জীৱনৰ ধাৰণৰ প্ৰণালী

Chapter 4

1. প্ৰাচীন কালত মানুহে খাদ্য়, বাসস্থান আৰু বস্ত্ৰৰ কাৰণে কিহৰ ওপৰত নিৰ্ভৰ কৰিছিল ?

(ক) চৰকাৰৰ ওপৰত

(খ) প্ৰকৃতিৰ ওপৰত

(গ) ঘৰৰ মুৰব্বীৰ ওপৰত

উত্তৰঃ (খ) প্ৰকৃতিৰ ওপৰত


2. প্ৰাচীন কালত মানুহে খাদ্য়বোৰ কেনেদৰে খাইছিল ?

(ক) বইল (সিজাই) খাইছিল

(খ) ভাজি খাইছিল

(গ) কেঁচাই খাইছিল

উত্তৰঃ (গ) কেঁচাই খাইছিল


3. তেওঁলোকে লজ্জা নিবাৰণৰ কাৰণে কি পিন্ধিছিল ?

(ক) কাপোৰ পিন্ধিছিল

(খ) গছৰ বাকলি পিন্ধিছিল

(গ) কাগচ পিন্ধিছিল

উত্তৰঃ (খ) গছৰ বাকলি পিন্ধিছিল


4. আদিম মানুহে ক'ত বাস কৰিছিল ?

(ক) ঘৰত

(খ) গুহাত

(গ) চাং ঘৰত

উত্তৰঃ (খ) গুহাত


5. আদিম মানুহে কিহৰ দ্বাৰা নিৰ্মিত সঁজুলি ব্য়ৱহাৰ কৰিছিল ?

(ক) শিলৰ দ্বাৰা নিৰ্মিত

(খ) কাঠৰ দ্বাৰা নিৰ্মিত

(গ)লোহাৰ দ্বাৰা নিৰ্মিত

উত্তৰঃ (ক) শিলৰ দ্বাৰা নিৰ্মিত


6. প্ৰাচীন কালত মানুহে অঁকা বিভিন্ন ছবি এতিয়াও ক'ত দেখিবলৈ পোৱা যায় ?

(ক) মধ্য়প্ৰদেশত

(খ) মধ্য়প্ৰদেশৰ ভূপালৰ ভীমবেট্কা গুহাত

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা


7. সেইযুগত ব্য়ৱহৃত প্ৰধান সঁজুলি কি আছিল ?

(ক) কটাৰী

(খ) শিল

(গ) লোহা

উত্তৰঃ (খ) শিল


8. দলবান্ধি চিকাৰ কৰিবলৈ যোৱাটো তেওঁলোকৰ বাবে কি আছিল ?

(ক) আমোদজনক

(খ) কষ্টকৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আমোদজনক


9. এসময়ত এটা হ্ৰদৰ পাৰত কি নামৰ দলে বাস কৰিছিল ?

(ক) সৈনিক

(খ) পানিক

(গ) পাণ্ডৱ

উত্তৰঃ (খ) পানিক


10. সেই দলটোত মুঠতে কেইজন মানুহ আছিল ?

(ক) পোন্ধৰ জন

(খ) পঁচিছজন

(গ) ত্ৰিশজন

উত্তৰঃ (খ) পঁচিছজন


11. এদিন কোনে আহি 'পানিক' সকলক খেদি পঠিয়ালে ?

(ক) দুৰ্বল দল এটা আহি

(খ) কেকয় নামৰ দল এটাই

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) কেকয় নামৰ দল এটাই


12. তাৰ পিছত পানিক দলটো ক'লৈ গ'ল ?

(ক) মানুহ এঘৰত

(খ) এখন ডাঙৰ হাবিত

(গ) এখন সৰু হাবিলৈ

উত্তৰঃ (গ) এখন সৰু হাবিলৈ


13. অসমৰ ক'ত আদিম মানুহে ব্য়ৱহাৰ কৰা সঁজুলি পোৱা ?

(ক) কাৰ্বি আংলঙত

(খ) মৰাণত

(গ) ডিমা হাছাওত

উত্তৰঃ (গ) ডিমা হাছাওত


14. তেওঁলোকে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰোঁতে প্ৰাণীবোৰক কি কৰিছিল ?

(ক) লগত লৈ ফুৰিছিল

(খ) এঠাইত থৈ গৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) লগত লৈ ফুৰিছিল


15. তেওঁলোকে বয়-বস্তু কঢ়িয়াবলৈ কি প্ৰাণী পুহিছিল ?

(ক) গৰু

(খ) ছাগলী

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা


16. কেতিয়াৰ পৰা আদিম মানুহৰ অঘৰী জীৱনৰ অন্ত পৰে ?

(ক) কৃষিকাৰ্যৰ হোৱাৰ পৰা

(খ) গৰু, ছাগলী পোহাৰ পৰা

(গ) অন্ত নপৰিল

উত্তৰঃ (ক) কৃষিকাৰ্যৰ হোৱাৰ পৰা


17. আমাৰ ৰাজ্য়খনত বৰ্তমানে কিমান খন মান গাওঁ আছে ?

(ক) ১০ হাজাৰখন

(খ) ২৬ হাজাৰখন

(গ) ৩৩ হাজাৰখন

উত্তৰঃ (খ) ২৬ হাজাৰখন


18. ভৈয়াম অঞ্চলবোৰ সাধাৰণতে কি হয় ?

(ক) সমতল ভূমি

(খ) ৰুভূমি

(গ) অসমতল ভূমি

উত্তৰঃ (ক) সমতল ভূমি


19. গাঁৱৰ মানুহৰ প্ৰধান জীৱিকা কি ?

(ক) চাকৰি

(খ) কৃষি

(গ) একো নহয়

উত্তৰঃ (খ) কৃষি


20. চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে কি খেতি কৰে ?

(ক) ঘেঁহু খেতি

(খ) ৰবি শস্য়

(গ) জুম খেতি

উত্তৰঃ (খ) ৰবি শস্য়


Type By Munmi Hazarika



DABP007012