খ) আনন্দচন্দ্ৰ বৰুৱা

(গ) অম্বিকাগিৰি ৰায় চৌধৰী

উত্তৰঃ নৱকান্ত বৰুৱা


২। 'লঘোন' শব্দটোৰ অৰ্থ কি ? 

(ক) সকলো বস্তু খোৱা

(খ) একো নোখোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ একো নোখোৱা


৩। পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি মনলৈ আহে ?

(ক) ক্ষীণ মানুহ

(খ) শকত মানুহ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ শকত মানুহ


৪। ভোকত আতুৰ হোৱা লোকক কি বুলি কয় ?

(ক) খকুৱা

(খ) বহুত খাদ্য় খোৱা

(গ) ভুকাতুৰ

উত্তৰঃ ভুকাতুৰ


৫। বেছিকৈ ভাত খোৱা লোকক কি বুলি কয় ?

(ক) খঁকুৱা

(খ) ভুকাতুৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খঁকুৱা


৬। ৰৌ মাছ ভজা আছে তাৰে  তেওঁ ৰৌ মাছ কিমান চকল বিচাৰিছে ?

(ক) ৪ চকল

(খ) ২ চকল

(গ) ৩ চকল

উত্তৰঃ ২ চকল


৭। কবিতাটোত মালভোগ কল ন'হলে কি কল দিব কৈছে ?

(ক) চেনি কল

(খ) ভীম কল

(গ) জাহাজী কল

উত্তৰঃ জাহাজী কল


৮। দৈ ন'হলে তেওঁক কি লাগে ?

(ক) গাখীৰৰ সৰ

(খ) গুৰ

(গ) আচাৰ

উত্তৰঃ গাখীৰৰ সৰ


৯। পাপৰ কিহত সেকিবলৈ দিছে ?

(ক) গেছত

(খ) আঙঠাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ আঙঠাত

 

১০। আচাৰো ওলাব পাৰে সেইকাৰণে কিহত বিচাৰিব দিছে ?

(ক) ঘৰত বিচাৰিব দিছে

(খ) পাকঘৰত

(গ) চুক কোণত

উত্তৰঃ চুক কোণত


১১। বেছিকৈ ভাত খোৱা লোক

(ক) ভতুৱা

(খ) ৰান্ধনী

(গ) খৰচীয়া

উত্তৰঃ ভতুৱা

 DABP007019