পৃথিৱীৰ জলভাগ আৰু স্থলভাগ

Chapter 15


(১) পৃথিনীৰ মুঠ কিমান শতাংশ পানী আৰু কিমান শতাংশ মাটিৰে আগুৰি আছে ?

(ক) ২৯ শতাংশ পানী আৰু ৭১ শতাংশ মাটি

(খ) ৭১ শতাংশ পানী আৰু ২৯ শতাংশ মাটি

(গ) ৮০ শতাংশ পানী আৰু ২০ শতাংশ মাটি

উত্তৰ- (খ) ৭১ শতাংশ পানী আৰু ২৯ শতাংশ মাটি ।


(২) পৃথিৱীৰ উপৰিভাগত থকা জলভাগক কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক) ৫টা ভাগত

(খ) ৭টা ভাগত

(গ) ৪টা ভাগত

উত্তৰ- (ক) ৫টা ভাগত ।


(৩) পৃথিৱীৰ উপৰিভাগত থকা স্থলভাগক কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক) ৫টা

(খ) ৬টা

(গ) ৭টা

উত্তৰ- (গ) ৭টা ।


(৪) পৃথিৱীৰ আটাইতকৈ বিশাল মহাসাগৰ খনৰ নাম কি ?

(ক) ভাৰত মহাসাগৰ

(খ) দক্ষিণ মহাসাগৰ

(গ) প্ৰশান্ত মহাসাগৰ

উত্তৰ- (গ) প্ৰশান্ত মহাসাগৰ ।


(৫) প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান মিটাৰ ?

(ক) ৫,০০০ মিটাৰ

(খ) ৩,০০০ মিটাৰ

(গ) ২,০০০ মিটাৰ

উত্তৰ- (ক) ৫,০০০ মিটাৰ ।


(৬) নিউজিলেণ্ড, জাপান আদি দ্বীপসমূহ কোনখন মহাসাগৰত অৱস্থিত ?

(ক) আট্লান্টিক মহাসাগৰ

(খ) প্ৰশান্ত মহাসাগৰ

(গ) ভাৰত মহাসাগৰ

উত্তৰ- (খ) প্ৰশান্ত মহাসাগৰ ।


(৭) আট্লান্টিক মহাসাগৰৰ আকৃতি দেখাত ইংৰাজী কোনটো আখৰৰ দৰে ?

(ক) ‘u’ আখৰটোৰ দৰে

(খ) ‘v’ আখৰটোৰ দৰে

(গ) ‘s’ আখৰটোৰ দৰে

উত্তৰ- (গ) ‘s’ আখৰটোৰ দৰে ।


(৮) বৃটিছ দ্বীপপুঞ্জ, ৱেষ্ট ইণ্ডিজ দ্বীপ কোনখন মহাদেশত অৱস্থিত ?

(ক) প্ৰশান্ত মহাসাগৰত

(খ) আট্লান্টিক মহাসাগৰত

(গ) ভাৰত মহাসাগৰত

উত্তৰ- (খ) আট্লান্টিক মহাসাগৰত ।


(৯) ভাৰত মহাসাগৰৰ গড় গভীৰতা কিমান মিটাৰ ?

(ক) ৪,০০০ মিটাৰ

(খ) ৩,০০০ মিটাৰ

(গ) ২,০০০ মিটাৰ

উত্তৰ- (ক) ৪,০০০ মিটাৰ ।


(১০) কোনখন মহাসাগৰে এন্টাৰ্কটিকা মহাদেশক চাৰিওফালে আগুৰি আছে ?

(ক) ভাৰত মহাসাগৰে

(খ) উত্তৰ মহাসাগৰে

(গ) দক্ষিণ মহাসাগৰে

উত্তৰ- (গ) দক্ষিণ মহাসাগৰে ।


(১১) শ্ৰীলংকা , সুমাত্ৰা, জাভা আদি দ্বীপ কোনখন মহাসাগৰত অৱস্থিত ?

(ক) ভাৰত মহাসাগৰ

(খ) দক্ষিণ মহাসাগৰ

(গ) উত্তৰ মহাসাগৰ

উত্তৰ- (ক) ভাৰত মহাসাগৰ ।


(১২) পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ খনৰ নাম কি ?

(ক) আট্লাণ্টিক মহাসাগৰ

(খ) উত্তৰ মহাসাগৰ

(গ) দক্ষিণ মহাসাগৰ

উত্তৰ- (খ) উত্তৰ মহাসাগৰ ।


(১৩) পৃথিৱীৰ বৃহত্তম মহাদেশ খনৰ নাম কি ?

(ক) আফ্ৰিকা

(খ) এছিয়া

(গ) ওচেনিয়া

উত্তৰ- (খ) এছিয়া ।


(১৪) পৃথিৱীৰ বৃহত্তম মৰুভূমি খনৰ নাম কি ?

(ক) চাহাৰা মৰুভূমি

(খ) থৰ মৰুভূমি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) চাহাৰা মৰুভূমি ।


(১৫) পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম মহাদেশ খনৰ নাম কি ?

(ক) আমেৰিকা

(খ) এণ্টাৰ্কটিকা

(গ) ওছেনিয়া

উত্তৰ- (গ) ওছেনিয়া ।


(১৬) প্ৰশান্ত মহাসাগৰত প্ৰায় কিমানটা দ্বীপ আছে ?

(ক) ৫০০০টা

(খ) ২০,০০০টা

(গ) ৯০,০০০টা

উত্তৰ- (খ) ২০,০০০টা ।


(১৭) আট্লাণ্টিক মহাসাগৰৰ কালি কিমান ?

(ক) প্ৰায় ৭৬,৭৬২,০০০ বৰ্গ কিল’মিটাৰ

(খ) প্ৰায় ২০,৩২৭,০০০ বৰ্গ কিল’মিটাৰ

(গ) প্ৰায় ১৪,০৫৬,০০০ বৰ্গ কিল’মিটাৰ

উত্তৰ- (ক) প্ৰায় ৭৬,৭৬২,০০০ বৰ্গ কিল’মিটাৰ ।


(১৮) এছিয়া মহাদেশ কি গোলাৰ্ধত অৱস্থিত ?

(ক) উত্তৰ গোলাৰ্ধত

(খ) দক্ষিণ গোলাৰ্ধত

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) উত্তৰ গোলাৰ্ধত ।


(১৯) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি ?

(ক) দক্ষিণ আমেৰিকা

(খ) আফ্ৰিকা

(গ) ইউৰোপ

উত্তৰ- (খ) আফ্ৰিকা ।


(২০) ইউৰোপ মহাদেশত অন্তৰ্গত কিমানখন দেশ আছে ?

(ক) ২৩ খন

(খ) ৪৪ খন

(গ) ৩৩ খন

উত্তৰ- (গ) ৩৩ খন ।

DABP006931

Type By- Raktima Saikia