অসমৰ স্থানীয় প্ৰশাসন

Chapter- 12


১) পাবৰ্ত্য জিলাৰ অন্তৰ্গত জিলা দুখনৰ নাম কি ?

(ক) কাছাৰ আৰু হাফলং

(খ) কাৰ্বি আংলং আৰু ডিমা হাছাও

(গ) নগাওঁ আৰু মৰিগাওঁ

উত্তৰ- (খ) কাৰ্বি আংলং আৰু ডিমা হাছাও ।


২) কিমান চনত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন হৈছিল ?

(ক) ১৯৪৫ চনত

(খ) ১৯৫৩ চনত

(গ) ১৯৫৫ চনত

উত্তৰ- (গ) ১৯৫৫ চনত ।


 ৩) জিলা পৰিষদ এখনৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান ?

(ক) ২০ গৰাকী

(খ) ২৪ গৰাকী

(গ) ২৬ গৰাকী

উত্তৰ- (খ) ২৪ গৰাকী ।


৪) স্বায়ত্তশাসিত জিলা পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল কেইবছৰ ?

(ক) ৫বছৰ

(খ) ৪বছৰ

(গ) ৩ বছৰ

উত্তৰ- (ক) ৫বছৰ ।


৫) অসম চৰকাৰৰ ঘোষণা অনুযায়ী বৰ্তমান অসমত জিলা কেইখন ?

(ক) ২৮ খন

(খ) ৩২ খন

(গ) ৩৩ খন

উত্তৰ- (গ) ৩৩ খন ।


৬) প্ৰাকৃতিক অৱস্থান আৰু অৱস্থিতিৰ ফালৰ পৰা অসমৰ জিলাসমূহক কেইটা ক্ষেত্ৰত ভাগ কৰা হৈছে ?

(ক) ৪ টা

(খ) ৩ টা

(গ) ২ টা

উত্তৰ- (খ) ৩ টা ।


৭) কিমান চনত ভাৰতীয় সংবিধানে ‘বিটিএডি’ নামৰ পৰিষদ গঠনৰ ঘোষনা কৰিছিল ?

(ক) ২০০৩ চনৰ ১৮ ছেপ্তেম্বৰত

(খ) ২০০২ চনৰ ১৮ ছেপ্তেম্বৰত

(গ) ২০০১ চনৰ ১৮ ছেপ্তেম্বৰত

উত্তৰ- (ক) ২০০৩ চনৰ ১৮ ছেপ্তেম্বৰত ।


৮) ‘বিটিএডি’ৰ প্ৰথমটো নিৰ্বাচন কিমান চনৰ কি মাহত অনুস্থিত কৰা হৈছিল ?

(ক) ২০০৫ চনৰ জুন’ মাহত

(খ) ২০০৪ চনৰ মে’ মাহত

(গ) ২০০৫ চনৰ মে’ মাহত

উত্তৰ- (গ) ২০০৫ চনৰ মে’ মাহত ।


৯) স্বায়ত্তশাসিত জিলা পৰিষদৰ মুখ্য ব্যক্তিগৰাকীক কি বুলি কোৱা হয় ?

(ক) মুখ্য় কাৰ্যবাহী বিষয়া

(খ) সভাপতি

(গ) সভানেত্ৰী

উত্তৰ- (ক) মুখ্য় কাৰ্যবাহী বিষয়া ।


১০) সচিবালয়ৰ মুৰব্বীগৰাকীক কি বোলা হয় ?

(ক) সভাপতি

(খ) প্ৰধান সচিব

(গ) ৰাজ্যপাল

উত্তৰ- (খ) প্ৰধান সচিব ।


১১) অসমৰ জিলাবোৰক কেইটা ভাগত ভগাব পাৰি ?

(ক) সাতটা

(খ) পাঁচটা

(গ) তিনিটা

উত্তৰ- (গ) তিনিটা ।


১২) আমাৰ ৰাজ্যৰ কাৰ্বি জনজাতিৰ লোকসকলে কোন ঠাইত বাস কৰে ?

(ক) কাৰ্বি আংলং জিলাত

(খ) ডিমা হাছাও জিলাত

(গ) সমভূমি অঞ্চলত

উত্তৰ- (ক) কাৰ্বি আংলং জিলাত ।


১৩) কিমান চনত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন হৈছিল ?

(ক) ১৮৫৫ চনত

(খ) ১৯৫৫ চনত

(গ) ১৯৮৫ চনত

উত্তৰ- (খ) ১৯৫৫ চনত ।


১৪) ভৈয়াম অঞ্চলৰ জনজাতিসকলৰ উন্নয়নৰ বাবে গঠন হোৱা স্বায়ত্তশাসিত পৰিষদ চাৰিখন কি কি ?

(ক) বড়ো, ৰাভা, তিৱা আৰু গাৰো

(খ) বড়ো, মিছিং, ৰাভা আৰু কাৰ্বি

(গ) বড়ো, ৰাভা, তিৱা আৰু মিছিং

উত্তৰ- (গ) বড়ো, ৰাভা, তিৱা আৰু মিছিং ।


১৫) স্বায়ত্তশাসিত জিলা পৰিষদ থাকিলে কি পৰিষদ গঠন কৰা নহয় ?

(ক) জিলা পৰিষদ

(খ) আঞ্চলিক পৰিষদ

(গ) এটাও নহয়

উত্তৰ- (খ) আঞ্চলিক পৰিষদ ।


১৬) স্বায়ত্তশাসিত জিলা পৰিষদৰ এটি _______ থাকে ।

(ক) সচিবালয়

(খ) গৃহ

(গ) এটাও নহয়

উত্তৰ- (ক) সচিবালয় ।


১৭) কাৰ্যবাহী বিষয়াজনক কোনে নিযুক্তি দিয়ে ?

(ক) ৰাষ্ট্ৰপতিয়ে

(খ) ৰাজ্যপালে

(গ) মুখ্যমন্ত্ৰীয়ে

উত্তৰ- (খ) ৰাজ্যপালে ।


১৮) বিটিএডি পৰিষদৰ অন্তৰ্ভুক্ত জিলা কেইখন কি কি ?

(ক) কোকৰাঝাৰ, চিৰাং

(খ) বাগ্সা, ওদালগুৰি

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।


১৯) কিমান চনত অনুস্থিত হোৱা নিৰ্বাচনটোৱে আছিল বিটিএডিৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন

(ক) ২০০৩ চনৰ ১৮ ছেপ্তেম্বৰ তাৰিখে অনুস্থিত হোৱা

(খ) ২০০৫ চনৰ মে’ মাহত অনুস্থিত হোৱা

(গ) ১০০৭ চনত জুন মাহত অনুস্থিত হোৱা

উত্তৰ- (খ) ২০০৫ চনৰ মে’ মাহত অনুস্থিত হোৱা ।


২০) বিটিএডি নামৰ পৰিষদখন কি জনজাতিৰ অঞ্চলসমূহক লৈ গঠিত হৈছে ?

(ক) বড়ো

(খ) মিছিং

(গ) তিৱা

উত্তৰ- (ক) বড়ো ।



Type By-Raktima Saikia.



DABP006938