স্থানীয় প্ৰশাসনৰ এটি অনুষ্ঠান-গাওঁ পঞ্চায়ত

Chapter- 11


(১) আমাৰ গাওঁ অঞ্চলত উদ্ভৱ হোৱা বিভিন্ন সমস্যা সমাধান কৰিবৰ বাবে আৰু অঞ্চলটোৰ উন্নতিৰ হকে কাম কৰিবলৈ স্থানীয় প্ৰশাসনৰ যি অনুষ্ঠান গঢ়ি তোলা হয় তাক কি বোলে ?

(ক) গাওঁ পঞ্চায়ত

(খ) পৌৰসভা

(গ) পৌৰনিগম

উত্তৰ- (ক) গাওঁ পঞ্চায়ত ।


(২) এজন সভাপতি বা সভানেত্ৰী আৰু কিমানজন সদস্যৰে গাওঁ পঞ্চায়ত এখন গঠন কৰা হয় ?

(ক) ৮ জন

(খ) ১০ জন

(গ) ১২ জন

উত্তৰ- (খ) ১০ জন ।


(৩) গাওঁ পঞ্চায়তখনৰ এলেকাসমূহক কেইটা ভাগত ভাগ কৰা হয় ?

(ক) ৬টা

(খ) ৮টা

(গ) ১০টা

উত্তৰ- (গ) ১০টা ।


(৪) গাওঁ পঞ্চায়তৰ মুঠ সদস্য সংখ্যা কিমান ?

(ক) ১২ গৰাকী

(খ) ১১ গৰাকী

(গ) ১০ গৰাকী

উত্তৰ- (খ) ১১ গৰাকী ।


(৫) গাওঁ পঞ্চায়ত এখনৰ কাৰ্যকাল কেই বছৰ ?

(ক) ৫বছৰ

(খ) ৪বছৰ

(গ) ৩ বছৰ

উত্তৰ- (ক) ৫বছৰ ।


(৬) গাওঁ পঞ্চায়তৰ ৰাজহুৱা সভা বছৰত  কেইবাৰ অনুষ্ঠিত কৰা হয় ?

(ক) ৫বাৰ

(খ) ৪বাৰ

(গ) ৩বাৰ

উত্তৰ- (খ) ৪বাৰ ।


(৭) গাওঁ পঞ্চায়ত এখনৰ কেইটা সমষ্টি থাকে ?

(ক) ৫ টা

(খ) ৮ টা

(গ) ১০ টা

উত্তৰ- (গ) ১০ টা ।


(৮) গাওঁ পঞ্চায়ত এখন গঠন কৰাৰ মূল উদ্দেশ্য কি ?

(ক) গাওঁসমূহত বিভিন্ন ধৰনৰ অনুষ্ঠান পাতা

(খ) স্থানীয় সমস্যা সমাধান কৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) স্থানীয় সমস্যা সমাধান কৰা ।


(৯) গাওঁ পঞ্চায়তৰ আন এটা অংগ কি ?

(ক) গাওঁ সভা

(খ) ৰাজ্য সভা

(গ) লোকসভা

উত্তৰ- (ক) গাওঁ সভা ।


(১০)  গাওঁসভাৰ বৈঠকত এক নিদিৰ্ষ্ট সংখ্যক সদস্য উপস্থিত থাকিলে ইয়াক কি বুলি কোৱা হয় ?

(ক) গাওঁসভা

(খ) ৰাইজমেল

(গ) থূল বুলি কোৱা হয়

উত্তৰ- (গ) থূল বুলি কোৱা হয় ।


(১১) নগৰখন যদি বেছি ডাঙৰ অৰ্থাৎ মহানগৰ হয় তেতিয়া সেই অনুষ্ঠানক কি বুলি কোৱা হয় ?

(ক) পৌৰসভা

(খ) পৌৰনিগম

(গ) থূল

উত্তৰ- (খ) পৌৰনিগম ।


(১২) নগৰ অঞ্চলৰ বাবে থকা অনুষ্ঠানটোক কি বুলি কোৱা হয় ?

(ক) পৌৰসভা

(খ) পৌৰনিগম

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) পৌৰসভা ।


(১৩) পঞ্চায়তত থকা ১০ গৰাকী সদস্য ক’ৰ পৰা নিৰ্বাচিত হৈ আহে ?

(ক) প্ৰত্যেকখন গাঁৱৰপৰা

(খ) সমষ্টিসমূহৰপৰা

(গ) এখন নগৰৰপৰা

উত্তৰ- (খ) সমষ্টিসমূহৰপৰা ।


(১৪) সভাপতিৰ অনুপস্থিতিত তেওঁৰ হৈ কাম কৰিবলৈ পঞ্চায়তত এজন কি থাকে ?

(ক) ১০ জনৰ এজন

(খ) উপ-সভাপতি

(গ) এটাও নহয়

উত্তৰ- (খ) উপ-সভাপতি ।


(১৫) গাওঁ পঞ্চায়তৰ কাৰ্যকাল কিমান ?

(ক) ৭ বছৰ

(খ) ৯ বছৰ

(গ) ৫ বছৰ

উত্তৰ- (গ) ৫ বছৰ ।


(১৬) প্ৰতিখন গাঁও পঞ্চায়তৰ একোটা কি থাকে ?

(ক) কাৰ্যালয়

(খ) কেন্দ্ৰ

(গ) এটাও নহয়

উত্তৰ- (ক) কাৰ্যালয় ।


(১৭) গাঁও পঞ্চায়তৰ কাৰ্যালয় পৰিচালনাৰ দায়িত্ব কাৰ ?

(ক) সচিবজনৰ

(খ) পৰিচালকজনৰ

(গ) সভাপতি বা সভানেত্ৰীজনৰ

উত্তৰ- (ক) সচিবজনৰ ।


(১৮) কিমান জনসংখ্যাৰ এলেকাত একোখন গাওঁ পঞ্চায়ত গঠন কৰা হয়?

(ক) সাধাৰণতে ৮ হাজাৰতকৈ বেছি আৰু ১০ হাজাৰতকৈ কম

(খ) সাধাৰণতে ৬ হাজাৰতকৈ বেছি আৰু ১০ হাজাৰতকৈ কম

(গ) সাধাৰণতে ৭ হাজাৰতকৈ বেছি আৰু ১১ হাজাৰতকৈ কম

উত্তৰ- (খ) সাধাৰণতে ৬ হাজাৰতকৈ বেছি আৰু ১০ হাজাৰতকৈ কম ।


(১৯) গাওঁ পঞ্চায়তৰ সভাপতিজনক কোনে নিৰ্বাচিত কৰে?

(ক) জনসাধাৰণে

(খ) নগৰবাসীয়ে

(গ) মহানগৰবাসীয়ে

উত্তৰ- (ক) জনসাধাৰণে ।


(২০) গাওঁ পঞ্চায়তৰ সচিবজনক কোনে নিযুক্তি প্ৰদান কৰে?

(ক) জনসাধাৰণে

(খ) গাঁও বাসীয়ে

(গ) ৰাজ্যচৰকাৰে

উত্তৰ- (গ) ৰাজ্যচৰকাৰে ।


Type By- Raktima Saikia.


 DABP006939